সেইদিনা খুউব দুখ লাগিছিল যদিও পিছলে পৰিৱেশটো পাতল হৈছিল । আমাৰ সেইদিনাৰ আলহী দূবৰিয়ে পাতলাইছিল সেই গোমা পৰিৱেশটো । দূবৰি আহিছিল তাইৰ হোষ্টেলৰ পৰা আমাৰ লগত বছৰৰ শেষদিনটোক বিদায় দি নতুন পুৱাটোক আদৰিবলৈ । তাই আমাৰ লগত লংকেশ্বৰত একেলগে নাথাকিছিলহে কিন্তু আমাৰদৰেই তাইও একাত্ম হৈ গৈছিল লংকেশ্বৰৰ প্ৰতিটো পল অনুপলৰ লগত । আমাৰ দৰেই উপভোগ কৰিছিল প্ৰতিটো ক্ষণ আঁতৰত থাকিও , প্ৰতিটো কথাই তাইৰ নিজৰ হৈছিল । তাই যে অভিন্ন বান্ধৱী মোৰ , পলিৰ ….বেষ্ট ফ্ৰেইণ্ড শব্দৰ লগত আমি পৰিচিত নাছিলো কাৰণ জীৱনত লগ পোৱা প্ৰায় প্ৰতিজন বন্ধু বান্ধৱেই আমাৰ বাবে বৰ আপোন হৈ পৰিছিল , পিছে সকলোবোৰ আপোন বন্ধু বান্ধৱৰ মাজৰ পৰাই অন্তৰৰ কোনোবা এটা কোণত নিজৰ দৰেই শিপাই যায় কোনো এজন বন্ধু। যাৰ চিন্তাৰে নিজে চিন্তা কৰিব পাৰি, যাৰ চকুৰে নিজক খুটিয়াই চাব পাৰি , যাৰ বাবে জীৱন উদযাপনৰ সকলো দিশ সুন্দৰ কৰি তুলিব পাৰি , যিজন দূৰৈত থাকিলেও প্ৰতি মুহুৰ্ততে কাষত থকাৰদৰেই লাগে , যাৰ অবিহনে বন্ধুত্বৰ প্ৰকৃত মজা ল’ব নোৱাৰি । তেনে বন্ধুবোৰেই আন বন্ধুবোৰৰ পৰা নাম পাই কাপ – প্লেট , বুন্দিয়া ভুজীয়া , টিউব টায়াৰ বা টকাৰ ইপিঠি সিপিঠি । সেই কাপপ্লেটবোৰৰে এযোৰ আছিলো আমি , হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ দিনৰে পৰাই দূবৰি আৰু মই অভিন্ন বান্ধৱী ।
আমি কটনতো যথেষ্ট জনপ্ৰিয়ই আছিলো বুলি লগৰবোৰৰ পৰা জানিব পাৰিছিলো , আমাৰ বন্ধু দিলীপে প্ৰায়ে কৈছিল এই কথাটো , আমাৰ এজনীৰ অবিহনে আনজনীৰ কথা ভাবিব নোৱাৰে বুলি কৈছিল, সত্যতাৰ আমিও প্ৰমাণ পাইছিলো বাৰু । যিকোনো এজনীৰ নাম ল’লেই আনজনীৰ নাম সন্মুখৰ জনৰ মুখৰপৰা ওলাইছিলেই , এবাৰ বৰ মজাৰ ঘটনা এটা ঘটিছিল আমাৰ লগত ( বন্ধু দিলীপে মেমো বুকত বৰ ধুনীয়াকৈ লিখি দিয়াত কথাখিনি স্থায়ী হৈ ৰ’ল ) । এবাৰ আমাক এজন চিনিয়ৰে আমাৰ নাম সোধোঁতে নাৰ্ভাছৰ কোবত দূবৰিয়ে কিবা উত্তৰ দিয়াৰ আগতেই মই টপৰাই মাতিছিলো “নমস্কাৰ , মই দূবৰি আৰু এই পাপৰি ” বুলি । শুনিয়েই আমাৰ নাম জনা চিনিয়ৰ জনে হাঁহি ৰখাব পৰা নাছিল , এইজনীয়ে নিজৰ নামো পাহৰিলে বুলি । এইয়াই আমাৰ বন্ধুত্ব ।
দূবৰিয়ে আমাৰ মেখেলা চাদৰ পিন্ধাৰ প্লেনটো আগতেই গম পোৱা নাছিল , গতিকে অনাও নাছিল , ইফালে আমাৰো গাইপতি এযোৰকৈহে আছিল কাপোৰ । কি কৰা যায় ? কেনেকৈ অভিন্ন বান্ধৱী সেইদিনা ভিন্ন সাজত থাকিব পাৰে ? কেনেকৈ ?
জলিল নহয় আকৌ সেই ডিমাগ কী বত্তি ! এইবাৰ আলহীৰ ডিমাগেৰে বত্তি জলাই হামলা দিলে অমৃতাক , তাইৰচোন বিয়া ঠিকেই হৈ আছে গতিকেই মেখেলা চাদৰ পিন্ধাৰ দৰকাৰ নাই , এনেইও বুলবুল ইয়াত নাই । দেৱাশ্ৰীৰ ব্লাউজৰ চাইজ নিমিলাৰ কাৰণে অমৃতা ফচিলেই নহয় , বেচেৰী অমৃতাজনীয়েও আলহীৰে মান থাকক বুলি নিজে পিন্ধিবলে লোৱা গাঢ় সেউজৰঙী কাপোৰসাজ সিদিনাৰ বাবে উছৰ্গা কৰিলে দূবৰিৰ নামত । তাৰপিছত পায় কোনে আৰু আমাৰ বেলেগৰ সাজেৰে শুৱনি আলহীক ? তাতে আমাৰ আসে পাশে ইমান ৰোমাণ্টিক পৰিৱেশ ! ( আমি প্ৰত্যেকেই পুৰণি বন্ধু, কটনৰ অথবা দেৰগাঁৱৰ ) কিছু সময়ৰ বাবে গোমোঠা হৈ পৰা মুখবোৰত সজীৱতা আনিবলে সময় লগা নাছিল আমাৰ বান্ধৱীক , নিজেও নাচিছিল আৰু আমাকো নচুৱাইছিল । ভাগৰ লাগি নোযোৱালৈকে নাচিছিলো , সেই নিশাটো জীৱনত নাপাহৰাকে সুখময় কৰি তুলিব পৰাকে উপভোগ কৰিছিলো ।
পিছদিনা আমাৰ বাবে অপেক্ষা কৰিছিল এক ৰৌদ্ৰোজ্বল পুৱাই , ঠেঁটুৱৈ ধৰা ঠাণ্ডাৰ সেই পুৱাটোৱে আনিছিল উদ্যম , নকৈ আগুৱাই যোৱাৰ পৰিকল্পনা । পুৱাই সকলোকে নৱবৰ্ষৰ শুভকামনা জনাই আমি ওলাইছিলো লংকেশ্বৰ মন্দিৰলে , ৰেডক্ৰছৰ সেই অনাথ আশ্ৰমখনলে , য’ত আছিল সেই কৰুণ চকুমুখবোৰ । সিদিনা আশ্ৰমৰ ল’ৰাবোৰৰ মনবোৰ ফৰকাল লাগিছিল , হয়তো মাহীগৰাকীয়ে তেঁওলোকৰ বাবে আয়োজন কৰা নৱবৰ্ষ বিশেষ খানা আৰু পৰিৱেশটোৰ বাবে ।
লংকেশ্বৰৰ পৰা ঘুৰি আহোঁতে আমাক লগ পাবলে ৰৈ আছিল কিৰণ , হিমাচল প্ৰদেশৰপৰা অসমলে বি.এড পঢ়িবলে অহা কিৰণ নামৰ দেখনিয়াৰ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গোল গোল চকুৰ ল’ৰাটো । চকুৰ চিনাকি ল’ৰাটোক আগৰেপৰাই আমি মাতবোল কৰিছিলো যদিও বৰ বেছি নাছিল , সেইদিনা নতুন বছৰ বুলি পলি , অমৃতা আৰু মোক গণেশৰ মূৰ্তি দিছিল , দূবৰিক প্ৰথম লগ পাইছিল বাবে চকলেট দিছিল , তিৰুক একো নিদিয়া দেখি আচৰিত হ’বলে নাপালোৱেই তেঁওচোন সাউতকে পলিৰ হাতত কাগজ এখন গুজি দি তিৰুৰ ফালে চাই মনে মনে আঁতৰি গ’ল , বুজিব পৰা নাছিলো তেঁওৰ ভাষা । ৰূমত গৈহে ফাদিল হ’ল সেই চাৱনিৰ ৰহস্য , কিৰণে তিৰুলে এখন দীঘলীয়া প্ৰেমপত্ৰ দি পঠাইছিল ‘ Dearest Jyoti ‘ বুলি , আমি পঢ়ি শেষ কৰিবলে নাপাঁওতেই তিৰুৱে আঁজুৰি লৈ গৈছিল সেই প্ৰেমিক চৰাইৰ গানটো , গুপুতে , নীৰলে পঢ়িব বিচাৰিছিল ছাগে , আৰু আমাৰ কাৰ্য কাৰণ সম্বন্ধ বিশেষজ্ঞ অমৃতাই তাইৰ শহা চাঁৱনিটোৱেই নৱবৰ্ষৰ তিৰুবিশেষ উপহাৰ বুলি বুজাই দিলে , এইফালে আমি ৰগৰ ফালিলো আৰু আনফালে তাই লিখি ৰাখিলে চিঠিখন নিজৰ ডায়েৰীত , কৃষ্ণচূড়া নগৰীৰ প্ৰথমখন প্ৰেমপত্ৰ , প্ৰেম হওক বা নহওক স্মৃতি থাকক বুলিয়েই , ডায়েৰীত লিখি লৈ ঘুৰাই দিছিল চিঠিখন কিৰণক প্ৰত্যাখ্যান কৰি , বেচেৰা সঁচাই প্ৰেমিক পখী আছিল , বুকুত এসোপা মৰম লৈ হয়তো গুছি গৈছিল , তাৰপিছত নেদেখিলোৱেই সেই হিমাচলী ল’ৰাটোক ।
পুৰণিক বিদায় দি নতুনৰ লগত মিতিৰালি কৰিবলে মানসিকভাৱে প্ৰস্তুত হ’বলে সময় লাগিছিল , ইফালে ডিম্পী বা হোষ্টেললে আহিছিল ঘৰৰপৰা , ক্লাছ খোলাৰ দিনাই ডিম্পীবাক লগ ধৰি আহি হোষ্টেললে যাবলে মন বান্ধিছিলো , ঘৰৰ কথাও আছে । মাঘবিহুত মেজিৰ জুই পুৱাবলে যোৱাৰ আগতেই হোষ্টেল সোমাবই লাগিব বুলি মনটোক বুজাই দিলো । ডিপাৰ্টমেণ্টৰ বন্ধুবোৰৰ লগত মৰমৰ বান্ধোনেৰে বান্ধ খালোহঁত , তুমিবোৰ তই হ’ল , মইবোৰ আমি হ’ল । তাৰে মাজত কল্প , সঞ্জীৱ, টংকেশ্বৰ , চম্পক , ৰাতুল , বিকি , ভৱেশ , ছাঁয়া , বিউটি , শংখ , শুভ্ৰা ,মীনাক্ষি , লিপিকা , বৰ্ণালী, সংহিতা , ৰুক্মিণীহঁত ভাল বন্ধু বান্ধৱী হ’লোহঁত , কটনিয়ান বান্ধৱীকেইজনী আৰু আদৰৰ হ’লোহঁত , অসহজৰ পৰা হোৱা সহজ পৰিৱেশ এটাত গোটেইবোৰে মিলি জীৱন্মুখী গানটো গাবলে সাজু হ’লোহঁত । চিনিয়ৰ সকলো আমাৰ লগত আগতকে মোলায়েম হ’ল , আমাৰ বন্ধু হ’ল , দোস্তি হ’ল । তাৰে গানবলিয়া ল’ৰাটো কিন্তু দূবৰিৰ প্ৰেমতো বলিয়া হ’ল ।
জিনাক্ষি থাকিবলে লৈছিল হোষ্টেলত নিয়মীয়াকে লগতে হোষ্টেলৰ কায়দা কানুনো মুখস্থ হৈছিল , তাই নিজৰ ডিপাৰ্টমেণ্টৰপৰা নামি যাঁওতে সদায় লগ কৰি যোৱা হ’ল মোক , বুজি পালো বেচেৰীও অকলশৰীয়া হৈছিল হোষ্টেলত , বেছিভাগ ৰূমলেকে জুনিয়ৰ অহাই নাছিল বোলে , যিকেইজনী আহিছে তাকো ভালকে চিনাকি হোৱাই নাছিল হেনো । যিমান পাৰোঁ সিমান সোনকালে যাবলে ঠিক কৰিলো সেই প্ৰিয় ঠাই আৰু প্ৰিয় মানুহবোৰ এৰি , অমৃতাও গৈছিলগে ১ তাৰিখৰ পিছতে , তাই RCC 3 লে গৈছিলগে, তাই যোৱাৰদিনা দুখবোৰ দুগুণে চৰিছিল , বুকুৰ ঢুকঢুকনিটো আকৌ বাঢ়ি গৈছিল ।
জিনাক্ষি মোৰ সাহস হৈছিল নতুন এটা জীৱনৰ অধ্যায়ৰ আৰম্ভণিত । তাই সুখী হৈছিল মই ৮ তাৰিখেই যাম বুলি কোৱাত , ফুৰ্তিতে তাই আগতে নুশুনা প্ৰাৰ্থনাৰ দুশাৰী গাই শুনালে ৰাস্তাতে আৰু পাৰিলে সেইকণ মুখস্থ কৰি আহিবলেও ক’লে । ৰৈ আছিল যেন সেই সেন্দুৰীয়া বাটটো , সেন্দুৰীয়া বাটৰ মইনা মাইনাবোৰ আমাক আদৰিবলে, জালুকবাৰীক আৰু প্ৰাণ দিবলে । মনতে আঁওৰাই গ’লো হৃদয়ত খোপনি পোতা সেই প্ৰাৰ্থনাৰ কলিটো
“আদি নিৰঞ্জন ক্ষীৰোদ শয়ন / বন্দো তোমাৰ চৰণহে মা
ব্ৰহ্মাৰ সৃজন বিষ্ণুৰ পালন / হে সৃষ্টি ত্ৰিভূৱন হে মা…..”
ক্ৰমশঃ