মাতৃত্বৰ দাম

মোৰ সন্তানে হেনো মোক মোৰ দাম দিব

নাৰীৰ নাড়ীৰ লগত থকা সম্পৰ্কৰ দাম দিব

পাৰিবিনে হেৰৌ ?

মোৰ গৰ্ভৰ দাম দিব !

পাৰিবিনে হিচাব কৰিব

কিমান দিন , কিমান ঘণ্টা , কিমান মিনিট

মোৰ গৰ্ভত সুৰক্ষিত হৈ এতিয়া

মাৰৰ মাতৃত্বৰ দাম দিব পৰাকৈ বৰটো হৈ উঠিলি !

পাৰিবিনে হিচাপ কৰিব মোৰ উজাগৰী আগ্ৰহী সময়বোৰৰ !

পাৰিবিনে তই জীৱন পোৱা

মোৰ বুকুৰ অমৃতৰ দাম পৰিশোধ কৰিব !

পাৰিবিনে হেৰৌ তোৰবাবে কৰা নিঃস্বাৰ্থ ত্যাগবোৰৰ

ধাৰ সুজিব !

তোৰ চিন্তাবোৰ মোৰ কৰাৰ ,

তোৰ ভয়বোৰক সাহসী কৰি তোলাৰ সময়বোৰৰ

দাম দিব !

তোক এইবোৰ কৈ মোৰ নিজৰে

বৰ স্বাৰ্থপৰ যেন লাগিছে হেৰৌ ।

তোক এটা বস্তুৰ দাম মই নিজেই বিচাৰোঁ

পাৰিলি দিবি , না নকৰিবি

তোক গৰ্ভত ধাৰণ কৰি পৃথিৱীৰ পোহৰ দেখুওৱা

মোৰ মহা ভুলটোৰ সূতে মূলে ধাৰ শুজি দিবি ।

মাকবোৰ স্বাৰ্থহীন হ’লেও মই নহওঁ ।

মোৰ আই বোপাইৰ দামৰ কথা ভবাই নহ’লচোন

পিছে মোৰ দামটো দিবি । কম বেছ নকৰিবি ।

সুৰুযমুখীৰ সূৰ্যগতি


( গায়ত্ৰী ভড়ালীৰ কবিতা – এক অৱলোকন )
গায়ত্ৰী বাইদেউৰ লগত পাৰ্থিৱ সম্পৰ্কৰ সময় তেনেই সীমিত যদিও আত্মিক সম্পৰ্ক অত্যন্ত গভীৰ । সহকৰ্মী হিচাপে মাথোঁ তিনিবছৰ লগ পোৱা গায়ত্ৰী বায়ে এই কম সময়খিনিতে তেঁও দি গ’ল এক আৱেগিক সম্পৰ্কৰ বান্ধোন , বন্ধুত্ব অথৱা ভগ্নীসম আপোনত্ব । জীৱনটোক অনন্যৰূপে বিশ্লেষণ কৰিব জনা আৰু যথেষ্ট যোগাত্মক আৰু জীৱনমুখী ধাৰণাৰে অহৰহ জীৱন উদযাপন কৰিব জনা গায়ত্ৰী বায়ে তেঁওৰ সহচৰ্যত অহা প্ৰতিজন ব্যক্তিকে শিকাই গৈছে কেনেকৈ এক সন্তুলিত জীৱন যাপন কৰিব পাৰি । এই লেখাত গায়ত্ৰী বাইদেউৰ জীৱন দৰ্শন কেনেদৰে তেঁওৰ বিভিন্ন কবিতাৰ মাধ্যমেৰে প্ৰকাশ হৈছিল তাৰে এক আলোকপাত কৰিবলৈ এটি ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে ।

গায়ত্ৰী বাইদেউৰ কবিতাসমূহ উচ্চ মান বিশিষ্ট কাব্যিক গুণসম্পন্ন হোৱাৰ লগতে অত্যন্ত ভাৱব্যঞ্জকো । তেখেতৰ কবিতাবোৰ কাকত আলোচনীত প্ৰকাশ হোৱা নাছিল যদিও সামাজিক মাধ্যম ফেইচবুকত নিজৰ ৱালত প্ৰকাশ কৰিছিল । হয়তো তেখেতৰ পৰিকল্পনা আছিল বেলেগ , কালৰ ওচৰত ইমান সহজে আৰু সোনকালে হাৰ মানিব লাগিব বুলি কোনোদিনেই নভবা বাইদেউৱে সেয়েহে তেখেতৰ উচ্চমানৰ লেখাবোৰ ফেইচবুকৰ বাহিৰে অইনত প্ৰকাশ কৰাৰ কথা নাভাবিলে । তেখেতৰ কবিতাবোৰ অত্যন্ত ভাৱগধুৰ হোৱাৰ লগতে ব্যঞ্জনাযুক্ত আৰু বাস্তৱমুখী । জীৱনমুখী কবিতাবোৰৰ ভাষাও প্ৰাঞ্জল , সাৱলীল আৰু মাধুৰ্যমণ্ডিত । ভাৱ আৰু ভাষাৰ অপূৰ্ব সমন্বয় তেঁওৰ কবিতাত বিৰাজমান ।
তেখেতৰ কবিতাবোৰ পাঠকে যি ৰুচিৰে পঢ়ে ,সেইদৰেই ৰসাস্বাদন কৰিব পাৰে । পাঠকে গভীৰভাৱে পঢ়িলে ভাৱাৰ্থ গভীৰকে অনুধাৱন কৰিব পাৰিব আৰু ওপৰচকুৱাকৈ পঢ়িলেও কবিতাৰ ৰসত অৱগাহন কৰিব পাৰিব । তেখেতৰ কবিতাত সততে বৈচিত্ৰময় জীৱনৰ সৰল উপস্থাপন দেখিবলৈ পোৱা যায় , অনুভূতিপ্ৰৱণ কবিগৰাকীয়ে জীৱনবোধক কেন্দ্ৰ কৰি লিখা কবিতাবোৰত তেখেতৰ মননশীলতা , ভাষাৰ প্ৰগাঢ়তা আৰু স্নিগ্ধতা বৰ সুন্দৰকৈ প্ৰতিভাত হৈছে । সামাজিক মাধ্যমত প্ৰকাশিত কবিতাবোৰে যি ব্যাপক সমাদৰ লাভ কৰিছিল , তালৈ চাই ক’ব পাৰি যে এক সম্ভাৱনাময় কবিসত্ত্বাই প্ৰচাৰ আৰু প্ৰসাৰৰ অবিহনেই ইহধামৰ পৰা অনন্তধামলৈ গতি কৰিলে ।
সুৰৰ স্পষ্টীকৰণ নামৰ কবিতাটিত তেখেতে অতি সহজ সৰল ভাষাত সন্তান ভূমিষ্ঠ হোৱাৰ আনন্দোল্লাসখিনি বৰ্ণনা কৰিছে । প্ৰথম সন্তানে জননীৰ কোলা শুৱনি কৰাৰ সুখত পিতাক , আইতাকৰ আনন্দোৎসাহৰ বৰ্ণনা কৰাৰ সমান্তৰালকৈ পুৰুষতান্ত্ৰিক সমাজত অৱহেলিত নাৰীয়ে নিজ শক্তিৰে মহীয়ান হৈ কিদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰো সাৱলীল উপস্থাপন কৰিছে । প্ৰেমময়ী আৰু মমতাময়ী নাৰীৰ অপাৰ শক্তিৰ প্ৰতীকস্বৰূপে মা কালীক যিদৰে মহিমামণ্ডিত কৰিছে আকৌ ‘ মহাদেৱৰ সীমাৰেখা ‘ শব্দ দুটাৰে পুৰুষতান্ত্ৰিক সমাজখনৰ সীমাবদ্ধতাৰ কথাও সোঁৱৰাই দিছে । লগতে কালীৰূপ ধাৰণ কৰিলেও যে তেঁও এগৰাকী আৱেদনময়ী নাৰী সেই কথাও স্পষ্ট কৰি দিছে ।
“ সময়ে তোমাক যিদৰেই নসজাওক
মোৰ বাবে তুমি 36-29-36 ৰ
মসৃণ ভাস্কৰ্য ।
ভোগ মোৰ অধিকাৰ
মহাদেৱৰ সীমাৰেখা
আৰু তোমাৰ ওভটনি যাত্ৰা ।“ ( সুৰৰ স্পষ্টীকৰণ )
সময়ক বৰ বিশ্বাস কৰিছিল তেখেতে । প্ৰতিটো পল অনুপল বৰ হেঁপাহেৰে উপভোগ কৰিব জানিছিল , লগতে আনকো শিকাইছিল কিদৰে সময়ৰ আহ্বানক আঁকোৱালি ল’ব পাৰি । পিছে তেখেতক অতিকে বিশ্বস্ত আৰু ভৰষা সময়েই যে এনেদৰে প্ৰৱঞ্চনা কৰিব সেই কথা এবাৰলৈও হয়তো ভৱা নাছিল অথৱা তেনে কঠোৰতাকো কালৰ নিৰাপত্তা বুলিয়েই আশ্বাস লৈছিল । সেয়েহে তেখেতৰ কলমত আকাৰত সৰু হ’লেও এটি সুন্দৰ সময়োপযোগী সময়ভিত্তিক কবিতাই প্ৰাণ পাই উঠিছিল ।
“ সপোনৰ পোখা মেলা নিশাবোৰত
তোমাৰ নিৰাপত্তাৰ আশ্বাসত
মই ঘুৰি ফুৰোঁ অৰঙে দৰঙে ।“ ( সময় )
তেখেতৰ মননশীলতা তেখেতৰ সিদ্ধান্ত , যোধাবাই আৰু নাক নামৰ কবিতাকেইটিত বৰ সুন্দৰকৈ প্ৰকাশ পাইছে । সিদ্ধান্ত কবিতাত সন্ধ্যাবেলা নদীখনক সাক্ষী কৰি ৰাধেয় ( কৰ্ণ ) আৰু ৰাধাবল্লভৰ ( কৃষ্ণ ) যি গভীৰ আলোচনা , সেইয়া কবিয়ে ব্যঞ্জনাৰ সহায়ত যিধৰণে তুলি ধৰিছে সেইয়া অপূৰ্ব । কৃষ্ণ মানৱপুত্ৰ হৈয়ো দেৱতা অথচ কৰ্ণ দেৱপুত্ৰ হৈয়ো সাধাৰণ মানৱ । সেয়ে কৰ্ণৰ ভক্তি অঞ্জলি কৃষ্ণৰ চৰণকমলত আৰু ই মানৱীয় প্ৰমূল্যবোধকো প্ৰতিনিধিত্ব কৰিছে । তেনেকৈয়ে ‘ যোধাবাই ‘ কবিতাত যোধাবাইৰ ত্যাগ আৰু প্ৰতিটো উশাহৰ বিনিময়ত মোগলৰ মহল সুৰক্ষিত কৰাৰ সুন্দৰ বৰ্ণনা কৰিছে । ইফালে ‘ নাক ‘ কবিতাত শূৰ্পনখাৰ কটা নাকৰ যি বেদনা সেইয়াও পঢ়ুৱৈএ সাৱলীল কে বুজিব পৰাকৈ বৰ্ণনা কৰিছে । যিমান গুণী হ’লেও লোকচক্ষুত যে কেৱল দোষবোৰহে ধৰা পৰে সেইটোও কবিয়ে অতি চাতুৰ্যৰে বৰ্ণনা কৰিছে । গতিকেই নিজকে কষ্ট দি হ’লেও ফলাফল নিচিন্তি সেই দোষ লুকুৱাৰ আপ্ৰাণ চেষ্টাও যে সকলোৰে ।
“ কিন্তু কিনো হ’ব
ৰাইজে ঘুৰি পকি
মোৰ নাকটোহে দেখে
সেয়ে তেতিয়াৰপৰাই
খাৰণিৰে ঢাকি ৰাখিছোঁ
মোৰ কটা যোৱা নাক । “ ( নাক )
প্ৰকৃতিৰ সুষমা আৰু তেঁওৰ ভাষাৰ লালিত্য ও ব্যঞ্জনা উল্লেখনীয় । বসন্ত আৰু প্ৰস্ফুটিত শৈশৱ , বাৰ্ধক্য আৰু হালধীয়া পাতৰ তুলনা , তাৰ মাজতে গভীৰ সেউজীয়াৰ ৰূপত পূৰ্ণযৌৱনৰ উপমা লক্ষ্যণীয় । ‘ প্ৰেমেই জীৱনক জীপাল কৰি ৰাখে ‘ কথাষাৰিত অত্যন্ত বিশ্বাসী গায়ত্ৰীবাৰ বৰষুণ অতিকে প্ৰিয় , পৰমাকাংক্ষিত । সম্পৰ্ক কেনেধৰণে জীপাল কৰি জীয়াই ৰাখিব লাগে সেই বিষয়ত তেখেত সিদ্ধহস্ত আছিল , সেই কথাৰ উমান দি গৈছে ‘ সেউজীয়াৰ হাতত‍ ‘ নামৰ কবিতাটোত ।
“ এতিয়া সেউজীয়াৰ উপত্যকাত
ভালপোৱাৰ বৰষুণ
ভিজা মাটিৰ আকুল গোন্ধ । “ ( সেউজীয়াৰ হাতত )
মমতাময়ী মাতৃ হৃদয়ে সন্তানৰ মংগল কামনা কৰি আৰু সন্তানক ষোড়শ সংস্কাৰেৰে সংস্কৃত কৰি মানুহ হোৱাৰ বাটত বাট বুলিবলৈ শিকাবৰ বাবে সন্তানৰ লগতে নিজকো প্ৰস্তুত কৰিব লাগে সেই কথা তেঁওৰ তাই নামৰ কবিতাটোত ফুটি উঠিছে । নিজ কন্যা জুৰক বিভিন্ন বিষয়ক মনোৰঞ্জনমূলক কিতাপ পঢ়াৰ আনন্দখিনি দিয়াৰ লগতে বিদ্যায়তনিক দিশতো সঠিক পথপ্ৰদৰ্শন যে কৰিছিল তাৰো উমান এই কবিতাটোতে পোৱা যায় ।
“ আশা , হেঁপাহ আৰু বাস্তৱৰ
ৰামধেনুৰ সমাহাৰ
কোমল খৰিকাজাঁইৰ
আলফুলীয়া গোন্ধেৰে দৃঢ় হওক
তাইৰ পোহৰমুখী যাত্ৰা । “ ( তাই )
৯০’ দশকৰ গাঁৱলীয়া চুবুৰীৰ আৰু সেই সময়ৰ ওচৰ চুবুৰীয়াৰ সম্প্ৰীতি আৰু এঘৰৰ আনঘৰৰ প্ৰতি দায়বদ্ধতা আৰু সমীহৰ ছবিখন স্পষ্টকে ফুটি উঠিছে তেঁওৰ চুবুৰী নামৰ কবিতাটিত । গঞা পাকঘৰখনৰ ছবি ইমান সুন্দৰকৈ প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে যে পাঠকে কবিৰ সৈতে সেই চুবুৰীত ঘুৰি ফুৰাৰ দৰে অনুভৱ হয়, শ’ল মাছ আৰু মূলা ৰ আঞ্জা খনৰ মকমকীয়া গোন্ধটো নাকত লাগেহি , খুন্দনাত খুন্দা বগৰীৰ জুতিয়ে জিভাপানী উলিয়াই ।
“ শ’ল মূলাৰে ৰন্ধা
আঘোণমহীয়া ভাতসাজ
কাতিমহীয়া ফুটিয়াই লোৱা ৰৱাবটেঙাটো
খুন্দনাত খুন্দি লোৱা বগৰীৰ গোন্ধটোৱে
আটি আঁটি বান্ধি ৰাখিছিল চুবুৰীটো ।“ ( চুবুৰী )
বৈষয়িক বিষাদৰ ছবিখনো বাস্তৱমুখী গায়ত্ৰীবাৰ কবিতাৰ মাধ্যমেৰে প্ৰকাশিত হৈছিল অতি আটোম-টোকাৰি আৰু সুখানুভূতি হৈ । তাৰেই প্ৰতিফলন হৈছে তেখেতৰ কথোপকথন আৰু মামৰে ধৰা লোহা নামৰ কবিতা দুটিত । মন আৰু মগজুৰ দ্বন্দ্বক এক সন্তুলন মাত্ৰাত ৰাখি অতি সুন্দৰকৈ বাস্তৱৰ ৰূঢ়তা আৰু জীৱনৰ সুন্দৰতাক ডাঙি ধৰিছে দুয়োটা কবিতাতে । তেঁওৰ ধনাত্মক চিন্তাৰ প্ৰতিফলনো ঘটিছে দুয়োটা কবিতাৰ প্ৰতিটো স্তৱকতে ।
“ ব্যাধিয়ে কুটি খোৱা
মোৰ ভংগুৰ শৰীৰটোক
আলফুলে আৱৰি ৰাখিছোঁ ।
……………………………
মই কিন্তু ভীষণ সুখী
তুমিতো সাংঘাতিক ধনাত্মক ।“ ( মামৰে ধৰা লোহা )
তেঁওৰ মাতৃবিয়োগত ম্ৰিয়মাণ হৈ আই যোৱাৰ পৰত শিৰোণামেৰে যি আৱেগিক কবিতা লিখিছিল , সেই কবিতা পঢ়িলে প্ৰতিজন মাতৃহীনৰে বুকুভেদি হুমুনিয়াহ ওলায় । কবিতাটোৰ শেষ স্তৱকটো অত্যন্ত মৰ্মস্পৰ্শী হোৱাৰ লগতে প্ৰৱল অৰ্থৱহ । বুকুজুৰোৱা আই নামৰ সত্বাটি শেষ হৈ গ’লে সঁচাকৈয়ে ঘৰখন মৰিশালি সদৃশ হয় , মৰিশালিত শুই থকা আইৰ বুকুখনতে ঘৰ হয় । বুকুবিষোৱা সেই স্তৱকটো..
“ আই যোৱাৰ পৰত
ঘৰখন মৰিশালি হৈছিল
আৰু মৰিশালিখন ঘৰ ।“ ( আই )
গায়ত্ৰী ভড়ালী নামৰ মানুহগৰাকীৰ অস্তিত্ব নাইকিয়া হোৱাৰ লগে লগে এক সম্ভাব্য কবিসত্বাৰো অৱসান ঘটিল । অনিত্যদেহৰ ক্ষণস্থায়ীত্বক কল্পনা কৰিয়েই হয়তো তেখেতে এক গভীৰ তত্ববোধৰ কবিতা ৰচনা কৰিলে আপোনালোকৰ বাবে শীৰ্ষক । সন্তানৰ আগমণে যেনেদৰে পিতৃ মাতৃ , ইষ্ট কুটুম্বক পৰম সুখ দিয়ে , ধনেৰে নোৱাৰিলেও মনেৰে উদযাপন কৰে , নিজৰ সন্তানক ৰাজকুমাৰ ৰাজকুমাৰীৰ দৰে সেউজ ধৰালে আদৰি আনে , সন্তানক পাৰিলে জোনবাইটোও আনি দিব খোজে সেই অনুভূতিকো বাইদেউৱে তেখেতৰ কবিতাৰ মাজেৰে বৰ সুন্দৰকৈ তুলি ধৰিছে ।
“ স্বৰ্ণময় সময়ৰ মাহেন্দ্ৰ-ক্ষণত
আমি জখলা বান্ধিম
অতীতৰপৰা ভৱিষ্যতলৈ ।“ ( আপোনালোকৰ বাবে )
জীৱনৰ আদিতম পুৱাটোত যিদৰে ৰাজকীয়ভাৱে স্বাগতম জনাই আদৰে , বিদায়বেলাটো ও ৰাজকীয় হ’ব লগে বুলি তেখেতে অন্তঃকৰণে কামনা কৰিছিল । কাৰণ মৃত্যুও একপ্ৰকাৰ কলা , সঁচাকৈয়ে তেখেতৰ মৃত্যুত সেই কলা জিলিকি উঠিল , চিৰন্তন হাঁহিটো দুওঁঠত ৰাখিয়েই ৰজাৰদৰেই বিদায় ল’লে এই সংসাৰৰপৰা । পিছে তেখেতৰ মৃত্যুৰ কোলাৰ কলাত্মক হাঁহিটোৱে কন্দুৱাই গ’ল তেখেতক জনা প্ৰতিজনকে । এক সুন্দৰ ব্যক্তিৰ মৃত্যু হ’ল সঁচা , কিন্তু সেই স্মৰণীয় ব্যক্তিত্বৰ স্মৃতি সকলোৰে বুকুৱে বুকুৱে ৰৈ গ’ল । তেখেতে ভবাৰদৰেই ৰাজকীয় হ’ল সেই হাঁহি ।
“ কথা আছিল অহাৰদৰেই
ৰাজকীয় হ’ব
বিদায় পৰ্ব
স্মৃতিত উজ্বল হ’ব পৰিক্ৰমা
আপোনাৰপৰা আমালৈ বৈ আহিব
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ
সোণোৱালী সূতা । “ (
শেষত….
গায়ত্ৰীবা আপোনাক কায়িকভাৱে হেৰুৱালোঁ সঁচা , পিছে মনেৰে কঢ়িয়াই ফুৰিম আপোনাৰ সান্নিধ্যৰ প্ৰতিটো অনুপল ইহজনমত সজ্ঞানে থকালৈকে । পাৰিলে লগ হ’ম পৰজনমত । বিদায় বুলি ক’মনে ? ?
পাপৰি বৰা
সহকৰ্মী
চৰকাৰী শিক্ষণ মহাবিদ্যালয় , নগাঁও

ভেলেণ্টাইন ডে’ত এগৰাকী ৰিক্সা চালিকা

ভেলেণ্টাইন ডে’ৰ তাৎপৰ্য অথৱা ভেলেণ্টাইন ডে’ৰ এপাহ ৰঙা গোলাপৰ কথা কেতিয়াও বিচাৰ কৰি চোৱা নাই বা বিচলিতও কৰা নাই । কিন্তু প্ৰেমিক প্ৰেমিকাৰ ব্যস্ততা ভৰা এটা সপ্তাহৰ প্ৰস্তুতিৰ অন্তত এই দিৱসটোক উদযাপন কৰা দেখিলে এনে লাগে যেন কেৱল প্ৰেমৰ প্ৰকাশৰ বাবে এটা মাথোঁ বিশেষ দিন ভেলণ্টাইন ডে’ । ৰঙা গোলাপেৰে সুসজ্জিত হৈ পৰা মহানগৰীৰ ফুলৰ দোকানবোৰত থকা মোকো আকৰ্ষিত কৰিলে , ফুলৰ টোৰাবোৰ দেখি বাৰুকৈয়ে আকুল হৈ পৰা মনটোক বান্ধি নাৰাখি , বৰ হেঁপাহেৰে গোলাপ কিনি থকা দুজনীমান ছোৱালীৰ লগতে মইও তিনিপাহ তেজৰঙী গোলাপ কিনি ল’লোঁ এনেয়ে । ফুলকেইপাহ লৈ খোজকাঢ়ি ঘৰলৈ আহি থাকোঁতেই হাতৰ ফোনটো বাজি উঠিল , ইথাৰৰ সিপাৰত চিনাকি ৰিক্সাচালিকা বাইদেউ গৰাকী , তেঁও মোক পিছদিনা বেলেগ ৰিক্সা এখন বন্দোৱস্ত কৰিবলৈ কৈয়েই ফোনটো কাটি দিলে , তেঁওৰ কথাকেইটা শুনিয়েই গম পালোঁ যে তেঁওৰ আকৌ ঘৰুৱা অশান্তি হৈছে । এই মানুহগৰাকীয়ে মোক তেঁওৰ ৰিক্সাত কঢ়িয়াই নিয়াৰ দিনাৰপৰাই মইও তেঁওক মোৰ মাজত কঢ়িয়াই ফুৰিছোঁ , নিজৰ মাজতে বিচাৰিও চাইছোঁ , তেঁওৰ মনৰ গভীৰতালৈ গৈছোঁ , চিনাকি অচিনাকি প্ৰতিগৰাকী নাৰীৰ মাজত বিচাৰিও চাইছোঁ , আমি যেন ক’ৰবাত কাৰোবাক বিচাৰি পাঁও এজনে আনজনৰ মাজত ।

দেখিলেই সুখী যেন লগা হাঁহিমুখীয়া বি.এ পাছ বাইদেউগৰাকীৰ ১৪ / ১৫ বছৰীয়া এখন সংসাৰ , এটি সন্তান , নিয়মীয়াকৈ ৰিক্সা নচলায় , মাজে মাজেহে চলায় , টকাৰ বৰ এটা আকালো নাই আৰু অভাৱো নাই বাবেই লাইন লোৱা নাই , তেঁওৰ জীৱন সংগীৰ পৰিয়ালটো চলি থাকিব পৰাকৈ কোম্পানীৰ চাকৰি হেনো । মুঠতে এটা সুখী হেন পৰিয়াল । প্ৰথমতে এনেকুৱা দুই এটা কথাৰে আমাৰ কথাৰ সামৰণি পৰিছিল , পিছলৈ চিনাকি হৈ যোৱাৰ পিছত আৰু মই তেঁওৰ ৰিক্সাতে সাধাৰণতে ওচৰে পাজৰে যাবলৈ লোৱাৰপৰা মানুহগৰাকীয়ে মোৰ লগত ঘৰুৱা কথা পাতিবলৈ ল’লে , কথা পাতি ভালপোৱা মইও সুযোগটো নেৰিলোঁ । তেঁওৰ মুখৰ সুখৰ হাঁহিটোৰ প্ৰশংসা নকৰাকৈও নাথাকিলোঁ , মই যেন তেঁওক আঘাতহে কৰিলোঁ তেনেকৈ কৈ , মানুহগৰাকীয়ে হাঁহিৰেই মোকো প্ৰত্যুত্তৰ দিলে , ” বাইদেউ নিজকে লুকুৱাই থঁও হাঁহিৰ মাজতে ” চক্ খাই উঠিলোঁ , কি কয় তেঁও ! সাংঘাতিক কথাচোন , জীৱনক সজাই ৰখাৰ কিটিপ তেঁওৰ কথাত । একো নোসোধোঁ বুলি ভাবিও হঠাতে সুধিলোঁ কিয় কৈছে তেনেকৈ বুলি , ইমান ধুনীয়া সংসাৰৰ গৰাকীনিয়েনো কিয় তেনেকৈ ক’লে জানিবৰ বৰ মন গ’ল সঁচাকৈয়ে ।

লোকচক্ষুত সকলো থাকিলেও মহিলাগৰাকীয়ে নিতৌ আত্মসন্মান তেঁওৰ জীৱনসংগীৰ ওচৰতে হেৰুৱাই আহিছে , কথাই প্ৰতি তেঁও পায় অপমানৰ ওপৰত অপমান । তেঁওৰ চকুত এটা সন্তানৰ মাতৃ , সুগৃহিণীগৰাকীয়ে একোৱেই নাজানে , যিকোনো কথাতে অপদস্থ কৰিব পাৰে তেঁও , তেঁওৰ সন্তানেও দেউতাকৰদৰেই তেঁওক কোনোদিন সন্মান দিয়া নাই , মাকৰ যোগ্যতাৰ ওপৰত পুত্ৰৰো সন্দেহ হেনো , ফলত তেঁও হেৰুৱাইছে আত্মবিশ্বাস , ঘৰুৱা পৰিস্থিতিবোৰৰ পৰা পলাবলৈকে তেঁও মাজে মাজে ভায়েকে দিয়া ৰিক্সাখন চলাবলৈ লৈছিল । তথাপিও তেঁও কোনোধৰণৰ মৰ্যাদা পোৱা নাছিল তেঁওৰ জীৱনসংগী অথৱা পুত্ৰৰপৰা । মাজে মাজে তেঁওৰ জীৱনসংগী তেঁওৰ আকাংক্ষিত প্ৰেমিকজন হৈ পৰে , পিছলৈ তেঁও ভালদৰেই বুজি পোৱা হ’লগৈ কেতিয়া তেঁওৰ প্ৰিয় পুৰুষজনৰ আৱিৰ্ভাৱ হয় তেঁওৰ জীৱনসংগীৰ মাজত , মাথোঁ তেতিয়াহে যেতিয়া তেঁও বন্ধন বেংকৰপৰা ঋণ ল’বলগীয়া , পিছে ঘুৰাই দিবৰ সময়ত তেঁও আচৰিত হয় , ৰূপ সলনি হয় তেঁওৰ , সুখ দুখৰ লগৰী বুলি ভবা জীৱনসংগীজন পৰিণত হয় স্বামীলৈ , আকৌ সন্মুখীন হয় তেঁও এক অশান্তিকৰ পৰিস্থিতিৰ , সুখৰ বুলি ভবা সময়কণ সীমাবব্ধ হৈ ৰয় কেৱল এজাপ টকাৰ মাজত ।

যোৱা দুটা দিন গুৱাহাটীৰ এক বিশেষ কৰ্মশালাত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে পুৱা গধূলি তেঁওৰ ৰিক্সাতেই অহা যোৱা কৰিলোঁ , বহুদিনৰ মূৰত তেঁওও মনৰ পছন্দৰ যাত্ৰীক পাই কৈ গ’ল মনৰ কথাবোৰ , চাহো খালোঁ একেলগে , আকৌ লগ পোৱাৰ আৰু বহুত কথা পতাৰ কথা দি ঘৰমুৱা হ’লোঁ , কিয় জানো এবাৰলৈও মানুহগৰাকীক ক’ব নোৱাৰিলোঁ বিবাহ বিচ্ছেদ কৰিবলৈ , তেঁও লোকক দেখুৱাই মৰা সুখী হাঁহিটো অন্তৰৰ পৰা সুখী কৰি মাৰিবলৈ , তেঁওৰ জীৱনটো তেঁও ভবা ধৰণে উপভোগ কৰিবলৈ । হয়তো আমি নিজকে কঢ়িয়াই ফুৰোঁ কিছু তাড়নাৰ মাজত , য’ৰপৰা ওলাঁও বুলিলেও ওলাব নোৱাৰোঁ , ভাগ্যৰ লিখন বুলিয়েই আপোন কৰি ল’ব পাৰোঁ তেনে জীৱনক , নিজকে লুকুৱাই ৰখা এখিনি হাঁহিৰ মাজত ।

তেঁও প্ৰতীক হৈ ৰ’ল আমি সকলোৱে দেখিও নেদেখা এখনি সুখৰ সংসাৰৰ ।

ৰহমানদাৰ বাছ : এখন বাছৰ কথাৰে

দেৰগাঁৱৰ দাধৰাৰ ধৰমপুৰ গাঁৱৰপৰা গুৱাহাটীৰ কটন কলেজত পঢ়িবলে অহাৰ দিনৰেপৰা দূৰণিবটীয়া অথৱা ছিটিবাছৰ লগত আজি প্ৰায় ২২ বছৰে মোৰ নিবিড় সম্পৰ্ক । খিৰিকিৰ কাষত বহি দূৰণিবটীয়া বাছযাত্ৰা কৰি কিযে সুখ পাঁও তাক বুজাবলৈ ভাষা সীমিত , তাতে জোনাক ৰাতি হ’লে কথাই নাই , গালে মুখে জোনাক এসোপা সানি লৈ শেষ নোহোৱা বাট এটাৰে যেন গৈয়েই থাকিম । পিছে এই ভাল লগাবোৰ যে এটা সময়লৈ দৈনন্দিন লগৰী হ’ব সেইটো ভবাই নাছিলোঁ কেতিয়াও , এতিয়া বহুসময়ত আমনিদায়কো হৈ পৰিছে দূৰবাট বাছেৰে যাবলগীয়া হঁওতে । পৰিয়াল আৰু চাকৰিৰ সমতা ৰক্ষা কৰি জীৱনৰ বাটত বাট বুলিছো বাবেই দৈনিক ১৫০ কিলোমিটাৰ বাট বাছেৰে অহা যোৱা কৰাটো এতিয়া অভ্যাস , ১৫০ কিলোমিটাৰ তেনেই চমু বাট আজিৰ তাৰিখত আমাৰ দৰে কিছুমানৰ বাবে । গুৱাহাটীৰপৰা নগাঁৱলৈ যোৱা গাড়ীৰ লেখ জোখ নাই যদিও তাৰ মাজৰে এখন বিশেষ বাছৰ কথা লিখিবলৈ লৈছোঁ আজি । সেইখন হৈছে অসম পৰিবহণ সেৱাৰ অধীনস্থ AS – 20 – 2023 নম্বৰৰ কমলাৰঙী ( ৰঙা ) ভলভৌ বাছখন , বাছৰ চালক ৰহমানদা আৰু পৰিচালক সাধাৰণতে আলিদা আৰু আলিদাৰ অনুপস্থিতিত শ্বানদা । বাছখনৰ কথা এইবাবেই বিশেষ বুলি কৈছোঁ কাৰণ বাছখনৰ লগতে বাছৰ চালক পৰিচালকসকলো মোৰদৰে যাত্ৰীসকলৰ বাবে বিশেষ । অসম পৰিবহণ নিগমৰ অধীনস্থ এই আৰামদায়ক বাছখনৰ প্ৰথমৰপৰা শেষলৈকে যিকোনো এটা চিটত বহিলেও যাত্ৰীয়ে কোনোধৰণৰ কষ্ট নাপায় , বাছখনৰ আঁঠটা চিট সমুখা সমুখিকৈ থকাৰ বাবে ওলোটাকৈ থকা চাৰিটা চিটত অনভ্যস্ত যাত্ৰীসকলে অলপমান অসুবিধা পাব পাৰে যদিও আলিদায়ে ইমান সুন্দৰকৈ যাত্ৰীক সৈমান কৰোৱায় যে , বাছৰ এটা চিটো খালি নাযায় ।

২০১৭ ৰ পৰা ২০১৯ চনলৈকে গুৱাহাটী – মৰিগাঁও অহা যোৱা কৰি থাঁকোতেও কেইবাখনো বাছ আৰু ট্ৰেভেলাৰৰ চালক পৰিচালক সকলৰ লগত আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠিছিল , অত বছৰৰ বাছ যাত্ৰাৰ অভিজ্ঞতাৰ পৰা এটাই কথা ফিটাহি মাৰি ক’ব পাৰোঁ যে কোনোদিন কোনোখন গাড়ীতে চালক অথৱা সহযাত্ৰীৰপৰা কোনোধৰণৰ অশালীন ব্যৱহাৰ পোৱা নাই , সেয়েহে তেঁওলোকৰ প্ৰতি কেতিয়াও বেয়া মনোভাৱো গঢ়ি উঠা নাই । বাছৰপৰা নামি যাঁওতে ঘৰত মাত লগাই যোৱাৰদৰেই মাত এষাৰ লগোৱাৰ অভ্যাস এটাও হ’ল , পুৱাৰ প্ৰথম ফোনৰ তালিকাতো বাছৰ নম্বৰহে ডায়েল হোৱা হ’ল , ( চিটি বাছৰ কথা সুকীয়া ) বাছবোৰৰ লগতে বাছৰ মানুহবোৰো আপোন হ’ল । ২০১৯ চনৰ জুনমাহৰপৰা আজিৰ তাৰিখলৈকে বন্ধৰ দিনবোৰ বাদ দি মোৰ পুৱাৰ প্ৰথমটো ডায়েল নম্বৰ ৰহমানদা অথৱা আলিদাৰ , তেঁওলোকৰ বাছ নাপালে কলেজৰ এটেণ্ডেন্স ৰেজিষ্টাৰখনৰ ৰঙা দাগটো চকুৰ আগত ভাঁহি উঠে , অন্য গাড়ীত যাঁওগৈ যদিও সময়মতে নাপামগৈ বুলি এটা ভয় ভাৱে অশান্তি দি থাকে । স্বভাৱতে শান্ত , ভদ্ৰ আৰু গহীন লগতে ধেমেলীয়া ৰহমানদায়ে বৰ নিষ্ঠাৰে পুৱা সাত বজাতে ISBT ৰ পৰা তেজপুৰলৈ উলিয়াই অনা বাছখন খানাপাৰাৰপৰা ঠিক ৭.৩০ বজাত ষ্টাৰ্ট কৰে । সকলো যাত্ৰীৰ প্ৰতি খবৰ ৰখা আলিদায়ে চিটবোৰ পৰীক্ষা কৰি মৃদু হাঁহিৰে বাহিৰলৈ চায় আন গাড়ীৰ দ্ৰাইভাৰসকলক মাত দি যায় , কেতিয়াবা যাত্ৰীও দি যায় । তেঁওলোকৰ গাড়ীৰ আৰামদায়ক চিটত বহি নিসংকোচে আৰু নিৰ্ভয়ে আগবাঢ়োঁ কৰ্মস্থলীলৈ বুলি । এই বাছৰে আকৌ ১ আৰু ২ নং আসন দুখন মোৰ খুবেই প্ৰিয় , অগ্ৰিম বুকিং নাথাকিলে নিশ্চিতভাৱেই তাৰে এটা চিট মোৰ দখলত থাকে , তাতোকৈ প্ৰিয় পৰিচালকৰবাবে সংৰক্ষিত আলিদাৰ অকলশৰীয়া ওখ চিটটো । সেইটো চিটত বহিলে নিজকে ৰাণী ৰাণী লাগেচোন ।

যাত্ৰীৰ সুবিধা আৰু সময়ৰ প্ৰতি তেঁওলোক দুয়োজনেই যথেষ্ট সচেতন , অযথা বাটত ৰখায় সময় নষ্ট কৰা আজিলৈকে দেখা নাই , গন্তব্য স্থানতকৈ এক কিলোমিটাৰ মানৰ আগত দ্ৰাইভাৰচিটৰ ওচৰত গৈ থিয় দিঁওগৈ , দুই চাৰিটা ঘৰুৱা খা খবৰ লঁও , তেঁওলোকৰ পৰিয়ালৰ বিষয়ে যিদৰে জানো তেঁওলোকেও জানে অামাৰ পৰিয়ালৰ কথা । আমি কেইবাজনো নিয়মীয়া যাত্ৰী আছোঁ এইখন বাছৰ , আমিও চিনাকি বৰ্তমান সকলো । তেজপুৰলৈ যাঁওতে আমনিৰ নীলকণ্ঠ হোটেলত আৰু ঘুৰি আহোঁতে জাগীৰোডৰ অসমী হোটেলত এইখন বাছ ৰয় , য’ত যাত্ৰীসকলে বিভিন্ন সুস্বাদু আহাৰৰ স্বাদ লোৱাৰ লগতে পেটো ভৰাব পাৰে । ভাললগা কথা যে আমাৰদৰে যাত্ৰীৰ মাজে মাজে ফ্ৰি চাহ পকৰিৰ ব্যৱস্থাও হৈ যায় ৰহমানদা আৰু আলিদাৰ তাগিদাতে ।

ৰহমানদাৰ বাছত উঠি চাবচোন তেজপুৰ অথৱা নগাঁৱলে গ’লে ।

ছাত্ৰ যেতিয়া বন্ধু হয়….

ছাত্ৰ যেতিয়া বন্ধু হয় / তেতিয়া আপোনালোকৰ দৰেই হয় / ছাত্ৰ যেতিয়া বন্ধু হয় / গুৰুতকৈ শিয়ান শিচ আপোনালোকৰ মাজতেই হয় / আপোনালোকৰ মাজতেই গুৰুৱে নিজক বিচাৰি লয় / শিক্ষাৰ লগতেই সুখ দুখৰো ভাগ হয় / এনে কেৱল ছাত্ৰ বন্ধু হ’লেহে হয় ।

ছাত্ৰ যেতিয়া বন্ধু হয় / গুৰুৰ ওচৰত অভিমান হয় / গুৰুৰো অভিমান হয় / কিয়নো ছাত্ৰযে তেঁওৰ বন্ধু হয় / অভিমান ভাগে , মৰমবোৰ বাঢ়ে / নতুন আৰম্ভণিৰে পুৰণি জীৱনটো গঢ়ে / এনে হয় কেৱল ছাত্ৰ বন্ধু হ’লেহে / প্ৰতিটো পুৱাই জীপাল হয় / ছাত্ৰ যেতিয়া বন্ধু হয় ।

ছাত্ৰ যেতিয়া বন্ধু হয় / তেতিয়া আপোনালোকৰ দৰেই হয় / গুৰুৰ গাত গুণ নাই বুলিলেও মনে জানো মানি লয় / ছাত্ৰযে গুৰুৰ অভিমান হয় / ছাত্ৰ গুৰুৰ প্ৰচ্ছায়া হয় / পদূলিৰ জপনাখন জপাব খুজিলেও মনৰ দুৱাৰখন খুলি থয় / ছাত্ৰ যেতিয়া গুৰুৰ বন্ধু হয় / তেতিয়া আপোনালোকৰ দৰেই হয় / ভাঙিব খুজিলেও সম্পৰ্ক আগতকৈ মজবুতহে হয় / আমি কোনেও ছিঙিব নোৱাৰা বান্ধোনত আৱদ্ধ / আমাৰ মান অভিমান সন্মান সকলোবোৰ আপোনালোকৰ মাজতেই সমৃদ্ধ / ছাত্ৰ শিক্ষকৰ সম্পৰ্ক আমাৰদৰেই হয় ।

হয়তো আপোনালোকৰ দুখ লাগে আমালৈ / আমাৰ ভাল লাগে তাতেই / সেই দুখৰ বাটেৰেই উজাই যাঁও সুখৰ দিশে । দুখতো যে প্ৰাপ্তি সুখৰ / আমি মহীয়ান হঁও আপোনালোকৰ মাজেৰেই ।

টোপোলা টাপলি

শশকৰ্ণ সংবাদ

মঘীয়া ঠেঁটুৱৈ লগা শীতত পুৱাৰ উমাল নিহালিখনৰ তলৰ পৰা ওলাই অাহিবৰে মন নাযায় , তাতে আকৌ পুৱা ৭ বজাতে ঘৰৰ পৰা নগাঁও অভিমুখী বাছত উঠিবগে লাগে কলেজলৈ বুলি । শীতৰ আমেজভৰা পুৱাবোৰ বাছতে পাৰ হ’ল , কিনকিনীয়া বৰষুণৰ মজাও বাছৰ খিৰিকিৰেই ল’লোঁ । কেতিয়াবা ভাল লাগে আৰু কেতিয়াবা দুখো লাগে , এনেহেন পুৱাবোৰ জুহালৰ কাষত অথৱা লেপৰ তলত উপভোগ কৰিবলৈ নাপাঁও বাবে , একাপ ধোঁৱাই থকা চাহৰ কথা ভাবি ভাবি বাছৰ আৰামদায়ক চিটতে টোপনিত ঢলি পৰোঁ প্ৰায়ে , অৱশ্যে সহযাত্ৰীয়ে কেতিয়াবা কথা পতাৰ আগ্ৰহ দেখুৱালে নপতাকে নাথাকোঁ । মই সততে অহা যোৱা কৰা বাছখনত দৈনিক অহা যোৱা কৰা প্ৰায়বোৰ মুখেই চিনাকি হৈ পৰিছে , একেলগে বহিলে কথাই নাই , বিভিন্ন বিষয়ৰ কথাই আঢ়ৈ ঘণ্টীয়া দীঘল বাটটো তেনেই চমুৱাই পেলায় । যিখন বাছত যাঁও সেইখন বাছৰ কেইটামান চিট সমুখা সমুখিকৈ আছে , সাধাৰণতে ওলোটা চিটকেইটাত বহি গৈ বেয়া পাঁও যদিও কেতিয়াবা উপায় নাথাকিলে বহিবলগীয়া হয় ।

যোৱা সপ্তাহৰ কথা , বৃহস্পতি নে শুক্ৰবাৰ আছিলে , সেইদিনাও মই সেই ওলোটা চিটতে বহিবলগীয়া হ’ল , ইফালে অত্যন্ত ঠাণ্ডা সিদিনা , তেজবোৰ গোট মাৰি যেন বৰফহে হৈছিল , হাত ভৰিবোৰ জঠৰ হৈ গৈছিল , চুৱেটাৰ শ্বলৰ টোপোলা এটাৰ মাজত ঠৰঙা হৈ সোমাই আহিছোঁ , ঘৰৰ পৰা আহি গেইম ভিলেইজ ষ্টপেজতে বাছত উঠিলোঁ , উঠিয়েই কেৱল চকুকেইটাহে ওলোৱাকৈ আন এখন শ্বলেৰে কাণ মূৰ মেৰিয়াই ল’লোঁ , খানাপাৰা পোৱালৈ দুচকুৰ পতা লাগি ধৰিলেই উমাল টোপোলাটোৰ মাজত । খানাপাৰাত বাছ যাত্ৰীৰে ভৰি পৰিল , মোৰ কাষত এগৰাকী কিশোৰী , ফিৰফিৰীয়া চুলিকেইডালৰ পৰা শ্বেম্পুৰ কোমল সুবাসকণ আহি নাকতে লাগিল , গোন্ধটো চিনাকি তেনেই , মোৰ ছোৱালীৰ দৰেই লাগিল , দেখিবলৈও তাইৰদৰেই , বয়সো প্ৰায় সমান , মোৰদৰেই জেকেটৰ উমাল টোপোলাৰ মাজত সোমাই আহিছে যদিও চুলিকেইডালৰ কাৰণেই টুপিটো পিন্ধা নাই তাই ( মোৰ জনীয়েও খোলা চুলিয়েই ভাল পায় ) , চকু পিৰিকিয়াই সমুখৰ আসন দুখনলৈ চালোঁ , এগৰাকী প্ৰায় আমাৰ সমবয়সীয়া মহিলা , কোলাত দুবছৰমান বয়সৰ কেঁচুৱা অকণ , কাষৰ চিটটো খালী তেতিয়ালৈকে , বাছ চলিবৰ হ’ল , তেনেতে খৰধৰকৈ ফোনত কথা পাতি পাতি ভদ্ৰলোক এজন আহি আমাৰ ওচৰত ৰ’লহি , কাৰোবাক কৈ আছে বৰ ৰসিকতাৰে , ” এই টোপোলা টাপলিসোপা লৈ আহিবয়ে নাপায় বুজিছে , অকলে আহাই ভাল ” এনেদৰে কৈ কৈ মোৰ কাষৰ কিশোৰীগৰাকীক চকুৰ ঠাঁৰেৰেই মোৰ সন্মুখৰ চিটলৈ আহিবলৈ ক’লে , ছোৱালীজনীয়ে অসন্তোষ ভাৱ এটা লৈ মোৰ কাষৰপৰা উঠি আহি মাকৰ কাষত বহিলগৈ , তেতিয়াহে বুজিলোঁ মানুহজনে কোৱা টোপোলা টাপলি কোনকেইটা , ভদ্ৰব্যক্তি সজোৱা মানুহজনলৈ হঠাতে খং এসোপা উজাৰ খাই আহিল , তথাপিও বাটৰ কচু গাত সনাৰ অভ্যাস নাই বাবে মনে মনে থাকিলোঁ , শিক্ষিতা আৰু চাকৰিয়াল যেন লগা মহিলাগৰাকী যেন সামান্য অপ্ৰস্তুত হ’ল , জীৱন সংগীৰ অভব্য আচৰণ দেখি , তথাপিও নিজৰ সন্মান হানি নকৰাৰ বাবেই নিৰ্লিপ্ত হৈ ৰ’ল তেঁও ।

বাছ চলাৰপৰা মানুহটোৰ ডেমাকী চলিয়েই থাকিল , আমনি কৰি থকা কেঁচুৱাকণক এবাৰলৈও কোলাত নাই লোৱা , তেঁওৰ পিতৃত্ব যেন কেৱল মাকৰ কোলাত কেঁচুৱা শুৱনি কৰাতে সীমাবদ্ধ । হঠাতে কিশোৰীজনীক দেউতাকে দবিয়াই উঠিল তাইৰ মেলা চুলিকোছা সামৰি ল’বলৈ , ছোৱালীজনী বেছ আহত হ’ল , নিৰ্বিকাৰ মাকজনীলে অসহায়ভাৱে চালে , মাকে তাইৰ মনৰ কথা বুজি দেউতাকক উদ্দেশ্যি তেনেকৈয়ে থাকক বুলি মৃদু স্বৰত ক’লে যদিও দেউতাকে এষাৰেই ক’লে , ” মই বান্ধিবলে কৈছোঁ । ” ছোৱালীজনী আৰু মহিলাগৰাকীক বৰ বিব্ৰত দেখা গ’ল , নাচাঁও বুলি ভাবিও কিয় জানো মহিলাগৰাকীৰ চকুৱে চকুৱে পৰিল তেনেতে , আত্মসন্মান বচোৱাৰ স্বাৰ্থত নীৰৱ হৈ ৰোৱা মহিলাগৰাকীলে বৰ দুখ লাগিল , তেঁওক নিজৰ মাজতে বিচাৰি চালোঁ , মোৰ লগত এনে হোৱা হ’লে মইও হয়তো এনেদৰেই অসহায় হৈ পৰিলোঁ হেতেন , পিতৃ আৰু পতিত্বৰ নামত প্ৰভূত্ব খটুৱাব বিচৰা জীৱনসংগীজনক মহিলাগৰাকীয়েও ওলোটাই বহু কিবা ক’ব পাৰে যদিও সৌজন্যতা আৰু সম্পৰ্কৰ সন্মান ৰখাৰ স্বাৰ্থতেই যে তেঁও নিৰ্বাক হৈ আছে তেঁওৰ দুচকু দেখিয়েই বুজি উঠিলোঁ । কেঁচুৱাকণে সাৰ পায় কান্দি উঠিল , তেতিয়াহে মুহুৰ্তৰ তন্ময়তা ভাগিল আমাৰ দুয়োৰে , পুৰুষজনলৈ চালোঁ কেৰাহিকৈ , মহিলাগৰাকীৰ প্ৰতি যেন এসোপা বিদ্বেষ তেঁওৰ চকুৱে মুখে , কেঁচুৱাটোৱে কন্দাৰ বাবেও যেন মাকহে দায়ী । আকৌ এবাৰ বৰ শ্লেষাত্মকভাৱে সৰু সৰুকৈ তেঁও এইবাৰ মহিলাগৰাকীক উদ্দেশ্যি ক’লে , ‘ কৈছিলোৱেই এই টোপোলা টাপলিবোৰ লৈ ক’তো যাব নাপায় ‘ …………. মানুহগৰাকী নিৰ্বিকাৰ হৈ বহি ৰ’ল কেঁচুৱাকণক ওমলাই । মইও মোৰ গন্তব্য স্থান পাই নামি আহিলোঁ বাছৰ পৰা মানুহগৰাকীক নিজৰ মাজতে সামৰি লৈ ।

ভদ্ৰতাৰ চশমা পিন্ধা সেই পুৰুষজনক কেইটামান প্ৰশ্ন কৰিবলৈ মন থাকি গ’ল , পত্নী আৰু সন্তান যদি তেঁওৰ বাবে টোপোলা টাপলি হয় , তেঁওলোকৰ মৰ্যাদা কি ? যদি পত্নীগৰাকীক সন্মান দিব নাজানেই জীৱন সংগী কৰি লোৱাৰ প্ৰয়োজন কি আছিল ? সন্তানক শাসন কৰাৰ নামত অভব্য আচৰণ কিয় ? কোনোবাদিনা যদি তেঁওৰদৰেই তেঁওৰ নীৰৱে থকা পত্নীগৰাকীয়ে উভটি ধৰে ??? পত্নী আপোনাৰ সম্পত্তি নহয় , তেঁওক সন্মান দিবলৈ শিকক , তেঁওৰ মৰ্যাদা অক্ষুণ্ন ৰাখক বুলি মই যদি এবাৰ কৈ পঠিয়াব পাৰিলোঁহেতেন সিদিনা …..

জীৱন উদযাপনৰ দিনবোৰ – অন্তিম কথা

জীৱন উদযাপনৰ দিনবোৰৰ পাছকথা :
সকলোৱে আগকথা লিখে , মোৰ লিখা নহ’ল , সেয়েহে পাছকথাৰে প্ৰায় পাঁচমহীয়া এক প্ৰচেষ্টাৰ সামৰণি মাৰিব খুজিছোঁ । ‘ জীৱন উদযাপনৰ দিনবোৰ ‘ৰ কথা উপন্যাস বুলি কোৱাৰ ধৃষ্টতা মোৰ নাই । ২০০৩-০৫ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুপম দিনবোৰৰ একাংশ বাস্তৱ ঘটনাৰ উপন্যাসোপম উপস্থাপন মাথোঁ । ইয়াত উল্লেখিত প্ৰতিটো ঘটনা , প্ৰতিটো চৰিত্ৰ , প্ৰতিটো নামেই সত্য । শৈশৱৰে পৰা এগৰাকী বাইদেউৰ মুখত গুৱাহাটী য়ুনিভাৰ্ছিটিৰ কথা শুনি বুকুত এক হেঁপাহে বাঁহ লৈছিল , কটনত পঢ়াটো যিদৰে সপোন আছিল য়ুনিভাৰ্ছিটিত পঢ়াটো সেই সপোনৰে গতি লোৱা সোণোৱালী বাটটো আছিল । জালুকবাৰীৰ নামেই আছিল মায়ালগা , তাতোকৈ মায়ালগা আছিল শাৰী শাৰী কৃষ্ণচূড়াৰ কাহিনী । ঘৰৰ পদূলিমূৰৰ কৃষ্ণচূড়াজোপাৰ ফুলৰ ৰঙাবোৰ চাই চাই সেই ৰঙাবোৰ বুকুত সাঁচি ৰাখিছিলোঁ জালুকবাৰীৰ হেজাৰ কৃষ্ণচূড়াৰ তলে তলে ঘুৰি ৰঙাবোৰ মিলাই চোৱাৰ বাসনাৰে । তেজাল ৰংবোৰ সেয়েহে বৰ আপোন হৈ পৰিছিল । ২০০৩ চনত কটনৰ সেন্দুৰীয়া বাটেৰে আহি খোজ থৈছিলোঁ কৃষ্ণচূৃড়াৰ ৰাঙলী বাটটোত । তাৰপৰাই আৰম্ভ হৈছিল জীৱন উদযাপনৰ আন এক অধ্যায়ৰ । য়ুনিভাৰ্ছিটি লাইফ সঁচায়ে বৈচিত্ৰপূৰ্ণ , নিজেই সাক্ষী হৈ ৰ’লোঁ জীৱনৰ বিচিত্ৰতাবোৰৰ , হাঁহি কান্দোন , সুখ দুখ , খং ৰাগ , কাজিয়া পেচালৰ এক ঐক্যমধুৰ সমাৱেশেৰে সমাৱেশিত হ’লোহি য়ুনিভাৰ্ছিটিত আহি , জালুকবাৰীৰ অফুৰন্ত যৌৱনৰ সাক্ষী হ’লোঁ বাবেই হয়তো ৪০ লৈ দুবছৰ থকাৰ পিছতো যৌৱনমতী হৈ আছোঁ , সংসাৰ আৰু কৰ্মক্ষেত্ৰৰ দায়িত্বশীল বিভাগত থাকিও মন ভৰি আছে তাৰুণ্যতাৰে । জালুকবাৰীৰ দৰেই আমি সকলো হৈ ৰ’ম চিৰযৌৱনা , চিৰতৰুণ ।
‘ জীৱন উদযাপনৰ দিনবোৰ ‘ ৰ কথাবোৰ অতদিনে ধাৰণ কৰি আহিছোঁ বুকুত , সেই সময়ৰ কথকতা শেষেই নহয়চোন । কাহিনী কাহিনী লগা কথাবোৰত কাহিনীৰ তিলমানো ৰহণ সনাৰ অৱশ্যকেই নহ’ল , তাৰমাজতো পাহৰণি হ’ল বহু কথা , ৰৈ গ’ল বহু বুকুৰ কথা । ডায়েৰীত লিখি থোৱা কথাবোৰে কেতিয়াবা বৰকৈ কন্দুৱাই , এসময়ৰ প্ৰিয় বন্ধু বান্ধৱবোৰলৈ মনত পৰিলেও সময় আৰু সুবিধাৰ অভাৱে কথা পতাৰপৰাও আঁতৰাই ৰাখে । তাতে এইবছৰৰ পহিলা ব’হাগৰ দিনাই আমাৰ পৰিয়াললৈ নমাই আনিলে মহামাৰী কৰ’নাৰ আতংক , মোৰ জীৱন সংগী , মোৰ প্ৰিয়জন Nikhil Duarah ২৩ দিনে পৰি থাকিল ক’ভিদ হস্পিতেলত , জীয়াই থাকিবলৈ প্ৰয়োজনীয় ন্যূনতম অক্সিজেনখিনিৰো অভাৱ হ’ল তেখেতৰ , মাথোঁ ৩৮% অক্সিজেনেৰে জীৱন মৰণৰ যুঁজখনত অকলেই যুঁজ দি সাহসিকতাৰে জীৱনক জয় কৰি ঘুৰি আহিল আমাৰ মাজলৈ । সেই সময়খিনিত মানসিকভাৱেই নহয় , আৰ্থিকভাৱে আৰু কৰ্মস্হানীয় অশান্তিৰে যথেষ্ট জুৰুলা হৈ পৰিলোঁ যদিও য়ুনিভাৰ্ছিটিৰ সাহসী ছোৱালীজনী হৈ পাৰ কৰিলোঁ দুৰ্যোগবোৰ । তাৰপিছত মাহযোৰা লকডাওন ।
তেনেতে জুলাই মাহৰ ১৮ তাৰিখে বন্ধু ধ্ৰুৱ Dhruba Gogoi ৰ লগত ফোনত কথা হ’লোঁ , লগ নোপোৱাকৈয়ে বুজি পালে মৰমৰ বন্ধুৱে মোৰ মানসিক অশান্তিৰ কথা , মনটো স্থিৰ কৰিবলৈ পৰামৰ্শ দিলে কিবা লিখাৰ , পাৰিলে ব্লগত লিখিবলৈ উৎসাহ দিলে , বেছিকৈ কথাবোৰৰ আওভাও নেপালোঁ যদিও সেইদিনাই wordpress download কৰিলোঁ , এনেয়ে নাম দিলোঁ ‘ নষ্টালজীয়া : মধুৰতম সময় : জীৱন উদযাপনৰ দিনবোৰ ‘ । প্ৰতিটো দিনেই উদযাপিত যদিও জীৱন উদযাপনৰ কোনবোৰ দিনৰ কথা লিখোঁ বুলি ভাবিলত এবাৰতেই মনলৈ আহিল য়ুনিভাৰ্ছিটিৰ সোণসেৰীয়া দিনবোৰৰ কথা । ১৯ জুলাইত প্ৰথম প্ৰকাশ কৰিলোঁ জীৱন উদযাপনৰ দিনবোৰ , খণ্ড উল্লেখ কৰা নাছিলোঁ , কোনেনো পঢ়িব বুলি আওকাণ কৰিলোঁ কথাটো , মাথোঁ মনটো স্থিৰ কৰিবলৈহে লিখাৰ কথা ভাবিলোঁ , কোনোবাই পঢ়িলেও পঢ়িব নপঢ়িলেও নাই বুলি ভাবিলোঁ যদিও বন্ধু ধ্ৰুৱৰ পৰামৰ্শ মতেই ফেইচবুকত শ্বেয়াৰ কৰি টেগ কৰি দিলোঁ বন্ধু বান্ধৱীৰ নামত । তাৰপৰাই আৰম্ভণি , একেদিনাই এশৰ ওপৰত পঢ়ুৱৈৰ সংখ্যা দেখি উৎসাহিত হৈ আৰম্ভ কৰিলোঁ জীৱন উদযাপনৰ দ্বিতীয় খণ্ড । তাৰপৰা এতিয়া সমাপ্তিলৈকে ৮০ টা খণ্ড ।
সামৰণিটো আধৰুৱা যেন মোৰো আনুভৱ হৈছে , পিছে ১৬ বছৰৰ পিছতো হোষ্টেলৰ সৈতে ইমানেই একাত্ম হৈ আছোঁ যে হোষ্টেল এৰাৰ দিন চমু চাপি অহাৰ লগে লগেই মোৰ ভাৱ আৰু ভাষালৈও জঠৰতা আহিল , অন্তিম খণ্ড লিখিবলৈ তিনিদিন লাগিল , শব্দ নোলোৱা হ’ল । আকৌ পাৰ হ’ল তিনিটা উজাগৰী নিশা চকুলোৰ সৈতে । বিচৰাধৰণে শেষ কৰিব নোৱাৰি নিজেই নিজৰ ওচৰতে দোষী তথা মোৰ প্ৰতিজন শুভাকাংক্ষীৰ ওচৰত ।
মই সুখী বহুতকে পুনৰ সেই সময়বোৰলৈ ওভটাই নি , মই সুখী নিজেই নিজক উভটি চায় । মই ঋণী প্ৰতিজন পাঠক বন্ধু শুভাকাংক্ষীৰ ওচৰত মোক সুখী কৰি তোলাৰবাবে , আপোনালোকৰ সমৰ্থনৰ বাবে ।
বহুতে সুধিলে মোৰ বৰ্ণিত চকুযুৰিৰ কথা । ৰহস্য হৈয়ে থাকক । মোৰ প্ৰিয়জনৰ বাবেও আপোনালোকৰ বাবেও । ধন্যবাদ নজনাও মোৰ বন্ধু বান্ধৱীহঁতক , মোৰ আপোনসকলক ।
প্ৰতিটো দিনেই উদযাপনৰ দিন হওক , জীৱন কেৱল যাপনৰ বাবেই নহয় বৰং উদযাপনৰ বাবেও । সুখী হওক , সমৃদ্ধ হওক সময়বোৰ শ্ৰদ্ধা আৰু স্নেহেৰে …..
পাপৰি

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৮০

অন্তিম খণ্ড

আমাৰ আৰু ইকনমিক্স ডিপাৰ্টমেণ্টৰে খুব সম্ভৱতঃ সকলোতকৈ আগতে পৰীক্ষা আৰম্ভ হৈছিল , শেষো হৈছিল বহুতো ডিপাৰ্টমেণ্টৰ পৰীক্ষা আৰম্ভ নহঁওতেই , পৰীক্ষা বুলিলেই উৱা ৰাতি পুৱাই যোৱাৰ ব্যস্ততা , খাবলৈ শুবলৈ সময় নোহোৱা ব্যস্ততা , হাতত অনবৰতে কিতাপ অথৱা বহী এখন শুৱনি হৈ থকাৰ ব্যস্ততা , মুঠতে ব্যস্ততাই ব্যস্ততা । হোষ্টেলবোৰত প্ৰায় একে সময়তে বিদায় সভাবোৰ অনুষ্ঠিত হয় , আমাৰো হৈছিল , পৰীক্ষালৈ এসপ্তাহ থাকোঁতে আমাৰ বিদায় সভাখন অনুষ্ঠিত হৈছিল ২৪ ছেপ্তেম্বৰ ২০০৫ চন তাৰিখে । আমাৰ মৰমৰ জুনিয়ৰ বোৰৰ মাজত উথপথপীয়া পৰিৱেশ , সিহঁতৰ অনেক ব্যস্ততা ….. আয়োজন , নিমন্ত্ৰণ , অভ্যৰ্থনা , ডেকোৰেশ্যন , সোঁৱৰণীৰ সঁফুৰা … গোটেইবোৰৰ আদিৰ পৰা অন্তলৈকে দায়িত্ব সিহঁতৰ হাতত চিনিয়ৰৰ অবিহনে । জুনিয়ৰবোৰৰ ব্যস্ততা দেখি আকৌ এবছৰৰ আগৰ ফেয়াৰৱেল খনৰ কথা মনত পৰি গ’ল , য’ত আমি আছিলোঁ এনেদৰেই ব্যস্ত । তেঁওলোকৰ ব্যস্ততা দেখি বুকুৰ আপদীয়া বিষটোও ঢুকঢুকনিটোৰ সমানেই বাঢ়ি গ’ল , বিশেষ সময়খিনি বিশেষকৈ বুজি উঠাৰ আগতেই হেৰুৱাৰ বেদনাই অন্তৰখন তেনেই ৰিক্ত কৰি পেলালে ।

আৱাসী জীৱন জীৱনৰ এক মধুৰতম অধ্যায় , যি শিকাই যায় সম্প্ৰীতি , একতাৰ শক্তি , ভালপোৱাৰ মাধুৰ্য , দায়িত্ব…..মইবোৰ ইয়াতেই আমি হয় , দুখ ভাগৰবোৰ ভাগ বতৰা হয় । পকা পাত সৰি গ’লেও যিদৰে সেউজৰ অস্তিত্ব থাকি যায় , যিবোৰ সেউজেই এদিন ভৰুণ কৰিছিল হিয়া , সেই সেউজৰূপী সোঁৱৰণিবোৰ বুকুত বান্ধি জীৱন জীয়াৰ মাদকতা পোৱা যায় য়ুনিভাৰ্ছিটিৰ হোষ্টেলত ।জালুকবাৰীৰ দুবছৰীয়া আৱাসিক জীৱন যেন সপোন আৰু দিঠকৰ ছয়াময়া ছবি , পিছে তমসাক নেওচি আগবাঢ়িবলৈ সাজু হোৱা চকুবোৰত হেজাৰ তৰাৰ জিলমিলনি , ইয়াৰপৰাই ধাৱমান হয় জালুকবাৰীৰ যৌৱন পোহৰ বিচাৰি , প্ৰতিযোৰ চকুতে লুকাই থাকে লুইতৰ পাৰ জিলিকাই তোলাৰ দুৰ্বাৰ হেঁপাহ , জীৱন যুঁজাৰ আৰু জয়ী হোৱাৰ অদম্য বাসনা । দুবছৰীয়া উদযাপিত সময়খিনিৰ বিদায়সভালৈ নিমন্ত্ৰণ কৰিবলৈ আহোঁতে এসোপা দুখে হেঁচা মাৰি ধৰিছিল বুকুখন , মৌন হৈ পৰিছিল হৃদয়ৰ ভাষা , তেঁওলোকেও সিদিনা অন্তহীন কথাৰ মহলা মৰা নাছিল , বিদায় নামৰ আনুষ্ঠানিকতাকণ তেঁওলোকৰ বাবে অসহনীয় আছিল , বুজি পাইছিলোঁ একো নোকোৱাকৈয়ে , চিনিয়ৰৰ চোলা পিন্ধি দায়িত্ব পালন কৰাতো অতি সহজ নহয় , পিছৰবছৰৰ তেনে এটা দিনৰ কল্পনাই সিহঁতৰ বুকুৰ ঢুকঢুকনিটোও হয়তো বঢ়াই তুলিছিল সেই সময়ত ।

মুনমুনিৰ সম্পাদনাত সুন্দৰকৈ প্ৰকাশ পাইছিল সোঁৱৰণীৰ সঁফুৰা , আগৰবাৰতকৈও সুন্দৰকৈ , স্মৃতিপুথিবোৰ প্ৰেছৰপৰা আনিয়েই তাই ৰূমত খুলি চাইছিল , নিয়মৰ বাহিৰত যদিও তাই তাৰে এখন তুলি দিছিল মোৰ হাতত , আৱেগেৰ সাৱটি ধৰি উচুপি উঠিছিল অকণমানি ছোৱালীজনীয়ে , কিবা এক প্ৰাপ্তিৰ আনন্দ আৰু আমাৰ বিচ্ছেদৰ দুখত আৱেগিক হৈ পৰিছিল তাই । শান্তা , দীপশিখা , চুন্নী , ভাস্বতী , মিতালি , দীপাক্ষি , নমিতা , কবিতা , পিংকী , ৰজনীহঁতক প্ৰতিনিধিত্ব কৰিছিল যেন তাইৰ চকুপানীবোৰে । মুক হৈ পৰা মোৰ চকুৰেও ধাৰাসাৰ চকুলো বাগৰিছিল মাথোঁ , বিচ্ছেদৰ বেদনা কিমান গধুৰ , হোষ্টেলৰপৰা গৈ আকৌ এটা নতুন জীৱনক আদৰি লোৱাটো কিমান কষ্টকৰ সেইয়া বুজাটো অথৱা বুজাবলৈ ভাষা নাইকিয়া হৈ পৰিছিল দুওঁঠত , গোট মাৰি বৰফ হৈছিল মনৰ কথাবোৰ । সোঁৱৰণীৰ সঁফুৰাৰ সম্পাদকীয়ত ঠিকেই লিখিছিল মুনমুনিয়ে ,

” কোনে কাক বিদায় জনাব পাৰে / বুকুত খোদিত হ’ল যাৰ সঠিক ঠিকনা / দুখৰ কবচ পিন্ধি এদিন আমিও এই বাটে গুচি যাম / পাছে পাছে থাকি যাব সোঁৱৰণীৰ দীঘল ছাঁ ………..

এৰা সোঁৱৰণীৰ দীঘল ছাঁ………

২৪ ছেপ্তেম্বৰৰ ; পুৱাৰপৰাই হোষ্টেলটো ব্যস্ত হৈ পৰিছিল , চিনিয়ৰৰ বুকুৰ বিষটো বাঢ়ি আহিছিল , দুখবোৰ আচলতে শেতেলীতে পৰি আছিল সপোনৰ সৈতে , কুৰুকি কুৰুকি দুবছৰীয়া স্মৃতিবোৰৰ মাজত ঘুৰি ফুৰিছিল মনটো , ক্লাছো নাছিল , ষ্টাডী লিভ চলি আছিল আমাৰ । পঢ়া টেবুলত বহি আছিলোঁ যদিও মনটো ঘুৰি আছিল কৃষ্ণচূড়াৰ মাজে মাজে , চুন্নীও ব্যস্ত বিদায় সভাৰ কামত , আমিও সববোৰ ৰূমে ৰূমে পঢ়াত ব্যস্ত , বহুদিন ধৰি আমাৰ আড্ডাথলীবোৰ তেনেই চেঁচা পৰি আছিল , পিছে সেইদিনা আমাৰ আকৌ ধুম উঠিছিল শেষদিনৰ আড্ডা মৰাৰ , একেলগে এসাজ খোৱাৰ , তাতোকৈ বেছি ফটো উঠাৰ । ধৰ্মিষ্ঠাবা আহিছিল , মোৰ হাতত মোৰ অ’টোবুকখন , ধৰ্মিষ্ঠাবাক দেখুৱালোঁ জুনিয়ৰবোৰে আৰু আমাৰ লগৰবোৰে লিখা কথাবোৰ , দুয়োজনী আৱেগিক হৈ পৰিলোঁ , কবিতা কবিতা লগা কথাৰে বায়ে হঠাতে অদূৰৰ কৃষ্ণচূড়াজোপালৈ চাই কৈ উঠিল ,

” চোঁৱাচোন চোঁৱা / জালুকবাৰীৰ শিতানে পথানে / কেনেকৈ ফুলিছে / হালধীয়া বিহীন / জকমক এটি দুপৰীয়া ” ……

বাৰ কথাখিনি শুনি ৰ’ব নোৱাৰিলোঁ , আগবঢ়াই দিলোঁ হাতৰ অ’টোবুকখন , মৃদু ধমক এটা দি বায়ে লিখিলে দ্বিতীয় বাৰলৈ বুলি মোৰ অ’টোবুকত । লিখি দিলে এই কথাখিনিও । দুয়োজনীৰ আড্ডা জমি উঠিল , আড্ডাৰ মাজতে আদা এচিকুট দিয়া একাপ ধোঁৱাই থকা ৰঙা চাহ ভূজিয়াৰ সৈতে , ইহঁতকেইজনীও অাহিল এজনী দুজনীকৈ , আড্ডাবাজবোৰৰ আড্ডাত কেৱল হোষ্টেলীয়া কথাবোৰ আখৈ ফুটাদি ফুটিল , হাঁহিবোৰ শেষলৈ উচুপনি হ’লগৈ , দুপৰীয়া ধৰ্মিষ্ঠাবা গুছি গ’লগৈ নিজৰ ৰূমলৈ মোৰ হালধীয়াখিনি সামৰি সুঁতৰি লৈ ।

আবেলিলৈ চলিল আমাৰ ফটোচেশ্যন , তেতিয়া ৰীল ভৰোৱা কেমেৰা , এটা ৰীলত ১১০ টকা , তাকো কেইবাজনীয়েও ভাগ কৰি লঁও , একপি ফটো নষ্ট হ’লেও টেনশ্যন হৈ যায় , চিংগল্ ফটো উঠিলেও হিচাপ কৰিহে উঠোঁ আমি , মুঠতে যিকেইজনীৰ পইচাৰ ভাগ থাকে প্ৰত্যেকৰে সমান সমান ফটো , সমান সমান হিচাপ ফটো প্ৰিণ্ট কৰি অনালৈকে । গতিকে ফটো উঠা কাৰবাৰটোত বৰ সচেতন হ’বলগীয়া হয় । হোষ্টেলৰ প্ৰতিটো চুকতে যেন ফটো উঠিম , ফটোবোৰ আৰু ডায়েৰীখনেইটো হ’বগৈ আগলৈ স্মৃতিৰ মেটমৰা ভঁৰাল , তাতে প্ৰিয় ছাদখন কেনেকৈ আওহেলা কৰিব পাৰি ! উঠি গ’লোঁ লাহে লাহে ছাদলৈ দুখমনেৰে , পিছে ছাদলৈ গৈয়েই আমি চঞ্চল হৈ পৰোঁ , যিকোনোধৰণৰ দুখ পাহৰি খিলখিল হাঁহিবোৰে প্ৰাণ পাই উঠে সেই জুনিয়ৰ নিষিদ্ধ ছাদখনত ।

ৰাতিলৈ আমাৰ বিদায়সভা , মুখ্য অতিথি আমাৰ লীলাৱতী বাইদেউ , আটোম-টোকাৰিকৈ আমাৰ জুনিয়ৰবোৰে সজাই পেলোৱা ডাইনিং হলটোত আমাক আদৰেৰে বহুৱালে , আৱেগিক হৈ পৰিল পৰিৱেশটো , ছোৱালীবোৰে বিভিন্ন অনুষ্ঠান কৰিলে , দুখটো বাঢ়িহে গ’ল , বাকৰূদ্ধ হৈ পৰিল গোটেই ছোৱালীবোৰ , চকুপানীবোৰ শিল হৈছিল , বুকুখন গধুৰ হৈ পৰিছিল , ওঁঠ মৌন হৈছিল , হৃদয় মুখৰ হ’ব পৰা নাছিল , আৱেগবোৰ কান্দোন হৈ ভাঙি পৰিছিল সমজুৱাকৈ । এক বুজাব নোৱাৰা পৰিৱেশ , নামবিহীন আৱেগ , শব্দবিহীন সভাঘৰ । ৰূণা নগ’ল বিদায়সভালৈ , কিয় নগ’ল সাঁথৰ হৈয়ে থাকিল সকলোৰে বাবে । সভাৰ শেষত আমাৰ সৈতে আমাক সময় কটাবলৈ এৰি দিলে আমাৰ জুনিয়ৰবোৰে । আচৰিতধৰণে নিশ্চুপ হৈ থাকিল সময়খিনি , আমি বহি থাকিলোঁ হাতে হাত ধৰি , বুকুৰ কথাবোৰ বুকুতে সাঁচি কেৱল চকুলো টুকিলোঁ , এই সময় ধৰি ৰাখিব নোৱাৰা সময় , সময়ৰ লগত অতি আপোনজনো ছাগৈ অচিনাকি হৈ পৰিব , পাহৰি যাব মৰমৰ মাত এষাৰ , কিবাকৈ ধৰি ৰাখিব পৰা হ’লে সময়কণ । নীৰৱতা আৰু চকুপানী সাক্ষী হৈ ৰ’ল মাথোঁ সেই সময়ৰ , আমি যে অপাৰগ সময়ক হাতৰ মুঠিত ধৰি ৰাখিবলৈ ।

বিদায়ৰ দুখত ভাৰাক্ৰান্ত হৈয়ো পিছে ৰুমত আড্ডা দিবলৈ এৰা নাছিলোঁ , ইমানেই উৎপাত হৈছিল যে ৰাতিলৈ বিচনা ভাগি দুটুকুৰা হৈছিল , বাকী থকা কেইদিন চুন্নীৰ বিচনাতহে শুব লগীয়া হৈছিল । পিছদিনাৰ পৰা আকৌ ভালদৰে পঢ়া শুনা কৰিছিলোঁ , অৱশ্যে অলপ সমস্যা হৈছিল , মনটো অনবৰতে দুখী হৈ থাকে , বুকুত কেৱল কিবা এটা নাই নাই ভাৱ । পৰীক্ষা হৈ গৈছিল , পৰীক্ষাৰ পিছদিনাই গুছি গৈছিলোঁ ঘৰলৈ , তাৰ আগতেই বাইহাটা চাৰিআলি বি এড কলেজত এডমিশ্যন লৈছিলোঁ পলিয়ে মইয়ে । নতুন জীৱনৰ বাবে সাজু হৈছিলোঁ আমি , এৰি গৈছিলোঁগৈ মৰমৰ হোষ্টেলটো , মৰমৰ য়ুনিভাৰ্ছিটিখন , মৰমৰ জালুকবাৰীখন । বিদায় লৈছিলোঁ সকলোৰেপৰা , AT 9 লৈও গ’লোঁ সকলোকে মাত লগাবলৈ , দুখটো আৰু বাঢ়ি আহিল , উভটি চাব পৰা নাছিলোঁ এবাৰো , বিদায় লৈছিলোঁ সেই উদযাপিত দিনবোৰৰ পৰা । ২৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ডিপাৰ্টমেণ্টৰ বিদায় সভালৈ আহি আকৌ জালুকবাৰীতে এটা বছৰ কটোৱাৰ চিন্তাৰে উঠিছিলোগৈ ঘৰমুৱা বাছত , মনে মনে এটাই আঁওৰাইছিলোঁ ওৰে বাট….

” দিয়া ঘুৰাই দিয়া / মোৰ প্ৰাণচঞ্চল সুমধুৰ সময়বোৰ ওভোটাই দিয়া / যেতিয়া মইবোৰ আমি হৈছিলোঁ / হিয়ালি জিয়ালিকৈ উমলিছিলোঁ / সপোনৰ বালিঘৰত হুমুনিয়াহবোৰ হাঁহি হৈছিল / চকুলোবোৰ চিকমিকাইছিল / হিয়াৰ স্পন্দন একাকাৰ হৈ উফৰি ফুৰিছিল সুখবোৰ …… অ’ সময় ঘুৰাই দিয়া মোক সেই হেঁপাহভৰা আকলুৱা ক্ষণবোৰ……..”

ঘৰলৈ গৈ এটাই অনুভৱ হৈছিল জীৱন উদযাপনৰ দিনবোৰ যেন শেষ হৈছিল য়ুনিভাৰ্ছিটিৰ হোষ্টেলতে , তেতিয়া আৰম্ভ হৈছিল দেউতাৰ দায়িত্ব বোৰৰ সৈতে কান্ধ মিলাই আগবাঢ়ি যোৱাৰ সময় , সপোনবোৰক দিঠকলৈ ৰূপান্তৰ কৰাৰ সময় , জীৱন যাপন কৰাৰ সময় । সমৃদ্ধ সময়বোৰক পুনৰ সোঁৱৰণেৰে উদযাপন কৰাৰ সংকল্প লৈ খোজ মিলাইছিলোঁ বাস্তৱৰ সৈতে মিঠা মিঠা স্মৃতিবোৰক স।

সমাপ্ত

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৯

নৱাগত আদৰণি সভাৰ কথা গুণাগঁঠা কৰি থকাৰ সময়তে আমাৰ কেম্পাছ কৃত্ৰিম বানত ডুব গ’ল । তিনি চাৰিদিন ধৰি অবৰ্ণনীয় অৱস্থা আমাৰ হোষ্টেল চৌহদৰ পৰা মাৰ্কেটলৈকে । ইফালে তেতিয়া ক্লাছৰ ভৰপক আৰু ছেশ্যনেলবোৰো চলি আছিল সমানে , বানপানী শুকোৱাৰ নামেই নলয় , দিনে দিনে বাঢ়িহে গ’ল , লগে লগে কেম্পাছত জোক , সাপ , কেৰেলুৱা , দুৰ্গন্ধৰ তাণ্ডবো চৰিল । আগৰবছৰতেই সেই সমস্যাত ভোগাৰ বাবে আমাৰ কেম্পাছৰপৰা উপাচাৰ্য মহোদয়ক জনোৱা হৈছিল যদিও কোনো সুব্যৱস্থা কৰা নহ’ল , ফলত সেইবছৰ আগৰবাৰতকৈ বেছিকৈহে দুৰ্ভোগত ভুগিবলগীয়া হ’ল । আটাইতকৈ বেছি সমস্যা হৈছিল আমাৰ হোষ্টেলতে , কেম্পাছ বানপানীত ডুব যোৱাৰ বিপৰীতে আমাৰ ব্যৱহাৰোপযোগী পানী একেবাৰেই নাইকিয়া হ’ল , আনহে নালাগে খোৱা পানীৰো যথেষ্ট দিগদাৰ হ’ল , ছোৱালীবোৰে আঁঠুৱনীয়া বানপানীৰ মাজেৰে গা পা ধুবলৈ বেলেগ ক’ৰবালৈ যাবলগীয়া হোৱা কথাটোত খং দুগুণে চৰিল ।

বানপানী হোৱাৰ দিনাই জি এছ প্ৰাঞ্জলৰ জৰিয়তে য়ুনিভাৰ্ছিটি প্ৰশাসনক জনোৱা হ’ল যদিও সদুত্তৰ পোৱা নগ’ল । আমাৰ কেম্পাছত পানী বাঢ়িয়েই থাকিল , শেষত অতিষ্ঠ হৈ আমাৰ গোটেইকেইটা হোষ্টেল মিলি উপাচাৰ্য মহোদয়ক লগ কৰি তেখেতক কেম্পাছলৈ অনাৰ সিদ্ধান্ত লোৱা হ’ল , কথামতেই কাম , গোটেই কেম্পাছ উঠি গ’লোঁ আমাৰ সমস্যাৰ সমাধান বিচাৰি , উপাচাৰ্য মহোদয় আহিল আমাৰ লগত , ক্ষুণ্ণ আৱাসীসকলে পিছে তেখেতক গাড়ীত উঠি পানী চাবলৈ নিদিলে , অগত্যা পানীত নামিয়েই তেখেতে বুজ ল’লেহি বানপানীৰ , গধুলিলৈ আমাৰ কেম্পাছত কেইবাটাও মটৰ চলিল , পানী সিঁচি পানী উলিওৱা হ’ল কেম্পাছৰপৰা । চাৰি পাঁচদিন জীয়াতু ভুগি থকা আৱাসী সকল আকৌ আগৰদৰেই সহজ হৈ পৰিল হোষ্টেলীয়া জীৱনত ।

ছেশ্যনেলবোৰ শেষ হোৱাৰ লগে লগেই কেইবাটাও ডিপাৰ্টমেণ্টৰে ফাইনেল পৰীক্ষাৰ তাৰিখ দিলে , আমাৰো অক্টোবৰৰ এক তাৰিখৰপৰা পৰীক্ষাৰ দিন ঘোষিত হ’ল , বুকুখনৰ ঢুকঢুকনিটো বাঢ়ি যোৱাৰ লগে লগে গধুৰ হৈ পৰিল বেদনাত , সেই বেদনা অনামী অথৱা অবুজ নাছিল , সেই বেদনা আছিল আনুষ্ঠানিক শিক্ষা সাং কৰিবলৈ ওলোৱাৰ বেদনা , মৰমৰ হোষ্টেলটো এৰি যোৱাৰ বেদনা , ডিপাৰ্টমেণ্টৰ বন্ধুহঁতক আগৰদৰে লগ নোপোৱাৰ বেদনা , মায়ালগা জালুকবাৰী এৰাৰ বেদনা , নতুন জীৱনটোক কেনেদৰে আদৰিম তাক নুবুজাৰ বেদনা । তাতোকৈও সেই চকুযুৰিক বুকুতে ধিয়াই আঁতৰি যোৱাৰ বেদনাই অধিক ভাৰাক্ৰান্ত কৰিছিল মোক , তেঁও যে ভূকে নাপালে মোৰ আকৰ্ষণৰ কথা , তেঁওৰ প্ৰতি হোৱা অনুৰাগৰ কথা , তেঁও যে নাজানিলেই , নেদেখিলেই মোৰ দুচকুত তেঁওৰ দুচকুৰ প্ৰেম । অন্ত পৰিব যেন এযুৰি চকুৰ মায়া মোৰ মাজতেই মোৰ লগতেই । যিহালি চকুৱে মাতাল কৰে , য’ত সঞ্চিত হয় কৃষ্ণচূড়াৰ ৰঙাবোৰ , যিহাল চকুত মজি থাকিবলে মন যায় দিন ৰাতি , সেই কাতৰ চকুযুৰিৰপৰা আঁতৰি যোৱাৰ বেদনাই মনটো দহি নিলে ।

এযুৰি চকুৱে কঁপাই যোৱা ছোৱালীজনীয়ে পৰীক্ষাৰ আগে আগে অধীৰ হৈ পৰিছিলোঁ বেছিকে , মনৰ মাজত অযুত হেঁপাহ লৈ ঘুৰি ফুৰা ছোৱালী জনীৰ সেই চকুযুৰিক এবাৰ মাত লগাবলৈ , তেঁওৰ চকুযুৰিক ভালপাঁও বুলি এবাৰ ক’বলৈ বৰকৈ বাসনা জাগিল , বুকুৰ কথাবোৰ বুকুতে মাৰ যোৱাত মনটোৱে হাঁহাকাৰ কৰি উঠিল , চঞ্চল মনটো লৈ কোনোবা এটা ৰাতি উজাগৰে কটালোগৈ প্ৰিয় ছাদখনৰ প্ৰিয়তম ৰেইন-ট্ৰি জোপাৰ চিৰিলি পাতবোৰৰ আঁৰত , জোনাক নিশাৰ একোলা জোনাক সাৱটি উচুপি থাকিলোঁ ওৰে ৰাতি ।

নিজৰ ওচৰত দোষী হৈ পৰিলোঁ , অপ্ৰকাশিত প্ৰেমে ( ? ) নে আকৰ্ষণে নিজৰ দায়িত্বত যেন ক’ৰবাত আউল লগাই পেলালে , পাহৰিলোঁ দেউতাৰ ভাগৰত জুৰুলা ঘৰ্মাক্ত চেহেৰাটো , দাদাৰ কষ্টৰ ফচল ভঁৰালৰ গুটি ধানবোৰ ঘৰৰ পৰা কঢ়িয়াই বণিয়াই লৈ যোৱা সময়বোৰ , বা ভাইটিৰ আশাভৰা চকুবোৰ আৰু মাৰ সমস্ত সুখ , হেঁপাহ , সপোনবোৰ । এই দোষত শুব নোৱাৰা হ’লোঁ । উপায় আছিল দুটাই , হয়তো তেঁওক লগ কৰি মনৰ কথাবোৰ কৈ দিয়া , নহ’লে একেবাৰে মনৰপৰা কথাবোৰ উলিয়াই পেলোৱা । এই মানসিক দ্বন্দ্ব শেষ কৰিবৰ বাবেই মহৰ কামোৰকো আওকাণ কৰি উজাগৰী নিশা আকাশৰ বুকুত জোনাকী হৈ কটালোঁ , কাৰোবাৰ ৰূমত পুৱতি নিশা তিনিবজাৰ এলাৰ্ম ক্লক বাজি উঠোঁতে পৰম প্ৰত্যয়েৰে নামি গ’লোঁ ৰূম নং ৪৪ লৈ বুলি , দ্বিতীয়টো উপায় বুকুত থিত দি । সেই চকুযুৰিক সপোন বুলি ভাবি তেঁওৰ কথা একেবাৰেই নাভাবোঁ বুলি সিদ্ধান্তটো লৈ মনটো বেছ পাতল লাগিল , পঢ়িবলৈ নতুন উদ্যম পালোঁ । এইয়াও যে জালুকবাৰীৰ প্ৰেম , য’ত প্ৰকাশ নাথাকে , থাকে মাথোঁ বুকুজুৰুৱা এবুকু প্ৰেমৰ মিঠা মিঠা অনুভৱ ।

ফ্ৰেচাৰ্ছ হৈ গৈছিল , এবছৰৰ আগৰ আমি হৈ চিনিয়ৰৰ নতুন চোলা পিন্ধি লৈছিল আমাৰ মৰমৰ জুনিয়ৰবোৰে , সিহঁতৰবাবেও লিমাৰিক লিখিছিলোঁ আমি , নাম দিছিলোঁ সিহঁতক ব্যক্তিত্বৰ লগত খাপ খুৱাই , সিহঁতেও পাহৰি গৈছিল আমাৰ দৰেই জুনিয়ৰ কালত লোৱা সংকল্পবোৰ , কাৰোবাক নমতাৰ সিদ্ধান্তবোৰ । বৰং সিহঁতবোৰ আগতকৈ সহজ হৈ পৰিছিল , জুনিয়ৰক মূৰত উঠোৱা চিনিয়ৰবোৰ সিহঁতৰ কথা বতৰাৰ লগৰী হৈছিল , সুখ দুখৰ সখি হৈছিল , হোষ্টেলটো হাঁহিমুখীয়া হৈ পৰিছিল , মইনা আমাৰ হোষ্টেললৈ আহিবলৈ ভয় খোৱা হৈছিল , কি চিনিয়ৰ , কি জুনিয়ৰ ! গোটেইমখাই সমানে জোকাইছিল । সমানে সলনি হৈছিল নকৈ চিনিয়ৰ হোৱা ছোৱালীবোৰৰ সাজ পাৰবোৰো ,  হট পেণ্ট , স্লিভলেছ পিন্ধা ছোৱালীবোৰ দেখিলে মিতালীয়ে এটা বঢ়িয়া ডায়েলগ দিয়া হ’ল ,

” ঐ…….. হোষ্টেল ফৰেইন হৈ গ’ল ঐ…. একেবাৰে পেণ্ট ক’ৰবাত পালেগৈ…. আমিও চিনিয়ৰ হৈছিলোঁ হেৰৌ … পিছে হোষ্টেল ফৰেইন নহ’ল….. “

ইফালে ডিপাৰ্টমেণ্টৰ বন্ধু বান্ধৱীবোৰৰ বন্ধুত্ব আৰু কটকটীয়া হ’ল , পৰীক্ষাৰ আগে আগে আমি শিক্ষকসকলৰ অনুমতি লৈ ক্লাছ ক্ষতি কৰি গোটেইবোৰ কলাক্ষেত্ৰলৈ গ’লোহঁত অকণমান প্ৰীতিভৰা সময় একেলগে কটাবলৈ বুলি । বন্ধু টংকেশ্বৰ ( টিকু ) , কল্প , চিফুং ( সঞ্জীৱ ) অংশুমান হঁতে আগভাগ লৈ আগুৱাই লৈ গ’ল আমাৰ সমন্বয়ৰ গোটটি । আমি আমাক বিদায় জনাব যে নোৱাৰোঁ , আমাৰ বন্ধুত্বৰ ধাৰাটো অব্যাহত ৰখাৰ সংকল্পেৰে পাৰ কৰিলোঁ এটা সম্পূৰ্ণ দিন কলাক্ষেত্ৰৰ বাকৰিত অশেষ কথাৰ মহলা মাৰি । পৰীক্ষা হৈ গ’লেই যে তেনে এটা দিন পুনৰ ঘুৰাই নাপাঁও সেইটো নিশ্চিত আছিলোঁ বাবেই কোনেও অকণো আপত্তি নকৰাকৈ পাৰ কৰিলোঁ কিছু নীৰৱ মূহুৰ্তও । সাক্ষী হৈ ৰ’ল কলাক্ষেত্ৰ এজাক তৰুণ তৰুণীৰ বন্ধুত্বৰ কাহিনীৰে । ( ২০০৩-২০০৫ বৰ্ষ )

অক্টোবৰৰ এক তাৰিখৰপৰা আৰম্ভ হৈছিল আমাৰ অন্তিম চেমিষ্টাৰৰ পৰীক্ষাবোৰ আমাৰ ডিপাৰ্টমেণ্টৰ । বেছিভাগ ডিপাৰ্টমেণ্টৰে তেতিয়ালৈকে তাৰিখেই ঘোষণা হোৱা নাছিল , পৰীক্ষা বেয়া হোৱা নাছিল যদিও বিচৰাধৰণে যে হোৱা নাছিল সেইটো খাটাং আছিল , সেইবাৰো পৰীক্ষা দি কান্দিলোঁ , ছাদলৈ গৈ বহি থাকিলোঁ বহু সময় । অনবৰতে এটা দুখলগা ভাৱ ঘুৰি ফুৰিল গাৰ লগৰ ছাঁৰদৰেই । বুকুৰ কান্দোনটো চকুলৈ উজাই আহিল , দুৱাৰখন ধৰিও কান্দো , আলমিৰাটো খুলিও কান্দো , খিৰিকিৰে ৰাস্তাটো চাইও কান্দো , আবেলিৰ ঢেংঢেঙীয়া পনীয়া দাইলখনৰ পাহৰিব নোৱাৰা সোৱাদকণ মনত পেলাইও কান্দো । বিদায় যে সমাগত , পৰীক্ষা আৰম্ভ হোৱাৰ ৯ দিনৰ পিছতেই যে হোষ্টেল এৰি গুচি যাম ঘৰলৈ , জালুকবাৰীৰ মায়ালগা বাট এৰি গুচি যাম এটা নতুন বাটেৰে ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৮

ৰিতুৰ যজ্ঞৰ খিচিৰি খোৱাৰ পিছৰেপৰা আমাৰ উৎসাহ বাঢ়িল পঢ়া শুনা কৰিবলৈ , তেতিয়া পঢ়াৰ বাহিৰে আৰু বিশেষ ব্যস্ততাও নাছিল হোষ্টেলত । পঢ়াৰ লগে লগে প্ৰেম কাহিনী কেইবাটাও বিশেষ হৈ উঠিছিল , জিনাক্ষি , ৰিতু , মিতালি , ডলী , হিমাদ্ৰিহঁতৰ প্ৰেমিক বন্ধুহঁত আমাৰো ভাল বন্ধু হৈ উঠিছিল । তেঁওলোক হোষ্টেললৈ আহিলেই আমাৰ মইনা জোকোৱাৰ কোব চৰে , লভিতা আৰু জিনাক্ষিৰ ৰূমদুটা আমাৰ নিজৰ হৈ পৰে , আটাইতকৈ বেছিকৈ লভিতাহঁতৰ ৰূমৰপৰাই মইনা জোকাবলৈ সুবিধা হয় , তাইও লাহে লাহে মইনা জোকোৱাত ওস্তাদ হৈ পৰিল , তিৰুৱে জোকাব খুজিলেও আনে শুনাকৈ মাত নামাতে , ফলত আমাৰ কেইজনীমানৰ চিঞৰ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠে , ভিজিটিং ৰূমৰ আগৰ ঠাইকন মুখৰ হৈ পৰে প্ৰেমিক পক্ষীবোৰৰ খিচখিচিয়া শব্দ আৰু মিচিকিয়া হাঁহিবোৰেৰে । মইনা জোকোৱাটো চখৰ কথা হৈ পৰিল লাহে লাহে । পঢ়াৰ একঘেয়ামিতা দূৰ হয় মইনাবোৰ আহিলে । ফ’ৰ্থ চেমিষ্টাৰৰ ক্লাছবোৰ এটাও বিৰতি নোহোৱাকৈ চলি থাকিল পুৱা দহবজাৰ পৰা আবেলি চাৰিবজালৈকে । শেষৰ চেমিষ্টাৰটোতহে গম পালোঁ এম এ পঢ়াৰ মজা , আগৰ চেমিষ্টাৰকেইটাত গাফিলতি কৰাৰ মজা । আকৌ আৰম্ভ হ’ল দূবৰি আৰু মোৰ একেলগে পঢ়া , একেলগে নোট বনোৱা । তাৰ মাজে মাজে বিৰামহীন কথা , কথা মানে বেছিভাগ চলিল পি. এন. পি. চি. ( পৰনিন্দা পৰচৰ্চা ) । ইমানযে ভাল লাগে এই পি এন পি চি কৰি ।

এই পি এন পি চি বোৰৰ মাজে মাজে পিছে চলি থাকিল তাইৰ প্ৰথম প্ৰেমৰ কথাবোৰো , জ্যোতিদাৰ কথাবোৰ । দুয়োৱে দুয়োকে গ্ৰীণ চিগ্নেল দিছিল আমাৰ মাধ্যমেৰেই , তথাপিও তেঁওলোক দুয়ো সহজ হ’ব পৰা নাছিল এজন আনজনৰ লগত , ওলাই যাব পৰা নাছিল জালুকবাৰীৰ প্ৰেমৰ মায়াৰে মজি কৃষ্ণচূড়াৰ তলে তলে । হাতে হাত ধৰিব পৰা নাছিল দুয়ো দুয়োৰে চকুত থৈ । য়ুনিভাৰ্ছিটিৰ প্ৰেমৰ স্বাক্ষৰ হিচাপে কটাব পৰা নাছিল ঘণ্টা ঘণ্টা সময় য়ুনিভাৰ্ছিটিৰ কেণ্টিনত অথৱা জালুকবাৰীৰ চুইটিত । তথাপিও দুয়োৰে মন খাপ খাই পৰিল , সঘন যোগাযোগত নাথাকিও দুয়ো দুয়োৰে বাবে হৈ পৰিল বিশেষ । পঢ়াৰ মাজে মাজে জোকাই মজা লৈ ভাল লাগে তাইক , কৃত্ৰিম খঙত ধমক দিলেও জ্যোতিদাৰ প্ৰেমত ৰঙা ছিঙা পৰা তাইৰ মুখৰপৰা ধমকি কেইটাও ফুটি নুঠে , কঁপা কঁপা ওঁঠ আৰু অৱনমিত চকুৰে তাই মাথোঁ লাজ লাজকৈ সোঁৱৰাই দিয়ে পঢ়াৰ কথা । পিছে তাহাঁতৰ সেই সলাজ প্ৰেম বেছিদিন উপভাগ কৰিবলৈ নাপালোঁ , পঢ়া আৰু পৰীক্ষাৰ ব্যস্ততাই সময়বোৰ তেনেই তাকৰাই পেলালে ।

জিনাক্ষিৰ প্ৰেমৰ সংজ্ঞাও আছিল বেলেগ , তাইও ভাল নাপাইছিল জালুকবাৰীৰ মিঠা আমেজ লৈ প্ৰেমৰ স্বাক্ষৰ এৰি থৈ যাবলৈ । চিধা চিধি কথা তাইৰ , পিছে তাইৰ প্ৰেমিক বন্ধু আছিল বেছ ৰোমাণ্টিক আৰু দিলখুচ মেজাজৰ । আনহাতে নিজৰ কেৰিয়াৰ আৰু পৰিয়ালৰ প্ৰতি খুবেই সচেতন খাৰাংখাচ স্বভাৱৰ জিনাক্ষিয়েও তাইৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ মতেৰেই আগবাঢ়িছিল জীৱন বাটত । তাৰমাজতো তাহাঁত দুয়োৱে সামঞ্জস্য ৰাখি চলাই নিছিল প্ৰেম , নাছিল কোনো অভিমান , নাছিল কোনো আব্দাৰ । আছিল কেৱল ভালপোৱা , ভাল লগা ।

তাৰ বিপৰীতে এনে বহু প্ৰেম কথাৰো সাক্ষী হৈছিলোঁ জালুকবাৰীত , যি আছিল কেৱল দেহসৰ্বস্ব । প্ৰেমৰ সংজ্ঞা তেঁওলোকৰ বাবে আছিল এক দৈহিক চুক্তি মাথোঁ , দুবছৰীয়া জালুকবৰীয়া জীৱনৰ হ’ল্ডৌল বন্ধা প্ৰেম কেৱল । সেইয়াও হয়তো অন্য এক মায়া বহুতৰ বাবে , জালুকবাৰীৰ প্ৰেমৰ পৰাই বহুতে হয়তো বুকুত কঢ়িয়াই লৈ ফুৰিছে প্ৰথম প্ৰেমৰ প্ৰথম স্পৰ্শৰ অনুভূতি অতি সযতনে , আপোন মানুহবোৰৰ অলক্ষিতে , অকলশৰীয়া মুহুৰ্তবোৰৰ মিঠা সোঁৱৰণ হিচাপে । তেঁওলোকেও বুকুত কঢ়িয়াইছে কেৱল ভালপোৱা প্ৰথম প্ৰেমৰ , এখনি পৰিপূৰ্ণ সংসাৰ থকা স্বত্তেও ।

এদিন এজনী মৰমী বান্ধৱী আহিছিল তাইৰ ভগ্ন হৃদয়ৰ বতৰা লৈ , যি প্ৰেমিকে তাইক এদিন মৰমৰ চুমাৰে ওপচাই পেলাইছিল , তেঁওৰ দুবাহুৰ উত্তাপেৰে নিৰাপত্তা প্ৰদানৰ আশ্বাস দিছিল , তাইৰ সেই বহু আকাংক্ষিত পুৰুষেই তাইক প্ৰতাৰণা কৰিছিল , তাইৰ সন্মুখতেই বাইকৰ পিছত তাইৰ পৰিৱৰ্তে বহুৱাই লৈ গৈছিল আন এগৰাকীক , যিগৰাকী তাইৰ চিনিয়ৰ আছিল । অতি নিৰ্লজ্জ ভাৱে চিনাকিও কৰাই দিছিল তাইৰ লগত তাৰ প্ৰেমিকা বুলি , তাৰ নতুন প্ৰেমিকাই বিদ্ৰূপভৰা চাঁৱনিৰে তাইলৈ চাই বেকা হাঁহিও মাৰি গৈছিল হেনো । সেইজনী ছোৱালীয়েই হোষ্টেললৈ আহি হুৰমুৰাই মোৰ ৰূমলৈ আহিছিল , চুন্নীক ৰূমৰপৰা জোৰ কৰি উলিয়াই পঠিয়াইছিল মোৰ লগত কিবা গুৰুত্বপূৰ্ণ কথা আছে বুলি , চুন্নী ওলাই যোৱাৰ লগে লগেই তাই মোক সাৱটি ধৰি কান্দিছিল ফেঁকুৰি ফেঁকুৰি । কান্দি কান্দি কথা ক’ব নোৱাৰা ছোৱালীজনী শুইছিল সেইদিনা বহুপৰ মোৰ কোলাত , তাইৰ চকুলো শুকাইছিল , মনৰ ঘাঁটুকুৰা দ’ হৈ গৈছিল আগতকৈও । তাৰ প্ৰতাৰণাক কোনোপধ্যেই মানি ল’ব নোখোজা ছোৱালীজনীয়ে কেৱল নিজকেই দূষিছিল , সি বিচৰাধৰণেই সকলো কৰাৰ পিছতো কিয় তেনে হ’ল তাই বুজা নাছিল । মইও বুজোৱা নাছিলোঁ একো , কাৰণ তাই নুবুজিব বুলিও জানিছিলোঁ , মাথোঁ তাইৰ বুকুখন পাতল হ’বৰ বাবে মোৰ কোলাতেই এধানিমান আশ্ৰয় দি সকাহ দিব খুজিছিলোঁ অলপ পৰৰ বাবে ।

বুকুৰ ঢুকঢুকনিটো বাঢ়ি গৈছিল , কিজানিবা তাই কিবা অঘটন কৰে ! তাই আবোল তাবোল বলকিছিল পিছলৈ , তাইৰ কথাবোৰ আগতে বেলেগৰ মুখত বু বু বা বা হৈ শুনোতেই এদিন সুধিছিলোঁ কথাবোৰ সঁচানেকি বুলি ! তাই বৰ বিশ্বাসেৰে কৈছিল যে তাহাঁতৰ প্ৰেম আৰু তাৰ প্ৰতিপত্তি দেখি একাংশৰ জ্বলন পোৰণ হৈছিল বাবেহে যা তা কথাবোৰ উলিয়াইছিল , সেইবোৰক সিহঁতে পৰোৱাই নকৰে , দুয়ো আজীৱন এক হৈ থকাৰ সকলো প্ৰতিশ্ৰুতি হেনো সিহঁতে পালন কৰিছেই । তথাপিও তাইক কৈছিলোঁ অলপ সাৱধানে চলিবলৈ , আকাশ আৰু জোনাকী ভালপোৱা ছোৱালীজনীয়ে যে কেতিয়াবা কিবা কষ্ট পালে একেবাৰেই সহ্য কৰিব নোৱাৰিব সেইটো ভালকৈয়ে বুজিছিলোঁ প্ৰায় ডেৰবছৰে । সেইদিনা জীৱনৰ সেই চৰম ঠেকাটো খোৱাৰ দিনা সেয়েহে হয়তো তাইৰ মনলৈ আহিছিলোঁ মই , তাইৰ ভাগৰ জুৰুৱা , হিয়া পাতলোৱা কোলাটো হ’বলৈ পাই ভালেই লাগিছিল নে তাইৰ প্ৰতি অত্যন্ত দুখেই লাগিছিল , সেইটোহে অবুজ হৈয়ে ৰ’ল ।

চাঁওতে চাঁওতে জুনিয়ৰবোৰ অহাৰো প্ৰায় বছৰ হৈছিলেই , তাতে ভাৰ্ছিটি ৱিকো শেষ হোৱা দিন হৈছিল , সেয়েহে তেঁওলোকৰ বহু আকাংক্ষিত দিনটো , জুনিয়ৰৰ খোলাটোৰপৰা ওলাই অহাৰ দিনটো , খোলাৰপৰা ওলায়েই স্বাধীন হোৱাৰ সুখত কৰিবলগীয়া কামৰ পৰিকল্পনাবোৰ বাস্তৱ হোৱাৰ সময়ো আহি পৰিছিল । সকলোবোৰ হোষ্টেলতে চিনিয়ৰবোৰৰ মাজত আকৌ এখন মিটিং হৈছিল , জুনিয়ৰক ফ্ৰেচাৰ্ছ দিয়াৰ তাৰিখ ধাৰ্য কৰা হৈছিল , আমাৰো ঠিক হৈছিল আগষ্ট মাহৰে দিন এটা । পিছে চিনিয়ৰৰ চোলাটো পুৰণি হোৱাৰ বাবে বহুতৰ দুখ লাগিছিল , বহুতৰ আকৌ শংকা হৈছিল , ইমানদিনে পাত্তা নিদিয়াকে থকা জুনিয়ৰবোৰে ফ্ৰেচাৰ্ছ পোৱাৰ পিছতে অমান্য কৰিব বুলি , চিনিয়ৰৰ চোলাটো একেবাৰে উঁৱলি যোৱাৰ ভয়তে বহুতে আকৌ অলপ দেৰিকে দিয়াৰ কথাই ভাবিছিল । পিছে আমাৰ ডিপাৰ্টমেণ্টৰে ফাইনেল পৰীক্ষা সকলোতকৈ আগত হোৱাৰ কথা ওলোৱাত , আৰু আমোৰো বিদায় সভা সোনকালে পতাৰ খাতিৰত ফ্ৰেচাৰ্ছৰ দিনটো আগুৱাই দিয়াৰহে সিদ্ধান্ত লোৱা হ’ল । জুনিয়ৰবোৰৰ মনৰ আনন্দ যিমানে বাঢ়িল , সিমানে বুকুখনৰ ঢুকঢুকনিটো বাঢ়িহে গ’ল , সময়যে আহিছিল আদৰণিৰ লগতে বিদায়ৰো । এই অনুভৱ অনন্য অনুভৱ , নিৰ্বাক , নিৰ্বোধ ।

জুনিয়ৰবোৰৰ মাজতো আমাৰবাৰ হোৱাৰদৰেই বিভিন্ন প্ৰতিযোগিতাবোৰ অনুষ্ঠিত হৈছিল , দুই এখনত বিচাৰ কৰাৰ দায়িত্ব দিয়া আছিল যদিও নিজৰ জেদৰ ওচৰত হাৰ নমনাকৈ অটল হৈ থাকিলোঁ , জানোচা ভুল হৈ যায় ! আৰু চিঞৰি কোনোবাই গালিৰে থকা সৰকা কৰে ! পাৰিমজানো জালুকবাৰীৰ জীৱনৰ বিয়লি বেলাত অত অপবাদ লৈ বিদায় ল’ব ! পাৰিমজানো উদযাপন এৰি উজাগৰ হৈ ৰ’ব ! সকলোবোৰ অনুষ্ঠানতে থাকিলোঁ , জুনিয়ৰবোৰৰ লগত সমানে উৎসাহেৰে হাত চাপৰিও বজালোঁ , ৰং ৰহইচো কৰিলোঁ । উদযাপনৰ কিছু মুহুৰ্ত বুকুত সাঁচি ৰাখিলোঁ । জীৱনটো যে উদযাপন কৰিবৰ বাবেহে , উজাগৰ কৰিবৰ বাবে নহয় । অন্তঃকৰণে তাকেই বিশ্বাস কৰি জীৱনৰ বাট বুলিবৰ চেষ্টা কৰিলোঁ কৃষ্ণচূড়াবোৰৰ দৰেই ।

ক্ৰমশঃ