জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬৭

বহুদিনলৈকে কেৱল মৰমী বান্ধৱীৰ সেই কেঁকনি আৰু ঘোলা চাঁৱনিয়ে খেদি ফুৰিছিল , তাইৰ বিধ্বস্ত ৰূপটো বাৰে বাৰে চকুত ভাঁহি আছিল , তাইৰ চাঁৱনিটো মনত পৰিলেই বুকুখন বিষাই যায় , লগে লগে মোৰ হাতৰ বিষটোও বাঢ়ি গ’ল , ভৰিৰ ঘাঁটুকুৰাও শুকাল । হাতৰ তনতননিটো বাঢ়িলে পিছে আকৌ অনুভৱ হয় তাই সিদিনা কিমান জোৰেৰে মোক অফলিয়াই পঠিয়াইছিল । তাইৰ তুলনাত আমাৰ বিষবোৰ আছিল তেনেই নগণ্য , তাই অলপ প্ৰকৃতিষ্ঠ হোৱাৰ পিছত মোৰ বিষটোও নিজেই নাইকিয়া হৈছিল , তাই ঠন ধৰি উঠিছিল পুনৰ , নিয়তিক প্ৰত্যাহ্বান জনাই তাই বাট বুলিছিল ন বাটেৰে , সপোনবোৰ নতুনকৈ দেখিবলৈ লোৱা ছোৱালীজনী আৰু আপোন হৈ পৰিছিল । মনটো বেছিকৈ বেয়া লাগিলে দূবৰিৰ ওচৰলৈ গৈ মনৰ দুখ পাতলাঁও , তাইৰ ওচৰলৈ গৈ হেঁপাহ পলুৱাই কান্দি আহিলে বুকুখন বহু পাতলি যায় । তাই লিহিৰে আঙুলিৰে মোৰ চুলিবোৰৰ মাজেৰে হাত বুলাই যায় , বহু সময় কটাঁও দুয়োজনীয়ে একেলগে , কেতিয়াবা ওলাই যাঁও দুয়োজনী পলিৰ ওচৰলৈ , তাইৰ হোষ্টেললৈ গ’লে মনটো ভাল লাগে , নতুনকৈ কলিওৱা কৃষ্ণচূড়াবোৰ বৰষুণৰ লাহি টোপালত সৰি পৰে , আমি বুটলি লঁও , কলিটো ফালি ফুল কৰোঁ , বুকুৰ বিষটো পাহৰি মুখত হাঁহি ওলায় , ইমান নৰম , ইমান কোমল কৃষ্ণচূড়াৰ পাহিবোৰ , চুলে চুয়েই থাকিবৰ মন যায় ।

বিহুৰ পিছৰপৰাই আমাৰ ফ’ৰ্থ চেমিষ্টাৰৰ ক্লাছবোৰ আৰম্ভ হৈছিল আকৌ , আৰম্ভণিৰ পৰাই যিহে ক্লাছৰ কোব.. প্ৰতিদিনেই পুৰা ক্লাছ হয় , আবেলি ৪ বজালৈকে ক্লাছ কৰি আমাৰ ডিপাৰ্টমেণ্টৰ গেংটোৱে কেণ্টিনত গৈ আড্ডা মাৰোঁগৈ আধাঘণ্টা অথৱা এঘণ্টা । কেণ্টিনত জেগা কম যেন দেখিলে গোটেইকেইটা RCC 1 boys লৈ গৈ সঞ্জীৱৰ ৰূমত ৰঙা চাহৰ জুটি লৈ আড্ডা জমাঁও , তেতিয়ালৈ আমাক মইনা নোজোকোৱা হৈছিলগৈ , কোনোবাই মইনা জোকাব খুজিলেও ওচৰত ৰৈ ভাল বেয়া কথা এষাৰ পাতি যাঁও । সঞ্জীৱৰ ৰূমত কেৱল আবেলিৰ চাহৰ জুটিয়েই নহয় , ক্লাছ কেন্সেল হ’লে দুপৰীয়াৰ ভাতমুঠিৰো আয়োজন হৈ যায় কেতিয়াবা । ৰান্ধনি সাজু থাকেই , কেতিয়াবা সি নিজে , কেতিয়াবা দূবৰি । পৰিপাটিকে থোৱা ৰূমটোৰ চুক কোণবোৰ চাই নখ কামুৰি বহি থকাৰ ভূমিকা লঁও মই , কেতিয়াবা সি বনোৱা ধুনীয়া ধুনীয়া কাগজৰ ঘৰবোৰ আলফুলে চুই চাঁও , সি ডবিয়াই আহে ভাঙিম বুলি , তাক জোকাঁও , তাৰ খং নুঠে । সি হয়তো তাৰ সপোনৰ ঘৰখন তাতেই সাজে । সি বনোৱা মৰমলগা অকণমানি ঘৰবোৰ দেখিলেই কিয় জানো মনলে আহে এটা বিশেষ কবিতা , এদিন কাগজ এটুকুৰাতে সেউজীয়া চিঞাহীৰে লিখি তাৰ ঘৰ এটাতে এনেই লগাই থৈ আহিলোঁ মোৰ সেই প্ৰিয় কবিতা টুকুৰা

” ভাৱনাৰ পৰিধিৰ বাহিৰতো মোৰ আশা

কল্পনাৰ টঙীঘৰত বহি থাকোঁতে

পাৰ হৈ যায় শেৱালি সৰা উজাগৰী নিশা

মোৰ প্ৰতিটো নিশাই জাগি থাকিবৰ মন “

বিহু শেষ হৈছিল নামতহে , পিছে আমি অসমীয়াৰ ব’হাগ থাকে মানে বিহু , কুলি কেতেকীৰ বিননি থাকে মানে বিহু , গছত কপৌ থাকে মানে বিহু আৰু বিহু মানেই ঢোল পেঁপা গগনা , বিহু থাকে মানেই বিহু নাম বিহু নাচ । এৰা বিহুটি গ’লে বিনাবা কাক ! য়ুনিভাৰ্ছিটিটো বিহু লাগিছিল , তাতো বিহুৰ আয়োজন কৰিছিল , আমাৰ হোষ্টেলৰ আকৌ ব্যস্ততা বাঢ়িছিল , লগতে ব্যস্ততা বাঢ়িছিল হোষ্টেলৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা আমাৰ দুজনীৰো । জেং বিহুৰ প্ৰতিযোগিতাত অংশ ল’বৰ বাবে আমি নিজকে সাজু কৰিছিলোঁ , লগতে বিহুৱতী প্ৰতিযোগিতাৰ বাবে জুনিয়ৰ দুজনীমানক সাজু কৰাৰ দায়িত্বও আহি পৰিছিল আমাৰ ওপৰত । বিহুৱতী নচুৱাবলে ঢুলীয়া ঠিক কৰিবলৈও AT 9 লৈকে যাবলগীয়া হ’ল , তেঁওলোকেও নোকোৱাকৈয়ে বহু কথা বুজি পোৱা হ’ল , বিহুৱতী প্ৰতিযোগিতাৰ কথা কোৱাৰ লগে লগেই ঢুলীয়াৰ প্ৰস্তাৱ তেঁওলোকৰ পৰাই আহিল , আমাৰ আশাবোৰ জীপাল হ’ল । বিহুৰ কথা ওলোৱাৰ পৰাই গা সাতখন আঁঠখন হ’ল , সৰুৰেপৰাই বিহু অকণ নাচিব জানো বুলি সকলোৰে মুখত শুনা কথাটো আকৌ এবাৰ প্ৰমাণিত কৰাৰ সময় হ’ল ।

ফ’ৰ্থ চেমিষ্টাৰৰ আৰম্ভণিহে আছিল বাবে পঢ়াৰ প্ৰেছাৰটো বেছি নাছিল তেতিয়া , সন্ধ্যা সেয়েহে জেংবিহুৰ আখৰা কৰি আকৌ বিহুৱতী নাচনীহঁতৰ লগত ব্যস্ত হঁও , তাহাঁতক বিহু শিকাই থকা দেখিলে এবাৰ নাচিবলৈ বৰকৈ হেঁপাহ হয় , সৰুতেই দুবাৰ নে তিনিবাৰ মৌকুঁৱৰী নাচি পিছত বিভিন্ন অজুহাতত ননচাৰ দুখটো বৰকৈ উকায় । বিহুৰ প্ৰেক্টিচৰ সময়তে য়ুনিভাৰ্ছিটিৰ বৰ বিহুৰ কথা ওলায় , অৰ্থাৎ য়ুনিভাৰ্ছিটিৰ ইলেক্স্যনৰ কথা ওলায় । সকলোৰে দৰে অামাৰ হোষ্টেলতো কথাটো আলোচিত হয় । দুজনীমান বান্ধৱীয়ে আমাৰ প্ৰিফেক্ট চিলেক্স্যনৰ পিছৰে পৰা মোৰ লগত কথা পাতিবলৈ অলপ আপচোচ কৰি থকাটো মন কৰিছিলোঁ , মই সহজ হ’ব বিচাৰিলেও ক’ৰবাত কিবা এটা ৰৈ গৈছিল , সিহঁত সহজ হ’ব পৰা নাছিল । হোষ্টেলত হোৱা ইলেক্স্যন সম্পৰ্কীয় মিটিংখনত আমাৰ হোষ্টেলৰপৰা কোনোবাই যিকোনো বিভাগ এটাত প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা ওলায় , সেই বিশেষ বান্ধৱীকেইগৰাকীয়ে মোৰ নামটো প্ৰস্তাৱ কৰে , তেঁওলোকৰ মতে সাংস্কৃতিক সম্পাদিকাৰ পদত প্ৰতিনিধিত্ব কৰিব লাগে , মোৰ বাবে উপযুক্ত পদ । আচৰিত হৈছিলোঁ বান্ধৱীহঁতৰ বিশ্বাস দেখি , অৱশ্যে আমাৰ লগৰ বাকীবোৰেও কথাটোত যথেষ্ট গুৰুত্ব দিছিল , সকলোৱে বিচাৰিছিল মই প্ৰতিদ্বন্দ্বিতা কৰাটো । পিছে এবাৰ সাপে খুঁটিলে লেজুলৈও ভয় । কোনোপধ্যেই কাৰো কথাই মনা নাছিলোঁ , মই নিজেই মোৰ যোগ্যতা বুজি পাইছিলোঁ , সেইটো পদৰ বাবে উপযুক্ত হয়নে নহয় জানিছিলোঁ । সকলোৰে প্ৰস্তাৱক অগ্ৰাহ্য কৰিছিলোঁ , এটা বিশেষ সন্থায়ে সহযোগিতা কৰাৰ আশ্বাসো দিছিল তথাপিতো সমৰ্থন জনাই মূৰ দুপিয়াব নোৱাৰিলোঁ ।

সেইখন মিটিঙতে আৰু এটা নাম প্ৰস্তাৱিত হৈছিল ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদৰ বাবে , জিনাক্ষিৰ নাম । তাইক পূৰ্ণ সমৰ্থন জনোৱা তাইৰ প্ৰিয়জনৰ লগতে তাইক সহায়ৰ হাত আগবঢ়াইছিল সেই বিশেষ সন্থাটোৱে , তাই পতিয়ন যাবলৈ বাধ্য হৈছিল , ফলত আমাৰ হোষ্টেলৰ পৰা য়ুনিভাৰ্ছিটিৰ ছাত্ৰ একতা সভালৈ এখোজ আগবঢ়াবলৈ তাই উদ্যত হৈছিল । পিছে কেৱল নামটো প্ৰস্তাৱিত হোৱাটোৱেই যথেষ্ট নহয় সেইখন ক্ষেত্ৰত ভৰি থ’বলৈ , তাৰবাবে লাগিব ৰাজনৈতিক চাতুৰ্য , অশেষ মনোবল , সকলোৰে সম্পূৰ্ণ সহযোগিতা ও সমৰ্থন । তাইৰ নামটো নমিনেশ্যনৰ বাবে দিয়াৰ দিনা তাইতকৈ হয়তো আমাৰহে বেছি ভয় লাগিছিল , তথাপিও মনত উৎসাহ লৈ গোটেই হোষ্টেলৰ ছোৱালীবোৰে হাতে হাত ধৰি আগুৱাইছিল তাইক আগুৱাই নিবলৈ ।

এফালে হোষ্টেলত জেং বিহু আৰু বিহুৱতীৰ প্ৰতিযোগিতাৰ আখৰা আনহাতে অপৰিপক্ক ছোৱালীবোৰৰ ৰাজনৈতিক চলনা শিকাৰ কুচ কাৱাজ । বিহুৰ সমানে আৰম্ভ হ’ল ইলেক্স্যন কেম্পেইনিঙৰ আখৰা , য়ুনিভাৰ্ছিটিৰ ইলেক্স্যনত প্ৰতিদ্বন্দ্বিতা কৰাটো মুখৰ কথা নহয় , তাৰবাবে কিমান আনুসংগিক আয়োজনৰ প্ৰয়োজন তাৰ ইয়ত্তা নাই । এই অাটাইবোৰৰ ভিতৰত প্ৰাৰ্থীৰ বুদ্ধিমত্তা আৰু গোটেই দলটোৰ বিভিন্ন অনুষ্ঠান আকৰ্ষণীয়কৈ উপস্থাপন কৰাটোৰ গুৰুত্ব বহুত বেছি । আখৰা আৰম্ভ হৈছিল ইলেক্স্যনৰ , জিনাক্ষিয়ে নতুন জীৱনৰ বাটট খোজ পেলাবলৈ গৈ নিজকে সলনি কৰিবলগীয়া হৈছিল , নাচিব নজনা ছোৱালীজনীয়ে ফাল্গুনী পাঠকৰ গীতৰ তালে তালে নাচিবলৈ শিকিছিল , তাইৰ মিঠা মাতটোৰে গাইছিল পুৰণি গান , লগতে সলনি হৈছিল তাইৰ আচৰণ । বাহিৰত কঠোৰ হৈ থকা কোমল অন্তৰৰ ছোৱালীজনী আগতকৈ নৰম হৈছিল , ভোটৰ অংকই সকলোবোৰ সলনি কৰি পেলাইছিল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬৬

ঘৰলৈ গৈ মনটো কেনেবা লাগিছিল , পঢ়া শুনাহে মুঠেই নহয় , মোনা ভৰাই নিয়া কিতাপ মোনাতে থাকে , এসপ্তাহত এদিনো কিতাপ মেলি চাবলে মন নগ’ল , মায়ে পঢ়িবলে কুটুৰি থাকে , তথাপিও গা লৰ চৰ নহয় । ডিপাৰ্টমেণ্টৰ পৰা ছিপাঝাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৬৮ তম অধিৱেশনলৈ যাঁওতে কিনা কিতাপকেইখনহে পঢ়িলোঁ , মেদিনী চৌধুৰী দেৱৰ ফেৰেংগাদাও আৰু ৰমা বেজবৰুৱাদেৱৰ মহাশ্বেতা আৰু মহাশ্বেতাৰ পুনৰ্জন্মৰ দৰে সুগভীৰ আৰু মনোগ্ৰাহী কিতাপ হাতত থাকিলে ক’ৰ্ছৰ কঠিন আৰু তত্বগধুৰ কিতাপবোৰ পাহৰি যোৱাটো স্বাভাৱিক । লগতে প্ৰিয় সৌৰভ শইকীয়াৰ সৌৰভৰ সোণাৰু ভ্ৰমণ কবিতা পুথিখন পঢ়ি মনটো অজান পুলকত নাচি উঠে তেতিয়াও , এতিয়াও । সেইবাৰ ঘৰলৈ গৈ ঘুৰি আহিবলৈ মন যোৱা নাছিল , জালুকবাৰীৰ কৃষ্ণচূড়ায়েও আকুল কৰিব নোৱাৰিছিল , কটনত পঢ়িবলৈ আহোঁতেই ৰিটায়াৰ হোৱা দেউতাৰ পেন্স্যনৰ টকাকেইটা মাহেকীয়া খৰচৰ বাবে হাত পাতি লঁওতে বৰ গাত লাগে , মনটো ৰাই জাই কৰে , কেতিয়াবা পেন্স্যন সময়ত নাপালে কমলা দাৰ ধান নিয়া গাড়ীখন ঘৰলৈ আহে , তেতিয়া মনটো আৰু দুখী হয় , ঘৰৰ ভঁড়ালৰ ধান কেইবামোনো কমলাদায়ে কিনি নিয়ে , কেতিয়াবা উচিত দামত আৰু কেতিয়াবা কমত ( ঘৰত অলপ ভালকৈ ধানখেতি হয় বুলিহে বহুখিনি ৰেহাই ) । তেতিয়ালৈকে দাদাৰো বিশেষ থিতাপি লগা নাছিল , ইফালে মুনেও মেট্ৰিক দিয়াৰ সময় আছিল , বাও বিয়া হৈ গৈছিল , আমাৰদৰে সাধাৰণকে চলি থকা মধ্যবিত্ত ঘৰ এখনৰ পৰা পঢ়াৰ নামত ভঁড়ালৰ ধান বেপাৰীক দিয়াৰ সময়ত বুকুখন বৰকৈ বিষায় , তেতিয়াই পঢ়া এৰি চাকৰি বিচাৰিবলৈ মন যায় । মা দেউতায়ে অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে যদিও অনুভৱী মনটোৱে নামানে , মোৰ বাবে ধান বিক্ৰী হোৱাটো মুঠেও সহ্য নহয় । হয়তো মা দেউতাৰ আদৰুৱা সৰু জীয়ৰী জনী ডাঙৰ হৈছিলোঁ , ঘৰখনৰ সমস্যাবোৰ আওকাণ কৰিব পৰা নাছিলোঁ ।

সেইবাৰ পৰীক্ষাৰ বাবে এসপ্তাহ থাকিয়েই আকৌ মৰমৰ জালুকবাৰীলৈ গুছি গৈছিলোঁ , হাজাৰ চিন্তাৰ মাজতো পঢ়াৰ চিন্তাটো বেছিকৈয়ে আছিল , তাতে দেউতাৰ পেন্স্যন হোৱাৰ পিছত সিমানখিনিলৈকে পঢ়িছিলোৱেই যেতিয়া বাকীখিনিও ভালকে পঢ়াৰ মনোবল গোটাই পঢ়াত লাগিছিলোঁ । হোষ্টেলৰ পৰা পৰীক্ষা দিবলৈ ওলাই যোৱাৰ সময়কণত ঘৰলৈ মনত পৰে , কেতিয়াবা ৰুণু বাইদেউৰ পি চি অ’ৰ পৰা নহ’লে শৰৎ দা মোহন দাহঁতৰ পি চি অ’ ৰ পৰা ঘৰলৈ ফোন কৰি মাহঁতক মাত লগাই যাঁও , কেতিয়াবা ঘুৰি আহোঁতে ফোন কৰি জনাই আহোঁ পৰীক্ষাৰ খবৰ । সেইবাৰ থাৰ্ড চেমিষ্টাৰ দিওঁতে কি হৈছিল নাজানো , পৰীক্ষা বেয়া হৈছিল , মনে ভবা ধৰণে হোৱা নাছিল অকণো , পৰীক্ষাৰপৰা গৈ পায়েই কন্দা কটা আৰম্ভ কৰোঁ , চুন্নী ৰূমত থাকিলে তিৰুৰ ৰূমত সোমাই কান্দোগৈ , তাই নাথাকিলে ছাদলৈ গৈ কান্দোগৈ , পিছৰকেইখন পেপাৰ দিওঁতে ওলাই যাঁওতেও চকুপানী ভেটা দি ৰাখিব নোৱাৰোঁ , মুঠতে মনত ভয় , পৰীক্ষাৰ ভয় । ভালকৈ নপঢ়াৰ জহতেযে তেনে হৈছিল সেইটো ভালদৰেই বুজি পাইছিলোঁ , পিছে দেৰি হৈছিল তেতিয়ালৈ , তাতে আকৌ শেষৰখন পেপাৰ থকাৰ দিনা মোৰ সেই আহুকলীয়া মাহেকীয়া পেটৰ বিষটোৱে বৰ কষ্ট দিলে । যেনেতেনে পৰীক্ষাটো শেষ কৰিছিলোঁ , পৰীক্ষা শেষ কৰি অনুতপ্ত হৈছিলোঁ , ভুলৰ শুধৰণি নথকা সময়তযে মানুহ অনুতপ্ত হয় আৰু তেতিয়া যে বহু পলম হৈ যায় নিজকে শুধৰোৱাৰ সেই কথাটো বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ ।

মোৰ পৰীক্ষাৰ দুখ তেনেই গৌণ আছিল এগৰাকী অন্তৰংগ বান্ধৱীৰ দুখৰ তুলনাত । তাই সন্মুখীন হৈছিল এক ভয়ানক সত্যৰ , যিটো আছিল অনাহুত , অভাৱনীয় , অনাকাংক্ষিত । তাইৰ জীৱনলৈ চৰম দুৰ্দশা নমাই আনিছিল সেই খবৰটোৱে , তাইৰ কৈশোৰৰে প্ৰেম , যি তাইৰপৰা বহুযোজন দূৰৈত দিল্লীত থাকি পঢ়ি আছিল তেঁও হঠাতে মাত্ৰ চাৰিদিনীয়া জ্বৰত ভুগিয়েই সংসাৰৰ সকলো মায়া এৰি গুছি গৈছিল সকলোকে কন্দুৱাই কোনো অচিন জগতলৈ । নিষ্ঠুৰ নিয়তিয়ে পলকতে সকলো শেষ কৰি দিছিল , অন্তৰংগ বান্ধৱী যিজনী মোৰ বাবে মৰমজান আছিল , যাৰ লগত একে সময়তে দুফালে দুটা বাথৰূমত সোমাই চিঞৰি চিঞৰি বিহু গাব পাৰিছিলোঁ , যাৰ লগত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাৰে বিংকৰা কথাৰ পৰা আদি কৰি ৰাজনীতি , সমাজনীতি , পাৰিৱাৰিক কথা পাতিছিলোঁ , যাৰ লগত ছাদলৈ গৈ আকাশলৈ চাই চাই জোনাকী মেল পাতিছিলোঁ সেই অন্তৰংগ বান্ধৱীজনী সেইদিনা পাগলীৰ দৰে হৈ পৰিছিল , তাইলৈ ইথাৰৰ সিপাৰৰ পৰা কঢ়িয়াই অনা সেই নিষ্ঠুৰতম খবৰটোৱে তাইৰ সপোনবোৰ পলকতে থান বান কৰি পেলাইছিল । ( প্ৰিয় সখিৰ অনুমতি লৈহে লিখিছোঁ , মৰমী তোক আঘাত কৰিছোঁ যদি ক্ষমা কৰিবি , ইচ্ছাকৃত অথৱা মনে সজা কোনো কথাই নাই ইয়াত , তোক বৰ ভাল পাঁও )

সেইদিনা আছিল প্ৰথম এপ্ৰিল , এপ্ৰিল ফুল বনোৱাৰ দিন । সেই খবৰটোও যদি এপ্ৰিল ফুল বনোৱাৰ দৰেই এটা মিছা খবৰ হ’লহেঁতেন , অন্ততঃ তাই ইমান কষ্ট নাপালেহেঁতেন । বান্ধৱীৰ বন্ধু এজনে ফোন কৰি জনাইছিল তাইৰ প্ৰথম প্ৰেমৰ , তাইৰ প্ৰিয়জনৰ সেই দুঃসংবাদটো , তেঁও ইহজগতৰ পৰা বিদায় লোৱাৰ নিষ্ঠুৰ সংবাদটো । তাই কোনোপধ্যে মানি লোৱা নাছিল কথাটো , তাইৰ সকলো সপোন থান বান হোৱা কথাটো বিশ্বাস কৰিব খোজা নাছিল , তাইৰযে হিয়াৰ আমঠু , তাইৰ মৰমবোৰে তাইক ইমান বিশ্বাসঘাতকতা কৰিব সেয়া তাই মুঠেও নামানে , তাইৰ যেন আকাশখন খহি পৰিছিল প্ৰচণ্ড বজ্ৰৰ প্ৰহাৰত । কি ভয়ানক হৈ উঠিছিল তাই , খোঁচ খোৱা বাঘিনীৰ দৰে প্ৰচণ্ড খঙত তাই আস্ফালন কৰি উঠিছিল , তাই বুজিবই নুখুজিছিল একো , কোনো ওচৰ চাপিব পৰা নাছিল , সকলোৱে চাইছিল মোৰ চকুলৈ , আগবাঢ়ি গৈছিলোঁ তাইৰ ওচৰলৈ ভয়ে ভয়ে , কিজানিবা তাইক চম্ভালিবলৈ গৈ নিজেই উজুটি খাঁও ! তাইৰ প্ৰেমৰ সাক্ষী আছিলোঁ মই , তাইৰ সুখৰ সময়কণৰ লগৰী আছিলোঁ মই , তাইক কেনেকৈ বুজাঁও তাইৰ মৰমবোৰৰ অকাল মৃত্যু ঘটিছিল বুলি অশ্ৰাব্য সত্যক কিদৰে তাইৰ মনে মানিব পৰা কৰিম বুজিব পৰা নাছিলোঁ । তেতিয়ালৈ আমাৰ কেম্পাছ জনাৰণ্য হৈছিল , ক’ৰপৰা কোন আহিছিল নাজানো , চোৱাও নাছিলোঁ , AT 9 ৰ কোনোবা দুজনমানে তাইক সম্ভৱতঃ শান্ত কৰাৰ চেষ্টা কৰিছিল , তাই পাগলী হৈছিল , হিতাহিত জ্ঞানশুন্য হৈছিল তাই ।

সাহসেৰে আগুৱাই গৈছিলোঁ তাইৰ ওচৰলৈ , তাইক সাৱটি ধৰি তাইক ক’ব খুজিছিলোঁ ,

” মানি লচোন সখি , সত্যটো মানি ল , সি নাই , সি নিষ্ঠুৰ , নহ’লে তোৰ ভালপোৱাক এৰি গুচি নগ’লহেঁতেন ”

তাই শুনিবই বিচৰা নাছিল একো , অচিন হৈ পৰিছিলোঁ তেতিয়া , মই কাষলৈ যাঁওতেই গাৰ সমস্ত জোৰেৰে মোক গোৰ মাৰি দিছিল , মই কৰ্ফাল খাই ভিজিটিং ৰূমৰ দৰ্জাখনত পৰিছিলোঁগৈ , হয়তো তেজো ওলাইছিল , পিছে সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি তাইৰ ওচৰলৈ আকৌ আগুৱাই গৈ তাইক সাৱটি ধৰিব খুজিছিলোঁ , তেতিয়ালৈ তাই উদ্ভ্ৰান্তৰ দৰে দৌৰি ফুৰিছিল , চিঞৰিছিল , চকুদুটা ৰঙা পৰিছিল , এক আক্ৰোশত তাই সকলোকে চাইছিল , তাইৰ ঘোলা চকুৰ চাঁৱনি কোনেও সহ্য কৰিব পৰা নাছিল , তাইক শান্ত কৰিব পৰা নাছিল কোনেও । ঘোলা পৰা চকু দুটাৰ ছোৱালীজনীয়ে চিঞৰি চিঞৰি কৈছিল ,

” সি শুই আছে , মোক কিয় মিছা কৈছ তহঁতে ? তহঁত আঁতৰ হ মোৰ ওচৰৰপৰা , মই মাতিলেই সি সাৰ পাব , মোক যাবলৈ দে , এৰি দে তহঁতে , পাপৰি তই কৈ দে ইহঁতক , ইহঁতক কৈ দে সি শুই আছে …… ”

কোনো নাছিল নকন্দাকে , সকলোৱে তাৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিছিল , তাই সুস্থ হোৱাটো কামনা কৰিছিল , প্ৰায় পাঁচঘণ্টা সময় তাই উন্মাদৰ দৰে হৈছিল , দেউতাক ককায়েক অহাৰ পিছত তাই অলপ শান্ত হৈছিলগৈ , তেতিয়াহে কেম্পাছৰপৰা মানুহবোৰ এজন দুজনকৈ গৈছিলগৈ , কোনেও যে তাইক এৰি যাব বিচৰা নাছিল , এনে হৈছিল যেন কোনোবা গ’লেই তাই অকলশৰীয়া হ’ব , সকলোৱে বিহ্বল হৈ চকুত চকুলো লৈ মাথোঁ তাইক চাই আছিল । কান্দি কান্দি ভাগৰুৱা ছোৱালীজনী মোৰ কোলাতে অচেতন হৈছিল , মোৰ বাহিৰে তাইৰ ওচৰলৈ কাকো যাবলৈ দিয়া নাছিল , তাইৰ আৰু মোৰ হাত ভৰিৰ পৰা ওলোৱা তেজ গোট মাৰিছিলগৈ , তাইৰ বুকুৰ শিলটো আৰু গধুৰ হৈ পৰিছিল । অৱচেতন ছোৱালীজনীক দেউতাক আৰু ককায়েকে দাংকোলা কৰি লৈ যাঁওতে তাই অদ্ভূত ধৰণে কেঁকাইছিল …” না..ৰে …. না….ৰে….না….ৰে…….” গেঙনি মাৰি মাৰি কৈছিল ” মই ভগৱানক নেমাতোঁ আৰু , তহঁতেও নেমাতিবি …… ” তাই গুচি গৈছিল দেউতাকৰ কোলাত শুই ।

কোনেও পঢ়িব পৰা নাছিল কেইবাদিনলৈও , পৰীক্ষা চলি আছিল সকলোৰে , তাইৰ আধৰুৱা হৈছিল , খবৰ লৈছিলোঁ দিনৌ দুবাৰকৈ , তাইক হেনো তাক দেখুৱাবলৈ লৈ গৈছিল , তাৰ পিছত অকল্পনীয় এক পৰিস্থিতি পুনৰ হৈছিল । তাইৰ বাবে নেদেখা জনৰ ওচৰত মাথোঁ প্ৰাৰ্থনা কৰিছিলোঁ তাই যাতে সুস্থিৰ হয় । বহুদিনলৈকে তাইৰ চকুযুৰিয়ে আমনি কৰি থাকিল , তাইৰ উদ্ভ্ৰান্ত ৰূপটোৱে শুবলৈ নিদিলে , তথাপিও মৰমী বান্ধৱীৰ ওচৰলৈ এবাৰো যাব পৰা নাছিলোঁ পৰীক্ষাৰ তাগিদাত । আজৰি হৈ ভয় লাগিছিল তাইৰ ওচৰলৈ যাবলৈ , তাই অলপ সুস্থিৰ হোৱালৈ বাট চাইছিলোঁ । সেই এক এপ্ৰিলটো কেতিয়াও নাপাহৰোঁ , ভগৱান সঁচাকৈয়ে পাষাণ হৈছিল সিদিনা , আমিও পাষাণ মুৰ্তিৰ আগত মূৰ দোঁৱাই তাই তাক পাহৰি সুস্থ আৰু সুখী হোৱাটো অন্তৰৰপৰাই কামনা কৰিছিলোঁ । ভগৱানে শুনিছিল হয়তো , তাইৰ ওচৰলৈ কোনেও নজানাকৈ এজন দেৱদূত আহিছিল , যি তাইক সকলোফালৰপৰা সুস্থিৰ কৰি তুলি ধৰিছিল ।

এমাহমানৰ পিছত তাই অলপ প্ৰকৃতিস্থ হৈছিল , ফোনযোগে তাইৰ লগত কথা পাতি থাকিলোঁ আমি , তাইৰ ভাল হওক বুলি দেউতাকে থৈ গ’লহি আকৌ হোষ্টেলত । প্ৰাণৱন্ত ছোৱালীজনী আচৰিত ধৰণে গহীন হৈ পৰিছিল , তাইক সময় দিবলৈ যত্ন কৰিলোঁ তাই ঠিক নোহোৱালৈকে । লাহে লাহে হাঁহিবলে লোৱা ছোৱালীজনী আকৌ আগৰদৰে হ’বলৈ যত্ন কৰিছিল , তাইৰ সেইদিনটোৰ কথা অথৱা তাৰ কথা কোনেও সোধা নাছিল , যেন কোনেও একো নাজানে , তাই সকাহ পাইছিল । আগৰ সখিজনী ঘুৰি আহিবলৈ সময় লাগিছিল যদিও হেৰুৱাই পেলোৱা নাছিলোঁ বুলি আমিও স্বস্তিৰ নিশ্বাস এৰিছিলোঁ । ( ক্ষমা কৰিবি যদি কষ্ট দিছোঁ )

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬৫

সৰস্বতী পূজাৰ দুঃসাহসিক অভিযানে আমাক আমোদ আৰু AT 9 বাসীক ভাল শ্বক্ এটা দিলে , পিছে তেঁওলোক অতি সিয়ান , পূজা খাবলে আহি পিৰিক পাৰাককে ফুলবোৰ চোৱাতহে লাগিল , টিকেদাদায়ে জুনিয়ৰ কেইজনীমানক চাব্ মাৰি সুধিলেও , পিছে আমাৰ উত্তৰসুৰীবোৰ জানো কম আছিল , জনাকেইজনীয়েও একো নামাতিলে , দুদিন আগেয়ে কিনি অনা বাবেহে ফুলবোৰ লেৰেলি গ’ল বুলি তেঁওলোকৰ ওচৰৰপৰা আঁতৰিল । হাজাৰ হ’লেও , নিজৰ ফুল , আৱেগ অনুভূতি জৰিত ফুলনিখনৰ ফুল , তেঁওলোকে অনুমান কৰি ল’লে চাগৈ আমিয়েই যে ফুলখিনি আনিছিলোগৈ বুলি । তাতে যাৰ যাৰ গাৰ্লফ্ৰেইণ্ড আছিল আমাৰ হোষ্টেলত , তাহাঁতৰপৰা পাকে প্ৰকাৰে ব্লেকমেইল কৰি হ’লেও কথাবোৰ উলিয়াই ল’লে । মুখেৰে নক’লেও সিহঁতৰ চকুৱে অকপটে কথাটো মানি ল’লে , কেনেকৈনো পাৰে প্ৰিয়জনক নোকোৱাকৈ থাকিব ! তাতে বীৰত্ব প্ৰকাশৰ কথাটোও আহি পৰে তেঁওলোকৰ আগত । AT 9 ৰ ইতিহাসত নোহোৱা নোপজা ঘটনা এটা ঘটিল , সন্দিহান ল’ৰাবোৰে পূজাৰ দুদিনমানৰ পিছত গম পালে গোটেই কথাবোৰ , তেঁওলোকৰ বাবে পৰম কৌতুহল সৃষ্টি কৰা পত্ৰলেখিকাৰ সম্ভেদো পালে , তাৰপিছত সেইফালেৰে পাৰ হৈ যাব নোৱাৰা পৰিস্থিতি এটা হ’বলৈ বেছি সময় নালাগিছিল । অৱশ্যে ফুল চোৰ বুলি জোকোৱাও নাছিল , যিহেতু ফুল আমি দা – দক্ষিণা দিহে আনিছিলোঁ ।

সময়ৰ লগে লগে কথাবোৰ সলনি হৈছিল , মানুহবোৰ সলনি হৈছিল , লগতে বহুতৰ মনবোৰো সলনি হৈছিল । আমিও পঢ়াত মন দিছিলোঁ , আগত যিহেতু থাৰ্ড চেমিষ্টাৰ আহি আছিল । নতুন বছৰ সোমোৱাৰ পৰা পঢ়াৰ লগত সম্পৰ্কটো প্ৰায় কমিয়েই গৈছিল , মাত্ৰ সময়মতে এচাইনমেণ্ট আৰু চেমিনাৰ পেপাৰহে দি আছিলোঁ । ডিপাৰ্টমেণ্টৰ প্ৰতিজন শিক্ষকেই নিজৰ সন্তানৰদৰে আঁকোৱালি ল’লে , শিক্ষাগুৰুসকলৰ মৰম আৰু হেঁপাহবোৰ মা দেউতাৰ দৰেই লাগিল , গতিকে ভালকে নপঢ়িলে যে মা দেউতাৰ লগতে চাৰ বাইদেউসকলেও মনত দুখ পাব সেইটো ভালকৈয়ে গম পালোঁ । আমাৰ শিক্ষকসকল সঁচাকৈয়ে বৰ মৰমীয়াল আৰু ধেমেলিয়া আছিল ( বৰ্তমানো ) , তেঁওলোকে বেয়া পাব পৰা কোনোধৰণৰ কাম যাতে নকৰোঁ তাৰবাবে আমি সদা সতৰ্ক হৈ থাকিলোঁ । পিছে সংস্কৃত পঢ়া মুখৰ কথা নহয় , তাতে বেদ বিভাগ । প্ৰয়োজনীয় সময়তকৈ যথেষ্ট কম সময় দিয়াৰ বাবে বহুখিনি পিছ পৰিও ৰ’লোঁ , তাৰবাবে সেইকেইদিনত দিন ৰাত এক কৰি পঢ়িবলগীয়া হৈছিল ।

নপঢ়িলে ৰূমত চুন্নীৰ কাঢ়া নজৰ , তাইৰ চকু মোৰ ডায়েৰীৰ ওপৰতো পৰিল , ডায়েৰী লিখাৰ সময়ো চুন্নীয়েহে ঠিক কৰি দোলে , কেতিয়াবা ভাবোঁ তাই চিনিয়ৰ নে মই ? পিছে মোৰ ৰিজাল্টৰ ক্ষেত্ৰত চুন্নীৰ অৱদান বহু বেছি , চুন্নীৰ সমানে তদাৰকৰ দায়িত্বত আছিল বিজুলী । মই পঢ়িছোনে নাই মাজে মাজে চাই যোৱাটো তাইৰ কাম আছিল , অল্পভাষী ছোৱালীজনীয়ে কেনেদৰে মোৰ দৰে বহুবল্কী এজনীৰ লগত কেতিয়াবা ঘণ্টা ধৰি কথা পাতিব পাৰে ভাবিলেই আচৰিত লাগে । তাইৰ চকুতো সেই একেই অনামী বেদনা । যিটো দেখিছিলোঁ ডিম্পীবাৰ চকুত , চিফুঙৰ চকুত আৰু তাৰ চকুত ( যাৰ চকুৰ প্ৰেমিক আছিলোঁ মই ) । তাই কৈছিল তাইৰ গাঁৱৰ কথা , তাইৰ ঘৰৰ কথা , ঘৰুৱা অৱস্থাৰ কথা , ঘৰুৱা অৱস্থা বহু সময়ত হেঙাৰ হোৱা তাইৰ মেধাৰ কথা আৰু ঢেৰ কথা । অল্পভাষী ছোৱালীজনী সপ্ৰতিভ হৈ উঠে , মোৰ ভাল লাগে , তাই উঠি যাব খুজিলে অকণমান আৰু বহিবলে ক’লে মোক ধমক দি উঠি যায় , মৰমতে মোক নাম দিয়ে কচুগুটি ।

চুন্নীয়েও কচুগুটি বুলিবলে ধৰিলে , জুনিয়ৰবোৰকো নামটো জনাই তাই বৰ ফুৰ্তি পালে , পিছে বাকীবোৰে জুনিয়ৰৰ খোলাটোৰপৰা ওলাই মাতিবলে সাহ নকৰে , ৰূমমেটৰ কথাটো বেলেগ । সেইজনী চুন্নীয়েই ভেলেণ্টাইন ডে’ৰ দিনা সন্ধ্যা প্ৰাৰ্থনা সভাৰ পৰা আহি চিঞৰি চিঞৰি মোৰ কোলাত সোমাই কান্দিব লগীয়া হোৱাত বৰ অসহায় অনুভৱ কৰিছিলোঁ , সামান্য কথা এটাতে তাই বৰ বেয়াকৈ গালি খাবলগীয়া হ’ল , ৰূমমেটক অপদস্থ হোৱা দেখিও চিনিয়ৰৰ চোলাটো পিন্ধি থকাৰ বাবে একো ক’ব নোৱাৰিলোঁ , তাই একো জগৰ নলগোৱাকৈয়ে বেয়াকৈ গালি খোৱাৰ দৰেই নমিতাকো একান্তই ব্যক্তিগত কথা সুধি ব্যতিব্যস্ত কৰা হ’ল , বেচেৰীয়েও উপায় নাপায় ডাইনিং হলতেই কান্দি পেলালে । সিহঁতক অকণো মানসিকভাৱে সকাহ দিব নোৱাৰি নিজৰ ওপৰতে খং উঠিল যদিও সময়ত সকলো ঠিক হ’ব বুলিয়েই সান্ত্বনা লৈ থাকিলোঁ । ইফালে তিৰুৰ অৱস্থা বেয়া , তাই যিগৰাকী ৰূম মেট আহিল জুনিয়ৰ তেঁও তাইক পুৰা অৱমাননা কৰিলে , কেৱল তিৰুকেই নহয় , বাকী লগৰ আৰু চিনিয়ৰবোৰৰ লগতো অনাকাংক্ষিত ব্যৱহাৰ কৰিলে , তেঁওৰ ৰূক্ষ ব্যৱহাৰত সঁচাকৈয়ে আচৰিত লাগিল , তেনে কিয় কৰিলে অামাৰ অবোধ্য হৈ ৰ’ল । হোষ্টেলীয়া জীৱনত প্ৰথম দিনাৰপৰাই মিলিব নোখোজা ছোৱালীজনীয়ে দুমাহমান থাকিয়েই হোষ্টেল এৰি কোনোবা বান্ধৱীৰ লগত থাকিবলৈ গুচি গ’ল , তিৰুৰ ৰূমলৈ আহিল এম. এড ৰ দিতিশ্ৰী বা ।

পিছে জুনিয়ৰ জীৱন ভালদৰে হাঁহি ফুৰ্তিৰে আৰু কোনো কথাকে গাত লাগিবলৈ নিদিয়াকে উপভোগ কৰিব জনা ছোৱালীৰো অভাৱ নাছিল , শৰ্মিষ্ঠা , ভাস্বতী , ইভাহঁতে সহজকে ল’লে কথাবোৰ , মুনমুনি , দীপশিখাহঁত আগৰেপৰা হোষ্টেলত থাকি অহাৰ বাবে সিহঁতৰ বাবে অসুবিধা নহ’ল বিশেষ । ছোৱালীবোৰে জুনিয়ৰৰ খোলাতেই সিহঁতৰ সুখবোৰ বুটলিব জানিলে ঠিক এবছৰৰ আগৰ তাহাঁতৰ চিনিয়ৰবোৰৰ দৰেই । কোনোবাই তাহাঁতৰ মাজৰে কাৰোবাক লৈ গ’ল আন চিনিয়ৰে নজনাকে সেই জুনিয়ৰ নিষিদ্ধ ছাদখনলে , প্ৰিয় ৰেইন-ট্ৰি জোপাৰ তললে , ৰাতিৰ জোনাকী আকাশখনৰ তললে , দূৰৈৰ শৰাইঘাটৰ মাজেৰে পাৰ হৈ যোৱা জোনাকীৰ জিলমিল দেখুৱাবলে , কলিৰে দোঁ খাই পৰা কৃষ্ণচূড়াজোপাৰ চিৰিলি পাতবোৰ চুই চাবলে ।

এফালে পৰীক্ষা আনফালে আড্ডা । দুয়োটাৰ মাজত তাল মান একোৰে সামঞ্জস্য নাই যদিও দুয়োটা পুৰাদমে চলি থাকিল আমাৰ ৰূমত , চুন্নীৰ সুবিধা অসুবিধাৰ কথা বুজি পাঁও যদিও উপায়ো নাছিল , আলহী আহিয়েই থাকে , আহিলে ভাল লাগে , পিছে ভাবিলে বেয়া লাগে । তাৰ মাজতে পঢ়া শুনা চলি থাকে , বুজি নাপলেই দূবৰিৰ ৰূমলে ৰাতিও দৌৰ মাৰোঁ , তাইও ধমক এটা দি বুজাই দিয়ে । তেনেতে প্ৰায় একে সময়তে হোষ্টেলত জিনাক্ষি আৰু লিলিয়াৰা অসুস্থ হৈ পৰে , জিনাক্ষিয়ে উশাহ ল’ব নোৱাৰা হৈ ঢলি পৰাত লৰালৰিকৈ য়ুনিভাৰ্ছিটি হস্পিতেললৈ লৈ গ’লোঁ , তাত ঠিক নোহোৱাত ৰাতিয়েই তাইক সঞ্জীৱনী হস্পিতেললৈ লৈ গ’লোঁ হোষ্টেলৰ পৰা , তাইৰ লগত ছাঁটোৰ দৰে থাকিল তাইৰ প্ৰিয়জন , আমাৰ লগে লগে থাকিল AT 9 ৰ বহুকেইজন দাদা , ৰাতি এঘাৰ বাৰ বজাতো নিঃসংকোচে তেঁওলোকৰ লগত জিনাক্ষিক ইখনৰ পৰা সিখন হস্পিতেললৈ লৈ যাব পাৰিলোঁ , সেইয়া যে কেনে সম্পৰ্ক আছিল , ইমান আপোন , ইমান অন্তৰংগ , ইমান দ্বিধাহীন । তাইৰ ভাল হোৱাৰ দুদিনমানৰ পিছতে গম পালোঁ আমাৰ জুনিয়ৰ লিলিয়াৰা তাইৰ ডিপাৰ্টমেণ্টতে ঢলি পৰিল ক্লাছৰ পিছত , ক্লাছ শেষ হোৱাৰ পিছত ছোৱালীজনীৰ কিয় তেনেকুৱা হ’ল , কি হ’ল আদি প্ৰশ্নবোৰে আমাক চিন্তান্বিত কৰি তুলিলে , আচফিয়া অঞ্জুমাইও একো বুজাব নোৱাৰিলে আমাক , তাহাঁতে যেনেতেনে হোষ্টেললে খবৰ পঠিয়ালে ।

খবৰটো পায়েই আমি কেইবাজনীও দৌৰিছিলোঁ তাইৰ ডিপাৰ্টমেণ্টৰ ৰূমটোলৈ , গাত চেতনা নথকা ছোৱালীজনী কাঠ এডালৰ দৰে পৰি থকা দেখি বুকুখন মোচৰ খাই গ’ল , সেইখিনি সময়তো আমাৰ কাষত আমাৰ ভৰষা হৈ থিয় দিলে AT 9 ৰ টিকে দা , ৰৌজদা , কবিনদাহঁত । আমি অকণো ভাবিবলগীয়া নোহোৱাকৈয়ে তেঁওলোকে এম্বুলেঞ্চ ঠিক কৰি আমাক লগত লৈ তাইক লৈ গ’ল জি এম চি এইচলৈ , ইমান সহানুভূতি , ইমান সহৃদয় ল’ৰাবোৰৰ আদৰ যত্ন পাহৰিব নোৱাৰি কেতিয়াও । পিছত তাই অলপ ভাল পোৱাত তাহাঁতৰ এজন বিভাগীয় অধ্যাপকৰ গাড়ীৰে নি বায়েকৰ ঘৰত থৈ ৰাতিহে জিনাক্ষি আৰু মই হোষ্টেল সোমাইছিলোগৈ । কথাবোৰ পিছে সাধুকথা হ’ল । সঁচাকৈয়ে হোষ্টেলীয়া জীৱন বিচিত্ৰ , বিচিত্ৰ অনুভূতি , বাৰেৰহণীয়া মনবোৰ একাকাৰ হৈ যোৱা বিচিত্ৰ জীৱন সমাৱেশ ।

আকৌ পঢ়াত মন দিলোঁ , পঢ়াৰ মাজে মাজে কুটকুটকৈ চোবাই থাকিবলৈ চানা , বাদাম সৰু সৰু বৈয়ামত মজুত ৰাখিলোঁ , তাৰেই আলহীও সোধোঁ , ৰিতুৰ হাতত বুমনে দি পঠিওৱা ক’ল্ড ড্ৰিংকচৰ আমেজ লঁও । ৰিতুৱে প্ৰায়েই কিবা লৈ আহে আমালে বুমনৰ ওচৰৰ পৰা ঘুৰি আহোঁতে , কেৱল আমালেই নহয় , গেইটৰ খুৰাহঁতলেও লৈ আহে , সময়তকৈ দেৰিকৈ সোমোৱা ৰিতুৰ বাবে গেইট খোল খায় , বুমন উভটি যায় । তাহাঁতৰ প্ৰেম ঘৰুৱা স্বীকৃতিৰ দিশে আগবাঢ়ে , দুয়ো সুখী হয় মনৰ মতে । এইফালে দূবৰিয়ে জ্যোতিদাক লৈ আৰু জ্যোতিদায়েও দূবৰিক লৈ সপোন সৌধ সাজে মনে মনে , ক’ব খুজিলেও ক’বলৈ নিদিয়ে , তাইৰ অনামী লাজটোৱে তাইক ক’বলৈ নিদিয়ে , জ্যোতি দাক দেখিলেই মোৰ হাত খামুচি ধৰে , তাইৰ গাল মুখ ৰঙা পৰি গ’লেও এটায়ো এটাকো নামাতে । তিৰুৰ মনতো অনুৰাগ বাঢ়ে তাইৰ শৈশৱৰ প্ৰিয়বন্ধুৰ বাবে , অপ্ৰকাশ্য ভাৱবোৰ মোৰ আগত ভাষা হৈ ওলায় , মই চকুহালিৰ কথা ক’ম ক’ম বুলিও এইবোৰৰ মাজতে হেৰায় , মোৰ চকুহাল মোৰপৰা দূৰ হৈ যায় , এবাৰ মাথোঁ এবাৰ চাবলৈ মনটোৱে হাঁহাকাৰ কৰি উঠে , তথাপিও বোবা মনটোৱে মগজুক অনুমতি নিদিয়ে মানুহজনক ভাল পাবলে । জিনাক্ষিয়ে গালি পাৰে ,

“প্ৰেম কৰ ? এনেকৈ প্ৰেম কৰ ? তাতকৈ শুইয়েই থাক , দুচকুৰ সপোন দেখি তাতে সোমাই থাক । ”

পৰীক্ষাৰ আগতে এবাৰ ঘৰলৈ গৈ অহাৰ দুৰ্বাৰ হেঁপাহটোক দমাব নোৱাৰি ঘৰমুখী বাছত উঠিলোগৈ , প্ৰথম ছিটটোতে কাৰোবাক দেখি চক খাই উঠিলোঁ , আচৰিতধৰণে সংযোগ ঘটিল আমাৰ চিনিয়ৰ এগৰাকীৰ , যাৰ লগত বেছিকৈ কথা বতৰা নাপাতিছিলোঁ যদিও ভাল লাগিছিল , ছাদত কাপোৰ মেলোতে প্ৰায়েই মুখামুখি হোৱা বালৈ চাই মাতিলে বায়েও গহীন হাঁহিৰে প্ৰত্যুত্তৰ দিয়ে , বচ্ সিমানেই । বাছত লগ পাঁওতে কোলাৰ কেঁচুৱাকণৰ সৈতে তেঁও ভীষণ অপ্ৰস্তুত হ’ল , মইও কি কৰিম বুজি পোৱা নাছিলোঁ , সহজ হ’ব খুজিও সহজ হ’ব পৰা নাছিলোঁ এজনীও । কথা পাতিবলৈ যেন কথা বহু আছিল , কিন্তু টু শব্দ এটাও উচ্চাৰিব নোৱাৰিলোঁ , আনহে নালাগে কেঁচুৱাটি ল’ৰা নে ছোৱালী , কেইমাহ হ’ল একো নুসুধিলোঁ , হোষ্টেলৰ ছাদত দেখা দেখি হোৱাৰ দৰেই দুয়ো মাথোঁ হাঁহিলোঁ , নামিবৰ পৰত কেঁচুৱাটিৰ টোল পৰা গালখনত অকণমানকৈ মৰম কৰি নামি গুচি গ’লোঁ , তেঁও ও চাই হাঁহিলে । কথাবোৰ হয়তো ইমান অসহজ নহ’লহেঁতেন , যদিহে হোষ্টেলত থাকোঁতেই তেঁও কুমাৰী মাতৃত্বক আদৰি নল’লেহেঁতেন , তেঁওৰ প্ৰিয়জনৰ সৈতে সম্পৰ্কক সমাজে অবৈধ নুবুলিলেহেঁতেন । তেঁও কিমান মনোকষ্টত মাতৃত্বৰ মমত্বৰে সন্তান জন্ম দিছিল সেইয়া হয়তো তেঁওহে বুজিছিল , তেঁও কিদৰে স্ফীটোদৰৰ ভিতৰত একলা দুকলাকৈ বাঢ়ি অহা অজন্মা সন্তানটিক লোকচক্ষুৰপৰা আঁৰ কৰিব লগীয়া হৈছিল তাৰ বিড়ম্বনা তেঁওহে উপলব্ধি কৰিব পাৰিছিল , তথাপিও ক্ষণিকৰ ভুলক তেঁও সাহসেৰে স্বীকাৰ কৰিছিল , তেঁওযে মাতৃ , কেনেকৈ বঞ্ছিত কৰিব পাৰে অকণমান জীউকণক । যিয়ে নহওক , কেঁচুৱাকণ আৰু মাক দেউতাকৰ জীৱন সুখী হোৱাৰ কামনাৰে বাছৰ পৰা নামিয়েই তেলীয়া আমতলৰ থানভাগত মূৰ দোঁৱাই ঘৰলৈ দেউতাৰ লগত খোজ লৈছিলোঁ , আদৰুৱা গাঁওখনি যেন ৰৈ আছিল মৰমৰ জীয়ৰীক আদৰিবলৈ , অনাগত ভৱিষ্যতৰ সুখ কামনা কৰিবলৈ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬৪

সৰস্বতী পূজাৰ দুদিনৰ আগত হঠাৎ AT 9 বাসী বৰ বেয়াকৈ মুজুঙা মাৰি থাকিলে , সন্মুখেৰে পাৰ হৈ গ’লেও নোজোকায় , বাৰাণ্ডাকেইখন একেবাৰে নিশ্চুপ হৈ পৰিল , বেয়াও লাগিল ল’ৰাবোৰলে , কি বা হ’ল ! বাটতে দিলীপক লগ পায় খবৰ লঁও বুলি মাতোতেও অন্যমনস্ক হৈ থাকিল , প্ৰণৱদায়ে মেঘালীত লগ পাঁওতেও কিবা ডাঙৰ টেনশ্যনত থকা বুলি ক’লে , ৰৌজ দায়ে দেখিলে সেমেকা হাঁহি এটা মাৰে , ল’ৰাবোৰে মনত যেন ডাঙৰ চিন্তা এটা লৈহে আছিল , মুখৰ মাত কোনোবাই যেন হৰি নিছিল তেঁওলোকৰ , তথাপিও সৰস্বতী পূজাৰ নিমন্ত্ৰণ দি যাঁও বুলি ৰূণা , জিনাক্ষি আৰু মই সোমাই গ’লোঁ । আচৰিতধৰণে ল’ৰাবোৰৰ কোনো উদ্যম নাছিল সিদিনা , উপাচাৰ্য মহোদয়ে হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিয়াৰ দিনাও এনে উদাস পৰিৱেশ নাছিল হোষ্টেলটোত , জ্যোতিদাক লগ কৰি পূজাৰ নিমন্ত্ৰণ দিলোগৈ যদিও তেঁওও বৰ শান্ত হৈ স্মিত হাঁহিৰে শলাগি থ’লে , বেয়াই লাগিল ল’ৰাহঁতৰ অৱস্থা দেখি । কিনো হ’ল সুধিবলেও বেয়া লাগিল , টিকেদাদায়ো সেইদিনা অকণো নোজোকালে আমাক , AT 9 টো সিদিনা বৰ আচহুৱা লাগিল , লগতে আচহুৱা লাগিল তেঁওলোকৰ ফুলনিখনো , তেনেই টকলা হৈ আছে , অৱশ্যে টহিলং হোৱা নাছিল । ল’ৰাহঁতে হেনো ফুলনিখন বৰ আদৰেৰে ৰাখে , সৰস্বতী পূজাত বাকী হোষ্টেলে ফুল কিনাৰদৰে তেঁওলোকে ফুল কিনিব নালাগে , নিজৰ ফুলনিৰ ফুলেৰেই সজাই , তাকে লৈ তেঁওলোকৰ ফুটনি এটা বহুদিনৰপৰা শুনিছিলোঁ বাৰু । সেইবাৰ হয়তো ফুলবোৰ নাই বাবেই ল’ৰাহঁতৰ গভীৰ চিন্তা , কেনেকৈ সজাব মণ্ডপ ? ফুলকলিবোৰ আছে যদিও অপৈণত , দুদিনত ছিঙিব পৰা নহ’ব । জলাতে টেঙা অকণ দিঁও বুলিয়েই আমি আকৌ ফুলনিখনৰ কথাকে পাতিলোঁ তেঁওলোকৰ লগত । একেবাৰে উদাসীন হৈ ৰ’ল ল’ৰাহঁত ।

তেঁওলোকৰ হোষ্টেলত জোৰেৰে দমাই ৰখা হাঁহিবোৰ আমি তিনিওজনীয়ে আমাৰ কেম্পাছত সোমায়েই হা হাকৈ হাঁহিলোগৈ । ল’ৰাবোৰক তেনেকৈ দেখি বৰ চখ পালোঁ । পাইছে মজা বেচেৰাহঁতে । বৰ ফুটনি নিজৰ ফুলনিখনক লৈ , বাটেৰে যাঁওতে ফুলনিখন ভালকে চালেও জোকায় , পিছে হ’লে কিডাল হ’ব ? এপাহো নাইকিয়া কৰি চোন ছিঙিয়েই লৈ গ’ল কোনোবাই । পিছে সেই কোনোবা আন কোনো নাছিল , সেই কোনোবা আছিলোঁ আমি কেইজনীমান , আমাৰ হোষ্টেলৰ দগাৱাজ আড্ডাৱাজ বান্ধৱী দুজনীমান , যিকেইজনীৰ পৰিকল্পনা আন কোনেও নাজানিছিলেই , আনকি জনাকেইজনীকো সাৱধান কৰা আছিল কোনোধৰণে যাতে কাৰো মুখৰপৰা এটা শব্দও নোলায় পূজাৰ আগত , আনকি বয়ফ্ৰেইণ্ডবোৰেও জানিব নালাগিব , লাগিলে য’ৰেই নহওক । পূজাৰ দুদিন আগত পোৱা ঝটকাই ল’ৰাবোৰৰ মুখ তেনেদৰে শুকুৱাই পেলাব বুলি পিছে অলপো ভবা নাছিলোঁ আমি ।

সৰস্বতী পূজা কাষ চাপি অহাৰ লগে লগে আগৰ বছৰৰ সৰস্বতী পূজাৰ কথাবোৰে বৰকৈ আমনি কৰিলে , আমাক মৰম আৰু অনুশাসনৰ জৰীডালেৰে বান্ধি থৈ যোৱা আমাৰ চিনিয়ৰখিনিলৈ মনত পৰিল , তেঁওলোকৰ অভাৱ বৰকৈ অনুভৱ হয় যেতিয়া বিভিন্ন কামৰ দায়িত্ব আমাৰ কান্ধত পৰে । লগতে জুনিয়ৰবোৰক কৈ গ’লো আমি জুনিয়ৰ হৈ থাকোঁতে কেনেধৰণে পূজাৰ বিভিন্ন কামত ব্যস্ত হৈছিলোহঁক , পূজাত কি হৈছিল , জুনিয়ৰ কেনেকৈ থাকিব লাগে ইত্যাদি বিভিন্ন কথাবোৰ । ৰূণাৰ পৰিচালনাত হোৱা মিটিংখনত সৰস্বতী পূজাৰ কামবোৰ ভাগ বতৰা হ’ল চিনিয়ৰৰ মাজত , আমাক প্ৰত্যেককেই তাই দায়িত্ববোৰ ভগাই দিলে , ডলী আৰু মই থাকিলোঁ ডেকোৰেশ্যনত । বাকী দায়িত্বত বেলেগ বেলেগ । ইফালে পুঁজি কম পূজাৰ , ডেকোৰেশ্যনত খৰচো বেছি , সজীৱ ফুল নহ’লে সৰস্বতী পূজাত সজাইও ভাল নালাগে , আকৌ খানা যাতে সবতকৈ ভাল হয় তাৰ এক অঘোষিত প্ৰতিযোগিতা থাকেই ।

ডলীয়ে মইয়ে পিছে চিন্তিত নহ’লোঁ , ডিমাগ কী বত্তি জলিয়েই যায়চোন অকণমান ভাবিলেই , তাতে আমাৰ আপোন AT 9 ৰ লহপহীয়া নাৰ্জীবোৰত জকমকাই হালধীয়া ৰঙা ৰঙৰ নাৰ্জী থোপাথোপে ফুলি আছিল । ভবামতেই কাম হ’ল । মিটিঙৰ শেষত আকৌ এখন মিটিং হ’ল আমাৰ কেইজনীমানৰ মাজত , ডলী জিনাক্ষি ৰেশ্মা অজন্তা হিমাদ্ৰি ৰূণা তিৰু আৰু মই । আমি ঠিক কৰিলোঁ যে আমাৰ ডেকোৰেশ্যন জাকত জিলিকা হ’ব , ফুলেৰেই সজাম , তাকো বিনা পইচাৰ ফুলেৰে । কুটকুটীয়া স্বভাৱ অকণ যেনিবা সৰুকালৰপৰাই আছিলেই বাবে কথাটো লগৰবোৰক ক’বলে বৰ এটা দিগদাৰ নাপালোঁ , বোলো AT 9 ৰ ফুলেৰেই চোন গোটেইখন সজাই পেলাব পাৰি , কেৱল মণ্ডপেই নহয় , গেইট , ডাইনিং হল , চিৰি আদি গোটেইবোৰ সজাব পাৰি । প্ৰথমতে অলপ থেৰো গেৰো কৰিছিলে যদিও গোটেইকেইজনীয়ে পিছে হয়ভৰো দিলে । জিনাক্ষি জঁপিয়াই উঠিল ফুৰ্তিতে , তাইৰ এনেইও ল’ৰাবোৰক জোকোৱাৰ বাবে এসেকা দিয়াৰ মন এট আছিলেই , তাই দায়িত্ব ল’লে আমাক সবিশেষ তথ্য পাতি জনোৱাৰ । হিমু মাইনাক পিছে ভালদৰে বুজাই দিয়া হ’ল টিকেদাই যাতে গম নাপায় ঘুণাক্ষৰেও । আমিকেইজনীৰ বাদে আৰু কোনোৱেই গম পোৱাটো আমি বিচৰা নাছিলোঁ ।

বাকী পৰিকল্পনা বাদ দি আমাৰ বাবে সেইটো পৰিকল্পনাহে প্ৰধান হ’ল । সেইমতে পূজাৰ দুদিন আগত অৰ্থাৎ ১১ তাৰিখৰ ৰাতি ২.৩০ টা বজাত হোষ্টেলৰপৰা ওলাই গৈ তেঁওলোকৰ হোষ্টেলত সোমাই ফুল ছিঙি অনাৰ পৰিকল্পনা হ’ল , জিনাক্ষিয়ে তাইৰ প্ৰিয়জনৰপৰা সমস্ত কথা বুধিৰে উলিয়াই ল’লে , কেইবাদিনো তাই দাদাৰ লগত কথা পাতি গেইটখন কেনেকৈ খোলে , কোন কিমান সময়ত শোৱে , ৰাতি পহৰাত কোনোবা থাকেনেকি , ফুলনিৰ গেইটো বেলেগনেকি আদি গোটেই কথাবোৰ পেঘেনিয়াই পেঘেনিয়াই সুধিলে , পিছে তেঁও যাতে অলপো সন্দেহ কৰিব নোৱাৰে তাৰ বাবেও যত্নপৰ হ’ল । ইফালে আমি অামাৰ হোষ্টেলৰ বিপুলদাক ল’লোঁ আমাৰ লগত , হাজাৰ হ’লেও ৰাতি বিয়লিৰ কথা , মুকুলদায়ে যাতে ভুলতো কথাবোৰ গম নাপায় তাৰবাবে বিপুল দাক বাৰে বাৰে সকিয়াই দিলোঁ আমি , বিপুল দাৰ সমানে মেনেইজ কৰিবলগীয়া হ’ল গেইটত থকা খুৰা দুজনকো , যাতে ৰাতি ওলাই যোৱাত অসুবিধা নহয় আৰু প্ৰয়োজন হ’লে আমাক সহায় কৰিব পাৰে । পিছে AT 9 বাসী অতিকে সিয়ান , কেনেবাকে যদি ধৰা পৰিবলগা হয় তেতিয়া কি কৰিব তাৰ ঠিক নাই , সেয়েহে বৰ সাৱধানেৰে ভাবি চিন্তি আগবাঢ়িব লাগিব , অৱশ্যে পিছত গম পালে একো দিগদাৰ নহয় যদিও যিহে মুখ সেইকিপাতৰ আমাক যে চুৰুণী নুবুলিব তাৰো ঠিক নাই । সেয়েহে জিনাক্ষিয়ে বৰ ভাল উপায় এটা দিলে , গুৱা পাণ এটিৰ স’তে নহ’লে দক্ষিণা এটা দিয়া যাওক , তেতিয়া চোৰ বুলিব অন্ততঃ নোৱাৰিব , গুৱা পাণটিৰ স’তে চিঠি এখনিও গাঁঠি দিলে কথাটো বেছি মজাৰ হ’ব বুলি ভাবি চিঠি এখনি দিয়াও ঠিক কৰিলোঁ । চিঠি লিখাৰ দায়িত্বও নিজেই ল’লোঁ বাৰু ।

ভবামতেই সকলো ঠিকে ঠাকে চলি থাকিল , ১১ তাৰিখে পাছৰাতি ২.৩০ বজাত আমিকেইজনী হাতত সাৰে ভৰিত সাৰে ওলাই গ’লো , মোৰ গাত মায়ে বোৱা পুৰণি ক’লা শ্বলখন , বাকীকেইজনীয়েও ক’লা শ্বল একোখন মেৰিয়াই ল’লে ঠিক টি ভি ত দেখুৱা গুণ্ডাবাহিনীৰ কায়দাত , খুৰাহঁতেও আমাৰ সমানে নীৰৱতা অৱলম্বন কৰি সাৰ সিকটি নোহোৱাকৈ গেইটখন খুলি দিলে , এজন খুৰা আৰু ৰূণা আমাৰ কেম্পাছৰ গেইটতে ৰ’ল , যাতে আমি ধৰা পৰিলেও কিবা কৰি ফুলখিনি দি পঠিয়াব পাৰোঁ , বিপুলদায়ে বৰ সাৱধানেৰে ল’ৰা হোষ্টেলটোৰ গেইটখন খুলি দিলে , আমি মেকুৰী খোজেৰে আগুৱাই গৈ ফুলনিৰ আগৰ তাঁৰেৰে বন্ধা গেইটখনৰ আগ পালোঁগৈ , জিনাক্ষিয়ে বাৰুকৈ গেইটখন খোলাৰ কিটিপটো শিকি থৈছিল , তাই নিশব্দে সেইখন খুলিলে , অজন্তা হোষ্টেলৰ ফুলনিৰ সিপাৰৰ গেইটত আনজন খুৰাৰ সৈতে , যাতে বস্তাটো পাৰ কৰি দিব পাৰোঁ , লক্ষ্য এমোনীয়া বস্তাৰে এবস্তা ফুল নিয়াৰ । মাঘৰ হিমে চেঁচা পেলাই থোৱা বননিত শেহৰাতিখন ভৰি পেলাঁওতে সঁচাকৈয়ে ভিতৰৰপৰাই কঁপি উঠিছিলোঁ আমি , তথাপিও কথা ইজ কথা , আমাৰ লগত বিপুলদা , এফালৰপৰা আমি পৈণত ফুলবোৰ ছিঙি বস্তাত ভৰাই গৈছিলোঁ , ফুলবোৰ ছিঙোতে মনবোৰ বেয়া লাগিছিল যদিও পিছদিনা ল’ৰাবোৰে আমাতকৈ বেয়াকৈহে ছিঙিলেহেঁতেন বুলি মনতে সান্ত্বনা লৈ এপাহ দুপাহকৈ এবস্তা ফুল ছিঙি অজন্তাহঁতৰ ফালে পাৰ কৰাই আকৌ আগৰদৰেই ফুলনিৰ গেইটখন বান্ধি তেঁওলোকৰ হোষ্টেলৰ বুলনিত থকা দীঘলীয়া বেঞ্চি খনতে এখন অগতানুগতিক চিঠি এখন , এযোৰ গুৱাপাণ আৰু ১১ টকা কেইপাহমান তেঁওলোকৰে ফুলৰ তলত থৈ সাৱধানেৰে ওলাই আহিলোহঁক কোনেও একো গম নোপোৱাকৈয়ে ।

পিছদিনা তেঁওলোকৰ মাজত হাঁহাকাৰ লাগিছিল , তেঁওলোকৰ হোষ্টেলত কস্মিনকালেও নোহোৱা ঘটনা ঘটিছিল , কলংকিত নিশাটোত কোনো উজাগৰে নথকাত প্ৰত্যেকৰে নিজৰ ওপৰতে খং উঠিছিল , পিছে উপায়ো নাছিল , বেচেৰাহঁতে হাতত গুৱা পাণ আৰু দক্ষিণাটো লৈ ভেবা লাগি বাৰে বাৰে ঘুৰাই ঘুৰাই সেই বিশেষ চিঠিখন পঢ়িছিল আৰু বুজিবলে যুঁজিছিল কোন হ’ব পাৰে ? কোনে কৰিব পাৰে এনে কাম ? চিঠিখন ঘুৰি ফুৰিছিল ইহাতৰপৰা সিহাতলৈ ।

হে আৱাসী গণ ,

তযু চৰণে সমস্তে কৰোঁ প্ৰণাম

আপোনাসৱৰ সুশোভিত মনোমোহা

 পুষ্পকাননৰ সৌন্দৰ্যত আমি মুগ্ধ ভৈলহ

এহি কাৰণে আমি এহি থানে প্ৰৱেশ কৰিল

মা সৰস্ৱতীৰ চৰণকমলত এপাহি পুষ্প নিবেদিবৰ

অৰ্থে আপোনাসৱৰ নিদ্ৰাৰ সুবিধা আদায় কৰিয়া আমি

কিছু পুষ্প সহিতে সামৰিতে আপোনাসৱৰ অজ্ঞাতে আমাৰ বস্তাই

ভৰায়া আৱাসৰ অভিমুখে গমণ কৰিব , আৱাস সজাব , পূজা পাতিব

এটি গুৱা পাণৰ সহিতে এটি দক্ষিণা আগ কৰিয়া বাহিৰৰ বেঞ্ছে থাপিব

তযু চৰণে শতকোটি প্ৰণাম জনায়া পুনু আৱাসে গমণ কৰিব , হৰি ৰাম ৰাম ৰাম ৰাম বোলহ

ইতিত

আপোনালোকৰ মৰমৰ চেনেহৰ …….

( আচল চিঠিখন বিচাৰি নাপালোঁ , ডায়েৰীৰ কোনোবা এখিনিত লিখা এটুকুৰা আৰু জিনাক্ষিৰ লগত থকা এটুকুৰা গোটাই আগৰখন কৰাৰ চেষ্ট কৰিলোঁ । )

 পিছে সৰস্বতী পূজাভাগ সুকলমে পাৰ হৈছিল , বাকী এটা হোষ্টেলো আমাৰ দৰে ফুলেৰে জাকজমকীয়াকৈ সজাব পৰা নাছিল , আমাৰ হোষ্টেলটো অপূৰ্ব লাগিছিল , নিজৰ ফুলবোৰ হয়তো তেঁওলোকে চিনি পাইছিল , তেঁওলোকৰ বছৰযোৰা আৱেগবোৰ সুগন্ধি হৈ মলমলাই আছিল আমাৰ হোষ্টেলত । সেইবাৰ আগতকৈও পূজা ভাল হৈছিল , একোৰে নাটনি হোৱা নাছিল , লগতে ডিছপ’জেবল গিলাছ আৰু বাতি ধুবলগীয়া হোৱা নাছিল সেইবাৰ আমি ।

 আমাৰ ডিপাৰ্টমেণ্টৰ পূজাও বৰ সুন্দৰ হৈছিল , কুটীৰ আৰ্হিৰ পূজা মণ্ডপটো যেয়ে দেখিছিল সেয়ে শলাগিছিল , মোৰ বন্ধুও সহজ হৈ পৰিছিল সকলোৰে লগত , মোৰ লগত , তথাপিও চকুত চকু থৈ কথা ক’ব পৰাকৈ সহজ হোৱা নাছিল তেতিয়া । সেইবাৰ চিনিয়ৰ হ’লোঁ বাবেই নেকি কেইবাটাও হোষ্টেললে পূজা বুলি গ’লোঁ , আত্মীয়তা বাঢ়ি গ’ল , বহুতো বন্ধু হ’ল , তথাপিও সেই বিশেষ চকুযুৰি মনৰ আঁতৰ নহ’ল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬৩

ইণ্টাৰ হোষ্টেল কাবাডী আৰু ভলী খেলখনৰ প্ৰস্তুতি প্ৰায় তুংগত আছিল , খেলৰ দায়িত্বত থকা ৰূমাভণ্টি আৰু ৰিতুৰ লগতে আমিও সাংঘাতিক ব্যস্ত হৈ পৰিলোঁ , সকলোৰে লগত যোগাযোগৰ মাধ্যম হিচাপে থাকি পিছে বেয়া নালাগিল , বিশেষ কিবা পদৱীত থকা হ’লে চাগৈ এনেকৈ ভাল লগা কামবোৰ কেতিয়াও কৰিবই নোৱাৰিলোহেঁতেন , সৰু সৰু বুকুজুৰোৱা সুখবোৰো উপভোগ কৰিবলৈ নেপালোঁহেঁতেন । বিচাৰি নুফুৰাকৈয়ে যেতিয়া সুখবোৰ কোলা উপচি পৰে আৰু হাঁহিয়ে দুওঁঠ ওপচাই পেলায় তেতিয়া কিম্মান যে ভাল লাগে , মনটো এনেই মুকলি হৈ পৰে , দুভৰিয়ে দেও পাৰি নুফুৰিলেও চকুযুৰি হৰিণীৰ দৰে চঞ্চল চপল হৈ পৰে , বেয়া লগাবোৰো ভাল লগা হৈ পৰে । হোষ্টেল আৰু ডিপাৰ্টমেণ্টৰ দায়িত্ববোৰ আমি সকলোৱে মিলি সুকলমে সমাপন কৰি যি বিমল আনন্দ পাইছিলোঁ সেইয়া ভাষাৰে এতিয়া প্ৰকাশ কৰিব নোৱাৰি , দুচকু মুদি মাথোঁ স্মৃতিক সাৱটি অনুভৱহে কৰিব পাৰি ।

তাতোকৈ ডাঙৰ কথা খেলখনে চিনিয়ৰ জুনিয়ৰৰ ব্যৱধানটো কমাই আনিছিল , জুনিয়ৰৰ খোলাটোৰপৰা স্বাধীনভাৱে মূৰ উলিয়াব পৰাকৈ ব্যৱধানটো কম হৈ গৈছিল । দেৱদাহঁতে নিজৰ বহুখিনি সময় দি আমাক খেলত টক্কৰ দিব পৰাকৈ সাজু কৰিছিল , ভাৰ্ছিটি ৱিকত শ্ৰেষ্ঠ হোষ্টেল নোপোৱাৰ দুখটোৱে আমাক দুগুণ শক্তি দিছিল সফলতাৰ দিশে , RCC 3 য়েই হৈ পৰিছিল আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী । আমাৰদৰেই প্ৰতিটো ছোৱালী হোষ্টেলৰ একেই অৱস্থা হৈছিল , সকলোৱে মাথোঁ নিজৰ হোষ্টেলৰ মৰ্যাদা আৰু গৰিমা প্ৰতিষ্ঠাৰ বাবে উঠি পৰি লাগিছিল , কেনেবাকৈ ইণ্টাৰ হোষ্টেলত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিলেই ভাৰ্ছিটি ৱিকত নিজৰ ভাল দখল থাকিব বুলি সকলোৰে এক বিশ্বাস গঢ়ি উঠিছিল ভিতৰি ভিতৰি । পলিহঁতৰ হোষ্টেলকে প্ৰধান প্ৰতিদ্বন্দ্বী বুলি ভাবি ল’লেও AT 3 আৰু RCC 2 ও সমানে শক্তিশালী হৈ পৰিছিল । খেল যিমানে ওচৰ চাপি আহিল সিমানে সকলোৰে বুকুৰ ঢুক ঢুকনি বাঢ়ি গ’ল , বিশ্বাস অটুট থাকিল যদিও ভাৰ্ছিটি ৱিকৰ দৰে গণ্ডগোল হ’ব বুলি অকণমান ভয়ো লাগি থাকিল । ভলীৰ সমানে কাবাডীৰ প্ৰেক্টিচো AT 8 ত চলি থাকিল , সেইবাৰ কাবাডী নেখেলিলোঁ , ভলীয়েই খেলিলোঁ অকল ।

২৯ জানুৱাৰী , ২০০৫ ,শনিবাৰ ‍। সেইদিনা আমাৰ হোষ্টেল কাবাডীৰ কোৱালিফায়িং ৰাউণ্ডত জিকিল ,জুনিয়ৰ ছোৱালীবোৰৰ উল্লাসে আমাক দুগুণে উৎসাহিত কৰিলে । নকৰিবই বা কিয় ! খেলখন যে আছিল আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী হোষ্টেলৰ লগত , প্ৰথম ৰাউণ্ডতে তেঁওলোকক হৰুৱাই আমি বিশ্বাসৰ বাটত খুঁটি পুতিলোঁ , পিছদিনা RCC 2 girls ৰ লগত ছেমি ফাইনেল পালোঁহঁত , সেইখন খেলো আমি জিকিলোঁ , আমাৰ সমানে আগবাঢ়ি থাকিল AT 3 girls hall । সেইদিনাই আবেলিলে ফাইনেল , প্ৰতিদ্বন্দ্বী AT 3 girls hall , আমি অস্থিৰ হৈ পৰিলোঁ , সকলোৰে উশাহবোৰ ঘন হ’ল , বুকুৰ ঢুকঢুকনি বাঢ়ি গ’ল , ডিঙি শুকাই কৰ্কৰীয়া মাৰিলে , কি হ’ব ? কোন জিকিব ? হাৰিমনেকি ? আদি চিন্তাবোৰে আমাক এবেলাতে তেনেই জুৰুলা কৰি পেলালে । পিছে সেই দুৰ্বল সময়খিনিত সাহস হৈ থিয় দিলে আমাক গাইড কৰি থকা AT 9 আৰু AT 8 ৰ বন্ধুহঁতে , তাৰমাজতো AT 9 আছিল বিশেষ । আশ্বাসভৰা কথাখিনিয়ে আমাৰ বিশ্বাস ৰ খুঁটিটো তজবজীয়া কৰিলে , আমি সমস্বৰে চিঞৰি উঠিলোহঁত

” RCC 4 up up / RCC 4 up up “

নহ’লে ” হিলৈ হিলৈ হিলৈয়া…. উহুহু…..হিলৈ হিলৈ হিলৈয়া……উহুহু….উহুহু…..”

আমাৰ খেলুৱৈসকলে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰিলে , শ্বাসৰূদ্ধকৰ খেল , আমাকে আদি কৰি বাকী দৰ্শক , ৰেফাৰী , বিভিন্ন ক’চ্চ সকল , বিচাৰক সকলোৱে উপভোগ কৰিলে চকুৰ পলক নেপেলোৱাকে উশাহৰ ছন্দ নেহেৰুৱাকে । আমাৰ বুকুৰ ঢুকঢুকনিৰ লগে লগে উশাহো ঘন আৰু ছুটি হৈ আহিছিল , কবিতা আৰু জ্যোতিশিখাই নিজক পাহৰি খেলিছিল , অদ্ভূত এক উদ্যমত দুয়োজনীয়ে খেলিছিল , সিহঁতৰ গতিৰূদ্ধ কৰিবলৈ প্ৰতিপক্ষই ভয় কৰিছিল , জ্যোতিয়ে ফৰিঙৰ দৰে জপিয়াই জপিয়াই কেৱল বনাছ লাইনেই নহয় , এ’ণ্ড লাইনো টাচ্চ কৰেগৈ আনহাতে কবিতাই যাক ধৰে , তাৰ আৰু ওলাই যোৱা সম্ভৱেই নহয়গৈ , ইফালে ৰূমা আৰু ৰশ্মিও অপ্ৰতিৰোধ্য সমানেই । প্ৰতিপক্ষও সমানে পাৰ্গত , তথাপিও যেন ক’ৰবাত অলপ কম হৈ গ’ল , অৱশেষত এক পইণ্টত আমাৰ হোষ্টেল সেই বহু প্ৰতীক্ষিত আৰু বহু আকাংক্ষিত চেম্পিয়ন দল ঘোষিত হ’ল । সেইসময়ত সঁচাই শ্বাসৰূদ্ধ হোৱা যেন লাগিছিল এক লহমাৰ বাবে , হাঁহিবও পৰা নাছিলোঁ ফুৰ্তিত , হোষ্টেলৰ ছোৱালীবোৰে ইজনীয়ে সিজনীক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিছিল মাথোঁ , কি আৱেগ কি অনুভূতি । প্ৰিফেক্ট হোৱাৰ পিছত মোৰ লগত অসহজ হৈ পৰা ৰূণাই সিদিনা মোক সাৱটি ধৰিছিলহি আৱেগত , কাণৰ কাষত এটাই শব্দ কৈছিল …..” Thanks ” .আৱেগত দুয়োজনীয়ে হুকহুকাই কান্দিছিলোঁ খেলপথাৰৰ মাজতেই ।

কাবাডী জিকি অহাৰ পিছত কাবাডীত ভাগ নোলোৱা উৎসাহী সকল / পানীখেলৰ ফটো

উৎকৃষ্ট খেল প্ৰদৰ্শন কৰাৰ বাবে আমাৰ জ্যোতিশিখা আৰু কবিতাক ৰাজ্যিক পৰ্যায়ত খেলিবৰ বাবে নিৰ্বাচিত কৰাত আমাৰ ফুৰ্তি আৰু এখোপ চৰিল , ট্ৰফী লৈয়ে য়ুনিভাৰ্ছিটিৰ অ’ডিটৰিয়ামৰ পৰা মাৰ্কেট হৈ হোষ্টেললৈকে চিঞৰি চিঞৰি মাত ভাগি গৈছিলগৈ সবৰে ,মাৰ্কেটৰ সকলোৱে যেন আমাক আদৰিছিল সিদিনা , শেঙেতা লগা চেঁচাকো সিদিনা মনৰ উত্তাপে মোলান কৰি পেলাইছিল , হোষ্টেলত গৈ পায়েই বাল্টিয়ে বাল্টিয়ে পানী উলিয়াই আনিছিলগৈ গ্ৰাউণ্ড ফ্ল’ৰৰ ছোৱালীবোৰে , জুনিয়ৰ চিনিয়ৰৰ সকলো ব্যৱধান পাহৰি সকলোৱে পানী ঢালি ঢালি খেলিছিলোহঁত সিদিনা , আমাক শুভেচ্ছা জনাবলে অহা কোনো সাৰি যোৱা নাছিল পানী খেলৰপৰা সেই ঠেঁটুৱৈ লগা মঘুৱা ঠাণ্ডাতো সেইদিনা । ৰাতিলৈ মাত নোলোৱা হৈছিল আমাৰ , সেইদিনা খানা সঁচাই স্পেচিয়েল বনাইছিল খুৰাহঁতে , জিভাত জুটি লাগিছিল , মনত শ্ৰেষ্ঠত্বৰ ৰাগি ।

পিছদিনাও সেই একেই ফুৰ্তিৰ পুনৰাবৃত্তি হৈছিল , আমি আকৌ জিকিছিলোঁ ভলীখেলত , আমি আকৌ হৈছিলোঁ ভলীৰ চেম্পিয়ন , আমাৰ জয়ত আমাৰ সমানে সুখী হৈছিল AT 9 বাসীও , প্ৰকৃততেই শুভাকাংক্ষী আছিল তেঁওলোক আমাৰ । অৱশেষত আমি চেম্পিয়ন হৈছিলোহঁত দুটাকৈ প্ৰধান খেলত , য়ুনিভাৰ্ছিটিৰ সকলোৱে চিনি পাব পৰাকৈ আমাৰ হোষ্টেল উজলি উঠিছিল ইণ্টাৰ হোষ্টেল কম্পিটিশ্যনত । পাৰপাৰ আনন্দত আত্মহাৰা হৈ আমি উল্লাসিত হৈ পৰিছিলোঁ , পিছে পাহৰা নাছিলোঁ অামাৰ প্ৰধান কৰ্তব্য , পঢ়াৰ লগত সম্পৰ্ক প্ৰায় নাইকিয়া হৈছিল যদিও সময়ৰ কাম সময়ত কৰি গৈছিলোঁ সমানে পিছে আৰু কেইবাদিনলৈও যে পঢ়াৰ পৰা বিৰত থাকি কেৱল দায়িত্বহে পালন কৰিম সেয়াও ভালদৰেই জানিলোঁ , কাৰণ আগত আহি আহি আছিল ডিপাৰ্টমেণ্টৰ ফ্ৰেচাৰ্ছ , সৰস্বতী পূজা আৰু 8th KK Handiqui Memorial Lecture . সমানে হোষ্টেলৰ সৰস্বতী পূজা । ডিপাৰ্টমেণ্টৰ সকলো কামতে নিজকে উছৰ্গা কৰিলোঁ আমি , চাৰ বাইদেউহঁতৰ বুকুৰ আপোন হৈ পৰিলোঁ , জুনিয়ৰৰ নয়ন মণি হ’লোহঁত , আমি আমাৰ কাম কৰি গৈছিলোঁ বৰ আপোনত্বৰে । বিশেষকৈ Faculty House ত আয়োজন কৰা বক্তৃতা অনুষ্ঠানটো উপাচাৰ্যকে আদি কৰি উপস্থিত সকলো অতিথিয়ে সুন্দৰকৈ শলাগ লৈছিল , সংস্কৃত বিভাগৰ সকলোকে ভূৰি ভূৰি প্ৰশংসা কৰি গৈছিল সেইদিনা , আমাৰ বাবে আমাৰ শিক্ষকসকল গৌৰৱান্বিত হৈছিল ।

৪ ফেব্ৰুৱাৰী তাৰিখে ডিপাৰ্টমেণ্টৰ ফ্ৰেচাৰ্ছ হৈ গৈছিল সুকলমে , আমি পঞ্চকন্যাৰ লগত ৰুক্মিণী আৰু বিউটীয়ে একেলগে পৰিৱেশন কৰিছিলোঁ ‘ ” হে সতীৰ্থ সমাগত ” সমৱেত সংগীতটি , মোৰ ভূমিকা সেইবাৰো একেই , লিপ্সিং কৰিয়েই গীত গোৱাৰ বাসনা সেইবাৰো পুৰ হৈছিল তেনেদৰেই । দূবৰি আৰু মোৰ সাজ সেইবাৰো একেই আছিল , বুটা বছা ক’লা মেখেলাৰ লগত পাতৰ ৰিহা । শেষৰফালে আৰম্ভ হৈছিল অন্তৰংগ আলাপ জুনিয়ৰ চিনিয়ৰৰ , আৰম্ভ হৈছিল কামোৰ (?) হাঁহিৰ ৰোল উঠিছিল অনুষ্ঠানটিত । সন্ধ্যা লাগিছিল অনুষ্ঠান শেষ হঁওতে , যাবলে লঁওতেই ঘটিছিল এক অভাৱনীয় ঘটনা , পাহৰিব নোৱাৰা এটা অকলশৰীয়া মূহুৰ্তত থৰ হৈ ৰৈছিলোঁ , থৰথৰকৈ কঁপিছিলোঁ ভয়ত নে লাজত নে দুখত নে কিহত বুজিব পৰাৰ আগতেই তেঁওৰ বলিষ্ঠ দুহাতৰ খামোচৰ পৰা মুকলি কৰিছিলোঁ মোৰ সোঁহাতখন , ৰঙা পৰা হাতটো চাই ৰঙা চকু দেখুৱাই উচাৎ মাৰি আঁতৰি আহিছিলোঁ নীৰৱে , যত্ন কৰিছিলোঁ সহজ হৈ থাকিবলে । ( বিশ্বাসৰ মাপকাঠি একেই থাকক বুলিয়েই উল্লেখ নকৰিলোঁ ঘটনাটো ) বন্ধুৰ অভিপ্ৰেত আচৰণত ক্ষুণ্ণ নহৈ দুখী হৈছিলোঁ , হোষ্টেললে যোৱাৰ পিছত ফোন কৰি কান্দিছিল তেঁও , ক্ষমা খোজা নাছিল , আচলতে সুবিধা দিয়া নাছিলোঁ ক্ষমা খোজাৰ , অন্তৰৰ বন্ধু , ভুল হ’ব পাৰে , পিছে ভুলৰ শুধৰণিও থাকে , গতিকে ক্ষমা খোজাৰ থল ক’ত ? আৰু একো জঘন্য কাণ্ডও কৰা নাছিল , মাথোঁ সুধিছিল ভালপোৱাৰ কথা , জনাইছিল তেঁওৰ ভালপোৱাৰ কথা । শুনিছিলোঁ মাথোঁ , বুজাইছিলোঁ আমাৰ বন্ধুত্বৰ কথা , বুজিছিল , আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতি দিছিল , সকলোবোৰ আগৰদৰেই ঠিক হৈ পৰিছিল আকৌ ।

ফ্ৰেচাৰ্ছৰ দিনা , বাকী ফটোকেইখন বিচাৰি নাপালোঁ

সকলোবোৰ ঠিকে থকাৰ মাজতো বহুবোৰ খেলিমেলি হৈছিল , ধুনীয়া চকুহালিৰ প্ৰেমত বাৰুকৈয়ে পৰিছিলোঁ তেতিয়ালৈ , পিছে গৰাকীয়ে কেতিয়াও নজনাৰ দুখটোও সমানে থাকি গ’ল মনত । পঢ়া কম হৈছিল , সৰস্বতী পূজাৰ পিছৰপৰাই আকৌ ভালদৰে পঢ়িম বুলি কঁকাল বান্ধিছিলোঁ , বাকী থকা দিনকেইটা মুঠতে সৰস্বতী পূজাৰ পৰিকল্পনা , ডিপাৰ্টমেণ্টত টংকেশ্বৰৰ তত্বাৱধানত , কল্পৰ পৰিচালনাত আৰু চিফুঙৰ পৰিকল্পনাত সকলোবোৰ ঠিক হ’ল , ব্ৰহ্মপুত্ৰৰ সিপাৰৰ পৰা ঝাঁওবন আনি পাহাৰৰ ওপৰৰ কঁহুৱাৰে ধুনীয়াকৈ পূজাৰ মণ্ডপ কুটীৰৰ আৰ্হিত সজোৱাৰ পৰিকল্পনা কৰা হ’ল , ঝাঁওবন আৰু কঁহুৱা অনাৰ মিছিলটোত দূবৰি আৰু মোৰ নামটোও ডেকাদলত অন্তৰ্ভূক্ত হ’ল , পিছে কিবা কাৰণত ব্ৰহ্মপুত্ৰৰ সিপাৰলৈ যাব নোৱাৰিলোঁ যদিও পাহাৰ বগাই কঁহুৱা আনিবলে গ’লো ঠিকেই , এক অনন্য অনুভূতি , পাহাৰ বগোৱাৰ বাসনাটো পুৰ হৈছিল লগৰবোৰৰ উৎসাহতেই , পাহাৰৰ নামনিতে পোৱা কঁহুৱা কেইডাল নানি পাহাৰৰ টিঙৰ কঁহুৱা কেইডাল আনিবলৈ যোৱাৰ আঁৰৰ উদ্দেশ্যও আছিল সেয়াই .. পাহাৰ বগোৱাৰ ।

ডিপাৰ্টমেণ্টৰ চিন্তা নাছিল বাৰু । পিছে হোষ্টেলত কি কৰা যায় , সৰস্বতী পূজাত কিবা এক নতুন কৰিব পৰা নাযায়নে ? কাৰোবাক ঝটকা দিব নোৱাৰিনে ? পূজা বুলি ফুল চুৰ কৰিব নোৱাৰিনে ? চিন্তা কেৱল কৰিবলৈহে নেকি ? চিন্তাক কাৰ্যত পৰিণত কৰিব নোৱাৰি জানো ? মৰমৰ AT 9 ৰ নাৰ্জী ফুলসোপা যে কি জকমক কৈ ফুলিছিল দেৱীক আদৰিবলৈ , তাকে লৈ ল’ৰাহঁতৰ কিযে ফুটনি , ফুলবোৰ ছিঙাটো বাদেই চালেও যেন খহিহে পৰিব । পিছে এই ফুটনি ফুটছাই কৰিব নোৱাৰিনে ?

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬২

দুহাতত কি লৈ আহিছা ? / গোলাপ নে এপাহি ৰজনীগন্ধা ? / নালাগে দিয়া দামী ফুল / তগৰ আৰু নাহৰেই যে মোৰ খোপাত শুৱাই / তলসৰা শেৱালিয়েই চোন বুকু জুৰাই / গাঁথি পাইছানে বকুলৰ মালা ? / দিবাচোন এপাহি খৰিকাজাঁই / হাচনাহানাৰ সুবাসেই সুৰ হৈ যে হিয়াত গুণগুণাই / দিবাচোন এপাহি শেৱালি অথৱা বকুল / ই যে মোৰ প্ৰিয় ফুল / বকুলৰ প্ৰেমতেই যে মই আকুল ……

কলম ৰূদ্ধ হোৱাৰদৰে ভাৱৰূদ্ধ হৈ বহি থাকিলোঁ ডায়েৰীখন মুখৰ আগত লৈ , কি লিখিম , কি প্ৰকাশ কৰিম কোনোধৰণৰ ভাৱনা মনলৈ নহা হ’ল সেই মুহুৰ্তত , তাতে নিজৰ প্ৰেমলৈ লিখিলেও কিবাকিবি ভাল লগাই মনটো বাউলী কৰিলেহেঁতেন , পিছে বেলেগৰ হৈ কেনেদৰে লিখোঁ তেঁওৰ মনৰ কথা , তাকো তেঁওৰ প্ৰেমিকলৈ । কলম কামুৰি পৰীক্ষা হলত বহাৰ দৰে বহি থাকিলোঁ কি লিখোঁ কি নিলিখোঁ ভাবি ভাবি । ইফালে অনা অসমীয়া বান্ধৱীৰ অসমীয়া প্ৰেমিকলৈ অসমীয়াতে চিঠি লিখাৰ দুৰ্বাৰ হেঁপাহ , কৈয়ো আহিছে প্ৰিয়জনক সেইবাৰ ভেলেণ্টাইনচ্ ডে’ ত সাংঘাতিক চাৰপ্ৰাইজ এটা দিব বুলি । কাজেই বান্ধৱীয়ে সহায় ল’লে মোৰ , অসমীয়া ভাষানুৰাগী বান্ধৱীক শিকাব লাগে অসমীয়া ভাষা , লগতে লিখি দিব লাগে এখন প্ৰেমপত্ৰ । আকাশ পাতাল ভাবিও নোলাল কি লিখোঁ তাইৰ প্ৰথম প্ৰেমলৈ বুলি । ইফালে মই দিনে নিশাই ডুব গ’লোঁ সেই চকুযুৰিৰ প্ৰেমত , পিছে কেতিয়াও মাতি নাপালোঁ , অথৱা তেঁওৰ প্ৰতি কোনোধৰণৰ অনুৰাগো নহ’ল কেৱল চকুযুৰিৰ বাদে , সেয়েহে হয়তো প্ৰেমপত্ৰ এখন লিখাৰো প্ৰয়োজন নহ’ল কেতিয়াও ।

ইফালে ইণ্টাৰ হোষ্টেল কম্পিটিশ্যনবোৰত ব্যস্ত হৈ যাব লগীয়া হ’ল আকৌ ভাৰ্ছিটি ৱিকৰ দৰেই , আকৌ আৰম্ভ হ’ল AT 9 আৰু AT 8 হোষ্টেলত ভলী আৰু কাবাডীৰ প্ৰেক্টিচ । সেইবাৰ পিছে ল’ৰাহঁতৰ সুৰ সলনি হৈছিল , আমাৰ লগৰ দিলীপ , পাৰ্থহঁত চিনিয়ৰ হৈছিল , তাহাঁতেও মইনা জোকোৱা মইনাৰ শাৰীলৈ উন্নীত হৈছিল । আমিও সলনি হৈছিলোঁ , তেতিয়ালৈ কোনোবাই মইনা জোকালে আৰু লাজ নলগা হৈছিল , আমাৰ নতুন মইনাবোৰক জোকোৱা আৰম্ভ কৰিছিল আমাৰ লগৰবোৰে । তাহাঁতে জুনিয়ৰক প্ৰপৌজ কৰিবলৈ দৌৰায় পঠিয়াব পৰা হ’ল হোষ্টেলৰ আগেৰে কোনোবা ছোৱালী পাৰ হৈ গ’লেই , বাৰাণ্ডাৰপৰা চিঞৰি গান গাই মইনা জোকাব পৰা হ’ল , সিহঁততকৈও এখোপ চৰাকে জোকাবলৈ তাহাঁতৰ চিনিয়ৰসকল আছিলেই । তেতিয়ালৈ মোৰ আইনষ্টাইন চুলি কিবাকৈ এমুঠন হৈছিলগৈ বাবে ৰক্ষা পৰিলোঁ বাৰু কিবাকে । ভলীৰ প্ৰেক্টিচৰ বাবে আকৌ দেৱদা আৰু প্ৰশান্তদাকে আমাৰ ক’চ্চ ল’লোঁ , আচলতে তেঁওলোককেই আমি গুৰু মানিয়েই লৈছিলোঁ , তেতিয়ালৈ আমাৰ হাত পোন হৈছিলগৈ বাবে খেলৰ বাবে বৰ এটা গালি নুশুনিলোঁ যদিও আমাৰ উৎপাতৰ বাবে প্ৰায়ে গালি খাঁও , দিলীপহঁতৰ ৰূমত গৈ পানী খাব পৰাকে আমি সহজ হ’ব পৰা হ’লোঁ সেই ল’ৰাৰ হোষ্টেলটোত ।

সেইটো হোষ্টেলতে আকৌ বৰ জমনি দাদা এজন আছিল , তেঁও আছিল বিখ্যাত মিলিকাই , পৃথিৱীৰ জটিলতা বুজি নোপোৱা ল’ৰাজনে সকলোকে আপোন কৰি ল’বলে যায় । ঠৰঙা চুলিৰ , সৰু সৰু চকুৰ মিলিকাইক দেখিয়েই দূবৰিয়ে তিৰুক জোকাই , তাইৰ নাম হয় মিলিকাই ( আজিও তিৰুক দূবৰিয়ে মিলি বুলিয়েই মাতে ) তিৰুৱে পিছে খঙতে একো নাই হৈ দূবৰিক খেদি যায় । পিছে মিলিকাইৰ প্ৰেম হয় দূবৰিহঁতৰ হোষ্টেলৰে আমাৰ লগৰ এগৰাকীৰ লগত , তাইক দেখিলেই মিলিকাইৰ বেসুৰ কণ্ঠেৰে নিগৰিত হয় গীতৰ তা না না …… মিলিকাইয়ে তাইক দেখিলেই চিঞৰি চিঞৰি গায় , ” ভীগে হোঁঠ তেৰে…. প্যাসা দিল মেৰা……” মিলিকাইৰ গীত শুনিলেই তাই দৌৰি পলায় , পিছে মিলিকায়েও বাৰান্দাতে সমানে দৌৰি দৌৰি তাইক জোকায় , একেই গীত তেঁওৰ অষ্টম স্বৰত আঁওৰাই ।

দিন যোৱাৰ লগে লগে AT 9 ৰ ল’ৰাবোৰৰ লগত আমাৰ বন্ধুত্ব গাঢ় হৈছিল , প্ৰণৱদা , দেৱদাহঁতৰ তুমিবোৰ তইলৈ সলনি হ’ব পৰাকৈ আপোন হৈছিল আৰু কোনোবাই আমি পাৰ হৈ গ’লে জোকালেই ঘুৰাই জোকাই যাব পৰাৰ অধিকাৰিণী হৈছিলোঁ । তেনেতে এযোৰ শান্ত চকুৰ ল’ৰাৰ লগত দূবৰিৰ চিনাকি হৈছিল , তেঁও ও আছিল সেইটো হোষ্টেলৰ প্ৰিফেক্ট , আচলতে তাহাঁতৰ চিনাকি হোৱা নাছিল , তাহাঁতক চিনাকি কৰোৱা হৈছিল , মই হৈ পৰিলোঁ যোগাযোগৰ মাধ্যম । আমি দুয়োজনী পাৰ হৈ গ’লেই পাপৰ মইনাক চিঞৰ মাৰি সােধা হ’ল …’ অ’ পাপৰ মইনা …. আমাৰ প্ৰিফেক্টৰ চিগনেল গ্ৰীণ , তোমাৰ লগৰ প্ৰিফেক্ট মাইনাৰ চিগনেল কি ? ‘ মোৰো মন গৈছিল তাইৰ গ্ৰীণ চিগনেল বুলি ক’বলৈ পিছে ভয়তে নকঁও , পিছে প্ৰিয় সখি লাজতে ৰঙা চিঙা পৰে , মোক ৰঙা চকু দেখুওৱা সখিয়ে চকু তুলি চাব নোৱাৰা হয় সেইফালে পাৰ হৈ গ’লেই , তথাপিও মোক ক’বলৈ নিদিয়ে তাইৰ গ্ৰীণ চিগনেলৰ কথা । সকলোৱে উমান পাইছিল লাহে লাহে , কোনেও কাকো একো নোকোৱাকৈয়ে দুয়োৰে বুকুত প্ৰেমৰ গোলাপ ফুলিছিল ফুল ফুলাৰ দৰেই নিঃশব্দে । দুয়ো দুয়োকে দেখিলে চকুত চকু পৰিলেও অচিনাকিৰ দৰেই থকা হ’ল , দুয়োৰে মনৰ কথাবোৰ অচিনাকিৰ পৰা চিনাকি কৰাৰ বাট হৈ পৰিলোঁ মই ।

ইন্টাৰ হোষ্টেল ভলী আৰু কাবাডীৰ প্ৰেক্টিচৰ সমানে আমাৰ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ চিনিয়ৰৰ ক্ৰিকেটৰ প্ৰেক্টিচো সমানে চলিল , আমাৰ টিমত ল’ৰাবোৰৰ লগত ছোৱালী আমি চাৰিজনীয়ে খেলিলোঁ , দূবৰি , গীতচ্ , বৰ্ণালী আৰু মই । জুনিয়ৰৰ টিমটোতো তেনেকৈয়ে কেইজনীমান জুনিয়ৰ । খেলৰ দিন চমু চাপি অহাৰ লগে লগেই আমাৰ প্ৰেক্টিচো তুংগত উঠিলগৈ , হাফ ডে’ ৰ অনুমতি লৈ য়ুনিভাৰ্ছিটিৰ ফিল্ডত খেল প্ৰেক্টিচ কৰিবলৈ ল’লোহঁত , কেৱল খেলা কেইটাই নহয় , গোটেই ক্লাছটোৱেই উঠি যায় উৎসাহ দিবলৈ । সমানে জুনিয়ৰকো উৎসাহিত কৰিলে তাহাঁতৰ লগৰবোৰে । খেলৰ দিন আহিল , আমিও সাজু হ’লোঁ , দুৰ্দান্ত ৰূপত খেলা আগবঢ়াই নিলোঁ আমি সকলোৱে , জুনিয়ৰবোৰো কম নাছিল , সমানে খেলিলে , আমাৰ লাহে লাহে ভয়ো লাগিল , কেনেবাকৈ জুনিয়ৰৰ হাতত পৰাস্ত হ’ব লাগিলে বৰ লাজৰ কথা হ’ব বুলি । পিছে আমাৰ লগৰ ইহঁতকেইটা অতি ধুৰন্ধৰ , জুনিয়ৰ ছোৱালীবোৰক নাৰ্ভাছ হৈ যাব পৰাকৈ ৰ লাগি চাই দিয়ে মাজে মাজে বলিং কৰোঁতেই , তাহাঁতৰ বল হাতৰ পৰা চিটিকিহে পৰে , ইফালৰ ষ্টাম্প নাপায়গৈয়ে , আকৌ নেখেলা দুটামানে খেলি থকা জুনিয়ৰ কেইজনীক জোকাই মাৰে , তাহাঁতৰ গতি ৰূদ্ধ হয় , শেষত আমি জিকিলোগৈ এক ৱিকেটত । আমাৰ প্ৰীতি খেলখনৰ জয়ৰ ভাগ সকলোৱে ভগাই লঁও , জুনিয়ৰবোৰ কাষ চাপি আহে , ব্যৱধান একেবাৰেই কমি যায় দুয়োদলৰে , ঠিক আমাৰ আৰু আমাৰ চিনিয়ৰৰদৰেই ।

হোষ্টেলৰ সান্ধ্য পৰ্বও নিয়মীয়কৈ চলি থাকিল , টিকেদাৰ হিমু মাইনা , ৰেশ্মা আৰু আমাৰ জিনুমাইনাহঁতলৈ জুনিয়ৰে ভয়ত টিপি টিপি থাকে , এছেম্বলীত কিবা ওলট পালট হয় বুলিয়েই সকলো সাৱধানে থাকে , তাহাঁতেও হয়তো আমি লোৱা সংক্পল্প বোৰেই ল’লে , ফ্ৰেচাৰ্ছ হ’লেই তাহাঁতেও ৰক্ষা পাব বুলি ফ্ৰেচাৰ্ছৰ দিনটোলৈ বাট চাবলৈ ল’লে । পিছে ইমান সহজে জুনিয়ৰৰ খোলাটোৰপৰা ওলাই যোৱাটো সহজ জানো ? পাৰিবনে সিহঁতে আমি কৰা আটাইবোৰ কাম নকৰাকে ওলাই যাব ? মুকলি বতাহ ইমান সহজনে সিহঁতৰ বাবে ? আমি পোৱা আটাইবোৰ তিতা টেঙা পাব নালগিবনে সিহঁতে ? সেয়েহে সিহঁতৰ লগতো বিশেষ সলনি নহ’ল , সোঁতৰ বিপৰীতে উটি গৈ কিবা কৈ দায় লগোৱাৰ মজা আগতেই পাই থৈছোঁ বাবে বহু সময়ত কিবা ক’ব খুজিও মনে মনে ৰৈছো বাৰে বাৰে । তাহাঁতে অপমান বোধ কৰা কথাবোৰ বৰ ক্ষোভেৰে ক’বলৈ গৈছিল মোৰ আগত , দুটামান আশ্বাস ভৰা কথা আৰু বিশ্বাসৰ হাতখনেই আছিল তাহাঁতৰ বাবে প্ৰচণ্ড শক্তি । জুনিয়ৰ খটাৰ মজা উপলব্ধি কৰিবলৈও শিকাবলগীয়া হ’ল বহুতকে । অতিমাত্ৰা হঁহাৰ বাবে শৰ্মিষ্ঠা , গৰিমা , ইভাহঁতে যেনেদৰে সদায় পানিশ্বমেণ্ট খালে তেনেকৈয়ে অতিকে বেয়াকৈ বিহু নচাৰ বাবেই মিতালীক দিনৌ বিহু নচুৱাবলৈ ধৰিলে , নিৰ্জু স্বভাৱৰ ছোৱালীজনী বাৰুকৈয়ে আহত হয় প্ৰতিদিনে , বৰ আশাৰে চাই মোৰ চকুলৈ , সকলোৰে সমানে নাহাঁহি তাইক সহায় কৰিব নোৱাৰাৰ দুখত দুখী হৈ তললৈ চাই বহি ৰঁও চিনিয়ৰৰ আসনখনত ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬১

তাই গৈছিলগৈ এদিনৰ পিছতেই মাক দেউতাকৰ লগত , লাঞ্ছনাৰ ৰাতিটো তাই কিদৰে থাকিছিল সেইটো কেৱল তাইহে অনুভৱ কৰিছিল , আমাৰ বান্ধৱীয়ে বৰ ভয় খাইছিল , তাইৰ চিন্তা হৈছিল মৰমলগা ছোৱালীজনীয়ে কিবা অঘটন ঘটাব পাৰে বুলি । তাই লগ এৰি দিয়া নাছিল সেয়েহে ছোৱালীজনীৰ । তাইৰ লগতে মইও ভয় খাইছিলোঁ , কিছুদিনৰপৰা তাইৰ পইচা হেৰোৱাৰ কথা কৈছিল মোক , সেয়েহে তাই নিজৰ ৰূমত পইচা নাৰাখি মোৰ হাতত থ’বলৈ লৈছিল , পিছে কিবা প্ৰয়োজন পুৰাবলৈহে পইচা নিয়ে বুলি ভাবিছিল তাই , বাকী সেই ভয়ানক মানসিক ব্যাধিটোৰ কথা ভুলতো ভবা নাছিল । দুয়োজনীয়ে ভয় খাইছিলোঁ যথেষ্ট । যদি কিবা অঘটন ঘটায় তাই ….

কেতিয়াবা ভাবোঁ তাইৰ লগত বাৰু প্ৰয়োজনতকৈ বেছি কঠোৰ হোৱা হ’লনেকি ? তাইক এবাৰো সুবিধা দিয়া নহ’লনেকি আমাৰফালৰপৰা ? তাইৰ অসহায় চাঁৱনিটো মনত পৰিলে বুকুখন এতিয়াও মোচৰ খাই যায় । পিছে আচৰিতধৰণে পিছদিনা তাইক মাক দেউতাকে নিবলৈ আহোঁতে শান্ত হৈ আছিল , কোনোধৰণৰ বাদ বিবাদ কৰা নাছিল কাৰো লগতে , অধ্যাপক পিতৃ আৰু শিক্ষয়িত্ৰী মাতৃয়ে ছোৱালীজনীক একো সুধিব পৰা নাছিল , তাইৰ চকুলৈও চাব পৰা নাছিল ! মাথোঁ দেউতাকে এটাই কথা সুধিছিল তাইক ” কিয় কৰিলা সোণ ” ? পিতৃ মাতৃ দুয়োজনকে আগদিনা তলা খোলা তাইৰ এলুমিনিয়ামৰ ট্ৰাংকটো দেখুউৱা হৈছিল , এজনেও চাব পৰা নাছিল , তাইৰ লগতে দুয়ো বৰ অসহায় হৈ পৰিছিল সেই সময়ত , মাকৰ বুকুৰ মাজত সোমাই তাই উচুপি উঠিছিল , অনুশোচনাত নহয় , তাই পাৰ কৰা লাঞ্ছনা জৰ্জৰিত ৰাতিটোৰ কথা কৈ কৈহে তাই কান্দিছিল , লৈ যাবলৈ কৈছিল একেবাৰে তাৰপৰা । তেঁওলোক গুচি গৈছিল তাইক লৈ , যাঁওতে আদায় দি গৈছিল তাই লগৰবোৰৰপৰা ধাৰে লোৱা পইচাবোৰ । তাই হয়তো কি হৈ গ’ল একোকে বুজিবই পৰা নাছিল । কাৰণ তাই কৰোঁ বুলি কৰা কাম নাছিল সেইবোৰ , অসুস্থ মনটোৱেহে কৰিছিল তেনে কাম ।

তাইৰ বাবে যে সেইটোৱেই আছিল বিলাস , কাৰোবাৰপৰা অবাবতে ধাৰে লোৱা আৰু সৰু সুৰা বস্তুবোৰ নিজৰ কৰি লোৱা । কিন্তু প্ৰকৃততে সেইটাে আছিল এক ভয়ংকৰ মানসিক ব্যাধি । মাক দেউতাকে তাইক বুকুৰ মাজত ভৰাই লঁওতে হয়তো এটা কথাই ভাবি থাকিল , কিয় হ’ল তেনে ? তেঁওলোকৰ চকুৰ মণি সোণজনী কেনেকৈ আক্ৰান্ত হ’ল সেই ৰোগত ? মৰমৰ সোণকণক পাবনে ঘুৰাই আগৰদৰেই ? গাড়ীৰ ওচৰলৈকে আগুৱাই দিছিলোঁ আমি দুজনীমানে , তাই বৰ শান্তভাৱে গুচি গৈছিল মাক দেউতাকৰ লগত , বৰ শান্ত আৰু নম্ৰতাৰে হাত জোকাৰি মিচিকীয়া হাঁহিৰে বিদায় লৈ গুচি গৈছিল একেবাৰে হোষ্টেলৰ পৰা । কৃষ্ণচূড়াৰ ৰংবোৰ গালে মুখে পৰাৰ বহু আগেয়েই তাই কৃষ্ণচূড়াৰ পাত সৰিবলে ধৰা লঠঙা ডালবোৰক সাক্ষী কৰি জালুকবাৰীৰ মাজেৰেই গুচি গৈছিল আপোন চহৰখনলৈ বুকুত ক্ষোভ লৈ , অভিমান কাৰ প্ৰতি তাইও নাজানিছিল নিজেই ।

কথাবোৰ জোখতকৈ বেছি ৰহণ লগাই আলোচিত হ’ল দুদিনমান , তেতিয়ালৈ হোষ্টেলত চেলোৱাৰ ৱিথ দোপাত্তা পৰিহিতা আৱাসীবোৰৰ পিৰিক পাৰাক চকুবোৰে ভিৰ কৰিছিলহি , আৰু আমাৰ কাপোৰবোৰৰ লগতে মনবোৰো সলনি হৈছিল , জুনিয়ৰৰ খোলাটোৰ পৰা যেনেতেনে ওলাই আহি পাহৰি থাকিলোঁ খোলাটোৰ ভিতৰত পোৱা যন্ত্ৰণাৰ কথা , খোলাটোৰ ভিতৰত উশাহ বন্ধ হৈ যাবলে ধৰাৰ কথা । নতুন খোলাবোৰৰ পৰা যাতে সহজে কোনো ওলাই আহিব নোৱাৰে তাৰবাবে আমিবোৰ সজাগ হ’লোঁ যেন । অঞ্জু থকাকৈ আহিল হোষ্টেললৈ , নম্ৰ ছোৱালীজনীয়ে অহাৰ দুদিনমানৰ পিছতে মোক দম দিব পৰাও হ’ল পিছে , ৰাতি দেৰিলৈকে ডায়েৰী লিখি থকা দেখিলে ডিম্পীবাৰদৰেই দবিয়াই উঠে মোক তাই

” বা …. ন’ ডায়েৰী , ইটচ্ শ্লিপিং টাইম , শুই যাওক ” / “আজি পঢ়া কি হ’ল আপোনাৰ পাপৰি বা ?? ” ইত্যাদি

বাপৰে … এইজনীচোন ডিম্পীবাৰো বুঢ়ীমাকহে ওলাল , জুনিয়ৰতে ডিম্পীবাৰ ধমক খাঁওতেই গ’ল ভালকৈ নপঢ়াৰ কাৰণে আৰু ডায়েৰী লিখি বেছি সময় কটাঁও বুলি আৰু চিনিয়ৰ হৈয়ে জুনিয়ৰ ৰূম মেটৰ মৰমভৰা দম । তাইৰ তেনেকুৱা দমাল আব্দাৰবোৰ শুনিলেই মোৰদৰেই তাইৰ জপৰা চুলিকোচাত ধৰি লাহেকৈ জোকাৰি পিছফালৰপৰা সাৱটি ধৰোঁ মইও চিনিয়ৰ টাইপ ধমক এটা দি , তাইও মোৰ দুহাত সাৱটি ধৰে , আমি আপোন হৈ পৰোঁ , দুয়োজনীয়ে পঢ়া আৰু শোৱা বাদ দি আড্ডা মাৰোঁ ৰাতি এপৰলৈ । দম দিয়া ছোৱালীজনীয়ে পাহৰি যায় নিজৰ পঢ়াৰ কথা , টোপনিৰ কথা ।

তেতিয়ালৈ আমাৰ ব্লকলৈ মুনমুনি , দীপশিখা ৰ পিছতে মিতালি , নমিতা , শৰ্মিষ্ঠা , ভাস্বতীহঁত আহি ব্লকটো ভৰাই পেলাইছিলহি । ফ’ৰ্থ ব্লক আকৌ প্ৰাণৱন্ত হৈ পৰিছিল , চিনিয়ৰবোৰো একেই হৈ গৈছিলোঁ ফ’ৰ্থ ব্লকৰ , জুনিয়ৰক মূৰত উঠাব পৰা বিধৰ । পিছে জিনাক্ষিয়ে মাতিলেই তাহাঁতৰ বুকুত সেই একেই ঢুকঢুকনিটো খৰকৈ বাজিবলৈ ধৰে , তাই বৰ ৰস পায় , আমি লুকাই লুকাই হাঁহো দুয়োজনীয়ে । তাইও এটা টান খোলাৰে নিজকে আবৃত্ত কৰিলে , অনুশাসন শিকাব পৰা কাঢ়া চিনিয়ৰ হৈ জুনিয়ৰক দেখুৱালেও ভিতৰি একেবাৰে মৌমিঠা হৈয়ে থাকিল ।

জুনিয়ৰ মূৰত উঠোৱা চিনিয়ৰবোৰৰ শাৰীত থাকিলোঁ যদিও জুনিয়ৰবোৰে কোনোদিনেই অৱমাননা অথৱা অসন্মান কৰা মনত নপৰে , প্ৰত্যেকজনীয়েই মৰমৰ ভাণ্ডাৰ লৈ আহে চিনিয়ৰৰ মূৰ খাবলৈ , পিছে বেয়া অকণো নাপাঁও , ভালেই লাগিছিল তাহাঁতৰ মাজত নিজকে বিচাৰি পায় । লগৰ কেইগৰাকীমানে আমাৰ কেইজনীমানৰ তেনে উদাসীন চিনিয়ৰৰ ৰূপটো অলপো ভাল পোৱা নাছিল , তাহাঁতক উপেক্ষা নকৰিবলৈকে আমি সন্ধ্যা প্ৰাৰ্থনাৰ পিছৰ চিনাকি পৰ্বত জুনিয়ৰক দিঁও তাহাঁতক নিজকে উপস্থাপন কৰিবলৈ । কবিতা শইকীয়া নামৰ হৃষ্টপুষ্ট মস্ত ছোৱালীজনীক যিদিনা জুইশলা কাঠি এটা লৈ ‘ জয় হনুমান , জয় হনুমান ‘ বুলি হনুমানৰদৰে জপিয়াবলে দিলে কোনোবাই , তেতিয়া সঁচাই চিনিয়ৰৰ হাঁহিৰে হাঁহিত ফাটি পৰিছিলোঁ আমি , তাইও বৰ ফুৰ্তিৰেই কৰা দেখি অকণো বেয়া নালাগিল , পিছে কবিতাৰ বান্দৰ জাঁপ দেখি হাঁহিত বাগৰি পৰিব খোজা যোৰহাটৰফালৰ কেঁকোৰা চুলিৰ ছোৱালীজনীকো তাইৰদৰেই কৰি দেখুৱাবলে মাতি আনিছিল , তাই আছিল শৰ্মিষ্ঠা । দেখাৰেপৰাই তাইৰ চকুত দেখিছিলোঁ এক আত্মীয়তা , তাইৰ হাঁহি থকা চকুযুৰিয়ে বোৱাই নিয়ে তাইৰ ওঁঠলৈ এক মিঠা হাঁহি । তেনেকৈয়ে লাহে লাহে সিহঁতবোৰৰ লগত একাত্ম হৈছিলোঁ , সিহঁতৰ হাঁহিবোৰ যিদৰে উপভোগ কৰিছিলোঁ সেইদৰেই সিহঁতে সন্মুখীন হোৱা কষ্টবোৰৰ উমানো পাইছিলোঁ ।

নাজানো আমাৰ লগৰবোৰৰ কি হৈছিল , কিয় ইমান সলনি হৈছিল , নিজেই জুনিয়ৰ খাটোঁতে বেয়াপোৱাবোৰ নিজৰ জুনিয়ৰবোৰৰ লগত প্ৰয়োগ কৰি কি সুখ পাইছিল ! সিহঁতৰ মাজৰো কাৰোবাৰ চাগে মোৰদৰেই মন গৈছিল জুনিয়ৰ নিষিদ্ধ ছাদখনলৈ যাবলৈ , তাৰপৰা আকাশখন চাবলৈ , শৰাইঘাটৰ মাজেৰে পাৰ হৈ যোৱা জিলমিল জোনাকীৰ মালাডাল চাবলৈ , নাৰিকল পাতৰ মাজেৰে জোনাকৰ স্নিগ্ধতা উপভোগ কৰিবলৈ অথৱা কোনোবা আপোন আপোন লগা চিনিয়ৰৰ সৈতে মনখুলি , পিঠিত ঢকিয়াই কথা পাতিবলৈ । পিছে তেনে হোৱা নাছিল , তেনে কৰাৰ অনুমতি আমি দিব পৰা নাছিলোঁ কাৰণ আমি চিনিয়ৰ আছিলোঁ । এদিন এছেম্বলীত গালি খোৱা কৰবী নামৰ ছোৱালীজনীয়ে ৰাতি ভাত খোৱাৰ আগে আগে আমাৰ ৰিদ্ধিলৈ ( ডিম্পীবা আৰু মই দিয়া আমাৰ ৰূমৰ নাম ) লাহেকৈ দুৱাৰত টোকৰ দি সোমাই আহিল , ৰূমত সোমাইয়েই তাই হুকহুকাই কান্দি উঠিল , তেনেতে সোমাই আহিল আমাৰ ব্লকৰে আন এজনী জুনিয়ৰ নমিতা । তাইৰো একেই অৱস্থা কৰবীৰ স’তে । দুয়োজনী যায়গৈ হোষ্টেল এৰি , বিবুধি হৈছিলোঁ আকৌ এবাৰ , বুজাইছিলোঁ দুয়োকে , বুজিছিল সিহঁতে , সিহঁতৰ বাবে হৈ পৰিছিলোঁ আশ্বাস আৰু ভৰষাৰ এক অন্য নাম , চুন্নীয়ে ভাতৰ কাঁহীখন লৈ আহিছিল মোলৈ , সিহঁত দুজনীও গৈছিলগৈ বুকুত বিশ্বাস লৈ ।

ইফালে ডিপাৰ্টমেণ্টৰ জুনিয়ৰহঁতৰ লগত কথাবোৰ বেলেগ আছিল , চিনিয়ৰ জুনিয়ৰৰ এই ব্যৱধানটো হোষ্টেল আৰু ডিপাৰ্টমেণ্টত সম্পূৰ্ণ বেলেগ , একেবোৰ চিনিয়ৰেই ডিপাৰ্টমেণ্টত হৈ পৰে অতি সোনকালেই বন্ধু । আমাৰ ডিপাৰ্টমেণ্টৰ ডি অাৰ হৈছিল কল্প আমাৰ সকলোৰে সমৰ্থনত , সি আয়োজন কৰিছিল চিনিয়ৰ vs জুনিয়ৰ প্ৰীতি ক্ৰিকেট খেল এখনৰ । ল’ৰা ছোৱালীৰ পৃথক পৃথক টিম নহয় , টিম দুটাই । চিনিয়ৰৰ এটা আৰু আনটো জুনিয়ৰৰ । অনুশীলন আৰম্ভ হৈছিল আমাৰ , অনুশীলনৰ নামত আচলতে পিং পং গ্ৰূপটো আৰু সক্ৰিয় হৈ পৰিছিলোঁ , কল্প আৰু সঞ্জীৱৰ ৰূমত হামলা দিছিলোঁ মাজে মাজে । তাহাঁতৰ দুখ , আমি তাহাঁতৰ ৰূমলৈকে যাব পাৰোঁ , তাহাঁত আমাৰ কেম্পাছতো সোমাব নোৱাৰে বাবে । ভাল লাগিছিল , উপভোগ কৰিছিলোঁ সময়বোৰ হেঁপাহ পলুৱাই । আনহাতে য়ুনিভাৰ্ছিটিত আয়োজন কৰিছিল ইন্টাৰ হোষ্টেল কাবাডী , ভলী আদি প্ৰতিযোগিতাবোৰ । আকৌ আৰম্ভ হৈছিল অামাৰ AT 9 লৈ সঘন আহ যাহ , প্ৰতিদিনেই গৈছিলোঁ আকৌ হেঁপাহৰ হোষ্টেলটোলৈ খেলৰ অনুশীলনৰ বাবে ।

এদিন সন্ধ্যা পৰিচয় পৰ্বত সঁচাকৈয়ে আমাৰ হোষ্টেলটো হাঁহিত উৰি যাঁও যেন হৈছিল , অন্তৰ খুলি কেৱল চিনিয়ৰেই নহয় , জুনিয়ৰেও হাঁহিছিল সিদিনা , যাৰে চকুৱে চকুৱে পৰিছিল তাৰেই চকুৰ পানী ওলাই যোৱাকৈ হাঁহি উঠিছিল । অৱশ্যে হাঁহিৰ খোৰাক যোগোৱা ছোৱালীজনীয়ে নাজানিছিল কিয় হাঁহিছিল সকলোৱে ! তাইও হাঁহিছিল সিদিনা অন্তৰ খুলি , তাই লজ্জিত হ’বলগীয়া নাছিলেই একো , সেয়েহে প্ৰাণখুলি অকণমানি ছোৱালীজনীয়েও হাঁহিত ফাটি পৰিছিল সকলোৰে লগত । চৰ অঞ্চলৰপৰা তিনিজনী বৰ সহজ সৰল ছোৱালী আহিছিল , সিহঁতৰ সাজ পোছাকত পিছে আজিৰদৰে উশাহ বন্ধ হৈ যোৱা ৰক্ষণশীলতা নাছিল । তাহাঁত তিনিজনী আছিল আচফিয়া , লিলিয়াৰা আৰু অঞ্জুমা । তিনিওজনীয়ে ফাৰ্ষ্ট ব্লকতে পাইছিল সৌভাগ্যক্ৰমে , ডিপাৰ্টমেণ্ট আছিল আৰবীক ।

সন্ধ্যা সকলোকে দিয়াৰ দৰেই সেইদিনা আচফিয়াক দিয়া হৈছিল কেটৱাক কৰিবলে , বেচেৰী ছোৱালীজনী সেই শব্দটোৰ লগত সম্পূৰ্ণ ৰূপে অপৰিচিত আছিল বাবে দুবাৰকৈ সুধি বুজিবলৈ চেষ্টা কৰিছিল কি হ’ব পাৰে সেইটো । কিন্তু তাই শব্দটোৰ দুয়োটুকুৰা শব্দৰ অৰ্থ জানিছিল , গতিকেই অলপ ভাবি তাই তললৈ হাউলি বহি পৰিছিল ঠিক চতুষ্পদীৰ দৰেই , আমি আচৰিত হৈছিলোঁ আৰু আশ্চৰ্যত চাইছিলোঁ কি কৰিবলৈ গৈছে বুলি , পিছে ভাবি শেষ নহওঁতেই তাই আগবাঢ়ি আহিছিল ঠিক মেকুৰীটোৰ দৰেই , মেও মেও মেও বুলি মাতি মাতি । বুজি পায় হাঁহিত উৰি যাঁও উৰি যাঁও অৱস্থা হৈছিল হোষ্টেলটোৰ । বেচেৰীজনীয়ে কেটৱাক শব্দটোৰ অৰ্থ নিজেই উলিয়াই লৈছিল ‘মেকুৰী খোজ ‘ বুলি , সেয়েহে তাই মেকুৰীৰ দৰেই মেও মেও কৰি আগুৱাই গৈছিল আমাৰ চিনিয়ৰ বোৰৰ ফালে । ইমান সহজ অন্তৰৰ ছোৱালী লগেই পোৱা নাই কেতিযাও , অানকি তাইৰ লগতে অহা লিলিয়াৰাও ইমান সৰল হয়তো নাছিল , মৰম লাগি গৈছিল ছোৱালীজনীলৈ , লাজকুৰীয়া হাঁহি এটাৰে তাই আকৌ সোমাই পৰিছিল জুনিয়ৰ নামৰ খোলাটোত , প্ৰত্যেকজনীয়েই ওঁঠত সেই চেইনডাল টানি লৈ জুনিয়ৰৰ খোলাটোত সোমাই পৰিছিল আকৌ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬০

আকৌ সহজ হৈছিল কথাবোৰ , আচলতে সহজকে ল’বলৈ শিকিছিলোঁ বহুবোৰ কথা । এইক্ষেত্ৰত ৰিমকিবাৰ প্ৰেৰণা আছিল প্ৰভূত , বায়ে কোনোদিনেই কোৱা নাছিল যদিও তেঁওৰ কথা কাণ্ড দেখি দেখিয়েই সহজ হৈছিল কথাবোৰ , ভাৱবোৰ । আৱেগৰ লেকামডাল মুকলি নোহোৱাকৈ নিয়ন্ত্ৰণ কৰিবলৈ সময়ে শিকাই গৈছিল । ৰূণাৰ নেতৃত্বত আমাৰ হোষ্টেলৰ কাম কাজ নিয়াৰিকৈ চলিবলৈ ধৰিলে , তাই কম সময়ৰ ভিতৰতেই যোগ্য প্ৰিফেক্টৰ সকলোবোৰ গুণ আয়ত্ত কৰি ল’লে , আনফালে দূবৰিহঁতৰ হোষ্টেলৰ প্ৰিফেক্ট হ’ল দূবৰি । বেয়া লগা কথাবোৰ মনৰপৰা দূৰলৈ আঁতৰাই কৃষ্ণচূড়াৰ দেশত কেৱল ৰংবোৰৰ স্মৃতি বুকুত সজীৱ কৰি ৰাখিবলৈ যত্নপৰ হ’লোঁ । আমাৰ ডিপাৰ্টমেণ্টৰ চিনিয়ৰসকলৰ বিদায়সভাৰ দিনাই আমি সম্পূৰ্ণ চিনিয়ৰৰ মৰ্যাদা পালোঁ যদিও সঁচা অৰ্থত চিনিয়ৰ চিনিয়ৰ ভাৱটো মনলৈ আনিব নোৱাৰিলোঁ পিছে , কিয় জানো জুনিয়ৰৰ খোলাটোৱেই চোন ভাল লগা আছিল মোৰ বাবে । কুৰুকি কুৰুকি যে সোমাই থাকিব পাৰি খোলাটোত কেঁকোৰাৰ দৰেই মন গ’লেই , শেনচকুৱে চাই থাকিলেও যে খোলাটোৰ পৰা নিজেই নেদেখাকে লুকুৱাই ৰাখিব পাৰি নিজকে , ইমানযে নিৰাপত্তা অনুভৱ কৰিছিলোঁ সেই খোলাটোৰ ভিতৰত ।

কথাবোৰ সলনি হৈছিল , তেতিয়া সেই খোলাটোৰ পৰা ওলাই আহি পূৰ্ণতা প্ৰাপ্তিৰ সুখত সুখী হৈ আকৌ যে খোলাৰ মাজত থকাবোৰক অনুশাসন আৰু মৰমৰ জৰীডালেৰে আটোলটোলকৈ বান্ধি ৰখাৰ সময় আহিছিল । লাহে লাহে হোষ্টেলৰ সেই বিশাল চৌহদৰ গেইটৰ মাজেৰে সোমাই আহিছিল এখন এখনকৈ অ’টো , কোনোখন যদি RCC 5 ৰ গেইটত ৰৈছিলহি , কোনোখন আকৌ AT 10 ৰ গেইটৰ সন্মুখত । সেইদুটা হোষ্টেলৰ গেইটত নোৰোৱাকেইখন ৰৈছিলহি আমাৰ হোষ্টেলৰ বগৰীজোপাৰ গেইটৰতলত । চেলোৱাৰ কামিজ ৱিথ দোপাত্তা পৰিহিতা অকণমানি যেন লগা পিৰিক পাৰাক চকুৰে হোষ্টেলৰ ফালে কেৰাহিকৈ চাই তলমুৱা হোৱা , মুখত অজান-অনামী ভাৱ এটাই বিহ্বল কৰি তোলা মৰমলগা ছোৱালীবোৰে খপজপকে হ’ল্ডৌলটো লৈ সোমাই আহিছিল গেইটৰ ভিতৰেৰে , তাহাঁতৰো লক্ষ্য আছিল সেই একেই ফাৰ্ষ্ট ব্লক , ৰূণাৰ ৰূম থকা ব্লক , বুকুত চাগৈ সেই একেই ঢুকঢুকনি । বাহিৰত ৰ’দ লৈ থকা চিনিয়ৰ কেইগৰাকীৰ ( আমাৰ লগৰ ) কাষেৰে সমীহেৰে ভয় ভয়কৈ সোমাই আহিছিল হোষ্টেলৰ ভিতৰলৈ । কথাবোৰৰ যেন পুনৰাবৃত্তি হৈছিল , চলি থকা ৰিলটো যেন বেকৱাৰ্ড ম’ডত ঘুৰিছিল পুনৰ , মাথোঁ সলনি হৈছিল মুখবোৰ , চকুবোৰ । চকুৰ চাঁৱনি আৰু মুখৰ ভাষা হ’লে একেই আছিল ।

আবেলি ক্লাছৰ পৰা আহি অকলশৰীয়া হঁও বাবে প্ৰায়ে লভিতাৰ ৰূমত বহি থাকোঁ জীনাবাৰ স’তে , জীনাবাহঁতৰ পৰীক্ষা হোৱা নাছিল বাবে যোৱা নাছিল বহুদিনলে । জীনাবা নথকা ৰূমটোলে আহিছিল লভিতাৰ ৰূমমেট হৈ তুলিকা , জিনাক্ষি ওলাই যায় আবেলি প্ৰিয়জনৰ সৈতে জালুকবাৰী বিলাসত , খোজ কাঢ়ে দুয়ো কৃষ্ণচূড়াবোৰৰ তলে তলে , পিছে হাতে হাত ধৰি নাযায় দুয়ো , মনৰ মিলেৰে আগুৱাই সাতে সোতৰই মিলাই লৈ । মোৰ ৰেইন-ট্ৰি জোপা হৈ পৰে একেবাৰেই আপোন । ডিম্পীবা যোৱাৰ অলপদিনৰ পিছত মোৰ ৰূমত বস্তু থ’বলে আহিছিল এজনী মৰমলগা ছোৱালীয়ে , নাম তাইৰ অঞ্জু সিং , মৰমতে চুন্নী , পিছে চুন্নী অহা নাছিল তেতিয়ালৈকে , গতিকেই অকলশৰীয়া সময়বোৰত সেই গছজোপাই আছিল মোৰ পৰম মিত্ৰ , চাই থাকোঁ , কেৱল চাই থাকোঁ । হেঁপাহ নপলোৱালৈকে চাই থাকোঁ । তেনেকুৱাতে লভিৰ ৰূমত বহে চাহৰ আড্ডা , আড্ডাৱাজ দগাৱাজ কেইটা আছিলোঁ প্ৰায়ে লভি , তিৰু , ৰিতু , তুলি , গীতি আৰু মই । তাৰপৰাই দেখোঁ আশাভৰা চকুৰে ভয়াৰ্ত চাঁৱনিৰে সোমাই অহা আমাৰ জুনিয়ৰ বোৰক । ভাল লাগিছিল চিনিয়ৰ বুলি ডেমাকী এটা মাৰিব পাৰিম বুলি , পিছে ফ’ৰ্থ ব্লকৰ চিনিয়ৰ আমি , আমি যে নিশিকিলোঁ আমাৰ চিনিয়ৰৰ পৰা জুনিয়ৰৰ ওপৰত দম্ভালি দেখুৱাবলে , পাৰিমনে আমি জুনিয়ৰ বোৰক চম্ভালিবলে ??

ৰুনু বাইদেউৰ পি চি অ’ৰপৰা ওলাই হোষ্টেলত সোমাব খোজোঁতেই এখন অ’ট ৰৈছিলহি ঠিক মোৰ কাষতে , কোনোবা জুনিয়ৰ হ’ব চাগে বুলি পাৰ হৈ যাব খোজোঁতেই দেউতাৰ মাতটো শুনি থমকি ৰৈছিলোঁ , পিছে দেউতা নাছিল , কিন্তু দেউতাক আছিল । দেউতাৰ প্ৰায় সমবয়সীয়া দেউতা এজনেই থ’বলে আহিছিল দুইনম্বৰ জীয়েকক , অকণমানি ছোৱালীজনীক দেখিলে নাইন টেনত পঢ়ি থকা যেনহে লাগিছিল পিছে । তেখেতৰ মাজনী সম্বোধনটোত বুকুখন ভৰি আহিছিল , আথে বেথে বহুৱাবলে মন গৈছিল দেউতাৰদৰেই । পিছে ছোৱালীৰ হোষ্টেল । ছোৱালীজনীক যেন গটাই থৈহে গৈছিল মোৰ হাতত , ভৰষা কৰি গৈছিল , জীয়েকক যেন ডাঙৰ বায়েকৰ ওচৰত থৈ নিঃশ্চিন্তমনেৰে উভটি গৈছিলগৈ প্ৰথম দেখাতে শ্ৰদ্ধা ওপজা মানুহজন । তাইৰ নমটো জ্যোতিৰূপা গগৈ , নামটোৰ লগত মিলি যোৱা জেউতিৰে তাইৰ চকুহালি উজলি উথিছিল , কিয় জানো নামটো কিবা মুনমুনি হ’লে ভাল লাগিব যেনহে লাগিছিল পিছে । কেঁকোজেকোকৈ বেগবোৰ উঠাই লৈ যোৱা ছোৱালীজনীলৈ বেয়া লাগি বেগকেইটা ডাঙি নিছিলোঁ ওপৰলৈ তাই বাৰম্বাৰ মানা কৰা সত্বেও , তাইও জানিছিল হোষ্টেলৰ নিয়ম । তথাপিও দেউতাকৰ আকূতিভৰা মুখখনত দেউতাক দেখাৰ দৰেই লাগিছিল বাবে তাইক অকলে বেগবোৰ উঠাই নিবলে দিব পৰা নাছিলোঁ , তাই সোমাইছিলগৈ জিনাক্ষিৰ ৰূমত , তাইৰ বেগ এটা কঢ়িয়াই নিয়া দেখি মোৰ লগৰ এগৰাকীয়ে আকৌ সেই একেই বিদ্ৰূপভৰা মাতটোৰে কাণৰ কাষে কাষে কটাক্ষ কৰি গ’ল ” ঐ মক্কেলামি আৰম্ভ নকৰিবি দেই আৰম্ভণিতেই ” । পিছে থমকি ৰোৱা নাছিলোঁ অথৱা চকুপানীও ওলোৱা নাছিল , ওঁঠৰ ফাঁকেৰে সৰি পৰিছিল হাঁহি এটা জান নেজানকৈ , মনতে ভাবিছিলোঁ তোমালোকেইচোন চিনিয়ৰৰ চোলাটো বৰ আপচু দেখিছিলা , পিছে কিয়নো এতিয়া সেই একেটা চোলাকে পিন্ধিলা ??

একেদৰেই চলিছিল হোষ্টেল , একেই নিয়ম , একেই অনুশাসন , একেই প্ৰাৰ্থনা । সন্ধ্যা প্ৰাৰ্থনাৰ পিছত একেই পৰিচয় পৰ্ব ডাইনিং হলত , পিছে সলনি হৈছিল ঠাইবোৰ , আমি লৈছিলোঁ চিনিয়ৰৰ আসনবোৰ আৰু আমাৰ সন্মুখত বাঘৰ আগত পৰা হৰিণীৰ দৰে ঠিয় দি ৰৈছিল হোষ্টেললৈ অহা নৱাগতাহঁত । আৰম্ভণিতে তেনেই কেইজনীমানহে আছিল , তেতিয়ালৈকে বেচেৰীহঁতে ব্লক ইণ্ট্ৰ’ আৰম্ভ কৰাই নাছিল । আমাৰ ব্লকত তেতিয়া দীপশিখা , অঞ্জু আৰু জ্যোতিৰূপা । অঞ্জু মোৰ ৰূমলে অহাৰ আগতেই মোৰ ৰূম মেট হ’বলৈ বিচৰা ৰজনীগন্ধা , কবিতা , পিংকী , শৰ্মিষ্ঠা , মিতালী , নমিতা , ৰেখা , লিলিয়াৰা , আচফিয়া , অঞ্জুমাকে আদি কৰি কেইবাজনীও আৰু দুজনীমান । ছোৱালীবোৰ এবছৰৰহে জুনিয়ৰ আছিল যদিও পিছে বৰ সৰু সৰু লাগিছিল , চিনিয়ৰ চকুযুৰিয়ে হয়তো তেনেকৈয়ে দেখে , সেয়েহে সৃ্ষ্টি হয় কটকটীয়া অনুশাসনৰ । সিহঁতেও গালি খাইছিল , হাঁহিছিল , হঁহাৰ শাস্তি পাইছিল আমাৰ এবছৰৰ আগৰ দিনবোৰৰ দৰেই । তাৰে মাজত এজনী ছোৱালী আছিল বৰ বিশেষ , আমাৰ হোষ্টেলত আমাৰ প্ৰথম জুনিয়ৰ ।

বান্ধৱী গপতে ওফন্দিছিল প্ৰথম চিনিয়ৰ হৈ , তাইৰ হাঁহিবোৰ উফৰি উফৰি আহিছিল জুনিয়ৰৰ মৰমত আৰু বেছিকৈ , ছোৱালীজনী সঁচাকৈয়ে বৰ মৰমলগা আছিল , থোপোকা ছোৱালীজনী বান্ধৱীৰ লগত মিলিছিলো বাৰুকৈয়ে । আহিয়েই চমক দিছিল সোৱাদভৰা ৰন্ধন জুতিৰ , বান্ধৱীয়ে আমাক মাতি নি তাই বনোৱাবোৰ খুৱাইছিল , আমাৰ হিংসা লাগিছিল মৰমী বান্ধৱীলৈ । তাই সকলোৰে মৰমৰ হৈ পৰিছিল , বা বা বুলি সকলোকে মৰম লগাইছিল অহাৰদিনাৰেপৰাই । পিছে তাইৰ যে এক ভীষণ আকৰ্ষণ আছিল এক বিশেষ বস্তুৰপ্ৰতি , লাহে লাহে তাইৰ সেই আকৰ্ষণৰ ওপৰত মুঠেই নিয়ন্ত্ৰণ নাইকিয়া হৈ গৈছিল , পিছে বান্ধৱীয়ে গমেই পোৱা নাছিল তাইৰ ৰূম মেটৰ আকৰ্ষণৰ কথা , কেৱল তাইয়েই নহয় কোনেও গম পোৱা নাছিল ।

হঠাতে ফাৰ্ষ্ট ব্লক আৰু ছেকেণ্ড ব্লকৰ ছোৱালীবোৰৰ অন্তৰ্বাসবোৰ মেলি থোৱাৰপৰাই নাইকিয়া হ’বলৈ ধৰিছিল , প্ৰথমতে এটা দুটা হেৰাই বাবে কথাটো ইমান আলোচনা হোৱা নাছিল , পিছে লাহে লাহে একেলগে দুজনী তিনিজনীৰ অন্তৰ্বাস নোহোৱা হ’বলৈ ধৰিলে , কথাটো ইজনী সিজনীকৈ সকলোৰে কাণত পৰিলেগৈ , কথাটো বহল হ’ল । সকলোৰে সন্দেহ হোষ্টেলত থকা পুৰুষকৰ্মীসকল , হয়তো তেঁওলোকৰ ছোৱালীৰ অন্তৰ্বাসৰ প্ৰতি দুৰ্বলতা অথৱা কিবা বেয়া কামৰ প্ৰৱণতা । কথাটো ৱাৰ্ডেন বাইদেউকো অৱগত কৰোৱা হ’ল , পিছে নোহোৱা হৈয়ে থাকিল কাপোৰবোৰ , ছোৱালীবোৰৰ মহা চিন্তা হ’ল । বহুতে ভয়ো খালে কোনোবাই কিবা বেজ বেজালি কৰিছে বুলি , আকৌ এটা বেয়া মানুহ হোষ্টেলৰ পিছফালে মাজে মাজে ওলাই বুলিও গম পোৱা আমিবোৰে সেই বেয়া মানুহটোৰে কাম বুলিও ভাবিছিলোঁ । পিছে সন্ধানী চকুৰপৰা সাৰি যাব পৰা নাছিল আণ্ডাৰৱেৰ ফেটিচিজমত আক্ৰান্ত আমাৰ প্ৰথম মৰমলগা জুনিয়ৰ জনী । তাই চিকাৰ হৈছিল সেই মানসিক ৰোগৰ , ধৰা পেলাইছিল তাইক কোনোবা এজনীয়ে , গালি গালাজ কৰিছিল সকলোৱে , বাধ্য কৰিছিল তাইৰ ট্ৰাংক খুলি দেখুৱাবলৈ , ভয়ে ভয়ে তাই জেপত লৈ ফুৰা চাবিপাতেৰে খুলি দিছিল ৰঙা ৰঙৰ তলাটো । সকলোৰে মুখৰপৰা অদ্ভূতধৰণে চিঞৰ এটা ওলাই আহিছিল … ‘ ইচ্ ৰাম…… গোটেইবোৰচোন ইয়াতে ওলাল ‘

হয় তাইৰ বাকচটোতে ওলাইছিল চুৰি হোৱা আটাইবোৰ অন্তৰ্বাস , সকলোৱে ধিক্কাৰ দিছিল তাইক , গালি পাৰিছিল , চুৰুণী বুলিছিল । তাই কান্দিছিল , আমাৰ মাজৰপৰা কোনোবা দৌৰ মাৰিছিল ৰুণুবাৰ পি চি অ’লৈ , লীলাৱতী বাইদেউক খবৰ দিবলৈ , তাইৰ মাক দেউতাকক খবৰ দিবলৈ । বুকুখন বিষাই উঠিছিল যদিও সোঁতৰ বিপৰীতে যোৱা নাছিলোঁ সিদিনা । তাইৰ সেই সময়ৰ চকুযুৰিয়ে যেন আজিও ক’ব খোজে কিবা এটা ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৯

১৮ নৱেম্বৰ ২০০৪ , বৃহস্পতিবাৰ ;

সিদিনা আছিল ২০০৪ চনৰ নৱেম্বৰ মাহৰ ১৮ তাৰিখ বৃহস্পতিবাৰ । সেইদিনটো জীৱনৰ স্মৰণীয় দিনবোৰৰ ভিতৰত এটা হৈ ৰ’ব , সিদিনাখন আমাৰ সংস্কৃত বিভাগৰ চিনিয়ৰ সকলৰ আনুষ্ঠানিক বিদায়ৰ দিন আছিল ডিপাৰ্টমেণ্টৰপৰা আয়োজন কৰা । আয়োজক আমি , আমাৰ ব্যস্ততাৰ অন্ত নাই , ভাল লগাবোৰৰ স’তে বেয়া লগাবোৰেও বুকুত ভিৰ কৰিছিলহি । চকুত পুনৰ আন এখন ছবিয়ে ভৰ কৰিছিলহি , এবছৰৰ পিছৰ ছবি খনে , আমাৰ চিনিয়ৰসকলে আমালৈ চাই মৰা উদাস হাঁহিটোৰদৰেই হাঁহি এটা দুওঁঠৰ ফাঁকেৰে সৰি পৰিছিল , হয়তো কোনোবাই জানিছিল , কোনোবাই দেখিছিল , সকলোৰে হয়তো একেই হৈছিল । গতানুগতিকতাক পৰিহাৰ কৰি সেইবাৰ প্ৰথমবাৰলৈ আমি আমাৰ ডিপাৰ্টমেণ্টৰ এইটাে অনুষ্ঠান আয়োজন কৰিছিলোঁ নতুন ফেকাল্টি হাউচৰ কেণ্টিনৰ লগত থকা প্ৰেক্ষাগৃহটিত । সজাই পৰাই তুলিছিলোঁ আমি বৰ সুন্দৰকৈ প্ৰেক্ষাগৃহটি , সকলোৰে সহযোগিতা আছিল অত্যন্ত আন্তৰিক । আমাৰ চিনিয়ৰসকলৰ সকলো আহিছিলেই লগত আহিছিল কিছু নতুন চকু মুখ , চকুত সপোন বুকুত হেঁপাহ লৈ যেনেদৰে আমি আহিছিলোঁ এবছৰৰ আগতে । তিনিটা বৰ্ষৰ ছাত্ৰ ছাত্ৰী , শিক্ষক শিক্ষয়িত্ৰী , অতিথি সকলোৰে সক্ৰিয় সহযোগিতাত অনুষ্ঠানটি আকৰ্ষণীয় আৰু আটকধুনীয়া হৈ উঠিল ।

সেইবছৰেই আৰু পঞ্চকন্যা আহিছিল সংস্কৃত বিভাগলৈ , ঠিক আমাৰদৰেই , তেঁওলোক যে আমাৰ অতিকে আপোন ,তাতে দেৰগাঁৱৰ । আটাইকেইজনী ইজনীতকে সিজনী চৰা , অতি পাৰদৰ্শী । চকুত জালুকবাৰী ৰংবোৰে ভিৰ কৰা পঞ্চকন্যা আছিল গীতাৰ্থী , অৰ্পিতা , মৌচুমী , মনীষা আৰু আশাজ্যোতি । পাঁচোজনীৰ কণ্ঠও অতি সুন্দৰ , নীলাক্ষিবায়ে তেঁওলোকৰ ফালৰপৰা ডিপাৰ্টমেণ্টলৈ বুলি আগবঢ়াইছিল বহুখলপীয়া চাকি এগছ , সেই গছিতেই শিক্ষক সকলে বন্তি প্ৰজ্বলন কৰাৰ সময়তেই নতুনকৈ অহা পঞ্চকন্যাই শুৱলাকৈ সমবেতভাৱে গাইছিল ” দীপং জ্যোতি পৰম্ ব্ৰক্ষ / দীপং জ্যোতি জনাৰ্দনঃ…..” প্ৰেক্ষাগৃহটি কাঁহ পৰি জীণ গৈছিল সেই সময়ত , সকলোৰে বুকুবোৰত ৰুৰুৱাই বাজি উঠিছিল ভিন্ন ভিন্ন সুৰ সেই শ্লোকটিৰ লগতে , বিৰহৰ , নতুনত্বৰ , সপোনৰ সুৰ হৈ বাজি উঠিছিল হিয়াৰ কোণে কোণে , ভাগে ভাগে ।

সভাত সিদিনা তেঁওলোকক সময় দিয়া হৈছিল , আমাৰ অনুষ্ঠান তেনেকৈ নাছিল , আমি বিচাৰিছিলোঁ তেঁওলোকৰ মৰম ভালপোৱাবোৰ মাথোঁ গীতেৰে সুৰেৰে । নৱদায়ে যেতিয়া বাঁহীত সুৰ তোলে সেই সময়ত দাদাই যেন পৃথিৱীখন পাহৰি যায় , লগতে শ্ৰোতাৰো একে গতিয়েই হয় , সিদিনাৰ সুৰ যেন অলপ বেলেগ আছিল , অলপ বেছিকৈয়ে কৰুণ হৈ পৰিছিল বাঁহীৰ সুৰটো । আৰু আগলৈ নৱদাৰ বাঁহীৰ মাত শুনিবলৈ নোপোৱাৰ দুখে বুকুখন হাঁহাকাৰ কৰি উঠিছিল সকলোৰে , ইটোৰ পিছত সিটোকৈ সুৰ তুলিছিল দাদায়ে বাঁহীত ‘ কপৌ ফুলে নুশুৱাই ‘ , ‘ শুন শুন ৰে শুন বৈৰী প্ৰমাণা ‘ ইত্যাদি । দোষ্টী প্ৰাণজিৎ দা আৰু আত্ৰেয়দাৰ দ্বৈত কণ্ঠৰ সেই সুমধুৰ গীতটো গাইছিল আমাৰ বাবেই , কেনে সুমধুৰ , কিযে যুগলবন্দী তেঁওলোকৰ । পাৰ হৈছিল তেনেকৈয়ে এটা এটা অনুষ্ঠান । সকলোৰে চকুবোৰ সেমেকি উঠিছিল , কথা ক’বলে যেন কোনোৱেই উঠি যাব পৰা নাছিল , বুকুত কঢ়িয়াই ফুৰা দুখবোৰ চকুপানী হৈ গলিছিল সেইদিনা তেঁওলোকৰ , লগতে আমাৰো ।

পাৰ হৈ যোৱা প্ৰতিটো মুহুৰ্তই যে আছিল আমাৰ বাবে বিশেষ , চিনিয়ৰ জুনিয়ৰৰ ব্যৱধানটো যে নাছিলেই একেবাৰে আমাৰ মাজত । পাপৰিবা , আশাবা , বিন্তীবা , ডিম্পীবা , জুৰিবা , গায়ত্ৰীবা , মিতালীবাহঁতৰ চকুপানীবোৰ এক হৈছিল তেঁওলোকৰ বিদায়ৰ সময়ত , গালে গালে বৈ পৰা চকুলোবোৰ বুকুৰে বৈ গৈছিল সকলোৰে । আৰু সুমন দা ? সুমনদাক মাতিব পৰা নাছিলোঁ , কটনৰে চিনিয়ৰ সুমনদাৰ আশ্বাসৰ হাতখন সিদিনাৰপৰাহে একেবাৰে আঁতৰ হ’ব যেন লাগিছিল , সুমনদায়ে কিন্তু স্বভাৱসুলভ হাঁহিটোৰেই নীৰৱে চকুৰেই যেন আমাক বুজাইছিল ‘ মই সদায় আছোঁ তোমালোকৰ লগত , ভালে থাকা মাথোঁ ‘ । সুমনদাৰ ওচৰত সিদিনা আব্দাৰ ধৰিব পৰা নাছিলোঁ একো কথাৰে , মাতষাৰ লগাবলৈও যেন কষ্ট হৈছিল , ডিঙিটো বিষাই উঠিছিল , সেয়াই হয়তো শোকে খুন্দা মাৰি ধৰা বুলি কয় । অৱনদা প্ৰথম দেখাৰেপৰাই আপোন , সিদিনা আৰু আপােন হৈ পৰিছিল , ৰাস্তাত কাম কৰি থকা সেঙুননকীয় কেঁচুৱা এটাকো বুকুৰ উমেৰে সাৱটি লোৱা অৱনদায়ে পিছে মাত নলগোৱাকৈয়ে গুচি গৈছিল আমাক , তেঁওৰদৰেই বহুত গুচি গৈছিল মাত নলগোৱাকৈয়ে , বুকুত আকৌ গোট মাৰিছিল চকুলোবোৰ । গান বলীয়া ল’ৰাটোৰ চকুযুৰিৰ লগতে বুকুখনো সেমেকি উঠিছিল , সিদিনাৰ চকুহালি আছিল বৰ উদাস , বৰ শান্ত ।

সকলো গৈছিলগৈ , শিক্ষকসকলো গৈছিলগৈ আমাক প্ৰশংসাৰে ওপচাই । আগতেও ভাল হয় সকলো অনুষ্ঠান , তথাপিও সেইবাৰ হেনো বেছি ভাল হ’ল । আমিও সিদিনাৰপৰাই পিন্ধি ল’লোঁ চিনিয়ৰৰ চোলা আৰু নতুনকৈ অহা বোৰ সোমাই পৰিল সেই একেই জুনিয়ৰৰ খোলাটোৰ ভিতৰত ।

বিদায়োৎসৱৰ শেষত আমি চিনিয়ৰলৈ উন্নীত হোৱা গেংটোৰ একাংশ

” কিমান অচিনাকিৰ স’তে / চিনাকি হোৱাৰ পিছতো / সহজ হ’ব পৰা নাই ক’তো / বচাব খুজিও , বচাব পৰা নাই কাকো / কথা দি ৰাখিব পৰা নাই কথা ॥ ” সভাখনৰ পিছত শ্ৰদ্ধাৰ কবি সমীৰ তাঁতী ডাঙৰীয়াৰ এই কবিতাৰ পংক্তিটোৱেই মন মগজুত ঘুৰি থাকিল , সঁচাকৈয়ে কিয় হয় বাৰু এনেকুৱা ? কিয় আমি ৰাখিব নোৱাৰোঁ কথা ? কিয় আমি সময়ৰ লগে লগে পাহৰোঁ নিজৰ এসময়ৰ লগবোৰৰ কথা ? কিয় ? বিদায় বালাৰ দুখবোৰত একাত্ম হৈ বন্ধু অংশুমানে কৈছিল পিছৰ বছৰৰ বিদায় সভালে নহাৰ কথা । পিছৰ বছৰ ! আমাক বিদায় জনোৱাৰ দিনা ! এবছৰৰ আগতেই বিদায় বেদনাৰ বুকুভগা অনুভৱ ! নাঃ , নোৱাৰিচোন একো ভাবিব ।

ডিম্পীবা বিহীন ৰূমটোত শান্তিৰে শুবও পৰা নাছিলোঁ , বিদায়সভাৰপৰাই বাহিৰে বাহিৰে বা গৈছিলগৈ ঘৰলৈ , সেইবাৰ হেনো ডিম্পীবায়ে এখন চিঠি লিখি দেউতাকক সকলো কথাই কৈ দিছিল ,কৈ দিছিল ভৱেনদাৰ অবিহনে কাকো যে বুকুৰ আপোন কৰি ল’ব নোৱাৰে , দেউতাইও হেনো এখন চিঠিৰেই প্ৰত্যুত্তৰ দিছিল বাক , বায়ে মোক ক’ব পৰা নাছিল কি লিখিছিল দেউতায়ে তেঁওলৈ । বহু কথাই বুজি উঠিছিলোঁ ডিম্পীবাৰ , বা বৰ আৱেগিক হৈছিল , জীয়ৰী জীৱনৰ শেষ দিনকেইটা প্ৰাণভৰি দেউতাকৰ লগত কটাব বিচাৰিছিল হাঁহি আৰু মৰমেৰে । আনফালে মোৰ অৱস্থা বেয়া হৈছিল , পাহৰাব খুজিও পাহৰিব পৰা নাছিলোঁ ৫ নৱেম্বৰৰ দিনটোৰ কথা , আমাৰ প্ৰিফেক্ট চিলেক্শ্যনৰ দিনটোৰ কথা । কিয় আৰু কোনে নাজানো মোৰ নামটো প্ৰস্তাৱ কৰিছিল প্ৰিফেক্টৰ বাবে , যাৰ বাবে মই প্ৰস্তুত নাছিলোঁ কোনোদিন , যিটো কথা হোষ্টেলৰ বিদায়সভাৰ বহু আগৰেপৰাই আলোচিত হৈ আহিছিল , তেতিয়াতো শুনা নাছিলোঁ কেতিয়াও মোৰ নাম , দুই একে জোকাই কোৱাটো আছিল বেলেগ কথা । তেতিয়ালৈ আমাৰ চিনিয়ৰ বহুখিনি গুচি গৈছিল , আহিছিল কেইবাটাও ৰূমলৈ জুনিয়ৰ । তেঁওলোকৰ বুকুৰ ঢুকঢুকনিটো যেন মইও শুনিবলৈ পাইছিলোঁ , ঠিক মোৰ দৰেই অনুভৱ কৰিছিলোঁ পিৰিক পাৰাক চকুবোৰৰ , উজ্বল মুখবোৰৰ আৰু ভেলেঙী হাঁহিবোৰৰ অকথিত ভাষাবোৰ ।

মণিবায়ে দায়িত্ব অৰ্পণ কৰিছিল লীলাৱতী বাইদেউক , বাইদেউৱে আমাক জনাইছিল আমাৰ মাজৰ পৰা প্ৰিফেক্ট নিৰ্বাচন কৰি নামটো তেখেতক জনাবলৈ । আমি ফ’ৰ্থ ব্লকৰবোৰ আকৌ অলপ বেছিয়েই উদাস আছিলোঁ জিনাক্ষিক বাদ দি , তাই পিছে নিজৰ বুদ্ধিৰ ক্ষিপ্ৰতাৰে বুজিছিল সকলো । ৫ নৱেম্বৰৰ গধূলি কেৱল আমাৰ লগৰবোৰৰ এখনি সভা হ’ল প্ৰাৰ্থনাৰ পিছতে , ৰেশ্মা ডলিহঁতে ৰূণাৰ নামটো প্ৰস্তাৱ কৰিলে প্ৰিফেক্টৰবাবে , পিছে আধাতকৈ বেছি আৱাসীয়ে সমৰ্থন নজনালে , তেঁওলোকৰ মাজৰ কোনোবাই প্ৰস্তাৱ কৰিলে মোৰ নাম , মোৰ নাম প্ৰস্তাৱ কৰাৰ লগে লগেই হোষ্টেলটোৰ মনবোৰ দুভাগ হ’ল , ছোৱালীবোৰৰ কি হ’ল নাজানো , কোনেও কাৰো কথা নুশুনা হ’ল । অঁকৰাৰদৰে ভেবা লাগি চাই থাকিলোঁ মাথোঁ , পিছে নিজৰ ফালে পাল্লা ভাৰী দেখি হঠাতে মনটো সলনিও হ’ল , নিজৰ নামটো প্ৰিফেক্টৰ পদৱীত ৰাখি ভালো লাগিল । পিছে কথাবোৰ তেনে নহ’ল । দুটা দলত ভাগ হোৱা ছোৱালীবোৰে হেঁচা দিলে প্ৰিফেক্ট নিৰ্বাচন হোৱাত , হাঁহাকাৰ কৰি উঠিল বুকুখনে তেনে নকৰিবলৈ । বাৰে বাৰে বাধা দিলোঁ লগৰবোৰক , মই জানিছিলোঁ মোৰ অন্তৰৰ একান্ত ইচ্ছা যেনেদৰে বিফলে নাযায় , তেনেদৰে হাঁহাকাৰ আৰু দুখভৰা অশুভ শক্তিবোৰো বিফলে নাযায় , দুখৰ আৰু অসফলতাৰ আগজাননী দিয়ে ডিঙি চেঁপা মাৰি ধৰা বুকুৰ বিষ এটাই । জানিছিলোঁ কথাবোৰ ভাললে হোৱা নাছিল ।

পিছে মনা নাছিল কোনেও মোৰ কথা , মোৰ হৈ মোক বুজি পোৱা নাছিল কোনেও , সকলো নিজৰ মতত অটল হৈ ৰৈছিল । পিছদিনালৈ ভোট হৈছিল আমাৰ মাজত , আধাতকৈও বেছি ছোৱালীৰ মন পাইছিলোঁ যদিও ভোট হ’লে পোৱা নাছিলোঁ , ভোট পাইছিলোঁ মুঠেই ৬ টা , নিজৰ ব্লকৰে দুজনীমানে ভোট নিদিলে চাগে । ইমান যদি সমৰ্থন নাছিল আন্তৰিক , তেন্তে কিয় হুলস্থুল হৈছিল আগদিনা বুজিবই নোৱাৰিলোঁ । পৰাজয়ৰ গ্লানি অলপো নাছিল , দুখ লাগিছিল মাথোঁ লগৰ বহুতৰে আন্তৰিকতাহীন মৰমৰ প্ৰকোপত । কোনে কোনে ভোট দিছিল জনাই দিছিল সমজুৱাকে বৰ বিদ্ৰূপেৰে লগৰে এগৰাকীয়ে , তেতিয়াযে বুকুখন সঁচাকৈয়ে একেবাৰে ভাগি পৰিছিল । গৰিষ্ঠ সংখ্যকেই ৰূণাক ভোট দিছিল , সুখী হৈছিলোঁ , ৰূণা যোগ্য আছিল , তাইক শুভেচ্ছা জনাই একান্তই লগৰী ছাদখনৰ মোৰ আপোন গছজোপাৰ পাতবোৰৰ মাজতে লুকাই উচুপি উঠিলোঁ বহুপৰ । বহু ৰাতিলৈকে , বিচাৰি অহা নাছিল কোনেও , হয়তো অকলশৰে থাকিবলৈ সময় দিছিল অথৱা প্ৰয়োজনবোধ কৰা নাছিল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৮

দ্বিতীয় ষাণ্মাসিক হৈ যোৱাৰ পিছতো ঘৰলৈ নগৈ হোষ্টেলত কিছুদিন এনেই থাকি অকল পংপঙাই ঘুৰি ফুৰাতে ব্যস্ত নাথাকি আৰু কিছুমান কাম কৰিছিলোঁ বাহিৰা কিতাপ পঢ়াৰ , চিলাই কৰাৰ উপৰিও । দেউতাৰ পেন্সনৰ পুৰা নোহোৱা কামবোৰ , লগত দূবৰি , দুয়োজনীৰ কেতিয়াবা দিনটো সেইটো কামতে যায় । পেন্সন অফিচত হোৱা অভিজ্ঞতাবোৰে বাৰুকৈয়ে তিতা কেঁহা লগাইছিল যদিও জেলুকৰ পোৱালি লগা দি লাগি থাকিলোঁ কাম নোহোৱালৈকে । অৱশেষত আমাক যোৱা দেখিলেই দেউতাৰ ফাইলৰ কাম অন্ততঃ এখন টেবুলৰপৰা আনখন টেবুল পায়গৈ । যিসময়ত পেন্সনৰ বাবে বহু টকা খৰচ কৰিব লগীয়া হৈছিল , আমি তেতিয়া এটকাও নিদিয়াকৈয়ে পেন্সনৰ গোটেই কামখিনি কৰাই ফাইল এপ্ৰুভ কৰাই আনি দেউতাৰ মাহেকীয়া পেন্সনৰ কামখিনি নিয়মীয়া কৰাই আনিছিলোঁ । পেন্সন অফিচলে অহা প্ৰাক্তন শিক্ষকসকলৰ শুকান মুখবোৰ দেখি বৰ বেয়া লাগিছিল , এনেকুৱাও বহুতক লগ পাইছিলোঁ যাৰ মাহ বছৰ পাৰ হৈ গৈছিল যদিও পেন্সনৰ কোনো কামেই আগবঢ়া নাছিল , আমাক প্ৰতিদিনেই অহা যোৱা কৰা দেখি চকুৰ চিনাকি হৈ অফিচৰ পিয়ন আৰু গেইট কিপাৰৰো চাগে সহানুভূতি জাগিছিল , নিয়ম ভঙাৰ নিয়ম শিকাইছিল , তেঁওলোকেও নিয়ম ভাঙিছিল , দুইবজাত বন্ধ কৰা গেইট আমাক তিনিবজাতো খুলি ভিতৰলে যাবলে দিছিল । শেষত বিষয়াজন বাধ্য হৈছিল ফাইলত চাইন কৰিবলে , কোনোবা এজনে তামোল এখন খুৱাবলে কোৱা ইংগিতপূৰ্ণ কথাষাৰ বুজিছিলোঁ যদিও কোনোধৰণৰ উপঢৌকন দিয়া নাছিলোঁ অৱশ্যে পিছদিনা দুয়োজনী গৈ কেইবাখনো তামোল দি ধন্যবাদ জনাই আহিছিলোঁ বিষয়া সমন্বিতে কেইবাজনকো , তেঁওলোকৰ চকু মুখত খঙেই আছিলনে ব্যংগই আছিল নোচোৱাকৈয়ে ঘুৰি আহিছিলোঁ , আমি সুখী হৈছিলোঁ আমাৰ সফলতাত ।

পূজাৰ বন্ধত গৈছিলোগৈ দেৰগঞা গোটেইকেইজনী একেলগে , আমি যোৰহাটলৈ যোৱা বাছত যাঁও বাবে যোৰহাটৰ পিকলিকে আদি কৰি কেইবাজনীও একেখন বাছতে যাঁও , বাছৰ অন্য যাত্ৰীসকলে আমাৰপৰা কিমান অসুবিধা পাইছিল চাগে এতিয়াহে বুজি পাঁও , ভাগে ভাগে টিকট কৰাৰ পিছতো তিনি চাৰিজনী কথাৰ মহলা মাৰিবলৈ একেটা চিটতে বহোঁগৈ , এটামান টিকটৰ পইচা এনেই যায় , পলি , দূবৰি আৰু মই প্ৰায়ে একেলগেই দুটা চিটত তিনিজনী বহি যাঁও , এটা চিট হয় আমাৰ বেগ ৰখীয়া । সেইবাৰ পূজাটোত বৰ বিশেষ ভাল লগা নাছিল কাৰণ পূজা চাবলৈ লগত নাছিল ছুকুবা । ঘৰৰ ওচৰতে প্ৰায় ৮০বছৰ গৰকা দাধৰা সাৰ্বজনীন পূজাথলী , পূজাৰ আটাইকেইদিন উলাহত থাকে মোৰ প্ৰাণৰ ঠাইখিনি , তথাপিও মোৰ সৰু পেহীৰ ঘৰত গৈ পেহী আৰু পেহাৰ লগত দেৰগাঁৱৰ বিভিন্ন পূজাথলীবোৰত পূজা চাই সৰুৰে পৰাই বৰ ভাল লাগিছিল , তাতে পেহী আৰু পেহাই যিহকে লাগে বুলি কঁও তাকেই কিনি দিয়াত আৰু মজা পাইছিলোঁ , মা দেউতাৰ লগত যোৱাতকে পেহীহঁতৰ লগত গৈ সেয়েহে অলপ বেছি ভালো পাইছিলোঁ । দেৰগাঁৱৰ পি টি চি , বি টি চি , চিনেমাহলৰ আগৰ আৰু নৰেন শৰ্মা স্মৃতি পথাৰৰ পূজা কেতিয়াও নেৰোঁ , পূজাৰ অষ্টমী নৱমী দুদিন আমাৰ দেৰগাঁৱৰ কাৰ্যসূচীৰ বিপৰীতে বাকীকেইদিন আমাৰ আপোন পূজাভাগত থাকোঁ সদায়েই ।

সেইবাৰ আহিন মাহটো আৰু ভাল লাগিছিল , দাধৰা সাংস্কৃতিক উন্নয়ন চ’ৰাত আয়োজিত হৈছিল ‘ আহিনৰ এটি কবিতাৰ গধূলি ‘ শীৰ্ষক অনুষ্ঠানটি । বাঘা বাঘা কবি কোনো নাছিল যদিও আমাৰদৰে কবিতা ভালপোৱা স্থানীয় মানুহবোৰে আৰু আকৰ্ষণীয় কৰি তুলিছিল আমাৰ অনুষ্ঠানটি , কবিতাৰ সমানে গীত মাতো চলিছিল , আবৃত্তি কৰিছিলোঁ সৰ্বজন প্ৰিয় ‘ মমতাৰ চিঠি ‘ কবিতাটি । এইক্ষেত্ৰত কুঞ্জখুৰীৰ প্ৰচেষ্টা আছিল খুউব সুন্দৰ , অৱশ্যে খু্ৰীৰ লগত ছাঁটোৰ দৰে লগি ফুৰা অদ্বিতীয় গৰাকী আছিলোঁ মই , খুৰীৰ লগত বহি ৰাতিৰ ৰাতিটো খুৰীৰ লিখাবোৰৰ পাণ্ডুলিপি প্ৰস্তুত কৰোঁতা আছিলোঁ মই , এবাতি মচমচীয়াকৈ ভজা মোৱা মাছ খোৱাৰ লগৰী আছিলোঁ মই , খুৰীৰ জীৱনৰ বহু কাহিনীৰ উমান পোৱা খুৰীৰ জীয়েকৰ মমতাৰে পালিত আছিলোঁ মই , খুৰীৰ শুভকামনাই জীৱনটো জীপাল কৰাৰ লগতে উদযাপনৰ ক্ষেত্ৰটো বহুখিনি উদগনি যোগাই গ’ল মোৰ জীৱনত , তেঁও বৰ্তমান তৰাৰ দেশত তৰাৰে চাগে উমলি জামলি ঢেৰ সাৰুৱা কথা পাতি আছে । খুৰীয়ে দিয়া শুভাকাংক্ষাৰ টোপোলাটো এতিয়াও বুকুত লৈ জুৰাঁও ।

সাংস্কৃতিক উন্নয়ন চ’ৰাৰ সেই বিশেষ গধূলিটোৰ কোনো স্মৃতি সমল নাই যদিও মমতাৰ চিঠি কবিতাটো এতিয়াও আবৃত্তি কৰোঁ , জীয়ৰী নীলপৰী ( গুণগুণ ) ৰ সৈতে কবিতাৰ প্ৰথম পংক্তি দুটিৰ আবৃত্তিৰ প্ৰচেষ্টা পুনৰ

সেইবাৰৰ পূজাৰ সময়তে দেউতাই উলিয়াইছিল মোৰ বিয়াৰ কথা , আচৰিত হৈছিলোঁ , দেউতাৰ মুখত আগতে নুশুনা কথাবোৰ শুনি । দেউতাৰ এজন বন্ধুৱে আনিছিল কোনোবা প্ৰতিষ্ঠিত পৰিয়ালৰ আৰক্ষী বিষয়া এজনৰ বিয়াৰ প্ৰস্তাৱ , মোৰ বিয়াৰ বাবে হেনো তেঁওতকৈ উপযুক্ত দ্বিতীয় এজন নোলাব , দেউতা পতিয়ন গৈছিল , মোহ হৈছিল প্ৰতিষ্ঠিত জোঁৱাইৰ , জীয়েকৰ সোণোৱালী ভৱিষ্যতৰ সপোনে পাহৰাই দিছিল জীয়েকৰ সপোনবোৰ । অদ্ভূত ধৰণে দেউতা আঁকোৰগোজ হৈছিল নিজৰ সিদ্ধান্তত , মোৰ সোণোৱালী ভৱিষ্যতৰ সপোন মোক নোসোধাকৈয়ে দেখিছিল দেউতাই , আৱেগিক কথাৰেও মোক বাধ্য কৰাব নোৱাৰি দেউতাৰ ওচৰত জগৰীয়া হৈছিলোঁ মই , হোষ্টেললৈ গুচি অহা জীয়েকক বাছত উঠাবলৈও ওলাই নাহিল দেউতা , মাৰ হাতত গুজি দিলে মোৰ মাহটোৰ খৰচ । দেউতাইও বুজিছিল জীয়েকক সহজে বলাব নোৱাৰাৰ কথা । আৰক্ষী বিষয়াজনৰ কথা কৈ থাকোঁতে মোৰ মনলৈ বাৰে বাৰে আহিছিল সেই চকুহালি , ভাব হৈছিল , তেঁও যেন এবাৰ ক’ব মোক ভালপাঁও বুলি , মোৰ বাবে ৰৈ থাকিব বুলি ।

দেউতাৰ মান অভিমানক আওকাণ কৰি হোষ্টেললে ঘুৰি আহিলেও শান্তিত থাকিব পৰা নাছিলোঁ , পিছে ন – কৈ হোৱা চিনিয়ৰৰ গৰ্বত গৰ্বিত হৈছিলোঁ , চিনিয়ৰৰ মুখা খুলি বন্ধু হৈ পৰা হোষ্টেল এৰিবলৈ সাজু হোৱা বাহঁতৰ হাঁহি ধেমালিৰ লগৰী হৈছিলোঁ , জুনিয়ৰ নিষিদ্ধ ছাদ খনলৈ তেঁওলোকেই লগত লৈ গৈছিল , বহুবোৰ সুখ দুখৰ ভাগ হৈছিল । ডিপাৰ্টমেণ্টৰ ফ’ৰ্থ চেমিষ্টাৰৰ পৰীক্ষাবোৰ শেষ হ’বৰ হৈছিল আৰু আমাৰো আৰম্ভ হৈছিল তেঁওলোকৰ বিদায়োৎসৱৰ ব্যস্ততা । আকৌ এখন বিদায় সভা , আকৌ জালুকবাৰীৰ চকুলো সৰাৰ আন এটা দিনৰ আয়োজন কৰিবলৈ আমি উঠি পৰি লাগিলোঁ । একেই ব্যস্ততা , একেই গধুৰ মন । ১৮ নৱেম্বৰৰ দিনটো ঠিক হৈছিল তেঁওলোকৰ বিদায়োৎসৱৰ । তাৰ ঠিক কেইদিনমাৰ পিছতেই আমাৰ ৰূমত পালিত হৈছিল অন্য এটা দিন , ডিম্পীবাৰ জন্মদিন । ডিম্পীবাৰ জন্মদিনৰ দিনা ফুল পাতেৰে সজাইছিলোঁ ৰূমটো , আলহী ৰিমকিবা আৰু দূবৰিকে ধৰি আমাৰ ব্লকৰ গোটেইখিনি , আমাক সহায় কৰিলে ভৱেনদায়ে , ডিম্পীবাৰ প্ৰেমাস্পদ , তেঁওৰ প্ৰাণৰ লগৰী । স্ব – গোত্ৰ , স্বজাতি নোহোৱাৰ বাবে ডিম্পীবাৰ প্ৰেমে তেতিয়ালৈকে ঘৰুৱা স্বীকৃতি পোৱা নাছিল যদিও স্বীকৃতি দিছিল দুয়োৱে দুয়োকে ।

ইফালে জিনাক্ষিৰ প্ৰেম ঘাট প্ৰতিঘাটৰ মাজেৰে আগুৱাইছিল , তাহাঁতৰ প্ৰেমৰ প্ৰতিটো পলৰ সাক্ষী হৈ থাকিলোঁ , দাদাৰ হকা বাধা হয়তো বেছিয়েই আছিল , তাইৰো প্ৰতিটো কথা মানিবলৈ দিগদাৰ হৈছিল আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছিল এজনে আনজনক সময় দিব নোৱাৰাটো । লাহে লাহে সম্পৰ্কৰ বান্ধোন শিথিল হৈ আহিছিল যদিও দাদাজনে আমাক নিজৰ ভনীয়েকৰ দৰেই মৰম কৰিছিল । যিহ’লেও বান্ধৱীৰ মনৰ কথাও বুজি পাইছিলোঁ , তাইৰ সমস্যাবোৰ বুজি পাইছিলোঁ , বহুসময়ত তাইৰ স’তে একমত হৈ দাদাৰ কথাবোৰ সহজকে ল’ব পৰা নাছিলোঁ , প্ৰেমৰ কটকটীয়া বান্ধোনত হয়তো বহুতো প্ৰেয়সীৰে উশাহ বন্ধ হয় যদিও সেই বান্ধোনকে গলাৰ সাতসৰী বুলি আগুৱাই যায় । তেঁওলোকৰ প্ৰেমকাহিনী জালুকবাৰীৰ হ’ল্ডৌল বন্ধা প্ৰেমৰ এটা প্ৰেম কাহিনী হৈ পৰিছিল আৰু তাৰ সাক্ষী হৈ ৰ’লোঁ মই । দাদাৰ অন্তৰ্দ্বন্দ্ব বুজি নাপালোঁ যদিও বান্ধৱীৰ প্ৰতিটোপাল চকুপানী মোৰ বুকুৱেদি বৈ গ’ল ।

এফালে ভাঙোনমুখী প্ৰেমৰ সাক্ষী হৈছিলোঁ যেনেকৈ বান্ধোনমুখী প্ৰেমৰ সম্পৰ্কৰো দৰ্শক হৈ ৰ’লোঁ । ভাৰ্ছিটি ৱিকৰ সময়তে টিকেদাৰ প্ৰেম হৈছিল আমাৰ হিমু মাইনাৰ স’তে , হাঁহি ধেমালিৰ লগৰী আছিল যদিও অন্তৰৰ কথা ভাগ বতৰা কৰাকে সিমান অন্তৰংগ নাছিল যদিৌি তাহাঁতৰ প্ৰেম কাহিনী সকলোৰে বাবে আকৰ্ষণীয় হৈ পৰিছিল , টিকে দাদাক তেতিয়ালৈকে ভালদৰে চিনিও পোৱা নাছিল তাই , ভাৰ্ছিটি ৱিকৰ RCC 2 ৰে হোৱা কাজিয়খনত টিকেদাই বীৰত্বৰে ষ্টেইজত উঠি দম দিয়াৰ সময়তহে তাই চিনি পাইছিল বোলে টিকেদাক । প্ৰথমতে কথাবোৰ জোকোৱাতে সীমাবদ্ধ আছিল যদিও লাহে লাহে দুয়োৰে ইজনৰ প্ৰতি সিজনৰ অনুৰাগ বাঢ়িছিল , দুয়ো প্ৰেমত পৰিছিল , কথা হৈছিল , সেই কথা প্ৰতিশ্ৰুতি হৈছিল হাতে হাত ধৰি আগুৱাই যোৱাৰ ।

ক্ৰমশঃ