জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৭

চাৰিওফালে মাথোঁ প্ৰতিযোগিতা , য়ুনিভাৰ্ছিটিৰ আকাশে বতাহে ভাঁহি আহে কেৱল প্ৰাণোচ্ছল ডেকা গাভৰুৰ উৎসাহভৰা উশাহবোৰ । কোনেও হাৰ নামানে , কোনো ভাগৰি নপৰে , অন্তৰত এটাই বিশ্বাস সকলোৰে ‘ আমি পাৰিমেই , আমি পাৰিমেই ‘ । ভাৰ্ছিটি ৱিকৰ দুটা দিন কেনেকে পাৰ হ’ল গমেই নাপালো , মাৰ্চ পাষ্ট আৰু চ’ছিয়েল চাৰ্ভিছত পুৰস্কাৰ পাই আমি জোখতকে বেছিয়েই উৎফুল্লিত হৈ পৰিলো , কাজেই আমাৰ প্ৰতিপক্ষৰ কথা আওকাণ কৰিলো , আমি দ্বিতীয় তৃতীয় স্থান পোৱাৰ বিপৰীতে RCC 3 girls hall এ প্ৰথমস্থান পালে চ’ছিয়েল চাৰ্ভিছত । হোষ্টেলীয়া প্ৰতিযোগিতাৰ মাজতেই অভিন্ন বান্ধৱীহঁতৰ লগত বৰ বেয়াকৈ ফাট মেলিলে , দুবছৰমানৰ পৰাই শ্ৰেষ্ঠ হোষ্টেল হৈ থকাৰ সুবাদতে RCC 3 ৰ ছোৱালীবোৰ গপতে গংগাটোপটো হৈ পৰিল , আমিও ইজনীয়ে সিজনীক দেখিলে ভদ্ৰতাৰ খাতিৰতহে মাত এষাৰ লগোৱা হ’ল , পিছে হোষ্টেল ছেণ্টিৰ কথা আহিলে পাৰিলে মাতষাৰো নলগোৱা হ’লো । সেই লেবেল আছিল শ্ৰেষ্ঠ হোষ্টেলৰ লেবেল । থকাটোও স্বাভাৱিক । হোষ্টেলীয়া প্ৰতিযোগিতাত বহুতৰ বন্ধুত্বৰ অৱসান হঁও হঁও হ’ল যদিও কোনেও কাকো পাত্তা নিদিয়া হ’লোহঁত , নিজৰ হোষ্টেলৰ ছোৱালীবোৰৰ বাদে যেন আন কোনো আপোন নাইয়েই এনে ভাৱ হ’বলে ধৰিলে , সেইকেইদিনত আনকি ঘৰলেও বিশেষ ফোন চোন কৰা নহ’ল , ঘৰৰ পৰা অহা ফোনৰ সংখ্যাও কমি গ’ল । তাৰ মাজতে মোৰ ডাঙৰ পেহীৰ ছোৱালী মালাবাও হেৰাই গ’ল এক অচিন অসুখত , খবৰ পাইও দুখ কৰিবলেও যেন সময় নহ’ল , সৰুৰে পৰা বৰ অন্তৰংগকে পোৱা , পঢ়া শুনাত যত্ন লোৱা মালাবাৰ অচিন পথৰ যাত্ৰাত সমভাগী হ’বতো নোৱাৰিলোৱেই চকুপানী টুকিবলেও আহৰি নাপালো ।

ভাগে ভাগে প্ৰতিযোগিতাবোৰ হৈয়ে থাকিল বেলেগ বেলেগ স্থানত , প্ৰথমদিনৰ খেলাবোৰত আমাৰ হোষ্টেলৰ প্ৰদৰ্শন ভালেই আছিল , বাস্কেট বলৰ টিমৰ অত্যন্ত ভাল প্ৰদৰ্শন । আমাৰ হোষ্টেলৰ বাস্কেট বল আৰু ভলীবলৰ টিমটো বাকী হোষ্টেলৰ বাবে প্ৰত্যহ্বান স্বৰূপ হৈ পৰিল । ডিম্পীবায়ে মনৰ জোৰতে হ’বপায় দুখপোৱা ভৰিটো ভাল পালে আৰু বাস্কেট বল খেলিব পাৰিলে , মই বিকল্প খেলুৱৈ হিচাপে আছিলো যদিও খেলিবলগীয়া নহ’ল , বেয়া নাপালো , আমাৰ লগৰ জুলি , ৰেশ্মা আৰু ৰূণাই বৰ ভালকৈ খেলিছিল , যিমানেই পইণ্টচ্ পাই সিমানে আমি মূলমন্ত্ৰ সজোৰে আঁওৰাও ‘ RCC 4 up up ‘ অথৱা ‘ হিলৈ হিলৈ হিলৈয়া উহউউউ…..’ সমানে বাজি উঠে আমাৰ হাতৰ থালবোৰ , আমাৰ মিতালীয়ে থাল বজোৱাৰ সমানে থালৰ তালে তালে নাচিও উঠে , যেন পৃথিৱীৰ সমস্ত সুখবোৰ লুকাই আছে থালৰ শৱদতে । বাস্কেট বলত আমি অপৰাজেয় আৰম্ভণিৰেপৰা , কোনেও হৰুৱাব নোৱাৰিলে এদিনো এখনো খেলত । বাস্কেট বলৰ চেম্পিয়নৰ খিতাপ শিৰত লৈ কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন হৈ পৰিলো আমি ।

বাস্কেট বল বিজয়ী দলটোৰ সৈতে , জিকি অহাৰ পিছত হোষ্টেলত আনন্দোল্লাস । স্বৰ্ণালী , জ্যোতি , জুলি , চন্দনাবা , জুলি , ৰেশ্মা , হিমাদ্ৰি , তিৰু , ডিম্পীবা , ডলী , ৰিতু আৰু মই ( সেন্দুৰী বান্দৰীজনী মই )

আনহাতে ৰাতি ৰাতি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবোৰো হৈ থাকিল , প্ৰতিটো সন্ধ্যাই আকৰ্ষণীয় হৈ পৰিল আমাৰ বাবে , সকলোবোৰ অনুষ্ঠানতে ভাগ নল’লেও সকলোবোৰ অনুষ্ঠান চাবলে গৈছিলো হোষ্টেল প্ৰায় খালী কৰি । স্বৰ্ণালী আৰু মই ৰোমাণ্টিক যুটী কৰাৰ ৰাতিটো সদায় মনত ৰ’ব , সেইদিনা মই ল’ৰা আৰু স্বৰ্ণালী ছোৱালী হৈছিল , হোষ্টেলত উৰাই ঘুৰাই আখৰা কৰি যোৱাৰ পিছত আমি কিবা এটা পুৰস্কাৰ পামেই বুলি নিশ্চিতপ্ৰায় হৈ ষ্টেইজত উঠিলোগৈ , পিছে হোষ্টেলত কোনোদিন নহঁহা ছোৱালীজনীয়ে সেইদিনা চুপহী বুলি মাতিলেই খুক খুকাই হাঁহি উঠে , তাইৰ হাঁহি উঠা দেখি মই পুৰা নাৰ্ভাছ , হোষ্টেলত বনাই নিয়া স্ক্ৰিপ্ট তেনেই ওলোটা হৈ গ’ল , কি কৈছো আমি নিজেও নাজানো , মাথোঁ পৰিৱেশৰ লগত মিলাই সংলাপ দিয়াৰ চেষ্টা , এজনীৰো কথা খাপ নাখাই , শেষত দুয়োজনীয়ে ” এনে প্ৰেম নালাগে অ’ , আমি আৰু আজিৰপৰা দুয়ো দুফালে গতি কৰিলো , এইয়ে শেষ দেখা ” বুলি কান্দি কাটি ষ্টেইজৰপৰা প্ৰস্থান কৰিলোহঁত । স্বৰ্ণালীৰ হাঁহিবোৰ দূৰৈৰপৰা কান্দোন যেন লাগিছিল বুলিহে ভাগ্যে ৰক্ষা পৰিলো , ফলাফল আমাৰ শুন্য , একো নেপালো । চিনিয়ৰৰ গালি খাম বুলি ভয় খালো যদিও সিদিনা গালিও নাখালো । পিছে ষ্টেইজত স্বৰ্ণালীৰ ইমান হাঁহি উঠাৰ ৰহস্যটোহে আজিও বুজি নাপালো , হোষ্টেললে অহাৰ দিন ধৰি চিনিয়ৰৰ আগত নহঁহা ছোৱালীজনীয়ে গোটেই য়ুনিভাৰ্ছিটিক সাক্ষী কৰিহে হাঁহিম বুলি ৰৈ আছিল হ’বপাই ।

 কাবাডী আৰু ৰছী টনাত প্ৰথম ৰাউণ্ডতে ওলাইহে আমাৰ বিশ্বাসৰ ভেটিটো অলপ থৰক বৰক হ’ল , কাৰণ শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপৰ দৌৰত আমাতকে RCC 3 girls এঢাপ আগুৱাই থাকিল আমাতকে , তথাপিও আমাৰ ভৰষা হিচাপে নাটক , দলীয় নৃত্য আৰু আটাইতকে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা থাকিল । ভলীবলতো আমি ছেমি ফাইনেল পালো , মিহিকে শ্ৰেষ্ঠ হোষ্টেলৰ আশা এটা থাকিল যদিও বুকুৰ ঢুকঢুকনিটো বাঢ়ি গ’ল । কিবাকে এই কেইটাত প্ৰথম হ’ব নোৱাৰিলে আমি ভাবি থকা কথাবোৰ ওলোটা হৈ যাব , শ্ৰেষ্ঠত্বৰ খিতাপটোও আমাৰপৰা দূৰ হৈ যাব । শেষৰ তিনিদিনলে মূল প্ৰতিদ্বন্দ্বী হোষ্টেল আমাৰ দুটাই থাকিল ।

ভলীৰ ছেমিফাইনেলৰ দিনা পুৱা এবাৰ প্ৰেক্টিচ কৰিবলে বুলি একদম ৪টা নাবাজোতেই উঠিলো , মনৰ মাজত অলেখ ভাৱৰ অগা দেৱা , তাৰ মাজতে মালাবালে বৰকে মনত পৰিল , মালাবাৰ বাখৰুৱা আখৰৰ চিঠি এখন পুৱাতে বাকচৰপৰা উলিয়াই লৈ পঢ়িলো , মনটো কেনেবা কেনেবা লাগি গ’ল , সমস্ত দুখবোৰ উজাই আহিল , ছাদলে গৈ ৰেইন-ট্ৰি জোপাৰ আঁৰ লৈ চিঞৰি চিঞৰি কান্দিবলে মন গ’ল , মালাবাৰ শিশুসুলভ হাঁহিটো আৰু ধমকভৰা কথাবোৰ মনত পৰি মনটো একেবাৰে সেমেকি গ’ল । পিছে হোষ্টেলৰ প্ৰতি কৰ্তব্য আৰু দায়িত্বই দুখবোৰ বুকুতে সামৰিলে , চকুপানীও চকুতে শুকাল , পিছে মনৰ থিৰতা বহুখিনি হেৰাল । ৰাতিপুৱাই খেলিবলে যোৱাৰ আগতে চাহ অকণ খাই যাবলে পানী উতলাঁওতেই কেনেবাকে অসাৱধান হাতটো লাগি চচপেনৰ উতলা পানী সোপাকে বাঁওহাতত পৰিল , অসহ্য বেদনাত চিৎকাৰ কৰি উঠিলো , ডিম্পীবা ধহমহাই উঠি মোৰ হাতটো দেখি ভয় খাই গ’ল , মুহুৰ্ততে হাতটো ক’লা পৰি জোলা বান্ধি ফুলি আহিল , ব্লকৰ প্ৰায় সকলোবোৰ উঠিছিলেই , কোনোবাই টুথপেষ্ট , কোনোবাই আলু কাটি , কোনোবাই বাৰ্ণল লগাই দিলেহি মোৰ হাতত , বুকুখন আকৌ বিষাই উঠিল , হাতটো দেখিয়েই খেলিবলেযে নেপাঁও ভালকৈয়ে বুজিলো । নাকৰপানী চকুৰপানী একাকাৰ কৰি ভয়ে ভয়ে মণিবাক হাতটো দেখুৱালোগে , একো নক’লে , বাৰ মুখত বিৰক্তি স্পষ্ট হৈ পৰিল , মোৰো খং উঠিল নিজৰ ওপৰতে , ইমান অসাৱধান কেনেকৈ হ’ব পাৰোঁ বুলি ! ৰিমকিবায়ে পিছে ভাল ধমক লগালে , খেলিব নোৱাৰা বাবে নহয় , সাৱধান নোহোৱাৰ বাবেহে ধমকি দিলে । সকলোবোৰ যেতিয়া AT 9 লে প্ৰেক্টিচৰ বাবে ওলাই গৈছিল , বাৰাণ্ডাত বহি চাই ৰৈছিলো কান্দি কান্দি , নিজৰ ভাগ্যক ধিয়াই । সেইদিনা কেৱল ভলীৰ ছেমি ফাইনেলেই নহয় ৰাতিলে নাটকো আছিল , উৱাদিহ হেৰাইছিল মোৰ । গোটেই পুৱাটো চকুপানী টুকি কটালো যদিও আগবেলা ছেমিফাইনেললে মইও ওলালো , খেলিব নোৱাৰোঁ যদিও উৎসাহ দিব পাৰিম , থাল বজাব পাৰিম , নিজৰ হোষ্টেলৰ বিজয়োল্লাস চাব পাৰিম । সঁচাকৈয়ে ছেমিত জিকি ফাইনেল পালো আমি , পোৰা হাতখন যেন পলকতে শুকাই গ’ল , বুকুৰ ঘাঁটুকুৰাও কৰ্কৰীয়া মাৰিলে , ফাইনেল খেলাৰ বাবে নিজকে সাজু কৰি ল’লো পিছদিনালে ।

ৰাতিলে আমাৰ নাটক , পোৰা হাতেৰেই মঞ্চত উঠিলোগে , আমাৰ ফালৰপৰা ১০০% দিয়াৰ চেষ্টা কৰিলো যদিও ক’ৰবাত কেনা লাগিল , আমি নাপালো । পিছে নাটকত পুৰস্কাৰ নোপোৱাৰ বাবে কোনোবাই আমাকে জগৰীয়া কৰিলে , মনটো দুখ লাগিল যদিও নিজৰ ভুল নাই বুলি বুজি বৰ এটা গুৰুত্ব নিদিলো । কেনা লাগিছিল আমাৰ ক’ৰবাত , এটা এটাকৈ আমি সকলোবোৰ হেৰুৱাইছিলো , নাটক , দলীয় নৃত্য ক’তো নেপালো , আমাৰ হোষ্টেলৰপৰা বড়ো সম্প্ৰদায়ৰ বৰদৈচিখলা নাচটো নাচিছিল , চুলি চুটি বাবে নচাৰ সুবিধা পোৱা নাছিলো যদিও নাচৰ ৰিহাৰ্চেল প্ৰায়ে চাই চাই পুৰস্কাৰ পাম যেন ভাৱ এটা আছিল , পিছে বিচাৰকৰ বিচাৰত বাচনি নোহোৱাত মনটো বৰ দুখ লাগিছিল , তাতে শ্ৰেষ্ঠত্বৰ খিতাপটোও দূৰ হৈ গৈ আছিল , তেতিয়া শেষ ভৰষা আছিল মাথোঁ ভলী আৰু সাংস্কৃতিক শোভাযাত্ৰা । বৰ আগ্ৰহেৰে ৰৈ থাকিলো পিছদিনালৈ । মাথোঁ কিছু পইণ্টৰ ব্যৱধানত আছিলো RCC 3 ৰ লগত । পইণ্টৰ ব্যৱধানে মনৰ ব্যৱধানো বঢ়াই তুলিলে ।

এটা মাথোঁ নিশা বাকী ৰ’ল ভাৰ্ছিটি ৱিকৰ অন্তিমটো দিনৰ আগত , হাতৰ পোৰণিৰ চেকচেকনিৰ দৰেই মনটোও চেকচেকাই থাকিল , ওৰে ৰাতি কাৰো শোৱা নহ’ল , চিনিয়ৰসকলে ভালকৈয়ে কিবা এটা বুজি উঠিছিল , আমাক মাতি নি পিছদিনাৰ সাংস্কৃতিক শোভাযাত্ৰাত আৰু ভলীৰ ফাইনেলত যাতে কোনোধৰণৰ খেলিমেলি নহয় তাৰবাবে সকীয়াই দিলে । মাজতে মোৰ হাতৰ খবৰটোও সকলোৱে লোৱাত বুকুৰ বিষটোৱে আকৌ উজাই আহিল । পিছদিনাৰ কথা ভাবি ভাবি নিদ্ৰাহীন এটি ৰাতি কটালো , সেই বিনিদ্ৰ ৰজনীত নাছিল কোনো অলসতা , নাছিল কোনো অৱসাদ , আছিল মাথোঁ খোলা চকুৰ কিছু সপোন , সপোন শ্ৰেষ্ঠ হোষ্টেলৰ ।

ক্ৰমশঃ

 

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৬

আবেলিলৈ আমি আটাইবোৰ সাজু হৈছিলো ভাগে ভাগে , ভলী খেলিবলে টিমত ছজনী লাগে যদিও আমাৰ হোষ্টেলৰপৰা দহজনীমান ভাল খেলা ছোৱালীয়ে ( আমাৰ বোধেৰে ) খেলিবলে ওলালো । নামতহে ছজনী , পিছে গোটেই হোষ্টেল উঠি যোৱাটো নিয়ম , সমৰ্থকৰ উৎসাহৰ ওপৰত খেলুৱৈৰ উদ্যম আৰু দৃঢ়তা বহুখিনি নিৰ্ভৰ কৰে । খেলত জিকাৰ মূলমন্ত্ৰও তাতেই নিহিত হৈ থাকে , নিজৰ হোষ্টেলৰ সমৰ্থনত গোটেইবোৰ ছোৱালীয়ে হাত চাপৰি আৰু উল্লাসেৰে সমৰ্থন জনাব , দৰ্শক ইমানেই উল্লাসিত হ’ব লাগে যাতে খেলত কিবা মিছ হৈ গ’লেও খেলুৱৈসকল নিৰাশ নহয় বিপৰীতে বিপক্ষহে নাৰ্ভাছ হৈ যায় । এই মহামন্ত্ৰবোৰ আমাক AT 9 ৰ আৱাসীসকলে খেল শিকোৱাৰ লগে লগেই শিকাই গৈছিল । আমাৰ খেলুৱৈক উৎসাহিত কৰিবলে আকৌ বন্ধু হোষ্টেল AT 4 boys hall ৰ দৰ্শকো আহে লগতে আন আন বন্ধু বান্ধৱো থাকেই । পিছে সৰহসংখ্যকেই খেলত অংশগ্ৰহণ কৰে বাবে নগন্যসংখ্যকহে দৰ্শক হয় ।

খেলৰ আৰম্ভণিৰপৰা শেষলৈকে মাত্ৰ এটাই লক্ষ্য ” বিজয় ” আৰু ” শ্ৰেষ্ঠ হোষ্টেল ” । আমাৰ হোষ্টেলৰ মূলমন্ত্ৰ ফাঁকি আছিল ‘ RCC 4 up up / RCC 4 up up ‘ নহ’লে ‘ হিলৈ হিলৈ হিলৈয়া ……উহউউঊ……../ হিলৈ হিলৈ হিলৈয়া উহউউউ………. ‘ এজনীয়ে লগাই দিয়াৰ লগে লগেই বাকীবোৰেও সমানে চিঞৰি উঠে ‘ RCC 4 up……. RCC 4 up up ‘ আৰু ‘ হিলৈ হিলৈ হিলৈয়া…….. ‘ লগতে বাজি উঠে মোনাত ভৰাই লৈ যোৱা হোষ্টেলৰ ষ্টিলৰ থাল কেইখন , হোষ্টেলৰ বেলটো …. কাঁহী বজোৱাত পাকৈত আছিল কুকুবা , ডলী , জিনাবা হঁত । কেইখন যে হোষ্টেলৰ থাল পোতোকা পৰিল তাৰ কোনো হিচাপ নাই । মুঠতে ভালেই খেলক বা বেয়াই খেলক , হাঁৰকেই বা জিককেই উল্লাস কিন্তু কোনোপধ্যেই কম নহয় , প্ৰতিটো মুহুৰ্তকে উপভোগ কৰিবলে , প্ৰতিটো পলক জীপাল কৰি ৰাখিবলে প্ৰতিজন আবাসীয়ে যেন খেলৰ লগে লগেই শিকি গৈছিল ।

আৰম্ভণি ভাল আছিল আমাৰ , খেললে যোৱাৰ সময়তে খবৰ পাইছিলো মাৰ্চ পাষ্টত আমি তৃতীয়া স্থান পোৱা বুলি , ইমান খিনি হোষ্টেলৰ মাজত যে তৃতীয় হৈছিলো সেইটো আমাৰ বাবে প্ৰথম স্থানতকৈ কোনোগুণেই কম নাছিল । আমাৰ উৎসাহ দুগুণ হৈছিল , ভলীৰ প্ৰদৰ্শনো আৰম্ভণিৰ দিনাই সুখপ্ৰদ আছিল , প্ৰথম দিনাই খেলাৰ সুবিধা পালো টিমত , আৰু ফুৰ্তি লাগিল , আমাৰ অলৰাউণ্ডাৰ ৰিমকিবা , মণি বা , চিন্ময়ীবাহঁত আগৰেপৰাই পাকৈত আছিলেই , আমি জুনিয়ৰ কেইজনীৰ ভিতৰত ৰিতুৱে আটাইতকে ভাল খেলিছিল , সাংঘাতিক স্মেছাৰ আছিল ৰিতু , মই প্ৰায়ে মিডল ব্লকাৰ হৈ খেলিবলে পাইছিলো । জ্যোতিশিখা বঢ়িয়া ৰাইট চাইড হিটাৰ আছিল আৰু জিনাক্ষি মিডল্ ব্লকাৰ আৰু স্মেছাৰ । বাকী ৰূমা অলপ ৰিমকিবাৰদৰেই পাৰ্গত আছিল আৰু ৰশ্মিও ভাল অপ’জিট হিটাৰ আৰু স্মেছাৰ আছিল । চিনিয়ৰ সকলৰ লগত আমাৰ তাল মিল ভাল আছিল , খেলত যাতে আমি অলপো অপ্ৰস্তুত নহওঁ তাৰবাবে প্ৰত্যেকগৰাকীয়েই আমাক যথেষ্ট সমৰ্থন দিছিল । মোটামুটি আমাৰ টিমটো যথেষ্ট ভাল আছিল । প্ৰথমদিনাই খেলত জিকি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি আৰু ভাল লাগিছিল আমাৰ । আমাৰ ক’চ্চ দেৱদা আৰু প্ৰশান্তদায়ে প্ৰতি পদে পদে আমাৰ লগত থকাৰদৰেই AT 9 ৰ বহুতো ল’ৰাই আমাক দেখাদেখি সমৰ্থন কৰি উৎসাহিত কৰি গ’ল । আমাৰ হোষ্টেল কেইটাৰ প্ৰতি এইটো হোষ্টেলৰ মৰম অলপ বেছিয়েই আছিল অৱশ্যে ।

দিনটোৰ ভাগৰবোৰে জিৰাবলেও সময় পোৱা নাছিল ,আচলতে কোনেও জিৰণি ল’বলেও বিচৰা নাছিল , তাতে ৰাতিলে আছিল অন্যতম আকৰ্ষণীয় অনুষ্ঠান কইনা ( মিছ জি. ইউ . আছিলনেকি , অলপ খেলিমেলি লাগিছে ) প্ৰতিযোগিতা , আমাৰ হোষ্টেলৰপৰা চাৰি পাঁচজনীমান নৱাগতাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল , অসমীয়া কইনাৰ সাজত সজাই পৰাই সাজু কৰিছিলো তিৰুক , আগতীয়াকৈ নাম নিৰ্বাচিত হোৱাত কাপোৰসাজ গোটাই থৈছিলেই , ধৰ্মিষ্ঠা বায়ে গোটাই দিয়া গহনা গাঁথৰিৰে তাইক বৰ ধুনীয়া কইনা যেন লাগিছিল , কইনা ধৰা খুৰীয়েক হৈ সাজু হৈছিল মুনমীবা , দুয়োজনীৰ খোপা বান্ধোঁতা আছিল অমুকী । কইনাহঁতৰ লগতে আমিও সাজি কাচি অ’ডিটৰিয়াম পাইছিলোগে , তেতিয়ালৈকে পিছে মিষ্টাৰ জি.ইউ চলিয়েই থকাত আমি বহি পৰিলো অ’ডিটৰিয়ামৰ চকীতে , ক’ৰপৰা জানো ভাগৰসোপা আহি হেঁচা মাৰি ধৰিলেহি ক’বই নোৱাৰিলো , চকীত বহি মাছ মাৰি থাকোঁতেই কেতিয়া মিষ্টাৰ জি ইউ শেষ হৈ তিৰুহঁতক মঞ্চলে মাতিলে গমেই নাপালো । তিৰুৱে উঠি যাঁওতে খুটিয়াই থৈ যোৱাতহে খকমকাই সাৰ পালো । ইফালে পিছফালৰপৰা কইনা চাবলে অহা মইনাহঁতৰ চিঞৰ ….

” মইনা … মানুহজনৰ নামটো কোঁৱাচোন / অ’ মইনা লগন উকলি যোৱা নাই …. / আজি ৰাতিয়েই পলাই যাঁও ব’লা / মইনা না নক’বা দেই ….. ”

কইনাবোৰ নাৰ্ভাছ হোৱাটো স্বাভাৱিক । এফালে মইনাহঁতৰ চিঞৰ আনফালে বিচাৰকৰ প্ৰশ্ন । কইনাহঁতক প্ৰশ্ন সোধাৰ সমানে কইনাধৰোঁতাকেইগৰাকীকো সমানে বিচাৰকে প্ৰশ্ন সুধি গ’ল , সেই প্ৰতিযোগিতা চাই থাকিলো যদিও মঞ্চত পিছে পিছদিনা হ’বলগীয়া ৰোমাণ্টিক যুটীত নিজৰ লগতে স্বৰ্ণালীকহে দেখি থাকিলো , কোন ক’ত কেনেকে ৰ’ম আগতীয়াকে মনৰ মাজতে ঠিক কৰি ল’লো তেতিয়াই ।

ভাৰ্ছিটি ৱিকৰ আৰম্ভণি যথেষ্ট ভাল আছিল , আমি উৎফুল্লিত হৈছিলো , বিজয়ৰ নিচাই আমাৰ ভাগৰ কষ্ট সকলোবোৰ নাইকিয়া কৰি পেলাইছিল , সেইদিনা সন্ধ্যাৰ প্ৰাৰ্থনাতেই আৰু গম পাইছিলো পিছদিনাৰ চ’ছিয়েল চাৰ্ভিছৰ আমাৰ সহযোগী হোষ্টেলৰ নাম , নামটো শুনিয়েই ভাল লাগি গৈছিল । অামাৰ চ’ছিয়েল চাৰ্ভিছ পাৰ্টনাৰ হোষ্টেল আছিল AT 8 boys hall , আমাৰ বন্ধু হোষ্টেল নহয় যদিও বহুতো বন্ধু আছিল , তাতে কাবাডীৰ প্ৰেক্টিচলে ৰাতিপুৱা গৈ গৈ বহুবোৰ বন্ধু হৈছিল , ইফালে আমাৰ লংকেশ্বৰৰ মেচৰ পাছফালৰ মেচৰ ৰুবুল সেইটো হোষ্টেলৰে । লাহে লাহে দেৱাশীষ নামৰ অমায়িক আৰু বৰ ভদ্ৰ ল’ৰাটোও আমাৰ ভাল বন্ধু হৈ উঠিছিল , এওঁলোক সব পলিৰ ডিপাৰ্টমেণ্টৰে আৰ পলিৰ জৰিয়তেই ভাল বন্ধুও হৈছিল যদিও সেইবোৰ সময়ত পলিৰ কথা মনত পেলাবলে সময়ো নাছিল মনো নাছিল , তাই যিহেতু আমাৰ মূল প্ৰতিদ্বন্দ্বী হোষ্টেলৰ আছিল । মুঠতে পাৰ্টনাৰ হোষ্টেলৰ নাম আৰু আমি চাফাই কৰিবলগীয়া জেগাখিনিৰ নাম শুনিয়েই মনটো আৰু ভাল লাগিল , আমাৰ ভাগত পৰিছিল হস্পিতেল চৌহদৰ এটা ফাল , সন্মুখ ফালটো , য’ৰ গছবোৰে আৰম্ভণিৰপৰাই আকৰ্ষণ কৰি আহিছিল , য’ৰ গছবোৰ জালুকবাৰীৰ হাজাৰ প্ৰেমৰ সাক্ষী হৈ থিয় দি আছিল যুগ যুগান্তৰ , য’ৰ গছবোৰে জালুকবাৰী বিষয়ত পি এইচ ডি ডিগ্ৰী কৰি থকা যেন লাগে । সেই ঠাইখিনি আমাৰ ভাগত পৰা বুলি গম পাই সঁচাই বৰ ভাল লাগি গ’ল । প্ৰথম দিনৰ সাফল্য আৰু যোগাত্মক আনন্দই আমাক বেছ দৃঢ় কৰি তুলিলে । চ’ছিয়েল চাৰ্ভিছটো আমি খেলা ছোৱালীবোৰৰ বাবে বাধ্যতামূলক অলপো নাছিল যদিও আমি নহ’লেও নহৈছিল । তাতে আমাৰ মনো আছিল সকলোৰে লগত চ’ছিয়েল চাৰ্ভিছ কৰাৰ ।

পিছদিনা পুৱাই আমি সাজু হৈছিলো বগা চেলোৱাৰ আৰু বগা জোতামোজা পিন্ধি মূৰত টুপী আৰু RCC 4 girls hall লিখা sash লগাই চ’ছিয়েল চাৰ্ভিছলে বুলি । নেতৃত্বত বৰ্ণালীবা আৰু মিনিবা । বিশ্বাস আৰু দৃঢ় হ’ল আমি পামেই ইয়াতো । নেতৃত্বত থকা দুয়োজনী বায়েই যিমানহে পৰিপাটি …… হস্পিতেলৰ চৌহদ পাই ভালেই লাগিল , ল’ৰা হোষ্টেল সহযোগী পৰিলে বৰ সুবিধা হয় , দা কটাৰীৰ চিন্তাটো কৰিব নালাগে অন্ততঃ , লগতে বৰ বেছিকে লেতেৰা হৈ থকা ঠাইবোৰো ল’ৰাবোৰেই চাফা কৰে । আমি ঝাৰু মৰা , লতা টনা আৰু জাবৰ জলোৱা কামখিনি কৰিলতেই হৈ গ’ল , পিছে কাৰো লগতে কথা এষাৰো পতা নহ’ল । চিনিয়ৰৰ কাঢ়া নিৰ্দেশ , ল’ৰাৰ লগত কথা পতা মানা , সৌজন্যতাৰ এষাৰ দুষাৰ বেলেগ কথা , চেলবেলাই মুঠেই নহয় ।

ভালকে চাফা হৈছিল হস্পিতেল চৌহদটো , আনটো ফাল বেলেগ দলৰ পৰিছিল , সকলোৱে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাত ব্যস্ত হৈ পৰে বাবে ভাৰ্ছিটি ৱিকৰ এইটো বিভাগো যথেষ্ট সফল হয় , য়ুনিভাৰ্ছিটিখন আৰু চকুত লগা হৈ পৰে , সৰা পাতৰ গুণগুণনিৰ স’তে হিয়াৰ গুণগুণনি একাকাৰ হৈ পৰে । নিষ্ঠাৰে আৰু একাগ্ৰতাৰে কৰা কামৰ ফলাফলো বিচৰাৰ ধৰণেই হয় । চ’ছিয়েল চাৰ্ভিছত দুয়োটা হোষ্টেলৰ দলটো দ্বিতীয় ঘোষিত হয় । বিশ্বাস আৰু দৃঢ় হয় । শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপটো কাষৰতে পোৱা যেন লাগে ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৫

‘ জীৱন অনুপম , এই অনুপম জীৱনৰ প্ৰতিটো পল অনুপল জীয়াবলে জানিব লাগে আৰু নজনা জনে শিকিব লাগে । জীৱন জীয়াৰ আৰু ধৰাৰ মাদকতা তাতেই নিহিত হৈ থাকে । ‘

এই কথাষাৰ মই অন্তঃকৰণে বিশ্বাস কৰি আহিছো , সেয়েহে দুখবোৰো সুখ হৈ ফুলে , সুখে বুকু সাহিয়াল তথা ৰঙীয়াল কৰে । যিমানলৈকে পৰোঁ সিমানলৈকে চেষ্টা কৰিছো জীৱনক জীয়াবলে , য’ত থাকে মাথোঁ হাঁহি , শান্তি আৰু চৈতন্য । য়ুনিভাৰ্ছিটিত পঢ়ি থকা দিনবোৰেই চাগে জীৱনৰ সৰ্বশ্ৰেষ্ঠ দিন আছিল , য’ত প্ৰতিটো ঘাত প্ৰতিঘাট , সুখ দুখ , হেঁপাহ , আশা ভৰষা বৰ সাহসেৰে আৰু উদ্যমেৰে যুঁজ দিবলে শিকিছিলো । ভাৰ্ছিটি ৱিকৰ আগদিনা আই কাৰ্ড হেৰুৱাই যি মৰ্মবেদনা পাইছিলো সেইটোৱে জীৱনটোক ভালকৈয়ে শিকাই গ’ল , প্ৰয়োজনীয় বস্তু কিমান যতনেৰে ৰাখিব লাগে । ( শিক্ষা নহ’ল পিছে , দুবছৰৰ আগতে গোটেই মাৰ্কশ্বিট চাৰ্টিফিকেটৰ ফাইলটো হেৰুৱালো , সেইদিনা বৰকে মনত পৰিছিল আই কাৰ্ড হেৰোৱাৰ দিনটোলে ) পিছে মণিবাৰ প্ৰচেষ্টাত সকলোবোৰ ঠিক হৈছিল , ডিম্পীবাৰ ভৰিটোও লাহে লাহে ঠিক হ’ল , আচলতে মনৰ প্ৰবল জোৰত ডিম্পীবা ঠিক হৈ উঠিল , তাতে বাস্কেটবল দুদিনমানৰ পিছত আছিল বাবে সুবিধাও হৈছিল । প্ৰতিগৰাকী আৱাসীয়েই নিজৰ নিজৰ কৰ্তব্য বৰ নিষ্ঠাৰে পালন কৰিলে , য়ুনিভাৰ্ছিটি জীৱনৰ আটাইতকে আকৰ্ষণীয় দিনবোৰ উদযাপন কৰিবলে য়ুনিভাৰ্ছিটিৰ প্ৰতিজন সদস্যই উদ্বাউল হৈ পৰিল ।

ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ দিনা বুকুত সেই একেই ঢুকঢুকনি , হোষ্টেললে প্ৰথম অহাৰ দিনা বুকুত যিদৰে ধান বনাদি বানিছিল , সেই একেটা ঢেকীয়েই বুকুত কোবালে । পুৱাই সকলোবোৰ গা পা ধুই আজৰি হৈ তলত একেলগ হৈ প্ৰত্যেকেই শপত ল’লে , ভাৰ্ছিটি ৱিকত প্ৰতিটো অনুষ্ঠানতে সুন্দৰকে সহযোগ কৰাৰ , চিনিয়ৰ মণিবাহঁতে সকলোৰে কঁপালত আঁকি দিলে মন্দিৰৰ পৰা অনা সেন্দুৰৰ ফোঁট এটা , সেন্দুৰ আৰু কৃষ্ণচূড়াৰ ৰঙাবোৰৰ দৰেই উজলি উঠাৰ সংকল্প লৈ প্ৰত্যেকেই প্ৰত্যেকৰ সাহস হৈ সাজু হৈছিলো March past ৰ বাবে , মাপুই বায়ে আকৌ সোঁৱৰাই দিছিল কি কৰিব লাগিব , চিফ্ কামাণ্ডাৰে দিয়া কামাণ্ড আৰু মাপুই বাৰ কামাণ্ডৰ বাহিৰে সেইখিনি সময়ত যাতে বেলেগলে মন নিদিওঁ বাৰে বাৰে সকীয়াই দিলে । আমি সঁচাকৈয়ে খুউব মনোযোগেৰে প্ৰত্যেকটো কথাই শুনিছিলো আৰু কৰিছিলো যদিও সেই বুকুৰ ঢুকঢুকনিটো হ’লে অলপো কমাৰ নাম নল’লে ।

হোষ্টেলৰপৰা ওলাই যাঁওতে দূবৰিহঁতকো দেখিলো যদিও ইজনীয়ে সিজনীক নেদেখাৰ ভাঁও ধৰিলো , মাতিলেই যেন শ্ৰেষ্ঠত্বৰ আধা আধা ভাগ হৈ যাব এনে ভাৱত থাকিলো দুয়োজনী । শাৰী পাতি মাৰ্চ পাষ্টৰ বাবে ওলাই যাঁওতে AT 9 আৱাসীসকলে সুন্দৰকৈ শুভেচ্ছা জনালে , তেঁওলোকৰ চকু মুখত আমাৰ বাবে থকা শুভেচ্ছাখিনিয়ে আমাৰ আত্মপ্ৰত্যয় দৃঢ় কৰি তুলিলে । তথাপিও বুকুৰ ঢুকঢুকনিটো হ’লে কোনোপধ্যেই কমাৰ নামেই নল’লে । মাৰ্কেটৰ সেন্দুৰীয়া বাটটোৰে আগুৱাই হস্পিতেলৰ মাজেৰে বুঢ়া গছকেইজোপাৰ আশীৰ্বাদ লৈ পলিহঁতৰ হোষ্টেলৰ সন্মুখেৰে য়ুনিভাৰ্ছিটিৰ সেই বিশেষ ফিল্ডখনত উপস্থিত হোৱাৰ মুহুৰ্তলৈকে যেন একেটা উশাহতে গৈ পাইছিলোগে । বিশাল ফিল্ডখনত লাহে লাহে য়ুনিভাৰ্ছিটিৰ কৃষ্ণচূড়াবোৰে ভিৰ কৰিছিলহি , সকলোৰে চকুমুখত এটাই ভাৱ স্পষ্ট হৈ পৰিছিল সেই মুহুৰ্তত , নিজৰ হোষ্টেললে শ্ৰেষ্ঠত্বৰ সন্মান কঢ়িয়াই আনিবই লাগিব , শ্ৰেষ্ঠত্বৰ দৌৰত সেইটোৱেই প্ৰথম অগ্ৰগামী খোজ সকলোৰে বাবে ।

নিৰ্দিষ্ট সময়তকে পলমকে আৰম্ভ হৈছিল কিবা কাৰণত মাৰ্চ পাষ্ট , ইফালে পেৰেড কৰিবলে অসুবিধা হ’ব বুলি তেনেই নাম মাত্ৰ কিবা অলপহে মুখত দি গৈছিলো সবেই , চিনিয়ৰসকলে পূৰ্বৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ বাবে লৈ গৈছিল গ্লুক’ন ডি , বিস্কিট আৰু সৰু সুৰাকে অলপ খোৱা বস্তু । কাপোৰ বেয়া হ’ব বুলি বহিবও নোৱাৰি ইফালে সূৰ্যৰ প্ৰখৰতা সিদিনা বাঢ়িহে গৈছিল আগতকে , বৰষুণীয়া বতৰটোত ৰ’দে খাঁও খাঁও মুৰ্তি ধৰি আহিলে সিদিনা , বহুতো অংশগ্ৰহণকাৰী অসুস্থ হৈ পৰিল , লগে লগে ভলাণ্টিয়াৰসকলে শুশ্রূষা আৰম্ভ কৰিয়েই দিয়ে অৱশ্যে । ভাগ্যে আমাৰ হোষ্টেলৰ ছোৱালীবোৰ অলপ মোটা টগড়া আছিল বাবে নপৰিল হ’বলা , ইফালে ভাৰ্ছিটি ৱিকৰ নাম শুনাৰেপৰা সমানে শুনি অ‍াহিছে বেষ্ট হোষ্টেলৰ কথা , গতিকে গা বেয়া লাগিলেও মনৰ জোৰত সকলো থিয় হৈ থাকিল নিজৰ জেগাত । সদায় ভয় কৰা চিনিয়ৰ বাবোৰে বেগত লৈ যোৱা ছাতি লৈ আমাৰ কান্ধত আশ্বাসৰ হাতখন ৰাখিলেগৈ । আমাৰ সাহস আৰু বিশ্বাস দুগুণে বাঢ়িল তেঁওলোকৰ সহমৰ্মিতা দেখি । আমাৰ সমানেই মাৰ্চ পাষ্ট নকৰাখিনিয়েও থিয় হৈ থাকিল আমাৰ কাষে কাষে ।

মাৰ্চ পাষ্ট আৰম্ভ হ’ল , কামাণ্ডাৰে ‘ সাৱধান / বিশ্ৰাম ‘ বুলি সাৱধান বিশ্ৰাম কৰোৱাৰ লগে ‌লগেই সকলো সাৱধান হৈ পৰিলো , কোনোধৰণৰ ত্ৰুটি নোহোৱাকে যাতে শিকোৱাৰদৰেই আগবাঢ়ি যাব পাৰোঁ তাৰবাবে প্ৰত্যেকেই সচেতন হৈ পৰিলো । পিছে বুকুৱে একেই ধান বনাদি বানি থাকিল আমি আগুৱাই নোযোৱালৈকে ।

মাৰ্চ পাষ্টৰ সময়ত ফিল্ডত

মাৰ্চ পাষ্ট কৰি আহি গোটেইবোৰ লেবেজান হৈ পৰিছিলোহি যদিও মনৰ উদ্যমবোৰ আগতকে বাঢ়িছিলহে । মাৰ্চ পাষ্ট কৰি আহি ভাগৰি জুগৰি বিচনাত পৰাৰো সময় নাছিল তেতিয়া , আবেলি আকৌ আছিল ভলী , প্ৰতিদ্বন্দ্বী হোষ্টেল দূবৰিহঁতৰ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৪

মঞ্জু দীদীৰ কথাখিনিয়ে দিনটো বৰ দুৰ্বল কৰি তুলিছিল যদিও আমাৰ ৰিমকিবাৰ দুষ্টামিভৰা কথাকেইটাই পিছে বাৰুকৈয়ে আমোদ দিলে সেইদিনা । ৰিমকিবাৰ কথা শুনি মঞ্জুদীদীয়েও কান্দি থকাৰ মাজতে ঢেকঢেকাই হাঁহি উঠিল , নাহাঁহিনো পাৰে কোনস’তে বাৰু ! পিঠিত ঔকিলদি চিৰিলা চিৰিলকে ফালিব পৰা হাতদুখনৰ গৰাকীক যদি ওলোটাই মঞ্জুদীদীয়ে এঘোচা মাৰি দিব পাৰিলেহেঁতেন……. তাকে ক’লে ৰিমকিবায়ে । গোটেই দৃশ্যটো কল্পনা কৰি সঁচাকৈয়ে হাঁহি উঠি গ’ল । বুকুৰ কথাখিনি উজাৰি দি দীদী যেন বহুখিনি পাতলিল , সেইদিনাৰপৰা আৰু মতাৰ মাৰ নাখাঁও বুলি সেই একেই হাঁহিটো মাৰিয়েই কৈ মঞ্জুদীদী নিজৰ কামত লাগিলগৈ । ইফালে ভাৰ্ছিটি ৱিকৰ একদম সন্ধিক্ষণত উপস্থিত হৈ আমাৰো উগুল থুগুল হিয়া একেবাৰে ।

ভলীবল আৰু কাবাডীত খেলিবৰ বাবে নিৰ্বাচিত হ’লো যদিও পিছে বাস্কেটবল খেলিবলে নিৰ্বাচিত নহ’লো , বৰ বেয়াও নাপালো অৱশ্যে । বাস্কেট বল আৰম্ভণিৰ দিনাৰেপৰাই ভালদৰে খেলিব নোৱাৰিছিলো , কাৰ হাতৰ বল কেনি উৰি গৈ কাৰ হাতৰ মাজত খেলা কৰি থাকে ধৰিবই নোৱাৰিছিলো , গতিকেই বাস্কেট বল খেলাৰ যোগ্য নহয় বুলি নিজেই আৰম্ভণিৰেপৰাই জানিছিলোৱেই । মূল দলটোত নাথাকিলো যদিও চাবষ্টিটিউত হিচাপে পিছে ঠিকেই ৰাখিলে দলত । সেইকেইদিন খোৱা বোৱাৰো সময় নাইকিয়া হৈছিল ইফালে অনবৰতে সাৱধান হৈ থাকিব লাগে , যাতে কোনোধৰণৰ ভুল নহয় আৰু চিনিয়ৰৰ লগতে আন হোষ্টেলৰ আৱাসীবোৰো অসন্তুষ্ট নহয় আমাৰ বাবে , লগতে প্ৰতিটো ক্ষণতে এটাই চিন্তা আমাৰ ….শ্ৰেষ্ঠ হোষ্টেল ভাৰ্ছিটি ৱিকৰ , আগৰ বছৰ খুউব কম পইণ্টৰ ব্যৱধানতহে RCC 3 শ্ৰেষ্ঠ হৈছিল , সেইবাৰ যাতে তেনেকুৱা ভুল নহয় তাৰবাবে প্ৰতিমুহুৰ্ততে আমি সতৰ্ক হৈ ৰ’লো ।

পিছে বেছি সাৱধানীবোৰৰ বিপদো বৰ বেছিকৈয়ে হয় হ’বলা , ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ আগদিনাও হৈছিল তেনে এটা ঘটনাই , ক’ত আৰু কেনেকৈনো জানো মোৰ identity card খন হেৰাই থাকিল , আনফালে আই কাৰ্ড নহ’লে খেলত কেতিয়াবা বিপদত পৰিব লগীয়া হ’ব পাৰে বুলি আগতেই গম পাইছিলোৱেই । গতিকে লাগিলে লেঠা , খেলাৰ গোটেই সুবিধাখিনি আৰু ইমানদিনৰ পৰিশ্ৰম আৰু কষ্ট অথলে যোৱাৰ ভয়ত মই দিশহাৰা হৈ পৰিলো , মণিবাক ক’লোগে কথাটো বৰ ভয়ে ভয়ে , অনেক ব্যস্ততাৰ মাজত বায়ে কথাখিনি শুনিলে যদিও ভাল ধমক এটাও দিলে । জীৱনটো অসাৰ যেন লাগিল একেবাৰে , একো উৱাদিহ নাপাই কান্দিয়েই পেলালো একেবাৰে অকলে অকলে গছজোপাকে সাৰথি কৰি , তিৰুহঁতে বুজাবলে আহিও বিফল হ’ল ।

কান্দি কান্দি নিজকে চম্ভালিব খোজোতেই দেখোঁ ডিম্পীবায়েও চুঁচৰি অহাদি আহি ৰূমত সোমাই হাও হাওকে কান্দিবলে ধৰিলে , পিছে পিছে জীনাবাহঁতো সোমাই আহিল । মই কান্দিমেই নে ডিম্পীবাকে চাম একো বুজি নাপালো , ইফালে মোৰ কন্দাৰ কাৰণ গম পাই সকলোৱেই অকণ দুখ পালে যদিও কিবা এটা হ’ব বুলি সকলোৱে সান্ত্বনা দিলে । ডিম্পীবায়ে বাস্কেট বল খেলিছিল , আগৰ বছৰো ডিম্পীবায়ে ভাল খেলিছিল , সেইবাৰো ভাল খেলি থকা অৱস্তাতেই হঠাতে বাঁও ভৰিটো বৰ বেয়াকে মোচোকা খালে ডিম্পীবায়ে । বেণ্ডেজ মৰা ভৰিটোৰে যেনেতেনে হোষ্টেল পালেহি যদিও মনৰ বিষে মানুহজনীক একেবাৰে কোঙা কৰি পেলালে , বাস্কেট বল খেলিবলে নোপোৱাৰ মনোবেদনাই ডিম্পীবাক বাৰুকৈয়ে ব্যথিত কৰি তুলিলে । ভাৰ্ছিটি ৱিকত কৰা শাৰীৰিক কষ্টতকৈ খেলিবলে নোপোৱাৰ মনোকষ্টৰ কিমান গুণে বেছি আমি দুয়োজনী ৰূমমেটে বাৰুকৈয়ে বুজি পালো ।

সন্ধ্যা এছেম্বলীৰ আগে আগে মণিবাহঁতে ডিম্পীবাৰ খবৰ ল’বলে আহি মোকো ভাল খবৰ এটাই দিলেহি , মোৰ আই কাৰ্ড হেৰাইছে যদিও ছাত্ৰ একতা সভাৰ বিশ্বদাক কথাটো জনাইছে মণিবায়ে আৰু চিন্তা কৰি থাকিব নালাগে বুলি কৈছে । কথাটো শুনি মোৰ বুকুখন পাতল লাগিল , ভাৰ্ছিটি ৱিকত যে খেলাৰ সুযোগটো হেৰুৱাব লগীয়া নহ’ল তাৰবাবে মনটো বৰ ভাল লাগিল , ডিম্পীবায়েও মনৰ জোৰতে ভৰিটো অলপ ভালপোৱা বুলিও ক’লে । অলপ আগৰ শোকাতুৰ পৰিৱেশটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ’ল যেন পলকতে । ইফালে নাটকৰ ষ্টেজ ৰিহাৰ্চেলৰ বাবে কবিতাবাৰ লগতে গোটেই দলটো যাব লাগে অ’ডিটৰিয়ামলে , আকৌ গধূলি জালুকবাৰীত এপাক ঘুৰিবলে পোৱাৰ আনন্দই মনটো কিবা গুণগুণনি এটাই সুৰসুৰাই গ’ল ।

সেইকেইদিন আমাৰ সন্ধ্যাৰ এছেম্বলীত হোষ্টেলৰ ভিতৰুৱা প্ৰতিযোগিতাবোৰৰ বাহিৰে অন্য একো নহৈছিল অৱশ্যে তেতিয়ালে লাহে লাহে চিনিয়ৰ জুনিয়ৰৰ ব্যৱধানটো অলপ কমিছিলগৈও , তথাপিও আমি জুনিয়ৰবোৰ হ’লে জুনিয়ৰৰ খোলাটোৰ পৰা সম্পূৰ্ণৰূপে বাহিৰলে ওলাই আহিব পৰা নাছিলো তেতিয়াও । হোষ্টেলৰ শেষৰটো আৰু অন্যতম আকৰ্ষণীয় প্ৰতিযোগিতাটো আছিল ৰোমাণ্টিক কাপল্ ৰ প্ৰতিযোগিতা , এই প্ৰতিযোগিতাৰ বাবে স্বৰ্ণালী আৰু মই আগৰেপৰাই সাজু আছিলোৱেই যিহেতু হোষ্টেলত সোমোৱাৰ দিন ধৰি তাইয়ে মইয়ে ৰোমাণ্টিক যুটী হৈ সকলোকে আমোদ দি আহিছিলো , তাইৰ নাম থৈছিলো চুপহী । কেতিয়াবা তাই প্ৰেমিকা হয় যদি আন কেতিয়াবা মই প্ৰেমিকাৰ ভাঁও লঁও , পিছে যিদিনা প্ৰতিযোগিতা আছিল সেই দিনা স্বৰ্ণালীয়ে মোৰ প্ৰেমিকৰ ভাঁও ল’লে । অদ্ভূত ল’ৰাৰ বেশেৰে স্বৰ্ণালীক দেখি সেইদিনা বেছ হাঁহি উঠিছিল যদিও তাই স্বভাৱসুলভ ভাৱেই অকণো নহঁহাকৈ মোৰ গহীন প্ৰেমিকজন হৈ পৰিছিলো আনহাতে মই চঞ্চলা চপলা প্ৰেমিক পখিলা । আমাৰ যুটীটো বেছ জমিছিল হ’বলা , সেয়েহে সেই একেখিনি প্ৰদৰ্শন কৰিবলে ভাৰ্ছিটি ৱিকটো আমি সুবিধা পাইছিলোহঁত । গতিকেই নাটকৰ ষ্টেজ ৰিহাৰ্চেলৰ দিনা আমিও আমাৰ ৰোমাণ্টিক কাপল্ ৰ অভিনয়টো ভালদৰে য়ুনিভাৰ্ছিটিৰ সেই বিশাল মঞ্চখনত আগতীয়াকে কৰি আহিলো ।

এইফালে ভাৰ্ছিটি ৱিকৰ আগদিনা AT 9 হোষ্টেলৰো যেন তৰণি নাইকিয়া হৈছিল প্ৰত্যেকেই আমাক ভাগে ভাগে পৰামৰ্শ দিলে , এনে লাগিল যেন সকলোৱে যেন আমিয়েই জিকি অহাটো বিচাৰিছে , তেঁওলোকৰ আন্তৰিকতা খিনি সঁচাকৈয়ে বৰ আদৰুৱা আছিল । তথাপিও পিছে দেৱদাৰ গালি শুনিবলে নেৰিলো খেলি থাকোঁতে , কথা এটাও পাতিব নোৱাৰোঁ আমি , একদম ধমক লগাই আহে , আমিহে জানো ভলী মাৰি মাৰি আমাৰ হাতৰ অৱস্থা কি হৈ গৈছিল , একো ক’বও নোৱাৰি , কোনোবাই যদি ৰঙা পৰি উখহি যোৱা হাতখন দেখুৱাই অকণ সহমৰ্মিতাৰ আশা কৰে তেনেহ’লে হ’লেই আৰু সেইফালে , মৰমৰ মাত এষাৰ বাদেই ওলোটাই ভাল ধমকহে খাব লগীয়া হয় । গতিকে মৰম চেনেহ , আতৌ পুতৌ সকলো বাদ দি খেলত মনোযোগ দিয়াই আমাৰ কাম আছিল । ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ আগদিনা পিছে কথাবোৰ অলপ বেলেগ আছিল , দেৱদা প্ৰশান্তদাহঁতে আমাক বুজাই দিছিল খেলাৰ কিছুমান কিতিপ , লগতে নেখেলা সকলকো শিকাই দিছিল এক মহামন্ত্ৰ । যি মহামন্ত্ৰই বৰ উৎসাহ দিছিল সকলোকে আৰু সকলোৱে একেমুখে চিঞৰি উঠিছিল……

হিলৈ হিলৈ হিলৈয়া…….উ…..উ………উ……../ হিলৈ হিলৈ হিলৈয়া……

নহ’লে ,

RCC 4 up up / RCC 4 up up …..

ভলীৰ জুনিয়ৰ সন্থাৰ লগত গীতাবাহঁত
জুনিয়ৰ ভলী খেলুৱৈ কেইজনী ৰূমা , জিনাক্ষি , ৰিতু , ৰশ্মি , জ্যোতিশিখা আৰু মই

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৩

ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে আমাৰ আৰু এটা কাম বাঢ়িছিল , সেইটো আছিল হোষ্টেলৰ ৱাল মেগাজিনৰ কাম। আন আন এক্টিভিটিবোৰৰ লগতে ৱাল মেগাজিনেও সমানেই গুৰুত্ব পাইছিল লগতে হোষ্টেল আৰু ডিপাৰ্টমেণ্টবোৰৰ মাজত সুকীয়াকে ৱাল মেগাজিনৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল । অৱশ্যে ৱাল মেগাজিনৰ কামত ব্যস্ত হ’বলগীয়া হোৱা নাছিল , চিনিয়ৰসকলেই বেছিকে ইয়াৰ দায়িত্বত আছিল । ৰাতি বহুদেৰিলৈকে চিনিয়ৰসকলে ৱাল মেগাজিনৰ কাম কৰি থাকে তাৰ মাজে মাজে চলে তেঁওলোকৰ আড্ডা , আড্ডাৰ মাজে মাজে আড্ডাবাজসকলৰ এপিয়লা চাহ । মুঠৰ ওপৰত পঢ়া শুনা সকলো জলাঞ্জলি দি কেৱল ভাৰ্ছিটি ৱিকৰ নামতে সকলোৱে নিজকে উছৰ্গা কৰাৰ দিন আছিল সেইবোৰ ।

জীনাক্ষিৰ লগত হোৱা ঘটনাটোৱে মোকো বৰকে ব্যথিত কৰিলে , য়ুনিভাৰ্ছিটিৰ প্ৰতিটো দিনৰে সোৱাদ ভিন্ন , তিতা মিঠা টেঙা কেঁহা প্ৰতিটো সোৱাদেই সুলভ য়ুনিভাৰ্ছিটিৰ হোষ্টেলত । ৰিমকি বাহঁতে বহুত বুজোৱাৰ পিছত তাই শান্ত হৈছিল যদিও ৰাতিটো শোৱা নাছিল হ’বপায় , পিছদিনা পুৱা তাইৰ অৱস্থা বেয়া হৈ গৈছিল , জ্বৰ মূৰৰ বিষত জৰ্জৰিত জীনাক্ষিক ৰাতিপুৱাই লৈ গৈছিলো য়ুনিভাৰ্ছিটিৰ হস্পিতেললে তাইৰ ভালপোৱাজনৰ সৈতে , দৰৱ জাতি লৈ ঘুৰি আহি হোষ্টেল পাই দেখোঁ তিৰুৰ অৱস্থা বেয়া , বেচেৰীয়ে হাত আৰু পিঠিৰ বিষত লৰচৰ কৰিব পৰা নাই । স্পন্দেলাইটিচ হৈ তাইৰ হাত আৰু পিঠি প্ৰায় জঠৰ হৈ পৰিছিল , ইকাটি সিকাটি হোৱাটো বাদেই তাই উশাহ লওঁতেও কষ্ট পোৱাৰদৰে হৈছিল । ইফালে ভাৰ্ছিটি ৱিক তেনেই কাষত । কি কৰিব লাগে একোৰে উৱাদিহ নাপাই তাইক ডাক্তৰৰ ওচৰলৈকে লৈ গ’লো পাণবজাৰলে , অট’খনত যাঁওতে তিৰুৰ কষ্ট দেখি সঁচাকৈয়ে বৰ দুখ লাগিছিল , দুয়োজনী মৰমী বান্ধৱীৰ একেলগে ইমান কষ্ট দেখি বেয়াও লাগিল তাতে ভাৰ্ছিটি ৱিক তেনেই ওচৰত । মনটো অলপ হ’লেও বেয়া লাগিল যদিও নিজৰ কামবোৰ ভালদৰেই কৰি গ’লো , আবেলিলে AT 9 লে ভলী প্ৰেক্টিচ কৰিবলে জীনাক্ষি গ’ল । তাইৰ ‘ ভাৰ্ছিটি ৱিক বৰ্জন ‘ সিমানতে অন্ত পৰিল যেনিবা ।

ভাৰ্ছিটি ৱিক , ইহঁত দুজনীৰ বেমাৰ , হোষ্টেলৰ ভিতৰুৱা প্ৰতিযোগিতাবোৰ গোটেইবোৰে একেলগে জুমুৰি দি ধৰিছিল , নিজৰ বাবে অক্কণমানো সময় নাইকিয়া হ’ল , কেৱল মোৰেই নহয় সকলো ছোৱালীৰে একেই অৱস্থা , তথাপিও কাৰো ভাগৰ নাই কাৰো এলাহ নাই । এক অদ্ভূত উদ্যমে সকলোকে প্ৰাণৱন্ত কৰি ৰাখিছিল , চিন্তা কৰাৰো যেন সময় নাই । ভলীৰ প্ৰেক্টিচলে যাঁওতেই আমাৰ হিমাদ্ৰি হৈ পৰিল হিমু মাইনা টি কে দাদাৰ , হিমাদ্ৰি আৰু টিকেদাৰ প্ৰেম ভাৰ্ছিটি ৱিকৰ সমানে সমানে আগবাঢ়িল , প্ৰকাশ দেৰিকে কৰিছিল যদিও ভাৰ্ছিটি ৱিকৰ সময়ৰপৰাই আমি সেই প্ৰেমৰ উমান পাইছিলো । প্ৰেমৰ বৰষুণজাকত তিতিবলে কোনেনো নিবিচাৰে জালুকবাৰীত ? বৰষা নামিছিল প্ৰেমৰ সকলোৰে বুকুলে , মোৰো ভাল লাগিল এযোৰ বিশেষ চকু , চকুযুৰিৰ প্ৰেমত ইমানেই বেছিকে পৰিলো যে চেহেৰাটো চাবলেকে নহ’ল , নামটোও জনা নহ’ল , কিন্তু সেই চকুযোৰ চাবলে মনটো উদ্বাউল হৈ থকা হ’ল । কিয় জানো জীৱনত যেইবাৰেই প্ৰেমত পৰিলো সেইবাৰেই কেৱল চকুৰ প্ৰেমতহে পৰিলো , সেয়েহে হয়তো প্ৰেমৰ বৰষুণজাকত তিতি জুৰুলি জুপুৰি হ’বও নোৱাৰিলো । বৰ ডাঙৰ মিছ হৈ গ’ল জীৱনত তাকেই , প্ৰেম হ’লেও প্ৰেমিক নহ’ল কোনোকালেই ।

কৃষ্ণচূড়াবোৰে ৰং বিলাই থকা দিনবোৰ সুমধুৰ কৰিবলেকে যেন ভাৰ্ছিটি ৱিকৰ আয়োজন চলে তেনে সময়বোৰতে , সেইবাৰ প্ৰলয়ংকাৰী বানৰ বাবে আগতকে কিছু পলমকে অনুষ্ঠিত হৈছিল ভাৰ্ছিটি ৱিক । গোটেই য়ুনিভাৰ্ছিটিখন ব্যস্ত হৈ পৰে এইখিনি সময়তে । বিভিন্ন খেলবোৰৰ সমান্তৰালকে আৰু এটা কামৰ দায়িত্ব আহি পৰে খেলত ভাগ নোলোৱা হোষ্টেলীয়া সকলৰ কাৰণে , চ’ছিয়েল চাৰ্ভিছৰ । ছ’চিয়েল চাৰ্ভিছ হৈছে য়ুনিভাৰ্ছিটিৰ ছাত্ৰ একতা সভাই নিৰ্দিষ্ট কৰি দিয়া ঠাইবোৰ চাফা কৰিব লাগে চুক কোণ মাৰি , আৰু চাফ চিকুণতা চাই নিৰ্দিষ্ট কৰি দিয়া সমিতিয়ে পুৰস্কাৰ প্ৰদান কৰে ।চ’ছিয়েল চাৰ্ভিছ কৰিবলে প্ৰতিটো হোষ্টেলৰ লগতে এটা সহযোগী হোষ্টেল থাকে আৰু পুৰস্কাৰটোও দুয়োটা হোষ্টেলৰে উমৈহতীয়া হয় । ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি হিচাপে এই চ’ছিয়েল চাৰ্ভিছ প্ৰথমতে হোষ্টেলতে কৰোৱা হয় , আমাকো কৰালে , আমি খেলাত ভাগ লোৱাবোৰে নকৰিলেও হয় যদিও নেতৃত্বত থকা বৰ্ণালীবা আৰু মিনি বাৰ আকৰ্ষণতে চ’ছিয়েল চাৰ্ভিছতো ভাগ ল’লো হোষ্টেলত । বৰ্ণালীবা ব্লকৰে বুলি আৰু আগৰে চিনাকি বুলি অলপো ভয় নালাগে তাতে ফ’ৰ্থ ব্লকৰ চিনিয়ৰবোৰ এনেইও জুনিয়ৰ মূৰত উঠাব পৰা বিধৰ ( বৰ্ণালী বাক চিনিয়ৰ যেন নালাগিলেই ) বাবে আৰু এখোপ চৰা , পিছে মিনিবালে আৰম্ভণিৰেপৰা ভয় লাগিছিল , তাতে সন্ধ্যাৰ এছেম্বলীত যিহে মুৰ্তি দেখুৱাই , ভয়তে আটাইবোৰ জুনিয়ৰৰে চুৰ্তি হেৰাই যায় ।

তথাপিও চ’ছিয়েল চাৰ্ভিছ কৰি অকণো বেয়া নালাগিল ,তাতে য়ুনিফৰ্মযোৰৰ আকৰ্ষণো আছিল দুৰ্বাৰ । সকলোবোৰ হোষ্টেলেই আমাৰ সময়ত বগা সাজ পৰিধান কৰিছিল , আমাৰ হোষ্টেলৰ বাবেও বগা চেলোৱাৰ কামিজৰ লগত বগা দোপাত্তা , বগা কেপ আৰু বগা জোতা মোজা ঠিক হৈছিল , লগত RCC 4 লিখা ৰঙা sash এখন । গোটেই বস্তুকেইটা আমাৰ প্ৰায় সবৰে আছিলেই বাবে ছ’ছিয়েল চাৰ্ভিছ কৰিবলে অক্কণো চিন্তা কৰিব লগীয়া নাছিলেই । মাত্ৰ এটাই চিন্তা আছিল সহযোগী হোষ্টেল বা কোন পৰে ! মনে মনে ভাবিলো কোনোবা ল’ৰাৰ হোষ্টেল পৰিলেই হয় বুলি । মইনাৰ লগত মইনাবোৰে কাম কৰাৰ মজাই বেলেগ ।

আমাৰ হোষ্টেলৰ চ’ছিয়েল চাৰ্ভিছৰ দলটো , sash মৰা আটাইকেইজনী আমি জুনিয়ৰ , sash নমৰাকে থকা দুগৰাকী বৰ্ণালীবা আৰু মিনিবা ।

আমাৰ হোষ্টেলৰ ভিতৰখন আৰু বাথৰূম টয়লেট চাফা কৰিবলে মঞ্জুদীদী সদায় আহিছিল , সদায় চিধা পাল্লাত ধুনীয়া ধুনীয়া শাৰী পিন্ধি , বৰ সুন্দৰ সজ্জাৰে মঞ্জুদীদী আহিছিল মুখত এখন পাণ ভৰাই সদায়ে এমোকোৰা হাঁহিৰে । মঞ্জুদীদীক দেখিলেই মনটো ভাল লাগি যায় , জীৱনত দুখ কি বস্তু দীদীয়ে যেন বুজিয়েই পোৱা নাছিল , পিছে সেই মঞ্জু দীদীয়েই ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ দুদিনমানৰ আগতে একদম জৰ্জৰিত হৈ আহি ওলাইছিলহি হোষ্টেলত , মুখত প্ৰসাধনটো নাইয়েই হাঁহিৰ ৰেশ এটাও নাছিল সিদিনা দীদীৰ মুখত । মঞ্জুদীদীক তেনেকে দেখি মনটো কিবা চেবাই গ’ল , কেতিয়াও অকণো দুখত নেদেখা মঞ্জুদীদীক তেনেকৈ দেখি সঁচাই বৰ আচৰিত লাগিল , যেন মানুহজনী নাহিলে নহয় বাবেহে আহিছে , শৰীৰৰ জোৰত অহা নাই , কেৱল মন আৰু কৰ্তব্যৰ খাতিৰতহে আহিছে তেঁও । আহিয়েই কঁকালৰ খোঁচনিৰপৰা পাণৰ টোপোলাটো উলিয়াই তাৰে অকণ তলতে ৰিমকিবাক অাৰু অকণমান আহি মোক দিয়াটো মঞ্জু দীদীৰ প্ৰায় দৈনিক ৰুটিনৰ ভিতৰতে আছিল , পাণ খাই ভাল নাপাঁও যদিও মঞ্জুদীদীৰ মৰমবোৰ উপেক্ষা কৰিবলে মন নাযায় বাবেই দীদীয়ে দিয়া পাণকণ লৈ থঁও সদায় । মঞ্জুদীদীৰ সিদিনাৰ বিধ্বস্ত ৰূপটো সহ্য কৰিব পৰা নাছিলো সিদিনা , ভাত খাই ওপৰলে নাহি ৰিমকি বা আৰু মই সুধিছিলো দীদীক কি হৈছে বুলি । সদায় হাঁহি থকা মানুহজনীয়ে যিখিনি বৰ্ণনা দিলে শুনি গাৰ নোম শিঁয়ৰি গ’ল , লগতে আগৰাতি মদাহী গিৰিয়েকে কোবাই চিৰিলা চিৰিলকৈ ফালি দিয়া পিঠিখন দেখুৱাই দীদী সিদিনা কান্দোনত ভাগি পৰিছিল , লগতে প্ৰত্যেক ৰাতিয়েই যে দীদীয়ে সেইবোৰ নিৰ্যাতন সহ্য কৰি যাব লাগে সেয়াও অকপটে কৈছিল দীদীয়ে । আচৰিত হৈছিলো মঞ্জু দীদীৰ কথা শুনি , কেনেকৈ …. কেনেকৈ থাকিব পাৰে ইমান কষ্ট সহিব ! আকৌ কেনেকৈ পাৰে ইমান কষ্টৰ পিছতো ইমান প্ৰাণৱন্ত হৈ থাকিব ! কেনে জীৱন এইয়া ? তেঁওৰ দৰে মানুহৰ বাবে জীৱনটো বৰদান নে উপহাস ?

ভাবি পাৰ নাপালো যদিও আচৰিতধৰণে শিক্ষা পালো মঞ্জুদীদীৰপৰা , হাঁহিৰে জীৱন জয় কৰাৰ । সেয়েহে হয়তো কোনোবাই বৰ সুন্দৰকৈ কৈ গৈছে ….

হাঁহি আৰু চকুলোৰ মধুৰ মিলন / এয়ে নেকি হাঁয় মানৱ জীৱন

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪২

ভাৰ্ছিটি ৱিকৰ ব্যস্ততা যিমানে বাঢ়িল সিমানে পঢ়াৰ লগত কিতাপৰ লগত আমাৰ সম্পৰ্ক কমি আহিল , মাথোঁ ক্লাছতে যিখিনি পঢ়াই সেয়াই পঢ়াৰ লগত সম্পৰ্ক । বৰ জোৰ কৰিহে মনটো ক্লাছত বহুৱাই ৰাখোঁ , তাতে বেছ ভাগৰো লাগে । ভাগৰ নালাগিবই বা কিয় ! যিহে ব্যস্ততা … পুৱা ৩.৩০ বজাত যি এলাৰ্ম বাজে সেই এলাৰ্মৰ লগতে সাৰ পাই দিনটো ঘড়ীৰ কাটাৰ সমানে ব্যস্ত হৈ পৰোঁ , এলাৰ্ম বজাৰ আধাঘণ্টাৰ পিছতে হোষ্টেলৰ বেলটোও বজাই দিয়ে মুকুল দায়ে । কেতিয়াবাতো মুকুলদায়ে দুৱাৰে দুৱাৰে ঢকিয়াই থৈও যায়হি , পুৱাৰ কোমল টোপনি ভাঙি যাবলে বেয়া পাই যদিও সকলো উঠি যায় লৰালৰিকৈ কাৰণ মাপুই বা চাৰি বজাৰ লগে লগেই আমাক প্ৰেক্টিচ কৰাবলে সাজু হৈ তলত ৰৈ থাকে ।

সাংঘাতিক নিয়মানুবৰ্তিতাত চলা ছোৱালী দেখিলো মাপুই বাক , লগতে march past ত যথেষ্ট নিপুণ । কেইদিনমান সকলোকে প্ৰেক্টিচ কৰোৱাৰ পিছত জুনিয়ৰবোৰক নিৰ্বাচন কৰা হৈছিল march past ৰ বাবে , চিনিয়ৰ সকলে একেবাৰে ভাল নাপাইছিল ইয়াত অংশগ্ৰহণ কৰিবলে , মাপুই বাকে আদি কৰি চিন্ময়ীবা , মণিবা , গীতাবা , জেস্সীবা আছিল চিনিয়ৰ । ইয়াতো নিৰ্বাচিত হৈ ভাল লাগিছিল মনটো তাতে পুৱাৰ জালুকবাৰী মোৰ খুবেই প্ৰিয় । হোষ্টেলৰ নোখোলা গেইটখন খোল খাইছিল সেই পুৱাবোৰত , শিৱৰাতি পতা সেই বাটটোলে লৈ গৈছিল আমাক শাৰী পতাই ঠিক প্ৰাক প্ৰাথমিকৰ ছাত্ৰ ছাত্ৰীৰদৰেই । প্ৰথম শাৰীতে ৰৈছিলো পেৰেডত , সেইটো মোৰ বাবে আছিল বিৰাট সন্মান । মাপুইবাই কামাণ্ড দিয়ালে চাই ৰঁও মাথোঁ থৰ লাগি বাৰ মুখলে , পিছে কামাণ্ডৰ অপেক্ষাত নহয় , বাৰ মৰমলগা মুখ খন , বাৰ অকণমানি জিলিকি থকা চকুদুটা , স্নিগ্ধ হাঁহিটোৰে মিহিকৈ টোলপৰা গালদুখনি , ওঁঠৰ ফাকেৰে ওলোৱা ডালিমগুটীয়া দাঁতকেইটা … মাপুই বাৰ লগতে ছাঁৰদৰে থাকিছিল জেস্সীবা , দুয়োগৰাকী দেখাতো একেই আৰু কামতো একেই । পেৰেডৰ সম্পূৰ্ণ দায়িত্ব দুয়োগৰাকীয়েই সমানে লৈছিল ।

মাৰ্চ পাষ্টটো সঁচাকৈয়ে বৰ আকৰ্ষণীয় , ইয়াত পেৰেডৰ লগতে পৰিধান কৰা কাপোৰৰো প্ৰতিযোগিতা চলে , সকলো হোষ্টেলৰ বছৰি মাৰ্চ পাষ্টৰ সাজ পোছাক সলনি হয় , সাজ পোছাক নিৰ্বাচনৰো লগতে চিলোৱাৰ ধৰণো সকলোৰে বেলেগ হয় , চিনিয়ৰসকল ব্যস্ত হৈ পৰে পোছাকৰ দায়িত্বত । মন মগজুত একেটাই চিন্তা …শ্ৰেষ্ঠ হোষ্টেল । গতিকেই আকৰ্ষণীয় পেৰেডৰ লগতে পেৰেড কৰোঁতাসকলো আকৰ্ষণীয় হৈ পৰাতো বিচাৰে সকলোৱে ।

মাৰ্চ পাষ্টৰ দলটো , ভাৰ্ছিটি ৱিকৰ দিনা , কাষত কামাণ্ড দি থকা অৱস্থাত মাপুই বা
জুনিয়ৰ সন্থা
বেলেগ বেলেগ হোষ্টেলৰ বেলেগ বেলেগ সাজ । Rcc 1 boys ৰ সুমন দা আৰু নৱদা , AT 10 girls , RCC 1 girls ৰ পাপৰি বা ৰ লগত

মাৰ্চ পাষ্ট ভালকৈ হোৱাৰ পিছত লৈ গৈছিল আমাক সেই বিশাল ফিল্ড খনলে যিখন ভাৰ্ছিটি ৱিকৰ বাবে প্ৰায় সাজু হৈ উঠে , তালে গৈ আমাক কৰোৱা হয় ফাইনেল প্ৰেক্টিচ লগতে আমাৰ ভয়ো ভাগি আহে । সুন্দৰবড়িমুখী ৰাস্তাটো আৰু ধুনীয়া হৈ পৰে সেইখিনি সময়ত , ৰূপে ৰংচৰা ৰাস্তাটোত কৃষ্ণচূড়া , সোণাৰু , ৰেইন-ট্ৰি ৰ ৰংবোৰৰ স’তে প্ৰফেছৰ কলনিৰ আগফালে ফুলি উঠা গুলপীয়া অাৰু বগা গুলচবোৰ একাত্ম হৈ পৰে , অঘোষিত এই ৰঙৰ নে ফুলৰ প্ৰতিযোগিতা খনত কোনো পিছ পৰি থাকিব নোখোজে হোষ্টেলবোৰৰ দৰেই । সকলোৰে এটাই চেষ্টা , এটাই সপোন …. শ্ৰেষ্ঠ হোষ্টেল ।

ভাৰ্ছিটি ৱিকৰ প্ৰেক্টিচ তুংগত চলি থাকোঁতেই ইফালে প্ৰকৃতি ৰুষ্ট হৈ পৰিছিল , সমগ্ৰ অসমকে ধুৱাই নিছিল প্ৰলয়ংকাৰী বানে । সেয়েহে বাৰিষা শেষ হোৱাৰ নামো নলৈছিল সেইবাৰ । কৃষ্ণচূড়া নগৰী আৰু জকমকীয়া হৈ পৰিছিল সেইবাৰ … শেষ নোহোৱা ৰংবোৰ অকৃপণতাৰে বিলাই আছিল গছবোৰে , পুৱা গধূলি জালুকবাৰীত ৰঙীন দলিছা পাৰি দিছিল ৰংবোৰে , কোঁচ ভৰাই যেন বুটলি আনিম ৰংবোৰ , গালে মুখে যেন সানি ল’ম গুলচৰ সুবাসবোৰ । ইফালে আকাশৰ মেঘবোৰ কেতিয়া ঘনঘোৰ হৈ আহে , কেতিয়া ওন্দলি আহে বা কেতিয়া ফৰকাল হৈ পৰে একোৰে যেন উমান পাব নোৱাৰি , ফৰকাল হৈ থকা আকাশখনেও কেতিয়াবা মন গ’লে মেঘ খালী কৰি বৰষুণ দিয়ে । তেনে এটি বৰ্ষণমুখৰ আবেলিতে দৌৰাদৌৰিকে আহিছিলো জীনাক্ষিৰ লগত ক’ৰবাৰপৰা , সন্ধ্যা লগা আৰু বৰষুণ দিয়াৰ আগতেই যে হোষ্টেল সোমাবগে লাগিব যেনেতেনে , সেয়েহে কেনিও ক’তো নাচাই প্ৰায় দৌৰি অহাদিয়েই আহিলো সিদিনা , AT 9 ৰ ফালেও কাকো ক’তো নেদেখি ভালেই পালো , পিছে গেইটৰ খুটাৰ আঁৰৰপৰা কোনোবা এটা চিনাকি মাত ভাঁহি আহিল , সেইটো মাতত পিছে মইনা জোকোৱাৰ দৃঢ়তা নাছিল যদিও মইনা জোকোৱাৰ চেষ্টা ঠিকেই চলিছিল । গুৰুত্ব নিদি পাৰ হৈ আহিব খোঁজোতেই জীনাক্ষিয়ে মোৰ হাতত ধৰি ৰখাই গেইটখনৰ ফালে চাই ৰৈ দিলে , কাণ্ড দেখি মই অবাক । তাই গেইটখনৰ ফালে চাই হাঁহি হাঁহি চিঞৰি মাতিলে ..

” ওলাই আহক , দাদা ওলাই আহক আকৌ … মোক জোকাইছে , ৰ’ব বৌক ক’বলে দিয়ক , নাহে কিয় ওলাই …. প্ৰণৱদা ….. ওলাই নাহে কিয় এতিয়া …..”

প্ৰণৱ দা ?? দাদাৰ নাম শুনিহে চিনাকি মাতটো একেবাৰে চিনাকি হৈ পৰিল , ইফালে দাদাও লাহেকৈ গেইটৰ কাষৰেপৰাই ভুমুকি মাৰি চকুত দুষ্টামিভৰা চাঁৱনি আৰু মিহি হাঁহিটোৰে ওলাই আহিল , আমাৰ পিছে ৰ’বলে সময় নাছিল । দাদায়েও মইনা জোকোৱা দেখি দুয়োজনীৰে হাঁহিহে উঠিল , পিছে বপুৰাই তেনেকে ধৰা পৰিব বুলি চাগে এবাৰলেও ভবা নাছিল , তাকো আচল জনীকে জোকালে , মই মাতটো মন কৰা নাছিলো যদিও জীনাক্ষিৰ কাণৰ পৰা সাৰি নগ’ল সিদিনা । জীনাক্ষিয়েও দাদাক ভাল শ’লঠেকত পেলালো বি ভাবি বৰ ৰস পালে সিদিনা । পিছে ভাললগাবোৰ কেতিয়াবা ভগৱানৰি সহ্য নহয় চাগে , সেয়েহে সিদিনা উপভোগ কৰা আনন্দৰ ভাল দাম দিব লগীয়া হৈছিল জীনাক্ষিয়ে , সন্ধ্যা প্ৰাৰ্থনাত ভাল গালি খাইছিল সেইদিনাই , যাৰবাবে তাই ল’বলগা হৈছিল এক কঠোৰ সিদ্ধান্ত , হোষ্টেল এৰাৰ সিদ্ধান্ত , ভাৰ্ছিটি ৱিকত সহযোগ নকৰাৰ সিদ্ধান্ত । এক ভুল বুজাবুজিৰ পৰিণতি আছিল সিদিনা , আমাৰ লগৰে কোনোবাই বেয়াকৈ কৈছিল তাইৰ কথা চিনিয়ৰৰ আগত , খং উঠাতো আছিল চিনিয়ৰৰ বাবে স্বাভাৱিক , সেয়েহে কেইবাগৰাকী বায়েও গালি পাৰিছিল তাইক , হয়তো অলপ বেছি হৈ গৈছিল , তাতে ভালপোৱা মানুহবোৰে যদি গাত লগাকৈ কয় তেতিয়া বহুতৰ বাবে সহ্য কৰা বৰ কঠিন হৈ পৰে , তাইৰো তেনেই হৈছিল ।

ৰূমলে গৈ চিঞৰি চিঞৰি কান্দিছিল সেইদিনা তাই , বুজাব পৰা নাছিলো একো , আচলতে বুজাবলে সুবিধাও দিয়া নাছিল তাই । উঠি আহিছিল ৰিমকি বা , জীনা বাহঁত । সান্ত্বনাৰ হাতখন কাষত পাই তাই সাহসেই পাইছিলনে , ভাগিয়েই পৰিছিল বুজিব পৰা নাছিলো , প্ৰেমিক বন্ধুৰ ফোনো ধৰা নাছিল তাই , মুঠতে তাই কোনো কথাই শুনিবলে ৰাজি নাছিল । এটাই কথা তাইৰ , তাইৰ ভুল নথকা কথাত কিয় গালি খাব ? ভুল থকা কথাত চৰো খাব দৰকাৰ হ’লে , ভুল নাই যেতিয়া গালি পিছৰে কথা , কথাও নুশুনে তাই ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪১

কৃষ্ণচূড়াৰ ৰঙাবোৰৰ স’তে আমি আগুৱাইছিলো , মনত হেঁপাহ , চকুত সপোন লৈ । জীৱন সুন্দৰ কৰাৰ সাধনাৰ দিন আছিল সেইবোৰ , সেয়েহে হয়তো দুখবোৰ সুখ হৈ কোলাতে সোমাইছিলহি , দুখ প্ৰকৃততে কি বুজি নোপোৱাৰ সময় আছিল সেইবোৰ । ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি চলি থকাৰ মাজতে যে কিমানৰ হিয়া দিয়া নিয়াৰ চলিছিল তাৰ হিচাপ নাই , তাৰে কোনোজনে কৃষ্ণচূড়া নগৰীৰ প্ৰেমক কৃষ্ণচূড়া ৰঙৰ সাক্ষী কৰি জীৱন বাটত আগুৱালে আৰু কোনোজনে সেই সতেজতা বুকুত বান্ধি সোঁৱৰণীক সুমধুৰ কৰিলে । এনেবোৰ সময়তে আকৌ কিছুমান প্ৰেমিক পখীৰ নীড়ভংগও নোহোৱাকে নাথাকিল , আছিল তেনে আমাৰ একেবাৰে নিকটতম , আমাৰ বিভাগৰে । কলেজীয়া দিনৰ মৰমবোৰ বিশ্ববিদ্যালয়ত আহি আশাহত হৈছিল , দুয়ো আমাৰ ভাল বন্ধু , তেঁওলোকৰ প্ৰেম দেখি এটা সময়ত আমি আচৰিত হৈছিলো , এনেকৈয়ো ভাল পাব পাৰেনে কোনোবাই ! এনেকৈনো এজনে আনজনক ইমান বিশ্বাস কৰিব পাৰেনে ? বান্ধৱী আমাৰ হোষ্টেলতে আছিল , এদিন প্ৰেমিক বন্ধুৰ ওপৰত অভিমান কৰি গুচি গৈছিল , গুচি গৈছিল মানে একেবাৰে পঢ়া শুনা এৰি গুচি গৈছিল , হাজাৰ বুজাইও হাৰি গৈছিলো অভিমানী বান্ধৱীজনীক , প্ৰেমিক বন্ধুৱেও অৱশেষত হাৰ মানিছিল তাইৰ ওচৰত । তাহাঁতৰ ভালপোৱা , বিশ্বাস সকলোবোৰ কৰ্পুৰৰ দৰে নিঃশেষ গৈছিল । বান্ধৱীৰ তুলনাত বন্ধু যথেষ্ট সবল আছিল সেয়েহে নিজৰ জীৱনক আগুৱাই নিয়াৰ সিদ্ধান্ত লৈ নিজৰ স্থিতি , দায়িত্ব আৰু কৰ্তব্যত দৃঢ় হৈ ৰৈছিল । ইমান কি অভিমান কৰি আঁতৰি গ’ল মৰমী বান্ধৱীজনী আজিও আমাৰ বাবে সাঁথৰ হৈয়ে ৰ’ল ।

তাইৰ পিছে পিছেই গুচি গৈছিল আৰু এজনী মৰমলগা ছোৱালী আমাৰ হোষ্টেলৰ । ৰিমকি বাৰ ৰূমমেট জুনে হঠাতে সিদ্ধান্ত লৈছিল ঘৰলৈ ঘুৰি যোৱাৰ , কাকো জনোৱা নাছিল একো , যোৱাৰ আগদিনা আমাৰ ৰূমলে গৈ বহি আছিল বহুপৰ , কৈ গৈছিল তাইৰ মনৰ কথাবোৰ , জুন ক’ত আছে আজি নাজানো , খবৰ ৰখা নাই , তাইও মোৰ খবৰ লোৱা নাই । পিছে হোষ্টেল এৰি একেবাৰে গুচি যোৱাৰ আগদিনা তাই আগতকৈ আপোন হৈ পৰিছিল , কিবা যেন ক’ব খুজিছিল , ক’ব নোৱাৰিলে , মইও হয়তো পৰিৱেশ দিব নোৱাৰিলো একো কোৱাৰ । দুদিনমানৰ পিছত তাইৰ বিয়াৰ খবৰ পাইছিলো , মনৰ পৰাই প্ৰাৰ্থনা জনাইছিলো তাই সুখী হোৱাৰ , মনে বিচৰা ধৰণে জীৱনটো সুখেৰে সজাই তোলাৰ । সকলোবোৰ স্বাভাৱিক আছিল যদিও বহু সময়ত সাধাৰণভাৱে ল’ব নোৱাৰিছিলো কথাবোৰ , কিবা এটাই যেন ভিতৰৰপৰা দহি পুৰি নিছিল তথাপিও সময়ৰ অভাৱে আৰু জালুকবাৰীৰ চপলতাই সকলোবোৰ পাহৰাই ৰাখিছিল ।

তেনেতে ডিম্পীবায়ে এদিন বৰ ডাঙৰ কথা এটা ক’লে … কথাটো ডায়েৰীত লিখাৰ লগতে বুকুতো লিখি লৈছিলো , ইমান ডাঙৰ কথা অথচ ইমান সহজকে ক’লে বায়ে । বহুতৰবাবে সাধাৰণ যেন লাগিলেও এই কথাষাৰ মোৰ বাবে আজিও অসাধাৰণ , সেয়েহে হয়তো বুকুৰ বেজাৰবোৰ ওঁঠৰ হাঁহিতে লুকাই । সন্ধ্যা প্ৰেক্টিচৰপৰা আহি চাহ খাই থাকোঁতে হঠাতে ডিম্পীবায়ে ক’লে ..

” অ’ই শুনানা … মানুহবোৰে কিয়নো ইমান দুখ দুখকে থাকে অ’ !! মই যে বেছি টেনশ্যন ল’বই নোৱাৰোঁ জানানে ! আৰু এই দুখবোৰ উপলব্ধি কৰি থকাটো আটাইতকৈ ডাঙৰ দুখ নহয়নে বাৰু ?? “

উঃ কি কয় বায়ে ? কেনে বুকুত বহিব পৰা কথা এইষাৰ ? ভাবি চালো , হয়োতো দুখবোৰ উজাই থাকিব লাগে কিয় ? এইবোৰ আমাৰ জীৱন লগৰী কিয় হ’ব ? হাঁহিৰে জীৱন জিনিব বিচাৰিলে অসাধ্যই বা কি ? আচৰিত লাগিছিল ডিম্পীবাৰ মুখত এনে জীৱনবোধৰ কথা শুনি , যিজনী মৰম আকলুৱা ছোৱালীয়ে মাহঁতে ফোন কৰিলে আচৰিত হৈ সোধে ‘ মাহঁতে কি কথা পাতেনো বুলি ‘ সেইজনী ডিম্পীবায়ে জীৱনবোধৰ এনে এটা গম্ভীৰ কথা ক’লে আচৰিত নহৈ নোৱাৰি ।

জীৱনবোধৰ তত্বই গধুৰ কৰি থকাৰ সময়তে ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতিও তুংগত চলি আছিল , খেলৰ সমানে সমানে নাটকৰো আখৰা চলিল , কবিতাবাৰ তত্বাৱধানত শ্ৰদ্ধাৰ নাট্যকাৰ অৰুণ শৰ্মা ডাঙৰীয়াৰ ‘পদ্মা কুন্তী ইত্যাদি….. ‘ নামৰ নাটকখনৰ আখৰা আৰম্ভ হ’ল । ৰুমা , তিৰু , ৰেশ্মা, হিমাদ্ৰী , ডলী , কবিতা বা আৰু মই অভিনয়ৰ বাবে নিৰ্বাচিত হ’লো । নাটকৰ আখৰা কৰাবলে আহিল কটনিয়ান বন্ধু মানস । নাটকখন কিবা এটা ভাল লগা নাছিল যদিও কৰি কৰি বেয়াও লগা নাছিল , লাহে লাহে সোমাই পৰিছিলো পদ্মাৰ চৰিত্ৰটোৰ মাজত , একাত্ম হৈ পৰিছিলো কুন্তীৰ স’তে । পুৱা ৩.৩০ বজাতে শুই উঠি প্ৰথমে মাপুই বাৰ লগত march past কৰিবলে যোৱাৰ পিছতে A T 8 boys hall ত গৈ কাবাডী শিকি দিনটো ক্লাছ কৰি আবেলি AT 9 ত ভলীবল শিকি আকৌ ৰাতি ১২ বজালৈকে নাটকৰ আখৰা কৰি পাৰ কৰা দিনবোৰ সোনকালেই শেষ হ’বলে ধৰিছিল ভাৰ্ছিটি ৱিক কাষ চপাৰ লগে লগে ।

‘ পদ্মা কুন্তী ইত্যাদি…..’ নাটকত আমি । তিৰু , ৰুমা , মণিবা , হিমাদ্ৰি , ৰেশ্মা আৰু পিছফালে মই । তলৰ খন ফটোত মাকৰ ৰূপত মই আৰু জীয়ৰী কবিতা বা

ভাৰ্ছিটি ৱিক কাষ চপাৰ লগে লগে আমি বহুবোৰ বন্ধু বান্ধৱী কাষ চাপি আহিছিলো , পিছে লোকৰ হোষ্টেলৰ কাৰোৰে লগত কোনোধৰণৰ আপোচ নাই লাগিলে যিমানেই বুকুৰ আপোন নহওক কিয় । ফলত দূবৰিৰ লগতো ব্যৱধান বাঢ়ি আহিল , কেৱল ক্লাছৰ বাহিৰে কোনোধৰণৰ যোগাযোগ নৰখা হ’লো আমি ইজনীয়ে সিজনীৰ লগত , তথাপিও মনৰ দূৰ হৈ নাপালো কোনোদিন । মাজে সময়ে ৰুণুবাইদেউৰ পি চি অ’টোৱেই আমাৰ যোগাযোগৰ ঠিকনা হৈ পৰিল । ইফালে বেষ্ট হোষ্টেলৰ দৌৰটোত আমাৰ মূল প্ৰতিদ্বন্দ্বী হোষ্টেল পলিহঁতৰ RCC 3 । গতিকেই পলিৰ লগতো যোগাযোগ একেবাৰেই কমি গ’ল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪০

ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগেই আমি অন্তৰৰ বান্ধৱী কেইজনী অন্তৰতম হৈ নাথাকিলো আৰু , দূবৰি আৰু পলি দুয়োজনীয়েই প্ৰতিদ্বন্দ্বী হোষ্টেলৰ , ইফালে পলি আগৰ বছৰৰ বেষ্ট হোষ্টেলৰ আৱাসী কাৰণে অলপ ভেমটো বেছিও হ’ল , দূবৰিক সদায় লগ পাঁও যদিও তাইও মোক একো নকয় মইও নকঁও একো হোষ্টেলৰ কথা , দিনটোত দুপাক ইজনীয়ে সিজনীৰ হোষ্টেললে মৰাটোও লাহে লাহে নাইকিয়া হ’ল । অৱশ্যে সময়ো নাছিল আমাৰ একেবাৰেই । এফালে ভাৰ্ছিটি ৱিক আনফালে আমাৰ ছেশ্যনেল , লগতে হোষ্টেলৰ ভিতৰুৱা কম্পিটিশ্যনবোৰ থাকেই । তথাপিও দূবৰিয়ে মইয়ে দুয়োজনী আগৰদৰেই একেলগেই ক্লাছলে যাঁও মাথোঁ মুখত চেইনডাল লগাই লঁও হোষ্টেলৰ কথাত । পলিক আগৰদৰে লগ কৰিবলে নোযোৱা হ’লো আমি , বাটত লগ পালে সৌজন্যতাৰ এটা দুটা পাতি গুছি যাঁও নিজ বাটে , মুঠতে সাংঘাতিক হোষ্টেল ছেণ্টি ওলাই পৰিল সেইকেইদিনত ।

এইবোৰৰ মাজতে আমাৰ য়ুনিভাৰ্ছিটিৰ সাধাৰণ নৱাগত আদৰণি সভাখন অনুষ্ঠিত হ’ল , এইখনত আমাৰ বৰ বিশেষ ভূমিকা নাছিল যদিও অনুষ্ঠানৰ দিনা হঠাতে ষ্টেইজ ৰেগিঙলে মাতি দিব বুলি অলপ সাৱধানে থাকিলো , অনুষ্ঠানটোৰ আঁতধৰোঁতাসকলৰ ভিতৰত যিহেতু আমাৰ চিনিয়ৰ দাদাকেইজনমানক দেখি আছিলো গতিকেই নামটো মাতিব বুলি নিশ্চিতপ্ৰায় হৈ আছিলো । ভাবি থকাৰ দৰেই হৈছিল , মাতিছিলে , উঠি গৈছিলো লাহে লাহে সেই বৃহৎ মঞ্চটোৰ ওপৰলে , প্ৰথম খোজ য়ুনিভাৰ্ছিটিৰ সেই মঞ্চত ….লাহে লাহে আগবাঢ়িলো , বুকুত সেই একেই ঢুকঢুকনি , ভৰিত জঠৰতা । আঁতধৰোঁতাজনে পৰিচয় দিবলে ক’লে তাকো ‘ introduction with action ‘ । পেটতে হাত ভৰি লুকাল মোৰ , কি কৰা যায় ! কেনেকৈ কৰা যায় ! হোষ্টেলৰ কথাটো বেলেগ , কেইজনীমান ছোৱালীৰ আগত ইমান লাজ নালাগে , বেয়া হ’লেও কথা নাই । পিছে এই অ’ডিটৰিয়ামত ?? সমগ্ৰ উত্তৰপূবৰ প্ৰতিনিধিৰে ভিৰ কৰা এই মঞ্চখনত ?? পাৰিনে যধেমধে কিবা এটা কৰিব ?

মাইকটো হাতত লৈ যথেষ্ট নাৰ্ভাছ হ’লো যদিও কি কৰিব পাৰোঁ বা কি কৰিলে ভাল হ’ব তাকে ভাবিলো একমিনিটমান । আঁতধৰোঁতা দাদাজনলে চাই তেঁওৰদৰেই মিহিকে হাঁহি এটা মাৰি প্ৰায় চিঞৰ মাৰি দিলো ..

” অ’ মইনা…. মোৰ নাম ভূপালী

অ’ মইনা মোলে এবাৰ ঘুৰি চোঁৱানা ….. মোৰ ঘৰ দেৰগাঁৱত

অ’ মইনা মোলে চাই এবাৰ হাঁহানা .. .. মোৰ দেউতাৰ নাম শ্ৰীযুত গংগাধৰ বৰা

অ’ মইনা তোমাৰ হাঁহিটো মোৰ বাবে টনিক….. মোৰ বিভাগ সংস্কৃত

মইনা জোকোৱাৰদৰে মই মোৰ introduction with action দিয়াৰ লগে লগেই সন্মুখৰ দৰ্শকৰ বিপুল সঁহাৰি , হাতচাপৰি উকি আৰু হাঁহিৰ গিৰ্জনিয়ে মঞ্চ ৰজনজনাই গ’ল , মোৰো বেয়া নালাগিল , চাঞ্চটো ভালেই পাইছিলো মইনা জোকোৱাৰ , জুনিয়ৰকালতে হেঁপাহ পলুৱাই সকলোৰে সন্মুখত মইনা জোকোৱাৰ আনন্দই সুকীয়া তাতে । বাকী লগৰ সকলেও বিভিন্ন ধৰণে নিজকে প্ৰতিভাত কৰিলে নৱাগত হিচাপে সেইখন মঞ্চত । সাংস্কৃতিক অনুষ্ঠানবোৰো সমানেই চলি থাকিল । বিভিন্ন মনোমোহা অনুষ্ঠানবোৰৰ ভিতৰত আমাৰ লগৰে কোনোবা এজন নৱাগতই নিজেই কিবোৰ্ড সংগত কৰি গোৱা ‘ হাম ডিল দে চ্যুকে চনম ‘ চিনেমাখনৰ সেই বিশেষ গীতটো বুকুত বাজি ৰ’ল আজিও

তৰপ তৰপ কে ইচ ডিল সে…….

আগতে কেইবাবাৰো শুনা গীতটো সেইদিনা নতুন হৈ ধৰা দিছিল , সেয়েহে গাঁওতাজনৰ চেহেৰা মনত নৰ’ল যদিও সুৰটো আৰু পৰিৱেশন শৈলী বুকুতে ৰ’ল । সেইখন নৱাগত আদৰণি সভাত বিশেষ ভূমিকা নাছিল যদিও ডিপাৰ্টমেণ্টৰ নৱাগত আদৰণি সভাত পিছে দূবৰিয়ে মইয়ে লগৰ আৰু চিনিয়ৰসকলৰ পৰা পুৰা গুৰুত্ব পাইছিলো , গতিকেই প্ৰায়বোৰ অনুষ্ঠানতে আমি অংশগ্ৰহণ কৰিছিলোৱেই , গানৰ ‘গ’ টোও নজনা মই গীত গাবলে সুবিধা পালো , আচলতে গানৰ অ আ জনাবোৰকে গীতৰ বাবে নিৰ্বাচন কৰে বাবেই মই গানৰ নিৰ্বাচনলেও যোৱা নাছিলো , পিছে বন্ধু কল্পই নেৰে , মই গাবই লাগিব , তাৰ মতে গীতটো মুখস্থ কৰিলেই হ’ল , সুৰৰ কথা নাই , মাথোঁ সকলোৱে গাই যাঁওতে গীতটোৰ কথাখিনি শুদ্ধকে মনতে উচ্চাৰণ কৰি ওঁঠ লৰাই গ’লেই হ’ল !! কোনে জানিব গীত গাইছোৱেইনে ওঁঠেই লৰাইছো ?? বচ্ পায় কোনে আৰু ? বন্ধুৰ কথা মতেই গীতৰ আখৰাত পুৰা ব্যস্ত হৈ পৰিলো , পিছে আখৰাৰ সময়ত মোক পাৰিলে বাকী সকলে পাছলে থাকিলেই ভাল পায় , নহ’লে সকলোৰে সুৰ বেসুৰ হ’বলে অক্কণো দেৰি নালাগে ।

বৰ ভালকৈয়ে পাৰ হৈছিল আমাৰ নৱাগতা আদৰণি , দূবৰিয়ে মইয়ে মোৰ বায়ে শিকোৱা সেই বিশেষ পুতলা নাচৰ লগতে আৰু এটা বিশেষ দ্বৈত অনুষ্ঠানো কৰিলো , সকলোৱে ভাল পালে , বন্ধু টংকেশ্বৰৰ পৰিচালনাত আমি কেইবাটাও সংস্কৃত গীত গালো ( মই গীতত ওঁঠহে লৰালো পিছে ) । আমাৰ গীতাঞ্জলি বৰ্ণালীহঁতে ধুনীয়াকৈ গান গালে , পিছে প্ৰাণজিৎ দা আৰু আত্ৰেয়দাৰ গীতে বাৰুকৈয়ে মুগ্ধ কৰিলে , দুয়োৰে দ্বৈত কণ্ঠৰ গীতে আমাক আকৌ মোহিত কৰিলে । আটাইতকে হৃদয়জুৰোৱা অনুষ্ঠান আছিল নৱদাৰ বাঁহীবাদন । নৱদাৰ বাঁহীয়ে যেন সৰগীয় সুন্দৰতা আৰু গাম্ভীৰ্যতা নমাই আনে আমাৰ বিভাগীয় প্ৰতিটো অনুষ্ঠানত । আনফালে গানবলিয়া ল’ৰাটোৱে কিবা ক’ব খুজিও ৰৈ যায় একো নোকোৱাকৈয়ে , চকুত চকু থ’বলে সাহ নহয় ছাগে , ৰৈ যায় একো নোকোৱাকৈয়ে একো নুবুজোৱাকৈয়ে ।

ইফালে ভাৰ্ছিটি ৱিকৰ পূৰ্ণগতিত আখৰা আৰম্ভ । আটাইতকে ভাল লগা সময়খিনি হৈছে AT 9 হোষ্টেললে যোৱাৰ সময়খিনি , গালি খাঁও যদিও বেয়াও নালাগে । আমি প্ৰেক্টিচলে যোৱাৰ সময়ত ল’ৰাবোৰে ভলী খেলি থাকে , চিনিয়ৰবোৰৰ মাজত আমাৰ লগৰ দিলীপ থাকেই । দিলীপক দেখিলে সাহস পাঁও । ল’ৰাবোৰে খেলি থাকোঁতে নোজোকায় ঠিকেই , পিছে গোটেই খেলাখন নোট কৰি থয় হ’ব পায় , সেয়েহে পিছদিনা ক্লাছলে যাঁওতে ভাল জোকায় সোপাকে । আমাৰ তেতিয়া জোতা নাছিল , মানে স্প’ৰ্টচ্ শ্বু নাছিল , তাতে আমি কেইজনীমানে চেলোৱাৰ কামিজৰ বাহিৰে অন্য সাজ নিপিন্ধিছিলো বাবে পাম্শ্বুৰ বাহিৰে খেলিবলে যাবলে জোতা নাছিল আৰম্ভণিতে । চেণ্ডেল চোঁচোৰাইয়ে গৈছিলো ভলী খেলিবলে , তাকো চুবুৰীয়া হোষ্টেল বুলি হাৱাই চেণ্ডেল পিন্ধিয়েই যাঁও । দেৱদায়ে আমাক বল কেনেকৈ ছাৰ্ভ কৰে শিকায় , তাৰ আগতে এ’ণ্ড লাইন , ছাইড লাইন , মিডল লাইন কোনবোৰ আৰু এই লাইনবোৰৰ লগত খেলুৱৈ আৰু বলৰ সম্পৰ্ক‍ বুজাই দিয়ে , বুজোঁ কিন্তু পাহৰোঁ সেয়েহে সদায় গালিও খাঁও । আমাক জুনিয়ৰবোৰক পাল পাতি শিকায় খেলিবলে । লভিতাৰ পাল পৰাৰ দিনা আটাইতকৈ জমিছিল , এ’ণ্ড লাইনৰ সিপাৰৰ পৰা লভিতাই জপিয়াই বল মাৰি পঠিয়ালে নেট পাৰ হৈ যোৱাকে পিছে বপুৰীয়ে কি কায়দাতনো বলটো পঠিয়ালে জানো , বলৰ লগতেচোন একেকোবে তাইৰ ভৰিৰ চেণ্ডেলো উৰি গ’ল সমানে । ইফালে মুনমী বায়ে চিঞৰি উঠিল

‘ চিক্সাৰ ‘…….

লভিতাৰ বলে নেট পাৰ কৰিলে যদিও চেণ্ডেল এইপাৰতে ৰ’ল । বহি পৰিলো আমি হাঁহি হাঁহি , দেৱদা প্ৰশান্তদাকে আদি কৰি খেল চাই থকা হোষ্টেলীয়া দৰ্শকমণ্ডলীয়েও প্ৰাণখুলি হাঁহিলে । ইফালে আমাৰ পাছতে খেলিবলে অহা দূবৰিহঁতৰ হোষ্টেলৰ ছোৱালীবোৰেও ভাল ৰস পালে সিদিনা ।

পুৱা ৩.৩০ বজাতে শুই উঠোঁ আমি প্ৰেক্টিচৰ বাবে , জুনিয়ৰ চিনিয়ৰ সকলো , সেই সময়কণ বৰ ভাল লাগে , সকলোৰে সাংঘাতিক ব্যস্ততা , প্ৰতিটো ৰূমৰে পৰা চাহৰ চচ আৰু কাপৰ টুং টাং শব্দ , চেঁপা চেঁপা মাতৰ ফিচফিচীয়া কথা , অলপ পিছতে বাথৰূমত পানী খোলাৰ শব্দ , প্ৰেক্টিচৰ পৰা আহিয়েই গা ধুব পৰাকে পানী বাকেটত ভৰাই যায় , লগতে বাথৰুমত কাপোৰ থৈ নিজৰ নম্বৰ নিশ্চিত কৰি যায় সকলোৱে । সকলোবোৰ নিজৰ কামত নিমগ্ন হৈ থাকোঁতেই মনে মনে এপাক মাৰি আহোঁগৈ ছাদখনত । কানিমুনি পৰৰ ছাদখনৰ সৌন্দৰ্যৰ প্ৰেমত বেয়াকৈ পৰোঁ তাতে কৃষ্ণচূড়াজোপা যিহে জকমকাই ফুলি থাকে , এন্ধাৰতে মায়া জাগে , লাহেকৈ চুই চাঁও , চেঁচা পৰশটোৱে বুকুলৈকে শিঁয়ৰি উঠে , ভয়াতুৰা ছোৱালীজনীয়ে পিছে অলপো ভয় নেখাঁও । ফুল এথোপা চিঙিম বুলি হাতখন মেলিবলে লৈও ৰৈ যাঁও , কিজানিবা ফুলবোৰে তেজীমলাৰদৰেই কৰুণসুৰেৰে গাই উঠে ….

হাতো নেমেলিবি ফুলো নিছিঙিবি / ক’ৰে ছোৱালীনো তই …….

উঃ বুকুখন বিষাই যায় , ক’ৰেনো ছোৱালী বুলিলে কিনো ক’ম মই ? ইফালে জালুকবাৰীৰ এপাহ কৃষ্ণচূড়াৰে খোপা শুৱনি কৰাৰ দুৰ্বাৰ হেঁপাহ । এই একান্তই মনৰ হেঁপাহবোৰ কিবাকে হ’লেও সঁচাই পুৰণ হয় , বৰষুণ সিক্ত কাণিমুনি পুৱা এটাত ছাদলে উঠি গৈয়ে পাইছিলো এথোপা কৃষ্ণচূড়া , বৰষুণত ভাগি পৰা ঠানি এটা । আলফুলে তুলি লোৱা ফুলথোপা লৈ মহা বিপদত পৰিলো , এৰি থৈয়ো যাব নোৱাৰোঁ আৰু লৈও যাব নোৱাৰোঁ , কি কৰা যায় একো ভাবি নাপাই ফুলথোপা আটোমটোকাৰিকে দোপাত্তাখনৰ তলত লুকুৱাই লৈ নামি গ’লো , ৰূমলে নিবলে ভয় লাগিল অলপ , অগত্যা ৰিমকিবাৰ ৰূমৰফালে গ’লো হাতত সাৰে ভৰিত সাৰে । লাহেকৈ দুৱাৰখন ঠেলি সোমাই গ’লো ৰিমকি বাৰ ৰূমলে , দুৱাৰমুখত মোক দেখিব বুলি হয়তো বা প্ৰস্তুত নাছিল ইমান পুৱাই , কিবা কোৱাৰ আগতেই ফুলখিনি দি গুছি আহিলো , নিৰাপদ স্থানত থৈ আহিলো মোৰ বুকুৰ হেঁপাহখিনি ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৯

বিশ্ববিদ্যালয়ৰ পৰিৱেশত যিমানে পুৰণি হ’লো সিমানে ন ন অভিজ্ঞতা হ’ল , কাক ক’ত কেনেকে মাতিব লাগে , কেনেদৰে কথা পাতিব লাগে এই সকলোবোৰ নতুন হ’ল , লগতে চিনাকি মুখৰ সংখ্যাও দিনৌ বাঢ়িয়েই গ’ল । অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন মনৰ তেনেই কাষৰ হ’ল । ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি এঢাপ এঢাপকে আগবাঢ়ি যাবলে ধৰিলে , ভলীবল খেলিবলে আবেলি আবেলি চুবুৰীয়া হোষ্টেললে যাবলে মন উখল মাখল লাগি থাকে , দুদিনামনৰ পিছতে আকৌ বাস্কেট বল ক’ৰ্টলেও লৈ গ’ল , অলপ ওখপাখ ছোৱালীবোৰক প্ৰথমে বাস্কেট বল ক’ৰ্টলে নিয়াৰ লিষ্টখনত মোৰ নামটোও জিলিকি থাকিল । পিছে জীৱনত বাস্কেট বল চুই পোৱা নাছিলো , বাস্কেটবলৰ ক’চ্চ হৈ আহিল আমাৰ বন্ধু হোষ্টেলৰ কোনোবা এজন , বাস্কেট বলটো হাতত লৈ বাস্কেটটো চাই থাকোঁতেই মোৰ এপৰ যায়চোন , পাকৈত দাদাজনে যিহে কায়দাৰে বাস্কেট কৰে তাকে চাই বৰ ভাল লাগে , পিছে চেনিপুলত বহি আমাৰ খেল চাবলে অহা ল’ৰাবোৰ দেখিলে কিবা লাজেই লাগি যায় ।

আমাৰ সকলোৰে খেলৰ আখৰাত ভাগে ভাগে নামবোৰ সোমাই গ’ল , আৰম্ভণিতে প্ৰায় সকলো ছোৱালীকে লৈ যায় খেল শিকাবলে , পিছে যিসকলে ভালকৈ নেখেলে আৰু খেলাৰ আগ্ৰহ নেদেখুৱাই সেইসকলক লাহে লাহে চ’ছিয়েল চাৰ্ভিছত নিয়োগ কৰা হ’ল , বহুতে ভাল পালে প্ৰেক্টিচলে যাব নালাগে বুলি আৰু বহুতে আকৌ বেয়াও পালে লেতেৰা কাম চফা কৰিব লাগিব বুলি । পিছে ঢেকী স্বৰ্গলে গ’লেও ধান বানিব লাগিব বুলি কোৱা কথাষাৰ সঁচা প্ৰতিপন্ন কৰিবৰ বাবেই হ’বলা আমাৰদৰে কেইজনীমান নিৰ্দিষ্ট আৱাসীক সকলো খেলতে অন্তৰ্ভুক্ত কৰিলে নিৰ্বাচন সমিতিয়ে । কি ভলী কি বাস্কেট কি কাবাডী কি টাগ অৱ ৱাৰ কি চ’চিয়েল চাৰ্ভিছ সকলোতে আমি কেইজনী থাকিমেই মানে , নিজকে বাহুবলী নে বহুবলী যেন লাগিল , বেয়াও নালাগিল পিছে , সকলোবোৰ খেলৰ বাবে নিৰ্বাচিত লিষ্টত যেতিয়া নিজৰ নামতো দেখোঁ তেতিয়া ভালেই লাগি যায় অৱশ্যে । সেই বাহু নে বহুবলীকেইজনীৰ ভিতৰত জীনাক্ষি , ৰিতু , ডলী , ৰেশ্মা , ৰুণা , জ্যোতিশিখা , অমুকীৰ নাম থাকিবই ।

অকল খেলতেই নহয় , সাংস্কৃতিক বিভাগতো নামকেইটামান একেই থাকিল । লগতে আমাৰ হোষ্টেলৰ সান্ধ্য প্ৰতিযোগিতাবোৰো চলি থাকিল । প্ৰতিযোগিতাবোৰ ভাল লগা হৈ আহিল লাহে লাহে , আটাইতকৈ ভাল লাগিছিল বিয়ানামৰ প্ৰতিযোগিতাৰ দিনাহে , বিয়া নাম আছিল দলীয় প্ৰতিযোগিতা , আমাৰ ব্লকৰ দুটা দল , জীনাক্ষিয়ে আগৰেপৰাই অলপ ভাল গান গায় , তাই আগতীয়াকে মিতালী ডলী আৰু কোনোবা দুজনীমানক লৈ বিয়ানামৰ দল গঠন কৰিলেই , ইফালে উজনি অসমৰ হোৱাৰ সুবাদতে আৰু উজনিৰ বিয়ানাম ভাল বুলিয়েই তিৰু , লভিতা , গীতিমা , তুলিকা , ৰিতুহঁতে মোকেই দলপতি পাতিলে বিয়ানামৰ , তেতিয়াই নগদ ৫০ টকা খৰচ কৰি শৰৎ দা মোহনদাৰ পি চি অ’ ৰ পৰা মালে ফোন কৰি দৈয়ন দিয়াৰ পৰা আৰম্ভ কৰি জোৰোণীয়া , কইনা উলিওৱা , নোওৱা , হোমৰ গুৰিলে উলিওৱা , কইনা বিদায় দিয়াৰ সবৰে ভাগে ভাগে কইনাঘৰীয়া বিয়া নাম লিখি ল’লো , মায়ে প্ৰথম শাৰী কৈ দিলেই বাকীখিনি মনত পৰে বাবে বৰ বেছি দীঘলীয়া ফোন নোহোৱাকৈয়ে হ’ল ভাগ্যে । বেলেগ কোনোবাই শুনে বুলি ভয়তে ৰুণু বাইদেউৰ পি চি অ’ৰ পৰা ফোন কৰা নাছিলো সিদিনা , এসপ্তাহ ধৰি আমাৰ জোৰদাৰ বিয়ানামৰ আখৰা চলিল , আকৌ সেই কন্ফিডেন্স , আমিয়েই প্ৰথম হ’ম ছাগে , ইহঁতকেইজনীয়েও মনপুতি শিকিলে , গালে উজনিৰ বিয়া নাম ।

প্ৰতিযোগিতাৰ সন্ধ্যা আটাইকেইজনীয়ে যাৰ তাৰপৰা অনা পাটৰ কাপোৰ গহনা ভাগে ভাগে পিন্ধি একদম সাজু হৈ পৰিলো বিয়ানাম গাবলে , পিছে কিনো হ’ল জানো ….. বিয়ানাম পৰিৱেশনৰ নিৰ্দিষ্ট ঠাইখিনিত বহিয়েইচোন আকৌ পুৰণি বেমাৰটোৱে উক দিলে , মাথা মুণ্ড সব পাহৰি থাকিলো , কি গাম কেনেকৈ গাম সব পাহৰি গ’লো , ইফালে মোৰ কাষতে বহি থকা লভিতা আৰু পাছফালৰ ৰিতু আৰু তিৰুৱে খোঁচ মাৰি দিলে আৰু পাহৰি যাঁও , প্ৰথম কি নামেৰে যুৰিছিলো নামটো মনলে নহা হ’ল , লভিতাই কাণে কাণে ক’লে …

” মাছৰে চিকুণে মাগুৰ দৰিকণা ঐ ৰাম তাতোকৈ চিকুণে মোৱাহে / আইদেউৰে পদূলিত জোৰোণ ৰৈ আছেহি ঐ ৰাম আদৰি আনাগৈ যোৱাহে “

মনত পৰাৰ লগে লগেই গলহেকাৰি এটা মাৰি একদম খোলা গলেৰে বিয়ানামটি যুৰিয়েই দিলো , পিছে লগৰবোৰে নধৰিলে মোৰ লগে লগে , গোটেইকেইজনীয়ে বুজিয়েই নাপালে বিয়ানামেই গালো নে বিহুৱেই নে আন কিবা ? গোটেইকেইজনীয়ে খুকখুকাই হাঁহি উঠিলো , বিয়ানাম পিছৰকেইটা টানিটুনি গালোগে যদিও বিয়ানামৰ যজ্ঞহে কৰি আহিলো , কন্ফিডেন্স ফুউউচ………হৈ গ’ল লগে লগেই । পিছে ৰুমাভণ্টিহঁতৰ দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰাৰ লগতে ৰূমাই ওৰণিৰ তলেৰে যিহে কান্দিলে এনে লাগিল যেন কইনাহে উলিয়াই দিবলে লৈছো । প্ৰথম হোৱাৰ কন্ফিডেন্স টো ৰূমাভণ্টিহঁতৰ দলটোলে এৰি দিলো ।

ইফালে আবেলি আবেলি ভলী বল শিকিবলে যোৱাৰ ফুৰ্তিটো AT 9 হোষ্টেল গৈ পোৱাৰ লগে লগেই মোলান পৰি যায় , খেল শিকাবলে লোৱা দেৱদা আৰু প্ৰশান্তদাক দেখিলেই আমাৰ পেটতে হাত ভৰি লুকাই , যিহে দম দিয়ে আমাৰ জুনিয়ৰকেইজনীক …. দেৱদাই অলপ দম দিয়াৰ চলেৰে মাতে যদিও প্ৰশান্তদায়ে তাকো নামাতে , অকল চিনিয়ৰ ৰিমকিবা চিন্ময়ীবাহঁতৰ লগতহে ভালকে কথা পাতে । মৌন ওঁঠ মুখৰ হৃদয় হৈ চুপ চাপ বহি থাকোঁ গোটেই জুনিয়ৰকেইজনী , এনে হাঁহিবলে মন যায় কেতিয়াবা , পিছে জুনিয়ৰৰ খোলাটোৰ ভিতৰতে হাঁহো খুকখুকাই ….. বলবোৰ যেনিতেনি যোৱাৰ লগে লগেই আমাৰ চকুমুখবোৰো ঘুৰি ফুৰে , হাঁহিবোৰো মুখৰ ভিতৰতে উফৰি ফুৰে … এজনী এজনীকে মাতে আমাক শ্বট মাৰিবলে , পিছে অনভ্যস্ত হাতে যেনিতেনি বল ওফৰাই দিয়ে , তাকে দেখি দেৱদা একদম খঙতে ৰঙা পৰে আৰু আমাক চকু এফালে থাকিলে বল এফালে যাবই বুলি ধমক দিয়ে । লগে লগে জুনিয়ৰৰ খোলাটোৰ ভিতৰত সোমাই আকৌ ইন্ষ্ট্ৰাকশ্যন মতে ভলী বলটো হাতত তুলি লঁও ….একেচাতেই বল নেটৰ সিপাৰ…. দেৱদাৰ মুখত অলপ বেঁকা হাঁহি এটা বিৰিঙি যায় , প্ৰশান্তদাই কিপ ইট আপ কিপ ইট আপ বুলি হাত তালি বজায় …. মনত এটা সৰুকে কন্ফিডেন্স …… পিছে এইবাৰ সেই সদায় অহা কন্ফিডেন্সটো নহয় , এইবাৰ আহে সঁচা অৰ্থত কন্ফিডেন্স …. পাৰিম , পাৰিবই লাগিব , শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপ যে আনিবই লাগিব…

পিছে কৃষ্ণচূড়া নগৰীয়ে ৰং আৰু হাঁহিৰ মেলা পতাৰ সময়তে অভিমান হৈছিল মেঘৰ , বাৰিষাৰ ধল বাগৰিছিল সেইবাৰ , বৰুণ দেৱৰ প্ৰৱল বৃষ্টিপাত সেইবাৰ , কাৰো কাকুতিলৈ ভ্ৰুক্ষেপ নাই , সকলোকে তচনচ্ কৰি যোৱাৰ মন বৰুণ দেৱৰ , অসমখন বাৰিষাৰ বানে বুৰাই পেলোৱাৰ মন । সাক্ষী হৈ ৰ’লো ২০০৪ চনৰ সেই ভয়ংকৰ বানৰ , গৰম বন্ধ চলি থাকোঁতেই প্ৰলয়ংকাৰী বানে ধুৱাই গ’ল অসমৰ চুকে কোণে , কতজন গৃহহাৰা হ’ল , কতজন দিশহাৰা হ’ল তাৰ ঠিক নাই , গতিকেই ভাৰ্চিটি ৱিক পিছুৱাই গ’ল প্ৰায় এমাহ , হ’লেও আমাৰ হেঁপাহবোৰক বাৰিষাৰ বানে ধুৱাই নিব নোৱাৰিলে , হেঁপাহবোৰ তগবগীয়া হ’ল , মনবোৰ দৃঢ় হ’ল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৮

জালুকবাৰী অনন্য সুন্দৰ হৈ পৰিছিল কৃষ্ণচূড়াৰ সৌন্দৰ্যৰে , সোণাৰুৰ হালধীয়াবোৰে উদ্বাউল কৰিছিল আৰু ৰেইনট্ৰিজোপাৰ কথা নক’লোৱেই বা । এনে লাগিছিল যেন জালুকবাৰীৰ আকাশত ৰঙৰ মেলা , ঠাইতে ৰঙা ঠাইতে হালধীয়া তাৰ মাজে মাজে গুলপীয়া । গছবোৰে কোনে কিমান ৰং ছতিয়াব পাৰে তাৰেই যেন প্ৰতিযোগিতা পাতিছে , অহংকাৰী কৃষ্ণচূড়াক হাঁহি হাঁহি সোণাৰুৱে ৰিং মাৰি কাণে কাণে কৈ যায় দূৰণিৰ ৰেইন-ট্ৰি কেইজোপাৰ গোলাপী মেলাখনৰ কথা , কৃষ্ণচূড়া আৰু দাম্ভিক হৈ উঠে , আৰু অধিক ৰং বিলাই , নতশিৰ হ’বলে বাধ্য কৰাই ৰেইন-ট্ৰি অথৱা সোণাৰুৰ হালধীয়াক , সেয়েহে জালুকবাৰীয়ে কৃষ্ণচূড়া নগৰী নাম পায় । কৃষ্ণচূড়া নগৰীত পিছে গছৰ অভাৱ নাই , ইমান গছ , ইমান পৰিপক্ক , ইমান বুজন ….গছবোৰৰ পাতে পাতে লিখা আছে জালুকবাৰীৰ এটা এটা উশাহৰ নাম , প্ৰেমিক হিয়াবোৰৰ নাম । অতীত আৰু বৰ্তমানৰ প্ৰতিটো জীয়া কাহিনীৰ সাক্ষী হৈ ৰৈছে প্ৰতিজোপা গছ , সেয়েহে ছাগে গছবোৰে ইমান কথা ক’ব পাৰে , ইমান বুজিব পাৰে , যেন প্ৰতিজোপা বয়স্ক গছেই পি.এইচ.ডি হে কৰি আছে মানৱ হৃদয়ৰ ওপৰত ।

মে’ / জুন মাহত জালুকবাৰী ৰূপতে ৰং চৰা হয় , আকাশখন অভিমানী হৈ পৰে ফুলবোৰৰ ৰং দেখি , ওন্দোলাই আনে আকাশ , মেঘাচ্ছন্ন হৈ পৰে , বিজুলীৰ চমকনি আৰু গাজনি ঢেৰেকনিয়ে মেঘবোৰক উদগনি দিয়ে আৰু অভিমানী হ’বলে , কৃষ্ণচূড়াৰ পাহিবোৰ খহাই পেলাব খোজে বাৰিষাৰ ঘন বৰষুণ জাকে পিছে অহংকাৰী কৃষ্ণচূড়াই ৰং বিলাবলে নেৰে , হাঁহি হাঁহি বিলাই দিয়ে ৰংবোৰ , ডাৱৰবোৰেও হাৰ মানে , বাৰিষা থাকে মানে কৃষ্ণচূড়াও তেনেকৈয়ে থাকে নিজৰ ৰূপত ৰূপৱতী হৈ । এই সময়খিনিতে জালুকবাৰীৰ আৰু এখন ঠাই মোহনীয়া হৈ পৰে , নামতেই সুন্দৰতা লুকাই থাকে , সেইয়াই হৈছে সুন্দৰবড়ি , সুন্দৰবড়ি সঁচাই সুন্দৰ হৈ পৰে , শাৰী শাৰী গছবোৰে নানা ৰং বিলাই , সুন্দৰবড়িলে খোজ কাঢ়ি সন্ধ্যা যাবলে মন যায় , সুন্দৰবড়িলে যোৱাৰ আগতে গৈ আহোঁ অব্জাৰ্ভেটৰী , সেউজ আৱৰণেৰে আৱৰা অব্জাৰ্ভেটৰী ।

RCC 3 girls hall ৰ পিছফালেদি গৈ য়ুনিভাৰ্ছিটিৰ অধ্যাপক নিৱাসৰ আগত এখন ডাঙৰ খেলপথাৰ , খেলপথাৰখনৰ চাৰিও ফালে বিভিন্ন ডাঙৰ ডাঙৰ গছ , তাৰ কাষেৰেই সোমাই যোৱা সৰু বাটটোৰে গ’লে কাষে কাষে অসম আৰ্হিৰ ধুনীয়া ধুনীয়া কোৱাৰ্টাৰবোৰ , বাটটোৰ কাষতে কেইটামানহে কোৱাৰ্টাৰ , বাটটোৰে উঠি গৈ শাৰী শাৰী কৃষ্ণচূড়া আৰু ৰেইন-ট্ৰি । সেইবোৰৰ মাজে মাজে আকৌ এটা ধুনীয়া বাট এফালে জালুকবাৰী সংলগ্ন আনফালে উপাচাৰ্যৰ বাসভৱনৰ আগলৈকে । সেই খেলপথাৰখনৰ ঠিক সন্মুখেৰেই এটা পাহাৰ , পাহাৰলে উঠি যাবপৰা এট শিলুৱা লুংলুঙীয়া বাট , এই বাটেৰেই আধাকিলোমিটাৰমান ওপৰলে উঠি গৈ পাই অব্জাৰ্ভেটৰী , ডাঙৰ চূড়াটোৰ সৈতে অব্জাৰ্ভেটৰীটো দেখিলে কিবা মন্দিৰ যেনহে লাগিছিল প্ৰথমতে , অব্জাৰ্ভেটৰী কি আচলতে বহু দিনলৈকে জনাই নাছিলো । সকলোৰে মুখে মুখে অব্জাৰ্ভেটৰীৰ কথা শুনি শুনি বৰ মন গৈছিল চাবলে যাবলে , পিছে সেই একেই জুনিয়ৰৰ খোলা , ভয়ো লাগিল যাবলে , কিন্তু নগ’লেও আধৰুৱা যেন ।

পিছে সৌভাগ্যৰ দুৱাৰ মুকলি হ’ল , সঁচাই অন্তৰৰ একান্ত ইচ্ছাই সকলোকে হাতত তুলি দিব পাৰে বিচৰা মুঠি মুঠি সুখবোৰ , লভিতাই আহি দিলে এধানিমান সুখৰ বতৰাটো । ‍তাই ইতিমধ্যেই অব্জাৰ্ভেটৰী দৰ্শন কৰি আহিলগৈয়ে , নিজৰ বিভাগীয় সম্পদ বাবে অলপ ফুটনি ফুটনি চেহেৰা লভিতাৰ সিদিনা , জীনা বা আৰু মোক যিহে বৰ্ণনা দিলে , শুনিয়েই যাবলে মন গ’ল , আমাৰ কথা শুনি থকা খিজু বাও আমাৰ লগত যাবলে সাজু হ’ল । আমাক পাই কোনে আৰু !! চিনিয়ৰৰ আশীষপুষ্ট আমি দুয়োজনী পিছদিনা সাজু হ’লো অব্জাৰ্ভেটৰী চাবলে বুলি জীনা বা আৰু খিজুবাৰ লগত , জীনাবায়ে এনেই অলপ চিনিয়ৰৰ ধমক দুটামান দি শুনালে আৰু ভালকে যাবলে সকিয়াই দিলে । পিছে ” হাথী কা দাঁত ” …. আমি মাৰ্কেট পাৰ হৈয়ে পাহৰি পেলালো সমস্ত সকিয়নি , ‘ জুনিয়ৰচ বি কেয়াৰফুল ‘ ৰ ঠাইত আমিহে দুয়োগৰাকী বাকে ‘ চিনিয়ৰচ বি কেয়াৰফুল ‘ বুলি জোকাই জোকাই আগে আগে গ’লো , লগত যিহেতু পথপ্ৰদৰ্শক লভিতা আছিলেই গতিকে আঁতি গুৰি মাৰি কৈ গ’ল অবজাৰ্ভেটৰীৰ কথা । পাহাৰী টিলাটো কেনেকৈ অনায়াসে আৰোহণ কৰিলো কথাৰ কোবতে ধৰিবই নোৱাৰিলো , অপৰূপ সঁচাই অপৰূপ অব্জাৰ্ভেটৰীৰ সৌন্দৰ্য , চতুৰ্দিশে কেৱল সেউজীয়া , পাহাৰী টিলাটোত পদাৰ্থ বিজ্ঞান বিভাগে ৮০ ৰ দশকতে স্থাপন কৰা অব্জাৰ্ভেটৰীটোৰ ভিতৰতনো কি আছে জানিবলে মন থাকিলেও কেতিয়াও সোমাই নাপালো , পিছে লভিতাই কৈ গ’ল তাৰ ভিতৰত থকা ডাঙৰ ডাঙৰ টেলিস্ক’পবোৰৰ কথা , টেলিস্ক’পেৰে মহাকাশ দৰ্শনৰ চিন্তাই মনটো অজান পুলকেৰে পুলকিত কৰি গ’ল । পিছে আমাৰ বাবে অব্জাৰ্ভেটৰীৰ ভিতৰভাগতকৈ চৌহদটোহে বেছি আকৰ্ষণৰ কাৰণ আছিল , অব্জাৰ্ভেটৰীৰ চৌহদলে গ’লেই জালুকবাৰীৰ সৌন্দৰ্য দুগুণে চৰে , জালুকবাৰীখন আৰু ভাল লগা হৈ পৰে । অব্জাৰ্ভেটৰীয়ে আমাক আকৰ্ষিত কৰাৰ দৰেই প্ৰেমিক হিয়াবোৰকো আকুল কৰিছিল , প্ৰেমিক হিয়াবোৰে অলপমান নিৰলে সময় কটাবলে মন গ’লেই আৰোহণ কৰেগৈ অব্জাৰ্ভেটৰীৰ পাহাৰী টিলাটো , প্ৰাণভৰি পাতে মনৰ কথা , সপোনবোৰৰ কথা , ভৱিষ্যতৰ কথা ।

অব্জাৰ্ভেটৰীৰ পৰা ঘুৰি আহি মনটো ফৰকাল লাগিল , পঢ়াৰ লগে লগে বিচৰণ কৰি ফুৰিলো অব্জাৰ্ভেটৰীৰ অৰণ্যখনত , তাত মুখামুখি হোৱা বান্দৰবোৰৰ কথা মনত পৰি হাঁহি উঠি গ’ল , এই বান্দৰবোৰেই পলিহঁতৰ হোষ্টেল কেম্পাছটোত উপদ্ৰৱ চলাই , কোনো কোনোটো বান্দৰে হেনো হোষ্টেলৰ ছোৱালীবোৰৰ দোপাত্তা লৈ গৈ গছৰ ডালত বান্ধি থয়গে আকৌ কোনোটোৱে হেনো অন্তৰ্বাস নিও সঠিককে পৰিধান কৰেগৈ , ইফালে ৰূমৰ ভিতৰৰ উৎপাতবোৰ আছিলেই , খিৰিকি খুলি থ’বই নোৱাৰে কোনেও , বন্ধ খিৰিকিবোৰতো আকৌ তাঁৰেৰে জাল গুঠি থয় , ছাদলে যাবলেও ভয় কৰে বোলে ছোৱালীবোৰে । কথাবোৰ ভাবি ভাবি ৰামায়ণৰ দণ্ডুকাৰণ্যৰ ছবিখন মনলে ভাঁহি আহিল , এফালে অৰণ্যৰ সৌন্দৰ্য আনফালে বান্দৰসেনাৰ উপদ্ৰৱ ….

আকৌ পৰীক্ষাৰ বতৰ আহিছিল , 2nd sem ৰ ছেশ্যনেল পৰীক্ষাৰ সময় আহিছিল লগতে গৰমবন্ধৰ । হোষ্টেলৰ কম্পিটিশ্যনবোৰৰ লগে লগেই আগবাঢ়িল ভাৰ্ছিটি ৱিকৰ আখৰাও । নতুন নতুন মানুহৰ লগত চিনাকি হ’লো , নতুন নতুন খেল খেলিবৰ বাবেও সাজু হ’লো । খেলাৰ অভ্যাসৰ বাবে আমাৰ বাবে প্ৰশিক্ষক ঠিক কৰা হ’ল , কোনে কৰিলে নাজানো , প্ৰথমেই লৈ গ’ল আমাক ভলী খেলিবৰবাবে , স্কুলত থাকোঁতেই অকণমান খেলি পাইছিলো যদিও পিছলে অাৰু ভলী চুই চাবলেও পোৱা নাছিলো , ভলী শিকাবৰ বাবে আমাক লৈ যোৱা হ’ল আমাৰ চুবুৰীয়া আৰু অতিকে আপোন AT 9 ৰ বাকৰিলৈ , প্ৰথম ভৰি থ’লো হোষ্টেলটোত , ইমানদিনে বিচাৰি ফুৰা ভূপেনক চকুৰে পিতপিতাই বিচাৰিলো , পিছে না…. আইনষ্টাইন মাইনা নামকৰণ কৰাজন কোননো জানিবলে মন গ’ল , তাতোকৈ বেছিকে জানিবলে মন গ’ল আইনষ্টাইনৰ পৰা নিউটন মাইনা কৰাজনৰ নাম । পিছে একো নহ’ল । জুনিয়ৰৰ ভিতৰত ৰেস্মা ,জীনাক্ষি , ৰিতু , জ্যোতিশিখা , ডালিমী , ৰূণা , ডলী , হিমাদ্ৰী অাৰু মোক লৈ গ’ল ভলী খেলিবলে , ভলী বল এটা হাতত লৈ আগবাঢ়ি আহিল হাঁহিমুখীয়া , সৰুফুটীয়া দাদা এজন , তেঁওৰ লগে লগে ওখকৈ আৰু এজন । দুয়োজনে আমাক বৰ বিশেষ গুৰুত্ব দিয়া যেন নেদেখুৱালে পিছে , মণিবা আৰু ৰিমকি বায়ে আমাক চিনাকি কৰি দিলে দুয়োজনকে , চাপৰকে হাঁহিমুখীয়া দেৱদাক আগতেই চিনি পাইছিলো যদিও মাতি পোৱা নাছিলো তেনেকে , ইজন আছিল প্ৰশান্তদা ; দুয়োজনকে দেখি অকণমান ভয় লাগিল যদিও বৰ আন্তৰিকতাৰে শিকাব যেন লাগিল । খেলাৰ সময়ত কেৱল খেলতহে গুৰুত্ব দিবলে কৈ দুয়োজনে ভলীৰ বিভিন্ন শ্বটবোৰৰ কথা কৈ গ’ল , আগৰ বছৰৰ ৰিমকিবাহঁতে কেনেদৰে খেলিছিল সেই বিষয়েও ক’লে লগতে প্ৰয়োগ কৰিবলগীয়া কৌশলবোৰো বুজাই দিলে প্ৰথম দিনাই ।

আচৰিত আছিল ল’ৰাবোৰ সঁচাকৈয়ে , সদায় জোকোৱা ল’ৰাবোৰ সিদিনা আছিল একেবাৰে বেলেগ , বৰ আদৰ সাদৰ কৰিলে আমাক , একদম বেলেগ ৰূপ , অকৰা লাগি আকৌ ভাবিলো ল’ৰাবোৰৰ কথা , সঁচায়ে আচৰিত ।