জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৭

সময়ে মায়াজাল গুঠিছিল , জালুকবাৰীৰ মায়াই বাৰুকৈয়ে আচ্ছন্ন কৰি থকাৰ মাজতে আৰম্ভ হৈছিল আমাৰ ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি , সাধাৰণতে জুন জুলাইত ভাৰ্ছিটি ৱিক হয় বাবে প্ৰায় বিহুৰ পিছৰেপৰাই বিভিন্ন প্ৰতিযোগিতাবোৰৰ বাবে জুনিয়ৰবোৰক চিনিয়ৰ সকলে সাজু কৰে । ভাৰ্ছিটি ৱিকৰ মাদকতা সুকীয়া , কটন কলেজত পঢ়োঁতেও কলেজ ৱিকত এই মাদকতা পোৱা নাছিলো , আচলতে বিশেষ কেইটামান সাহিত্য প্ৰতিযোগিতাৰ বাদে বহুবোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাই নাছিলো । কিন্তু ভাৰ্ছিটি ৱিক তেনে নহয় , ইয়াত য়ুনিভাৰ্ছিটিৰ প্ৰত্যেকেই অংশগ্ৰহণ কৰে আৰু আনন্দও লয় সমানে , য়ুনিভাৰ্ছিটিত পঢ়া এনে এজন ব্যক্তি হয়তো হোষ্টেলীয়া অথৱা ননহোষ্টেলীয়া নোলাব যিয়ে ভাৰ্ছিটি ৱিকৰ ক’তো অংশগ্ৰহণ কৰি পোৱা নাই অৱশ্যে জীৱন জীয়াব নজনা কোনোবা ব্যতিক্ৰমী থাকিবও পাৰে , সেইসকলক ইয়াৰ আওতালে অনা হোৱা নাই ।

বিহুৰ পিছৰে পৰাই আৰম্ভ হয় আমাৰ ব্যস্ততাপূৰ্ণ পুৱা আবেলিবোৰ , মণিবায়ে চিনিয়ৰসকলক বিভিন্ন বিভাগৰ দায়িত্বত ভগাই দিঁওতেই সকলো জুনিয়ৰকে কৈ দিলে আমি যেন কোনেও কাকো অমান্য নকৰোঁ , ভাৰ্ছিটি ৱিকৰ কথা , হোষ্টেলৰ সন্মান ৰাখিবই লাগিব আৰু প্ৰতিদ্বন্দ্বী হোষ্টেল RCC 3 girls hall ক যেনেতেনে হৰুৱাই শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপ আজুৰি আনিব লাগিব । শ্ৰেষ্ঠ হোষ্টেল হ’বৰ বাবে সকলোবোৰ প্ৰতিযোগিতাতে সকলোৰে সক্ৰিয় অংশগ্ৰহণ বিচাৰি কোৱা কথাখিনিত মণিবাৰ চকুত দগমগাই উঠিছিল এক বিশ্বাস , বিশ্বাস লগৰবোৰৰ প্ৰতি , বিশ্বাস জুনিয়ৰৰ প্ৰতি , বিশ্বাস শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপৰ প্ৰতি । বায়ে কৈ যোৱা কথাখিনি শুনি আমিও আত্মবিশ্বাসী হৈছিলো লগতে প্ৰতিজ্ঞাবদ্ধও হৈছিলো যিমান পাৰোঁ সিমান কষ্ট কৰিম , শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপো আনিম । মণিবাৰ লগতে আৰু এখন মুখ উজলি উঠিছিল ভাৰ্ছিটি ৱিকৰ কথা কঁওতে , ৰিমকি বাৰ মুখ , বাৰ মুখত দেখিছিলো এক অদম্য দৃঢ়তা , যি দৃঢ়তাই প্ৰতি খোজতে উৎসাহ যোগাইছিল হোষ্টেলীয়া জীৱনত । খেল বিভাগৰ দায়িত্ব ৰিমকি বা , সমাজসেৱাত মিনি বা আৰু সাহিত্যত সুৰভিবা আৰু কবিতাবাক দিয়াত আমি ভালেই পালো অৱশ্যে , মিনিবাৰ বাহিৰে বাকীকেইগৰাকী কাঢ়া চিনিয়ৰ নাছিল অলপো , মিনিবাও চিনিয়ৰৰ খোলাটোৰ ভিতৰত এটা আৰু বাহিৰত থকা ছোৱালীজনী বেলেগ এটা ধাতুৰে গঢ়া বুলি বুজি পাইছিলোৱেই । আনহাতে হোষ্টেলৰ সন্ধ্যাবোৰ বিভিন্ন প্ৰতিযোগিতাবোৰে মুখৰিত কৰি তুলিবলে ল’লে , তাতে শ্ৰেষ্ঠা নৱাগতা হোৱাৰ প্ৰতিযোগিতাৰ দৌৰ থাকেই প্ৰত্যেকগৰাকী নৱাগতাৰে অন্তৰৰ নিভৃত কোণত , ইয়াৰ ব্যতিক্ৰম কোনো নহয় ।

নীলাখামৰ চিঠি আৰু গল্প প্ৰতিযোগিতা হৈ যোৱাৰ পিছত আত্মবিশ্বাসী হৈছিলো বহুপৰিমাণে , গল্পৰ বিশেষ প্লট বিচাৰি নাপালো যদিও লিখি জমা দিয়াৰ পিছত এনে লাগিছিল যেন মইয়েই পাম প্ৰথম পুৰস্কাৰটো । এনে লাগিছিল যেন গোটেই পুৰস্কাৰবোৰে মোলৈকে হাকে মুখ মেলি ৰৈ আছে আৰু মই মূৰ দোঁৱালেই সাউতকে শ্ৰেষ্ঠত্বৰ মালাডালে মোৰ ডিঙিতে সাৱটি ধৰিবহি । প্ৰৱন্ধ প্ৰতিযোগিতা ঠিকেই চলি গ’ল , প্ৰৱন্ধৰ বিষয়বস্তু দেখিহে হাঁহি নুঠাকে থকা নাছিল , ‘ জালুকবাৰীৰ প্ৰেম ‘ ৰ ওপৰত প্ৰৱন্ধ লিখিবলে লৈ নীলাখামৰ চিঠিৰ কথাবোৰহে মনলে আহি থাকিল । পিছে দিগদাৰ হৈছিল কবিতাৰ প্ৰতিযোগিতাতহে , গল্পটো কিবা কৰি মিলাই থৈছিলো যদিও এতিয়া কবিতাৰ বাবে সঁচায়ে চিন্তা হ’ল , তাতে বিষয় আছিল ‘ মাৰ্কেট আৰু আমাৰ হোষ্টেল ‘ …কি কৰা যায় ? সৰুতে ‘ মোৰ মন যায় ‘ আৰু ‘ আমাৰ ঘৰ ‘ জাতীয় দুটামান কবিতা লিখাৰ বাদে আৰু জীৱনত কবিতা লিখি পোৱাই নাই …তাতে বিষয়টোও ব্যাপক … মাৰ্কেটক লৈয়ে লিখিবলেকে মাোৰ সামান্য মগজুৱে ঢুকি নাপায় তাতে আকৌ মাৰ্কেটৰ লগতে আমাৰ হোষ্টেলৰ কথাও !!!

মাৰ্কেট বুলিলে ৰবীনদাৰ মেঘালীতে কেইবাখনো উপন্যাসৰ সৃষ্টি হ’ব , মাৰ্কেটৰ গছকেইজোপা , মাৰ্কেটৰ ৰাস্তাটো , মাৰ্কেটৰ সজীৱ পুৱাবোৰ , মাৰ্কেটৰ প্ৰাণচঞ্চল সন্ধিয়াবোৰ , মাৰ্কেটৰ ৰোমাণ্টিক চকু মুখবোৰ , মাৰ্কেটৰ ব্যস্ততাবোৰ , মাৰ্কেটৰ প্ৰেমিক বুকুবোৰ আৰু কত যে কিমান…… বিষয়টো পোৱাৰ পিছতেই চকুৱে ধুঁৱলী কুঁৱলী দেখা যেন লাগিল , এনেই মাজ ব’হাগৰ গা ৰাই জাই কৰা গৰমটো পৰিছিলেই , তাতে হোষ্টেলৰ ডাইনিং হলৰ চলো নচলোকে কেৰকেৰ শব্দ কৰি চলা ফেনকেইখনৰ পৰা শব্দপ্ৰদূষণৰ বাদে গা শাঁত নপৰা বতাহ … সাতে সোতৰই মিলি মুঠতে কবিতাৰ শিৰোণামকে ভাবি ভাবি আধা সময় গ’লেই , নীলা খামৰ চিঠিত সবৰে মুখ পঢ়ি পঢ়ি চোৱাৰ দৰে কবিতাৰ বেলা কাৰোলৈকে মূৰ তুলি চাবলেকে সত নগ’ল , ব্যৰ্থ প্ৰেমিক আৰু ব্যৰ্থ কবিৰ বোলে একেই অৱস্থা হয় , মোৰো তেনেই হ’ল …. পৰীক্ষাহলত বহি প্ৰশ্নকাকতখন লৈ একো বুজি নোপোৱাৰ দৰে পেন কামুৰি পাৰ কৰা সময়তে টপককে মোৰ মনলে আহিল আমাৰ ৰূমৰ খিৰিকিৰে দেখা জালুকবাৰীৰ ৰাস্তাটোৰ কথা , কবিতাহে লিখিব লাগে , নিৰ্দিষ্ট বিষয় বাদ দিলো , কবিক বিষয় নালাগে নহয় , প্ৰকৃত কবি ভাবুক হয় , মনলে অহা ভাৱবোৰ যেতিয়া কবিৰ কলমেৰে ভাষা হৈ নিগৰে সেই কবিতাহে আচল কবিতা । কথাটো ভাবিয়েই নিজকে তাম্মাম বুৰ্বক যেন লাগিল , অতদেৰিচোন মোৰ দুই তিনিটা কবিতা লিখি হৈ গ’লহেঁতেন , এনেই সময় নষ্ট । বিষয় বাদ দি নিজৰ পছন্দমতেই লিখি দিলো কবিতা , এটাও নহয় , দুটা কবিতা , ঠিক যেনেকে পৰীক্ষাত প্ৰশ্ন বুজি নোপোৱা ল’ৰাহঁতে যধে মধে অধিক আত্মবিশ্বসেৰে লিখি থৈ আহে । আমাৰ পহৰাৰ দায়িত্বত থকা বা এগৰাকী মোৰ কাষেৰে পাৰ হৈ যাঁওতে দুটা কবিতা লিখা দেখি বেকা হাঁহি এটাও বোৱাই থৈ গ’ল ওঁঠৰ কোণেৰে ।

কবিতাটো পিছত মৰ কামোৰ দি সংগ্ৰহ কৰিছিলো জীনাবাৰ পৰা ..হে কবি / কবিতাপ্ৰেমী সতীৰ্থ অনুগ্ৰহ কৰি কবিতা পঢ়ি চকুপানী নুলিয়াব । হোষ্টেলীয়া জুনিয়ৰচ্ কম্পালচৰীৰহে ফচল এই কবিতাভাগ । এই কবিতাটোৰ উপৰিও চাৰিশাৰীমানৰ কবিতা এটাও লিখি দিছিলো লগত , নামটো আছিল ‘ ৰিক্তা ‘

ইফালে সাংস্কৃতিক বিভাগৰ নৃত্যৰ দায়িত্বত থকা ডিম্পীবা নিজৰ লগতে মোক লৈও সাংঘাতিক ব্যস্ত হৈ পৰিল , যিমান হ’লেও ৰূমমেট ছেণ্টি থাকিবই , তাতে আগৰবছৰৰ নৃত্যত শ্ৰেষ্ঠ পোৱা ডিম্পীবায়ে মইও কিবাকে কঁকালটো ঘুৰাব পাৰোঁ বুলিও জানিছিলেই , গতিকে ৰাতি ভাত খোৱাৰ আগত মোৰ পুৰা প্ৰশিক্ষণ আৰম্ভ হৈ গ’ল পাকৈত প্ৰশিক্ষকৰ তত্ত্বাৱধানত । ডিম্পী বায়ে নিজা পৰিকল্পনাৰে মোক তেতিয়াৰ চুপাৰ হিট সাথিয়া চিনেমাৰ গীত ‘ চলকা চলকাৰে কলসী কা পানী ‘ গীতটোত বৰ ধুনীয়াকৈ নাচ এটা শিকাই প্ৰায় পাকৈত কৰিয়েই পেলালে । তাতো আছিল কিছু গোপনীয়তা , কোনে কি গানত নাচিব কোনেও কাকো নকৈছিল , সকলোৱে মাত্ৰ একো নজনাৰদৰেই থাকিছিল । আটাইতকে ভাল লাগিছিল জীনাক্ষিকো ডিম্পী বায়ে শিকাই দিয়া ফাল্গুনী পাঠকৰ ‘ চুৰী যো খন্কেগী হাথো মে ….’ গানটোত তাইৰ নাচটো , থুপুকী ছোৱালীজনীৰ নাচটো সঁচাই সুন্দৰ লাগিছিল , বেছি সুন্দৰ কৰিছিল তাইৰ মুখৰ সুখটোৱে , লগতে জালুকবাৰীৰ প্ৰেমে পোহৰ কৰা মুখখনৰ হাঁহিটোৱে । লাহে লাহে তাইৰ হেঁপাহটোৱে ঠন ধৰি উঠিছিল , তাইৰ প্ৰেমিক বন্ধুৱে তাইৰ লগত সকলো ঠান ঠিত লগাই লৈছিল , তাইৰ বিশ্বাস ঘুৰাই আনিব পৰাকে পুনৰ সক্ষম হৈছিল তেঁও , লগতে মই ঢোলৰ লগৰ টেমেকাটো হৈ আছিলোৱেই ।

কেৱল জীনাক্ষিৰে নহয় , ডিম্পীবাৰ প্ৰেমৰ প্ৰতিটো ক্ষণৰে সাক্ষী আছিলো মই , ডিম্পীবাৰ সুখবোৰৰ দুখবোৰৰ আৱেগবোৰৰ প্ৰত্যেক মূহুৰ্তৰে সাক্ষী হৈ ৰ’লো মই , ভৱেনদাৰ লগত লাগি অহাৰ দিনা ডিম্পীবা সঁচাকৈয়ে কান্দি কাটি বাউলীজনী হৈ পৰিছিল , এনেই ভৱেনদাৰ কথা কৈ কৈ ততেই নাপাইছিল অকৌ । পিছে যিমানে লগ কৰিলেও ডিম্পী বা সদায়ে আগ্ৰহেৰে বাট চাই ৰৈছিল ৰাতিৰ দহটা বজাৰ সময়টোলে , ডিম্পীবালে ভৱেন দায়ে কৰা ফোনটোলে । তেতিয়া ডিম্পী বা , বিন্দিয়া বা , কুকুবাহঁতৰ বাবে দিনটোৰ কেইটামান নিৰ্দিষ্ট সময় আছিল ফোন অহাৰ , সেইখিনি সময়ত সাধাৰণতে বেলেগৰ ফোন নাহে কেতিয়াও । ভৱেনদায়ে ফোন নকৰিলে ডিম্পীবাজনী বৰ দুখী হৈছিল , কামৰ তাগিদাত থকা ভৱেনদায়েও হয়তো সময় মিলাব পৰা নাছিল কেতিয়াবা । এদিন ডিম্পীবায়ে গধূলি আহিয়েই মোক সাৱটি ধৰি দেখুৱাইছিলহি ভৱেনদাৰ মৰমৰ উপহাৰটো , হাতত থকা তেতিয়ালৈকে আনবক্স নকৰা ফোনটো , ব্লকৰ সকলোৰে কাৰণে মিঠাই দি পঠিয়াইছিল ভৱেনদায়ে , চিনিয়ৰ আটাইকেইগৰাকীয়ে আগুৰি ধৰিছিল ডিম্পীবাক , ব্লকৰ দ্বিতীয়টো ম’বাইল ফোনৰ গৰাকী ডিম্পীবা সামান্য গৰ্বিত হৈছিল সিদিনা নিজৰ প্ৰেমক লৈ , ফোনটোক লৈ । অৱশ্যে ডিম্পীবা আৰু কুকুবাৰ বাহিৰে আন কাৰোবাৰ প্ৰিয়জন আছিল যদিও জনা নাছিলো তেতিয়ালৈকে , ইফালে ব্লকৰ প্ৰথমগৰাকী ম’বাইল ফোনৰ গৰাকী কুকুবায়ে সকলোকে ডেম’ দিছিল প্ৰথমবাৰৰ বাবে , বহুত আগৰেপৰাই নিজাকৈ ফোন থকা কুকুবাই পটুতাৰে ম’বাইল ফোনৰ ব্যৱহাৰবোৰ দেখুৱাই গৈছিল সকলোকে । বাৰ মুখত স্পষ্ট হৈ পৰিছিল এক অহমিকা , হোৱাৰেই কথা , কাৰনো আছিল ফোন তেতিয়া ! চিনিয়ৰ আটাইকেইগৰাকী আমাৰ ৰূমত থকাৰ সুবিধাটো লৈয়ে আমি জুনিয়ৰ কেইজনীয়ে কথাৰ মহলা মাৰিছিলো , তেতিয়ালৈ অৱশ্যে আমি যথেষ্ট অন্তৰংগই হৈ পৰিছিলো এজনী আনজনীৰ বাবে ।

জোনাক নিশাবোৰ মোৰ আগৰেপৰাই প্ৰিয় , ডিম্পীবাও হৈ পৰিছিল লাহে লাহে জোনাকী , জোন আৰু জোনাক পগলা মোক ছাদৰপৰা ৰাতিৰ আকাশ দেখুৱাবলে লৈ যোৱাৰ কথা কৈছিল , তেতিয়ালেকে কোৱা নাছিলো মই অকলে চলাই অহা ছাদ অভিযানৰ কথা , লভিতাক মনে মনে দেখুৱাবলে নিয়াৰ কথা অথৱা জীনাক্ষিৰ চকুপানীৰে সিক্ত গধূলিটোৰ কথা , ডিম্পীবাৰ সৰলতাক আঘাট কৰিবলে মন নগ’ল । তিৰুও ওলাইছিল আমাৰ লগত , তিৰু তেতিয়ালে অলপ ফৰকাল হৈছিল , হোষ্টেলৰ পৰিৱেশত খাপ খাই পৰিছিল , আগতেও হোষ্টেলত থকা যদিও কলেজ হোষ্টেল আৰু য়ুনিভাৰ্ছিটিৰ হোষ্টেলৰ মাজত বৃহৎ তফাৎ । তিৰুৰ কাণ্ডকাৰখানা আছিল লাজৱাব ! আবেলিৰ বেলিটো লহিয়াবৰ পৰত এদিন ভৱেনদা আহিছিল ডিম্পীবাক লগ কৰিবলে , ভিজিটিং ৰূমটো ভিতৰৰপৰা চোৱাৰ সুবিধাকণ লোৱাত অকণো কৃপণালি কৰা নাছিলো ভৱেনদা আহিলে । ভিজিটৰৰূপী ভৱেনদাক চাহ দিয়াৰ দায়িত্ব লৈ অলপমান তাতেই বহিব পাৰিছিলো জুনিয়ৰ হোৱা স্বত্তেও , চাহৰ প্লেট ধুনীয়াকে সজাই পৰাই নিয়টোও যেন এক প্ৰতিভাৰ ভিতৰতে পৰিছিল , ইফালে দূবৰিও আহিছিল মোক সংগত কৰিবলে তাইৰ হোষ্টেলৰপৰা । পৰীক্ষণমূলক বিভিন্ন ৰেচিপিবোৰৰ কথা ডিম্পীবাৰ মুখত ভৱেনদায়ে শুনিয়ে থাকে , এদিন ভৱেনদাক আপেল অমলেট বনাই খুৱাবলে ঠিক কৰিলো , ডিম্পীবায়ে মোক চাহৰ দায়িত্ব দি ভিজিটিং ৰূমলে গ’ল । ইফালে দূবৰিক মাতি লৈ মোৰ কন্ফিডেন্স অলপ হাই কৰি ল’লো , আচলতে ৰান্ধনি তাইয়েই আছিল , গিলাচ এটাতে কণীটো ভালকে ফেটি লৈ তাত পিঁয়াজ আৰু জলকীয়া অলপ মিহিকৈ কুটি নিমখ এচিকুট দি ভালকে গৰম হোৱা টাৱাখনত তেল অলপ দি দূবৰিয়ে ঢালি দিলে গোটেই মিশ্ৰণখিনি , মই লাচনি পাচনিয়ে আপেল এটুকুৰ সৰু সৰুকে টুকুৰা টুকুৰকে কাটি দিলো , মেল খাই যোৱা অমলেটটোৰ পেটতে দূবৰিয়ে ধুনীয়াকে আপেলখিনি বহলাই দি তাৰ ওপৰত স্নেক্স বিস্কিট এটা একদম গুৰি কৰি ছতিয়াই দি অমলেটটো লাহেকৈ পকাই ৰোলৰদৰে কৰি দিলে আৰু আমাৰ আপেল অমলেট ৰেডি । অমলেটটো প্লেটত দি তাৰ কাষে পাজৰে বিস্কিটকেইখনমান দি ধুনীয়াকে সজাই আদা দিয়া ৰঙা চাহৰ লগত লৈ গ’লো দুয়োজনীয়ে ভিজিটিং ৰূমলে বুলি , জীৱনত খাই নোপোৱা অমলেটটো পিছে বেছ শলাগিয়েই খালে ভৱেনদায়ে । এই অমলেট বনোৱাৰ আগে আগে অলপ লেতেৰা হৈ থকা কণীটো নিমখেৰে ধোৱা তিৰুৱে দেখি আছিল , তাই একান্ত বাধ্য ছাত্ৰীৰদৰেই কি কৰিছো বুলি সুধিলত মইও নিমখ ভৰাইছো বুলি কৈছিলো হ’বপায় , পিছে পিছদিনাই দেখোঁ তিৰুৱে কণী এটা বইল কৰাৰ আগে আগে নিমখ লগাই আছে ? কিনো কৰিছ বুলি এনেই সোধাত তাই মোক ক’লে বোলে কালি তহঁতৰ নিচিনাকে মইও বইল কৰাৰ আগতেই নিমখ লগাই দিছো , এতিয়া আৰু নিমখ লগাই লগাই খাই নাথাকিলেও হ’ব । বান্ধৱীৰ উত্তৰ শুনি চকু কপালত নুঠিল যদিও ভূগোল বিজ্ঞানীৰ খাদ্যবিজ্ঞানৰ ওপৰত থকা দখলে আজিও হঁহুৱাই ।

ইফালে মোৰ আইনষ্টাইন চুলিৰ প্ৰকোপে গৰমত বাৰুকৈয়ে দিগদাৰি দিছিল আৰু চুবুৰীয়া হোষ্টেলৰ ল’ৰাহঁতৰ চিঞৰ আছিলেই আইনষ্টাইন মাইনা বুলি । খঙতে এদিন সেইকেইডালৰ কিবা এটা গতি লগাঁও বুলি মাৰ্কেটৰ পৰাই জেল এটা লৈ আহিলো , আগে পিছে কেতিয়াও চুলিত জেল লগাই পোৱা নাই , জপৰা চুলিকোচাত তেলহে লগাই পাইছিলো , সেইদিনা প্ৰথম বাবেই অলপ বেছিকৈয়ে লগাই ল’লোনেকি , চুলি একদম তেল পিছলাদি পিছলি গ’ল , ঠিক বৰষুণৰ পিছৰ শালিকীটোৰদৰেই লাগিছিল ছাগে , মই নিজকে অলপ ভালো দেখিলো , ভাল দেখি আৰু অলপ টিপটিপীয়াকে জেল চুলিত ঘঁহি ল’লো , মনত সাংঘাতিক সন্তোষ , ওঁঠৰ ফাঁকেৰে জান নেজান হাঁহি এটা মাৰি আইনাখনত চাইও ল’লো , ভালেই লাগিলো । তিৰুৰ লগত এক বিৰাট দৃঢ়তাৰে খোজ পেলালো হোষ্টেল কেম্পাছৰ বাহিৰত , কেৰাহিকে AT 9 ৰ ফালেও চালো , বোলোজোকোৱাহঁতচোন আজি আইনষ্টাইন মাইনা বুলি , নোজোকালে সিদিনা , জোকাই কেনেকে ? চুলি একদম টিপটিপীয়া জেলেৰে , পিছে কম আছিল জানো তেঁওলোক ? কাঁটাতাৰৰ বেৰাৰ সিপাৰৰপৰাই চিঞৰি উঠিল কোনোবাই

” অ’ ৰুটি মাইনা ( তিৰুৰ নাম ) আজি কি কৰিলা এইবোৰ ? আইনষ্টাইন মাইনাক দেখোন নিউটন মাইনা কৰি আনিলা ……..”

আৰু কৈছিল কিবা কিবি .. পিছে মোৰ মূৰত একো নোসোমাল , এটা কথাই মূৰত পাকঘূৰণি মাৰি থাকিলে …ক’ত পাই ইমান বুদ্ধিমত্তা , বুদ্ধিত ক্ষীপ্ৰতা …………

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৬

ব’হাগ আছিল , বিহু গৈছিল । ঘৰৰ পৰা ঘুৰি অহাৰ দিনা দুখ লগা নাছিল বৰং জালুকবাৰীৰ মোহত বন্দী হোৱা ছোৱালীজনী কৃষ্ণচূড়াৰ ৰঙাবোৰৰ প্ৰেমত পৰিছিলো , কৃষ্ণচূড়া এপাহি খোপাত গুজি লৈ এবাৰ নিজকে চাবলে খুউব মন গৈছিল । মন গৈছিল কৃষ্ণচূড়াৰ তলসৰা পাহিবোৰৰ মাজে মাজে ৰঙচুৱা বাটটোৰে বহুদূৰ খোজ কাঢ়ি গৈ থাকিম অকলশৰে , একো নভবাকে , দূৰ ….বহুদূৰ ….

সেইবাৰ বিহুটোও বৰ বৰুণযোগীয়া আছিল , বাৰিষাৰ আগমণ বিহুটোতে ঘটিছিল , গতিকেই বিহুৰ আনন্দ কিছু স্তিমিত হৈছিল আনবাৰৰ তুলনাত । তেতিয়া পিছে জেং বিহু কেৱল মঞ্চতে অনুষ্ঠিত হৈছিল আমাৰ ফালে , আজিৰদৰে চুবুৰীয়ে চুবুৰীয়ে যোৰা যোৰে জেং বিহু গাবলে জীয়ৰী বোৱাৰীহঁত ওলাই যোৱা নাছিল , ওলাই যাবলেনো সময় আছিল ক’ত ? আলহীৰ পৰা আজৰি হ’বলেকে সময় নাছিল তেতিয়া কাৰো ঘৰতে , ইফালে বৰ বিহুটোত ঘৰখন এৰি নগৈছিল সততে বোৱাৰীহঁত , কিন্তু সেইবাৰ বৰষুণে হুঁচৰি আলহী সকলো কমাই দিলে , বিহু বিহু নালাগিল গাত । মাথোঁ তগৰ , কপৌকেইপাহেহে বিহুৰ বতৰা দি থাকিল পলে পলে । বিহুৰ বন্ধ শেষ কৰি ঘুৰি অাহিছিলো মৰমৰ জালুকবাৰীখনলে , সেইবাৰ কিবা কাৰণত আমি কেইজনী একেলগে আহিব পৰা নাছিলো , অকলেই আহিছিলো , গোটেই ৰাস্তাটো বাছৰ খোলা খিৰিকিৰে সোমাই অহা বৰষুণবোৰ গালে মুখে সানি আহিছিলো আৰু ঠায়ে ঠায়ে গোমা ঠায়ে ঠায়ে ফৰকাল আকাশখন চাই চাই বিভোৰ হৈ আছিলো নিজৰ মাজত । বাটে ঘাতে দেখি অহা কৃষ্ণচূড়াবোৰৰ লগত ৰিজাই আহিছিলো জালুকবাৰীৰ কৃষ্ণচূড়াবোৰ । কোনোপধ্যেই মিলা নাছিল একে গছকেইজোপা , আকাশত জুই জলাব পৰা ৰঙাখিনিও যেন ম্লান পৰিছিল জালুকবাৰীৰ তুলনাত , মুঠতে জালুকবাৰী মানেই কৃষ্ণচূড়া আৰু কৃষ্ণচূড়া মানেই জালুকবাৰী । তুলনাবিহীন ।

হোষ্টেলৰ সববোৰ ছোৱালী আহি পোৱা নাছিল মই অহাৰদিনা , জীনাক্ষি আছিল আমাৰ ব্লকত , পিছে তাইৰ ৰূমমেট আছিল সিদিনা , তিৰু ৰিতু কোনো অহা নাছিল , অহা নাছিল ডিম্পীবাও । ফোনৰ বিশেষ সুবিধা নাছিল বাবে কাৰো খবৰো পোৱা নাছিলো , ইফালে ঘৰৰ পৰা আহি অকলে অকলে ৰূমত মনো নবহিল , ৰাতি ভাত খোৱা পৰলেকে ৰিমকি বাৰ ৰূমতে কটালো কথাৰ মহলা মাৰি ( ৰিমকি বা বেলেগ ব্লকৰ বাবে বাৰ ৰূমলে বেছিকে অহা যোৱাৰ বাবে গালিও খাই থৈছো কেইবাবাৰো ) , পিছে ৰিমকি বাৰ ৰূমমেট জুন আছিল বাবে থকাৰ কথা এবাৰো নাভাবিলো । ৰাতি ধৰ্মিষ্ঠা বাৰ লগত একেলগে ভাত খাই থাকোঁতে বায়ে মই অকলে থকাৰ কথা গম পালে , বাও অকলে আছিল , একো নক’লে । ভাত পানী খাই ৰূমলে গ’লো যদিও মনটো কেনেবা কেনেবা লাগিল , ‍কাকো ক’বও নোৱাৰো একোকে , ডায়েৰীখনকে উলিয়াই ল’লো লগতে খুলি দিলো খিৰিকিকেইখন , সিদিনা পিছে আধা খোলাকে নৰখাকেও হ’ল , ডিম্পীবা নাছিল বাবে চাৰিওখন খিৰিকি খুলি দিলো মনটোৰ দৰেই । জোনাক ৰাতি নাছিল যদিও বাহিৰত যথেষ্ট পোহৰ আছিল , আধা পোহৰ আধা আন্ধাৰত গছজোপা চিকমিকাই উঠিল , কিয় জানো ভয় ভয় লাগিল সিদিনা গছজোপা দেখি , জাপ খোৱা পাতবোৰৰ মাজে মাজে গুলপীয়া ফুলবোৰ অপূৰ্ব লাগিছিল যদিও জয়াল যেন লাগিল । মনলে আহিল দুবছৰমানৰ আগতে তিৰুৰ লগত দেখি অহা সেই বাইদেউজনীৰ কথা , বাইদেউৰ নামত এটা অৰ্ধগলিত মৃতদেহ , দীঘল চুলিকোচা আৰু ফুলাম শাৰীৰ আঁচলটোৰ লগত ওলোৱা ভেকেটা ভেকেট গোন্ধ … উঃ কি বীভৎস আছিল গোটেই দৃশ্যটো , গাৰ নোম ডাল ডাল হৈ উঠা কাহিনীবোৰ …..

মই অহাৰ দিনাৰেপৰা প্ৰেমত পৰা গছজোপা দেখি কিয় তেনে অদ্ভূত ভাৱ আহিছিল বুজি নাপালো , নালভগা চকীখনৰ পৰা উঠো নুঠোকৈ উঠি গ’লো খিৰিকিখনৰ কাষলে , কঁপা কঁপা হাতেৰে এখন এখনকৈ খিৰিকি কেইপাল্লা বন্ধ কৰি দিলো শব্দ নোহোৱাকৈ , পিছে জোনাকৰ ৰেখাডাল বিচনাত পৰি থকা দেখি কোঁচ খাই থকা পৰ্দাকেইখন তেনেকৈয়ে থাকি গ’ল । তেনেতে মোৰ দুৱাৰত মৃদু টোকৰ পৰিল , ভূত হৈ ভয় দেখুৱাই ৰং চোৱা ছোৱালীজনীৰ বুকুখন চিৰিংকে মাৰিলে , ঘড়ী চাই দেখোঁ ৰাতি এঘাৰ বাজিছিল , উঠি গ’লো , দুয়োটা খিলি লগাই থোৱা দুৱাৰখন সন্তপৰ্ণে খুলি দিলো সামান্য , দুৱাৰৰ ফাঁকেৰে ওলাই থকা মুখখন দেখি পিছে মনটো তগবগাই উঠিল , হাততে গাৰু এটা লৈ পাতল হালধীয়া ৰঙৰ নাইটি এটা পিন্ধি ৰৈ আছিল ধৰ্মিষ্ঠা বা । বাক দেখি মোৰ কোঁৱাৰিমেলা হাঁহিটো ফেলফেলকে ওলাই আহিল , কি সুন্দৰ , কি স্নিগ্ধ …. ঠিক আধা জোনাকৰ জোনবাইজনীৰদৰেই আকৰ্ষণীয় , সৰলা সৰল দীঘল চুলিখিনিৰে ডিঙিতে পৰাকে খোপা এটা বান্ধি অহা বায়ে ৰূমত সোমাইয়েই চুলিখিনিৰ পৰা ক্লিপটো খুলি দিলে লাহেকৈ ,ওঁঠৰ ওপৰৰ তিলটোৰে সৈতে মেলা চুলিৰ ধৰ্মিষ্ঠাবাক অতি সুন্দৰী লাগিছিল , তভক মাৰি চাই ৰ’লো বালৈ । কেনেকে হ’ব পাৰে ইমান ধুনীয়া ! ভগৱানে অকৃপণ হাতেৰে গঢ় দিয়া মোহনীয় বাৰ পিছে ব্যক্তিত্বও সমানেই আকৰ্ষণীয় ।

একো নুসুধিলো বাক , আচলতে একো নোসোধাকৈয়ে বুজি পালো , মই অকলে থকাৰ কথা জানি বেয়া লাগিছিল বাৰ , বাও অকলে আছিল , গতিকেই গুচি আহিল মোৰ ৰূমলে । ধৰ্মিষ্ঠাবাৰ ওঁঠৰ ওপৰৰ তিলটোৰ বাবেই প্ৰায়ে বাক জোকাঁও বোলো “মৰমী তোমাৰ ওঁঠৰ ওপৰে কোন ভিনিহিৰ দিল ? ” সেইদিনাও সুধিলো , বায়ে কৈ গ’ল প্ৰেমৰ কথা , তাৰ আগৰবাৰ জালুকবাৰীলে আহি কেনেদৰে জালুকবাৰীৰ লগতে প্ৰেমত পৰিছিল আন কাৰোবাৰ , যিজন তেঁওৰ বুকুৰ তেনেই আপোন তেতিয়া , পিছে বুকুত থিতাপি লোৱা মানুহজন তেঁওৰ সমবয়সীয়া বাবেই একেবাৰে আপোন কৰি লোৱাৰ সাহস হোৱা নাই , দাদা তেতিয়া কলেজত সোমাইছেহে , গতিকেই মনৰ মানুহজনক বুকুৰ এফাল কৰি ল’বৰ বাবেই তেঁও আকৌ পঢ়িছেহি । ওৰে ৰাতি কথা পাতিলো বাৰ লগত , হেঁপাহ নপলোৱা কথা ওৰে ৰাতি , শেহ নিশালেহে দুয়োজনী শুইছিলো , বায়ে কৈছিল নিজৰ প্ৰেমৰ কথা , বায়ে কৈছিল মোক প্ৰেমৰ বৰষুণজাকত এবাৰ তিতাৰ কথা , পিছে বৰষুণত ছাতি ধৰা মানুহ নাই বুলি কোৱাত দম দিছিল থিকছে মোক বায়ে , চিৰিয়াছলি ল’বলে কৈছিল কথাটো । বাৰ ভাষাত জীৱনটো শুন্য আৰু প্ৰেম হৈছে শুন্যৰ আগত বহা সংখ্যা , তেহে বোলে জীৱনে পূৰ্ণতা পাই ।

প্ৰেমৰ সংজ্ঞা ধৰ্মিষ্ঠাবাৰ

পুৱা দেৰিকৈয়ে সাৰ পাইছিলো , ধৰ্মিষ্ঠাবা কেতিয়া গ’ল গমেই নাপালো , জীনাক্ষিয়ে আহি মতাতহে সাৰ পালো , তাইক আগতকে সপ্ৰতিভ যেন লাগিছিল , মুখত সুখী ভাৱে উজলাই তুলিছিল , তাইক দেখিয়েই গম পালো সকলো ঠিকেই আছে । ভাল লাগিল তাইক দেখি , তাইযে সুখী হৈছে , তাই যে সহজভাৱে লৈছে সকলো । মোক হেনো তাইৰ প্ৰেমিক বন্ধুৱে লগ পাব খোজে , বহুবাৰ লগ পাইছো যদিও বিহুৰ পিছত এনেই লগ পাব বিচাৰিছে , তাইৰ পিছতে বোলে মইয়ে তেঁওক বুজি পোৱা দ্বিতীয়জন ব্যক্তি । শুনি ভাল লাগি গ’ল , ইমান বিশ্বাসত ল’ব পাৰে , ইমান আস্থাত ল’ব পাৰে জীৱনৰ মাজবাটত লগ পোৱা এজন মানুহে , যিজনক মই মাজে মাজেহে লগ পাঁও মাথোঁ । জীনাক্ষিৰ সুখী চকু মুখ দেখি ভাল লাগিছিল , ভালেই পাইছিলো আৰু এটা কথাত অন্ততঃ দুদিনমান মোক দমচম নিদিয়াকে থাকিব ।

দূবৰিয়ে মইয়ে দুয়োজনী সদায় যোৱাৰদৰে ক্লাছলে ওলাই গ’লো , একেই AT 9 একেই গেইটত বান্দৰৰদৰে ওলমি আছে দুকাষে দুজন , এজন চিনাকি , বিপুল দা , পিছে মইনা জোকোৱাৰ ক্ষেত্ৰত চিনাকি অচিনাকি নাই , ভাই ভনীও নাই , সকলোৰে মৰ্যাদা ৰাখি বিনাদ্বিধাই জোকাই যাব পাৰে মইনা । চিনাকি মাতটোৰেই পিছফালৰপৰা চিঞৰিলে

” অ’ ভূপালী মাইনা …… দূবৰিৰ লগত ভূপালী ফ্ৰি ….নতুবা অ’ ভূপালী কোহাই যা অ….. নামতা কিয়া ? মাতবা নৰা নেকি …..”

আন এজনে চিঞৰিলে অ’ আইনষ্টাইন মাইনা এবাৰ ঘুৰি নোচোৱা কিয় ?? দূবৰি মাইনা এবাৰ মাতানা………

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৫

ব’হাগ আহিছিল , ব’হাগৰ বতৰাই জালুকবাৰীক মুখৰিত কৰিছিল , হাঁহিবোৰ প্ৰাণৱন্ত হৈছিল , জালুকবাৰী আকৌ অনন্য সুন্দৰ হৈ উঠিছিল ৰঙা , হালধীয়া , গুলপীয়া সাজেৰে । ব্যস্ত হৈ পৰিছিল মাৰ্কেট , হাঁহিবোৰ সামৰি ছয় নম্বৰ বাছৰ গতিও ছন্দোময় হৈছিল , হোষ্টেলীয়াসকল বিহুটিক আদৰিবলে ঘৰলে গৈছিলগে । জালুকবাৰী যিমানেই উচ্ছল হ’লেও এনেকুৱা বন্ধবোৰত অকনমান যেন দুখী হৈছিল , পিছে বিহুৰ পিছতে তগবগীয়া যৌৱনৰ সম্ভাৰ লৈ জালুকবাৰী গৰ্বিত হৈ উঠিছিল , বিহুৰ আগে আগে প্ৰস্ফুটিত কিশোৰীৰ দৰেই চপল হৈ পৰা জালুকবাৰীয়ে যেন সকলোকে ৰূপৰ জুইয়ে দহিবৰ বাবেহে অলপদিন মৌন হৈ পৰে । জালুকবাৰীখন সঁচাই বিহুৱতী হৈ পৰিছিল । বিহুৱতীৰ কপালৰ ৰঙা সুৰুযটো জালুকবাৰীৰ কঁপালতে আঁকিলে , বিহুৱতীৰ কাপোৰৰ ৰঙা বুটাবোৰ কৃষ্ণচূড়াৰ ডালে ডালে ফুলিলে ।

হোষ্টেলৰ সাহিত্য প্ৰতিযোগিতাবোৰৰ ভিতৰত প্ৰথমদিনাই ‍অনুষ্ঠিত হৈছিল ‘ নীলাখামৰ চিঠি ‘ । চিঠি লিখাত নিজকে ওস্তাদ বুলি ভাবিছিলো যদিও সিদিনা পিছে লিখিবলে লোৱা হাতখন ৰৈ গৈছিল , ৰূমত ভালকে ভাবি আহিছিলো কি লিখিম কালে লিখিম বুলি , পিছে লিখিবলে লৈ মই লগৰবোৰৰ ফালেহে চাই থাকিলো ভেবা লাগি , ডাইনিং হলৰ ইমূৰৰ পৰা সিমূৰলে গোটেইবোৰ ডেক্স বেঞ্চতে বহি থকা জুনিয়ৰবোৰক আকৌ দুগৰাকীমান চিনিয়ৰে পহৰা দিও থাকিল । কবিতা বা , সুৰভি বা আৰু জীনাবা আছিল সাহিত্যবিভাগৰ দায়িত্বত , গতিকে পৰীক্ষাৰ নীৰিক্ষকৰ দৰেই মাজে মাজে অামাক নীৰিক্ষণ কৰি থাকিল , আৰু নিৰ্দিষ্ট আধাঘণ্টাৰ কথা মিনিটে মিনিটে সোঁৱৰাই থাকিল । চালো লগৰবোৰলে , মুখবোৰ আৰু হাতবোৰ চাই বুজিবলে যত্ন কৰিলো কোনে কেনেকুৱা লিখিব পাৰে আৰু কোনে প্ৰাইজ বুটলিব পাৰে , ইফালে নিজেই ভাবি অহাবোৰ মনত পেলাবলেও চেষ্টা কৰি থাকিলো , গোটেই মুখবোৰ পলকতে পঢ়ি পেলালো , এখন মুখত চকু পৰিলত ভাবিলো কথাই প্ৰতি প্ৰেমগান গোৱা ৰশ্মিয়েই ছাগে ভালকে লিখিব পাৰিব ।

আমাৰ লগৰবোৰে পুৰাদমে ৰূমত চিঠি লিখাৰ প্ৰেক্টিছ কৰি আছে বুলি আমি অহুকাণে পহুকাণে শুনি আছিলোৱেই , পিছে ঘুৰি ঘুৰি কাষতে থকা লভিতাক দেখি ভয়েই খালো …. আইঔ আচল পাত প্ৰেমিকাচোন মোৰ তেনেই কাষতে , তাইৰ কথা এবাৰো নাভাবিলো কিয় ? সময় নষ্ট , মাথা নষ্ট ….. তেতিয়ালৈকে কাগজখনত আঁক এটাও নমৰাকৈয়ে পাঁচমিনিটমান পাৰেই হ’ল আনৰ আলেখ লেখ চাঁওতেই , ৰিতুৱে খোচ মাৰি দিলে পেনটোৰেই মোৰ বাহুত , তাই কৈয়েই আহিছিল ” কি আৰু লিখবা লাগা আছে বুলি ” গতিকেই তাইৰ যে সেই অনা দেলে তেতিয়াই বুজিছিলোৱেই , আনহাতে তিৰুৱে আঙুলিৰে আখৰৰ চাইজৰ হিচাপ মিলাই থাকোঁতেই পুৰা নহ’ব বুলি মই খাটাং আছিলোৱেই । জীনাক্ষি যিহে খাৰাংখাচ , তাই নীলা খামত নীলাৰ ঠাইত ৰঙা এসোপাহে ভৰাব বুলিয়েই বৰ বিশেষ ভবা নাছিলো তাইক লৈ , বাকী লগৰ খিনিয়ে কি লিখিব পাৰে সেই লৈও অংক মিলাই আছিলো যদিও গৈ থৈ মই নিজেই সবতকে ভাল আৰু ৰোমাণ্টিক চিঠিখন লিখিব পাৰিম বুলি এনেই ফোপোলা ভেম এটাত আছিলো , পিছে লভিতাক দেখি একো নভবাকৈয়ে চিৰিংকে গ’ল , তাতে তাইৰ মুখত মিচিক মাচাক হাঁহি লৈ যিহে লিখাৰ কোব …..

লভিতাক দেখি ভাবি অহা কথাবোৰ পাহৰিয়েই থাকিলো , ধীৰে ধীৰে নীলা চিঞাহীৰ চাইনীজ পেনটোৰে উকা কাগজখনত লিখিলো প্ৰিয়জনলে বুলি …. পুৰাকে মনলে নাহিল যদিও একেবাৰে পাহৰাও নাছিলো …. হিয়াৰ সমস্ত আৱেগেৰে লিখিবলে যত্ন কৰিলো মনতে আঁকি লোৱা ছবিখনৰ প্ৰিয়পুৰুষজনলে বুলি…

” প্ৰিয়জন / ব’হাগৰ গধুলি , ব’হাগৰ পদূলি / মোৰ হিয়া উদুলি মুদুলি / তুমিযে আহিবা হিয়াত এটি সুৰ তুলি / কাকিনী তামোলজুপিৰ বুকু শুৱাই থকা কপৌপাহি মোৰ খোপাতে দিবাহি গুজি / প্ৰিয়জন …. তুমিযে মোৰ প্ৰিয়তম / মোৰ উশাহে উশাহে তোমাৰ প্ৰেমৰ গুঞ্জন / প্ৰিয়জন , তুমি মোৰ সপোনৰ প্ৰয়োজন…… ..” ( চিঠিত লিখিম বুলি এইখিনি কথা ডায়েৰীত লিখি ৰাখিছিলো বাবে আজি উল্লেখ কৰিব পাৰিলো , বাকীখিনি মনত নাই )

লিখি গৈছিলো আৰু বহু কিবা কিবি … যেন মোৰ কাষতে মোৰ প্ৰিয়পুৰুষে চাই ৰৈছে মোলে অপলক নেত্ৰেৰে আৰু মই লিখাৰ সলনি তেঁওৰ আগত হিয়া উজাৰি কৈ আছো মোৰ ভালপোৱাৰ কথা , মোৰ হিয়াৰ বতৰা … বৰ উৎসাহেৰে লিখি শেষ কৰি দুবাৰমান ঘুৰাই ঘুৰাই পঢ়িলো অাৰু অলপমান লিখিবলে মন গ’ল যদিও চিঠিখন দেখিবলে বেয়া হ’ব বুলি তেনেকৈয়ে জমা দিলো বাহঁতৰ হাতত । লভিতালে কেৰাহিকে চাই দেখিলো মুখত বিৰাট সন্তুষ্টিৰ ভাৱ এটা লৈ চিঠিখন ভাঁজ কৰি বুকুৰ মাজত আলফুলে সাৱটি ধৰিলে আৰু এটি দীৰ্ঘশ্বাস ল’লে যেন তাইৰ প্ৰিয়জনৰ সুগন্ধহে লাগি আছে তাত । গম পালো মই ভাবি থকা প্ৰেমিক মুকুটটো যে তেঁওৰ শিৰতে শুৱনি হ’ব , কিয় জানো কি ভাবি প্ৰেমিক চিঠিবোৰৰ বতৰা মোৰ সিৰে সিৰে প্ৰৱাহিত হ’ল । পিছে নাম এটা লিখিবলে কৈছিল চিঠিখনত , কোনো এটা নামেই নাহিল মনলে , কাৰো চেহেৰাই নহ’ল স্পষ্ট ।

নীলাখামৰ চিঠিৰ পিছদিনাই আছিল গল্প লিখা প্ৰতিযোগিতা , অকণো আগ্ৰহ নাছিল যদিও juniors compulsory বাবেই বহিছিলোগে আগদিনাৰ জেগাত , পঢ়ি যিমান ভাল পাঁও লিখিবলেচোন তাৰ আধাও ভাল নাপাঁও , আচলতে ভাল নোপোৱা নহয় , লিখাৰ একো সমল নাছিল অাৰু এতিয়াও নাই , ভাৱবোৰ ক’ৰবাত খুন্দা খাই থাকি যায় , কলমৰ আগলেচোন আহিয়েই নাপায় । আগদিনাৰ উৎসাহৰ পৰিৱৰ্তে সিদিনা সময়খিনি এনেই কিবা কিবি লিখি উঠি আহিছিলো , গল্পৰ কিবা পট এটা দিছিল , এতিয়া পাহৰিলো , প্ৰেমবিষয়কেই আছিল হ’বপায় । গল্প লিখাত মন দিয়াতকে পিছদিনা ঘৰলে যোৱাৰ হেঁপাহে আৰু আদৰুৱা ব’হাগৰ আগমণিয়েহে বুকুত থৌকি বাথৌ লগালে , তাতে বাৰ বিয়াৰ পিছত ঘৰত যে মোৰ কিমান দায়িত্ব আছিল । বিহুলে বুলি কিনা চেলোৱাৰযোৰৰ লগতে তাইলে কিনা ৰঙা ৰিহাখনেও মোৰ বেগ শুৱাই পৰিছিল , গতিকে যেনেতেনে গল্প সামৰি ৰূমত গৈ বেগ সামৰাৰ হেঁপাহটোৱেহে চঞ্চল কৰি তুলিলে । কিমানযে হেঁপাহৰ ব’হাগ বিহুটি , তাতে আমাৰ গাঁৱৰ কথাই সুকীয়া ।

ব’হাগ বিশেষ / আমাৰ গাঁওখনিৰ বিহু …

ব’হাগ এটি মাথোঁ ঋতু নহয় , নহয় এটি মাহ । ব’হাগ অসমীয়াৰ মান অভিমান , ব’হাগ জাতিৰ প্ৰাণ । ব’হাগ মানেই উখল মাখল , ব’হাগ মানেই ঢোল, পেঁপা,গগনা , কুলি কেতেকী, জেতুকা, এশ এবিধ শাক , মাহ – হালধি ,গৰুৰ চাত, মাখিয়তী, বিহুৱান,নাচনীৰ খোপাৰ কপৌপাহ , বিহুনাম, বিহু নাচ আৰু কত যে কি । এৰা কৈনো কৈ থাকিলে ওৰকে নপৰে আমাৰ ব’হাগৰ কথা । এনেই ঋতুৰাজৰ বৰপুত্ৰ নে ব’হাগ ! বসন্তক ঋতুৰাজৰ মুকুট পিন্ধোৱা মাহেইচোন ব’হাগ । গাঁৱৰ উদুলি মুদুলি ব’হাগৰ কথা নক’লোৱেই বা । বিহুৰ এসপ্তাহৰ আগৰপৰাই জীয়ৰী বোৱাৰীৰ মন উগুল থুগুল লাগিছিল, কামৰ তালিকাখন দীঘল হৈ গৈছিল বুকুৰ আমঠু ব’হাগক আদৰাৰ হেঁপাহত । ঘৰখন অঁতপিত কৰি নতুনাই পেলোৱা, চোতাল পদূলি গোবৰ মাটিৰে মচা,পাচিয়ে পাচিয়ে চিৰা মূড়ি ভজা , বিধে বিধে পিঠা- পনা বনোৱা কিমান যে কাম । কামৰ যেন অন্তই নাই, লগতে আকৌ শালত শেহৰখন বিহুৱানত আঁচু ব’বলে থাকেই । মুঠৰ ওপৰত কাৰো যেন ৰ’বলৈ সময় নাই । ব্যস্ততা মাথোঁ ব্যস্ততা । গৰু বিহুৰ দিনা গৰুক গা ধুৱাই লৈহে যেন কিছু আজৰি । ইফালে বিহুৱা ল’ৰাহঁতে বিহু জোৰা আৰম্ভ কৰেই । ঢোলৰ চেৱত কেৱল জীয়ৰীহঁতেই নহয় , নকৈ অহা বোৱাৰীহঁতেও আঁৰ চুৰকৈ এপাক কঁকালটো ঘুৰালেহে তৎ পাই । ৰং ৰহইচৰ বিহুটিয়ে মনত যোগায় অপাৰ উৎসাহ । ডেকাহঁতে বিহুৰ টঙালি মৰাৰ লগে লগেই মনটো বান্ধি লয় বছৰটোৰ জোখাৰে । গাভৰুহঁতো প্ৰস্তুত হয় ন উদ্যমেৰে । এক কথাত বছৰটোৰ বাবে যেন পাৰ ভঙা উছাহৰ ঢল বোৱাই যায় ব’হাগে । ব’হাগে সমৃদ্ধি আনে, সৌষ্ঠৱ বঢ়াই, ব’হাগে দিয়ে অনুপ্ৰেৰণা ব’হাগে আনে সুখৰ বতৰা ।

ব’হাগৰ কথা ভাবি ভাবি টেবুলতে মূৰ পেলাই টোপনি যোৱা মোক ডিম্পীবায়ে আলফুলে উঠাই , তিৰু জীনাক্ষিহঁতে দুৱাৰ মুখৰপৰাই মিচিকিয়াই ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৪

হাতৰ মুঠিৰে এমুঠিমান সময়তে ৫ মাহ জালুকবাৰীত কেনেকৈ পাৰ হ’ল তলকিবই নোৱাৰিলো , বালিঘড়ীৰ বালিছন্দাবোৰ সুৰসুৰকে সৰি পৰাৰ দৰেই আমাৰ সুখ দুখৰ পল অনুপলবোৰ দিনৰ পৰা কেতিয়া মাহ হ’ল গমকে নাপালো , চকুৰ পলকতে যেন হালধীয়া হ’বলে ধৰা পাতবোৰ সেউজৰঙেৰে সেউজী হ’ল , চিনাকি হাঁহিবোৰ বাঢ়ি গ’ল , চকুৰ চিনাকিবোৰ আপোন হ’ল আৰু কিছু আপোন বুকুৰ বান্ধৈ হ’ল । পুৰণি বন্ধু বান্ধৱবোৰ আৰু বেছি ওচৰ চাপি গ’লো , জীৱনৰ বহু কথাই ইজনে সিজনৰ লগত ভগাই ল’ব পৰা হ’লো , নতুন পুৰণি বন্ধুৰ মাজৰ ব্যৱধান কমি গৈ বন্ধুত্বৰ এনাজৰীডাল ভালেমান মজবুত হৈ গ’ল । ধেমালিবোৰ কেতিয়াবা অভিমান হ’ল যদিও অভিমানবোৰ আঁকোৰগোজ নহ’ল । ‘য়ুনিভাৰ্ছিটিৰ বন্ধু’ জীৱনৰ সুদীৰ্ঘ কালৰ বন্ধু বুলি শুনি অহা কথাষাৰ সঁচা বুলি অনুভৱ কৰিব পৰা হ’লো । এইখিনি সময়তে সাক্ষী হৈ ৰ’লো বহুবোৰ সুখী মনৰ , বহুবোৰ চকুপানীৰ , বহুবোৰ হেঁপাহৰ । তথাপিও কিছুমান চকুত তেতিয়াও অপৰিপক্কই হৈ ৰ’লো ।

এটা চেমিষ্টাৰৰ পৰীক্ষা দি আজৰি হ’লো যদিও হোষ্টেলত সেই একেই জুনিয়ৰখটা , বুকুৰ ঢুকঢুকনিটো আগতকে পাতল হ’ল যদিও মাৰ যোৱাই নাই , পিছে 4th block ৰ চিনিয়ৰৰ মূৰত উঠিব পৰা হ’লো ঠিকেই কুকুবাক বাদ দি । কুকুবায়ে একো নকয় যদিও তেতিয়াও ভয় গুচা নাছিল , 4th block juniors বুলি চিঞৰ শুনিলেই কমিবলে ধৰা বুকুৰ ঢুকঢুকনিটো তীব্ৰৰ পৰা তীব্ৰতৰ হ’বলে ধৰে যদিও পিছে গালি খোৱা নাছিলো আৰু পিছলে । ইফালে সন্ধ্যা প্ৰাৰ্থনাৰ পিছৰ চিনাকি পৰ্ব তেনেকৈয়ে চলি থাকিল , তাকে যেনিবা আগৰদৰে মূৰ তল কৰি নথকাকে থাকিব পৰা হ’লো , লাহে লাহে আমাৰ লগৰবোৰে সকলো কথাই সহজভাৱে ল’ব পৰা হ’ল আৰু ফ্ৰেচাৰ্ছ দিলেই কেইগৰাকীমানক ভালকে নমতাৰ সিদ্ধান্তও ল’ব পৰা হ’ল । ৰিতু তিৰুহঁতে লাহে লাহে মই আমাৰ ওপৰৰ ছাদলে যোৱাটো গম পালে , আচলতে মইয়ে অলপ ফুটনি মাৰি জনাই দিলো , লভিতা আছিলেই আগৰেপৰা , গতিকেই সিদ্ধান্ত হৈ গৈছিল , কোনেও নজনাকে ছাদলে যোৱাৰ , বাট চাই ৰৈছিলো ভাল সুযোগ অহাৰ । জীনাক্ষিও সহজ হৈছিল লাহে লাহে , পৰীক্ষাই বুকুৰ বিষটো যথেষ্ট কমাই দিছিল ছোৱালীজনীৰ , তথাপিও বুকু দহি থকা জুইকুৰা জানো নুমাব পাৰিছিল !!

শান্ত হৈছিল তাই ,আচলতে শান্ত কৰিব পাৰিছিলো , প্ৰেমিক বন্ধুৰ ফোন ধৰিছিল সহজভাৱেই , ৰুণু বাইদেউৰ পি চি অ’ৰ পৰা নিজেই গৈও ফোন কৰিছিলগে , আগতকে বেছি আপোন কৰি লৈছিল মোক , সেই সন্ধ্যাৰ কথাটো মোৰ বুকুতে জাহ গ’ল , নুসুধিলো , তাইও নক’লে একো । পিছে একো নোসোধাকৈ আৰু নোকোৱাকৈয়ে বুজি উঠিলো বহু কথা , প্ৰেম ইমান সহজ নহয় , তাতে জালুকবাৰীৰ প্ৰেম । জালুকবাৰীত এটা এটা ঢাপৰ মাজেৰে গৈহে এই পৰীক্ষাত পাছ কৰিব পাৰি , সেয়েহে বহুতে কয় জালুকবাৰীৰ প্ৰেম বেডিং বন্ধা প্ৰেম বুলি , মইও সাক্ষী হৈ ৰ’লো তাইৰ বেডিং বন্ধা প্ৰেমৰ । যিয়েই নহ’লেও দুয়ো আকৌ লগ কৰে , কথা পাতে , মোৰ ভাল লাগে । দুয়োৱে চেষ্টা কৰিলে ভালেৰে আগবাঢ়িবলে , দুচকুৰ সপোনবোৰ কেনেকৈনো মোহাৰি পেলাই ! আগবাঢ়িব দুয়ো , পুৰণি সকলো কথা পাহৰি আগবাঢ়িব , তাইৰ প্ৰতিটো কথাৰ সাক্ষী হৈ ৰ’লো মই । কেনেকৈ আৰু কেতিয়াৰপৰানো ইমান বিশ্বাসেৰে তাই মোৰ লগত কথাবোৰ পাতিব পৰা হ’ল ধৰিবই নোৱাৰিলো , বাহিৰে দমদাৰ ছোৱালীজনী ভিতৰি ইমান ঠুনুকা হ’ব পাৰে বুলি জনাই নাছিলো কোনোদিন । যিহ’লেও জীনাক্ষি আৰু তিৰুৰ মোক লৈ অঘোষিত প্ৰতিযোগিতাখন ঠিকেই চলি থাকিল , লভিতা আৰু ৰিতু দুয়োজনীয়ে ভালদৰেই বুজাৰ উপৰিও দূবৰি আৰু পলিৰ চকুৰপৰাও সাৰি নগ’ল কথাবোৰ ।

আমাৰ হোষ্টেলৰ ইণ্টাৰ ব্লক কমপিটিশ্যনবোৰ পৰীক্ষাৰ পিছৰপৰা আৰম্ভ হোৱাৰ লগে লগেই আমি বৰ ব্যস্ত হৈ পৰিলোহঁত , কোনেও নোকোৱাকৈয়ে ব্লকৰ জুনিয়ৰবোৰৰ মাজত ব্লক ছেণ্টি তুংগত উঠিল , কোনে কি কৰিব কেনেকৈ কৰিব কাকো নজনোৱাকৈ মনে মনে চলাই গ’ল আখৰা । আমাৰো ফ্ৰেচাৰ্ছৰ ফালে এখোজ আগুৱাবলে পাই ভালেই লাগিল , জীনাবাৰ ৰূমতে আমি দলীয়বোৰ প্ৰেক্টিচ কৰোঁ , এককবোৰো একেলগেই কৰোঁ যাতে ভুলবোৰ ধৰা পৰে । এইবোৰ প্ৰেক্টিচ কৰাত আমাৰ বৰ্ণালীবা আৰু জীনাবায়ে আটাইতকে বেছি সহায় কৰিলে , পিছে সমস্যা হৈছিল অামাৰ ৰোমাণ্টিক কাপল্ ৰ সময়তহে , মই প্ৰায়ে ডাইনিং হলত ৰোমাণ্টিক কাপল্ স্বৰ্ণালীৰ লগতে কৰিব লগা হোৱাৰ বাবে আমি দুইজনীয়ে একেলগে কৰিম বুলি ভাবিয়েই থৈছিলো , পিছে ব্লকৰ কথা আহি যোৱাত খেলিমেলি লাগি গ’ল । কথাটো চিনিয়ৰ বাহঁতক কঁওতে তেঁওলোকে সেইটো ব্লকৰপৰা নালাগে বুলি কোৱাত বেয়া নাপালো , বিহুৰ বন্ধ খোলাৰ পিছৰে পৰা হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে আমি একদম দেহে কেহে লাগিলো । সাহিত্য প্ৰতিযোগিতাবোৰ পিছে বিহুৰ আগতেই আৰম্ভ হ’ল । পৰীক্ষা শেষ কৰিও আৰু এসপ্তাহ ৰৈ গ’লো কেৱল প্ৰতিযোগিতাবোৰৰ বাবেই , নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবেই ।

এইবোৰৰ মাজতে আমাৰ চিনিয়ৰ জুনিয়ৰৰ ব্যৱধানটো একেবাৰেই কমি গ’ল , তাতে 4th block ৰ চিনিয়ৰ জুনিয়ৰ মূৰত উঠাবপৰা চিনিয়ৰ বুলি বদনাম আছিলেই । প্ৰেক্টিচৰ সময়ত আমাক ভাগে ভাগে চিনিয়ৰে পিছলে এৰি দিলে , তেনেতে কুৰ্চুতীয়া মনত কুৰ্চুতীয়া বুধি খেলালে , কলেজত থাকোঁতে ৰাতি ৰাতি ভূত হৈ বহুতকে ভয় খুৱাই বৰ মজা কৰিছিলো , তাৰবাবে মোৰ বিশেষ কষ্টিউম এভাগী বাকচৰ তলিতে সাজু আছিলেই , চিৰিয়েল চিনেমাত দেখা বগা বগা ভুতবোৰ আগৰেপৰাই ভাল নাপাঁও কাৰণে প্ৰিয় ৰং হালধীয়া শাৰী এখনেৰেই ভূতুনী সাজিছিলো । হালধীয়া শাৰীখনৰ লগত এটা ক’লা ব্লাউজ , হাতত এডাল জ্বলন্ত মম , মোৰ ডালিমগুটীয়া দাঁতদুপাৰিৰ (বেলেগে কয় ) ওপৰপাৰি দাঁতৰ ঠিক সোঁমাজৰ দাঁতটো ক’লা চিঞাহীৰে ক’লা কৰি লোৱা কাগজ অকণেৰে ঠিক নথকা যেন কৰি লৈ তেতিয়ালে অলপ দীঘল হোৱা জপৰা চুলিকোচা আউলবাউল কৰি লৈ লাহে ধীৰে আগবাঢ়োঁ চিনিয়ৰে আড্ডা মাৰি থকা কোনো এটা ৰূমৰ ফালে । ( এই কামটো সাধাৰণতে কাৰেণ্ট নাথাকিলেহে কৰিছিলো ) ৰূমৰ সন্মুখত ৰৈ দুৱাৰত লাহে লাহে টক টক টক কে তিনিবাৰ টুকুৰিয়াই দিঁও , ভিতৰৰপৰা কোনোবাই ‘ কাম ইন ‘ বুলি কোৱাৰ লগে লগেই দাঁতকেইটা কোঁৱাৰিলৈকে চেলিয়াই মমডাল ঠিক বুকুৰ পোনত আৰু মুখৰ তলত লৈ সোমাই যাঁও ৰূমৰ ভিতৰলে । মুখৰ আগত সাইলাখ ভূত দেখি কোনে পাৰে নিচিঞৰাকে বাৰু ? আটাইতকে বেছি ভয় খাই জোনালীবায়ে , বহুদেৰিলৈকে চকুমুদি চিঞৰি থাকে বায়ে দুহাত সাৱতি । ধৰা পৰোঁ , দম দিয়ে , পিছে গালি নাপাৰে কোনেও , লগৰবোৰে বৰ আমোদ পাই , মই পিছে নহঁহাকৈয়ে ওলাই আহোঁ মনত ৰং লৈ ।

ফটোখন বেয়া হৈ যোৱাত এডিট কৰিবলগীয়া হ’ল ।

কেতিয়াবা আৰু একধৰণে ভূতুনী সাজিছিলো , মোৰ ক’লা চুৰিডাৰযোৰ পিন্ধি জপৰা চুলিকোচা মুখৰ ফালে ওভোটাই আনি চুলিখিনিৰ ওপৰে নাকৰ ওপৰত ডিম্পীবাৰ ডাঙৰ ফ্ৰেমৰ গগলচ্ যোৰ পিন্ধি লৈ সেই একেই টোকৰ তিনিটা লাহেকৈ দিঁওগে কাৰোবাৰ ৰূমত , এবাৰ জীনাক্ষিক ভয় খুৱাবলে যাঁওতে তাইৰ ৰূমতে কুকুবাক দেখি ধৰমৰাই ওলাই আহোঁতেই ইফালৰপৰা অহা ধৰ্মিষ্ঠা বাক একেবাৰে মল্লযুঁজত বগৰোৱাদি বগৰাই পেলাইছিলো , ভাগ্যেহে পিছফালে ৰৈ থকা তিৰুৱে ধৰিলে ।

সেইকেইদিন পঢ়াৰ একেবাৰেই হেঁচা নাছিল , নতুন চেমিষ্টাৰৰ কিতাপবোৰ ভালকৈ গোট খোৱাও নাছিল তাতে ডিম্পীবাহঁতৰ পৰীক্ষা হৈ থকা বাবে আমাৰ বিশেষ ক্লাছো নহৈছিল । গতিকেই দূবৰিয়ে মইয়ে দিনৰ ভাগত ঘুৰিবলে ভাল অযুহাতেই পালো , দুয়োজনী আমাৰ পুৰণি বান্ধৱী সীমা আৰু মৈত্ৰেয়ীক লগ কৰিবলে পাণবজাৰ জুৰোড ঘুৰি ফুৰিলো , আৰু এটা ডাঙৰ কাম আছিল তেতিয়ালৈকে , পলিক আমাৰ কেম্পাছলে যেনেতেনে আনিবলগীয়া আছিল , গতিকেই আৰম্ভ হৈ গ’ল পলিৰ ‘মাৰ্কেট চলো’ অভিযান । কাক মিউচুৱেল কৰাব পাৰোঁ তাৰ পুৰা সন্ধানত লাগি গ’লো দুয়োজনী । ওলাল , আমাৰ হোষ্টেলৰপৰাই ওলাল পলিৰ হোষ্টেললে যাবলে মন কৰা এগৰাকী , তেঁও আছিল আমাৰ ডিপাৰ্টমেণ্টৰে লিপিকা । একেবাৰে কম কথা কোৱা আৰু বিশেষ কাৰো লগতে মিলা মিছা নকৰা যোৰহাটৰ লিপিকাই তাইৰ কলেজীয়া বান্ধৱী মিনাক্ষিৰ হোষ্টেললে যাবলে চল চাই আছিল , মীনাক্ষিও RCC 3 তে আছিল , গতিকেই আমি যোৰদাৰ অভিযান চলালো লিপিকাক তালৈ পঠিয়াই পলিক আমাৰ হোষ্টেললে আনিবলে । সিহঁত দুজনীতকেও আমাৰ উৎসাহহে বাঢ়িল , ক’ত কেনেকৈ আৱেদন কৰিব আমাৰহে নখদৰ্পণত থাকিল , মুঠতে পলি যেনেতেনে আহিভলাগে আমাৰ হোষ্টেললে । পিছে বিধিয়ে দিলেও বিধাতাই নিদিয়ে , সকলো হৈ হৈ নহ’লগৈ । বেলেগ জোৰদাৰ পাৰ্টীৰ বাবে আমাৰ অভিযান চেঁচা পৰি গ’ল , দুদিনমান বেয়া লাগিল যদিও পিছলে সকলো সহজ হ’ল ।

বিহু আহিছিল , চ’তুৱা বৰদৈচিলাই তোলপাৰ লগাই মাজে মাজে , তেনেকুৱা ৰাতিবোৰতে মোৰ গছজোপাৰ ডাল পাতৰ লগত মিলি থকা কুলিজনীয়ে বৰকে বিনাই , ইফালৰ গছকেইজোপাৰ পৰাও দুজনীমানে সমানে বিনাই , দূৰণিৰ কেতেকীকেইজনীৰ হিয়াভগা কান্দোনৰ লগত AT 9 ৰ পৰা লাহন দায়ে বজোৱা কৰুণ বাঁহীৰ সুৰটো একাকাৰ হৈ যায় । এৰা ইমান শুন্যত মিলিব পৰা বাঁহীৰ সুৰ কেৱল লাহনদাইহে বজাব পাৰিছিল , যি সুৰত থকা শুন্যতাই কুলিৰ মাতকো চেৰ পেলাই যায় । ৰিক্ত কৰি যায় কত প্ৰেমিক হিয়া । যি বাঁহীয়ে কৰুণ সুৰ তুলিছিল , সেই বাঁহীতে বিহুৱা সুৰো তুলিছিল , কোননো বাৰু থাকিব পাৰিছিল এপাকো কঁকাল নুঘুৰাই ।

অসমৰ সমস্ত প্ৰতিভাৰ আখৰা থলী আছিল যেন তেতিয়াৰ AT 9 ,  ইমান সপ্ৰতিভ , ইমান ব্যস্ত ল’ৰাহঁতে মাইনা জোকোৱাৰ সমলবোৰ বাহিৰতে বহি গোটাই , বাহিৰৰ মাইনাবোৰ দেখিলে কাপ কলম নোহোৱাকৈয়ে হিয়াত মাইনা জোকোৱা গানে উখল মাখল লগাই , সেয়েহে দিলীপ আৰু দাদা প্ৰণৱ প্ৰিয়াংকুশৰ মুখতে ওলাই…….

আপী তোমাৰ গালতে চুমু এটি দেওনেকি /নালগে দক/

ৰঙা ৰঙা গালতে চুমু এটি দেওনেকি / নালগে দক

পদুমপাতৰ বিচনীয়ে বিচি দিমনেকি প্ৰিয়া / নালগে দক

হৰিণি নয়নী কিনো তোমাৰ চাঁৱনি / মিছা মাতছি দক / ঠাট্টা মাচ্ছি দক

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৩

য়ুনিভাৰ্ছিটিৰ আবতৰীয়া ৰাস উদ্যোক্তাসকল আশা কৰা ধৰণেই সফল হৈছিল , সফল হৈছিল কলা কুশলীসকলৰ প্ৰায় মাহযোৰা প্ৰচেষ্টা । বাৰ বিয়াৰ পিছত ঘৰৰ পৰা ঘুৰি অহাৰদিনাই ৰাস আছিল যদিও চাবলে যাব নোৱাৰিলো আপদীয়া মূৰ বিষটোৰ কৃপাত , ৰাতি গভীৰ হৈ অহাৰ লগে লগে খোলা খিৰিকিৰে ৰাসৰ বিনন্দীয়া সংগীতে বুকুখন একেবাৰে তোলপাৰ লগাই গ’ল , বাঁহীৰ মাতত ৰাধা ব্যাকুল হোৱাৰদৰে হোষ্টেলত থকা ছোৱালীবোৰো ব্যাকুল হৈ পৰিল । ফেৰফেৰীয়া বতাহজাক খোলা খিৰিকিৰে সোমাই আহিল যদিও খিৰিখন বন্ধ কৰিবলেকে মন নগ’ল , মনলে বাৰে বাৰে ভাঁহি আহিল হৈ যোৱা বিয়াখনৰ টুকুৰা টুকুৰ ছবিবোৰ , ঘৰলে গৈ মাক সাৱতি ধৰি শুবলে বৰ মন গ’ল , এবাৰ ঘৰৰ চোতালত বহি জোনাক অকণ চাবলে মন গ’ল …. ৰাস পূৰ্ণিমাৰ স্নিগ্ধ জোনাক সিদিনা নাছিল যদিও খিৰিকিৰে সোমাই আহিল পাতলীয়া জোনাকৰ ৰেখা । জোনাক খিনি মোৰ বিচনাতে পৰেহি , সেয়েহে জোনাক নিশা খিৰিকিৰ পৰ্দা খন প্ৰায়ে কোঁচাই থঁও অকণমান ডিম্পীবায়ে ধৰিব নোৱাৰাকে । জোনাকৰ ইপাৰৰ দেশখনত থকা মনটোলে আহিছিল আকৌ সেই বাসনা , ওপৰৰ ছাদলে যোৱাৰ বাসনা , ছাদৰপৰা গৈ বাঁহীৰ মাত শুনাৰ , জোনাকৰ ৰেখাবোৰৰ মাজে মাজে খোজ দিয়াৰ , পিছে জয়াল নিশাটো অলপ ভয় ভয় লগাৰ বাবেই সেই অদম্য বাসনাক নিয়ন্ত্ৰণাধীন কৰি থোাৱাত সফল হ’লো , নিজকে এৰি দিলো সপোনৰ দেশলে গতি কৰা সোণোৱালী বাটত ।

পৰীক্ষা আৰম্ভ হ’বলে তেতিয়াও দুদিনমান বাকী , পঢ়াত লাগি গ’লো পুৰাদমে , ৰাতি ৰাতি পঢ়ি থাকোঁতে দেউতাই আমাক শুনোৱা দেউতাৰ হোষ্টেলীয়া কাহিনীবোৰ মনলে আহিল , দিনৰ দিনটো আড্ডা মাৰি ৰাতি দেউতাহঁতে কিদৰে পঢ়িছিল , লগৰবোৰে গম নাপাবলে লেমৰ চিমনিটো ক’লা কাগজেৰে মেৰিয়াই নিজৰ গাৰফালে আৰু কিতাপখনত অকল পোহৰ পৰিবপৰাকে সৰু গোল ফুটা এটা কৰি লৈ কিদৰে ৰাতিৰ ৰাতিটো পঢ়ি , ৰাতিপুৱালে শুই পৰিছিল আৰু বছৰটোৰ শেষত বাকীবোৰতকে ভাল ৰিজাল্ট এটা কৰি ওলাই আহিছিল……ইত্যাদি !! কথাবোৰ মনত পৰি মনৰ অজানিতেই ওঁঠত হাঁহিয়ে ঢৌৱাই যায় , ডিম্পীবায়ে গম নোপোৱাকৈয়ে । সৰু ছোৱালীৰদৰে শুই পৰা ডিম্পীবালে চাই ভাবোঁ বায়ে মই কি কৰোঁ কি নকৰোঁ খবৰেই নলয় , লুকাই চুৰকে পঢ়াৰ দৰকাৰেই বা কি ? ওলোটাই দমহে দিয়ে ভালকে নপঢ়িলে ।

জালুকবাৰীয়ে হালধীয়াৰপৰা সেউজলে সলনি হ’ব খোজা সময়তে সলনি হৈছিল আৰু বহুতো , ৰাসৰ পিছৰপৰাই জীনাক্ষি গহীন হৈ পৰিছিল , বৰ অনিচ্ছাৰেহে তাইলে অহা প্ৰেমিক বন্ধুৰ লগত ফোনত কথা পাতিছিল , বুকুলে উজাই অহা কান্দোনবোৰ জোৰকে ৰাখিব বিচাৰিছিল বুকুৰ মাজতে । তাইৰো পৰীক্ষা আহি আছিল , পিছে পঢ়াত মন বহুৱাব পৰা নাছিল মুঠেই , ৰাসৰ বাবে কষ্ট হোৱাৰ বাবে অলপ গহীনাই আছিল বুলি ভাবিছিলো যদিও তেনে নাছিল । আচৰিত ছোৱালী তাই , খং উঠিলেই নামাতো বুলিলেই নমতাকে থাকে , ইফালে কাৰোবাৰ বিপদ হ’লেই গোটেই ৰাতি উজাগৰে থাকিব পাৰে , বৰ খং উঠিছিল কেতিয়াবা তাইৰ কাণ্ড কাৰখানা দেখিলে , পিছে বেছিপৰ খং কৰি থাকিব পৰা নাছিলো , মূৰটো বিষালেই চোন মোতকে তাইহে আগতে গম পাই , মেন্থ’প্লাছৰ বটলটো লৈ দম দি মূৰ মালিছ কৰি দিয়ে তাই । এদিন ডাঙৰ কাম এটাই কৰি পেলালে পাগলীজনীয়ে , সন্ধিয়া প্ৰাৰ্থনাৰপৰা অহাৰ পিছতে ৰূমলে যোৱাৰ পৰিৱৰ্তে টানি লৈ গ’ল ওপৰৰ ছাদখনলে , আমাৰ জুনিয়ৰ নিষিদ্ধ ছাদখনলে । ইয়াৰ আগতে দুবাৰ গৈছিলো যদিও মনে মনে চিনিয়ৰ নথকা সময় অনুমান কৰিয়েই গৈছিলো , পিছে সেইদিনা সন্ধ্যাতে তেনেকৈ লৈ যোৱাত মই যথেষ্ট ভয় খালো যদিও তাই একেবাৰে নিৰ্বিকাৰ , জগতৰ সমস্ত ভয় , চিন্তা একাষৰীয়া কৰি কেতিয়াও নকৰা কাম এটা কৰাত মই অপ্ৰস্তুত হ’বলৈও সময় নাপালো । ওপৰলে উঠিয়েই তাই বৰ সাৱধানেৰে শব্দ নোহোৱাকৈ দুৱাৰখন জপাই দি মোক একেবাৰে আমাৰ ৰূমৰ ওপৰৰ গছজোপাৰ তললে টানি লৈ গ’ল , য’ত পাতবোৰে ঠাইখিনি প্ৰায় ঢাক খাই থাকে , অকৰাৰ দৰে মইও তাইৰ হাতত ধৰি ৰৈ থাকিলো । একো টলকিবলে নাপাঁওতেই তাই মোক সাৱতি ধৰি হুকহুকাই কান্দি উঠিলচোন , ভয়ে শংকাই মইও অবাক হৈ তাইক ধৰি থাকিলো , তাইক সান্ত্বনা নিদিয়াকৈয়ে । বুজি পালো তাইৰ মনৰ ধুমুহাই তাইক তেনেই বিধ্বস্ত কৰি তুলিছে , সেয়েহে ধুমুহাৰ পিছৰ হুৰহুৰ বৰষুণজাকৰ দৰেই তাইৰ চকু পানী সৰসৰাই সৰিছিল ।

বিবুধি হৈছিলো সঁচাই , কস্মিনকালেও তেনে পৰিস্থিতিৰ সন্মুখীন হৈ নোপোৱা মই কি ক’ম নে কৰিম একো বুজি পোৱা নাছিলো , মোৰ দুগুণ শকত ছোৱালীজনী মোৰ বুকুৰ মাজত এজনী সৰু ছোৱালীৰদৰেই সোমাই পৰিল , মাকৰ বুকুত পোৱা সমস্ত আশ্বাস দিবলে চেষ্টা কৰিও যেন বিফল হৈছিলো । মাথোঁ মাৰ দৰেই তাইৰ চুলিৰ মাজেৰে আঙুলি ফুৰাই থাকিলো তাই শান্ত নোহোৱালৈকে । কান্দি কান্দি ভাগৰি পৰিছিল ছোৱালীজনী , বহুত চেষ্টাৰে তাইক তললে আহিবলে সৈমান কৰিছিলো , একো নকয় সুধিলে , মুখত অনবৰতে দৃঢ়তা থকা আৰু বুকুত আত্মবিশ্বাসে ভৰি থকা ছোৱালীজনী ভাগি পৰিছিল একেবাৰে , অৱশেষত নামি আহিছিল , পিছে কাকো যেন নকঁও সেই শপত দিবলেও পাহৰা নাছিল । তাইৰ ৰূমমেট নীলিমা বা প্ৰায়ে হোষ্টেলত নাথাকিছিলেই , তেতিয়াও নাছিল , সন্ধিয়া প্ৰত্যেকেই ব্যস্ত নিজৰ নিজৰ ৰূমত , তাতে পৰীক্ষা । তাইক অকলে এৰিবৰ মন নগ’ল , ডিম্পীবাক কৈ তাইৰ ৰূমতে থাকিলো ভাত খোৱাৰ আগলৈকে , সুধিলেও একো নকয় , নামতেও মাথোঁ কান্দিছে আৰু কান্দিছে । মইও একো নোকোৱাকৈ মনে মনে বহি থাকিলো , তাইৰ ৰূমত থৈ দিয়া আইনা ফণীযোৰযে আকৌ ঘুৰাবলে যোৱাৰে ইংগিত তাকে বুজি পাই আইনাখনকে চাই চাই পৰীক্ষাৰ কথা ভাবি বহি থাকিলো বহুপৰ ।

উচুপি উচুপি টোপনি যোৱা ছোৱালীজনীক চাই চাই কথাবোৰ জুকিয়াবলে যত্ন কৰিলো কি হ’ব পাৰে , কি ভাবিছিলো কি হ’ল কথাবোৰ ! আগদিনা দেখি অহা গভীৰ চকুহালি , যিহালি চকুৱে মোৰ মন মগজুত থিতাপি লৈছিল , তাইক সেই চকুহালিৰ কথা ক’ম বুলি ভাবি থাকোঁতেইচোন কথাবোৰ ওলোটাহে হ’ল , চকুৰ চিন্তা বাদ দি মই তাইৰ চকুপানীৰহে চিন্তা কৰিবলগীয়া হ’ল , ইফালে পৰীক্ষা দুদিনৰ পিছত , মোৰ বাৰু হৈ যাব পিছে তাই এইগতিত পৰীক্ষা দিব কেনেকৈ ? এইবোৰ ভাবি থাকোঁতেই বেচেৰীয়ে সাৰ পালে , অলপ প্ৰকৃতিস্থ হোৱা যেন লাগিল তাইক , মইও একো নোসোধাকৈ চাই ৰ’লো আইনাখনলে …. কোন মুহুৰ্তত পলিথিনত ভৰাই মোৰ হাততে থেকেচা মাৰি দিয়ে তাকে চিন্তা কৰি । পিছে মই ভবাৰদৰে একো নহ’ল , সৰুকৈ চেঁপা মাতেৰে কৈ উঠিল তাই সাক্ষী হোৱা ঘটনাবোৰৰ কথা । ৰাসৰ দিনা তাইৰ হাতত কেনেদৰে তাইৰ প্ৰেমিকৰ পাৰ্ছটোত দেখিছিল বেলেগ কাৰোবাৰ ফটো , ফটোখনৰ কথা সুধিলত তাইক কি কৈছিল , কিয় তাই হ’বলগা হৈছিল তেঁওৰ দ্বিতীয় প্ৰেম ইত্যাদি । কথাবোৰ সাধাৰণ আছিল যদিও সাধাৰণকে ল’ব পৰা নাছিল তাই , মইও বুজাব জনা নাছিলো একোকে , তেনেকুৱা পৰিস্থিতিতযে পৰাই নাই আগতে । তাই নামানে একো , নুবুজে একো , বুজিবলেও চেষ্টা নকৰে , প্ৰথম প্ৰেমে কৰা অৱমাননা সহজকে ল’বলে ইমানো সহজ নাছিল পৰিস্থিতিটো । কেনেকৈ সহ্য কৰিব পাৰে বেলেগক জলাবলে তাইৰ লগত প্ৰেম কৰা বুলি সহজকে ক’ব পৰা তাই সমস্ত আৱেগেৰে ভালপোৱা ল’ৰাজনে একেবাৰে সহজকে কৈ দিব পৰা কথাবোৰ । সহজকে ল’ব পৰা নাছিলো মইও , সহজ হ’ব পৰা নাছিলোও । কথাবোৰ ভাবি তাইৰ লগতে মোৰো পঢ়া নহ’ল সেইৰাতি , কথাৰে বান্ধিব পৰা ছোৱালী তাই , কাকো নক’বলে মুখেৰে নক’লেও চকুৰ ভাষা এপলকতে বুজি পালো মই সিদিনা । ( আজি কৈ দিলো দেই বেয়া নাপাবি , পেটত কথা নৰ’ল , পৰীক্ষাত কমকে পোৱা ১০ % মান তোৰ কাৰণেই কম পালো সেইবাৰ , নহ’লে মই পঢ়াত ভালেই আছিলো )

ষ্টাডী লিভ আছিল দুদিন , ৰূমত খাবলে কিবা আনিবলে ওলাই গ’লো তিৰুৰ লগত পৰীক্ষাৰ আগদিনা , ভৰদুপৰীয়া চ’ত মাহৰ চৌফলীয়া ৰ’দ ইফালে , তিৰুক আগৰাতিৰ ঘটনাটো ক’বলে বৰকে মন আছিল যদিও জীনাক্ষিৰ কথা ভাবি একো নক’লো , এনেইও দুয়োজনীৰ মাজত মোক লৈ অলপ পেটা পেটি আছিলেই আৰম্ভণিৰেপৰা । এজনীয়েও ভাগ কৰিব বিচৰা নাছিল মোৰ বন্ধুত্ব আনজনীৰ লগত , দুয়োজনীৰ একক অধিকাৰ যেন মোৰ ওপৰত , পিছে মনত যি থাকিলেও মুখেৰে এজনীয়েও আনজনীৰ আগত একো প্ৰকাশ নকৰে কিন্তু সিহঁতৰ আওপকীয়া কথা কামত বুজি পাঁও সকলো , মোৰ কুৰ্চুতীয়া মনটোৱে পিছে বৰ উপভোগ কৰোঁ দুয়োজনীৰ বন্ধুত্বৰ আব্দাৰ । তিৰুৰ আগত একো নক’লো যদিও তাইৰ লগত ওলাই গৈ মনটো পাতল লাগি গ’ল , মৰমী আৰু আজলী বান্ধৱীৰ মৰমৰ আব্দাৰত যে পাহৰি যোৱা যায় মনৰ কষ্ট ভালকৈয়ে অনুভৱ কৰিলো । পিছে AT 9 ৰ সন্মুখ পালেগৈয়ে আমি একেবাৰে নিমাখিত হৈ যাঁও , সিদিনা সেই দুপৰীয়া ৰ’দখনত কাকো বাহিৰত নেদেখি পিছে অকণো নাৰ্ভাছ নোহোৱাকৈ আগবাঢ়িলো যদিও হোষ্টেলৰ আগৰ পুলটোৰ দুয়োপাৰে চিনাকি কেইজনমানক বহি থকা দেখি অলপ নাৰ্ভাছো হ’লো , চিনাকি যদিও তেতিয়ালৈকে ভালকে কথা পাতিব পৰা নাছিলো , পিছে ৰাসৰ বকাসুৰ ভাঁও লোৱা কবিনদাক দেখি ফিছকে হাঁহি উঠি গ’ল বকাসুৰৰ ভাঁৱত দাদাক কল্পনা কৰি । লগত টিকে দাহঁতো আছিল হ’বপাই । আমাৰ আগে আগে দুগৰাকীমান চিনিয়ৰ বা আছিল , বাহঁত পাৰ হৈ যাঁওতে একো নোজোকোৱা দেখি ভালেই লাগিল , আমিও নিশ্চিন্তমনে পাৰ হৈ যাব পাৰিম বুলি ভাবি । পিছে তেঁওলোক পাৰ হোৱাৰ ঠিক পাছতে কি কৰে AT 9 বাসীকেইজনে ? গোটেইকেইজন চোন বহাৰ পৰা ঘপহকে উঠি চ্যেলুট মাৰি একদম স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত গোৱাৰদৰেই একেস্বৰে গাই উঠিল ………

” জনগণমন অধিনায়ক জয়হে ভাৰত ভাগ্য বিধাতা ……. “

হাঁহিমনে ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাই থকাতে থিয় দি থাকিম এজনীয়েও ধৰিব নোৱাৰিলো , পিছে আমাৰ আগত যোৱা বাকেইগৰাকীৰ খোজৰ গতিবেগ বাঢ়ি গ’ল , আমাৰো খোজ খৰ হ’ল , ৫২ ছেকেণ্ডৰ জনগণমন চলি থাকিল আমি পাৰ হৈ নোযোৱালৈকে ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩২

( মোক অফুৰন্ত মানসিক সুখ দিয়া মৰমৰ পাঠকসকল , কালি ৰাসৰ কথা লিখি থাকোঁতে ২০১৪ চনৰ কথা এটা মনত পৰি বৰ হাঁহি উঠিল , আপোনলোকৰ লগত ভগাই ল’ব খুজিছো বৰ আন্তৰিকতাৰে । ২০১৪ চনত দাধৰাৰ জয়ন্ত জিনকে আদি কৰি কেইজনমান উদ্যমী যুৱকে মিছামৰা আঞ্চলিক ৰাস অনুষ্ঠিত কৰিছিল , সেই ৰাসত মই দৈৱকীৰ ভাৱত অভিনয় কৰিছিলো , সেইয়াই মঞ্চত অন্তিমবাৰ উঠা অভিনয়ৰ বাবে । তেতিয়া মোৰ বিয়া হোৱা সাতবছৰ উকলিছিল আৰু অামাৰ জীয়ৰী গুণগুণ পাঁচবছৰীয়া আছিল , পিছে ভগৱানৰ কৃপাত তেতিয়ালৈকে মেদবহুলতাই শৰীৰত দেখা দিয়া নাছিল বাবেই দৈৱকীৰ ভাৱৰ বাবে একদম উপযোগীয়েই আছিলো । সাজে পোছাকে , মেক আপে , অভিনয়ে হয়তো ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলে অলপ সফল হৈছিলোও , আৰু মোক ওচৰৰ পাজৰৰ মানুহখিনিৰ বাদে অইন দৰ্শকে বিবাহিত বুলিও ভবা নাছিল , কাৰণ আমাৰ গাঁৱলীয়া অঞ্চলত বিবাহিত সকল সাধাৰণতে বহুত ক্ষেত্ৰত বাদ পৰি যায় , মই দৈৱকীৰ বিলাপ যিমানে টানিছো মঞ্চত তাৰ দুগুণ জোৰেৰে দৰ্শকৰ শাৰীৰপৰা ছোৱালীয়ে বিলাপ জুৰিছিল , কংসৰূপী জয়ন্তক মাৰিবলে দাদাহঁতক চিঞৰি চিঞৰি কোৱা মঞ্চৰ ওপৰৰ পৰাই কাণ উনাই থকা দৈৱকীৰূপী মই মাকে শুনিও আছিলো । পিছে যথাসময়ত দৈৱকীয়ে নিজৰ অভিনয় শেষ কৰি লৰালৰিকে গ্ৰীণৰূমলে বুলি কাপোৰ সলাবলে গ’লো , ইফালে পুহমহীয়া মৰ ঠাণ্ডা , কাপোৰ সলাবলে যাঁওতেই অকণমান বয়সীয়া মানুহ এজনে মোক আগভেটি ধৰিলেগৈ আৰু অভিনয়ৰ বৰ প্ৰশংসা কৰাৰ লগতে তেঁওলোকে পাতিবলগীয়া ৰাসতো দৈৱকীৰ অভিনয় কৰিবলে প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে মোৰ পঢ়া শুনা চাকৰি ঘৰ আদিৰ খা খবৰ কৰিলে । মইও ঠাণ্ডাতে কঁপি কঁপি যিমান পাৰোঁ তেঁওৰ কথাৰ উত্তৰ দি গ’লো , দেউতাক তেখেতে ভালকৈ চিনি পাই আৰু খুব সোনকালে দেউতাৰ ওচৰলে অহাৰ কথা ক’লে । লগতে মোৰ অলপ বেছি কাষলে আহি ঠিক কাণৰ কাষে কাষেই সুধিলে মই নিজৰ ফালৰপৰা কাৰোবাৰ লগত ঠিক ঠাক কৰি থৈছোনেকি বুলি ? আজিকালি যে ঘৰত সোধাৰ আগতে ল’ৰা ছোৱালীক সুধি ল’ব লাগে সেইটোও বুজাই দিলে । তেঁওৰ নিজৰ খুলশালীয়েকৰ কাৰণে যে মোৰদৰেই ছোৱালী এজনী বিচাৰি আছে সেইটো ও কৈয়েই পেলালে । উৰহী গছৰ ওৰ বোলো তেতিয়াহে ওলাল । মানুহজনৰ লগত অকণমান ধেমালি কৰোঁ বুলি কিবা এটা ক’ব খোজোতেই পিছে দৰ্শকৰ শাৰীৰপৰা ৰাউচি জুৰি থকা মোৰ জীয়ৰীক বৌৱে আনি মোৰ কোঁচত তুলি দিলেহি , মানুহজনকো চাব লগীয়া হৈছিল , পিছে মোৰ মনতহে দুখ অকণ থাকি গ’ল , যিমান হ’লেও মঞ্চত দেখিয়েই বিয়াৰ প্ৰস্তাৱ দিবলে অহা ভিনিহিজনৰ লগত ভালদৰে চিনাকি হ’বলেও নেপালো পেনেৰী জীয়ৰীৰ বাবেই )

ৰাসৰ প্ৰেক্টিচলে যদিও যোৱা নাছিলো , ৰাসখন পিছে মোৰ চকুৰ আগতে চলি থকা যেন লাগিছিল , পিছে ৰাসৰ সমানে পৰীক্ষাও আহি আছিল আৰু তাতকৈও আগত আহি আছিল ছুকুবাৰ বিয়া । বিয়া বুলি মোৰ অকণমান ব্যস্ততাও বাঢ়ি গৈছিল , মোৰ লগত বজাৰ সমাৰ কৰাকে আদি কৰি মোৰ মেক আপলৈকে সকলোতে দূবৰি মোৰ ছাঁৰদৰেই থাকিল , ছুকুবালে কিনিবলীয়া বিন্দীটোলৈকে তাইহে ঠিক কৰি দিছিল , লগতে পঢ়াৰ সকলোখিনি যাতে নিয়মীয়াকে কৰিব পাৰোঁ তাৰবাবেও তাই সতৰ্কতাৰে মোক সঁকিয়াই থাকিল । ফাকুৱাৰ পিছতে মই ঘৰলে গ’লো , ঘৰলে যোৱাৰ দিনা সঁচাই মনটো বৰ দুখ লাগি আছিল , সহোদৰী বান্ধৱীৰ জীয়ৰী জীৱনৰ শেষ দিনকেইটা কেনেকুৱা লাগি আছিল মই একো বুজিবই পৰা নাছিলো , বাৰে বাৰে কেৱল আমাৰ প্ৰতিটো মুহুৰ্তৰ কথাই মোক আমনি কৰি গ’ল । অকলে বাছত গ’লে মই প্ৰায়ে খিৰিকিৰ কাষৰ চিটটো লঁও , খিৰিকিৰে বাছৰ বাহিৰৰ পৃথিৱীখন চাই চাই আপোনভোলা হৈ গৈ ভাল পাঁও , গছবোৰৰ ওভোটা দৌৰ প্ৰতিযোগিতাখন উপভোগ কৰি মনে মনে গৈ থাকি ভাল পাঁও । সাধাৰণতে সকলোধৰণৰ সহযাত্ৰীৰ লগত কথা নাপাতোঁ , পিছে বিপৰীতপক্ষই আৰম্ভ কৰিলে বেয়াও নালাগে । সেইবাৰো মোৰ কাষত এজন বয়স্ক ব্যক্তি বহি গৈছিল , সোণাপুৰ পাৰ হৈ যোৱাৰ পিছত তেঁওৰো হয়তো আমনি লাগিছিল তেনেকৈ গৈ , লাহে লাহে মোৰ লগত এটা দুটা কথাও পাতি গ’ল , মোৰো বেয়া নালাগিল অৱশ্যে । পিছে তেখেতৰ এটা ৰসাল প্ৰশ্ন মনত ৰৈ গ’ল সদায়ে , তেখেতে মোৰ ঘৰৰ খা খবৰ সুধি কোন কোন আছে সোধাত মইও মা দেউতা , দাদা বা আৰু ভাইটিৰ কথা ক’লো , মানুহজনে কিনো ভাবি জানো হঠাতে মোক সুধিলে বোলে বা ডাঙৰ নে তুমি ডাঙৰ , মোৰো সহজ উত্তৰ ‘ বা ‘ । পিছে মানুহজনে নিজৰ ভুল বুজি নিজেই হাহাকৈ হাঁহিবলে ধৰাতহে মইও ধৰিব পাৰিছিলো অাচল কথাটো আৰু দুয়োজনে লগ হৈ হাঁহিছিলো , পিছত গোটেই বাটছোৱা তেখেতৰ লগত তত্বগধুৰ কথা পাতি গৈ ভালেই লাগিছিল অৱশ্যে , দুবছৰৰ আগত তেখেতে ইহলীলা সম্বৰণ কৰাৰ আগলৈকে প্ৰায়ে টেলিফোনিক বাৰ্তালাপ হৈ আছিল , তেখেতেও সেই কথাটো কৈ বৰ আমোদ পাইছিল ।

বাৰ বিয়া বৰ ভালকৈ হৈ গৈছিল , ভিনদেউৰ নামৰ সেন্দুৰখিনি কঁপালত আঁকি দিঁওতে সহজকে ল’ব পৰা নাছিলো , বুকুখন উদং হৈ গৈছিল একেবাৰে , ঘৰৰ জেউতি অকণ যেন কমি গৈছিল তাই ওলাই যোৱাৰ পিছত । পিছে বিয়াৰ হাজাৰ ব্যস্ততাৰ মাজতো ঘনে ঘনে মনত পৰিছিল হেঁপাহৰ জালুকবাৰীলে , মৰমৰ হোষ্টেলটোলে , বুকুত থিতাপি লোৱা মুখবোৰে , প্ৰাণৰ ৰেইনট্ৰিজোপালে । আয়তীৰ জাত জাত বিয়ানামবোৰত জীয়ৰী জীৱনটোৰ কাহিনীবোৰে প্ৰাণ পাই উঠিছিল , বুকু শুদা কৰি যাবলে ওলোৱা প্ৰাণৰ সহোদৰী জনীক বিয়ানামবোৰে যেতিয়া কন্দুৱাইছিল আমিও ভাগি পৰিছিলো তেনেই , এইয়া যে নতুন জীৱন , পুৰণিক সাঙুৰি ৰাখিব পৰাকে নতুন সম্পৰ্কৰ আৰম্ভণি । মা দেউতাই আমাক হোষ্টেললে উলিয়াই পঠাঁওতেই বিয়া দিয়াৰদৰে উলিয়াই দিছো বুলি হাজাৰবাৰ ধেমেলীয়াকে ক’লেও সেই বিদায় আৰু এই বিদায়ৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল , জোঁৱাইক গতাই মনটোক আশ্বাস দিছিল যদিও বুকু দহি গৈছিল জীয়ৰীক বিদায় দি । মাৰ দুখ আছিল জীয়ৰীহঁত মেট্ৰিক দিয়াৰে পিছৰপৰা লগত নথকাৰ বাবে , দুখ লাগিছিল বিয়া হ’বলেও বেলেগৰ বিয়া খাবলে যোৱাৰদৰেহে হৈছিল বাবে , দুখ আছিল জীয়েকহঁতৰ লগত সময় কটাবলে নাপাই , বেছি দুখ লাগিছিল তেতিয়া যেতিয়া বাৰ বিয়াৰ পিছত মোক বাছত উঠাবলে আহিছিল , সেই চলচলীয়া চকুযুৰি এতিয়াও ৰৈ থাকে হেঁপাহেৰে আমাৰ সুখেভৰা মুখবোৰ চাবলে ।

জালুকবাৰীৰ কি অদ্ভুত আকৰ্ষণ ! মাত্ৰ দহদিন নাথাকোঁতেই ৰূপ সলাইছিল জালুকবাৰীয়ে , নতুনকে দেখাৰদৰে লাগিছিল মোৰ সেউজীয়া পৃথিৱীখন , মাৰ্কেট খন আৰু ৰঙীয়াল হৈছিল , মুখবোৰৰ লগতে হাঁহিবোৰৰ নামবোৰো চিনাকি হৈছিল , মাৰ্কেটত লগ পোৱা সকলোৰে লগত হাঁহি মাৰি কথা পাতি যাব পৰা হৈছিলো , ঠিক বায়ে আঁঠমঙলা খাবলে আহোঁতে যিদৰে চুবুৰীয়া খুৰী , বৌহঁতৰ লগত কথা পাতিছিলহি এটা নতুন সাজেৰে । জালুকবাৰীখনেও নতুন সাজেৰে সাজিছিল , লঠঙা হোৱা সোণাৰু , কৃষ্ণচূড়াবোৰে অকণ অকণ কুঁহিপাতৰ সেউজীয়া ৰহণ বোলাইছিল ডালে পাতে , সেউজে ভৰুণ হোৱা ডালবোৰৰ ঠানিবোৰত জান নেজান , দেখ নেদেখকে ওলাইছিল অকণ অকণ ন কোঁহ , কোঁহৰ আগবোৰ কোনোটো হালধীয়া কোনোটো ঈষৎ ৰঙা । মাৰ্কেটৰপৰাই চাইছিলো বৰ হেঁপাহেৰে আবেলি শুই পৰা ৰেইনট্ৰিজোপা , অনন্য সুন্দৰ লাগিছিল দূৰৈৰপৰা , গছজোপাৰ কিবা মোহনী আছিল , তাতে ডাঠ সেউজীয়া পাতবোৰৰ মাজে মাজে গোলাপী ৰাগি লাগিছিল , গছজোপা গুলপীয়া ফুলবোৰেৰে জাপ পাতি জকমকাই আছিল । বহুদিন যেন দেখাই নাছিলো , মই যোৱাৰ আগৰেপৰাই অকণ অকণ ফুলিবলে লৈছিল যদিও এনেদৰে হেঁপাহেৰে চাই যোৱা নাছিলো , এনেদৰে ভৰুণ গছজোপা দূৰৈৰ পৰা দেখা নাছিলো , মাৰ্কেটৰ আঁহতজোপাও কোমল সেউজ পাতেৰে সেউজী হৈছিল নতুন আশা লৈ , জালুকবাৰী যৌৱনমতী হ’বলে ওলাইছিল , মৰমপিয়াসী বুকুবোৰত ঠন ধৰি উঠিছিল ন ন হেঁপাহে ।

সিদিনা AT 9 বাসীক দেখি অলপো অসহজ লগা নাছিল পিছে , বৰ আন্তৰিকতাৰে মাত লগাব পাৰিছিলো চিনাকি মুখবোৰক । তাতে এখন অচিনাকি মুখ দেখিছিলো সিদিনা , এযোৰ গভীৰ চকু , প্ৰেমত পৰিব পৰা আকুল চকু । পিছে চকুযোৰে মোক চালেনে নাচালে ধৰিব নোৱাৰিলো , কৰুণ চকুযুৰি কেইবাযোৰো চকুৰ লগত মিলি গ’ল , ডিম্পী বা , শ্যাম , ভাইটিহঁতৰ চকুৰ লগত একাকাৰ হৈ গ’ল , একেই আৱেগ , একেই কাৰুণ্যতা । চকুত সপোন তুলি দিব পৰা চকুযুৰিত কোনোদিন চকু থৈ নাপালেও বুকুত কঢ়িয়াই লৈ ফুৰিব পৰা বিধৰ আছিল । ( শাৰীৰিক আৰু মানসিক অৱসাদৰ ফলত আজি লিখিবলে লোৱা কথাখিনি আধৰুৱা হৈ ৰ’ল )

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩১

সময়ৰ লগত আমিও সমানে খোজ মিলাইছিলো , ঘড়ীৰ কাঁটাৰ লগত সমানে ফেৰ মাৰিব নোৱাৰিলেও সময়ৰ অপচয় কৰা নাছিলো , সেইবাৰ ছেশ্যনেল আগৰবাৰতকে ভাল হ’ল যথেষ্ট , পিছে চেমিনাৰ আৰু এচাইনমেণ্টৰ বাবেহে অলপ চিন্তা লাগিল , স্মৃতি সাহিত্যৰ ওপৰত এচাইনমেণ্ট দিছিল এন. আৰ. এছ. চাৰে । আৰু চেমিনাৰ পৰিছিল চম্পকৰ লগত , সেই বিশাল জ্ঞানসাগৰ লাইব্ৰেৰীত দুয়োটা বিষয়ৰে কিতাপ বিচাৰি উলিওৱাটো দুৰূহ আছিল , তাতে দূবৰিৰ আকৌ নিৰুক্তৰ কিবা বিষয় আছিল , দুয়োজনীৰে বিষয় বেলেগ বেলেগ হোৱাত আমাৰ অসুবিধাও হৈছিল । আমি দুয়োজনীয়ে আগৰে পৰাই একেলগে পঢ়িছিলো প্ৰায় সকলোবোৰ , সেইবাৰ সেয়েহে অসুবিধা পাইছিলো , কিতাপৰ পোক নহ’লেও পঢ়াৰ ক্ষেত্ৰত দূবৰি যথেষ্ট সাৱধান , প্ৰতিটো কথাই খৰচি মাৰি পঢ়ে । সেইখিনিতে আমাৰ অমিল , ফলত বহু সময়ত দূবৰিৰ সহায় ল’ব লগা হয় আৰু তাই বুজাই দিলে অলপ ভালকে বুজি পোৱাৰ দৰেও লাগে । পিছে বুজাইছিলনো ক’ত ? বুজোৱাৰ পিছত বেছিভাগ দমহে দিছিল বাৰু , তাতে যদি কেনেবাকে টোপনি খতি কৰাঁও তেতিয়াটো হ’লেই আৰু । নিদিয়াৰ কথাও নাছিল কাৰণ ডিপাৰ্টমেণ্টত থাকোঁতে বা আজৰি সময়ত পঢ়াৰ কথা কেতিয়াও নুলিয়াও ,পলিৰ ভাষাত বেয়া কথা ভাল সময়ত নাপাতিছিলো । ( তাই নিজেই ভীষণ চিৰিয়াছ কিন্তু ) তাতে ডিপাৰ্টমেণ্টত সোমোৱাৰপৰাই ক্লাছৰ খতিয়েই নাছিল মাজৰ আধাঘণ্টীয়া ব্ৰেকটোৰ বাহিৰে । ইফালে ব্ৰেকত আমি মেলেকীবোৰে মেল মৰাত অলপো বেয়া নাছিলো , তাৰ মাজতে আকৌ চাহমেল আছিলেই । তাতে দূবৰি মই কল্প টিকু সঞ্জীৱ গোটেইকেইটা লগ হ’লে আৰু কোনে পায় ? আকৌ আমাৰ লগত তাল মান মিলাই আমাৰ বাকী ৫৫ টা বন্ধু বান্ধৱৰ কোনোবা থাকেই ।

আমাৰ ডিপাৰ্টমেণ্টৰ কাষেৰে যোৱা ৰাস্তাটোতে সোঁফালে আছিল এম.বি.এ. বিভাগ , এই বিভাগৰ ল’ৰা ছোৱালীবোৰৰ লগত বিশেষ বন্ধুত্বও নাছিল আমাৰ , তেওঁলোকৰ ছেশ্যন আমাৰ লগত নিমিলাৰ বাবেই সেই ব্যৱধান আছিল , তাৰে মাজত অৱশ্যে টুটুৰ লগত ভাল বন্ধুত্ব আছিল , এতিয়াও আছে তাতে তাই দূবৰিৰ হোষ্টেলৰে আছিল । য়ুনিভাৰ্ছিটিৰ বাকীবোৰ বিভাগৰ তুলনাত অকলশৰীয়া এই বিভাগটো যথেষ্ট পৰিপাটী আছিল , ক’ৰ্ছৰ খৰচটোও আমাৰ বোৰৰ তুলনাত বেছি আছিল , ল’ৰা ছোৱালীবোৰো অলপ বেলেগে অাছিল , য়ুনিভাৰ্ছিটিৰ বাকী বিভাগবোৰৰ পৰা সম্পূৰ্ণ পৃথক আছিল তেতিয়া । এই ডিপাৰ্টমেণ্টটোৰ ঠিক পোনে পোনেই আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পিছফালে থকা সেই ফুলৰা চতলা হেন শিলকেইটাৰ কাষতে তেতিয়া এখন নতুন কেণ্টিন খুলিছিল , ফেকাল্টি কেণ্টিন , তাৰ দামবোৰো অলপ বেছি । আমি সাধাৰণতে আমাৰ ডাঙৰ কেণ্টিনখনতে খাইছিলো যদিও মাজে মাজে হাতত পইচা বেছি থাকিলে নতুন কেণ্টিনখনতো খাবলে গৈছিলো মাহৰ শেষত পকেট মানি বচাব পাৰিলে নহ’লে মাহৰ আৰম্ভণিতে ঘৰৰ পৰা পইচা পঠোৱাৰ পিছতে ।

ডিপাৰ্টমেণ্টৰ কাষেৰে ফেকাল্টি কেণ্টিনলে যোৱা বাটটো

এদিন নতুন ফেকাল্টি কেণ্টিনত খাবলে যাঁওতে আমাৰ কটনিয়ান বান্ধৱী শিশুৰদৰে সহজ সৰল , আজলী , মৰম লগা পিকলিও গৈছিল , তাৰ চোলে পৰাঠা আৰু চাওমিন বৰ ভাল লাগে খাই , আমাৰ সমুখৰ টেবুলখনতে পিকলিহঁতো বহিছিল চাওমিন খাবলে বুলি । আমাৰ অৰ্ডাৰ আহি পোৱাৰ আগতেই পিকলিহঁতৰ চাওমিন মুখৰ আগত হাজিৰ , হাঁহিৰে সৰগ নমাব পৰা ছোৱালীজনীয়ে আমাৰ লগত কথা পাতি পাতি চাওমিনৰ প্লেটত বাকীবলে বুলি চচৰ বটলটো লৈ লাহেকৈ টিপা মাৰি দিলে থোপোকা ৰঙা বটলটোৰ পেটতে , পিছে পেট গেৰেলা চচৰ বটলটো কম আছিল হ’ব পাই ? পিকলিৰ ইচ্ছাৰ বিপৰীতে পেটুৱা বটলৰ মুখে তাইৰ প্লেটৰ ঠাইত কাষৰ টেবুলত বহি থকা এম.বি.এ. ডিপাৰ্টমেণ্টৰ বেছ হেণ্ডচাম ল’ৰা এটাৰ মূৰত একদম হলহলাই দিলে বটিয়াই …… কথা বিষম দেখি হাঁহো নে কান্দো অৱস্থা আমাৰ পিকলি আইটিৰ , ইফালে ঘটনা প্ৰত্যক্ষ কৰি থকা কেণ্টিনত থকা সকলোৱে বেছ মজা পালে আৰু হাঁহিত উৰি যাঁও যাঁও হ’ল কেণ্টিনৰ অৱস্থা , আমাৰ পিকলি আইটিয়েও হাঁহি হাঁহি যিটো ঢঙত চ’ৰী বুলিলেগে , বপুৰাৰ খং উঠক চাৰি মৰমহে লাগিলে ছাগে বেচেৰীজনীলে । গোটেই ঘটনাটো দেখি তাহানিতে মইনা পাৰিজাত ত কৰা একক অভিনয় এটাৰ কথা মনত পৰি মইও বেছ হাঁহিলো । মইনা পাৰিজাতত থাকোঁতে মইনাৰ মেলবোৰত বহুতো কৰিছিলো কিবাকিবি তাৰে মাজত আছিল সেই বিশেষ একক অভিনয়টো , পেট বিষ হোৱাত ডাক্তৰক গৈ এজন ৰোগীয়ে বিভিন্নধৰণে ক’ব লগা অভিনয়টোত কেতিয়াবা কান্দি কান্দি আকৌ কেতিয়াবা হাঁহি হাঁহি , পেটত ধৰি ডাক্তৰক গৈ ক’ব লাগে….

” ডাক্তৰ ডাক্তৰ পেট বিষ ….” ডাক্তৰেও হাঁহি হাঁহিয়েই উত্তৰ দিব লাগে কি হৈছে …..”।

এইটো হোষ্টেলৰ চিনাকি পৰ্বত আৰু ডিপাৰ্টমেণ্ট ত কেইবাবাৰো কৰিছো বাবেই ছাগে গোটেই ঘটনাটো প্ৰত্যক্ষভাৱে দেখি ভাল ৰগৰ কৰিছিলো । কিযে নিষ্পাপ আছিল সেই হাঁহিবোৰ , সেই নিৰ্দোষ ধেমালিবোৰ । সিদিনাৰ কেণ্টিনৰ পিকলিৰ ক্ষমা খোজা ধৰণটোও ঠিক তেনেকুৱাই আছিল ,পিকলি আজিও তেনেকুৱাই , একেই শিশুমতীয়া ।

পাৰ হৈছিল সুখে ভৰা দিনবোৰ লাহে লাহে , সকলোতে প্ৰায় খাপ খাই পৰিছিলোৱেই , চেশ্যনেল আৰু চেমিনাৰ হৈ যোৱাৰ পিছত অলপ আজৰি আজৰি লাগিছিল । তাৰ মাজতেই আকৌ আবতৰীয়া ৰাস উদযাপন কৰিবলে লৈছিল বিশ্ব বিদ্যালয় আইন মহাবিদ্যালয়ে শান্তনু গগৈদা আৰু AT 9 ৰ আশাশুধীয়া প্ৰচেষ্টাত ( বিশ্ব বিদ্যালয় ছাত্ৰ সভাৰ পূৰ্ণ সহযোগত ) । আমাৰ কেম্পাছৰ RCC 5 ৰ লগতে আমাৰ হোষ্টেল আৰু AT 10 , AT 4 girls hall হোষ্টেললেও খবৰ পঠিয়ালে গোপী বিচাৰি , আমাকো ক’লে আমাৰ চিনিয়ৰে আৰু সেইদিনাই গধূলিলে আমাক প্ৰেক্টিচলে লৈ যোৱাৰ কথাও ক’লে । বিশেষ মন নাছিল যদিও আমাৰ লগৰ সকলোৱে চিনিয়ৰৰ গধূলি গধূলি চিনিয়ৰগিৰিৰ পৰা বাচিব বুলিয়েই একে আষাৰেই মান্তি হ’ল , তাতে মোৰ লগৰ শিৱাণীয়ে দৈৱকীৰ ভাও লোৱা গম পাই মইও না ক’বলে মন নগ’ল , তাতে ৰাতি জালুকবাৰীলে ওলাবলে পালে বেয়াও নালাগে । পিছে ছুকুবাৰ বিয়াৰ বাবে ঘৰলে যাম বাবে ৰাসৰ প্ৰেক্টিচত থাকিব নোৱাৰিম বাবেই প্ৰথমদিনাই গৈ আৰু মোৰ যোৱা নহ’ল , গৈ কিন্তু বেয়া লগা নাছিল , গাঁৱৰ ৰাসত সততে দৈৱকীৰ ভাঁও লঁও বাবে য়ুনিভাৰ্ছিটিৰ ৰাসত এবাৰলে গোপী হৈ নাচিবলে খুবেই মন থাকি গ’ল । আমাৰ শকত অাৱত থোপোকা জীনাক্ষিয়েই ৰাসত যশোদাৰ ভাও ল’লে , তাইক দেখিয়েই ছাগে শান্তনুদাহঁতে যশোদা দিলে ।

ৰাসত বসুদেৱৰ ভাৱত আমাৰ বন্ধু দীপ , পিছে দীপ তেতিয়া বৰ খিনমীন কেটেঙা ল’ৰা আছিল , গতিকেই দীপক বসুদেৱ ভাঁও দিয়াৰ কথাটোত আমাৰো অখজা লাগিছিল , পিছত যেতিয়া দীপক বসুদেৱ দিয়াৰ অংকটো গম পাইছিলো তেতিয়া সঁচাকৈয়ে বৰ ৰস পাইছিলো , বন্ধু দীপে নিজেই কথাটো বৰ ৰগৰ কৰিয়েই কয় । পিছে বিষ্ণুৰ ভাঁও দিবলে বৰ ভাল নিৰ্বাচন কৰিছিল , দিলীপ আছিল বিষ্ণু , দিলীপক বিষ্ণুৰ ভাৱত খাপ খুৱাই চাই সঁচাই আমাৰ নামঘৰৰ ভাওনাৰ সাইলাখ বিষ্ণুৰ চেহেৰাৰ বুলদালে মনত পৰি গ’ল ,চাবলে নাপালো যদিও মনতে সবকে কল্পনা কৰি বৰ ভাল লাগিল । ৰাসৰ প্ৰেক্টিচলে বাকী লগৰীবোৰ গ’লে আমি মুষ্টিমেয় কেইজনীমানহে সন্ধিয়া হোষ্টেলত থাকোঁ , লভিতা তিৰু গীতিমা তুলিকা স্বৰ্ণালী সংগীতা জুন ডালিমী বিজুলী এনেকৈ কেইজনীমান । চিনিয়ৰো বাচকবনীয়া কেইগৰাকীমানহে থাকে , জুনিয়ৰ মূৰত উঠাব পৰা চিনিয়ৰ গোটেইকেইগৰাকী থাকে । তাৰে সোঁৱৰণী ৰূমৰ ৰিমকি বা আৰু আমাৰ জীনা বা থাকে বাবে আমাৰো বৰ ভাল লাগে । দুয়োগৰাকীযে জুনিয়ৰক একেবাৰে মুৰতে উঠোৱা আছিল । সেইকেইদিনত ৰিমকিবাৰ ৰূমত কম অত্যাচাৰ চলালোনে !!

পিছে লেঠা লাগিছিল । ৰাস কৰা কাৰোৰে একো সমস্যা নাছিল , ৰাসত ভাঁও লোৱা গোপীহঁতৰ মনৰ মানুহকেইজনৰহে দিগদাৰ হৈছিল , ৰাসত মৰমীহঁতক নচা ভালপোৱা নাছিল প্ৰেম আকলুৱা হৃদয়কেইখনে । লেঠা লাগিছিল যশোদাৰ ভাঁও লোৱা জীনাক্ষিৰ প্ৰেমিকৰ হৃদয়ত , প্ৰেমিক হৃদয়ে হয়তো বিচৰা নাছিল তেঁওৰ ঠাইত অইন এজন নন্দক , সেয়েহে আৰম্ভ হৈছিল দুয়োৰে মতভেদ , এজনেও নামানে , দুয়ো নিজৰ কথাত অটল । ফলত আৰম্ভ হৈছিল ভাঙোনমুখী সংঘাত প্ৰেমিক পখিযুগলৰ মাজত , বাৰে বাৰে মই হৈছিলো সখিয়তী চৰাইজনী , কেইদিনমান জীনাক্ষিলে ফোন অহাৰ সলনি তাইৰ নামৰ ফোনবোৰ মোলে আহিছিল , মই কাক বুজাঁও পিছে ? বান্ধৱীক নে বান্ধৱীয়ে হিয়া দিয়া প্ৰেমিক বন্ধুক ? বিবুধি পিছে হোৱা নাছিলো অলপো ।

বুজাইছিলো , বিবেকে বুজি পোৱা ধৰণেই বুজাইছিলো দুয়োকে , নিজেই প্ৰেমত কেঁচা যদিও স্কুলীয়া দিনৰেপৰাই আনৰ প্ৰেমৰ সংকটত বেছ ভাল কাউন্সেলৰ আছিলো , তেতিয়া চিঠি লিখা যুগৰ আছিল বাবেই মেকিং লেটাৰ আৰু ব্ৰেকিং লেটাৰ লিখাটো বেছ পাকৈত আছিলো বুলি নাম আছিল । প্ৰেমিকহে নাছিল , প্ৰেম নোহোৱাকেতো থকা নাছিল । গতিকে নোৱাৰাৰ কথা কি আছিল!!

তেনেতে ৰঙৰ মেলা লৈ ফাকুৱা আহিছিল , ফাকুৱা লগাবলে আহিছিল বিভিন্ন হোষ্টেলৰ পৰা , আমাৰ তেতিয়াৰ বন্ধু হোষ্টেল AT 4 boys hall ৰ কোনোবাই ফাকু অকণ ছটিয়াই গৈছিল দূৰৈৰ পৰাই , আমাৰ গালে মুখে নপৰিলেও অন্তৰত বাৰুকৈয়ে ফাকুৰ ৰং লাগিছিল , জীনাক্ষিৰ গাত ছাগে ফাকু লাগিছিল , তাকে গম পাই জীনাক্ষিৰ প্ৰেমিক বন্ধুৰ অন্তৰ দহি গৈছিল , ফলত বাঢ়ি গৈছিল মতানৈক্য । পিছে সম্পৰ্ক বেছি বেয়া নহওক বুলিয়েই নিজকে পাৰ্গত বুলি ভাবি বিশেষ পটুতাৰে দুয়োকে বুজাইছিলো মই । জীনাক্ষিৰ বৰ খং উঠিছিল হ’বলা , খঙতে মোকে জাৰিলে , এদিন প্ৰেক্টিচলে যোৱাৰ আগতে মোৰ ৰূমলে পলিথিন এটাতে আইনা এখনে ফণী এখনে ভৰাই আনি বিচনাতে থেকেচা মাৰি গৰগৰাই কৈ থৈ গ’ল

” দি দিবি আজি তোৰ মৰমৰ ককায়েৰক … কৈ দিবি এনেকুৱা সন্দেহবাদী মানুহ ভাল নেপাঁও বুলি “

কান্দি কান্দি বেচেৰীজনীৰ নাকে মুখে পানী সমান হৈছিল , বিশ্বাসী প্ৰেমিকৰ অবিশ্বাসভৰা কথা সহ্য কৰিব পৰা নাছিল , পিছে জালুকবাৰীৰ প্ৰেমত এইবোৰ তেনেই সৰু কথা , এদিনতে পাহৰিব পৰা কথা । বেচেৰীজনীৰ অৱস্থাটো দেখি দুখ লাগিছিল যদিও তাই ৰূমৰ পৰা ওলাই যোৱাৰ পিছত অকলে অকলে হাঁহিছিলো , উপহাৰৰ টোপোলাত থকা উপহাৰ কেইটা চাই …. আইনা আৰু ফণী … কেতিয়াও নেদেখা প্ৰেমৰ উপহাৰ । তেতিয়া সাধাৰণতে প্ৰেমৰ উপহাৰবোৰ প্ৰেমিকাৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দিছিল যদিও সেইটো আছিল অপূৰ্ব । ধুনীয়া আইনা খন দেখি ৰাখি থ’বলে মন আছিল যদিও মৰমী বান্ধৱীৰ আদেশ শিৰোধাৰ্য কৰি সন্ধ্যাৰ আগে আগে ৰুণু বাইদেউৰ পি চি অ’ৰ পৰা ফোন কৰি দাদাজনক গেইটৰ মুখলে মাতি ঘুৰাই দিছিলো সেই বিশেষ উপহাৰ , প্ৰেমৰ দিনত দিয়া উপহাৰ । তেঁওও খঙত আছিল , বেলেগ কোনো কথা নপতাকৈয়ে লৈ গৈছিল টোপোলাটো , যিটো টোপোলা আকৌ দুদিনমানৰ পিছতে মোৰ হাততে ঘুৰাই দিছিল জীনাক্ষিলে বুলি । জানিছিলোৱেই তেনেকুৱাই হ’ব বুলি , কাৰণ সেই প্ৰেম যে কৃষ্ণচূড়াদেশৰ প্ৰেম , বহুতৰ ভাষাত চেমিষ্টাৰৰ ব্যস্ততাৰদৰেই ব্যস্ত প্ৰেম । সেইকেইদিন যে কি বেদনা আছিল দুয়োৰে … মই অদ্বিতীয় নাছিলো ,মোৰ ৰূমৰ ৰেইনট্ৰিজোপাও আছিল এইবোৰ ঘটনাৰ দ্বিতীয় সাক্ষী , জীনাক্ষিৰ খং উঠিলেই মোৰ ৰূমলে গৈ ঠিকছে বকিছিল , খং এনে পৰ্যায়ত উঠিছিলগে যে তাই চিনিয়ৰবোৰৰ বাহিৰে আৰু কাকোৱেই নামাতিছিল , আনকি মোকো । এইদৰে কেতিয়াবা দুদিনো পাৰ হৈছিল । তাইৰ অভিমান ভাঙিব পৰা অদ্বিতীয় হৈ পৰিছিলো মই , পিছে মোকো কেতিয়াবা কমখন নগুৰ নাকতি নকৰে খঙৰ ভমকত ।

এই ৰেইনট্ৰিজোপা কেৱল জীনাক্ষিৰ দৰদী প্ৰেম কাহিনীৰে সাক্ষী নাছিল , বৰং সাক্ষী আছিল ডিম্পীবা ভৱেনদাৰ বিভিন্ন মান অভিমানভৰা কাহিনীবোৰৰো , অভিমানী দিনবোৰত ডিম্পীবাৰ চকুৰ চকুপানীবোৰৰো আৰু সকলোতকে বেছি মোৰ উদাসী সময়বোৰৰ , জালুকবাৰীৰ প্ৰেমে ধুৱাব নোৱাৰা মোৰ আকুল হিয়াখনৰ ।

ৰাসৰ বিভিন্ন মুহুৰ্ত আৰু নিমন্ত্ৰণী পত্ৰ ও বিষয় ববীয়া , কলা কুশলী সকল । ফটো শান্তনু গগৈদাৰ ৱালৰ পৰা সংগ্ৰহ কৰি দিলে জীনাক্ষি চুতীয়াই । ধন্যবাদ দুয়োকে

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩০

ফাগুন …ফাগুন …. বলিয়া ফাগুন…. অন্তৰত ধুমুহা তুলিব পৰা ফাগুন …… ফাগুন মুঠতে ফাগুন , গছত ফাগুন , বাটত ফাগুন , মনত ফাগুন । তিতি পাইছেনে ফাগুনৰ চিপচিপ বৰষুণজাকত ? পাইছেনে ফাগুনৰ গোন্ধ ? মুখামুখি হৈছেনে হঠাতে ওন্দোলাই অনা ফাগুনী আকাশখনৰ ? চাইছেনে ফাগুনৰ স্নিগ্ধ জোনাক ? নাৰিকলৰ পাতৰ ফাঁকেৰে চাইছেনে কাঁচিজোনৰ হাঁহি ? জোনাক ৰাতি শুনিছেনে আৱেগিক বাঁহীৰ মাত ?শুনিছেনে বাঁহীৰ মাতৰ লগত একাকাৰ হৈ যোৱা বুকু ভাঙি যোৱা কুলি অথৱা কেতেকীৰ মাত ?

তেনেকুৱা এটা ৰাতিয়েই আছিল শিৱৰাতিৰ ঠিক দুদিনমানৰ পিছতেই , আকাশত তেতিয়া কাঁচিজোনৰ ভুমুকি , ছেশ্যনেল পৰীক্ষা সমাগত বাবে আকৌ দুদিনমান চিনাকিপৰ্ব স্থগিত ৰখা হ’ল , ইফালে আমিও লাহে লাহে সকলোৰে লগত মিলিজুলি যোৱাৰ ফলত অলপ বেফিকৰ্ ও হৈ গৈছিলো । ডিম্পীবাও নাছিল , দুদিন জ্বৰ হোৱাৰ পাছত বাৰ বসন্ত ওলাইছিল আৰু বসন্ত ওলোৱাৰ পিছত বাক ঘৰলে লৈ গৈছিলহি । ডিম্পীবা ৰূমত নথকাত বৰ উৰুঙা উৰুঙা লাগিছিল , নিজকে অকলে বিচাৰি ফুৰা ছোৱালীজনী অকলে থাকিব পৰা নাছিলো ৰূমত , ইফালে জুনিয়ৰ হৈ বেলেগৰ ৰূমত টিঘিলঘিলাইও থাকিব নোৱাৰোঁ …. গতিকেই ৰেইনট্ৰিজোপাৰ অকনি অকনি পাতৰ মাজেৰে চাই ৰৈছিলো প্ৰায়ে বাহিৰলে , সেইকেইদিনত ৰাস্তাটো বেছি আপোন হৈ গৈছিল , ৰাস্তাটোৰ লগত নিজৰে মিল পালো , অকলে অথচ সকলোৰে বাবে ব্যস্ত । খিৰিকিখন খুলি দিছিলো , লাহেকে সোমাই আহিছিল এজাক চেঁচা বতাহ , বাহিৰত ৰেইনট্ৰিজোপাৰ পাতৰ হুৰহুৰ শব্দ , বতাহ জাক মতলীয়া হৈছিল , মতলীয়া বতাহ জাক বলিয়া হ’ব খুজিছিল , তেতিয়ালৈকে পিছে বৰষুণ অহা নাছিল , এনেকুৱা সময়বোৰত মোৰ লগৰী হয় লভিতা , জীনাক্ষি অথৱা তিৰু । সিদিনা সেই পুৱতি নিশা জুনিয়ৰ নিষিদ্ধ ছাদখনলে অকলে গৈ অহাৰপৰা দুঃসাহস বাঢ়ি গৈছিলেই , সিদনাও হঠাতে ওন্দোলাই অনা ফাগুনী আকাশখনৰদৰেই মোৰ মনতো দুৰ্বাৰ হেঁপাহ জাগিছিল ওপৰৰ ছাদখনলে যাবলে , অলপ সময় কটাই আহিবলে , মোৰ ৰূমৰ পৰা নেদেখা কাঁচিজোনৰ মন পৰশা সৌন্দৰ্য চাবলে চিৰিলি চিৰিলি নাৰিকল গছৰ পাতৰ ফাঁকেৰে ।

পিছে মোৰ দৰে দুঃসাহস কৰিবলে এজনীও প্ৰস্তুত নহয় বুলি জানো যদিও ক’লো সিহঁতক , জীনাক্ষি এক কথাৰ মানুহ , নীতিবিৰূদ্ধ কাম নকৰে তাই আনহাতে তিৰু একেবাৰেই নতুন । থাকিল লভিতা , কম দিনৰ ভিতৰতে অন্তৰংগ বান্ধৱী হৈ পৰা লভিতালে চোৱাৰ লগে লগেই তাই বুজি পালেই কথাটো , লগেলগে আমি যাবলে ৰেডি , জীনাবাক নজনাবলে লভিতাক মান্তি কৰোৱাই আমি কঁকালত টঙালি বান্ধিলোৱেই । পিছে যোৱা যায় কেনেকে ? সেই সময় একেবাৰেই নিৰাপদ নাছিল , চিনিয়ৰ বহুত থাকে ছাদত তেনে সময়ত , তথাপিও বুকুত বীৰৰ অদম্য সাহস লৈ ওলালো দুইজনী ছাদলৈ বুলি , লভিতাও অলপ মোৰ নিচিনাই , যি হয় হ’ব ধৰণৰ , দুয়োজনীয়েই ” হাথী কা দাঁত … খানে কা এক ঔৰ দিখানে কা এক ” আমি চিনিয়ৰৰ আগত একেবাৰে বিনয়ী ইফালে ভিতৰি মহা গুণ্ডী । পিছে ছাদলে যোৱাৰ ক্ষেত্ৰত মোৰ বৃহস্পতি শনি ৰবি আটাইকেইটা গ্ৰহেই সন্তুষ্ট আছিল হ’বলা , ভাত খাই দুয়োজনী একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে উঠি গ’লো ছাদলে ঠিক মেকু্ৰীৰ দৰেই , অকণো সাৰ সুৰ নোহোৱাকৈয়ে । লভিতা প্ৰথম গৈছিল সেইদিনা , মনভৰি আকাশ চাইছিল , প্ৰাণভৰি উশাহ লৈছিল ফাগুনৰ ।

চিনিয়ৰ কাকো দেখা নাছিলো তেতিয়া , তথাপিও সাৱধানে থাকিলো , হয়তো বতৰটোৰ বাবেই ৰূমতে আছিল সকলো , আমাৰ হোষ্টেলৰ য’ৰপৰা শৰাইঘাটৰ দলং দেখি সেইফালেই নাৰিকল গছ দুজোপামান আছিল , ঠিক 1st block ৰ পোনে পোনে গেইটখনৰ কাষতে , কাঁচি জোনবাইজনীয়ে আমাৰ লগত লুকা ভাকু খেলিবলেকে যেন ৰৈ আছিল নাৰিকল জোপাৰ ইপাৰে , চিৰিলা চিৰিল নাৰিকলৰ পাতবোৰৰ মাজে মাজে কোনোমতেহে দেখা পাঁও আমি , পিছে থাকিবও নোৱাৰি বেছিপৰ , কোনোবাই দেখাৰ ভয় । অৱশ্যে তেতিয়ালৈ মোৰ বুকুৰ ঢুকঢুকনিটো আগতকৈ বহুখিনি পাতলিছিল , আগতে এবাৰ যোৱা জুনিয়ৰ নিষিদ্ধ ঠাইখনলে লভিক প্ৰথমবাৰলে নিবলে পাই নিজকে যথেষ্ট সাহসী যেন লাগিল , তেনেতে দীঘলীয় উকিৰে শৰাইঘাটৰ মাজেৰে এজাক জোনাকী ঝকঝককে পাৰ হৈ গ’ল বুকুত এসোপা সপোন লৈ , ইফালে দূৰৈৰ পাহাৰটোত যেন দীপান্বিতাহে , নিতৌ জলাই তাত পোহৰৰ শলিতা । তেনেতে ফাগুনী বতাহজাক উদভ্ৰান্ত হয় , বিজুলীৰ সৈতে বতাহজাক সোঁ সোঁৱাই ব’বলে ধৰাত দুয়োজনী নামিবলে লওঁতেই চিকমিক বিজুলীত কাৰোবাক দেখি হঠাৎ ভূত দেখাৰ দৰে চক খাই উঠিলো দুয়োজনী । আকৌ বুকুৰ ঢুকঢুকনিটো দপদপাই বাঢ়ি আহিল , ডিঙি শুকাই কৰ্কৰীয়া মাৰিলে , কি কৰোঁ গোপাল কি কৰোঁ কৃপাল আকৌ ……..আমাৰ সন্মুখতে আমালে চাই হাঁহি হাঁহি ৰৈ আছিল আমাৰ চিনিয়ৰ সুৰভি বা , সুৰভি বাক দেখি দুইজনী থৰথৰকে কঁপিলো সঁচাই সিদিনা। পিছে আমি ভবাৰদৰে একো হোৱা নাছিল , আমি ভবাৰ দৰেই চিনিয়ৰ কোনেও আমাক ব্লকত গালি পৰা নাছিল , সুৰভি বায়েও নক’লে একো কাকো , আমাকো ।

ৰূমলে আহি আমাৰ অৱস্থা সঁচায়ে বেয়া হৈছিল যদিও কাকো একো নক’লো , সিদিনা গীতিমা শুইছিলহি মোৰ ৰূমত , তাই নিজেই কৈছিল থাকিব বুলি মোৰ লগত , তাইকো ক’ব পৰা নাছিলো একো , কেৱল বাট চাইছিলো পিছদিনাৰ প্ৰাৰ্থনাৰ সময়লে । লভিতাৰো যে মোৰ সৈতে একেই অৱস্থা হৈছিল বুজি পাইছিলো , পিছে হাঁতীৰ দেখুওৱা দাঁতৰ দৰেই আমি হাঁহি থাকিলো । গীতিমা বেচেৰীৰ টোপনি অহা নাছিল , দুয়োজনীয়ে চকী দুখন টান মাৰি লৈ খিৰিকি এক পাল্লা আধা খুলি লৈ ৰেইনট্ৰিজোপালে চাই বহি ল’লো , মোৰ নালভগা চকীখনত বহি যে কি অময়া সুখ পাইছিলো সিদিনা…. তাতে কিযে ৰোমাণ্টিক বতৰ আছিল ….. কাৰেণ্ট নাছিল , জলাই লৈছিলো মম এডাল , বতাহে কোবাই নুমাব নোৱাৰাকে মমডাল থাল এখন থিয় কৰি আঁৰ কৰি থৈছিলো , এনে এটা পৰিৱেশতে ছাগে মমতাই চিঠি লিখিছিল নিজৰ প্ৰিয় পুৰুষলে ।

বৰষুণ পৰিছিল , প্ৰথমে লাহে লাহে , তাৰপিছত জোৰেৰে । বৰদৈচিলা আহিবৰ সময় হৈছিল তেতিয়া , মাজ ফাগুন । খিৰিকিৰে বতাহছাতিৰ লগতে সোমাই আহিছিল বৰষুণৰ চিতিকনি , এইয়াযে মোৰ তেনেই চিনাকি , আজন্ম চিনাকি …দুয়োজনী নিশ্চুপ হৈ খোলা খিৰিকিৰে কেৱল চাই ৰ’লো বাহিৰলে । ৰেইনট্ৰিজোপা অপূৰ্ব লাগিছিল , ঘন ঘন বৰষুণে তিয়াই নিছিল ৰেইনট্ৰিৰ খহতুৱা গা , জিৰজিৰকে বৰষুণবোৰ বৈ গৈ নেদেখা হৈছিলগে , আমিও একেবাৰে মগন হৈ পৰিছিলো নিজৰ নিজৰ ভাৱনাত । বৰষুণবোৰ এনে চুই চাবলে মন গৈছিল , মনটো উৰি গৈছিল শীতল শিৱানী আৰু জুনুৰ ওচৰলে , এনে এটা নিশাতে তাৰ আগৰ বছৰত আমি তিনিওজনীয়ে ষ্টুডেণ্টচ্ হ’ম নামৰ প্ৰাইভেট হোষ্টেলত ৰূমৰ খিৰিকি খুলি লৈ ওৰে নিশা বৰষুণৰ লগত মিতিৰালি কৰিছিলো , নেওৰাৰে পৰা পানীত হাতকেইখন বাৰে বাৰে তিয়াই আছিলো , তেনেতে মোৰ হাতত নেওৰাত জমা হৈ থকা জাবৰ এসোপা পৰিছিলহি , ইহঁতকেইজনী হাঁহি হাঁহি বাগৰি পৰিছিল বোলে দিলেও দিলে আশীৰ্বাদ বৰুণ দেৱে বাৰু পিছে এনেহেন জাৱৰ সোপাহে দিব লাগেনে বাৰু …. কথাটো মনত পৰি হাঁহি উঠিছিলো , হয়তো জোৰতেই , গীতিমাই বাহুত জোকাৰি কি হ’ল সুধিলতহে সম্বিত ঘুৰাই পাইছিলো , আকৌ সহজ হৈছিলো , তাইক কৈছিলো কথাবোৰ , দুয়োজনীয়ে ঢেৰ কথা পাতিলো , খুউব হাঁহিলো সেই ৰাতি । গীতিমায়ে অকণমানি ছোৱালীৰ দৰেই খিৰিকিৰে হাত দুখন উলিয়াই দিলে বৰষুণ একাঁজলি ধৰোঁ বুলি , মইও প্ৰসাৰিত কৰিলো মোৰ দুহাত । কিজানিবা পৰেহিয়েই গালে মুখে জালুকবাৰীৰ মায়াসনা বৰষুণৰ টোপাল , জীপাল কৰি যায়েই কিজানি প্ৰেমৰ বৰষুণজাকে শুকান হিয়াখনি ।

সেইৰাতি কেতিয়া শুই পৰিছিলো নাজানো , পুৱতি পুৱা গীতিমাক কুঁচিমুচি শুই থকা দেখি পাতলীয়া লেপৰ ক’ভাৰটোকে দি দিছিলো তাইৰ গাত , বৰষুণে তিয়াই যোৱা আমাৰ কাপোৰ মেলা ছাদখনতে দুপাকমান মাৰি আহিছিলো ব্ৰাছ কৰাৰ চলেৰেই । ৰূমলে ঘুৰি আহোঁতেই আকৌ মুখামুখি হৈছিলো সুৰভিবাৰ , তলৰ পৰা ৰাতিপুৱাই কিয়নো ওপৰলে আহিল সুৰভি বা বুজি নাপালো যদিও বৰ ভয় খালো আগৰাতিৰ ঘটনাটোৰ বাবে। পিছে মোক আচৰিত কৰি সুৰভি বায়ে পিছফালে লুকুৱাই অনা বৰষুণে ধুৱাই থোৱা দেৱদাৰুৰ পাত এথোপা তুলি দিছিল এটি মিঠা হাঁহিৰেই । থৰমৰ খোৱা মইও অকৰা লাগি সুৰভি বা যোৱাৰ ফালে চাই ৰ’লো দেৱদাৰুৰ পাত থোপা বুকুতে আলফুলে সাৱতি ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৯

দেউতা হোষ্টেললে অহাৰ পিছতে মানসিক ভাৱে বহুখিনি সুস্থিৰ হৈ পৰিছিলো , হোষ্টেল আৰু ডিপাৰ্টমেণ্টত একেবাৰে খাপ খাই পৰিলো , চিনিয়ৰ আৰু লগৰবোৰৰ লগত একাত্ম হৈ পৰি শতযোজন দূৰৈৰ ঘৰখনৰ কথা মনত পৰিলেও মন বেয়া নোহোৱা হ’ল । হোষ্টেলৰ চিনিয়ৰ আৰু লগৰবোৰৰ লগত আপোনত্বৰ ডোলদালেৰে বান্ধ খাই পৰিলো , হোষ্টেলৰ পুৱা গধূলিবোৰ লাহে লাহে ভাল লগা হৈ পৰিল । পিছে অাছিল তেতিয়াও বহুবোৰ বেয়া লগা , কিন্তু ভাল বেয়াৰ মাজৰপৰা বেয়াবোৰ একটীয়া কৰি থৈ ভালবোৰ সামৰি সুঁতৰি ৰাখিব পৰাকে সৰুৰেপৰাই ঘৰতে পোৱা মানসিকতাই এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে । হোষ্টেলৰ সন্ধ্যাবোৰো আগৰদৰেই আনন্দময় হৈয়েই থাকিল , লগে লগে পঢ়াও সমানেই চলি থাকিল , এইবাৰ নতুন উদ্যমেৰে নতুন আশাৰে ।

ৰঙীন সপোনবোৰে হোষ্টেলত বাহৰ পাতিছিলহি মাইনাহঁতৰ ৰূপত , প্ৰত্যেকেই আশাবাদী , প্ৰত্যেকেই সপোন সন্ধানী । সময় যেন পাখি লগা কাঁড়ৰ পিঠিত উঠিহে দৌৰিছিল , 1st sem ৰ পৰীক্ষাৰ ৰুটিন দিয়াৰ লগতে ২য় ছেশ্যনেল ও আহি পাইছিল লগতে ওচৰ চাপি আহিছিল ছুকুবাৰ বিয়াৰ তাৰিখো । আকৌ অসহজ হৈছিলো , বুকুখন গধুৰ হৈ পৰিছিল , বিয়াৰ তাৰিখ যিমানে চমু চাপি আহিছিল সিমানে বুকুখন ধৰফৰাই উঠিছিল , তাতে বিয়াৰ ঠিক পিছতে পৰীক্ষা আছিল বাবে আৰু বেয়া লাগিছিল ।

জালুকবাৰীত বিভিন্ন গছ , শিমলু তুলা অকণে আহি কোনোবা এদিন গালতে পৰিল , শিমলুৱা বতাহজাকে মনত পেলালে এইয়াযে ফাগুন মাহ , ৰাতি ৰাতি দূৰৈৰপৰা ভাঁহি আহে কেতেকীজনীৰ হিয়াভগা মাত , ৰেইনট্ৰিজোপাৰ ডালতে পৰি কুলিকেইজনীয়ে গায় জগতৰ সমস্ত আৱেগ ভাঁহি অহা বুকুফলা গান । ফাগুনে আনে আশাৰ বতৰা , মাজৰাতি কুলি কেতেকীৰ মনোমোহা বিননিয়ে কতজনৰ যে বুকু দহি যায়! অ’স ফাগুন ! কিযে ফাগুনৰ গোন্ধ! কিযে ফাগুনৰ ৰং ! পলাশ , মদাৰ, শিমলুৱে ৰাঙলী কৰা ফাগুনৰ আকাশ! কিযে আকৰ্ষণ ফাগুনৰ! ফাগুনী ৰাতিবোৰত কতজনক যে দূৰণিৰ প্ৰিয়জনৰ কথাই মনত আমনি কৰেহি । কুলিৰ সুৰতে সুৰ মিলাই আহি পায় ফাগুনী মলয়াজাক। ফাগুনী পছোৱাই মাঘৰ হিমচেঁচাক যেন দূৰলৈ লৈ যায় উৰুৱাই । মোৰ ক’লা শ্বলখনো বাকচৰ একোণত সোমাই কোঁচমোচ খাই । ফাগুনী বতাহজাকে জালুকবাৰীখন হালধীয়া কৰি যায় , তলসৰা পাতবোৰে কাৰোবাক যদি দিছিল আমনি তেনে আন কাৰোবাৰ হিয়াত তুলিছিল সুৰৰ গুণগুণনি। সৰাপাতে আৰু ফাগুনী মলয়াজাকে পুলকিত কৰা মনটো চিলাখনৰ দৰেই উৰি উৰি নাছি ফুৰিবৰ মন যোৱা ফাগুনী বা ।

প্ৰেমত পৰা বয়সৰ পৰাই প্ৰেম হয় ফাগুনৰ লগত , আকাশৰ লগত , ফাগুনীয়া চিপ্ চিপ্ বৰষুণ জাকৰ লগত। জালুকবাৰীৰ গছবোৰ লঠঙা হৈছিল , কৃষ্ণচূড়া আৰু সোণাৰুবোৰৰ সেউজ পাতবোৰে লাহে লাহে হালধীয়া বৰণ বোলাই লৈছিল , লঠঙা গছবোৰত ওলমি ৰৈছিল পুৰঠ সোণাৰু আৰু কৃষ্ণচূড়াৰ ক’লা ক’লা ছেঁহবোৰ । সৰুতে আমি পুৰঠ সোণাৰুবোৰৰ মাজৰ ক’লা ক’লা অলপ তিতিকি তিতিকি লগা জিমবোৰ চুপি চুপি খাইছিলো , জিভা আৰু দাঁতত লগা ক’লা ৰংবোৰেৰে অসুৰৰ হাঁহি মাৰি বৰ চখ কৰিছিলো , মনটো অজানিতেই উৰি যায় চিলাৰ টিকনিত ধৰি দৌৰা দিনবোৰলে ।

সঁচাই ফাগুন অনন্য , ফাগুন আকলুৱা , ফাগুন উতনুৱা , ফাগুন হেঁপাহ নপলোৱা । আপোন ভোলা মনবোৰ উতনুৱা হ’ব পৰা মাদকতা লৈ অহা ফাগুনে জালুকবাৰীৰ প্ৰেমিক পক্ষীবোৰক আকুল কৰাৰ লগতে প্ৰেম পিয়াসীবোৰৰ বুকুতো সপোনৰ বীজ সিঁচে , বুকুৰ কথাবোৰ বুকুৰ পৰা মুখলে উজাই আহিব খোজে , সৰাপাতবোৰৰ ঠাইত গছৰ ডালত লাহে লাহে সেউজ বৰণ অকণ দেখা দেখা যেন লাগে ……এনেকুৱা ফাগুনী এদিনতে আছিল শিৱৰাতি , শিৱভক্ত আৰু ভাংভক্ত সকলৰ বাবে অতি আকাংক্ষিত দিন , আমাৰ হোষ্টেল কেম্পাছৰ পানী টেংকিৰফালে নোখোলা গেইটখন খোলাৰ একমাত্ৰ দিন । সেইখন গেইটেৰে ওলাই ৰাস্তাৰ কাষতে সৰুকে শিৱথান এখন , তাতে গোটেই কেম্পাছৰ খুড়া মামাহঁতে পালন কৰে এই বিশেষ দিনটো , আমিও নিমন্ত্ৰণ পাঁও , যাঁও ।

জুনিয়ৰ আছিলো যদিও চিনিয়ৰে লগত লৈ গৈছিল শিৱৰাতিলে , ৰাতিপুৱাই গৈছিল সেৱা ল’বলে বহুতো , ধতুৰা ফুল বিচাৰি অনাৰ দায়িত্ব ছোৱালীবোৰে বিপুল দা , মুকুলদাক দিছিল , মিঠাইৰ টোপোলা আগদিনাই আনি থৈছিল ৰবীনদাৰ মেঘালীৰপৰা । পিছে ৰাতিপুৱাৰ পৰিৱৰ্তে ৰাতিহে গৈছিলো চিনিয়ৰৰ লগত , হোষ্টেলৰপৰা ৰাতি ওলাবলে পোৱাৰ চখতে না কৰা নাছিলো এবাৰো । শিৱৰাতিত বহুতৰ বাবে পূজাৰ পিছতে মূল আকৰ্ষণ আছিল শিৱবাবাৰ নামত বনোৱা সেই বিশেষ প্ৰসাদভাগ , ভাঙৰ ঘোটা আৰু লাডু । জিনাক্ষি , লভিতা , মই , মিতালী আমি সব গৈছিলো আমাৰ ব্লকৰ চিনিয়ৰৰ লগত , পিছে হোষ্টেলতে আমি ঠিক কৰি গৈছিলো যে কোনোপধ্যেই আমি এই প্ৰসাদ কেইভাগ গ্ৰহণ নকৰোঁ , চিনিয়ৰে দিলেও নকৰোঁ , কাৰণ খোৱাৰ পিছৰ পৰ্যায়টো ভালকৈয়ে জানিছিলো আগৰ অভিজ্ঞতাবোৰৰ পৰা । গৈ পোৱাৰ পিছতেই আমাক খুৰাহঁতে আদৰেৰে আপ্যায়ন কৰিছিল , সেইয়া পিছে হোষ্টেলৰ পূজা নাছিল ।

সৰুৰে পৰা থকা ভাং বিৰোধী মন আৰু জিভা দুয়োটাই পিছে সিদিনা ঘোটাৰ গোন্ধত লকলকাই নুঠাকে নাছিল , কিযে সুঘ্ৰাণ ওলাইছিল সেই বিশেষভাৱে প্ৰস্তুত কৰা ঘোটাৰপৰা , যোগেন খুৰাই বনাবলে লোৱা ঘোটা এনেই চাবলে গৈছিলো । দেখিছিলো এখন ডাঙৰ মাটিৰ কেৰাহীত একেৰাহী গাখীৰ আৰু চেনি পগাই থকা , ঠিক নামঘৰত পায়স বনোৱাৰ দৰেই , তেতিয়ালে পগোৱা গাখীৰ কেৰাহীৰ আধা হৈছিলগে , ভালদৰে পাগ অহাৰ পিছত ছটিয়াই দিছিল মিহিকে কুটি থোৱা কাজু , বাদামৰ টুকুৰাবোৰ , তেতিয়াই ওলাইছিল সেই লোভনীয় মকমকীয়া গোন্ধটো , জিভাখন লেটপেট হৈছিল লোভত , গাখীৰৰ পাগটো ঘন হৈ যোৱাৰ পিছতে তাত অলপমান ভাং ছটিয়াই দিয়ে বুলি কৈছিল খুৰাই , সেইয়া বনাই হোষ্টেলীয়া ছোৱালীবোৰলে , কমকে ভাং দি বনোৱা ঘোটা , যাতে কাৰো নিচা নধৰে , অৱশ্যে জোৰ কৰি কোনেও কাকো নুখুৱাই , নিজৰ ইচ্ছা থাকিলে খাব পাৰে নাথাকিলে নাই । কমকে ছটিওৱা পাগ উঠা ঘোটাৰ পৰা আধা কাঢ়ি থৈ সৰহকে ভাং ঢালি দিয়ে খুড়াহঁতলে বুলি , পাগৰ লগতে নিচা উঠাকে ।

প্ৰায়খিনিয়েই প্ৰসাদ হিচাপে হয় লাডু এটা নহ’লে ঘোটা অকণ গলাধঃকৰণ কৰিছিল , নিচা লগা বিধৰ নাছিল যদিও নিচা লাগিছিল তাৰে মাজতে , নিচা লাগিছিল মুন্মীবাৰো । তাৰপৰা অহাৰ পিছত ঠিকেই আছিল প্ৰথমতে , পিছে ভাত পানী খাই অহাৰ পিছৰে পৰা ওৰে ৰাতি হাঁহিছিল , পেটত ধৰি ধৰি হাঁহিছিল , কথা ক’ব নোৱাৰাকে হাঁহিছিল , পৃথিৱীৰ সমস্ত দুখ একটীয়া কৰি হাঁহিছিল , শিশুৰ সমস্ত নিষ্পাপ আৰু সৰলতাৰে হাঁহিছিল মুনমী বায়ে সিদিনা । সকলোৱে হাঁহিছিল মুন্মীবাৰ অৱস্থা দেখি , ভাং নোখোৱাকৈয়ে ভাঙৰ ৰাগি লাগিছিল আমাৰ ব্লকৰ সকলোৰে গাত , বাকী বেলেগ ব্লকৰো বহুতৰে হৈছিল তেনে অৱস্থা বোলে । মুনমীবা উৰি উৰি গৈছিল হেনো , উৰি উৰিয়েই হাঁহিত ফাটি পৰিছিল মৰমলগা মুনমীবাজনী , সকলোৰে হাঁহি উঠিছিল যদিও কিয় জানো মনে মনেচোন মোৰ হিংসাই লাগিছিল মুনমীবাজনীলে , ভাং অকণ খাই আহিবলে মন গৈছিল , জীৱনৰ সমস্ত দুখ ভাগৰ এফলীয়া কৰি তেনেকৈয়ে হাঁহি হাঁহি শুই পৰিবলে মন গৈছিল ঠিক এটি শিশুৰদৰেই ।

সময়ৰ হাতত ধৰি তিৰু ও আহি সোমাইছিলহি হোষ্টেলত তেতিয়ালৈকে একমাত্ৰ খালি হৈ থকা মুন্মীবাৰ ৰূমতে , ভাল লাগিছিল মৰমী বান্ধৱীক ৱালমেটৰূপে পাই , চিনাকি কৰি দিছিলো লগৰবোৰৰ লগত , চিনিয়ৰবোৰৰ লগত । প্ৰথম দিনাই সন্ধিয়া চিনাকি পৰ্বত প্ৰায় সকলোৰে শেষত অহা তিৰুৱে প্ৰদৰ্শন কৰিব লগীয়া হৈছিল ডিস্ক’ডান্স , গাবলগীয়া হৈছিল নাচি নাচি সেই বিশেষ ৰক ছংটো , একদম ৰকষ্টাৰৰ দৰেই …

” জিকাৰ তলে চিকা যায় / মেকুৰীয়ে ধৰি খায়/ ভেকুলীয়ে গীটাৰ বজাই অ’ গোবিন্দাই ৰাম ……..” বাৰে বাৰে গীটাৰ বজোৱাৰ দৰে একদম ৰকষ্টাৰে মূৰ অফলীয়াই অফলীয়াই গোৱাৰ দৰে গাবলগীয়া গানটো গাই আৰু নাচি পিছে ভালেই পাইছিলো মই ।

তেতিয়ালৈ পাকৈত হৈ উঠা মই এফালৰপৰা ডেম’ দি যাব লগা হৈছিল , তেতিয়াৰ এডলীয়া দীঘল বেণী গোঠা একেবাৰেই সহজ সৰলকে থকা শহা চকুৱা তিৰুৰ আজলী ৰূপটোৰ বাবেই দিছিল সেই ৰক ছং এণ্ড ডান্স । তাই পিছে সহজে ল’ব পৰা নাছিল , সহজ হ’ব পৰা নাছিল হোষ্টেলীয়া ধেমালিবোৰত প্ৰথমদিনাই । পিছে আচৰিত ধৰণে আমাৰ জুনিয়ৰ জীৱনত দুজনী ছোৱালীক কেতিয়াও হঁহা নেদেখিলো , হঁহাৰ বাবে শাস্তি নাপালে কোনোদিন , বৰং নহঁহাৰ বাবে চিনিয়ৰৰ লগতে আমিও আচৰিতহে হ’লো , তেঁওলোক দুজনী আছিল জীনাক্ষি আৰু স্বৰ্ণালী । জীনাক্ষিৰ দৃঢ়তা বাৰু জানিছিলোৱেই , তাই নাহাঁহো বুলিলে স্বয়ং ভগৱানৰো সাধ্য নাই হঁহুৱাবলে , পিছে স্বৰ্ণালী ?? জুনিয়ৰ কালতে দুইজনীক কথাটো সোধাত যিটোহে উত্তৰ দিলে শুনি আচৰিত !! স্বৰ্ণালীয়ে হাই পাৱাৰ চশমা পিন্ধিছিল , গতিকে তাই গোটেই সময়খিনি চকু মুদিয়েই কটাই দিছিল বোলে , গতিকে একো নেদেখে , নেদেখা কথাবোৰ কাণত নোসোমাই বোলে , গতিকেই হাঁহি উঠাৰ কথাই নাই আনফালে জীনাক্ষিয়ে পৃথিৱীৰ সমস্ত দুখবোৰ মনলে লৈ আনে তেনৱকুৱা সময়তে হেনো , তাইহে যেন পৃথিৱীৰ একমাত্ৰ দুখী মানুহ তেনে ভাৱ এটাত থাকিয়েই বোলে হাঁহিবলগীয়া কথাবোৰতো দুখ বিচাৰি উলিয়াই , গতিকেই হাঁহি আহে ক’ৰপৰা । হাঁহি হেনো দূৰতে পলাই । হাঁয়ৰে বন্ধু….. কি খাই জন্ম ল’লা ?? আমাকো অকণ ভাগ কিয়নো নিদিলা ??

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৮

সময় লাগিছিল সহজ হ’বলে , সময় লাগিছিল সহজকে ল’বলে ….ক্লাছৰ পৰা গৈ প্ৰায়ে ৰূমত অকলশৰীয়া সময় অকণ পাঁও , খাই বৈ আজৰি হৈ আধাঘণ্টামান সময় , সেইকণ সময় মোৰ খুবেই প্ৰিয় হৈ পৰিছিল , এতিয়া হাবাথুৰি খাঁও কেতিয়াবা তেনে একণ সময়ৰ বাবে , নিজকে খুটিয়াই খুটিয়াই চাবপৰা সময়কণৰ বাবে , কেৱল নিজৰ সেই আধাঘণ্টীয়া সময়কণৰ বাবে … ক’তনো জানো হেৰাল নে হেৰুৱালো কেৱল নিজৰ সেই সময়কণ !! সেইখিনি সময়ত মোৰ একান্তই বন্ধু হৈ পৰিছিল মোৰ খিৰিকিৰ কাষৰ ৰেইনট্ৰিজোপা , ৰেইনট্ৰিজোপাৰ জুৰজুৰকে সৰি পৰা হালধীয়া অকনি অকনি পখিলা যেন পাতবোৰ , অদূৰৰ ৰাস্তাটো , ৰাস্তাৰে গৈ থকা চকুৰে মনিব নোৱাৰা জালুকবাৰীৰ প্ৰেমিক পখীবোৰ , আমাৰ ব্লকৰ আগৰ আমি কাপোৰ মেলা দীঘলীয়া ছাদখন , চাদখনৰ এমূৰে লাগি থকা গহীন গহীন আটলাচ জোপা … এইখিনিৰ লগত পাৰ কৰা মোৰ আবেলিবোৰ ।

তেনেকুৱা আবেলিবোৰতে কোনোবা এদিন জীনাক্ষিয়ে কৈছিল তাইৰ বহুতো সপোনৰ কথা , তাইৰ মৰমবোৰৰ কথা , ভালপোৱাৰ কথা , তাইও প্ৰেমত পৰিছিল জালুকবাৰীৰ , প্ৰেমত পৰিছিল তাইৰো , আকুল প্ৰেমিকৰ প্ৰস্তাৱক তাই নাকচ কৰা নাছিল , সৰল মনেৰেই সন্মান জনাইছিল তাইও , আগুৱাই যাবলে চেষ্টা কৰিছিল , কৈ গৈছিল কথাবোৰ মুকলিকে প্ৰথমবাৰৰ বাবে , জালুকবাৰীৰ প্ৰেমক অৱমাননা কৰাৰ দুঃসাহস কেইজনৰ থাকে ? কটনিয়ান বান্ধৱীক জানিছিলো আগৰেপৰাই ভালকে , কিন্তু বুকুৰ কথাবোৰৰ ভাগ হোৱা নাছিল কেতিয়াও । খুবেই বাস্তৱবাদী ছোৱালীজনীৰ দুচকুত যেনেদৰে জীৱন জিনাৰ সপোন আছিল তেনেকৈয়ে হেঁপাহৰ সংসাৰ কৰাৰ আকুলতাও আছিল বুকুত সেই প্ৰেমিক হৃদয়খনৰ লগত , বহুবোৰ কথাই পাতিছিলো আমি , সাক্ষী হৈ ৰৈছিল ৰেইনট্ৰিজোপা , ৰেইনট্ৰিজোপাৰ ফাগুনে হালধীয়া কৰা জিৰজিৰীয়া পাতবোৰ , পাতে পাতে খুন্দা খাই হোৱা মিঠা মিঠা শব্দবোৰ ।

পলি হোষ্টেল ঠিক হোৱাৰ পিছতেই যাবলে লৈছিল , দেৱাশ্ৰীও AT 10 লে আহিবলে ঠিক হৈছিল , অকলশৰীয়া হৈছিল তিৰু , ঘৰৰ ৰূম এটাতে অকলে থাকিব নোৱাৰা ছোৱালীজনীক লৈ আমাৰ চিন্তা হৈছিল , তেতিয়ালৈকে যে তাইৰ হোষ্টেল ঠিকেই হোৱা নাছিল , কেনেকৈ থাকিব তাই অকলে তাত ? কি কৰিব ? এইবোৰ লৈ আমি গোটেইকেইজনীয়েই চিন্তাত পৰাৰ সময়তে পলিয়ে শুনাইছিল তাইৰ সিদ্ধান্ত যে তিৰুৰ হোষ্টেল ঠিক হোৱালৈকে তাই লংকেশ্বৰ নেৰে , গতিকেই আমিও উঠি পৰি লাগিছিলো মৰমী বান্ধৱীৰ সোনকালে হোষ্টেলৰ খেলিমেলিবোৰ শেষ কৰিবলে , দূবৰিয়ে মইয়ে প্ৰায় প্ৰতিদিনেই শৰ্মা চাৰক খাতিলো যেনেতেনে তাইৰ হোষ্টেলৰ ব্যৱস্থা কৰি দিবলে , চাৰেও ৰাখিছিল আমাৰ কথা , আমাৰ বান্ধৱীৰ কাগজ পত্ৰবোৰ চাই সোনকালেই ঠিক কৰি দিছিল তাইৰ হোষ্টেলৰ খেলিমেলিবোৰ , আমিও আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লো , এনেকুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক ছাত্ৰৰ সম্পৰ্ক , পিতৃ মাতৃৰ দৰেই আশ্বাস আৰু ভৰষাৰ থল শিক্ষাগুৰুসকল । আৰু কাকতালীয় ভাৱে তিৰুৰ হোষ্টেলীয়া ঠিকনাও হৈছিল আমাৰটোৱেই , আমাৰ মৰমৰ আৰ চি চি ৪ । বৰ ভাল লাগিছিল , আমাৰ পাল্লা ভাৰী হোৱাৰ সুখত সুখী হৈছিলি , পলিক যেনেতেনে নিব পাৰিলেই যেন আমাৰ কাম শেষ এই ভাৱত সুখী হৈছিলো ।

ন ফাগুনী মলয়াই বতাহৰ সুহুৰি বজায় কাণে কাণে সুৰসুৰণি তোলাৰ সময়তে আহি পাই ভেলেন্টাইন ডে , ব্যক্তিগতভাৱে বিশেষ সমৰ্থন নকৰোঁ যদিও বেয়াও নালাগে জালুকবাৰীৰ সেই দিনটোৰ ব্যস্ততা ,” বি মাই ভেলেণ্টাইন ” বুলি ক’বলে কোনো নাছিল যদিও ভাল লাগিছিল কিবা এটা । প্ৰেমিক পক্ষীবোৰ ব্যস্ত হৈ পৰিছিল সেই দিনটোত , জীৱন জুৰাব খুজিছিল এজনে আনজনৰ হৃদয়ত আজীৱন , গাইছিল জীৱনৰ গান , সুখী হৈছিল সেই প্ৰেমিক চৰাইবোৰ , পিছে মাতাল হোৱা নাছিল কোনোদিন , প্ৰেমত সুৰ তুলিছিল যদিও নিচাত পৰা নাছিল কোনোদিন । ডিম্পীবাহঁতৰ ব্যস্ততা দেখি ভাল লাগিছিল ভেলেণ্টাইন ডেৰ বাবে , মইও ব্যস্ত হৈ পৰিছিলো মোৰ নিজৰ লগতে , নিজেই নিজৰ আটাইতকৈ ধুনীয়া ভেলেণ্টাইন হৈ পৰিছিলো ।

লংকেশ্বৰ এৰাৰ পিছত কেইবাদিনো গৈছো যদিও থকাকে যোৱা হোৱা নাছিল , ইফালে গোটেইকেইজনীৰে নিজৰ নিজৰ হোষ্টেললে যোৱাৰ সময় আহি পৰিছিল , গতিকেই লংকেশ্বৰৰ শেষ নিশা এটা কটাবলে গুছি গৈছিলো , তাতে পিছদিনা দেওবাৰ আছিল । গৈছিলো অভিজ্ঞানীহঁতকো লগ কৰিবলে , হোষ্টেলীয়া অনুশাসন সকলোবোৰ একটীয়া কৰি থৈ পাৰ কৰিছিলো বৰ সুখৰ এদিন বহুদিনৰ মূৰত । ক্লাছৰপৰা যাঁওতে গাড়ীতে লগ পাইছিলো মহাদেৱক , যি মহাদেৱৰ পাৰ্বতী কৰি বান্ধৱীহঁতে এতিয়াও জোকাই মাৰে , অলপ পিছতে লংকেশ্বৰত তিৰুপতি , গহীন , টমাছ সকলোকে লগ পালো , বন্ধুহঁত সলনি হৈছিল , লাজকুৰীয়া বন্ধুহঁত সহজ হৈ পৰিছিল একেবাৰে , বহু পুৰণি বন্ধুৰদৰেই কথা পাতিব পৰাকে সলনি হৈ গৈছিল বন্ধুহঁত , পিছে সলনি হোৱা নাছিল গহীন , একেই গোমোঠা গহীন হৈয়ে আছিল , মোৰ মূৰত চিক্স কোবোৱা মহাদেৱো অপ্ৰস্তুত হয় মাজে মাজে , পিছে তিৰুপতি সাংঘাতিক , বুকুৰ কথা বুকুতে গোপনে ৰাখি একেবাৰে হলহলাই মৰমেৰে বান্ধিব পৰাকে কথা পাতিব পৰা হৈছিল , চকুৰ ভাষা মাথোঁ একেই আছিল , একেই আছিল সেই আকুলতা , সেই একেই ব্যাকুলতা তিৰুৰ কাৰণে।

লংকেশ্বৰত গৈ হেঁপাহ নপলোৱাকে কথা পাতিছিলো , ৰাতিৰ ৰাতিটো নোশোৱাকৈয়ে , এনে লাগিছিল যেন সেই ৰাতি নুপুৱাওক , দেৱাশ্ৰীয়ে মাজে মাজে মৰমেৰে ধমক লগাই শুবলে কয় যদিও তাইও সমানে কথাৰ ভাগহে ল’লে , মুখৰ হৈ পৰিল লংকেশ্বৰৰ দুকোঠলীয়া মৰমৰ ঘৰটো । পিছদিনা চাডেন ভিজিট দিছিলো অভিজ্ঞানত , অপ্ৰস্তুত হৈ পৰিছিল অভিজ্ঞানীহঁত , অবাঞ্ছিত অতিথিৰ হঠাৎ প্ৰৱেশে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰাত অভিজ্ঞানিহঁৰ নাৰ্ভাছনেছ উপভোগ কৰিছিলো বাৰুকৈয়ে । লংকেশ্বৰৰ সেই সুখৰ ঠিকনাটো সেইদিনাৰপৰাই যেন সলনি হোৱাৰ যো – জা চলিছিল , পিছদিনা আকৌ ঘুৰি হোষ্টেললে অহাৰ পিছতো মনত খুন্দিয়াই আছিল কেৱল লংকেশ্বৰে , লংকেশ্বৰত এৰি অহা মুখবোৰে । পিছে সুখবোৰে ভাল নাপালে হ’বলা বেছিদিন থাকিবলে ।

ছেশ্যনেলৰ বহীবোৰ ঘুৰাই দিছিল , আশা আৰু চেষ্টাৰ হিচাপতে নম্বৰ পাইছিলো , ভবাৰ দৰেই কম নম্বৰ পাইছিলো , তথাপিও মনে মানিব পৰা নাছিল , তিনিশ কিলোমিটাৰৰ সিপাৰৰপৰা যেতিয়া ইথাৰৰ ইপাৰৰপৰা দেউতাৰ মাত ভাঁহি আহিছিল , পৰীক্ষাৰ খবৰ লৈছিল , কি ক’ম বুজি পোৱা নাছিলো , পৰীক্ষা হৈ যোৱাৰ পৰাই এই চিন্তাটোতেই আছিলো , তথাপিও দেউতাক কৈছিলো কম নম্বৰ পোৱাৰ কথা , আশ্বাসৰ হাতখন দূৰৈৰপৰাই মূৰত ৰাখি দেউতাই পিছৰ পৰীক্ষা কেইটাৰ বাবে গুৰুত্ব দিবলে কৈছিল , প্ৰথম পৰীক্ষাটোত অথৱা পৰিৱেশটোত জীয়েকে খাপ খাব নোৱাৰা কথাটো ভালদৰেই বুজিছিল দেউতাই , হুকহুকাই কান্দিছিলোগে ৰূমত গৈ , মূৰৰ বিষত মূৰটো ফাটি যোৱাৰদৰে হৈছিল , জ্বৰ উঠিছিল সেই ৰাতিৰেপৰা , তমোময় জ্বৰ । সেই বিষে জ্বৰে দুদিন ক্লাছ যাব নোৱাৰা অৱস্থা হৈছিল , মা দেউতাই ফোনত মোৰ মাত শুনিয়েই গম পাইছিল মোৰ কথা কোনেও খবৰ নিদিয়াকৈ , দুদিনৰ পিছত দেউতা আহি হোষ্টেল ওলাইছিলহি মোৰ সৰু পেহাৰ লগত । প্ৰথমবাৰৰ বাবে গৈছিলো ভিজিটিং ৰুমলে দেউতা আৰু পেহাক লগ কৰিবলে , ৰ’ব পৰা নাছিলো , বুকুৰ দুখবোৰ উচুপনি হৈ ওলাই আহিছিল , দুখ লাগিছিল মোৰ অৱসৰী দেউতা ইমানদূৰৰ পৰা অৰ্থ কষ্ট দুয়োটা খৰচ কৰি মোৰ ওচৰ পাবহি লগা হোৱাত । কিন্তু কিযে সকাহ পাইছিলো মনত সেইটো অবৰ্ণনীয় , দেউতাৰ চেনেহৰ হাতখনেই হৈ পৰিছিল জ্বৰৰ মহৌষধ । সঁচায়ে সেইদিনা ভালকৈয়ে বুজিছিলো যে সময় আছিল আৰু পিছলে সময়ৰ সদ্ব্যৱহাৰো হৈছিল ঘৰখনৰ আশাৰ হিচাপেৰে ।

দিন যোৱাৰ লগে লগে AT 9 ৰ ল’ৰাবোৰ চিনি পাইছিলো , প্ৰণবদা ,দিলীপ , কবিনদা , টি কে দাৰ উপৰিও চিনাকি হৈছিলো দেৱদা , প্ৰশান্তদা , ৰৌজদা , দীপ্তদা , লাহনদা , বিপুলদা , পাৰ্থহঁতৰ লগত । আগৰ সংকোচবোৰ কম হৈ গৈছিল যদিও AT 9 ৰ আগ পালেগৈচোন অলপ লাজ লাজ লাগে , নালাগিবৰ কথাও নাছিল , মাইনা পাৰ হৈ যোৱাৰ লগে লগে তেঁওলোকে নামনিৰ ভাষাত যিহে গীত জোৰে ……

” আপী তোমাৰ গালতে চুমু এটি দেও নেকি …নালগে দক ,…ৰঙা ৰঙা গালতে চুমু এটি দেও নেকি …নালগে দক ……….

কোন আপীয়ে পাৰে বাৰু ৰঙা চিঙা নপৰাকে পাৰ হৈ যাব !! পাৰেনে চকু তুলি এবাৰলেও কোনেনো গাইছে বুলি গায়কজনলে ঘুৰি চাব ? পাৰেনে চকুৱে বিচাৰি ফুৰা ভূপেন আছেনেকি চাবলে ? উঃ AT 9 বাসী পৰি পৰি প্ৰণাম দেই , পৰি পৰি প্ৰণাম । পিছে তাৰমাজতে আছিল কোনোবা মনে মনেই , কোনোদিন জোকোৱা মনত নপৰে , যিয়ে এহালি গভীৰ চকুক চাবলেহে সেই সময়তে ওলাইছিল বাহিৰলে , সেই হালি চকু মোৰ তেনেই বুকুৰ বান্ধৱীৰ চকু , দূবৰিৰ চকু ।

আমাৰ কেম্পাছৰ হোষ্টেলৰ ছোৱালীবোৰ আছিল AT 9 বাসীৰ বাবে চুবুৰীয়া মইনা , বাকীবোৰ আলহী মাইনা । এই চুবুৰীয়া মাইনাবোৰক কমখন লটিঘটি কৰিলেনে বাৰু তেঁওলোকে ? তেনেদৰেই জোকাঁওতে জোকাঁওতেই যে কিমানৰ হিয়া দিয়া নিয়া হৈছিল , প্ৰেমত পৰিছিল….তেনেকৈয়ে প্ৰেম হৈছিল এজনৰ আমাৰ হিমাদ্ৰীৰ লগত , হিমাদ্ৰী সেয়েহে হৈছিল হিমু মাইনা , টিকে দা প্ৰেমত পৰিছিল হিমু মাইনাৰ ( বৰ্তমান দম্পতী ) । আৰু বহুতৰে অন্তৰৰ মিল নোহোৱাকে থকা নাছিল , পিছে কৃষ্ণচূড়াক সাক্ষী কৰি কৰা বহুতো প্ৰেম জালুকবাৰীৰ কৃষ্ণচূড়াৰ বুকুতে থাকিল ,প্ৰেমিক পক্ষীৰ গানবোৰ বুকুতে মৰহিল ।