জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৭

হোষ্টেলৰ বিদায় সভাখন হৈ যোৱাৰ পিছৰপৰা আৰু আমাৰ একো ভাবিবলেও সময় নাছিল পঢ়াৰ বাহিৰে । গোটেই হোষ্টেলটো সাংঘাতিক নীৰৱতাত ডুব গৈ থাকে অহৰ্নিশে , সেয়েহে পেটুৱা খুৰাই ভাত হ’লে বজাই দিয়া বেলটোৱে গোটেই হোষ্টেল ৰজনজনাই যায় । পৰীক্ষালে দুদিনমান থাকোঁতে এটা জোনাক নিশা আছিল , আমাৰ ৰূমৰ কাষৰ ৰেইন-ট্ৰি জোপাৰ পতবোৰৰ ফাঁকে ফাঁকে অহা জোনাকবোৰ মোৰ ৰূমতে সোমায় , ডিম্পীবাৰ সদায়ে অভিমান হয় কাৰণ ডিম্পীবাৰ ফালে মোতকৈ কমকৈ জোনাক যায় । দুয়োজনী জোনাকৰ স্নিগ্ধতাত ডুব গৈছিলোঁ হ’ব পায় , নীৰৱ – নিঃশব্দ চৌদিশ , কেৱল জোনাক , জোনাকৰ ৰূপোৱালী ৰংবোৰে আমাৰ খিৰিকিৰে দেখা জালুকবাৰীৰ সদা ব্যস্ত বাটটো অপূৰ্ব লগিছিল দেখি , ইমান আপোন পাহৰা হৈছিলোঁ যে পিছফালৰপৰা কেতিয়ানো জীনাবায়ে আহি আমাৰ দৰেই জোনাকৰ সৌন্দৰ্য্যত বিমুগ্ধ হৈছিলহি গমেই নাপালোঁ । জোনাকতে বিভোৰ হৈ আমি কথা পাতিছিলোঁ , কোনেও একো নোসোধাকৈ , নজনাকৈ । আমাৰ মন গৈছিল ছাদলে যাবলে , মন গৈছিল মানে ! উঠিয়েই গৈছিলোঁ ছাদলৈ , আমাৰ মন গ’লে আৰু কোন আছিল ৰখাঁওতা তেতিয়া ?

ফ’ৰ্থ ব্লকৰ প্ৰায় গোটেইকেইজনীয়েই ছাদলৈ গৈছিলোঁ বৰ উলাহেৰে , কোনোদিন আমাৰ লগত মিলিব নোখোজা কুকুবাও আছিল আমাৰ লগত সেইদিনা । অকলশৰে থকা বিজুলীকো টানি আঁজুৰি লৈ গৈছিলোঁ আমাৰ জোনাকৰ মিছিলটোত চামিল হ’বলৈ । বিজুলী বৰ বেলেগ ছোৱালী আছিল , আগেয়ে অথৱা আজিলৈকে তেনে ছোৱালী লগ পোৱা নাই ক’তো , অতি নিভাঁজ আৰু সৰল ছোৱালী , অনুভূতিপ্ৰৱণ যদিও অপ্ৰকাশ্য , ওঁঠত জান নেজান হাঁহি এটা থাকিলেও কাকো চাই নাহাঁহে , পিছে মোৰ লগত তাম্মাম দোষ্টী আজলী ছোৱালীজনীৰ । বহুতৰে মনৰ ভিতৰলৈকে জুমি চাব জনা মইও হাৰ মানিছিলোঁ তাইক বুজাত । কিন্তু বিজুলীয়ে মাজে মাজে দিয়া চিঠিৰ টুকুৰাবোৰে কিবা এক অবুজ আনন্দ দিয়ে , ঠিক তাইৰ দৰেই । ( কোনোবাই জানেনে বিজুলীৰ খবৰ ? জানিলে জনাবচোন অনুগ্ৰহ কৰি , বৰ মন যায় তাইক অন্ততঃ এবাৰ লগ কৰিবলে ) গীতিমাৰ চকুত অনবৰতে কাজলৰ দৰেই মায়া সনা থাকে , তুলিকা গহীন গম্ভীৰ যদিও হাঁহি ভালপোৱা ছোৱালী তাই । ৰিতু আহিনৰ শেৱালিৰদৰেই নিৰ্মল , নিজৰাৰ মুখৰ মাত শুনিবলৈ আমি বৰ আগ্ৰহেৰে বাট চাইছিলোঁ তেতিয়া , মিতালি আছিল সুখৰ অনাবিল উৎস , আনক হঁহুৱাবলৈ গৈ নিজেই হাঁহিছিল বেছিকৈ । বাকী জিনাক্ষি আৰু তিৰুৰ দাঁতত ভাত লগাৰ খবৰটোলৈকে খবৰ ৰখা লগৰী মই আৰু লভিতা আৰু মই দুয়োজনী লফংগে দোষ্ট এজনী আনজনীৰ । ভিন্ ভিন্ প্ৰকৃতিৰ সমলয়ত হোৱা মৰমৰ মেলাখন সিদিনা জোনাকী আকাশৰ তলত বাৰুকৈয়ে জমি উঠিছিল , জীনাবায়ে আবৃত্তি কৰিছিল এটাৰ পিছত এটা কবিতা । তাৰে হীৰু দাৰ কবিতা এটাই আমাক মূহুৰ্তৰ কাৰণে আৱেগিক কৰি তুলিছিল

” আমি কথা দিছিলোঁ / সৰাপাতৰ মৰ্মৰণি শুনিম / দুপৰ ৰ’দৰ নিৰ্জনতা পিম / কথা নৰ’ল কাৰো কথা নৰজিল আজি । ” হীৰু দা

ইমান আৱেগ ঢালি কেনেকৈ লিখিছিল প্ৰাণৰ কবিজনে ইমান ধুনীয়া কবিতাটি , অনুভৱ কৰি সিঁয়ৰি উঠিছিলোঁ , সঁচাই কোনো কথাই ৰাখিব নোৱাৰিছিলোঁ আমি , জালুকবাৰীৰ দুবছৰীয়া অলিখিত চুক্তি খনৰ সময়খিনিক ধৰি ৰাখিব পৰা নাছিলোঁ আমি । চকুৰ কোণবোৰ সেমেকি উঠিছিল যদিও চকুলোৰে পৰিৱেশৰ মধুৰতাক কোনেও নষ্ট কৰিব বিচৰা নাছিল ? আমি শুই পৰিছিলোঁ আকাশৰ বুকুলে মুখ কৰি , শুই পৰিছিলোঁ আহিনীয়া শীতল বতাহছাতি গালে মুখে শুৱাই যোৱাকৈ । বতাহৰ সুৰসুৰণিত আমাৰ সেমেকা চকুবোৰ জলমল হৈছিল , পিছে জোনালীবাৰ আজলী আজলী হাঁহিটোৱে হাঁহিৰ ফোৱাৰা নমাই আনিছিল , মুনমীবা বৰ্ণালীবায়েও কৈ গ’ল জুনিয়ৰ কালৰ কথাবোৰ । কুকুবায়ে পিছে অলপ সময় কটায়েই নামি গৈছিল ফোনত কথা পাতি পাতি । আকাশ আৰু জোনাকৰে সৈতে আমি যেন মিতিৰালিহে পাতিছিলোঁ সেইৰাতি । আকাশ পাগলী হৈছিলোঁ আমি , লিখিবলে বিচাৰিছিলোঁ আকাশৰ বুকুত জোনাকী আখৰৰ নামকেইটা আমাৰ । জীনাবায়ে যিহে ভৱিষ্যতৰ জিন্তু পিন্তু চিন্তুৰ লিষ্ট শুনালে হাঁহি হাঁহি অৱস্থা বেয়া হৈ গৈছিল আমাৰ , শেষ নোহোৱা লিষ্ট খনত পিছে কিন্তু এটা থাকি গ’ল সদায়েই । তেনেতে AT 9 হোষ্টেলৰ পৰা ভাঁহি আহিছিল লাহনদায়ে প্ৰাণঢালি বজোৱা বুকুজুৰোৱা বাঁহীৰ মাত , এনেই শৰৎ কাল , তাতে পূৰ্ণিমা , তাতে আকৌ হিয়া শাঁত পেলোৱা মুৰুলীৰ মধুৰ টান । লাহন দাও আকাশৰ বুকুতে যেন ৰৈ গ’ল ।

বৰ ব্যস্ততাৰে পাৰ হৈছিল ছেপ্তেম্বৰ মাহৰ শেষৰপৰা অক্টোবৰৰ মাজলৈকে , পৰীক্ষা ভাল হৈছিল আগৰবাৰতকৈ , মনৰ লগতে শৰীৰো সমানে যোগাত্মক হৈ থাকিলেহে আচলতে সফলতা পাব পাৰি । পৰীক্ষা শেষ হৈছিল যদিও ঘৰলৈ গুচি যোৱা নাছিলোঁ , ডিম্পীবাৰ পৰীক্ষা আৰম্ভ হোৱাই নাছিল , ৰিমকি বাহঁত পৰীক্ষাৰ পিছতে একেবাৰে গুচি যোৱাৰ কথা , গতিকেই ঘৰলৈ নগৈ বাহঁতৰ লগত অলপ দিন একেলগে কটাবলৈকে থাকিলোঁ হোষ্টেলত । মাৰ অভিমান হৈছিল , পৰীক্ষা শেষ কৰিও ঘৰলৈ নোযোৱাৰ কাৰণে অথৱা ভয় খাইছিলে জীয়েকে প্ৰেমত হাবু ডুবু খাই প্ৰেমিকৰ লগত সময় কটাবলৈকে ঘৰলৈ নোযোৱাকে আছিল বুলি । পিছে চেষ্টা কৰিও প্ৰেমত পৰিব নোৱাৰিছিলোঁ , প্ৰেম পিছে বাৰে বাৰে হৈছিল নজনাকৈয়ে । পিছে টুকুৰা টুকুৰি প্ৰেম হ’লে প্ৰেমত নো পৰিব পাৰে কোন !! কেতিয়াবা যদি কাৰোবাৰ চকু ভাল লাগে , কেতিয়াবা মাতটো , কেতিয়াবা কথা কোৱাৰ ধৰণটো , কেতিয়াবা এনেই অকণমান …. কোন প্ৰেমিকে পাগল হ’বলৈ বাৰু প্ৰেমত পৰে তেনে এজনী ছোৱালীৰ !! পিছে প্ৰেমত নপৰিলেও প্ৰেম যে হৈছিল তাতেই সুখী আছিলোঁ ।

মাৰ দৰেই অভিমানী হৈ উঠিছিল আৰু কোনোবা এগৰাকী , তাই যে মোৰ সবাতোকৈ মৰমৰ সখি , আজিও মোক সামৰি ৰাখিব পৰা বন্ধু , প্ৰয়োজনত চৰ মাৰি দিব পৰাকৈ আপোন , ৰাতি যিকোনো সময়তে মনৰ ফুৰ্তিৰে ফোন কৰি কথা পাতিব পৰা মৰমী সখিয়তী চৰাই , দুখবোৰ একেলগে পিব পৰা প্ৰাণৰ বান্ধৱী , আটাইতকৈ বেছি কাজিয়াৰ লগৰী , অতি অভিমানী । তাই অইন কোনো নহয় , তাই মোৰ আদৰৰ পলি , পলিস্মিতা । তাইৰ খবৰ নৰখাৰ বাবে তাইৰ খং উঠিছিল , এদিন ফোন কৰি মাত্ৰ এটা কথা কৈয়ে সামৰিছিল ফোন

” ভাল ?? মোৰ ভালেই “

কথাষাৰ শুনিয়েই গম পাইছিলোঁ খং কিমান পৰ্যায়ত উঠি আছিল তাইৰ , পৰীক্ষা শেষ কৰি এনেই পং পঙাই ঘুৰি ফুৰিছিলোঁ যদিও তাইৰ ওচৰলৈ এবাৰো যোৱা নাছিলোঁ , আচলতে পৰীক্ষাৰ সময়ত বেলেগ কোনোবা গ’লে হোষ্টেলৰ ছোৱালীবোৰে ভাল নাপায় বাবেই যোৱা নাছিলোঁ । ফোন পাইয়েই আবেলিলৈ লগ হৈছিলোঁ দুবৰি পলি আৰু মই । তাইৰ হোষ্টেলৰপৰা একেবাৰে সুন্দৰবড়ি হৈ শদিলাপুৰেদি খোজ কাঢ়ি কথা পাতি ঘুৰি ফুৰিছিলোঁ আমি , তাইক অলপ বেলেগ লাগিছিল , প্ৰথম প্ৰেমত পৰা আভাৰে গাল দুখন ৰঙচুৱা হৈছিল যদিও একো কোৱা নাছিল আমাক । পিছে মৰমী বান্ধৱীৰ অভিমান ভাঙি একেলগে ফাঁচী বজাৰলৈ গৈ বজাৰ কৰি আনিছিলোঁগৈ পূজালৈ বুলি কিবা কিবি ।

শৰৎ । শৰৎ বিশেষ , সকলোৰে বাবে বিশেষ । শেৱালি কেৱল গছতে নুফুলে বহুতৰ বুকুতো ফুলে এই ঋতুত । তাইৰো তেনেই হৈছিল , পিছে ফুলিবলে ধৰা শেৱালি পাহি বুকুতে সযতনে থৈ দিলে , কাকো নেদেখুৱাকৈ । আমিও উতনুৱা হৈছিলোঁ আগতকৈ । মইনা জোকোৱাৰ সাহস কৰিছিলোঁ তেতিয়ালৈ । আটাইতকৈ সুবিধাজনক মইনা জোকাব পৰা ৰূমটোৱেই আছিল জীনাবাহঁতৰ ৰূমটো । মইনা অহিলেই ষ্টাডি লিভত পঢ়ি থকা জীনাবায়ে পিতিককে উঠি গৈ খবৰ দি আহেগৈ ” ঐ ছোৱালী মইনা আহিছে আহহঁত ” কি উছাহ মইনা জোকোৱাৰ ! গহীন গম্ভীৰ জীনাবায়ে সৰু সৰুকৈ মইনাই নুশুনাকৈ মইনা জোকোৱালে ইফালে জোনালীবাৰ ৰূমৰ পৰা জোনালীবা বৰ্ণালীবা মুন্মীবাহঁতে মইনাক ওপৰলে মূৰ তুলি চাব নোৱাৰাকে জোকাই মইনাৰ ঘাম বাজ কৰি দিয়ে । চিনিয়ৰৰ উৎসাহেৰে উৎসাহিত হৈ আমিও আৰম্ভ কৰি দিঁও মইনা জোকোৱাৰ অভিযান । মইনাবোৰ হিয়া উজাৰি জোকাঁও । এদিন ফুলাম চোলা পিন্ধি অহা আমাৰ হোষ্টেলৰ বা এগৰাকীৰ প্ৰেমিক মইনা এটাক এনেকৈ জোকাইছিলোঁ নহয় , পিছত বাটত লগ পালেও মোক তেনেকৈয়ে জোকাবলৈ কামোৰ দিয়ে ।

” মইনা কোন দৰ্জীয়ে চিলালে তোমাৰ ফুলাম চোলাটি / মইনা কোন দৰ্জীয়ে চিলালে তোমাৰ ফুলাম চোলাটি / সেই ফুলৰে ভমক লাগি মৰিল আমাৰ বাআআআইটি / মইনা কোন দৰ্জিয়ে চিলালে দিবানে আমাক এড্ৰেছটি ?? সেই চোলাকে পিন্ধি তুমি আহিলা হোষ্টেল লৈ বুলি…….”

নীলা চেলোৱাৰত পলি , লগত চুমি আৰু মই

আজৰি দিনকেইটাত দূবৰি , মই , কল্প আৰু সঞ্জীৱ গৈছিলোঁ বন্ধু টংকেশ্বৰ থাকিবলৈ লোৱা বিবেকানন্দ কেন্দ্ৰৰ পাণবজাৰ শাখাৰ কাৰ্যালয়টোত । তাৰ লগত মাজে মাজে আমি যোগাভ্যাসো কৰিছিলোঁ তাত , বন্ধুৱে বৰ মোহনীয়াকৈ বাঁহী বজাইছিল , প্ৰায়বোৰ বাদ্য যন্ত্ৰতে পাকৈত টিকুৱে পিছে বাঁহী বজালে একেবাৰে আপোন পাহৰা হৈ পৰে আৰু আমি শুনি থকাবোৰো তন্ময় হৈ পৰোঁ তাৰ বাঁহীৰ মাতত । দূবৰিয়ে তাক জোৰ কৰিছিল বাঁহী আমাকো শিকাবলৈ , মইও সমানে জেউৰ ধৰিলোঁ , পিছে ?? আমি বাঁহীত ফু দিয়াৰ লগে লগে বাঁহীয়ে যিহে মাত উলিয়ালে ইহঁতকেইটা হাঁহিত বাগৰি পৰিল , সঞ্জীৱে বোলে ” তহঁতে বাঁহীয়েই বজাইছনে জুইত বাঁহৰ চুঙাৰে ফু মাৰিছ বুজিয়ে পোৱা নাই অ’ই । ” আমি পিছে কেৰেপ কৰা বিধৰ নাছিলোঁ । বজাইয়েই থাকিলোঁ , বজাবহে লাগে আমি , সুৰ নহ’লেও হ’ব । সুৰত বজাবলে বাকীবোৰ আছিলেইচোন ।

সেই কেইদিনতে মোলৈ প্ৰায়ে ফোন আহিছিল মোৰ দোষ্টীৰ , আমাৰ ডিপাৰ্টমেণ্টৰ গান বলিয়া আমাৰ চিনিয়ৰ ল’ৰাটোৰ । সুমনদাহঁতেও মাজে মাজে ফোন কৰাৰ দৰেই তেঁওও কৰিছিল যদিও তেঁওৰ প্ৰসংগ আছিল বেলেগ , তেঁওযে প্ৰেমত পৰিছিল দূবৰিৰ , প্ৰথম দেখাৰে পৰাই যে ভাল লাগিছিল তাইক । পিছে দূবৰিৰ দুচকুত যে আছিল এজন বেলেগৰ ছবি , যাক তাই দেখিছিলহে দূৰৈৰ পৰা , কথা হোৱাই নাছিল তেতিয়াও । আমি চমুৱাই প্ৰাক্তি বোলা ল’ৰাটোকনো কোন স’তে ভাল পায় তাই ? তাইযে হিয়াখনৰ এফাল আগুৰি আছিল জ্যোতি নামৰ এটা সত্তাই । তথাপিও দোষ্টীয়ে মোক লগ ধৰিছিল , মাৰ্কেটৰ পৰা সুন্দৰবড়িলৈকে খোজ কাঢ়ি গৈছিলোঁ একেলগে , তেঁও কৈ গৈছিল দুবৰিৰ কথা , দূবৰিক ভালপোৱাৰ কথা , মোক জনাবলৈ কৈছিল তাইক ভালপোৱাৰ কথা । উপায়ন্তৰ হৈছিলোঁ , ল’ৰাটোক যে একো বুজাব পৰা নাছিলোঁ আৰু দূবৰিকো একো ক’ব লগা নাছিল । তথাপিও তেঁওৰ এটা ক্ষীণ আশা আছিল , ভৰষা কৰিছিল মোক , কিজানিবা কিবা কৰি তাইক ক’ব পাৰোঁ , তাই কিজানি বুজেই । দোষ্টীৰ লগত কথা পাতি আৰু খোজ কাঢ়ি ভাগৰুৱা হৈছিলোঁ , মাৰ্কেটত আইচক্ৰীম খুৱাইছিলহি , আইচক্ৰীমৰ লগে লগে তেঁওৰ গলিবলে ধৰা চকুপানীখিনিও চকুৰ কোণত বিৰিঙি উঠিছিল , পিছে বৰ সযতনে লুকুৱাই পেলালে মোৰ পৰা ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৬

দুবছৰৰ আগতে নৱাগতা হৈ হোষ্টেলত সোমোৱা ছোৱালীকেইজনীয়ে গমকে নেপালে বছৰদুটাৰ সময়খিনি কেনিনো সৰকি গ’ল ! সেমেকা চকুৰ মুখবোৰ সেইদিনা সপ্ৰতিভ নাছিল , কিবা যেন নাই নাই বিষাদ এটাত ডুব গৈ আছিল বিদায়ী ছোৱালীবোৰ । তেতিয়ালৈ বহুতৰ প্ৰেক্টিক্যেল পৰীক্ষাবোৰ আৰম্ভ হৈছিলেই বাবে অনুষ্ঠানটো বিশেষ আড়ম্বৰতাৰে পাতিব পৰা নাছিলোঁ আমি , ২য় আৰু ৪ৰ্থ ষাণ্মাসিক দুয়োটাৰে পৰীক্ষাবোৰ আৰম্ভ হৈছিলেই প্ৰায় , চিনিয়ৰ সকলে চূড়ান্ত পৰীক্ষাটোৰ লগত কোনোধৰণৰ হেমাহি অথৱা গাফিলতি কৰিব বিচৰা নাছিল , কাৰণ এই পৰীক্ষাৰ পিছতেই যে আৰম্ভ হয় জীৱন যুঁজৰ প্ৰকৃত যুদ্ধখন । অনুষ্ঠানত অনাড়ম্বৰতা আছিল যদিও আমাৰ উৎসাহ আছিল অত্যন্ত আড়ম্বৰপূৰ্ণ , তেঁওলোকৰ শিক্ষাৰ্থী জীৱনৰ শেষ আনুষ্ঠানিক বিদায়ত যাতে অকণো আওহেলা নহয় তাৰবাবে আমি সকলোৱেই বৰ সচেতন হৈ পৰিছিলোঁ ।

কামবোৰৰ মাজে মাজে ঘোৰ জুনিয়ৰ কালত কিছুমানে লোৱা সংকল্পবোৰ মনত পৰি হাঁহি উঠি গ’ল , কেইবাজনী বাকো নমতাৰ তাহাঁতৰ সিদ্ধান্তবোৰ কেনি কৰ্পূৰৰ দৰে উৰি গ’ল সংকল্প লওঁতাকেইজনীয়েই পাহৰি গ’ল চাগে । সকলোবোৰ সহজ হৈছিল , সময়ো আগুৱাইছিল , জুনিয়ৰবোৰে জুনিয়ৰৰ খোলাটোৰপৰা ওলাই আহি চিনিয়ৰৰ বুকুত বগাব পৰা হোৱাৰ সময় আছিল সেইখিনি । চিনিয়ৰসকলেও প্ৰায় এবছৰে ওলোমাই লোৱা কঠিন খোলাটোৰ পৰা ওলাই আহি ঘৰুৱা হৈ পৰিছিল একেবাৰে , ইমানদিনে অনুশাসনত ৰখা জুনিয়ৰবোৰলে বেয়া লাগিছিল চাগে , তথাপিও দুগৰাকীমানে আমাক বাৰে বাৰে সঁকীয়াই দিলে আমি যাতে আমাৰ জুনিয়ৰক একেবাৰেই মূৰত নুঠাঁও , নহ’লে চিনিয়ৰ হৈও আমি পাত্তা নাপাম । কেইবাগৰাকীয়েও মোক কটাক্ষ কৰি কোৱা কথাখিনিত আমাৰ লগৰ বহুতেই সমৰ্থনো জনাইছিল , আচৰিত হৈছিলোঁ সমৰ্থন জনোৱা মুখবোৰ দেখি , তেঁওলোকেইচোন জুনিয়ৰৰ নিয়ম মানি আটাইতকৈ বেয়া পাইছিল , তেনেস্থলত ?? হয়তো চিনিয়ৰৰ খোলাটোত কুৰুকি কুৰুকি সোমাই পৰাৰ সময় আছিল সেইখিনি । পিছে অন্তৰৰ ইচ্ছাক সদায়েই সন্মান জনোৱা মোৰ ভিতৰৰ মানুহজনীয়ে কোনো কথাতেই কোনোধৰণৰ প্ৰতিক্ৰিয়া নজনালেচোন । চিনিয়ৰ নামৰ চোলাটো পিন্ধিলেও জানো ভিতৰৰ মানুহজনী সলনি হ’ব ? বুকুৰ ঢুকঢুকনিটোচোন আৰু বাঢ়িহে গ’ল ।

খোৱা বোৱা অথৱা ডেকোৰেশ্যনৰ বিভাগটো আমাৰ ৰেশ্মা ডলি ৰুণা হিমাদ্ৰি অজন্তাহঁতে বৰ সুন্দৰকৈ পৰিচালনা কৰি নিলে , পুৱাই আমি কেইবাজনীও শুক্ৰেশ্বৰ মন্দিৰলৈ গৈ পৰীক্ষাৰ্থী সকলৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে মন্দিৰৰ ৰঙা সূতাও লৈ আহিছিলোগৈ , তেঁওলোকৰ মণিবন্ধনত বান্ধি দিবলে বুলি । আবেলিলৈ সাজু হৈছিল সকলো , লীলাৱতী বাইদেউ আহি পোৱা নাছিল , আহি পোৱা নাছিল আমাৰ সোঁৱৰণীৰ সঁফুৰাৰ টোপোলাটোও , চিন্তা হৈছিল বৰ , হুকুম দাৰ প্ৰেছত প্ৰিণ্ট হৈ থকা কিতাপ কেইখনলৈ মনত পৰি বুকুখন ধৰফৰাই উঠিল । প্ৰাৰ্থনা হৈ যোৱাৰ পিছতে সভা আৰম্ভ হোৱাৰ আগে আগে লভিতাহঁত আহি পাইছিল , পিছে খুলি চাবলৈও সময় নাছিল তেতিয়া , আমি অকণমান প্ৰসাধন কৰি ভাল কাপোৰ এসাজ পিন্ধি নামি আহিলোহঁত ।

দুচকুত ৰঙীন সপোন লৈ জালুকবাৰীত ভৰি থোৱা জামুকলীয়া সপোন যেন ছোৱালীবোৰ জালুকবাৰীৰ দুৱাৰডলিত ৰৈ আছিল তেতিয়া , এই যেন দুৱাৰ মুকলি কৰিব আৰু যাঁও নেযাঁও খোজেৰে পিছলৈ ঘুৰি নোচোৱাকৈ ঢুলঢুলীয়া চকুৰে নিজ বাটে বাট বুলিব … সেউজ কৃষ্ণচূড়াবোৰ তেজাল হৈ ঈষৎ হালধীয়া হৈ সৰি পৰিব যেন , বুকুখন যে কিমান ৰিক্ত হৈ পৰিছিল , মাকৰ ঘৰখন এৰি যোৱাৰদৰেই । পিছে জালুকবাৰীৰ আকাশে বতাহে অনুৰণিত হৈ ৰ’ব সেই খিলখিল হাঁহিবোৰ , হেঁপাহৰ উশাহবোৰ , উশাহে উশাহে ফুলাব খোজা কপহুৱা কঁহুৱাবোৰ । তেঁওলোকৰ যেন

” বুকুত এজাক ধুমুহা / ওফন্দি উঠিছে ঢৌ / অ’ বাঢ়নী নৈ কৈ দে মোক কৈ / মোৰ যাবৰ হ’লনে নৌ “

লীলাৱতী বাইদেউৰ সাৰুৱা ভাষণেৰে আৰম্ভ হৈছিল সভাখনি । তাৰপিছতেই ‘ সোঁৱৰণীৰ সঁফুৰা ‘ ৰ উন্মোচনী , আকৌ বাঢ়িছিল সেই ঢুকঢুকনিটো , কেনে বা হৈছে ! ভাল বুলিবনে বেয়া ! কাৰোবাৰ আঘাত লাগিবনেকি ! ইত্যাদি…

বাইদেউৱে আলফুলে খুলিছিল সেউজীয়া জিলজিল কাগজৰ ৰঙা ফিটাৰে বন্ধা টোপোলাটো , টোপোলাটোৰ পৰা এজাৰ ৰঙী বেটুপাতৰ ‘ সোঁৱৰণীৰ সঁফুৰা ‘ এখন । বিলাই গ’লোঁ এখন এখনকৈ চিনিয়ৰৰ হাতে হাতে , সকলোৱে হাতচাপৰিৰে আমাক অভিনন্দন জনালে । ভাল হৈছিল , সফল হৈছিলোঁ আমাৰ প্ৰচেষ্টাত । অনভিজ্ঞ ছোৱালীকেইজনীৰ মুখত হাঁহিৰ লগতে বৈ গৈছিল এক অহংবোধ ।তেঁওলোক গৰ্বিত হৈছিল । আটাইতকৈ ভাল লগা শিতানটো পঢ়ি বৰ আমোদ পাইছিল সকলোৱে , লগে লগেই তেঁওলোকক সম্বৰ্ধনা জনাইছিলে সেই বিশেষ উপহাৰৰ টোপোলাটোৰে । লিমাৰিকবোৰ আৰু নামবোৰ শুনি সকলোৰে মুখে মুখে হাঁহিয়ে ঢৌৱাই যোৱাৰদৰেই বুকুৱে যে এক চেঁচা শিহৰণ বৈ গৈছিল চকুবোৰ দেখিয়েই বুজি পাইছিলোঁ । পৰিৱেশিত অনুষ্ঠানবোৰৰ ভিতৰত আকৌ এবাৰ প্ৰদৰ্শন কৰিছিলোঁ ডিপাৰ্টমেণ্টত নচা পুতলাৰ নাচটো । বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব পৰা নাছিলোঁ কেৱল পৰীক্ষাৰ বাবেই , তথাপিও সুখী হৈছিল তেঁওলোক অনুষ্ঠানটোত । চকুপানীবোৰ একাকাৰ হৈছিল , বাইদেউ যোৱাৰ পিছত আমিও এৰি দিছিলোঁ তেঁওলোকক নিজৰ সময়খিনি উপভোগ কৰিবলৈ , আৰু বেছি মৰমবোৰ ভগাই ল’বলৈ , চকুপানীৰে দুগাল সিক্ত হোৱা এজনীয়ে আনজনীক সমস্ত আৱেগেৰে সাৱটি ধৰি হোষ্টেলীয়া জীৱনৰ দুখবোৰ পাহৰি কেৱল সুখবোৰেৰে উমলিবলৈ ।

লভিতাৰ লগতে আমাৰ সকলোৰে এটাই চিন্তা হৈছিল নাম আৰু লিমাৰিকৰ বাবে যাতে কোনেও মনত দুখ নাপায় , লিমাৰিকৰ বেছিভাগেই তাই লিখা আছিল ( কম ভাগ আমিয়েই লিখিছিলোঁ) । পিছে প্ৰশংসাৰে বুৰাই পেলাইছিল আমাক পিছদিনা পুৱা , সজীৱ মুখবোৰ সেইদিনা উখহি আছিল , হয়তো বহুত কন্দাৰ বাবে অথৱা টোপনি খতিৰ বাবে । পিছে আৱেগক প্ৰশ্ৰয় নিদি ব্যস্ত হৈ পৰিবলে বাধ্য হৈ পৰে সকলো , যিহেতু জালুকবাৰী দুবছৰীয়া মোহ মাথোঁ , তাতে চেমিষ্টাৰৰ সাংঘাতিক ব্যস্ততা ।

সোঁৱৰণীৰ সঁফুৰাত প্ৰকাশিত লভিতাৰ কবিতাটোৱে যেন পলকতে আঁকি পেলাইছিল জালুকবাৰীৰ ছবিখন ।

লভিতা আৰু তিৰুৰ কবিতা দুটা

পিছদিনাখন আমি ব্যস্ত হৈ পৰিছিলোঁ অনুষ্ঠানটোৰ সামৰণিৰ কাম এটাত , সোঁৱৰণীৰ সঁফুৰা প্ৰকাশৰ বাবে বৰঙণি দিয়া সকলো প্ৰতিষ্ঠানকে একোটাকৈ কপি কৃতজ্ঞতাৰ চিন স্বৰূপে দি আহিছিলোগৈ , থানালৈও গৈছিলোঁ , মোছাল বিষয়াজনে এইবাৰ আৰু একাপ ভাল চাহ খুৱাই আমাৰ মুখৰ আগতে মেলি লৈছিল আমাৰ মৰমৰ কিতাপখন , বাহ্ বাহ্ দিছিল , আগলৈও এনে কামত সহায়ৰ প্ৰতিশ্ৰুতিৰে থানাত উপস্থিত থকা সকলোৱে আমাক প্ৰেৰণা দিছিল । এইবোৰেই আছিল আমাৰ জীৱন দায়িনী প্ৰেৰণা , পিছে বেয়া পোৱা মানুহ আৰু অভিমান কৰা মানুহৰো অভাৱ নাছিল । ভাল কামক উপহাস কৰা মানুহক বাদ দি অভিমানী সকলৰ অভিমান ভাঙিছিলোঁ , অভিমান আছিল তেঁওলোকৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপন মাজত প্ৰকাশ কৰা বাবে , শেষ পৃষ্ঠাত ওলোৱাটোহে বিচাৰিছিল তেঁওলোকে । পিছে কিবাকিবি কৈ যেনেতেনে জগৰ ভাঙি আহিছিলোঁ শুভাকাংক্ষা থকা মানুহবোৰৰ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৫

‘ সোঁৱৰণীৰ সঁফুৰা ‘ ৰ কামত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিলোঁ আমি কেইজনীমান , বিশেষকৈ যিকেইজনী দায়িত্বত আছিলোঁ । ক’ৰপৰা কেনেকৈ লেখা সংগ্ৰহ কৰা হ’ব , বাহিৰৰ লেখা , হোষ্টেলৰ আৱাসীবোৰৰ লেখা আকৌ সেইবোৰৰ পৰা প্ৰকাশ কৰিব পৰা লেখাবোৰ নিৰ্বাচন কৰা ঢেৰ কাম । তাতোকৈ ডাঙৰ কথাটো আছিল আলোচনীখন প্ৰকাশ কৰিবৰ বাবে প্ৰয়োজনীয় পুঁজি যোগাৰ কৰাটো , বিদায় সভাখন পাতিবৰ বাবে আমি আমাৰ লগৰ খিনিৰপৰা এটা বিশেষ পৰিমাণৰ টকা উঠাইছিলোৱেই , আমাৰ ঘৰৰ পৰা অহা হাতখৰচৰ পৰাই বাৰু সেইখিনি মিলাই লৈছিলোঁ আমি , কিন্তু আমাৰ লগৰ বহুতৰে সেইখিনি পইচা উপৰুৱাকৈ দিয়াৰ পিছত হাতখৰচৰে টনাটনি হৈছিল , সেয়েহে মুখপত্ৰ খন প্ৰকাশৰ বাবে আমি যথেষ্ট চিন্তিত হৈ পৰিছিলোঁ । আমাৰ সমস্যাৰ বিষয়ে আমাৰ কেইগৰাকীমান বায়ে গম পাই আমাক দিহা পৰামৰ্শ আৰু সহায় কৰাৰ আশ্বাস দিলে , আমাৰ লগৰে আকৌ কেইবাগৰাকীয়েও আৰ্থিক অসুবিধাৰ অচিলা লৈ সেইখন প্ৰকাশ কৰাত অসন্মতিৰ লগতে অসন্তুষ্টিও প্ৰকাশ কৰিলে ।

পিছে সমস্যা দেখিলেই পিছ হোঁহকা বিধৰো নাছিলোঁ আমি , আকৌ এবাৰ অন্তৰৰ একান্ত ইচ্ছা পুৰণ হোৱাৰ বাট মুকলি হৈছিল , চিনিয়ৰ সকলে কিন্তু আমাক সেইখন প্ৰকাশ কৰাত যথেষ্ট উৎসাহিত কৰিলে লগতে তেঁওলোকেও বৰঙনি দি আমাক সহায় কৰিবলে আগবাঢ়ি আহিল , পিছে আমি তেঁওলোকৰ পৰা বৰঙনি লৈ মুখপত্ৰ প্ৰকাশ কৰাৰ বাবে সন্মত নহ’লোঁ । ডিম্পীবা ৰূমত নথকাৰ সময়কণতে আমি গোটেইকেইজনী আমাৰ ৰূমতে আলোচনাত বহোঁ , হাতে হাতে চাহৰ কাপ লৈ কথাৰ মহলা নামাৰি আঁচনি তৈয়াৰ কৰোঁ কেনেদৰে চিনিয়ৰৰ পৰা আৰ্থিক সাহাৰ্য্য নোলোৱাকৈ আমাৰ কামত আগবাঢ়িব পাৰোঁহক । জীনাবায়ে আমাক কৈ গ’ল তেঁওলোকে কেনেকৈ সেইখন প্ৰকাশ কৰিছিল , তেঁওলোকেও যে বহু সমস্যাৰ সন্মুখীন হৈছিল , পিছে দান বৰঙনিৰ সহায়েৰে তেঁওলোক সক্ষম হৈছিল সোঁৱৰণীৰ সঁফুৰাক আকৌ পোহৰলে আনিবলৈ । জীনাবায়ে তেঁওলোকে প্ৰকাশ কৰা কপিটো লৈ বুজাই দিলে কেনেকৈ দান বৰঙনি সংগ্ৰহ কৰিব পাৰি , লগতে সেইয়া সংগ্ৰহ কৰিবলে যাঁওতে হোৱা বিভিন্ন অসুবিধাৰ কথা , তেঁওলোকৰ অভিজ্ঞতাৰ কথা । কথাখিনি শুনিয়েই মনলে সাহ আহিল আৰু জীনাবাক একাষৰীয়া কৰি আমি আকৌ হাতত গৰম চাহৰ পিয়লা লৈ আলোচনাত বহিলোঁ । চিনিয়ৰৰ পৰা লেখা লোৱাৰ বাহিৰে তেঁওলোকক আমি কি কৰিছোঁ বা কেনেকৈ কৰিছোঁ তাৰ একো উমানকে নিদিলোঁ , যাতে বিদায়সভাৰ দিনাখন সেইটো তেঁওলোকৰ বাবে আশ্চৰ্য হৈ পৰে । সেইবাৰ এটা নতুন কলম ৰখাৰ কথা চিন্তা কৰা হ’ল , বিভিন্ন হোষ্টেলৰ প্ৰিফেক্ট আৰু অন্যান্য শুভাকাংক্ষী সকলৰ একলম ।

এফালে ডিপাৰ্টমেণ্টৰ এটাও বিৰতি নোহোৱাকৈ ক্লাছৰ ভৰপক , আগন্তুক পৰীক্ষাৰ প্ৰস্তুতি আনফালে সোঁৱৰণীৰ সঁফুৰা প্ৰকাশৰ টেনশ্যন । তাৰমাজতো কিন্তু দূবৰিয়ে মইয়ে দুয়োজনীয়ে নিজৰ বন্ধুৰ পৃথিৱীখনৰ পৰা নিজকে দূৰ কৰি পেলোৱা নাছিলোঁ , দায়িত্ব আৰু কৰ্তব্যবোৰৰ মাজতে আমি ডিপাৰ্টমেণ্টৰ বন্ধু বান্ধৱবোৰৰ মৰমৰ আব্দাৰবোৰো পূৰ কৰি গ’লোহঁক । হোষ্টেল আৰু পঢ়াৰ ব্যস্ততাই আমাক আৰু শক্তি দিলে , দূবৰিও তাইৰ হোষ্টেলৰ বিদায়সভাৰ বাবে ব্যস্ত হৈ পৰিল । সেইকেইদিনত হোষ্টেলত থকা সকলোৰে প্ৰায় একেটাই আলোচনা ‘ বিদায় সভা ‘ লগতে হোষ্টেলৰ আৰু ডিপাৰ্টমেণ্টৰ । পিছে যিমানেই এই বিষয়ত আলোচনা হ’ল , সিমানে বুকুখন গধুৰ হৈ পৰিল , এবছৰৰ পিছৰ নিজকে কল্পনা কৰি মনটো আৰু বেদনাসিক্ত হৈ পৰিল । প্ৰত্যেকৰে একেই অনুভৱ যেন , তথাপিও পিছে কোনেও কাৰোৰে আগত নিজক প্ৰকাশ নকৰে । সকলো সুখী ভাৱতে থাকে । বিদায় সভাৰ সমান্তৰালভাৱে অলপ গুপুতে দল পাতি আলোচনা কৰাৰ বিষয়টোৱে আৰু প্ৰাধান্য পাইছিল , সেইটো আছিল সম্ভাৱনীয় প্ৰিফেক্টৰ পদত কোন কোন থাকিব তাৰ পূৰ্বানুমান ।

লীলাৱতী বাইদেউৰ পৰামৰ্শমতে হোষ্টেলৰ বিদায়সভাৰ দিন ঠিক হ’ল ১৫ ছেপ্টেম্বৰ , বুধবাৰ ২০০৪ । পিছদিনা সম্ভৱতঃ কিবা বন্ধ আছিল । ফ্ৰেচাৰ্ছৰ পিছত আমাৰ হাতত সময় আছিল মুঠতে ১০ দিন , তাৰে আলোচনা বিলোচনাত ৫ দিনামান গৈছিলেই , গতিকে ৪ / ৫ দিনৰ ভিতৰতে আমাৰ বহুত কৰণীয় আছিল , হল ঠিক কৰা , খানা ঠিক কৰা , নিমন্ত্ৰণী চিঠি লিখা , তেঁওলোকৰ বাবে উপহাৰ ঠিক কৰা , অতিথি নিমন্ত্ৰণ কৰা আদি ঢেৰ । তাতোকৈও ডাঙৰ কথা আছিল মুখপত্ৰ খন প্ৰকাশ কৰা । দায়িত্ববোৰ ভগাই লৈছিলোঁ আমি , তথাপিও প্ৰতিক্ষেত্ৰতে ভূমিকা গুৰুত্বপূৰ্ণই আছিল , আলোচনীৰ সম্পাদনাৰ দায়িত্ব আৰু সহযোগীৰ দায়িত্ব যিহেতু যুটীয়াভাৱে দিয়া হৈছিল , গতিকেই দায়িত্বও ভাগ হ’ল । প্ৰুফ চোৱা , লেখা সংগ্ৰহ আৰু নিৰ্বাচনৰ দায়িত্বত তিৰু আৰু লভিতাকে মুখ্য কৰি এখন সমিতি আৰু বৰঙনি সংগ্ৰহৰ বাবে জিনাক্ষি আৰু মোক লৈ আনকেইজনীমান ছোৱালীৰ এটা দল ঠিক হ’ল । আমাৰ দলত ৰিতুও চুপাৰ এক্টিভ হৈ থাকিল ।

মিতব্যয়ী অথচ অপূৰ্বকৈ বিদায় সভাখন আয়োজন কৰিবলৈ আমি প্ৰস্তুত হৈছিলোহঁক , সেয়েহে নিমন্ত্ৰণী পত্ৰখন চপোৱাৰ পৰিৱৰ্তে আমি হোষ্টেল চৌহদৰ কাঞ্চনজোপাৰ পৰা কাঞ্চনৰ পাত চিঙি আনি ডাঙৰ কিতাপৰ মাজত শুকাবলৈ বুলি সুমুৱাই ৰাখিলোঁ , আগতে হয়তো কেতিয়াও কোনেও গছৰ পাতত বিদায়সভাৰ নিমন্ত্ৰণী পত্ৰ দিয়াৰ নজিৰ হোষ্টেল বোৰত নাছিল , ভালো লাগিল কথাটো ভাবি । চিনিয়ৰসকলৰ বাবে উপহাৰৰ টোপোলা দিবলৈ বুলি পাণবজাৰৰ পৰা হেণ্ডমেইড পেপাৰ লৈ অনা হ’ল , তাৰপৰা সৰু সৰু ধুনীয়া বাকচ বনাবলৈ অমুকীয়েই বাৰু প্ৰশিক্ষণ দিলে সকলোকে , অকণমানি ধুনীয়া ৰং বিৰঙী বাকচবোৰৰ ভিতৰত ভৰাই দিবপৰাকৈ অকণমানি আকাৰৰ গীতা একোখনকৈও কিনি অনা হ’ল , উদ্দেশ্য সেই বাকচটো যাতে ভৱিষ্যতেও সুন্দৰকৈ সজাই ৰাখিব পাৰে । বাকী খোৱা বোৱা , ডেকোৰেশ্যন এইবোৰ কামত আমি হাত নিদিয়াকৈয়ে হৈ থাকিল ।

সোঁৱৰণীৰ সঁফুৰা প্ৰকাশ কৰাটো আমাৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিছিল , জিনাক্ষি আৰু মোৰ উশাহ ল’বলৈও যেন অৱকাশ নাছিল , উঠি পৰি লাগিছিলোঁ বৰঙনি সংগ্ৰহত , ছান্দা বিচাৰি পোৱা নাছিলোঁ কেতিয়াও আগতে , সেয়ে আছিল দুয়োজনীৰ বাবে প্ৰথম অভিজ্ঞতা । পিছে কোনোদিন ক’তো অপ্ৰীতিকৰ কোনো পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱা নাছিল , বৰং মেঘালীত কত কাপ ফ্ৰি চাহ খালোঁ তাৰ ঠিক নাই সেইকেইদিনত । বৰঙণি আৰু বাজেটৰ হিচাপত তেনেই কম টকাৰ ব্যৱধান আছিল , সেইক্ষেত্ৰত অৱশ্যে আমাক জিনাক্ষিৰ বিশেষ বন্ধুৱে বহুখিনি সহায় কৰিছিল । মুখপত্ৰৰ বাজেটলৈ আৰু অলপ টকা হ’লেই হৈ যায় , পিছে মাৰ্কেটৰ প্ৰায় সকলো দোকানৰ পৰাই আমি বৰঙনি সংগ্ৰহ কৰিছিলোহঁক , সেয়েহে জালুকবাৰীৰ ফালে ওলাই গৈছিলোঁ দুয়োজনী । প্ৰেছটোও তাতেই আছিল , তিৰু লভিতাক মাত লগাই প্ৰেছৰ পৰা ওলাই গৈয়ে আমি একো নভবাকৈয়ে সোমাই গৈছিলোঁ জালুকবাৰী থানালৈ । লভিতাৰ হেনো সেইদিনা পৰীক্ষা এটাও থাকি গ’ল দিবলে , পিছে কোনোবা চাৰ এজনৰ সহৃদয়তাত দিব পাৰিলে কিছু পলমকৈ । তেনেকুৱাই আছিল ব্যস্ততা , তেনেকুৱাই আছিল অন্তৰৰ অন্তৰতম ইচ্ছা , অদমিত হেঁপাহ । য়ুনিভাৰ্ছিটি মানে কেৱল ক্লাছ আৰু চেমিনাৰ এচাইনমেণ্টেই নহয় , য়ুনিভাৰ্ছিটি মানে আৱেগ , সহৃদয়তা ।

থানাত কিবা আপত্তি কৰিবলৈকে গৈছোঁ বুলি ভাবি আমাক বৰ আথেবেথে বহুৱালেও , য়ুনিভাৰ্ছিটিৰ হোষ্টেলৰ কত কেছ তেঁওলোকৰ তাত পৰি থাকি থাকি ফাইল বন্ধ হৈ যায় তাৰ কোনো হিচাপ নাথাকে । আমাকো কিবা এণ্ট্ৰি দিবলে যোৱা ভাবিছিল হ’বলা । চাহ এপিয়লাও যাচিলে মোছাল বিষয়া এজনে । পিছে আমাৰ উদ্দেশ্য শুনি তেঁওলোকৰ হাঁহিয়েই উঠিল , থানাত বৰঙনি বিচাৰি নাহে নহয় বুলিও ক’লে কোনোবা এজনে । পিছে আমি জানো কম জেলুকৰ পোৱালি আছিলোঁ ? আমি এনেই বৰঙণি নিনিও যে তেঁওলোকক বুজাই ক’লোঁ লগতে বাকী দোকানবোৰৰ এড দিয়াৰ দৰেই সেই থানাৰো ভাল গুণ বখানি কিবা এটা লিখি দিয়াৰ কথাও ক’লোঁ । থানাৰ বিষয়াজনে পিছে আৰু একো নুসুধি আমাক কিতাপখন প্ৰকাশ কৰিবলৈ টকা দুশ দি পঠিয়াইছিল লগতে কোনোধৰণৰ বিজ্ঞাপন অথৱা কৃতজ্ঞতা স্বীকাৰ সূচক কথা নিলিখিবলৈও কৈ পঠিয়াইছিল । আমাৰ বাবে সেইয়া বহুত আছিল , লগতে অভিজ্ঞতা আজীৱন মনত ৰৈ যোৱা বিধৰ আছিল , পুলিচৰ সাজযোৰৰ ভিতৰৰ মানুহকেইজন কিমান মৰমীয়াল বুজি পাই আহিছিলোঁ সেইদিনা । আৰু বেলেগে যাতে বৰঙণিৰ নামত আগলে দিগদাৰি নিদিয়ে তাৰবাবেই হয়তো তেঁওলোকৰ বিষয়ে উল্লেখ নকৰিবলৈ বাৰম্বাৰ কৈ পঠিয়াইছিল ।

১৫ ছেপ্তেম্বৰ দিনটো আহিছিল , চিনিয়ৰ বুকুবোৰ হয়তো উদাস হৈ পৰিছিল , কিজানি সেই পুৰাতন ঢুকঢুকনিটোও বাজি উঠিছিল বহুতৰে বুকুত , আমাৰ ফ্ৰেচাৰ্ছত তেঁওলোকৰ যি উৎসাহ আছিল তাৰ আধাও নাছিল বিদায় সভাখনৰ কাৰণে । সকলোৱে জালুকবাৰীৰ হ’ল্ডৌল বন্ধা চুক্তিখনৰ অন্তিম পৰ্যায়ত উপনীত হৈ দুবছৰীয়া দিনবোৰৰ হিচাপত লাগি গৈছিল । পুৱাৰ পৰা নিজম হৈ পৰিছিল হোষ্টেলটো । ঠিক কইনাঘৰীয়া বিয়াৰ পৰিৱেশ এটাই বিৰাজ কৰিছিল চৌপাশে , পিছে ব্যস্ততাৰ নহয় , বেদনাৰ …. বিচ্ছেদৰ ….. পুৰণিক এৰি নতুনক আদৰাৰ সপোন অথৱা দ্বিধাগ্ৰস্ত মন এটাৰ ……

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৪

জালুকবাৰী চিৰযৌৱনা । কোনেনো দি গ’ল জানো ইমান ৰং , অফুৰন্ত যৌৱন ! জালুকবাৰীৰ প্ৰতিজোপা গছেই উৎসাহ , প্ৰেমিক হিয়াৰ অাকুল বাসনা , প্ৰতিটো পাতত লিখা আছে চিৰ তৰুণ তৰুণী প্ৰেমিক পখীৰ গান । জালুকবাৰীৰ পখীৰ কলৰৱ হিয়া জুৰুৱা গান , পৰাণ শাঁত পেলোৱা অভিমানী গান । জালুকবাৰীত থাকি যোৱা , জালুকবাৰীৰ হোৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ গাতে জালুকবাৰীৰ বতাহজাকে ছটিয়াই যায় মুঠি মুঠি হেঁপাহ , সেয়ে বয়সে হাৰ মানিলেও হাৰ নামানে তাৰুণ্যতাই , আকুলতাই । ৰবীনদায়ে যেন ইয়াৰ প্ৰমাণ । ইয়াৰ প্ৰতিটো ধূলিকণাই দিয়ে এটি এটি এৰি থৈ যোৱা উশাহৰ বতৰা , জালুকবাৰীৰ আকাশে বতাহে ধ্বনিত হয় আৱেগভৰা হিয়াৰ স্পন্দন । সেয়ে জালুকবাৰী চিৰতৰুণ , চিৰনব্য ।

বিশ্ববিদ্যালয়খনি গঢ় লৈ উঠাৰেপৰা জীৱন গঢ়াৰ সপোন দেখা , জীৱনক ভালপাবলৈ শিকা প্ৰতিটো উশাহেই ৰৈ যায় জালুকবাৰীৰ বুকুত । গুলচৰ ৰংবোৰৰ দৰেই আৰু কৃষ্ণচুড়াৰ সতেজতাৰ দৰেই উজলি উঠে প্ৰত্যেকেই , শৰতৰ আকাশৰ দৰেই নিৰ্মল হৈ পৰে মনবোৰ , সেয়েহে জালুকবাৰী এৰি যাবলৈ বৰ কষ্ট পাই সকলোৱে । জালুকবাৰীয়ে যে শিকাই যায় জীৱন জীয়াৰ অন্য এক মাদকতা । এই মাদকতাত মতলীয়া হয় জালুকবাৰীলৈ অহা বিভিন্নজন , পঢ়ুৱৈ অথৱা বাটৰুৱা । জালুকবাৰীক উপভোগ কৰিবলৈ অনন্যভাৱে প্ৰয়োজন আৱাসিক জীৱন অৰ্থাৎ হোষ্টেলীয়া জীৱন । সেয়েহে জালুকবাৰীলৈ যিয়ে আহে তেঁও বয়সক জয় কৰিও ডেকা ডেকেৰী হৈ থাকিব পাৰে আজীৱন । এৰা জালুকবাৰী এৰি যোৱা অতিকে কঠিন , অতিকে… । পিছে সময়ৰ আহ্বানক জানো নেওচিব পাৰি ? দুবছৰীয়া অলিখিত চুক্তি খনৰ পিছতেই বাধ্য হৈ যায় প্ৰত্যেকজন জালুকবাৰী এৰি যাবলৈ , গৱেষণাৰ বাবে থাকিলেও সেই জীৱন হৈ পৰে অন্য এক জীৱন , ব্যস্ততাৰ জীৱন ।

আমাৰো ফ্ৰেচাৰ্ছ হৈ যোৱাৰ পিছৰেপৰাই আৰম্ভ হৈছিল পঢ়াৰ সাংঘাতিক ব্যস্ততা , প্ৰায় দুমাহ পঢ়াৰ লগত ভালদৰে সম্পৰ্ক নথকাৰদৰেই হৈছিল , পিছে ডিপাৰ্টমেণ্টৰ ছেমিনাৰ আৰু এচাইনমেণ্টবোৰৰ কথা আছিল সুকীয়া । ভাৰ্ছিটি ৱিক বা ফ্ৰেচাৰ্ছৰ ব্যস্ততাৰ মাজতেই যেনেতেনে কৰি গৈছিলোঁ এই দুয়োটা কাম , ভবাৰ দৰেই নহৈছিল যদিও বৰ এটা বেয়াও হোৱা নাছিল । আমাৰ দ্বিতীয় ষাণ্মাসিক আৰু চিনিয়ৰ সকলৰ চতুৰ্থ ষাণ্মাসিক পৰীক্ষা ওচৰ চাপি আহিছিল , সকলো পঢ়াত ব্যস্ত হৈ পৰিছিলোঁ , লাহে লাহে সন্ধ্যাৰ প্ৰাৰ্থনাৰ পিছৰ ব্যস্ততাবোৰ কমি গৈছিল , অলপ ৰিঙা ৰিঙা লগা হৈছিল সন্ধ্যাবোৰ । পিছে সন্ধ্যাৰ সময়ত নিজকে ব্যস্ত ৰাখিবলৈ প্ৰিয় কামবোৰৰ ভিতৰৰ চিলাইৰ কাম কৰিবলৈ লৈছিলোঁ , চিত্ৰাবায়ে গাৰোৱাৰ কৰিবলৈ দিছিল , চিলাইবোৰ পছন্দ কৰি , কেইবাযোৰাও চেলোৱাৰ কামিজৰ ডিঙি আৰু হাতৰ চিলাই কামো কৰিলোঁ লগতে আৰু এটা কাম কৰিলোঁ , কেইখনমান ৰুমালত ফুল তুলিলোঁ , চিনিয়ৰ কেইগৰাকীমানক শেষ পৰীক্ষাৰ শুভেচ্ছা জনোৱাৰ আৰু বিদায় উপহাৰ দিয়াৰ উদ্দেশ্যেৰেই । নিজেই চিলাই কৰি ভাল পাইছিলোঁ যদিও , বৰ্ণালীবা আৰু মিতালিৰ দৰে মিহি আৰু ধুনীয়া চিলাই পিছে কেতিয়াও কৰিব পৰা নাছিলোঁ । বৰ্ণালীবাৰ হাতচিলাই দেখি তবধ মনা নাছিলোঁ , হিংসাহে কৰিছিলোঁ , কেৱল চিলাইয়েই নহয় ডিজাইন আৰু ৰঙৰ মিলো বৰ ধুনীয়াকৈ কৰিছিল । বাৰ সমানেই মিতালিয়েও লিহিৰি আঙুলিৰে মিহি মিহি ফুল তুলিছিল । আজৰি পৰৰ আৰু একঘেয়ামিতা দূৰ কৰাৰ সুন্দৰ উপায় আছিল সেইবোৰ ।

লগতে বহুতো বাহিৰা কিতাপো পঢ়িছিলোঁ অৱশ্যে , আমাৰ ৰূমৰ আগৰ ৪২ নং ৰূমটো কিবা কৰিকৰী বিজুটিৰ বাবে বন্ধ হৈ পৰি আছিল , সেয়েহে আমি সেইটো ছোৱালী থকাৰ সলনি লাইব্ৰেৰি হিচাপে ব্যৱহাৰ কৰিছিলোঁ । গতিকেই বাহিৰা কিতাপ আৰু হোষ্টেললে অহা বাতৰিকাকত লগতে আমাৰ হোষ্টেলৰ পৰা প্ৰকাশিত ৱাল মেগাজিন আৰু বাৰ্ষিক মুখপত্ৰ ‘সোঁৱৰণীৰ সঁফুৰা ‘ খন তাতে সংৰক্ষণ কৰাৰ ব্যৱস্থাও কৰিছিলোহঁক । সোঁৱৰণীৰ সঁফুৰাখন প্ৰত্যেকবছৰে বিদায় সভাৰ দিনা প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল , পিছে দুখৰ বিষয় যে সেইখন কেতিয়াৰ পৰা প্ৰকাশ হৈছিল তাৰ কোনো সঠিক তথ্য নাছিল , আমি আমাৰ আগৰবছৰৰ প্ৰকাশটোহে পাইছিলোঁ যেনেতেনে , কিন্তু সেইখনতো সংখ্যা নম্বৰ আৰু বছৰ লিখা নাছিল বাবে আমাৰখন কোন সংখ্যা থিৰাং কৰিব পৰা নাছিলোঁ । মণিবাহঁতে কোৱা মতে আগৰেপৰা সেইখন প্ৰকাশ হৈছিল যদিও মাজতে বন্ধ হৈ গৈছিল , আকৌ মণিবাহঁত জুনিয়ৰ হৈ থাকোঁতেহে প্ৰকাশ কৰি উলিয়াইছিল , গতিকে সঠিক তথ্য নাছিল । পাঁচ ছয় সংখ্যামান হৈছিল বুলি অনুমানহে কৰিছিল সকলোৱে । দুখ লাগে এটা খুউব সুন্দৰ য়ুনিভাৰ্ছিটিৰ সংৰক্ষনযোগ্য সম্পদৰ কোনো সঠিক তথ্য নথকাৰ বাবে । এনেকৈ কিমানযে সম্ভাৱনা হেৰাই গৈছিল সেই মুখপত্ৰখনৰ লগতে ।

সোঁৱৰণীৰ সঁফুৰা প্ৰকাশৰ কথা ওলাইছিল আমাৰ মাজত । লগতে আলোচনা হৈছিল আমাৰ চিনিয়ৰসকলৰ বিদায়সভাৰ কথা , যিহেতু ফ’ৰ্থ চেমিষ্টাৰৰ পৰীক্ষা শেষ হোৱাৰ লগে লগেই কেইবাগৰাকীয়েও হোষ্টেল এৰিব বুলি গম পাইছিলোঁ , লগতে আমাৰো পৰীক্ষা চলিব বাবে আমিও সময় নাপাম ভালদৰে বিদায় সভাখন আয়োজন কৰাৰ । আমাক দেৰিকৈ হ’লেও ইমান আড়ম্বৰভাৱে আৰু সুন্দৰকৈ আদৰণি জনোৱা বাহঁতকনো কিদৰে আমি যেনতেন কৰি বিদায় জনাম ! সেয়েহে আমাৰ ফ্ৰেচাৰ্ছৰ পিছতেই আৰম্ভ হৈছিল বিদায়সভাৰ আলোচনাখন , লগতে সোঁৱৰণীৰ সঁফুৰা প্ৰকাশৰ কথা । সোঁৱৰণীৰ সঁফুৰাৰ আটাইতকৈ আকৰ্ষণীয় পৃষ্ঠাকেইটাই হৈছে বিদায়বেলাত চিনিয়ৰক লৈ লিখা লিমাৰিক বিশেষ পৃষ্ঠাকেইটা । আমাৰ নৱাগতা আদৰণিত যেনেদৰে চিনিয়ৰে আমাৰ নাম আৰু আমাক লৈ লিমাৰিক লিখিছিল , তাৰেই প্ৰতিফলন হৈছিল ইয়াত । লগতে আৰু এটা কথা আমাৰ মাজত আলোচনা হৈছিল , সেইটো হৈছে মণিবাৰ পৰৱৰ্তী প্ৰিফেক্ট পদৱীৰ দাবীদাৰ কোন হ’ব ! দাবীদাৰ বুলি এইকাৰণেই কোৱা হৈছে যে সেই পদৱীটো লৈ সেইসময়ত বহুতৰ মাজত প্ৰতিযোগিতাই হৈছিল । পিছে বহুসময়ত চিনিয়ৰৰ হস্তক্ষেপো থাকে এই বিষয়ত আৰু পৰাপক্ষত জোৰদাৰ চিনিয়ৰৰ জোৰদাৰ প্ৰাৰ্থী প্ৰক্ষেপিত হয় এই পদৰ বাবে । পিছে সেই কেইদিনত আমাৰ সেই আলোচনাই বিশেষ প্ৰাধান্য পোৱা নাছিল যিহেতু মণিবা তেতিয়াও প্ৰিফেক্ট হৈয়ে আছিল , পিছে মনে মনে কথাবোৰ তল পৰি থকা নাছিল ।

হোষ্টেলবোৰৰ বিদায়সভাৰ আয়োজন ডিপাৰ্টমেণ্টবিলাকতকৈ আগেয়ে হৈছিল , ডিপাৰ্টমেণ্টবোৰত আকৌ পৰীক্ষা শেষ হৈ যোৱাৰ পিছতহে সকলোবোৰ আজৰি হোৱাৰ পিছতহে বিদায় সভা অনুষ্ঠিত হৈছিল , সেইবাৰৰ ডিপাৰ্টমেণ্টৰ দায়িত্বও আমাৰেই আছিল । আহিনৰ আগমণে শৰতক আহ্বান কৰিছিল , আকাশখন ফটফটীয়া হৈ পৰিছিল , পেনপেনীয়া বৰষুণ কমি প্ৰায় নাইকিয়া হৈছিলগৈ , প্ৰেমিক হিয়াবোৰৰ কোনোবাখনি যদি আৱেগত উথলি উঠিছিল , কোনোবা এখনে আকৌ আগন্তুক বিচ্ছেদৰ তাড়নাত ছটফটাই উঠিছিল , তেনে সময়তে AT 9 boys ৰ আগৰ সেন্দুৰীয়া বাটটোৰ দুয়োকাষে মেটেকাবোৰ জকমকীয়াকে ফুলি উঠিছিল । মেটেকানিডৰাৰ প্ৰেমত জালুকবাৰীলে অহাৰ দিন ধৰি প্ৰেমত পৰিছিলোঁ , এপাহ মেটেকাৰ ফুল কিয়জানো বৰকে ল’বলে মন যোৱাৰ দিন আছিল সেইবোৰ । কৈছিলোঁ লগৰবোৰক মেটেকানিডৰা দেখি বহুবাৰ । এজাৰবুলীয়া মেটেকাফুলক কিয়নো ইমান উপেক্ষা কৰা হ’ল বুজিয়েই নাপাঁও , মেটেকাবুলীয়া বুলিচোন এটা ৰঙৰ নামো নহ’ল । পিছে মেটেকাফুলে চকু ছাঁত মাৰি বুকু শাঁত পেলোৱাৰ কোনোবা এটা আবেলি ক্লাছৰপৰা ৰূম গৈ পায়েই দেখিছিলোঁ দুৱাৰৰ খিলিটোতে এথোপা মেটেকাৰ ফুল গুজি থোৱা আছিল , দেখিয়েই মনৰ অনুভৱ কেনে হৈছিল কাকোৱেই বুজাব পৰা নাছিলোঁ । পিছে কোনে দিলে মেটেকাৰ ৰংসোপা আজিও ৰহস্য হৈয়ে থাকিল , আমাৰ লগৰে কোনোবাই , বা চিনিয়ৰ ৰিমকিবা বা ডিম্পীবায়ে মোৰ মেটেকাফুলৰ প্ৰেমৰ কথা জানিয়েই তেনেকৈ মেটেকাৰ ফুলথোপা দিছিল বুলি ভাবিছিলোঁ যদিও পিছে তেনে নাছিল । কিয় জানো বাৰে বাৰে মনলে আহিছিল এযোৰ চকুৰ কথা , বিশাল চকুযোৰৰ গৰাকীজনৰ কথা , কেনেবাকৈ গম পায় তেঁও দি পঠোৱা নাছিলতো ? পিছে কেনেকৈ দিব পাৰে ! তাকো ৰূমত ! বেছিকৈ নাভাবি ভাল লগাখিনিৰ সৈতেই মেটেকাফুলথোপা আলফুলে সামৰি থৈ দিছিলোঁ টেবুলৰ ওপৰতে কাপ এটাৰ ভিতৰত ।

আমাৰ পৰীক্ষা আৰু বিদায় সভাৰ ব্যস্ততাবোৰ আৰম্ভ হৈছিল , সন্ধ্যা প্ৰাৰ্থনাৰ পিছতেই চিনিয়ৰসকল নাথাকিলে আলোচনা কৰোঁ কি কি কৰিম , কেনেকৈ কৰিম ? সোঁৱৰণীৰ সঁফুৰাৰ দায়িত্বত থাকিলোঁ যদিও সম্পাদক পদ নল’লোঁ , এনেই ভাল লাগে চোন । আৰোপিত দায়িত্ব বুলিলে ভয়হে লাগে । আমাৰ হোষ্টেলৰ ৱাৰ্ডেন অসমীয়া বিভাগৰ প্ৰফেছৰ লীলাৱতী শইকীয়া বাইদেউক উপদেষ্টা কৰি জিনাক্ষি আৰু তিৰু যুটীয়া সম্পাদিকা হ’ল , সহ সম্পাদিকা হৈ থাকিলোঁ লভিতা আৰু মই । তাৰপিছত আৰম্ভ হৈছিল আমাৰ পৰিকল্পনাবোৰ । ৰাতিটোৰ ভিতৰতে বহুবোৰ আঁচনি তৈয়াৰ হৈছিল সকলোৰে সহযোগিতাত ।

বিদায় সভাৰ কিবা আয়োজনতেই হ’বপায় এদিন জিনাক্ষি আৰু হিমু মাইনা দুয়োজনী সন্ধ্যা লাগোঁ লাগোঁ সময়ত ক’ৰবাৰপৰা আহি আছিল , AT 9 ৰ ঠিক সন্মুখেৰে পাৰ হৈ আহিব খোজোঁতেই দুয়োজনীয়ে হঠাতে মুখৰ আগতে থপচকে সাপ এডাল সৰি পৰাত বৰ ভয় খালে আৰু হোষ্টেলৰ ফালে প্ৰায় দৌৰাদি দৌৰিবলে ধৰিলে , সিহঁতৰ গতি যিমানেই আগবাঢ়িল , সাপডালেও সমানে পিছে পিছে খেদি আহিল । দুয়োজনীয়ে সাপ সাপ বুলি যিমানে চিঞৰিলে , সাপডালেও সিমানে জপিয়ালে , ভয়ৰ কোবত তাহাঁতৰ ভৰি নচলা হ’ল , সাপডালো ৰ’ল , আকৌ আগুৱাই যাব খোজোঁতেই সাপডালেৌি গতি ল’লে লগে লগে AT 9 বাসী দুজনমান ধুৰন্ধৰে সজোৰে হাঁহি উঠিল । দুয়োজনীয়ে ভয়তে ভেবা লাগিল , সাপো ৰ’ল । হঠাতে কিবা মনত পৰাদি জিনাক্ষি আগুৱাই গ’ল হোষ্টেলটোৰ ফালে , সাপডাল ওচৰৰ পৰা চালে , সাপ নিথৰ । কেতিয়াবাই মৰি পৰি থকা নে কোনোবাই কোবাই মৰা সাপ এডাল ক’লা ঊলেৰে বান্ধি নচুৱাই থকা বীৰকেইজন পিছে গছৰপৰা নামি নাহিল , সাপৰ ভয়ত নহয় , সন্মুখত ফেঁট তুলি ৰৈ থকা বুঢ়ীমাকৰ ভয়তহে হ’বপায় পাতৰ আঁৰতে লুকাল সেই ধুৰন্ধৰকেইজন । তেঁওলোকে কৰি যিমান ৰস পালে আমি পিছে ঘটনাটো শুনি আৰু জিনাক্ষি – হিমাদ্ৰিৰ চেহেৰা তথা দৌৰ কেইটা মনত পেলাই সিমানেই ফুৰ্তি পালোঁ ।

চেল্যুট AT 9 বাসী । অসাধাৰণ তোমালোক । অসাধাৰণ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৩

ফ্ৰেচাৰ্ছ হোৱা মানেই জুনিয়ৰৰ খোলাটোৰ পৰা ওলাই যোৱা , ফ্ৰেচাৰ্ছ হৈ যোৱা মানেই জুনিয়ৰবোৰ চিনিয়ৰৰ সৈতে সমানে থাকিব পৰা , ফ্ৰেচাৰ্ছ হৈ যোৱা মানেই চেলোৱাৰ ৱিথ দোপাত্তাৰ অৱসান হোৱা , ফ্ৰেচাৰ্ছ হৈ যোৱা মানেই জুনিয়ৰ কালৰ বেছিভাগ ডিউটিৰপৰাই মুক্তি পোৱা , ভিজিটৰচ্ অহাত বাধা কমি যোৱা । বান্ধোনবোৰ শিথিল হৈ যায় যদিও মনৰপৰা কেতিয়াও উন্মুক্ত হ’ব নোৱাৰিলোঁ , জুনিয়ৰৰ খোলাটোৰপৰা ওলাই আহিব নোৱাৰিলোঁ , চিনিয়ৰসকলৰ বেছি কাষ চাপি গ’লো যদিও নিজকে অাসৈ দিব নোৱাৰিলোঁ । ফ্ৰেচাৰ্ছৰ ৰাতি বহুদেৰিলৈকে জুনিয়ৰ চিনিয়ৰৰ ভেদাভেদ নোহোৱাকৈ সকলোৱে ফুৰ্তি কৰিলোঁ , নাচিলোঁ । চিনিয়ৰসকলো যেন তেঁওলোকৰ চিনিয়ৰৰ খোলাটোৰপৰা ওলাই আহিল , মুকলি হৈ গ’ল , মনৰ হিচাপত মনৰ হেঁপাহত জুনিয়ৰহঁতৰ লগত কথা পাতিব পৰা হ’ল । অতিকে খঙাল বুলি ভবা আৰু গোমোঠা মাৰি থকা চিনিয়ৰকেইগৰাকীয়েও যে ইমান প্ৰাণখুলি জুনিয়ৰৰ লগত হাঁহিব পাৰে বা কথা পাতিব পাৰে সেইটো ভাবিবও পৰা নাছিলোঁ ফ্ৰেচাৰ্ছ হোৱাৰ পুৱালৈকে । তথাপিও দুগৰাকীমান বায়ে চিনিয়ৰগিৰি দেখুৱাই আমি যাতে নিয়মবোৰ নাভাঙো আৰু এৰাল ছিগা গৰু নহঁও তাৰ বিষয়ে সোঁৱৰাই দিলে । অৱশ্যে সেইবাৰ আগৰ খঙাল সুৰটোৰ ঠাইত মৰমভৰা অনুশাসনৰ সুৰহে ফুটি উঠিল । ফ্ৰেচাৰ্ছ হোৱাৰ লগে লগেই যে তেঁওলোকৰ মনবোৰ গধুৰ হৈ উঠিছিল সেইটো বৰকৈ অনুভৱ কৰিছিলোঁ

ৰাতি প্ৰায় দুইবজালৈকে আমি নাচিছিলোঁ , গান গাইছিলোঁ , হাঁহিছিলোঁ । তাতোকৈও ডাঙৰ কথা আমি বহুকেইজনীয়ে ছাদত লেপেটা কাঢ়ি বহি অথৱা ছাদতে দীঘল দি শুই ন – শৰতৰ আকাশখন আপোনভোলা হৈ চাই আছিলোহঁত নতুনকৈ আকাশ দেখা মানুহৰ দৰে । ৰাতিৰ আকাশখন যে ইমান সুন্দৰ হ’ব পাৰে বহুতেই হয়তো সেইদিনাহে অনুভৱ কৰিছিল , আমাৰ ৰূমৰ ৰেইন-ট্ৰি জোপাৰ লগত আমি একাত্ম হৈ পৰিছিলোঁ , এটা চেঁচা শিহৰণে ঢৌৱাই নিছিল আমাৰ দেহ , আমাৰ প্ৰাণ , কোনো নামি আহিব বিচৰা নাছিল ছাদৰপৰা । পিছে ৰাতি বাঢ়ি অহাৰ লগে লগে শীতল মলয়া ছাতি আৰু শীতল হৈ পৰাৰ লগে শৰাইঘাটৰ ওপৰেৰে পাৰ হৈ যোৱা তৰাৰ মালাডাল চাই সকলোবোৰ নামি আহিলোঁ । ৰূমত আহি বিচনাত পৰিহে আগদিনাৰ বিষটো আকৌ অনুভৱ কৰিছিলোঁ , তলপেটটো আৰু জোৰেৰে খামোচ মাৰি ধৰিছিল যেন কটাৰীৰে ৰেপি ৰেপি কোনোবাই কাটিহে দিছিল । ডিম্পীবাৰ যত্নত বহুখিনি ভালপাই শুই পৰিছিলোঁ পুৱতি নিশালৈ , কথা পতাটো দূৰৈৰে কথা সেই মুহুৰ্তত একো ভবাৰো শক্তি নাছিল আৰু । ভাগৰ আৰু বিষে জুৰুলা কৰা ছোৱালীজনী বিচনাত পৰাৰ পিছতে টোপনিত লালকাল দিছিলোঁ , পুৱা বহু পলমকৈ সাৰ পাইছিলোঁ , ডিম্পীবায়ে তেতিয়ালৈ মোৰ ভাগৰ দেওবৰীয়া পুৰি সব্জীৰ থালখন আনি টেবুলতে ঢাকোন মাৰি থৈ দিছিলহি ।

ফ্ৰেচাৰ্ছ হৈ যোৱাৰ লগতেই সলনি হৈছিল জুনিয়ৰবোৰৰ ৰেহৰূপ , বেশভূষা । তথাপিও পিছে চিনিয়ৰৰ প্ৰতি কাৰো সন্মান কমি যোৱা নাছিল , সাজযোৰৰ লগতে মনটো সলনি কৰিব পৰা নাছিল , জুনিয়ৰতে ফ্ৰেচাৰ্ছৰ পিছৰপৰাই নামাতিবলে পৰিকল্পনা কৰি থকা বাকেইজনীৰ লগত ছোৱালীবোৰ বেছি আপোনহে হৈছিল । পিছে মইহে পাহৰিছিলোঁ ডাঙৰ কথা এটা । শিক্ষক দিৱসৰ দিনা আমাৰ বৰা চাৰৰ ঘৰলে যোৱাৰ কথা , দূবৰিয়ে মইয়ে ঠিক কৰিছিলোঁ পুৱা ঠিক দহবজাৰ লগে লগে ওলাই যোৱাৰ যাতে সোনকালে ঘুৰি আহিব পাৰোঁ , পাৰিলে ঘুৰি আহোঁতে ফাঁচী বজাৰত এনেই এপাক টহল দি অহাৰ কথা । দেওবাৰে ফাঁচীবজাৰ বন্ধ থাকে যদিও পূজাৰ আগে আগে খোলা থাকে , গতিকেই সোনকালে আহি সৰু সুৰা বজাৰ অলপ কৰাৰ কথা । পিছে আগৰাতিৰ ভাগৰে পাহৰাই দিছিল কথাটো , যেতিয়ালৈ মনত পৰিছিল তেতিয়ালৈ চাৰে ন বাজি গৈছিলেই , ইফালে মই শুই উঠিয়েই সন্মুখত লুচীৰ থাল লৈ লুচীৰ সোৱাদ লোৱাত ব্যস্ত । ঘড়ী চাইয়ে দূবৰিৰ মুখখনলে মনত পৰি একেজাপেই উঠি বাথৰূম পালোঁগৈ । দেৰিযে হ’ব মই খাটাং বুজিছিলোঁ , পিছে আগদিনাৰ কথা কৈ তাইক সৈমান কৰাব পাৰিম বুলি মনতে ভাবি ল’লো ।

পিছে ভবাতকে বেছিয়েই দেৰি হ’ল সেইদিনা মোৰ , সময়ৰ হেৰফেৰ হ’লেই মূৰ গৰম হোৱা আৰু মোক ঠিকছে বকিব পৰা ছোৱালীজনীলৈ বৰ ভয় লাগিল সেই সময়ত । মই জানিছিলোঁ কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ গৈ আছিলোঁ । অন্তৰতম বান্ধৱী যদিও দুয়োজনীৰ এটা ক্ষেত্ৰত সাংঘাতিক অমিল । তাই অতি নিয়মানুৱৰ্তী আৰু পৰিপাটি হোৱাৰ বিপৰীতে মই আকৌ কিছুমান ক্ষেত্ৰত বৰ অপৰিপাটী আৰু বিশৃংখল । ( মোৰ বৰ্তমানৰ শৃংখলাবদ্ধ জীৱনৰ গুৰি ধৰোঁতা তাই ) বিশেষকৈ সময়ৰ ক্ষেত্ৰত মই বহুখিনি আওহেলা কৰোঁ তেতিয়া । তথাপিও প্ৰিয় বান্ধৱীয়ে আগদিনাৰ পৰিস্থিতিৰ প্ৰতি মন কৰি মোক সেইদিনা অলপ দৰদ জনাব বুলি নামি গ’লো মোৰ প্ৰিয় বায়ে ( পেহীয়ে ) হাতৰ শালত বৈ দিয়া কাপোৰেৰে চিলাই লোৱা প্ৰিয় সেউজ চেলোৱাৰ কামিজযোৰ পিন্ধি । তেতিয়ালৈ মোৰ সাঁই বাবা অথৱা আইনষ্টাইন এটা ৰূপো নাছিলগৈ , জপৰা চুলিকোঁচা সামৰি সুঁতৰি বান্ধিব পৰাকৈ দীঘল হৈছিলগৈ । নামি গৈয়ে ৰুণু বাইদেউৰ পি চি অ’ ৰ ওচৰ পাঁওতেই ৰুণু বাইদেউৱে স্বভাৱসুলভ ঢেকঢেকীয়া হাঁহিটো মাৰি কৈ উঠিল

” কি হে ক’ক যাবা ? দূবৰিয়ে কান্দি আছে , নাযায় বোলে ” ।

কথাটো শুনিয়েই বুকুখন চিৰিংকে মাৰিলে যদিও তাইক মাতিবলৈ তাইৰ হোষ্টেলৰ গেইটেৰে সোমাই গ’লোঁ । সোমাইয়েই তাইৰ ৰূমমেট সবিতাবাক দেখি হাঁহিটো মাৰি মাতিবলৈ লওঁতেই বায়েও মোক খঙেৰে ক’লে

” অলপ চিন্সিয়েৰ হ’বাচোন পাপৰি , দূবৰিয়ে কান্দি আছে , তাই নাযায় ।”

দুয়োজনীৰ পৰাই আদবাটতে একেটাই কথা শুনি মনটো বেয়া লাগি গ’ল , কিয় জানো বুকুখন অভিমানেৰে ভৰি পৰিল , এপাচিমান অভিমানে মুখখনো এপাচিমান ওন্দোলাই পেলালে । তথাপিও অভিমানী বান্ধৱীৰ অভিমান ভাঙিবলৈ তাইৰ ৰূমলৈ আগবাঢ়ি গ’লোঁ , পিছে দুৱাৰ মুখৰপৰাই তাইক দেখি ভয় খাই গ’লোঁ । কি কৰি থৈছে নিজকে তাই ? ইমান বিধ্বস্ত হৈ আছে কেনেকৈ ? চকু দুটা ৰঙা পৰি একেবাৰে ওলমি আছে , গালকেইখনো ৰঙা পৰি গৈছে , চুলি আউল বাউল একেবাৰে , কাপোৰ কানিও তেনেই কিবাকে পিন্ধি আছে । তাইক তেনে ৰূপত কেতিয়াও দেখা নাছিলোঁ , তাইক দেখিয়েই ভয় লাগি গ’ল মাতিবলৈও । তথাপিও ওচৰ চাপি গ’লোঁ , খঙতে একো নাই হৈ মোক দেখিয়েই কান্দি কাটি আকৌ আউলী বাউলী । মই জানো সেই মুহুৰ্তত মই তাইক একো ধৰণেই বুজাব নোৱাৰোঁ , মইও অভিমান কৰি গুচি আহিলোঁ তাইৰ ওচৰৰ পৰা । দুয়োজনীয়ে এবাৰলেও নামাতিলোঁ । পিছে ওলাই আহিয়েই মই হোষ্টেললে ঘুৰি যোৱাৰ কথা সেইমুহুৰ্তত ভাবিব পৰা নাছিলোঁ , কাৰণ সাজি কাচি ওলাই আহোঁতেই সকলোৱে গম পাইছিল মই দূবৰিৰ লগত ফুৰিবলৈ ওলাই যোৱাৰ কথাটো । তাতে সেই সময়ত মোক খুউব প্ৰয়োজন হৈছিল একাকীত্বৰ ।

কেৱল মই মোৰ লগতহে নিৰাপদ অনুভৱ কৰোঁ তেনেবোৰ সময়ত , মই কাকো মাতিব বিচৰা নাছিলোঁ , তাইৰো ঠিক একেই হৈছিল । আমি দুয়োজনীয়েই বন্ধুত্বৰ এক সাংঘাতিক অভিমানেৰে অভিমানী হৈ পৰিছিলোঁ । তাই বাৰু ৰূমতে নিজকে আৱদ্ধ কৰিলে বুজি পাইছিলোঁ পিছে মইতো নোৱাৰিম তেনে কৰিব , গতিকেই মুখত যিমান পাৰোঁ সিমান স্বাভাৱিকতা আনি মাৰ্কেটৰ ফালে ওলাই গৈছিলোঁ লক্ষ্যহীন ভাৱে , বাটে বাটে পিছে আগৰ দৰেই মাতবোল কৰি গৈছিলোঁ সকলোকে । মাৰ্কেটৰ বাছ ষ্টপেজত ৰৈয়ে উঠিছিলোঁ ৬নং বাছত । উদ্দেশ্য , লক্ষ্য একো নাই । মৰমৰ ৰবীনদাৰ মেঘালীলৈও এপাকো নাচালোঁ সিদিনা । মই জানিছিলোঁ আনৰ চকুত ধৰা নপৰিলেও সেই মানুহজনৰ অভিজ্ঞ চকুৰপৰা সাৰি যাব নোৱাৰিম কেতিয়াও , আপোন ৰবীনদাৰ আগত অভিমানবোৰ চকুপানী হৈ গলিবলৈও হয়তো তেনেই কম সময় লাগিব । সেয়েহে সেইফালে নোচোৱাকৈয়ে বাছত উঠি পাণবজাৰৰ পানীটেংকিত নামি আকৌ ৰাষ্টাৰ সিপাৰে গৈ জালুকবাৰী আভিমুখী বাছখনত উঠি ঘুৰি আহিছিলোঁ । হয়তো মনৰ ভিতৰৰ ধুমুহাজাক শাম কাটিছিল , হয়তো অভিমানবোৰ কমিছিল , দূবৰিক লগ কৰি কৈফিয়ত দিব পৰাকৈ হয়তো শান্ত হৈছিলোঁ , সেইখিনি সময়ত তাইও চাগে প্ৰকৃতিস্থ হৈছিল মোক মাতিব পৰাকৈ ; মোক বুজিব পৰাকৈ ।

মাৰ্কেটত পুনৰ বাছৰ পৰা নামি পৰিছিলোহি , কিয়নো গ’লো , ক’লৈনো গ’লো বুজিয়েই নাপালোঁ । বাছৰপৰা নামিয়েই লগ পালোঁ পলি আৰু অমৃতাক । তাহাঁত দুয়োজনী আমাক লগ কৰিবলৈকে আহিছিল , তাহাঁতক লগ পাই বুকুত সাহ অকণ আহিল , অন্ততঃ ভবাতকৈ কম কষ্টতে অভিমানী বন্ধুৰ অভিমান ভাঙিব পাৰিম বুলি । তাতে ভাৰ্ছিটি ৱিকৰ বহুদিন আগৰেপৰাই আমি লগ হোৱাই নাছিলোঁ পলিহঁতৰ লগত , তাতে তাহাঁতে শ্ৰেষ্ট হোষ্টেল পোৱাৰ পিছৰপৰা এনেই ব্যৱধান অলপ আহিছিলেই হোষ্টেলীয়া ছেণ্টিৰ । গতিকেই বহুদিনৰ মূৰত আপোন বান্ধৱীহঁতৰ লগত ভালকৈ সময় কটাবলৈ বৰ মন গ’ল । দূবৰিৰ হোষ্টেল লে একেলগে তিনিওজনী আহিলোঁ । আমি চাৰিওজনীয়ে বহু সময় একেলগে কটালোঁ যদিও তাহাঁত দুজনীয়ে হ’লে ঘুণাক্ষৰেও গম নাপালে আমাৰ দুঘণ্টাৰ আগৰ অভিমানভৰা হিয়া দুখনৰ কথা । কথাবোৰৰ লগে লগে পাতলিছিল অভিমান , অভিমানৰ বোজাটো লঘু হৈ হৈ একেবাৰেই নাইকিয়া কেতিয়ানো হ’ল গমকে নাপালোঁ এজনীয়েও । আমি নিৰ্দোষ , তাতোকৈও নিৰ্দোষ আমাৰ বন্ধুত্ব , তেতিয়াও – আজিও – আজীৱন ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫২

এফালে হোষ্টেলত ফ্ৰেচাৰ্ছৰ জোৰদাৰ প্ৰস্তুতি আনফালে ডিপাৰ্টমেণ্টত শিক্ষক দিৱসৰ প্ৰস্তুতি । পিছে সেইবছৰ ৫ ছেপ্তেম্বৰটো দেওবাৰ আছিল বাবে আমাৰ ডিপাৰ্টমেণ্টত শিক্ষক দিৱস আগদিনাই অৰ্থাৎ ৪ তাৰিখ শনিবাৰেই পতাটো ঠিক কৰিলে , কাৰণ সেইবছৰৰ পৰা চিনিয়ৰসকলৰ আনুষ্ঠানিক শিক্ষা শেষ বুলিবই পাৰি । গতিকে এদিন আগতীয়াকৈ পতাত কোনেও আপত্তিও নকৰিলে । ইফালে হোষ্টেলত ফ্ৰেচাৰ্ছৰ দিনো ঠিক হ’ল সেই একেই ৪ ছেপ্তেম্বৰ তাৰিখেই , ফ্ৰেচাৰ্ছৰ পিছদিনা দেওবাৰ মিলাই পতাৰ বাবেই একেটা তাৰিখতে দুয়োটা গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ’ল । মোৰ ব্যস্ততা দুগুণে বাঢ়িল , যিহেতু হোষ্টেল আৰু ডিপাৰ্টমেণ্ট দুয়ো ঠাইতে সমানে ব্যস্ত হ’বলগীয়া হৈছিল । আগদিনাই শিক্ষক দিৱস হোৱাৰ বাবে বেয়াও নাপালোঁ , দূবৰিয়ে মইয়ে দুয়োজনী শিক্ষক দিৱসৰ দিনাই আমাৰ কটনৰ শিক্ষাগুৰু ড. সুৰেশ চন্দ্ৰ বৰা চাৰ আৰু ড. সুদেষ্ণা বাইদেউৰ ওচৰলৈ গৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে আশীৰ্বাদ লৈ আহিম বুলি ঠিক কৰিলোঁ । দুয়োজনীয়ে আগ্ৰহেৰে বাট চাই ৰ’লো দুয়োটা দিনলৈকে । দূবৰিহঁতৰ হোষ্টেলৰ ফ্ৰেচাৰ্ছ তেতিয়ালৈকে হৈয়েই গৈছিল , সেয়েহে ডিপাৰ্টমেণ্টৰ ডেকোৰেশ্যনৰ কামতো তাই লাগিব পাৰিছিল আমাৰ লগৰবোৰৰ লগত ।

হোষ্টেলৰ ফ্ৰেচাৰ্ছত কেইবাটাও অনুষ্ঠান , তাৰে সমবেত সংগীত , মংগলাচৰণ , নাচ এইকেইটাত দলত থকাৰ উপৰিও স্বৰ্ণালী আৰু মোৰ ৰোমাণ্টিক কাপল্ ৰ অনুষ্ঠানটোও ৰাখিলে । প্ৰতিজনী ছোৱালীয়েই বিভিন্ন অনুষ্ঠান কৰিবৰ বাবে সাজু হৈ উঠিল , প্ৰত্যেকৰে হিয়া উলাহী উঠিল , জুনিয়ৰৰ খোলাটোৰপৰাযে একেবাৰে ওলাই অহাৰ সময় আহি পৰিল প্ৰায় দহমাহৰ পিছত । দহমাহ পহু অথৱা জুনিয়ৰ জীৱন খটাতো অলপ কষ্টকৰ নহয় কিন্তু য়ুনিভাৰ্ছিটিত । পিছে ইয়াৰ মাদকতাও সুকীয়া , বিচাৰিব জানিলে পোৱা যায় অনাবিল সুখ । সকলোৰে অনুষ্ঠানৰ প্ৰস্তুতিৰ লগতে আকৌ এবাৰ হ’ল নিজকে সজোৱাৰ প্ৰস্তুতি , নিজকে অনন্যা কৰি সজাই তোলাৰ অঘোষিত , অলিখিত প্ৰতিযোগিতা । সৰস্বতী পূজা , ভাৰ্ছিটি ৱিকৰ পিছতেই প্ৰত্যেক হোষ্টেলীয়াৰ বাবেই হোষ্টেলৰ ফ্ৰেচাৰ্ছটো য়ুনিভাৰ্ছিটি জীৱনৰ এটা ডাঙৰ উৎসৱ , প্ৰাণৰ উৎসৱ । তাতে ছোৱালী হোষ্টেলবোৰত এখোপ চৰা । সকলোৰে এসপ্তাহৰ আগৰেপৰাই চিন্তা কি সাজেৰে সাজিব আৰু কেনেকৈ নিজকে আকৰ্ষণীয় কৰি তুলিব ! আঙুলিৰ মূৰত হিচাপ কৰি যিমানকেইটা অনুষ্ঠানত নিজৰ নাম পালোঁ , লগতে প্ৰত্যেকৰ বাবেই বেলেগ বেলেগ সাজ নিৰ্ধাৰিত কৰা আছিল , তাকে চাই নিজৰ বাবে বিশেষ সাজ এযোৰৰ প্ৰয়োজন অনুভৱ নকৰিলোঁ । আমাৰ কেইবাজনীৰো একেই অৱস্থা , ইফালে মোৰ আকৌ ডিপাৰ্টমেণ্টৰ অনুষ্ঠানটো আছিলেই । ৰিহাৰ্ছেলত ইমানেই ব্যস্ত হৈ গ’লোঁ যে সাজ পোছাকৰ কথা ভাবিবলৈকে নহ’ল ।

আনহাতে কেইবাদিনৰেপৰা আমাৰ গধূলি RCC 4 boys hall লে অহা যোৱা , উদ্দেশ্য সমবেত সংগীতৰ ৰিহাৰ্ছেল কৰাৰ । তাত আমাৰ লগৰ কেইবাজনো আছিলেই বাবে অসুবিধা বিশেষ নহ’ল , পহু ল’ৰাবোৰ দেখি হাঁহিও উঠে , বেচেৰাহঁতৰ আমাতকেও বেছি কাঢ়া নিয়ম । আমাৰ লংকেশ্বৰৰ পিছফালৰ মেছৰ বন্ধু হিৰণ্য সেইটো হোষ্টেলৰে আৰু ভাৰ্ছিটি ৱিকতে ভালকে লগ পোৱা আৰু চিনাকি হোৱা দীপ , বিবেকহঁত আছিলেই । পিছে তেতিয়ালৈকে জুনিয়ৰৰ পোছাকত থকা আমি বা সেইটো হোষ্টেলৰ পহুবোৰে কোনেও কাকো মুকলিকে মাতবোল কৰাৰ অনুমতি পোৱা নাছিলোঁ , সেয়েহে চিনাকি চকুবোৰো অচিনাকি হৈয়ে থাকিলোহঁক । বন্ধু বিবেক এজন সুগায়ক বুলি ইলেক্স্যনত কেম্পেইনিংতে গম পাইছিলোঁ , ঠাণ্ডা প্ৰকৃতিৰ ল’ৰাটোৰ হাঁহিটো দেখিলেই বৰ সৰল যেন লাগে , ইফালে দীপ ল’ৰাটো আকৌ বৰ লাজকুৰীয়া আছিল । তেঁওলোকৰ উপৰিও আৰু বহুবোৰ চিনাকি লগ পালেও মুকলিকে মাতিব পৰা নাছিলোঁ কেৱল জুনিয়ৰ বাবেই ।

ফ্ৰেচাৰ্ছৰ আগদিনা হঠাতে হোৱা অসহ্য পেটৰ বিষটোত শৰীৰতকৈও মনৰ চটফটনিহে বাঢ়ি গ’ল , প্ৰতিমাহৰ সেই বিশেষ দিনকেইটাৰ অসহনীয় অৱস্থাটোৱে দেহৰ লগতে মনটো বিধ্বস্ত কৰি পেলালে । প্ৰতিটো অনুষ্ঠানৰ আগতে কিবা নহয় কিবা এটা অশান্তি হোৱাটো মোৰ হোষ্টেলীয়া জীৱনৰ অভিন্ন অংগ হৈ পৰিল । জীনাবা আৰু লভিতাৰ সেইনিশা মোৰ লগত সাংঘাতিক কষ্ট হ’ল । পিছদিনা পুৱালে সুস্থ হৈ উঠিছিলোঁ যদিও জিনাক্ষিৰ উৎপাতত হস্পিতেললে যাবলে বাধ্য হৈছিলোঁ ডিপাৰ্টমেণ্টলে যোৱাৰ আগত । জিৰণিৰো সময় নাছিল আৰু তেতিয়া , যিহেতু ডিপাৰ্টমেণ্টৰ শিক্ষক দিৱস আছিল আৰু ৰাতিলে আমাৰ ফ্ৰেচাৰ্ছ । জুনিয়ৰ নিষিদ্ধ ছাদখনত সেইদিনাই আনুষ্ঠানিকভাৱে জুনিয়ৰক লৈ যোৱা হ’ব মুকলি আকাশখন দেখুৱাবলৈ , জালুকবাৰীৰ শোভা ছাদৰপৰা উপভোগ কৰিবলৈ । সকলোবোৰ উৎফুল্লিত হৈ পৰাটো স্বাভাৱিক তেনে এটা দিনত । চিনিয়ৰ সকলৰ বুকুৰ বিষটো কিয় জানো জুনিয়ৰ হৈয়ে অনুভৱ কৰিছিলোঁ সিদিনা । সেইদিনাৰপৰাই আৰম্ভ হ’ব তেঁওলোকৰ কাউণ্ট ডাউন বিদায়সভাৰ , হোষ্টেল একেবাৰে এৰি যোৱাৰ , এটা নতুন জীৱনৰ প্ৰস্তুতি কৰাৰ । চিনিয়ৰ জুনিয়ৰৰ খোলাবোৰৰ পৰা সকলোবোৰ ওলাই অহাৰ প্ৰস্তুতিটোৱে হ’লে বুকুখন গধুৰ কৰি তুলিলে , ফলত বুকুৰ সেই পুৰণি ঢুকঢুকনিটো বাঢ়ি আহিল লাহে লাহে । পিছে ডিপাৰ্টমেণ্টলে গৈ সকলোবোৰ পাহৰি সেই পৰিৱেশত একাত্ম হৈ পৰিলোঁ আমি ।

ডিপাৰ্টমেণ্টৰ বিভিন্ন অনুষ্ঠানবোৰৰ ভিতৰত পুতলা নাচটোৱে বৰ সমাদৰ পালে , লগতে আমাৰ বিভিন্ন অনুষ্ঠানবোৰ চাৰ বাইদেউ সকলে বৰ উপভোগ কৰিলে । আমাৰ চিনিয়ৰসকলে আয়োজন কৰা গোটেই অনুষ্ঠানটোৰ ভূৰি ভূৰি শলাগ ল’লে সকলোৱে । ইমান সুন্দৰ অনুষ্ঠান আছিল সঁচাকৈয়ে ।

ডিপাৰ্টমেণ্টত প্ৰদৰ্শন কৰা পুতলা নাচৰ ছবি এখন / কষ্টিউম : ডিম্পীবা

ডিপাৰ্টমেণ্টৰ উৎফুল্লিত মনটোৱে পিছে ভাগৰ আৰু পেটৰ বিষ সকলো পাহৰি গধূলিৰ ফ্ৰেচাৰ্ছৰ বাবে একদম ফ্ৰেচ হৈ গ’ল । সেয়েহে সন্ধ্যা হ’বলগীয়া জুনিয়ৰৰ আটাইতকৈ আকৰ্ষণীয় দিনটোৰ বাবে সাজু হৈ পৰিলোঁ সকলো পাহৰি । নৱাগতা আদৰণিখনৰ বাবে কিমানযে আশা জুনিয়ৰ কালত , তাতে শ্ৰেষ্ঠা নৱাগতা , বিভিন্ন অনুষ্ঠানৰ পুৰস্কাৰ বিতৰণী আৰু চিনিয়ৰ জুনিয়ৰৰ মাজৰ খেলাবোৰ , একেলগে নচা নাচবোৰ সেইবোৰ থাকেই । সেইদিনা সকলোবোৰ বেলেগ যেন লাগিছিল , চিনিয়ৰসকলে খুলি পেলাইছিল চিনিয়ৰৰ চোলাটো , তাৰ পৰিৱৰ্তে বন্ধুত্বসুলভ আচৰণ সকলোৰে , আমাৰ লগৰবোৰেও আগতেই কৰা পৰিকল্পনাবোৰ সেয়েহে নিমিষতে পাহৰি পেলালে । ফ্ৰেচাৰ্ছ হৈ গ’লেই কাৰোবাক কাৰোবাক নমতাৰ পৰিকল্পনাটো তেতিয়াই ভাপৰ দৰে উৰি গ’ল । ইমান সুন্দৰ আদৰণি । মণি বায়ে হাতৰ পূজাৰ কাঁহীখনৰ পৰা আমাৰ সকলোৰে কঁপালত আঁকি গ’ল একোটাকৈ ৰঙা বেলিহেন ফোঁট । বাকী বাহঁতে ফুল ছটিয়াই আগুৱাই লৈ গ’ল আমাৰ সেই জুনিয়ৰ নিষিদ্ধ ছাদখনলৈ । তালৈ ছাগে মোৰ বাহিৰে আৰু কোনোৱেই ইমানবাৰ জুনিয়ৰ কালতে গৈ পোৱা নাছিল , গৈ পোৱাবোৰৰ ভিতৰতো মই লৈ যোৱাই লভিতা জিনাক্ষি ৰিতু তিৰুহঁতেইহে আছিল । ছাদখনত ভৰি দিয়েই সকলোবোৰ উৎফুল্লিত হৈ পৰিছিল , ৰাতিৰ আকাশখন প্ৰাণভৰি চাইছিল , দূৰৈৰ শৰাইঘাটখন ডিঙি মেলি চাবলৈ যত্ন কৰিছিল । নিজকে পিছে সেই সময়ত বৰ দোষী দোষীহে লাগিছিল , আগৰ সেই উত্তেজনা খিনিৰ পৰিৱৰ্তে কিবা এটা দুখবোধে মনটো জেপজেপীয়া কৰি গৈছিল ।

অনুষ্ঠানৰ আৰম্ভণি আমাৰ মংগলাচৰণেৰেই হৈছিল । জিনাক্ষি তিৰু আৰু মই হাতত এগছিকৈ চাকি লৈ গাইছিলোঁ সংস্কৃতৰ সেই শুৱলা মংগলাচৰণটি

” ওম ভদ্ৰং কৰ্ণেভিঃ শৃণুয়ামি দেৱাঃ …..”

তাৰপিছতেই আৰম্ভ হৈছিল সাংস্কৃতিক অনুষ্ঠান সমূহ । বিশিষ্ট অতিথি লীলাৱতী শইকীয়া বাইদেউৰ উপৰিও আৰু দুগৰাকী প্ৰফেছৰ আছিল , তদুপৰি বেলেগ বেলেগ হোষ্টেলৰ প্ৰিফেক্ট আৰু য়ুনিভাৰ্ছিটিৰ ছাত্ৰ একতা সভাৰ সদস্যসকল । লাজ অলপ লাগিছিল যদিও সকলোবোৰ কৰি গৈছিলোঁ মনৰ হেঁপাহেৰে । বিভিন্ন পুৰস্কাৰবোৰ ঘোষণা কৰোঁতে প্ৰৱন্ধ , নীলাখামৰ চিঠি , নৃত্য , ৰোমাণ্টিক কাপল্ গোটেইবোৰতে নিজৰ নামটো শুনি উৎফুল্লিত হৈ পৰিলোঁ , পিছে মনটো বেয়া লাগিছিল তেতিয়া যেতিয়া শ্ৰেষ্ঠ নৱাগতাৰ বঁটাটো বাতিল কৰা হৈছে বুলি ঘোষণা কৰা হৈছিল । অৱশ্যে সেই বঁটাৰ দাবীদাৰ হিচাপে আমাৰ প্ৰত্যেকগৰাকী জুনিয়ৰেই আছিলোঁ বাবেই সেই বঁটা বাতিল কৰা হৈছিল । আমি প্ৰত্যেকেই যে নিজৰ নিজৰ স্থানত শ্ৰেষ্ঠ । চিনিয়ৰসকলে আমাক একোটিকৈ উপহাৰৰ লগতে এটিকৈ লিমাৰিক আৰু নাম দিলে । আমাৰ আৰু ভাল লাগিল । লিমাৰিকটো পাহৰিলোঁ , পিছে মোৰ নাম দিলে Miss obedient . নামটো শুনিয়েই বুকুখন ভৰি উঠিল । পিছে তিৰুৱেহে তাইক দিয়া নামটো বৰ ভাল নাপালে আৰু অভিমানত মুখ ওন্দলি গ’ল । তাইৰ নামটো যে চিনিয়ৰ সকলে থ’লে Miss Dhara Dhara . ধাৰা মিঠাতেলৰ নাম । খাতি সঁৰিয়হৰ পৰা বনোৱা ।

সকলোকে বৰ ধুনীয়া আৰু খাপ খোৱা নাম আৰু লিমাৰিকেৰে জুনিয়ৰবোৰক আদৰিলে , তিৰুকহে বোলে তাইৰ লগত মিলা নাম নিদিলে , তাইতো কাকো তেল নামাৰে , ধাৰা নাম দিবলে , তাই অভিমানত মুখ ওন্দোলাই থাকিলেও পিছে আমাৰ বেছ হাঁহি উঠে । গোটেই অনুষ্ঠানবোৰৰ ভিতৰতে আটাইতকৈ ভাল লগা অনুষ্ঠানটো আছিল paper dance টো , বাতৰি কাগজখন ক্ৰমান্বয়ে সৰু সৰু ভাঁজ কৰি নি দুগৰাকীক তাৰ ওপৰত নাচিবলে দিয়া হয় , চৰ্ত এটাই , কাগজৰ বাহিৰত ভৰি পৰিব নালাগিব । তাতে মোৰ পাৰ্টনাৰ আছিল জিনাক্ষি । জিনাক্ষিৰ লগত একেবাৰে শেষলৈকে শেষ ভাঁজটোলৈকে নাচিবলৈ দুয়োজনীৰ কিমান কষ্ট হৈছিল নচা দুজনীয়েহে বুজি পাইছিলোঁ । এইটো পিছে প্ৰতিযোগিতাৰ নাচ নাছিল , এইবোৰ সাংস্কৃতিক অনুষ্ঠান হৈ যোৱাৰ পিছত আলহী যোৱাৰ পিছত আমাৰ জুনিয়ৰ চিনিয়ৰৰ মাজত হোৱা অন্তৰংগ অনুষ্ঠানহে আছিল , তাৰপিছত খোৱা বোৱা কৰি ছাদৰ ওপৰত বৰ অন্তৰংগতাৰে চলিছিল ৰাতি দুইবজালৈকে বিহু নাচ । নাছিল য’ত কোনো জুনিয়ৰ অথৱা চিনিয়ৰ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫১

ভাৰ্ছিটি ৱিক শেষ হোৱাৰ পিছৰেপৰাই কেইদিনমান বৰ খেলিমেলিকৈ পাৰ হ’ল , আমাৰ সপোন হেৰাল ( শ্ৰেষ্ঠ হোষ্টেল নোপোৱাৰ ) , হঠাতে সৰু ঘটনা এটাৰ বাবেই AT 9 হোষ্টেল বন্ধ কৰিবলৈ লোৱাৰ সিদ্ধান্ত , ধেমাজিৰ সেই অসহনীয় সামূহিক হত্যাকাণ্ড , আমাৰ হোষ্টেলৰ অগ্নিকাণ্ড মুঠতে এসপ্তাহমান বৰ অশান্তিকৰ পৰিস্থিতি এটাৰ মাজত কটাবলগীয়া হ’ল আমি । আটাইতকৈ ভয়ানক কাণ্ডটোৱেই আছিল আমাৰ হোষ্টেলৰ জুই লগা ঘটনাটো । জুই আৰু ধোঁৱাই একাকাৰ কৰা হোষ্টেলৰ ভিতৰখন আৰু চিৰিকেইটা , ছোৱালীবোৰৰ ভয়ৰ আটাহ , জলি ছাঁই হোৱা চিলিণ্ডাৰটো , আমাৰ অসহায় মনবোৰ সকলোবোৰ মনত পৰিলে এতিয়াও বুকুখন বিষায় যায় । পিছে ভগৱানৰ আশীৰ্বাদ আৰু শুভাকাংক্ষীসকলৰ তৎপৰতাত সকলোবোৰ ঠিক হৈছিল , আমিও সহজভাৱে ল’ব পৰা হৈছিলোঁ কথাবোৰ । তথাপিও কেইদিনমান বৰ ভাবি চিন্তিহে আৰু একান্তই নহ’লেহে ৰূমৰ ভিতৰত গেছৰ ব্যৱহাৰ কৰিবলৈ ধৰিলোহঁত । সকলোবোৰ সহজ হৈছিল , ধেমাজিৰ চকুলোবোৰো চকুতেই শুকাইছিল , আমাৰো ।

পিছে সেই জুই লগাৰ দিনাখনেই আমাৰ লগৰ এগৰাকীৰো মনত জুই লাগিছিল সন্ধ্যাৰ প্ৰাৰ্থনাৰ পিছত , জুই লগা বুলি শুনি তাই খপজপকৈ উঠি যাঁওতেই কেনেবাকৈ ৰূমত মেলি থোৱা অন্তৰ্বাস এটা তাইৰ দীঘল বেণী ডালত লাগি গৈছিল । ভয়াৰ্ত সময়বোৰত কোনেও মন নকৰিলে কথাটো , কোনোবা এজনীয়ে অলপ পিছত দেখি আঁতৰাইও দিলে , তাৰমাজতো পিছে চিনিয়ৰ চকুৰ পৰা সাৰি নগ’ল , পৰিস্থিতি দেখি কথাটো তল পৰিছিল যদিও কোনোবা হোষ্টেলীয়া ল’ৰা এজনে জমাই থৈ যাঁও বুলিয়েই অামাৰ চিনিয়ৰ কাৰোবাক খোঁচ মাৰি কৈ থৈ গ’ল । জুই নুমাল ঠিকেই , পিছে ল’ৰা এটাৰ মুখত সেই কথাটো শুনি দুগৰাকীমান চিনিয়ৰৰ মূৰতো জুই জ্বলিল , সেয়েহে গধূলিৰ প্ৰাৰ্থনা সভাৰ পিছতে গালিবৰ্ষণ হ’ল সেই ঠাণ্ডা মুণ্ডা নিমাখিত ছোৱালীজনীৰ ওপৰত । বেচেৰীজনীয়ে গম নোপোৱাকৈয়ে , একো ভুল নকৰাকৈয়ে গালি খাই তৎ ভৎ হেৰুৱালে , অনাহকত গালি খাই দুচকুৰে মাথোঁ নীৰৱে চকুলো বোৱালে । আমাৰ বেয়া লাগিল । আলোচনাৰ বিষয় হ’ব লাগিছিল কি , হ’ল কি ? ক’ত জুই , ক’ত অন্তৰ্বাস ?

ক্লাছবোৰ আৰম্ভ হৈছিল আকৌ আগৰদৰেই পূৰ্ণগতিত । মৰমৰ জালুকবাৰীখনৰ ৰংবোৰ কমিছিল তেতিয়ালৈ , কৃষ্ণচূড়াবোৰে ফুলি ফুলি ভাগৰি গৈছিল , ফুলে পাতে সমান হৈ থকা গছবোৰে কেৱল সেউজ বোলেৰে সেউজী হৈছিল , ঠিক তেনেকৈয়ে সোণাৰু , গুলচবোৰেও ৰং বিলাবলৈ এৰি দিছিল । আমিও সেউজ হৈ পৰিছিলোঁ , বন্ধুত্বৰ তালিকাখন দীঘলীয়া হৈ গৈ থাকিল , অসমৰ প্ৰায় প্ৰতিটো প্ৰান্তৰে বন্ধু বান্ধৱীৰে ঐশ্বৰ্যশালী হৈ পৰিলোঁ আমি । দিন যোৱাৰ লগে আমিও পুৰণি হৈ পৰিলোঁ য়ুনিভাৰ্ছিটিত , হোষ্টেলত । লাহেকৈ মইনা জোকাবও পৰা হ’লোহঁক । সমান্তৰালকে আমাৰ লগৰ কেইবাজনী ছোৱালীৰে প্ৰেমকাহিনী আগবাঢ়িলে , জীনাক্ষি অভিজ্ঞ হৈ পৰিছিল প্ৰেমৰ অনুভৱেৰেই , যথেষ্ট বুজাপৰাৰ মাজেৰে তাই আগুৱাই নিলে সম্পৰ্ক , কেৱল মনৰ মানুহজনক নিজৰ কৰি ৰাখিবৰ বাবেই , তেঁওৰ ভাল লগাৰ বাবেই নিজৰ ভাল লগাবোৰ বাদ দিলে বহুসময়ত , অৱশ্যে তাইৰ প্ৰেমিক বন্ধুৱেও যত্ন কৰিলে তাইৰদৰেই সকলোবোৰ সজাই পৰাই আগবাঢ়িবলে । পিছে বহু সময়ত দুয়ো সাংঘাতিক আত্মাভিমানী হৈ উঠে , সেইখিনি সময়ৰ সাক্ষী হৈ ৰঁও মই , প্ৰতিটো পলৰ খবৰ পাঁও মই তাহাঁতৰ , তাইৰ হেঁপাহবোৰৰ লগৰী হঁও মই । অভিমানী মনদুটা আকৌ ওচৰ চাপি আহে আঁতৰি যোৱাৰ দৰেই ।

আনফালে টিকেদাৰ কথাও হিমাদ্ৰিৰ লগতে আমিও গম পাইছিলোঁ ভাৰ্ছিটি ৱিকৰ সময়ৰপৰাই , হিমাদ্ৰি হিমু মাইনা হ’ল যদিও টিকেদাক বৰ এটা পাত্তা নিদিলে । কেৱল টিকেদাৰেই নহয় আৰু বহুতৰ জীৱনলে প্ৰেমৰ বৰষা নামিছিল সেই সময়তে , কেতিয়াবা যদি AT 9 আৰু RCC 4 কেতিয়াবা আকৌ AT 9 আৰু AT 10 ৰ কাৰোবাৰ মাজত প্ৰেম । ৰিতুও প্ৰেমত পৰিল , প্ৰথম প্ৰেমৰ বৰষুণ জাকে তিয়াই নিয়া ৰিতুজনী আগতকৈও ধুনীয়া হৈ পৰিল , অনবৰতে তাইৰ মুখত লাগি থকা মৰমীয়াল হাঁহিটো লাজকুৰীয়া হ’ল । সলসলীয়াকৈ বৰপেটীয়া কথিততে তাই আমাক কৈ গ’ল বুমনক প্ৰথম লগ পোৱাৰ কাহিনী । দৌল উৎসৱতে প্ৰথম দেখা বুমনৰ লগত প্ৰেম হ’ব বুলি প্ৰথম দেখাতে ভবা ছোৱালীজনীয়ে সঁচাকৈয়ে অলপ দিনৰ পিছতে পাইছিল প্ৰেমৰ প্ৰস্তাৱ বুমনৰ পৰাই । পিছে তাতো আছিল সমস্যা , বুমন আছিল ওখপাখ লনি , আৰু তাই গোল মোল শকত । গতিকেই নিমিলিব বুলি আৰম্ভণিৰে পৰা চিন্তা বেচেৰীৰ । কোনেনো জানো ক’লে তাইক ‘মৌ ‘ খাই খীণোৱাৰ কথা , বচ আৰম্ভ হৈ গৈছিল তাইৰ ‘ অথ মৌ ‘ পৰ্ব । ফলত ৰূমলে আহিল ডাঙৰ ডাঙৰ ডাৱৰ হনীৰ বটল । আমাৰো পিছে লাভেই হ’ল , খাবলে মন নোযোৱা শুকান মেৰিগ’ল্ড বিস্কুট কেইখন অথৱা হোষ্টেলৰ সেমেকা ব্ৰেডটুকুৰা মৌৰে লেটপেট কৰি মুখৰোচক কৰি ল’বলৈ সুবিধা হ’ল । পিছে জুনিয়ৰ গোটেইকেইজনীৰে সমস্যা হ’ল , মন কৰিলেও মনৰ মানুহটোৰ লগত কথা পাতিবও নোৱাৰে , লগো কৰিব নোৱাৰে । এনেইও কেতিয়া ফ্ৰেচাৰ্ছ হয় কেতিয়া হয় লাগিয়েই আছিল সকলোৰে । তাতে ভাৰ্ছিটি ৱিক হৈ যোৱাৰ পিছত আৰু নোৱাৰা হৈছিল ছোৱালীবোৰ সেই জুনিয়ৰৰ খোলাটোৰ ভিতৰত সোমাই থাকিব ।

আৰম্ভ হৈছিল আমাৰ ফ্ৰেচাৰ্ছৰ প্ৰস্তুতি । চিনিয়ৰসকলৰ সুৰ নৰম হৈছিল , আমালৈ বাঢ়িছিল মৰম । সকলোৱে ভাগে ভাগে আখৰা কৰিছিল বিভিন্ন অনুষ্ঠানৰ বাবে , হোষ্টেল সংগীতটোৰ আখৰা কৰিবলৈ আমাক লৈ গৈছিল RCC 4 boys hall লৈ । আকৌ সন্ধিয়াৰ মাৰ্কেটখনৰ মাজেৰে যাবলে পোৱাৰ আনন্দতে এবাৰো না কৰা নাছিলো সমবেত সংগীত গাবলৈ , তাতে বন্ধু কল্পৰ বুধিটো আছিলেই । চিনিয়ৰ বাহঁতে আমাক লৈ লিখিছিল লিমাৰিক , আমি আগতীয়াকৈ অলপ অলপ গম পাইছিলোৱেই , ইফালে শ্ৰেষ্ঠ নৱাগতাৰ খিতাপটোৰ আশা আছিলেই । সকলোৱে মনতে হিচাপ কৰিলে কোনে পাব পাৰে সেই খিতাপ । লগতে সকলোৱে ভাবিলে চিনিয়ৰে কি নাম দিব পাৰে নৱাগতা আদৰণিত , ভাল হ’লেতো ভালেই নহ’লে ফ্ৰেচাৰ্ছৰ পিছতেই কাল । কট্টি হৈ যাবও পাৰে কাৰোবাৰ লগত ।

এফালে হোষ্টেলত ফ্ৰেচাৰ্ছৰ প্ৰস্তুতি আনফালে ডিপাৰ্টমেণ্টত শিক্ষক দিৱসৰ আয়োজন । এদিন অগাপিছাকে দুয়োটা অনুষ্ঠান । দুয়োটা অনুষ্ঠানতে পিছে সাংঘাতিক ব্যস্ততা আমাৰ । হোষ্টেলত কেইবাটাও প্ৰগ্ৰেম কৰাৰ বিপৰীতে ডিপাৰ্টমেণ্টৰ শিক্ষক দিৱসতো মুখ্য ভূমিকা আমাৰ কেইটামানৰ । দূবৰি ভূপালীৰ যোৰা তাতে সাংঘাতিক । পিছে তাৰমাজতে সাংঘাতিক কষ্টত ভুগিছিলো দুয়ো বান্ধৱীয়ে । দুয়োৰে মাজত লাগিছিল এক মনো সংঘাত , কোনেও কাকো বুজাব নোৱাৰা , কোনেও কাকো বুজিব নোখোজা । সেইয়া আছিল অভিমানৰ সংঘাত , গুৰুত্বৰ সংঘাত , বন্ধুত্বৰ সংঘাত । দুয়োজনীৰ একেটাই অনুভৱ নিজৰ প্ৰতি সেই কেইদিনত ……..

” I understand others feelings , but no one known mine , no one ever tried to know , am I really FINE ? “

( বাতৰি কাকতত অহা থট এটা আছিল এইটো । কিবা ভাল লাগি লিখি পঢ়া টেবুলৰ আগত আঠা অকণেৰে লগাই থৈছিলোঁ । )

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫০

স্বাধীন পতাকাৰ তলত যেতিয়া বৰ্বৰোচিত ঘটনা সংঘটিত হয় , তেনেস্থলত সেইখন দেশৰ স্বাধীনতা কিমান গ্ৰহণযোগ্য ? ধেমাজিৰ ঘটনাটোৱে যেন তাকেই কৈ গ’ল । স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ অনুষ্ঠানত উপস্থিত থকাৰ দোষত ধৰাশায়ী হ’বলগীয়া হৈছিল ১৪ টাকৈ কণ কণ শিশু , দুগৰাকী সন্তানসম্ভৱা মহিলা আৰু কেইজনমান নীৰিহ , তাৰে মাজত আছিল জিনাক্ষিৰ চিনাকি কোনোবা এগৰাকীও । ধেমাজিৰ ঘটনাটোৱে সমগ্ৰ অসমকে কন্দুৱাইছিল , জোকাৰি গৈছিল প্ৰত্যেকৰে অন্তৰাত্মা , সেই ঘটনাৰ দুই তিনিদিনৰ পিছলৈকে চকু মুদিব পৰা নাছিলো , গান শুনিবলৈও বাদ দিয়াৰ নিচিনাই হৈছিল সেইকেইদিন । সকলোৰে মুখত মাথোঁ একেই আলোচনা … কি দোষ আছিল তেঁওলোকৰ ? কিয় কাঢ়ি নিয়া হ’ল তেঁওলোকৰ জীৱন ? ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে মানুহ ? ইত্যাদি ।

ঘটনাৰ দিনা গধূলিলৈ বন্তি প্ৰজ্বলন কৰা হৈছিল সমুহীয়াকৈ মৃতকৰ সকলৰ প্ৰতি সন্মান জনাই , তেঁওলোকৰ আত্মাৰ সদ্গতি কামনা কৰি , আমাৰ হোষ্টেলে হোষ্টেলে হৈছিল ১৯ গছিকৈ বন্তি প্ৰজ্বলন , AT 9 ৰ পৰা আমাক জনোৱা হৈছিল সমূহীয়া বন্তি প্ৰজ্বলনৰ বাবে । বুকু দহি নিয়া ঘটনাটোৰ পিছদিনাৰপৰাই অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে প্ৰতিবাদ হৈছিল , কাজেই ‘অসম বন্ধ ‘ ৰ আহ্বান । সেইসময়ত এই ‘অসম বন্ধ’ প্ৰথাটো বৰকৈ আছিল , যেন ধ্বংসোৎসৱৰ আহ্বান অথৱা পাছদিনাৰ বিৰতিহে । সেইকেইদিন আমাৰ ক্লাছ নহ’লেই , একেৰাহে বন্ধ । ভাৰ্ছিটি ৱিকৰ পিছত এক দীঘলীয়া বন্ধ পালোঁ , পিছে সেই বন্ধ মুঠেও সুখকৰ নহ’ল । প্ৰতি মুহুৰ্ততে ধেমাজিৰ বোমা বিস্ফোৰণত নিহত সকলৰ অচিন মুখবোৰ আৰু তেনেই আপোন মনবোৰ মনৰ মাজতে ঘুৰি ফুৰিলে অনবৰতে ।

AT 9 ৰ সমস্যা সমাধান হৈছিল সেই ৪৮ ঘণ্টাৰ ভিতৰতে , স্বস্তিৰ নিশ্বাস লৈছিলোঁ আমিও তেঁওলোকৰ জয়ত । ১৮ তাৰিখলৈকে আমাৰ বন্ধই চলিলে , আমনিও লাগিছিল অসম বন্ধবোৰ , ক্লাছো নাই ব্যস্ততাও নাই , ডিম্পীবাও গৈছিলগৈ ঘৰলৈ । বৰ অকলশৰীয়া হৈ পৰিছিলো , অকলে থাকি ভালপোৱা ছোৱালীজনীক এদিনতে একাকীত্বই আমুৱাইছিল , দিনবোৰ যেনেতেনে কাটি যায় যদিও ৰাতিবোৰ বৰ বেয়া লাগে অকলে থাকিবলৈ , কেতিয়াবা যদি জিনাক্ষি , কেতিয়াবা তুলিকা অথৱা গীতিমা থাকিছিল ৰূমত সেয়েহে , ৰাতিৰ ৰাতিটো কথা পাতি পাৰ কৰিছিলো আমি , লাহে লাহে জুনিয়ৰৰ খোলাটোৰপৰা ওলাবও পৰা হৈছিলোঁ যদিও ফ্ৰেচাৰ্ছ নোহোৱালৈকে কিন্তু জুনিয়ৰ নিষিদ্ধ ছাদখনলৈ যোৱাটো তেতিয়াও নিষিদ্ধই আছিল । পিছে অকলে অকলে কেইবাবাৰো ছাদলে গৈ জুতি পোৱাৰ পিছত মোৰ মনটো সঘনাই ছাদখনতে থাকিল , ডিম্পীবায়ে চিনিয়ৰ হৈও কেইবাদিনো লৈ গ’ল মোক , সাহস আৰু বাঢ়িল । অকলে থকা কেইদিন ৰাতি মোৰ লগত যিয়েই থাকিল তাইৰ লগতেই সকলো শোৱাৰ পিছত ছাদলে গ’লোঁ আৰু মনৰ হিচাপত সময় কটাই নামি আহোঁ , খালি কথা পাতোঁতে আৰু নামি আহোঁতে বৰ সাৱধানেৰে মেকুৰীৰ দৰে চুপ চাপ নামি আহোঁ ।

১৮ তাৰিখেও সদৌ অসম ছাত্ৰ সন্থাই ধেমাজিৰ সেই হৃদয়বিদাৰক ঘটনাৰ প্ৰতিবাদত অসম বন্ধ দিছিল , লাহে লাহে আমিও সহজ হৈছিলোঁ , মানুহৰ মন হয়তো তেনেকুৱাই । অকলে থাকিলেই চাহৰ নিমন্ত্ৰণী পাঁও জীনাবা , ৰিমকিবা অথৱা বান্ধৱীহঁতৰ ৰূমলৈ । সেইদিনাও অলসতাৰে ভৰা ৰাতিপুৱাটোত ৰিমকিবায়ে মাতি নিছিল চাহ খাবলৈ , চাহৰ কাপত চুমুক দিয়াৰ সমানে আগবাঢ়িছিল বিভিন্ন কথা , একেই ধেমাজিৰ কথাই , অলপ পিছত ধেমাজিৰ পৰা গৈ গৈ জীৱন দৰ্শন , প্ৰেম , জালুকবাৰীৰ বিভিন্ন কথাই সৰস হৈ পৰিছিল আমাৰ আলোচনা , লগত চিত্ৰাবা । কথাৰ লগে লগে সলনি হৈছিল চাহৰ কাপো , ফিকা চাহৰ লগত ধেমাজি আৰু জীৱন দৰ্শনৰ কথাৰ দৰেই পিছৰ কফি কাপৰ সৈতে আৰম্ভ হৈছিল প্ৰেম , প্ৰেমিক অাৰু জালুকবাৰীৰ কথা । আড্ডাবাজ আমাৰ সৈতে কফিৰ সোৱাদ ল’বলৈ জীনা বা , লভিতা আৰু তিৰুও নামি আহিছিল , বিষাদেভৰা সময়বোৰ নিমিষতে সলনি হৈ গৈছিল আমাৰ আড্ডাত । ৰিমকি বা আৰু জীনাবায়ে এজনীয়ে আনজনীক বন্ধু বোলে , শুনি বৰ ভাল লাগে । কফিৰ শেষ ঢোকটো মাৰিবলৈ লঁওতেই আমাৰ হোষ্টেলত হৈ চৈ লাগিছিল , কোনোবাই আৰ্তনাদ কৰি উঠিছিল ….

” জুই জুই জুই…. জুই লাগিল …. আমাৰ সব শেষ হৈ গ’ল … নামি আঁহা সব…. জুই …জুই………”

চিঞৰ শুনিয়েই ভয় লাগি গ’ল , ক’ত বা কি হ’ল আকৌ ? হুৰমুৰাই ওলাই আহিলোঁ গোটেইকেইজনী ৰূমৰপৰা , তেতিয়ালৈ তলৰ দুয়োটা ব্লকৰ প্ৰায়বোৰ ছোৱালী আমাৰ প্ৰাৰ্থনা কৰা ঠাইকণত দেৱীমাৰ মুৰ্তিৰ আগত থিয় দিছিলহি , বহুতে গমেই পোৱা নাছিল আচলতে কি হৈছিল , সকলোবোৰে মাথোঁ ভিৰ কৰিছিলহি সেই অকণমাণি ঠাইটুকুৰাত , সকলোৱে ভিতিবিহ্বল দৃষ্টিৰে চাই আছিল ওপৰলৈ , দুগৰাকীমানে চিঞৰি কান্দিয়েই দিছিল , ৰিমকি বা দৌৰ মাৰিছিল ওপৰলে , আমিও পিছে পিছে উঠি গ’লোঁ প্ৰায় দৌৰি । ওপৰলৈ উঠি গৈ দেখোঁ থাৰ্ড ব্লকৰ জেস্সী বাহঁতৰ ৰূমৰ সন্মুখত একুৰা জুই দাও দাওকৈ জলি আছে । ফ’ৰ্থ ব্লক আৰু থাৰ্ড ব্লকৰ বহুবোৰ ছোৱালী তেতিয়াও নামি যোৱা নাছিল , মনালিছাবায়ে কান্দি আছিল ভয়তে , বাৰেই চিলিণ্ডাৰটো জ্বলি উঠিছিল কিবা ৰান্ধি থাকোঁতে , আমি হতভম্ব , খুড়াহঁতো বিবুধিত । ছোৱালীবোৰ লাহে লাহে নামি গ’ল , সকলোৰে ভয় লাগিল , কাৰণ সকলোৰে ৰূমতেই তেনেকুৱা চিলিণ্ডাৰ একোটিকৈ আছে । এক ভয়ানক ঘটনাৰ উমান পাই শিহৰিত হৈ উঠিলোঁ আমি সকলো , সকলো নামি আহিল । তেনেতে দেখিলোঁ ৰিমকিবায়ে তলৰ পৰা বাল্টি এটাত বালি কঢ়িয়াই জুইৰফালে ছটিয়াই দিছে , লগে লগে আমি কেইজনীমানেও সমানে বালি আনি জুইৰ ফালে ছটিয়াবলৈ ধৰিলোঁ , পিছে জুই কমক চাৰি বাঢ়িবলেহে ধৰিলে । সাহস হেৰুৱাইছিলোঁ যদিও দেখুৱাই বিচলিত হৈ নপৰিলোঁ । চকুৰ আগত ভাঁহি আহিল জলি থকা হোষ্টেল এটাৰ ছবি , আমিও জলি আছিলোঁ যেন সমানে । নীড়হাৰা পখীৰ দৰে লাগিল মুহুৰ্তৰ বাবে ।

তেনেতে এজাক ল’ৰা হুৰমুৰাই সোমাই আহিল হোষ্টেলৰ ভিতৰলে , বেছিভাগেই AT 9 আৰু AT 8 ৰ চিনাকি ল’ৰাই আছিল যদিও আৰু বহুতো আছিল বেলেগ হোষ্টেলৰ ল’ৰাও । ল’ৰাবোৰে সোমাই আহিয়েই গোটেই ছোৱালীবোৰকে তললে নামি যাবলে ক’লে , অৱশ্যে আমি কেইজনীমানহে আছিলো ওপৰত তেতিয়া । বৰ সাৱধানেৰে ৰূমবোৰ চাই গ’ল ল’ৰাবোৰে কোনোবা কেনেবাকৈ থাকি গ’লনেকি চাবলে । ইমান হঠাতে কেনেকৈ ইমানবোৰ ল’ৰা গোট খালেহি একো তলকিবই নোৱাৰিলোঁ , তেঁওলোকৰ আমাৰ প্ৰতি দায়বদ্ধতা দেখি আৰু সন্মান বাঢ়ি গ’ল , তাৰ মাজতে মোৰ বুকুত খোপনি পোতা চকুহালি দেখি আচৰিতো হ’লো , গোমোঠা ল’ৰাটোক বৰ অধৈৰ্য যেন লাগিল । পিছে চকু মুখ চাই থকাৰ সময় নাছিল তেতিয়া । তেঁওলোকৰ মাজৰে কোনোবাই ফায়াৰ চাৰ্ভিছক খবৰ দিছিলে , অতি সোনকালেই ফায়াৰ চাৰ্ভিছৰ গাড়ী আহি পাইছিলহি , য়ুনিফৰ্ম পিন্ধি অহা গজগজীয়া মানুহকেইজনমান সোমাই গৈছিল হোষ্টেলৰ ভিতৰলে , বাহিৰত পুৰা ভিৰ , আমাৰ কেম্পাছৰ গোটেইকেইটা হোষ্টেল আৰু বিভিন্ন হোষ্টেলৰ ল’ৰাবোৰে বাহিৰত ভিৰ কৰিছিলহি । আমাৰ হোষ্টেলৰ সকলোৱে মাথোঁ কান্দিছিল । তেনেতে থাৰ্ড ব্লকৰ বাথৰূমৰ আগৰ খালী ঠাইখিনিৰ পৰা এটা জ্বলন্ত অগ্নিপিণ্ড দলিয়াই দিছিল তললৈ ফায়াৰ চাৰ্ভিছৰ কোনোবা এজনে । তেতিয়ালৈ সেইটো জ্বলি জ্বলি ছাঁই হৈছিল । কিবা ভাগ্য ভাল আছিল চাগে সেইদিনা আমাৰ । নহ’লে যে কি হ’লহেঁতেন একো ভাবিবই নোৱাৰি , হয়তো সেইটো ১৮ আগষ্ট এটা অভিশপ্ত দিনলৈ পৰিণত হ’লহেঁতেন গুৱাহাটী য়ুনিভাৰ্ছিটিৰ বাবে । চিলিণ্ডাৰটোৰ দৰেই ছাঁই হৈ গ’লহেঁতেন আমাৰ মৰমৰ হোষ্টেলটো , আৰু বা কি হ’বলগীয়া আছিল কোনে জানে ?

সকলো শাম কটাৰ পিছত আমি ৰূমে ৰূমে গৈছিলোঁ যদিও ৰূমৰ চিলিণ্ডাৰটো দেখিলেই বুকু কঁপি উঠিছিল , পিছে সকলোবোৰ তল পেলাই দুটা কথাই হোষ্টেলত সকলোকে আমোদ দিছিল । এটা আছিল জুই লগা শুনিয়েই আমাৰ মিনিবা আৰু শেৱালিবায়ে সকলোতকে আগতে ৰূমৰ পৰা বেগ আৰু ফাইল লৈ দৌৰি ওলাই অহাটো আৰু আনটো আমাৰ লগৰে এগৰাকীৰ বেণীত লাগি অহা অন্তৰ্বাসৰ কাহিনীটো । মিনিবাহঁতে যে সেইটো কিমান দূৰদৰ্শিতাৰে কৰিছিল সেইটো এতিয়াহে বুজিব পাৰিছোঁ যদিও সেই সময়ত সঁচাকৈয়ে বৰ আমোদ দিছিল আৰু অন্তৰ্বাসৰ কাহিনীটো নকঁওৱেই বাৰু । কাহিনীবোৰৰ সমানেই টনটনাই বাঢ়ি আহিছিল মোৰ ভৰিৰ বুঢ়া আঙুলিৰ বিষটোও , হুৰমুৰাই ওলাই আহোঁতেই কেতিয়ানো উজুটিত ভৰিৰ নখ এৰাই গ’ল গমকে নাপালোঁ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৯

শেষ হৈছিল সকলো , শেষ হৈছিল মাহযোৰা উখল মাখল , খদমদম…. কিন্তু অাশাবোৰ শেষ হ’ব খুজিও শেষ হোৱা নাছিল , জী উঠিছিল পিছৰ বছৰৰ বাবে । বাখৰুৱা ব্যস্ততাবোৰ লাহে লাহে ভাগৰুৱা হৈ পৰিল , সকলোফালে কেৱল নিজান নিজান পৰিৱেশ , নাই কোনো উচ্ছলতা , ভাৰ্ছিটি ৱিকৰ দৰে এটা বিৰাট পৰ্বৰ অন্তত গোটেই য়ুনিভাৰ্ছিটিখনেই নিজম পৰি গ’ল যেন । পিছে এদিন বা দুদিনৰ বাবেহে হয় এনেকুৱা জালুকবাৰী । জালুকবাৰী যে নিজম পৰিব নোৱাৰে , কাৰণ জালুকবাৰী চিৰ যৌৱনা , জালুকবাৰী অনন্তযৌৱনা । দৌৰা ঢপৰা , খেলা ধূলা কৰি ভাগৰি পৰা মুখবোৰ আকৌ আগৰদৰেই চঞ্চল চপল হৈ পৰিল , চকুৰ সপোনবোৰ আকৌ বুকুত থিতাপি ল’লেহি । মেঘালীৰ চাহকাপে প্ৰাণ পাই উঠিল সপোন বিলাসীৰ আড্ডা বোৰত , আড্ডাবাজ জালুকবাৰী , প্ৰাণোচ্ছল জালুকবাৰীত যে মেঘালী আৰু ৰবীন দা অভিন্ন , মেঘালী মেঘালীয়েই , ৰবীন দাও ৰবীনদায়েই । এনে কোন আছে জালুকবাৰী গৰকি অহা যি এদিনলৈও মেঘালীত সোমোৱা নাই , এবাৰলৈয়ো প্ৰাণৱন্ত , হাঁহিভৰা , সপ্ৰতিভ ৰবীনদাৰ মুখামুখি হোৱা নাই , ৰবীনদাৰ ফৰকাল কথাবোৰৰ সাক্ষী হোৱা নাই , বয়সে হাৰ মনাব নোৱাৰা ৰবীনদাৰ হাঁহিটোৱে বুকুত শিপাই যোৱা নাই । ৰবীন দা আৰু মেঘালী , ৰবীন দা আৰু ভুপেনদা , ৰবীনদা আৰু আমি ……. আমিয়েই জালুকবাৰী । ৰবীন দা ভালপাঁও আপোনাক এতিয়াও আগৰদৰেই । ( চাহ একাপ ফ্ৰিতে খাম বুজিছে এইবাৰ )

সকলোবোৰ আগৰদৰেই সহজ হ’ব খোজোঁতেই পিছে সহজ হ’ব পৰা নাছিল আমাৰ মৰমৰ AT 9 boys hall , সহজ হ’ব পৰা নাছিল PGSU আৰু Law hostel AT 9 ৰ বিবাদখনহে । ১৪ আগষ্টৰ গধূলি জিনাক্ষিয়ে প্ৰায় কন্দনামুৱা হৈ খবৰ দিছিলহি সেই অবিশ্বাস্য আৰু অনাহুত সংবাদটো । শুনি থিৰেৰে থাকিব পৰা নাছিলো আমি , কেৱল আমিয়েই নহয় , আমাৰ কেম্পাছৰ তিনিওটা হোষ্টেলৰ ছোৱালীবোৰ জঁই পৰি গৈছিল মূহুৰ্তৰ বাবে । কেনেকৈ সম্ভৱ হ’ব পাৰে ? কেনেকৈ এটা হোষ্টেল বন্ধ কৰাৰ একপক্ষীয় সিদ্ধান্ত দিব পাৰে য়ুনিভাৰ্ছিটি কৰ্তৃপক্ষই ? কেনেকৈ সতীয়া দৃষ্টিৰে চাব পাৰে একেখন য়ুনিভাৰ্ছিটিৰে আইন মহাবিদ্যালয়ৰ ছাত্ৰসকলক ? কেনেকৈ ? এখন এখনকৈ মুখবোৰ ভাঁহি আহিল আমাৰ মৰমৰ হোষ্টলটোৰ ল’ৰাবোৰৰ মুখবোৰ ? প্ৰণৱদা , যাৰ লগত মই প্ৰথমেই চিনাকি হৈছিলো , দিলিপ আমাৰ পুৰণি বন্ধু , দেৱদা প্ৰশান্তদা , দীপ্তদা, কবিন দা , ৰৌজদা , টিকে দা , বিতোপন দা , পাৰ্থ , বিপুলদা , লাহনদা সকলোৰে চিনাকি চকুবোৰে মনৰ মাজত অগা দেৱা কৰিলে সেই মূহুৰ্তত । কি কৰিব পাৰোঁ তাৰ চিন্তা কৰাতকৈ সেই হোষ্টেলটোৰ অবিহনে আমি নিজকে ভাবিবপৰা নাছিলো । কিহৰপৰাযে কি হৈ গৈছিল গোটেই কথাবোৰ ? এটা তেনেই সৰু ঘটনাই ইমান ডাঙৰ ৰূপ লৈছিলগৈ যে এটা হোষ্টেল বন্ধ কৰাৰ সিদ্ধান্ত ল’বলগীয়া পৰ্যায় পাইছিলগৈ । তাকো এটা সামান্য ছিটৰ বাবে ? অ’ডিটৰিয়ামৰ এখন সংৰক্ষিত আসনৰ বাবে ?

ভাৰ্ছিটি ৱিকৰ আনন্দোল্লাসৰ শেষৰ দিন , বঁটা বিতৰণী আৰু সাংস্কৃতিক সন্ধ্যা , এসপ্তহীয়া উলাহৰ শেষ ৰাতি , সকলোৰে বাবে উদযাপনৰ দিন আছিল যদিও আমাৰ বাবে আছিল বৰ কষ্টৰ সময় সেইখিনি , উদযাপনৰ নিশা নাছিল আমাৰ বাবে , আমাৰ মনোকষ্টৰ শেষ নাছিল সেই নিশা , আশাহত হোৱাৰ , স্বপ্নভংগ হোৱাৰ নিশা আছিল সেই নিশা , শ্ৰেষ্ঠ হোষ্টেল নোপোৱাৰ বেদনাৰে জৰ্জৰিত হোৱাৰ নিশা আছিল সেইটো , গতিকেই আমি আমাৰ হোষ্টেলৰ নাম লিখা sash আৰু play card বোৰেৰে আমাৰ হোষ্টেলৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনবোৰত বহি পৰিছিলো নিচ্ছল হৈ । যেতিয়া শ্ৰেষ্ঠ হোষ্টেলৰ বঁটা ল’বলৈ RCC 3 girls hall চিঞৰি চিঞৰি মঞ্চৰ ওপৰলৈ উঠি গৈছিল তেতিয়া চকুলোৰে ভৰা চকুবোৰে বুকুভৰা হুমুনিয়াহৰ সৈতে চাই ৰৈছিলো মাথোঁ । তেতিয়াই সম্ভৱতঃ ঘটিছিল নঘটিবলগীয়া সেই ঘটনাটো । ভাৰ্ছিটি ৱিকৰ সন্ধ্যাবোৰত অ’ডিটৰিয়ামত প্ৰত্যেকটো হোষ্টেলেই নিজৰ হোষ্টেলৰ আৱাসীসকলৰ বাবে আসনবোৰ সংৰক্ষিত কৰি ৰাখে হোষ্টেলৰ নাম লিখা ফলকবোৰ লগাই । সেইকেইখন আসনত বেলেগ কোনো নবহে , খালী হৈ থাকিলেও আন কোনো নবহেগৈ , বিশেষকৈ ল’ৰা হোষ্টেলৰ সংৰক্ষিত আসনবোৰত । অৱশ্যে চিনিয়ৰৰ টেগ লগোৱা প্ৰেমিক প্ৰেমিকাসকলৰ কথা বেলেগ হয় তেনেকুৱাত ।

তেনেকুৱা এখন ল’ৰা হোষ্টেলৰ সংৰক্ষিত আসনতে বহিছিল ল’ৰা এটা , হয়তো জানি অথৱা নাজানি । তাতে ল’ৰাজন আকৌ আছিল আইন মহাবিদ্যালয়ৰ , তাতে AT 9 ৰ । আনহাতে সংৰক্ষিত আসনখন আছিল RCC 2 boys hall ৰ । তাতেই ঘটিছিল ঘটনাটো । নিজৰ হোষ্টেলৰ বাবে সংৰক্ষিত আসনবোৰৰে এখনত আইন মহাবিদ্যালয়ৰ কন্দৰ্প দাদাক বহি থকা দেখি খঙত জাঙুৰ খাই উঠিছিলগৈ RCC 2 boys hall ৰ ল’ৰাবোৰ , এনেই আইন মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত আগৰেপৰাই স্নাতকোত্তৰ ছাত্ৰসকলৰ অৰিয়া অৰিৰ কথা শুনি আহিছিলোৱেই । আৰম্ভণিতে সামান্য উখনা উখনি লাগিছিল যদিও , লাহে লাহে সেই কথাই হৈ পৰিছিল কাজিয়া , কাজিয়াই লৈছিল সাংঘাতিক ৰূপ , আৰম্ভ হৈছিল দুটা পক্ষৰ মাজত হতাহতি , জনামতে কন্দৰ্প দাদা বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল , অৱশেষত কৰ্তৃপক্ষৰ মধ্যস্থতাতহে শাম কাটিছিলগৈ কাজিয়াখন , পিছে সেই নিশাৰ আমাৰ নিচ্ছলতাৰ বাবে তেতিয়া বৰ বিশেষ গম নাপালোঁ কথাবোৰ । পিছদিনা গম পাইছিলো যদিও বৰ বিশেষ গুৰুত্ব দিয়া নাছিলো , য়ুনিভাৰ্ছিটিত এইবোৰ তেনেই সাধাৰণ কথা , আজি আছে কাইলৈ নাই বুলিয়েই বৰ এটা নাভাবিলোঁ কথাটো কোনেও । পিছে তুংগত উঠিছিলগৈ কাজিয়াখন , আমাৰ কেম্পাছৰ হোষ্টেলকেইটাক বাদ দি আনটো কেম্পাছৰ আটাইবোৰ হোষ্টেল একগোট হৈছিল ,থিয় দিছিল আইন মহাবিদ্যালয়ৰ সেই একমাত্ৰ হোষ্টেলটোৰ বিপক্ষে । কথা ইমানলৈকে পাইছিলগৈ যে এই হোষ্টেলটো যদি বন্ধ কৰি নিদিয়ে তেন্তে আনটো কেম্পাছৰ হোষ্টেলৰ ছোৱালীবোৰে পানী এটোপাও মুখত নিদিয়াকৈ অনশন কৰাৰ হুংকাৰ দিছিল , সমানে সমৰ্থন জনাইছিল PGSU ৰ সদস্যসকলে । অশান্ত হৈ পৰিছিল পৰিৱেশটো , এফালে মৰমৰ হোষ্টেলটো আনফালে PGSU ৰ উদাসীনতা …..দুয়োটাই গোটেই য়ুনিভাৰ্ছিটিৰ পৰিৱেশটোকে গোমা কৰি পেলাইছিল । ক’ব নোৱাৰাকৈয়ে দুচকু ভৰি উঠিছিল ।

সেইদিনা আছিল ১৪ আগষ্ট । মনত থাকিব সেই সন্ধ্যাটো , যিটো সন্ধিয়াত সেই সময়ৰ উপাচাৰ্য মহোদয়ে ৪৮ ঘণ্টাৰ ভিতৰত AT 9 হোষ্টেলটো একেবাৰে খালী কৰাৰ কাঢ়া নিৰ্দেশ জাৰি কৰিছিল । পিছদিনা স্বাধীনতা দিৱসৰ বাবে নাৰ্জীৰ মালা চিলাই থকা আমাৰ হাতবোৰ জঠৰ হৈ পৰিছিল কথাটো শুনামাত্ৰকে । আমি স্তব্ধ হৈ পৰিছিলো , মাত্ৰ চকুৰ আগত অগা দেৱা কৰিছিল চিনাকি মুখবোৰে । ধিক্কাৰ দিছিলো তেনে নিৰ্দেশ জাৰি কৰা সকলক , জাৰি কৰিবৰ বাবে বাধ্য কৰোৱাসকলক । কেৱল আইন মহাবিদ্যালয়ৰ হোষ্টেল হোৱাটোৱেই দোষ আছিল তেঁওলোকৰ , গতিকেই আছিল সেই মাহী আই দৃষ্টি য়ুনিভাৰ্ছিটিৰ কৰ্তৃপক্ষৰ । কাৰণ আমি জনামতে ভাৰ্ছিটি ৱিকত হোৱা কাজিয়াৰ ফলতে RCC 3 boys hall ৰ ল’ৰাই AT 7 boys hall ৰ বিস্তৰ ক্ষতি কৰিছিল আকৌ AT 4 boys hall ( আমাৰ বন্ধু হোষ্টেল ) ৰ ল’ৰাই AT 8 boys hall ৰ ল’ৰাক বেয়াকৈ মাৰ পিত কৰিছিল , সেইবোৰ পিছে তল পৰিছিল , প্ৰাধান্য পাইছিল মাথোঁ RCC 2 boys আৰু AT9 boys ৰ প্ৰসংগটোৱেহে । স্নাতকোত্তৰ ছাত্ৰাৱাসৰ লগত আইনৰ ছাত্ৰাৱাসৰ কাজিয়াৰ বাবেই য়ুনিভাৰ্ছিটি তোলপাৰ লগোৱা বিষয়লৈ পৰিৱৰ্তিত হৈছিল অ’ডিটৰিয়ামৰ মাত্ৰ এখন আসনৰ বাবেই । তথাপিও সাহসেৰে আমি লগত আছোঁ বুলি ক’ব পৰা নাছিলো কাকো , এনেই জুনিয়ৰ তাতে স্নাতকোত্তৰ শাখাৰ । পিছে হোষ্টেল খালী কৰাৰ নিৰ্দেশটো শুনি আমাৰ হোষ্টেলৰে এগৰাকী চিনিয়ৰক বৰ উৎফুল্লিত হৈ পৰা দেখি আৰু আচৰিত লাগিছিল , তেঁওৰ প্ৰতি থকা সকলো ভাল ভাৱ ক্ষণিকতে নাইকিয়া হৈ গৈছিল । তেঁওৰ প্ৰেমিক সেই সমৰ্থক সকলৰ ভিতৰৰে এজন আছিল বাবেই হয়তো বাজনীয়েও নিজৰ বিবেকক অগ্ৰাধিকাৰ নিদি প্ৰেমিকৰ সুখকেই সুখ বুলি ভাবিয়েই তেনে কৰিছিল ।

পিছে অন্তৰৰ আন্তৰিক ইচ্ছা যে বিফলে নাযায় তাৰ আকৌ প্ৰমাণ পাইছিলো , AT 9 বাসী কেৱল কাগজে কলমেই আইনৰ ছাত্ৰ নাছিল তেঁওলোক মন মগজুৰেও আছিল আইনৰ ৰক্ষক তেতিয়াৰেপৰাই । সবল যুক্তি , সবল নেতৃত্ব আৰু সবল প্ৰতিবাদৰ ফলত য়ুনিভাৰ্ছিটি কৰ্তৃপক্ষইও হাৰ মানিছিল খুউব কম সময়ৰ ভিতৰতে আৰু হোষ্টেল উৎখাতৰ সেই অগ্ৰহণীয় প্ৰস্তাৱ উঠাই ল’বলৈ বাধ্য হৈছিল । শুভ ইচ্ছাবোৰ বিফলে যোৱা নাছিল , ৪৮ ঘণ্টাৰ সময়সীমাতেই সাধ্য হৈছিল এই সকলোবোৰ ।

পিছদিনাৰ পুৱাটোৱে কঢ়িয়াই আনিছিল সেই সুখৰ বতৰা , পিছে সুখখিনি অনুভৱ কৰাৰ আগেয়েই সমগ্ৰ অসমকে কন্দুৱাই দুখৰ বতৰা লৈ আহিছিল স্বাধীনতা দিৱসৰ সেই পুৱাটোৱে , সেই কুলক্ষণীয়া পুৱাটোটেই ঘটিছিল সেই বিৰাট অঘটনটো । ধেমাজিৰ সেই বৰ্বৰোচিত অবিবেকী কাণ্ডই সকলোকে ৰুদ্ধ কৰি তুলিছিল , শ্বসৰূদ্ধ কৰিছিল চৈধ্যটিকে জীৱন জীয়াৰ প্ৰৱল বাসনা থকা শিশুৰ । লগতে আন পাঁচজন নিৰীহ ব্যক্তিৰ । পতাকা উত্তোলন কৰি গৈয়ে ৱাকমেনত বাজি থকা মোৰ প্ৰিয় গীতটোও নুশুনা হৈ গৈছিলোঁ , কি সংযোগ আছিল সেই গীতটোৰ ধেমাজিৰ সেই নিৰ্মম কাণ্ডৰ লগত নাজানো , কিন্তু প্ৰিয় জ্যোতি সংগীতটো মিহি ভলীউমত বাজি আছিল তেতিয়াও , নুশুনা চিৎকাৰবোৰ আৰু বোমাৰ শব্দটোক নস্যাৎ কৰিব পৰা নাছিল তথাপিও প্ৰিয় শব্দখিনিয়ে ………

” মই কোৱা সেই জোনাকী সাধু নাপাহৰিবি / বুকুৰ তেজেৰে লিখা গানবোৰ চকুপানীৰে নমচিবি / চকুৰপানীৰে লিখা গানবোৰ / আলৈ আথানি নকৰিবি…….”

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৮

ভাগৰে হেঁচা মাৰি ধৰা স্বত্তেও কাৰো চকুত টোপনি নাছিল , সকলোৱে উৎকণ্ঠাৰে বাট চাই ৰৈছিলো পিছদিনাৰ পুৱাটোলৈ । পুৱাৰ বেলিয়ে ৰহণ সনা আকাশখন চাই সকলো সাজু হৈছিলো সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে । কিয়জানো বাৰে বাৰে জুনিয়ৰ নিষিদ্ধ ছাদ খনলে যাবলৈ বৰকে মন গৈছিল কাহিলি পুৱাটিত , তাতে কৃষ্ণচূড়াৰ শেষ হ’বলে ধৰা ৰংবোৰ আৰু ৰেইন-ট্ৰি জোপাৰ অকণ অকণ গুলপীয়াবোৰ চুই চাবলে বৰকে মন গৈছিল । সেয়েহে কানিমুনি পুৱাটোত হাতত সাৰে ভৰিত সাৰে উঠি গৈছিলো মোৰ সেই প্ৰিয় ঠাইকণলৈ । ছোৱালীবোৰ তেতিয়ালৈকে ৰূমৰ ভিতৰতে নিজৰ কামত ব্যস্ত আছিল , ছাদখনলে উঠি গ’লেই এটা অদ্ভুত ভাৱ আহে মনলে , পুলকিত হৈ পৰে মনটো , আগষ্টৰ গেলেপা লগা গৰমতো ছাদলে গ’লে এজাক চেঁচা বতাহে গা মন শাঁত পেলাই যায় । ছাদলে গ’লেই গোটেই ভাগৰ পলাই , নামি আহোঁ ন উদ্যমেৰে ন আশাৰে ঠিক পুৱাৰ ন সুৰুযৰ ন কিৰণৰ দৰেই ।

চিনিয়ৰসকল খুবেই ব্যস্ত হৈ পৰিছিল সাংস্কৃতিক শোভাযাত্ৰাৰ লগত , সেইবছৰ আমাৰ হোষ্টেলৰ বিষয় আছিল উত্তৰ পূৰ্বাঞ্চলীয় সংস্কৃতি , সাতোভনীৰ গীত নৃত্যকেই আচলতে মুখ্য বিষয় হিচাপে লোৱা হৈছিল যদিও অসমৰ বাৰেৰহণীয়া সংস্কৃতি আৰু বিভিন্ন জনগোষ্ঠীয় সাজপাৰেও প্ৰাধান্য পাইছিল । চিনিয়ৰে যিদৰেই অমাক দায়িত্ব দিলে তেনেদৰেই আমি পালন কৰি গ’লোহঁক , কাৰ ভাগত কি পৰিব , কোনে কি সাজ পিন্ধিব এইবোৰ সব আগতীয়াকৈ কৈ দিয়া হৈছিলেই বাবে সেইদিনা সাজু হ’বলৈও আমাৰ বিশেষ অসুবিধা হোৱা নাছিল যদিও মই সজাৰ বেলিকাহে লেঠা লাগিছিল । শোভাযাত্ৰাত মই ঢুলীয়া হৈছিলো , মোৰ চেনেহী নাচনী আছিল মিতালি , মিতালি বিহু নাচত বৰ পাকৈত , মই অলপ হটঙা দেখি মোক ঢুলীয়া পাতিলে হ’বপাই চিনিয়ৰসকলে । এফালে পোৰা হাত , আনফালে ধূতি পিন্ধাৰ অনভ্যাস , দুয়োটাই মোৰ বাবে আহুকলীয়া আছিল , তাতে ঢুলীয়াৰ সাজযোৰো জীনাক্ষিয়ে AT 9 ৰ কাৰোবাৰপৰা গোটাই দিছিল , এনেই ক্ষীণ মিন কেটেঙী , তাতে জোখতকে ডাঙৰ জাৰ্চি এটা পিন্ধি লৈ নিজকে দেখিবলে বৰ অদ্ভুত লাগিল । মণিবায়ে সযতনে ধূতি খন পিন্ধাই দিলে যদিও পছন্দ পিছে অলপো নহ’ল , ৰিমকিবায়েও অলপ ঠিক ঠাক কৰি দিলেহি যদিও মনঃপুত অলপো নহ’ল , চুৰিয়াৰ ফেৰ এনেকৈ মেলিলে আধাবাট চুৰিয়াই যে সামৰিব খাটাং হৈ গ’লো । বাটতে চুৰিয়াৰ পোন্ধ খোলাৰ ভয়ত উপায় নাপাই চুৰিয়াখন যেনেতেনে মেৰিয়াই পিতৃতুল্য যোগেন খুড়াৰ ওচৰ পালোগৈ । লাজ লাগিব খুজিও খুড়াৰ আপোনভোলা হাঁহিৰ আপোনত্বই অলপো অসহজ হ’বলে নিদিলে । কাজেই টিপ টপকে ধূতি পিন্ধি ল’ৰানে ছোৱালী ধৰিব নোৱাৰাকে মূৰত গামোছাৰ পাগ মাৰি সাজু হৈ পৰিলো শোভাযাত্ৰাৰ বাবে , আমাৰ শেষ ভৰষাৰ দিশে ।

অ’ডিটৰিয়ামৰ সন্মুখ পাই মনটো একদম ৰোমাঞ্চিত হৈ পৰিছিল , আমাৰ দৰেই শাৰী শাৰীকৈ থিয় দি আছিল য়ুনিভাৰ্ছিটিৰ গোটেই হোষ্টেলবোৰৰ আৱাসীবোৰ বিভিন্ন বেশভূষাৰে , বহুতকে চিনি নাপালো আচলতে ধৰিবই নোৱাৰিলো বেলেগ সাজ সজ্জাত । আমাৰ হোষ্টেলৰ দলটোকো বৰ ভাল লাগিছিল , তিৰুৰ কঁকালত ৰং বিৰঙী সাতদাল ফিটাৰে মেৰিয়াই সাতভনীক সংযোজিত কৰা হৈছিল , তিৰুক বৰ অসমৰ প্ৰতীক কৰি তাইৰ চাৰিওফালে সাতভনীৰ জাতীয় সাজত সাতজনী ছোৱালী , তেঁওলোকৰ পিছে পিছে অসমীয়াৰ হিয়াৰ আমঠু বিহুক প্ৰতিনিধিত্ব কৰি আমি ( মিতালি আৰু মই ) , তাৰ পাছত বাকী ছয়খন ৰাজ্যৰ প্ৰতীকস্বৰূপে বেলেগ বেলেগ ছোৱালীবোৰ । গোটেই দলটো বৰ ৰঙীন লাগিছিল , সেয়েহে হয়তো সকলোৱে প্ৰশংসা সূচক দৃষ্টিৰেও চাইছিল ।

হোষ্টেলৰপৰা ওলোৱাৰ সময়ত
বিহুৱা বিহুৱতী

পিছে শোভাযাত্ৰাটোৰ ভিতৰত জাকত জিলিকা আছিল RCC 2 boys hall এ কৰা মানৱ মূৰ্তিৰ শৃংখলটোহে , ল’ৰাবোৰৰ গাত মাটিৰে এনেকৈ লিপি দিয়া হৈছিল যে তেঁওলোকক জীৱন্ত নে মূৰ্তি চিনিবই পৰা নাছিল কোনেও । হোষ্টেলৰপৰা ওলোৱাৰপৰা শোভাযাত্ৰা মাৰ্কেটৰ সন্মুখেৰে অধ্যাপক নিৱাসৰ মাজেৰে আকৌ ঘুৰি আহি অ’ডিটৰিয়ামৰ আগলৈকে পোৱালে প্ৰায় ডেৰঘণ্টামান সময় তেনেকৈ মানৱ মূৰ্তি হৈ একেথৰে অকণো লৰচৰ নকৰাকৈ থিয় হৈ থকাটোও অতি সাধাৰণ কথা নাছিল , চিনাকি মুখবোৰো অচিনাকি হৈ পৰিল , প্ৰস্তৰ যুগৰ মানৱ মূৰ্তি আমাৰ সন্মুখত থিয় দি থকা যেন লাগিল । দেখিয়েই গম পাইছিলো , প্ৰথম পুৰস্কাৰ কোন হোষ্টেলে পাব । ইমান সুন্দৰ অভিজ্ঞতা আগে পাছে কেতিয়াও হোৱা নাছিল , এনে পৰিৱেশ পোৱাও নাছিলো । সঁচাই য়ুনিভাৰ্ছিটিৰ এটা এটা পল অনুপল মনৰ মনত ৰৈ যাব পৰা বুলি এনেই নকয় ।

ডেৰঘণ্টীয়া সময়খিনি যেন এটা উশাহৰহে বাট আছিল , বিচাৰকে আমাক বিভিন্ন প্ৰশ্নও সুধিলে , পিছে আমাৰ হৈ উত্তৰ দিবলে সন্মুখত বেনাৰ ধৰি যোৱা জিনাক্ষি আৰু হিমাদ্ৰিৰ লগত মণিবাহঁত আছিলেই , গতিকে আমি উত্তৰ দিবলগীয়া হোৱা নাছিল , শোভাযাত্ৰাৰ শেষত পুনৰ সকলোবোৰ অ’ডিটৰিয়ামৰ সন্মুখত গৈ ৰৈ মজা লৈছিল গ্লুক’ন ডি , বুট , বিস্কিট আৰু লাল চাহৰ । লগতে সকলো উঠকণ্ঠাৰ অন্ত পেলাই শুনিছিলো দুপৰীয়াৰ ভাগলৈ শুনিছিলো বহু অপেক্ষিত শোভাযাত্ৰাৰ ফলাফল , আমি তৃতীয় , RCC 2 boys এই আমি ভবা ধৰণেই প্ৰথম হৈছিল । দুখ লাগিছিল , সকলো আনন্দ উৎসাহ নাইকিয়া হৈ গৈছিল , বুজি পালো আমাৰ শ্ৰেষ্ঠ হোষ্টেলৰ আশাটো আশা হৈয়ে ৰ’ব বুলি । তথাপিও উদ্যম নেহেৰুৱালো , শ্ৰেষ্ঠ হোষ্টেল নাপালেও আমি আমাক বেয়াকে প্ৰদৰ্শন নকৰোঁ , আৰু বাকী থকা ভলীবলৰ ফাইনেলখনত উৎকৃষ্ট প্ৰদৰ্শনেৰে চেম্পিয়নৰ খিতাপ আনিবই লাগিব । শেষ ভৰষা শ্ৰেষ্ঠত্বৰ ।

ভলী খেলিবলৈ যাঁওতেই আমি বুজি পাইছিলো যে অতদিনে যি পণ লৈ আগবাঢ়িছিলো , সেইয়া আমি হেৰুৱাবলে গৈ আছো , তথাপিও সাজু কৰিছিলো নিজকে , এশ শতাংশ দিম আমি আমাৰ বাবে । বতৰেও লগ দিয়া নাছিল আমাৰ , খেলখন আৰম্ভ হোৱাৰপৰাই আৰম্ভ হৈছিল চিপ্ চিপ্ বৰষুণ , আমাৰ মনবোৰো বতৰৰ লগে লগে সেমেকি উঠিছিল ,আমাৰ প্ৰতিপক্ষৰ বাবে আছিল সেইয়া ডাঙৰ সুযোগ আমাক হৰুৱাৰ , হাঁৰিছিলো আমি , আচলতে আমাৰ মনবোৰ হাঁৰিছিল । খুব কম পইণ্টত হৰুৱাইছিল আমাক প্ৰতিপক্ষই , শেষ হৈ গৈছিল সকলো , ৰাণাৰ্ছ আপ হৈ একেবাৰে হাঁৰি গৈছিলো যেন লাগিছিল , AT 9 ৰ ল’ৰাবোৰো আমাৰ সমানে দুখী হৈছিল , গাৰ লগৰ ছাঁৰদৰেই আমাৰ লগে লগে থাকি আমাক সান্ত্বনা দিছিল । আমি বৰ দুৰ্বল হৈ পৰিছিলো , পৰ্বতৰ চূড়া পাঁও পাঁও হঁওতেই যেন বাগৰি পৰিছিলো ধুপুচকে ।

কোনেও কাকো চাবলে অথৱা মাতিবলে সাহস হোৱা নাছিল সেই মূহুৰ্তত , জীৱন যুঁজত পৰাজিত সৈনিকৰ দৰে হোষ্টেল পাইছিলোহি আৰু হোষ্টেল পাইয়েই আপোনজনক হেৰুৱাৰ দৰে কান্দি কান্দি ব্যাকুল হৈ পৰিছিল ছোৱালীবোৰ , গোটেই হোষ্টেলটো নিৰাশা হতাশাত ডুব গৈছিল । আমি শ্ৰেষ্ঠ হোষ্টেল নাপালোঁ , হোষ্টেলৰ নামটো সেইবছৰ শ্ৰেষ্ঠত্বৰ শিতানত ৰাখিব নোৱাৰিলো , সেইবছৰো আকৌ শ্ৰে্ষ্ঠ হোষ্টেল হৈছিল RCC 3 girls hall , ল’ৰাৰ পাহৰিলো । পিছে আমি হতাশ হোৱা নাছিলো , পিছৰ বছৰৰ বাবে আকৌ পণ লৈছিলো সেইদনাই , চিনিয়ৰসকলৰ দুখ হয়তো ৰৈ গ’ল , শ্ৰেষ্ঠ নোহোৱাৰ বাবে , পিছে আমাক আগুৱাই থৈ গ’ল শ্ৰেষ্ঠত্বৰ দিশে । আৱাসী যেতিয়াৰে নহওক , হোষ্টেলৰ নামটোহে আচল , ওলাই যোৱাৰ পিছতো থাকে সাংঘাতিক হোষ্টেল ছেণ্টি ।

ৰাতিলৈ সাংস্কৃতিক সন্ধ্যা আৰু বঁটা বিতৰণ অনুষ্ঠানলে গৈছিলো যদিও মন একেবাৰেই ভাল নাছিল , কিবা নাই নাই ভাৱটোৱে মনটো একেবাৰে গ্ৰাস কৰি পেলাইছিল , সুখী পলবোৰ সেয়েহে সুখেৰে কটাব নোৱাৰিলোঁ । আটাইতকৈ বেয়া লাগিছিল তেতিয়া , যেতিয়া শ্ৰেষ্ঠ হোষ্টেল দুটাই ( ল’ৰা আৰু ছোৱালীৰ বেলেগে বেলেগে ) হৰ্ষোল্লাসেৰে মঞ্চলে উঠি হোষ্টেলৰ জয়গানেৰে শ্ৰেষ্ঠত্বৰ বঁটা গ্ৰহণ কৰিছিল । আনৰ সুখত সুখী হ’বলে শিকা মনবোৰ সিদিনা পিছে সুখী হ’ব পৰা নাছিল , তাৰ পৰিৱৰ্তে পিছৰ বছৰৰ মঞ্চত নিজকে কল্পনাহে কৰিছিল আমাৰ হোষ্টেলৰ সকলোৱে । সেইয়া কল্পনাবিলাসেই বোলক বা সপোনেই বা প্ৰতিজ্ঞাই বোলক , মুঠতে নিজকে শ্ৰেষ্ঠ ৰূপত ভাবিয়েই সান্ত্বনা লৈছিলো সকলোৱে ।

ক্ৰমশঃ