জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৯

শেষ হৈছিল সকলো , শেষ হৈছিল মাহযোৰা উখল মাখল , খদমদম…. কিন্তু অাশাবোৰ শেষ হ’ব খুজিও শেষ হোৱা নাছিল , জী উঠিছিল পিছৰ বছৰৰ বাবে । বাখৰুৱা ব্যস্ততাবোৰ লাহে লাহে ভাগৰুৱা হৈ পৰিল , সকলোফালে কেৱল নিজান নিজান পৰিৱেশ , নাই কোনো উচ্ছলতা , ভাৰ্ছিটি ৱিকৰ দৰে এটা বিৰাট পৰ্বৰ অন্তত গোটেই য়ুনিভাৰ্ছিটিখনেই নিজম পৰি গ’ল যেন । পিছে এদিন বা দুদিনৰ বাবেহে হয় এনেকুৱা জালুকবাৰী । জালুকবাৰী যে নিজম পৰিব নোৱাৰে , কাৰণ জালুকবাৰী চিৰ যৌৱনা , জালুকবাৰী অনন্তযৌৱনা । দৌৰা ঢপৰা , খেলা ধূলা কৰি ভাগৰি পৰা মুখবোৰ আকৌ আগৰদৰেই চঞ্চল চপল হৈ পৰিল , চকুৰ সপোনবোৰ আকৌ বুকুত থিতাপি ল’লেহি । মেঘালীৰ চাহকাপে প্ৰাণ পাই উঠিল সপোন বিলাসীৰ আড্ডা বোৰত , আড্ডাবাজ জালুকবাৰী , প্ৰাণোচ্ছল জালুকবাৰীত যে মেঘালী আৰু ৰবীন দা অভিন্ন , মেঘালী মেঘালীয়েই , ৰবীন দাও ৰবীনদায়েই । এনে কোন আছে জালুকবাৰী গৰকি অহা যি এদিনলৈও মেঘালীত সোমোৱা নাই , এবাৰলৈয়ো প্ৰাণৱন্ত , হাঁহিভৰা , সপ্ৰতিভ ৰবীনদাৰ মুখামুখি হোৱা নাই , ৰবীনদাৰ ফৰকাল কথাবোৰৰ সাক্ষী হোৱা নাই , বয়সে হাৰ মনাব নোৱাৰা ৰবীনদাৰ হাঁহিটোৱে বুকুত শিপাই যোৱা নাই । ৰবীন দা আৰু মেঘালী , ৰবীন দা আৰু ভুপেনদা , ৰবীনদা আৰু আমি ……. আমিয়েই জালুকবাৰী । ৰবীন দা ভালপাঁও আপোনাক এতিয়াও আগৰদৰেই । ( চাহ একাপ ফ্ৰিতে খাম বুজিছে এইবাৰ )

সকলোবোৰ আগৰদৰেই সহজ হ’ব খোজোঁতেই পিছে সহজ হ’ব পৰা নাছিল আমাৰ মৰমৰ AT 9 boys hall , সহজ হ’ব পৰা নাছিল PGSU আৰু Law hostel AT 9 ৰ বিবাদখনহে । ১৪ আগষ্টৰ গধূলি জিনাক্ষিয়ে প্ৰায় কন্দনামুৱা হৈ খবৰ দিছিলহি সেই অবিশ্বাস্য আৰু অনাহুত সংবাদটো । শুনি থিৰেৰে থাকিব পৰা নাছিলো আমি , কেৱল আমিয়েই নহয় , আমাৰ কেম্পাছৰ তিনিওটা হোষ্টেলৰ ছোৱালীবোৰ জঁই পৰি গৈছিল মূহুৰ্তৰ বাবে । কেনেকৈ সম্ভৱ হ’ব পাৰে ? কেনেকৈ এটা হোষ্টেল বন্ধ কৰাৰ একপক্ষীয় সিদ্ধান্ত দিব পাৰে য়ুনিভাৰ্ছিটি কৰ্তৃপক্ষই ? কেনেকৈ সতীয়া দৃষ্টিৰে চাব পাৰে একেখন য়ুনিভাৰ্ছিটিৰে আইন মহাবিদ্যালয়ৰ ছাত্ৰসকলক ? কেনেকৈ ? এখন এখনকৈ মুখবোৰ ভাঁহি আহিল আমাৰ মৰমৰ হোষ্টলটোৰ ল’ৰাবোৰৰ মুখবোৰ ? প্ৰণৱদা , যাৰ লগত মই প্ৰথমেই চিনাকি হৈছিলো , দিলিপ আমাৰ পুৰণি বন্ধু , দেৱদা প্ৰশান্তদা , দীপ্তদা, কবিন দা , ৰৌজদা , টিকে দা , বিতোপন দা , পাৰ্থ , বিপুলদা , লাহনদা সকলোৰে চিনাকি চকুবোৰে মনৰ মাজত অগা দেৱা কৰিলে সেই মূহুৰ্তত । কি কৰিব পাৰোঁ তাৰ চিন্তা কৰাতকৈ সেই হোষ্টেলটোৰ অবিহনে আমি নিজকে ভাবিবপৰা নাছিলো । কিহৰপৰাযে কি হৈ গৈছিল গোটেই কথাবোৰ ? এটা তেনেই সৰু ঘটনাই ইমান ডাঙৰ ৰূপ লৈছিলগৈ যে এটা হোষ্টেল বন্ধ কৰাৰ সিদ্ধান্ত ল’বলগীয়া পৰ্যায় পাইছিলগৈ । তাকো এটা সামান্য ছিটৰ বাবে ? অ’ডিটৰিয়ামৰ এখন সংৰক্ষিত আসনৰ বাবে ?

ভাৰ্ছিটি ৱিকৰ আনন্দোল্লাসৰ শেষৰ দিন , বঁটা বিতৰণী আৰু সাংস্কৃতিক সন্ধ্যা , এসপ্তহীয়া উলাহৰ শেষ ৰাতি , সকলোৰে বাবে উদযাপনৰ দিন আছিল যদিও আমাৰ বাবে আছিল বৰ কষ্টৰ সময় সেইখিনি , উদযাপনৰ নিশা নাছিল আমাৰ বাবে , আমাৰ মনোকষ্টৰ শেষ নাছিল সেই নিশা , আশাহত হোৱাৰ , স্বপ্নভংগ হোৱাৰ নিশা আছিল সেই নিশা , শ্ৰেষ্ঠ হোষ্টেল নোপোৱাৰ বেদনাৰে জৰ্জৰিত হোৱাৰ নিশা আছিল সেইটো , গতিকেই আমি আমাৰ হোষ্টেলৰ নাম লিখা sash আৰু play card বোৰেৰে আমাৰ হোষ্টেলৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনবোৰত বহি পৰিছিলো নিচ্ছল হৈ । যেতিয়া শ্ৰেষ্ঠ হোষ্টেলৰ বঁটা ল’বলৈ RCC 3 girls hall চিঞৰি চিঞৰি মঞ্চৰ ওপৰলৈ উঠি গৈছিল তেতিয়া চকুলোৰে ভৰা চকুবোৰে বুকুভৰা হুমুনিয়াহৰ সৈতে চাই ৰৈছিলো মাথোঁ । তেতিয়াই সম্ভৱতঃ ঘটিছিল নঘটিবলগীয়া সেই ঘটনাটো । ভাৰ্ছিটি ৱিকৰ সন্ধ্যাবোৰত অ’ডিটৰিয়ামত প্ৰত্যেকটো হোষ্টেলেই নিজৰ হোষ্টেলৰ আৱাসীসকলৰ বাবে আসনবোৰ সংৰক্ষিত কৰি ৰাখে হোষ্টেলৰ নাম লিখা ফলকবোৰ লগাই । সেইকেইখন আসনত বেলেগ কোনো নবহে , খালী হৈ থাকিলেও আন কোনো নবহেগৈ , বিশেষকৈ ল’ৰা হোষ্টেলৰ সংৰক্ষিত আসনবোৰত । অৱশ্যে চিনিয়ৰৰ টেগ লগোৱা প্ৰেমিক প্ৰেমিকাসকলৰ কথা বেলেগ হয় তেনেকুৱাত ।

তেনেকুৱা এখন ল’ৰা হোষ্টেলৰ সংৰক্ষিত আসনতে বহিছিল ল’ৰা এটা , হয়তো জানি অথৱা নাজানি । তাতে ল’ৰাজন আকৌ আছিল আইন মহাবিদ্যালয়ৰ , তাতে AT 9 ৰ । আনহাতে সংৰক্ষিত আসনখন আছিল RCC 2 boys hall ৰ । তাতেই ঘটিছিল ঘটনাটো । নিজৰ হোষ্টেলৰ বাবে সংৰক্ষিত আসনবোৰৰে এখনত আইন মহাবিদ্যালয়ৰ কন্দৰ্প দাদাক বহি থকা দেখি খঙত জাঙুৰ খাই উঠিছিলগৈ RCC 2 boys hall ৰ ল’ৰাবোৰ , এনেই আইন মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত আগৰেপৰাই স্নাতকোত্তৰ ছাত্ৰসকলৰ অৰিয়া অৰিৰ কথা শুনি আহিছিলোৱেই । আৰম্ভণিতে সামান্য উখনা উখনি লাগিছিল যদিও , লাহে লাহে সেই কথাই হৈ পৰিছিল কাজিয়া , কাজিয়াই লৈছিল সাংঘাতিক ৰূপ , আৰম্ভ হৈছিল দুটা পক্ষৰ মাজত হতাহতি , জনামতে কন্দৰ্প দাদা বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল , অৱশেষত কৰ্তৃপক্ষৰ মধ্যস্থতাতহে শাম কাটিছিলগৈ কাজিয়াখন , পিছে সেই নিশাৰ আমাৰ নিচ্ছলতাৰ বাবে তেতিয়া বৰ বিশেষ গম নাপালোঁ কথাবোৰ । পিছদিনা গম পাইছিলো যদিও বৰ বিশেষ গুৰুত্ব দিয়া নাছিলো , য়ুনিভাৰ্ছিটিত এইবোৰ তেনেই সাধাৰণ কথা , আজি আছে কাইলৈ নাই বুলিয়েই বৰ এটা নাভাবিলোঁ কথাটো কোনেও । পিছে তুংগত উঠিছিলগৈ কাজিয়াখন , আমাৰ কেম্পাছৰ হোষ্টেলকেইটাক বাদ দি আনটো কেম্পাছৰ আটাইবোৰ হোষ্টেল একগোট হৈছিল ,থিয় দিছিল আইন মহাবিদ্যালয়ৰ সেই একমাত্ৰ হোষ্টেলটোৰ বিপক্ষে । কথা ইমানলৈকে পাইছিলগৈ যে এই হোষ্টেলটো যদি বন্ধ কৰি নিদিয়ে তেন্তে আনটো কেম্পাছৰ হোষ্টেলৰ ছোৱালীবোৰে পানী এটোপাও মুখত নিদিয়াকৈ অনশন কৰাৰ হুংকাৰ দিছিল , সমানে সমৰ্থন জনাইছিল PGSU ৰ সদস্যসকলে । অশান্ত হৈ পৰিছিল পৰিৱেশটো , এফালে মৰমৰ হোষ্টেলটো আনফালে PGSU ৰ উদাসীনতা …..দুয়োটাই গোটেই য়ুনিভাৰ্ছিটিৰ পৰিৱেশটোকে গোমা কৰি পেলাইছিল । ক’ব নোৱাৰাকৈয়ে দুচকু ভৰি উঠিছিল ।

সেইদিনা আছিল ১৪ আগষ্ট । মনত থাকিব সেই সন্ধ্যাটো , যিটো সন্ধিয়াত সেই সময়ৰ উপাচাৰ্য মহোদয়ে ৪৮ ঘণ্টাৰ ভিতৰত AT 9 হোষ্টেলটো একেবাৰে খালী কৰাৰ কাঢ়া নিৰ্দেশ জাৰি কৰিছিল । পিছদিনা স্বাধীনতা দিৱসৰ বাবে নাৰ্জীৰ মালা চিলাই থকা আমাৰ হাতবোৰ জঠৰ হৈ পৰিছিল কথাটো শুনামাত্ৰকে । আমি স্তব্ধ হৈ পৰিছিলো , মাত্ৰ চকুৰ আগত অগা দেৱা কৰিছিল চিনাকি মুখবোৰে । ধিক্কাৰ দিছিলো তেনে নিৰ্দেশ জাৰি কৰা সকলক , জাৰি কৰিবৰ বাবে বাধ্য কৰোৱাসকলক । কেৱল আইন মহাবিদ্যালয়ৰ হোষ্টেল হোৱাটোৱেই দোষ আছিল তেঁওলোকৰ , গতিকেই আছিল সেই মাহী আই দৃষ্টি য়ুনিভাৰ্ছিটিৰ কৰ্তৃপক্ষৰ । কাৰণ আমি জনামতে ভাৰ্ছিটি ৱিকত হোৱা কাজিয়াৰ ফলতে RCC 3 boys hall ৰ ল’ৰাই AT 7 boys hall ৰ বিস্তৰ ক্ষতি কৰিছিল আকৌ AT 4 boys hall ( আমাৰ বন্ধু হোষ্টেল ) ৰ ল’ৰাই AT 8 boys hall ৰ ল’ৰাক বেয়াকৈ মাৰ পিত কৰিছিল , সেইবোৰ পিছে তল পৰিছিল , প্ৰাধান্য পাইছিল মাথোঁ RCC 2 boys আৰু AT9 boys ৰ প্ৰসংগটোৱেহে । স্নাতকোত্তৰ ছাত্ৰাৱাসৰ লগত আইনৰ ছাত্ৰাৱাসৰ কাজিয়াৰ বাবেই য়ুনিভাৰ্ছিটি তোলপাৰ লগোৱা বিষয়লৈ পৰিৱৰ্তিত হৈছিল অ’ডিটৰিয়ামৰ মাত্ৰ এখন আসনৰ বাবেই । তথাপিও সাহসেৰে আমি লগত আছোঁ বুলি ক’ব পৰা নাছিলো কাকো , এনেই জুনিয়ৰ তাতে স্নাতকোত্তৰ শাখাৰ । পিছে হোষ্টেল খালী কৰাৰ নিৰ্দেশটো শুনি আমাৰ হোষ্টেলৰে এগৰাকী চিনিয়ৰক বৰ উৎফুল্লিত হৈ পৰা দেখি আৰু আচৰিত লাগিছিল , তেঁওৰ প্ৰতি থকা সকলো ভাল ভাৱ ক্ষণিকতে নাইকিয়া হৈ গৈছিল । তেঁওৰ প্ৰেমিক সেই সমৰ্থক সকলৰ ভিতৰৰে এজন আছিল বাবেই হয়তো বাজনীয়েও নিজৰ বিবেকক অগ্ৰাধিকাৰ নিদি প্ৰেমিকৰ সুখকেই সুখ বুলি ভাবিয়েই তেনে কৰিছিল ।

পিছে অন্তৰৰ আন্তৰিক ইচ্ছা যে বিফলে নাযায় তাৰ আকৌ প্ৰমাণ পাইছিলো , AT 9 বাসী কেৱল কাগজে কলমেই আইনৰ ছাত্ৰ নাছিল তেঁওলোক মন মগজুৰেও আছিল আইনৰ ৰক্ষক তেতিয়াৰেপৰাই । সবল যুক্তি , সবল নেতৃত্ব আৰু সবল প্ৰতিবাদৰ ফলত য়ুনিভাৰ্ছিটি কৰ্তৃপক্ষইও হাৰ মানিছিল খুউব কম সময়ৰ ভিতৰতে আৰু হোষ্টেল উৎখাতৰ সেই অগ্ৰহণীয় প্ৰস্তাৱ উঠাই ল’বলৈ বাধ্য হৈছিল । শুভ ইচ্ছাবোৰ বিফলে যোৱা নাছিল , ৪৮ ঘণ্টাৰ সময়সীমাতেই সাধ্য হৈছিল এই সকলোবোৰ ।

পিছদিনাৰ পুৱাটোৱে কঢ়িয়াই আনিছিল সেই সুখৰ বতৰা , পিছে সুখখিনি অনুভৱ কৰাৰ আগেয়েই সমগ্ৰ অসমকে কন্দুৱাই দুখৰ বতৰা লৈ আহিছিল স্বাধীনতা দিৱসৰ সেই পুৱাটোৱে , সেই কুলক্ষণীয়া পুৱাটোটেই ঘটিছিল সেই বিৰাট অঘটনটো । ধেমাজিৰ সেই বৰ্বৰোচিত অবিবেকী কাণ্ডই সকলোকে ৰুদ্ধ কৰি তুলিছিল , শ্বসৰূদ্ধ কৰিছিল চৈধ্যটিকে জীৱন জীয়াৰ প্ৰৱল বাসনা থকা শিশুৰ । লগতে আন পাঁচজন নিৰীহ ব্যক্তিৰ । পতাকা উত্তোলন কৰি গৈয়ে ৱাকমেনত বাজি থকা মোৰ প্ৰিয় গীতটোও নুশুনা হৈ গৈছিলোঁ , কি সংযোগ আছিল সেই গীতটোৰ ধেমাজিৰ সেই নিৰ্মম কাণ্ডৰ লগত নাজানো , কিন্তু প্ৰিয় জ্যোতি সংগীতটো মিহি ভলীউমত বাজি আছিল তেতিয়াও , নুশুনা চিৎকাৰবোৰ আৰু বোমাৰ শব্দটোক নস্যাৎ কৰিব পৰা নাছিল তথাপিও প্ৰিয় শব্দখিনিয়ে ………

” মই কোৱা সেই জোনাকী সাধু নাপাহৰিবি / বুকুৰ তেজেৰে লিখা গানবোৰ চকুপানীৰে নমচিবি / চকুৰপানীৰে লিখা গানবোৰ / আলৈ আথানি নকৰিবি…….”

ক্ৰমশঃ

Leave a Comment