জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৮

নৱেম্বৰ মাহ, গুৱাহাটীত বিশেষ ঠাণ্ডা নপৰে যদিও লংকেশ্বৰৰ ফালে অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ এটা অনুভৱ হয়, দেৱাল পাৰ হোৱাৰ পিছদিনাৰ কথা। মামনিৰ বাবে এটা উপহাৰ আৰু সিহঁতৰ বাবে পিছদিনা বিয়াত সাজোন কাচোন কৰিবলৈ বুলি কিছুমান সৰুসুৰা বস্তু কিনিবলগীয়া আছিল, গতিকে ব্ৰেক দিয়াৰ লগে লগেই আমি তিনিওজনী মাৰ্কেট ষ্টপেজত বাছলে বুলি ৰোৱাৰ কথা। বৈভৱী ঠিক এটা বাজি অলপ সময় যোৱাৰ পিছতে যথাস্থানত উপস্থিত হৈছিলগৈ, অলপ পিছতে পলিও পাইছিলগৈ, পিছে তিৰু সেইদিনাও তাইৰ লেহেমীয়া গতিৰে গৈ পাঁওতে প্ৰায় ডেৰ বাজিছিল, বহুদেৰিলৈকে তিৰু গৈ নোপোৱাত দুয়োজনীয়ে মাৰ্কেট কেম্পাছৰ মুখতে থকা মেঘালী নামৰ হোটেলখনলৈ গ’ল , তাই আহি পালে খাব , নাখালে নাই এই ভাৱত। সেইয়াই যি মেঘালীৰ আৰম্ভণি, তাৰপিছত কেনেকৈ , কেতিয়া যে ৰবীনদাৰ লগত ইমান অত্মীয়তা গঢ় লৈ উঠিলে সেইয়া ধৰিবই নোৱাৰিলে সিহঁতে । গুৱাহাটী বিশ্ববিদ্যালয় মানেই কৃষ্ণচূড়া, কৃষ্ণচূড়া মানেই প্ৰেম , প্ৰেম মানেই প্ৰথমেই মেঘালীৰ একাপ চাহ। এই মেঘালীতেই কিমানৰযে মনৰ মিল হৈছিল, কিমানৰ কাপৰপৰা কবিতা / উপন্যাসৰ জন্ম হৈছিল/ কিমানৰ বন্ধুত্ব হৈছিল সেইয়া বৰ্ণনাতীত। তাতোকৈও ভাললগা মেঘালীৰ মালিক ৰবীনদা, ৰবীনদা সদায় ডেকাল’ৰা , বয়স হ’লেও বুৰা নোহোৱা ৰবীনদা , সদায় একেই হাঁহি, একেই আত্মীয়তা। ৰবীনদাৰ লগত দুবছৰীয়া বন্ধুত্ব নহয় কেৱল, আচৰিত স্মৃতিশক্তিৰ অধিকাৰী ৰবীনদাৰ বাবে প্ৰত্যেকেই আপোন, নামৰ সৈতে ক’বপৰাকৈ আপোন।

প্ৰায় আধাঘণ্টাৰ পিছত তিৰু আইদেউ আহি ওলালহি বাৰু, তেতিয়ালৈ মেঘালী এৰি পুনৰ বাছ ষ্টপেজত। আহিয়েই তাই বৰ্ণনা দিয়াত লাগিলহি কিয় দেৰি হ’ল তাইৰ, ইফালে পলিৰ বৈদ্য খং উঠি আছিল, খঙতে তিৰুক ওৰে বাট নামাতিলেই, পিছে মালিগাঁও পোৱালে যেনিবা ঠিক হৈছিল। মামনিৰ বাবে বেগ লোৱাৰ পিছত সিহঁতে নিজৰ বাবেও বজাৰ কৰি গাড়ীত উঠিয়েই দেখিলে অভিজ্ঞানী গহীনক(জ্যেক বুলি মাতিছিল) , দেখিয়েই আমাৰ পলিৰ ফিউজ উৰি গ’ল, পিছে গহীনে অলপ বেছিয়েই গহীন দেখুৱাই সিহঁতক নেদেখাৰ ভাও দিলে, লগতচোন দুই অভিজ্ঞানী মহাদেৱ আৰু তিৰুপতি, হে হৰি এইয়া কেনে সংযোগ? বৈভৱীয়ে ইহঁত দুজনীক বুজাই দিলে , বোলো এইয়া দৈৱ সংযোগ বুজিছহঁত, সঁচায়ে দৈৱসংযোগ আছিল সিদিনা। সেইদিনাৰ পৰাই সিহঁতে খিৰিকীৰে চিধাই কথা পাতিব পাৰিছিলে , তথাপিও অভিজ্ঞানীহঁতে সিহঁতৰ ৰূমৰ কাষেৰে পাৰ হৈ গ’লে গলহেকাৰী মাৰিবলৈ এৰা নাছিল বা সিহঁতেও জোকাবলৈ এৰা নাছিল । বাছৰপৰা নামি বজাৰত সোমাই পাচলি লৈ ঘৰ আহি পাঁওতে মানে প্ৰায় গধূলিয়েই হৈছিল, ৰূমত তেতিয়া দেৱাশ্ৰী আৰু অমৃতাও নাছিল , তিৰুৱে ৰ’দত উলিয়াই যোৱা সেউজীয়া কম্বলখন নৱেম্বৰ মাহৰ কুঁৱলীত সেমেকিলেই তেতিয়ালে , তিৰুৰ কম্বল , তাইৰ দুখ লাগক চাৰি দেখোন অভিজ্ঞানীহঁতৰহে দুখ লাগিল বেছি , সঁচাই ইহঁতৰপৰা উপায় নাই আৰু, তিৰুৱে কম্বল আনি ৰূম পোৱালেহি, তাকে হ’বলা তিৰুপতিয়ে কেনেবাকে দেখিলে, বচ আৰম্ভ হৈয়ে গ’ল ইফালৰ পৰা হুমুনিয়াহভৰা হেঁপাহৰ কথা বতৰা, সন্ধিয়া ৰূমত সোমাই নাথাকি , তিৰুৰ সেমেকা কম্বলৰ চিন্তাত অভিজ্ঞানী তিৰুপতিৰ তৎ নোহোৱা হ’ল, তিৰুক গেইটৰ সিপাৰৰপৰাই কামোৰ দিয়া কৰিলেই তিৰুপতি ধ্ৰুৱই, সেইদিনাৰপৰাই তিৰুক দেখিলেই সেউজীয়া কম্বলৰ খবৰ লোৱা হ’ল বেচেৰাই, পিছে সেউজীয়া কম্বলৰ কাহিনীও কম্বল পুৰণি হোৱাৰ লগতেই পুৰণি হ’ল। অলপ পিছত গোটেইকেইজনী আহি পায় পিছদিনাৰ মামনিৰ বিয়াৰ আয়োজনত ব্যস্ত হ’ল বিয়াঘৰ সজোৱা, টেবুল চকী ঠিকঠাক কৰা, কইনাবহা ঠাই সজোৱা, কইনাৰ মেহেন্দী অঁকা…কিমানযে কাম সিহঁতৰ । বিয়াঘৰৰ কামত ইমানেই ব্যস্ত হৈ গ’ল যে অভিজ্ঞানীহঁতক বিয়ালে মাতিবলে যোৱাৰ কথাও পাহৰিলে , আনহাতে আবেলি লগ পাঁওতেও নাৰ্ভাছৰ কোবত পাহৰি থাকিলো, ইচ্ বৰ বেয়া কথা হ’ল , ইমান ভাবি আছিলে বিয়ালে মাতিব বুলি , থাকিয়ে গ’ল, এনেই কয়নে ভবা কথা নহয় সিদ্ধি বুলি! মনটো বেয়া লাগোঁতেই পিছে অভিজ্ঞানৰ গেইটৰ ফালৰপৰা সেই চিৰপৰিচিত গলহেকাৰী আৰু উগাৰকেইটা মাৰিলেই, সিহঁতে ৰাতি কেতিয়াও খিৰিকি নোখোলাৰ সিদ্ধান্তৰ বিপৰীতে গৈ খিৰিকি খুলি হেণ্ডচাম দেৱদাস আৰু টমাছক দেখি বিয়ালে মাতিয়েই দিলে , লগতে বাকী কেইজনকো ক’বলে দঢ়াই দঢ়াই ক’লে আৰু নাহিলে বেয়া পাব বুলি ক’বলেও নাপাহৰিলে । বুকুখন পাতল লাগিল, হওক তেও সিহঁতৰ মিশ্যন ২ ওসফল হ’ল, অলপ মুকলিও হ’ল মনবোৰ ।

পলিয়ে শোৱাৰ আগে আগে সদায় এখন ডায়েৰী লিখিছিল, ডায়েৰীখন লকড আছিল, বহুত যত্ন কৰিও ডায়েৰীখন চোৱাটো বাদেই খুলিবও নোৱাৰিলো, তাইও লুকুৱাই থয় সদায়, যিমানে লুকুৱালে সিমানে বৈভৱীৰ উৎসুকতাও বাঢ়িল সেইখন খুলি চাবলে, পিছে ডায়েৰীৰ কথা ডায়েৰীতে লুকাল, কাকো নজনালে কি বা আছিল সেইখনত! গহীনেই আছিলনে ৰুলিৰ কথাই আছিল বা! পিছদিনা পুৱাৰপৰাই সিহঁতৰ ব্যস্ততাৰ অন্ত নাছিল, বিয়াৰ কথা, সিহঁতেও সাজিছিলো আমাৰ সাধ্যৰ ভিতৰত, সজানো কি আৰু ঘৰৰপৰা লৈ যোৱা মেখেলা চাদৰ এযোৰ,খোপা এটা, অকণমান লিপষ্টিক আৰু কাজল সিমানেই। বিয়াৰ অভ্যৰ্থনাৰ সময় পাৰ হৈ গৈ আছে, দূবৰি বাৰু আহিল, তেতিয়ালৈকে বিশেষ অতিথিসকল যে আহিয়েই পোৱা নাছিল, ইফালে পিছফালে গৈ মাতিবও নোৱাৰে । নাই নাহিল , দূবৰিৰ বাহিৰে কোনোৱেই নাহিলচোন, মনটো বেয়া লাগিল,এনেই কষ্টখন হ’ল দেই, লগতে দেৱাল পাৰ হোৱাৰ বদনামো হ’ল। কাপোৰকানি সলাই আজৰি হোৱাৰ পিছত লাহেকৈ দুৱাৰত টোকৰ পৰিল, দুৱাৰ খুলি অবাক, সন্মুখত ৰৈ আছে হিৰণ্য আৰু ৰুবুল। ইফালে বিয়াঘৰ প্ৰায় জয় পৰিছিলেই, খানাও শেষ হৈছিল, কি কৰা যায়? ক’ত খুৱাব ? ৰূমত নে অভ্যৰ্থনাথলীত? মনবোৰ থৌকি বাথৌ লাগিল, অলপ নাৰ্ভাছো হ’ল ,মানুহবোৰে বা কি কয়? দুয়োকে ৰূমতে বহুৱাই বিয়াৰ খানা অলপকে আনি খুৱালে , দুইজনে বিয়াবাৰু খাই লৰালৰিকে গ’লগে, সন্ধিয়াও লাগিছিল যে, তেতিয়া অপেক্ষা আছিল অভিজ্ঞানীহঁতৰ, ঠিক অপেক্ষা নাছিল, চিন্তাহে আছিল, আহিলে কি খুৱাব সিহঁতৰ বিশেষ অতিথিক ?

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭

কিবা এক অনামী বিষাদে আৱৰা মনটো লৈ কেতিয়ানো লংকেশ্বৰ পালেগৈ তাই ধৰিবই নোৱাৰিল । বিশ্ববিদ্যালয়ৰ হোষ্টেলত সোনকালে চিট পোৱাটো ডাঙৰ কথাই, তাতে ঘৰৰপৰাও সীমিত পইছা আহে , তাইৰ শিক্ষক দেউতাকে কটনত পঢ়িবলৈ অহাৰ আগতেই অৱসৰ লৈছিল, গতিকে উপায়ো নাছিল, যাবই লাগিব সোনকালে। মন থাকিলেও সকলোবোৰ কথা সম্ভৱ নহয় সদায়েই, গতিকে কিবা পোৱা আৰু পাই হেৰুৱাৰ বেদনাত বুকুখনে হাঁহাকাৰ কৰি উঠিছিল , ৰূম গৈ পাই আৰু দুখ লাগিছিল, বাধা দি ৰাখিব নোৱাৰা চকুপানীবোৰ সৰসৰাই বৈ আহিছিল, তাইৰ দুখতে বাকী কেইজনীও ভাগি পৰিছিল, পাৰিনেকি ইমান সহজে সকলোবোৰ এৰি আঁতৰি যাব! পাৰিবনে সিহঁতে এজনীয়ে আনজনীক এৰি থাকিব! পাৰিবনে অভিজ্ঞানীহঁত অথৱা পিছফালৰ মেছৰ বন্ধুহঁতৰ লগত একেদৰেই কথা পাতিব? গোটেইকেইজনীয়ে সাৱটা সাৱটিকৈ উচুপি উঠিল সন্ধ্যা ,ডাঙৰকৈ কান্দিবলৈও ভয়, জানোচা কাণ উনাই থকা এই অভিজ্ঞানীসোপাই শুনি পিছদিনা জোকাইয়েই। দেৱাশ্ৰী আৰু অমৃতা আকৌ অতিকে বাস্তৱবাদী আৰু চিধা কথা কোৱা বিধৰ , সিহঁত তিনিওজনীৰ হিয়ালি জিয়ালি কান্দোন দেখি দুয়োজনীয়ে ধমকহে লগালে, বোলে ” ঐ ….বিয়া হৈ গৈছহঁতনেকি ঐ? মনে মনে থাকহঁত, চাহ খাই লহি, মহাদেৱ ৰ গজা আছে(লংকেশ্বৰৰ হোটেল, মহাদেৱ আৰু তিৰুপতি ধ্ৰুৱই অনা নহয় ) লগে লগেই একান্তই বাধ্য ছাত্ৰীৰ দৰেই কান্দুৰীকেইজনীয়ে একদম চুপ হৈ সুৰসুৰকে গৈ চাহৰ কাপ তুলি ল’লে , চাহমেলত ঢেৰ কথা ওলাল, বিশেষকৈ মামনিৰ তোলনি বিয়াৰ কথা, পিছৰ দেওবাৰটোত যে মামনিৰ তোলনি বিয়া, সিহঁতক যে কইনা সজোৱাৰপৰা খুউৱাৰ দায়িত্বলৈকে কিমান দায়িত্ব দি থৈছে দাদাই, সবাৰো উৰ্ধত আলহী মাতিবলৈও দিছে, কাক কাক মাতিব হিচাপ কৰিলে সিহঁতে দূবৰি , অভিজ্ঞানীহঁত আৰু হিৰণ্য ৰুবুল। কথা মতেই কাম। দূবৰিৰ সমস্যা নাছিল বাৰু, পিছে এই ল’ৰাবোৰক কেনেকৈ কোৱা যায়! কেনেকৈ মানে কিমান সোনকালে ক’বপৰা যায় বাৰু!

বিধিও সুপ্ৰসন্ন আছিল হ’বলা সিহঁতৰ ওপৰত, তিৰুৰ কিবা প্ৰেক্টিকেল শ্বিত ৰুবুল হিৰণ্যৰ চৌহদতে থকা ছোৱালী মেছৰ জ্যোতিস্মিতা আৰু ৰাজশ্ৰীৰ ওচৰত থাকি আহিছিল বোলে , পিছদিনাই নালাগে যদিও তেতিয়াই আনিবলে যাবলে তাই উৎপাতেই লগালে,লগতে পিছফাল শুৱনি ৰুবুল হিৰণ্যকো বিয়ালে মাতি থৈ আহিব পাৰিব। কথাটো ওলাবলেহে পালে, আধাঘণ্টাৰ আগত কান্দি কাটি আউলী বাউলী হৈ থকা তিনিওজনী জাপ মাৰি উঠিল । বিয়া মাতিবলে যোৱাৰ সিদ্ধান্ত ঠিক হ’ল বাৰু পিছে যোৱাৰ উপায়? এতিয়া যায় কেনেকৈ? কাৰণ যদিও পিছফালেই আছিল মেছটো গেইটখন পিছে একেবাৰে এপাক ঘুৰিলেহে পায়, অভিজ্ঞানৰ ফালে গেইট এখন আছে যদিও বন্ধই থাকে অনবৰতে। ধেৎ মাথা নস্তই হৈ গ’ল দেই, ইমান ধুনীয়া সুযোগটো এনেই হেৰাব আৰু তেতিয়াই যদি আনিবলে যোৱা নহয় তেতিয়া দেখোন পিছদিনা জ্যোতিস্মিতাহঁতে ক্লাছতে দি দিব। নাই , কিবা এটা কৰিবই লাগিব , মুঠতে যাবই লাগিব যেনেতেনে , কি কৰা যায় পিছে? জলিল নহয় হঠাতে বৈভৱীৰ ডিমাগ কী বত্তি বাপ্পেকে…ৰাতি ৮ বজাৰ বাবেহে ৰাস্তাৰে যাব নোৱাৰি , পিছফালৰ দেৱাল পাৰ হৈ গ’লে একা? কেনে মজ্জা? পিছে লাগিল নহয় লেঠাটো, দেৱাল পাৰ হোৱা যদি দাদাহঁতে গম পাই যায় বা কোনোবাই দেখে ….কি হ’ব তেন্তে? আৰু যাব কোন কোন? তিৰু বাৰু যাবই লগত কোন যাব? উৱা ভাবি শেষেই নহ’ল ইফালে পলি তিৰু ৰেডী, ভবাজনীয়ে পাত্তাই নাপালে , কম নহয় ইহঁত।বৈভৱীৰ গুৰু দায়িত্ব পৰিল । তাই পহৰা দিব লাগিব, দাদাহঁতৰ দৰ্জা আৰু অভিজ্ঞানৰ গেইটৰ ফালে চোকা দৃষ্টি ৰাখিব লাগিব, যাতে কথাটো কোনেও গম নাপায়, বিশেষকৈ ঘৰ দুখনৰ মালিকে, তেওঁলোকৰ যিহেতু বৰ ডাঙৰ কথা এটাত মতানৈক্য আছিল । অমৃতা , দেৱাশ্ৰীয়ে পাকঘৰৰ দায়িত্ব সদায় লোৱাৰ দৰেই ল’লে আৰু বাকীকেইজনীৰ মিশ্যন বিয়া মতা , বচ্ হৈ গ’ল সব সাজু। বৈভৱী পিছদুৱাৰৰ ফালে ৰৈ থাকিলে , যাতে দাদাহঁতৰ কোনোবা ওলাই আহিলে কিবা কথাৰে কিবা এটা কৰিব পাৰে আৰু অভিজ্ঞানীকেইটা দেখিলে ইহঁতক ইংগিতেৰে কৈও দিব পাৰে। এনেইও অভিজ্ঞানীহঁতৰ কথা এটা দেৱাশ্ৰীৰ মুখেৰে গম পাই খঙো উঠিছিল অলপ, তেওঁলোকে বোলে সন্মুখতে থকা পাঠক ছোৱালী মেছৰ ছোৱালীবোৰক ঠিকচে লাইন দিয়ে, লাইন দিয়াত আপত্তি নাছিল বাৰু পিছে বন্ধু বুলিহে ভাবিৱ লাগে সিহঁতৰ দৰে (ধ্ৰুৱ অলপ বেছি আছিল বোলে,সাত ঘাটৰ চেঙেলী)। এওঁলোকে মানে ছোৱালী দেখিলেই লাইন মাৰে। গতিকেই অভিজ্ঞানীহঁতৰপৰা অলপ বাচি থাকিব লাগিব। পিছে মনটোৱে আকৌ দেখা কথাতহে প্ৰমাণ বুলি প্ৰবোধ নিদিয়াকৈও নাথাকিল। যি নহওক, দুয়োজনী ধুনীয়াকৈ দেৱাল পাৰ হৈ সিপাৰৰ শাকনিতে অৱতৰন কৰিলে, ভাগ্যে শাক কেইজোপা নাভাগিল বুলিহে, আৰু তাত অৱতৰণ কৰিয়েই পাকৈত চোৰৰ দৰেই সাউতকে জ্যোতিস্মিতাহঁতৰ ৰূম পালেগৈ,এইফালে মহৰ কামোৰ খাই পহৰাদাৰৰ অৱস্থা বেয়া, দুয়োজনীয়ে আধাঘণ্টামান লগালে হ’বপায় চাহ তাহ খাই, ইফালে পহৰাদাৰৰ চিন্তাত তৎ নাই ,তাতে মনটোও বেয়া। পিছে কি আনিবলে গৈছিল, ৰাইজে পাহৰি শুদা হাতেৰেই ঘুৰিল, ঘুৰি আহোঁতে কিন্তু দ্বিতীয় উদ্দেশ্য সিদ্ধি কৰিবলে নাপাহৰিলে, পাহৰেনো কেনেকৈ? তেতিয়াযে চাউলৰ খৰাহি হাতত লৈ দুয়ো বন্ধু দমকলৰ পাৰত। তেওঁলোক দুজনেও হয়তো এই কচুগুটি দুটাক হঠাতে তেনেকৈ মুখৰ আগত দেখি অলপ অপ্ৰস্তুতো হৈছিল, পিছে দুয়োজনীয়ে কায়দাৰে বুজালে যে উপায় নোহোৱাতহে আহিছে,লগতে মামনিৰ তোলনি বিয়াৰ নিমন্ত্ৰণো দি আহিল, দেৱালৰ ইপাৰৰপৰা মাতিলে নাহিব বুলি ভাবিয়েই এই ব্যৱস্থা আছিল অৱশ্যে। যেই নহওক বিয়ালে মাতি আজৰি হৈ পাকৈত আৰোহী দুগৰাকীয়ে দেৱাল লংঘন কৰিবলৈ লওঁতেই হ’ল ঘটনা। ৰুবুলহঁতৰ মালিকনীয়ে কেনেকৈনো দেখিলে জানো ইহঁতক, আহিল নহয় ওলাই ভিতৰৰপৰা, কম সুযোগ আছিলনে তেওঁৰ বাবে সেইটো দাসনীক কথা শুনোৱাৰ, বৈভৱীয়ে দেখিয়েই ভাবিলে কথা এতিয়া বতাহ হ’বগৈ, গতিকে এইফালৰপৰা নাকটো মোহাৰিয়েই এনেই সুধিলে তাই , “পালিনে বস্তুটো? চাচোন ভালকে এইখিনিতে পৰিছিল , চা ভালকে চা।” দুয়োজনীয়ে আন্ধাৰতে কিবা খুচৰিলে , বিপৰীত পক্ষৰ মালিকনীক জনোৱা হ’ল যে আমাৰ কাপোৰ পৰি গ’ল সিপাৰে তাকেহে বিচাৰিছো। তেওঁও আঁকোৰগোজ,বোলে কেনেকৈ আহিল এই আপী দুটা, এই পক্ষইও উত্তৰ দিলে বোলে দেৱাল পাৰ হৈ আহিলো ,কাপোৰ পৰি গ’লযে। তেওঁ বোধহয় পতিয়ন গৈছিল, আৰু এইফালে পাৰ নহ’বলে কৈ অভিজ্ঞানৰফালৰ গেইটৰ তলা খুলি দুইজনীকে পঠিয়াই দিলে। হে হৰি ক’ৰপৰা কি হ’ল অ’, কি ভাবিছিলে কি হ’ল? এই অভিজ্ঞানীবোৰে দেখা নাইতো? দেখিলে কি ভাবিব বাৰু? পিছে নেদেখিলে হ’বলা, দেখা হ’লে ছাগে এদিনো শান্তিত থাকিবলে নাপালেহেঁতেন । ৰূমলে যেনেতেনে গেইটৰ ওপৰেৰে পাৰ হৈ আহি বাইদেউহঁতৰ যিহে হাঁহি… গোটেইসোপা হাঁহিত ফাটি পৰিল , চৌহদত বিয়াৰ বতাহ ভালকৈয়ে বলিল । ভালো লাগিল, মিশ্যন চাক্সেচ , আৰু এটা আছে। পিছে অভিজ্ঞানীহঁতক মাতিবনে নেমাতে ঠিক কৰিব পৰা নাই, যিহে ফোপোলা ভেম এটা দেখুৱাই , পাঠক মেছৰ ছোৱালীবোৰে ছাগে হিৰো বুলিয়েই ভাবে, পিছে আচল কথাবোৰ সিহঁতে জানে জানো !

অভিজ্ঞানীহঁতে নজনাৰ বাবে আৰু বৈভৱীহঁতৰ মালিকনীক পিছদিনা পুৱালৈকে কোনেও একো নোকোৱাৰ বাবে সিহঁতৰ অলপ ভাল ভাল লাগিল,পিছে পিছফালে বাচন ধুবলৈ যাঁওতে সিদিনা সিহঁতৰ ভয়েই লাগিল , সিপক্ষৰ মালিকনী আৰু দাসনীৰ পুৰা কাট মাৰি মাৰি কাজিয়া, তেঁও ক’লে বোলে এই চুলি দীঘল আৰু চুলি চুটি আপী দুটা মস্ত বদমাইচ, ৱাল পাৰ হৈ কাপোৰ নিবা আহিছে কালি ৰাতি , দাসনী বাইদেউৰ পিছে নিজৰ ছোৱালীহঁতৰ ওপৰত অগাধ বিশ্বাস গতিকেই কাপোৰ পৰিছে নিবই ধৰণৰ কিবা এষাৰ কৈ ভিতৰলে সোমাই আহিল । চুলি দীঘল আপী তিৰু আৰু চুটি আপী পলিক চাবলগা হৈছিল, বৈভৱীক বাৰু বৰকে ধৰিব নোৱাৰিলে, তাতে বিয়াৰ খদম দমত কথাটোও তল পৰিল, তাতে বিয়াৰ কাৰণে সবৰে কিমানযে ব্যস্ততা! কইনাক সজোৱাতকৈ নিজে কেনেকৈ সাজিব তাতহে বেছি গুৰুত্ব দিলে সিহঁতে , দুদিন পিছতযে বিয়া , ইফালে বিশেষ আলহী অহাৰ কথা ।

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬

ৰাতি গভীৰৰপৰা গভীৰতৰ হৈছিল, বাঁহীৰ কাৰুণ্যই সিহঁতক বাৰুকৈয়ে মুগ্ধ কৰিছিল, ঘৰলৈ বৰকৈ মনত পৰি মনবোৰ বৰ উদাস উদাস লাগিছিল, কোনেও একো নোকোৱাকৈ লাহে লাহে বাঁহীৰ সুৰে সুৰে সপোনৰ দেশলৈ পাইছিলগৈ সিহঁত । এনেকৈ পিছলৈও কেইবাৰাতিও বাঁহীৰ মাতত আপোনপাহৰা হৈ পৰিছিল গোটেইকেইজনী । পিছে দূবৰি থকাৰ দিনা দেওবাৰে আৰু মজা আছিল,পিছদিনা পুৱা দেৰিলৈকে শুই থকা গাটেইসোপালৈকে দেৱাশ্ৰীয়ে বনাই মেলি আজৰি হৈ সবকে চিঞৰি জগালে ” ঐ উঠহঁত ঐ…. ইফালে বিহু গৈ বিঁহ হ’ব নহ’লে ” আৰু দুষ্টামিভৰা হাঁহি এটা লৈ তাৰাক লগ কৰিবলে ওলাই গ’ল । হয়তো ইমানদেৰি হ’ল ..এফালে ক্ৰিকেট আৰম্ভ হ’লেই আৰু আনফালে বিহু। পাছফাললৈ বুলি ওলাওঁতেই ইফালৰপৰা গালেই নহয় মহেন্দ্ৰ হাজৰিকাই গোৱাদিয়েই ‘ অ’ ৰূপহী গাভৰুৰে জাক/ বিহুৰ তলি উখল মাখল এবাৰো নেমাৰনে পাক’…. আও বিহুৰ তলি নে হিয়াখনি? ধেৎ ভুলকে গালে হ’ব পায় ৰাইজে, শুধৰাই দিলে দূবৰিয়ে । এঁওলোকেও মানে গাভৰুহঁতক পুৱাই পুৱাই নেদেখিলে থাকিব নোৱাৰে! হ’বইতো , কৃষ্ণচূড়া নগৰীৰ নাগৰিক ইমানো বেৰসিক নহয় , ৰূপহী গাভৰুজাকেও পিছে ঠিক মহেন্দ্ৰ হাজৰিকাদেৱৰ গীতত গাভৰু এজাকে খিলখিলাই হঁহাৰদৰেই হাঁহি দিলে । কেনে মজ্জা? ৰূপহ কোঁৱৰ দুজনো গীত গাই গাই নিজৰ কাম কৰি গুচি গ’ল। ভিতৰলে আহিয়েই দূবৰিয়ে ধুনীয়া কৈ বিয়া নাম এটা জুৰিলেহি( বিয়া নাম জনাসকলে সুৰটো জানেই নিশ্চয়) ” পাগফাল(পাকঘৰৰ ফালে থকা) শুৱনি মহাদেৱ তিৰুপতি/ঐ ৰাম পাছফাল শুৱনি পাহি ৰুলিহে/ লংকেশ্বৰত থাকি পাহৰি থাকিলে / ঐৰাম ঘৰৰে মাকৰ গালিহে” বাঃ কিযে সুন্দৰকে ৰচিলে বিয়া নামটি! পেৰডি বিয়া নামটো তাইৰ লগে লগেই বৈভৱীয়েই আওৰাই গ’ল, ইফালে অভিজ্ঞানীহঁতৰ ক্ৰিকেট খেল তুংগত চলি আছে, কমেণ্টেটৰ ঘোষবাবুৰ পুৰাদমে কমেণ্টেৰী চলি আছে,পিছে ক্ৰিকেটৰ পোক পলিয়ে ঘোষ বাবুৰ কমেণ্টেৰী বৰ ভাল নাপালে হ’বলা, এইফালৰপৰা পলিয়ে নিজা ষ্টাইলত কমেণ্টেৰী কৰা আৰম্ভ কৰি দিলে। ঘোষবাবুও দেখোন চুপ হৈ গ’ল, অভিজ্ঞানীহঁতৰ খেলাৰ কোব চৰিল, খেল জমি উঠিছিল, আউতো নহয় ইনো নহয়, ফিল্ডিং খিৰিকিৰ ফালেহে কেৱল, অমৃতাও ভাত পানী বনাই আজৰি হ’ল। অভিজ্ঞানীহঁতৰো হোষ্টেলৰ বেল বাজিল, মহাদেৱ তিৰুপতিহঁত ভিতৰলে যাঁও নেযাঁওকে সোমাই গ’ল। এনেই ৰূপহীজাক তাতে দূবৰি ৰূপতে ৰংচৰা নাচাইনো পাৰেনে! অভিজ্ঞানীহঁতে বাৰে বাৰে শুনাই ঘৰৰ ভাত খাবলে মন যায়, ভাত নহ’লেও মেগী বা চুজি অকণ হ’লেও হয়, মুঠতে বৈভৱীহঁতৰ ৰূমৰ খাদ্যতালিকা তেওঁলোকৰ জিভাৰ আগত, মানে সব কথা কাণ উনাই শুনি থকাই নহয় , নাক উজাইও থাকে এই সন্ত্ৰাসবাদীৰ দলটোৱে। বৈভৱীয়ে তেনেকৈয়ে ভাবে সিহঁতৰ কথা । দূবৰি মাজে মাজে আমাৰ ৰূমলৈ থকাকে যোৱা হ’ল , ৰূমৰ পুৱা গধূলিৰ আড্ডা জমি উঠে ।

এদিন ক্লাছলৈ ওলাই যাঁওতেই বৈভৱীয়ে কটনিয়ান অন্তৰংগ বান্ধৱী জীনাক্ষিক লগ পালে , তাইয়েো RCC 4 তে পাইছে হোনো হোষ্টেল , একে হোষ্টেলতে থাকিব বুলি দুয়োজনীৰ অলপ ভালো লাগিল , তাই আগদিনা সোমালগৈ হেনো হোষ্টেলত , বেয়া নহয় বোলে বৰ এটা , এবাৰ বৈভৱীকো গৈ কামুৰি আহিবলে ক’লে মণিবাক , বৈভৱীৰ তেতিয়াহে মনত পৰিল যে মণিবায়ে এমাহৰ ভিতৰত গৈ খবৰ কৰিবলে কৈছিলেই। দূবৰিও তেতিয়া হোষ্টেললে গ’লেই। গতিকে দেৰি নকৰি আৰু টকা পইচাৰ কথা ভাবি তাইও জীনাক্ষিৰ লগতে হোষ্টেললে গ’ল । আকৌ AT 9 ৰ আগেৰে পাৰ হৈ যাওঁতে এনে লাগিল যেন সিদিনাৰ দৰেই ভূপেন ওলাবহি মুখৰ আগত হঠাতে , মনৰ অলক্ষিতেই চকুৱে ভূপেনক নিবিচৰাকেও নাথাকিল,পিছে চিনি জানো পাব তাই ভূপেন নামধাৰী ল’ৰাজন। AT 9 ৰ ল’ৰাবোৰে বৰ ধুনীয়াকৈ মাইনা জোকায়, তেওঁলোকে এটা অদ্ভুতধৰণে নতুনকে অহা মাইনাবোৰক জোকায় লাজত পেলায়। তেওঁলোকৰ হোষ্টেললে অহা নতুন মইনা বোৰৰ হাতত ফুল এপাহ দি, ফুল নাথাকিলে পাতেৰেই , নতুনকে অহা মাইনাবোৰক প্ৰপৌজ কৰিবলে পঠায়, নতুনকে অহা মইনাবোৰেও চিনিয়ৰৰ ৰঙাচকুৰ ভয়ত তাকেই কৰেহি, সিদিনাও তাৰ বিপৰীত হোৱা নাছিল , মই জীনাক্ষিৰ লগত মনে মনে ক’লৈকো নোচোৱাকৈ বৈভৱী গৈ আছিল , তেনেতে AT 9 ৰ পৰা দৌৰি চাপৰকে ল’ৰা এটাই হাতত ফুল নে পাত কিবা এসোপা লৈ সিহঁত দুয়োজনীৰে আগত ৰ’লহি । মুখৰ আগত হাজিৰ হোৱা পহু দিলীপক দেখি সিহঁতৰ কি কৰোঁ কি নকৰোঁ লাগিল , AT 9 ৰ জুনিয়ৰৰো একেই অৱস্থা,হাঁহোনে কান্দো অৱস্থা, নহ’বনো কিয় ? কটনিয়ান বন্ধু দিলিপে এতিয়া কেনেদৰে প্ৰপৌজ কৰে সিহঁতক ? কোনজনীক কৰে? পিছে চিনিয়ৰৰ কাঢ়া চকু, ফুল দি যদি একো নকয় সন্ধিয়ালে ওলাব মজা! দিলিপেও কি কৰোঁ নকৰোঁকে কৈ উঠিল অ’ মইনা মোক ভাল পাবা? লগতে চকুৰে বুজাই দিলে , কোনোবা এজনীয়ে ফুলখিনি লৈ বচা আৰু মোক। বেচেৰাৰ অৱস্থা দেখি দুয়োজনীয়ে ফুলৰ থোপাটো লৈ মূৰটো জোকাৰি নিজৰ বাট ল’লে , কি কৰে AT 9 বাসীয়ে? এনে হাঁহি উঠিছিল বৈভৱীৰ ,পিছে হাঁহিবও নোৱাৰে , জীনাক্ষিয়ে দঢ়াই দঢ়াই কৈ গ’ল ভালকে থাকে যেন তাই , আহুকলীয়া পৰিস্থিটো উপভাগ কৰি সিহঁত হোষ্টেল পালেগৈ । বাটৰ লংবনবোৰ কাটিছিল, বাটটো মুকলি হৈ আছিল, মনটোও মুকলি লাগিল। মণিবাক লগ কৰিলেগৈ , মণিবায়ে দুয়োজনীকে লৈ গ’ল 4th block ৰ ৰূমনং 44 লৈ , বৈভৱীৰ হ’বলগীয়া ৰূম মেটে বোলে তাইক আগতেই নাম চাই ঠিক কৰি থৈছে, বাও সংস্কৃতৰে। ডিম্পী শৰ্মা , মংগলদৈৰ ডিম্পী বাক পিছে সেইদিনা লগ নাপালে তাই । তাইৰ ৰূমৰ সন্মুখৰ ৰূমটোৱেই জীনাক্ষিৰ ৰূম, পিছে জুনিয়ৰ হোৱাৰ বাবে ৰূমত বৰ আধিপত্য নাছিল, গতিকে তাইৰ ৰূমত নোসোমাই ঘুৰি আহিল বৈভৱী সেইদিনা , মণিবায়ে দুই এদিনতে আহিবলে ক’লে । নহ’লে ৰূমৰ কথা ক’ব নোৱাৰিব। বৈভৱীয়ে মনতে লংকেশ্বৰৰ গোটেই ছবিখন মনতে জুকিয়াই লৈ ওলাই আহিল হোষ্টেলটোৰ পৰা। কাৰণ দুদিনমানৰ পিছতে মালিকৰ জীয়েক মামনিৰ তোলনি বিয়া আছে,তাত মুখ্য ভূমিকা পালন কৰাৰ দায়িত্ব। লগতে বিয়ালৈ কিছু আলহীক মাতিব পাৰিব বুলিও দাসদাদায়ে সিহঁতক অনুমতি দিয়েই থৈছে । তাতে অভিজ্ঞানীহঁতক চাহ খুৱাবলে আছেই,এইবোৰ ভাবি ভাবি আহোঁতেই কেতিয়ানো বৈভৱী নিৰ্ভয়ে AT 9 পাৰেই হৈ আহিলে গমেই নাপালে , ভূপেনৰ কথাও মনত নপৰিল এবাৰলেও, তাৰ পৰিৱৰ্তে লংকেশ্বৰৰ মুখবোৰ চকুৰ আগত ভাঁহি থাকিল,কিবা এক অনমী দুখে বুকুখন হেঁচা মাৰি ধৰিলে তাইৰ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড-৫

ইফালে জপৰা চুলি মেলি বহি থকা বৈভৱীৰ মুখত ভৰাবলে ছিঙি লোৱা লুচিৰ টুকুৰা মেলখোৱা মুখৰ আগতে লৈ বহি থাকোঁতেই আকৌ অভিজ্ঞানীহঁতৰ চিঞৰ ঐ মহাদেৱ ওলাই আঁহা ঐ ওলাই আঁহা… মানে এই বিঁহগুটিকেইটাই গানটোও শুনি আছে, নাই নোৱাৰি আৰু দেই, দিব লাগিব ইহঁতক এসেকা। এই সনাহীৰ দলটোও এলাপেচা নাছিল, মহাদেৱ ওলাই অহাৰ আগতেই নাগবাবুৱে নে কোনে জানো চিঞৰিলে তিৰুপতি ওলাই আঁহা। অবাক নহৈ পাৰিনে ? তিৰুপতি মানে? অ’ মানে এওঁলোক তাম্মাম। বচ্ তেতিয়াৰ পৰাই এফালে মহাদেৱ আৰু তিৰুপতি লগ নভগাই হ’লচোন। ৰূমী ৰূমী যিহে চিঞৰ ঐ… আনৰ যেন ৰূমমেট নাইহে, মানুহক শুনাই শুনাই ৰূমী ৰূমী চিঞৰিয়েই থাকে এই দুটায়েচোন । বৈভৱী আৰু তিৰুৰ সলাজ হাঁহিৰ বিপৰীতে বাকীকেইজনীয়ে সজোৰে হাঁহি উঠিল , ইয়াৰ পিছৰপৰা আৰু মহাদেৱৰ গীত ,তিৰুপতিৰ চশমাৰ তলেৰে মৰা ৰহস্যময় হাঁহি ,গেইটৰ ওচৰত নাগবাবুৱে মৰা উগাৰ, হেণ্ডচাম দেৱদাসৰ চিগাৰেটৰ গোন্ধ , মৰমলগা টমাছৰ দুষ্টালিভৰা হাঁহিৰে আটাইৰে বা বাতৰি লোৱা এই গোটেইবোৰচোন কিবা ভাল লগা হৈ আহিল, নাগবাবু নে দেৱদাস কোনোবা এজনে অমৃতাক লাইন মাৰিবলে চিন্তা কৰা চিন্তাটোৰ বাতৰিও টমাছেই দিলে , পিছে অমৃতাৰ বিয়া ঠিক হৈ থকা কথাটো গম পাই আৰু দুনাই কোনেও একো নক’লে। পাকঘৰৰ ফালৰ খিৰিকি খোলা আৰু বন্ধ কৰাৰ দায়িত্ব পাছফালৰ দায়িত্বও লাহে লাহে ভাল লগা হৈ আহিল ।

ঘৰৰ মালিক দাসদাদাই গোটেইকেইজনীকে বৰ ধুনীয়া ধুনীয়া নাম দি মাতিছিল, ক’লি ম’লি বৈভৱীক মাধুৰী দীক্ষিত বুলিলে তাইৰ মনটো এনেই ভাল লাগে , পলি জুহি আৰু তিৰু কৰিস্মা। ঘৰৰ মালিকে পিছে ইহঁতৰ বদমাছিবোৰ কেতিয়াও গম নাপালে , বদমাছিনো কি আৰু তলেহে পুতল আছিল সিহঁত । ভাড়া ঘৰত কোনোবা থকাকে আহিলে বৰ ভাল নাপাইছিল যদিও মালিক তাহাঁতকেইজনীৰ ক্ষেত্ৰত অলপ বেলেগ অৱশ্যে , আবেলিৰ চুক ভগা( চুকবোৰ বৈভৱীয়ে ভাঙি ভাঙি খাই পেলাইছিলে) মিঠাইৰ সোৱাদ ল’বলে দূবৰি আৰু শিৱাণী খুবেই আগ্ৰহী আছিল , মাজতে শীতলো অহাৰ কথা এৰাতিৰ বাবে । এদিন দূবৰি আহিল, কাৰণ তাই ইমানেই বৈভৱীৰ মুখত অভিজ্ঞানীহঁত আৰু পিছফালৰ মেছৰ কথা শুনিছে গতিকে নহাকে থাকে কেনেকৈ? সেইদিনা আবেলি মিঠাই তাইয়ে আনিলে, অমৃতাই লুচি আৰু দেৱাশ্ৰীয়ে আলুভাজি বনাই ভালকে খুৱালে, অভিজ্ঞানীহঁতক অৱশ্যে গধূলি হোৱাৰ বাবে নেদেখিলে, পিছে ৰুবুল , হিৰণ্য? তেওঁলোকক নেদেখাকে কেনেকৈ হ’ব? পাছফালৰ দুৱাৰ খোলালৈকে ছাগে বেচেৰা দুটাই বাট চাই থাকে। দুৱাৰ খুলিবলে পালেহে কোনোবা এজনীয়ে , ইফালৰপৰা হিৰণ্যই শুৱলা বিহুগীত জুৰিলেই নহয়” জাকি মাৰি ওলালে….. ” , প্ৰত্যুত্তৰ গ’লেই লগে লগে । দূবৰিয়ে সিদিনাখন নতুন জ্ঞান অকণ দি গ’ল , পলিক দিনটো ক্লাছত কি কৰি থাকে এফালৰ পৰা সুধি গ’ল , পিছে সুধিলেহে পলিক , উত্তৰ হ’লে আহিল ইফালৰপৰাহে। তাৰমানে এনেকৈ কথা বেছি ভালকৈহে পাতিব পাৰি,কোনেও গমো নাপায় লগতে। ভালেই হ’ল। সেই ৰাতি শোৱা নহ’ল,তাতে পিছদিনা দেওবাৰ। ৰাতি কথাৰ বিষয় বস্তু আকৌ ‘নামপৰ্ব’ । পিছে এইবাৰ অমৃতা আৰু দেৱাশ্ৰীৰ বিয়াৰ পিছত হ’বলগীয়া ল’ৰা ছোৱালীৰ নাম কি হ’ব সেইয়াহে আলোচ্য বিষয়। নাম দিয়াত এনেইও আগৰেপৰাই দূবৰি আৰু বৈভৱী ভাল আছিল , নামবোৰ নতুন আৰু ধুনীয়া দিয়াত ভাল আছিলো। অমৃতাৰ বিয়া অনুপমৰ লগত আৰু দেৱাশ্ৰীৰ তাৰাৰ লগত ঠিক হৈ আছিল। গতিকে নাম কেনে হ’ব বা কি হ’ব তাকেই লৈ আলোচনা। দূবৰি আইদেউ সাংঘাতিক তীখৰ আকৌ,একদম জলকীয়া ব’ম তেখেত, তাই ক’লে নামবোৰ মানে মাক দেউতাকৰ নামেৰে হ’লে ভাল , এই যেনে পাহি , ৰুলি এনেকুৱা হ’ব লাগে। পাহি , ৰুলি? কোন পাহি ৰুলি? আগতে শুনা নাই কেতিয়াও চিনাকি নামবোৰৰ মাজতচোন। লগে লগে তাই বুজালে যেনে ভূপালী হিৰণ্য ধৰ , তাৰপৰা হ’বপৰা নাম পাহি আকৌ ৰুবুল পলি ধৰ, তাৰপৰা হ’ব পৰা নাম ৰুলি। অবাক্তেড, অবাক্তেড আমি। ইমানদিনে দেখি থাকিও নভবা কথা এটা এখেতে এদিনতে নামলৈকে ভাবি দিলেহি হেৰৌ। ধন্য তুমি ধন্য। যাৰকথা পাতিছিলো তেওঁলোক তল পৰিল , কথা গৈ কিবাহে হ’ল। ৰাতি গভীৰ হৈছিল, টোপনিও নাহে কথাৰ পাকত, তেনেতে বাঁহীৰ এক কৰুণ সুৰ ভাঁহি আহিল, হয় সেইয়া হিৰণ্যই তোলা সুৰ, বৰ শুৱলা বৰ কৰুণ। পলিয়ে শুনি আহিছিল দিনত ডিপাৰ্টমেণ্টত। দূৰণিত থকা প্ৰেয়সীলৈ মনত পেলাই বজোৱা বাঁহীৰ কৰূণ সুৰ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪

হাঁহি ফুৰ্তিবোৰৰ মাজতো বৈভৱীৰ পিছে ঘৰখনলৈহে চেৰেং চেৰেংকৈ মনত পৰি থাকে , কতযে সপোন বুকুত বান্ধি সুদূৰ দেৰগাঁৱৰ ধৰমপুৰ গাঁৱৰপৰা কটনত পঢ়িবলৈ আহিছিল তাই , পাৰিবনে বাৰু দেউতাকৰ ভৰষা আৰু মাকৰ আশাবোৰ পুৰাব তাই ! কেতিয়াবা কথাবোফ ভাবি থাকিলে তাইৰ বুকুখন মোচৰ খাই উঠে যদিও বহিঃপ্ৰকাশ নকৰে কেতিয়াও তাই , তাইৰ দৰেই পলি আৰু অমৃতাৰো অযুত আশা মনত , সিহঁত যে কটনিয়ান । দেৱাশ্ৰী আৰু বৈভৱীৰ বাহিৰে বাকীকেইজনীৰ বিভাগ বেলেগ, পলি অৰ্থনীতিৰ, তিৰু ভূগোলৰ আৰু অমৃতা অসমীয়াৰ । পঞ্চকন্যাৰ পিছে মনৰ বৰ মিল , অমিলবোৰৰ মাজথো সাংঘাতিক ধৰণে মিলে সিহঁত । য়ুনিভাৰ্ছিটিলৈ একেলগে ওলাই যোৱাৰ আগতে পাছফাল আৰু পাকঘৰৰ খিৰিকিৰে এপাক নোচোৱাকে নগৈছিল , আগৰ পিছৰ মানুহবোৰ গ’লনে নাই সেইটো নিশ্চিত হৈহে ওলাই গৈছিল সিহঁত । ৰোল নং ৮ আৰু ওখপাখ দেখনীয়াৰ সহপাঠীৰ নাম , ৰোল নং একো এটাও পলিয়ে দুদিনলৈকে যোগাৰ কৰিব নোৱাৰি বেচেৰী অলপ দুখতো আছিল, পলিক ভালদৰেই বুজাই দিলে আটাইকেইজনীয়ে তাই যাতে কোনোপধ্যেই বিফল নহয়। অলপ চিনা জনা হোৱাটো ভাল। মুঠতে যিকোনো প্ৰকাৰে পলিয়ে নাম উলিয়াবই দুই বিহুৱা অৰ্থনীতিবিদৰ। চশমা পিন্ধা ওখপাখ ডেকাক অলপ নৰম যেন লাগিল, ইজনে পিছে পুৰা অৰ্থনীতিবিদৰ দৰে গহীন গম্ভীৰ ভাৱ এটা মুখত আঁৰি থৈছিল। গতিকেই’ মিশ্যন নাম ‘ সফল হ’বই লাগিব। দূবৰি আৰু বৈভৱীয়ে পিছে নিজৰ বিভাগৰে লগৰবোৰৰ লগত ভালদৰে চিনাকি হোৱাই নাছিল , কটন ছেণ্টি ফালি থাকোঁতেই গ’ল দুদিনমান সিহঁতৰ , কটনৰপৰা অহা পাঁচজনী দূবৰি , বৰ্ণালী, হীৰা আৰু গীতাঞ্জলি একেলগে থাকে । নতুনবোৰক তেতিয়ালৈকে বৰ এটা পাত্তা নিদিয়া ভাৱত থকা যেনেই আছিল সময়বোৰ। পিছে পাৰি জানো এনেকৈ থাকিব? লাহে লাহে চিনাকি হৈছিল নতুন মুখবোৰৰ লগত , ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ পৰা অহা ছায়া ,টংকেশ্বৰ, শুভ্ৰা, শুভ,বিউটি, শংখ,মীনাক্ষি,লিপিকা হঁতৰ লগত সিহঁতৰ বন্ধুত্ব বেছ সোনকালেই জমি উঠিছিল সিহঁতৰ । পলিৰ মন বেয়া হৈ থকাৰ দিনাই আবেলিলৈ আহি বৰ গহীন এটা দিলেহি। মাজে মাজে অলপ দেখুৱাই তেনেকুৱা বাইদেউৱে। তেওঁ নাম কেইটা যোগাৰ কৰিলে মানে , ৰোল নং ৮ জন হিৰণ্য,আনজন ৰুবুল। সেইদিনা ক্লাছত তাইৰ মনেই নবহিল বোলে, তিনিওজনৰে গতিবিধি লক্ষ্য কৰি আহিল,তাতে আৰম্ভণিতে অলপ ক্লাছবোৰো কমেই হয়। এই দুজন অলপ মিহি দানা আৰু এই অভিজ্ঞানী ধ্ৰুৱ বোলাজন মিহিগুণ্ডা যেন লাগিল বোলে ক্লাছত, তাইক কিবা কথাত সেইদিনা ক্লাছতে নাৰ্ভাছ কৰালে তেৰাই। সিদিনা সিহঁতৰ আবেলিৰ চাহৰ আড্ডা বেছ জমি উঠিছিল , লংকেশ্বৰৰ কচৌৰি আৰু চমচমৰ সৈতে মেল মাৰি চাহ খোৱাৰ মজাই বেলেগ হৈছিল সিদিনা , খাঁওতে সিহঁতে বেয়া কথা মানে পঢ়াৰ (পলিৰ ভাষাত) কথা কেতিয়াও নাপাতিছিলে ,দিনটোৰ খতিয়ানৰ লগতে অভিজ্ঞান আৰু হিৰণ্য ৰুবুলৰ মেছৰ কথাই আছিল চাহমেলত। নাম জনাৰ পিছত আৰু সিহঁতক পায় কোনে? ইফালে টমাছেও লাহে লাহে অভিজ্ঞানীহঁতৰ নামধাম জনালে। অভিজ্ঞানীবোৰৰ বুদ্ধিয়েই আছিল ছাগে চিনাকি হোৱাৰ এনেকৈ এই অভিজ্ঞানীহঁতে আবেলি আবেলি কম জলাইছেনে ক্ৰিকেটৰ নামত। সদায় বল দিব লাগে বান্দৰকেইটাক, আকৌ ৰাতি ভাত খাবলে লওঁতেই কোনোবা এজনে আহি গেইটৰ ওচৰতে উগাৰ মাৰেহিয়েই , মানে এই ধুৰন্ধৰ অভিজ্ঞানীকেইটাই শান্তি নিদিয়া হ’ল। পিছে এদিনো এইবোৰৰ ব্যতিক্ৰম হ’লেই বেয়াও লাগিছিল। পিছে এই শিৱা নামৰ খীণকায়,হাঁহিমুখীয়া ল’ৰাটোক যে বৈভৱীয়ে দেখিবই নোৱাৰে একদম , কিবা বেছি বেছি কৰি থাকেচোন। তাতকৈ মিহিগুণ্ডাই ভাল অলপ। লাহে তিৰুক দেখিলে ধ্ৰুৱ বপুৰাৰ হাঁহিটোৱেই বেলেগ হৈ যায় , তিৰুক সাৱধান কৰিলে পলিয়ে মিহিগুণ্ডাৰ হাঁহিত যাতে ভোল নাযায়। ইফালে এজন সাংঘাতিক গহীন আছিল তাতে, গহীনক দেখি পলি আইদেউৰ দিল দীৱানী ,গহীন যে। দেৱাশ্ৰীৰ তাৰাৰ লগত বহুদিনীয়া প্ৰেমআৰু অমৃতাৰ বিয়া ঠিক হৈয়ে আছিল,গতিকে দুইজনী এইক্ষেত্ৰত উদাসীন আছিল । আনফালে বৈভৱীয়ে মহাদেৱক দেখিবই নোৱাৰে বাবে গোটেইবোৰে মহাদেৱৰ লগত তাইক জোকোৱা আৰম্ভ কৰিলেই। যি কৰে কৰক ধৰণৰ বেপৰোৱা ভাৱ এটাত তাই থাকিল যদিও মনে মনে ভালো লাগিল,যিমান হ’লেও কৃষ্ণচূড়া নগৰীত আছে । ইফালে টিউৱৱেলৰ পাৰ আছেই সিহঁতৰ পিছফালৰ দৰ্জা খোল খোৱাৰ শব্দ শুনিলেই সিপাৰৰ মেচৰ দৰ্জাও খোল খোৱা হ’ল, হাতত বাচন,পাচলি যিহকে পায় তাকে ধুবলে বেচেৰাকেইটা ওলাই আহে। ৰুবুলৰ মুখত বিহুনাম, বৰ শুৱলাকৈ গায়, হিৰণ্যও কম নাছিল, তেঁওৰ প্ৰতিভা দুদিনমান দেৰিকে দেখুৱালে পিছে, গহীন দেখুৱাইছিল যে, ৰুবুলে প্ৰায়ে জোকানলৈকে গায় ” হায়ৈ হায়ৈ হায়ৈ লীলী তয়ে মোৰ কলিজা খালি….” অনতি পলমেই দমকলৰ পাৰৰপৰাই প্ৰত্যুত্তৰো গৈছিল “হায়ৈ হায়ৈ হায়ৈ বোপাই তেনেকৈনো কিয় ক’লি…. ” শুনিছিল, শুনিছিল ছাগে তেওঁলোকে। কাৰণ তাৰপিছতে আকৌ গাইছিল ,দুয়োটাই গাইছিল ” কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰাম, ডাঙৰজনীয়ে ৰান্ধিব ভাত….” এইফালেও পিছে সুদা নাছিল , সময় নষ্ট নকৰাকৈ প্ৰত্যুত্তৰত গাইছিলে “কিবা খং উঠিব বাপেকে দুটালে পলাই যাম,এটাকো নিদিওঁ ভাত…” এনেকৈয়ে আৰম্ভ হৈছিল হাঁহি ধেমালি , তাৰপিছত বন্ধুত্ব ।

দেওবাৰে সকলোৰে ব্যস্ততাৰ বিপৰীতে , অভিজ্ঞানীহঁতৰ ৰাতিপুৱাই বেট বল লৈ খেল আৰম্ভ, খিৰিকি খুলিবলেও ভয়,জানোচা বাউণ্ডেৰী কেইটাই মূৰতে কোবায়। কোনে জানো চিঞৰিলে ঐ মহাদেৱ কেনি গ’ল ঐ?…..বৈভৱীৰ মুখ মেল খাই গ’ল..মানে এই ধুৰন্ধৰ ল’ৰাকেইটাই মহাদেৱ নামটোও গম পালে!!উপায় নাই ,উপায় নাই। ইহঁতক নোৱাৰি আৰু , নাৰ্ভাছ হৈ গ’ল তাই । নহ’বই বা কিয় ! মহাদেৱ কেনি গ’ল চিঞৰিবলে পালেহে এইফালে বিখ্যাত পেৰডি গীতিকাৰ দেৱাশ্ৰীয়ে (সঁচাকৈ বৰ ধুনীয়াকৈ বনাইছিল পেৰডিটো) গালেই নহয়…”মহাদেৱ কেনি গ’ল নাই বাতৰি/চুলি মেলি বহিলে বৈভৱী…./ভঙুৱা মহাদেৱ ,ভঙুৱা মহাদেৱ ভাং খাই পৰিলে / খালে ক’ৰবাত লটিঘটি…….” গানটো শুনি বৈভৱীৰ হাঁহি উঠি গ’ল , অজানিতেই তাইৰ চুটি , ঘন আৰু জপৰা চুলিকোচাৰ মাজত তাইৰ পাঁজিসেৰীয়া অঙুলিকেইটা সোমাই পৰিল , সদায় বেয়া পোৱা তাইৰ চুলিকেইডাললে কিবা এটা নিজৰে মৰম লাগি গ’ল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড-৩

আগেয়ে কেতিয়াও লংকেশ্বৰলৈ গৈ পোৱা নাছিল বৈভৱী। দেৱাশ্ৰীয়ে দেউতাকৰ লগত আহি ঠিক কৰা ৰূমটো তাইৰো ভালেই লাগিছিল , কিন্তু ৰূমৰ ভাড়া দুজনীৰ বাবে বেছি হোৱাত আৰু পলিয়েও ৰূম বিচাৰি থকাত তিনিওজনী একেলগে থকাটো ঠিক হৈছিল। তিনিজনীৰ কাৰণেও ডাঙৰ ঘৰটোত আৰু ভাড়া কম কৰাৰ খাতিৰত লগ হৈছিলহি তিৰু আৰু অমৃতা। সিহঁত ৫ জনী সাংঘাতিক ধৰণে মিলি পৰিছিল । অমৃতা কেইদিনমান দেৰিকে আহিছিল। পলি , অমৃতা আৰু বৈভৱী কটনৰে বান্ধৱী আনহাতে তিৰু কমল দুৱৰা মহাবিদ্যালয়ৰ অন্তৰংগ বান্ধৱী বৈভৱীৰ আৰু দেৱাশ্ৰী শৈশৱৰে খেলৰ লগৰী , লগতে দেৱাশ্ৰীৰ দেউতাকৰ ওচৰত ইংৰাজীৰ টিউচনো লৈছিল তাই । লংকেশ্বৰত থকা দিনকেইটাতে কেইবাজনো অন্তৰংগ বন্ধু হৈছিল সিহঁতৰ , কেৱল বন্ধুত্বহে। লংকেশ্বৰত বাছৰপৰা নামিয়েই শিলদিয়া ৰাস্তাটোৰেসোমাই ঠিক ১০ মিটাৰমান গৈয়ে নামঘৰ এটা পায়, নামঘৰটোৰ সন্মুখতে নিৰিবিলি নামৰ ল’ৰাৰ এটা প্ৰাইভেট হোষ্টেল। তাৰ ঠিক সন্মুখেৰেই অৰ্থাৎ নামঘৰটোৰ কাষেৰেই সোমাই যোৱা কেঁচা ৰাস্তাটোৰে সোমায়েই ২নম্বৰ ঘৰটো মলয় দাসৰ ঘৰ। তেখেতৰ ঘৰটোৰ ভিতৰখন বৰ সুন্দৰকৈ কাৰুকাৰ্য কৰা, পিছে এসময়ৰ কাঠৰ ব্যৱসায়ী দাদাই ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে , গতিকে ঘৰটোৰ এফাল ভাড়ালে দিছিল, এই ঘৰটোৰ ঠিক কাষেৰেই এটা সৰু কেঁচা ৰাস্তা আৰু ৰাস্তাৰে সোমায়ে প্ৰথম অসম আৰ্হিৰ ঘৰটোতে এটা ল’ৰাৰ হোষ্টেল – অভিজ্ঞান। বৈভৱীহঁতে ঘৰটো লোৱাৰ আগতে এই হোষ্টেলটোৰ বিষয়ে নাজানিছিল , জনা হ’লে এইটো ঘৰ লোৱা নহ’লহেঁতেন ছাগে। নাজানি সেয়ে ভালেই হ’ল। ঘৰটোৰ পিছফালে বাৰাণ্ডাৰে ওলাই বাথৰূম আৰু টিউৱৱেল আছিল, ঘৰৰ ভিতৰত থকা বাথৰূমটো ব্যৱহাৰৰ অনুপযোগী আছিল বাবে বাহিৰত থকাটোকে ব্যৱহাৰ কৰিছিল সকলোৱে। ঘৰৰ চৌহদটো পকী বেৰা আছিল যদিও চাপৰ আছিল সেয়ে ঘৰৰ পিছফালে থকা ভাড়াঘৰবোৰ ভালদৰেই দেখিছিল, ইয়াতো ল’ৰাহে থাকিছিল, প্ৰাণচঞ্চল ছোৱালীকেইজনীৰ বেয়াও লগা নাছিল বাৰু এফালে খিৰিকি খুলিয়েই ল’ৰাহঁতৰ অভিজ্ঞান , পিছফালে ওলালে অচিন বন্ধুহঁতৰ মেচ।

দুদিনমান ৰূম চিজিল লগাঁওতেই পাৰ হ’ল সিহঁতৰ , কাৰো কথা বিশেষ গম পোৱা নাছিল ভালকে ,পিছে এদিন ৰূমত খুব চিগাৰেটৰ গোন্ধ পোৱাত অশান্তিবশতঃ ৰূমৰ পাকঘৰৰফালে থকা খিৰিকিখন খুলি চকু কপালতে উঠিল বৈভৱীৰ , তেতিয়ালৈকে অভিজ্ঞানৰ ফলকখন দেখাই নাছিল সিহঁতে ,অভিজ্ঞানীসকলেও হয়তো সিহঁতৰ কথা নাজানিছিল। অভিজ্ঞানৰ লোহাৰ গেইটখনৰ ওচৰতে দেৱদাস এজনে একদম বিন্দাছ চিগেৰেট হুপি আছে, কাকো পৰোৱাই নকৰাকে এনেকৈ বিড়ি হোপা ল’ৰাটোক দেখি খং উঠিলতো পিছে খং নকৰাকে থাকিল তাই , গোটেইকেইজনীয়ে খিৰিকিৰে ল’ৰাটোক চাই থাকিলে একেথৰে , বপুৰা হেণ্ডচাম ল’ৰাটো নাৰ্ভাছ হ’লেও হওক বুলি । পিছে নাঃ, দেৱদাসৰ লৰচৰ হোৱা লক্ষণেই নাই, ওলোটাই সিহঁতেহে খিৰিকি জপাই বিড়িদাস মানে দেৱদাসৰ চকুৰপৰা আঁতৰ হ’ল। ধেৎতেৰি এনেকুৱা ল’ৰাও থাকেনে বাৰু! ইমানগাল দেৱদাসীক দেখিও চিগাৰেট খাই থাকেনে । নাই দেই , অভিজ্ঞানীবোৰ বেয়া ছাগে দেই। ইচ্ পাত্তাই নিদিলেচোন এইপাতে , গোটেই অভিজ্ঞানী বেয়া বুলি এজনক দেখিয়েই গোটেইকেইজনী খাটাং হৈ গ’ল । কোনে চাই তহঁতক বাপু এনেকুৱা এটা ভাৱত আকৌ খিৰিকি খুলি দিলে পলিয়ে ,লগতে চিগেৰেট খাই আমাকো বেমাৰী কৰিব বুলি অলপ জোখতকৈ বেছি ডাঙৰকৈয়ে পাতিলে । পিছে ই কি? খিৰিকিৰ সিপাৰে অভিজ্ঞানৰ চৌহদৰ ভিতৰত সমস্ত অভিজ্ঞানী দেখোন!(মানে দেৱদাসে এই দুইমিনিটতে চিগাৰেটৰ ধোঁৱাৰে কুণ্ডলী পকাই ভিতৰলে বাতৰি পঠালেই, বিৰহী যক্ষকো এবছৰ লাগিছিল হেৰৌ সংবাদ পঠাবলৈ, এখেতে একদম পলকতে চোন অভিজ্ঞানীহঁতক আগফাল পোৱালেহি। সিহঁতেও পাকঘৰত কাম কৰাৰ চলেৰে অভিজ্ঞানীসকলেনো কি কৰে আঁৰচকুৰে চাই থাকিলে এনে ভাৱত যেন সিহঁতে তেওঁলোকক দেখাই নাই। দেৱাশ্ৰীয়ে এইবোৰত ভাগ নলৈছিল, কিন্তু সিহঁতক সাৰ পানী ঠিকেই দিছিল বাৰু। পলি , তিৰু আৰু বৈভৱীয়ে ইগিল থিগিল কৰি থাকোঁতেই দেৱাশ্ৰী আৰু অমৃতায়ে আলুভাজি আৰু লুচি ৰেডী কৰিলেই সন্ধিয়া খাবলে। পলি আৰু তাই বাচন ধোৱা , ঘৰ সৰা কাম কৰিছিলে, তিৰুৱে ধূলি চাফ চিকুণ কৰিছিল। পিছে সিহঁতে যিমান কাম ভগাই ল’লেও দেৱাশ্ৰীয়ে পলকতে আটাইবোৰ কৰি পেলাইছিল। লুচিৰ গোন্ধ অভিজ্ঞানীহঁতলৈকো বিয়পি পৰিল , আৰম্ভ হ’ল সিহঁতৰ ক্ৰিকেট খেলা , খেলৰ কমেণ্টেৰীৰ লগে লগে লুচি ভাজিৰো ঢেৰ কমেণ্ট আহিছিল। মালিকৰ ঘৰৰপৰা দিয়া ডাঙৰ ডাইনিং টেবুলখৰ সোঁফালে , য’ৰপৰা অভিজ্ঞানীহঁতক দেখি সেইফালেই বহিছিল বৈভৱী । হঠাতে মূৰত খটংকে কিবা এটাই মৰাত অলপতে মূৰটো চিঙি নপৰাকেহে থাকিল তাইৰ, এফালে সিহঁতৰ ৰূমত হুৱাদুৱা, আনফালে অভিজ্ঞানীহঁতৰ চিঞৰ …. “ঐ শিৱা চিক্স চিক্স…..” অ’ তাৰমানে এইয়া তাইৰ মূৰত এইসোপাৰ চিক্সাৰহে। দুখ পোৱাতকৈ খংহে বেছি উঠিল তাইৰ আৰু ইহঁত কেইজনী হাঁহি হাঁহি বাগৰি গৈছে, অভিজ্ঞানীহঁতে চল পাব বুলি আকৌ বেছি ডাঙৰকৈও হঁহা নাছিল পিছে। চিক্স কোবোৱা অভিজ্ঞানী শিৱা নামৰটোক ভালকে এসেকা দিঁও বুলি ভাবি খিৰিকিৰে চাঁওতেই তাই দেখিলে চশ্মা পিন্ধা ধুনীয়া সৰু নিচিনা লগা ল’ৰা এটা খিৰিকিৰ মুখত। ল’ৰাটোৱে বৰ ভদ্ৰকে বলটো পৰিছেনেকি সোধাত অলপ পৰ ৰৈ পৰিছে বুলি ক’লে তাই , বেচেৰাক বলটো নিবলেযে ধুৰন্ধৰকেইটাই পঠাইছে , বুজিবলে অলপো বাকী নাছিল। আৰু বলটোৱে ক’ত কোবালে দেখুৱালত সিও একো নুবুজা যেন দেখুৱাই বপুৰাই বল খুজিলে, এইবাৰ সিহঁতো শেনৰ এজাত , পলি নাচোৰবোন্দা। নিদিওঁ বল,আৰু যদি বল লাগে যি বল কোবাইছিল, তাক নিবলে পঠাবলে ক’লে। তিৰুৱে এগালমান মৌবৰষা মাতে ল’ৰাটোৰ নাম সুধিলেহি, মনে মনে সিহঁতৰো ধুৰন্ধৰামি আৰম্ভ হৈছিলেই। তেঁও আছিল টমাছ, টমাছ খাউণ্ড। সৰু ল’ৰা , ডিগ্ৰী পঢ়ি আছে । বপুৰাক বাকী সকলে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে যাতে সৰু ল’ৰা বুলি কোনেও একো নকয়। বাকীবোৰে এম এ কৰি আছিলযে। টমাছৰ নিচিনাই দেখাত এটা চশমা পিন্ধা ল’ৰা দেখি পলিয়ে তাইৰ ক্লাছৰে বুলি ক’লে,দেখাতেই বাঘৰ আগতেল খোৱা যেন ল’ৰাটোৱেও দুষ্টামি ভৰা হাঁহিৰে পলিক দেখুৱাই কিবা কৈ আছিল, সেইজন আছিল ধ্ৰুৱ। টমাছে চিক্স মৰা শিৱাক মাতি আনিলেগৈ। আগলে আৰু সেই ফালে বল নামাৰোঁ বুলি প্ৰতিশ্ৰুতি দি চিক্সাৰে বল কায়দাৰে লৈ গ’ল। সিহঁতকেইজনীয়ে পাত্তা নিদিলে যদিও চিক্সাৰৰ নাম এটা থ’লে ‘ ভঙুৱা মহাদেৱ ‘ । মহাদেৱক বল দিয়াৰ পিছত অভিজ্ঞানীসকলে যিহে ফুৰ্তিত চিঞৰিলে যেন বিশ্বকাপ হে জয় কৰিলে। খাটাং হ’ল এইবাৰ সিহঁত অভিজ্ঞানীহঁত সম্পৰ্কে, বেয়া সঁচাকে বেয়া অভিজ্ঞানীহঁত। নামাতে দেই এনেকুৱা ল’ৰাক।

দেৱাশ্ৰী, অমৃতাই বনোৱা লুচি আৰু অভিজ্ঞানীৰ বলৰ কোব খাই দুয়োজনী বাচন বৰ্তন ধুবলৈ গৈ আৰু আচৰিত হ’ল , চৌহদৰ বেৰাৰ সিপাৰে দুটা ল’ৰাই দমকলৰ পাৰত বিহু গাই বাচন ধুই আছে। এজন চুটি চাপৰ আনজন ওখপাখ। পলিয়ে বৈভৱীৰ কাণৰ কাষতে ক’লে ” অ’ই এইদুটা আমাৰ ক্লাছৰে। “মানে বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ। অলপ নিৰ্জু যেন লাগিল দেখাত ল’ৰাদুটা। ভাল লাগিল। অন্ততঃ এই অভিজ্ঞানীসকলৰ দৰে নহ’ব ছাগে। দুয়ো বাচন ধোৱাত ব্যস্ত যদিও কেৰাহি চকু সিহঁতদুজনীৰ ফালেহে । পলিয়ে ক’লে roll no 8. তাই ৰোল নং টো জানে, তাইৰ ওচৰেপাজৰে কাৰণে, নামটো নাজানে। মিশ্যন নাম আৰম্ভ হৈ গ’ল সিহঁতৰ । পলিৰ দায়িত্ব, যেনেকে হ’লেও নাম তাই উলিয়াই ল’ব , পিছে অলপো পাত্তা দিয়া যেন নেদেখুৱাই ভিতৰ সোমালোঁ। পিছে দিল গাৰ্ডেন গাৰ্ডেন নলগাকে থকা নাছিল। বয়সো আছিল তেনেকুৱাই, তাতে কৃষ্ণচূড়া নগৰীৰ নাগৰিক তেতিয়া।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড -২

ভূপেনক তাতে এৰি ভূপালী নাম লোৱা বৈভৱী আৰু দূবৰিয়ে নাতিদূৰতে দেখিলে সিহঁত থাকিবলগীয়া হোষ্টেল কেম্পাছৰ সেই বিশাল গেটখন। বিশাল মানে সঁচায়ে বৰ ডাঙৰ । সেই কেম্পাছত তিনিটা ছোৱালীৰ হোষ্টেল RCC 5,RCC 4 আৰু এই দুয়োটাৰে সন্মুখত দীঘলীয়াকৈ AT 10. মনত এসোপা সংকোচ , বুকুত অযুত হেঁপাহ লৈ খুলি থোৱা বিশাল গেইট খনেৰে চুচুক চামাককৈ দুয়োজনী সোমাই গ’ল কেম্পাছটোৰ ভিতৰলৈ। সোমায়েই সোঁহাতে প্ৰথমে RCC 5 girls hall. এইটো বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছোৱালী হোষ্টেল , তাৰ পিছতে বৈভৱী থাকিবলগীয়া হোষ্টেলটো , এই দুটা দুমহলীয়া আছিল, অৱশ্যে RCC 5 টো এমহলীয়া । আৰু দূবৰি আৰু দেৱাশ্ৰী থাকিবলগীয়া হোষ্টেলটো অসম আৰ্হিৰ । এই হোষ্টেলটো বাকী দুমহলীয়া হোষ্টেল দুটাৰ সমান্তৰালকৈ আছে , দেখিবলৈ আটাইকেইটা হোষ্টেলেই ধুনীয়া । প্ৰকাণ্ড লোহাৰ গেইটখন আচলতে এই তিনিওটা হোষ্টেল থকা মস্ত কেম্পাছটোৰ সমূহীয়া গেইটহে , এইখন পাৰ হৈয়ে আকৌ প্ৰতিটো হোষ্টেলৰে নিজা নিজা চৌহদ আৰু গেইট । সিহঁতৰ বুকুকেইখন কিবা এক উত্তেজনাত ঢুক্ ঢুক্ কৈ কঁপি উঠিছিল। কলেজত পঢ়োঁতেও হোষ্টেলতে থকা যদিও ইয়াত কিবা অলপ বেলেগ বেলেগ লাগিছিল সিহঁতৰ । বিশাল কেম্পাছটো লংবনেৰে ঠাঁহ খাই আছিল, অৱশ্যে মাজে মাজে চফা কৰে বুলি গম পায় । কিন্ত্ত হোষ্টেলবোৰৰ গাইগুটীয়া চৌহদবোৰ বৰ চাফ চিকুণ আছিল, তাতে নাৰ্জী ফুলৰ বতৰ , আটাইকেইটা হোষ্টেলতে বৰ সুন্দৰকৈ নাৰ্জী ফুলবোৰ ফুলি আছিল যদিও AT 9 ৰ দৰে সিমান পৰিপাটি আৰু চালে চকুৰোৱা বিধৰ নাছিল। লংবনেৰে ভৰি থকা পকী ৰাস্তাটোৰে লাহে লাহে আৰু প্ৰয়োজনতকৈ বেছি ভদ্ৰভাৱে আমি সোমাই গ’ল সিহঁত । দুয়োজনী দুয়োটা হোষ্টেললৈকে একেলগে যোৱাৰ কথা বাটতে আলচি আহিছিল । AT 10 ৰ গেইটখনৰ ঠিক ওচৰতেই এটা PCO দেখি মনটো অলপ ভাল লাগিল গ’ল বৈভৱীৰ , কাৰণ আগতে ঘৰলে ফোন কৰিবলে আমাৰ অলপ দিগদাৰ হৈছিল , পিছে এতিয়া গেইটতে আছে যেতিয়া আৰু বৰ বেছি দিগদাৰি নহ’ব বুলি ভাবিয়েই ভাল লাগিল তাইৰ মনটো । PCO টোৰ বাহিৰতে তামোলৰ সেলেঙিৰে ওঁঠ ৰাঙলী বাইদেউ এগৰাকীয়ে সিহঁতলৈ চাই হাঁহি থকা দেখি অলপ বুকুখন পাতল লাগিল, সেইয়া ৰুণু বাইদেউ, PCO চলাই তেখেতে। বাইদেউক সুধি সিহঁত নিজৰ নিজৰ হোষ্টেলৰ গেইটকেইখনৰ আগত থিয় দিলেগৈ । AT 10 ৰ গেইট বৈভৱীৰ হোষ্টেলৰ গেইট খনতকৈ আগত পায় বাবে তাতে আগতে সোমালগৈ।পাতিবলগীয়া কথাখিনি পাতি দুয়োজনী ওলাই আহিল RCC 4 হোষ্টেললৈ , বৈভৱী থাকিবলগীয়া হোষ্টেলৈ । তাইৰ হোষ্টেলৰ Prefect সিহঁতৰে চিনিয়ৰ কটনিয়ান মণিকুন্তলা বা বুলি গম পাই এনেইও অকণমান ভাল লাগি আছিলেই , মণিবাৰ লগত তাহাঁত দুয়োজনীৰে আগৰেপৰাই অন্তৰংগ সম্পৰ্ক এটা আছিলেই বাবে ভয়ভাৱৰ পৰিমাণটো কিছু কম আছিল। AT 10 ৰ গেইটখনৰ ঠিক সন্মুখতেই RCC 4 হোষ্টেলৰ visiting room , এখন বাৰাণ্ডাৰে একোঠলীয়া ঘৰটোত তেতিয়া কাৰোবাৰ কোনোবা ভিজিটৰ আহিছিল হ’বপায় , বৈভৱীয়ে ভালকৈ চালে , গোটেই কোঠাটো ছাতি এটাৰ দৰে এজোপা ডাঙৰ কৃষ্ণচূড়াৰই ছাঁ দি আছিল, এনেই জালুকবাৰী তাতে আকৌ কৃষ্ণচূড়া তাৰোপৰি নিজেই থাকিবলগীয়া হোষ্টেলৰ বাকৰিতে…কিমান আৱেগ , কিমান ভালপোৱা… ভাবিয়েই ভাল লাগি গ’ল তাইৰ মনটো , মনত পৰিল তাইৰ ঘৰৰ পদূলিৰ কৃষ্ণচূড়াজোপালৈ । এই কোঠাটো পাৰ হৈয়ে ৫ মিটাৰমানৰ সিফালে তাইৰ হোষ্টেলৰ গেইট, গেইটখনৰ একাষে এজোপা ডাঙৰ বগৰী , বগৰীজোপাও ঠিক দেখাত ছাতি এটাৰ দৰেই । গেইটখন লাহেকৈ , প্ৰায় শব্দ নোহোৱাকৈ ঠেলি সোমাই গ’ল দুয়োজনী , দুমহলীয়া আছিল বাবেই চৌহদটো AT10 তকৈ অলপ সৰু আছিল যদিও পৰিপাটি আছিল, সোমায়েই বাঁওহাতে এখন চাইনব’ৰ্ডত ” পদ্মাৱতী দেৱী ফুকননী ৪ নং ছাত্ৰীনিৱাস /RCC 4 girls hall ” বুলি লিখা আছে , চাইনব’ৰ্ডখন নাৰ্জী ফুল এসোপাৰ মাজত সোমাই আছিল ধুনীয়াকৈ । মালী খুড়াই হয়টো ভালকৈ থৈছিল। সোমাই যোৱা বাটকণৰ দুয়োকাষে ফুলনি। তেতিয়াহে বুকুখন জোৰত ঢপঢপাবলৈ ধৰা যেন লাগিল তাইৰ , বুকুৰ মাজত বাজি থকা ঢেঁকীৰ মাতটো নিজেই শুনা যেন লাগিল। চিনাকি কাৰোবাক বাহিৰতে দেখেনেকি বুলি ইফালে সিফালে চালে যদিও কোনো ক’তো চকুত নপৰাত এতিয়া কি কৰোঁ গোপাল ক’লৈ যাঁও কৃপাল অৱস্থাত ৰৈ থাকিল দুয়োজনী । prefect ৰ কোঠা আছে ক’ত ? কেনি যায় ? একোৱেই ধৰিব নোৱাৰি ৰৈ থাকিল দুয়োজনী । ইফালে বিশ্ববিদ্যালয়ৰ হোষ্টেলবোৰত prefect ৰ মৰ্যাদা কেনে সকলোৱে জানেই। ৱাৰ্ডেন বহুত পিছতহে আহে এই পদৱীৰ(ক্ষমা প্ৰাৰ্থনাৰে ভুল হৈছে যদি), গতিকে এতিয়া মণিবাৰ ৰূম বিচাৰি ৰূমৰ কথা সুধিবলৈ যোৱাটোও ঠিক বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি উপাচাৰ্যক লগ কৰিবলৈ যোৱাৰ দৰেই যেন লাগিল মনে মনে তাইৰ । কাক সুধিম বুলি ইফালে সিফালে চাই থাকোঁতেই এগৰাকী হৃষ্টপুষ্ট চেহেৰাৰ চিনিয়ৰ যেন লগা আৱাসীয়ে সিহঁতক দেখি অক্কণো পাত্তা নিদিয়া যেন দেখুৱালেও হোষ্টেলৰ কাৰণেই গৈছে বুলিয়েই গম পাই হ’বলা কেৰাহীকৈ এপাক চালে। সেই সুবিধাকণ কোনোমতে এৰি নিদিয়াকৈ বৈভৱীয়ে ঘপকৈ সুধিয়েই পেলালে prefect ৰ ৰূম কোনফালে বুলি , নতুন মুৰ্গা দেখি গহীন গম্ভীৰ চিনিয়ৰ বাগৰাকীৰ চাগে মনটো ভালেই লাগিল, মণিবাৰ 2nd block ত থকা ৰূমটো দেখুৱাই দিলে । তেঁও বটাই দিয়াৰদৰেই মণিবাৰ ৰূমত সোমালগৈ যদিও মণিবায়ে আৰু এমাহমানৰ পিছত হে ৰূম খালী হ’ব বুলি ক’লে, মণিবাৰ লগতে কটনৰে চিনিয়ৰ চিন্ময়ীবাক দেখি ভয় লাগিল বৈভৱীৰ , চিন্ময়ীবালৈ সিহঁতে আগৰেপৰাই ভয় কৰে , মণিবায়ে এমাহমান দেৰিকৈহে ৰূম পাব বুলি কোৱাত বৈভৱীয়ে বেয়াও পোৱা নাই অলপো পিছে। বেয়া নোপোৱাৰে কথা । কাৰণ ইতিমধ্যেই লংকেশ্বৰৰ মলয় দাস দাদাৰ ঘৰত এমাহৰ ভাড়া দিছেই, তাতে তাত থাকি ভালো লাগিছে। আছিলো একদম সাতঘাটৰ চেঙেলীকেইজনী একেলগে। এমাহৰ পিছত ৰূম পাব বুলি নিশ্চিত হ’ল যদিও ৰূমমেট পিছে আহিলেহে গম পাব বুলিও কৈ পঠিয়ালে। অহা বাটেৰেই বাট বুলিলে সিহঁতে , পিছে চিনিয়ৰ চিনিয়ৰ লগা বাকেইগৰাকীমানৰ মুখ কেইখন দেখি অলপ ভয় খাইও আহিলে , তথাপিও কিবা এক সুকীয়া অনুভৱ লৈ হোষ্টেল কেম্পাছটোৰপৰা ওলাই আহিল যদিও AT 9 ৰ বাঘকেইটাৰ আগেদি যেনেতেনে ওলাই আহি দুয়োজনীয়ে এট স্বস্তিৰ নিশ্বাস এৰিলে , যেন ডাঙৰ ইন্টাৰভিউ এটা দিহে ওলাই আহিলে , নজনাকৈয়ে দুয়োজনীয়ে হাঁহি উঠিলে একো কাৰণ নোহোৱাকৈয়ে । ল’ৰাবোৰে ভলীবল খেলাত মগ্ন বাবে সিহঁতক ঘুৰি আহোঁতে বৰকৈ মন নকৰিলে হয়তো, কিন্ত্ত বৈভৱীৰ মনটোৱে ভুপেনক লগ পাবলৈ অকণমান হেঁপাহ নকৰাকৈ থকা নাছিল । বৰষুণকো আওকাণ কৰি বৈভৱী ঢাপলি মেলিছিল লংকেশ্বৰৰ আপোন ৰূমটোলৈ ,তাত যে ৰৈ আছে পলি, দেৱাশ্ৰী, তিৰু আৰু অমৃতা , সিহঁতক আদ্যোপান্ত বিৱৰি ক’লেহে মুখৰ খজুৱটি মৰিব তাইৰ , পিছে সিহঁত কেইজনী গৈ নোপোৱাত বিচনাতে বাগৰি তাই খিৰিকীৰে উপভোগ কৰি থাকিলে বৰষুণ । সিহঁতে একেলগে দুটা ৰূম লৈছে , এইকেইদিনতে সিহঁত আৰু বেছি কাষ চাপি গৈছে ইজনী সিজনীৰ , দিনৌ আড্ডা , প্ৰতি সন্ধ্যা গান আৰু কবিতাৰ মেহফিল , লগত দেৱাশ্ৰীৰ হাতৰ সুস্বাদু আহাৰ ….আঃ কিযে সুঘ্ৰাণ খানাৰ। তাতে ঘৰটোৰ টিউৱৱেলৰ পাৰ আৰু পাকঘৰৰ কাষৰ অভিজ্ঞান ল’ৰাৰ হোষ্টেলটো আটাইতকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু সিহঁতৰ বাবে ।

জীৱন উদ্ যাপনৰ দিনবোৰ….খণ্ড ১

জীৱন সঁচায়ে অনুপম। কোনোদিন যদি সুখেৰে আৱৰা আন এদিন বিষাদে। হাঁহিবোৰ শেষ নৌহঁওতেই চোন চকুপানীবোৰে বাট নেদেখা হঁও আমি। তথাপিও জীৱন জানো অপূৰ্ণ? জীৱন সেয়ে জিন্দাবাদ। জীৱন সেয়ে জীপাল। যেতিয়াই বিষাদৰ সন্মুখীন হয় কি কৰে আপোনালোকে? জীৱনক ধিয়াই নে ভাগ্যক?

খুলি চাবচোন আটোলটোলকে ৰখা স্মৃতিৰ সঁফুৰাখন,জুমি চাবচোন আপোন মনটোক,এবাৰ চাবচোন আপোনপাহৰা হৈ… কিযে মাদকতা ,কিযে ৰোমাঞ্চ । নষ্টালজিয়াই পাহৰাই দিয়ে জীৱনৰ সমষ্ট দুখ,ভাগৰ। আজিও তেনে এটা দিনেই মোৰ বাবেও। একঘেয়ামী হৈ পৰা দিনবোৰত হেৰুৱাই পেলাইছো জীৱন জীয়াৰ আনন্দ। কিয় জানো বাৰে বাৰে মনত পৰিছে তাহানিৰ দিনবোৰলৈ, বিশ্ববিদ্যালয়ৰ দিনবোৰলৈ। পুৰণি এলবাম খুচৰি খুচৰি চাইছো। নিজকে বিচাৰিছো। আচৰিত ধৰণে নতুন উদ্যম পাইছো। তাতে বন্ধু ধ্ৰৱৰ আন্তৰিকতাই অধিক প্ৰেৰণা দিলে নিজকে জুকিয়াই চোৱাৰ। ধন্যবাদ বন্ধু।

কটনৰ দিনবোৰতকৈও আপোন আছিল বিশ্ববিদ্যালয়ৰ দিনবোৰ। কটন আচলতে সঁচায়ে চিৰযৌৱনা। এতিয়াও নিজকে সদায় কটনিয়ান কটনিয়ান অনুভৱটোৱে সামৰি ৰাখে। ইমানেই আপোন কটন। এদিন সহকৰ্মী এগৰাকীয়ে কৈছিল ‘এই কটনিয়ানবোৰ বৰ অদ্ভুত দেই। এটা অদ্ভুত চেণ্টি লৈ ঘুৰি থাকে। কটনিয়ান হ’লেই হয়, বয়সৰ কথা নাই’.. এৰা কটনিয়ান হ’লেই হয়। বয়স মাৰ গুলি। য’তে ত’তে ,যেতিয়াই তেতিয়াই আৰম্ভ হ’ব পাৰে দোষ্টী। সেয়ে চাগে Love you Zindagi. কিন্তু কলেজত বহুখিনি কথাই সীমিত থাকিল। কাৰণ ধৰমপুৰ গাঁৱৰ পৰা ওলাই অহা ছোৱালীজনীক গুৱাহটীত নিজকে খাপ খুৱাবলৈ লাগিছিল প্ৰথম দুট বছৰ। পিছৰ বছৰত স্নাতক চূড়ান্ত বৰ্ষ বুলিয়ে গ’ল। তাতে একেলগে টায়ফয়েদ , মেলেৰিয়া আৰু নিউমোনিয়া হোৱাৰ বাবে ৩ মাহমান ঘৰতেই থাকিলোগৈ। তাৰমাজতো কিন্তু জীৱনটোক সজাই ল’বলৈ আৰু পূৰ্ণৰূপে উদযাপন কৰিবলৈ পাহৰা নাছিলো। বকুল সৰা বাটেৰে গৈ গৈ কৃষ্ণচূড়াৰ ৰাঙলী বাটেৰে বাট বুলিছিলো। জীৱনৰ সৰ্বোৎকৃষ্ট দিনবোৰক আদৰিছিল এসোপা কৃষ্ণচূড়াই।

সৰুৰে পৰাই পৰিছিলো জালুকবাৰীৰ প্ৰেমত। কটন আচলতে সপোন আছিল , কিন্তু জালুকবাৰী আছিল আজন্ম প্ৰেম। নামতেই লুকাই আছিল কিবা এক বুজাব নোৱাৰা ভীষণ মাদকতা,এক হেঁপাহ। যি হেঁপাহক চূৃড়ান্ত ৰূপ দিয়াত সফল হৈছিল আমাৰ দেউতা । তেতিয়াই অৱসৰ প্ৰাপ্ত শিক্ষক শ্ৰীযুত গংগাধৰ বৰা। দেউতাই নিজৰ সপোনো পুৰা কৰিছিল আমাৰ মাজেৰেই। ২০০৩ ৰ জুলাই মাহতেই কটনৰপৰা কৃষ্ণচূড়াৰ দেশলৈ ঢাপলি মেলিছিলো। এইবাৰ নামভৰ্তি কৰিবলৈ দেউতা আহিবলগীয়া হোৱা নাছিল। প্ৰিয় বন্ধু দূবৰি আৰু মই একেলগেই আহিব পাৰিছিলো। লগতে দেৱাশ্ৰীও। আমাৰ বাবে আকৌ গুৱাহাটীখন তেতিয়া পুৰণা আৰু আপোন হৈছিল। নতুন খিনিৰ আগত অলপ বুকু ফিন্দাই কথা ক’ব পৰা বিধৰ হৈছিলো আৰু। গতিকে জনাই নজনাই অলপ বেছিকৈয়ে দিগ্দৰ্শকো হৈছিলো ছাগে । তথাপিও নিজৰ কামখিনি নিজেই কৰি বৰ আনন্দ পাইছিলো। আগতকৈ যথেষ্ট আত্মবিশ্বাসীও হৈছিলো। আমাৰ সংস্কৃত বিভাগত নামভৰ্তি কৰাৰ পিছত হোষ্টেলপৰ্ব আৰম্ভ হৈছিল। হোষ্টেলৰ বিষয়ে আগতেই বহুখিনি গম পাইছিলোৱেই অৱশ্যে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোতে আমাক আন্তৰিকতাৰে সহযোগ কৰিছিল আমাৰ কটনিয়ান চিনিয়ৰ সুমন দাই। কৃষ্ণচূড়াৰ দেশৰ মাৰ্কেট কেম্পাছৰ RCC 4 হোষ্টেলত মোৰ এডমিশ্যন হোৱাৰ বিপৰীতে দূবৰিয়ে পাইছিল আমাৰ সন্মুখৰে AT 10 হোষ্টেল। আৰম্ভণিতেই আমি হোষ্টেলৰ চিনিয়ৰ সকল ওলাই যোৱা নাছিল বাবে কিছুদিন লংকেশ্বৰত অনিল দাস দাদাৰ ঘৰত ভাড়া থাকিছিলো। আমি একেলগৰ তিনিজনীয়ে একেটা কেম্পাছতে হোষ্টেল পাইছিলো যদিও পলিয়ে আকৌ RCC 3 হোষ্টেল পাইছিল। কিন্তু হোষ্টেলবোৰত আসন খালী নথকাৰ বাবে আমি কেইজনীয়ে মানে পলি , দেৱাশ্ৰী আৰু মই একেলগে ভাড়াঘৰতে থকাৰ সিদ্ধান্ত লৈছিলোহঁক। সৌভাগ্যক্ৰমে দূবৰিয়ে আমাতকৈ আগতেই হোষ্টেলত থাকিবলৈ পাইছিল। এই লংকেশ্বৰত থকা দিনবোৰযে…আঃ কিযে ধুনীয়া দিন আছিল সেইবোৰ….. কিযে জীৱন উদযাপনৰ দিন আছিল সেইবোৰ। যাৰ আন্তৰিকতা এতিয়াও বিদ্যমান। আৰে তিৰুৰ কথা লিখাই হোৱা নাইচোন। তিৰুজ্যোতিও আছিল আমাৰ লগত লংকেশ্বৰৰ ভাড়াঘৰত। লংকেশ্বৰৰ দিনবোৰৰ কথা বহু দীঘলীয়াকৈ লিখিব লাগিব। কিমান যে আছে কৈ আৰু লিখি শেষ কৰিব নোৱাৰা কথা। লংকেশ্বৰৰ দিনবোৰৰ কথা ভাবিলেই চোন বয়সটো কিবা কমি যোৱা যেন লাগে এতিয়াও। হাঁয় মোৰ সেই দিনবোৰ,পল অনুপলবোৰ!!

বিশ্ববিদ্যালয়ৰ কথাই যেতিয়া এটা মোৰ বাবে পাহৰিব নোৱাৰা আৰু সদায় আমোদ দিয়া এটা কথা এটাই উল্লেখ কৰোঁ। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৱাসী মানেই মইনা / মাইনা। ইয়াত নপঢ়া সকলৰ বাবেও এইটো জ্ঞাত। হোষ্টেললে যোৱাৰ আগতেই হোষ্টেলটো কেনেকুৱানো চাই আহোঁগৈ বুলি ক্লাছৰ পিছত দূবৰি আৰু মই গৈছিলো। আমাৰ হোষ্টেল কেইটা পোৱাৰ আগতেই তেতিয়াৰ মহা ধুৰন্ধৰ খ্যাত AT 9 ল’ৰাৰ হোষ্টেলটো( বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ)। এই হোষ্টেলৰ ল’ৰাবোৰ অলপ বেছিয়েই স্মাৰ্ট আছিল আৰু সকলোতে অতি পাৰ্গত আছিল। নতুনকৈ ছোৱালী হোষ্টেল লৈ অহা ছোৱালীবোৰক জোকাইছিলো অতি কলাত্মক ভাৱে। কোনোদিনেই কিন্ত্ত আপত্তিজনক অথৱা বেয়ালগা ধৰণৰ কোনো কথাই কোৱা নাছিল। এইবোৰ পিছৰ কথা। যিদিনা প্ৰথম সেই বাটেৰে গৈছিলো সেইদিনাই ঘটিছিল মজাৰ ঘটনাটো। হোষ্টেলটো সঁচাকৈয়ে বৰ ধুনীয়াকৈ ৰাখিছিল ল’ৰাবোৰে। ঠিক হোষ্টেলৰ আগেৰে পাৰ হঁওতেইহ’ল নহয় এজনৰ হঠাৎ আগমণ। ক’ৰপৰা জানো চিলনীটো পৰা দি থপচ্ কৈ মুখৰ আগতে ওলাল এজন আৰু মোৰ কাণৰ কাষতে ক’লে অ’ মাইনা মোৰ নাম ভুপেন , তোমাৰ নাম কি? মইও আলপো nervous নোহোৱাকৈয়ে কেনেকৈনো জানো কৈছিলো মোৰ নাম ভূপালী বুলি। সেই দিনৰ কম বীৰাংগনা নাছিলোনে বাৰু মই?? পাৰ হৈ গৈছিলো। কিন্ত্ত ল’ৰাজনেও হয়তো থৎমৎ খাইছিল, তেঁও ছাগে ভবাই নাছিল কোনোবাই এনে প্ৰত্যুত্তৰ দিব বুলি। এতিয়া ভাবিলে বৰ দুখ লাগে সেই ভূপেন বুলি কোৱা ল’ৰাজনৰ যে আচল নামটোৱেই নাজানিলো। আচলতে সেইদিনাখন পলকতে দেখা চেহেৰাটো মনতো নৰ’ল। পিছলৈ হয়তো বন্ধুত্বও হ’ল কিন্তু চেহেৰাটো মনত নৰ’ল বাবেই ভুপেন ভূপালীও পাহৰণি হ’ল। কিন্ত্ত মোক সেই ঘটনাটোৱে বৰ আমোদ দিয়ে এতিয়াও। কেনেকৈ যে মইহে ওলোটাই এজন চিনিয়ৰ আৱাসীক নাৰ্ভাছ কৰিবলৈ সক্ষম হৈছিলো তাকো AT 9 ৰ। ইয়াৰ পিছৰ দিনবোৰতযে কিমান কাহিনী জড়িত হৈ আছে।

কৈ যাম জালুকবাৰী তোমাৰ কথা কৈ যাম সগৌৰৱে, গাই যাম তোমাৰ বিজয় গাথা, তোমাৰ সদাযৌৱনা, চিৰপৰিচিত প্ৰেমগাথা। জালুকবাৰী তোমাক শত প্ৰণাম।

পাপৰি বৰা

দাধৰা , ধৰমপুৰ গাঁও

জীৱন উদ্ যাপনৰ দিনবোৰ…