জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৭

লাহে লাহে সকলোবোৰ সহজ হৈ পৰিলেও কোনোবা খিনিত নিজৰ ওচৰতে নিজেই সহজ হ’ব নোৱাৰিলো , সৰস্বতী পূজাৰ আগৰাতিৰ ঘটনাই মনটো কোঙা কৰি পেলাইছিল , জোৰ কৰিহে বেছি কথা নপতাকে থাকিলো দুদিনমান , চিনিয়ৰ সকলৰ লগত মাথোঁ প্ৰয়োজনীয় কথা খিনি পাতোঁ আৰু আমাৰ লগৰবোৰৰ লগত চকুৰেই চলাই দিলো কেইদিনমান ! সলনি হৈছিলো কিছু , সলনি হৈছিল কুকুবাও । সহজ হ’ব পৰা নাছিলো যদিও আগৰদৰেই মাত বোল কৰি থাকিলো । দেউতাই সৰুতেই কোৱাৰদৰেই আপোন ভালেই জগৎ ভাল কথাটো প্ৰমাণিত হৈছিল আকৌ এবাৰ , কুকুবায়ে মৰমেৰে পাহৰাই দিবলে চেষ্টা কৰিলে সিদিনাৰ কথাবোৰ , তাৰপিছত কোনোদিন টান কথা কোৱা মনত নপৰে ।

ডিপাৰ্টমেণ্টত কেইবাবাৰো ইণ্ট্ৰ’ পৰ্ব চলিছিল যদিও তেতিয়ালৈকে আমাক আনুষ্ঠানিকতাৰে আদৰা নাছিল , মানে ডিপাৰ্টমেণ্ট ফ্ৰেচাৰ্ছ হোৱা নাছিল । ডিপাৰ্টমেণ্টৰ ফ্ৰেচাৰ্ছ দিয়াৰ দিন ঠিক কৰাৰ লগে লগেই আমাৰ ব্যস্ততাও বাঢ়িছিল লগতে পঢ়াৰ ব্যস্ততাও সমানে বাঢ়িছিল , আমি সমবেত সংগীত , নাটক , নাচ , আবৃত্তি গোটেইবোৰতে ভাগ লৈছিলো , মুঠতে দূবৰিয়ে মইয়ে সকলোতে । চিনিয়ৰসকলেও ভাগে ভাগে নিজৰ অনুষ্ঠানবোৰৰ প্ৰেক্টিচ সমানে কৰিছিল , তেতিয়াই শুনিছিলো নৱদাৰ মন মুহিবপৰা বাঁহীবাদন , যি বাঁহীৰ সুৰে বলিয়া কৰিছিল জুস্মিতাক , প্ৰাণজিৎ দা আৰু আত্ৰেয়দাৰ দ্বৈত গীতবোৰ আৰু বহুতো …সকলোৱেই আছিল অদ্ভূত প্ৰতিভাৰ আকৰ , গীত গাব নজনা কঁকাল ঘুৰাব নজনাসকলৰ মুখত শুৱলা ভাষণ , গানবলিয়া ল’ৰাটোৰ গানবোৰে বেছিকৈ সুৰ পাইছিল , গানৰ লগতে দূবৰিৰ দুচকুত মগ্ন হৈ যাব বিচাৰিছিল , তাইৰ অভিন্ন বান্ধৱী মোক গানবলিয়া ল’ৰাটোৰ মৰমৰ দোস্তী হৈ পৰিবলেও বেছিদিন নালাগিল ।

জুনিয়ৰক মূৰত উঠোৱা চিনিয়ৰ আছিল ডিপাৰ্টমেণ্টৰ সকলো , আমাৰ লাজ সংকোচ লাহে লাহে কমি আহিল , একেলগে নলবাৰীৰ চন্দনা বাৰ ককায়েকৰ বিয়া খাবলে যাব পৰাকে চিনিয়ৰে আমাক লাই দিলে , উঃ কি দিন আছিল সেইটো.. … চন্দনা বাৰ ককায়েকৰ বিয়ালে পাপৰিবা , বিণ্টীবা , জয়ন্তদা , সুমনদা , আত্ৰেয়দা আৰু প্ৰাণজিৎ দাহঁতৰ লগত জুনিয়ৰ কেৱল মই , দূবৰি যোৱা নাছিল কিবা কথাত , বিয়া খোৱালৈকে ঠিকেই আছিল পিছে ঘুৰি আহোঁতে আমাৰ যি দুৰ্ভোগ সেইয়া কেতিয়াও পাহৰিব নোৱাৰি , ঘুৰি অহা গাড়ীখন বাইহাটা চাৰিআলিতে বেয়া হোৱাত ৰাতি দহবজালৈকে আমি ৰৈ আছিলো সেই জনশুন্য ঠাইকনত , কিন্তু নিৰাপদ আছিলো অামি ,আমাৰ সাহস হৈ আমাৰ লগত আছিল আমাৰ দাদাহঁত । পিছত যেনেতেনে জালুকবাৰীলৈকে আহি পোৱাৰ পিছত বিণ্টিবাৰ খুৰাকে ৰাতি বাৰমান বজাত লৈ আনিছিলগে আমি ছোৱালী তিনিজনীক খাৰঘুলিৰ ঘৰলে , সেই নিৰাপত্তা, সেই বিশ্বাস আৰু আস্থা জীৱন থকালৈকে পাহৰিব নোৱাৰি , সেয়েহে লগ নাপালেও আমি এতিয়াও সকলো বুকুৰ কুটুম।

সৰস্বতী পূজাৰ পিছৰেপৰা হোষ্টেলৰ খালী থকা ৰূমবোৰলে নতুন ছোৱালী আহিলে , কোনো চিনিয়ৰে নিজৰ পছন্দৰ মতে ৰূম সলাই লগৰে ৰূমমেট ল’লে , মুঠতে ৰূমবোৰ শুৱনি হ’ল , সন্ধিয়াৰ চিনাকিপৰ্বত আমাৰফালৰ গণ্টিও বাঢ়ি গ’ল , চিনিয়ৰ জুনিয়ৰ সমান হৈ গ’ল । একেদৰেই চলি থাকিল জেলেপী ডান্স , কুকুৰ ডান্স , মুচ নেহী তো কুছ নেহী এইবোৰো , আমি পুৰণি কেইজনী সঁচাই পুৰণি হ’লো , আমাৰ ভাগৰ নাচোনবোৰ নতুনকে অহাবোৰৰ ভাগত পৰিল , সকলোৱে এনজয় কৰিলে পুৰা , বহুদিন ভাগত একো নপৰিলে মনটো বেয়া লগা হ’ল । নতুনবোৰৰ ভিতৰত অহা বৰপেটাৰ ৰিতা নামৰ ছোৱালীজনী দুদিনতে আপোন হ’ল , ৰিতাৰপৰা সোনকালেই ৰিতু হ’ল । ৰিতুৱে আহিয়েই চমৎকাৰ কৰি দিলে , চিনিয়ৰকে জুনিয়ৰ বুলি ভাবি তুমি তামাকে আহিয়েই আৰম্ভ কৰি দিলেহি , ফল ভুগিলে ভালকৈয়ে বেচেৰীয়ে , পিছে তাইও আমাৰ নিচিনাই ওলাল জীৱনৰ প্ৰতিটো উশাহ উদযাপন কৰি সুখ পাই তাইও , দোস্তী জবৰদস্ত হ’ল আমাৰ ।

পিছে আমাৰ লগৰে এগৰাকীক চিনিয়ৰে কেতিয়াও মতা দেখা নাছিলো চিনাকিপৰ্বলে , বৰঞ্চ সমীহহে কৰিছোল , প্ৰাৰ্থনা কৰিয়েই নিজৰ ৰূমলে গুচি যায় , ধীৰ স্থিৰ গহীন গম্ভীৰ ছোৱালীজনীৰ বিষয়ে নাজানোও একো , সুধিম বুলিও সোধা নহয় কাকো , লগো নাপাঁও তেনেকৈ , এদিন ক্লাছৰপৰা আহোঁতে ৰবীনদাৰ মেঘালীতে লগ পালো তেঁওক, বৰ ধুনীয়াকৈ মাত লগালে , ইমান আন্তৰিকতা , ইমান মৰমলগা । চিনাকি হ’লো মই , মই চিনি নোপোৱা ছোৱালীজনীয়ে জানে মোৰ নাম , জানে আমাৰ সবৰে কথা । তেঁও আছিল ধৰ্মিষ্ঠা গগৈ , পঢ়াত আমাৰ লগৰ যদিও আমাতকে ডাঙৰ , আমাৰ চুপাৰ চিনিয়ৰসকলৰ চিনিয়ৰ আছিল , এবাৰ অসমীয়াত এম এ কৰিলে , তেতিয়া দ্বিতীয়বাৰ কৰি আছিল , পুৰণি হোষ্টেলতে থাকিছিলহি আকৌ নিজতকে বহুত জুনিয়ৰবোৰৰ লগত । বাৰ লগত কথা পাতি বৰ ভাল লাগিল , অনবৰতে মিঠা হাঁহি এটা লাগি থকা মুখখনত এক শান্ত সৌম্যভাৱ , দেখাত যেনেকুৱা কথা বতৰাতো তেনেকুৱাই বা , মেঘালীৰ পৰা হোষ্টেল আহি পোৱালৈকে সেই অকণমান সময়কণতে আপোন কৰি পেলাব পৰা ব্যক্তিত্ব । ধৰ্মিষ্ঠা বায়ে মোক কিয় জানো কৈছিল মোৰ নাম বোলে সেউজী হোৱা হ’লেহে বেছি ভাল লাগিলহেঁতেন , নুবুজিলো কিয় কৈছিল তেনেকৈ বায়ে , কিন্তু ভাল লাগিছিল কিবা এটা , হালধীয়া চুৰিদাৰ কামিজ পিন্ধি থকা বাক মইও হঠাতে নাম দিছিলো হালধীয়া ( বৰ দুখ লাগে , হালধীয়া নামটো যেন কিহবাৰ ইংগিত আছিল , হালধীয়া পাতৰ ক্ষণস্থায়ীত্বৰ দৰেই বাও গুচি গ’ল দূৰলৈ , কোনেও চুব নোৱাৰা দূৰলৈ ) , তেতিয়াৰ পৰাই জমি উঠিছিল আমাৰ বন্ধুত্ব , চিনিয়ৰৰ চিনিয়ৰ আছিল যদিও হোষ্টেলত আমাৰ দৰেই জুনিয়ৰৰ সাজতেই দেখিলো জুনিয়ৰ কালত , আপোন বান্ধৱীবোৰৰ তালিকা দীঘলীয়া হৈ গৈছিল যদিও সকলোৰে লগত মিলা মিছাৰ সুবিধা দেৰিকৈহে হৈছিল দুদিনমান ।

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই পলিৰ হোষ্টেল ঠিক হৈছিল , অমৃতাৰ হোষ্টেলতে পাইছিল তাই , RCC 3 ভাল হোষ্টেল , আমাতকৈ ডাঙৰ যদিও তাইৰ মন পিছে আমাৰ হোষ্টেলতহে বহিছিল তেতিয়া , পিছত কাৰোবাৰ লগত মিউচুৱেল কৰাই আমাৰ হোষ্টেললে শ্বিফ্ট হোৱাৰ আশাৰে তাই যাবলে সাজু হৈছিল তালে , কাৰণ এইটো কেম্পাছত তাইৰ প্ৰিয় বান্ধৱী দূবৰি , জীনাক্ষি আৰু মই আছিলো । হোষ্টেল চাবলে আকৌ যাবলগীয়া হৈছিল পলিৰ লগত , হোষ্টেলনো কি আচলতে ৰূম আৰু ৰূমমেট চাবলেহে যোৱা হৈছিল । ক্লাছৰ পিছত পলিৰ লগত সিদিনা আমি এটা নতুন বাটেৰে গৈছিলো প্ৰথমবাৰৰ বাবে , আমাৰ ডিপাৰ্টমেণ্টৰ কাষেৰে এম.বি.এ ডিপাৰ্টমেন্ট পাৰ হৈ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আগেৰে এটা সৰু বাট , সেই সৰু বাটতে এখন বৰ ধুনীয়া দলং , দলংখনৰ ইপাৰে RCC 1 আৰু RCC 2 বয়জ্ হল , হোষ্টেলৰ ল’ৰাবোৰ সেইবাটেৰেই আহে , পৰিৱেশটো অতিপাত ধুনীয়া , বৰ ভাল লাগে সেই সেউজীয়া বাটটো , বাটৰ এফালে অব্জাৰ্ভেটৰী থকা পাহাৰটো, পাহাৰৰ নামনিতে এই হোষ্টেলকেইটা । সেই বাটেৰে গ’লে নিজকে কোনো উপন্যাসৰ নায়িকা যেন লাগে , সোণাৰুবোৰে সেই বাটত নিজৰ আধিপত্য বিস্তাৰ কৰি থয় অনবৰতে । জালুকবাৰীৰ প্ৰেমিক পক্ষীবোৰৰ ভাগৰ জুৰুৱা বাট সেইকণ , সেই বাট বহুতৰে বুকুৰ বাট ।

আমাৰ ডিপাৰ্টমেণ্টৰ ঠিক পিছতে লাগি আছে কেইটামান ডাঙৰ ডাঙৰ শিল , শিলকেইটা দেখিলে সদায় মোৰ মনলে কবি শৈলধৰ ৰাজখোৱা দেৱৰ সেই বিখ্যাত ‘পাষাণ প্ৰতিমা’ নামৰ কবিতাটোলে মনত পৰে , যিটো মোৰ দেউতাই খুউব সুন্দৰকে আবৃত্তি কৰা সৰুৰে পৰা শুনি আহিছো….

” উঠাহে ফুলৰা , উঠাহে চতলা , উঠা দেৱবালা স্বৰূপ ধৰি

পূৰ্ণ হ’ল আজি শতেক বছৰ আৰু কতকাল থাকিবা পৰি

কোন সৰগৰ পাৰিজাত ফুল , কাৰনো শাপত হেৰুৱালা কুল …….”

পিছে সেই পাষাণ কেইটাই যেন কাৰোবাৰ আশীৰ্বাদতহে তাত স্থান পাইছিল যাৰবাবে যুগে যুগে জালুকবাৰীৰ বুকুত জুৰাব পাৰিছে । হয়তো শত বছৰ পাৰো কৰিছে , কেতিয়াবা একোটা হাতীৰদৰে লাগে মোৰ শিলকেইটা , নহ’লে আমাৰ ক্লাছত শ্ৰুতিধাৰা বাইদেউৱে পঢ়ুওৱা মেঘদূতৰ মেঘ চপৰাৰ দৰেই লাগে । মুঠতে সেই শিলকেইটা মাথোঁ এবাৰ দেখিলেই প্ৰেমত পৰিব পাৰি , শিলৰ প্ৰেমত । সেই বাটেৰে আগুৱাই গৈ আমি আৰ.চি.চি ১ বয়জ্ হলৰ আগেৰে পাৰ হৈ যাবলে লওঁতেই হোষ্টেলৰ ফালৰপৰা বৰ ধুনীয়াকৈ মইনা জোকালে…

“মাইনা কি খবৰ?I Love you মইনা। মোলৈ এবাৰ ঘূৰি চোৱা।মাত্ৰ এবাৰ। যদি ঘূৰি নোচোৱা মই গম পাম তুমি মোক ভাল পোৱা। তুমি ঘূৰি নাচালে চাঁদৰ পৰা জাপ দিম তোমাৰ নামে জহে। ”

ঘুৰি চোঁৱা বুলিলেই চাব পাৰিছিলোনে ঘুৰি ? মইনা ও এনেকে জোকাব পাৰেনে বাৰু ?? ঠাণ্ডাতো ডিঙি শুকাই কৰ্কৰীয়া মাৰিছিল , ভৰিকেইটাই দৌৰিছিল নে খোজ কাঢ়িছিল ধৰিব নোৱাৰিলো এজনীয়েও , পিছে আমাক এযোৰ চকুৱে নিৰীক্ষণ কৰি আছিল , গানবলিয়া ল’ৰাটোৰ চকুযুৰিয়ে , জোকোৱা নাছিল , ৰঙো চোৱা নাছিল , মাথোঁ কাৰোবাৰ কাজল কাজল চকুযুৰিত ডুব যাব বিচাৰিছিল ।

যেনেতেনে অাৰ চি চি ২ ৰ আগ পাই স্বস্তিৰ উশাহ ল’বলে নেপালোৱেই , সেইফালৰপৰাও সেই একেধৰণেই মইনা জোকালে , কাৰনো চকু মোৰ জপৰা চুলিকেইডালত পৰিল জানো , পাৰ হৈ যাব খোজা মইনাক দিলেই নহয় পিছফালৰ পৰা চিঞৰি

” অ’ মইনা ……তুমি মইনা …..মইনা তোমাৰচোন ফানকোচাও চুটি ……এইবাৰ সঁচাকৈয়ে দৌৰিব খুজিছিল ভৰিয়ে , পিছে দৌৰিবও নোৱাৰিলো , আৰু বা কি বুলি চিঞৰে পিছৰপৰা ? ঘোঁৰাৰ ফানকোছা কিয়নো দৌৰাইছা বুলিয়েই কয় বা !!!

ক্ৰমশঃ

বৰ্তমান মনোবিজ্ঞান বিভাগৰ আগেৰে যোৱা বাটটো

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৬

ছেশ্যনেল পৰীক্ষাৰ বাবে আমি কেইদিনমান কেৱল পঢ়াৰ লগতে ব্যস্ত থাকিলো , ইফালে পৰীক্ষা শেষ হোৱাৰ এদিনৰ পিছতেই সৰস্বতী পূজা , গতিকে পূজা বুলিহে মন উগুল থুগুল , হিয়া উখল মাখল , পৰীক্ষা গৌণ । য়ুনিভাৰ্ছিটিৰ প্ৰথম সৰস্বতী পূজা , য়ুনিভাৰ্ছিটিৰ সৰস্বতী পূজাৰ মজাই বেলেগ , তাতে হোষ্টেলৰ পূজা আৰু মজ্জা । ডিপাৰ্টমেণ্টৰ পূজাত আমাক জুনিয়ৰবোৰক কেৱল ডেকোৰেশ্যনৰ দায়িত্বহে দিলে , ডিপাৰ্টমেণ্টত ডেকোৰেশ্যনটোৱেই মেইন , বাকীখিনি দায়িত্ব চিনিয়ৰ বেটচ্ বোৰেই কৰে , কাৰণ আনুষ্ঠানিক শিক্ষা জীৱনৰ সেইটোৱেই শেষ পূজা সকলোৰে বাবে । ডিপাৰ্টমেণ্ট আৰু হোষ্টেল উভয়তে পিছে হোষ্টেলীয়া সকলৰ তাম্মাম আধিপত্য , যেন হোষ্টেলৰ আবাসীসকলকহে আগভাগ ল’বৰ বাবে য়ুনিভাৰ্ছিটিত দায়িত্ব দি থোৱা থাকে , তাৰে ভিতৰত আকৌ চিনিয়ৰসকলৰ ব্যস্ততা আৰু দায়িত্ব বহুত বেছি । বজাৰ সমাৰ কৰা , দেৱী মূৰ্তি অনা , কাৰিকৰ ঠিক কৰা , পূজাৰী ঠিক কৰা ….কিমান যে কাম! কিমান যে ব্যস্ততা….

এই গোটেইবোৰ ব্যস্ততাৰ লগতে আৰু এক হোষ্টেলীয়া ছোৱালীবোৰৰ ( ল’ৰাবোৰৰো ) এক অভিন্ন ব্যস্ততা আছিল , সেইটো হ’ল নিজকে সজোৱাৰ ব্যস্ততা , নিজক আনতকে দেখনিয়াৰকে সজোৱাৰ ব্যস্ততা , সৰস্বতী পূজাৰ দিনা জালুকবাৰীক বলিয়া কৰাৰ ব্যস্ততা , এই ব্যস্ততা কি চিনিয়ৰ কি জুনিয়ৰ সকলোৰে আছিল , জুনিয়ৰবোৰক সেইদিনা অলপ শিথিলতা দিয়া হৈছিল মানুহ মতাৰ ক্ষেত্ৰত , ষ্টাইল কৰাৰ ক্ষেত্ৰত , পিছে এক আৱেষ্টনীৰ ভিতৰত । সৰস্বতী পূজা বুলিলে কৃষ্ণচূড়াবাসী উতনুৱা হয় , চিৰযৌৱনা জালুকবাৰী সাজোন কাচোনেৰে আৰু আকৰ্ষণীয় হয় , জালুকবাৰীৰ প্ৰেমিক পক্ষীবোৰ চঞ্চল হয় , লাজুক লাজুক পহুবোৰৰ মন উদ্বাউল হয় , দেৱী বন্দনাৰ লগতে সকলো অপেক্ষাৰত হয় কৃষ্ণচূড়াদেশৰ নাগৰিকৰ হেঁপাহ , ভালপোৱাবোৰৰ সাক্ষী হৈ ৰ’বৰ বাবে .. মুঠতে জালুকবাৰীখন সেইদিনা অনন্য সুন্দৰ হৈ পৰে । য়ুনিভাৰ্ছিটিৰ সৰস্বতী পূজা , ভাৰছিটি ৱিক আৰু ইলেকচনেই প্ৰধান আকৰ্ষণ , তাতে সৰস্বতী পূজাৰ মজা আৰু আকৰ্ষণ আকৌ অলপ পৃথক ।

হোষ্টেলত মণিবাহঁতে আগন্তুক সৰস্বতী পূজাৰ বাবে মিটিং আয়োজন কৰিছিল , আমিও আছিলো , পূজাৰ গোটেই কামবোৰ বুজাই দিছিল লগতে যাক যি দায়িত্ব দিয়া হৈছিল সেইবোৰো ভালদৰে পালন কৰিবলে কৈছিল , বেলেগ হোষ্টেলৰপৰা অহা কোনেও যাতে কোনো কথাতে বেয়া পাই নাযায় তাৰবাবেও সতৰ্ক কৰি দিলে মিনি বা , কুকুবা , গীতাবাহঁতে । পূজাৰ মণ্ডপ , ডাইনিং হল আৰু গেইট সজোৱাৰ দায়িত্ব আমাৰ জুনিয়ৰবোৰক দিছিল আৰু বাকী আলহী মাতবোল কৰি ভিতৰলে খুৱাবলে নিয়াৰ দায়িত্ব চিনিয়ৰসকলে নিজেই লৈছিল যাতে আমাৰ ভুল নহয় , খুউৱাৰ দায়িত্বত আমাক পাল পাতি দিছিল , চিনিয়ৰে খুউৱাত নালাগে , কপোৰৰ কথা আছিল যে , আমি পুৰা মণিটৰত থাকিম চিনিয়ৰৰ সেই কথাও জনাই দিছিল , গতিকে চিধা চিধা থকাই ভাল বুলি ফুটাই নক’লেও বুজাই দিলে । জুনিয়ৰবোৰকো চিনিয়ৰে ভাগে ভাগে নিজৰ লগত ল’ৰা হোষ্টেললে লৈ যাব বুলি কোৱাত আমিও পেটে পেটে বেয়া নাপালো , বেয়ানো পাব কোনে ! ভালপোৱাৰে কথাচোন । কৃষ্ণচূড়া নগৰীৰ নাগৰিেক এনে প্ৰস্তাৱ বেয়া পাব পাৰেনে কেতিয়াবা !

পূজাৰ আগৰাতি হোষ্টেল সজাই পৰাই আজৰি কৰিহে আমি শুবলে যাব পাৰিছিলো , আবেলিৰ পৰাই আমাৰ ভীষণ ব্যস্ততা , তাতে পূজাৰ ডেকোৰেশ্যনৰ প্ৰতিযোগিতা থাকেই , সকলোৱে যেনেকৈ নিজকে ধুনীয়াকৈ সজাই পৰাই লৈ বাৰে বাৰে আইনাত চাই খুটি নাতিবোৰ মাৰি লয় , তেনেকৈয়ে আমিও মালা এডাল লগালেও বাৰে বাৰে চাঁও , বিভিন্ন এংগোলত লগাই চাঁও , আঁৰ চকুৰে AT 10 ৰ ফালেও চাই পঠিয়াঁও , তাহাঁতেও চাই । কিন্তু কোনেও কাকো গুৰুত্ব নিদিয়ে , নোসোধেও একো , নকয়ো একো হোষ্টেলৰ ভিতৰুৱা কথা , আঁচনিবোৰৰ কথা । দূবৰিয়ে মইয়ে দেখা দেখি হ’লো যদিও হোষ্টেলৰ সৰস্বতী পূজা সম্পৰ্কে একো কথা বতৰা নহ’লো , ইফালে ডিপাৰ্টমেণ্টৰ কাম একেলগে কৰি দুপৰীয়া হোষ্টেললে অহালৈকে একেলগেই আছিলো , সেই একেই কাপ প্লেট হৈয়ে আছিলো , পিছে হোষ্টেলৰ ক্ষেত্ৰত কথা বেলেগ হৈ যায় ,এনেবোৰ সময়ত বেষ্ট ফ্ৰেইণ্ডৰ হোষ্টেল তোষ্টেল চাবলে নাই , বেষ্ট ফ্ৰেইণ্ডো বেষ্ট হৈ নাথাকে , এই সময়ত সকলো হৈ পৰে প্ৰতিযোগী , ইজন আনজনৰ প্ৰতিদ্বন্দ্বী । প্ৰতিযোগিতাৰ দৌৰত বুকুৰ বান্ধৱীক নমতাকেও পাৰ হৈ যাব পৰা সময় , মুঠতে ভীষণ প্ৰতিযোগিতা , ভীষণ প্ৰতিদ্বন্দ্বিতা । হোষ্টেল ছেণ্টি মনৰ গভীৰৰ পৰা গভীতৰ হোৱাৰ প্ৰস্তুতি চলে , মইবোৰ আমি হোৱাৰ ক্ষণবোৰে পূৰ্ণতা পাই উঠে । মুঠতে সকলোৰে মুখত এটাই কথা ..

” East or west / RCC 4 is the best ”

হ’বই লাগিব বেষ্ট , নহৈ কেনেকে পাৰে ? আমাৰ হোষ্টেল ( সকলোৰে নিজৰ নিজৰ হোষ্টেলৰ বাবে একেই ছেণ্টি ) !!

কামবোৰ কৰি থাকোঁতে আৰু এটা কথাত ভাল লাগি আছিল , সবেই খোলাকে চিনিয়ৰৰ কথা ( বদনাম ) পাতিব পাৰিছিলো , চিনিয়ৰ কোনো নাছিল লগত , সকলো ব্যস্ত আছিল পিছদিনাৰ সাজ পোছাক , হেয়াৰ ষ্টাইলৰ ট্ৰায়েলত , চিনিয়ৰৰ মিমিকৰি কৰি কৰি অামি খুউব ফুৰ্তি পাইছিলো । কোনোবা চিনিয়ৰ অহা দেখিলেই পিছে সেই একেই জুনিয়ৰৰ খোলাটোত কুৰুকি কুৰুকি সোমাই যাঁও । সন্ধ্যালে দেৱী প্ৰতিমা আহি পাইছিল , মাৰ্কেটৰপৰা আদৰি আনিবলে গৈছিলো কেইগৰাকীমান বাৰ লগত , AT 9 ৰ সুন্দৰ ডেকোৰেশ্যন দেখি অলপ হিংসাও লাগিছিল , সেইদিনা ল’ৰাহঁতৰ কাকো চাবলে সময় নাছিল , মইনাহঁতক জোকোৱাৰ সলনি পিছদিনাৰ পূজালে মাতিছিল অতি বিনয়েৰে , মোৰ বাবে আছিল AT 9 বাসীৰ সেইটো আন এটা ৰূপ , আচৰিত ল’ৰা আছিল তেঁওলোক ।

সকলোবোৰ পিছে সুকলমে হৈ যোৱা নাছিল সেইদিনা , মোৰ অপৰাধ হৈছিল , অপৰাধ কৰিছিলো চিনিয়ৰৰ লগত বেছিকে হলি গলি কৰি , পুৰণি চিনাকি বা বোৰৰ লগত আগৰদৰেই মুকলিকে কথা পাতি , তাতোকৈও ডাঙৰ অপৰাধ হৈছিল সিদিনা হঠাতে ডাইনিং হলৰ ডেকোৰেশ্যন চাবলে অহা গায়ত্ৰীবাক হাতত ধৰি টানি নি দেখুৱাবলে নিছিলো , ৰিমকি বাক দেখুৱাবলে নিওতে ফুৰ্তিতে কান্ধতে মূৰ পেলাই দিছিলো , অলপ মুকলি পাই বেছিকৈয়ে কথা পাতিছিলো ….ভীষণ অপৰাধ আছিল মোৰ এইবোৰ , চিনিয়ৰক অসন্মান কৰা অপৰাধ আছিল , কোনোবা দুযোৰমান জুনিয়ৰ সন্ধানী চকুৱে মোক লক্ষ্য কৰি আছিল আৰু চিনিয়ৰৰ ওচৰত ৰিপোৰ্ট কৰিছিল , চিনিয়ৰ কোনোবায়েও কথাবোৰ লক্ষ্য কৰিছিল । আৰু পূজাৰ আগৰাতিৰ ব্যস্ততাৰ মাজত ব্লক ইন্চাৰ্জ কুকুবাক মোৰ গোটেই অপৰাধবোৰৰ এন্ট্ৰি দিছিল , কমপ্লেইন কৰিছিল । মোৰ কাণ্ড কাৰখানাত ৰুষ্ট হৈছিল , লাজ পাইছিল কুকুবায়ে , গতিকেই ৰাতি ভাত খোৱাৰ আগে আগে সেই একেদৰেই চিঞৰি মাতিছিল

” 4th block girls ….. juniors seniors ওলাই আহা সব ”

একো গম পোৱা নাছিলো মোৰ অজানিতে হোৱা অপৰাধবোৰৰ কথা , ডিম্পীবাক আগতীয়াকৈ কুকুবায়ে কৈছিল , ডিম্পীবাও গোমা হৈ আছিল সিদিনা , ৰূমমেট চম্ভালিব নোৱাৰি বাও দুখী হৈছিল ছাগে । খুউব গালি খাইছিলো সিদিনা , খুউব কান্দিছিলো , কেৱল মইয়ে নহয় আমাৰ ব্লকৰ সকলোৱে দুখ পাইছিল সেইদিনা , সৰস্বতী পূজাৰ আগৰাতি এটা অবাঞ্ছিত পৰিস্থিতি কোনেও কামনা কৰা নাছিল , সকলোৱে আশ্বাস দিছিল ,লভিতা জীনাক্ষিহঁত মোৰ লগে লগেই থাকিল , মৰমৰ হাতকেইখনৰ পৰশত পুনৰ জীপ পাই উঠিছিলো , পাহৰিব খুজিলেও পাহৰিব নোৱাৰা কথাখিনি বুকুত ৰাখিয়েই ব্যস্ত হৈ পৰিছিলো পুনৰ পূজাৰ কামত । পিছে আচৰিতো হ’লো কুকুবায়ে যিটো কথাত মোক হোষ্টেলৰ সকলোৰে আগত গালি পাৰিব পাৰিলেহেঁতেন , তাকে নকৰি কিয় কেৱল ব্লকত গালি পাৰিলে ?? এইয়াই ছাগে আছিল ব্লক ছেণ্টি , অনুশাসন অথৱা চিনিয়ৰৰ খোলাত থাকি জুনিয়ৰৰ প্ৰতি পুহি ৰখা মৰম । কাকো ক’ব নোৱাৰিলো মনৰ মাজত কি হৈ আছিল ? মনৰ ধুমুহাত বিধ্বস্ত হৈ পৰা মোক চম্ভালিবলে কেৱল মইয়েই আছিলো , মোৰ সত্তা আছিল । তথাপিও চিঞৰি কান্দিবলে অতিপাত মন গৈছিল , হোষ্টেলৰপৰা গুছি যাবলে মন গৈছিল , কিয় জানো এটাও কৰিব পৰা নাছিলো পিছলেও ।

পিছদিনাৰ পুৱা দেৱীৰ আৰতিৰে মুখৰিত হৈছিল গোটেই কেম্পাছটো , একেজন পূজাৰী কেইবাভাগো পূজালে যাবলগীয়া হয় বাবে পূজাৰীয়ে দিয়া সময়মতেহে পূজা পাতিব পৰা হৈছিল , বেয়া পোৱা নাছিল কোনেও বাৰু , তেতিয়া আজৰি হৈ যাব পূজাৰপৰা , লগতে নিজৰ নিজৰ ডিপাৰ্টমেণ্টবোৰলেও আৰামত যাব পাৰিব আৰু আহি হোষ্টেলৰ পূজাত লাগিব পাৰিব আনফালে বাকী হোষ্টেলবোৰলে যোৱাৰ কথা থাকেই । সকলো ব্যস্ত হৈ পৰিছিল , আগতীয়া বন্দোবস্ত মতে কেইবাগৰাকীৰো খোপা বান্ধিছিলো যদিও নিজৰ কোনো উছাহ নাছিল , তথাপিও সোমাই থাকিবতো নোৱাৰি , যাবই লাগিব !!!

সকলোৰে বিপৰীতে তেনেই সাধাৰণ সাজ এযোৰে সজাই লৈছিলো নিজকে , সজাব লগীয়াৰ নামত মেখেলা চাদৰযোৰ পৰিপাটিকে পিন্ধি লৈ ওঁঠত পাতলীয়াকে লিপষ্টিক অকণ লগালেই হৈছিল , চুলিৰ ষ্টাইল একেটাই ..সাঁই বাবা , আইনষ্টাইন অথৱা জাপৰিৰ বেলেগ ষ্টাইল মাৰিব পৰাকে চুলিৰ সজ নাছিলেই , কাজল অকণ লগাব পাৰি যদিও মনটো বেয়া বাবে তাকো নলগোৱাকে তললে নামি গ’লো । পিছে ৰঙা দীঘল হাতৰ ব্লাউজ আৰু বগা পাটৰ মেখেলাৰ লগত ৰঙা আঁচু দিয়া কেঁচা পাটৰ চাদৰ খনে বেয়া লগাও নাছিল ছাগে , হোষ্টেলীয়া প্ৰতিদ্বন্দ্বী হ’লেও বুকুৰ বান্ধৱী দূবৰিয়ে মইয়ে একেই পিন্ধিছিলো সিদিনা , সঁচাকৈয়ে কাপ প্লেট হৈ ওলাই গৈছিলো হোষ্টেলৰ পূজাত সেৱা কৰি ডিপাৰ্টমেণ্টৰ পূজালে বুলি । ওলাই যোৱাৰ পিছত পাহৰি গৈছিলো , আগৰাতিৰ কথাবোৰ । ওলাই যাঁওতেই কুকুবায়ে মোক ধুনীয়া লাগিছে বুলি কোৱাত আচৰিত নহৈও নোৱাৰিছিলো , আচৰিত চিনিয়ৰ , আচৰিত চিনিয়ৰগিৰি । ( কুকুবা অত্যন্ত কোমল মনৰ গৰাকীনি আছিল , পিছত মৰমৰ জুনিয়ৰ হ’ব পাৰিছিলো একো নোকোৱাকৈয়ে )

ডিপাৰ্টমেণ্টত কি খালো মনতেই নৰ’ল সিদিনা , সোনকালে হোষ্টেললে অহাৰ চিন্তাই সকলো খেলি মেলি লগাই দিলে । হোষ্টেল আহি পোৱাৰ লগে লগেই আমাক খুৱাই ল’লে , খিচিৰিৰ ৰং দেখিয়েই সোৱাদ বুজি পোৱা বিধৰ আছিল , গোন্ধতে জিভাৰ পানী মুখলে আহিছিল , লগত লাব্ৰা ভাজি এখন , কাষতে বিলাহীৰ টক অকণ , সেইখিনি দি হয় মানে খৰাহি ভৰাই লুচি লৈ আহে কোনোবাই , লুচিৰ লগত বুট দাইল , ফুলা ফুলা গৰম লুচিকেইখনৰ লগত বুটৰ দাইলখনৰ সোৱাদেই বেলেগ ,আৰু শেষত লোভনীয় পায়স এবাটি । পেট ভৰিল পিছে মন নভৰিল , এতিয়াও জিভাত লাগি আছে সেই সোৱাদ , তাৰপিছত কত বছৰ সৰস্বতীপূজাত খাইছো , পিছে সেই সোৱাদৰ ভাগ নহ’ল আজি পৰ্যন্ত ।

হোষ্টেলতো সেই একেই সাজেৰেই থাকিলো , সলাবলে সময়েনো ক’ত ? খাই বৈ আজৰি হৈয়েই লাগি গ’লো পুৰা অতিথি শুশ্ৰুষাত , দখনা , আৰনাই আৰু গামোছাৰে পখিলা বনাই সজোৱা ডাইনিং হললে সোমায়েই সকলোৱে প্ৰশংসা কৰিলে , জুনিয়ৰবোৰক লৈ চিনিয়ৰক অহংকাৰী হ’ল অলপ , জুনিয়ৰক ধুনীয়কে মিঠা হাঁহিৰে ধন্যবাদ দিলে চিনিয়ৰসকলে । গধুলিলে ভিৰ বাঢ়ি গ’ল , ছোৱালী হোষ্টেলবোৰৰ তুলনাত বয়জ্ হোষ্টেলৰ অতিথি বেছি হয়েই সৰস্বতী পূজাত , কিয়নো এৰিব ল’ৰাহঁতে ছোৱালী হোষ্টেললে অহাৰ সুযোগ তাতে একেকোবে পাকঘৰ , কম কথানে ল’ৰাহঁতৰ । খাবলে দিয়াৰ বাহিৰে কাৰো লগতে কথা পতাৰ অৱকাশ নাছিল , মনো নাছিল সিদিনা , পিছে চিনিয়ৰে লগত লৈ অহা পহুবোৰক মাত নিদিলেও নহৈছিল , চিনাকি কল্প , টিকু , ৰুবুল , হিৰণ্য হঁতৰ লগত অহা বাকী পহুবোৰৰ লগত চিনাকি হৈছিলো , চিনাকি কৰিছিলে আচলতে । তাৰে ভিতৰত বিবেক , দীপ , দেৱাশীষ , চফিউলহঁতৰ লগত এতিয়াও বন্ধুত্ব তেনেকৈয়ে থাকিল । বাকী AT 9 বাসীৰ কথা নকঁওৱেই । পিছে মোৰ যোৱা নহ’ল ক’লেও , লগ ধৰিছিলে , পিছে মনে যে অনুমতি নিদিলে হাঁহিৰ মুখাখন ওলোমাই ঘুৰি ফুৰিবলে ।

সেই বিখ্যাত জপৰাচুলিৰ গৰাকী সৰস্বতী পূজাত । প্ৰথমখন ডিপাৰ্টমেণ্টৰ পূজাত দূবৰি আৰু ছাঁয়াৰ লগত , পিছৰ এখন পূজাৰ আগৰাতি জুলি ৰ লগত আৰু হোষ্টেলত ডিম্পীবাৰ লগত

পিছে অতিথি থাকোঁতেই আহিছিল মহা সংকট , সেই মহা সংকট পিছে এতিয়াও গোপন হৈয়ে থাকিল আমাৰ কেইগৰাকীমানৰ মাজতে , মণিবাৰ কাঢ়া আদেশ কোনেও যাতে গম নাপায় সেই বিষয়ে , কিছুমান কথা মনৰ মনত থকাই ভাল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৫

জালুকবাৰী বিলাস এক সাংঘাতিক বিলাস , ইয়াত অৱগাহন কৰাসকলে এই বিলাস এৰিব নোৱাৰে কোনোদিন কোনোকাল । কোন আছে এনে যি জালুকবাৰীলে গৈয়ো জালুকবাৰীৰ প্ৰেমত পৰা নাই , অথৱা য়ুনিভাৰ্ছিটিৰ ফালে এপাক মৰা নাই , কৃষ্ণচূড়াৰ তলে তলে এপাক ফুৰা নাই , জালুকবাৰীৰ প্ৰেমত পৰিবলে য়ুনিভাৰ্ছিটিত পঢ়িবই নালাগে , জালুকবাৰীলে গ’লেই হৈ যায় দুৰ্বাৰ প্ৰেম , মনত জাগি উঠে জালুকবাৰী বিলাস । পিছে এই বিলাসত হাবুডুবু খাই জীৱনটো নষ্ট নকৰে কোনেও , সকলোৱে সজাই পৰাই ল’ব জানে নিজকে সুন্দৰকে সুপ্ৰতিষ্ঠিতকে ।

বিহুৰ পিঠা পনা ঘৰলে যোৱা সকলোৱে আনিছিল , সকলোৱে ভগাই খাইছিলহি , হোষ্টেলত বৰ বেলেগধৰণৰ ব্লক ছেণ্টি এটা থাকে , গতিকে ঘৰৰপৰা অনা বস্তু পৰাপক্ষত ব্লকৰ সকলোৱে ভগাই খায় । ব্লকবোৰৰ আৰু এটা পৰম্পৰা আছিল , চিনিয়ৰ সকলে জুনিয়ৰবোৰৰ বেলেগকে ইণ্ট্ৰ’ লোৱা , বিহুৰ পিছতে আমাৰ ব্লকৰ গোটেইবোৰ ৰূমলেকে নতুন ছোৱালী আহিছিল , গতিকে লাডু পিঠা চাহৰ লগতে ঠিক কৰা হ’ল ব্লক ইণ্ট্ৰ’ৰো কাৰণ ছেশ্যনেল পৰীক্ষাবোৰ ২১ জানুৱাৰীৰপৰাই আছিল বাবে সন্ধ্যা প্ৰাৰ্থনাৰ পিছত এটেন্দেন্স লৈয়ে ৰূমলে যাবলে দিছিল , কিযে ভাল লাগিছিল সেইকেইদিন আমাৰ !! গতিকেই জুনিয়ৰ নথকা মুনমী বাৰ ৰূমতে ঠিক কৰিলে আমাৰ ব্লক ইণ্ট্ৰ’ৰ সিদিনাৰ উদ্বোধনী ।

কুকুবাৰ বাদে বাকী সকলো তেতিয়ালে আমাৰ লগত সহজ হৈছিলেই , জুনিয়ৰবোৰক মূৰত উঠালেই , কুকুবা থাকিলেহে সকলোৱে চিনিয়ৰৰ মুখাখন পিন্ধি লয় আৰু আমিও সোমাই পৰোঁ জুনিয়ৰৰ খোলাটোত , আমি আমাৰ সাধ্যানুসাৰে আমাৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিলো যিয়ে যেনেকে কৰিবলে কৈছিল , এইবোৰ আছিল সুকীয়া , তাত কোনো জেলেপী ডান্স , কুকুৰ ডান্স অথৱা আনবোৰ নাছিল ডাইনিং হলত হোৱা । জীনাবায়ে বুজাই দিছিল যে হ’বলগীয়া ফ্ৰেচাৰ্চত যাতে সকলোৱে ভাল কিবা কৰি দেখুৱাব পাৰে তাৰ বাবেহে ব্লক ইণ্ট্ৰ’ লোৱা হয় , শুনি ভাল লাগি গ’ল হোষ্টেলত পাতিবলগীয়া প্ৰতিযোগিতাবোৰৰ কথা । কিমান যে ভাল লগা প্ৰতিযোগিতাবোৰ পাতিব ব্লক অনুযায়ী … আটাইতকৈ ভাল লাগিছিল নীলা খামৰ চিঠি আৰু ৰোমাণ্টিক কাপল্ ৰ প্ৰতিযোগিতাৰ কথা শুনি , মই এনেও চিঠি লিখাত ওস্তাদেই আছিলো আৰু ৰোমাণ্টিক কাপল্ টো কৰিও যে মজ্জা লাগিব গম পাইছিলো , গতিকেই এই গোটেইবোৰৰ বাবে প্ৰতিভাৰ সন্ধানতহে যে ব্লকৰ এই পৰম্পৰা সেইটো বুজি পালো , ব্লকবোৰৰ মাজত যে এক অঘোষিত প্ৰতিযোগিতা । আমাৰ ব্লকত তেতিয়া জীনাক্ষি , মিতালি , লভিতা , ডলী , মই , গীতিমা আৰু বিজুলী আমিকেইজনী জুনিয়ৰ , ইফালে বাকীবোৰ ব্লকলে অহা হিমাদ্ৰী , ৰূণা , ৰেশ্মা , জুন , তুলিকা , ৰুমা , গীতাঞ্জলি , সংগীতা , স্বৰ্ণালী ইহঁতবোৰো আহিছিল ।

জুনিয়ৰবোৰ লাহে লাহে চিনাকি হৈছিলোহঁত , জুনিয়ৰৰ আপোনত্বৰে প্ৰথমে বান্ধ খাই লাহে লাহে মনৰ পছন্দৰ বান্ধৱীবোৰ হৈছিলোহঁত , যি নহ’লেও জুনিয়ৰ খাটি বেয়া লগা নাছিল , নিয়ম শিকাৰ লগে লগে শিকি গৈছিলো অনুশাসন , শৃংখলাবদ্ধতা আৰু আটাইতকৈ ডাঙৰ কথা জ্যেষ্ঠজনৰ প্ৰতি সন্মান , এই কথাবোৰে প্ৰত্যেকৰে ভৱিষ্যত জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে নিশ্চয় । তথাপিও সেইকেইদিনত জুনিয়ৰ বোৰে অলপ সুবিধা পালেই কথা পতাৰ লগতে কাঢ়া চিনিয়ৰৰ বদনাম ৰটিবলেও পাহৰা নাছিল , সকলোৱে অপেক্ষা কৰিছিল মাথোঁ ফ্ৰেচাৰ্ছলে , ফ্ৰেচাৰ্ছ হ’লেই সব শেষ , জুনিয়ৰৰ খোলাৰ পৰা ওলাই আহি মুকলি বতাহ অকণ ল’ব , মনৰ পছন্দৰ বাকচ শুৱনি হৈ থকা কাপোৰ কেইসাজ পিন্ধিব , মনৰ আপোনজনৰ লগত কৃষ্ণচূড়াৰ তলত হাতে হাত ধৰি ভৱিষ্যতৰ ৰঙীন সপোনবোৰৰ কথা পাতিব আৰু কত যে কি দুচকুৰ জলমল সপোনবোৰ পুৰাব….চিনিয়ৰ নেদেখিলেই সকলোৰে এটাই কথা … কেতিয়ালেনো দিব ফ্ৰেচাৰ্ছ  ? ফ্ৰেচাৰ্ছ নোহোৱালৈকে যে আমাৰ সাৰণ নাই …. পিছে চিনিয়ৰবোৰো কম আছিলজানো ? ফ’ৰ্থ চেমৰ আধা নোযোৱালৈকে কোনো হোষ্টেলতে ফ্ৰেচাৰ্ছ দিয়াৰ নিয়ম নাই , নহ’লেযে জুনিয়ৰে নমনা হয়… হাইৰে কি লজিক আছিল !!

জুনিয়ৰ হৰিণ পহুবোৰ লাহে লাহে ডিপাৰ্টমেণ্টৰ সকলোৰে লগত খাপ খাব পৰা হৈছিল , ডিপাৰ্টমেণ্টৰ যিকোনো কামতে চিনিয়ৰক হাত বটাব পৰা হৈছিল , আহি থকা ছেশ্যনেলৰ পিছতেই সৰস্বতী পূজাৰ বাবে চিনিয়ৰ জুনিয়ৰ সকলোৰে মিটিং হৈছিল যদিও চিনিয়ৰ সকলে যেনেধৰণে কৈছিল তেনেকৈয়ে পাতিবলে ঠিক হৈছিল , আমাকো দায়িত্ব দিছিল । হোষ্টেল আৰু ডিপাৰ্টমেণ্ট উভয়তে আমাৰ নাম ডেকোৰেশ্যনতে দিছিল , বেয়া পোৱা নাছিলো । চেশ্যনেল পৰীক্ষাৰ ঠিক পিছতেই পূজা পৰিছিল বাবে জুনিয়ৰবোৰক চিনিয়ৰে বিশেষ দায়িত্ব দিয়া নাছিল কাৰণ আমাৰ সেইটো প্ৰথম পৰীক্ষা আছিল য়ুনিভাৰ্ছিটিৰ , পঢ়াৰ ক্ষেত্ৰত চিনিয়ৰৰ পৰা কেতিয়াও অসুবিধা পোৱা নাছিলো , না হোষ্টেলত না ডিপাৰ্টমেণ্টত ।

ছেশ্যনেলৰ আগদিনা ক্লাছ নাছিল , ৰূমত থাকিলে সঘনাই ভোক লাগি থকা বেমাৰটো সকলো হোষ্টেলবাসীৰে থাকেই , ইফালে ৰূমতো একো নাছিল খাব পৰাকে , ৰাতিপুৱাৰ ভাতৰ পিছত একেবাৰে তিনিটা বজাতহে পিছবেলাৰ ভাত , আমাৰ ব্লকত জীনাক্ষি আৰু মোৰ বাহিৰে কোনো নাছিল , লভিতাহঁতৰ প্ৰেক্টিক্যেল ৰ ক্লাছ দেৰিলৈকে হৈছিল , আমাৰ দুয়োজনীৰে বৰ ভোক লাগিল , কিবা এটা খাবলৈ হ’লে মাৰ্কেট যোৱাৰ বাদে গতি নাই , পঢ়িও হৈছিলেই প্ৰায় , গতিকেই জীনাক্ষিয়ে মইয়ে ওলালো কিবা খাবলে বুলি , দূবৰিকো লগ ধৰিলোগে যদিও তাইৰ ৰূমমেট সবিতা বায়ে কিবা ৰান্ধি আছিল বাবে নগ’ল । দুইজনী ওলালো পুৰা জুনিয়ৰ বেশেৰে , বাটে পথে অকণো যাতে খুটি নাতি নৰয় তাৰ বাবে সচেতন বিশেষজ্ঞ জীনাক্ষি লগত আছিল বাবে বিশেষ চিন্তা নকৰিলো , মঘীয়া দুপৰ , বাহিৰত চুৱেটাৰ নিপিন্ধিলেও হোৱা কোমল ৰ’দ , চেলোৱাৰ এযোৰ পিন্ধি পাতল শ্বল এখন লৈ যাবলে ওলাঁওতেই আমাৰ জীনাক্ষিক দেখোঁ শ্বলৰ তলত দোপাত্তাও লৈ লৈছে , যুক্তি আছিল চিনিয়ৰে অন্ততঃ দোপাত্তা নল’লি বুলি গালি নাপাৰে । ওলাই গ’লো , AT 9 ৰ আগত পাঁওতেই অলপ মনটো খোকোজা লাগে , মনটোৱে ভূপেনক দেখেনেকি চাই এবাৰ , পিছে চেহেৰাই নাথাকিল চকুত … মনেৰে বিচাৰিলে লাভ কি ?

সেই দুপৰীয়াখনো গেইটত ল’ৰা দুটামান বহি আছিল , জীনাক্ষিয়ে মনে মনে তললে চাই যাবলে ক’লে আৰু ক’লে যে বিৰাট নাৰ্ভাছ কৰাব পাৰে নাচাবি, নাচালো বাৰু , সেইখিনিলৈকে একো নোজোকালে , পিছে পাৰ হৈ যোৱাৰ লগে লগেই ইমান জোৰকে হাঁহিলে দুয়োজনীয়ে থত্মত্ খালোঁ , বুজিবলে দেৰি নালাগিল সেইটোও যে জোকোৱাৰ প্ৰকাৰেই আছিল । জীনাক্ষিয়ে কৈ গ’ল অলপ বগাকে ক্ষীণজন কবিন দা আৰু চশমা পিন্ধা অলপ মোটাবৰণৰ জন টি কে দাদা , দুয়োজনেই মস্ত টিমক , দুয়োজনেই একদম জোৰ কা ঝটকা ধীৰে চে দিয়াত ওস্তাদ বোলে । AT 9 ৰ ল’ৰা কোনজননো কিহত ওস্তাদ নহয় , তাকে ভাবিলো । তাইক আমাৰ লগৰ পহুবোৰৰ কথা ক’লো , লগতে সিহঁতৰ গণপিতন , গণমূতন এইবোৰৰ কথা , অলপো আচৰিত নোহোৱাকে তাই মোক ক’লে যে এইটো হোষ্টেলতো একেই , পহুবোৰে হেনো হোষ্টেলৰ সন্মুখতে সেই গণকৰ্মফেৰা সম্পন্ন কৰিব লাগে ( ক্ষমা প্ৰাৰ্থনাৰে ), দুয়োজনীয়ে খুউব হাঁহিলো , ইমানেই হাঁহিলো যে ৰবীনদাৰ মেঘালীত সোমোৱাৰ সাহস কৰিব নোৱাৰিলো , ইফালে এনেইও ঘুৰি আহিব নোৱাৰোঁ , পেটৰ কেঁচুকুমটিকেইটাই নহ’লে ঘূমতি মাৰিবলে নিদিব । খামেই মুঠতে ।

কিয়জানো মাৰ্কেট পালেই মনটো আৰু চঞ্চল হৈ যায় , বাছত উঠিবলে মন নাযায় , জালুকবাৰীখন ঘুৰি ঘুৰি নিজৰ কৰি ল’বলে মন যায় । মাৰ্কেটত নোৰোৱাকৈয়ে দুয়োজনীয়ে ঠিক কৰিলো জালুকবাৰীৰ থানাৰ একেবাৰে ওচৰতে থকা চুইটি নামৰ ৰেষ্টোঁৰা খনতে খামগে বুলি , হোষ্টেলৰ পোনে পোনে আমি ফুটপাথেৰেই আগুৱালো , ইমান ধুনীয়া লাগে মেটেকাৰে ভৰা পথাৰখনৰ সিপাৰৰ আমাৰ হোষ্টেলটো । আমাৰ হোষ্টেলৰ পোনে পোনেই কম্পিউটাৰ চায়েন্স আৰু ইলেক্ট্ৰণিক চায়েন্স বিভাগ , কাষতে য়ুনিভাৰ্ছিটিৰ গেষ্ট হাউচ আৰু এই দুয়োটাৰ মাজেৰে আমাৰ হোষ্টেললে যাব পৰা এট বাট , যিফালৰ গেইটখন বন্ধ থাকে । বাটৰ দাঁতিতে কেইজোপামান ফুলিবলে ধৰা সোণাৰু , বৰ মোহনীয়া , চুইটি নোসোমাওতেই দেখিলো আমাৰ কুকুবাক লগৰ কাৰোবাৰ লগত তাত সোমোৱা গতিকে আমাৰ সেই অনাও দেলে , পিছে ঘুৰি যোৱাৰ মতলবো নাই আমাৰ , এইবাৰ লক্ষ্য জালুকবাৰীৰ শৰাইঘাট হোটেল , তাৰ চোলে পৰাঠা অতি বিখ্যাত সেই সময়ত । এইবাৰ একো বাধা বিঘিনি নেদেখি দুয়োজনীয়ে বিন্দাচ চোলে পৰাঠা , চাহ মিঠাই অৰ্ডাৰ দি দিলোহঁত , খাই বৈ ৰূমলে গজাও বন্ধাই ল’লো , দিলখুশ নামৰ মিঠাইটোও ল’লো , পিছে লেঠা লাগিল পইচা দিবলে লঁওতেহে , ইমানেই খোৱাৰ ধাণ্ডাত মচগুল হৈ সাজি কাচি ওলাই আহিলো যে পইচা নিনিলোৱেই এজনীয়েও , খাই বৈ আজৰি হৈহে গম পালো কথাটো তাকো বিল দিবলে লৈহে ….. হে হৰি কি কৰা যায় ? কোনে ধুব বাচন শৰাইঘাটত , ইফালে পিছদিনা পৰীক্ষা ! কিয় বাকী দিব দোকানীয়ে প্ৰথম যোৱা গ্ৰাহকক ? দুইজনীৰ মাথা নষ্ট …..

কান্দিবলেহে বাকী আমাৰ , কোনো চিনাকিও নাই …. জীনাক্ষিৰ হঠাতে কিবা এটা মনত পৰাদি পৰি মোক তাতে ৰ’বলে দি ওলাই গ’ল তাৰপৰা , মানে মোক বন্ধকত থৈ বেটী পইচা আনিবলে গ’ল , মইও ভেবেলা লাগি যি আজ্ঞা মহাৰাজ টাইপ তাতে ৰৈ অাছো , ভাগ্যে দহমিনিটমানৰ পিছতে তাই আহি পইচা দি মোক বন্ধকৰপৰা মোকোলাই নিলেহি যেনিবা , ওলাই আহিলো হয় , পিছে পইচা ক’ৰপৰা আহিল বুজি নাপালো । সুধিলেও নকয় , নিজেই গম পাবি ব’ল বুলি কৈ তাই মোক শৰাইঘাটৰ কাষতে থকা পাচলিৰ বজাৰখনলে লৈ গ’ল , দাদা এজনৰপৰা দুটামান পাচলি ল’লে আৰু ধাৰলে লোৱা পইচাৰ লগতে পাচলিৰ পইচাও পিছদিনাই দি যাবহি বুলি ক’লে , তেতিয়াহে বুজিলো উৰহী গছৰ ওৰটো । পিছে সেই পাচলি দাদাজনে কিমান বিশ্বাস আৰু আন্তৰিকতা থকাৰ বাবে আমাক পইচা দিছিল সেইটো আমাৰ বাবে সদায় আদৰণীয় , জীনাক্ষিয়ে আগতে দুই এদিনহে তেঁওৰপৰা পাচলি নিছিল , তথাপিও ইমান বিশ্বাস , আমিও তেঁওৰ বিশ্বাসক সন্মান জনাই জালুকবাৰীত থকালৈকে তেঁওৰপৰাই পাচলি লৈছিলো ।

এক অদ্ভূত অভিজ্ঞতা লৈ হোষ্টেল পাইছিলো , হাঁহিবই লাগেনে খঙেই উঠিব লাগে ধৰিবও নোৱাৰিলো , পিছলে তেনে ভুল হোৱা মনত নপৰে অৱশ্যে , ক’ৰবালে গ’লে পাৰ্ছৰ পইচাহে আগতে চাই লঁও এতিয়াও । পিছদিনা পৰীক্ষালে পঢ়া হ’ল বুলি ভাবি আছিলো যদিও ঢেৰ বাকী আছিলচোন , কিছুমান সৰু সুৰা ব্যাকৰণৰ কথা পাহৰিয়েই আছিলো , দূবৰিৰ ওচৰলে দিনত যাঁওতেও মনত নপৰিল , ভাত খোৱাৰ আগতহে মনত পৰিল , কি কৰা যায় ? ডিম্পী বাও নাছিল , কাৰোবাক সুধি যাবলেও ভয় , ৰাতিখন যে যাবলে নিদিয়ে ধুৰূপ , সুধিবলে গৈ গালি খাবলেও মন নাই , মহা টেনশ্যনত থাকোঁতেইচোন মায়ে বোৱা ক’লা শ্বলখনলে হাত গ’ল , সাহস এটা আহিল , পৰীক্ষা আৰু ঠাণ্ডাৰ বাবে বাহিৰত কোনো নাথাকে বুলি গম পোৱা হ’লোৱেই , শ্বলখন সিদিনা পুৱতি নিশা ছাদলে যাঁওতে মেৰিয়াই লোৱাৰদৰে কাণে মূৰে মেৰিয়াই ল’লো , এক বিৰাট কন্ফিডেন্সত বুকুত লৈ হাতত বহীখন লৈ নামি গ’লো , ঠিক চিনিয়ৰ নামি যোৱাৰ দৰেই , লাহেকৈ আমাৰ খোলা গেইটখনেৰে AT 10 ৰ খোলা গেইটৰ ভিতৰলে সোমাই গ’লো , ভুলতো কেনিও নাই চোৱা , এই হোষ্টেলটোও বৰ ধুনীয়া , দীঘলীয়া বাটচ’ৰা , ৰুণু বাইদেউৰ পি চি অ’ ৰ পিছফালেই ভিজিটৰচ ৰূম , কাষতে এজোপা কৃষ্ণচূড়া , বাটটোৰ কাষে কাষে কেইজোপামান গছ , গৈয়ে ডাইনিং হলৰ কাষেৰে বাঁওহাতে সোমাই পিছফালৰ থাৰ্ড ব্লকত দূবৰিৰৰূম , ৰূম নং ৩৩ । আমাৰ হোষ্টেলৰ জুনিয়ৰ গৈ তাত ৰাতি ওলোৱাটো সবিতাবাৰ বাবে আচৰিতেই আছিল যদিও বায়ে একো নক’লে , সবিতা বাও বৰ মৰমীয়াল আছিল আমাৰ ডিম্পীবাৰ দৰেই , দূবৰিয়েও লৰালৰিকৈ মোক লগা বস্তুবোৰ দি মোক পঠিয়াই দিলে , সবিতা বায়ে পিছে অকলে আহিবলে নিদিলে , লগতে গ’ল আমাৰ হোষ্টেললে , মইও চিনিয়ৰৰ দৰেই ফুল কন্ফিডেন্সত হোষ্টল গৈ ৰূম সোমালোগে , পিছে ডিম্পীবায়ে কথাটো ধৰিব পাৰিলে , মইও নুলুকুৱালো , আৰু নাযাঁও বুলিও কথা দিলো , পিছে এদিন পিছত নিজেই লৈ গৈছিল মোক বেলেগ চিনিয়ৰে নেদেখাকে । কিয় জানো ফাঁকি দিবও নোৱাৰিছিলো ডিম্পীবাক ।

AT 10 girls hall

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৪

উৰুকাৰ আবেলি যেতিয়া গাঁৱৰ পদূলিত ভৰি থৈছিলোগে তেতিয়ালে চুবুৰীয়া খুৰী , বৌহঁতে ধুনীয়াকৈ সাজি কাচি উৰুকাৰ ভোজলে যা যোগাৰ কৰিবলে বুলি ওলাইছিল , চুবুৰীটো সোমায়েই সবকে মাত লগাই যোৱাটো অভ্যাস , ( এতিয়াও ) ছঘৰ পাৰ হৈয়েই আমাৰ ঘৰ , ঘৰৰ দীঘল পদূলিৰে সোমাই যাঁওতে মনটো অজান পুলকেৰে পুলকিত হৈ পৰে , পদূলিৰ মুখতে এজোপা ডাঙৰ কৃষ্ণচূড়া , কোনে কেতিয়া ৰোৱা নে নিজেই হোৱা দেউতাহঁতেই নাজানে , ইমানেই পুৰণি ।( দুঃখ লাগে চৰকাৰী ৰাস্তা বান্ধোঁতে গছজোপা কাটিবলগীয়া হ’ল ) সেইবাৰ গছজোপা বৰ বেলেগ লাগিছিল , জালুকবাৰীৰ মায়া লাগিছিল হ’বলা সেই কৃষ্ণচূড়া জোপাত , যেনেকৈ মোৰ মনত মায়া লাগিছিল জালুকবাৰীলৈ ।

পদূলিৰ একাষে কেইবাজোপাও শেৱালি শাৰী শাৰীকে আৰু বাৰীৰ সিফালে কেইবাজোপাও বটলব্ৰাছৰ গছ , বটলব্ৰাছবোৰ ৰঙা হৈ ফুলি আছিল , গছবোৰ তেতিয়া বৰ ডাঙৰ নাছিল , মাক কোনোবাই দুৱাৰমুখত বটলব্ৰাছ থাকিব নাপায় বুলি কোৱাত দেউতাই পিড়ি খান্দি উঠাই নি পিছফালৰ চহবাগানত ৰোৱাই দিছিল পিছলে । বটল ব্ৰাছৰ ব্ৰাছদালৰ দৰে দীঘলীয়া গোল ফুলপাহ দেখি নিজৰে য়ুনিভাৰ্ছিটিৰ অ’ডিটৰিয়ামৰ আগত থকাৰদৰেই লাগিল , তাতো তেনেকৈয়ে ফুলবোৰে ইপাহে সিপাহক হৰুৱাৰ প্ৰতিযোগিতাত নমাৰ দৰে জকমকাই ফুলি আছিল , দীঘলীয়া পদূলিটোৰে দহমিটাৰমান সোমাইহে আমাৰ মূল জপনাখন , দাদা আৰু দেউতাই বৰ যতনেৰে জেওৰা জপনা দিয়ে , আমাৰ ঘৰৰ জেওৰা জপনাবোৰ চুবুৰীৰ বাকী ঘৰবোৰতকৈ অলপ সুকীয়া , ঘৰত বাঁহৰ আকাল নাছিল বাবেই ছাগে কামিবোৰ জুৰীয়াকে জাপি মজবুতকে জেওৰা জপনা বোৱা সৰুৰেপৰাই দেখি আহিছো । আমাৰ ডাঙৰ চোতালখনৰ আগত দুয়োফালে দুখন ধুনীয়া ধুনীয়া গোলাপ ,তগৰ ,খৰিকাজাঁই , গুটিমালী ,শেৱালী ,নাৰ্জী , কামিনী কাঞ্চন, গুলচ, কৰৱী , বিভিন্নৰঙী জবা আদি বিভিন্ন ফুলেৰে ঠাঁহ খাই থকা পৰিপাটী ফুলনি , তাৰে ডাঙৰ শেৱালিবোৰত আকৌ কপৌফুল , চোতালৰ দুকাষে থকা ফুলনি দূখনক সংযোগ কৰিছে এজোপা লতা লাইটফুলে , এই লাইটফুলজোপা ( বেলেগ নাম আছে যদিও অামি সৰুৰেপৰা লাইটফুল বুলিছিলো ) বগাই যাবলে জপনাৰ ওপৰেৰে ধেনুভিৰীয়াকে মিহি বাঁহৰ কামিৰে বোৱা এখন ছালি , ফুলজোপা বাৰমাহেই ফুলি থাকিছিল আৰু দেখিলেই ভাল লাগিছিল , হালধীয়া লাইটফুলবোৰ এতিয়াও দুচকুত জকমকাই থাকে ।

আমাৰ পদূলিৰ মূল জপনাৰ আগৰ কোনোবা এদিন ৰাতিৰ লাইটফুল জোপা , হালধীয়াৰ লগত মিতিৰালি তেতিয়াৰেপৰা

সেইবাৰ ঘৰলে গৈ সৰুৰেপৰা দেখি অহা গছবোৰ নতুনকৈ চাইছিলো , জালুকবাৰীখন যেন মোৰ ঘৰৰ চোতালতে , কথাই প্ৰতি জালুকবাৰী আহিছিল , নকৈ ফুলিবলে ক’লি পেলোৱা সোণাৰুজোপাও নতুনকে দেখা যেন লাগিছিল সিদিনা , কৃষ্ণচূড়া , বটলব্ৰাছ গোটেইবোৰ প্ৰথম দেখাৰদৰে লাগিছিল , ঘৰত কেৱল কৈ গৈছিলো জালুকবাৰীৰ কথা , সপোনৰ জালুকবাৰীৰ কথা । গছবোৰৰ কথা , দেউতাই সৰুতেই বুকুত ৰোপণ কৰা  জিলমিল সপোনটো দিঠক হোৱাত সুখী হৈছিলো , সুখী হৈছিল ঘৰৰ সকলো , ছুকুবাৰ আগত অনৰ্গল কৈ আছিলো গোটেই কথাবোৰ । ইমানদিনে অনুভৱ নকৰা বহু কথাই জালুকবাৰীয়ে দুদিনতে শিকালে ,  ময়ো ডাঙৰ হৈ গ’লো হ’ব পায় , জালুকবাৰীৰ মায়াই বৰ বেয়াকে বুকুত শিপালে , কৈয়েই থাকিবৰ মন , কৈ যেন শেষেই নহ’ব । AT 9 ৰ এশটকীৰ জাঁপটো শুনি সকলোৱে ভাল পালে , মোৰ সাঁই বাবাৰ পৰা আইনষ্টাইন হোৱাৰ কাহিনীও কৈ গ’লো এফালৰপৰা , পিছে কিয় জানো কিছু কথা বুকুতে সাঁচি থ’লো গোপনে ।

মাঘবিহুত ঘৰ চোতাল গোটেইবোৰ ফৰফৰীয়া হৈ থাকে , ঘৰত থাকিলে চোতালখন আমি কেঁচা গোবৰ মাটিৰে নিজেই লিপিছিলো , গোবৰ মাটিৰে মচি নিয়া চোতালখন শুকাই ফৰফৰীয়া হৈ যোৱাৰ পিছত ওচৰৰ আটাইকেইগৰাকী মহিলাই পাচলি কুটা বচাৰ কাম কৰে তাতেই , মোৰ ভূমিকা ভিতৰৰ পৰা পিঠা পনা উলিয়াই অনাত আৰু মিমিকৰি কৰি সকলোকে আমোদ দি থকাতেই সীমাবদ্ধ । আমাৰ গাঁৱত মেজিৰ আমেজ আৰু প্ৰথাটো বেলেগ , ভেলাঘৰ নবনাই কোনিদিনে , তাৰপৰিৱৰ্তে টিনৰ চালি এখন দিয়ে , তাৰ তলতে ডাঙৰ ডাঙৰ চৌকা খান্দে , ৰন্ধা বঢ়া কামখিনি সেই চালিখনৰ তলতে হয় । চালিখনৰ ওচৰত এটা বৰ মেজি সাজে আৰু ঘৰে ঘৰে একোটাকৈ সৰু মেজি সাজে পিছদিনা অগ্নিসেৱাৰ বাবে , এই বৰমেজিটোৰ পৰা অলপ দূৰৈত নৰা আৰু কলমঘুৱাৰে আন এটা মেজি সাজে , সৰুবোৰৰ মাজৰে কোনোবা এঁৱা ল’ৰাই জলাই সেইটো । ১০০ জনমান মানুহৰ কাৰণে ভোজ বনাবলগীয়া পাত্ৰবোৰো চৌকাৰ দৰেই ডাঙৰ , সাধাৰণতে ধান উহোৱা মাটিৰ কেৰাহীত আৰু ডাঙৰ টৌত ৰান্ধে , কোমোৰাৰে হাঁহৰ মাংস , ডাঙৰ ভকুৱা বা চিতল মাছেৰে ফুলকবি বিলাহীৰ জোল , উখোৱা চাউলৰ ভাত , লগত ঔটেঙা দি বনোৱা মাটিমাহৰ দাইল আৰু কবি মূলাৰ মিহলি ভাজি এখন , কলপচলাৰে পেটুৰ জলা ভাজি , পোৰা বেঙেনাৰ পিটিকা এইয়াই এতিয়ালৈকে চলি অহা উৰুকাৰ ভোজৰ খাদ্যসম্ভাৰ । এই গোটেইখিনি পাগত উঠা শৰণীয়া ৰান্ধনি সকলেহে পিছে ৰান্ধে আৰু বাকী আমিবোৰে বঢ়িয়াকে বিলাহী,কুমলীয়া বন্ধা কবি , মূলা , ওলকবি আৰু ধনিয়াৰে কেঁচা চাটনি এভাগ কাটোঁ , দুভাগ কৰোঁ , এভাগ জলা এভাগ নজলা । কিযে জিভাৰ পানী ওলোৱা ভোজৰ গোন্ধ , কোনে পাৰে নোখোৱাকে থাকিব ! কোনে পাৰে নোযোৱাকে থাকিব !

কলমঘুৱা আৰু নৰাৰ মেজি , যোৱাবছৰৰ চুবুৰীৰ উৰুকাৰ ৰাতি, ভিডিঅ’ দাদাই পঠাইছিল আমালে , এনেকৈয়ে আমিও কিৰিলিয়াই চিঞৰিছিলো মেজিৰ ওচৰত

গোটেইখিনি আয়োজন হোৱালে ইফালে বৰ মেজিটো পুৱাই থকা চুবুৰীয়া ৰাইজে ভাগে ভাগে নতুনকে ওলোৱা ফুলা আলু , মিঠা আলু পোৰে , সকলোৱে ভগাই খায় , আলু ভাগ হোৱাৰদৰেই কথাৰো ভাগ ভাগ হয় । আমাৰ দেউতা চুবুৰীটোৰ সকলোৰে মাষ্টৰ কাইদেউ , ওচৰ চুবুৰীয়াই যিকোনো কথাতে এতিয়াও দেউতাৰ পৰামৰ্শ লয় , গতিকেই মাষ্টৰ কাইদেউকে আদি কৰি চুবুৰীয়া দদাইদেউহঁতে বিভিন্ন কথা পাতে , গাঁৱৰ ধেমেলীয়া কথাবোৰেই ওলাই বেছিকে , এসময়ৰ ফুটবল খেলুৱৈ আৰু অভিনেতা দেউতাই ভাৰত ভ্ৰমণৰ কাহিনীবোৰ শুনাই , আৰু মহিলাৰ দলটোত চলে পুৰা পি এন পি চি ( পৰ নিন্দা পৰ চৰ্চা , আটাইতকৈ প্ৰিয় বিষয়টো ) , মোৰ কাণসমনীয়া বিশেষ নাছিল চুবুৰীত , যি দুজনী আছিল তাহাঁত দুজনীৰো বিয়া হৈ গৈছিল , গতিকেই মই দুয়োদলৰ কথাৰে পুৰাদমে ভাগ ল’বলে পাইছিলো । উৰুকাৰ ৰাতি মেজিৰ জুয়ে জাৰ পোৰে , থকথককে কঁপা জাৰ নাইকিয়া কৰে , আমি বিহু গোৱা মনত নপৰে উৰুকাত , এতিয়াৰ দৰে ঢোলে ডগৰে মাঘৰ মেজি কোনেও পুউৱা দেখা নাছিলো , ভোজ ভাতহে খাইছিলো , হাঁহিছিলো , কথা পাতিছিলো ….. কথাৰ মাজে মাজে পিঠা পনাৰে লাল চাহৰ জুতিও আছিল , কোনোবাই গধূলি আগকৰা বুটমাহ কেইটা ভাজি সৰু সৰু টোপোলা কৰি সকলোকে ভাগ কৰি দিছিল , মুঠতে ভোগৰ মেলাখন ঘৰে ঘৰে বহিছিল , ভোগালী মেলাৰ আয়োজনৰ দৰকাৰেই নাছিল ।

বিধে বিধে পিঠা পনা , জা জলপান ঘৰে ঘৰে উভৈনদী আছিল , মায়ে অকলেই দহ বাৰ কেজি চাউলৰ পিঠা ভাজিছিল , তিল পিঠা,ঘিলা পিঠা, পানী পিঠা , পুহীয়া পিঠা, মুঠি পিঠা, বৰ পিঠা , তিলৰ লাডু , নাৰিকলৰ লাডু , চিৰা আখৈ মূড়িৰ জলপান আৰু লাডু পিঠাগুড়ি , সান্দহগুড়ি সকলোবোৰ কৰিছিল , কেৱল আমাৰ ঘৰতেই নহয় , চুবুৰীয়া সকলোৰে ঘৰত এইবোৰ উভৈনদী আছিল । ভোজ হোৱাৰ লগে লগে গৰমে গৰমে বয়োজ্যেষ্ঠ আৰু সৰুবোৰক খাবলে নৰানিতে ধাৰি পাৰি শাৰী পাতি বহিবলে দিছিল , মই সদায়ে সৰুবোৰৰ শাৰীতে খাবলে পাইছিলো , (আজিৰ তাৰিখতো চুবুৰীয়াৰ বাবেচোন মই সৰু পপীজনীয়েই ) , দাদাহঁতে বিলনীয়াৰ কাম কৰি শেষত মাহঁতৰ লগত একেলগে খাবলে বহে , সেইখিনিতেই আকৌ মেল বহে , দেউতাৰ এৰি কাপোৰখনৰ ভাগ মইও পাঁও , লাহে লাহে সৰু ল’ৰা ছোৱালীবোৰ আৰু দেউতাহঁত যায়গৈ । ইফালে কেৰাহী পেতাহীবোৰ চুবুৰীয়া জীয়ৰী বোৱাৰীবোৰে ওচৰৰ পুখুৰীলে লৈ যায় , ধুবলে , এইবাৰ আকৌ খুৰী মাহঁত বহে , ঘৰৰপৰা যতনাই নিয়া চুঙা পিঠা আৰু চুঙা চাউল পোৰে , মেল মাৰে , মইও ভাগ পাঁও , সিয়নিত শোৱা মই একো এটা নকৰাকেই হাত সাৰি যাঁও , কৰিবলে খুজিলেও নিদিয়ে কোনেও , পিছে মৰমত নহয় , ভয়তহে নিদিয়ে হিতে বিপৰীত হোৱাৰ ।

” মাঘৰ উদয় পুহৰ শেহ / তেহে চাবা জাৰৰ ঠেঁহ ” কথাষাৰৰ সত্যতা প্ৰমাণ কৰিবলেকে যেন পথৰুৱা চেঁচা বতাহজাকে কাণে মুখে চুই যায় , মেজিও লাহে লাহে চেঁচা পৰে , সকলো ভাগে ভাগে যায়গে , পিছে সাৰে থাকে ঘৰৰ গৃহস্থসকল , কোন মুহূৰ্তত বাৰীৰ চুকৰ জেওৰাখন অথৱা কাপোৰ মেলা দাং ডাল সনাহী মঘুৱা চোৰকেইটাৰ কবলত পৰে তাৰ কি ঠিক ! গোটেই ৰাতি সাৰে থাকিলেও কিন্তু দাদাহঁতৰ মঘুৱা চোৰৰ দলটোৱে লৈ আনেগৈ জেওৰা জপনা দাং যিহকে পায় , আনি লুকুৱাই থয় আমাৰ খেৰঘৰৰ পিছফালে , সকলোৱে জানে , পিছদিনা ঘৰৰ বস্তু ঘৰলে ঘুৰি যায় , ফুৰ্তিতে কৰে ল’ৰাহঁতে , পিছে কাৰো অপকাৰ নকৰে ।

পুৱতি নিশাৰপৰাই সকলোৰে ঘৰত খদমদম লাগে , ঘৰৰ পুৰুষসকল উঠে , মাঘ বান্ধিবলে আগদিনাই সাজু কৰি ৰখা তমালেৰে নহ’লেবা ন খেৰেৰে গছে গছে মাঘ বান্ধে , ল’ৰাবোৰ হ’লেই হয় যদিও মই ছোৱালীজনীও উঠি যাঁও কিবা এটা ভাল লাগে , মাঘ বান্ধোতে ইঘৰে সিঘৰে শুনাকৈ চিঞৰি গায়

” মাঘ ঐ মাঘ / বাৰীৰ বস্তু বাৰীতে থাক ”

মাঘ অকল গছতে নাবান্ধে , ঘৰ গোহালি ভঁড়াল সবৰে মাৰলিত বান্ধে , গোঁসাইঘৰ , জপনা সকলোতে বান্ধে , ঘৰ বাৰীৰ শ্ৰীবৃদ্ধিৰ বাবে মাঘ বান্ধে । মাঘ বান্ধি হোৱালে ঘৰখনে সাৰ পায় , গা পা ধুই আজৰি হৈ অগ্নিসেৱা কৰিবলে একেলগে সাজু হয় , আগলতি কলপাত এখিলাতে গুৱা পাণ এটাৰ সৈতে ন বস্তুবোৰ অগ্নিদেৱতালে আগ কৰে , দেউতাই সৰুতেই শিকাই দিয়া অগ্নিমন্ত্ৰেৰে মুখৰিত হয় ঘৰৰ চোতালৰ সৰুমেজিৰ তল । মোৱা আলু সুমুৱাই দিয়ে মায়ে ৰঙা ৰঙা অঙঠাৰ মাজত , দেউতা আৰু মোলে সৰু চচপেন এটাতে অঙঠাৰ তাপতে সিজিব পৰাকে দুটামান আলু সিজাই দিয়ে , চাপৰিৰ পৰা অনা থমা দৈৰে জলপান খাই ভাগৰ মাৰে সকলোৱে কথাৰ মহলা মাৰি । ছুকুবাৰ বিয়া ঠিক হৈছিল , ভিনদেউ আহিছিল সিদিনা খুলশালীয়েকক চাবলে , বিয়াৰ তাৰিখ লৈ আহিছিল , ১০ মাৰ্চত তাইৰ বিয়া ঠিক হৈছিল , বুকুখন বিষাই গৈছিল , সহোদৰী বান্ধৱীজনী চিৰজীৱনৰ বাবে আনৰ হৈ যোৱাৰ দুখত ।

বিহুৰ পিছদিনাই আকৌ গুছি আহিছিলো চিৰনতুন জালুকবাৰীলে , ছেশ্যনেল আহি আছিল আগত , আকৌ আহিছিলো একেলগেই আমি , মনবোৰ সেমেকা নাছিল সেইবাৰ , মনবোৰত হেঁপাহ আছিল , আছিল জালুকবাৰীৰ ভালপোৱা , কৃষ্ণচূড়াৰ আব্দাৰভৰা আহ্বান । সেইবাৰ কিয়জানো হোষ্টেলৰ গেইট পাওঁতে নাছিল সেই বুকুৰ ঢুকঢুকনি , আছিল মাথোঁ এক বিলাস , সেই বিলাস জালুকবাৰীৰ বিলাস , কৃষ্ণচূড়াক বুকুতে পাব পৰা বিলাস ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৩

দুটা দিন কেতিয়া যায় কেতিয়া যায় লাগিছিল , বাৰে বাৰে টিকট কেইটা উলিয়াই চাঁও , টিকট কেইটা চুই চালেই ঘৰৰ ওচৰ পোৱাৰদৰে লাগেচোন ,দুমাহমানৰ মূৰত ঘৰলে যাম , মন উগুল থুগুল , মইয়েই নহয় , প্ৰায় সকলোৰে একেই অৱস্থা ।ইফালে হোষ্টেলত চিনাকি পৰ্বটো চলিয়েই আছিল , মইও একদম ওস্তাদ হৈ গৈ আছো সকলোতে কম দিনতে , ডিম্পীবাও এক ইঞ্চিমান ফুলিলেই ৰূমমেটৰ গৌৰৱেৰে । কুকুৰে মুতে ৰুণজুন , কণী পৰা এই দুটাৰ উপৰিও আৰু এটা ডান্স আছিল , জেলেপী ডান্স । এইটোও মহা জমনি নাচ , জেলেপীৰ পাক যিমানে বেছি দিব পাৰিব সিমানে নাচটো ভাল হ’ব , কঁকালত ধৰি চিনিয়ৰ সকলৰ আগত কঁকালৰপৰা তলৰ অংশ অলপ বহাৰ নিচিনা কৰি ঘুৰাব লাগে আৰু ঘুৰাই ঘুৰাই টপককে আৰু অলপ কুঁজা হৈ বহি দিব লাগে , মানে এটা জেলেপী হৈ গ’ল । তাৰপিছত আকৌ অকণমান আঁতৰলে জাঁপ এটা মাৰি একেদৰেই জেলেপী বনাব লাগে , এইয়াই আছিল জেলেপী ডান্স , এইটো যদি নিয়মীয়াকে কৰি থাকিলোহেঁতেন তেনে বয়সৰ লগে লগে যে মাজডাঙৰ নহ’লোহেঁতেন এইটো নিৰ্ঘাত সত্য আছিল । ডান্সলেকে ঠিকেই আছিল বাৰু সব , পিছে সমস্যা হৈছিল নাম মনত ৰখাকলৈহে , প্ৰায়বোৰ ৰূমলেকে নতুন ছোৱালীবোৰ বিহুৰ আগৰ দুদিনত আহিলেই , চিনাকি পৰ্বত আমাৰ ফালে ভৰটো বেছি হৈ গ’ল আৰু আমিও দুদিন পুৰণি অলপ বেছি জনা টাইপ ফটা লেবেল এটা লগৰকেইজনীক নিদিয়াকৈও নাথাকিলো বাৰু , পিছে চিনিয়ৰৰ আগত সেই একেই হাৱা ওলাই যোৱা বেলুনটো হৈ যাঁও ।

বিহুৰ আগদিনা ফোন ধৰাৰ পাল আমাৰ ব্লকৰ , প্ৰতিজনীৰে একঘণ্টাৰ দায়িত্ব , জীনাক্ষি এইবোৰত ভাল , নিজৰ কামবোৰ সযত্নে কৰে ,তাৰ ঠিক ওলোটা মিতালি , সকলোতে খালি গালি খাই থাকে , লভিতা আৰু মই কাম চলাই নিও যদিও লভিতাই নাম মনত ৰখাত মোতকৈও বেয়া প্ৰদৰ্শন কৰি আছিল । মোৰ পাল পৰাৰ সময়ত ভগৱান কিজানি সুপ্ৰসন্নই আছিল নেকি প্ৰথমদিনাই , বিশেষ ফোন নাহিল , অকল ৰিম্কি বাৰ ফোনহে আহিছিল ঘৰৰপৰা , দৌৰি গৈ বাক মাতি আনিলোগে । সেই একেই হাঁহি , একেই কথা , জুনিয়ৰক চল দি গললে উঠাব পৰা , আগদিনা চিনাকি হ’বলে যাঁওতে নামটো কোৱাৰ ধৰণটো মনত পৰি হাঁহি উঠি গ’ল ফোন ধৰাৰ দায়িত্বপালনত ৰৈ থকা সেই বিশেষ ঠাইকণত , লভিতাই নামটো সোধোঁতে ৰিমকি বায়ে হাতত নিমকি এটুকুৰ লৈয়ে উত্তৰ দিছিল বোলে মোৰ নামটো নিমকিৰ নিচিনাই , ৰিমকি । জুনিয়ৰৰ খোলাটোৰ ভিতৰতে হাঁহি পেটৰ গুদগুদনিটো পেটতে মাৰ যাঁওতেই মোৰ ডিউটি আৱাৰ শেষ, লভিতা আহিল মুখখন ক’লা কৰি মোৰ পিছতে , বহীখন দিলো তাইৰ ফালে ৰূম নং আৰু নাম লিখা , অামি কথা পাতিবলে সুবিধাই পোৱা নাছিলো তেতিয়ালৈকে , তাইৰ হাতখন ধৰি চকুৰেই আশ্বাস দি গুচি গ’লো ৰূমলে । পিছদিনা ৰাতিপুৱাই ঘৰলে যাবলে কাপোৰ কানি সামৰি টিকটকেইটা আকৌ এবাৰ উলিয়াই চালো ঠিকে আছেনে নাই ।

টোপনি অহা নাছিল , চকুত ভাঁহি আহিল দিনটোৰ ব্যস্ততা , লংকেশ্বৰৰ কথা , অভিজ্ঞানীহঁতৰ কথা আৰু এশটকীৰ নাচটোৰ কথা , মনৰ অজানিতেই হাঁহি দিলো খুক খুকাই , ডিম্পীবাক ক’লো গোটেই কথাবোৰ , খুউব হাঁহিলো দুয়োজনীয়ে , লংকেশ্বৰৰ কথা ক’লো , ঘৰৰ কথা ক’লো মুঠতে অনৰ্গল বকি গ’লো মোৰ স্বভাৱবশতঃ , ডিম্পীবাৰ মুখৰ মাত নুশুনিহে গম পালো বা যে কেতিয়াবাই শুলে , মৰম লাগি গ’ল , অকণমানি এজনীৰদৰে এখন হাত মূৰৰ ওপৰত দি শুই থকা নিষ্পাপ মুখখন চাই সঁচাই মৰম লাগি গ’ল । ডায়েৰী লিখাৰ পুৰণি অভ্যাস , ডায়েৰীখন উলিয়াই লৈ পলিলে মনত পৰি গ’ল , তাই বাৰু সযতনে তলা মাৰি লুকুৱাই থোৱা ডায়েৰীখনত কি লিখে ! দেখুৱাবনে কেতিয়াবা তাই ! মনৰ এনে কি গোপন কথা তাইৰ কাকো ভূ দিব নোখোজা ! … লিখি গ’লো দিনটোৰ খতিয়ান , গোটেইবোৰ , একো এৰি নোযোৱাকে । অভিজ্ঞানীহঁতৰ ধেমালি বোৰো এফালৰপৰা লিখি গ’লো , পিছফালৰ মেছৰপৰা গোৱা বিহুবোৰ , বাঁহীৰ সুৰবোৰ , মোক মাধুৰী মতা দাদাহঁতৰ কথা , সকলোবোৰ টুকি থ’লো ডায়েৰীখনত , সেই ৰাতি যেন তেনেকৈয়ে কটাম , কেৱল ভাল লগা স্মৃতিবোৰৰ লগত ।

সেই ৰাতি শোৱা হোৱা নাছিল , পিছদিনা ঘৰলে যোৱাৰ উছাহতে টোপনি অহা নাছিল , ৰাতিপুৱা পোহৰ নহওঁতেই মনত এক অদম্য বাসনা জাগিল , যিটো জুনিয়ৰ জীৱনত নিষিদ্ধ ঘোষণা আছিল , সেই ওপৰৰ ছাদখনলে যোৱাৰ প্ৰবল হেঁপাহ জাগিছিল মনত । হাতত সাৰে ভৰিত সাৰে বিচনাৰপৰা অকণো সাৰ শব্দ নোহোৱাকৈ উঠি গ’লো , পুহৰ শেষৰ ঠাণ্ডা তাতে পুৱতি নিশা , মূৰে গায়ে মায়ে নিজেই বোৱা ক’লা ৰঙৰ ডাঠ শ্বলখন মেৰাই লৈ দুৱাৰখনৰ খিলিটো লাহেকৈ নমাই দি মেকুৰীৰ দৰে ৰূমৰপৰা ওলাই গ’লো , গোটেই হোষ্টেল পুৱাৰ গভীৰ টোপনিত লালকাল , কোনোফালে একো সাৰ সিকতি নাই , বুকুৰ ঢুকঢুকনিটো পুনৰ ঘন ঘনকৈ বাঢ়ি গ’ল , তথাপিও মনৰ বলতে লাহে লাহে আগুৱাই গ’লো চিৰিৰ ফালে , ওপৰলে উঠি যোৱাৰ চিৰিকেইটাৰ ওচৰতে ৰৈ এখন্তেক ভাবিলো , কিবা অনুচিত কৰিছোনেকি ! পিছে মনৰ অদম্য বাসনা , উঠি গ’লো উঠিয়েই গ’লো । ছাদৰ দুৱাৰখন খোলা আছিল , ভালেই পালো , লাহে লাহে ভৰি থ’লো সেই জুনিয়ৰ নিষিদ্ধ এলেকাত , বুকুৰ ঢুকঢুকনিটো বাৰুকৈয়ে বাঢ়ি গ’ল … কোনোবাই যদি দেখে ??

পিছে সেই কানিমুনি আন্ধাৰ আৰু মৰঠাণ্ডাত যে কোনো উঠি নাহে ওপৰলে সেইটো ভালকৈয়ে বুজিলো , এখোজ দুখোজকৈ আগুৱাই গ’লো , কিযে সুন্দৰ ! আধা আন্ধাৰ আধা পোহৰত আৰু সুন্দৰ লাগিছিল ছাদখন , আমাৰ ৰূমৰ ওপৰলে গ’লো , ৰেইন ট্ৰিজোপাৰ ডালপাতবোৰে ছাদখনৰ সেই অংশটো প্ৰায় ঢাক খাই আছিল , নিঞৰসনা পাতবোৰ চুই চালো , গাটো সিৰিককে মাৰিলে , এক হিমচেঁচা পৰশ সিৰাই সিৰাই বৈ গ’ল , ইফালে RCC 5 girls hall ৰ ফালে এজোপা কৃষ্ণচূড়া , সেইজোপাৰ ডালপাতবোৰেও ছাদখন সাৱতি আছে , ৰাস্তাটো অপূৰ্ব লাগিছিল , ঘোঁৰাগাড়ীবোৰ আহিছিল , জুনুকাৰ জুনজুননিটোৰ লগে লগে জোনাকী পৰুৱাৰ পোহৰযেন পোহৰৰ মিছিলটো আগুৱাই গ’ল এক লয়লাস ছন্দত , লাহে লাহে ঘুৰি শৰাইঘাটৰ দলংখন চাবলে বুলি ঘুৰি থাৰ্ড ব্লকৰ ওপৰলে গ’লো , উঃ কিযে সুন্দৰ লাগিছিল , ৰেল এখন পাৰ হৈ গৈছিল , ঠিক ঘোঁৰাগাড়ীৰ পোহৰৰ মিছিলটোৰ দৰেই এলানি পোহৰ উকিয়াই পাৰ হৈ গৈছিল , এইবাৰ পিছে খৰকে , ঘোঁৰাগাড়ীৰ পোহৰৰ মিছিলটোতকৈ যথেষ্ট খৰকে । তেনেকৈ প্ৰায় দহমিনিটমান সময় ওপৰৰ ছাদখনতে কটাই নামি আহিলো , বুকুৰ ঢুকঢুকনিটো এইবাৰ সঁচাকৈয়ে বাঢ়ি গৈছিল , ভগৱানক খাটিলো মোক যেন কোনেও নেদেখে , না চিনিয়ৰ না জুনিয়ৰ । কোনেও নেদেখিলে তেতিয়ালৈকে পিছে মই ৰূম আহি পোৱাৰ সময়তে লভিতাৰ ৰূমৰ দুৱাৰ খোল খাইছিল , তাই দেখিছিল , একো নুসুধিলে , মইও নক’লো । সেই কথা মনত পৰিলে এতিয়াও মনৰ অজানিতেই হাঁহি পেলাওঁ ।

সেই ৰেইনট্ৰি জোপাৰ সৈতে ওপৰৰ ছাদত ঠিক চিনিয়ৰলে প্ৰমোচন পোৱাৰ পিছতে । ফটোত দূবৰি , তিৰু , স্বৰ্ণালী , পাপৰি , ৰিতু

ডিম্পী বাকো নক’লো একো , পিছত গম পাইছিল যদিও নক’লে একো । বিহুৰ শুভেচ্ছা জনাই ওলাই গৈছিলো আমি , খঙাল বুলি ভবা চিনিয়ৰ কেইগৰাকীকো মাত লগালো , পিঠা লৈ আহিবলে ক’লে , ইফালে দূবৰিও ওলাই আহিছিল তাইৰ হোষ্টেলৰপৰা , ৰাতিপুৱাৰ গোটেই পৰিৱেশটো অচিনাকি লাগিছিল , ইমান প্ৰাণচঞ্চল হোষ্টলকেইটা নিমাওমাও হৈ আছিল , ৰাতিপুৱা ছাগে AT 9 বাসীও শুই থাকিছিল , মাৰ্কেট খনো একেবাৰে অপৰিচিত আছিল পুৱাই , সোণালী পি চি অ’ ৰ বাহিৰে গোটেই দোকানবোৰেই বন্ধ আছিল তেতিয়া , গনছকেইজোপা বৰ ধুনীয়া লাগিছিল , ওপৰৰ ছাদৰপৰা দেখা নিঞৰসিক্ত গছবোৰ পুৱাৰ বেলিৰ চিকমিকনিত চিকমিকাই উঠিছিল , কুঁৱলীভৰা ৰাস্তাটোৱে বাট এৰি দিছিল ঘৰমুখী ছোৱালীহঁতক ।

পল্টন বজাৰৰ বাছ ষ্টেণ্ডতহে আমি গোটেইকেইজনী লগ হৈছিলোগে , বহুদিনৰমূৰত লগ পোৱাৰদৰে আমি আনন্দিত হৈছিলো , বাছৰ ছিটকেইটাৰ ওপৰৰ বাংকাৰতে বেগকেইটা উঠাই চাহ একাপ খাই লৈ কিনি ল’লো বাটত খাবলে কিবাকিবি , পলিয়ে পিছে হিচাপ লৈ আহিল বাছদাদাৰ ওচৰত কি কি বিহু কেছেট লৈছে ?? তেতিয়াৰ জনপ্ৰিয় বিহুগীতৰ কেছেট জানমনিৰ গোটেই সংগ্ৰহবোৰ লৈ লৈছে বুলি কোৱাত আমাৰ পলি একদম দিলখুচ হৈ গ’ল । তেতিয়া বাছবোৰ দুজনীয়া আসনৰ আছিল , আমি গোটেইকেইজনী এটা শাৰীত অগাপিছাকৈ বহিছিলো বাবে একেলগে পাতিবলগীয়া কথাবোৰ পাতিবলে ছিটৰ পৰা ঘুৰি আগলে পিছলে চাই পাতিবলগীয়া হৈছিল , বাছত প্ৰায়বোৰ বিহুমুখীয়া মানুহেই আছিল বাবে বৰ এটা দিগদাৰি পোৱা নাছিল ছাগে মানুহবোৰে , পিছে দিগদাৰি পালেও আমি জানো পৰোৱাই কৰা বিধৰ জীৱ আছিলো ? তাত কিবা চিনিয়ৰৰ ভয়েই আছিলনে সেইখন হোষ্টেলেই আছিল ? আমাৰ ফৰমাইচমতে বাছদাদায়েও বিহু লগাই গ’ল ইটোৰ পিছত সিটোকে , অলপ দেৰি বন্ধ কৰিলেই আমি কোনোবা এজনী উঠি গৈ ক’বলে আছিলোৱেই । তেতিয়া ‘ জানমনি তোমাৰ বাবে ‘ , ‘ভৰি পিছল খালে ‘ আৰু মৰমজান মৰমৰ মৰমজান চেনেহৰ ‘ এই বিহুবোৰ অতিকে জনপ্ৰিয় আছিল , বাছদাদাযেও আমাৰ ফৰমাইচ মতে বিহু লগাই যাবলে ধৰিলে , পিছে কোনোবাই আপত্তি কৰিছিল হ’বপায় , অলপদেৰি গান বন্ধ হ’ল , বাছৰ ভিতৰতহে বন্ধ হ’ল , কেবিনত পিছে চলিয়েই থাকিল , আমিও গানো বাজক আমিও শুনো বুলি উঠি গ’লো বাছৰ কেবিনলৈ ।

বোকাখাট পালেই আমাৰ ঘৰ পোৱাৰ দৰে লাগিছিল , পাইছিলোগৈয়ে অলপ পিছত , এতিয়াও বোকাখাটৰপৰাই বাছৰ কেবিনত বহোঁগে দেৰগাঁও পোৱাৰ আগতেই পাই যোৱা দাধৰাত নামিবলে বুলি । ৰৈ আছিল মোৰ প্ৰাণৰ ঠাইখন মোৰ প্ৰাণৰ মানুহবোৰ মোৰ প্ৰাণৰ বাপতি সাহোন বিহুটি মোকেই আদৰিবলে । বাছৰপৰা নামিয়েই ৩০০ মিটাৰ সোমাই গ’লে আমাৰ ঘৰখন , ১৮ ঘৰীয় সৰু চুবুৰীটোৰ ঠিক সোঁমাজৰ ঘৰটোৱেই আমাৰ ঘৰখন , ঘৰৰ আগৰ পথাৰখনতে হয় ৰাজহুৱা মেজিটো য’ত গোটেই চুবুৰীটোৱে এতিয়াও একেলগে ভোজভাত খায় , একেলগে মেজি পুৱাই ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২২

কটনত পঢ়িবলে অহাৰ দিনৰে পৰা শিৱাজী আৰু ত্ৰিশূল নামৰ বাছদুখনতেই আমি অহা যোৱা কৰিছিলোহঁত, গতিকেই দুয়োখন বাছৰ ষ্টাফৰ লগত আমাৰ পুৰা আন্তৰিকতাও আছিল , আনকি আমিও বাছদাদাহঁতলে ( আমি তেনেকৈয়ে নাম দিছিলো , বাছদাদা , পাচলি দাদা..) ঘৰৰপৰা মাহঁতে পিঠা পনাও দি পঠাইছিল তেওঁলোকলে বুলি , আমাৰ কথা ক’লে তেতিয়া দাদাহঁতে যেনেতেনে ভাল ছিট মিলাই দিছিল , তেওঁলোকৰ ওচৰত কেৱল আমিয়েই নহয় ঘৰৰ মা দেউতাহঁতো কৃতজ্ঞ আছিল , আমাক কেতিয়াও ৰাতি বিয়লি অসুৰক্ষিত অনুভৱ কৰিবলে নিদিলে , বাছদাদাহঁতে কেতিয়াও কোনোধৰণৰ বেয়া ব্যৱহাৰ কৰা মনত নপৰে । ঘৰৰ পৰা টকা পইছা অথৱা কাপোৰ কানি অনা নিয়াৰ মাধ্যম আছিল এই বাছকেইখনেই ।মই এতিয়াও গুৱাহটী নগাঁও প্ৰতিদিনে অহা যোৱা কৰোঁ কিন্তু আজিলৈকে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ পোৱা নাই ।

আমি ৬ নং বাছত উঠি আদাবাৰীত নামি ২১ নং বাছত উঠিলে চিধা পল্টন বজাৰৰ টিকেট কাউণ্টাৰৰ আগলৈকে যাব পাৰিছিলো যদিও তেনেকৈ নগৈছিলো , ৬নং বাছত গৈ কাছাৰীত নামি মেঘদূতৰ আগেৰে কটনৰ মাজেৰে খোজ কাঢ়ি MNDP হোষ্টেলৰ আগত থকা ৰিজাৰ্ভ বেংকৰ আগেদি ৰেইলৱে অ’ভাৰব্ৰীজৰ ওপৰেৰে পাৰ হৈ গৈ কাউণ্টাৰৰ পৰা টিকট লৈছিলো , ইয়াৰ মজা আছিল সুকীয়া , এৰি যোৱা কটন কলেজৰ মাজেৰে যেতিয়া পাৰ হৈ যাঁও তেতিয়া অন্য এক আৱেগে খুন্দিয়াই যায় , কটন যে আমাৰ প্ৰাণৰো প্ৰাণৰ …। প্ৰাক্তন কটনিয়ানৰ গৌৰৱেৰে গৌৰৱান্বিত হৈ প্ৰাণচঞ্চল খোজেৰে বাছৰ টিকট কৰিবলে যোৱাৰ মজাটো বাছত যোৱা প্ৰতিজন কটনিয়ানে অনুভৱ কৰিব পাৰে , মজা ল’ব পাৰে । তাতে কলেজ এৰাৰ পিছত সেইবাৰ প্ৰথম য়ুনিভাৰ্ছিটিৰ পৰা ঘৰলে যাবলে লৈছিলো , কলেজীয়া ছোৱালীৰপৰা এম. এ পঢ়া ছোৱালীলৈ উন্নীত হৈছিলো , আগৰ চপলতাৰ লগত যোগ হৈছিল কিঞ্চিত গাম্ভীৰ্যতাও ছাগে । অমৃতাৰ বাছ বেলেগ আছিল বাকী আমি সবৰে দূবৰি , পলি , দেৱাশ্ৰী , তিৰু আৰু মোৰ একেখন বাছতে টিকট , ওচৰা উচৰিকে ছিট আমাৰ সবৰে। বাছ দাদাক কৈ থৈ আহিলো যাতে ভাল বিহুনামৰ কেছেট লৈ যায় , তেঁও মিচিকিয়াই কৈ থ’লে হ’ব বুলি । সেইফালে গ’লেই আকৌ নাক কটা পুখুৰীৰ পাৰৰ ৰেৱতী চাট হাউচত সোমাই সেই দহটকীয়া চাওমিন একপ্লেট নাখালে নোৱাৰিছিলো গতিকে টিকট কৰি ঘুৰি আহোঁতে ৰেৱতীৰ জুতি লৈহে পানীটেংকিয়েদি ৬নং বাছত উঠিছিলোহি সিদিনা আকৌ জালুকবাৰীলে বুলি ।

আমি লৰালৰিকৈ গৈছিলোগে সববোৰ নিজৰ নিজৰ হোষ্টেললে , ৫ বজাৰ আগত গোটেইকেইজনী যেনেতেনে সোমাবই লাগিব , ইফালে পলিও লংকেশ্বৰলে যাবগে লাগিব । চিটি বাছত আহোঁতে পলিক সুধি আহিলো তিনিদিন আগতে এৰি অহা লংকেশ্বৰখনৰ কথা , বুকুৰ কথাবোৰ গোপনেই মাৰ যোৱা আপোন লংকেশ্বৰখনৰ কথা , অভিজ্ঞানীহঁতৰ কথা …তাহাঁতৰ ভাল লগা দুষ্টামিবোৰৰ কথা সকলোৰে কথা । পলিয়ে অনৰ্গল কৈ গৈছিল তিনিদিনীয়া কথাবোৰ , তিৰুপতিৰ কথা , টমাছৰ কথা আৰু মহাদেৱৰ কথা , সিহঁতে মোলে মনত নেপেলোৱাৰ কথা … । বাছতে পলিয়ে কবিতা এটা পঢ়িবলে দিলে , টমাছে আমাক লৈ লিখা কবিতা এটা , মনটো কেনেবা লাগি গ’ল পঢ়ি , ইমান মৰমেৰে লিখা কবিতাটো বুকুত সুৰ হৈ বাজি ৰ’ল ।বৰকে মন গৈছিল তাইৰ লগতে গুচি যাবলে সিদিনা লংকেশ্বৰলে থকাকে , পিছে হোষ্টেলৰ কাঢ়া নিয়ম local guardian ৰ চহী লাগিব হোষ্টেলৰপৰা ৰাতি বেলেগত থকাকে গ’লে । গতিকে সেইফেৰা সিমানতে সামৰি নিজৰ নিজৰ বাট ল’লোহঁত , মাৰ্কেটৰ মাজেৰে সোমাই যাঁওতে বেলি লহিয়াইছিল , AT 9 ৰ ওপৰত বেলিয়ে আকাশেৰে মিতিৰালি কৰি ৰঙৰ খেলা কৰিছিল যেন সদায় , কিয় ইমান বেছি ধুনীয়াহৈ ধৰা দিয়ে জানো AT 9 ৰ আকাশটুকুৰা , ল’ৰাবোৰে আৰু উৎসাহ পাই বেলিটোৰপৰাই ছাগে , সেয়েহে ছোৱালীবোৰৰ গালে মুখে এগালমান ৰঙচুৱা চটিয়াই দিব পাৰে ছাগে ।

ল’ৰাবোৰে প্ৰায়ে ভলী খেলি থকাই দেখিছিলো , দেখি হিংসা অকণ কোনোবা এঠাইত নলগাকে নাথাকিছিল পিছে , ল’ৰাবোৰে ভলী খেলিছিল যিমান ভালকে ছোৱালীও জোকাইছিল তেনেকে, ল’ৰাবোৰক দেখিলেই ‘ বহোঁ তাঁতৰ পাতত চকু আলিবাটত ‘ বিহুটোহে মনলে আহে যদিও ল’ৰাহঁতৰ ভলীয়ে এটাও হিট মিছ নকৰিছিল , আমাৰ লগৰ দিলীপকো দেখিলো খেলি থকা , প্ৰণৱদা আৰু দিলীপৰ বাদে কাকোৱেই চিনি নাপাইছিলো তেতিয়া । আমাৰ আগে আগে কেইগৰাকীমান আমাৰ হোষ্টেলৰ আৰু দূবৰিৰ হোষ্টেলৰ চিনিয়ৰ গৈ আছিল , সেইখিনি পালেগৈ ছোৱালীবোৰৰ খোজৰ গতি এনেও অলপ মন্থৰ হৈয়ে যায় , কৃষ্ণচূড়াদেশৰ নাগৰিকে এনে মধুৰ সময়বোৰৰ অপচয় কেতিয়াও নকৰে , আমাৰ গতিও মন্থৰ হৈ আহিল , চিনিয়ৰক পাছ পেলাই যাব পৰাকে দুঃসাহসী নাছিলো আমি । পিছে আচৰিতধৰণে সিদিনা AT 9 বাসী খেলাতে ব্যস্ত , সন্মুখেৰে যে মইনাৰ দলটো গৈ আছে কোনেও যেন দেখাই নাই , হঠাতে দেখোঁ চিনিয়ৰ এগৰাকীয়ে হাউলি কিবা এটা বুটলিবলে লোৱা যেন লাগিল , পিছে জপিয়াই যোৱাৰদৰে তেঁও ধৰিবলে বিচৰা পখিলাজাতীয় ( আঁতৰৰ পৰা পখিলা যেনেই লাগিছিল ) বস্তুটো অকণমান আঁতৰি গ’লনেকি , বাগৰাকীও কুঁজা হৈয়ে পৰি থকা বস্তুটো থপিয়াই ধৰিবলে চেষ্টা কৰিলে , তেনেকৈয়ে তিনিবাৰমান আমি নেদেখা জপিয়াই থকা বস্তুটো ধৰিবলে বাৰ তাম্মাম প্ৰচেষ্টা , পিছে কিনো বস্তু জানো সেইটোও দেখোন ৰৈ নাথাকে । কিনো ধৰিবলে যুঁজ চলাই আছে বুলি চাঁও বুলি ভাবোঁতেইচোন ভলীবলৰ টিমে ভলী ক’ৰবাতে এৰি অট্টহাস্য কৰি উঠিল , কুঁজা হৈ পখিলা ধৰিবলে লোৱা বাগৰাকীৰ পৰা এক মিটাৰমান দূৰত থকা AT 9 ৰ চৌহদৰ গছ এজোপাৰ ওপৰৰ পৰা কোনোবাই চিঞৰি উঠিল ” অ’ মইনাই নিলে ঔ … মোৰ এশটকাটো নিলে ঐ মইনাই ….অ’ চুবুৰীয়া মইনা …… নাপায় দেই … নিনিবা আমাৰ এশ টকাটো……অ’ মইনা …..”

ইমানেই তৎক্ষণাত ঘটনাটো ঘটিছিল যে আমি একো ধৰিবই নোৱাৰিলো , কিবা বুজি পোৱাৰ আগতেই আমি সেইখিনিৰপৰা যেনেতেনে পলোৱাৰ চিন্তাহে কৰিলো , যাতে পিছত চিনিয়ৰৰ ৰোষত পৰিবলগীয়া নহয় । পিছে আইনষ্টাইন মাইনা সাৰি যোৱা নাছিল , আইনষ্টাইন মাইনা আৰু দূবৰি মইনাই যেনেতেনে পলাই ৰুণু বাইদেউৰ পি চি অ’ৰ আগতহে উশাহটো লৈছিলগে আৰু পেটত ধৰি ধৰি হাঁহি উঠিছিলোহঁত পি চি অ’ৰ ভিতৰত সোমাই । আগতেই কৈছো নহয় এই ল’ৰাবোৰৰ মইনা জোকোৱাৰ কৌশলটো একদম বেলেগ , মইনা জোকাবলে এই বুধিবোৰ ক’ৰপৰা আহে ভাবিয়েই নাপাঁও । ঘটনাটো আছিল এনেধৰণৰ ..

AT 9 হোষ্টেলৰ চৌহদটো বহুবোৰ জোপোহা গছেৰে ভৰা , কি গছ নামবোৰ নাজানিছিলো , গছবোৰ বৰ বেছি ওখ নহয় , জঁপিয়াই উঠিব পৰা , গছত প্ৰায়ে বান্দৰ বা বাদুলি ওলমাদি ল’ৰাবোৰে ওলমি মইনা জোকায় , নহ’লেবা গেইটখনৰ খুটাতো বহি বহি জোকায় , সেইদিনাখন কোনাবাই চাতুৰালিৰে এশটকাৰ নোট এখন ক’লা মিহি গুলীসূতাৰে বান্ধি বনৰ ওপৰতে পেলাই থৈছিল , আহোঁতে যাঁওতে চকুত পৰাকে , পৰিছিল চকু , আমাৰ চিনিয়ৰ এগৰাকীৰ । এশ টকাখন পৰি থকা দেখি কোনেনো বুটলি নল’ব বাৰু ! সেয়ে তেঁও বুটলি ল’বলে কুঁজা হৈ যাঁওতেই সেই গছৰ ওপৰত উঠি থকা সূত্ৰধাৰজনে লাহেকৈ এহোঁচোক ক’লা সূতাডাল টানি দিয়ে যেন বতাহতহে উৰি গ’ল , আৰু ধৰোঁতাগৰাকীয়ে চেষ্টা ব্যৰ্থ হ’বলে নিদি পুনৰ ধৰিবলে চেষ্টা কৰে … এনেকৈয়ে সূত্ৰধাৰ , এশটকী আৰু ধৰোঁতাৰ মাজত প্ৰায় একমিনিটীয়া এখন যুঁজ চলে আৰু তেনেতে পাত্তা নিদিয়া যেন দেখুৱাই থকা খেলপ্ৰেমীসকলে পৰিচালকৰ নিৰ্দেশ মৰ্মে গিৰ্জনি মাৰি হাঁহি দিয়ে লগে লগে সূত্ৰধাৰেও সেই বিশেষ মইনা নাৰ্ভাছ কৰোৱা বচনকেইফাঁকি মাতি দিয়ে পাতৰ আঁৰেৰে ভুমুকি মাৰি । তাৰপিছত কাৰ কি অৱস্থা হ’ব পাৰে পাঠকে নিজেই অনুমান কৰিব পাৰিব ।

আৱেগভৰা AT 9 হোষ্টেল , পঢ়াকালত ফটো উঠিবলে মন থকা ঠাইকণতে ফটো এখন উঠিলো দেৰিকে হ’লেও

ভাগ্যে সিদিনা পইছাটো আমাৰ চকুত নপৰিল বুলিহে , নহ’লে আইনাষ্টাইন মাইনা চোৰ মাইনা হ’বলে অকনো দেৰি নালাগিলহেঁতেন । আমাৰ চিনিয়ৰগৰাকী যথেষ্ট নাৰ্ভাছ হৈছিল সেই সময়ত ঘটনাৰ তাৎক্ষণিকতাত, পিছে কেম্পাছ সোমোৱাৰ লগে লগেই গোটেইকেইগৰাকীক হাঁহিত ফাটি পৰা আমি ৰুণু বাইদেউৰ পি চি অ’ ৰ পৰাই দেখা পাইছিলো , আমাকো বৰ মন নকৰিলে সিদিনা , ইফালে বেল পৰাৰ সময়ো হৈছিল , টিকটকেইটা থৈয়েই নামি আহিবৰে হৈছিল , বুকুত গুঞ্জন উঠিছিল সেই হেঁপাহৰ সুৰটো …

” আদি নিৰঞ্জন ক্ষীৰোদ শয়ন…..”

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২১

মণিবায়ে ডিউটি লিষ্টৰ লগতে আৰু এটা কাম দিলে , ৰূম ইণ্ট্ৰ’দাক্স্যন ল’ব লাগিব । ৰূম ইণ্ট্ৰ’ লোৱাৰ দুটা কাৰণ আছিল প্ৰধানকে – সকলোৰে লগত চিনাকি হোৱা আৰু ফোন আহিলে ৰূম ভুল নকৰাকে মাতিবলে যোৱা , গতিকেই বৰ সাৱধানে আৰু মনোযোগেৰে কৰাৰ কামেই আছিল সেইটো । চিনাকিপৰ্ব শেষ হোৱাৰ লগে লগেই ৰূমলে গ’ল সব , জিনাক্ষিয়ে ইতিমধ্যে এইটো কাম কৰি আজৰি , তাই চিনিয়ৰৰ নামো জনা হ’ল , লভিতাৰ লগতে বৈভৱী ওলাল , যোৱাৰ আগতে জীনা বা আৰু ডিম্পীবায়ে বুজাই দিলে কেনেকৈ কি কৰিব লাগে । দুইজনীয়ে ভালকে নিজকে সৰু সৰু আইনাত চাই ল’লে , ওঁঠ টিপি হাঁহিবনে দাঁত উলিয়াই হাঁহিব ভালদৰে চাই ল’লে , দাঁতকেইটা ওঁঠৰ মাজেৰে সামান্য উলিয়াই হাঁহিলেহে অলপ বেছি ভদ্ৰ যেন দেখিলে নিজকে বৈভৱীয়ে , চুলি টিপটপকে বান্ধি চেলোৱাৰ কামিজৰ লগত দোপাত্তা খন খহি নপৰাকৈ পিন লগাই হাতত বহী আৰু কলম লৈ ওলাই গ’ল ৰূম ইণ্ট্ৰ’ ল’বলে জীনাবায়ে কুকুবাৰ ৰূমলে পঠাই দিলে , আৰম্ভণিটো ভাল (?) হওক বুলি । ৰূমত সোমোৱাৰ আৰু কৰিড’ৰত খোজ কঢ়াৰ নিয়ম আছিল , চেণ্ডেল চোঁচোৰাই অথৱা শব্দ কৰি খোজ কাঢ়িব নোৱাৰিব , ৰূমত সোমাওতে দুৱাৰত নক কৰি সোমোৱাৰ লগতে সুধিহে সোমাব লাগিব ইত্যাদি ।

দুয়োজনী অতি সন্তৰ্পণে আগবাঢ়িল মুখত মাতবোল নোহোৱাকৈ, তেতিয়ালৈকে সিহঁতেই বিশেষ কথা বতৰা পতা নাছিল , ফ’ৰ্থ ব্লকৰ শেষৰ ৰূমটোত যিমান পাৰোঁ সিমান লাহেকৈ টোকৰ দিলে তাই , সিহঁতে যিমান সৰুকে টুকুৰিয়ালে তাৰ বিপৰীতে ভিতৰৰপৰা একা দমদাৰ মাত ভাঁহি আহিল জোৰেৰে , সিহঁতে আশা কৰাৰ দৰেই ” come in ” । সোমাই গ’ল , ঠিয় হৈ ৰ’ল , জুনিয়ৰৰ বহা নিয়ম নাই চিনিয়ৰ থাকিলে , নকয়ো বহিবলে , কুকুবাৰ লগত চিনাকি হৈছিলেই আগতেই তথাপিও নিয়ম নাভাঙিবলে আকৌ …. মুখত একেই মৰম মিহলি কঠোৰতা খিনি ৰাখি কুকুবায়ে নিজৰ নাম আৰু ডিপাৰ্টমেণ্ট ক’লে লগতে আকৌ সতৰ্ক কৰি দিলে যাতে সেইটো ব্লকৰ জুনিয়ৰৰ কথা বেয়াকে কাৰোৰেপৰা শুনিব নালাগে । বাৰ ৰূমৰপৰা ওলাই আহি দুয়োজনীৰে মুকলি লাগিছিল মনটো , উশাহটো পাতল লাগিছিল , ইয়াৰ পিছত সিহঁতে নিজৰ ব্লকৰ বাকী চিনিয়ৰ সকলৰ ৰূমলে গৈ গৈ একেধৰণেই চিনাকি হ’লগে , বৰ্ণালী বা , মুন্মী বা , জোনালী বা , জুৰি বা , গায়ত্ৰীবা সকলোৰে লগত ।

নিজৰ ব্লকৰখিনি শেষ কৰিয়েই নামি গ’ল সিহঁত তললে , কোনফালে যাঁও প্ৰথমতে ধৰিব পৰা নাছিল , আগতে 2 nd ব্লকলেকে সোমাই গ’ল সিহঁত দুয়োজনী , ডাইনিং হলৰ সন্মুখত বাঁওহাতে , বহীখনৰ ওপৰত লিখি ল’লে 2nd block বুলি , শেষৰ ৰূমটোলে গৈ একেই লাহেকৈ দুৱাৰত টোকৰ দিলে , ভিতৰৰ পৰা একেই দমদাৰ আৱাজ … কাম ইন… কান্ধলৈকে পৰা চিধা চুলিৰ বাজনী , চিনাকি পৰ্বত জুনিয়ৰক কন্দুৱাই দিব পৰা বাজনী , ৰূমত , দেখিয়েই থৰমৰ খাই গ’ল সিহঁতে , মুখেৰে কথা নোলাবই যেন , তেঁও চাই থাকিল দুয়োজনীলৈকে , কথা আৰম্ভ কৰাত ভাল বৈভৱীয়ে বাক ক’লে বোলো আমি 2nd block ৰ ইণ্ট্ৰ’ ল’বলে আহিছো । ক’বলেহে পালে তেনেকৈ … যিহে চাঁৱনি দিলে আৰু ভঙা ভঙা অসমীয়াত সুধিলে কোন ব্লকলে গৈছা বুলি ? তাই টপৰাই আকৌ 2nd block বুলি ক’লে , নিমিষতে ভাল এজাউৰি দিলে , বোলে চিনাকি হ’বলে আহিছা , কোন ব্লকলে আহিছা তাকো নাজানা… এইটো ফাৰ্ষ্ট ব্লকহে , অলপ দেৰিৰ পিছত বাৰু নাম ক’লে বৰ বিৰক্তিৰে , সেইয়া আছিল গীতা বা , জুনিয়ৰ হৈ থাকোঁতে আটাইতকৈ ভয় কৰা বাসকলৰ ভিতৰৰ গীতা বা । আৰম্ভণি বেয়া । পিছে দেৰি কৰিবও নোৱাৰি , ৫৪ টা ৰূম দৌৰাৰ কথা , এটা এটাকে ৰূমবোৰলে সোমাই গ’ল সিহঁত সেই একেই লাহেকে দুৱাৰত টোকৰ দি । এটা ৰূমত সোমাবলে লঁওতে ভিতৰৰপৰা সেই চিনাকি মাতটো আহিল , এছেম্বলীত নিয়ম কোৱা বাজনীৰ মাতটো , শুনিয়েই কিবা লাগিল , লভিতা আৰু তাই দুইজনী লাহেকৈ সোমাই গ’ল , হোষ্টেলৰ আনবোৰ ৰূমৰ তুলনাত যথেষ্ট পৰিষ্কাৰ আৰু পৰিপাটি , ঠিক বাজনীৰ দৰেই , লগত আৰু এগৰাকী চিনিয়ৰ । মুখৰ পৰা কথা ওলাব খোজা নাছিল , সেপবোৰে খুন্দা মাৰি ধৰিছিল , পিছে ৰূমৰ ভিতৰত চিনিয়ৰৰ মুখাখন নাছিল তেঁওৰ , মৰমেৰেই নিজৰ পৰিচয় দিছিল লগতে ভালকে চিনাকিও হৈছিল , তেঁও আছিল মিনি বা , যথেষ্ট স্ৱাস্থ্য আৰু সৌন্দৰ্য সচেতন মিনিবা ।

সেইটো ব্লকৰ চিনাকি লৈ ওলাই আহিহে চালে ভালকে দুয়োজনীয়ে , ব্লকৰ আগত লিখাই আছিল ফাৰ্ষ্ট ব্লক বুলি , ইমান দিন আহিল বৈভৱী মণিবাৰ ওচৰলে , এবাৰো নাচালেনে , কোনোবাই মণি বা 2nd block বুলি কৈ পঠাইছিল হোষ্টেললে অহাৰ আগত তাকেই মনত ৰাখিলে তাই , গীতাবাৰ গালিয়েহে সিদিনা একেবাৰতে মনত ৰখাই দিলে । এইটো ব্লকৰ সন্মুখৰটোৱেই আছিল 2nd block , ইয়াৰ চিনিয়ৰখিনি সিহঁতৰ ব্লকৰ খিনিৰ দৰেই , জুনিয়ৰ মূৰত উঠাব পৰা । ৰিমকি বা আছিল সেইটো ব্লকত , প্ৰথমদিনাৰেপৰাই বাক দেখি যথেষ্ট দৃঢ় আৰু আত্মবিশ্বাসী যেন লাগিছিল , মুখত হাঁহি আৰু সৰলতা , প্ৰথম দেখাতে আপোন আপোন কৰিব পৰা গুণ । সোমাই যাঁওতে বায়ে চাহ খাই আছিল আৰু দুগৰাকীমান চিনিয়ৰৰ লগত , মামনি বা , চিত্ৰা বাহঁতৰ লগত । সিহঁতকো দিলে , খাঁওনে নেখাঁও ধৰিব নোৱাৰিলে যদিও ভাল লাগিল আন্তৰিকতাখিনি । বিস্কুটদুখন সৰু ছোৱালীয়ে লোৱাদি লৈ ওলাই আহিল দুয়োজনী ।

গোটেই ৰূমবোৰলে গৈ হৈছিলগৈ যদিও চিনিয়ৰ জুনিয়ৰ মিলাই কেইটামানহে নাম মনত ৰ’ল , ফোন ধৰিব পৰাকে আৰু মাতি দিব পৰাকে নাম মনত নৰ’ল যদিও হোষ্টেলত থকা সময়খিনিত সেই বহীখন একান্তই লগৰী হ’ল । ফোন আহিলেই সেয়েহে কৰোঁতাক সুধি ল’বলগীয়া হৈছিল নাম , ব্লক আৰু ৰূমনং , তাৰ মজাও আছিল বেলেগ ।

চাওঁতে চাওঁতে মাঘবিহু পালেহি পলিৰ লগত বিহুত ঘৰলে যোৱাৰ আগত অমৃতাক লগ কৰিবলে গ’ল দূবৰিৰ লগত , উদ্দেশ্য অমৃতাৰ হোষ্টেল চোৱা আৰু একেলগে বাছৰ টিকট কৰিবলে যোৱা । আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ওলাই আইন মহাবিদ্যালয়ৰ আগেৰে গৈ চেনিপুলৰ ফালে তাইৰ হোষ্টেললে যাব পাৰি , পিছে সেইফালে যাবলে দুটা বয়জ্ হোষ্টেল পাৰ হৈ যাব লাগে , RCC 1 আৰু RCC 2 বয়জ্ হল , এই ল’ৰাবোৰ শেনৰ এজাত বুলি আগতেই জানে যদিও উপায়ো নাছিল , হস্পিতেলৰ আগেৰে যাব পাৰি যদিও সিমানদূৰ ঘুৰি যোৱাতকৈ চমু আৰু চেনি বাটেৰেই যাবলে ভাল হ’ব বুলি ভাবি সেইফালেই বাট ল’লে সিহঁতে । পিছে জুনিয়ৰ হৈ থকা কালত ভুলতো যাতে ওলোটাই একো নকয় বা ল’ৰাৰ হোষ্টেলৰ ফালে নাচায় তাৰবাবে বাৰে বাৰে সতৰ্কবাণী আছিলেই হোষ্টেলত । তলমূৰ কৰি পাৰ হৈ যাঁওতেই আৰ চি চি ১ ৰ পৰা নে ২ ৰ পৰা জানো চিঞৰিলেই সিহঁতক উদ্দেশ্যি.

” মইনা তুমি জুই , অ’ নতুন মইনা এইফালে এবাৰ চোৱানা , মইনা তোমাৰ অবিহনে মোৰ জীৱন অন্ধকাৰ …. মইনা অ’….মোৰ আশাত চেঁচা পানী নাঢালিবা ….মইনা……”

কাণ মূৰ গৰম কৰি পাৰ হৈ যাঁওতেই আকৌ চিঞৰিলে ..

” অ’ দূবৰি মইনা …এইফালে এবাৰ চোঁৱানা … দূবৰি মাইনা তোমাৰ লগত পাপৰিনে জাপৰি মাইনা অ’ .. মাত দিয়ানা … ”

দূবৰি আৰু বৈভৱীৰ নাম যে লগৰ কাৰোবাৰপৰা সুধি লৈছিল সেইটো খাটাং গম পালে ,ভৰি কেনি দৌৰিছিল ঠিক নাই , হোষ্টেলকেইটা পাৰ হ’বলে পালেই যেন বাচি যায় সিহঁত , জ্বৰে ঘমাদি ঘামিলে শেষ হ’বলে ধৰা পুহৰ মৰঠাণ্ডাটো , বুকুৰ ঢুকঢুকনিটোৱে সাৰ পাই উঠিল যদিও এইবাৰ ভয়ৰ নাছিল , আছিল এক কৃষ্ণচূড়াময় উত্তেজনা , জালুকবাৰীৰ মইনা হোৱাৰ উত্তেজনা । স্কুলীয়া পুৰণি নামটো নতুন হৈছিল , অভিজ্ঞানীহঁতৰ সাঁই বাবা AT 9 বাসীৰ আইনষ্টাইন আকৌ স্কুলীয়া জাপৰি হৈছিল , হাঁহো নে কান্দো ! এই চুলিৰ গতি লগাবই লাগিব । সিহঁত পাৰ হৈ গ’ল , পিছে ল’ৰাবোৰৰ মইনা পৰ্ব শেষ হোৱা নাছিল , কাৰণ সেইটো বাটৰ যৌৱন শেষেই নহয় , অনন্তা অসীমা যৌৱন সেই বাটত , কাৰণ এইটো কেম্পাছত যে ৬ নে ৭ টা ছোৱালীৰ হোষ্টেল ।

RCC 1 boys hall ৰ আগেৰে যোৱা বাট

যেনেতেনে মনৰ উত্তেজনা আৰু ভাগৰ এফলীয়া কৰি সোমাই গ’ল ইটো কেম্পাছৰ সেই বিশাল গেইটখনেৰে , এই কেম্পাছটোত কেইবাটাও হোষ্টেল আছিল , বিশাল কেম্পাছটোৰ দুফালে দুখন গেইট, RCC 3 ৰ আগেৰে এখন আৰু AT 3 ৰ আগেৰে এখন , তেতিয়া RCC 3 ৰ আগেৰে থকা গেইটখন বন্ধ আছিল , সিহঁতৰ কেম্পাছৰ দৰেই আকৌ প্ৰতিটো হোষ্টেলৰে গাইগুটীয়া গেইট আছিল । AT 3 আগেৰে সেই একেই জুনিয়ৰৰ সমস্ত সৰলতা মুখত সানি আগবাঢ়িল অমৃতাৰ হোষ্টেলৰ ফালে , কাৰণ তাইও জুনিয়ৰ যে , তাত বা কেনে নিয়ম ? পৰিৱেশটো ভাল লগা সেইফালেও । সোমায়েই বাঁওফালে AT 3 girls hall ৰ একছেটিয়া সাম্ৰাজ্য , সন্মুখত RCC 1 , AT 2 , RCC 2 , আৰু research scholars girls hall . RCC 3 আকৌ কাষলে বেলেগকে আছিল , তিনিমহলীয়া । ইহঁতৰ কেম্পাছত বান্দৰে বৰ দিগদাৰি দিছিল , বান্দৰৰ উৎপাত পিছে মাৰ্কেট কেম্পাছত নাছিল । অমৃতাক লগ কৰিয়েই ওলাই আহিল তাইকো লগত লৈ গোটেইকেইজনী । তাহাঁতৰ কেম্পাছৰ পৰা ওলাইয়েই পোৱা পুখু্ৰীটোৰ পাৰেৰে অধ্যাপক নিৱাসৰ আগেৰে সৰু ৰাস্তাটোৰে লঠঙা সোণাৰুবোৰৰ তলে তলে ৬নং বাছত উঠিহে প্ৰাণভৰি উশাহ লৈছিলো সিদিনা ।

অধ্যাপক নিৱাসৰ আগফালৰ পৰা RCC 3 আৰু AT 3 হোষ্টেলৰ পাছফাল

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২০

মাঘবিহুৰ সময় , ঠাণ্ডাও যথেষ্ট পৰিছিল তেতিয়া , পুৱা নবজালৈকে বেলিয়ে ভুমুকি মাৰিবলৈ মনেই নকৰে , জালুকবাৰীৰ কুঁৱলীত মায়া আছিল , কুঁৱলীবোৰে বাট ফালি ফালি লৈ গৈছিল ঘৰলৈ , প্ৰাণৰ ঘৰখনলৈ । বৰকৈ মনত পৰিছিল মা দেউতালে , দাদা ছুকুবালে আৰু আটাইতকৈ বেছি মৰমৰ মুনলে । ইফালে ছুকুবাৰ বিয়াও ঠিক হৈছিল , গতিকেই মনটো ঘৰতেই ঘুৰি ফুৰিছিল ।

হোষ্টেলত একেবাৰেই নতুন যদিও ডিপাৰ্টমেণ্টৰ প্ৰায় সকলোৰে লগত বন্ধুত্ব হ’ল , বহুতো ঘনিষ্ঠ বন্ধু হ’ল । আমি কটনিয়ান বান্ধৱীকেইজনীৰ বন্ধুৰ তালিকাখন দীঘলীয়া হৈ গ’ল , প্ৰতিজনী ছোৱালীয়েই নলেগলে লগা বুলি ক’লেও অত্যুক্তি নহয় , ল’ৰাবোৰৰ লগতো সুন্দৰ বন্ধুত্ব হ’ল লাজকুৰীয়া ল’ৰাকেইটাক বাদ দি । তাৰে মাজত বিশেষ হৈ ৰ’ল টংকেশ্বৰ ( তাৰ নামটো দীঘল কাৰণে টিকু কৰি লৈছিলো ) , ঢেকিয়াজুলিৰ কল্প, মঙলদৈৰ সঞ্জীৱ , আমাৰ দেৰগাঁৱৰ পংকজ । ইহঁত গোটেইকেইটা তেতিয়া পহু আছিল , বয়জ্ হলৰ নৱাগত ল’ৰাবোৰক পহু বুলি কৈছিল বাবে সিহঁতেও আমাৰ আগত নিজকে পহু খাটন দিছো বুলিয়েই ৰগৰ কৰি কয় মাজে মাজে।

পহুবোৰে ডিপাৰ্টমেণ্টত আহিহে স্বস্তিৰ উশাহ লৈছিলহি , ক্লাছ আৰম্ভ হোৱাৰ পিছৰে পৰা পহুকেইটা হোষ্টেলত আছিল , সঁচাই পহু আছিল আমাৰ ইহঁতকেইটা , বিশেষকে সঞ্জীৱ । তাৰ চকুত অনবৰতে কিবা এটা বিষাদ আছিল , সেই আশ্ৰমখনত দেখা ল’ৰাকেইটা অথৱা ডিম্পীবাৰ চকুৰ বিষাদখিনিৰ লগত যেন মিল আছিল , অতিকে কম কথা কোৱা আৰু অলপ লাজকুৰীয়া স্বভাৱৰ ল’ৰাটোক লগ পোৱাৰে পৰা কিবা এটা মৰম লাগিছিল , ভাল লাগিছিল । গোটেইকেইটাই অত্যন্ত সহজ সৰল আৰু নিমাখিত আছিল , ৰাতিপুৱাৰ ক্লাছটোত তাহাঁতক অলপো সজীৱ নালাগিছিল দেখি , প্ৰায়ে মনবোৰ সেমেকা সেমেকা দেখিছিলো । পহু জীৱনৰ বিভিন্ন কাহিনীবোৰ আগতেই দাদাহঁতৰ মুখত শুনিছিলোৱেই গতিকে বুজিছিলো তাহাঁতৰ অলসতা , পহুজীৱনৰ কষ্ট পহুজীৱনৰ অভিজ্ঞতা পহুবোৰে কিন্তু কেতিয়াও নকৈছিল পহুকালত ।

তেনে এটা পহুৱেই আহি সুধিছিলহি আহি হোষ্টেলত কেনে পাইছ বুলি ? ক’বলে একো নাছিল এদিনীয়া অভিজ্ঞতা , দূবৰিয়েও কোৱা নাছিল একো , তথাপিও আগদিনা বাজনীয়ে কোৱা নিয়মবোৰৰ কথা কৈছিলো , হাঁহি পেলাইছিল আমালে চাই গোটেইকেইটাই । কল্প কিন্তু আৰম্ভণিৰেপৰা আমাৰ লগত পুৰণি বন্ধুৰদৰেই আছিল , লগ পোৱাৰ পিছতে তই বুলিবলে বেয়া নোপোৱা বন্ধুবোৰৰ মাজত আছিল কল্প , দুখত চকুলো মোহাৰি দিব পৰা অধিকাৰেৰে বন্ধুত্ব জমাব পৰা বন্ধু আছিল কল্প , সুখৰ কালৰ কথা নক’লোৱেই বা । আমাৰ নিয়মবোৰ তাহাঁতৰ তুলনাত তেনেই একোৱেই নাই , তাহাঁতৰ যিহে অভিজ্ঞতা …. আমাৰ লগত মিল থকাৰ নামত তাহাঁতৰ এটাই মিল আছিল , কাপোৰ পিন্ধাৰ মিল । হাত দীঘল চাৰ্টহে পিন্ধিব পাৰিছিল আৰু ভাত খাবলে যাঁওতে সদায় গামোছা লৈ যাব লাগিছিল ডিঙিত , তাৰবাদে ৰূম ইণ্ট্ৰ’ , গণ পিতন , গণমূতন , যিমান পাৰে সিমান বেয়া গালি এইবোৰ কিবাকিবি ঢেৰ আছিল বোলে ( ক্ষমা হে বিচাৰিলো একালৰ পহুসকলৰ ওচৰত )। পহুকালত এই শব্দবোৰহে কৈছিল আমাৰ আগত , তাকো সিহঁতে নিজৰ মাজত কথা পাতোঁতেহে আমি শুনিছিলো , পিছত গণপিতন আৰু গণমূতনৰ ব্যাখ্যা শুনি লাজেই পাইছিলো নে চখেই পাইছিলো এতিয়াও বুজি নাপাঁও । বেচেৰা কেইটা পংকজৰ বাহিৰে গোটেইকেইটা RCC 1 boys hall ত আছিল আৰু সিহঁতৰে দুৰ্ভাগ্যবশতঃ আমাৰ ডিপাৰ্টমেণ্ট চিনিয়ৰ সুমনদা , নৱদা , প্ৰাণজিৎদা , আত্ৰেয়দা গোটেইকেইজন তাহাঁতৰ হোষ্টেল চিনিয়ৰ আছিল আৰু পংকজ আৰু অৱনদাহে RCC 2 boys hall ত আছিল । গতিকেই আমাৰ লগত বৰ এটা হ’লিগলি ও কৰিব নোৱাৰিছিল বেচেৰাহঁতে ।

পলিক লগ কৰিবলে গৈছিলো , এৰাতিতে এযুগমান লগ নোপোৱাৰদৰে লাগিল তাইক , পলিক লগ কৰিবলে যাঁওতে তিৰুপতিয়েও মাত লগালে , বেলেগ লাগিছিল তিৰুপতিক , বৰ আন্তৰিকতাৰে খবৰ ল’লে , নতুনকে পহু জীৱন আৰম্ভ কৰা ৰুবুল হিৰণ্যকো দেখিলো , পহুকলীয়া অৱস্থাত পিছে আমাক লাজ লাজকেহে মাতিলে দুয়োটাই । পলিৰ আৰু তিৰুৰ তেতিয়ালৈকে হোষ্টেল ঠিক হোৱা নাছিল , দুয়োজনীয়ে কিবা খেলিমেলি কৰিছিল ফৰ্ম ফিল্ আপ কৰোঁতে । আমি আমাৰ ডিপাৰ্টমেণ্টৰে সন্মানীয় দীপক শৰ্মা চাৰক কথাটো কাণ চোৱাম বুলি ভাবিলো কাৰণ চাৰ তেতিয়া হোষ্টেল কনভেনেৰ আছিল বুলি জানিছিলো , গতিকে পলি আৰু তিৰুৰ হোষ্টেলৰ কথা সুধিবলে চাৰৰ ওচৰলে যোৱাটোৱেই ঠিক কৰিলো, আমাৰ কেম্পাছতে যদি হৈ যায় কিযে ভাল লাগিব !

ক্লাছ শেষ কৰিয়েই ক’তো নোৰোৱাকে হোষ্টেললে যোৱাৰহে চিন্তা , নহ’লে আবেলিৰ ভাত নাপাবগেও পাৰোঁ বুলি ৰাতিপুৱাই ডিম্পীবায়ে কৈ পঠিয়াইছিল , ভাত পালেও দাইল আৰু আলু নাপাবও পাৰোঁ কাৰণ বহুতে সোনকালে গৈ আলুবোৰ বেছিকে লৈ লৈছিল । মাৰ্কেটত বিস্কুট এপোৱা লৈ হোষ্টেল পাইছিলোগে , পিছে জীনাক্ষিয়ে মোলে ভাত আনি থৈছিলেই তাই আগতে পালেগে বাবে । জীনাক্ষিয়ে ৰূমত ভাজি এখন বনাইছিল , আধা কুমলীয়া বুটৰ লগত হোষ্টেলৰ দাইলত দিয়া আলু দুফালেৰে তেলত পিয়াঁজ আৰু পাছফোৰণ দুটামান দি বৰ সোৱাদ লগা ভাজি এখন ৰান্ধিছিল , ভাজিখন নমোৱাৰ আগে আগে দুটামান কেঁচা জলকীয়া আৰু কেঁচা ধনীয়া দুডালমান দি দিয়াৰ পিছতে যে কি সুঘ্ৰাণ আহিছিল …. তাইৰ পাঁজিসেৰীয়া হাতখনেৰে যেতিয়া খচখচকে হেঁতাৰে ভাজিখন লৰাই থাকে মোৰ চাই থাকি বৰ ভাল লাগে , আকৌ লংকেশ্বৰলে উৰা মাৰে মন, দেৱাশ্ৰীৰ খানালে মনত পৰে । এই সোৱাদৰো ভাগ হৈছিল , দুভাগ হৈছিল , এভাগ তাইৰ , এভাগ মোৰ । তাইৰ ৰূমমেট প্ৰায়ে নাথাকিছিল আৰু ডিম্পীবায়ে প্ৰায়ে আবেলিৰ ভাত হোষ্টেলত নাখাইছিল । গতিকেই দুভাগ ।

ৰূমত চকীখনত বহি অথৱা খিৰিকিৰ ৰেলিঙত ধৰি বাহিৰৰ ৰাস্তা আৰু সেই গছজোপালে চাই থাকি বৰ ভাল লাগিছিল ( এতিয়াও এই অভ্যাস যোৱা নাই ) , খিৰিকিৰ কাষতে গছজোপা , ঠাণ্ডাৰ বাবেই ছাগে পাতবোৰো নিচ্ছল আছিল মোৰ মনটোৰ দৰেই , ৰেইন ট্ৰি আছিল সেইজোপা , এজোপা ডাঙৰ গছ , হৃদয়ৰ সমস্ত আৱেগ উজাৰি ক’ব পৰা এজোপা গছ, কিমানটা যৌৱন বা গৰকিলে গছজোপাই তাৰ হিচাপ স্বয়ং জালুকবাৰীয়েও ৰখা নাই ছাগে । গধূলিৰ আগে আগে ডিম্পীবাও পাইছিলহি , বাৰ হাততো বিস্কুট আছিল , টোপোলা দুইটালে চাই বায়ে সুধিলে মোক কিমান আনিছা বুলি ? মই এপোৱা নিয়াৰ কথা ক’লত বায়ে ক’লে তেঁও বোলে ২৫০ গ্ৰাম নিছে , কিন্তু দুইভাগ সমান যে ?? মৰম লাগি গৈছিল বালে , এপোৱা আৰু ২৫০ গ্ৰাম আমাৰ সাধু হ’ল ।

মাৰ্কেটৰপৰা দেখা সেই বিশেষ গছজোপা

সুৰুযে যেতিয়া হেঙুলীয়া বৰণ ধৰি AT 9 হোষ্টেলৰ ওপৰত আকাশখন হেঙুলীয়া কৰি তোলে তেতিয়াই বুকুৰ ঢুকঢুকনিটোৱে সাৰ পায় , প্ৰাৰ্থনাৰ বেল পৰিলে বুকুৰ ঢুকঢুকনিটো নিজৰ কাণতে বাজে , বৰ খৰকে । ” আদি নিৰঞ্জন ক্ষীৰোদ শয়ন ” বুলি যেতিয়া সেই বুকুলে উজোৱা প্ৰাৰ্থনাটো গাই থাকোঁ তেতিয়া বহুবোৰ মুখে অগা দেৱা কৰে , ঘৰৰ মানুহবোৰ , ইষ্ট কুটুম্ব বোৰ , বন্ধু বান্ধৱবোৰ , পহুবোৰ , আমিবোৰ সকলোৰে মুখবোৰ মনলে আহে , আটাইতকৈ বেছিকে প্ৰাৰ্থনাৰ পিছত মুখামুখি হ’বলগীয়া চিনিয়ৰসকলৰ মুখবোৰে চকুত ভিৰ কৰে । আগদিনাতকৈ বহুবোৰ নতুন ছোৱালী দেখিলো আমাৰ দৰেই , তাতে আৰু এখন চিনাকি মুখ ওলাল , ৰেশ্মা তামাং, মোৰ অন্তৰংগ বান্ধৱী শীতলৰ পুৰণি চিনাকি , দেখি ভাল লাগিল , চকুৰেই কথা পাতি আমি সোমাই গ’লো বুকuৱে ধান বনাদি বানিবলে লোৱা ঠাইকণলে , ডাইনিং হললে ।

চিনিয়ৰ সকলে যিমান কঠোৰতা আনিবলে চেষ্টা কৰিলেও বিফল হৈছিল , তেঁওলোকৰ কঠোৰ মুখৰ আঁৰৰ কোমলতাবোৰ ধৰা পৰিছিল মাজে মাজে , সেয়েহে হয়তো চিনিয়ৰৰ মৰমৰ আব্দাৰবোৰ প্ৰায়ে পুৰাবলগীয়া হৈছিল চিনাকি পৰ্ববোৰত । হঁহাৰ বাবে শাস্তি দিয়া শাস্তিবোৰ আকৌ মোক মাজে মাজে এনেই কৰিবলে দিছিল , ডিম্পীবাৰ অগাধ বিশ্বাস মোৰ ওপৰত ভালকে কৰি দেখুৱাব পাৰোঁ বুলি , ৰূমমেটৰ এখন অদেখা প্ৰতিযোগিতাও হৈছিল সকলোৰে মাজত , গতিকেই ৰূমমেট সকলোতে পাৰদৰ্শী হোৱাতো গৌৰৱৰে কথা , গতিকেই মোৰ চিনিয়ৰে মাতি নিছিল ইণ্ট্ৰ’ দিবলে তাকো কণী পাৰি পাৰি । বাৰ মান ৰাখিবলে মইও সেই বিশেষ ভংগীমাত কক কক কো…….বুলি চিঞৰি চিঞৰি কণী পাৰি পাৰি চিনাকি দিছিলো , মিতালীয়ে হাঁহিছিল , মইও হাঁহিছিলো , শাস্তি হৈছিল আমাৰ , ভীষণ শাস্তি । আৰু ফলস্বৰূপে আমি দুয়োজনীয়ে কুকুৰ ডান্স কৰিব লগা হৈছিল এটা বিশেষ গীত গাই গাই , গীতটো সকলোৱে গাব লাগিছিল , নাচি থকাবোৰেও আৰু নাচ চাই থকা বাকী জুনিয়ৰবোৰেও , তাৰে যদি কোনোবাই হাঁহে আকৌ সেইজনীয়েও নাচিবহি লাগিছিল সেই তাল মান বজাই গোৱা বিশেষ গানটোত

” কুকুৰে মূতে ৰুণজুন কুকুৰে মুতে / চিৰিক চিৰিক মুতে ৰুণজুন / চিৰিক চিৰিক মুতে ” …..এই গীতটো গাই চিৰিক চিৰিক মুতে বুলি গাঁওতেই এখন ভৰি বিশেষ ভংগীত দাঙি কুকুৰে মুতাৰ দৰে কৰিব লাগে । মনটো সেমেকিব খুজিছিল যদিও পহুবোৰৰ কথা মনত পেলাই প্ৰবোধ লৈ থাকিলো , তাতে এইবোৰ হোষ্টেলীয়া ধেমালিহে । আমাৰ দায়িত্ব আছিল , মণিবায়ে দায়িত্বৰ লিষ্টখন মাতি গৈছিল আৰু আমি ক্লাছতকৈও বেছি মনোযোগেৰে শুনি গৈছিলো কিজানিবা কিবা ভুল হৈ যায় , দায়িত্ব আছিল আমাৰ ফোন ৰিচিভ কৰাৰ , পাল পাতি আমি ফোন ৰিচিভ কৰিব লাগিব আৰু যদি কেনেবাকে চিনিয়ৰে ৰিচিভ কৰি কাৰোবাক মাতিবলগীয়া হয় তেতিয়াহ’লে কিন্তু মজা দিব বুলি সোঁৱৰাই দিলে সেই বাগৰাকীয়ে , আগদিনা নিয়ম কোৱা বাগৰাকীয়ে , মোৰ জপৰা চুলি খোলাকে দেখা ক্ষীণাংগী মৰমলগা বাগৰাকীয়ে ।

পাহৰণিৰ গৰাহলে যাবলে ধৰা আমাৰ মৰমৰ RCC 4 girls hall

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১৯

ব্লকৰ সকলো চিনিয়ৰ ওলাই যোৱাৰ পিছত জীনাক্ষি আহিছিল , মূৰৰ বিষ আৰু মনৰ বিষে একেলগে কোঙা কৰা বৈভৱীয়ে সজোৰে কান্দি উঠিল তাইৰ কোলাতে সোমাই , কান্দি কান্দি তাইৰ আগত কৈ গ’ল এফালৰপৰা

কেনেকৈ এৰি থৈ অহা লংকেশ্বৰখন প্ৰতিটো উশাহৰে হেঁপাহৰ হৈ পৰিছিল , বৰ মন গৈছিল আকৌ গোটেইকেইজনী একেলগে থাকিবলে , বুকুৰ ঢুকঢুকনিটো কমিছিল যদিও ভয় ভয় ভাৱ হৈছিল , তাই জানো পাৰিব থাকিব হোষ্টেলত ! ইমানবোৰ নিয়মে জানো বান্ধিব পাৰিব তাইক ? জিনাক্ষি পিছে আৱেগত উটি ভাঁহি ফুৰা ছোৱালী নহয় , বৈভৱীৰ পেনপেননি শুনি চিনিয়ৰৰ আগত নিমাখিত হৈ থকা ছোৱালীজনীয়ে দম এটা দি বৈভৱীক ভাত খাবলে লৈ গ’ল , দুৱাৰ মুখতে ৰৈ আছিল মিতালী মিঠা হাঁহিৰে , মিতালীও কটনিয়ান বান্ধৱীয়েই আছিল যদিও বৰ বিশেষ অন্তৰংগ নাছিল তেতিয়া , পিছে ইয়াত পাই সাহস অকণ পোৱা যেন লাগিল গোটেইকেইজনীৰে একেলগে । বৈভৱীৰ সন্মুখৰ ৰূমটোৱেই জীনাক্ষিৰ , তাইৰ কাষৰটো জীনাবাৰ , তেতিয়া লভিতা বুলি কোৱা ছোৱালীজনী জীনা বাৰ ৰূমলেকে আহিছে , 4th ব্লকত তেতিয়া আমি চাৰিজনীয়েই নতুন । তাইকো মাত লগাই খাবলে যাবলে এটকেন মেটকেন কৰি থাকোঁতেই কটনৰ শিক্ষাবিভাগৰ চিনিয়ৰ বাৰ্বী বাৰ্বী লগা বৰ্ণালীবা চিৰাচৰিত সাংঘাতিক সুখী সুখী লগা হাঁহিটোৰে সিহঁতৰ ওচৰ পালেহি , তেতিয়াহে দেখিল বৰ্ণালী বাক প্ৰথম বৈভৱীয়ে , এছেম্ব্লী ৰ সময়ত কাকোৱেই নেদেখিলে দেখোন ( ওপৰলে চোৱা হ’লেহে দেখিলেহেঁতেন অৱশ্যে )। কটনৰপৰাই বৰ্ণালীবাৰ লগত আন্তৰিকতা আছিল , আকৌ লগ পাই আৰু ভাল লাগি গ’ল মনটো তাইৰ , বায়ে সোনকালে নামি যাবলে ক’লে নহ’লে আলু নাপাবও পাৰোঁ বুলি ধেমেলিয়াকে কৈ গুচি গ’ল । মিতালি বৰ্ণালীবাৰে ৰূমমেট , ভালেই হৈছে , ব্লকৰ চিনিয়ৰ কেইগৰাকী প্ৰায় চিনাকিয়েই হৈ গ’ল গোটেইবোৰ বুকুৰ ঢুকঢুকনিটো যেন অকণমান পাতল লাগিল ।

চাৰিওজনী নামি গ’ল চিৰিৰে , চিৰিৰে তললে নামি যাঁওতে য’ত ভাঁজ লৈছে তাৰ কোণাটোতে আছিল এটা ৰঙা লেণ্ডলাইন ফোন ,ফোনত কোনোবা এগৰাকীয়ে ফুচফুচাই কথা পাতি আছিল , হয়তো আপোনজনৰ লগত । নামি গৈয়ে ডাইনিং হলৰ আগৰ ৱাচ্ছ বেচিনতে হাত ধুই সোমাই গ’ল ভাত খাবলে , চাৰিওজনী একেবাৰে মনে মনে গৈ পাৰি থোৱা ডেক্স বেঞ্চ বোৰত বহি পৰিলগৈ , চিনিয়ৰ কেইবাগৰাকীও আছিল , কোনোবাই খাই আছিল আৰু কোনোবাই কথা পাতি আছিল , সন্ধ্যা চিনিয়ৰ সকল যিফালে বহি intro লৈছিল সেইফালে বহিব লগীয়া হোৱাত অলপ ভয় ভয় লাগিছিল বিনা কাৰণত । চুলি কেইডাল চুই চালে তাই বান্ধত আছেনে নাই , সেই চিনিয়ৰগৰাকীয়েও চাই আছিল তাইক , হাঁহিলে তেওঁলৈ চাই , পিছে নাহাঁহিলে সিহঁতলে চাই , বেলেগ ধৰণৰ গাম্ভীৰ্যতা এটা দেখুৱাই বাজনী উঠি গৈছিল খোৱা হ’লত । সিহঁতে গোটেইকেইগৰাকী চিনিয়ৰকে মাত লগালে যদিও , সকলোৱে অলপ পাত্তা নিদিয়া ভাৱত চিনিয়ৰৰ লেবেল দেখুৱাই সামান্য মূৰ দুপিয়ালে মাথোঁ । য়ুনিভাৰ্ছিটিৰ হোষ্টেলৰ চিনিয়ৰ তেনেকুৱাই হয় , চিনিয়ৰৰ বৈশিষ্ট্য ।

RCC 4 girls ৰ কুক সকলক খুড়া বুলি মাতিছিল , য়ুনিভাৰ্ছিটিৰ বাকীবোৰ হোষ্টেলত পিছে মামা মাতিছিল । কমবয়সীয়া ল’ৰা এজনে ভাতৰ হাণ্ডীটো লৈ আহিল আৰু সবৰে ষ্টিলৰ থালবোৰত এক নিৰ্দিষ্ট পৰিমাণৰ ভাত দি গ’ল , সেইজন বিপুল দা , বিপুল দাৰ পিছে পিছে শকত আৱত অলপ বয়সীয়াল হাঁহিমুখীয়া খুড়া এজনে চৰিয়া এটাতে কণী আৰু আলু লৈ আহিল, সিদিনা বৃহস্পতিবাৰৰ সাজত কণী আৰু আলু দিছিল , নিৰামিষ খোৱা সকলে দুটাকৈ আলু পাইছিল , খানাৰ হিচাপটো সন্ধ্যা নাম মাতোতেই লৈ লয় বাবে আলু কণী সব হিচাবত ৰান্ধে খুড়াহঁতে । এফালৰপৰা খুড়াই সবকে বৰ আন্তৰিকতাৰে দি গ’ল মুখত প্ৰশান্তিৰ ভাৱটো লৈয়ে , খুড়াৰ পিছে পিছে আৰু এজনে আহি হোষ্টেলৰ সকলোৰে পৰিচিত সেই ধেলধেলীয়া পনীয়া দাইল এহেঁতা এহেঁতা দি গ’ল , এই দাইলকণত এক অদ্ভূত সোৱাদ , প্ৰথম ৰাতিৰ খানাটো বেয়া নালাগিল । খুড়াহঁতে বিলাই থকাৰ মাজতে এজন চুটি চাপৰ মানুহে নিমখ তেল লৈ সোমাই আহিল , চিঞৰি চিঞৰি কথা কৈ থকা দাদাজনে মাজে মাজে বেসুৰাকে গানো গাই থাকে, কাপোৰ পিন্ধাৰ ধৰণটো সুকীয়া , জোখতকে ডাঙৰ চুৱেটাৰটো ওলোটাকে পিন্ধি আছিল , হাতকেইটা ওপৰলৈকে কোচোৱা , লংপেণ্টৰ ভৰি দুটা আধা আধা অসমানকে কোচোৱা, এটা ভৰি চুটি এটা ভৰি দীঘলকে কোচোৱা । সেইজন মুকুলদা , য়ুনিভাৰ্ছিটিৰ প্ৰতিটো হোষ্টেলৰ সকলোকে চিনি পোৱা আৰু সকলোৰে সংবাদদাতা মুকুলদা ।

বিপুল দা, মুকুল দা , যোগেন খুড়া আৰু আন আন খুড়াসকল / আমাৰ ডাইনিং হলত

যিমান পাৰে সিমান সোনকালে খালে গোটেইকেইজনীয়ে , কোনেও কাকো মাত বোল কৰা নাছিল , খাই বৈ ডাইনিং হলৰ পিছফালেৰে গৈ অকণমানি চালি এখনৰ তলত বাচন ধোৱা ঠাই , নিজে ধুব নালাগিছিল যদিও কেতিয়াও কোনেও নিজৰ খোৱা বাচন নথৈছিল , সকলোৱে পিছফালে গৈ নিজৰ থাল ধুই জেগাত থৈ আহিলে । কুকুবা বহি আছিল ডাইনিং হলতে , মণিবাও আছিল ৰেজিষ্টাৰ নিচিনা বহী এখন লৈ , লগত চিনি নোপোৱা আৰু দুগৰাকীমান , সবিনয়ে মাত লগাই পাৰ হৈ আহি কোনোপধ্যে ৰূম পালেগৈ সিহঁত । ৰূমত সোমাইহে ডিম্পীবাৰ লগত কথা পাতিলে , ঘৰৰ কথা , ঢেৰ কথা , প্ৰথমদিনাই দেখা কৰুণ চকুযুৰি আৰু কৰুণ হৈ গৈছিল যেতিয়া ডিম্পীবায়ে মাকবিহীন কথাটো কৈছিল । চিনিয়ৰতকৈও বেলেগ এটা মৰম লাগি গৈছিল তাইৰ ডিম্পীবালৈ , পিছে ভৱেনদাৰ কথা কওঁতে বাৰ মুখখন উজলি উঠিল ।

হঠাৎ কোনোবা এগৰাকীয়ে প্ৰায় চিঞৰি মাতিলে ” 4th block girls….” ওলাই আহিল সব দৌৰাদৌৰিকৈ , কুকুবায়ে মাতিছিল । ডিম্পী বায়ে ক’লে কুকুবা বোলে ব্লক ইন্চাৰ্জ , কিবা ক’ব লগা থাকিলে এনেকৈ মাতে আৰু তেতিয়া ওলাই আহিব লাগে । বৈভৱীৰ আকৌ বুকুৰ ঢুকঢুকনিটো বাঢ়ি আহিল ,কি বা কয় ? কিবা জগৰ লগালোনেকি ? ডাইনিং হলত কিবা কৰি অহা নাইতো ?? চিনিয়ৰকেইগৰাকীৰ পাছফালে নীৰৱে থিয় দি থাকিলে জুনিয়ৰবোৰ , ৰাতিপুৱাই যাতে গা পা ধুই আজৰি হৈ লঁও ক’লে লগতে ফ’ৰ্থ ব্লকৰ যাতে কোনো কাৰণতে মানহানি নহয় তাকো সতৰ্ক কৰি দিলে । বুজিলে সবে ভালকে , সন্ধ্যা চিনাকি পৰ্বত কোৱা কথাৰ যাতে কোনোধৰণে হীন দেঢ়ি নহয় তাৰেই সতৰ্কবাণী আছিল সেইয়া ।

বিচনাত পৰি থাকোঁতে মনলে ঢেৰ চিন্তা আহিল যদিও সৰুৰে পৰা শুনি অহা ‘ জাগি শুবা ‘ কথাটো মনত ৰাখিয়েই এলাৰ্ম ক্লকটোৰ এলাৰ্মৰ কাটাডাল ৫ ৰ ঘৰত লগাই এলাৰ্মটো অন কৰি শুই থাকিল সেইৰাতি , পিছে পুৱা এলাৰ্ম বজাৰ আগতেই অলপ দূৰৈৰপৰা জুনজুনকে জুনুকাৰ মাত শুনিয়েই সাৰ পালে তাই , ৫ বাজিবলৈ ছাগে আধাঘণ্টাৰো বেছি আছিল , মাতটো দূৰৈৰপৰাই ওচৰ চাপিল , জুনুকাৰ তালে তালে খটখট শব্দ, ঘোঁৰাৰ খুৰাৰ শব্দ , পুহৰ ঠেঁটুৱৈ ঠাণ্ডা তাতে কুঁৱলী , পৰ্দাখন লাহেকৈ ফাঁক এটা কৰি চালে যদিও ঢিমিক ঢামাক পোহৰ এটাৰ বাদে একো নেদেখিলে বৈভৱীয়ে , পোহৰ এটা নহয় , পোহৰৰ মিছিল এটা পাৰ হৈ গৈছিল । ভালকে মনিব নোৱাৰিলে যদিও সেইবোৰ ঘোঁৰাগাড়ী গৈছে যে সেইটো নিশ্চিত হ’ল , হয়তো ক’ৰবাত মাল থ’বলে গৈছে , আকৌ শুবলে সময় নাছিল , কোনোবা ৰূমৰপৰা ভুনভুনকে পঢ়াৰ মাত আহিছিল , চেছ্যনেল পৰীক্ষা যে আহি আছিল পাহৰিয়েই গৈছিল তাই । এপাট খিৰিকি লাহেকৈ অকণমান মেলি দিলে সাৱধানে , খিতিককে হোৱা শব্দত ডিম্পীবাই সাৰ পাই আকৌ কৈ সিফালে ঘুৰি শুই পৰিল । এছাটি কুঁৱলী শীতল বতাহে কাণে মুখে চুই গ’ল ,টুপটুপকৈ গছৰ পাতত আৰু তলৰ বননিত নিঞৰ সৰিছিল , সেমেকা মনটো জীপাল হৈ পৰিছিল , ৰূমটোৰ ঠিক কাষতে এজোপা ডাঙৰ গছ, কি গছ কানিমুনি আন্ধাৰত ধৰিব নোৱাৰিলে যদিও কৃষ্ণচূড়া বুলি ভাবি বৰ ভাল লাগিল তাইৰ । নিঞৰসৰা গছজোপাৰ পৰা জুৰজুৰকে হোৱা মিঠা শৱদত মনটো ভৰি গ’ল , শব্দটো কাণৰপৰা বুকুলে বিয়পি গ’ল ।

আমেজ লৈ থকাৰ সময় মুঠেই নাছিল , সোনকালে গা ধুব লাগিব , পৰাপক্ষত চিনিয়ৰ কোনো নুঠুতেই আজৰি হ’ব লাগিব , তেতিয়া অন্ততঃ দোপাত্তাখন বাথৰূমলে নিনিয়াকে যাব পাৰিব কাৰণ হোষ্টেলৰ কাঢ়া নিয়মবোৰৰ ভিতৰত এইটোও আছিল , বাথৰূমলৈকে দোপাত্তা মাষ্ট । কোনোবা এজনী উঠি বাকেট লৈ হয়তো বাথৰূমলে গৈছিল, দেৰি নকৰি উঠি গ’লো তাইও । জুনিয়ৰকেইজনী প্ৰায় একে সময়তে আজৰি হৈছিল যদিও চকুৰ বাহিৰে মুখেৰে টু শব্দ এটাও নকৰাকে ব্লকৰ আগত থকা ছাদখনলৈ তিতা কাপোৰখিনি লৈ ওলাই গ’ল সিহঁত , সেইখন ছাদলে যোৱাৰ অনুমতি আছিল , কিন্ত্ত ফ্ৰেচাৰ্ছ নোহোৱালৈকে ওপৰছাদলে যোৱা মানা জুনিয়ৰৰ । পোহৰ হৈ অহা জালুকবাৰীখন ছাদৰ ওপৰৰপৰা অপূৰ্ব লাগিল , পিছপৰি যোৱা ঘোঁৰাগাড়ীখনৰ লেমৰ পোহৰটো পুৱাৰ বেলিৰ পোহৰকণৰ লগত মিলি গ’ল , জুনুকাৰ মাতটোও ক্ৰমান্বয়ে নাইকিয়া হৈ চৰাইৰ মাতৰ লগত একাকাৰ হৈ গৈছিল । টংটংকে বাজি উঠা বেলৰ মাতত জুনিয়ৰবোৰে ৰুমমেটৰ বাবেও চাহ আৰু ল’ফৰ টুকুৰা আনিবৰ বাবে নামি গ’ল তললৈ ।

হোষ্টেললে অহাৰ পিছদিনাই দূবৰিৰ লগত দুইজনী একেলগে গ’ল ক্লাছলে , আগে আগে মণিবা চিন্ময়ী বা আৰু কেইগৰাকীমান চিনিয়ৰ গৈ আছিল , আমি যাতে চিনিয়ৰক নমতাকে নাথাকোঁ তাৰ বাবে বৰ সচেতন হৈ গৈছিলো লগতে AT 9 লে ভুলতো নোচোৱাকে গৈছিলো যদিও ভূপেনসন্ধানী চকু হয়তো গৈছিল ! AT 9 বাসীয়ে মেও মেওকে মাতিবলে ধৰিলে , একো বুজি নাপালো , কিয় তেনেকৈ মেকুৰীৰ মাতেৰে মাতি আছিল ? পিছে অকণমান পিছতে চোন কোনোবা এজনে চিঞৰি জোকালে ” অ’ মেও মাইনা ওলালা , আমাক নিনিয়া ? মেও মেও ”

আমি পিছে পিছে গৈ আছো একো নুশুনাৰদৰে , আগত যে চিনিয়ৰ দুয়োজনীৰে , মেও মাইনা কোন ধৰিব নোৱাৰিলো । চিন্ময়ী বায়ে তেঁওলোকৰ ফালে চাই হাঁহি মৰাতহে গম পালোঁ মেও মাইনা কোন ? দঁহা চকুৰ ধুনীয়া ছোৱালী চিন্ময়ী বাকেই AT 9 বাসীয়ে মেও মাইনা বনালে , মেও মাইনাৰ পিছে পিছে গৈ থকা আইনষ্টাইন মাইনাকো পিছে নিচিঞৰাকে নাথাকিল যদিও সেইদিনা জুনিয়ৰৰ সমস্ত লক্ষণ দেখুৱাই নীৰৱে পাৰ হৈ গৈ ক্লাছ পালোগৈ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১৮

মণি বায়ে এফালৰ পৰা জুনিয়ৰবোৰক পৰিচয় দি যাবলে ক’লে, আগতেই অহা জুনিয়ৰেও নিজৰ পৰিচয় দি থাকিবলগীয়া হৈছিল বাৰে বাৰে যাতে নতুনকে অহাবোৰে চিনি পায় , সেইদিনা দহজনীমান আছিল জুনিয়ৰ , বৈভৱী যোৱাৰ দিনাই আৰু কেইবাগৰাকীও গৈছিল কাৰণ তেতিয়ালৈ প্ৰায় চুপাৰ ছিনিয়ৰসকলে ৰূম খালী কৰিছিলেই । সকলোৱে এফালৰ পৰা নিজৰ নামবোৰ কৈ যাঁওতে পৰিচয়ৰ অন্তত এক বিশেষ কিবা কৰিবলগীয়া হৈছিল অথৱা বিশেষ কিবা এটা কৰি কৰি নিজৰ পৰিচয় দিবলগা হৈছিল , নতুনকেইজনীয়ে একো ধৰিব পৰা নাছিল যদিও কেইদিনমান পুৰণি নৱাগতা কেইগৰাকীক দেখি কিবা অলপ বুজি পালে , এইটো আগতেও কৰি পাইছে বাৰু কলেজত ‘ Introduction with action ‘। বৈভৱীয়ে মনতে জুকিয়াই ল’লে কি কৰিবগে, পিছে সন্মুখৰ দীঘলীয়া বেঞ্চিবোৰত বহি থকা চিনিয়ৰ কেইগৰাকীক দেখিচোন তালুসৰে জীৱ উৰি গ’ল , মুহুৰ্ততে পাহৰি থাকিলে তাই কি কৰিবলে গৈছিলো , ভৰিকেইটা নাই নাই যেন লাগিছিল , চকুৰে কি দেখিছিল নিজেই পাহৰি গ’ল । একো নোকোৱাকৈ ভালেপৰ ঠিয় দি ৰ’ল একে ঠাইতে । ইমান নাৰ্ভাছ আগে পাছে কেতিয়াও হৈ পোৱা নাছিল তাই ।

সকলোৱে তাইলৈ চাই অলপ ফিচফিচাইছিল , হঠাৎ সাৰ পোৱাৰদৰে তাই সলসলীয়াকে পৰিচয় দিলে সংস্কৃততে

” মম নাম বৈভৱী বৰা, গোলাঘাট মণ্ডলান্তৰ্গতস্য দেৱগ্ৰামস্য নিৱাসীনঃ শ্ৰীয়ুত গংগাধৰ বৰা মহোদয়স্য কণিষ্ঠা কন্যা………..” সংস্কৃত বিভাগৰ চিনিয়ৰসকলে ভাল পাইছিল যদিও বাকীসকল সন্তুষ্ট হোৱা নাছিল হয়তো । তাইওচোন এনেকৈ নিজৰ পৰিচয় দিম বুলি ভবা নাছিলো ,বিহু গাই গাইহে স্বপৰিচয় দিম বুলি ভাবি আছিল পাঁচমিনিটৰ আগতে , এনেকৈ ডিপাৰ্টমেণ্টতহে দিছিলে ! কি নাৰ্ভাছ! কথাবোৰৰ আঁতদাল জোৰাই লাগিল নে ছিগিল ধৰিব নোৱাৰিলে তাই । যাহওক , নাম ধাম জানি লোৱাৰ পিছত আহিছিল বিভিন্ন প্ৰশ্ন , প্ৰশ্নবোৰ বেছিভাগেই আছিল খুহুতীয়া । পিছে বৰ ডাঙৰ সমস্যা এটা আছিল , প্ৰশ্ন চিনিয়ৰ সকলেহে কৰিব আৰু উত্তৰ দিওঁতাসকলে হঁহুৱাবলে চেষ্টা কৰিব লাগিব , কিন্তু উত্তৰ দিওঁতাকে আদি কৰি জুনিয়ৰ কোনেও হাঁহিব নোৱাৰিব , হাঁহিলেই চিনিয়ৰৰ ৰোষত পৰি সাংঘাতিক শাস্তি পাব । গতিকেই জুনিয়ৰৰ মুখত চেইন মাৰি থ’ব লাগিব অনবৰতে হাঁহিব নোৱাৰাকে । মনলে যিমান পাৰে সিমান গাম্ভীৰ্যতা আনি চেষ্টা কৰিলে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলে , প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ পিছতে মোছত তাও দি সেইসময়ৰ জনপ্ৰিয় আমূলৰ এডটোত কোৱাৰ দৰে ” Mooch nahin toh kuch nahin ” বুলি ক’বলৈ দিলে । শুনিয়েই পেটৰ ভিতৰত তাইৰ ভাকুটকুটনি উঠিছিল , হাঃ হাঃকে হাঁহিবলে মন গৈছিল পিছে নহ’ব , জুনিয়ৰযে । কৈ গ’ল জুনিয়ৰৰ গোটেইবোৰ লক্ষণ তাইৰ খোলাটোলে আনি ।

” নমস্কাৰ , মোৰ নাম বৈভৱী ( মোছত তাও দি দি লগে লগে কৈ যাব লাগে )Mooch nahin toh kuch nahin , মোৰ ঘৰ গোলাঘাটত Mooch nahin toh kuch nahin , মোৰ ঘৰত মা দেউতা……..কৈ শেষ হোৱাই নাছিল তাইৰ , চিনিয়ৰসকল হাঁহিত ফাটি পৰিল , নপৰিবনো কিয় ? যিহে মোছৰ মোচন দিলে তাই , চিনিয়ৰৰ লগে লগেই হাঁহিত ফাটি পৰিল এগৰাকী জুনিয়ৰ । দেখিছিল চিনিয়ৰে , পাতলকে খীণ চকুৱে মুখে হাঁহি থকা ছোৱালীজনীক একাষৰীয়াকৈ থিয় হ’বলে দিলে , তাই তেতিয়াও হাঁহি আছিল , চিনিয়ৰে ধমক দিয়াৰ পিছতো হাঁহি ৰখাব নোৱাৰা ছোৱালীজনী দেখি সবৰে হাঁহি উঠিছিল যদিও জুনিয়ৰ নামৰ খোলাটোৰ ভিতৰতে থৈ দিলে হাঁহিটো । মোছৰ তাও শেষ হৈছিল , পিছে শেষ হোৱা নাছিল হাঁহিবোৰ , আঁজলী ছোৱালীজনীৰ ধেকধেকীয়া হাঁহিটো ।

মোছত তাও দি দি নিজৰ ঠাইলৈ ঘুৰি আহি থিয় দিলেগৈ তাই জীনাক্ষিৰ একেবাৰে গাতে লাগি , কাষতে আৰু ধকধকী বগী দীঘল চুলিৰ চাপৰকে ছোৱালী এজনী সেমেনা সেমেনিকে ৰৈ আছিল , নতুন আছিল হ’বপায় সিদিনা তাইও । শাস্তি পাবলগীয়া ছোৱালীজনীয়ে তেতিয়াও খুকখুকাই হাঁহিয়েই আছিল , দীঘল চুলিৰ ছোৱালীজনী ধীৰে সুস্থিৰে থিয় দিছিল চিনিয়ৰ সকলৰ আগত ঠিক ডাইনিং হলৰ দুৱাৰখনৰ পোনে পোনে , ধুনীয়া ছোৱালীজনীয়ে পৰিচয় দিছিল বিহু নাম এটি গাই, গম পালে বৈভৱীয়ে , মিলিব ছাগে সিহঁত দুইজনীৰে তাল মিল , নহ’লে একেই ভাব আহেনে প্ৰথমদিনাই ! তাইৰ নাম লভিতা , লভিতা মেধি , ৰঙিয়াৰফালৰ । জুনিয়ৰবোৰে নিজৰ নামবোৰ কোৱাৰ বিপৰীতে জীনাক্ষিয়ে পিছে এফালৰপৰা চিনিয়ৰ সকলৰ নামহে ক’বলে ধৰিলে , সেইয়াও পৰিচয় পৰ্বই , চিনিয়ৰ সকলৰ নামৰ পৰ্ব । সবৰে হৈ যোৱাৰ পিছত সেই হাঁহি থকা ছোৱালীজনী আহিছিল , হাঁহি হৈছিল হ’বপায় , থিৰেৰে ৰৈছিল অলপ । তাই আছিল মিতালী , পিছে তাইক যি শাস্তি শুনোৱা গ’ল এইবাৰ হ’লে পেটৰ হাঁহিটো মুখলৈকো আহিল , কিন্তু চিনিয়ৰে নেদেখাকে । মিতালীয়ে হঁহাৰ অপৰাধত শাস্তি পাইছিল মুৰ্গী হোৱাৰ , কেৱল মুৰ্গী হ’লেই নহ’ব মুৰ্গীৰ দৰেই কক কক কৰি এক বিশেষ ভংগীমাত বহি কণী পাৰিব লাগিব , তাই আকৌ হাঁহিলে , বাকিবোৰেও জুনিয়ৰৰ খোলাটোৰ ভিতৰতে হাঁহিলে , এগৰাকী চিনিয়ৰে আহি দেখুৱাই দিছিল ডেম’ কণী পৰাৰ , হাঁহি হাঁহিয়েই মিতালীয়ে ঠিক তেনেদৰেই কক কক কো….বুলি চিঞৰি কণী পাৰিবলে বহিছিল , সকলোৱে ফুৰ্তি পাইছিল , কাৰোবাৰ মনত হয়তো অলপ বেয়া লাগিছিল , কণী পাৰি থকা হাঁহিমুখীয়া ছোৱালীজনীৰ হাঁহিটোতো যেন দুখ অকণ লাগিছিল , পিছে সকলোবোৰ ফুৰ্তি বুলি আদৰিও ল’ব পাৰিলে ।

সন্ধ্যা সাতবজাৰ পিছত চিনাকি পৰ্ব শেষ কৰি সকলো নিজৰ ৰূমলে যোৱাৰ আগতেই বৈভৱীৰ জপৰা চুলি চকুত পৰা চিনিয়ৰ ক্ষীণাংগী , সুগঢ়ি নাম নজনা বাগৰাকীয়ে সকলো জুনিয়ৰে পালন কৰিবলগীয়া অলিখিত নিয়মবোৰ কৈ গ’ল , পুৰা চিনয়ৰৰ ষ্টাইলত কোৱা নিয়মবোৰ এটা এটা মনত ৰ’ল , তাৰে প্ৰথমটোযে তাইকেই উদ্দেশ্যি কৈছিল বুজাত অকণো অসুবিধা নহ’ল । জুনিয়ৰে চুলি মেলা , চিনিয়ৰক দেখিলে নমতা , মাৰ্কেটত ৰৈ কথা পতা , সন্ধ্যা পাঁচবজাৰ পিছত হোষ্টেল সোমোৱা , ৰাস্তাত AT 9 লে চোৱা , লগ কৰিবলে ঘৰৰ বাহিৰে বেলেগ কোনোবা ল’ৰা অহা এইবোৰ সকলো মানা, নহ’লে জুনিয়ৰ ৰোষত পৰিব । গতিকে ” Be careful juniors ” .

প্ৰতিটো কথাই মগজুত সামৰি সিহঁত নিজৰ ৰূমলে গ’ল , দুখে ভাগৰে হেঁচা মাৰি ধৰিলে , ডিম্পীবা আহি পোৱা নাই ৰূমলে তেতিয়ালৈকে , বৈভৱীয়ে পুৰণি বিচনা চাদৰখন আঁতৰাই বেগৰ পৰা নতুন ধুই থোৱা বিচনা চাদৰ এখন উলিয়াই জপককে কোব এটা মাৰি পাৰি ল’লে , অকণি অকণি মিহি নীলা ফুল থকা বগা বিচনাচাদৰখন পাৰি দিয়াৰ লগে লগেই বাগৰি দিলে তাই বিচনাত , দুচকুত সপোন নাছিল তেতিয়া , মনত আনন্দ নাছিল । সেমেকা চকু আৰু মনেৰেই ঘৰলে মনত পৰাৰ আগতে মনত পৰিছিল লংকেশ্বৰলে , লংকেশ্বৰত এৰি থৈ অহা প্ৰতিটো উশাহলে । তাই গুছি অহাৰ পাছত সিহঁতকেইজনীৰো ছাগে একেই অৱস্থা হৈছিল, হয়তো নীৰৱে উচুপি উঠিছিল । লংকেশ্বৰখন কিমান বুকুৰ আপোন হৈ পৰিছিল সেই কথা উপলব্ধিৰ চৰম মুহুৰ্ত আছিল সেইটো ।

দুচকু মুদি আছিল যদিও টোপনি নাছিল অলপো, অলস দেহাটোৰ লগতে অলস হৈ পৰিছিল মনটো , ৰূমটো ঠিকঠাক কৰি ল’বলৈও মন যোৱা নাছিল অলপো , লংকেশ্বৰৰ বাদে বেলেগ একো চিন্তা কৰিব নোৱাৰা হৈ পৰিলে তাই , যিকেইডাল জপৰা চুলিক লৈ গপত আছিল , মহাদেৱৰ পাৰ্বতী হৈছিল , সেইকেইডাল জপৰা চুলি আজিৰপৰা আৰু খোল নাখাব, ককায়েকে কোৱাৰদৰে সত্ৰৰ বুঢ়া ভকতৰ দৰেই টোপোলা এটা কৰি সোমাই থাকিব বান্ধোনত । যিকেইটা অভিজ্ঞানী ঠাণ্ডা হৈ থাকিলে মনবোৰ উদাস হৈ পৰিছিল , সেইকেইটা অভিজ্ঞানীৰ দুষ্টামিভৰা মুখবোৰ , কথাবোৰ কেৱল বুকুতে খোপনি পুতি ৰ’ব । অভিজ্ঞানী ল’ৰাহঁতে বাৰু ৰাখিবনে মনত ? পিছফালৰ মেছৰ হিৰণ্য আৰু ৰুবুলৰ বিহুবোৰ , বাঁহীৰ সুৰবোৰ শুনিবলে পাবনে আকৌ আগৰদৰেই ? ভাড়াঘৰৰ মালিক দাদাই মতাৰ দৰে মাধুৰী বুলি মাতিবলে ওলাবনে কোনোবা আপোন? সাঁইবাবা নামটো আইনষ্টাইনৰ আঁৰত হেৰাই যাবনেকি বাৰু? দেৱাশ্ৰীৰ হাতৰ সোৱাদ ভৰা খানা পাবনে খাবলে ইয়াতো ? সবাৰো উৰ্ধত সেই নিভাঁজ মৰমবোৰ , প্ৰাণখোলা হাঁহিবোৰ কি হ’ব ?

পলিলে বৰকে মনত পৰিছিল , তাইও বৰকে মনত পেনইছিল ছাগে , তাই কেতিয়াও কাৰো লগতে ভাগ নকৰা কম্বলখন কেৱল বৈভৱীৰ লগতেই ভগাই লৈছিল , অকণমানি ছোৱালীৰদৰেযে কিমান অভিমান কৰিছিল তাইৰ লগত ? এক অবুজ মায়াত দুচকুৰে পানী বৈ আহিল , এই মায়াৰ কোনো পৰিধি নাই , এই মায়াৰ কোনো নাম নাই । সিহঁতবোৰলে মনত পেলাই সোঁসোঁৱাই ওলাই অহা চকুপানীবোৰক বাধা নিদিলে বৈভৱীয়ে , ডিম্পীবা অহালৈকে তেনেকৈয়ে পৰি থাকিল অলস অৱস দেহ মনেৰে …..

ধুৰন্ধৰ বুলি ভৱা অভিজ্ঞানীহঁত ( ফটোৰ বাবে ধ্ৰুৱ টমাছক ধন্যবাদ লগতে শিৱাকো )

কেতিয়ানো চিলমিলীয়া টোপনিয়ে চকুৰ পতা জাপ খুৱাই নিলে তাই গমেই নাপালে ,হঠাৎ কাৰোবাৰ মাতত চক খাই সাৰ পাই উঠিল , কোনোবাই চিঞৰি মাতিছিল ” মুনমী ডিম্পী জিনা গায়’….. ভাত খাঁওগে আহ , জুনিয়ৰচ্ আমাৰ পিছতে আহিবা দেই…..” ডিম্পীবা ওলাই গ’ল তাইলৈ চাই হাঁহি মাৰি , নতুনকে চিনিয়ৰ হোৱা ডিম্পীবা কেতিয়া আহি ৰূম সোমালে গমেই নাপালে তাই , গোটেইকেইজনী জুনিয়ৰকে একেলগে ভাত খাবলে যাবলে কৈ ওলাই গৈছিল বা । মূৰটো বিষাইছিল বৰকৈ বিষাইছিল বৈভৱীৰ , তিৰুৰ হাতৰ বামটোৰ কথা মনত পেলাঁওতেই জীনাক্ষি সোমাই আহিছিল মনে মনে । হাতত মেন্থ’প্লাছ এটা লৈ ।

ক্ৰমশঃ