ছেশ্যনেল পৰীক্ষাৰ বাবে আমি কেইদিনমান কেৱল পঢ়াৰ লগতে ব্যস্ত থাকিলো , ইফালে পৰীক্ষা শেষ হোৱাৰ এদিনৰ পিছতেই সৰস্বতী পূজা , গতিকে পূজা বুলিহে মন উগুল থুগুল , হিয়া উখল মাখল , পৰীক্ষা গৌণ । য়ুনিভাৰ্ছিটিৰ প্ৰথম সৰস্বতী পূজা , য়ুনিভাৰ্ছিটিৰ সৰস্বতী পূজাৰ মজাই বেলেগ , তাতে হোষ্টেলৰ পূজা আৰু মজ্জা । ডিপাৰ্টমেণ্টৰ পূজাত আমাক জুনিয়ৰবোৰক কেৱল ডেকোৰেশ্যনৰ দায়িত্বহে দিলে , ডিপাৰ্টমেণ্টত ডেকোৰেশ্যনটোৱেই মেইন , বাকীখিনি দায়িত্ব চিনিয়ৰ বেটচ্ বোৰেই কৰে , কাৰণ আনুষ্ঠানিক শিক্ষা জীৱনৰ সেইটোৱেই শেষ পূজা সকলোৰে বাবে । ডিপাৰ্টমেণ্ট আৰু হোষ্টেল উভয়তে পিছে হোষ্টেলীয়া সকলৰ তাম্মাম আধিপত্য , যেন হোষ্টেলৰ আবাসীসকলকহে আগভাগ ল’বৰ বাবে য়ুনিভাৰ্ছিটিত দায়িত্ব দি থোৱা থাকে , তাৰে ভিতৰত আকৌ চিনিয়ৰসকলৰ ব্যস্ততা আৰু দায়িত্ব বহুত বেছি । বজাৰ সমাৰ কৰা , দেৱী মূৰ্তি অনা , কাৰিকৰ ঠিক কৰা , পূজাৰী ঠিক কৰা ….কিমান যে কাম! কিমান যে ব্যস্ততা….
এই গোটেইবোৰ ব্যস্ততাৰ লগতে আৰু এক হোষ্টেলীয়া ছোৱালীবোৰৰ ( ল’ৰাবোৰৰো ) এক অভিন্ন ব্যস্ততা আছিল , সেইটো হ’ল নিজকে সজোৱাৰ ব্যস্ততা , নিজক আনতকে দেখনিয়াৰকে সজোৱাৰ ব্যস্ততা , সৰস্বতী পূজাৰ দিনা জালুকবাৰীক বলিয়া কৰাৰ ব্যস্ততা , এই ব্যস্ততা কি চিনিয়ৰ কি জুনিয়ৰ সকলোৰে আছিল , জুনিয়ৰবোৰক সেইদিনা অলপ শিথিলতা দিয়া হৈছিল মানুহ মতাৰ ক্ষেত্ৰত , ষ্টাইল কৰাৰ ক্ষেত্ৰত , পিছে এক আৱেষ্টনীৰ ভিতৰত । সৰস্বতী পূজা বুলিলে কৃষ্ণচূড়াবাসী উতনুৱা হয় , চিৰযৌৱনা জালুকবাৰী সাজোন কাচোনেৰে আৰু আকৰ্ষণীয় হয় , জালুকবাৰীৰ প্ৰেমিক পক্ষীবোৰ চঞ্চল হয় , লাজুক লাজুক পহুবোৰৰ মন উদ্বাউল হয় , দেৱী বন্দনাৰ লগতে সকলো অপেক্ষাৰত হয় কৃষ্ণচূড়াদেশৰ নাগৰিকৰ হেঁপাহ , ভালপোৱাবোৰৰ সাক্ষী হৈ ৰ’বৰ বাবে .. মুঠতে জালুকবাৰীখন সেইদিনা অনন্য সুন্দৰ হৈ পৰে । য়ুনিভাৰ্ছিটিৰ সৰস্বতী পূজা , ভাৰছিটি ৱিক আৰু ইলেকচনেই প্ৰধান আকৰ্ষণ , তাতে সৰস্বতী পূজাৰ মজা আৰু আকৰ্ষণ আকৌ অলপ পৃথক ।
হোষ্টেলত মণিবাহঁতে আগন্তুক সৰস্বতী পূজাৰ বাবে মিটিং আয়োজন কৰিছিল , আমিও আছিলো , পূজাৰ গোটেই কামবোৰ বুজাই দিছিল লগতে যাক যি দায়িত্ব দিয়া হৈছিল সেইবোৰো ভালদৰে পালন কৰিবলে কৈছিল , বেলেগ হোষ্টেলৰপৰা অহা কোনেও যাতে কোনো কথাতে বেয়া পাই নাযায় তাৰবাবেও সতৰ্ক কৰি দিলে মিনি বা , কুকুবা , গীতাবাহঁতে । পূজাৰ মণ্ডপ , ডাইনিং হল আৰু গেইট সজোৱাৰ দায়িত্ব আমাৰ জুনিয়ৰবোৰক দিছিল আৰু বাকী আলহী মাতবোল কৰি ভিতৰলে খুৱাবলে নিয়াৰ দায়িত্ব চিনিয়ৰসকলে নিজেই লৈছিল যাতে আমাৰ ভুল নহয় , খুউৱাৰ দায়িত্বত আমাক পাল পাতি দিছিল , চিনিয়ৰে খুউৱাত নালাগে , কপোৰৰ কথা আছিল যে , আমি পুৰা মণিটৰত থাকিম চিনিয়ৰৰ সেই কথাও জনাই দিছিল , গতিকে চিধা চিধা থকাই ভাল বুলি ফুটাই নক’লেও বুজাই দিলে । জুনিয়ৰবোৰকো চিনিয়ৰে ভাগে ভাগে নিজৰ লগত ল’ৰা হোষ্টেললে লৈ যাব বুলি কোৱাত আমিও পেটে পেটে বেয়া নাপালো , বেয়ানো পাব কোনে ! ভালপোৱাৰে কথাচোন । কৃষ্ণচূড়া নগৰীৰ নাগৰিেক এনে প্ৰস্তাৱ বেয়া পাব পাৰেনে কেতিয়াবা !
পূজাৰ আগৰাতি হোষ্টেল সজাই পৰাই আজৰি কৰিহে আমি শুবলে যাব পাৰিছিলো , আবেলিৰ পৰাই আমাৰ ভীষণ ব্যস্ততা , তাতে পূজাৰ ডেকোৰেশ্যনৰ প্ৰতিযোগিতা থাকেই , সকলোৱে যেনেকৈ নিজকে ধুনীয়াকৈ সজাই পৰাই লৈ বাৰে বাৰে আইনাত চাই খুটি নাতিবোৰ মাৰি লয় , তেনেকৈয়ে আমিও মালা এডাল লগালেও বাৰে বাৰে চাঁও , বিভিন্ন এংগোলত লগাই চাঁও , আঁৰ চকুৰে AT 10 ৰ ফালেও চাই পঠিয়াঁও , তাহাঁতেও চাই । কিন্তু কোনেও কাকো গুৰুত্ব নিদিয়ে , নোসোধেও একো , নকয়ো একো হোষ্টেলৰ ভিতৰুৱা কথা , আঁচনিবোৰৰ কথা । দূবৰিয়ে মইয়ে দেখা দেখি হ’লো যদিও হোষ্টেলৰ সৰস্বতী পূজা সম্পৰ্কে একো কথা বতৰা নহ’লো , ইফালে ডিপাৰ্টমেণ্টৰ কাম একেলগে কৰি দুপৰীয়া হোষ্টেললে অহালৈকে একেলগেই আছিলো , সেই একেই কাপ প্লেট হৈয়ে আছিলো , পিছে হোষ্টেলৰ ক্ষেত্ৰত কথা বেলেগ হৈ যায় ,এনেবোৰ সময়ত বেষ্ট ফ্ৰেইণ্ডৰ হোষ্টেল তোষ্টেল চাবলে নাই , বেষ্ট ফ্ৰেইণ্ডো বেষ্ট হৈ নাথাকে , এই সময়ত সকলো হৈ পৰে প্ৰতিযোগী , ইজন আনজনৰ প্ৰতিদ্বন্দ্বী । প্ৰতিযোগিতাৰ দৌৰত বুকুৰ বান্ধৱীক নমতাকেও পাৰ হৈ যাব পৰা সময় , মুঠতে ভীষণ প্ৰতিযোগিতা , ভীষণ প্ৰতিদ্বন্দ্বিতা । হোষ্টেল ছেণ্টি মনৰ গভীৰৰ পৰা গভীতৰ হোৱাৰ প্ৰস্তুতি চলে , মইবোৰ আমি হোৱাৰ ক্ষণবোৰে পূৰ্ণতা পাই উঠে । মুঠতে সকলোৰে মুখত এটাই কথা ..
” East or west / RCC 4 is the best ”
হ’বই লাগিব বেষ্ট , নহৈ কেনেকে পাৰে ? আমাৰ হোষ্টেল ( সকলোৰে নিজৰ নিজৰ হোষ্টেলৰ বাবে একেই ছেণ্টি ) !!
কামবোৰ কৰি থাকোঁতে আৰু এটা কথাত ভাল লাগি আছিল , সবেই খোলাকে চিনিয়ৰৰ কথা ( বদনাম ) পাতিব পাৰিছিলো , চিনিয়ৰ কোনো নাছিল লগত , সকলো ব্যস্ত আছিল পিছদিনাৰ সাজ পোছাক , হেয়াৰ ষ্টাইলৰ ট্ৰায়েলত , চিনিয়ৰৰ মিমিকৰি কৰি কৰি অামি খুউব ফুৰ্তি পাইছিলো । কোনোবা চিনিয়ৰ অহা দেখিলেই পিছে সেই একেই জুনিয়ৰৰ খোলাটোত কুৰুকি কুৰুকি সোমাই যাঁও । সন্ধ্যালে দেৱী প্ৰতিমা আহি পাইছিল , মাৰ্কেটৰপৰা আদৰি আনিবলে গৈছিলো কেইগৰাকীমান বাৰ লগত , AT 9 ৰ সুন্দৰ ডেকোৰেশ্যন দেখি অলপ হিংসাও লাগিছিল , সেইদিনা ল’ৰাহঁতৰ কাকো চাবলে সময় নাছিল , মইনাহঁতক জোকোৱাৰ সলনি পিছদিনাৰ পূজালে মাতিছিল অতি বিনয়েৰে , মোৰ বাবে আছিল AT 9 বাসীৰ সেইটো আন এটা ৰূপ , আচৰিত ল’ৰা আছিল তেঁওলোক ।
সকলোবোৰ পিছে সুকলমে হৈ যোৱা নাছিল সেইদিনা , মোৰ অপৰাধ হৈছিল , অপৰাধ কৰিছিলো চিনিয়ৰৰ লগত বেছিকে হলি গলি কৰি , পুৰণি চিনাকি বা বোৰৰ লগত আগৰদৰেই মুকলিকে কথা পাতি , তাতোকৈও ডাঙৰ অপৰাধ হৈছিল সিদিনা হঠাতে ডাইনিং হলৰ ডেকোৰেশ্যন চাবলে অহা গায়ত্ৰীবাক হাতত ধৰি টানি নি দেখুৱাবলে নিছিলো , ৰিমকি বাক দেখুৱাবলে নিওতে ফুৰ্তিতে কান্ধতে মূৰ পেলাই দিছিলো , অলপ মুকলি পাই বেছিকৈয়ে কথা পাতিছিলো ….ভীষণ অপৰাধ আছিল মোৰ এইবোৰ , চিনিয়ৰক অসন্মান কৰা অপৰাধ আছিল , কোনোবা দুযোৰমান জুনিয়ৰ সন্ধানী চকুৱে মোক লক্ষ্য কৰি আছিল আৰু চিনিয়ৰৰ ওচৰত ৰিপোৰ্ট কৰিছিল , চিনিয়ৰ কোনোবায়েও কথাবোৰ লক্ষ্য কৰিছিল । আৰু পূজাৰ আগৰাতিৰ ব্যস্ততাৰ মাজত ব্লক ইন্চাৰ্জ কুকুবাক মোৰ গোটেই অপৰাধবোৰৰ এন্ট্ৰি দিছিল , কমপ্লেইন কৰিছিল । মোৰ কাণ্ড কাৰখানাত ৰুষ্ট হৈছিল , লাজ পাইছিল কুকুবায়ে , গতিকেই ৰাতি ভাত খোৱাৰ আগে আগে সেই একেদৰেই চিঞৰি মাতিছিল
” 4th block girls ….. juniors seniors ওলাই আহা সব ”
একো গম পোৱা নাছিলো মোৰ অজানিতে হোৱা অপৰাধবোৰৰ কথা , ডিম্পীবাক আগতীয়াকৈ কুকুবায়ে কৈছিল , ডিম্পীবাও গোমা হৈ আছিল সিদিনা , ৰূমমেট চম্ভালিব নোৱাৰি বাও দুখী হৈছিল ছাগে । খুউব গালি খাইছিলো সিদিনা , খুউব কান্দিছিলো , কেৱল মইয়ে নহয় আমাৰ ব্লকৰ সকলোৱে দুখ পাইছিল সেইদিনা , সৰস্বতী পূজাৰ আগৰাতি এটা অবাঞ্ছিত পৰিস্থিতি কোনেও কামনা কৰা নাছিল , সকলোৱে আশ্বাস দিছিল ,লভিতা জীনাক্ষিহঁত মোৰ লগে লগেই থাকিল , মৰমৰ হাতকেইখনৰ পৰশত পুনৰ জীপ পাই উঠিছিলো , পাহৰিব খুজিলেও পাহৰিব নোৱাৰা কথাখিনি বুকুত ৰাখিয়েই ব্যস্ত হৈ পৰিছিলো পুনৰ পূজাৰ কামত । পিছে আচৰিতো হ’লো কুকুবায়ে যিটো কথাত মোক হোষ্টেলৰ সকলোৰে আগত গালি পাৰিব পাৰিলেহেঁতেন , তাকে নকৰি কিয় কেৱল ব্লকত গালি পাৰিলে ?? এইয়াই ছাগে আছিল ব্লক ছেণ্টি , অনুশাসন অথৱা চিনিয়ৰৰ খোলাত থাকি জুনিয়ৰৰ প্ৰতি পুহি ৰখা মৰম । কাকো ক’ব নোৱাৰিলো মনৰ মাজত কি হৈ আছিল ? মনৰ ধুমুহাত বিধ্বস্ত হৈ পৰা মোক চম্ভালিবলে কেৱল মইয়েই আছিলো , মোৰ সত্তা আছিল । তথাপিও চিঞৰি কান্দিবলে অতিপাত মন গৈছিল , হোষ্টেলৰপৰা গুছি যাবলে মন গৈছিল , কিয় জানো এটাও কৰিব পৰা নাছিলো পিছলেও ।
পিছদিনাৰ পুৱা দেৱীৰ আৰতিৰে মুখৰিত হৈছিল গোটেই কেম্পাছটো , একেজন পূজাৰী কেইবাভাগো পূজালে যাবলগীয়া হয় বাবে পূজাৰীয়ে দিয়া সময়মতেহে পূজা পাতিব পৰা হৈছিল , বেয়া পোৱা নাছিল কোনেও বাৰু , তেতিয়া আজৰি হৈ যাব পূজাৰপৰা , লগতে নিজৰ নিজৰ ডিপাৰ্টমেণ্টবোৰলেও আৰামত যাব পাৰিব আৰু আহি হোষ্টেলৰ পূজাত লাগিব পাৰিব আনফালে বাকী হোষ্টেলবোৰলে যোৱাৰ কথা থাকেই । সকলো ব্যস্ত হৈ পৰিছিল , আগতীয়া বন্দোবস্ত মতে কেইবাগৰাকীৰো খোপা বান্ধিছিলো যদিও নিজৰ কোনো উছাহ নাছিল , তথাপিও সোমাই থাকিবতো নোৱাৰি , যাবই লাগিব !!!
সকলোৰে বিপৰীতে তেনেই সাধাৰণ সাজ এযোৰে সজাই লৈছিলো নিজকে , সজাব লগীয়াৰ নামত মেখেলা চাদৰযোৰ পৰিপাটিকে পিন্ধি লৈ ওঁঠত পাতলীয়াকে লিপষ্টিক অকণ লগালেই হৈছিল , চুলিৰ ষ্টাইল একেটাই ..সাঁই বাবা , আইনষ্টাইন অথৱা জাপৰিৰ বেলেগ ষ্টাইল মাৰিব পৰাকে চুলিৰ সজ নাছিলেই , কাজল অকণ লগাব পাৰি যদিও মনটো বেয়া বাবে তাকো নলগোৱাকে তললে নামি গ’লো । পিছে ৰঙা দীঘল হাতৰ ব্লাউজ আৰু বগা পাটৰ মেখেলাৰ লগত ৰঙা আঁচু দিয়া কেঁচা পাটৰ চাদৰ খনে বেয়া লগাও নাছিল ছাগে , হোষ্টেলীয়া প্ৰতিদ্বন্দ্বী হ’লেও বুকুৰ বান্ধৱী দূবৰিয়ে মইয়ে একেই পিন্ধিছিলো সিদিনা , সঁচাকৈয়ে কাপ প্লেট হৈ ওলাই গৈছিলো হোষ্টেলৰ পূজাত সেৱা কৰি ডিপাৰ্টমেণ্টৰ পূজালে বুলি । ওলাই যোৱাৰ পিছত পাহৰি গৈছিলো , আগৰাতিৰ কথাবোৰ । ওলাই যাঁওতেই কুকুবায়ে মোক ধুনীয়া লাগিছে বুলি কোৱাত আচৰিত নহৈও নোৱাৰিছিলো , আচৰিত চিনিয়ৰ , আচৰিত চিনিয়ৰগিৰি । ( কুকুবা অত্যন্ত কোমল মনৰ গৰাকীনি আছিল , পিছত মৰমৰ জুনিয়ৰ হ’ব পাৰিছিলো একো নোকোৱাকৈয়ে )
ডিপাৰ্টমেণ্টত কি খালো মনতেই নৰ’ল সিদিনা , সোনকালে হোষ্টেললে অহাৰ চিন্তাই সকলো খেলি মেলি লগাই দিলে । হোষ্টেল আহি পোৱাৰ লগে লগেই আমাক খুৱাই ল’লে , খিচিৰিৰ ৰং দেখিয়েই সোৱাদ বুজি পোৱা বিধৰ আছিল , গোন্ধতে জিভাৰ পানী মুখলে আহিছিল , লগত লাব্ৰা ভাজি এখন , কাষতে বিলাহীৰ টক অকণ , সেইখিনি দি হয় মানে খৰাহি ভৰাই লুচি লৈ আহে কোনোবাই , লুচিৰ লগত বুট দাইল , ফুলা ফুলা গৰম লুচিকেইখনৰ লগত বুটৰ দাইলখনৰ সোৱাদেই বেলেগ ,আৰু শেষত লোভনীয় পায়স এবাটি । পেট ভৰিল পিছে মন নভৰিল , এতিয়াও জিভাত লাগি আছে সেই সোৱাদ , তাৰপিছত কত বছৰ সৰস্বতীপূজাত খাইছো , পিছে সেই সোৱাদৰ ভাগ নহ’ল আজি পৰ্যন্ত ।
হোষ্টেলতো সেই একেই সাজেৰেই থাকিলো , সলাবলে সময়েনো ক’ত ? খাই বৈ আজৰি হৈয়েই লাগি গ’লো পুৰা অতিথি শুশ্ৰুষাত , দখনা , আৰনাই আৰু গামোছাৰে পখিলা বনাই সজোৱা ডাইনিং হললে সোমায়েই সকলোৱে প্ৰশংসা কৰিলে , জুনিয়ৰবোৰক লৈ চিনিয়ৰক অহংকাৰী হ’ল অলপ , জুনিয়ৰক ধুনীয়কে মিঠা হাঁহিৰে ধন্যবাদ দিলে চিনিয়ৰসকলে । গধুলিলে ভিৰ বাঢ়ি গ’ল , ছোৱালী হোষ্টেলবোৰৰ তুলনাত বয়জ্ হোষ্টেলৰ অতিথি বেছি হয়েই সৰস্বতী পূজাত , কিয়নো এৰিব ল’ৰাহঁতে ছোৱালী হোষ্টেললে অহাৰ সুযোগ তাতে একেকোবে পাকঘৰ , কম কথানে ল’ৰাহঁতৰ । খাবলে দিয়াৰ বাহিৰে কাৰো লগতে কথা পতাৰ অৱকাশ নাছিল , মনো নাছিল সিদিনা , পিছে চিনিয়ৰে লগত লৈ অহা পহুবোৰক মাত নিদিলেও নহৈছিল , চিনাকি কল্প , টিকু , ৰুবুল , হিৰণ্য হঁতৰ লগত অহা বাকী পহুবোৰৰ লগত চিনাকি হৈছিলো , চিনাকি কৰিছিলে আচলতে । তাৰে ভিতৰত বিবেক , দীপ , দেৱাশীষ , চফিউলহঁতৰ লগত এতিয়াও বন্ধুত্ব তেনেকৈয়ে থাকিল । বাকী AT 9 বাসীৰ কথা নকঁওৱেই । পিছে মোৰ যোৱা নহ’ল ক’লেও , লগ ধৰিছিলে , পিছে মনে যে অনুমতি নিদিলে হাঁহিৰ মুখাখন ওলোমাই ঘুৰি ফুৰিবলে ।

পিছে অতিথি থাকোঁতেই আহিছিল মহা সংকট , সেই মহা সংকট পিছে এতিয়াও গোপন হৈয়ে থাকিল আমাৰ কেইগৰাকীমানৰ মাজতে , মণিবাৰ কাঢ়া আদেশ কোনেও যাতে গম নাপায় সেই বিষয়ে , কিছুমান কথা মনৰ মনত থকাই ভাল ।
ক্ৰমশঃ