জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৪

উৰুকাৰ আবেলি যেতিয়া গাঁৱৰ পদূলিত ভৰি থৈছিলোগে তেতিয়ালে চুবুৰীয়া খুৰী , বৌহঁতে ধুনীয়াকৈ সাজি কাচি উৰুকাৰ ভোজলে যা যোগাৰ কৰিবলে বুলি ওলাইছিল , চুবুৰীটো সোমায়েই সবকে মাত লগাই যোৱাটো অভ্যাস , ( এতিয়াও ) ছঘৰ পাৰ হৈয়েই আমাৰ ঘৰ , ঘৰৰ দীঘল পদূলিৰে সোমাই যাঁওতে মনটো অজান পুলকেৰে পুলকিত হৈ পৰে , পদূলিৰ মুখতে এজোপা ডাঙৰ কৃষ্ণচূড়া , কোনে কেতিয়া ৰোৱা নে নিজেই হোৱা দেউতাহঁতেই নাজানে , ইমানেই পুৰণি ।( দুঃখ লাগে চৰকাৰী ৰাস্তা বান্ধোঁতে গছজোপা কাটিবলগীয়া হ’ল ) সেইবাৰ গছজোপা বৰ বেলেগ লাগিছিল , জালুকবাৰীৰ মায়া লাগিছিল হ’বলা সেই কৃষ্ণচূড়া জোপাত , যেনেকৈ মোৰ মনত মায়া লাগিছিল জালুকবাৰীলৈ ।

পদূলিৰ একাষে কেইবাজোপাও শেৱালি শাৰী শাৰীকে আৰু বাৰীৰ সিফালে কেইবাজোপাও বটলব্ৰাছৰ গছ , বটলব্ৰাছবোৰ ৰঙা হৈ ফুলি আছিল , গছবোৰ তেতিয়া বৰ ডাঙৰ নাছিল , মাক কোনোবাই দুৱাৰমুখত বটলব্ৰাছ থাকিব নাপায় বুলি কোৱাত দেউতাই পিড়ি খান্দি উঠাই নি পিছফালৰ চহবাগানত ৰোৱাই দিছিল পিছলে । বটল ব্ৰাছৰ ব্ৰাছদালৰ দৰে দীঘলীয়া গোল ফুলপাহ দেখি নিজৰে য়ুনিভাৰ্ছিটিৰ অ’ডিটৰিয়ামৰ আগত থকাৰদৰেই লাগিল , তাতো তেনেকৈয়ে ফুলবোৰে ইপাহে সিপাহক হৰুৱাৰ প্ৰতিযোগিতাত নমাৰ দৰে জকমকাই ফুলি আছিল , দীঘলীয়া পদূলিটোৰে দহমিটাৰমান সোমাইহে আমাৰ মূল জপনাখন , দাদা আৰু দেউতাই বৰ যতনেৰে জেওৰা জপনা দিয়ে , আমাৰ ঘৰৰ জেওৰা জপনাবোৰ চুবুৰীৰ বাকী ঘৰবোৰতকৈ অলপ সুকীয়া , ঘৰত বাঁহৰ আকাল নাছিল বাবেই ছাগে কামিবোৰ জুৰীয়াকে জাপি মজবুতকে জেওৰা জপনা বোৱা সৰুৰেপৰাই দেখি আহিছো । আমাৰ ডাঙৰ চোতালখনৰ আগত দুয়োফালে দুখন ধুনীয়া ধুনীয়া গোলাপ ,তগৰ ,খৰিকাজাঁই , গুটিমালী ,শেৱালী ,নাৰ্জী , কামিনী কাঞ্চন, গুলচ, কৰৱী , বিভিন্নৰঙী জবা আদি বিভিন্ন ফুলেৰে ঠাঁহ খাই থকা পৰিপাটী ফুলনি , তাৰে ডাঙৰ শেৱালিবোৰত আকৌ কপৌফুল , চোতালৰ দুকাষে থকা ফুলনি দূখনক সংযোগ কৰিছে এজোপা লতা লাইটফুলে , এই লাইটফুলজোপা ( বেলেগ নাম আছে যদিও অামি সৰুৰেপৰা লাইটফুল বুলিছিলো ) বগাই যাবলে জপনাৰ ওপৰেৰে ধেনুভিৰীয়াকে মিহি বাঁহৰ কামিৰে বোৱা এখন ছালি , ফুলজোপা বাৰমাহেই ফুলি থাকিছিল আৰু দেখিলেই ভাল লাগিছিল , হালধীয়া লাইটফুলবোৰ এতিয়াও দুচকুত জকমকাই থাকে ।

আমাৰ পদূলিৰ মূল জপনাৰ আগৰ কোনোবা এদিন ৰাতিৰ লাইটফুল জোপা , হালধীয়াৰ লগত মিতিৰালি তেতিয়াৰেপৰা

সেইবাৰ ঘৰলে গৈ সৰুৰেপৰা দেখি অহা গছবোৰ নতুনকৈ চাইছিলো , জালুকবাৰীখন যেন মোৰ ঘৰৰ চোতালতে , কথাই প্ৰতি জালুকবাৰী আহিছিল , নকৈ ফুলিবলে ক’লি পেলোৱা সোণাৰুজোপাও নতুনকে দেখা যেন লাগিছিল সিদিনা , কৃষ্ণচূড়া , বটলব্ৰাছ গোটেইবোৰ প্ৰথম দেখাৰদৰে লাগিছিল , ঘৰত কেৱল কৈ গৈছিলো জালুকবাৰীৰ কথা , সপোনৰ জালুকবাৰীৰ কথা । গছবোৰৰ কথা , দেউতাই সৰুতেই বুকুত ৰোপণ কৰা  জিলমিল সপোনটো দিঠক হোৱাত সুখী হৈছিলো , সুখী হৈছিল ঘৰৰ সকলো , ছুকুবাৰ আগত অনৰ্গল কৈ আছিলো গোটেই কথাবোৰ । ইমানদিনে অনুভৱ নকৰা বহু কথাই জালুকবাৰীয়ে দুদিনতে শিকালে ,  ময়ো ডাঙৰ হৈ গ’লো হ’ব পায় , জালুকবাৰীৰ মায়াই বৰ বেয়াকে বুকুত শিপালে , কৈয়েই থাকিবৰ মন , কৈ যেন শেষেই নহ’ব । AT 9 ৰ এশটকীৰ জাঁপটো শুনি সকলোৱে ভাল পালে , মোৰ সাঁই বাবাৰ পৰা আইনষ্টাইন হোৱাৰ কাহিনীও কৈ গ’লো এফালৰপৰা , পিছে কিয় জানো কিছু কথা বুকুতে সাঁচি থ’লো গোপনে ।

মাঘবিহুত ঘৰ চোতাল গোটেইবোৰ ফৰফৰীয়া হৈ থাকে , ঘৰত থাকিলে চোতালখন আমি কেঁচা গোবৰ মাটিৰে নিজেই লিপিছিলো , গোবৰ মাটিৰে মচি নিয়া চোতালখন শুকাই ফৰফৰীয়া হৈ যোৱাৰ পিছত ওচৰৰ আটাইকেইগৰাকী মহিলাই পাচলি কুটা বচাৰ কাম কৰে তাতেই , মোৰ ভূমিকা ভিতৰৰ পৰা পিঠা পনা উলিয়াই অনাত আৰু মিমিকৰি কৰি সকলোকে আমোদ দি থকাতেই সীমাবদ্ধ । আমাৰ গাঁৱত মেজিৰ আমেজ আৰু প্ৰথাটো বেলেগ , ভেলাঘৰ নবনাই কোনিদিনে , তাৰপৰিৱৰ্তে টিনৰ চালি এখন দিয়ে , তাৰ তলতে ডাঙৰ ডাঙৰ চৌকা খান্দে , ৰন্ধা বঢ়া কামখিনি সেই চালিখনৰ তলতে হয় । চালিখনৰ ওচৰত এটা বৰ মেজি সাজে আৰু ঘৰে ঘৰে একোটাকৈ সৰু মেজি সাজে পিছদিনা অগ্নিসেৱাৰ বাবে , এই বৰমেজিটোৰ পৰা অলপ দূৰৈত নৰা আৰু কলমঘুৱাৰে আন এটা মেজি সাজে , সৰুবোৰৰ মাজৰে কোনোবা এঁৱা ল’ৰাই জলাই সেইটো । ১০০ জনমান মানুহৰ কাৰণে ভোজ বনাবলগীয়া পাত্ৰবোৰো চৌকাৰ দৰেই ডাঙৰ , সাধাৰণতে ধান উহোৱা মাটিৰ কেৰাহীত আৰু ডাঙৰ টৌত ৰান্ধে , কোমোৰাৰে হাঁহৰ মাংস , ডাঙৰ ভকুৱা বা চিতল মাছেৰে ফুলকবি বিলাহীৰ জোল , উখোৱা চাউলৰ ভাত , লগত ঔটেঙা দি বনোৱা মাটিমাহৰ দাইল আৰু কবি মূলাৰ মিহলি ভাজি এখন , কলপচলাৰে পেটুৰ জলা ভাজি , পোৰা বেঙেনাৰ পিটিকা এইয়াই এতিয়ালৈকে চলি অহা উৰুকাৰ ভোজৰ খাদ্যসম্ভাৰ । এই গোটেইখিনি পাগত উঠা শৰণীয়া ৰান্ধনি সকলেহে পিছে ৰান্ধে আৰু বাকী আমিবোৰে বঢ়িয়াকে বিলাহী,কুমলীয়া বন্ধা কবি , মূলা , ওলকবি আৰু ধনিয়াৰে কেঁচা চাটনি এভাগ কাটোঁ , দুভাগ কৰোঁ , এভাগ জলা এভাগ নজলা । কিযে জিভাৰ পানী ওলোৱা ভোজৰ গোন্ধ , কোনে পাৰে নোখোৱাকে থাকিব ! কোনে পাৰে নোযোৱাকে থাকিব !

কলমঘুৱা আৰু নৰাৰ মেজি , যোৱাবছৰৰ চুবুৰীৰ উৰুকাৰ ৰাতি, ভিডিঅ’ দাদাই পঠাইছিল আমালে , এনেকৈয়ে আমিও কিৰিলিয়াই চিঞৰিছিলো মেজিৰ ওচৰত

গোটেইখিনি আয়োজন হোৱালে ইফালে বৰ মেজিটো পুৱাই থকা চুবুৰীয়া ৰাইজে ভাগে ভাগে নতুনকে ওলোৱা ফুলা আলু , মিঠা আলু পোৰে , সকলোৱে ভগাই খায় , আলু ভাগ হোৱাৰদৰেই কথাৰো ভাগ ভাগ হয় । আমাৰ দেউতা চুবুৰীটোৰ সকলোৰে মাষ্টৰ কাইদেউ , ওচৰ চুবুৰীয়াই যিকোনো কথাতে এতিয়াও দেউতাৰ পৰামৰ্শ লয় , গতিকেই মাষ্টৰ কাইদেউকে আদি কৰি চুবুৰীয়া দদাইদেউহঁতে বিভিন্ন কথা পাতে , গাঁৱৰ ধেমেলীয়া কথাবোৰেই ওলাই বেছিকে , এসময়ৰ ফুটবল খেলুৱৈ আৰু অভিনেতা দেউতাই ভাৰত ভ্ৰমণৰ কাহিনীবোৰ শুনাই , আৰু মহিলাৰ দলটোত চলে পুৰা পি এন পি চি ( পৰ নিন্দা পৰ চৰ্চা , আটাইতকৈ প্ৰিয় বিষয়টো ) , মোৰ কাণসমনীয়া বিশেষ নাছিল চুবুৰীত , যি দুজনী আছিল তাহাঁত দুজনীৰো বিয়া হৈ গৈছিল , গতিকেই মই দুয়োদলৰ কথাৰে পুৰাদমে ভাগ ল’বলে পাইছিলো । উৰুকাৰ ৰাতি মেজিৰ জুয়ে জাৰ পোৰে , থকথককে কঁপা জাৰ নাইকিয়া কৰে , আমি বিহু গোৱা মনত নপৰে উৰুকাত , এতিয়াৰ দৰে ঢোলে ডগৰে মাঘৰ মেজি কোনেও পুউৱা দেখা নাছিলো , ভোজ ভাতহে খাইছিলো , হাঁহিছিলো , কথা পাতিছিলো ….. কথাৰ মাজে মাজে পিঠা পনাৰে লাল চাহৰ জুতিও আছিল , কোনোবাই গধূলি আগকৰা বুটমাহ কেইটা ভাজি সৰু সৰু টোপোলা কৰি সকলোকে ভাগ কৰি দিছিল , মুঠতে ভোগৰ মেলাখন ঘৰে ঘৰে বহিছিল , ভোগালী মেলাৰ আয়োজনৰ দৰকাৰেই নাছিল ।

বিধে বিধে পিঠা পনা , জা জলপান ঘৰে ঘৰে উভৈনদী আছিল , মায়ে অকলেই দহ বাৰ কেজি চাউলৰ পিঠা ভাজিছিল , তিল পিঠা,ঘিলা পিঠা, পানী পিঠা , পুহীয়া পিঠা, মুঠি পিঠা, বৰ পিঠা , তিলৰ লাডু , নাৰিকলৰ লাডু , চিৰা আখৈ মূড়িৰ জলপান আৰু লাডু পিঠাগুড়ি , সান্দহগুড়ি সকলোবোৰ কৰিছিল , কেৱল আমাৰ ঘৰতেই নহয় , চুবুৰীয়া সকলোৰে ঘৰত এইবোৰ উভৈনদী আছিল । ভোজ হোৱাৰ লগে লগে গৰমে গৰমে বয়োজ্যেষ্ঠ আৰু সৰুবোৰক খাবলে নৰানিতে ধাৰি পাৰি শাৰী পাতি বহিবলে দিছিল , মই সদায়ে সৰুবোৰৰ শাৰীতে খাবলে পাইছিলো , (আজিৰ তাৰিখতো চুবুৰীয়াৰ বাবেচোন মই সৰু পপীজনীয়েই ) , দাদাহঁতে বিলনীয়াৰ কাম কৰি শেষত মাহঁতৰ লগত একেলগে খাবলে বহে , সেইখিনিতেই আকৌ মেল বহে , দেউতাৰ এৰি কাপোৰখনৰ ভাগ মইও পাঁও , লাহে লাহে সৰু ল’ৰা ছোৱালীবোৰ আৰু দেউতাহঁত যায়গৈ । ইফালে কেৰাহী পেতাহীবোৰ চুবুৰীয়া জীয়ৰী বোৱাৰীবোৰে ওচৰৰ পুখুৰীলে লৈ যায় , ধুবলে , এইবাৰ আকৌ খুৰী মাহঁত বহে , ঘৰৰপৰা যতনাই নিয়া চুঙা পিঠা আৰু চুঙা চাউল পোৰে , মেল মাৰে , মইও ভাগ পাঁও , সিয়নিত শোৱা মই একো এটা নকৰাকেই হাত সাৰি যাঁও , কৰিবলে খুজিলেও নিদিয়ে কোনেও , পিছে মৰমত নহয় , ভয়তহে নিদিয়ে হিতে বিপৰীত হোৱাৰ ।

” মাঘৰ উদয় পুহৰ শেহ / তেহে চাবা জাৰৰ ঠেঁহ ” কথাষাৰৰ সত্যতা প্ৰমাণ কৰিবলেকে যেন পথৰুৱা চেঁচা বতাহজাকে কাণে মুখে চুই যায় , মেজিও লাহে লাহে চেঁচা পৰে , সকলো ভাগে ভাগে যায়গে , পিছে সাৰে থাকে ঘৰৰ গৃহস্থসকল , কোন মুহূৰ্তত বাৰীৰ চুকৰ জেওৰাখন অথৱা কাপোৰ মেলা দাং ডাল সনাহী মঘুৱা চোৰকেইটাৰ কবলত পৰে তাৰ কি ঠিক ! গোটেই ৰাতি সাৰে থাকিলেও কিন্তু দাদাহঁতৰ মঘুৱা চোৰৰ দলটোৱে লৈ আনেগৈ জেওৰা জপনা দাং যিহকে পায় , আনি লুকুৱাই থয় আমাৰ খেৰঘৰৰ পিছফালে , সকলোৱে জানে , পিছদিনা ঘৰৰ বস্তু ঘৰলে ঘুৰি যায় , ফুৰ্তিতে কৰে ল’ৰাহঁতে , পিছে কাৰো অপকাৰ নকৰে ।

পুৱতি নিশাৰপৰাই সকলোৰে ঘৰত খদমদম লাগে , ঘৰৰ পুৰুষসকল উঠে , মাঘ বান্ধিবলে আগদিনাই সাজু কৰি ৰখা তমালেৰে নহ’লেবা ন খেৰেৰে গছে গছে মাঘ বান্ধে , ল’ৰাবোৰ হ’লেই হয় যদিও মই ছোৱালীজনীও উঠি যাঁও কিবা এটা ভাল লাগে , মাঘ বান্ধোতে ইঘৰে সিঘৰে শুনাকৈ চিঞৰি গায়

” মাঘ ঐ মাঘ / বাৰীৰ বস্তু বাৰীতে থাক ”

মাঘ অকল গছতে নাবান্ধে , ঘৰ গোহালি ভঁড়াল সবৰে মাৰলিত বান্ধে , গোঁসাইঘৰ , জপনা সকলোতে বান্ধে , ঘৰ বাৰীৰ শ্ৰীবৃদ্ধিৰ বাবে মাঘ বান্ধে । মাঘ বান্ধি হোৱালে ঘৰখনে সাৰ পায় , গা পা ধুই আজৰি হৈ অগ্নিসেৱা কৰিবলে একেলগে সাজু হয় , আগলতি কলপাত এখিলাতে গুৱা পাণ এটাৰ সৈতে ন বস্তুবোৰ অগ্নিদেৱতালে আগ কৰে , দেউতাই সৰুতেই শিকাই দিয়া অগ্নিমন্ত্ৰেৰে মুখৰিত হয় ঘৰৰ চোতালৰ সৰুমেজিৰ তল । মোৱা আলু সুমুৱাই দিয়ে মায়ে ৰঙা ৰঙা অঙঠাৰ মাজত , দেউতা আৰু মোলে সৰু চচপেন এটাতে অঙঠাৰ তাপতে সিজিব পৰাকে দুটামান আলু সিজাই দিয়ে , চাপৰিৰ পৰা অনা থমা দৈৰে জলপান খাই ভাগৰ মাৰে সকলোৱে কথাৰ মহলা মাৰি । ছুকুবাৰ বিয়া ঠিক হৈছিল , ভিনদেউ আহিছিল সিদিনা খুলশালীয়েকক চাবলে , বিয়াৰ তাৰিখ লৈ আহিছিল , ১০ মাৰ্চত তাইৰ বিয়া ঠিক হৈছিল , বুকুখন বিষাই গৈছিল , সহোদৰী বান্ধৱীজনী চিৰজীৱনৰ বাবে আনৰ হৈ যোৱাৰ দুখত ।

বিহুৰ পিছদিনাই আকৌ গুছি আহিছিলো চিৰনতুন জালুকবাৰীলে , ছেশ্যনেল আহি আছিল আগত , আকৌ আহিছিলো একেলগেই আমি , মনবোৰ সেমেকা নাছিল সেইবাৰ , মনবোৰত হেঁপাহ আছিল , আছিল জালুকবাৰীৰ ভালপোৱা , কৃষ্ণচূড়াৰ আব্দাৰভৰা আহ্বান । সেইবাৰ কিয়জানো হোষ্টেলৰ গেইট পাওঁতে নাছিল সেই বুকুৰ ঢুকঢুকনি , আছিল মাথোঁ এক বিলাস , সেই বিলাস জালুকবাৰীৰ বিলাস , কৃষ্ণচূড়াক বুকুতে পাব পৰা বিলাস ।

ক্ৰমশঃ

Leave a Comment