জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১৭

প্ৰাৰ্থনাৰ সুৰটোৱে মগজুৰপৰা বুকুলে উজাইছিল , গোটেই বাটচোৱা সেই একেতি ভকতিৰ সুৰে বুকুত গুণগুণাইছিল , মনটো অজান পুলকত পুলকিত হৈ উঠিছিল । মনে ভাবি লৈছিল দৃঢ়তাৰে য়ুনিভাৰ্ছিটিৰ হোষ্টেলত নাথাকিলে এম এ পঢ়াৰ আনন্দই বা ক’ত ? গতিকে যাবগে তাই , নতুন আৱেগ নতুন অভিজ্ঞতাৰ সোৱাদ ল’বলে । মনে মনে গুণগুণাই উঠিল তাই আকৌ এবাৰ মগজুৰ অজানিতেই ” আদি নিৰঞ্জন ক্ষীৰোদ শয়ন…..”

অৱশেষত আহিছিল সেই আকাংক্ষিত দিনটো , ৮ জানুৱাৰীটো , লংকেশ্বৰক বিদায় দি হোষ্টেলত একেবাৰে থাকিবলে যোৱাৰ দিনটো । বৈভৱী ক্লাছলে গৈছিল সেইদিনাও , লংকেশ্বৰ এৰি সেইদিনাই যাবলে মন যোৱা নাছিল যদিও ডিম্পীবায়ে আহি সোধাত কিয় জানো এবাৰো নাযাঁও বুলিব নোৱাৰিলে তাই , তেতিয়ালে হোষ্টেললে তিনিবাৰ গৈছিল তাই , মায়া লাগিছিল গোটেই পৰিৱেশটোলে , তাতে ডিপাৰ্টমেণ্টৰে চিনাকি চিনিয়ৰ গায়ত্ৰী বা , জুৰিবাহঁতো আছিল আৰু সবতকে ডাঙৰ সাহস কেইদিনমানৰ আগৰেপৰা থাকিবলে লোৱা অন্তৰংগ বান্ধৱী জীনাক্ষি অাছিলেই । গতিকে দেৰি কৰি নাথাকি লংকেশ্বৰ এৰাৰ সিদ্ধান্ত লৈ পেলালে । বস্তু নাছিল বিশেষ লগত নিবলে , আগতেই পলিৰ লগত গৈ বেছিভাগ বস্তুৱেই থৈ আহিছিল । লাগতীয়াল কাপোৰ কেইসাজ , কম্বলখন আৰু কিতাপখিনি আছিল মাথোঁ গতিকে দেৱাশ্ৰীৰ বাদে ইহঁত দুইজনী যাবলে ওলাইছিল থ’বলে । পৰিৱেশটো থমথমীয়া হৈ পৰিছিল , মনবোৰ গোমা হৈছিল , বুকুৰ বিষটোৰ লগতে ঢুকঢুকনিটো দুগুণে বাঢ়ি গৈছিল , জীয়ৰী বিদায় দিয়াৰ পৰত ঘৰখনত যেনেকুৱা হয় ঠিক তেনেকুৱাই হৈছিল সিদিনা লংকেশ্বৰৰ সেই দুকোঠলীয়া ঘৰটোত । ঘৰটোৰ প্ৰতিখন দুৱাৰ খিৰিকিতেই যেন লিখা আছিল তাইৰ নাম , কেনেকৈ এৰি যাব সেইখন চোতাল , সেইটো পৰিয়াল , প্ৰতিটো উশাহে বাধা দিব খুজিও হাৰ মানিছিল সিদিনা , এৰি গৈছিলো মৰমৰ ঘৰখন , মৰমৰ মানুহবোৰ ।

ৰৈ আছিল RCC 4 , ৰৈ আছিল মাৰ্কেট । মাৰ্কেটৰ সেন্দুৰীয়া বাটটোৰে যেতিয়া অটোখন সোমাই গৈছিল তেতিয়া মনলে আহিছিল সেই পুৰণি প্ৰশ্নটো , দেউতাকক সৰুতেই সোধা প্ৰশ্নটো , জালুকবাৰীৰ নাম কিয়নো জালুকবাৰী হ’ল বুলি সোধা কথাটো ! দেউতকৰ উত্তৰটোৱে দিয়া হেঁপাহটো বুকুত উজোৱাৰ দিনৰে পৰা জালুকবাৰী বুকুৰ আপোন আছিল । মাৰ্কেটৰ শিলুৱা বাটটোৰে অটোখন গৈ গৈ কেম্পাছৰ ডাঙৰ গেইটখনেৰে সোমাই আমাৰ হোষ্টেলৰ গেইটখন পাইছিলগৈ । জিনাক্ষিয়ে ৰূমৰপৰাই দেখিছিল তাইক , নামি আহিব খুজিও অহা নাছিল দুৱাৰমুখৰ চিৰিত বহি থকা চিনিয়ৰকেইগৰাকীক দেখি । সিহঁত তিনিওজনীয়ে তিনিটা টোপোলা হেপো টেপোকে লৈ চিনিয়ৰকেইগৰাকীৰ কাষেৰেই পাৰ হৈ গ’ল , চিনাকিৰ ভিতৰত চিন্ময়ীবা আছিল , চিনিয়ৰৰ গাম্ভীৰ্যতা বজাই ৰাখি হাঁহিৰে প্ৰত্যুত্তৰ দিছিল মাতোতে । বাকী বহি থকা কেইগৰাকীয়ে যিটো চাঁৱনি দিলে , চাঁৱনিতেই বুজিলে তাই যে ” জুনিয়ৰ be careful “

4th block , সমন্বয় ( জীনাক্ষি , তিৰু , পাপৰি ২০০৩-২০০৫ ) কুকুবা আৰু ডিম্পীবায়ে অঁকা ৰংগোলী

চকুৱে মুখে ফুটি উঠা চিনিয়ৰ সকলৰ অভিব্যক্তিখিনি পলকতে পঢ়ি উঠি গৈছিল তাই মেইন দুৱাৰৰ বাঁওফালে থকা চিৰিৰে ফ’ৰ্থ ব্লকৰ অভিমুখে , ব্লকটোৰ ঠিক ওপৰতে লিখা আছিল ‘ 4th block , সমন্বয় ‘ বুলি । কোনে দিয়া নাম নাজানো , কিন্তু নামটো দেখিয়েই ভাল লাগিছিল , সিদিনা প্ৰথমবাৰৰ বাবে দেখিলে তাই নামটো । গৈ পাঁওতে ডিম্পীবা নাছিল , মই যাম বুলি জানিয়েই চাবি থৈ গৈছিল জীনাক্ষিৰ ওচৰত , নতুনকে চিনিয়ৰ হোৱা ডিম্পী বা ওলাই গৈছিল কৈশোৰৰে প্ৰেম ভৱেনদাক লগ কৰিবলে । ডিম্পীবা নহালৈকে ৰূমলে নগ’ল তাই , সকলোতে আগৰণুৱা বুলি নাম থকা বৈভৱী সিদিনা জুনিয়ৰ নামৰ খোলা এটাৰ ভিতৰত সোমাই পৰিল । ডিম্পীবা আহিছিল সোনকালে , সন্ধ্যা লগাৰ আগতেই আহি পাইছিল । জুনিয়ৰ ৰূমমেটক সন্ধ্যাৰ প্ৰাৰ্থনা আৰু চিনাকি পৰ্বলে প্ৰথম দিনা লৈ যোৱাৰ দায়িত্ব আছিল চিনিয়ৰ ৰূমমেটৰ , কৰিড’ৰটোৰ বাঁওফালে থকা তিনি নং ৰূমটোৱেই আছিল ৪৪ নং ৰূমটো ,তাহাঁতৰ ৰূমটো । ৰূমবোৰৰ ৰং আছিল পাতল সেউজীয়া , দুৱাৰবোৰত এক ভাল লগা নীলা , ৰূমবোৰ দুজনীয়া , দুৱাৰৰ দুফালে দুটা পকী আলমিৰা , দহ বাৰফুটীয়া ৰূমবোৰত দুযোৰকে বিচনা – টেবুল , টেবুলৰ কাষতে চাৰিপাল্লাৰ এখন খিৰিকী ।

ৰূমত সোমাওতেই টংটংকে বেলটো বাজি উঠাত ডিম্পীবায়ে সোনকালে তললে যাবলে ক’লে , জীনাক্ষিয়ে আগতেই কৈ থৈছিলেই কথাবোৰ , গতিকে তাইও দেৰি নকৰিলে । জপৰা চুলিকেইডাল বান্ধিবলে পাহৰি দোপাত্তা খন ধুনীয়াকৈ লৈ তললে প্ৰায় লৰ দি নামি গ’ল , ইতিমধ্যেই ছোৱালীবোৰ দেৱী সৰস্বতীমাৰ মুৰ্তিৰ আগত থিয় দিছিলহিয়েই , পিন্ধনৰ কাপোৰবোৰ দেখিয়েই গম পালে তাই কোনফালে থিয় দিব লাগিব , পাছলে কোঁচমোচ খাই চেলোৱাৰ ৱিথ দোপাত্তা পৰিহিত ছোৱালীকেইজনীৰ মাজৰে তাইও এজনী হ’লগৈ ।

জুনিয়ৰ চিনিয়ৰ সকলো প্ৰাৰ্থনা সভাত উপস্থিত থকাটো বাধ্যতামূলকেই আছিল , প্ৰিফেক্ট মণিবা ৰৈ আছিল । বেল পৰাৰ পিছতে সকলোৱে সমস্বৰে গাই উঠিল সেই বুকুলে উজোৱা প্ৰাৰ্থনাটো যিটো মোক জীনাক্ষিয়ে আগতেই শিকাইছিল , হোষ্টেললে নাহোঁতেই ……

পাহৰণি হোৱা আৰু হেৰাই যোৱা সেই বুকুজুৰুৱা প্ৰাৰ্থনাটো জীনা বাৰ ভণ্টিৰপৰা সংগ্ৰহ কৰিলো । দুয়োলৈকে ধন্যবাদ । আমাৰ আৱাসৰ প্ৰতিগৰাকী আৱাসীৰ বাবেই আকৌ প্ৰাৰ্থনাটো….

দুশাৰীতকে আগবাঢ়িব পৰা নাছিল প্ৰথমদিনাই জুনিয়বোৰে , পিছৰখিনি সুৰ হৈ বাজি উঠিছিল কাণত । ইমান শুৱলা হ’ব পাৰে , ইমান হিয়াজুৰুৱা হ’ব পাৰে কেতিয়াও নোগোৱা প্ৰাৰ্থনাটো । প্ৰাৰ্থনা শেষ হোৱাৰ লগে লগেই কোনোবা এগৰাকীয়ে চিনিয়ৰৰ সেই বিশেষ সুৰটোৰে প্ৰায় চিঞৰিয়েই সবকে ডাইনিং হললে সোমাই যাবলে ক’লে । বুকুৰ ঢুকঢুকনিটো দুগুণে চৰিল , জীনাক্ষিয়ে ভয়ে ভয়ে কাণৰ কাষত কৈ উঠিল ” ঐ চুলি মেলি আহিলি কিয় ? মৰিব খুজিছ অহাৰ দিনাই ?” হে হৰি কি কৰিলে তাই ! এতিয়াচোন যাবও নোৱাৰে ওপৰলে উঠি …. ভয়ত হয়তো আৰু বুকুৰ ঢুকঢুকনিটো বাঢ়িছিল , তেনেতে আলফুলীয়া হাত এখনে তাইৰ হাতৰ মাজতে কিবা এটা দিলে , ডিম্পীবাই কোমল হাতৰ মাজত লৈ থকা উমাল ৰবৰ ডালে বুকুখন পলকতে পাতলাই দিলে , জপৰা চুলিকোচা টানকে পিছফালে বান্ধি ল’লে যদিও চিনিয়ৰ চকু এহালিৰ পৰা বাচি নগ’ল তাই ।

মণি বা সোমাই আহিল হাতত ৰেজিষ্টাৰখন লৈ , এফালৰপৰা নামবোৰ মাতি গ’ল , প্ৰথমতে ছিনিয়ৰ তাৰপিছতে জুনিয়ৰৰ নামবোৰ। জুনিয়ৰৰ নামৰ মাজত বৈভৱীৰ নামটো সিদিনা আছিল সকলোৰে বাবে নতুন , জিনাক্ষিৰ বাহিৰে বাকী লগৰ জুনিয়ৰ কেইজনীয়ে আঁৰচকুৰে চাই মুখৰ ভিতৰতে মৰা হাঁহিটোৰ প্ৰত্যুত্তৰো একেধৰণেই দিলে তাই । চশমা পিন্ধা সৰুফুটীয়া স্বৰ্ণালী বোলা ছোৱালীজনীৰ বাদে কাৰো নামেই মনত নৰ’ল সিদিনা তাইৰ ।

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১৬

সেইদিনা খুউব দুখ লাগিছিল যদিও পিছলে পৰিৱেশটো পাতল হৈছিল । আমাৰ সেইদিনাৰ আলহী দূবৰিয়ে পাতলাইছিল সেই গোমা পৰিৱেশটো । দূবৰি আহিছিল তাইৰ হোষ্টেলৰ পৰা আমাৰ লগত বছৰৰ শেষদিনটোক বিদায় দি নতুন পুৱাটোক আদৰিবলৈ । তাই আমাৰ লগত লংকেশ্বৰত একেলগে নাথাকিছিলহে কিন্তু আমাৰদৰেই তাইও একাত্ম হৈ গৈছিল লংকেশ্বৰৰ প্ৰতিটো পল অনুপলৰ লগত । আমাৰ দৰেই উপভোগ কৰিছিল প্ৰতিটো ক্ষণ আঁতৰত থাকিও , প্ৰতিটো কথাই তাইৰ নিজৰ হৈছিল । তাই যে অভিন্ন বান্ধৱী মোৰ , পলিৰ ….বেষ্ট ফ্ৰেইণ্ড শব্দৰ লগত আমি পৰিচিত নাছিলো কাৰণ জীৱনত লগ পোৱা প্ৰায় প্ৰতিজন বন্ধু বান্ধৱেই আমাৰ বাবে বৰ আপোন হৈ পৰিছিল , পিছে সকলোবোৰ আপোন বন্ধু বান্ধৱৰ মাজৰ পৰাই অন্তৰৰ কোনোবা এটা কোণত নিজৰ দৰেই শিপাই যায় কোনো এজন বন্ধু। যাৰ চিন্তাৰে নিজে চিন্তা কৰিব পাৰি, যাৰ চকুৰে নিজক খুটিয়াই চাব পাৰি , যাৰ বাবে জীৱন উদযাপনৰ সকলো দিশ সুন্দৰ কৰি তুলিব পাৰি , যিজন দূৰৈত থাকিলেও প্ৰতি মুহুৰ্ততে কাষত থকাৰদৰেই লাগে , যাৰ অবিহনে বন্ধুত্বৰ প্ৰকৃত মজা ল’ব নোৱাৰি । তেনে বন্ধুবোৰেই আন বন্ধুবোৰৰ পৰা নাম পাই কাপ – প্লেট , বুন্দিয়া ভুজীয়া , টিউব টায়াৰ বা টকাৰ ইপিঠি সিপিঠি । সেই কাপপ্লেটবোৰৰে এযোৰ আছিলো আমি , হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ দিনৰে পৰাই দূবৰি আৰু মই অভিন্ন বান্ধৱী ।

আমি কটনতো যথেষ্ট জনপ্ৰিয়ই আছিলো বুলি লগৰবোৰৰ পৰা জানিব পাৰিছিলো , আমাৰ বন্ধু দিলীপে প্ৰায়ে কৈছিল এই কথাটো , আমাৰ এজনীৰ অবিহনে আনজনীৰ কথা ভাবিব নোৱাৰে বুলি কৈছিল, সত্যতাৰ আমিও প্ৰমাণ পাইছিলো বাৰু । যিকোনো এজনীৰ নাম ল’লেই আনজনীৰ নাম সন্মুখৰ জনৰ মুখৰপৰা ওলাইছিলেই , এবাৰ বৰ মজাৰ ঘটনা এটা ঘটিছিল আমাৰ লগত ( বন্ধু দিলীপে মেমো বুকত বৰ ধুনীয়াকৈ লিখি দিয়াত কথাখিনি স্থায়ী হৈ ৰ’ল ) । এবাৰ আমাক এজন চিনিয়ৰে আমাৰ নাম সোধোঁতে নাৰ্ভাছৰ কোবত দূবৰিয়ে কিবা উত্তৰ দিয়াৰ আগতেই মই টপৰাই মাতিছিলো “নমস্কাৰ , মই দূবৰি আৰু এই পাপৰি ” বুলি । শুনিয়েই আমাৰ নাম জনা চিনিয়ৰ জনে হাঁহি ৰখাব পৰা নাছিল , এইজনীয়ে নিজৰ নামো পাহৰিলে বুলি । এইয়াই আমাৰ বন্ধুত্ব ।

দূবৰিয়ে আমাৰ মেখেলা চাদৰ পিন্ধাৰ প্লেনটো আগতেই গম পোৱা নাছিল , গতিকে অনাও নাছিল , ইফালে আমাৰো গাইপতি এযোৰকৈহে আছিল কাপোৰ । কি কৰা যায় ? কেনেকৈ অভিন্ন বান্ধৱী সেইদিনা ভিন্ন সাজত থাকিব পাৰে ? কেনেকৈ ?

জলিল নহয় আকৌ সেই ডিমাগ কী বত্তি ! এইবাৰ আলহীৰ ডিমাগেৰে বত্তি জলাই হামলা দিলে অমৃতাক , তাইৰচোন বিয়া ঠিকেই হৈ আছে গতিকেই মেখেলা চাদৰ পিন্ধাৰ দৰকাৰ নাই , এনেইও বুলবুল ইয়াত নাই । দেৱাশ্ৰীৰ ব্লাউজৰ চাইজ নিমিলাৰ কাৰণে অমৃতা ফচিলেই নহয় , বেচেৰী অমৃতাজনীয়েও আলহীৰে মান থাকক বুলি নিজে পিন্ধিবলে লোৱা গাঢ় সেউজৰঙী কাপোৰসাজ সিদিনাৰ বাবে উছৰ্গা কৰিলে দূবৰিৰ নামত । তাৰপিছত পায় কোনে আৰু আমাৰ বেলেগৰ সাজেৰে শুৱনি আলহীক ? তাতে আমাৰ আসে পাশে ইমান ৰোমাণ্টিক পৰিৱেশ ! ( আমি প্ৰত্যেকেই পুৰণি বন্ধু, কটনৰ অথবা দেৰগাঁৱৰ ) কিছু সময়ৰ বাবে গোমোঠা হৈ পৰা মুখবোৰত সজীৱতা আনিবলে সময় লগা নাছিল আমাৰ বান্ধৱীক , নিজেও নাচিছিল আৰু আমাকো নচুৱাইছিল । ভাগৰ লাগি নোযোৱালৈকে নাচিছিলো , সেই নিশাটো জীৱনত নাপাহৰাকে সুখময় কৰি তুলিব পৰাকে উপভোগ কৰিছিলো ।

পিছদিনা আমাৰ বাবে অপেক্ষা কৰিছিল এক ৰৌদ্ৰোজ্বল পুৱাই , ঠেঁটুৱৈ ধৰা ঠাণ্ডাৰ সেই পুৱাটোৱে আনিছিল উদ্যম , নকৈ আগুৱাই যোৱাৰ পৰিকল্পনা । পুৱাই সকলোকে নৱবৰ্ষৰ শুভকামনা জনাই আমি ওলাইছিলো লংকেশ্বৰ মন্দিৰলে , ৰেডক্ৰছৰ সেই অনাথ আশ্ৰমখনলে , য’ত আছিল সেই কৰুণ চকুমুখবোৰ । সিদিনা আশ্ৰমৰ ল’ৰাবোৰৰ মনবোৰ ফৰকাল লাগিছিল , হয়তো মাহীগৰাকীয়ে তেঁওলোকৰ বাবে আয়োজন কৰা নৱবৰ্ষ বিশেষ খানা আৰু পৰিৱেশটোৰ বাবে ।

লংকেশ্বৰৰ পৰা ঘুৰি আহোঁতে আমাক লগ পাবলে ৰৈ আছিল কিৰণ , হিমাচল প্ৰদেশৰপৰা অসমলে বি.এড পঢ়িবলে অহা কিৰণ নামৰ দেখনিয়াৰ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গোল গোল চকুৰ ল’ৰাটো । চকুৰ চিনাকি ল’ৰাটোক আগৰেপৰাই আমি মাতবোল কৰিছিলো যদিও বৰ বেছি নাছিল , সেইদিনা নতুন বছৰ বুলি পলি , অমৃতা আৰু মোক গণেশৰ মূৰ্তি দিছিল , দূবৰিক প্ৰথম লগ পাইছিল বাবে চকলেট দিছিল , তিৰুক একো নিদিয়া দেখি আচৰিত হ’বলে নাপালোৱেই তেঁওচোন সাউতকে পলিৰ হাতত কাগজ এখন গুজি দি তিৰুৰ ফালে চাই মনে মনে আঁতৰি গ’ল , বুজিব পৰা নাছিলো তেঁওৰ ভাষা । ৰূমত গৈহে ফাদিল হ’ল সেই চাৱনিৰ ৰহস্য , কিৰণে তিৰুলে এখন দীঘলীয়া প্ৰেমপত্ৰ দি পঠাইছিল ‘ Dearest Jyoti ‘ বুলি , আমি পঢ়ি শেষ কৰিবলে নাপাঁওতেই তিৰুৱে আঁজুৰি লৈ গৈছিল সেই প্ৰেমিক চৰাইৰ গানটো , গুপুতে , নীৰলে পঢ়িব বিচাৰিছিল ছাগে , আৰু আমাৰ কাৰ্য কাৰণ সম্বন্ধ বিশেষজ্ঞ অমৃতাই তাইৰ শহা চাঁৱনিটোৱেই নৱবৰ্ষৰ তিৰুবিশেষ উপহাৰ বুলি বুজাই দিলে , এইফালে আমি ৰগৰ ফালিলো আৰু আনফালে তাই লিখি ৰাখিলে চিঠিখন নিজৰ ডায়েৰীত , কৃষ্ণচূড়া নগৰীৰ প্ৰথমখন প্ৰেমপত্ৰ , প্ৰেম হওক বা নহওক স্মৃতি থাকক বুলিয়েই , ডায়েৰীত লিখি লৈ ঘুৰাই দিছিল চিঠিখন কিৰণক প্ৰত্যাখ্যান কৰি , বেচেৰা সঁচাই প্ৰেমিক পখী আছিল , বুকুত এসোপা মৰম লৈ হয়তো গুছি গৈছিল , তাৰপিছত নেদেখিলোৱেই সেই হিমাচলী ল’ৰাটোক ।

পুৰণিক বিদায় দি নতুনৰ লগত মিতিৰালি কৰিবলে মানসিকভাৱে প্ৰস্তুত হ’বলে সময় লাগিছিল , ইফালে ডিম্পী বা হোষ্টেললে আহিছিল ঘৰৰপৰা , ক্লাছ খোলাৰ দিনাই ডিম্পীবাক লগ ধৰি আহি হোষ্টেললে যাবলে মন বান্ধিছিলো , ঘৰৰ কথাও আছে । মাঘবিহুত মেজিৰ জুই পুৱাবলে যোৱাৰ আগতেই হোষ্টেল সোমাবই লাগিব বুলি মনটোক বুজাই দিলো । ডিপাৰ্টমেণ্টৰ বন্ধুবোৰৰ লগত মৰমৰ বান্ধোনেৰে বান্ধ খালোহঁত , তুমিবোৰ তই হ’ল , মইবোৰ আমি হ’ল । তাৰে মাজত কল্প , সঞ্জীৱ, টংকেশ্বৰ , চম্পক , ৰাতুল , বিকি , ভৱেশ , ছাঁয়া , বিউটি , শংখ , শুভ্ৰা ,মীনাক্ষি , লিপিকা , বৰ্ণালী, সংহিতা , ৰুক্মিণীহঁত ভাল বন্ধু বান্ধৱী হ’লোহঁত , কটনিয়ান বান্ধৱীকেইজনী আৰু আদৰৰ হ’লোহঁত , অসহজৰ পৰা হোৱা সহজ পৰিৱেশ এটাত গোটেইবোৰে মিলি জীৱন্মুখী গানটো গাবলে সাজু হ’লোহঁত । চিনিয়ৰ সকলো আমাৰ লগত আগতকে মোলায়েম হ’ল , আমাৰ বন্ধু হ’ল , দোস্তি হ’ল । তাৰে গানবলিয়া ল’ৰাটো কিন্তু দূবৰিৰ প্ৰেমতো বলিয়া হ’ল ।

জিনাক্ষি থাকিবলে লৈছিল হোষ্টেলত নিয়মীয়াকে লগতে হোষ্টেলৰ কায়দা কানুনো মুখস্থ হৈছিল , তাই নিজৰ ডিপাৰ্টমেণ্টৰপৰা নামি যাঁওতে সদায় লগ কৰি যোৱা হ’ল মোক , বুজি পালো বেচেৰীও অকলশৰীয়া হৈছিল হোষ্টেলত , বেছিভাগ ৰূমলেকে জুনিয়ৰ অহাই নাছিল বোলে , যিকেইজনী আহিছে তাকো ভালকে চিনাকি হোৱাই নাছিল হেনো । যিমান পাৰোঁ সিমান সোনকালে যাবলে ঠিক কৰিলো সেই প্ৰিয় ঠাই আৰু প্ৰিয় মানুহবোৰ এৰি , অমৃতাও গৈছিলগে ১ তাৰিখৰ পিছতে , তাই RCC 3 লে গৈছিলগে, তাই যোৱাৰদিনা দুখবোৰ দুগুণে চৰিছিল , বুকুৰ ঢুকঢুকনিটো আকৌ বাঢ়ি গৈছিল ।

জিনাক্ষি মোৰ সাহস হৈছিল নতুন এটা জীৱনৰ অধ্যায়ৰ আৰম্ভণিত । তাই সুখী হৈছিল মই ৮ তাৰিখেই যাম বুলি কোৱাত , ফুৰ্তিতে তাই আগতে নুশুনা প্ৰাৰ্থনাৰ দুশাৰী গাই শুনালে ৰাস্তাতে আৰু পাৰিলে সেইকণ মুখস্থ কৰি আহিবলেও ক’লে । ৰৈ আছিল যেন সেই সেন্দুৰীয়া বাটটো , সেন্দুৰীয়া বাটৰ মইনা মাইনাবোৰ আমাক আদৰিবলে, জালুকবাৰীক আৰু প্ৰাণ দিবলে । মনতে আঁওৰাই গ’লো হৃদয়ত খোপনি পোতা সেই প্ৰাৰ্থনাৰ কলিটো

“আদি নিৰঞ্জন ক্ষীৰোদ শয়ন / বন্দো তোমাৰ চৰণহে মা

ব্ৰহ্মাৰ সৃজন বিষ্ণুৰ পালন / হে সৃষ্টি ত্ৰিভূৱন হে মা…..”

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১৫

মাৰ্কেটৰ ফেৰেঙনি মেলা আঁহতজোপাই দুহাত মেলি আদৰণি জনাইছিল সেই সেন্দুৰীয়া পদূলিয়েদি সোমাই যোৱা RCC 4 হোষ্টেললৈ, জীৱনৰ চৰম সুখৰ সময়খিনিলৈ। প্ৰণৱদাক কৈছিলে তাই সেইটো হেষ্টেলত চিট পোৱাৰ কথা, আশ্বাস ভৰা মাতেৰে দাদাই কৈছিল সেই হোষ্টেলৰ গৰিমাৰ কথা, তেঁওলোকৰ হোষ্টেলৰে থকা সুসম্পৰ্কৰ কথা । তাইৰ মন গৈছিল হোষ্টেলটো চাই অহাৰ, মনৰ কথা হয়তো কোনোবাই শুনিছিল , তেনেতে জীনাক্ষিক লগ পাই ভালেই পাইলে যদিও তাইৰ ৰূমলে আলহী হৈ যোৱাৰ সাহসকণ নাই তেতিয়া, জুনিয়ৰযে । পিছে একান্তই অন্তৰৰ ইচ্ছা কেতিয়াও বিফলে নাযায় বুলি বুজা হোৱাৰ দিনাৰে পৰা ৰখা বিশ্বাসে সিদিনা আকৌ ইয়াৰে যোগাত্মক ৰূপ প্ৰকাশ কৰিলে , জীনাবাক পালে তাই , জীনা বায়ে কিবা অলপ ফৰ্মেলিটিজ আছে বুলি কোৱাত অকণো বেয়া নাপালে আৰু বাৰ পিছে পিছে জীনাক্ষি , পলিৰ লগত গৈ থাকিল সেই সুখৰ ঠিকনাৰ অভিমুখে । কাৰো মুখত একো কথা নাছিল , বা ও আগে আগে গজগামিণীৰ দৰে গহীন খোজেৰে গৈ আছিল চিনিয়ৰৰ মুখাখন পিন্ধি । এইবাৰ পিছে সেই বুকুৰ ঢুকঢুকনিটো আগতকে কম যেন লাগিছিল , জীনাক্ষিৰ ৰূমমেট নাছিল সেইদিনা , তাইৰ ৰূমতে বহি কৰিবলগীয়াখিনি কৰি গুছি গৈছিল সিদিনা সেই পুৰাতন হেঁপাহটো লৈ , জালুকবাৰীত য়ুনিভাৰ্ছিটিৰ হোষ্টেলত থকাৰ হেঁপাহটো লৈ । লংকেশ্বৰখন আপোন হৈ পৰিছিল যদিও থাকিবলে লোৱাৰ দিনৰেপৰা এৰিব লাগিবই বুলি মানসিক ভাৱে প্ৰস্তুত আছিলেই তাই , সিদিনাখন হোষ্টেলৰ সেই আবেলিটোৱে লংকেশ্বৰ এৰিব পৰাকৈ মনক অলপ প্ৰবোধ দিলে ।

হোষ্টেল কেম্পাছৰ মেইন গেইটখনৰ পৰা ওলাইয়েই RCC 5 girls hall ৰ গাতে লাগি আছিল এখন ডাঙৰ পথাৰ, আচলতে এই পথাৰখনৰ মাজেৰেই এই সেন্দুৰীয়া বাটটো আছিল । তেতিয়া মেটেকাফুলৰ বতৰ , ডিচেম্বৰৰ সেই আবেলিটো মেটেকা ফুলখিনিয়ে অধিক মনোমোহা কৰি তুলিছিল , বেঙেনাবুলীয়াকে জাপ পাতি ফুলিছিল মেটেকাবোৰ , মাজে মাজে গুলপীয়া গুলপীয়া ভেট ফুলৰ মেলা , মেটেকানিও যে ইমান ধুনীয়া হ’ব পাৰে , ইমানযে ৰং বিলাব পাৰে , সিদিনা ভালকৈয়ে অনুভৱ কৰিব পাৰিছিলো । বাটটোৰ এহাতে মেটেকাৰ ভৰ যৌৱন আনহাতে যৌৱনোচ্ছল ডেকাহঁতৰ হোষ্টেল AT 9 বয়জ্ হল । ওভটনি বাটত সিদিনাও আছিল ভূপেন সন্ধানী চকু, দেখা নাছিল তাক , পিছে কোনোবাই চিঞৰিলে ” অ’ আইনষ্টাইন মাইনা নতুনকে আহিছানেকি ??” আইনষ্টাইন ? বুজিবলে সময় একচেকেণ্ডো নালাগিছিল , আইনষ্টাইন মাইনা যে অইন কোনো নহয় , আইনষ্টাইন মাইনা বৈভৱীয়েই । কি কয় AT 9 বাসীয়ে ! ক’ত পায় ইমান ক্ষিপ্ৰতা চিন্তাত ! কেনেকৈ পাৰে ইমান ধুনীয়াকে , মনত ৰৈ যোৱাকে কাৰোবাক জোকাবলে ! AT 9 ৰ সন্মুখেৰেই কেঁকুৰিটো ঘুৰিয়েই মাৰ্কেটমুখী ৰাস্তাটো , সেইখিনিলৈকে মুখত , মনত জুনিয়ৰৰ সমস্ত সৰলতা , তাৰপিছত নোৱাৰিলে সিহঁতে নিজকে ৰখাব, দুইজনীয়ে মুখ টিপি হাঁহিব পৰা নাছিলে , হাহাকৈ হাঁহিহে সিহঁতে শান্তি পালে । তাইৰ এই চুটি জপৰা চুলি কেইডালেই আইনষ্টাইন বনাইছিল , সঁচাই কল্পনা কৰি চালে তাই নিজকে আইনষ্টাইনৰ ৰূপত , হাঁহি ৰখাব নোৱাৰিলে । এই চুটি জপৰা চুলিকেইডালৰ অধিকাৰিণীজনী সিদিনা নতুন নামেৰে নামাংকিত হ’ল , এনেই অভিজ্ঞানীহঁতে দিয়া পুৰণি নামটো আছিল সাঁই বাবা , কোনটোক এৰোঁ কোনটোক ধৰোঁ লাগিল , তাইৰ বাবে যে দুয়োটা নামেই আপোন হৈ পৰিল । পলিয়ে সিদিনা ৰূমত ঠিক ৰগৰ উঠালে আইনষ্টাইন / সাঁই বাবা বনাম বৈভৱী ।

নতুন বছৰ আহিছিল, নতুন বছৰৰ উলাহে সকলোকে উতনুৱা কৰাৰ সময়তে মোক পুনৰ সেই বুকুৰ বিষটোৱে আমনি কৰিছিল , এই বিষ বিচ্ছেদৰ , দুমাহে মৰমে আৰু গাঢ় কৰা বন্ধুহঁতৰ লগত এৰা এৰি হোৱাৰ বিষ , এনেকৈ কেতিয়াও লগ নোপোৱাৰ বিষ …বুকুখন গধুৰ হৈ পৰিছিল , একেই নাম নজনা দুখটোৱে ভাৰাক্ৰান্ত কৰিছিল । লংকেশ্বৰৰ সময়খিনি পলকতে যেন শেষ হৈ গৈছিল ।

তাৰমাজতে আমাৰ পৰঠা খোৱাৰ নিমন্ত্ৰণ আহিছিল ডিচেম্বৰৰ শেষ দেওবাৰটোত অভিজ্ঞানীহঁতৰ হোষ্টেললে , নিমন্ত্ৰণী দিছিলহি টমাছে নিজেই ৰূমত আহি , লগত সিদিনা গহীন আছিল, পলিৰ গহীন। সিদিনাও গহীন গহীন হৈয়ে থাকিছিল পিছে । পিছদিনা অভিজ্ঞানীহঁতৰ দেওবৰীয়া পৰঠা খাবলে অকলে যাবলে বেয়া লাগিছিল , ঘৰৰ মালিক দাদাক জনাইছিলো তালে যাম বুলি , ক’ৰবাত গ’লে দাদাক জনাই যোৱাটো সিহঁতৰ নিয়ম আছিল , আপত্তি কৰা নাছিল তেখেতে , গতিকে চিন্তা কৰা নাছিলে যাবলে। অভিজ্ঞানলে লৈ গৈছিল পলিৰ ককায়েক জয়ন্তই , জয়ন্তৰো ভালেই লাগিছিল ছাগে ৰূপহী গাভৰুজাকৰ লগত যাবলে পাই ।

অভিজ্ঞানীহঁতে গান শুনিছিল আৰু শুনাইছিলো , গতিকেই অভিজ্ঞানীহঁত সিহঁতৰ ৰূমলে যাঁওতে খালীহাতে গৈছিল যদিও ৰূপহীহঁতে কিন্তু অভিজ্ঞানী বন্ধুকেইজনলে বন্ধুত্ব আৰু নতুন বছৰৰ অভিজ্ঞান স্বৰূপে তেতিয়াৰ জনপ্ৰিয় ‘বন্ধু’ নামৰ এখন কেছেট উপহাৰ লৈ গ’ল , অভিজ্ঞানী বন্ধুহঁতে বৰ আগ্ৰহেৰে ল’লেও । সিদিনাখন কোনেও লাজ কৰা নাছিল তিৰুৰ বাদে, পৰঠা আহি পাইছিল , বেচেৰাহঁতে নিজৰ ভাগৰ পৰঠা খুৱাইছিল , কি জুতিত দেওবৰীয়া পৰঠা খাইছিল ল’ৰাকেইটাই খাইহে গম পালো , চামৰাৰ দৰে টান আৰু লিকটীয়া পৰঠা কেইটা চোবাই চোবাই শেষ কৰিব পৰা নাছিল যদিও ঘুগুনিখন বৰ সোৱাদলগা আছিল , দেৱাশ্ৰী আৰু অমৃতাৰ দুখ লাগিছিল ল’ৰাকেইটালে টান টান পৰঠা খাব লাগে বুলি । দুইজনীয়ে তেঁওলোকক মাতি থৈ আহিছিল তাহাঁতে বনোৱা মুখত দিলেই পমি যোৱা , ফুলা ফুলা লুচি আৰু গৰম গৰম গুটি আলুৰ ভাজি খাবলে । লাহে লাহে সবেই লংকেশ্বৰ এৰিব বুলি গম পাই দুখ লাগিছিল ছাগে ল’ৰাহঁতৰ , মুখেৰে নক’লেও চকুত ধৰা পৰিছিল সেই বেয়া বুলি ভবা ভাল অভিজ্ঞানীহঁত , যাৰ বন্ধুত্বই আজন্ম আচ্ছন্ন কৰি ৰাখিব পৰাকে বিশ্বাস দিছিল সিহঁতক ।

দুখ লাগিছিল পিছফালৰ মেছৰ ল’ৰাকেইটাৰো , হিৰণ্য ৰুবুলো যাবলে ওলাইছিল তাৰপৰা , হিৰণ্যই RCC 4 hall আৰু ৰুবুলে বৈভৱীহঁতৰ একে কেম্পাছৰে AT 8 boys hall ত ছিট পাইছিল , হোষ্টেললে যাবগে বুলি আচলতে কোনো দুখী হোৱা নাছিল, দুখী হৈছিল সেই পৰিৱেশটো এৰিবলেহে , এইকণ ঠাই এৰি গ’লেই যে পাহৰণি হৈ যাব মহাদেৱ – পাৰ্বতী , মহাদেৱ পাৰ্বতীৰ সেই বিশেষ গীতটো ‘ মহাদেৱ কেনি গ’ল নাই বাতৰি / চুলি মেলি বহিলে বৈভৱী ‘….. , তিৰু – তিৰুপতি , পলি – গহীন আৰু পাহি , ৰুলিৰ সেই মধুৰ মনভৰা জীয়া জীয়া কাহিনীবোৰ। তথাপিও সময় আৰু পৰিস্থিতিৰ আহ্বানে বাধ্য কৰিছিল সকলোকে, জীৱনটো সজাই পৰাই লোৱাৰ লগতে ঘৰখনকো সকাহ দিয়াৰ দায়িত্বখিনি বুজাৰ বয়স হৈছিল তেতিয়া , গতিকেই মনটোকো সম্বৰণ কৰিবলে শিকিছিলো , শিকিছিলো জীৱনক ভাল পাবলে আগতকৈও বেছি ভালকে । লংকেশ্বৰে বহুত দিলে , লংকেশ্বৰ মনৰ মনত ৰৈ গ’ল সঁচাকৈয়ে ।

৩১ ডিচেম্বৰ ২০০৩ আৰু ১ জানুৱাৰী ২০০৪ দুয়োদিনেই বন্ধ আছিল যদিও সেইবাৰ ঘৰলে যোৱা নহ’ল তাইৰ , ৰৈ গৈছিল লংকেশ্বৰতে নতুন বছৰক আদৰিবলে , আৰু যে কেতিয়াও তেনে এটা পৰিৱেশ নাপাঁও সকলোৱে বুজি উঠিছিলোহঁত , পুৰণি বছৰটোৰ লগতে নিজকে তাৰপৰা বিদায় দিবলে সাজু হৈছিল সিহঁত । ৩১ তাৰিখে সবেই মেখেলা চাদৰ পিন্ধিলে দাদাহঁতৰ লগত একেলগেই ভাত খালে , সেই সাজেই আছিল তেঁওলোকৰ লগত খোৱা শেষ ভাতসাজ । আকৌ বুকুখন মোচৰ খাই উঠিছিল , খাব পৰা নাছিল কোনেও ভালকে, ৰাতি নাচিম বুলি আগৰেপৰা ঠেং জোকাৰি থকা আটাইকেইজনী সেই শীতৰ ঠেৰেঙা লগা ৰাতিটোত ঠৰঙা হৈ পৰিছিল , বুজাব নোৱাৰা , দেখুৱাব নোৱাৰা দুখে গোটেইকেইজনীক কোঙা কৰিছিল । অভিজ্ঞানীহঁতে খুউব ফুৰ্তি কৰিছিল , বৰ হিংসা লাগিছিল সেই বিন্দাছ ল’ৰাকেইটালে , পিছফালৰ মেছৰ হিৰণ্যই বাঁহী বজাইছিল , প্ৰথম দিনাই শুনা সেই কৰুণ সুৰটো আৰু কৰুণ হৈ বাজি উঠিছিল , বাঁহীৰ মাতত বুকুখন ভৰুণ হৈ উঠিছিল , দুখসোপাই হেঁচা মাৰি ধৰিছিল , অলপ পিছতে পিছে পুৰা বিহুত মতলীয়া হৈছিল সিহঁত ,ৰুবুল হিৰণ্যই অভিজ্ঞানীহঁতৰ লগত ৰাতি ১২ বজাত খিৰিকিৰ কাষলে আহি নতুন বছৰৰ শুভেচ্ছা জনাইলেহি সিহঁতক , সিদিনা বন্ধ খিৰিকি বন্ধ হৈয়ে থাকিল , মাথোঁ সহাঁৰি জনালে তেঁওলোকক । কিমান বেদনাদায়ক হ’ব পাৰে পুৰণিক বিদায় দি নতুনক আদৰি লোৱাৰ সেইদিনা যেন প্ৰথম অনুভৱ কৰিছিলো , চিৰাচৰিত প্ৰৱাহটোক নতুনকে সেইদিনাহে বুজি উঠিলে তাই , সেইয়াযে কেৱল বিদায় বন্ধু বুলি কোৱাৰ সময় নাছিল , সেইয়া আছিল ” আঁহা বন্ধু , নতুনক আদৰোঁ একেলগে ” বুলি কৰা আহ্বানৰ সময় । বাঁহীৰ সুৰক কৰুণৰপৰা দাৰুণ কৰি তোলাৰ সময় ……..

ক্ৰমশঃ

জীৱন উদযাপনৰ দিন খণ্ড – ১৪

সিদিনাৰ ফৰেষ্টস্কুলৰ শেষ হ’বলে ধৰা ৰ’দকণ ভাল লাগিছিল, মোনা ভৰাই ৰাখিব পৰা হ’লে ৰ’দকণ , সময়কণ ৰাখিয়েই থ’লোহেঁতেন ! অস্তমিত সূৰুযৰ আভাই বোৱাই পেলাইছিল আকাশখন , অপূৰ্ব পৰিৱেশ লগতে মনত অলপ লাজো । ফৰেষ্ট স্কুলত আমি বাছত উঠা নাছিলো বৰং খোজ কাঢ়িয়েই গৈ থাকিলো, ইফালে খুটু পুতুৰ কথাৰ অন্তই নহয়, আমি প্ৰায় নীৰৱে গৈ থাকিলো যদিও মাজে মাজে মাজে তিৰুপতিয়ে দুই এটা কথা উলিয়াই পৰিৱেশটো সহজ কৰি তুলিলে। ইফালে মহাদেৱৰ অৱস্থা তথৈবচ, বলে মোৰ মূৰত চিক্স কোবোৱাৰ পৰা মহাদেৱ অসহজ আছিল মোৰ লগত, খিৰিকিৰে কথা পাতিলেও বা বাছত লগ পালেও এনেকৈ মুখামুখিকৈ লগ পোৱা নাছিল কেতিয়াও , গতিকেই মহাদেৱৰ ফিউজ উৰি গ’ল । তেনেকৈয়ে গৈ থাকি বেয়াও লগা নাছিল আৰু কেতিয়া লংকেশ্বৰ পালোগে গমেই নাপালো, লংকেশ্বৰৰপৰাই গোটেইবোৰ ভাগে ভাগে নিজৰ ৰূমলে গ’লোহঁত । পলিৰ মন একদম ফৰকাল । আমি ৰূম পাঁওতে কোনো নাছিল তেতিয়া । দেৱাশ্ৰীয়ে সোনকালে আজৰি হ’লে প্ৰায়েই তাৰাক লগ ধৰে , দেৰি হয় অহা তাইৰ , দুয়োৰে প্ৰেম বহু পুৰণি , কিন্তু দেৰি হোৱাৰদিনা আমি বেয়াও নাপাঁও কাৰণ তাই আমালে লংকেশ্বৰৰ পৰা পকৰি লৈ আহে সেইদিনা। আনহাতে তিৰু আৰু অমৃতাও হয়তো ক’ৰবাত গৈছিল , আমি বিচনাত এনেই বাগৰ দিছিলো , অন্ত নোহোৱা কথাবোৰ পাতি থাকোঁতেই জুনু আহিছিল ৰূমলে দাদা দুটা অহাৰ কথা ক’বলে । জিভা কামুৰি পলি লৰালৰিকৈ ওলাই গৈছিল, তাইযে চাহ খাবলে মাতি থৈ আহিছিল জয়ন্তক কথাটো ক’বলে পাহৰিলে , এতিয়াতো তেঁও কথাৰ মহলা মাৰি বাচি যাব চাহৰ যোগাৰৰপৰা আৰু ফচিলো মানে এই বান্দী। চাহৰ লগত কি দিম চিন্তা কৰি চকুমুদি বৈয়ামকেইটাৰ ভিতৰেই পালোগে , পিছে চুজি চেনি অলপৰ বাদে একো নেদেখিলো , চুজি বনাই পোৱা নাছিলো তেতিয়ালৈকে , লাহে লাহে শিকিছিলো যদিও ইহঁতদুজনীয়ে বৰকে বনাবলে নিদিয়ে । ইফালে আমাৰ হ’স্ত পলি পুৰা কথা পতাত লাগিলেই , মই মাত লগায়েই আৰম্ভ কৰিলো অথ চুজি পৰ্ব । যিকি নহওক সময়ত চাহ ৰেডি হৈ গ’ল, বগা বগা ধুনীয়া আলতীয়া চুজিৰেই চাহ পৰিৱেশন হৈ গ’ল আমাৰ পলিৰ আলহীক, জয়ন্তৰ লগত দীপো আছিল , দুয়ো আলহীয়ে তৃপ্তিৰে খাই বৈ অভিজ্ঞানীহঁতক মাত লগাবলে বুলি গ’ল । অমৃতা আৰু তিৰু আহি পাইছিলহি তেতিয়ালে যদিও দেৱাশ্ৰী আহিলেহে একেলগে চাহ খাম বুলি ৰৈ থাকিলো থকা চুজিখিনিৰে।

ঠাণ্ডা পৰিছিল বৰ , গোটেইকেইজনীয়ে একেখন ব্লেংকেটৰ তলতে সোমাই পুৰা ঠাণ্ডাৰ মজা লৈ আদ্দা মাৰি থাকোঁতেই দেৱাশ্ৰী পাইছিলহি , চাহ বনাই আনিলোগে ধুনীয়কে আদা অকণ দি , লগত চুজি । চুজি মুখত দিয়েই দুইজনীয়ে যিহে মুখ বিকটালে অ’ …. মইও খাই চালো কিবা কেচা কেচা লাগিল চোন , খাবলে মন নোযোৱা সোৱাদ এটা , ইফালে আলহীয়ে চুঁচি বাচিয়ে খাই গ’ল , কথাটো কি? তথাপিও নষ্ট হোৱাৰ ভয়তে খাই থ’লো কিবাকে। অমৃতা আকৌ কাৰ্য কাৰণ সম্বন্ধ বিচাৰ কৰাত একদম পটু আছিল , তাই আলহীয়ে খোৱাৰ কাৰণ বিশ্লেষণ কৰি কৈ দিলে বোলে চকুৰ আগত দুজনীকে মনোনোহা যুৱতীয়ে কেঁচা চুজিৰ ঠাইত যদি মাটি অলপো খুৱালেহেঁতেন তেতিয়াও টকালি পাৰিয়েই খাই গ’লহেঁতেন বুজিছ । জমি উঠিছিল আদ্দা , ঢেৰ কথা পাতিছোলোহঁত , ঢেৰ জীৱনমুখী কথা ।

ডিচেম্বৰ শেষ হ’বলে ধৰিছিল লাহে লাহে, মোৰ মনত আকৌ সেই একেই বেজাৰে হেঁচা দি ধৰিছিল , ইহঁতক এৰি যোৱাৰ বেজাৰ , লংকেশ্বৰত নথকাৰ বেজাৰ । বৰ সুন্দৰ সময় আছিল, আজীৱন সমৃদ্ধ কৰি ৰাখিব পৰা সময় আছিল সেইখিনি । তাৰ মাজতে আমাৰ ৰূমলে আলহী হৈ আহিছিল শীতল শিৱাণি মৈত্ৰেয়ীহঁত , ইহঁত অহাৰ উপৰিও আহিছিল অভিজ্ঞানী শিৱা , ধ্ৰুৱ , টমাছ লগত জয়ন্ত। সেইদিনাও চুজি বনাইছিলো এইবাৰ পিছে খাবপৰা হৈছিল লগতে মেগীও । আমিও নিমন্ত্ৰণ পাইছিলো কোনোবা এটা দেওবাৰত অভিজ্ঞানৰ দেওবৰীয়া পৰঠা খাবলৈ লগতে আলোচনা হৈছিল আহি থকা ৩১ ডিচেম্বৰৰ কথা, আকৌ উকাইছিল বুকুৰ সেই বিষটো ,ঢুকঢুকনিটো ।

লাহে লাহে লাইব্ৰেৰীলে যাবলে লৈছিলোহঁত , দুফালে দুজোপা একেচীয়া গছৰ তলেৰে সোমায়েই শাৰী পাতি কেইবাজোপাও নাহৰ আৰু কৃষ্ণচূড়া , সোমাই যাঁওতেই সলনি হয় সকলোবোৰ , সাংঘাতিক চিৰিয়াছ হৈ যায় কৃষ্ণচূৃড়াবাসী । কিতাপৰ সেই পৃথিৱীখনত মন্ত্ৰমুগ্ধ হৈছিলো , পিছে কিতাপ বিচাৰি অৱস্থা বেয়া হৈ যায় । সেই বিশাল লাইব্ৰেৰীটোত সোমায়েই বাঁওফালে এটা বিৰাট ডাঙৰ বেগ ৰখা কাউণ্টাৰ , তাত টোকেন লৈ বেগ থৈহে যাব পাৰি , দুৱাৰখনৰ সন্মুখতে ঠিক মাজতে এখন ৰেজিষ্টাৰ , ৰেজিষ্টাৰ খনতে ৰচী এডালেৰে বান্ধি থোৱা এটা কলম। সেই কলমেৰে নামটো যেতিয়া লিখোঁ তেতিয়া এক অদ্ভুত ভাললগাই মনটো আন্দোলিত কৰে, নিজকে পঢ়া শুনাতে উচৰ্গা কৰি দিম যেন লাগে , কিমনজন গৌৰৱী ব্যক্তিৰ নাম সেই ৰেজিষ্টাৰে বহন কৰিছে …সোমায়েই ইছ্যু কাউণ্টাৰটো । লাইব্ৰেৰীয়ান গৰাকীয়ে যি কায়দাৰে বিচৰা কিতাপখন কোনটো শাৰীত পাম সেইটো ঠাকঠাককে সজাই থোৱা কাৰ্ডবোৰ চাই আমাক জনাই দিয়ে সেইটো চাই বৰ ভাল লাগে । কাৰ্ডখন লৈ ভিতৰলে সোমায়েই সোঁফালে ঘুৰিয়েই শাৰী শাৰী কিতাপৰ ৰেকবোৰৰ মাজেৰে গৈ গৈ শেষৰফালৰ ৰেকবোৰত সংস্কৃত ভাষাজ্ঞানৰ অপাৰ সমুদ্ৰখন, সেইখন সমুদ্ৰত কতদিন ককবকাইছো , পাৰাপাৰহীন হৈ পৰিছো তাৰ খতিয়ান নাই । আমাৰ সংস্কৃত বিষয়ৰ বহুতো কিতাপ বজাৰত উপলব্ধ নহয় বাবে আমি লাইব্ৰেৰীৰপৰা কিতাপবোৰ ইছ্যু কৰি নিৰ্দিষ্ট পৃষ্ঠাবোৰ তাতেই জেৰক্স কৰি লঁও। এম. এ. পঢ়াৰ গোটেই সময়ছোৱাত লাইব্ৰেৰীৰ লগত একাত্মতা গঢ় লৈ উঠিছিল,বেছিভাগ ক’ৰ্ছৰ কিতাপ বিচাৰি যাঁও যদিও বাঁওফালে থকা জাৰ্ণেল শাখাটোলৈও যাঁও মাজে মাজে। দেশ বিদেশৰ বিভিন্ন জাৰ্ণেলবোৰ তাতেই পাইছিলো পঢ়িবলে, লাহে লাহে প্ৰথম মহলাত থকা পি এইচ ডি ৰ থেছিচ থকা ৰূমটোলৈও গৈছিলো চেমিনাৰ বা এচাইনমেণ্ট লিখাৰ সময়ত। থেছিচবোৰ চুই চাই নিজৰ নামটো আঁওৰাইছিলো ড. …. । নিজকে প্ৰবোধ দিছিলো চৰৈৱতি চৰৈৱতি বুলি , হেৰাই গৈছিলো কিতাপবোৰৰ মাজত , আচৰিত হৈছিলো স্বনামধন্য পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ জ্ঞানগৰ্ভতাৰ ওপৰত, সেইটো লাইব্ৰেৰীৰ কিতাপবোৰৰ এটা বৃহৎ অংশ তেখেতৰ ব্যক্তিগত লাইব্ৰেৰীৰপৰা দান কৰা বুলি শুনি আৰু আচৰিত হৈছিলো, যিমানখিনিলে আমি হাতেৰে ঢুকিয়েই নাপাঁও তাৰ শত সহস্ৰগুণ বেছি কিতাপ তেখেতৰ জীৱনকালত অধ্যয়ন কৰিলে । শতকৌটি প্ৰণাম মহীৰূহ ।

লাইব্ৰেৰীৰ পৰা ওলাই আহিলেই আকৌ সেই চঞ্চলা চপলাজনী হৈ পৰিছিলোহঁত, নাইকিয়া হৈ গৈছিল সেই পঢ়াতুৰ ধাতুটো , থাকেনো কোন স’তে ? কৃষ্ণচূড়াবাসীৰ মন নহয়জানো ? বহুতৰ লগত নতুন চিনাকি হৈ লাহে লাহে আপোনৰ পৰা আপোন হৈ গৈছিলোহঁত। হোষ্টেললে যোৱাৰ আগতেই আমাৰ পুৰণি বন্ধুবোৰৰ তালিকাখনত যোগ হৈছিল নতুন নতুন বন্ধুৰ নাম । কোনোবা এদিন ক্লাছৰ পিছত মাৰ্কেটলে গৈছিলো মেঘালীত চাহ খাবলে, ৰবীনদাৰ মেঘালীত সোমালেই নিজৰ নিজৰ ভাৱ এটা আহে , এমহলা কথা পাতিহে চাহৰ টেবুলত বহাৰ নিয়ম আছিল । আমাৰদৰেই আছিল বহুতো ৰবীনদাৰ লগত কথা পাতি ভালপোৱা , কথা পাতি পাতি চাহ খাবলে পাহৰি অহা অথৱা পইছা দিবলে পাহৰি অহা। হোষ্টেললে যোৱাৰ আগতেই চিনাকি হৈছিলো মেঘালীতে এজন AT 9 বাসীৰ লগত, সুদৰ্শন চেহেৰাৰ , মুখত অনবৰতে হাঁহি এটাই ঢৌৱাই থকা দেখাতেই কবি কবি লগা প্ৰণৱদাৰ লগত , প্ৰণৱ প্ৰিয়াংকুশ গগৈৰ লগত । মেঘালীত লগ পোৱা ল’ৰাজন অসমৰ এজন প্ৰখ্যাত ব্যক্তিৰ ভায়েক যদিও কোনোদিন সেই পৰিচয়ৰে পৰিচয় দিয়া নাছিল , তেঁও স্ব পৰিচয়ৰে মহীয়ান আছিল ( এতিয়াও ) , খুউব অমায়িক আৰু ভদ্ৰ ব্যক্তিত্বৰ দাদাজন প্ৰথম দিনাই আপোন আপোন লাগিছিল মইনাৰ সলনি কোৱা ভনী সম্বোধনত ।

মাৰ্কেটখন ভাল লগা হৈছিল , ভাল লগা আছিল মাৰ্কেটৰ পৰিৱেশটো ( এতিয়া পুৰণি একোৱেই নাই ) । মেঘালী হোটেলেই মাৰ্কেটৰ যশস্যা দুগুণে বঢ়াই তুলিছিল, তাৰোপৰি আছিল কেইবাখনো সৰু বৰ দোকান, ভাল লাগিছিল হান্নান টেইলৰৰ সন্মুখত থকা সেই বিশেষ আঁহতজোপা , প্ৰসাৰিত ঠাল ঠেঙুলিৰে হেঁপাহেৰে আগুৱাই অহা সেই আঁহতজোপা , মেঘালীৰ পিছফালে থকা ডাঙৰ ৰেইন ট্ৰি জোপা । আঁহতজোপাই সীমা আছিল মাৰ্কেটৰ , তাৰেপৰাই আৰম্ভ হৈছিল আটাইতকে সমৃদ্ধ কৰি ৰখা সময়খিনিৰ বাটটো, RCC 4 r পদূলিটো।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১৩

সিদিনা আৰু আমাৰ ফাঁচী বজাৰলে যোৱা নহ’ল , থকা চুৱেটাৰ দুটাৰেই বাকী থকা ঠাণ্ডাৰ দিনখিনি চলাই নিব পৰা যাব বুলিয়ে নোযোৱাটো ঠিক কৰিলো, নামতহে দুটা নিজৰবুলি , কিন্তু পিন্ধনত ছয়টামান সলাই পিন্ধিব পাৰিছিলোৱেই । পলিৰ আৰু দেৱাশ্ৰীৰ কাপোৰ আমাৰ গাত নহৈছিল , ইফালে তিৰু , অমৃতা আৰু মই কাপোৰ সলাই পিন্ধিব পাৰিছিলোৱেই । গতিকে চুৱেটাৰ নিকিনাটো খাটাং কৰি কিবা খাই বৈ নিজৰ ৰূমলেকে যোৱাটো ঠিক কৰিলো , পিছে খাবলে যাবলে তেতিয়া বৰ বিশেষ কেণ্টিন অথৱা হোটেল নাছিল গোটেই য়ুনিভাৰ্ছিটি কেম্পাছত। লাইব্ৰেৰীৰ ওচৰত জীৱ বিজ্ঞান বিভাগৰ কাষতে এখন কেণ্টিন আছে যদিও সেইখনলে আমাৰ যোৱা নহয়, মেইনগেইটৰ সন্মুখত থকা কেণ্টিনখন বৰ ঠেকঠুক লাগে বাবে গৈ ভাল নালাগে , ইফালে মেইন কেণ্টিনখনলে যাবলে অলপ চিন্তাও লাগে । ক’ৰ বা চিনিয়ৰ বহি থকা দেখোঁ ! হোষ্টেলৰে নে ডিপাৰ্টমেণ্টৰে!

সিহঁত দুয়োজনী এনেই আগুৱাই গ’ল আইন মহাবিদ্যালয়ৰ আগেৰেই য’তেই সুবিধা পাম ত’তেই খাম বুলি । আইন মহাবিদ্যালয়ৰ সন্মুখকণ বৰ ধুনীয়া, একেবাৰে সন্মুখতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ জিৰণি কোঠা, তাৰ কাষতে সদৌ অসম ছাত্ৰ সন্থাৰ এটা কাৰ্যালয়,আইনৰ ছাত্ৰ একতা সভাৰ কাৰ্যালয় , দুটামান ৰূমৰ পিছতে এম্প্লইমেণ্ট এক্সেইঞ্জ অফিচটো আৰু কিবাকিবি অফিচ জাতীয় ৰূম দুটামান আৰু সন্মুখলে বাস্কেট ক’ৰ্টৰ সমান্তৰালকে স্নাতকোত্তৰ ছাত্ৰৰ জিৰণি কোঠাৰ লগতে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ কাৰ্যালয়টো। আইনৰ ল’ৰাবোৰৰ বাবে ছাত্ৰীৰ জিৰণিকোঠাটো আটাইতকৈ ভাল লগা আছিল ছাগে , বাহিৰৰ বাৰাণ্ডাৰ পিৰালিত প্ৰায়ে আইনৰ ল’ৰাবোৰক বহি থকা দেখিছিলো, নবহিবই বা কিয়! এইয়া জানো জালুকবাৰী নহয়? কৃষ্ণচূড়াৰ নাগৰিকে কোনস’তে কটাব পাৰে প্ৰেমবিহীন এটা জীৱন? কৃষ্ণচূড়া নগৰৰ নাগৰিকে প্ৰেমৰ শেষ পৰিণতি কেৱল সামাজিক বিয়া বুলিয়েই নাভাৱে অথৱা যৌৱনৰ খেলা বুলিও নাভাৱে। কৃষ্ণচূড়ানগৰীত প্ৰেম সেই স্বৰ্গীয় অনুভূতিৰ নাম যাক কেৱল অনুভৱ কৰিব পাৰি , চুই চাব নোৱাৰি। সেয়েহে হয়তো বিয়াখনেই প্ৰেমৰ পূৰ্ণতা প্ৰাপ্তিৰ চৰম পৰ্যায় বুলি নাভাবিলেও সেই প্ৰেমক গোটেই জীৱন অনুভৱ কৰিবৰ বাবেই প্ৰেমিক প্ৰেমিকাবোৰ পতি পত্নীলৈ পিছলে ৰূপান্তৰ হৈছিল বা হয় আৰু হৈয়েই থাকিব। কিমানৰ হিয়া দিয়া নিয়াৰ ঠিকনা আছিল এই ছাত্ৰী জিৰণি কোঠাৰ আগৰ বাৰাণ্ডাখন তাৰ হিচাপ জালুকবাৰীয়ে কেতিয়াবা কৰি চাইছেনে বাৰু! ইয়াৰ একেবাৰে সন্মুখতে বাস্কেটবল ক’ৰ্ট , তাৰেই আগত পুলটোৰ সিপাৰে দুখনমান সৰু সৰু দোকান , দোকানবোৰৰ কাষতে আৰু এটা পুল, এই পুলদুটা হেনো চেনিপুল , ল’ৰাহঁতৰ আপোন চেনিপুল । এজোপা আঁহতৰ তলৰ চেনিপুল , নানা চৰাইৰ বাহৰ সেই ডাঙৰ আৰু ধুনীয়া আঁহতজোপাৰ তলৰ চেনিপুল । দোকানকেইখনৰ ঠিক পিছফালেই লাগি আছে এখন কেণ্টিন, য়ুনিভাৰ্ছিটিৰ আটাইতকৈ ডাঙৰ কেণ্টিনখন । তেতিয়ালৈকে সিহঁতে সেইখন কেণ্টিনত খাই পোৱা নাছিলে , খোৱাটো বাদেই সন্মুখেৰে গৈয়ো পোৱা নাছিলে । আইন মহাবিদ্যালয়ৰ সন্মুখৰ সৰু বাটটোৰে আগুৱাই গ’লোহঁত , পিছে সেই কুকু নামৰ বা গৰাকীক লগ পোৱাৰ পিছৰে পৰা হোষ্টেললে যাঁওতে বৈভৱীৰ বুকুত যি সঘন ঢুকঢুকনি উঠিছিল , তেতিয়াও সেই একেই ঢুকঢুকনি উঠিছিল । বৰ জোৰেৰে, এইবাৰ বৰ জোৰেৰে বাজিছিল , নিজেই শুনিছিল তাই । কিবা অজানা সংশয় এটা লৈ যোৱাৰ বাবেই হয়তো সিদিনা অনুভৱ কৰিব নোৱাৰিলে তাই বাস্কেট ক’ৰ্টৰ গাতে লাগি থকা নাম নজনা গছকেইজোপাৰ সৌন্দৰ্য, বতাহত হোৱা জুৰজুৰ পাতৰ মিঠা শব্দ, নাহৰকেইজোপাৰ সৰিবলে ধৰা পাতবোৰ , পাতৰ ওপৰেৰে যাঁওতে হোৱা মৃদু খচখচনি , আধা ছাঁ আধা পোহৰৰ ঠাণ্ডাৰ বাটটোৰ উমাল ৰ’দকণ।

কেণ্টিনৰ সন্মুখতে এখন ডাঙৰ সেউজীয়া ফিল্ড , ভলী আৰু কাবাডীৰ ক’ৰ্ট । ইয়াৰ সন্মুখতে য়ুনিভাৰ্ছিটীৰ আটাইতকে পুৰণি আৰু বৃহৎ অ’ডিটৰিয়ামটো । কেণ্টিন আৰু অ’ডিটৰিয়ামৰ এই বৃহৎ এলেকাটো কাঁটা তাঁৰৰ বেৰেৰে ঘেৰা , বেৰাৰ কাষে কাষে শাৰী শাৰী বটল ব্ৰাছৰ গছ, ঠাণ্ডাকালত এই গছকেইজোপা একেবাৰে ৰাঙলী হৈ থাকে ফুলেৰে । এই অ’ডিটৰিয়ামৰ পৰা কিমানযে প্ৰতিভাৰ স্ফুৰণ হ’ল আৰু হৈয়ে আছে তাৰ কোনো ইয়ত্তা নাই । কেণ্টিনৰ সন্মুখ পালেগে যদিও সিহঁতে সোমাবনে ঘুৰি যাব ঠিক কৰিব পৰা নাছিল , কেণ্টিনত ল’ৰা ছোৱালীবোৰ ভৰি আছিল, ডাঙৰ ডাঙৰ টেবুলকেইখন আগুৰি প্ৰায়কেইখনতেই বহি আছিল বন্ধুবোৰ , উচ্ছল হাঁহিৰে কেণ্টিনৰ ভিতৰখনে প্ৰাণ পাই উঠিছিল । কেণ্টিনত যে সিহঁতৰ লগৰ কোনো নাই ধৰিব পাৰি এনেই কেণ্টিনৰ সোঁহাতে থকা কাউণ্টাৰটোৰ ফালে ডিঙি মেলি চাই ঘুৰি আহিব খোজোতেই চিঞৰিলে নহয় কোনোবা এজনে .. ” ঐ জুনিয়ৰ ক’ত যোঁৱা ? আঁহা আকৌ । ” চিনাকি আছিল সেই মাত , সুমনদায়ে মাতিছিল সিহঁতক । কি কৰোঁ নকৰোঁ একো নাভাবি সোমাই গ’ল , ঠিয় দি ৰ’লোগৈ সুমনদাহঁতৰ দহজনীয়ামান দলটো বহি থকা টেবুলখনৰ আগত মুখত জুনিয়ৰৰ সমস্ত সৰলতা সানি । সুমনদাৰ বাহিৰে বাকীকেইজন চকুৰ চিনাকিহে আছিল তেতিয়ালৈকে , কোনটো কাৰ নাম সঠিক নাছিল তেতিয়া , সিহঁত কেণ্টিনৰ কিচ্ছেন কাউণ্টাৰৰ ওচৰতে থকা সৰু টেবুলখনত বহিলে , কি খালে ধৰিবই নোৱাৰিলো ভমকতে , বিল দিব লগা নোহোৱাত বেয়াও নাপালে , গান ভালপোৱা ল’ৰাটো নে সুমনদা কোনোবা এজনে দিলে বিল। প্ৰথমদিনাই যাত্ৰা ভাল আছিল সিহঁতৰ ।

সংশয়বোৰ নোহোৱা হৈছিল মেইন গেইটৰ আগত আহি , এতিয়া যে ঘুৰি যাম ৰূমলে তাতে সেইদিনা সোনকালো হৈ আছিল , দূবৰি হোষ্টেললে হৈছিলগে । পলিয়ে বাটতে ঠিক কৰিগ’ল তাই শুবগে বুলি লগতে কোনেও যাতে দিগদাৰ নিদিঁও তাকো কৈ গ’ল , বুজিলো তাই সেইকণ সময় কম্বলৰ তলত ডায়েৰীখনৰ সৈতে কটাব, যিখন ডায়েৰী আমাৰ বাবে ৰহস্য হৈয়ে থাকিল ( আজিও ) । , বহুত দেৰিৰ মূৰতহে আহে তাকো লাইব্ৰেৰীৰ আগলৈকে খালী প্ৰায় নাথাকেই ছিট , আমি খোজ লৈছিলো লাইব্ৰেৰীৰ ফালে , কেণ্টিনৰপৰা ওলায়েই পলিক লগ পাই বৈভৱীয়ে ভালেই পালে , দুয়োজনী বাছ ষ্টপেজতে ৰ’ল যদিও ৬ নং বাছ আহি পোৱা নাছিল , দূবৰি আৰু জিনাক্ষিও হোষ্টেললে গ’লগৈ , ভাল লাগিছিল সিহঁতৰ সেই ডিচেম্বৰ মাহৰ ৰ’দকণ , সদায় গৈয়েই শুবলে বিচৰা ছোৱালীজনীৰো কিনো হৈছিল জানো লাইব্ৰেৰীৰ আগত খালী বাছ পাইওচোন নুঠিলে , খোজ কাঢ়িহে যাব বোলে। বেয়া নাপালো বৈভৱীয়ে । য়ুনিভাৰ্ছিটীৰ ফুটপাথৰ বগা বগা ৰেলিংকেইডালৰ কাষে কাষে আৰু সেই ডাঙৰ ডাঙৰ গছবোৰৰ তলেৰে খোজ কাঢ়ি গৈ থকাৰ মজাই বেলেগ , সিহঁতৰ আগে আগে তেনেকৈ বহুবোৰ জালুকবাৰীৰ জালুক খোজ কাঢ়ি গৈ আছিল , এই সমগ্ৰ ফুটপাথছোৱা কেতিয়াও খালী থকা তাই দেখাই নাই । জালুকবাৰীৰপৰা ফৰেষ্ট স্কুললৈকে গোটেই ফুটপাথত উত্তাল যৌৱনে ভৰ কৰিছিল , কোনোজন মগ্ন হয় ভাৱনাত আৰু কোনোজন আৱেগত।

আমি ৰসায়ন বিভাগৰ আগত পাঁওতেই দূৰৰপৰাই দেখিছিল আমাৰ সেই সিহঁতৰ আগে আগে গৈ আছিল চিনাকি চঞ্চল ল’ৰাদুটা , মহাদেৱ আৰু তিৰুপতি , কৃষ্ণচূড়া নগৰীক প্ৰাণভৰি ভাল পাব পৰা কোনে এইদৰে এনে আমেজ নোলোৱাকে থাকিব পাৰে ! সিহঁতৰ লগত জয়ন্তও গৈছিল খোজ কাঢ়ি । ফৰেষ্ট স্কুল পাঁও পাঁও হওঁতেই মহাদেৱে আৰু বৈভৱীৰ চকুৱে চকুৱে পৰিল , ৰৈ দিছিল একেলগে বাছত যাবলে , পিছে ৰ’ল হয় বেচেৰাই তেতিয়ালৈকে ভালকৈ মাতিবই পৰা নাছিল , বাহিৰে লাজকুৰীয়া আৰু ভিতৰি মহাদুষ্ট মহাদেৱক বুজিবলে বাকী নাছিল । সকলোৱে একে বাটেৰেই বাট লৈছিল যদিও পলি আৰু জয়ন্তৰ বাদে কোনেও কথা পতা নাছিল , তাৰ মাজতে হ’লে তিৰুপতিয়ে তিৰুৰ খবৰ ল’লে আওপকীয়াকে। তিৰুপতি ল’ৰাটো ভাললগা হৈছিল , তিৰুপতিৰ লগত খোলাখুলিকৈ কথা পাতিব পৰা হৈছিল তেতিয়ালৈ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১২

আমাৰ এচাইনমেণ্ট দিছিল ক্লাছত, লগতে চেমিনাৰৰ টপিকো দিছিল, দুদিনমান বহু কথা বাদ দি কেৱল ক্লাছ , ৰূম আৰু পঢ়াৰ মাজতে ৰাখিলো নিজকে। আমাৰ ডিপাৰ্টমেণ্টটো ঠিক প্ৰশাসনিক ভৱনৰ সন্মুখতে আছিল, এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ সন্মুখৰ ৰাস্তাৰ সিপাৰে মেইন বিল্ডিঙৰ কাষেৰেই সোমাই গ’লে এটা তিনিমহলীয়া ভৱন, তাতেই কেইবাটাও বিভাগ আছে, সংস্কৃত ,হিন্দী ,ইংৰাজী আৰু আৰবীক । ডিপাৰ্টমেণ্টলে যাবলে আমি মেইন গেইটত নানামিলেও হৈছিল । এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ আগত বাছৰপৰা নামিলেই হৈছিল, পিছে লংকেশ্বৰত থকালৈকে আৰু অত্যন্ত দেৰি নহ’লে আমি কেতিয়াও তাত নানামিছিলো বাছৰপৰা। মেইন গেইটেৰে সোমাই গ’লে মেইন বিল্ডিং সোঁহাতে, পাঁচটামান চিৰিৰে উঠিয়েই কেইটামান ডাঙৰ ডাঙৰ আইনাৰ আলমিৰা , এই আলমিৰাকেইটা আমাৰবাবে পৰম বিস্ময়ৰ থলী আছিল , এইকেইটাতে কিমানযে পুৰাতত্ব আৰু নৃতত্ব বিভাগৰ বিবিধ ৰহস্য সংৰক্ষিত হৈ আছিল (এতিয়াও আছে ), ইমানযে চুই চাবলে মন গৈছিল সেই অজানা , পূৰ্বপুৰুষীয়া আপুৰুগীয়া সম্পদবোৰ , কিমানযে কাহিনী লুকাই আছিল তাত, এই আলমিৰা কেইটাত ! বিশেষকৈ বিভিন্ন আকাৰৰ বিভিন্ন শিলাখণ্ডবোৰ , শিলবোৰে যেন কাহিনী ক’ব খোজে । ধুনীয়াকৈ সজাই থোৱা আলমিৰাবোৰত পিছে যত্নৰ অতিকে অভাৱ আছিল , আলমিৰাকেইটাৰ সোঁফালে ওপৰলে উঠি যাবপৰা চিৰি, কেতিয়াও উঠি নাপালো সেইফালেৰে। ইয়াৰপৰাই চিধাকৈ সোমাই গ’লেই মেইন বিল্ডিঙৰ সেই বিখ্যাত বিশ পইচাটো, এই বিশপইচাটোৰ তলেৰে যোৱাটো আমাৰ বৰ ভাল লগা আছিল, তাতে পলিৰ অৰ্থনীতি আৰু অমৃতাৰ অসমীয়া বিভাগটোও তাতেই আছিল, লগতে ৰাজনীতি বিজ্ঞান , লাইব্ৰেৰী চায়েন্স , পৰিসংখ্যাবিজ্ঞান আৰু বুৰঞ্জীবিভাগো আছিল তাতেই । এই গোটেই বিভাগবোৰৰ বিভিন্ন লগৰবোৰক এই বিশপইচাৰ আশে পাশেই লগ পাইছিলো,কিছু আছিল পুৰণি চিনাকি আন কিছু পুৰণিবোৰৰপৰা হোৱা নতুন চিনাকি। বন্ধু বান্ধৱৰ ক্ষেত্ৰত অতিকে ঐশ্বৰ্যশালী আছিলো আগৰেপৰাই ,গতিকে বন্ধু গঢ়োঁতে একেবাৰেই সময় নালাগিছিল ।

পিছে জুনিয়ৰ হৈ থকা কালত বিশপইচাৰে তেনেকৈ ওপৰলে উঠি নাপালো, মেইন বিল্ডিঙৰ আগফালে দুটামান কাউণ্টাৰ , এখন প্ৰকাণ্ড দুৱাৰ, এইখন আমাৰ হোষ্টেলৰ খনতকৈও ডাঙৰ । সেই দুৱাৰখনৰ সমুখেৰেই অন্য এখন দুৱাৰ , এইখন অলপ ওখ , এইফালেৰে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় । আমি প্ৰায়ে পলিক তাইৰ ডিপাৰ্টমেণ্টৰ আগত থৈ সেইফালেৰে ওলাই আমাৰ নিজৰ ডিপাৰ্টমেণ্টলে গৈছিলো আৰু কেতিয়াবা আইন মহাবিদ্যালয়ৰ আগেৰে মোৰ কটনৰ ৰূমমেট শিৱাণীক লগ কৰি নিজৰ ডিপাৰ্টমেণ্টলে গৈছিলো, পলিক এৰাৰ পিছত মই প্ৰায়ে অকলে যাব লাগিছিল, দূবৰি হোষ্টেলৰপৰা আহিছিল বাবে আমি ৰাতিপুৱা লগ নাপাইছিলো , ঘুৰি যাঁওতেহে গোটেইকেইজনী আকৌ লগ হৈছিলোহঁত ।

আমাৰ ডিপাৰ্টমেণ্ট থকা বিল্ডিংটোত সোমায়েই বাঁওহাতে সংস্কৃত বিভাগ(বৰ্তমান নাই তাত) তাৰেই সোঁহাতৰ প্ৰথম ডাঙৰ হলটোতে আমাৰ ১ম ষাণ্মাসিকৰ ক্লাছ হয়, তাৰ পিছৰ সৰু ৰূম এটাত বেদ বিভাগৰ ৩য় ষাণ্মাসিকৰ ক্লাছ , কৰিড’ৰটোৰ বাঁওহাতে প্ৰথম ৰূমটো ৩য় ষাণ্মাসিকৰ কাব্যবিভাগৰ আৰু তাৰে পিছৰটো ৰূমত দৰ্শনৰ ক্লাছ। দৰ্শনৰ ৰূমটোৰ পিছতেই প্ৰফেছৰসকলৰ ৰূম আৰু সন্মুখৰ আহল বহল ৰূমটো বিভাগীয় প্ৰধান ৰ ৰূম , তাৰ আগৰ সৰু ৰূমটো শচীনদাৰ , অমাৰ ডিপাৰ্টমেণ্ট বিয়েৰাৰ শচীনদাৰ ৰূম , তাতে আমি লাগতীয়াল বস্তুবোৰ পাইছিলো আৰু এচাইনমেণ্টবোৰো জমা দিছিলো ।

ডিপাৰ্টমেণ্টলে সোমাই যাওঁতেও প্ৰথম তিনিমাহমান একেবাৰে নিমাখিত প্ৰাণীৰদৰেই সোমাই যাঁও, বিশেষকৈ কাব্যৰ ৰূমটো নিজেই নেদেখাকে যাবলে পালে ভাল পাঁও। গৈয়েই পিছৰ দুৱাৰখনেৰেই সোমাই আগৰ বেঞ্চখন দখল কৰাত পিছে ভালেই আছিলো, বৰ দেৰি হ’লেহে পিছৰফালে বহিব লগীয়া হৈছিল। পিছে আমি কটনিয়ান বান্ধৱীকেইজনী দূবৰি , বৰ্ণালী , গীতাঞ্জলি , হীৰা আৰু মই একেলগেই বহিছিলো, আমি পঢ়োঁতে সেই পুৰণিকলীয়া পাঁচজনীয়া বেঞ্চিবোৰেই আছিল , গতিকেই পাঁচোজনী বহিবলে দিগদাৰো হোৱা নাছিল । আমাৰ পাঁচজনীৰ মাজৰ যিকোনো এজনী বহিলেই বাকী চাৰিজনীৰ আসন সংৰক্ষিত অৱস্থাত পোৱা গৈছিল, আমাৰ বিভাগৰ ৬০ খন আসনৰ ৬০ খনতেই নাম ভৰ্তি হৈছিল , কিন্তু প্ৰথম মাহত আমি পাঁচজনীয়ে বেলেগৰ লগত প্ৰায় বন্ধুত্ব নকৰিলো বুলিলেও ভুল নহয়, গাত অলপ কটনিয়ান লেবেলটো আছিল বাবেইনেকি সকলোৰেপৰা অলপ গুৰুত্বও পাইছিলোহঁত।

চিনিয়ৰ সকলেও আমাক ভাল গুৰুত্বই দিছিল, ইয়াতো চিনিয়ৰৰ ভয় কিন্তু হোষ্টেলৰ ভয়তকে বেলেগ আছিল তাতে আমাৰ কটনিয়ান চিনিয়ৰ সুমনদা , যিজনে আমাক নিজৰ ককায়েকৰ দৰেই আৱৰি ৰাখিছিল, ধ্ৰুৱদা, আশাবা,পাপৰি বা, চন্দনা বা , নীলাক্ষি বা আছিল বাবে মনত সাহস পাইছিলো। সুমনদাক আগতেই কৈ থৈছিলো আমাক ব্ৰেকত চিনিয়ৰসকলে ল’বলগীয়া ইন্ত্ৰ’ডাক্স্যন পৰ্বৰ পৰা পৰাপক্ষত বচাবলে, সুমনদায়েও গহীনকে হৈ যাব বুলি কৈছিল যদিও চিনিয়ৰৰ ফায়দা নুঠুৱাকে নাছিল নিশ্চয়। আমাক কটনৰ চিনিয়ৰ সকলে প্ৰশ্ন নকৰিছিল মানে মেনেইজ হৈছিল গোটেইকেইজন আগৰে চিনিয়ৰ বুলি,পিছে আমাৰ দিবলগীয়া সকলো তথ্যপাতিৰ যোগান লগৰ বাকীসকলক দিয়াটো আমি খাটাং হৈছিলো। কটনত পঢ়োঁতেই আমাৰ খুউব বন্ধুত্ব আছিল চিনিয়ৰ সকলৰ লগত, গতিকে অলপ খামিদাঠ আছিলো,পিছে কটনৰকেইজনে বাৰু নামাতে কিন্তু বাকী সকল? । জু্স্মিতা, উৰ্মি, মল্লিকাহঁত চিনিয়ৰ আছিল যদিও আমাৰ দেৰগাঁৱৰে অাছিল বাবে আগৰেপৰাই বন্ধুৰদৰেই আছিল , হ’লেও য়ুনিভাৰ্ছিটীৰ চিনিয়ৰ হৈ গ’লে বাকীবোৰ পাহৰা যায় , গতিকে কাৰোপৰা নিশ্চিতি পোৱা নাছিলো আমাক নামাতিব বুলি ।

মাতিছিল , আমাক মাতিছিল ব্ৰেকবোৰত আৰু আমাৰ প্ৰতিভাৰ সন্ধানত লাগি গৈছিল প্ৰাণজিত দা , নৱ দা, আত্ৰেয়দা , জয়ন্ত দা, বিন্তী বা, জুৰি বা গোটেইবোৰে । সংস্কৃতত abcd গাবলে দিয়াটো কেতিয়াও পাহৰিব নোৱাৰি, কিযে বুদ্ধিমত্তা সকলোতে! কোনো পিছপৰি ৰোৱাবিধৰ নাছিল, সকলোৰে সাংঘাতিক বুদ্ধিদীপ্ত প্ৰশ্ন, পাৰিছিলো উত্তৰ দিব, নোৱাৰাবোৰ হিচাব কৰিছিলোহি বাহিৰত, কাৰোবাৰ মুখেৰে হয়তো আমি পৰিৱেশন কৰা কটনৰ সেই বিখ্যাত পুতলা নাচটোৰ বিষয়ে গম পাইছিল, বাৰে বাৰে দেখুৱাইছিলো ছুকুবায়ে শিকোৱা সেই পুতলা নৃত্য, বিহু নাচিছিলো, কবিতা আবৃত্তি কৰিছিলো, ব্ৰেকৰ সময়কণৰ উপৰিও শিক্ষকসকলৰ অনুমতি লৈ আমাৰ লগত চিনাকি পৰ্ব প্ৰায়ে চলিছিল ডিপাৰ্টমেণ্টত। বহুতো নতুন কথা শিকিছিলো লগতে পৰৱৰ্তী বৰ্ষৰ বাবে নিজকে প্ৰস্তুত কৰিবও পাৰিছিলো। আমাৰ চিনিয়ৰসকলে আমাক কিবা সুধিলে ডিম্পীবা আৰু গায়ত্ৰীবা কিন্তু একদম নিৰ্বিকাৰ হৈ থাকিছিল, ভাবি ৰূমমেটক ভালকৈয়ে নিৰীক্ষণ কৰিছিল ডিম্পীবায়ে। ডিম্পীবাক সবেই জোকাইছিল ৰূমমেটক চাবি , কোনোবা এজনে এনেকৈও ক’লে বোলে ঐ ডিম্পী ..এই আকৌ হাঁতী দেই …হাঁথী কে দাঁত ….খানে কে এক ঔৰ দিখানে কে এক। লাজতে মুচকচ যোৱা যেন লাগিছিল , তাৰমানে ইমান নিমাখিত হৈ থকাটো ধৰা পৰিছিল চিনিয়ৰসকলৰ আগত , পিছে হয়োতো হাঁতী যে…হাঁতীৰ দাঁত যে… লাজকণ পুৰি খালো তেতিয়াই।

কিন্তু যিয়েই নহওক এই চিনাকি পৰ্ববোৰত সকলোবোৰ একাত্ম হ’বলে এটা খুউব সুন্দৰ সুযোগ পাইছিল, বহুতে ভাল পাইছিল আৰু বহুতে বেয়া। আমি পিছে ভালেই পাইছিলো , আমাৰ দূবৰিয়ে আকৌ সাংঘাতিক চিৰিয়াছ লুক এটা দি থাকে , চিৰিয়াছ দেখুৱালেও তাই সাৰি যোৱা নাছিল, সাৰি যোৱা নাছিল গান ভালপোৱা ল’ৰাটোৰ চকুৰ পৰাও, আৰম্ভণিৰপৰাই তাইৰ প্ৰেমত পৰিছিল, তাইৰ চকুৰ, তাইৰ ব্যক্তিত্বৰ প্ৰেমত, কৃষ্ণচূড়া নগৰীত পূৰ্ণতা নোপোৱা প্ৰেমত পৰিছিল। আমি গমেই পোৱা নাছিলো সেই নিভাঁজ প্ৰেমৰ কথা , বহুদেৰিকে গম পাইছিলো , প্ৰায় জালুকবাৰী এৰাৰ সময়ত। তাই পিছে কেতিয়াও ভবাও নাছিল বেলেগ একো, আমাৰ যে দোস্তী আছিল তেঁও । যিয়েই নহওক বাৰু আমাক পিছে চিনিয়ৰসকলে ব্যতিব্যস্ত কৰা নাছিল, আমাৰ প্ৰতিটো যোগাত্মক কথা তেঁওলোকে ভাল পাইছিল হ’বলা , গতিকেই খুউব সোনকালেই আমি চিনিয়ৰৰ পৰা আমাৰ লগৰ আনবোৰতকে বহু আগতীয়াকে মৰম বুটলিবলে সক্ষম হৈছিলোহঁত , এই আন্তৰিকতা এতিয়াও একেই ।

আমাৰ তেতিয়ালৈকে হোৱা চিনাকি পৰ্বত আমি গম পাইছিলো যে আমাৰ লগৰ জাঁজীৰ ফালৰপৰা অহা ল’ৰা এটা অতিকে ওস্তাদ, নজনা কথা অথৱা কাম খুউবেই কম আছিল, কি নাজানিছিল সেই পাৰ্গত টংকেশ্বৰ নামৰ ল’ৰাটোৱে, আমাৰ অসমীয়া সংস্কৃতিৰ বৃহৎ ভাণ্ডাৰৰ প্ৰায়খিনিৰ জ্ঞানেই টংকেশ্বৰৰ দখলত। বন্ধু হৈছিল , ভাল বন্ধু, চিৰজীৱন চলাই নিব পৰা বন্ধুত্ব গঢ় লৈ উঠিছিল । লাহে লাহে আমি আমাৰ লগৰখিনি ভাল বন্ধু হৈ উঠিছিলোহঁক , তেতিয়া কটনিয়ানৰ লেবেলখন সোলোকাই থৈছিলো, অসমৰ ইমূৰৰপৰা সিমূৰলৈকে তেতিয়াৰ গোটেইকেইখন বিশ্ববিদ্যালয়ৰপৰা আহি গোটখোৱা পোহৰ সন্ধানী বন্ধুবোৰ এক হৈছিলোহঁত। তাৰ মাজত অতি বিশেষ হৈ উঠিছিল কেইজনমান বন্ধু বান্ধৱী, এই বান্ধোন আছিল মৰমৰ একান্তই মৰমৰ । চিনিয়ৰসকলে আমাক চিনাকিপৰ্বৰ জৰিয়তে তেঁওলোকৰ লগতে নহয় , গোটেই সংস্কৃত বিভাগটোৰ লগতে পৰিচিত কৰি তুলিছিল, অন্তৰংগ কৰি তুলিছিল।

তেনেকুৱা কোনোবা এটা দিনত আমাৰ ক্লাছ পিছবেলা নাছিল, পিছবেলা ক্লাছ নাথাকিলে আমি প্ৰায়ে ক’ৰবালে যাঁও , ফাঁচী বজাৰ অথৱা কিতাপ আনিবলে পাণবজাৰ । দূবৰি , পলি আৰু মই আমি তিনিওজনী যোৱাৰ কথা সিদিনা , পলিক লগ কৰিবলে আমি আইন মহাবিদ্যালয়ৰ আগেৰে গৈছিলো, আমাৰ লগত জীনাক্ষিও নামি আহিছিল পলিক লগ কৰিবলে বুলি । তেনেতে লগ পালো সিদিনা প্ৰপৌজ কৰিবলে অহা AT 9 হোষ্টেলৰ দিলীপক, দিলীপক দেখিয়েই আমাৰ খুউব হাঁহি উঠিল, সিদিনাৰ ঘটনাটো মনত পৰি , সিও হাঁহিলে আমাক দেখি। তাক মাতিবলে বুলি আইন মহাবিদ্যালয়ৰ ঠিক সন্মুখতে থকা ছোৱালীৰ জিৰণি কক্ষটোৰ ফালে আগুৱাই যাঁওতেই জীনাক্ষিয়ে বৰ জোৰেৰে খামুচি ধৰিলে মোৰ হাতখন, তাইৰ কোমল হাতৰ লিহিৰি লিহিৰি আঙুলিকেইটাই যিমান পাৰে সিমান জোৰেৰে মোক প্ৰায় টানি নিয়াৰ দৰেই নিলে, আমি দুইজনী ৰৈ গ’লো একে ঠাইতে, একো নুবুজিলো মই। তেনেতে আমাৰ কাষেৰেই পাৰ হৈ গ’ল ধকধকীয়া বগা , ছুটিকে চুলি কটা, চকুত ডাঠ ফ্ৰেমৰ চশমা পিন্ধা ধুনীয়া ছোৱালী এজনী। যাঁওতে জীনাক্ষিৰ ফালে পোন্দোৱাকে চাঁৱনি এটা দি থৈ গ’ল , একমিনিটৰ ঘটনাটো একো তলকিবই নোৱাৰিলোচোন মই , ছোৱালীজনী পাৰ হৈ যোৱাৰ পিছতো আমি বহু সময় তেনেকৈয়ে ৰৈ থাকিলো। অলপ পৰ ৰৈ তাই ক’লে সেইয়া বোলে কুকু বা, তাহাঁতৰ ডিপাৰ্টমেণ্ট চিনিয়ৰ, প্ৰথমতে মই বৰ গুৰুত্ব নিদিলো , পিছে তেতিয়াহে বুকুখন ধামকে মাৰিলে যেতিয়া তাই ক’লে বোলে বাজনী আমাৰ হোষ্টেলৰে আৰু বিৰাট কাঢ়া। হোষ্টেলৰ চিনিয়ৰে য’তে ত’তে দেখি গ’লে শেষেই আৰু তাতেই কাঢ়া চিনিয়ৰে দেখিলে আৰু শেষ । নতুন কথা এটা শিকিলো, জুনিয়ৰ মানে এক ৰাস্তা এক ধ্যান / একত বিনে নাই আন।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ১১

হোষ্টেলৰ পৰা ঘুৰি গৈ পায়েই পলিয়ে যিহে দুখভৰা মুখ এখন লৈ বহিলগে, সবেই ভাবিলে পিছদিনাই ছাগে এই অধমে ৰূম এৰি হোষ্টেল গমন কৰিবহে লাগিব, তাই তেনেকৈ ভয় খুউৱাত ওস্তাদ আগৰেপৰাই । পিছে সুখবোৰ জানো চকু মুখৰপৰা বেছি সময় লুকুৱাই ৰাখিব পাৰি! পলিও ধৰা পৰিছিল, ইহঁতকেইজনীয়ে বুজি পাইছিল , সোনকালে যে আমি লগ এৰা এৰি নহঁও আটাইকেইজনীয়ে বুজি উঠিলে, এই আনন্দৰ সময়কণ আৰু মধুৰ কৰি তুলিবলে তিৰুৱে গোটাই থৈছিল আন এটা বাতৰি, অমৃতাক কামুৰিব পৰা বাতৰি, অমৃতাৰ প্ৰেমত আকুল হোৱা প্ৰেমিক কবিৰ বাতৰি । আমাৰ হোষ্টেলত হৈ অহা গোটেই কথাখিনি শুনাত গুৰুত্ব কাৰো নাছিল, সবৰেবাবে গুৰুত্বপূৰ্ণ কথাটো হৈছিল মই নোযোৱাটোহে। ঘৰলৈও খবৰটো দি আহিছিলো, দেউতাইও একো নক’লে , মনটো ভাল লাগিছিল, জানুৱাৰীত গ’লেও হ’ব আৰু, গোটেই ডিচেম্বৰ মাহটো অন্ততঃ আমি আকৌ একেলগে থাকিব পাৰিম । এই সুখৰ সময়কণ আৰু সোৱাদলগা কৰি তুলিছিল সিদিনা মহাদেৱ হোটেলৰ পৰা অনা গজাকেইটাৰ লগত খোৱা দেৱাশ্ৰীৰ হাতৰ স্পেচিয়েল চাহকাপে, এনেই একাপ ভাগৰ জুৰোৱা চাহ, তাতে তিৰুৰ মুখত অমৃতাৰ নতুন প্ৰেমিক কবিৰ কবিতা, অমৃতাই খঙত তিৰুক নুচুই নিকিলালে আৰু, বুলবুলৰ লগত তাইজানো তুলনা কৰিব পাৰে আন কাৰোবাক? তাকো সেইজন কবিক যিজনক দেখিলেও মুঠেই ভাল নালাগে, কবিৰ নাম আছিল ন আখৰেৰে , পিছে আমি নাম দিছিলো অমৃত , কবি অমৃত। এই কবি মহোদয়ে কিন্তু কেতিয়াও অমৃতাৰ চকুলেও চাই পোৱা নাছিল, মাথোঁ তাইৰ প্ৰেমত পৰি নুবুজা কবিতা কিছুমান লিখিছিল, অৱশ্যে কবিজনা অভিজ্ঞানৰ অথৱা পিছফালৰ মেচৰ কোনো নাছিল, আইনৰ ছাত্ৰ আছিল, (এতিয়া অৱশ্যে কবিৰ নাম শুনা নাই, অমৃতাৰ বিৰহতে হয়তো কবিতাৰ ইতি পৰিল তাতেই) কবিৰ কবিতাত কেৱল অমৃতা , অমৃতাবিহীন পৃথিৱীত কবিয়ে নিজকে কল্পনাও কৰিব পৰা নাছিল বোলে। অমৃতাই কামোৰ খাইছিল, খঙতে আমাক শাস্তি বিহিছিল , সিদিনা ৰাতিৰ ভাতসাজ আমাক বনাবলে দিছিল ।

ভয়ানক শাস্তি আছিল আমাৰ বাবে, সঁচাই ভয়ানক আছিল। খোৱাত বেয়া নাছিলো যদিও বনোৱাৰ নামত আমি ক শুন্য ভট্টাচাৰ্য আছিলো, এজনীতকৈ আনজনী চৰা, পলিয়ে ভাত বনাবলে ৰাজি হ’ল , ৰাজি হ’ল মানে কাটিকুটি দিব, তিৰুৱে ধুই পখালি দিব আৰু সিজোৱা পকোৱা মোৰ ভাগত পৰিল। দেৱাশ্ৰীয়েও অমৃতাক পূৰ্ণ সমৰ্থন জনালে, খংহে উঠিছিল , একে ঠাইৰে ছোৱালী হৈ মোক অলপো দয়া কৰুণা একো নকৰিলে বুলি ! পিছে হাৰ নমনা ভকত আছিলো আমি, গতিকেই তাহাঁতকেইজনীতকে ভালকে বনাই খুৱাম বুলি আমিও লাগি গ’লো ৰন্ধাত। তেনেতে অভিজ্ঞানীহঁতৰ সেই বিশেষ গলহেকাৰী, সেইদিনা আমাৰ সময় নাছিল অভিজ্ঞানীহঁতৰ লগত কথা পতাৰ, সন্মুখত আছিল আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান, ভাত বনোৱাৰ প্ৰত্যাহ্বান তাকো সুস্বাদুকে। কেৱল বনোৱাই নহয়, আমি সব কৰিবলে ৰাজি হৈছিলো এটা চৰ্তত , তাহাঁত দুজনীয়ে যাতে মুখেৰে একো নামাতে, বেচেৰী দুজনী আমাৰ চৰ্তত সন্মত হৈছিল যদিও আঁৰ চকুৰে আমাক চাই থাকিল , পেটে পেটে ছাগে অলপ ভয়ো খালে, ভোকৰ ৰাতি এটা পাৰ কৰিব লাগিব বুলি। পাত্তা দিয়া নাছিলো সিহঁতক, সিহঁতেও দিয়া নাছিল, ৰাজৰাণী হ’লেও বোলে হেঁতা ঘুৰাবই লাগিব বুলি আওপকীয়াকে বুজাইও দিলে। পিছে গড়ৰ ছাল ডাঠ, আমাক পাৰেনে! তিৰুৱে মাজে মাজে অমৃতাৰ প্ৰেমিক কবিৰ কবিতা গাই থাকিল, অমৃতাৰ এণ্টেনা চুলি আৰু ঠৰঙা দিলে যদিও সহ্য কৰি গ’ল, দেৱাশ্ৰীয়ে ঘোপা চকুৰে দমদাৰ চাঁৱনি দুটামান দি নিজৰ পঢ়াত মন দিলে, তাই পঢ়া দেখিলে মোৰ গাত লাগে অকণমান, মইযে কমকে পঢ়োঁ, পিছে আমাৰ মন বেলেগলে ঢাল খুৱালে আমাৰে দিগদাৰ, সন্মুখত ডাঙৰ প্ৰত্যাহ্বান যে!

upsc ৰ মৌখিক পৰীক্ষা দিবলেও ছাগে ইমান চিন্তা নহয়, যিমান ভাত সাজ বনাবৰ বাবে আমি চিন্তাত পৰিছিলোহঁত। কিনি অনা সতেজ পাচলিৰেভৰা খৰাহিটোলে চালো, দুটা ফুলকবি,বেঙেনা,অলপ মটৰমাহ আৰু ধনিয়া পাত, আলু পিঁয়াজ আছেই । পলিয়ে মোলে এনেকুৱা এটা চাৱনি দিলে যে পলকতে বুজি গ’লো ৰাতিৰ খানাৰ মেন্যু কি হ’ব, তিৰু কামোৰ দিয়াত মগ্ন অমৃতাক, তাইৰ চকু দুটা সৰু সৰু, গোল । চাঁওতে পিৰিক পাৰাককে ইফালে সিফালে চাই , কামোৰৰ আতিশয্যত অতিস্থ হৈ অমৃতাই তিৰুক দমেই দিলেহি বোলে ঐ কি শহাৰ নিচিনাকে পিৰিক পাৰাককে চাই আছ? কাম কৰ । তিৰুপতিক লৈ তইও কবিতা লিখ ! হাঁহিত ফাটি পৰিছিলো আমি গোটেইকেইজনী, এৰাতো তিৰুৰ চকুহালি শহাৰ নিচিনাই , অকণমানি, মৰমলগা, সেইদিনাৰপৰাই শহাচকু নাম হ’ল ( সেই শহা চকুহালি আঁক বাঁক কৰাৰ নামত কম অত্যাচাৰ চলালেনে বাৰু পিছলে)। আমাৰ জঠৰতা নাইকিয়া হ’ল আৰু আকৌ খানাত লাগি গ’লোহঁত। পলিয়ে চাইজ মিলাই মিলাই ফুলকবি কটাত লাগি গ’ল তিৰুৱে মটৰ গুচালে , আধাহে থাকিলগে, আধা গুচাঁওতাৰ পেটত সোমাল আৰু মই মা আৰু দেৱাশ্ৰীৰ তপত কেৰাহিখনলে মনত পেলালো আৰু সাউতকে আহিল মনলে গোটেইবোৰ, ইহঁতে ক্যা বুলি ভাবতা হ্যে অ’ আমাক? দেখুৱাই দিম ৰ আজি , আঙুলি চেলেকি আঙুলিকে চোবাবিহঁত ৰ আজি । ইহঁতে কি কাটিলে কি ধুলে তালে চোৱাৰ সময় নাই, চকুৰ আগত কেৱল এখন ধোঁৱাই থকা ফুলকবি মটৰৰ ভাজি , ওপৰত দুডালমান আধাকেঁচা ধনিয়া …কিযে মকমকীয়া গোন্ধ! ভাবিয়েই ভাল লাগি গ’ল, খাবলে আৰু কেনে মজা লাগিব !

ভবামতেই কাম, কেৰাহীৰ তলত জুই দিলোৱেই , তিৰুৱে পাচলি ধুবলে গৈছেহে , তাই আহে মানে গৰম হ’ব ছাগে। ইফালে পলিয়েও গোল গোল বেঙেনা কেইটা চকলিয়াবলে লাগিল , মানে ঠাণ্ডাৰ ৰাতিৰ এসাঁজ মজাৰ খানা হ’ব আজি । ঘৰত মায়ে বেছিকে বনাবলে এলাহ কৰিলে এনেকৈ ফুলকবিৰ ভাজি এখন আৰু পোৰা বেঙেনাৰ পিতিকা বনাই , কিযে তৃপ্তিত ভাত খাঁও সেইদিনা, মাৰ ভাতসাঁজলে মনত পৰাৰ লগে লগেই দুগুণে উৎসাহ পোৱা যেন লাগিল , মুঠতে আজি ইহঁতক মনত থাকি যোৱাকে খুৱাম । তিৰু লাহে ধীৰে পাছফালৰপৰা আহি পোৱালে মোৰ কেৰাহী বাৰুকৈয়ে গৰম হ’ল , গৰম কেৰাহীত তেল ঢালি দিবলেহে পালো, ঔ আই কি হ’ল অ’ জুই দেখোন তলত যিমান কেৰাহীৰ ওপৰত তাৰ তিনিগুণমান বেছি , দেৱাশ্ৰীয়ে আকৌ পঢ়া টেবুলৰপৰাই আমাৰ আলেখ লেখ চাই আছিল হ’বলা , দৌৰি আহি যেনিবা কেৰাহীৰ তলৰ জুই নুমুৱাই দিলেহি লগতে এক বিদ্ৰূপভৰা চাঁৱনিও । তেতিয়ালে কেৰাহীৰ পিঁয়াজে বৰণ সলনি কৰি প্ৰায় ক’লা পৰিছিলেই আৰু পোৰা পোৰা গোন্ধ ওলাইছিলেই,হ’লেও কথা নাছিল , তাতে হালধি নিমখ জলকীয়া সববোৰ দি আৰু অলপ দেৰি ভাজি ফুলকবিখিনি দি অলপ আৰাম কৰি লঁও বুলি ভাবোঁতেই ওলাল নহয় আকৌ কবিৰ কথা, অভিজ্ঞানীহঁতৰ কথা , মেহফিল আৰু জমিল, ইহঁত দুজনীয়েও পুৰা যোগদান দিলে , তেনেতে নাকত এক অদ্ভূত পোৰা পোৰা গোন্ধ লগাতহে মনত পৰিল গেছত বহাই থৈ অহা ফুলকবিৰ ভাজি খনৰ কথা, পলিয়ে আৰু ওস্তাদি মাৰি পানী অকণো ঢালি দিলে । ক’লা পৰি যোৱা ভাজিখিনি দেখিও খাব পৰা হ’ব ছাগে বুলিয়েই ভাবি ধুনীয়াকে নমাই থ’লো,ইফালে বেঙেনা ভাজিবলে আছেই , চিন্তা নাই , হৈ যাব। বেঙেনা ভাজিবলে লৈহে দেখিলো, পলিয়ে এনেকৈ বেঙেনা চকলিয়ালে যে তামোল চকলতকৈও পাতল, আৰে চকলিয়াছে ক্যা মতলব? ভাজিছেহে মতলব। গতিকেই পাকৈত ৰান্ধনিৰ ষ্টাইলত থেচ্ থেচকে বেঙেনা কেৰাহিত পৰিলগে, জুই প্ৰায় কেৰাহিৰ ওপৰলৈকে , ঢাকোনখন লৈ ঢাকি দিলো, মনত এক আনন্দ, আজি প্ৰথম যদিও ভালকে এসাজ বনাই খুৱাম । ভাবি শেষেই নহ’ল , ইফালে বেঙেনাৰ কেৰাহীৰপৰা গোন্ধ ওলালেই , হেঁতাখনেৰে লুটিয়াই দিব খুজিলেও দেখোন লাগি ধৰে, পলিয়ে চকুৰেই কৈ দিলে হৈ যাব। ভাতৰ কাৰণে চাউলত পানী দিবলে তিৰুৱে বাহিৰতেই মালিকনী বাইদেউক সুধি জোখমতে দি আনিছিল বাৰু,গতিকে চিন্তা নকৰিলো। বনাই মেলি আজৰি হৈ ভাত বাঢ়িলো, পিছে গৰম গৰম ফুলকবিৰ ভাজি আৰু বেঙেনা ফ্ৰাই কেৰাহিৰ পৰা উঠি আহিবলেকে মন নকৰে, অগত্যা কেৰাহী টেবুললৈকে আহিল, দেৱাশ্ৰীয়ে বৰ ভাল নাপায় খোৱা টেবুলত কেৰাহী ৰাখিলে, সিদিনা উপায় নাছিল । ভাত খাবলে লৈ দেৱাশ্ৰীয়ে দিনৰে দাইলকন উলিয়াই আনি অামাক ক’লে বোলে তহঁতে ভালকে খা আমি দুজনীয়ে দিনৰ দাইলকনেৰেই খাঁও , ভাজিলিনে পুৰিলি পাচলিবোৰ ধৰিবই নোৱাৰিচোন। পিছে ইমান নিৰ্দয় নাছিল, দাইলৰ ভাগ আমিও পালো, আমাৰ দুঘণ্টাৰ কষ্ট অথলে গ’ল , আমাৰ এখনো ভাজি খাব পৰা নহ’ল । সঁচাই প্ৰথম বনোৱা ভাতসাঁজ মনৰ মনত ৰৈ যোৱা হ’ল । সেইদিনাৰপৰা আমি ইহঁত দুজনীৰ লাচনি পাচনি কৰি কৰি লাহে লাহে খাব পৰাকে বনাবলে শিকিলো যাতে আগলে দিগদাৰ নহয় । অমৃতাৰ শাস্তিয়ে পিছে কামত নিদিলে, কুকুৰৰ নেজ জানো চিধা হয়? ৰাতি আকৌ কবিৰ কথা,এইবাৰ পিছে ফুলকবিৰ কথাও।

আমিও লংকেশ্বৰত এমহীয়া পুৰণি হ’লো,চিনাকিও বাঢ়িল আৰু অভিজ্ঞানীহঁতৰ লগত সলসলীয়াকে কথা পাতিব পৰা হ’লোহঁত। লংকেশ্বৰতে পলিৰ জেঠায়েকৰ পুতেক জয়ন্ত মাধৱ আছিল, তেঁও আমাৰ মহাদেৱৰ ৰসায়ন বিভাগৰে আছিল, লগত আছিল দীপ নামৰ ল’ৰা এটা, এদিন আমাক ৰাস্তাতে লগ পায় অলপ ভালকৈয়ে কামোৰ দিলে, মানে আমাৰ কথা সব জানে দেখোন, দুয়োটা ল’ৰাই মৰমলগা, দেখিলে ভাইটি ভাইটি লগা। এই মহাদেৱ আৰু তিৰুপতিয়ে আমাৰ কথা বাৰু এনেকৈ ক’ব লাগেনে? নিজৰ কথা বা কৈছেনে নাই? পলিয়ে মাতিলে জয়ন্তক আমাৰ ৰূমলে,জয়ন্তও বোলে অহাৰ কথা আছিলেই শিৱাৰ ৰূমলে , গতিকেই একেদিনাই আহিব বুলিও ক’লে। আমাৰ লগত বৰকে কথা নাপাতিলে লাজকুৰীয়া ল’ৰাটোৱে।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড-১০

ভাৰাক্ৰান্ত হৈছিল মন আৰু শৰীৰ সিদিনা, সেই বিষাদৰ নাম নাছিল, বাৰে বাৰে এটাই কথা আহিছিল মনলে মা – দেউতাবিহীন জীৱনটো কেনে হ’ব পাৰে! কেনেকৈ দিনটোত এবাৰলৈও মা বুলি নোকোৱাকৈ নমতাকৈ থাকে সিহঁত ! এইবোৰৰ মাজত বৈভৱীয়ে পাহৰিয়ে গৈছিল হোষ্টেলত বস্তুবোৰ থ’বলে যোৱাৰ কথা , সিদিনাখনেই মণি বায়ে কৈ পঠাইছিল তাইক সোনকালে যাবলে আৰু পিছদিনা ডিম্পীবাকো বিভাগতে সুমনদাৰ লগত গৈ লগ কৰি কৈ থৈ আহিছিল যাম বুলি ক’বলে ,নহ’লে কি ঠিক! আৰু পিছুৱাই যাব পাৰে ইফালে টকা পইচাৰ কথাও আছে। গতিকে সাতে সোতৰই মিলাই ডিচেম্বৰৰ আৰম্ভণিতেই তাই গুচি যাবগে মৰমৰ লংকেশ্বৰখনৰ পৰা, আহি থাকভ ইহঁত কেইজনী থকালৈকে ,উপায়তো আৰু নাই , ইয়ালে অহাৰ আগত য়ুনিভাৰ্ছিটিৰ হোষ্টেলত থকাৰ যি দুৰ্বাৰ হেঁপাহ আছিল, সেইয়াযেন ক’ৰবাত মোলান পৰি গ’ল , ন যযৌ ন তস্থৌ অৱস্থা মনৰ। পিছে মনৰ দোষ নাছিল, দোষ আছিল বয়সৰ, দোষ আছিল পৰিৱেশৰ , এই দোষ খণ্ডন কৰিব পৰা যাব, আহি থাকিব লংকেশ্বৰলে , কোনো নাথাকিলেও আহিব । মনটোৱে যেন প্ৰবোধ পাইছিল, যাবলৈ সাজু হৈছিল লগতে সাজু হৈছিল নিবলগীয়া বস্তু বাহিনীবোৰো, সেইদিনা মাত্ৰ বস্তু থ’বলৈহে যোৱাৰ কথা, নৱেম্বৰৰ বাকী থকা দিনকেইটা ইয়াতেই থাকিব , ঘৰতো একো নক’ব ছাগে, সেইমাহৰ ভাড়া দিয়া হৈছিলেই যিহেতু। আবেলিলৈ কোনেও কাকো মাতবোল নকৰাকে বৈভৱীৰ বস্তুবোৰ সামৰিছিল , তাই ওলাইছিল যাবলে, দুযোৰমান কাপোৰ , কিতাপ আৰু কম্বলখনৰ বাহিৰে গোটেই বস্তুবোৰ বান্ধি লৈছিলে , কাৰণ বাৰে বাৰে অটোভাড়া কৰি নিব নোৱাৰে তাই । খালী হৈ গৈছিল চুকৰ বিচনাখন, থকাকেইদিন গোটেইকেইজনী একেলগে শুব , গতিকে তিনিখন বিচনা গোটাই এখন ডাঙৰ বিচনাও ৰেডী হৈ গ’ল তাই যোৱাৰ আগতেই ।

যাবলে মন আছিল গোটেইকেইজনীৰে, কিন্ত্ত অটোখনত বস্তুৰেসৈতে যেনেতেনে দুজনীহে যাব পাৰি, তাতে হোষ্টেলৰ কথা, গোটেইসোপা গ’লে চিনিয়ৰে বা কি কয়, গতিকে তাইৰ লগত পলিহে ওলালে , ওলাই যাঁওতে চাব পৰা নাছিলো অভিজ্ঞানীহঁতৰ ফালে,পিছফালৰ মেছলে , বুজাব নোৱাৰা এটা সম্পৰ্ক, গঢ়ি উঠিছিল সিহঁতৰ মাজত, কোনে কি কয় অথৱা কি ভাবে কোনেও চিন্তা কৰা নাছিল , এটাই জানিছিল সিহঁতে বেয়া একো ভবা নাছিলো। অটোখনত বস্তুবোৰ উঠাই থাকোঁতে মূক হৈ পৰিল তাই , ভৰিদুটা ডাঙিব নোৱাৰা যেন লাগিছিল উঠিবলে, গুচি গৈছিল , কেনেকৈ কেতিয়া হোষ্টেল পাইছিলগে গমেই নাপালে । এনেই অটো হোষ্টেলৰ মেইন গেইটৰ আগলৈকে যোৱা মানা অছিল কিন্তু নতুনকে অহা মাইনাবোৰে বস্তুৰ কাৰণে নিব পাৰিছিল , ভাড়াটো সিদিনা পলিয়েই দিলে । বস্তুবোৰ নমাই বৈভৱীয়ে ইফালে সিফালে চালে , সেই একেই বুকুৰ ঢুকঢুকনি, একেই চুচুক চামাক, একেই ক’লৈ যাওঁ গোপাল ক’লৈ যাঁও কৃপাল অৱস্থা। গেইটখন লাহেকৈ ঠেলা মাৰি সোমাই গ’ল দুয়োজনী , নাৰ্জীবোৰ আৰু থোপাথোপে ফুলিছিল, নৱেম্বৰৰ ঠাণ্ডাতো গাটো কিবা গৰম গৰম লাগিছিল, হ’ল্ডলটো তাইৰ আৰু পলিৰ হাতত, ট্ৰাংকটো গেইটৰ মুখতে, আৰু কোনোবা আহিছিল হ’বপাই, তলত আছিল কিছু বস্তু। ট্ৰাংকটো কটনলে পঢ়িবলে আহোঁতেই আনি দিয়া দেউতাই, তাত দেউতাৰ সুন্দৰ হাতৰ আখৰেৰে লিখা আছিল অসমীয়াতে – বৈভৱী বৰা, সংস্কৃত বিভাগ, কটন মহাবিদ্যালয়

সলনি হ’ল তাইৰ সেইদিনাৰপৰা কটন কলেজৰ সেই সপোনৰ ঠিকনা,এতিয়া হেঁপাহৰ জালুকবাৰী হ’ল। দুখ শোক সকলোবোৰ পাহৰি তাই খুউব নাৰ্ভাছ হ’ল , হোষ্টেললে যেন আদৰণি জনাইছিল দুয়োকাষৰ থোপাথোপে ফুলি থকা নাৰ্জীবোৰে, মাজে মাজে দুজোপামান গোলাপ, বাঁওহাতে বগা মচন্দা এজোপা , খৰিকাজাঁই দুজোপামান আৰু কিবাকিবি। ফুলৰ সৌন্দৰ্য উপভোগ কৰিব পৰা অৱস্থাত নাছিল সেই মুহুৰ্তত, এটাই চিন্তা কিবা কৰি 4th block পালেই হয় আৰু, উশাহটো চুটি হৈ গৈছিল, এনে লাগিছিল কোনোবা ওলাই আহক আৰু বচাওক। পলি অলপ স্মাৰ্ট , তাতে তাইৰ নিজৰ হোষ্টেলো নাছিল গতিকে অলপ বেফিকৰ দেখুৱাইছিল যদিও ভিতৰিযে তাইৰ বুকুতো ডবা বাজিছিল বৈভৱীয়ে বাৰুকৈয়ে বুজিলে । গেইটৰপৰা দুৱাৰমুখৰ ষ্টেপটো পোৱালৈকে এযুগমান সময় যেন লাগিছিল, কোনো নাছিল বাহিৰত, হয়তো আঘোণমাহৰ উমাল নিহালিৰ তলত আছিল বহুতো আৰু নহ’লে বন্ধ কাৰণে ওলাই গৈছিল। দুৱাৰখন যথেষ্ট ডাঙৰ , দহফুটমান বহল হ’ব, সোমায়েই বাঁওহাতে ওপৰলে উঠি যোৱা চিৰি, চিৰিৰ তলতে হৈ যোৱা সৰস্বতী পূজাৰ ধুনীয়াকে ৰখা মূৰ্তি এজনা, তলত দুটা ব্লক 1st , 2nd ওপৰত দুটা 3rd , 4th block । সন্মুখৰ ফালে একেই এখন ডাঙৰ দুৱাৰ, এক পাল্লা জপোৱা আছিল, আগত হাত মুখ ধোৱা বেচিন দেখি সেইটো ডাইনিং হল হ’ব পায় , সৰস্বতী মাৰ মুখৰ আগতে থপচকে হ’ল্ডলটো পেলাই দুইজনী মণিবাৰ ৰূমলে বুলি গ’ল , বাৰ ৰূম 2nd block ত, দুৱাৰমুখত ঢেৰ চেণ্ডেল, সিহঁতৰ পৰিধানত চেলোৱাৰ কামিজ with দোপাত্তা( তেনেকৈয়ে কোৱা হৈছিল হোষ্টেলত) জিনাক্ষিৰ লগত আহোঁতেই নোকোৱাকৈয়ে বহু কথা বুজি গৈছিল বৈভৱীয়ে , ৰূমৰ দুৱাৰ খোলাই আছিল যদিও দুৱাৰত লাহেকৈ টোকৰ দিলে তাই , কেইবাগৰাকীও চিনিয়ৰে আড্ডা দি আছিল বন্ধৰ বাবে, ভিতৰৰপৰা কোনোবাই চিঞৰিছিল come in , মণি বা নাছিল সেইগৰাকী , কোন মনতো নৰ’ল , কেইবাগৰাকী চিনিয়ৰৰ সন্মুখত তেনেই জঁই পৰি গৈছিল তাই , পৃথিৱীৰ সমস্ত নিষ্কলুষতা আৰু সৰলতাই মুখত থূপ বান্ধিছিলহি যেন একোৱেই নাজানে পৃথিৱীৰ জটিলতা, একেবাৰেই আজলী মাইনাজনীৰ নামেই বৈভৱী । বহি থকাসকলে পাত্তা দিয়া নাছিল, যেন কোনো নাইয়েই সন্মুখত, মণিবায়েও সিদিনা আগতে নিদিয়া গহীন অকণ দিলে, আচলতে দিবলগীয়া হৈছিলো, প্ৰিফেক্ত আছিলযে, তাতে লগত কেইবাগৰাকীও চিনিয়ৰ, প্ৰথমদিনাই লাই দিলে জুনিয়ৰযে মূৰৰ ওপৰত উঠিব ।

সেইদিনাৰপৰাই থাকিবিনেকি সুধিছিল মণিবায়ে, তাই ডিচেম্বৰৰ প্ৰথম সপ্তাহতে আহিম বুলি ক’লে , এনেইও নৱেম্বৰ শেষ হ’বলে দুদিনমানহে বাকী আছিলগে, মণি বায়ে ওপৰলে গৈ ৰূম নং 44 ত বস্তুবোৰ থ’বলে ক’লে আৰু যাঁওতে আকৌ লগ কৰি যাবলে ক’লে লগতে ৰূম নং ৫২ ত asstt. prefect জীনা দেৱীক লগ কৰি যাবলে ক’লে। ৰূমটোৰপৰা ওলাই আহিহে বতাহ অকণ পোৱাৰদৰে লাগিছিল, পলি ৰৈয়ে আছিল, একো নোকোৱাকৈ হ’ল্ডলটো লৈ উঠি গ’ল সিহঁত 4th block ৰ ৰূমনং ৪৪ লৈ, চিৰিৰে উঠিয়েই সোঁহাতে ঘুৰি ক’ৰিড’ৰটোৰে সোমায়েই বাঁওফালে ৰূম নং ৪৪ । দুৱাৰ খোলা আছিল, কিন্তু ৰূমত কোনো নাছিল, কি কৰিব ভাবি পোৱা নাছিল তাই , লগে লগে জিনাক্ষিৰ ৰূমলে চালে , দুৱাৰ বন্ধ, মাতিবলেও অলপ ভয় লাগিছে, কোন বা আছে! অগত্যা ৰূম নং ৫২ ৰ ফালে ঘুৰিলে তাই , ভাগ্যে ৰূমটো খোলা আছিল আৰু কোনোবা এগৰাকীয়ে গুণগুণাই থকা যেন লাগিল। আকৌ বুকুত মৰসাহ বান্ধি টোকৰ দিলে , গহীন কণ্ঠেৰে সোমাই আঁহা বুলি ক’লে, সোমাই গ’ল দুয়োজনী, এখন খালী বিচনা , এখন পাৰি থোৱা আছে, এগৰাকীয়ে চাহ বনাই আছে আৰু আন এগৰাকী বহি আছে। চাহ বনাই থকা শকত বাগৰাকীয়ে বহিবলে ক’লে, মণিবাৰ ৰূমত নোপোৱা সাহকণ ইয়াত পালেও নবহিল তাই , কোনগৰাকী জীনা বা ধৰিব নোৱাৰিলে, বহি থকা গৰাকীয়ে মুখ ঘুৰাই চালত দেখি মনটো ভাল লাগিল, এইয়াচোন তাইৰ ডিপাৰ্টমেণ্টৰ গায়ত্ৰীবা, অত্যন্ত ধীৰ স্থিৰ আৰু শান্ত। তাৰমানে ইগৰাকী বা জীনাবা। গায়ত্ৰীবাক মাত লগাই জীনাবাক বিৱৰি ক’লো কথাখিনি, তেতিয়ালৈ ডিম্পীবা ৰূম পাইছিলহি, দুয়োগৰাকীয়ে আমাক ৰূমনং ৪৪ লে লৈ গ’ল। ডিম্পীবাক কেইবাদিনো ডিপাৰ্টমেণ্টত দেখিছো যদিও তেনেকৈ মাতি পোৱা নাই, এক অদ্ভূত গাম্ভীৰ্য আছিল বাৰ মুখত, খুউব ধুনীয়া, মৃদুভাষী , ওখপাখ , ক্ষীণাংগী । মুখত শিশুৰ সৰলতাভৰা হাঁহিৰে আমাক অভিবাদন জনালে, ডিপাৰ্টমেণ্টত লগ পোৱা সেই গহীন মুখৰ মাতিবলে মন নকৰা বাজনী নাছিল, এইজনী আছিল অন্য এক ডিম্পীবা, জুনিয়ৰক মূৰত উঠাবপৰা ডিম্পীবা,চকু মুখত কিবা এক কাৰুন্যতা গোটেই সংশয়বোৰ শেষ হৈ গৈছিল তিনিওগৰাকীকে লগ পায়, চাহ খুৱাইছিল আমাক, জীনাবাই বিস্কুট লৈ আনিছিল, জীনাবা অসমীয়াৰ, জীনাবাৰ ৰূমলেও কোনোবা এগৰাকী সোনকালেই অহাৰ কথা। ডিচেম্বৰৰ প্ৰথম সপ্তাহতে আহিম বুলি ক’লো, ডিম্পী বা কিন্তু ডিচেম্বৰত ঘৰত থকাৰ কথ ক’লে, কিয় জানো ভাল লাগি গ’ল মনটো…তাৰমানে মই ডিচেম্বৰত নাহিলেও হ’ব, অকলে থাকিব নোৱাৰিমযে! মইও সাহস পাই বা আহিলে আহিম বুলি কৈ আহিলো। জীনাবা গায়ত্ৰীবা ডিম্পীবাক পাই ভাল লাগি আহিছিল, আহোঁতে মণিবাৰ ৰূমত সোমাই আহিলো, এইবাৰ মণিবা আধাঘণ্টাৰ আগৰ মণিবাজনী নাছিল, দুইজনীকে বহিবলে ক’লে যদিও আমাৰ দেৰি হ’ব বুলি গুচি আহিলো, মণিবায়ে যিমান পাৰ সিমান সোনকালে আহিবি বুলি কৈ পঠিয়ালে। আমাৰ মনত কেনে আনন্দ মিলিছিল তেতিয়া, এতিয়া হয়তো বুজাব নোৱাৰিম।

ঘুৰি আহোঁতে সৰস্বতীমাৰ আশীৰ্বাদ লৈ আহিলো, ওলাই আহোঁতে আকৌ মনত পৰিল ভূপেনৰ কথা, পলিক দেখুৱাবপৰা হ’লে ভূপেনক। পিছে ভূপালীয়েচোন নিজেই চিনি নাপায় ভূপেনক। AT 9 লে তেতিয়া নামি আহিছিল উদ্যম, অফুৰন্ত উৎসাহ, সন্ধ্যা লাগিবৰ হৈছিল, বহুতো ল’ৰাই ভলীবল খেলি আছিল, বহুতো বাহিৰত। খেলি থকাৰপৰাই কোনোবাই চিঞৰিলে অ’ মাইনা লংকাৰ সংবাদ কি? কোনোবা চিনাকি আছিল ছাগে আমাৰ। আমি লংকেশ্বৰত থাকোঁ বুলি জানিছিল। সেইদিনা উত্তৰ দিয়া নাছিলো, মনত যে এক অজান ভাৱ, কিহৰ বুজি পোৱা নাছিলো,কোনো দৌৰি অহা নাছিল সিদিনা দিলীপ দৌৰি অহাৰদৰে প্ৰপৌজ কৰিবলে, হয়তো সন্ধ্যা লগাৰ বাবেই। আৰু কিবাকিবি জোকাইছিল, দুটা ল’ৰা গেইটখনৰ খুটাদুটাত বহি আছিল, আমাক নোজোকালে, কিবা ভাৱত মগন ছাগে, বিহুনাম ভাঁহি আহিছিল লগতে কোনোবাই বাঁহী বজাইছিল, ইয়াতো সেই একেই সুৰ একেই হাঁহি একেই উৎসাহ। দুইজনীয়ে কথা পাতিলো থাকি বেয়া নালাগিব ছাগে। ঘুৰি আহোঁতে মাৰ্কেটতে ৰুবুলক লগ পালোঁ, কিবা জেৰক্স কৰিবলে আহিছিল । ভাল লাগিল ,মনটো সঁচাকৈয়ে ভাল লাগিল , আৰু এমাহ যে আমি একেলগে লংকেশ্বৰত কটাব পাৰিম। আহোঁতে আমি তিনিওটা একেলগে বাছত আহিলো, আহোঁতে ৰুবুলক কৈ আহিলো পুৱাৰ কাহিনীবোৰ, অনাথ আশ্ৰমৰ কাহিনী। এদিন একেলগে যোৱাৰ কথাও ক’লে আমাৰ লগত। পিছে যোৱা নহ’ল কেতিয়াও একেলগে অনাথ আশ্ৰমখনলে।

সন্ধ্যা প্ৰায় লাগিবৰে হৈছিল , আমি দুইজনীয়ে পাচলিদাদাৰপৰা( পলিয়ে দিয়া নাম ) পাচলি ল’লো, ৰুবুল লগে লগেই থাকিল, সদায় খোজাৰদৰে সিদিনা ধনিয়া আৰু জলকীয়া এনেই খুজিবলে লাজ লাগিল, পিছে পাচলিদাদাই ভৰাই দিছিল দুমুঠি ধনিয়া আৰু কেইটামান জলকীয়া। অভিজ্ঞানীহঁতকো তাতেই দেখিলো, নতুনকে দেখাৰদৰে কিবা লাজ এটাই গালে মুখে চুই গ’ল, অভিজ্ঞানী গোটেইকেইটাই আছিল তেতিয়া তিৰুপতি,মহাদেৱ,টমাছ,জয়ন্ত,শুভাশীষ,অৰূপদা,ঘোষবাবু। ৰুবুলেও হিৰণ্যক লগ পালে, গোটেইবোৰকে তাতে এৰি আমি আমাৰ প্ৰিয় দ্বিতীয়খন ঘৰ পাইছিলোগে। য’ত তিৰুৱে লৈ ৰৈ আছিল এক অন্য কাহিনী, কবিতাৰ কাহিনী, অমৃতাৰ প্ৰেমত পাগল হৈ কবিতা লিখা প্ৰেমিক কবিৰ কাহিনী। ৰূমটো নতুন লাগিল, বৰ ভাল লাগিল, দেৱাশ্ৰীও আহি পাইছিল তাৰাক লগ ধৰি, অপাৰ আনন্দময় পৰিৱেশ এটা ৰৈ আছিল সিদিনা।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৯

আমি ৰৈ আছিলো অভিজ্ঞানীহঁতলে,পিছে নাহিল, দেৰিও হৈছিল অৱশ্যে, নহাৰ বাবে বেয়াও নাপালোঁ কাৰণ এনেইও খানা কমিছিল বিয়াত, গতিকে অহা হ’লেও বিয়া বুলি খুৱাবলৈও একো নাছিল। দূবৰিও গৈছিলগে,পিছদিনা ক্লাছ নাছিল কিবা কাৰণত। ইফালে খোৱাৰ পৰত সেই একেই চিনাকি গলহেকাৰি, দেৱাশ্ৰীৰ ৰূমটোৰ কাষতেই অভিজ্ঞানৰ গেইটখন আছিল বাবে তাই আগতে শুনে আমাতকে, তাই নিজেই একো নকয় পিছে, আমাক কৈ থৈ আহিল বোলে আহিলে যা বিয়ালে নহাকেইজন। কথা পাতিবলে নহয় কথা শুনাবলেহে আমি সেইদিনা খিৰিকিৰ এইপাৰে হাজিৰ হ’লোগৈ, মিছা অভিমানো কৰিলোহঁত লগতে পিছফালৰ মেছৰ ল’ৰাকেইটাহে যে বেছি ভাল তাকো শুনালোহঁত, পিছে শুনাবলেহে পালোঁ হেৰৌ ইফালৰপৰা টপককে তিৰুপতিয়ে মাত লগালেই নহয়, বোলে ৱাল পাৰহৈ মাতিবলে অহা হ’লে আমিও গ’লোহেঁতেন দেই…. বাকীখিনি নোসোমাল আৰু কাণত, কি কয় ইহঁতে! কেনেকৈ গম পায় গোটেইবোৰ কথা? আমি তাৰমানে ২৪ ঘণ্টাই নিৰীক্ষণত থাকোঁ অভিজ্ঞানীহঁতৰ? পিছে টমাছ ল’ৰাটো তলে পুতল আছিল যদিও অতিকে অমায়িক আছিল, সিহে আচল কথাটো ক’লে বোলে যাবলে মন আছিল যদিও লাজ লাগিল কাৰণেহে নগ’ল। পেটে পেটে বেয়াও নাপালোঁ,যিমান হ’লেও ছোৱালীৰ মেচ, কোনোবাই কিবা ক’বও পাৰে, কিন্তু এই তিৰুপতিটো কম বস্তুযে নহয় ভালকৈয়ে গম পাইছিলো। পিছলে বাৰু তিৰুপতিয়ে কথাটো কেতিয়াও নুলিয়ালে।

পিছদিনা যিহেতু ক্লাছ নাছিল , গতিকে আমি অহাৰদিনাৰপৰা ভাবি থকা লংকেশ্বৰৰ ৰেডক্ৰছ চোচাইটিৰ অধীনত থকা ল’ৰাৰ অনাথ আশ্ৰমখনলৈ যোৱাৰ কথা ভাবিলোহঁত, তেতিয়ালৈকে আমি লংকেশ্বৰ মন্দিৰলৈও যোৱা নাছিলোহঁক, গতিকে ঠিক হ’ল প্ৰথমেই মন্দিৰলে যাম আৰু তাৰপৰা চিধাই কাষতে থকা ল’ৰাৰ অনাথ আশ্ৰমখনলৈ । কথা মতেই কাম। ৰাতিপুৱাই গোটেইকেইজনী আজৰি হৈ যাবলৈ ওলালোহঁত, সিদিনাৰপৰা হিৰণ্য ৰুবুলৰ লগত আমাৰ বন্ধুত্ব বহুখিনি সহজ হৈছিল , মালিকনী বাইদেউহঁতেও কথা পাতিছিল তেঁওলোকৰ লগত। কিয় জানো আমি যাবলৈ ওলাঁওতেই বাইদেউৱে সুধিলে বোলে আপা দুটাও যাবনেকি তোমালোকৰ লগত? ধৰিবই নোৱাৰিলো কোনদুটা আপাৰ কথা সুধিলে প্ৰথমতে? তেঁও ক’লে কালি বিয়া খাবলে অহা আপা দুটাও যাবনেকি তোমালোকৰ লগত? নিজৰেচোন কিবা লাজ লাগি গ’ল, মানুহবোৰে কিবা বেলেগ ভবা নাইতো? পিছমুহুৰ্ততে চিন্তা কৰিলো, আমিতো কেতিয়াও বেয়াকে নাইভবা, কোনে কি কয় কি দৰকাৰ তেন্তে? ওলাই গৈছিলো আমি লংকেশ্বৰ মন্দিৰলে বুলি, সেইদিনা য়ুনিভাৰ্ছিটি বন্ধ বাবে বৰ নিজান হৈ আছিল লংকেশ্বৰখন, তাতে পুৱাৰ সময়, তেতিয়ালৈকে খোলা নাছিল লংকেশ্বৰৰ নীতুদাৰ দোকান অথবা দেবুদাৰ দোকান, খোলা আছিল মুকুলদাৰ পি চি অ’ , খোলা পি চি অ’ দেখি আমি গোটেইকেইজনীয়ে ঘৰলে ফোন কৰিলোহঁত , মনটো ভাল লাগি গ’ল, এজন ভগৱানৰ দৰ্শন কৰিবলে যোৱাৰ আগতেইযে মন্দিৰৰূপী ঘৰখনলে গৈ আহিলো। আমি ইমান দিনে ইমান পুৱাৰ লংকেশ্বৰখন দেখাই নাছিলো , সদায়ে পোৱা লংকেশ্বৰখন সিদিনা কিবা অচিনাকি যেন লাগিছিল, সদায় পাৰ হোৱাৰ দৰে ৰঙৰ সমাহাৰ নাছিল সেই পুৱাতে, যিহেতু ৰং বিৰঙী সাজেৰে সাজি ক্লাছলৈ যোৱা গাভৰুহঁত নাছিল তেতিয়া, সদায় পাৰ হৈ যাঁওতে দেখা ডেকাকেইজনে পাছফালে হাত লুকুৱাই খাই থকা নাছিল মনজিতৰ দোকানৰ আগত পাণ আৰু চিগেৰেট , আছিল মাথোঁ আধা জাপ খোলা দুখনমান গেলামালৰ দোকান, আচহুৱা লাগিলেও পৰিৱেশটোলে কিবা এক মায়া উপজিছিল, কিয় জানো আৰু আপোন লাগিছিল, তাতে অলপ অলপ গাঁৱৰ পৰিৱেশ। অদ্ভূত এক ভাললগা কুঁৱলীসনা পুৱা আছিল সিদিনা , কুঁৱলীৰ চুমা পৰশে আমাক আৰু আকুল কৰিছিল আৰু ব্যাকুল কৰিছিল। ভাৱ হ’ল যেন লংকেশ্বৰ এৰি যাব নোৱাৰিম, ভুল হ’ব লংকেশ্বৰ এৰি গ’লে, নোৱাৰিম এনেকৈ সুখত থাকিব। দেৱাশ্ৰী যোৱা নাছিল আমাৰ লগত , তাই নিজৰ শিৱগোঁসাইৰ লগত আগতেই দৰ্শন কৰি আহিছিল মন্দিৰ আৰু অনাথ আশ্ৰমলেও যোৱাৰ কথা নাছিল , আমি সিদিনা এৰাল ছিগা গৰুৰ দৰে আছিলো, দেৱাশ্ৰী আমাতকে বহুত ধীৰ স্থিৰ আছিল,( ভিতৰি গুলি পিছে) , তাই নাছিল, আমি একো পাক্কা সিদ্ধান্ত ল’ব পৰা নাছিলো, চঞ্চল হৈছিল আমাৰ মনবোৰ , কুঁৱলীসনা পুৱাই আমাক চঞ্চল কৰি পেলাইছিল,কিনো হৈছিল জানো! লংকেশ্বৰলে যোৱাৰ সলনি আমি বাট লৈছিলো য়ুনিভাৰ্ছিটিৰ পিনে , উদ্দেশ্য ৰাতিপুৱাৰ জালুকবাৰী চোৱাৰ। বাছ নাছিল ইমান পুৱাই, যিকেইখন আছিল তাকো যোৱাৰ আশা নাছিল , গতিকেই খোজ লৈছিলো আমি। ৬.৩০ মান হৈছিলহে ছাগে তেতিয়া, লংকেশ্বৰ পাৰ হৈয়ে ফৰেষ্ট স্কুল পায়, ঠিক তাৰপৰাই আৰম্ভ হৈছিল য়ুনিভাৰ্ছিটি(তেতিয়াৰ জালুকবাৰীখন এতিয়া নাই) আমি য়ুনিভাৰ্ছিটিৰ ফুটপাথত উঠিছিলোগৈ, এক অনন্য অনুভৱে দোলা দি গৈছিল মনৰ ভিতৰখন, অলপ গৈয়ে সোঁহাতে অলপ ভিতৰৰফালে কেইবাটাও ল’ৰাৰ হোষ্টেল , নামবোৰ নাজানো, দুটানে তিনিটা , দুটা ৰাস্তাৰে যাব পাৰি, সদায় তিৰু নমা ষ্টপেজটো পালোগে, ভূগোল বিভাগ , লগতে নৃতত্ব বিভাগ, সেইফালেৰে ভিতৰেদি যাব পাৰি ল’ৰাৰ হোষ্টেলকেইটালে, ভূগোল বিভাগ পাৰ হৈয়ে আমাৰ মহাদেউৰ ৰসায়ন বিভাগ, লগতে পদাৰ্থবিজ্ঞান অলপ সিফালে, পদৰ্থ বিজ্ঞান বিভাগটো বৰ ভাল লগা আছিল, তাৰ কাষতেই আছিল বাণিজ্য বিভাগ , ইফালে বাঁওফালে লাইব্ৰেৰী , তাৰ আগত খুব সম্ভৱ জিয়’লজী বিভাগ অাছিল, লগতে এখন কেণ্টিন, লাইব্ৰেৰী পাৰ হৈয়ে প্ৰশাসনিক ভৱন, তাৰ ঠিক মুখামুখিকৈ য়ুনিভাৰ্ছিটিৰ মেইন বিল্ডিং, সেইফালেৰে সোমাই গ’লেই ভিতৰলে আমাৰ সংস্কৃত , ইংৰাজী , হিন্দী আৰু আৰবী বিভাগ, তাৰ কাষেৰে গ’লে শিক্ষা বিভাগ, আমাৰ বিভাগৰ আগেৰেই যাব পাৰি য়ুনিভাৰ্ছিটিৰ অন্যতম আকৰ্ষণীয় সম্পদ বোটানিকেল গাৰডেন। সেইখিনিলৈকে ঘুৰি পকি আমি ঘুৰি অহাৰ কথা, সেইদিনা সঁচাকৈয়ে মায়াসনা পুৱা আছিল, নিজান নিস্তব্ধ আছিল গোটেই চৌহদ, তেতিয়ালৈকে অৱশ্যে কুঁৱলী আছিলেই, তাতে বন্ধ। পিছে ঘুৰি অহা নহ’ল , পলি আৰু মই এনেই হোষ্টেলকেইটা চাই আহোঁ বুলি ভাবিলো, তিৰু অমৃতাৰ কিবা কাৰণত হোষ্টেল ঠিক হোৱা নাছিল তেতিয়ালৈকে, আমি মেইন বিল্ডিঙৰ পিছফালেৰে , আইন মহাবিদ্যালয়ৰ আগেৰে পলিৰ হোষ্টেল RCC 3 ৰ ফালে গ’লোহঁক। কেন্টিনলৈকে আমিসেইফালে গৈ পাইছিলো আগতে , RCC 1 আৰু RCC 2 বয়জ হোষ্টেলৰ আগেৰে গৈ পোৱা নাছিলো কেতিয়াও, সেইফালে পাৰ হৈ যাঁওতে অলপ ভয় ভয়ো লাগিল, কোনোবা বিভাগীয় চিনিয়ৰে দেখিলে কি হ’ব বাৰু? তাত যে আমাৰ লগৰবোৰৰ উপৰিও সুমন দা, আত্ৰেয় দা, প্ৰাণজিৎ দা , নৱ দা , জয়ন্ত দাদাহঁত থাকে, ৰাতিপুৱাই এইফালে অহা দেখিলে পিছদিনা বিভাগত ধৰে যদি? ৰেগিং নাছিল যদিও আমাক চিনিয়ৰ সকলে চিনাকি হোৱাৰ নামত ঢেৰ কিবাকিবি কৰাইছিল, বৰ ধুনীয়াকৈ আৰু আকৰ্ষণীয়কৈ, পিছে ভাগ্য ভাল আছিল হ’বলা , আমি কোনো চিনাকিকে লগ নাপালো , কোনোবা আছিল যদিও আমাক নতুন বুলি ভবা নাছিল হয়তো। শাৰী শাৰী কৃষ্ণচূড়া , ৰেইন ত্ৰি আৰু সোণাৰুবোৰৰ মাজেৰে পাৰ হৈ যাঁওতে কোনোবা পৰীৰ দেশলৈ যোৱাৰ দৰে লাগিছিল, তেতিয়া কৃষ্ণচূড়াৰ বতৰ নাছিল, হেঁপাহৰ কৃষ্ণচূড়াবোৰ চাবলৈ আমাক ছমাহ লাগিছিল, হ’লেও বৰ সুন্দৰ আছিল শাৰী শাৰী গছবোৰ, এতিয়াও বুকুৰ ভিতৰলৈকে শিপাই আছে সিদিনাৰ পুৱাটো, পিছত বহুদিন সাক্ষী হৈ ৰ’লো তেনেকুৱা বহুবোৰ মধুৰ পুৱাৰ। ল’ৰাৰ হোষ্টেলকেইটাৰ সন্মুখতে আছিল হস্পিতেলখন, তাৰে সন্মুখতে মাৰকেট, এই হস্পিতেলৰ পিছফালেৰেই গ’লে পলিৰ হোষ্টেল, চৌহদটো আমাতকে ডাঙৰ, কেইবাটাও হোষ্টেল আছে এইটো চৌহদত,তেতিয়ালৈকে নামবোৰ নাজানিছিলো ভালকে, পলিয়ে খালি এটা কথা গম পাই ভাল পাইছিল আমাৰ কটনিয়ান প্ৰিয় বান্ধৱী পিকলিয়েও তাতেই পাইছে, আৰু কেইবাজনীও আছে।

ঘুৰি আহিছিলো সিফালৰ অধ্যাপক নিৱাসৰ চৌহদেদি , বাছত উঠিছিলো পুনৰ লংকেশ্বৰলে বুলি, মনটো এক অনামী উত্তেজনা নে আৱেগত উথলি উঠিছিল, আৰু কিছুদিনৰ পিছতে যে আমি লগ এৰা এৰি হ’ব লাগিব! লংকেশ্বৰ পোৱালে অলপ কাহিলি কাহিলি ৰ’দ ওলাইছিল, ভাল লাগিছিল, অৱসাদেও যে নতুন উদ্যম আনে সিদিনা বাৰুকৈয়ে অনূভৱ কৰিছিলো, শৰীৰ আৰু মন দুয়োটাই অৱসাদগ্ৰস্ত  আছিল সিদিনা, পিছে পুৱাৰ কোমল ৰ’দচেৰেঙাই পাহৰাই পেলাইছিল সকলো অৱসাদ, কষ্ট। ইমানদূৰ খোজকাঢ়ি ঘুৰি অহাৰ পিছতো অমি লংকেশ্বৰৰ সেই এশ চিৰি বগাই মন্দিৰলে যাবলে চিন্তা কৰিবলগা হোৱা নাছিল এবাৰলেও। মন্দিৰলে উঠি যাঁওতেই তলতে গণেশ মন্দিৰ ,তাৰপৰা কমেও এশমান চিৰিৰে বগাই গ’লে মন্দিৰ পায়, আমাৰ দেৰগাঁৱৰ শিৱদৌললে উঠি যোৱাৰদৰেই লাগিল, অকণো নোৰোৱাকৈ আমি মন্দিৰ পাইছিলোগৈ, এচটা বৃহৎ শিল, শিলচটাৰ কাষতেই মন্দিৰ পাতি লোৱা আছে, তাৰপৰা ওপৰলৈ পূজাৰীসকলৰ আৱাস, আমি তলৰপৰাই ফুল চাকি লৈ গৈছিলো, তাত অন্তৰৰপৰাই ভগৱানক ভজিলো, বৰ ভাল লগা পৰিৱেশ, দিনটোৰ আৰম্ভণিয়েই শুভযে। মন্দিৰৰপৰা তল পাঁওহি মানে সঁচাকৈয়ে বৰ ভোক লাগিছিল আমাৰ, হোটেল লংকেশ্বৰত পৰঠা ঘুগুনী খাই বৈ আমি ৰৈছিলোগে ৰেডক্ৰছ চোচাইটিৰ সেই বৃহৎ চৌহদটোৰ আগত, গেইটত থকা দাৰোৱানে বৰকে যাবলে দিবলে মন কৰা নাছিল ইমান ৰাতিপুৱাই, পিছে আমাৰ আকূতিভৰা চাৱনি দেখি তেঁও যাবলৈ দিছিল, সোমাই গৈছিলো সেই ডাঙৰ গেইটখনেৰে, প্ৰকাণ্ড চৌহদটোলে, য’ত আছিল আমাৰ বাবে এখন নেদেখা পৃথিৱী, সুন্দৰ চৌহদ, পাহাৰৰ দাঁতিতে লাগি আছে আশ্ৰমখন, ধুনীয়া যথেষ্ট ধুনীয়া, ডাঙৰ ডাঙৰ গছ আছে যদিও অত্যন্ত পৰিপাটি, পাহাৰী টিলাটোৰ ওপৰত ধুনীয়াকৈ সজোৱা কেইবাটাও সৰু ডাঙৰ ঘৰ, আমাৰ নাম ঠিকনা লিখি লৈ আমাক পৰিচালক বাইদেউ গৰাকীয়ে লৈ গৈছিল সেইখন নতুন পৃথিৱীলৈ, মাক দেউতাক বিহীন এজাক শিশুৰপৰা কিশোৰৰ ওচৰলে, বিস্ময় আছিল আমাৰ মনত, তেঁওলোকৰ বাবে নতুনত্ব একো নাছিল আমি যোৱাটো, তেনেকৈ গৈয়েই থাকে বহুত মানুহ তালে, কিন্তু আমি অসহজ হৈছিলো পৰিৱেশটোত, আগতে কেতিয়াও গৈ পোৱা নাছিলো কোনো অনাথ আশ্ৰম । বাইদেউগৰাকীয়ে আমাক দেখুৱাবলে লৈ গৈছিল ল’ৰাহঁতৰ খেলা ঠাই, পঢ়া ঠাই, খোৱা ঠাই । বেয়া লাগিছিল দেখি ল’ৰাবোৰক, সকলো সুবিধা পায়ো যে মৰমৰ মাকজনীক অথৱা চেনেহৰ দেউতাকক নাইপোৱা কোনোদিন,বাইদেউৱে কিমান চাব? তেঁওলোকে পঢ়াশুনা কৰিছিল, আমাক পাই ভাল পাইছিল সিহঁতে, পিছলে আমাক মাতিছিলো ৰাস্তাই ঘাটে। আমি উভটি আহিছিলো, পুৱাৰ ভাললগাখিনি গধুৰ যেন লাগিছিল, মনত ঢেৰ সংকল্প লৈ উভটি আহিছিলো আমাৰ প্ৰিয় ঘৰখনলৈ

ক্ৰমশঃ