লাহে লাহে সকলোবোৰ সহজ হৈ পৰিলেও কোনোবা খিনিত নিজৰ ওচৰতে নিজেই সহজ হ’ব নোৱাৰিলো , সৰস্বতী পূজাৰ আগৰাতিৰ ঘটনাই মনটো কোঙা কৰি পেলাইছিল , জোৰ কৰিহে বেছি কথা নপতাকে থাকিলো দুদিনমান , চিনিয়ৰ সকলৰ লগত মাথোঁ প্ৰয়োজনীয় কথা খিনি পাতোঁ আৰু আমাৰ লগৰবোৰৰ লগত চকুৰেই চলাই দিলো কেইদিনমান ! সলনি হৈছিলো কিছু , সলনি হৈছিল কুকুবাও । সহজ হ’ব পৰা নাছিলো যদিও আগৰদৰেই মাত বোল কৰি থাকিলো । দেউতাই সৰুতেই কোৱাৰদৰেই আপোন ভালেই জগৎ ভাল কথাটো প্ৰমাণিত হৈছিল আকৌ এবাৰ , কুকুবায়ে মৰমেৰে পাহৰাই দিবলে চেষ্টা কৰিলে সিদিনাৰ কথাবোৰ , তাৰপিছত কোনোদিন টান কথা কোৱা মনত নপৰে ।
ডিপাৰ্টমেণ্টত কেইবাবাৰো ইণ্ট্ৰ’ পৰ্ব চলিছিল যদিও তেতিয়ালৈকে আমাক আনুষ্ঠানিকতাৰে আদৰা নাছিল , মানে ডিপাৰ্টমেণ্ট ফ্ৰেচাৰ্ছ হোৱা নাছিল । ডিপাৰ্টমেণ্টৰ ফ্ৰেচাৰ্ছ দিয়াৰ দিন ঠিক কৰাৰ লগে লগেই আমাৰ ব্যস্ততাও বাঢ়িছিল লগতে পঢ়াৰ ব্যস্ততাও সমানে বাঢ়িছিল , আমি সমবেত সংগীত , নাটক , নাচ , আবৃত্তি গোটেইবোৰতে ভাগ লৈছিলো , মুঠতে দূবৰিয়ে মইয়ে সকলোতে । চিনিয়ৰসকলেও ভাগে ভাগে নিজৰ অনুষ্ঠানবোৰৰ প্ৰেক্টিচ সমানে কৰিছিল , তেতিয়াই শুনিছিলো নৱদাৰ মন মুহিবপৰা বাঁহীবাদন , যি বাঁহীৰ সুৰে বলিয়া কৰিছিল জুস্মিতাক , প্ৰাণজিৎ দা আৰু আত্ৰেয়দাৰ দ্বৈত গীতবোৰ আৰু বহুতো …সকলোৱেই আছিল অদ্ভূত প্ৰতিভাৰ আকৰ , গীত গাব নজনা কঁকাল ঘুৰাব নজনাসকলৰ মুখত শুৱলা ভাষণ , গানবলিয়া ল’ৰাটোৰ গানবোৰে বেছিকৈ সুৰ পাইছিল , গানৰ লগতে দূবৰিৰ দুচকুত মগ্ন হৈ যাব বিচাৰিছিল , তাইৰ অভিন্ন বান্ধৱী মোক গানবলিয়া ল’ৰাটোৰ মৰমৰ দোস্তী হৈ পৰিবলেও বেছিদিন নালাগিল ।
জুনিয়ৰক মূৰত উঠোৱা চিনিয়ৰ আছিল ডিপাৰ্টমেণ্টৰ সকলো , আমাৰ লাজ সংকোচ লাহে লাহে কমি আহিল , একেলগে নলবাৰীৰ চন্দনা বাৰ ককায়েকৰ বিয়া খাবলে যাব পৰাকে চিনিয়ৰে আমাক লাই দিলে , উঃ কি দিন আছিল সেইটো.. … চন্দনা বাৰ ককায়েকৰ বিয়ালে পাপৰিবা , বিণ্টীবা , জয়ন্তদা , সুমনদা , আত্ৰেয়দা আৰু প্ৰাণজিৎ দাহঁতৰ লগত জুনিয়ৰ কেৱল মই , দূবৰি যোৱা নাছিল কিবা কথাত , বিয়া খোৱালৈকে ঠিকেই আছিল পিছে ঘুৰি আহোঁতে আমাৰ যি দুৰ্ভোগ সেইয়া কেতিয়াও পাহৰিব নোৱাৰি , ঘুৰি অহা গাড়ীখন বাইহাটা চাৰিআলিতে বেয়া হোৱাত ৰাতি দহবজালৈকে আমি ৰৈ আছিলো সেই জনশুন্য ঠাইকনত , কিন্তু নিৰাপদ আছিলো অামি ,আমাৰ সাহস হৈ আমাৰ লগত আছিল আমাৰ দাদাহঁত । পিছত যেনেতেনে জালুকবাৰীলৈকে আহি পোৱাৰ পিছত বিণ্টিবাৰ খুৰাকে ৰাতি বাৰমান বজাত লৈ আনিছিলগে আমি ছোৱালী তিনিজনীক খাৰঘুলিৰ ঘৰলে , সেই নিৰাপত্তা, সেই বিশ্বাস আৰু আস্থা জীৱন থকালৈকে পাহৰিব নোৱাৰি , সেয়েহে লগ নাপালেও আমি এতিয়াও সকলো বুকুৰ কুটুম।
সৰস্বতী পূজাৰ পিছৰেপৰা হোষ্টেলৰ খালী থকা ৰূমবোৰলে নতুন ছোৱালী আহিলে , কোনো চিনিয়ৰে নিজৰ পছন্দৰ মতে ৰূম সলাই লগৰে ৰূমমেট ল’লে , মুঠতে ৰূমবোৰ শুৱনি হ’ল , সন্ধিয়াৰ চিনাকিপৰ্বত আমাৰফালৰ গণ্টিও বাঢ়ি গ’ল , চিনিয়ৰ জুনিয়ৰ সমান হৈ গ’ল । একেদৰেই চলি থাকিল জেলেপী ডান্স , কুকুৰ ডান্স , মুচ নেহী তো কুছ নেহী এইবোৰো , আমি পুৰণি কেইজনী সঁচাই পুৰণি হ’লো , আমাৰ ভাগৰ নাচোনবোৰ নতুনকে অহাবোৰৰ ভাগত পৰিল , সকলোৱে এনজয় কৰিলে পুৰা , বহুদিন ভাগত একো নপৰিলে মনটো বেয়া লগা হ’ল । নতুনবোৰৰ ভিতৰত অহা বৰপেটাৰ ৰিতা নামৰ ছোৱালীজনী দুদিনতে আপোন হ’ল , ৰিতাৰপৰা সোনকালেই ৰিতু হ’ল । ৰিতুৱে আহিয়েই চমৎকাৰ কৰি দিলে , চিনিয়ৰকে জুনিয়ৰ বুলি ভাবি তুমি তামাকে আহিয়েই আৰম্ভ কৰি দিলেহি , ফল ভুগিলে ভালকৈয়ে বেচেৰীয়ে , পিছে তাইও আমাৰ নিচিনাই ওলাল জীৱনৰ প্ৰতিটো উশাহ উদযাপন কৰি সুখ পাই তাইও , দোস্তী জবৰদস্ত হ’ল আমাৰ ।
পিছে আমাৰ লগৰে এগৰাকীক চিনিয়ৰে কেতিয়াও মতা দেখা নাছিলো চিনাকিপৰ্বলে , বৰঞ্চ সমীহহে কৰিছোল , প্ৰাৰ্থনা কৰিয়েই নিজৰ ৰূমলে গুচি যায় , ধীৰ স্থিৰ গহীন গম্ভীৰ ছোৱালীজনীৰ বিষয়ে নাজানোও একো , সুধিম বুলিও সোধা নহয় কাকো , লগো নাপাঁও তেনেকৈ , এদিন ক্লাছৰপৰা আহোঁতে ৰবীনদাৰ মেঘালীতে লগ পালো তেঁওক, বৰ ধুনীয়াকৈ মাত লগালে , ইমান আন্তৰিকতা , ইমান মৰমলগা । চিনাকি হ’লো মই , মই চিনি নোপোৱা ছোৱালীজনীয়ে জানে মোৰ নাম , জানে আমাৰ সবৰে কথা । তেঁও আছিল ধৰ্মিষ্ঠা গগৈ , পঢ়াত আমাৰ লগৰ যদিও আমাতকে ডাঙৰ , আমাৰ চুপাৰ চিনিয়ৰসকলৰ চিনিয়ৰ আছিল , এবাৰ অসমীয়াত এম এ কৰিলে , তেতিয়া দ্বিতীয়বাৰ কৰি আছিল , পুৰণি হোষ্টেলতে থাকিছিলহি আকৌ নিজতকে বহুত জুনিয়ৰবোৰৰ লগত । বাৰ লগত কথা পাতি বৰ ভাল লাগিল , অনবৰতে মিঠা হাঁহি এটা লাগি থকা মুখখনত এক শান্ত সৌম্যভাৱ , দেখাত যেনেকুৱা কথা বতৰাতো তেনেকুৱাই বা , মেঘালীৰ পৰা হোষ্টেল আহি পোৱালৈকে সেই অকণমান সময়কণতে আপোন কৰি পেলাব পৰা ব্যক্তিত্ব । ধৰ্মিষ্ঠা বায়ে মোক কিয় জানো কৈছিল মোৰ নাম বোলে সেউজী হোৱা হ’লেহে বেছি ভাল লাগিলহেঁতেন , নুবুজিলো কিয় কৈছিল তেনেকৈ বায়ে , কিন্তু ভাল লাগিছিল কিবা এটা , হালধীয়া চুৰিদাৰ কামিজ পিন্ধি থকা বাক মইও হঠাতে নাম দিছিলো হালধীয়া ( বৰ দুখ লাগে , হালধীয়া নামটো যেন কিহবাৰ ইংগিত আছিল , হালধীয়া পাতৰ ক্ষণস্থায়ীত্বৰ দৰেই বাও গুচি গ’ল দূৰলৈ , কোনেও চুব নোৱাৰা দূৰলৈ ) , তেতিয়াৰ পৰাই জমি উঠিছিল আমাৰ বন্ধুত্ব , চিনিয়ৰৰ চিনিয়ৰ আছিল যদিও হোষ্টেলত আমাৰ দৰেই জুনিয়ৰৰ সাজতেই দেখিলো জুনিয়ৰ কালত , আপোন বান্ধৱীবোৰৰ তালিকা দীঘলীয়া হৈ গৈছিল যদিও সকলোৰে লগত মিলা মিছাৰ সুবিধা দেৰিকৈহে হৈছিল দুদিনমান ।
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই পলিৰ হোষ্টেল ঠিক হৈছিল , অমৃতাৰ হোষ্টেলতে পাইছিল তাই , RCC 3 ভাল হোষ্টেল , আমাতকৈ ডাঙৰ যদিও তাইৰ মন পিছে আমাৰ হোষ্টেলতহে বহিছিল তেতিয়া , পিছত কাৰোবাৰ লগত মিউচুৱেল কৰাই আমাৰ হোষ্টেললে শ্বিফ্ট হোৱাৰ আশাৰে তাই যাবলে সাজু হৈছিল তালে , কাৰণ এইটো কেম্পাছত তাইৰ প্ৰিয় বান্ধৱী দূবৰি , জীনাক্ষি আৰু মই আছিলো । হোষ্টেল চাবলে আকৌ যাবলগীয়া হৈছিল পলিৰ লগত , হোষ্টেলনো কি আচলতে ৰূম আৰু ৰূমমেট চাবলেহে যোৱা হৈছিল । ক্লাছৰ পিছত পলিৰ লগত সিদিনা আমি এটা নতুন বাটেৰে গৈছিলো প্ৰথমবাৰৰ বাবে , আমাৰ ডিপাৰ্টমেণ্টৰ কাষেৰে এম.বি.এ ডিপাৰ্টমেন্ট পাৰ হৈ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আগেৰে এটা সৰু বাট , সেই সৰু বাটতে এখন বৰ ধুনীয়া দলং , দলংখনৰ ইপাৰে RCC 1 আৰু RCC 2 বয়জ্ হল , হোষ্টেলৰ ল’ৰাবোৰ সেইবাটেৰেই আহে , পৰিৱেশটো অতিপাত ধুনীয়া , বৰ ভাল লাগে সেই সেউজীয়া বাটটো , বাটৰ এফালে অব্জাৰ্ভেটৰী থকা পাহাৰটো, পাহাৰৰ নামনিতে এই হোষ্টেলকেইটা । সেই বাটেৰে গ’লে নিজকে কোনো উপন্যাসৰ নায়িকা যেন লাগে , সোণাৰুবোৰে সেই বাটত নিজৰ আধিপত্য বিস্তাৰ কৰি থয় অনবৰতে । জালুকবাৰীৰ প্ৰেমিক পক্ষীবোৰৰ ভাগৰ জুৰুৱা বাট সেইকণ , সেই বাট বহুতৰে বুকুৰ বাট ।
আমাৰ ডিপাৰ্টমেণ্টৰ ঠিক পিছতে লাগি আছে কেইটামান ডাঙৰ ডাঙৰ শিল , শিলকেইটা দেখিলে সদায় মোৰ মনলে কবি শৈলধৰ ৰাজখোৱা দেৱৰ সেই বিখ্যাত ‘পাষাণ প্ৰতিমা’ নামৰ কবিতাটোলে মনত পৰে , যিটো মোৰ দেউতাই খুউব সুন্দৰকে আবৃত্তি কৰা সৰুৰে পৰা শুনি আহিছো….
” উঠাহে ফুলৰা , উঠাহে চতলা , উঠা দেৱবালা স্বৰূপ ধৰি
পূৰ্ণ হ’ল আজি শতেক বছৰ আৰু কতকাল থাকিবা পৰি
কোন সৰগৰ পাৰিজাত ফুল , কাৰনো শাপত হেৰুৱালা কুল …….”
পিছে সেই পাষাণ কেইটাই যেন কাৰোবাৰ আশীৰ্বাদতহে তাত স্থান পাইছিল যাৰবাবে যুগে যুগে জালুকবাৰীৰ বুকুত জুৰাব পাৰিছে । হয়তো শত বছৰ পাৰো কৰিছে , কেতিয়াবা একোটা হাতীৰদৰে লাগে মোৰ শিলকেইটা , নহ’লে আমাৰ ক্লাছত শ্ৰুতিধাৰা বাইদেউৱে পঢ়ুওৱা মেঘদূতৰ মেঘ চপৰাৰ দৰেই লাগে । মুঠতে সেই শিলকেইটা মাথোঁ এবাৰ দেখিলেই প্ৰেমত পৰিব পাৰি , শিলৰ প্ৰেমত । সেই বাটেৰে আগুৱাই গৈ আমি আৰ.চি.চি ১ বয়জ্ হলৰ আগেৰে পাৰ হৈ যাবলে লওঁতেই হোষ্টেলৰ ফালৰপৰা বৰ ধুনীয়াকৈ মইনা জোকালে…
“মাইনা কি খবৰ?I Love you মইনা। মোলৈ এবাৰ ঘূৰি চোৱা।মাত্ৰ এবাৰ। যদি ঘূৰি নোচোৱা মই গম পাম তুমি মোক ভাল পোৱা। তুমি ঘূৰি নাচালে চাঁদৰ পৰা জাপ দিম তোমাৰ নামে জহে। ”
ঘুৰি চোঁৱা বুলিলেই চাব পাৰিছিলোনে ঘুৰি ? মইনা ও এনেকে জোকাব পাৰেনে বাৰু ?? ঠাণ্ডাতো ডিঙি শুকাই কৰ্কৰীয়া মাৰিছিল , ভৰিকেইটাই দৌৰিছিল নে খোজ কাঢ়িছিল ধৰিব নোৱাৰিলো এজনীয়েও , পিছে আমাক এযোৰ চকুৱে নিৰীক্ষণ কৰি আছিল , গানবলিয়া ল’ৰাটোৰ চকুযুৰিয়ে , জোকোৱা নাছিল , ৰঙো চোৱা নাছিল , মাথোঁ কাৰোবাৰ কাজল কাজল চকুযুৰিত ডুব যাব বিচাৰিছিল ।
যেনেতেনে অাৰ চি চি ২ ৰ আগ পাই স্বস্তিৰ উশাহ ল’বলে নেপালোৱেই , সেইফালৰপৰাও সেই একেধৰণেই মইনা জোকালে , কাৰনো চকু মোৰ জপৰা চুলিকেইডালত পৰিল জানো , পাৰ হৈ যাব খোজা মইনাক দিলেই নহয় পিছফালৰ পৰা চিঞৰি
” অ’ মইনা ……তুমি মইনা …..মইনা তোমাৰচোন ফানকোচাও চুটি ……এইবাৰ সঁচাকৈয়ে দৌৰিব খুজিছিল ভৰিয়ে , পিছে দৌৰিবও নোৱাৰিলো , আৰু বা কি বুলি চিঞৰে পিছৰপৰা ? ঘোঁৰাৰ ফানকোছা কিয়নো দৌৰাইছা বুলিয়েই কয় বা !!!
ক্ৰমশঃ
