জালুকবাৰী চিৰযৌৱনা । কোনেনো দি গ’ল জানো ইমান ৰং , অফুৰন্ত যৌৱন ! জালুকবাৰীৰ প্ৰতিজোপা গছেই উৎসাহ , প্ৰেমিক হিয়াৰ অাকুল বাসনা , প্ৰতিটো পাতত লিখা আছে চিৰ তৰুণ তৰুণী প্ৰেমিক পখীৰ গান । জালুকবাৰীৰ পখীৰ কলৰৱ হিয়া জুৰুৱা গান , পৰাণ শাঁত পেলোৱা অভিমানী গান । জালুকবাৰীত থাকি যোৱা , জালুকবাৰীৰ হোৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ গাতে জালুকবাৰীৰ বতাহজাকে ছটিয়াই যায় মুঠি মুঠি হেঁপাহ , সেয়ে বয়সে হাৰ মানিলেও হাৰ নামানে তাৰুণ্যতাই , আকুলতাই । ৰবীনদায়ে যেন ইয়াৰ প্ৰমাণ । ইয়াৰ প্ৰতিটো ধূলিকণাই দিয়ে এটি এটি এৰি থৈ যোৱা উশাহৰ বতৰা , জালুকবাৰীৰ আকাশে বতাহে ধ্বনিত হয় আৱেগভৰা হিয়াৰ স্পন্দন । সেয়ে জালুকবাৰী চিৰতৰুণ , চিৰনব্য ।
বিশ্ববিদ্যালয়খনি গঢ় লৈ উঠাৰেপৰা জীৱন গঢ়াৰ সপোন দেখা , জীৱনক ভালপাবলৈ শিকা প্ৰতিটো উশাহেই ৰৈ যায় জালুকবাৰীৰ বুকুত । গুলচৰ ৰংবোৰৰ দৰেই আৰু কৃষ্ণচুড়াৰ সতেজতাৰ দৰেই উজলি উঠে প্ৰত্যেকেই , শৰতৰ আকাশৰ দৰেই নিৰ্মল হৈ পৰে মনবোৰ , সেয়েহে জালুকবাৰী এৰি যাবলৈ বৰ কষ্ট পাই সকলোৱে । জালুকবাৰীয়ে যে শিকাই যায় জীৱন জীয়াৰ অন্য এক মাদকতা । এই মাদকতাত মতলীয়া হয় জালুকবাৰীলৈ অহা বিভিন্নজন , পঢ়ুৱৈ অথৱা বাটৰুৱা । জালুকবাৰীক উপভোগ কৰিবলৈ অনন্যভাৱে প্ৰয়োজন আৱাসিক জীৱন অৰ্থাৎ হোষ্টেলীয়া জীৱন । সেয়েহে জালুকবাৰীলৈ যিয়ে আহে তেঁও বয়সক জয় কৰিও ডেকা ডেকেৰী হৈ থাকিব পাৰে আজীৱন । এৰা জালুকবাৰী এৰি যোৱা অতিকে কঠিন , অতিকে… । পিছে সময়ৰ আহ্বানক জানো নেওচিব পাৰি ? দুবছৰীয়া অলিখিত চুক্তি খনৰ পিছতেই বাধ্য হৈ যায় প্ৰত্যেকজন জালুকবাৰী এৰি যাবলৈ , গৱেষণাৰ বাবে থাকিলেও সেই জীৱন হৈ পৰে অন্য এক জীৱন , ব্যস্ততাৰ জীৱন ।
আমাৰো ফ্ৰেচাৰ্ছ হৈ যোৱাৰ পিছৰেপৰাই আৰম্ভ হৈছিল পঢ়াৰ সাংঘাতিক ব্যস্ততা , প্ৰায় দুমাহ পঢ়াৰ লগত ভালদৰে সম্পৰ্ক নথকাৰদৰেই হৈছিল , পিছে ডিপাৰ্টমেণ্টৰ ছেমিনাৰ আৰু এচাইনমেণ্টবোৰৰ কথা আছিল সুকীয়া । ভাৰ্ছিটি ৱিক বা ফ্ৰেচাৰ্ছৰ ব্যস্ততাৰ মাজতেই যেনেতেনে কৰি গৈছিলোঁ এই দুয়োটা কাম , ভবাৰ দৰেই নহৈছিল যদিও বৰ এটা বেয়াও হোৱা নাছিল । আমাৰ দ্বিতীয় ষাণ্মাসিক আৰু চিনিয়ৰ সকলৰ চতুৰ্থ ষাণ্মাসিক পৰীক্ষা ওচৰ চাপি আহিছিল , সকলো পঢ়াত ব্যস্ত হৈ পৰিছিলোঁ , লাহে লাহে সন্ধ্যাৰ প্ৰাৰ্থনাৰ পিছৰ ব্যস্ততাবোৰ কমি গৈছিল , অলপ ৰিঙা ৰিঙা লগা হৈছিল সন্ধ্যাবোৰ । পিছে সন্ধ্যাৰ সময়ত নিজকে ব্যস্ত ৰাখিবলৈ প্ৰিয় কামবোৰৰ ভিতৰৰ চিলাইৰ কাম কৰিবলৈ লৈছিলোঁ , চিত্ৰাবায়ে গাৰোৱাৰ কৰিবলৈ দিছিল , চিলাইবোৰ পছন্দ কৰি , কেইবাযোৰাও চেলোৱাৰ কামিজৰ ডিঙি আৰু হাতৰ চিলাই কামো কৰিলোঁ লগতে আৰু এটা কাম কৰিলোঁ , কেইখনমান ৰুমালত ফুল তুলিলোঁ , চিনিয়ৰ কেইগৰাকীমানক শেষ পৰীক্ষাৰ শুভেচ্ছা জনোৱাৰ আৰু বিদায় উপহাৰ দিয়াৰ উদ্দেশ্যেৰেই । নিজেই চিলাই কৰি ভাল পাইছিলোঁ যদিও , বৰ্ণালীবা আৰু মিতালিৰ দৰে মিহি আৰু ধুনীয়া চিলাই পিছে কেতিয়াও কৰিব পৰা নাছিলোঁ । বৰ্ণালীবাৰ হাতচিলাই দেখি তবধ মনা নাছিলোঁ , হিংসাহে কৰিছিলোঁ , কেৱল চিলাইয়েই নহয় ডিজাইন আৰু ৰঙৰ মিলো বৰ ধুনীয়াকৈ কৰিছিল । বাৰ সমানেই মিতালিয়েও লিহিৰি আঙুলিৰে মিহি মিহি ফুল তুলিছিল । আজৰি পৰৰ আৰু একঘেয়ামিতা দূৰ কৰাৰ সুন্দৰ উপায় আছিল সেইবোৰ ।
লগতে বহুতো বাহিৰা কিতাপো পঢ়িছিলোঁ অৱশ্যে , আমাৰ ৰূমৰ আগৰ ৪২ নং ৰূমটো কিবা কৰিকৰী বিজুটিৰ বাবে বন্ধ হৈ পৰি আছিল , সেয়েহে আমি সেইটো ছোৱালী থকাৰ সলনি লাইব্ৰেৰি হিচাপে ব্যৱহাৰ কৰিছিলোঁ । গতিকেই বাহিৰা কিতাপ আৰু হোষ্টেললে অহা বাতৰিকাকত লগতে আমাৰ হোষ্টেলৰ পৰা প্ৰকাশিত ৱাল মেগাজিন আৰু বাৰ্ষিক মুখপত্ৰ ‘সোঁৱৰণীৰ সঁফুৰা ‘ খন তাতে সংৰক্ষণ কৰাৰ ব্যৱস্থাও কৰিছিলোহঁক । সোঁৱৰণীৰ সঁফুৰাখন প্ৰত্যেকবছৰে বিদায় সভাৰ দিনা প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল , পিছে দুখৰ বিষয় যে সেইখন কেতিয়াৰ পৰা প্ৰকাশ হৈছিল তাৰ কোনো সঠিক তথ্য নাছিল , আমি আমাৰ আগৰবছৰৰ প্ৰকাশটোহে পাইছিলোঁ যেনেতেনে , কিন্তু সেইখনতো সংখ্যা নম্বৰ আৰু বছৰ লিখা নাছিল বাবে আমাৰখন কোন সংখ্যা থিৰাং কৰিব পৰা নাছিলোঁ । মণিবাহঁতে কোৱা মতে আগৰেপৰা সেইখন প্ৰকাশ হৈছিল যদিও মাজতে বন্ধ হৈ গৈছিল , আকৌ মণিবাহঁত জুনিয়ৰ হৈ থাকোঁতেহে প্ৰকাশ কৰি উলিয়াইছিল , গতিকে সঠিক তথ্য নাছিল । পাঁচ ছয় সংখ্যামান হৈছিল বুলি অনুমানহে কৰিছিল সকলোৱে । দুখ লাগে এটা খুউব সুন্দৰ য়ুনিভাৰ্ছিটিৰ সংৰক্ষনযোগ্য সম্পদৰ কোনো সঠিক তথ্য নথকাৰ বাবে । এনেকৈ কিমানযে সম্ভাৱনা হেৰাই গৈছিল সেই মুখপত্ৰখনৰ লগতে ।
সোঁৱৰণীৰ সঁফুৰা প্ৰকাশৰ কথা ওলাইছিল আমাৰ মাজত । লগতে আলোচনা হৈছিল আমাৰ চিনিয়ৰসকলৰ বিদায়সভাৰ কথা , যিহেতু ফ’ৰ্থ চেমিষ্টাৰৰ পৰীক্ষা শেষ হোৱাৰ লগে লগেই কেইবাগৰাকীয়েও হোষ্টেল এৰিব বুলি গম পাইছিলোঁ , লগতে আমাৰো পৰীক্ষা চলিব বাবে আমিও সময় নাপাম ভালদৰে বিদায় সভাখন আয়োজন কৰাৰ । আমাক দেৰিকৈ হ’লেও ইমান আড়ম্বৰভাৱে আৰু সুন্দৰকৈ আদৰণি জনোৱা বাহঁতকনো কিদৰে আমি যেনতেন কৰি বিদায় জনাম ! সেয়েহে আমাৰ ফ্ৰেচাৰ্ছৰ পিছতেই আৰম্ভ হৈছিল বিদায়সভাৰ আলোচনাখন , লগতে সোঁৱৰণীৰ সঁফুৰা প্ৰকাশৰ কথা । সোঁৱৰণীৰ সঁফুৰাৰ আটাইতকৈ আকৰ্ষণীয় পৃষ্ঠাকেইটাই হৈছে বিদায়বেলাত চিনিয়ৰক লৈ লিখা লিমাৰিক বিশেষ পৃষ্ঠাকেইটা । আমাৰ নৱাগতা আদৰণিত যেনেদৰে চিনিয়ৰে আমাৰ নাম আৰু আমাক লৈ লিমাৰিক লিখিছিল , তাৰেই প্ৰতিফলন হৈছিল ইয়াত । লগতে আৰু এটা কথা আমাৰ মাজত আলোচনা হৈছিল , সেইটো হৈছে মণিবাৰ পৰৱৰ্তী প্ৰিফেক্ট পদৱীৰ দাবীদাৰ কোন হ’ব ! দাবীদাৰ বুলি এইকাৰণেই কোৱা হৈছে যে সেই পদৱীটো লৈ সেইসময়ত বহুতৰ মাজত প্ৰতিযোগিতাই হৈছিল । পিছে বহুসময়ত চিনিয়ৰৰ হস্তক্ষেপো থাকে এই বিষয়ত আৰু পৰাপক্ষত জোৰদাৰ চিনিয়ৰৰ জোৰদাৰ প্ৰাৰ্থী প্ৰক্ষেপিত হয় এই পদৰ বাবে । পিছে সেই কেইদিনত আমাৰ সেই আলোচনাই বিশেষ প্ৰাধান্য পোৱা নাছিল যিহেতু মণিবা তেতিয়াও প্ৰিফেক্ট হৈয়ে আছিল , পিছে মনে মনে কথাবোৰ তল পৰি থকা নাছিল ।
হোষ্টেলবোৰৰ বিদায়সভাৰ আয়োজন ডিপাৰ্টমেণ্টবিলাকতকৈ আগেয়ে হৈছিল , ডিপাৰ্টমেণ্টবোৰত আকৌ পৰীক্ষা শেষ হৈ যোৱাৰ পিছতহে সকলোবোৰ আজৰি হোৱাৰ পিছতহে বিদায় সভা অনুষ্ঠিত হৈছিল , সেইবাৰৰ ডিপাৰ্টমেণ্টৰ দায়িত্বও আমাৰেই আছিল । আহিনৰ আগমণে শৰতক আহ্বান কৰিছিল , আকাশখন ফটফটীয়া হৈ পৰিছিল , পেনপেনীয়া বৰষুণ কমি প্ৰায় নাইকিয়া হৈছিলগৈ , প্ৰেমিক হিয়াবোৰৰ কোনোবাখনি যদি আৱেগত উথলি উঠিছিল , কোনোবা এখনে আকৌ আগন্তুক বিচ্ছেদৰ তাড়নাত ছটফটাই উঠিছিল , তেনে সময়তে AT 9 boys ৰ আগৰ সেন্দুৰীয়া বাটটোৰ দুয়োকাষে মেটেকাবোৰ জকমকীয়াকে ফুলি উঠিছিল । মেটেকানিডৰাৰ প্ৰেমত জালুকবাৰীলে অহাৰ দিন ধৰি প্ৰেমত পৰিছিলোঁ , এপাহ মেটেকাৰ ফুল কিয়জানো বৰকে ল’বলে মন যোৱাৰ দিন আছিল সেইবোৰ । কৈছিলোঁ লগৰবোৰক মেটেকানিডৰা দেখি বহুবাৰ । এজাৰবুলীয়া মেটেকাফুলক কিয়নো ইমান উপেক্ষা কৰা হ’ল বুজিয়েই নাপাঁও , মেটেকাবুলীয়া বুলিচোন এটা ৰঙৰ নামো নহ’ল । পিছে মেটেকাফুলে চকু ছাঁত মাৰি বুকু শাঁত পেলোৱাৰ কোনোবা এটা আবেলি ক্লাছৰপৰা ৰূম গৈ পায়েই দেখিছিলোঁ দুৱাৰৰ খিলিটোতে এথোপা মেটেকাৰ ফুল গুজি থোৱা আছিল , দেখিয়েই মনৰ অনুভৱ কেনে হৈছিল কাকোৱেই বুজাব পৰা নাছিলোঁ । পিছে কোনে দিলে মেটেকাৰ ৰংসোপা আজিও ৰহস্য হৈয়ে থাকিল , আমাৰ লগৰে কোনোবাই , বা চিনিয়ৰ ৰিমকিবা বা ডিম্পীবায়ে মোৰ মেটেকাফুলৰ প্ৰেমৰ কথা জানিয়েই তেনেকৈ মেটেকাৰ ফুলথোপা দিছিল বুলি ভাবিছিলোঁ যদিও পিছে তেনে নাছিল । কিয় জানো বাৰে বাৰে মনলে আহিছিল এযোৰ চকুৰ কথা , বিশাল চকুযোৰৰ গৰাকীজনৰ কথা , কেনেবাকৈ গম পায় তেঁও দি পঠোৱা নাছিলতো ? পিছে কেনেকৈ দিব পাৰে ! তাকো ৰূমত ! বেছিকৈ নাভাবি ভাল লগাখিনিৰ সৈতেই মেটেকাফুলথোপা আলফুলে সামৰি থৈ দিছিলোঁ টেবুলৰ ওপৰতে কাপ এটাৰ ভিতৰত ।
আমাৰ পৰীক্ষা আৰু বিদায় সভাৰ ব্যস্ততাবোৰ আৰম্ভ হৈছিল , সন্ধ্যা প্ৰাৰ্থনাৰ পিছতেই চিনিয়ৰসকল নাথাকিলে আলোচনা কৰোঁ কি কি কৰিম , কেনেকৈ কৰিম ? সোঁৱৰণীৰ সঁফুৰাৰ দায়িত্বত থাকিলোঁ যদিও সম্পাদক পদ নল’লোঁ , এনেই ভাল লাগে চোন । আৰোপিত দায়িত্ব বুলিলে ভয়হে লাগে । আমাৰ হোষ্টেলৰ ৱাৰ্ডেন অসমীয়া বিভাগৰ প্ৰফেছৰ লীলাৱতী শইকীয়া বাইদেউক উপদেষ্টা কৰি জিনাক্ষি আৰু তিৰু যুটীয়া সম্পাদিকা হ’ল , সহ সম্পাদিকা হৈ থাকিলোঁ লভিতা আৰু মই । তাৰপিছত আৰম্ভ হৈছিল আমাৰ পৰিকল্পনাবোৰ । ৰাতিটোৰ ভিতৰতে বহুবোৰ আঁচনি তৈয়াৰ হৈছিল সকলোৰে সহযোগিতাত ।
বিদায় সভাৰ কিবা আয়োজনতেই হ’বপায় এদিন জিনাক্ষি আৰু হিমু মাইনা দুয়োজনী সন্ধ্যা লাগোঁ লাগোঁ সময়ত ক’ৰবাৰপৰা আহি আছিল , AT 9 ৰ ঠিক সন্মুখেৰে পাৰ হৈ আহিব খোজোঁতেই দুয়োজনীয়ে হঠাতে মুখৰ আগতে থপচকে সাপ এডাল সৰি পৰাত বৰ ভয় খালে আৰু হোষ্টেলৰ ফালে প্ৰায় দৌৰাদি দৌৰিবলে ধৰিলে , সিহঁতৰ গতি যিমানেই আগবাঢ়িল , সাপডালেও সমানে পিছে পিছে খেদি আহিল । দুয়োজনীয়ে সাপ সাপ বুলি যিমানে চিঞৰিলে , সাপডালেও সিমানে জপিয়ালে , ভয়ৰ কোবত তাহাঁতৰ ভৰি নচলা হ’ল , সাপডালো ৰ’ল , আকৌ আগুৱাই যাব খোজোঁতেই সাপডালেৌি গতি ল’লে লগে লগে AT 9 বাসী দুজনমান ধুৰন্ধৰে সজোৰে হাঁহি উঠিল । দুয়োজনীয়ে ভয়তে ভেবা লাগিল , সাপো ৰ’ল । হঠাতে কিবা মনত পৰাদি জিনাক্ষি আগুৱাই গ’ল হোষ্টেলটোৰ ফালে , সাপডাল ওচৰৰ পৰা চালে , সাপ নিথৰ । কেতিয়াবাই মৰি পৰি থকা নে কোনোবাই কোবাই মৰা সাপ এডাল ক’লা ঊলেৰে বান্ধি নচুৱাই থকা বীৰকেইজন পিছে গছৰপৰা নামি নাহিল , সাপৰ ভয়ত নহয় , সন্মুখত ফেঁট তুলি ৰৈ থকা বুঢ়ীমাকৰ ভয়তহে হ’বপায় পাতৰ আঁৰতে লুকাল সেই ধুৰন্ধৰকেইজন । তেঁওলোকে কৰি যিমান ৰস পালে আমি পিছে ঘটনাটো শুনি আৰু জিনাক্ষি – হিমাদ্ৰিৰ চেহেৰা তথা দৌৰ কেইটা মনত পেলাই সিমানেই ফুৰ্তি পালোঁ ।
চেল্যুট AT 9 বাসী । অসাধাৰণ তোমালোক । অসাধাৰণ ।
ক্ৰমশঃ


