স্বাধীন পতাকাৰ তলত যেতিয়া বৰ্বৰোচিত ঘটনা সংঘটিত হয় , তেনেস্থলত সেইখন দেশৰ স্বাধীনতা কিমান গ্ৰহণযোগ্য ? ধেমাজিৰ ঘটনাটোৱে যেন তাকেই কৈ গ’ল । স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ অনুষ্ঠানত উপস্থিত থকাৰ দোষত ধৰাশায়ী হ’বলগীয়া হৈছিল ১৪ টাকৈ কণ কণ শিশু , দুগৰাকী সন্তানসম্ভৱা মহিলা আৰু কেইজনমান নীৰিহ , তাৰে মাজত আছিল জিনাক্ষিৰ চিনাকি কোনোবা এগৰাকীও । ধেমাজিৰ ঘটনাটোৱে সমগ্ৰ অসমকে কন্দুৱাইছিল , জোকাৰি গৈছিল প্ৰত্যেকৰে অন্তৰাত্মা , সেই ঘটনাৰ দুই তিনিদিনৰ পিছলৈকে চকু মুদিব পৰা নাছিলো , গান শুনিবলৈও বাদ দিয়াৰ নিচিনাই হৈছিল সেইকেইদিন । সকলোৰে মুখত মাথোঁ একেই আলোচনা … কি দোষ আছিল তেঁওলোকৰ ? কিয় কাঢ়ি নিয়া হ’ল তেঁওলোকৰ জীৱন ? ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে মানুহ ? ইত্যাদি ।
ঘটনাৰ দিনা গধূলিলৈ বন্তি প্ৰজ্বলন কৰা হৈছিল সমুহীয়াকৈ মৃতকৰ সকলৰ প্ৰতি সন্মান জনাই , তেঁওলোকৰ আত্মাৰ সদ্গতি কামনা কৰি , আমাৰ হোষ্টেলে হোষ্টেলে হৈছিল ১৯ গছিকৈ বন্তি প্ৰজ্বলন , AT 9 ৰ পৰা আমাক জনোৱা হৈছিল সমূহীয়া বন্তি প্ৰজ্বলনৰ বাবে । বুকু দহি নিয়া ঘটনাটোৰ পিছদিনাৰপৰাই অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে প্ৰতিবাদ হৈছিল , কাজেই ‘অসম বন্ধ ‘ ৰ আহ্বান । সেইসময়ত এই ‘অসম বন্ধ’ প্ৰথাটো বৰকৈ আছিল , যেন ধ্বংসোৎসৱৰ আহ্বান অথৱা পাছদিনাৰ বিৰতিহে । সেইকেইদিন আমাৰ ক্লাছ নহ’লেই , একেৰাহে বন্ধ । ভাৰ্ছিটি ৱিকৰ পিছত এক দীঘলীয়া বন্ধ পালোঁ , পিছে সেই বন্ধ মুঠেও সুখকৰ নহ’ল । প্ৰতি মুহুৰ্ততে ধেমাজিৰ বোমা বিস্ফোৰণত নিহত সকলৰ অচিন মুখবোৰ আৰু তেনেই আপোন মনবোৰ মনৰ মাজতে ঘুৰি ফুৰিলে অনবৰতে ।
AT 9 ৰ সমস্যা সমাধান হৈছিল সেই ৪৮ ঘণ্টাৰ ভিতৰতে , স্বস্তিৰ নিশ্বাস লৈছিলোঁ আমিও তেঁওলোকৰ জয়ত । ১৮ তাৰিখলৈকে আমাৰ বন্ধই চলিলে , আমনিও লাগিছিল অসম বন্ধবোৰ , ক্লাছো নাই ব্যস্ততাও নাই , ডিম্পীবাও গৈছিলগৈ ঘৰলৈ । বৰ অকলশৰীয়া হৈ পৰিছিলো , অকলে থাকি ভালপোৱা ছোৱালীজনীক এদিনতে একাকীত্বই আমুৱাইছিল , দিনবোৰ যেনেতেনে কাটি যায় যদিও ৰাতিবোৰ বৰ বেয়া লাগে অকলে থাকিবলৈ , কেতিয়াবা যদি জিনাক্ষি , কেতিয়াবা তুলিকা অথৱা গীতিমা থাকিছিল ৰূমত সেয়েহে , ৰাতিৰ ৰাতিটো কথা পাতি পাৰ কৰিছিলো আমি , লাহে লাহে জুনিয়ৰৰ খোলাটোৰপৰা ওলাবও পৰা হৈছিলোঁ যদিও ফ্ৰেচাৰ্ছ নোহোৱালৈকে কিন্তু জুনিয়ৰ নিষিদ্ধ ছাদখনলৈ যোৱাটো তেতিয়াও নিষিদ্ধই আছিল । পিছে অকলে অকলে কেইবাবাৰো ছাদলে গৈ জুতি পোৱাৰ পিছত মোৰ মনটো সঘনাই ছাদখনতে থাকিল , ডিম্পীবায়ে চিনিয়ৰ হৈও কেইবাদিনো লৈ গ’ল মোক , সাহস আৰু বাঢ়িল । অকলে থকা কেইদিন ৰাতি মোৰ লগত যিয়েই থাকিল তাইৰ লগতেই সকলো শোৱাৰ পিছত ছাদলে গ’লোঁ আৰু মনৰ হিচাপত সময় কটাই নামি আহোঁ , খালি কথা পাতোঁতে আৰু নামি আহোঁতে বৰ সাৱধানেৰে মেকুৰীৰ দৰে চুপ চাপ নামি আহোঁ ।
১৮ তাৰিখেও সদৌ অসম ছাত্ৰ সন্থাই ধেমাজিৰ সেই হৃদয়বিদাৰক ঘটনাৰ প্ৰতিবাদত অসম বন্ধ দিছিল , লাহে লাহে আমিও সহজ হৈছিলোঁ , মানুহৰ মন হয়তো তেনেকুৱাই । অকলে থাকিলেই চাহৰ নিমন্ত্ৰণী পাঁও জীনাবা , ৰিমকিবা অথৱা বান্ধৱীহঁতৰ ৰূমলৈ । সেইদিনাও অলসতাৰে ভৰা ৰাতিপুৱাটোত ৰিমকিবায়ে মাতি নিছিল চাহ খাবলৈ , চাহৰ কাপত চুমুক দিয়াৰ সমানে আগবাঢ়িছিল বিভিন্ন কথা , একেই ধেমাজিৰ কথাই , অলপ পিছত ধেমাজিৰ পৰা গৈ গৈ জীৱন দৰ্শন , প্ৰেম , জালুকবাৰীৰ বিভিন্ন কথাই সৰস হৈ পৰিছিল আমাৰ আলোচনা , লগত চিত্ৰাবা । কথাৰ লগে লগে সলনি হৈছিল চাহৰ কাপো , ফিকা চাহৰ লগত ধেমাজি আৰু জীৱন দৰ্শনৰ কথাৰ দৰেই পিছৰ কফি কাপৰ সৈতে আৰম্ভ হৈছিল প্ৰেম , প্ৰেমিক অাৰু জালুকবাৰীৰ কথা । আড্ডাবাজ আমাৰ সৈতে কফিৰ সোৱাদ ল’বলৈ জীনা বা , লভিতা আৰু তিৰুও নামি আহিছিল , বিষাদেভৰা সময়বোৰ নিমিষতে সলনি হৈ গৈছিল আমাৰ আড্ডাত । ৰিমকি বা আৰু জীনাবায়ে এজনীয়ে আনজনীক বন্ধু বোলে , শুনি বৰ ভাল লাগে । কফিৰ শেষ ঢোকটো মাৰিবলৈ লঁওতেই আমাৰ হোষ্টেলত হৈ চৈ লাগিছিল , কোনোবাই আৰ্তনাদ কৰি উঠিছিল ….
” জুই জুই জুই…. জুই লাগিল …. আমাৰ সব শেষ হৈ গ’ল … নামি আঁহা সব…. জুই …জুই………”
চিঞৰ শুনিয়েই ভয় লাগি গ’ল , ক’ত বা কি হ’ল আকৌ ? হুৰমুৰাই ওলাই আহিলোঁ গোটেইকেইজনী ৰূমৰপৰা , তেতিয়ালৈ তলৰ দুয়োটা ব্লকৰ প্ৰায়বোৰ ছোৱালী আমাৰ প্ৰাৰ্থনা কৰা ঠাইকণত দেৱীমাৰ মুৰ্তিৰ আগত থিয় দিছিলহি , বহুতে গমেই পোৱা নাছিল আচলতে কি হৈছিল , সকলোবোৰে মাথোঁ ভিৰ কৰিছিলহি সেই অকণমাণি ঠাইটুকুৰাত , সকলোৱে ভিতিবিহ্বল দৃষ্টিৰে চাই আছিল ওপৰলৈ , দুগৰাকীমানে চিঞৰি কান্দিয়েই দিছিল , ৰিমকি বা দৌৰ মাৰিছিল ওপৰলে , আমিও পিছে পিছে উঠি গ’লোঁ প্ৰায় দৌৰি । ওপৰলৈ উঠি গৈ দেখোঁ থাৰ্ড ব্লকৰ জেস্সী বাহঁতৰ ৰূমৰ সন্মুখত একুৰা জুই দাও দাওকৈ জলি আছে । ফ’ৰ্থ ব্লক আৰু থাৰ্ড ব্লকৰ বহুবোৰ ছোৱালী তেতিয়াও নামি যোৱা নাছিল , মনালিছাবায়ে কান্দি আছিল ভয়তে , বাৰেই চিলিণ্ডাৰটো জ্বলি উঠিছিল কিবা ৰান্ধি থাকোঁতে , আমি হতভম্ব , খুড়াহঁতো বিবুধিত । ছোৱালীবোৰ লাহে লাহে নামি গ’ল , সকলোৰে ভয় লাগিল , কাৰণ সকলোৰে ৰূমতেই তেনেকুৱা চিলিণ্ডাৰ একোটিকৈ আছে । এক ভয়ানক ঘটনাৰ উমান পাই শিহৰিত হৈ উঠিলোঁ আমি সকলো , সকলো নামি আহিল । তেনেতে দেখিলোঁ ৰিমকিবায়ে তলৰ পৰা বাল্টি এটাত বালি কঢ়িয়াই জুইৰফালে ছটিয়াই দিছে , লগে লগে আমি কেইজনীমানেও সমানে বালি আনি জুইৰ ফালে ছটিয়াবলৈ ধৰিলোঁ , পিছে জুই কমক চাৰি বাঢ়িবলেহে ধৰিলে । সাহস হেৰুৱাইছিলোঁ যদিও দেখুৱাই বিচলিত হৈ নপৰিলোঁ । চকুৰ আগত ভাঁহি আহিল জলি থকা হোষ্টেল এটাৰ ছবি , আমিও জলি আছিলোঁ যেন সমানে । নীড়হাৰা পখীৰ দৰে লাগিল মুহুৰ্তৰ বাবে ।
তেনেতে এজাক ল’ৰা হুৰমুৰাই সোমাই আহিল হোষ্টেলৰ ভিতৰলে , বেছিভাগেই AT 9 আৰু AT 8 ৰ চিনাকি ল’ৰাই আছিল যদিও আৰু বহুতো আছিল বেলেগ হোষ্টেলৰ ল’ৰাও । ল’ৰাবোৰে সোমাই আহিয়েই গোটেই ছোৱালীবোৰকে তললে নামি যাবলে ক’লে , অৱশ্যে আমি কেইজনীমানহে আছিলো ওপৰত তেতিয়া । বৰ সাৱধানেৰে ৰূমবোৰ চাই গ’ল ল’ৰাবোৰে কোনোবা কেনেবাকৈ থাকি গ’লনেকি চাবলে । ইমান হঠাতে কেনেকৈ ইমানবোৰ ল’ৰা গোট খালেহি একো তলকিবই নোৱাৰিলোঁ , তেঁওলোকৰ আমাৰ প্ৰতি দায়বদ্ধতা দেখি আৰু সন্মান বাঢ়ি গ’ল , তাৰ মাজতে মোৰ বুকুত খোপনি পোতা চকুহালি দেখি আচৰিতো হ’লো , গোমোঠা ল’ৰাটোক বৰ অধৈৰ্য যেন লাগিল । পিছে চকু মুখ চাই থকাৰ সময় নাছিল তেতিয়া । তেঁওলোকৰ মাজৰে কোনোবাই ফায়াৰ চাৰ্ভিছক খবৰ দিছিলে , অতি সোনকালেই ফায়াৰ চাৰ্ভিছৰ গাড়ী আহি পাইছিলহি , য়ুনিফৰ্ম পিন্ধি অহা গজগজীয়া মানুহকেইজনমান সোমাই গৈছিল হোষ্টেলৰ ভিতৰলে , বাহিৰত পুৰা ভিৰ , আমাৰ কেম্পাছৰ গোটেইকেইটা হোষ্টেল আৰু বিভিন্ন হোষ্টেলৰ ল’ৰাবোৰে বাহিৰত ভিৰ কৰিছিলহি । আমাৰ হোষ্টেলৰ সকলোৱে মাথোঁ কান্দিছিল । তেনেতে থাৰ্ড ব্লকৰ বাথৰূমৰ আগৰ খালী ঠাইখিনিৰ পৰা এটা জ্বলন্ত অগ্নিপিণ্ড দলিয়াই দিছিল তললৈ ফায়াৰ চাৰ্ভিছৰ কোনোবা এজনে । তেতিয়ালৈ সেইটো জ্বলি জ্বলি ছাঁই হৈছিল । কিবা ভাগ্য ভাল আছিল চাগে সেইদিনা আমাৰ । নহ’লে যে কি হ’লহেঁতেন একো ভাবিবই নোৱাৰি , হয়তো সেইটো ১৮ আগষ্ট এটা অভিশপ্ত দিনলৈ পৰিণত হ’লহেঁতেন গুৱাহাটী য়ুনিভাৰ্ছিটিৰ বাবে । চিলিণ্ডাৰটোৰ দৰেই ছাঁই হৈ গ’লহেঁতেন আমাৰ মৰমৰ হোষ্টেলটো , আৰু বা কি হ’বলগীয়া আছিল কোনে জানে ?
সকলো শাম কটাৰ পিছত আমি ৰূমে ৰূমে গৈছিলোঁ যদিও ৰূমৰ চিলিণ্ডাৰটো দেখিলেই বুকু কঁপি উঠিছিল , পিছে সকলোবোৰ তল পেলাই দুটা কথাই হোষ্টেলত সকলোকে আমোদ দিছিল । এটা আছিল জুই লগা শুনিয়েই আমাৰ মিনিবা আৰু শেৱালিবায়ে সকলোতকে আগতে ৰূমৰ পৰা বেগ আৰু ফাইল লৈ দৌৰি ওলাই অহাটো আৰু আনটো আমাৰ লগৰে এগৰাকীৰ বেণীত লাগি অহা অন্তৰ্বাসৰ কাহিনীটো । মিনিবাহঁতে যে সেইটো কিমান দূৰদৰ্শিতাৰে কৰিছিল সেইটো এতিয়াহে বুজিব পাৰিছোঁ যদিও সেই সময়ত সঁচাকৈয়ে বৰ আমোদ দিছিল আৰু অন্তৰ্বাসৰ কাহিনীটো নকঁওৱেই বাৰু । কাহিনীবোৰৰ সমানেই টনটনাই বাঢ়ি আহিছিল মোৰ ভৰিৰ বুঢ়া আঙুলিৰ বিষটোও , হুৰমুৰাই ওলাই আহোঁতেই কেতিয়ানো উজুটিত ভৰিৰ নখ এৰাই গ’ল গমকে নাপালোঁ ।
ক্ৰমশঃ