জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৭

ভাৰ্ছিটি ৱিকৰ শ্ৰেষ্ঠ হোষ্টেলটো সেইদিনা আনন্দ উলাহত অধীৰ হৈছিল , পুৰস্কাৰবোৰ চাই চাই যেন হেঁপাহেই নপলাব কাৰো , চেম্পিয়নৰ ট্ৰফীকেইটাত যেন খোদিত কৰিব প্ৰত্যেকেই নিজৰ নাম , হোষ্টেল মুখৰ হৈ থাকিল কেৱল অৰ্জিত অভিজ্ঞতাবোৰৰ কথাৰে , ছোৱালীবোৰৰ খিল খিল হাঁহিবোৰতো কেৱল ভাৰ্ছিটি ৱিকৰ বতৰা । শ্ৰেষ্ঠত্বৰ গৌৰৱেৰে গৌৰৱী হৈ উঠা হোষ্টেলটোৱে পাহৰি গৈছিল পিছে কৃতজ্ঞতা জনাবলৈ কেইজনমান বিশেষ ব্যক্তিক , বিশেষকৈ AT 9 boys ৰ ল’ৰাবোৰক , যিকেইজনে আমাৰ বাবে তেঁওলোকৰ বহুমূলীয়া সময়ৰ বহুলাংশ খৰচ কৰিলে আমাক নাটক , স্কিট , মাইম , গীত শিকোৱাৰ নামত । গৌৰৱী আমাৰ ওচৰত অভিমানী হৈছিল তেঁওলোক , ভিতৰি গুজৰি গুমৰি উঠিল তেঁওলোকৰ অভিমানে ভৰা খংবোৰ । বিশ্বাস আৰু ভৰষাক সাঙুৰি থোৱা মৰমৰ জৰীডাল কোনোবা এঠাইত সোলোক ধোলোক হৈছিল , কৃতজ্ঞতা জনোৱাৰ নামত অইন একো নাই , অন্ততঃ হোষ্টেললৈ তেঁওলোকক এবাৰ নিমন্ত্ৰণ জনাই পুৰস্কাৰবোৰ দেখুৱাব পাৰিলোহেঁতেন , তেঁওলোকৰ সন্মানাৰ্থে সৰুকৈ চাহমেল এখন পাতিব পাৰিলোহেঁতেন , পিছে তাৰে এটাও নহ’ল । তেঁওলোকৰ হোষ্টেলৰ আগত এপৰ ৰৈ কথা পাতি গ’লেও তেঁওলোকক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জনোৱাটো আমাৰ কৰ্তব্য আছিল , কিন্তু তেনে হৈ নুঠিল ।

হোষ্টেলৰ কোনো কথাতে আগভাগ নলঁও বুলি দৃঢ় কৰা মনটোৱে সেইখিনি কথা বাৰে বাৰে অনুভৱ কৰিছিলোঁ যদিও , কৰিব পৰা নাছিলোঁ একো , কাকো জনোৱাও নাছিলোঁ মনতে ভবা কথাবোৰ । তেঁওলোক ভীষণ অভিমানী হৈ উঠিছিল জিনাক্ষি আৰু মোৰ ওপৰত , প্ৰকাশ কৰা নাছিল হ’লে কথাটো মুখেৰে , প্ৰকাশ কৰিছিল তেঁওলোকৰ কামেৰে । ভালকৈ মাতিলেও প্ৰত্যুত্তৰ ভালকৈ নিদিয়া দীপ্তদা আৰু প্ৰণৱদাৰ অভিমানবোৰ বুজাত অসুবিধা হৈছিল প্ৰথমে , পিছে প্ৰণৱ দাদায়ে কৈ দিছিল খঙৰ ভমকতে অভিমানী কথাবোৰ । দাদাৰ কথা শুনি বেয়া লাগিছিল , উপায়ো নাছিল একো তেঁওলোকৰ অভিমান ভঙাৰ , অগত্যা চিঠি এখনকে লিখিছিলোঁ প্ৰণৱদালৈ বুলি , দীপ্তদাক হ’লে মাতিবলেও সাহ নহ’ল । মোৰ দুচকুত কিবা এট দুখ দেখা দীপ্তদাক ক’ব নোৱাৰিলোঁ দুখৰ কথাবোৰ , নুখুজিলোঁ ক্ষমাও । অভিমানী মইও হ’ব পাৰোঁ , অভিমানত মুখ ফুলাই নমতাকৈ থাকিব পাৰোঁ মইও , তাকেই বুজাবলে নমতাকৈয়ে থাকিলোঁ দুদিনমান কাকো । অকৃতজ্ঞই হওক বা কৃতঘ্নই বোলক মই তেনেকৈয়ে ৰৈছিলোঁ নিজৰ মাজতে নিজক বিচাৰি দুদিনমান । সেই কাৰ্যই বঢ়াই তুলিছিল দূৰত্ব আগতকৈও বেছিকৈ । ভাল পালোঁ তেনেকৈয়ে উপেক্ষিতা হৈ থাকি ।

জিনাক্ষিয়ে পিছে সহজকে নল’লে কথাটো , তাই ভীষণ লজ্জিত হ’ল তেঁওলোকৰ আগত , তাই যে আগভাগ লৈছিল তেঁওলোকক নাটক গীত শিকাবলৈ মতাৰ ক্ষেত্ৰত , সকলো বাদ দি তাই ৰূণাৰ ওচৰ পাইছিলগৈ , ৰূণাক জনাইছিল কথাটো , লগতে তেঁওলোকক যে সম্বৰ্ধনা জনোৱাটো উচিত সেইয়াও বুজায় দিছিল , তাইৰ কথাবোৰ ৰূণায়ে বুজি পাইছিল আৰু তেঁওলোকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থাও কৰিছিল জীনাক্ষিৰ পৰামৰ্শমতেই । তেঁওলোকেও অভিমান এৰি আকৌ আগবাঢ়ি আহিছিল বন্ধুত্বৰ হাত ধৰি , অনুষ্টুপীয়া ভোজমেলটোও আড়ম্বৰপূৰ্ণ হৈ পৰিছিল তেঁওলোকৰ উপস্থিতিত , তেঁওলোকৰ বন্ধুসকলৰ উপস্থিতিত । সময়ে বাগৰ সলোৱাৰ লগে লগে কথাবোৰো সহজ হৈ পৰিল , বহুবোৰ মনৰ পৰা আঁতৰিও গ’ল , দীপ্তদাহঁতে আকৌ আগৰদৰেই কথা বতৰা পাতিবলৈ ধৰিলে , একো নোহোৱাৰদৰেই সকলোবোৰ সলনি হৈ পৰিল । সেইকেইদিন মোৰ মানসিক অৱস্থা একেবাৰেই ভাল নাছিল , তাতে দুদিনৰ পিছত থকা নেট পৰীক্ষাটোৱেও ভূতৰ ওপৰত দানহৰ কাম কৰিছিল , নিজৰ বাহিৰে সঁচাকৈয়ে আন কাৰোৰে বাবে ভাবিবলৈ সময়েই নাছিলনে , মনেই নাছিল বুজি পোৱাৰো সময় নাছিল সেইকেইদিনত । পিছে চিঠিখন দিয়াৰ পিছত আমি সকলোবোৰ আকৌ ফৰকাল হৈ পৰিছিলোঁ ।

এটা ব্যস্ততাৰ পৰা আন এটা ব্যস্ততালৈ ধাৱমান হৈছিলোঁ আকৌ আমি , আমাৰ চেশ্যনেল পৰীক্ষাবোৰ ওচৰ চাপি আহিছিল , প্ৰায় এমাহ পঢ়াৰ লগত সুসম্পৰ্ক নাই বুলিবই পাৰি , কিতাপ মেলি ল’লেই পৃথিৱীখন মূৰৰ ওপৰতে ঘুৰি ফুৰাৰ দৰে লাগে , মূৰৰ বিষটো তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠে । স্নাতকোত্তৰৰ শেষ পৰীক্ষাটো যে ভালকৈ নিদিলেও নহ’ব , য়ুনিভাৰ্ছিটিৰ পিছৰ জীৱনটো সেই পৰীক্ষাৰ লগতেই যে জড়িত । আকৌ আৰম্ভ হৈছিল খদমদম কিতাপ বিচৰাৰ , নোট বনোৱাৰ , বুজাৰ । পৰীক্ষা আকৌ বেয়া হৈছিল , প্ৰথম চেশ্যনেল আৰু ভাৰ্ছিটি ৱিকৰ ঠিক পিছতেই হৈছিল বাবে হে বেয়া হৈছে বুলি নিজকে প্ৰবোধ দিলেও অন্তৰাত্মাই হ’লে কান্দি উঠিল বেদনাগধুৰ হৈ , নিজক আৰু ঘৰখনৰ অাশাসুধীয়া চকুবোৰ আৰু হেঁপাহবোৰক প্ৰতাৰণা কৰাৰ অপৰাধত নিজেই নিজৰ ওচৰত অপৰাধী হৈ পৰিলোঁ ভীষণভাৱে । তথাপিও জীৱনৰ বাট বুলিবই লাগিব বুলি চেষ্টাও কৰি গ’লোঁ পিছৰ পৰীক্ষাবোৰৰ বাবে ।

ফ’ৰ্থ চেমিষ্টাৰ যিমানে আগবাঢ়িল সিমানে আকৌ বুকুৰ ঢুকঢুকনিটো বাঢ়িবলৈ ধৰিলে লগৰবোৰৰ লগত আত্মীয়তা বঢ়াৰ দৰেই । আমি আড্ডাবাজ বন্ধুবোৰৰ আড্ডাই য়ুনিভাৰ্ছিটিৰ কেণ্টিনকেইখন ৰজনজনাই থাকিল , এখনত বহিবলে নাপালে আনখনলে ঢপলিয়াই থাকোঁতেই আধা ব্ৰেকটাইম পাৰ হৈয়ে যায় যদিও সমূলি ভ্ৰূক্ষেপ নাথাকে কেতিয়াবা , আমাক অত্যন্ত মৰম কৰা চাৰ বাইদেউ সকলেও আমাৰ বন্ধুত্বক শলাগিলে যদিও গালিও দিয়ে ক্লাছৰ ক্ষেত্ৰত গাফিলতি কৰিলে । আমি ডিপাৰ্টমেণ্টৰ আটাইবোৰে লগ হৈ লাহে লাহে কেণ্টিনৰ বাহিৰেও বাহিৰত ফুৰাৰ প্ৰগ্ৰেম বনোৱা হ’লোঁ , মুঠতে আমি লগ হৈ থাকিব লাগে । দূবৰি হোষ্টেলৰ প্ৰিফেক্ট হোৱাৰ বাবে মাজে মাজে দিগদাৰ হয় যদিও আমাৰ লগত তাল মিলাই চলিলে । ভাৰ্ছিটি ৱিকৰ পিছৰে পৰাই মইও হোষ্টেলতকৈ বাহিৰত থাকিহে ভালপোৱা হ’লোঁ , বেলি লহিয়ালেই মন বেয়া লগা হ’ল , ঘৰমুৱা চৰাইজাক দেখিলেই দুখ লাগে , তাহাঁতৰ লগতে যে মইও হোষ্টেলমুৱা হ’বলগা হয় । সহজ হ’বলে চেষ্টা কৰিলেও সহজ নহয় কিছুমান কথা । পিছে সন্ধ্যা প্ৰাৰ্থনাটো গালেই মনটো কিবা লাগি যায় , হোষ্টেলটোলৈ মায়া লাগে , অসহজ কথাবোৰ সহজ হৈ নপৰিলেও বেয়া লগাবোৰ কমি যায় । এৰোঁ বুলিলেও এৰি যাব নোৱাৰি সেই মায়া বন্ধন ।

তেনেকুৱা দিনবোৰতে এটা বৰ মজাৰ ঘটনা ঘটিছিল , যজ্ঞলৈ নোযোৱাকৈয়ে যজ্ঞৰ খিচিৰি বিলাইছিল গোটেই হোষ্টেলতে আমাৰ ৰিতুৱে । কোনোবাই মৃত্যুঞ্জয় যজ্ঞনে কিবা অনুষ্ঠিত কৰিছিল গৰমবন্ধ খোলাৰ পিছতে । ভক্তৰ ভিৰ লাগিছিল যজ্ঞৰ থলীত , হোষ্টেলীয়া ল’ৰা ছোৱালীবোৰো গৈছিল ভগৱানৰ আশীষধন্য হৈ ভৱিষ্যতটো সুখদ কামনা কৰিবলৈ , কোনো গৈছিল নিজৰ প্ৰেমিক বন্ধুৰ হাতধৰি , প্ৰেমৰ পৰিধি বিয়ালৈ প্ৰসাৰ কৰাৰ আশীষ বিচাৰি , কোনো আকৌ গৈছিল কামোৰ প্ৰেমিকৰপৰা মুক্তি পোৱাৰ আশীষ বিচাৰিহে । সেই যজ্ঞৰ প্ৰসাদ আছিল খিচিৰি , নামনি অসমৰ প্ৰভাৱপুষ্ট সকলো ঠাইতে যিকোনো পূজাতেই খিচিৰি ৰন্ধাৰ নিয়ম, ভোগ হিচাপেও আগবঢ়ায় খিচিৰি । যজ্ঞলৈ গৈ খিচিৰি অকণ খাই আহিলেই যজ্ঞৰ মহা প্ৰসাদভাগ গ্ৰহণ কৰাৰ দৰে হয় , সেয়েহে যিয়েই যায় প্ৰসাদ অকণমান গ্ৰহণ নকৰাকৈ নাহে । এইখিনি হ’ল মূল কথা ।

সেইকেইদিনৰে কোনোবা এটা দিনত ৰিতুৱে ক্লাছৰপৰা আহি খিচিৰি ৰান্ধিছিলহি , ৰেষ্ট এণ্ড টেষ্টত বিশ্বাসী আৰু ৰন্ধাত পাকৈত ছোৱালীজনীয়ে পিছে সেইদিনা পাঁচ নে ছয় লিটাৰৰ কুকাৰটোত ৰান্ধিলে এক কুকাৰ সা সোৱাদবিহীন খিচিৰি । সোৱাদ খিচিৰিতহে নাছিল , তাই ঘৰৰ পৰা অনা মকমকীয়া গোন্ধৰ আম আৰু জলফাইৰ আচাৰবোৰৰ সোৱাদে তাইৰ সোৱাদবিহীন খিচিৰিকণো মুখৰোচক কৰি পেলাইছিল , ইফালে অনবৰতে খাটি গৰু ঘিঁউৰ বটল তেঁওৰ টেবুলত থাকিছিলেই । বুমনে মোনে মোনে কাজি নেমুৰ যােগান ধৰিলেও আইদেউৱে পিছে খোৱাৰ লগত কোনো কম্প্ৰ’মাইজ নকৰিছিলে , ক্ষীণ শকত তাই পাত্তাই নিদিছিলে , জীৱনৰ মূলমন্ত্ৰ ৰেষ্ট এণ্ড টেষ্ট বুলি বুমনক জনাইও দিছিল । পিছে বেচেৰীহঁতে খিচিৰি খায় ঢুকাব পাৰে জানো দুজনীয়ে , এনেই সা সোৱাদ নাই , তাতে আকৌ এক কুকাৰ প্ৰায় ভৰ্তি । পিছে তাইৰ মগজ তাইৰ মুখৰ মিঠা হাঁহিটোৰ দৰেই , হাঁহি মাৰিয়েই বুদ্ধি উলিয়াব পাৰে তাই । তাইৰ সোৱাদহীন খিচিৰি ডিক্লেয়াৰ হ’ল যজ্ঞৰ খিচিৰি বুলি , হোষ্টেলত প্ৰায় জনাজনি হৈ গ’ল যে ৰিতুৱে যজ্ঞৰ খিচিৰি লৈ আহিছে যজ্ঞথলীৰ পৰা ।

এজনী দুজনীকৈ আহি থাকিল ভক্তৰূপী ছোৱালীবোৰ যজ্ঞৰ আপুৰুগীয়া প্ৰসাদকণ সহজতে ল’বলৈ । আমিও থাকিলোঁ সেই ভক্তাগণৰ মাজৰে এগৰাকী হৈ , তেহে সকলোৰে বিশ্বাস গাঢ় হ’ব ( ৰিতুৰ মতে ) । ৰিতুৰ খিচিৰিৰ কুকাৰ খালী কৰোৱাৰ নামত এবাতিমান সোৱাদ বিহীন খিচিৰি মোৰ পেটতো পৰিলগৈ , ক্লাছৰপৰা আহি পােৱাৰ পিছত মুখৰ আগতে পোৱা মোৰ সোৱাদহীন খিচিৰিৰ বাতিটোৰ তলতে বৰ কায়দাৰে তাই ভৰাই দিলে তাইৰ সেই মকমকীয়া গোন্ধৰ আচাৰ এটুকুৰ আৰু ভূজিয়া অলপ আনে গম নোপোৱাকৈ । মইও ঘোৰ ভক্তৰ দৰেই সেৱা সৎকাৰ কৰি প্ৰসাদভাগ লৈ প্ৰস্থান কৰিলোঁ নিজৰ ৰূমলৈ বুলি , তেতিয়ালৈ তাইৰ ৰূমত ভক্তগণে হেতা ওপৰা লগাইছিল খিচিৰিৰ বাবে , কুকাৰত অৱশিষ্ট নথকাকৈ শেষ হৈছিল ৰিতুৰ হাতৰ সেইদিনাৰ সোৱাদহীন খিচিৰি , তাইৰ মতে যজ্ঞৰ খিচিৰিখিনি । আচল কথাটো কি খালে ক’ৰ খালে নহয়তো , আচল কথাটো হ’ল বিশ্বাসে মিলয় হৰিহে ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৬

পৃথিৱীৰ সমস্ত কষ্টই যেন মোকেই আৱৰি ধৰিছিল সেইদিনা , মৰমী বান্ধৱীহঁতৰ মৰমবোৰকো নেওচি নিজৰ দুখত নিজেই দুখী হৈ জেদী হৈ পৰিছিলোঁ , সিহঁতৰো মন বেয়া হৈ আছিল , জিনাক্ষি আৰু মোক খুব বেয়াকৈ কথা শুনাইছিল আগদিনা শোভাযাত্ৰাৰ সন্দৰ্ভত । সেই দুখে ভাৰাক্ৰান্ত কৰি থকাৰ লগতে উজাগৰী নিশা , ভোকাতুৰ পেটে জেদটো আৰু বঢ়াই তুলিছিল , বাকী থকা দিন – মাহ কেইটা তাত থকাৰ কোনো মন নাছিল আৰু , বান্ধৱীয়ে কিয় ইমান বেয়াকৈ গালি পাৰিছিল বা সকলোৰে আগত অপদস্থ কৰিছিল আজিও অবুজ হৈয়ে ৰ’ল , হয়তো কিবা পুঞ্জীভূত খং আছিল তাইৰ , গতিকে সুবিধাৰ সৎ ব্যৱহাৰ কৰি উজাৰি দিছিল সমস্ত খং , জুনিয়ৰ থকাৰপৰাই মোক চকুৰ কূটা দাঁতৰ শাল গণ্য কৰিছিল হয়তো , বেহেন্জী টাইপত কিয় থাক বুলি সোধা কথাবোৰো বহু সময়ত এৰাই চলিছিলোঁ ( মইনো মোক কিদৰে সলাব পাৰোঁ ! ) বহুবাৰ মানসিক কষ্ট পাইছিলোঁ তাইৰ কথাৰ পৰা , তথাপিও কোনোদিন মাত বোল নোহোৱাকৈ থকা নাছিল বা , চিধা চিধিকৈ কাজিয়াও লগা নাছিল কোনোদিন । ইহঁতকেইজনীৰ কোনো কথাই টলাব পৰা নাছিল মোক মোৰ জেদ এৰি ওলাই যাবলৈ ।

বৰ কষ্টেৰে নিজকে ৰূমত আৱদ্ধ কৰি ৰাখিলোঁ , মই বুজিছিলোঁ কাৰোবাৰ চকুৱে হয়তো মোক বিচাৰিব , মই নগ’লে অন্তৰত আঘাত লাগিব , তাহাঁতৰ অন্তৰত আঘাত দিব পৰাকৈ মোৰ মনোবল নাছিল , আমাৰ জুনিয়ৰ আচফিয়া , অঞ্জুমা , চুন্নী , মুনমুনি , শান্তা ( শৰ্মিষ্ঠা ) , দীপশিখাহঁতৰ মনত কষ্ট দিব পৰাকৈ শক্তি নাছিল মোৰ । বিশেষকৈ আচফিয়া নামৰ অকণমানি ছোৱালীজনীৰ আকূতিভৰা চকুহালক উপেক্ষা কৰাৰ সাহস নাছিল , তাইৰ হোষ্টেলীয়া জীৱনৰ অন্যতম সাহ আছিলোঁ হেনো , কোনো নথকা সময়বোৰত ৰূমলৈ আহে ছোৱালীজনী , বহিবলে ক’লেও নবহে , তাইৰ মূৰৰ দোপাত্তাখন খহাই লয় , চুচুক চামাককৈ থিয় দি থকা ছোৱালীজনীক ধমক এটা দি বহুৱাব লাগে কাষতে । বহে , একো নকয় । সুধিলে দুটা এটা কথা কৈ গুচি যায় নিজৰ ৰূমলে । সেইজনী আচফিয়াকে ৰাতিপুৱা সজাই থাকোঁতে বৰ আকুলতাৰে তাইৰ দুহাতে মোৰ দুহাত ধৰি কৈছিল ,

” বা , ব’লকনা মোৰ লগত । মোৰ ভয় লাগিছে ”

তাইক সাহ দি কৈছিলোঁ , অলপ দেৰিকে গৈ আছোঁ বুলি । বাকীবোৰে কৈ নগ’লেও বুজিছিলোঁ , নগ’লে তাহাঁতৰ বেয়া লাগিব বুলি । ইহঁতকেইজনীকো উপেক্ষা কৰি শান্তি পোৱা নাছিলোঁ ভিতৰি অকণো , অৱশেষত আকৌ এবাৰ হাঁৰ মানিছিলোঁ নিজৰ ওচৰত , সেও মানিছিল জেদটোৱে , ওলাই গৈছিলোঁ ৰূমত থকা সাজেৰেই , টানিটুনি বন্ধা তেলে টিপটিপীয়া চুলিকোচাও ঠিক ঠাক নকৰাকৈয়ে । ইহঁতকেইজনীয়েও অলপ পাতলীয়া প্ৰসাধন কৰি ওলাই গৈছিল তাহাঁতৰ বেহেন্জী টাইপ বান্ধৱীৰ লগত , মনাকাশ ফৰকাল নাছিল যদিও , স্বভাৱসুলভ হাঁহিটো পিন্ধি লৈ থিয় দিছিলোগৈ কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টৰ সন্মুখৰ প্ৰফেচৰ্ছ কলনিৰ ফালে সোমাই যোৱা বাটটোৰ আগত সোণাৰুজোপাৰ তলত আটাইকেইজনী । তেতিয়া সোণাৰু কৃষ্ণচূড়ায়ে আকাশ জকমকীয়া কৰি থোৱাৰ বতৰ , পিছে সেইদিনা ৰংবোৰে বাউলী কৰিব পৰা নাছিল মোক , বাটতে দেখি অহা চকুযোৰেও অথৱা তেঁও উদ্বাউল কৰিব পৰা নাছিল , তেঁওক দেখি বুকুৰ ঢুকঢুকনিটো বাঢ়ি যোৱা নাছিল সিদিনা ।

শোভাযাত্ৰাটো আমাৰ আগেৰে পাৰ হৈ গ’ল লাহে লাহে , কোনে কি কৰিছে একো নাচালোৱেই , আচলতে চিনাকি মানুহবোৰৰ চকুত ধৰা পৰাৰ ভয়ত কাৰো চকুলৈ নোচোৱাকৈয়ে উদাসী দৃষ্টিৰে চাই থাকিলোঁ ক্ৰমাৎ আগুৱাই যোৱা শোভাযাত্ৰাটোৰ ফালে । বিচাৰক থকাৰ ঠাইৰপৰা আগুৱাই গৈছিলোঁ অলপ আগলে , বিচাৰকৰ আগত যাতে সকলোতকৈ আগত আহি থকা বনমানুহ ৰূপী আচফিয়া অঞ্জুমাহঁত নাৰ্ভাছ নহয় , আমাক দেখি অলপ হ’লেও সেই এক কিলোমিটাৰ বাট বগুৱা বাই আহি থকা ছোৱালী দুজনী , তাহাঁতৰ পিছে পিছে থকা কুঁজা হৈ আহি থকাৰ পৰা ক্ৰমান্বয়ে সভ্য মানৱৰ ৰূপ লোৱা দলটোৰ ছোৱালীবোৰে সাহ পাব বুলিয়েই আগুৱাই গৈ থিয় দিলোগৈ পলিহঁতৰ হোষ্টেলৰ আগৰ কেঁকুৰিটোত । সিহঁত পাৰ হৈ গৈছিল কাষেৰে , বক্ৰদৃষ্টিৰ মাজেৰে হাঁহিটো চকুৰে সৰি পৰিছিল , কষ্ট কৰি অহা ছোৱালীকেইজনী অৱশ হৈ পৰিছিল বিচাৰকৰ ওচৰ পোৱালৈ , তথাপিও তাহাঁতে মনৰ জোৰ হেৰুওৱা নাছিল , বিচাৰকৰ প্ৰশ্নৰ উত্তৰ কেৱল বেনাৰ ধৰি যোৱা ছোৱালীবোৰেহে দিছিল বিষয়বস্তু অনুসৰি । শোভাযাত্ৰাটোৰ পিছে পিছে আহিয়েই মাৰ্কেটৰ আগ পায়েই সোমাই আহিছিলোঁ মোৰ সেন্দুৰীয়া আলিটোৰে হোষ্টেললৈ বুলি ইহঁতক মাত নলগোৱাকৈয়ে । ৰূমত নোসোমাই ছাদলৈ উঠি গৈ বহি থাকিলোঁ বহুপৰ প্ৰিয় ৰেইন-ট্ৰি জোপাৰ পাত গণি গণি ।

হঠাতে হুলস্থুল এটা সোমাই আহিছিল মাৰ্কেটৰ সেন্দুৰীয়া বাটেৰে , কিৰিলিয়াই কিৰিলিয়াই সোমাই অহা ছোৱালীবোৰ কোন বুজিবলৈ বাকী নাথাকিল , তাহাঁতে কিয় ইমান ফুৰ্তি কৰিছিল সেইয়াও নোকোৱাকৈয়ে বুজি উঠিলোঁ । সকলোৱে অভিনন্দনেৰে নন্দিত হোৱাৰ সময়কণত ছাদতে বহি হুকহুকাই কান্দি উঠিছিলোঁ অন্তৰ শুন্য কৰি , নামি আহিছিলোঁ ফুৰ্তিৰ মিছিলটোত চামিল হ’বলৈ বুলি , সপোনৰূপী বাসনাটো পুৰণ হোৱাৰ সুখখিনিৰ অংশীদাৰ হ’বলৈ বুলি , আমাৰ চিনিয়ৰক কথা দিয়া মতেই আমি শ্ৰেষ্ঠত্বৰ খিতাপ পোৱাৰ আনন্দময় সময়কণ উদযাপন কৰোঁ বুলি । সাজু হৈছিল বাল্টি বাল্টি পানী , উল্লাসিত দলটো সোমোৱাৰ লগে লগেই আৰম্ভ হৈছিল পানীৰ খেল , চৌদিশে আনন্দ মাথোঁ আনন্দ বিয়পি পৰিছিল , শ্ৰেষ্ঠ হোষ্টেল হোৱাটো খাটাং হৈছিল আমাৰ হোষ্টেল । নাচি বাগি আনন্দ ফুৰ্তি কৰাৰ বাহিৰে কাৰো একো ভবাৰো মন নাছিল , সিহঁতৰ সমানে নাচিছিলোঁ যদিও অন্তৰৰ শোকটো উজাৰি আহিছিল , কটূ কথাৰে থকা সৰকা কৰা বান্ধৱীয়ে পাহৰি পেলাইছিল হয়তো আগদিনাৰ কটূক্তি খিনি , জানিয়েই বা নাজানিয়েই মোৰ হাতটোও খামুচি ধৰিছিল নাচি থকাৰ মাজতে ।

আমাৰ হোষ্টেল আনন্দময় হৈ থকাৰ সময়তে পিছে অনশনত বহিছিল আন এটা হোষ্টেল , RCC 1 boys hall বহিছিল অনশনত , তেঁওলোকৰ মতে অন্যায় হৈছিল তেঁওলোকৰ লগত , Mr. GU ৰ খিতাপ লৈ মনোমালিন্য ঘটিছিল ছাত্ৰ একতা সভাৰ লগত , ন্যায় বিচাৰি অনশনত বহিছিল সকলো এৰি । ল’ৰা হোষ্টেলবোৰৰ প্ৰতি বছৰেই কিবা নহয় কিবা এটা গণ্ডগোল লাগিছিলেই , দুটা বছৰৰ অভিজ্ঞতাই তাকেই বুজায় দিলে । তেঁওলোকৰ অনশনে সামৰণি অনুষ্ঠানৰ গতি মন্থৰ কৰি পেলাইছিল , কি হ’ল পাহৰিলোঁ , কিন্তু ৰাতি এপৰলৈকে ভি চিৰ আৱাস ঘেৰাও কৰি থকা ল’ৰাহঁতক শান্ত কৰিবলৈ পুলিচ মাতিবলগীয়া হৈছিল , পুলিচ অহাৰ পিছত সমাধান ওলাইছিল হয়তো , শান্ত হৈ ল’ৰাবোৰ নিজৰ হোষ্টেললৈ গৈছিলগৈ , আকৌ যোগদান কৰিছিল ভাৰ্ছিটি ৱিকৰ শেষ সন্ধ্যাটোত । ভাগৰুৱা য়ুনিভাৰ্ছিটিখন ভাৰ্ছিটি ৱিকৰ সেই বছৰৰ শেষ সন্ধ্যাটোত মুখৰ হৈ পৰিছিল । জাক জাক প্ৰাণৱন্ত হাঁহিবোৰ উচ্ছল হৈ পৰিছিল , ল’ৰা হোষ্টেলবোৰে হোলোঙাৰ দৰে ভাৰ মাৰি একোডাল লৈ আহিছিল হোষ্টেলৰ পুৰস্কাৰবোৰ কড়িয়া অঁৰাদি আঁৰি নিবলৈ । মনে মিলা যোৰাবোৰ হাতে হাত ধৰি বহি পৰিছিল অ’ডিটৰিয়ামৰ শেষৰ ফালৰ আসনবোৰত , মনভৰি উপভোগ কৰিছিল নিজৰ আপোনজনৰ লগত কটাব পৰা তেনেই অকণমান সময়কণ ।

নেট পৰীক্ষাৰ বাবে পঢ়িবলৈ আছে বুলি যোৱা নহ’ল বহু অপেক্ষিত সন্ধ্যাটোলৈ , দুদিনৰ পিছতেই যিহেতু নেট আছিলেই গতিকে কথাটো মিলিও গ’ল , যোৱা নহ’ল শ্ৰেষ্ঠত্বৰ পুৰস্কাৰটো লোৱাৰ সময়ত বুকুৰ ঢুকঢুকনিটো অনুভৱ কৰিবলৈ , পুৰস্কাৰটো চুই চোৱাৰ হেঁপাহকণ বুকুতে সাৱটি সাজু হ’লোঁ পুনৰ এক উজাগৰী নিশা কটাবলৈ । সন্তুষ্ট হ’ব পৰা নাছিলোঁ নিজৰেই সিদ্ধান্তত , তথাপিও কিবা এক জেদ নে খঙে যাবলৈ অনুমতিও নিদিলে । ছোৱালীবোৰ যেতিয়া হৈ হাল্লা কৰি দোভাগ ৰাতি হোষ্টেল সোমাইছিলগৈ তেতিয়াও নিঃসাৰ হৈ পৰি ৰ’লোঁ ৰূম নং ৪৪ ৰ বিচনা খনতে চকুলো টুকি । ঠিক সেইখনিন সময়তে চেনিপুল পাৰ হৈ পলিহঁতৰ হোষ্টেল পোৱাৰ আগৰ পুলটোত বহি আছিল কান্দি আউলী বাউলী পলি তাইৰ হোষ্টেলৰ আন কেইবাজনীৰ সৈতে । আগৰ তিনিবছৰৰ শ্ৰেষ্ঠ হোষ্টেলটোৱে সেইবাৰ শ্ৰেষ্ঠত্বৰ সন্মান পোৱাৰ পৰা বঞ্চিত হোৱাৰ দুখত ভাগি পৰিছিল , পলিক কোনেও নিব পৰা নাছিল হোষ্টেললৈ , কান্দিছিল তাই কেৱল কান্দিছিল । মিতালীহঁতৰ বুজনিয়েও তাইক টলাব নোৱাৰিছিল ৰাতি দুইবজালৈকে । তাইৰ কান্দোন আৰু মোৰ কান্দোন ক’ৰবাত একাকাৰ হৈ গৈছিল ওচৰত লগ নোপোৱাকৈয়ে ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৫

ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ লগে লগেই য়ুনিভাৰ্ছিটিৰ পৰিৱেশটোৱেই সলনি হৈ যায় , চাৰিওফালে উখল মাখল , উলহ মালহ হৈ পৰে পৰিৱেশটো , ভাৰ্ছিটি ৱিকৰ বাহিৰে অইন কথা চিন্তা কৰাৰ আহৰি নাইকিয়া হৈ পৰে , কেতিয়াবা প্ৰতিযোগিতা কাজিয়ালৈ পৰিণত হয় বয়জ হোষ্টেলবোৰৰ ক্ষেত্ৰত । আৰম্ভণিৰেপৰাই উৎকৃষ্ট প্ৰদৰ্শন আমাৰ হোষ্টেলৰ সেইবাৰ , প্ৰথমদিনাই মাৰ্চ পাষ্টত নাপালে যদিও প্ৰদৰ্শন ভাল আছিল , আমি সুখী হৈছিলোঁ , বিশ্বাসে আকৌ দগমগ কৰিছিল । ওপৰচকুৱাকৈ নাচায় , অন্তৰ্দৃষ্টিমুখী আৰু সাৱধান হ’লোঁ আমি সকলো । প্ৰথম দিনাই ভলী আৰু বাস্কেটত আমি প্ৰথম ৰাউণ্ডত জিকি আহিলোঁ , মনৰ ফুৰ্তি মনতে মাৰ নিয়ালোঁ , ভয় হৈছিল কিজানিবা আগৰবাৰৰ নিচিনাই হয় , ইফালে ৰাতিলৈ আমাৰ সমৱেত সংগীত আৰু গীতৰ প্ৰতিযোগিতাবোৰ হ’ল , ব্যক্তিগত শাখাত কোনো কোনোৱে পালে যদিও কোৰাছৰ প্ৰতিযোগিতাত বাচনিত নুঠিলোঁ আমি , অলপ চিন্তা হ’ল যদিও ভয় নাখালোঁ । ইফালে প্ৰৱন্ধ আৰু নীলাখামৰ চিঠিৰ প্ৰতিযোগিতাতো বহিলোগৈ , বৰ আশাৰে বাট চালোঁ ৰিজাল্টলৈ , কিয় জানো নীলাখামৰ চিঠিত কিবা এটা পাম পাম যেন লাগিল নিজৰে ।

ভাৰ্ছিটি ৱিকে টামাম মূৰত ধৰাৰ সময়তে আকৌ এবাৰ দলীয় নৃত্যৰ কথাটো ওলাল , দায়িত্ব লঁওতাগৰাকীৰ তেতিয়ালৈকে খবৰেই নাই , আমাৰ চিন্তা হ’ল , নাপালেও খালী যাবলে দিব নোৱাৰি , অংশগ্ৰহণ কৰিবই লাগিব । আকৌ বিচাৰ খোচাৰ আৰম্ভ হ’ল নাচ প্ৰশিক্ষকৰ , পিছে ইমান কম সময়তে শিকাব পৰা নাচ নাছিল তেনেকৈ , তথাপিও নাচৰ প্ৰেক্টিচ আৰম্ভ হ’ল ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ আগদিনাৰ পৰা , তিৱা সকলৰ লোকনৃত্য এটি প্ৰস্তুত কৰা হ’ল , একেবাৰে সহজ মুদ্ৰা কেইটামান লৈ মঞ্চৰ ভিতৰতে ঘুৰি ঘুৰি RCC 4 লিখাৰ কথা । পৰিৱেশনৰ ধাৰণাটো একেবাৰেই মনঃপুত নহ’ল যদিও মুখেৰে একো নামাতিলোঁ , ভাল নাই লগা বুলি ক’বলেও চিন্তা লাগিল । তথাপিও অনুষ্ঠানটোৰ শুভকামনা কৰি মনৰ কথাখিনি মনতে মাৰ নিয়ালোঁ ।

পিছদিনা হোষ্টেললৈ ভাল খবৰ  আহিছিল , চ’চিয়েল ছাৰ্ভিছৰ দলটোৱে সেইবাৰো দ্বিতীয় স্থান পাইছিলে , মনটোৱে অজান পুলকত নাচি উঠিলে , মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আকৌ ভয় লাগিল , জানোচা আগৰ বছৰৰ দৰেই হয় , জানোচা আমাৰ সপোন সপোন হৈয়ে ৰয় …. । কইনা , ৰোমাণ্টিক কাপল্ , একক অভিনয় আদি অনুষ্ঠানবোৰ সময়মতেই চলি থাকিল , আমিও সময়ৰ লগত সমানে হাত মিলালো । আমাৰ হোষ্টেলৰ পৰাও একক অনুষ্ঠানবোৰত কেইবাজনীয়েও ভাগ ল’লে , পুৰস্কাৰো বুটলিলে । ভাৰ্ছিটি ৱিক আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ হৈ পৰিল সকলোৰে বাবে , প্ৰতিটো হোষ্টেলৰে প্ৰদৰ্শন সুন্দৰ , তাৰমাজতে পিছে আমাৰ হোষ্টেলে ভাল টক্কৰ দি থাকিলে , আমাৰ খেলুৱৈ সকলৰ সমানে হোষ্টেলৰ প্ৰতিজনী ছোৱালীৰ উৎসাহে খেলবোৰ প্ৰাণময় কৰি তুলিলে , প্ৰতিটো খেলতে প্ৰথম , দ্বিতীয়  ৰাউণ্ডকেইটাত আমাৰ হোষ্টেলৰ জয় সাব্যস্ত হোৱাত আমি খামিডাঠ হৈ পৰিলোঁ , আমি প্ৰত্যাহ্বান হৈ পৰিলোঁ আন হোষ্টেলবোৰৰ বাবে ।

নাটক ভালেই হৈছিল যদিও পুৰস্কাৰ নাপালোঁ , আনহাতে স্কিটখন চাই দৰ্শকে যথেষ্ট আমোদ পালে , এটা বাস্তৱ প্ৰেক্ষাপটৰ পটভূমিত ৰচিত স্কিটখন বিচাৰকসকলেও খুবেই প্ৰশংসা কৰিলে , আমি পুৰস্কৃত হ’লোঁ , দ্বিতীয় স্থান পালোঁ , সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰথমটো পুৰস্কাৰ পায় বিশ্বাসৰ ভেঁটি অাৰু দগমগ হ’ল । কাবাডীত আমি অপ্ৰতিৰোধ্য হ’লোঁ , আমাৰ হোষ্টেলৰ দলটোলৈ আন হোষ্টেলে ভয় কৰা হ’ল , প্ৰতিখন খেলেই শ্বাসৰূদ্ধকৰ হৈ পৰিল , কবিতাই শক্তিমান নাম পালে কাবাডীত , আমি চেম্পিয়ন হ’লোঁ । সেই মূহুৰ্তটো কেতিয়াও পাহৰিব নোৱাৰি , যেতিয়া কাবাডীত চেম্পিয়ন হোৱাৰ আনন্দত গোটেই হোষ্টেল মতলীয়া হৈ পৰিছিল , সেই সময়ত আমাৰ ষ্টাৰ খেলুৱৈ কবিতা কিন্তু পৰি ৰ’ল কাবাডীৰ ক’ৰ্টতে , বেয়াকৈ দুখ পোৱা ছোৱালীজনী উঠিব নোৱাৰা হ’ল , তাইৰ ওচৰলৈ দৌৰি গৈ তাতে সাৱটি ধৰি বহি থাকিলোঁ , মৰমৰ উত্তাপে তাইৰ বিষবোৰ চাগে কিছু পৰিমাণে উপশম কৰিছিল , উঠিব নোৱাৰা ছোৱালীজনী লেকেচিয়াই লেকেচিয়াই উঠিলে , আৰু দুজনীমানৰ লগ হৈ যেনেতেনে লৈ গ’লোঁ তাইক য়ুনিভাৰ্ছিটি হস্পিতেললৈ , খেলি খেলি নাভাগৰা ছোৱালীজনী হস্পিতেলৰ বেড খনত ভাগৰুৱা হৈ শুই পৰিল , মুখত তাইৰ বেদনা স্পষ্ট , সেই বেদনা আছিল হোষ্টেলৰ আনন্দত জঁপিয়াই , নাচি বাগি , পানী ঢালি ফুৰ্তি কৰিব নোৱাৰাৰ বেদনা । ভাল হৈছিল তাই অতি সোনকালেই পাছদিনা ভলী খেলিবৰ বাবে সুস্থ হৈ উঠিছিল ছোৱালীজনী । কাবাডীৰ সমান্তৰালভাৱে আমাৰ বাস্কেট বলৰ টিমটোও দুৰ্দান্ত হৈ উঠিছিল , অদমনীয় টিমটোৱেও চেম্পিয়নৰ খিতাপ আনিছিল হোষ্টেললৈ , দুটা দুটা প্ৰধান খেলত চেম্পিয়ন হৈ আমি  বিশ্বাসৰ ভেঁটিত আৰু দগমগ হ’লোঁ ।

নীলাখামৰ চিঠিৰ ফলাফল দিলে , তৃতীয় হ’লোঁ , মনটো ভাল লাগিল , পিছে সেইদিনাই যথেষ্ট ভাল খেলি থকা ভলীৰ টিমটোৱে  ভলীৰ ছেমি ফাইনেলত RCC 3 girls ৰ লগত হাঁৰিলোঁ , অপ্ৰতিৰোধ্য দলটো প্ৰতিহত হ’লোঁ প্ৰায় অন্তিম পৰ্যায়ত , মনটো ভাৰাক্ৰান্ত হৈ পৰিল , তাতে কেপ্তেইন আছিলোঁ সেইটো দলৰ । সেইবাৰ চেম্পিয়ন হ’ল দূবৰিহঁতৰ হোষ্টেল , আমাৰ কেম্পাছতে চেম্পিয়ন দলটো থকাত ভালো লাগিল অৱশ্যে । নেতৃত্ব দিয়াত বিফল হোৱাৰ বাবেই হয়তো খেলখনত হাঁৰিলোঁ , আমাৰ আটাইকেইজনী জুনিয়ৰে সেইবাৰ আমাতকৈ বেছ ভাল খেলিছিল যদিও কিবা কাৰণত ছেমি ফাইনেলখন আমাৰ ফলীয়া নহ’ল , পিছে আশাহত হোৱা নাছিলোঁ অকণো , শ্ৰেষ্ঠত্বৰ মুকুটটোলৈ তেনেই অকণমানহে দূৰ আছিল , প্ৰায় নিশ্চিতই হৈছিলোঁ আমি , মাত্ৰ অপেক্ষা কৰিছিলোঁ শেষৰ প্ৰদৰ্শনটোলৈ , সাংস্কৃতিক শোভাযাত্ৰালৈ । আমি জানিছিলোঁ , শোভাযাত্ৰাত প্ৰথম অথৱা দ্বিতীয় যিকোনো এটা স্থানত থাকিলেই আমাৰ শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপ নিশ্চিত ।

ভাৰ্ছিটি ৱিকৰ শেষৰ দিন , আমাৰ আনুষ্ঠানিক শিক্ষা জীৱনৰ এটা অন্যতম অন্তিম দিন , শোভাযাত্ৰাৰে আৰম্ভ হৈ ফলাফলেৰে গতি কৰি সাংস্কৃতিক সন্ধিয়াৰে শেষ হ’বলগীয়া উদযাপনৰ এটা দিন , সকলো ব্যস্ত হৈ পৰিছিল , এটা মূহুৰ্তও অপচয় কৰিব বিচৰা নাছিল কোনেও , তেনে এটা উদযাপিত দিনতে মৌন হৈ পৰি ৰৈছিলোঁ RCC 4 girls hall ৰ ৰেইন-ট্ৰি জোপাৰ তলৰ সেই ৰূমটোত , ৰূমনং ৪৪ ত । ওলাই গৈছিল বহু যত্নেৰে সজাই পৰাই উলিয়াই পঠিওৱা শোভাযাত্ৰাত ভাগ ল’বলগীয়া ছোৱালীবোৰ , তাহাঁতৰ লগত হোষ্টেলৰ বাকীবোৰ ছোৱালীও । মই নোযোৱাৰ বাবেই ওলাই যোৱা নাছিল মৰমী বান্ধৱী ৰিতু , জিনাক্ষি , লভিতা , তিৰুহঁত । তাহাঁতৰ অন্তৰতো দুখ লাগিছিল , তথাপিও মোৰ দুখটোহে যেন বেছিকৈ চৰিছিল । শোভাযাত্ৰাৰ প্ৰস্তুতিৰ বাবে আগৰাতি চকুৰ টিপো মৰা নাছিলোঁ আমি কেইজনীয়ে , গোটেই ৰাতি নোমাল , কম নোমাল সাজ প্ৰস্তুত কৰিছিলোঁ আমি কেইজনীয়ে , আমাৰ শোভাযাত্ৰাৰ বিষয় বস্তু আছিল মানৱ বিকাশ বা মানৱ উত্তৰণৰ স্তৰসমূহ

ৰবীনদাৰ লগত আমি সবিস্তাৰে আলোচনা কৰিছিলোঁ বিষয় বস্তুৰ সন্দৰ্ভত , তাত পৰিধান কৰিবলগীয়া সাজ পাৰ আৰু গোটেই বিষয়টো উপস্থাপন কৰাৰ বিষয়ত । তেখেতে কোৱা ধৰণে আমি আগবাঢ়িছিলোঁ , প্ৰয়োজনীয় সামগ্ৰীবোৰ কিনিবলৈ পইচা পোৱা নাছিলোঁ যদিও যিমান পাৰোঁ সিমান নিজৰ পইচাৰে কিনি আনিছিলোগৈ , কিনিবলৈ থাকি গৈছিল ফলচ্ হেয়াৰৰ কোচাকেইটামান , যিবোৰৰ সহায়ত আমি বন মানুহৰ পৰ্যায়কেইটাৰ বাবে দৰকাৰী সাজকেইযোৰ বনোৱাৰ কথা আছিল , তাতেই লাগিছিল কেনাটো । আগদিনা তথাপিও কিবা কৰি কিনিবলৈ যাবলৈ লঁওতেই অপদস্থ হৈছিলোঁ বেয়াকৈ , বেয়াকৈ মানে অতি বেয়াকৈ , যিবোৰ এতিয়া মনতহে পৰে , প্ৰকাশ কৰিব নোৱাৰি ( কাৰো প্ৰতি অকণো বেয়া ভাৱ নাই এতিয়াও / তেতিয়াও ) । দায়িত্বহীন ,কাণ্ডজ্ঞানহীন আখ্যা পাইছিলোঁ , অথচ দায়িত্বটো এৰি দিবও পৰা নাছিলোঁ , স্বাভিমানে হাৰ মানিছিল হোষ্টেলৰ প্ৰতি দায়বদ্ধতাৰ সন্মুখত । চুলিবোৰ আনিয়েই সেইৰাতিৰ কোনো অনুষ্ঠানলৈকে নোযোৱাকৈ তৈয়াৰ কৰিছিলোঁ সেই বিশেষ সাজকেইযোৰ , মুঠতে ছটা নোমাল সাজ , বেছিৰপৰা কমলৈ । আচফিয়া আৰু অঞ্জুমা দুয়োজনী হোষ্টেলৰ আটাইতকৈ সৰুফুটীয়া ছোৱালী আছিল বাবেই সিহঁত দুয়োজনীকে দিয়া হৈছিল আদিম মানৱৰ প্ৰথমটো স্তৰত প্ৰতিনিধিত্ব কৰিবলৈ , তেনেকৈয়ে এটাৰ পিছত এটাকৈ স্তৰৰ বাবে প্ৰস্তুত কৰা হৈছিল দুজনীকৈ ছোৱালী , সমান্তৰালভাৱে সিহঁতৰ সাজবোৰো । গোটেই শোভাযাত্ৰটোৱেই সাজু কৰা হৈছিল সুগভীৰ অধ্যয়ন আৰু আলোচনাৰ অন্তত ।

ইমান পৰিকল্পিতভাৱে সাজুহৈ উঠাৰ পিছতো মই পোৱা বিশেষণকেইটাৰ বাবেই পণ্ড হৈছিল সকলোবোৰ , শেষ হৈ যাব খুজিছিল উদযাপন কৰি অহা সুমধুৰ ক্ষণবোৰৰ সুমধুৰ স্মৃতিবোৰো , পাহৰণি হ’ব খুজিছিল এযোৰ চকুৰ প্ৰেমত পৰিব পৰা এজনী সাধাৰণ ছোৱালী , আঁতৰি যাব খুজিছিল আকাশৰ এজনী দুৰ্বাৰ প্ৰেমিকা । পৰা নাছিল পিছে তেনে একোৱেই কৰিব , কোনোবা যেন আহিছিল শত এন্ধাৰৰ মাজতো পোহৰৰ বতৰা লৈ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৪

ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি পুৰাদমে চলি থকাৰ মাজতে কিবাকৈ ৰৈ গৈছিল দলীয় লোক নৃত্যৰ আখৰা ও প্ৰস্তুতি । খেল আৰু সাংস্কৃতিক বিভাগৰ বাকীকেইটা অনুষ্ঠান খুব সুন্দৰকৈ আগবাঢ়িল , নৃত্যৰ প্ৰস্তুতিও আচলতে আৰম্ভ কৰাৰ কথা আছিলেই , পিছে নৃত্যটোহে ঠিক হোৱা নাছিল । ভাৰ্ছিটি ৱিকত য়ুনিভাৰ্ছিটিৰ প্ৰতিটো হোষ্টেলেই পৰিৱেশন কৰে সমগ্ৰ ভাৰতীয় মূলৰ বিভিন্ন জনজাতীয় লোকনৃত্য , প্ৰত্যেকবছৰেই এই অনুষ্ঠান হৈ ৰয় একক , অৱশ্যে আগতে বেলেগ হোষ্টেলে পৰিৱেশন কৰা নৃত্যসমূহ অন্য হোষ্টেলে পৰিৱেশন কৰে কেতিয়াবা । এই পৰিৱেশ্য কলাত জড়িত সকলো ধৰণৰ বাদ্যযন্ত্ৰ আৰু সাজপাৰ , গহনা গাঁথৰি পৰিৱেশন কৰোঁতাসকলে পিন্ধাতো বাধ্যতামূলক । প্ৰতিযোগিতাৰ কথা , গতিকে সকলোৱে সেইধৰণেই মানি চলে নিয়মবোৰ ।

আমাৰ হোষ্টেলৰপৰা সেইবাৰ ঠিক কৰা হ’ল মিজোৰামৰ লোকনৃত্য ‘ চেৰৱ ‘ অথৱা মিজোসকলে পৰিৱেশন কৰা Bamboo Dance । আমি কেইবাজনীও ছোৱালীয়ে সেই নাচ নাচিবলৈ আগ্ৰহী হৈ প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰিলোঁ নিমন্ত্ৰিত এজন তত্ত্বাবধায়কৰ তত্ত্বাৱধানত , প্ৰায় প্ৰতিজনী জুনিয়ৰকে একোবাৰকৈ নচুৱাই চোৱা হ’ল , আমিও নাচিলোঁ , পিছে বাঁহৰ টোকৰৰ তালে তালে আমি নচাৰ পৰিৱৰ্তে দুখহে পালোঁ আটাইবোৰে , নাচ শিকাবলৈ অহা কেইজনো অলপ বিৰক্ত হ’ল , অৱশ্যে সেই নাচৰ প্ৰস্তুতি ইমান কম সময়ত কৰাৰ কথাও নহয় , অন্ততঃ ১৫/১৬ দিন লাগে বাঁহৰ তালৰ লগত ভৰিৰ তাল মিলাবলৈ । আমি কেতিয়া বাঁহকেইডালে থক্ থক্ কৰিব তাকে চাই থাকোঁতেই বাঁহ নচুৱাই থকা কেইজনে বাঁহ নচুৱাই শেষ কৰে , পিছে আমাৰ ভৰিত শিপা গজাৰ দৰে ভৰিয়ে লৰচৰেই নকৰে , হঠাতে তাল মান ৰাখি কঁকালত দুহাত ৰাখি জপিয়াই দিঁওতেই ভৰিয়ে বাঁহে জোট পোট খায় , তাল মিলাব নোৱাৰি কোনোবা হামখুৰি খায় পৰে , ফলত নাচৰ প্ৰেক্টিচৰ নামত হয় ভৰিৰ আধ্যা পৰে নহ’লে হাঁহিৰ জোৱাৰ উঠে । অৱশেষত আমি সেই নাচ বাদ দিবলগীয়া হ’ল , বাদ দিয়াৰ পিছত লগে লগেই অন্য নাচৰ বাবে প্ৰস্তুতি চলাব লাগিছিল যদিও কিবা কথাত সেইটো হৈ নুঠিল , সাংস্কৃতিক বিভাগৰ দায়িত্বত থকাৰ ফলস্বৰূপে সমস্ত দোষৰ ভাৰ মূৰ পাতি ল’বলগীয়া হ’ল , তাতো দুখ নালাগিলেহেঁতেন হয়তো , পিছে মৰমী বান্ধৱী এগৰাকীৰ কটাক্ষইহে দুখটো কুটুৰি কুটুৰি বুকুলৈকে শিপাই গ’ল ।

পিছে হোষ্টেলৰ ছেণ্টিমেণ্টৰ আগত সেইবোৰ তেনেই গৌণ আছিল , দোষ কৰিছিলোঁ , গতিকে দোষীৰ শাস্তি নিজেই দিছিলোঁ নিজকে , নাচৰ সকলো দিশৰপৰাই আঁতৰি আহিছিলোঁ , প্ৰশিক্ষক বিচৰা , নিজেই নচা সকলো বাদ দি , সেই কাম কৰিবলৈ আন এগৰাকীক দায়িত্ব দিবলৈ প্ৰিফেক্ট ৰূণাক অনুৰোধ কৰিলোঁ , পাৰিলে সকলো দায়িত্বৰ পৰাই যাতে আঁতৰি থাকিব পাৰোঁ তাৰ চিন্তাও কৰিলোঁ । পিছে তেনে নহ’ল , আঁতৰি থাকিব নোৱাৰিলোঁ একোৰে পৰা , গা এৰাই চলিব খুজিও কিবা এক মায়াই আকৌ সামৰি সুতৰি থ’লে ভাৰ্ছিটি ৱিকৰ লগত । কেইবাটাও জীৱন শিক্ষা পালোঁ ভাৰ্ছিটি ৱিকৰ সময়খিনিত , যিয়ে আজীৱন সহায়ক হৈ ৰ’ব , ভাল অভিজ্ঞতাবোৰে সমৃদ্ধ কৰি ৰাখিব জীৱনৰ বহুখিনি সময় । বিভিন্ন ঘাত প্ৰতিঘাত আৰু আনন্দ উলাহৰ মাজেৰে আমাৰ প্ৰেক্টিচ চলি থাকিল ,আবেলি আৰু সন্ধিয়াৰ সময়খিনি বেছি ভাল লগা হৈ পৰিল , হোষ্টেললে যেতিয়া প্ৰণৱদাহঁত আহে আমাৰো ভাল লাগে , তেঁওলোক গোটেইকেইজনেই খুবেই যোগাত্মক আৰু বেছ আত্মীয়তাৰে শিকাই যায় কথাবোৰ , খুঁটি নাতি মাৰি শিকাই , সঠিক নোহোৱালৈকে কৰায়ে থাকে , তেতিয়াহে অকণমান আমনি লাগে , গালিও পাৰে , খঙো উঠে , পিছে আমাৰ বেয়া নালাগে ।

দিলীপ আগৰেপৰাই ভাল বন্ধু আছিলেই ( এতিয়াও ) , দিলীপ গ’লে আমাৰ সাহ বাঢ়িছিল , প্ৰণৱদাকো প্ৰথম লগ পোৱাৰ দিনাৰেপৰা এক আপোনত্বৰ বান্ধোনত বান্ধ খায় পৰিছিলোঁ , ইমান আপোন আৰু নিভাঁজ মৰমৰ দাদা এজন ভাৰ্ছিটি জীৱনত লগ পোৱাটো সঁচাকৈয়ে সৌভাগ্যৰ কথাই , দীপ্ত দা অলপ গহীন আছিল আৰু খঙো উঠে পতককৈ , নুঠি পাৰেনে ! আমি জানো কম আছিলোঁ ? এবাৰতে কৰিয়েই নাপালোঁ একো , তাতে স্কিটৰ যিহে ভাষা ….. শিকিলেও ফুটাবই নোৱাৰিছিলোঁ । দীপম দাও বেছ ধেমেলীয়া আছিল , দীপমদাৰপৰা মাইম কেতিয়াও পাহৰিব নোৱাৰি ( দীপমদাৰ লগত একেবাৰেই যোগাযোগ নাই , ফেইচবুকতো বিচাৰি পোৱা নাই ), পিছে আক্ষেপ থাকি গ’ল আমাৰ , দীপম দায়ে হেনো হোষ্টেলত ভাত নাপাইছিলগৈয়ে , আমাৰ হোষ্টেলৰ পৰা যোৱাৰ পিছত , সেয়েহে ৰৌজদায়ে ভাত ৰান্ধি খুৱাইছিল , নাজানো কিয় ! আমি কোনোদিনেই তেখেতসকলক এদিনো আমাৰ লগত এসাজো খাবলৈ নক’লোঁ , ইমানেই স্বাৰ্থপৰ আছিলোনে ? নে অকৃতজ্ঞ ? সময়ৰ দোষ আছিল হয়তো । প্ৰশিক্ষক কেইজন সদায় গৈছিল , অন্তঃকৰণে তেখেতসকলে আমাক শিকাইছিল , পিছে অতগাল ছোৱালীৰ মাজত মাজে মাজে নাৰ্ভাছো কৰিছিল চাগে , কেতিয়াবা আকৌ লগত বেলেগ দুই এজনকো লৈ গৈছিল , তেঁওলোকেও হয়তো ছোৱালীৰ হোষ্টেললে যোৱাৰ আশাতে না নকৈছিল ।

এই সকলোবোৰৰ মাজত কোনোবাখিনিত আমি বেলেগ বেলেগ হোষ্টেলত থকা অন্তৰৰ বান্ধৱীকেইজনী অলপ দূৰ হৈ গৈছিলোঁ , দূবৰি আৰু মই আকৌ আগৰ বছৰৰ দৰে কেৱল ক্লাছতহে লগ হঁও , একেলগেই অহা যোৱা কৰোঁ যদিও হোষ্টেলৰ কথাত একেবাৰে মুখবন্ধ , আনহাতে পলিক লগেই নোপোৱা হ’লোঁ , চকুৰ দূৰত্বই মনৰ দূৰত্বৰ ৰেখাডাল দীঘল কৰি পেলালে , ফোন এটা কৰিও খবৰ ৰখা নহ’ল মৰমী আৰু অভিমানী বান্ধৱীজনীৰ ( তেঁওও একেই ) । ব্যস্ততাৰ মাজত অব্যাহতি লৈছিল অধ্যয়নে , পাহৰি গৈছিলোঁ শিক্ষা জীৱনৰ শেষ ঢাপটোত থকাৰ কথা , ঘৰৰ কথা , সেই গাফিলতিয়ে ফলাফল কিমান ভয়ানক কৰিব পাৰে তাৰ চিন্তা নাহিল এবাৰো হোষ্টেল ছেণ্টিৰ আগত । গোটেই য়ুনিভাৰ্ছিটিখনেই সাংঘাতিক ব্যস্ত হৈ পৰিছিল , কোনেও নষ্ট কৰা নাছিল অকণো সময় , সকলো ব্যস্ত হৈ পৰিছিল শ্ৰেষ্ঠত্বৰ দৌৰত । সেইবাৰ অলপ নিজাকৈও একক প্ৰতিযোগিতাবোৰত ভাগ লোৱাৰ চিন্তা কৰিলোঁ , বিশেষকৈ সাহিত্য বিভাগত , তাৰো বিশেষ নীলা খামৰ চিঠিত ।

প্ৰণৱদায়ে কোৰাছ শিকোৱাৰ সমানে আন গীতৰ আখৰাও কৰাই গ’ল সমানে , বিয়ানামো বাদ নপৰিল তেখেতৰ তালিকাৰপৰা , বিয়া নাম শিকোৱা দাদাজনৰ কইনাঘৰীয়া বিয়ানামবোৰ শিকাঁওতে চকুযুৰি চশমাৰ তলতেই নাচি উঠে , তেঁওৰ হাতটো পকেটত ভৰাই , পাৰ্ছত থকা কইনাজনীৰ ছবিখনকে আলফুলে চুই চাই , এদিন লাজকুৰীয়া হাঁহি এটাৰে ডায়েৰীৰ মাজৰপৰা এখন ফটো দেখুৱালে , বৌৱেৰক চাই ল বুলি আমাৰ ফালে ফটোখন আগবঢ়াই মোছৰ তলৰ দুষ্ট হাঁহিটো মাৰিলে , তেঁওৰ নাম হেনো জোনালী , আমাৰ জোনালী বৌ । জালুকবাৰীৰ প্ৰেমিক বতাহে তেঁওৰ দূৰণিৰ প্ৰেমিকাক এপলকলৈও মনৰ দূৰ কৰিব পৰা নাই , অনবৰতে মুখত হাঁহি লাগি থকা দাদাজনে হোষ্টেলৰপৰা চিঞৰি জোকালেও , মইনা জোকোৱা গীত ৰচনা কৰিলেও , মনৰ চকুৰে পিছে জোনালীবৌৰ ছবিখনহে দেখে ( মইনাবোৰক জোঁকাওতে চাগে জোন বেয়া নাপাবা দেই বুলি মনতে ভাবি লয় ) ।

আনহাতে দীপ্তদাৰ বলিষ্ঠ পৰিচালনা , ৰচনা স্কিট আৰু নাটকৰ । আমাৰ মিঞাচাহাবৰ ভাৱত থকা চুটি চাপৰ অকণমানি বৰ্ণালীয়ে তেঁওৰ বিবিজান দুয়োজনী আৰু এজনী জীয়েকক হাতত ধৰি টানি টানি মঞ্চৰ ভিতৰলৈ প্ৰৱেশ কৰে , মুখত গানৰ কলি …

” আৰে ছল গ’ৰী , লে যাব তকে আ….ছাম….. / আৰে ছল গ’ৰী ………..” পুৰা গীতটো পাহৰিলোঁ , কিন্তু দীপ্তদাহঁতে আমাক প্ৰেক্টিচ কৰাই থকাৰ সময়তেই পেৰ’ডীটো ৰচনা কৰিছিল , বৰ্ণালীয়ে গীত জুৰিলেই হাঁহিত ফাটি পৰোঁ আমি , তাই পিছে বেছ চিৰিয়াছ আছিল , তাতে আমাৰ জুনিয়ৰ , হঁসনা মানা হেই । ডলী আছিল বাংলাদেশীক অসমলে পাৰ কৰাই অনা এজেণ্ট , মুন্মী ৰাজনৈতিক নেতা আৰু শুক্লা তৰফদাৰ আছিল আমাৰ জীয়েক । হাস্য ব্যংগাত্মক চুটি নাটকখনে হাঁহিৰ সমল যিমান যোগাইছিল , সমানে বাস্তৱ প্ৰেক্ষাপটো ডাঙি ধৰিছিল , অভিনৱ আৰু অনন্য আছিল সেই নাটকখন ।

আখৰা চলিছিল ঠিকেই , পিছে সমস্যা হৈছিল স্কিটত পিন্ধিবলগীয়া কাপোৰৰ বাবেহে । যিধৰণৰ কাপোৰ পিন্ধিব লাগে সেইধৰণৰ কাপোৰ আমাৰ হাতত নাছিল , বৰ্ণালী আৰু মুন্মিক কুৰ্টা দুটা দাদাহঁতেই আনি দিলে , তাই লুঙী এখনো যোগাৰ কৰিলে , তিৰু আৰু মই ক’ত পাব পাৰোঁ চিন্তা কৰিলোঁ , চিন্তাৰ পাৰ পালোঁ , মঞ্জুদীদীৰ কাষ চাপিলোঁ । মঞ্জু দীদীক বুজাই দিলোঁ দুখন পুৰণি , মাৰ নথকা , টেকটেকীয়া ৰঙৰ শাৰী যোগাৰ কৰাৰ কথা , তেঁওও চিন্তাত পৰিল , কাৰণ মঞ্জু দীদী সাজ পাৰ লৈ খুবেই চৌখিন আৰু সচেতন , তেঁওৰ পেৰাত তেনে কাপোৰ নোলোৱাটো খাটাং , সেয়েহে ওচৰৰ কাৰোবাৰ পৰা তেঁও আনি দিলে কেইবাখনো আমি বিচৰাধৰণৰ শাৰী । দাদাহঁতে আমাৰ লগত মিলাই দুখন শাৰী বাচি দিলে , যাতে অবৈধ প্ৰব্ৰজনকাৰীৰ সকলো বৈশিষ্ট্য আমাৰ কাপোৰে কানিয়ে প্ৰকট হয় । মঞ্জুদীদীয়ে কাপোৰ আনি দিয়াত আৰু আমি সেই কাপোৰ পিন্ধিবলৈ লোৱাত বহুতে আমাক কটাক্ষ কৰি হাঁহিলে যদিও দীদীৰ আন্তৰিকতা আৰু দায়িত্বশীলতাৰ বাবে আমি চিৰ ঋণী ।

আমি কাপোৰ কানি গোটোৱাৰ দুদিন পিছতে আৰম্ভ হ’ল ভাৰ্ছিটি ৱিক , আকৌ গ’লোঁ মনভৰি ভালপোৱা ঠাইখনলৈ , য’ত ভাৰ্ছিটি ৱিকৰ মাৰ্চ পাষ্টৰ লগতে অন্যান্য খেলবোৰ হয় , এইবাৰ আমাৰ বেগত একোটাকৈ ছাতি , আমিযে পিন্ধি আছিলোঁ চিনিয়ৰৰ চোলা , সেই সময়ত আমাৰ জুনিয়ৰবোৰৰ লগতে হোষ্টেলৰ অংশগ্ৰহণকাৰীসকলৰ সম্পূৰ্ণ নিৰাপত্তা আৰু সহায়ৰ হাত হৈ ৰৈ আছিলোঁ এহাতে ছাতি আৰু আনহাতৰ গ্লুক’ন ডি লৈ তেঁওলোকৰ পিছফালে ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৩

ৰশ্মিৰ ৰূমৰ সন্মুখত ৰৈ লাহেকৈ মাত দিছিলো ,

” ৰশ্মি…….শুনচোন…..”

ক’ৰপৰা জানো ওলাইছিল মাতটো , নিজেই নুশুনা যেন লাগিল ,ৰশ্মিয়ে পিছে শুনিছিল , তাইৰ কান্দোনটো উচুপনি হৈছিল , ধীৰে ধীৰে উচুপনিটো দুৱাৰৰ কাষ চাপি আহিছিল , তাই দুৱাৰখন খুলি আকৌ বিচনাত পৰি হুকহুকাই কান্দি উঠিছিল । কি কৰোঁ নকৰোঁকৈ দুৱাৰখন লাহেকৈ জপাই তাইৰ ওচৰ চাপি গৈ তাইৰ সমানে বহি তাইৰ চকুলো টুকি ভুলৰ ক্ষমা বিচাৰিছিলোঁ , তাই হয়তো জানিছিলেই মই তাইৰ ওচৰলৈ যাম বুলি , ডেৰবছৰে একেলগে থাকি আমি বুজিব পৰা হৈছিলোঁ হৃদয়ৰ ভাষা , জোৰেৰে সাৱটি ধৰি কান্দিছিল তাই , তাইৰ সমানে কান্দিছিলোঁ মইও , কোনেও একো নোকোৱাকৈয়ে একো নুবুজোৱাকৈয়ে বুজি উঠিছিলো বহু কথা । অলপ পৰৰ পিছত , দুয়োজনী হাতে হাত ধৰি উঠি গৈছিলোঁ আমাৰ মৰমৰ ছাদখনলৈ , তাই আকৌ আগৰ আপোনভোলা ৰশ্মিজনী হৈ উঠিছিল , সহজ হ’বলৈ সুবিধা কৰি দিছিল মোকো তাইৰ লগতে , দুয়োজনী সুখী হৈছিলোঁ মৰমী আকাশৰ বুকুত । তাই কৈছিল সেই সময়তে হৃদয়ৰ বহু গোপন কথা , তাইৰ সপোন কোঁৱৰৰ কথা , ক’বলৈ বিচাৰি ফুৰা কথাবোৰ অন্ত নোহোৱাকৈ কৈ যাব বিচাৰিছিল সেই সপোনমতী ছোৱালীজনীয়ে ।

সেই অপৰাধে দিছিল দুটা জীৱন শিক্ষা , মুখ থাকিলেই যা তা কথা ক’ব নালাগে আৰু অনধিকাৰ প্ৰৱেশ কেতিয়াও ক’তো কৰিব নালাগে , আনটো হ’ল জানি বা অজানিতে ভুল কৰোঁতাই দোষৰ কৈফিয়ৎ দিবলে কাষ চাপি গ’লে তেঁওক ক্ষমা কৰা । ৰশ্মিয়ে বৰ ডাঙৰ শিক্ষা দিলে জীৱনৰ বাবে সেইদিনা , অকণো অপ্ৰস্তুত নোহোৱাকৈয়ে সহজকৈ সম্পৰ্ক এটা আগৰদৰেই কিদৰে জীয়াই ৰাখিব পাৰি তাৰ শিক্ষা । শাশ্বতীৰ ( আমাৰ হোষ্টেলৰ ৱাল মেগাজিন ) কাম আৰম্ভ হৈছিল , আঁতৰি আহিছিলোঁ কেৱল নিজৰ ওচৰলৈ , শাশ্বতীৰ কামত হাত নিদি নাটক , স্কিট , গীত আদিৰ আখৰাত ব্যস্ত হৈ পৰিলোঁ । শাশ্বতী সৰ্বাংগ সুন্দৰকৈ সজাই পৰাই তোলাৰ দায়িত্বত থকাসকলে নিৰ্বাচন কৰিলে জুনিয়ৰৰ মাজৰপৰা গোট গোট হাতৰ আখৰ । শাশ্বতীৰ সমানে কাম আগবাঢ়িছিল শাশ্বত ৰ কামো , শাশ্বত আছিল আমাৰ ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন , আমি হোষ্টেলৰ কামত ইমানেই ব্যস্ত হৈ পৰিলো যে শাশ্বতত সময় , লেখা একোৱেই দিব নোৱাৰিলোঁ , কিন্তু বিউটিহঁতক মাজে মাজে গৈ ডিপাৰ্টমেণ্টত লগ কৰি থাকিলোঁগৈ কামৰ সময়ত , তাহাঁতৰ ভাগৰুৱা সময়কণকে ভাগ কৰি লঁওগৈ আমি হোষ্টেলত থকাবোৰে , ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিনখনো উচ্চমানৰ লেখাৰে সমৃদ্ধ হৈ উঠিল ।

আমাৰ ভলীৰ টিমটোৰ তত্বৱধানৰ দায়িত্ব দেৱদাহঁতে মোক দিলে , ভলীৰ কেপ্তেইন হৈ বুকুৰ ঢুকঢুকনিটো অাৰু বাঢ়ি গ’ল , টিমটো ভাল আৰু যথেষ্ট ষ্ট্ৰং বুলিও ক’লে প্ৰেক্টিচ দেখা সকলে , সদায় আবেলি AT 9 লৈ গৈ খেলাৰ উপৰিও হোষ্টেলতো খেলাৰ পুৰা প্ৰেক্টিচ চলিল , সমানে বাস্কেটবল আৰু কাবাডীৰ টিম দুটাও শক্তিশালী হৈ উঠিল , চকুৰ সপোনে বুকুত বহাৰপৰাই অামাৰ বিশ্বাস দৃঢ় হৈছিল ভাল কৰিবই লাগিব বুলি । তাতে ইণ্টাৰ হোষ্টেল কম্পিটিশ্যনত ভাল প্ৰদৰ্শন কৰি আমাৰ হোষ্টেল শক্তিশালী হৈয়ে আছিল সকলোফালৰে পৰা । জুনিয়ৰবোৰৰ প্ৰৱল উৎসাহ সকলোতে , তাহাঁতক দেখিলে আকৌ নিজৰে জুনিয়ৰ দিনবোৰ ঘুৰাই পোৱা যেন লাগে , আমাৰ চিনিয়ৰসকলৰ আশ্বাসভৰা হাতখন মূৰৰ ওপৰত অনুভৱ কৰা যেন লাগে , সঁচায়ে বিশ্বাসে আৰু তগবগ কৰে ।

সেইবাৰ মাৰ্চ পাষ্ট কৰা নাছিলোঁ , মাপুইবাৰ ভূমিকা ল’লে জুলিয়ে , তাইৰ তত্ত্বাবধানত মাৰ্চ পাষ্টৰ প্ৰেক্টিচ চলিল , মাৰ্চ পাষ্ট হোৱাৰ পাছতে ছোৱালীবোৰ যায়গৈ বাস্কেট আৰু কাবাডীলৈ ভাগে ভাগে , অৱসাদ আৰু এলাহ কি সকলোৱে পাহৰি যায় , সকলো ব্যস্ত হয় হোষ্টেলৰ নামটোৰ লগত , শ্ৰেষ্ঠ হোষ্টেলৰ প্ৰতিযোগিতাৰ দৌৰত । পিছে তেনেকুৱা পুৱাবোৰতে বৰ উদাস লাগে , ভলীৰ বাহিৰে আন খেলত ভাগ নোলোৱাৰ বাবেই তেনে ৰঙীন পুৱাবোৰত অলস হৈ বহি ৰঁও ৰূমৰ খিৰিকিখনৰ কাষতে , তললৈ দোঁ খাই থকা ডাল পাতবোৰৰ স’তে মিতিৰালি কৰি , কাণ উণাই শুনি ৰঁও ৰাস্তাৰে পাৰ হৈ যোৱা ঘোঁৰা গাড়ীবোৰৰ টিলিঙাৰ মিঠা টুং টু্ং শব্দ , জোনাকী পৰুৱাৰদৰে ঢিমিক ঢামাক পোহৰৰ মিছিলটো পাৰ হৈ নোযোৱালৈকে অপলক নেত্ৰেৰে চাই ৰঁও একো নভবাকৈয়ে । উকা মনটোৰ মাজত ঘুৰি ফুৰে এখন মুখ , এযোৰ চকু । লাহে লাহে চকুযুৰিৰ সৈতে চেহেৰাটোও ভাল লগা হৈ পৰিল , তেঁওক নেদেখিলেও , লগ নাপালেও তেঁওৰ কথা ভাবি ভাল লগা হ’ল , মনত অনুভৱ কৰিলোঁ ভালপোৱাৰ তীব্ৰতা , ভাল লগাৰ অবুজ তাড়না । সেই ভালপোৱা অনন্য , সেই ভালপোৱা অপূৰ্ব , জালুকবাৰীত হ’ব পৰা প্ৰেমৰ অন্য এক সংজ্ঞা , যাৰ কোনো নাম নাই , যি প্ৰেমত মতলীয়া হ’ব পাৰে যিকোনো প্ৰেমিক চৰাই ।

যিমানেই চকুযুৰিৰ কথা ভাবোঁ সিমানেই উদাস হৈ পৰোঁ যদিও কাকো ক’বও নোৱাৰোঁ , বুজাবও নোৱাৰোঁ একো । পুৱাৰ চাহৰ বেল পৰাৰ পিছতে পিছে উদাসী মনটো প্ৰফুল্লিত হৈ পৰে , চুন্নী সোমাই আহে সজীৱ হাঁহিটোৰে সৈতে , আহিয়েই কৈ যায়হি প্ৰেক্টিচৰ কথাবোৰ , মুনমুনিও সোমাই আহে চাহৰ কাপটো লৈ , তাহাঁতৰ ফুৰ্তিবোৰে গোটেই জুনিয়ৰ বোৰৰ ফুৰ্তিৰ কথা কয় , চিনিয়ৰক দিয়া নামবোৰ আৰু চিনিয়ৰৰ কাৰণে থকা মনোভাৱবোৰৰ কথা কয় , সিহঁতৰ মাজত নিজকে বিচাৰি চাঁও , চকুযুৰি বুকুতে জিৰায় ।

সন্ধ্যা হোৱাৰ লগে লগেই হোষ্টেলটো মুখৰ হৈ পৰে , দীপ্তদা আৰু প্ৰণৱদা সোমাই আহে এজাক জোনাকীৰ জিলমিল হৈ , লগত দীপম দা । দীপ্তদা আৰু প্ৰণৱদাৰ সামগ্ৰিক পৰিকল্পনা , পৰিচালনা আৰু ৰচনাৰে নাটক আৰু স্কিটৰ আখৰা চলে পূৰাদমে , পূৰ্ণোদ্যমে । নাটক খনৰ নামটো পাহৰিলোঁ যদিও বাস্তৱ প্ৰেক্ষাপটত ৰচিত স্কিটখনে আৰম্ভণিৰেপৰা মন মগজুত থিতাপি ল’লে , স্কিটৰ নাম আছিল ” বুকটা ফাইটতা যায় ” । সেই সময়ৰ বিখ্যাত আৰু জনপ্ৰিয় বুকটা ফাইটতা যায় শীৰ্ষক গীতটোৰপৰা লৈছিল আমাৰ স্কিটৰ শিৰোণাম , বাংলাদেশৰপৰা অবৈধ প্ৰব্ৰজন হৈ অহা পৰিয়াল এটা কিদৰে অসমত প্ৰৱেশ কৰেহি আৰু আহিয়েই কেনেদৰে গোজেই গজালি হৈ থিতাপি লয়হি আৰু পিছলৈ ৰাজনৈতিক ক্ষেত্ৰখনতো ভুমুকি মাৰি শাসনৰ বাঘজৰীডাল নিজৰ হাতলৈ নিয়াৰ চেষ্টা কৰে তাৰে এক বাস্তৱিক উপস্থাপন আছিল সেই স্কিটৰ কাহিনীভাগত । বাংলাদেশী মিঞা গদৰুদ্দিন ৰ বিবি আছিল দুজনী , ফাতেমা আৰু খালেদা । গদৰৰ ভূমিকাত আছিল আমাৰ মৰমলগা জুনিয়ৰ বৰ্ণালী , বাংলা ভাষাত দক্ষ ছোৱালীজনীয়ে খুব সুন্দৰকৈ বাংলা দোৱানী ভাষাত ঠিক অনুপ্ৰৱেশকাৰী সকলে কোৱাৰ দৰেই কয় ডায়েলগবোৰ , গদৰৰ বিবি দুজনীৰ ভাৱত তিৰু আৰু মই , আমিও তাই শিকোৱাৰ দৰেই ভগা ভগা বাংলা মিহলি অসমীয়াত আমাৰ ডায়েলগবোৰ আওৰালোঁ । স্কিটৰ আখৰাত ইমানেই মচগুল হৈ গৈছিলোঁ আৰু সোমাই পৰিছিলোঁ যে নাটকৰ আখৰা আমাৰ বাবে গৌণ হৈ পৰিছিল , দীপ্তদা আৰু প্ৰণৱদায়ে মনে প্ৰাণে আমাক প্ৰতি ক্ষেত্ৰতে আগুৱাই লৈ গ’ল । সমানে আখৰা চলিল মাইমৰ , মাইমত আটাইকেইজনী জুনিয়ৰেই অংশ ল’লে , কৰিবলে মন থাকিলেও সময়ৰ অভাৱত মাইমৰ আশা সিমানতে বাদ দিলোঁ ।

সমৱেত সংগীতৰ প্ৰেক্টিচ সেইবাৰ পিছে RCC 4 boys hall ত নহৈ আমাৰ হোষ্টেলতে হ’ল , প্ৰণৱদাৰ সুৰে হোষ্টেলৰ চৌপাশ ৰজনজনাই গ’ল , গানৰ তালে তালে হয়তো মিলিছিল বহুতৰ হিয়াৰ তাল মিলো , দাদাৰ লগত বন্ধু দিলীপ ছাঁৰ দৰে থাকিল প্ৰতি সময়তে , দিলীপ গ’লে আমাৰো ভাল লগে , দাদাহঁতৰ গালিকেইটা হজম হয় সহজতে । ইফালে সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয়বস্তুৰ বিষয়ে বিষদভাৱে জানিবলৈ ৰবীন শৰ্মাদাক মেঘালীতে লগ কৰিলে আনে শুনিব বুলি তেঁওক আমাৰ হোষ্টেলৰ ভিজিটিং ৰূমলৈকে মাতোঁ , সেইখিনি সময়ো হৈ পৰে আমাৰ বাবে বিশেষ । আমাৰ বিষয়বস্তু আছিল ‘ মানৱ বিকাশ ‘ । ভাৰ্ছিটি ৱিক এক সাংঘাতিক ছেণ্টিমেণ্ট , এই ছেণ্টিমেণ্ট বিশেষকৈ হোষ্টেলৰ ছেণ্টিমেণ্ট । হোষ্টেলৰ বাহিৰে আৰু নিজৰ হোষ্টেলৰ ছোৱালীবোৰৰ বাহিৰে আন ঠাইত থকা বন্ধু বান্ধৱীবোৰৰ কথা ভাবিবলৈ আহৰি নথকা ব্যস্ততাৰ ছেণ্টিমেণ্টৰ সময় সেইয়া । এই সকলোবোৰৰ মাজতে পাহৰণি হৈ থাকি গৈছিল এক বিশেষ প্ৰস্তুতি । যাৰবাবে ভুগিব লগীয়া হৈছিল সাংঘাতিক মনোকষ্টত ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭২

ভাৰ্ছিটি ৱিকৰ তাৰিখ ঠিক হোৱাৰ লগে লগে জালুকবাৰীৰ উশাহে উশাহে কেৱল ভাৰ্ছিটি ৱিকৰ ব্যস্ততা , য়ুনিভাৰ্ছিটিৰ চতুৰ্দিশে মাথোঁ ভাৰ্ছিটি ৱিকৰ কথকতা । আমি আকৌ এবাৰ ভাৰ্ছিটি ৱিকৰ অভিজ্ঞতাৰে সমৃদ্ধ হ’বলৈ সাজু হ’লোহঁক , সাজু হ’লোহঁক আগৰবাৰেই নিজকে দিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ । হোষ্টেলে হোষ্টেলে পুনৰ প্ৰতিধ্বনিত হ’ল হোষ্টেলবোৰৰ পুৱতি নিশাৰ টং টং ঘণ্টা ,তাৰ লগে লগেই ‘ সাৱধান বিশ্ৰাম …… আৰু তাৰ সুৰে সুৰে নিৰ্দিষ্ট চিনিয়ৰৰ লগে লগে জুনিয়ৰ বোৰৰ পুৱাৰ চিকুণ টোপনিৰ পৰা জলমল চকুৰে উঠি অহা উৎসুকতাৰে ভৰা সুমধুৰ পুৱাবোৰ । দৃশ্যপট সলনি হোৱা নাছিল , সলনি হৈছিল মাথোঁ দায়িত্বগধুৰ মুখবোৰহে , আগৰ বছৰৰ মণিবা , মাপুইবা , জেস্সীবা , চিন্ময়ীবা , গীতাবা , মিনিবা , বৰ্ণালীবা , জীনাবাহঁতৰ দায়িত্ববোৰ কান্ধ পাতি ল’বলগীয়া হৈছিল আমি চিনিয়ৰবোৰে । আমাৰ জুনিয়ৰবোৰ যেতিয়া পুৱাই ওন্দোলা মুখেৰে ওলাই আহি হাঁহি এটিৰে আদৰুৱা সম্ভাষণ জনায় , তেতিয়াই এবছৰৰ আগৰ নিজকে দেখা যেন লাগে , প্ৰত্যেকেই পিছে বেছ উছাহেৰেই প্ৰতিটো বিভাগতে অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক হোৱাত আমাৰ প্ৰত্যাহ্বানৰূপী সপোনটো দিঠকত পৰিণত হোৱাৰ দিশে উৎসাহেৰে এঢাপ আগুৱাই যাবলৈ সাহ পালোহঁক । জুনিয়ৰ ছোৱালীবোৰ নিৰ্বাচন কৰিবলৈ সেইবাৰ বিশেষ দিগদাৰ হোৱা নাছিল পিছে , ভলী আৰু কাবাডীৰ টিম সাজু হৈয়ে আছিল , ইফালে ইণ্টাৰ হোষ্টেল কম্পিটিশ্যনত দুয়োটা শাখাতে চেম্পিয়ন হৈ খামিডাঠ হৈয়েই আছিলোহঁক ।

সাংস্কৃতিক আৰু খেলবিভাগৰ দৰে দুটা গুৰুত্বপূৰ্ণ দায়িত্বত থাকি চিন্তাৰ ভাৰ আৰু ভৰ দুয়োটাই গধুৰ হৈ পৰিল । সাহ হৈ থিয় দিলে আকৌ আমাৰ চুবুৰীয়া হোষ্টেল AT 9 , সেইটো হোষ্টেলৰ আৱাসীসকলৰ সমৰ্থন আৰু আশ্বাসৰ হাত পুনৰ আমাৰ হোষ্টেলৰ লগত থকাত আমাৰ ভয়টো কমিল যদিও , শ্ৰেষ্ঠ হোষ্টেলৰ সপোন আৰু প্ৰত্যহ্বানে বাৰুকৈয়ে চিন্তান্বিত কৰিলে । কেৱল খেল অথৱা নাটক , নৃত্যতেই শ্ৰেষ্ঠ হ’লেই নহ’ব , শ্ৰেষ্ঠ হোষ্টেল হ’বৰ বাবে সাহিত্য – সংগীত , শোভাযাত্ৰা প্ৰত্যেকটো বিভাগতেই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিব লাগিব , তেহে আমাৰ সপোন পূৰণৰ বাট প্ৰশস্ত হ’ব । আমাৰ চিনিয়ৰৰ মাজত মিটিং হ’ল , আমাৰ চিনিয়ৰ সকলৰ অভাৱ সঁচাকৈয়ে বৰকৈ অনুভৱ কৰিলোঁ , চিনিয়ৰৰ চোলাটো কেৱল পিন্ধিলেই যে চিনিয়ৰৰ দায়িত্ব পালন কৰিব নোৱাৰি , তাক আমি পদে পদে বুজি পালোঁ । আমাৰ ভাৰ্ছিটি নীতি ( ৰণ নীতিৰ পৰা লৈছোঁ ) তৈয়াৰ হ’ল আমাৰ মাজত , প্ৰত্যেকেই শপত ল’লোঁ নিজৰ দায়িত্বত থকা বিভাগবোৰ সুকলমে পৰিচালনা কৰিবলৈ , তাৰ বাবে প্ৰয়োজনীয় সকলো চেষ্টা আৰু শ্ৰম নিষ্ঠাৰে দান দিবলৈ ।

আকৌ পঢ়াৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰাৰ সময় আহি পৰিছিল , সেইবাৰ আৰু বেছিকৈয়ে ভাৰ্ছিটি ৱিকৰ বায়ে বলিয়া কৰিছিল । মোৰ দায়িত্বত থকা দুয়োটা বিভাগৰেই একান্ত সহযোগী হোষ্টেল আছিল AT 9 । জিনাক্ষিৰ লগ হৈ তিৰু , ৰিতু , মই আমি একেলগে সোমাই গ’লোঁ আমাৰ মৰমৰ ল’ৰাবোৰৰ হোষ্টেললৈ । সেইবাৰ সাংস্কৃতিক বিভাগত থকা নাটক , স্কিট আৰু মাইমৰ বাবেও আমি তেঁওলোকৰ লগত যোগাযোগ কৰিলোঁ , কথা হ’লোঁ । আমাৰ বাবেযে দূৰণিৰ ৰৌ বৰালিতকৈ ওচৰৰ পুথি খলিহণাহে বেছি গুৰুত্বপূৰ্ণ আছিল , তেঁওলোকৰ উৎসাহবোৰ আমাৰ সাহ হৈ পৰিছিল , আমিও গুৰুত্বপূৰ্ণ হৈ পৰিছিলোঁ তেঁওলোকৰ বাবে নিঃস্বাৰ্থ ভাৱেই । ভলী শিকাবলে দেৱদা আৰু প্ৰশান্তদা আছিলেই , এইবাৰ নাটক আৰু স্কিটৰ সামগ্ৰিক পৰিকল্পনাৰ বাবেও তেঁওলোকৰ হোষ্টেলৰ দীপ্তদা আৰু প্ৰণৱ দাৰ ওচৰ চাপিলোহঁক ।

কোনোদিন আমাৰ কোনোধৰণৰ প্ৰস্তাৱ উপেক্ষা নকৰা হোষ্টেলটো আগবাঢ়ি আহিল আমাক সহায় কৰিবলৈ , দুয়োজন দাদায়েই অন্তঃকৰণে আগবঢ়ালে তেঁওলোকৰ অাশ্বাসভৰা দুহাত । সেই দুহাতৰ জোৰতেই আগবাঢ়িলোঁ আন এটা বন্ধু হোষ্টেল AT 8 লৈ , কাবাডীত আছিলেই তেঁওলোকৰ জোৰ , এইবাৰ গৈছিলোঁ দীপমদাৰ ওচৰলৈ , ভাল মাইম আৰ্টিষ্ট দীপমদায়ে সমৰ্থন দিছিল আমাৰ প্ৰস্তাৱত , তেঁও মাইম শিকাবলৈ দীপ্তদা আৰু প্ৰণৱদাৰ লগতে আমাৰ হোষ্টেললৈ যাব বুলি জনোৱাত ভালেই পালোঁ আমি । মূল মূল বিভাগকেইটাৰ চিন্তা আঁতৰিল যদিও , সাংস্কৃতিক শোভাযাত্ৰাত কি কৰিলে ভাল হ’ব তাৰ বাবে চিন্তা হ’ল আকৌ । পিছে সেই চিন্তাও দূৰ কৰিছিল আমাৰ ৰবীনদাৰ মেঘালীত লগ পোৱা ৰিচাৰ্ছ স্কলাৰ ৰবীন শৰ্মাদায়ে , কথা প্ৰসংগত তেখেতৰ আগত আমাৰ শোভাযাত্ৰাৰ বিষয় সম্পৰ্কে কোৱাত তেখেতে স্বেচ্ছাই সহায় কৰিবলৈ আগবাঢ়িল , আমাৰ উৎসাহ দুগুণে চৰিল , সপোনটো চকুৰপৰা বুকুত বহিল ।

ৰূণাক জনাইছিলোঁ কথাবোৰ , তাই মূৰ দুপিয়াইছিল , তাইৰ মিচিকি হাঁহিৰে সন্মতি জনাইছিল , সেইটো আছিল বিশ্বাসৰ হাঁহি , ভৰষাৰ হাঁহি । তাইৰ বিশ্বাস আৰু দৃঢ়তাই হোষ্টেলৰ সকলোৰে বিশ্বাসবোৰ দৃঢ় কৰিছিল । এই সকলোবোৰৰ লগে লগে আগবাঢ়িছিল ছোৱালীবোৰৰ গাইগুটীয়া প্ৰস্তুতিবোৰ , আমাৰ হোষ্টেলৰ ৱাল মেগাজিনৰ লেখাবোৰৰ সংগ্ৰহ আৰু পৰিকল্পনা , লভিতা ধৰ্মিষ্ঠাবা আৰু ৰশ্মিৰ ব্যস্ততাবোৰো হৈ পৰিল আমাৰ ব্যস্ততা । সেইকেইদিনতে ৱাল মেগাজিনৰ কথা আলোচনা হৈ থাকোঁতে বৰ দোষণীয় আৰু অক্ষমণীয়া অপৰাধ এটা কৰিলোঁ ৰশ্মিৰ ওচৰত , শ্ৰেষ্ঠ হোষ্টেলৰ সপোনে ইমানেই মতলীয়া কৰিছিল যে , কাৰোবাৰ ইম’শ্যনত আঘাত লাগিব পাৰে কিছুমান কথাৰ বাবে সেইটো পাহৰিয়েই গৈছিলোঁ বহু সময়ত । তেনেকুৱা এটা ঘটনাই ঘটিছিল সেইদিনাও ভাত খোৱাৰ পিছত ডাইনিং হলত ।

আমাৰ ভাৰ্ছিটি নীতিৰ এটা এৰাব নোৱাৰা নীতি হৈ পৰিছিল দিনটোৰ খতিয়ান ভাত খোৱাৰ পিছত ডাইনিং হলত ডাঙি ধৰাতো , কিবা কথাত যদি আঁসোৱাহ থকা যেন লাগে তাতেই আমি চিনিয়ৰখিনিয়ে বহি আলোচনা কৰোঁ , ৱাল মেগাজিনৰ লেখাবোৰ সংগ্ৰহ কৰি আছিল আলোচনীৰ দায়িত্বত থকা গোটেইকেইজনীয়ে , ধৰ্মিষ্ঠাবায়ে মোক কোনোধৰণে বাদ দিব পৰা নাছিল লেখাবোৰ নিৰ্বাচন কৰাৰ পৰা , লভিতায়েও আলোচনা কৰিছিল সেইবিষয়ে , লেখাবোৰৰ লগতে আলোচনা হৈছিল লেখকৰ কথাও , হাতৰ আখৰৰ কথা । ঠিক হৈছিল ভাল হাতৰ আখৰৰ গৰাকীক নিৰ্বাচন কৰি উলিওৱাৰ কথাটো , ইফালে ৰশ্মিয়ে ভাবিছিল তাই নিজেই লেখাবোৰ কপি কৰাৰ কথা । ৱাল মেগাজিনৰ প্ৰতিযোগিতাত হাতৰ আখৰৰ গুৰুত্ব যথেষ্ট বেছি , কটনত পঢ়া দিনৰেপৰাই ৱাল মেগাজিনৰ প্ৰস্তুতিবোৰৰ লগত কম বেছি পৰিমাণে জড়িত হৈ থকাত ৱাল মেগাজিনৰ বিষয়ে সাধাৰণ জ্ঞান অকণ আছিল , আগৰবাৰ চিনিয়ৰসকল থকাৰ বাবে আমি বিশেষ জড়িত নাছিলোঁ বাবে কেনেকৈ কি কৰিছিল গম নাপালোঁ । গতিকে আমাৰ বাৰত যাতে আমি সৰ্বাংগ সুন্দৰ ৱাল মেগাজিন এখন উলিয়াব পাৰোঁ তাৰ বাবে তৎপৰ হৈ পৰিলোঁ , আৰম্ভ হ’ল মিশ্যন হাতৰ আখৰ ।

সেইদিনাও লভিতা আৰু ধৰ্মিষ্ঠাবা বহি আছিল ডাইনিং হলৰে মাজৰ বেঞ্চ এখনতে সন্মুখত লেখা এগাল লৈ । তিৰু , ৰিতু , জিনাক্ষি আৰু মই ভাত খাই আজৰি হৈ থিয় দিলোগৈ ধৰ্মিষ্ঠা বাহঁতৰ আগত । প্ৰসংগ হাতৰ আখৰ , আগতীয়াকৈ গম পাইছিলোঁ ৰশ্মিৰপৰাই , ৱাল মেগাজিনত তাইৰ হাতৰ আখৰেৰেই লিখিব বুলি ।

ৰশ্মিয়ে লিখিব বুলি জানি তাইৰ হাতৰ আখৰ চাইছিলোগৈ , লিখিব পৰা হয়নে নহয় চাবলৈ , তাইৰ হাতৰ আখৰ যথেষ্ট ধুনীয়া আৰু পৰিপাটি আছিল যদিও অলপ পাক খোৱা , ডাঙৰ আৰু ওপৰলৈ যোৱা বেঁকাকৈ আছিল মই চোৱা বহীখনত , সেইখন দেখি অলপো মনঃপুত নহ’ল ৱাল মেগাজিনৰ বাবে । ৰশ্মিৰ আগত খোলাকৈ ক’ব নোৱাৰিলোঁ যদিও ধৰ্মিষ্ঠাবাক ক’বলৈ বুলি ভাত খোৱাৰ পিছতে লগত ৰৈ থকা জনীৰ কান্ধতে হাত থৈ আঁকোৱালি ধৰি ধৰ্মিষ্ঠাবাৰ আগত কৈ গ’লোঁ ,

” বা , হাতৰ আখৰৰ গুৰুত্ব ৱাল মেগাজিনত যথেষ্ট বেছি , ৰশ্মিক লিখিবলৈ নিদিব প্লিজ ….. তাইৰ আখৰবোৰ ডাঙৰ আৰু বেঁকা । “

মোৰ কথা শুনি লভিতা আৰু বা দুয়োজনীয়ে অবাক হৈ মোলৈ চাই থাকিল , চকু পঢ়িব জনা ছোৱালীজনীয়ে সিদিনা চকুৰ ভাষা পঢ়িবই নিবিচাৰিলোঁ , মুঠতে ৰশ্মিৰ হাতৰ আখৰৰ বদনাম ৰটাতহে লাগিলোঁ , ইফালে সন্মুখৰ দুজনীৰ চকু বহল হৈ গৈ থাকিল , জিনাক্ষিয়ে মোক চিকুটি চিকুটি বাহু বিষোৱাই দিলে , মোৰ হ’লে ভ্ৰুক্ষেপেই নাই , কাৰো কথা পৰোৱাই নকৰি মোৰ মুখ চলি থাকিল । হঠাতে অনুভৱ কৰিলোঁ মই যাৰ কান্ধত ভেজা দি কথাবোৰ ক’বলৈ সুবিধা পাইছিলোঁ সেই কান্ধটো হঠাতে এচাৰ মাৰি দুপদুপাই আঁতৰি গ’ল , তথাপিও মাথা মুণ্ডত একো নেখেলালে । তেতিয়াহে ধৰ্মিষ্ঠা বাৰ উশাহ ঘুৰি আহিল যেন , হঠাতে সাৰ পোৱা মানুহৰ দৰে চক্ খাই মোক মোৰ ওচৰৰ পৰা দৌৰি যোৱা গৰাকীৰ পিছে পিছে যাবলৈ ক’লে আৰু গৈয়ে ক্ষমা খুজিবলৈ ক’লে । ঘটনাৰ আকস্মিকতা নিজেই বুজি পোৱাৰ আগতেই ইহঁত কেইজনীয়েও দমদমাই আহিল , নাহিবই বা কিয় ! যাৰ কান্ধত ভেজা দি ৰশ্মিৰ বদনাম গাই আছিলোঁ , তেঁও যে স্বয়ং ৰশ্মিয়েই আছিল । কি হ’ল কেনেকৈ হ’ল নুবুজাকৈয়ে দৌৰ মাৰিলোঁ থাৰ্ড ব্লকৰ তাইৰ ৰূমলৈ , তাই তেতিয়া দৰ্জা ভিতৰৰ পৰা জপাই হুকহুকাই কান্দি আছিল তাইৰো একান্তই আপোন আকাশখনলৈ চাই । বাহিৰত স্থানুৰ দৰে আছিলোঁ মই , দুৱাৰত টোকৰ দিব খুজিও পৰা নাছিলোঁ হাতটো ডাঙিব , তীব্ৰ অপৰাধবোধত ভুগি অনুভৱ কৰিলোঁ অনধিকাৰ প্ৰৱেশৰ ভয়াবহতা ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭১

” তুমিহীনতাত এতিয়া নিঃসংগতা থাকে / মোৰ মতে , সি এক বিশ্বাসী সহচৰ” ( কবিৰ নাম পাহৰিছোঁ )

যেতিয়াই সেই সুগভীৰ দুচকুলৈ মনত পৰে , তেতিয়াই এই কবিতাফাঁকিও মনলৈ আহে , বৰ নিঃসংগ হৈ পৰোঁ বন্ধু বান্ধৱে আৱৰি থকা কিছুমান সময়তো । তেনে সময়তে আপোন হৈ পৰে হোষ্টেলৰ ছাদখন , হু হু শুন্যতাবোৰৰ স’তে একমনা হৈ বহি থাকোঁ বহু সময় অকলে অকলে , তেনেতে ৰু ৰুৱাই বলি থকা দেহমন জুৰুৱা বতাহ জাকেও চুপতি কৰে মেলি থোৱা চুলিকোঁচাৰ স’তে , বাৰে বাৰে গালে মুখে চুলিবোৰে চুই আমনি কৰে ভাৱনাত আকাশৰ তৰাবোৰ আপোন হৈ পৰা সময়বোৰতে । সেই সময়ত কি মায়া হৈছিল নাজানো , নাম নজনা ভাৱবোৰে মাথোঁ চকু এযোৰকেই নিজৰ কৰি লৈছিল , তেঁওৰ চকুযুৰিৰ বাদে যেন ভাল লগা কথা নাছিলেই ভাবিবলে । কাকো ক’ব নোৱাৰা কথাবোৰ ৰেইন-ট্ৰি জোপাৰ লগতে ভগাই লঁও , একান্ত বাধ্য ছাত্ৰৰ দৰেই নীৰৱে শুনি যায় মোৰ প্ৰতিটো কথাই , মাজে মাজে এটি দুটি পকা পাত সৰি পৰে মোৰ কোলাত , যেন এটি হালধীয়া অকণমানি পখিলা । কথাবোৰ কাৰোবাক ক’বলৈ মন গৈছিল , তেঁওৰ চকুযোৰ মোৰ চকুৰে দেখাৰ দৰেই আনকো দেখুৱাবলৈ মন গৈছিল , দূবৰিক নোকোৱাকৈ নোৱাৰিলোঁ , আৰু কেৱল চকুযোৰহে যে ভাল লাগে তাকো ক’লোঁ , মিচিকিয়া হাঁহিটোৰেই তায়ো শুনি মাথোঁ মূৰ দুপিয়ালে । সেইয়া যে প্ৰেম নাছিল , সেইয়া মায়াহে আছিল , মায়া আছিল এযোৰ বিশাল চকুৰ প্ৰতি , জালুকবাৰীৰ মায়াবোৰত আৰু এটা মায়া যোগ হৈছিল , চকুৰ মায়া ।

মায়া লগা চকুযুৰিৰ প্ৰেমত শতদল ফুলাৰ সময়তেই হোষ্টেলৰ কেইবাজনীও ছোৱালীৰ জীৱন জালুকবৰীয়া প্ৰেমত মতলীয়া হৈছিল , টিকে দা হিমু মাইনা দুয়োৰে মন খাপ খাই পৰিছিল , ৰিতু বুমনৰ প্ৰেম আকৰ্ষণীয় হৈ যোৱাৰ লগে লগে ৰিতুৰ ক’ল্ড ড্ৰিংকচ্ ৰ বটল খুৰাহঁতক দিয়াৰ সংখ্যাও বাঢ়ি গৈছিল , জিনাক্ষিহঁতৰো তাহাঁতৰ হিতে অনুকুলে চলি আছিল যদিও দুয়োৰে সংঘাতো চলিছিল বহুবোৰ কথাত , তাই জেদী হ’লেও মানি লৈছিল প্ৰেমিক বন্ধুৰ আব্দাৰবোৰ , তিৰুৱেও তাইৰ শৈশৱৰ প্ৰিয়বন্ধুৰ প্ৰতি প্ৰেমৰ তাড়না অনুভৱ কৰিছিল , প্ৰিয়বন্ধু যে আছিল তাইৰ আশৈশৱ প্ৰেমিক । আমাৰ লগৰবোৰৰ দৰেই জুনিয়ৰবোৰৰো প্ৰেমকাহিনী ঘুনুক ঘানাককৈ শুনিবলৈ পালোঁ , সেই লৈ কেতিয়াবা এছেম্বলীত ভালকৈ এখণ্ড চলেও , চুন্নীয়ে চন্দনক লগ পালে , তাই অকণো লুক ঢাক নকৰাকৈ কৈ গ’ল মোৰ আগত চন্দনৰ কথা , তাহাঁতৰ ভালপোৱাৰ কথা । এদিন মাৰ্কেটলে মোক লৈ গৈ চন্দনক চিনাকি কৰাইও আনিলেগৈ , সুখী হ’লোঁ তাইৰ সুখত , পিছে মাজে মাজে ভয়ো লাগি থাকিল , কেনেবাকৈ তাই প্ৰেমৰ বাবে এছেম্বলীত গালি খাব লগীয়া হ’লে কিদৰে চম্ভালিম তাইক । এজনী মৰম লগা জুনিয়ৰ ৰ অন্তৰত বাঁহ ল’লে AT 9 ৰ এজন দাদায়ে ( বৰ্তমান তেখেত পৰলোকগামী ) , যি মোক আৰম্ভণিৰে পৰাই ভনী সম্বোধন কৰিছিল , ভলী খেলিবলৈ যাঁওতে প্ৰথম দেখাৰপৰাই তই বুলিছিল , তেঁওৰ প্ৰেমত পৰি মৰম লগা অকণমানি জুনিয়ৰজনী আৰু কাষ চাপি আহিল ।

ইলেক্স্যনৰ এসপ্তাহমানৰ পিছত সকলোবোৰ পুনৰ আগৰদৰেই হৈছিল , জিনাক্ষিও ওলাই আহিছিল তাই সাজি লোৱা লেটাটোৰ পৰা , তাইও মুকলিমুৰীয়া হৈছিল সকলোৰে দৰেই । আমাৰ আকৌ ক্লাছবোৰ নিয়মীয়াকৈ আৰম্ভ হৈছিল , আৰম্ভ হৈছিল ক্লাছৰ ফাঁকে ফাঁকে আমাৰ আড্ডাবাজ দগাবাজ বন্ধুবোৰৰ চাহ মেল , ভাত মেল । RCC 1 boys hall ৰ room no 5 আমাৰ ভাতঘৰ হৈছিল , দূবৰি , মই , গীতচ্ , বৰ্ণালী , বিউটি , ৰূক্মিণী আমি কেইজনী সেইটো আড্ডাবাজৰ আড্ডাবাজী , লগত অংশুমান , টিকু , কল্প , ৰাজীৱ , চম্পকহঁত থাকেই । তাৰ হোষ্টেলৰ গেইটত আমাক দেখিলেই মইনাবোৰে চিঞৰা হ’ল , ” ঐ সঞ্জীৱ……… মইনা আহিছে অ’ মইনা ……. ”

সি চিফুং আমাৰ বাকীবোৰ বন্ধুতকৈ বহুতবেছি বেলেগ আছিল , সহজ সৰল ল’ৰাটোৰ গহীন আৰু অমায়িক স্বভাৱটোৰ বাবেই সকলোৰে বৰ মৰমৰ হৈ গৈছিল , সিও বৰ আন্তৰিকতাৰে লৈছিল বন্ধুত্বক । আৰ্টচ্ কেণ্টিনত বহি আমি চাহৰ জুতি লৈ থাকোঁতে কথা পাতোঁ বিভিন্ন , তাৰমাজতে আমাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে কেণ্টিনত কাম কৰা ৰাজকুমাৰ নামৰ সৰু ল’ৰা এটা । আগবেলা স্কুললৈ যোৱা ল’ৰাটো দুপৰীয়াৰপৰা কেণ্টিনত থাকে , তাকো সদায় নগৈছিল চাগে , তাৰ মুখত অনবৰতে লাগি থাকে এটা অমায়িক হাঁহি ঠিক চিফুঙৰ ( সঞ্জীৱৰ ) দৰেই । সেয়েহে দুয়োটাৰে দোষ্টীও আছিল জবৰদস্ত , আমি চাহ খাবলৈ গ’লে সি থাকিলে তালৈও এটা চাহ আৰু চিঙৰাৰ অৰ্ডাৰ কৰে চিফুঙে , সি নিজেই লৈ অহা চাহৰ ট্ৰে’ খনৰপৰা আমাৰ মুখৰ আগে আগে থৈ যায় চাহৰ চিচাৰ গিলাচবোৰ এক বিশেষ কায়দাৰে খটং খটংকৈ । অৱশেষত মুখত সন্তুষ্টিৰ হাঁহি লৈ সি একে শোহাই পি থয় তাৰ চাহ গিলাচ আৰু জেপত ভৰাই থয় চিঙৰাটো ভায়েকলৈ বুলি ।

বহত পঢ়াই কৰিবলৈ মন থকা ল’ৰাটো হঠাতে নোহোৱা হ’ল , আমি বহুত খবৰ কৰিও একো গম নাপালোঁ তাৰ কথা । চিফুং দুখী হয় আটাইতকৈ বেছি । সেই চিফুঙৰে এদিন য়ুনিভাৰছিটিৰ মেইন গেইটৰ পৰা আগলৈ গৈ আমাৰ ডিপাৰ্টমেণ্টলৈ যোৱা বাটটোৰ আগতে এক্সিডেণ্ট হয় , গুৰুতৰ নাছিল যদিও ভয়ানকেই আছিল দুৰ্ঘটনাটো , তাৰ সাৱধানতাৰ বাবেহে গুৰুতৰ ৰূপ ল’বলৈ নাপালে , ততাতৈয়াকে তাক জি ইউ হস্পিতেললৈ নিয়ে যদিও তাত পোৱালৈ তেজেৰে তুমৰলি হোৱা ল’ৰাটোক প্ৰেৰণ কৰে জি এম চি এইচলৈ । জালুকবাৰীৰপৰা জি এম চি এইচ পোৱালৈকে সেই আধাঘণ্টাৰ বাটচোৱা আমাৰ বাবে নাযায় নুপুৱাই যেন লাগিছিল , তাৰ তেজ ৰোৱা নাছিল , গাড়ীৰ চালকক চিঞৰিছিলোঁ আমি আৰু স্পীডত গাড়ী চলাই নিবলৈ । এসপ্তাহৰ মূৰত ভাল হৈ হোষ্টেললৈ ওভটা ল’ৰাটোৰ লগত গোটেই ডিপাৰ্টমেণ্টৰ ল’ৰা ছোৱালীবোৰ ব্যস্ত হৈ পৰিছিল , চকুৰ কোণত বিৰিঙি উঠা তাৰ চকুপানীকণ লুকুৱাই ৰাখোঁ বুলিও সি লুকুৱাব পৰা নাছিল । সি ভাল হৈ নুঠালৈকে তাৰ পঢ়া শুনাৰ খা খবৰ লৈ থকাটো হৈ পৰিছিল আমাৰ দায়িত্ব ।

ইফালে আৰম্ভ হৈছিল ফ’ৰ্থ চেমৰ ছেশ্যনেল , চেমিনাৰ , এচাইনমেণ্টৰ উৎসৱ , আমি উশাহ ল’বলৈও সময় নোপোৱাকৈ পঢ়াতেই ব্যস্ত হৈ পৰিলোঁ কেইদিনমান , পিছে য়ুনিভাৰ্ছিটিত জানো পাৰি তেনেকৈ পঢ়াত মূৰ গুজি থাকিব ? ছাত্ৰ একতা সভাৰ শপত গ্ৰহণৰ পিছতে ওলাইছিল ভাৰ্ছিটি ৱিকৰ কথা , সেইবছৰ আগৰ দৰেই সময়মতে ভাৰ্ছিটি ৱিক পতাৰ সিদ্ধান্ত লোৱা হৈছিল , ঠিক হৈছিল ২০ জুনৰপৰা ভাৰ্ছিটি ৱিকৰ দিন । আকৌ আৰম্ভ হৈছিল মাহযোৰা ব্যস্ততাৰ সময় , দায়িত্বৰ ভাৰ । সেইবাৰ পিছে ভাৰ্ছিটি ৱিকৰ কথা শুনিয়েই ভয় লাগিল , বুকুৰ ঢুকঢুকনিটো বাঢ়ি গ’ল , সেইবাৰ যে আমাৰ কান্ধতে আছিল সকলো দায়িত্ব , চিনিয়ৰৰ দায়িত্ব । আকৌ প্ৰৱল হৈছিল শ্ৰেষ্ঠ হোষ্টেল খিতাপৰ সপোনটো , গোটেই য়ুনিভাৰ্ছিটিখনেই হৈ পৰিছিল প্ৰতিযোগিতাময় ।

পিছে সমস্যাৰো অন্ত নাছিল য়ুনিভাৰ্ছিটিখনৰ , বেছি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল আৱাসীবোৰ । ডেকা ডেকেৰীৰ তেজে উথলি থকা য়ুনিভাৰ্ছিটিত কিবা সমস্যা হ’লেই জাঙুৰ খাই উঠে সকলোবোৰ একেলগে , আমাৰো একেই হৈছিল , হোষ্টেলৰ পানীৰ সমস্যা , বিকল টেলিফোন , পানীটেংকিৰ শোচনীয় অৱস্থা আদিৰ কথা বাৰে বাৰে কৰ্তৃপক্ষক জনোৱাৰ পিছতো কামত নিদিয়াত বাধ্য হৈ ধৰ্ণা , অৱস্থান ধৰ্মঘট আদিবোৰোৰ কৰিবলগীয়া হৈছিল বহুবাৰ । হোষ্টেলীয়া সকলেও সেইবোৰেই এডজাষ্টমেণ্ট লাইফৰ বুলি লৈ আগবাঢ়িছিল নিজৰ কৰ্তব্যৰ পালন কৰি । সেইবাৰ বাৰিষাৰ আৰম্ভণিৰ পৰাই মাৰ্কেট কেম্পাছ কৃত্ৰিম বানপানীত কেইবাবাৰো ডুব গ’ল , হোষ্টেলৰ কেম্পাছবোৰত পানী এআঁঠু তল গ’ল , ভাগে ভাগে জনোৱা হ’ল গোটেই কথাবোৰ , তথাপিও গা নলৰিছিল দায়শীল ব্যক্তিসকলৰ , পিছে সেইবাৰ নৰজিল কাৰো মইমতালি , মাৰ্কেট কেম্পাছৰ আটাইকেইটা হোষ্টেল লগ হৈ গঢ়ি তুলিলে প্ৰৱল জনমত , ফলত মাৰ্কেট কেম্পাছৰ হোষ্টেলীয়া সকলৰ সমস্যাসমূহ চাবলৈ স্বয়ং উপাচাৰ্য মহোদয় যাবলগীয়া হৈছিল মাৰ্কেটৰ পৰা আৰম্ভ হোৱা কৃত্ৰিম বানপানীৰ মাজেৰে খোজ কাঢ়ি কাঢ়ি । ( তেখেতলৈ ক্ষমা প্ৰাৰ্থনাৰে )

তেখেত গৈছিল হোষ্টেলে হোষ্টেলে সমস্যাবোৰৰ বিষয়ে বুজ ল’বলৈ , সকলোবোৰ খুঁটি নাটি মাৰি টুকি লৈছিল নিজৰ বহীখনত আৰু নিৰ্দিষ্ট বিভাগবোৰত খবৰ দিছিল সমস্যাবোৰ সমাধান কৰাৰ বাবে , বেয়াবোৰ মেৰামতি কৰাৰ বাবে । তেঁও আহোঁতে আটাইতকৈ বেছিকৈ কথা ক’বলগীয়া হৈছিল মই , নামটো লিখি লৈ গৈছিল , মাতিব বুলি ভয় লাগিছিল , ভালো লাগিছিল পিছে । আমি আমাৰ অভিযানত সফল হৈছিলোঁ , আমাৰ সমস্যাবোৰ সাময়িকভাৱে সমাধা হৈছিল , আমাৰ সুবিধা হৈছিল , সুখ হৈছিল মনত । এইবোৰৰ সমানে আৰম্ভ হৈছিল ভাৰ্ছিটি ৱিকৰ আখৰা , সেইবাৰ আছিল আমাৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান , শ্ৰেষ্ঠ হোষ্টেল হোৱাৰ , আমাৰ ভৱিষ্যতৰ আৱাসী সকললৈ এক নজিৰ থৈ যোৱাৰ । দায়িত্ববোৰ ভাগ হৈছিল , সাংস্কৃতিক আৰু খেলৰ দায়িত্ব লৈ ব্যস্ত হৈ পৰিলোঁ নতুন অভিজ্ঞতাৰ সঞ্চয়ন কৰিবলৈ । দায়িত্বৰ লগে লগে মনবোৰো ভাগ হৈছিল । সাহিত্য বিভাগৰ দায়িত্ব আছিল ধৰ্মিষ্ঠা বা , ৰশ্মি আৰু লভিতাৰ । কথা ওলাইছিল ৱাল মেগাজিনৰ , প্ৰতিযোগিতাৰ আওতালৈ অহা ৱাল মেগাজিনখন সৰ্বাংগসুন্দৰকৈ লিখি মেলি সজাই পৰাই তোলাৰ ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭০

ইলেক্স্যনে কথাবোৰ সলনি কৰি পেলাইছিল , সলনি হৈছিল বহুতৰ মন , বহুতৰ সম্পৰ্ক । সেইদিনা ৰিজাল্ট ওলোৱাৰ পিছতে জি এছ পদৰ দুই প্ৰাৰ্থীৰ পুনৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছিল , স্কুলীয়া দিনৰেপৰাই অন্তৰংগ দুই বন্ধুৱে হয়তো বিচৰা নাছিল পুনৰ্গণনা হোৱাটো , পিছে দুয়োৰে সমৰ্থকসকলে মনৰ খু দুৱনি মাৰ যোৱাবলৈকে বিচাৰিছিল পুনৰ ভোট গণনা কৰি । কথাটো মানি লৈছিল নিৰ্বাচন সমিতিয়ে , দুয়ো প্ৰাৰ্থীয়ে মানি লৈছিল ফলাফলটো , তেঁওলোকৰ আপত্তি নাছিল কোনো , কাৰণ দুয়োযে কৈশোৰকালৰে অন্তৰংগ বন্ধু । এফালে যেতিয়া ভোট পুনৰ গণনা হৈ আছিল তেতিয়া দেখা গৈছিল এক আৱেগিক দৃশ্য , ১১ টা ভোটৰ ব্যৱধানত পিছ পৰি ৰোৱা বন্ধু ধ্ৰুৱয়ে ইতিমধ্যেই বিজয়ী হোৱা প্ৰাঞ্জলক সাৱটি শুভেচ্ছা জনোৱাৰ দৃশ্য , সঁচায়ে বৰ আৱেগিক মূহুৰ্ত আছিল সেইখিনি তেঁওলোক দুয়োৰে বাবে আৰু দেখি থকা সকলৰ বাবেও । অৱশেষত প্ৰাঞ্জল বিজয়ী নিশ্চিত হৈছিল ।

তেতিয়ালৈ আমি হোষ্টেল গৈ পাইছিলোগৈ । প্ৰায় এমহীয়া অৱসাদে সকলোকে হেঁচা মাৰি ধৰিছিল যেন , কোনেও কাৰোৰে লগত এষাৰ কথা পতাৰো প্ৰয়োজনবোধ নকৰিলে , হৰাৰ দুখ কেৱল জিনাক্ষিৰে নাছিল , তাইৰ লগতে গোটেই হোষ্টেলটোৰ ছোৱালীবোৰো হাঁৰি গৈছিল , তাই দৰ্জা বন্ধ কৰি সোমাই পৰিছিল কেৱল নিজৰ লগত সময় কটাবলে , পৰাজয়ৰ গ্লানিয়ে তাইক বাৰুকৈয়ে কষ্ট দিছিল , মাতবোল বন্ধ কৰিছিল আনকি খাবলৈও মন কৰা নাছিল একো । আমাৰো অৱস্থা একেই হৈছিল , পিছে পৰিস্থিতিৰ লগত খাপ খুৱাই সাজু কৰিছিলোঁ নিজকে এটি নতুন পুৱাৰ বাবে , হয়তো অকলে অকলে ৰূমত সোমাই তাইও তাকেই ঠিক কৰিছিল । দুখে ভাগৰে জৰ্জৰিত হোষ্টেলটো নীৰৱ হৈ পৰিছিল একেবাৰে , পিছে ভদ্ৰতা আৰু সৌজন্যতাৰ খাতিৰত বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনাবলৈ গেইটৰ মুখলৈ ওলাই যাব লগীয়া হৈছিল , প্ৰতিজন বিজয়ী প্ৰাৰ্থীয়েই ঢোলে ডগৰে আহিছিল ধন্যবাদ জনাবলৈ , কেম্পেইনিঙৰ সময়ৰ আৰু প্ৰতিদ্বন্দ্বিতাৰ সকলো খাম খেয়ালিৰ নিঃশেষ কৰি সকলো আহিছিল নিজৰ সুখৰ সময়কণৰ ভাগ বতৰা কৰিবলৈ । দুখী হৈ থাকিলেও দুখ কৰি থকাৰ সময় নাছিল , সকলো ওলাই গৈছিল , আন আন হোষ্টেলত পানীৰে জুৰুলি জুপুৰি হৈ উৎপাত কৰি অহা বিজয়ী প্ৰাৰ্থীবোৰে পিছে আমাৰ হোষ্টেলৰ আগত অতি সহজ সৰলকৈ অকণো হৈ হাল্লা নকৰাকৈয়ে আমাক ধন্যবাদ জনাই গুছি গৈছিল , সেই শান্ত আচৰণেই আছিল আমাৰ প্ৰতি তেঁওলোকৰ সমবেদনা ।

২০০৫ চনৰ য়ুনিয়ন বডীৰ সদস্যসকল ( বন্ধু দেৱাশীষ নাথলৈ ধন্যবাদ এইখিনি তথ্য জনোৱাৰ বাবে )

G.S-PRANJAL
V.P-DERSIN
AGS-RATAN
MAGAZINE-NONI NARAYAN
MAJOR GAMES-UTPAL SARMA
MINOR GAMES-DIBAKAR
MUSIC-BIBEK
DEBATE-ROSYRANI
BOY’S COMMON ROOM-DEBOJIT
Cultural secretary AT6 ৰ আছিল
SOCIAL SERVICE – NILUT SWARGIYARI

শংখধ্বনিহঁতো আহিছিল , কোনোধৰণৰ বক্ৰ বাক্যবাণ নাছিল সেই আগমণত , ধন্যবাদ দিবলগীয়া নাছিল যদিও আমাক (আমাৰ নিজৰে প্ৰতিদ্বন্দ্বী আছিল যিহেতু ) , তাই ধন্যবাদ জনাইছিল । জিনাক্ষিয়ে হয়তো খিৰিকিৰে দেখিছিল , তাইৰ অন্তৰত শংখধ্বনিক দেখি সেই মূহুৰ্তত হয়তো এক ভয়ংকৰ শোকৰ জোৱাৰ উঠিছিল আৰু ভাবি আছিল শংখধ্বনিৰ সেই ষাঠি জন শুভাকাংক্ষীৰ কথা , যিকেইজন তাইৰ শুভাকাংক্ষী নাছিল , যি ষাঠিজনৰ কাৰণে তাই পৰাজিত হ’বলগীয়া হৈছিল । বহু ৰাতিলৈকে বিজয়ীসকল আহি থাকিল হাতত একোটা মিঠাইৰ টোপোলা লৈ , পিছে মিঠাইবোৰ তিতা লাগিছিল সিদিনা আমাৰ বাবে , আমাৰ কেইবাজনীও জুনিয়ৰে হুকহুকাই কান্দিছিল , মোৰ বুকুত বাজি থকা ৰি ৰি কান্দোনটোকে সংগী কৰি প্ৰায় পুৱতি নিশালৈকে বহি ৰৈছিলোঁ অকলে অকলে মোৰ প্ৰিয় ঠাইকণত , সেই ছাদখনত আকাশৰ তৰা গণি গণি । মনটো একেবাৰেই উকা আৰু উদাস হৈ পৰিছিল , একমাত্ৰ লগ হৈছিল প্ৰিয় তৰাবোৰ ।

স্বাভাৱিকতেই ইলেক্স্যনৰ পিছদিনা য়ুনিভাৰ্ছিটি বন্ধ থাকে , পিছদিনা যেন কামৰ অন্ত নাছিল ছোৱালীবোৰৰ , ভাগে ভাগে কাম উলিয়াই লৈ সকলোবোৰ ব্যস্ত হৈ পৰিছিল নিজৰ স’তে , জিনাক্ষিয়েও কাৰো লগত মাতবোল নকৰাকৈ সোমাই থাকিল অকলে । তাইক মাত লগাই ওলাই গ’লোঁ লক্ষ্যহীন ভাৱে হোষ্টেলৰপৰা , প্ৰতিটো মূহুৰ্ততে সাহস হৈ থাকিল দূবৰি , দুয়োজনী পলিৰ ৰূমলৈ গৈ দুপৰীয়ালৈকে কটালোঁ , বিশেষ কথা পতা নাছিলোঁ কোনেও , পৰিস্থিতিটো পাতল কৰিবলৈকে পলিয়ে প্ৰস্তাৱ দিছিল চিনেমা চাবলৈ যোৱাৰ , তাইও দুখী হৈ আছিল জিনাক্ষিৰ বাবেও আৰু ধ্ৰুৱৰ বাবেও । তাইৰ কথাই কামত দিছিল , তিনিওজনীয়ে মেঘদূতত চিনেমা চাই ঘুৰি আহি অভিজিতত খাই বৈ আকৌ জালুকবাৰী পোৱালেহি মনবোৰ মুকলি হৈছিল । আমি পুনৰ আমাৰ কৰ্তব্যৰ প্ৰতি সচেতন হোৱাৰ সংকল্প লৈছিলোঁ , আমাৰ থাৰ্ড চেমিষ্টাৰৰ ছেছ্যনেল তেনেই ওচৰ চাপিছিলহি আৰু তাৰ পাছে পাছে আহি আছিল থাৰ্ড চেমিষ্টাৰৰ মূল পৰীক্ষাও । পিছে তাৰ মাজতে আছিল অন্য এক প্ৰত্যাহ্বান , য়ুনিভাৰ্ছিটিত পঢ়া প্ৰতিজনৰ বুকুৰ আপোন ভাৰ্ছিটি ৱিক , আগৰ বছৰ শ্ৰেষ্ঠ হোষ্টেল নাপাঁওতেই পিছৰ বছৰত সেই বঁটা আজুৰি অনাৰ সেই আমোঘ প্ৰতিজ্ঞা প্ৰতিজনী RCC 4 ৰ ছোৱালীৰ । তথাপিও পঢ়াত যাতে আমি কোনোধৰণে গাফিলতি নকৰোঁ তাৰবাবে সজাগ হ’বলৈ সংকল্প ল’লোঁ তিনিও , লগতে হোষ্টেলৰ শ্ৰেষ্ঠত্বৰ প্ৰতিযোগিতাই যাতে আমাৰ বন্ধুত্বত অকণো প্ৰভাৱ পেলাব নোৱাৰে তাৰবাবেও সচেতন হ’লোঁ ।

ৰাজনীতিৰ কথাবোৰ য়ুনিভাৰ্ছিটিতে বুজিও অবুজ হৈ ৰ’লো , কেৱল ভাল লগা অভিজ্ঞতাখিনিকে বুকুত বান্ধি আগলৈ ভাল স্মৃতি হ’ব বুলি নতুন পুৱাটোক আদৰি ল’লোঁ , তেতিয়ালৈ জিনাক্ষিও যথেষ্ট প্ৰকৃতিস্থ হৈছিলগৈ , তাইৰ বাবে চিন্তান্বিত হৈ থকা তাইৰ আপোনজনৰ বুকুখনো শান্ত হৈছিল , দুয়োৱে দুয়োকে সময় দিছিল , জালুকবাৰীৰ কৃষ্ণচূড়াক সাক্ষী কৰি তেঁও তাইৰ দুখবোৰ নিজৰ কৰি লৈছিল , তাইও দুখবোৰ পি নথৈ চকুলোৰ লগতে দুখবোৰো উলিয়াই পেলাইছিল , মুকলি হৈছিল বহু মনোকষ্টৰ পৰা ।

আমি আগবাঢ়িছিলোঁ নিজৰ বাটত , পৰাজিত হৈছিলোঁ যদিও ব্যৰ্থ হোৱা নাছিল সময়বোৰ , আদৰুৱা জুনিয়ৰবোৰ আৰু কাষ চাপি আহিছিল , তাহাঁতৰ সকলোৰে কচুগুটি চিনিয়ৰক ভয় নকৰি সমীহ কৰিছিল , সন্ধ্যা এছেম্বলী আকৌ আৰম্ভ হৈছিল , আৰম্ভ হৈছিল তাহাঁতৰ দৈনন্দিন কাৰ্যাৱলীও , হাঁহি নুঠা হৈছিল তাহাঁতৰ , তাৰ পৰিৱৰ্তে বিৰক্ত হৈছিল , বাট চাইছিল ফ্ৰেচাৰ্চলে , ঠিক এবছৰৰ আগৰ আমাৰদৰেই । কেইবাজনীও জুনিয়ৰক নতুন নাম দিছিলোঁ একান্তই মোৰ নিজৰ পৰা , তাহাঁতে বৰ ফুৰ্তি পাইছিল সেই নামেৰে মাতিলে , চুন্নী আৰু মুনমুনি যিমান মৰমৰ আছিল বাকীবোৰকো সিমান মৰম দিয়াৰ চেষ্টা কৰিছিলোঁ , তাহাঁতেও ভাল পাইছিল কচুগুটি আৰু আলফুল ( তিৰুৰ ৰূমৰ নাম ) চিনিয়ৰৰ লগত অলপ সময় কটাবলৈ ।

এজনী মৰমলগা দঁহা চকুৱা ছোৱালী সোমাইছিলহি ইলেক্স্যনৰ আগে আগে , তাইৰ নাম দীপাক্ষি , ধেমালিতে তাইক জোকাইছিলোঁ ফেঁটী বুলি , তাই কোনোদিনেই বেয়া নাপালে , অৱশ্যে আন কোনেও নাজানিছিল আৰু জানিলেও নামাতিছিল ( জুনিয়ৰক মূৰত উঠোৱা কাম নকৰিছিল বহুতে ) , পিংকীক মাতিছিলোঁ দমদমী বুলি , বৰ ফুৰ্তি পাইছিল তাই , তাইও কম নাছিল পিছে , মোক বোলে বা বোলাতকৈ দাদা বুলিবলৈহে মন আছিল আৰু AT 9 hostel ৰ গেইটত বহি ছোৱালী জোকোৱাৰ মন আছিল , থুলন্তৰ চেহেৰাৰ কবিতাৰ নাম আছিল ঢেৰ কেতিয়াবা শক্তিমান , কেতিয়াবা ধনদা , আন কেতিয়াবা দময়ন্তী । তাহাঁতৰ নিচিনাই বৰ ফুৰ্তিবাজ আৰু ধুনীয়া ছোৱালী আছিল ৰেখা , ৰেখাৰ মুখখন অনবৰতে এক সুখৰ আভাৰে উজলি থাকিছিল , তাইক দেখিলে তাইৰ অন্তৰখনো পঢ়িব পাৰি , মোৰ ৰূমমেট হোৱাৰ আশাকণ বোলে বৰকৈ থাকিল বেচেৰীৰ , সেয়েহে তাইৰ নাম আছিল ব্ৰাইট ( Bright ) ।

পিছে সকলোৰে মৰমৰ কচুগুটিক চুন্নীয়ে একদম জুনিয়ৰক ধমক দিয়াদি ধমক দিছিল , তাই সেইখিনি অধিকাৰ আদায় কৰি লৈছিল , আদৰুৱা ৰূমমেটৰ আদৰক নেওচা দিব নোৱাৰিছিলোঁ কোনোদিন , তাইৰ মৰমৰ বায়েকক তাই তাগিদা দিছিল , যেতিয়া বায়েকে নপঢ়ে , তিলৌ তিলৌকে ঘুৰি ফুৰে , আড্ডা মাৰে । তাহাঁতৰ আব্দাৰবোৰে জীৱনটো জীপাল কৰি তুলিছিল । আৰু সেই চকুযোৰৰ তীব্ৰতাই মনটোক ৰোমাণ্টিক কৰি তুলিছিল , সকলো পাহৰি মাথোঁ সেই বিশাল চকুযুৰিত ডুব গৈ থাকিবলৈ মন যোৱা হৈছিল , সেই চকুযুৰিৰ সপোন হোৱাৰ বাসনা হৈছিল ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬৯

ইলেক্স্যনৰ দিন কাষ চপাৰ লগে লগে আমাৰ বৰ চিন্তা হ’ল , ক’ৰবাত কেনেবাকৈ কিবা থাকি গ’লনেকি বা কোনোবা ঠাইত কেম্পেইনিং কৰিবলৈ থাকিলনেকি সেইবোৰকে আলোচনা কৰিবলৈও এদিন লাগিল । ইফালে সকলোৰে প্ৰচাৰ অভিযান জোৰদাৰ চলিবলৈ ধৰিলে , আমাৰ জিনাক্ষিক AT 8 boys hall আৰু AT 4 boys hall মুকলিকৈ সমৰ্থন আগবঢ়োৱাত বৰ সকাহ পাইছিলোহঁক , RCC 4 boys hall যদিও আমাৰ বন্ধু হোষ্টেল নাছিল তথাপিও আমাৰ বেছিভাগ বন্ধুৱেই সেইটো হোষ্টেলৰে আৱাসী আছিল বাবে তেঁওলোকৰো মুকলি সমৰ্থনেই পাইছিলোঁ আমি । AT 9 হোষ্টেলে আমাক কিন্তু প্ৰতিটো পদক্ষেপতে বৰ সুন্দৰকৈ সহায় সহযোগিতা কৰি গ’ল , যদিও তেঁওলোকে আমাৰ PGSU ত ভোট দিব নোৱাৰে তথাপিও জিনাক্ষিক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ৰ সোঁহাতখন হৈ থাকিল । ভোটৰ অংক বৰ ভয়ানক অংক , এই অংকত পাছ কৰিবলৈ হ’লে মগজুৰ লগতে ঢেৰ কিবাকিবিৰ প্ৰয়োজন । বহুতো প্ৰাৰ্থী আকৌ অপ্ৰতিদ্বন্দ্বী হৈয়ে জিকি ওলাই গ’ল । য়ুনিভাৰ্ছিটিৰ ছাত্ৰ একতা সভাৰ সম্পাদক পদটো অতি গুৰুত্বপূৰ্ণ , তাৰ প্ৰতিযোগিতাখনো হৈ পৰে সাধাৰণ নিৰ্বাচনৰ দৰেই , প্ৰাৰ্থীয়ে লাভ কৰে কিছু ৰাজনৈতিক দল সংগঠনৰ মুকলি সমৰ্থন আৰু প্ৰচাৰো হৈ যায় সেইমতেই ।

সেইবাৰৰ জি এছ ৰ প্ৰতিদ্বন্দ্বিতাত বিশেষকৈ RCC 2 boys hall ৰ প্ৰাঞ্জল প্ৰতীম বৰা আৰু AT 8 boys hall ৰ ধ্ৰুৱজ্যোতি নাথ আছিল , বিশেষ বন্ধুত্ব এজনৰো লগত নাছিল যদিও দুয়োকে ভালেই লাগিছিল । তথাপিও কেম্পাছ চেণ্টি আৰু AT 8 ৰ লগত থকা সৌহাৰ্দ পূৰ্ণ অৱস্থিতিৰ বাবে ধ্ৰুৱৰ প্ৰতি মুকলিমুৰীয়া সমৰ্থন আছিল আমাৰ হোষ্টেলৰ পৰা । আনহাতে দূবৰিহঁতৰ AT 10 আৰু RCC 5 girls hall ৰ পৰা কেম্পাছ চেণ্টি বুলিয়েই সমৰ্থন পাইছিলোহঁক আমি । জি এছৰ ক্ষেত্ৰত বন্ধুত্বৰ এনাজৰীৰে প্ৰাঞ্জলৰ লগত বান্ধ খাই থকাসকল পিছে স্বাভাৱিকতে দোদুল্যমান অৱস্থাত আছিল , দুয়োৰে কেম্পেইনিং যথেষ্ট ভাল হোৱাৰ লগতে বক্তৃতাও আছিল অত্যন্ত তেজস্বী , তেঁওলোকৰ বক্তৃতাৰ তেজস্বিতাই প্ৰাৰ্থী হিচাপে তেঁওলোকৰ ওজস্বিতা প্ৰকাশ কৰিছিল । দুয়ো বন্ধুৰে কেম্পেইনিং আৰু বক্তৃতা এবাৰ শুনাৰ পিছত বহুতৰে বাবে কাক ভোট দিব সেইটো ঠিৰাং কৰা একপ্ৰকাৰ অনিশ্চিত হৈছিল ।

সেই অনিশ্চিতিৰ বিপৰীতে আমি নিশ্চিত হৈছিলোঁ আমাৰ জিনাক্ষিয়েই জিকিব বুলি । আমাৰ কেম্পেইনিং আগবাঢ়িছিল বৰ সুন্দৰকৈ , শংখধ্বনিও আগবাঢ়িছিল সুষম গতিৰেই । কেম্পেইনিং শেষ হোৱাৰ দিনা সকলোৰে দুখ লাগিছিল , লগতে এটা বিশেষ অভিজ্ঞতা হোৱাৰ বাবে আনন্দিতও হৈছিল ছোৱালীবোৰ । নিৰ্বাচনলৈ দুদিন থাকোঁতে শেষ হোৱা কেম্পেইনিঙৰ পিছত সময় নাছিল কাৰোৰে জিৰণি লোৱাৰ , সকলোৰে মনবোৰে উচপিচাই বাট চাইছিল নিৰ্বাচনৰ দিনটোলৈ । তেতিয়াই শুনিছিলোঁ নতুনকৈ এটা পদ , “শেষ নিশাৰ খেল ” । নিৰ্বাচনৰ আগ নিশাই বোলে সকলো অংক জংক পংক হয় , কথাবোৰ সলনি হয় , বহুতো নভৱা নিচিন্তা কথা সলনি হৈ নতুন হয় । পিছে আমি আছিলোঁ অনভ্যস্ত , জিনাক্ষিও নাছিল অভিজ্ঞ , সেই শেষ নিশাৰ খেলখন বুজিব পৰাকৈ নাছিল আমাৰ বোধ । তাইৰ প্ৰিয়জনে পিছে তাইৰ আৰু আমাৰ বিশেষ কষ্ট নোহোৱাকৈ আৰু একো ভূ ভা নোপোৱাকৈ সামৰি নিছিল বহু কাম তেঁওৰ লগৰসকলৰ লগ হৈ , আমি সকাহ পাইছিলোঁ , নিৰ্বাচনৰ আগনিশা কোনোধৰণৰ মিটিঙলৈ নোযোৱাকৈয়ে হৈছিল , আমাৰ কাম আছিল মাথোঁ ছপাই অনা প’ষ্ট কাৰ্ড , প্লে’ কাৰ্ড আৰু বেনাৰবোৰ চিজিল কৰা , ৰাস্তাত চূণেৰে বৰ বৰ হৰফত নাম লিখা , আমাৰ বাবে তৈয়াৰ কৰি দিয়া কাৰ্যালয় পৰিপাটিকে থোৱা আৰু আটাইতকৈ ডাঙৰ কাম ভোটাৰ লিষ্টখন সাৱধানে যতনাই ৰখা ।

নিৰ্বাচনৰ আগৰাতিৰ খেল আমাৰ হোষ্টেলতো চলিছিল , পিছে সেই খেল ৰাজনীতিৰ খেলৰ পৰা বিপৰীত দিশত অৱস্থান কৰা আৱেগ অনুভূতি আৰু চকুপানীৰ খেল আছিল । জিনাক্ষি গম্ভীৰ হৈ পৰিছিল , সলনি হৈছিল । তাইৰ হয়তো চিন্তাত তৎ নোহোৱা হৈছিল , আমাক নেদেখুৱালেও তাই ভিতৰি নাৰ্ভাছ হৈছিল , বুকুৰ পুৰাতন ঢুকঢুকনিটো তীব্ৰৰপৰা তীব্ৰতৰ হৈছিল । কান্দিছিল তাই , অকলশৰীয়া অনুভৱ কৰিছিল প্ৰচণ্ডভাৱে সকলোৱে আগুৰি থকাৰ পিছতো , বুজাব নোৱাৰা কথাবোৰ চকুৰপানী হৈ সৰসৰাই বৈ আহিছিল , সেইসময়ত হয়তো তাই তাইৰ মূৰত মাক দেউতাকৰ মৰমৰ হাতখনৰ প্ৰচণ্ড তাগিদা অনুভৱ কৰিছিল , হয়তো বিচাৰিছিল প্ৰিয়জনৰ দুআষাৰ চেনেহভৰা মাত । তাইৰ লগতে আমিও নাৰ্ভাছ হৈছিলোঁ , সকলোৱে বাট চাইছিলোঁ পুৱতি সুৰুযৰ , যেন ৰাতিপুৱালেই সকলো সাৰি যাব , সকলো ভাল হ’ব ।

১৯ মে’ ২০০৫

সেইদিনা আছিল আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰন নিৰ্বাচন । প্ৰাৰ্থীৰে সৈতে উপজি পুৱাতে গৈছিলোঁ ভগৱানৰ আশীষ বিচাৰি , ভগৱানৰ আশীষ লৈয়ে গোটেই হোষ্টেল উঠি গৈছিলোঁ য়ুনিভাৰ্ছিটিলৈ , ভাগে ভাগে হাতত কাৰ্ড লৈ থিয় দিছিলোগৈ অ’ডিটৰিয়ামৰ সন্মুখত , কেইজনীমান বহিছিল আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা বুথত । জিনাক্ষিয়েও ডিঙিত গামোছা লৈ কৰযোৰে ঘুৰিছিল ভোটাৰৰ মাজত , লগত মইও । আগৰাতিৰ চকুলোৰে সিক্ত দুগাল ঘৰ্মাক্ত হৈছিল সেই জেঠুৱা ৰ’দত , আমিও বাচকবনীয়া মেখেলা চাদৰ এসাজ পিন্ধি ওঁঠত হাঁহি এটা পিন্ধাই ভোট জিনাক্ষিকে দিবলৈ ভোটাৰসকল কাৰ্ড একোখনকৈ দি অনুৰোধ জনাই গ’লোঁ । ছোৱালীবোৰ বৰ ধুনীয়া আৰু আকৰ্ষণীয় লাগিছিল সেইদিনা , সুন্দৰকৈ সাজি পাৰি যোৱা ছোৱালীবোৰৰ ভোট বিচৰা চেহেৰাটো দেখিলে পিছে তেতিয়াও হাঁহি উঠিছিল আৰু মনত পৰিলে এতিয়াও উঠে ।

দুপৰ হোৱালে আমাৰ উচপিচনি বাঢ়ি গ’ল , দুয়ো প্ৰতিদ্বন্দ্বী আছিল প্ৰায় সমপৰ্যায়ৰ , বহুতৰ হয়তো ভোট দিবলৈ আহিও ভোটৰ অংক ওলোটা হৈ গ’ল , অথৱা আমাৰে সমীকৰণটো পতাত ভুল হ’ল । তথাপিও আমাৰ কাষলে অহা ভোটাৰৰ মুখবোৰ দেখি আমি আকৌ এবাৰৰ বাবে আশাবাদী হ’লোহঁক , আমাৰ জয় নিশ্চিত বুলি আমি বুজিব পাৰিলোঁ । প্ৰত্যেকজন প্ৰাৰ্থীৰে হয়তো মানসিক অৱস্থা একেই আছিল । নিৰ্দিষ্ট সময়ত ভোট শেষ হোৱাৰ পিছতো ছোৱালীবোৰ তাৰপৰা হোষ্টেললৈ যাবলৈ বিচৰা নাছিল , যেন ৰিজাল্ট লৈহে যাব , প্ৰাৰ্থীৰ জিকাৰ যোগ্যতাৰ লগতে প্ৰত্যেকেই নিজৰ কষ্টৰ মৰ্যাদাৰ মান নিৰূপণ কৰিহে উভটিব বিচাৰিছিল ।

পিছদিনা পুৱাৰ পৰা আৰম্ভ হৈছিল কাউণ্টিং , প্ৰত্যেক দলৰে একোজনকৈ এজেণ্ট অফিচত থকাৰ সমান্তৰালকৈ বাহিৰত উদগ্ৰীৱ হৈ বাট চাই সমৰ্থকবোৰে । সময়ৰ লগে বুকুৰ ঢুকঢুকনিটো তীব্ৰ হৈ উঠিল , বাকীবোৰক বাদ দি আমি মন দিলোঁ কেৱল জিনাক্ষি আৰু শংখধ্বনিৰ ভোট গণনাত । প্ৰতিপক্ষ ৰ এটা ভোট বাঢ়ি গ’লেই মনটো বেয়া লাগি যায় , বিজয়ীনিৰ মুকুট পিন্ধিবলৈ দুয়োজনীৰ লগতে দুয়ো হোষ্টেলো যথেষ্ট আশাবাদী হ’ল । সকলো উৎকণ্ঠাৰ ওৰ পেলায় , ফলাফল ঘোষিত হোৱাৰ সময়ত প্ৰতিদ্বন্দ্বী ৰ লগতে আমিও সমানে আচৰিত হৈছিলোঁ , জিনাক্ষি হাঁৰিছিল , তাই হাঁৰিছিল ৬০ টা ভোটত । আনহাতে জমি উঠিছিল জি এছৰ অংকটো , প্ৰাঞ্জল আৰু ধ্ৰুৱ দুয়োটাৰে মাজত ভোটৰ ব্যৱধান আছিল মুঠেই ১১ টা । বিপুল জনপ্ৰিয়তা লাভ কৰা দুই ছাত্ৰনেতাৰ ভোটৰ যুঁজখন সঁচাকৈয়ে উদ্বেগজনক আছিল , দুয়োৰে জনপ্ৰিয়তা আছিল সমান , পাৰ্থক্য আছিল মাথোঁ ১১ টা ভোটৰ । ফলত ৰি কাউণ্টিঙৰ প্ৰস্তাৱ উঠিছিল , সকলোৱে বিচাৰিছিল কিবা সলনি হোৱাৰ আশাত , খেলখন আকৌ এবাৰ জমি উঠাৰ হেঁপাহত ।

আচলতে আমাৰ সমীকৰণটো ভুল হৈছিল , জনপ্ৰিয়তা যিমানেই নাথাকক কিয় , কেম্পাছ চেণ্টিত হাঁৰিছিল আমাৰ কেম্পাছৰ তিনিওটা , আমাৰ জিনাক্ষি আৰু AT 8 ৰ ধ্ৰুৱ আৰু দেৱাশীষ । আমাৰ ভোটবেংক টনকিয়াল নাছিল সিটো কেম্পাছৰ তুলনাত , মাৰ্কেট কেম্পাচৰ পাঁচটা হোষ্টেলৰ ভিতৰত দুটা হোষ্টেলেই আছিল আইনৰ হোষ্টেল ( RCC 5 ত কেইজনীমানহে স্নাতকোত্তৰ বিভাগৰ ছোৱালী আছিল ) , মানসিক সমৰ্থন আছিল তেঁওলোকৰ , আনহাতে সিটো কেম্পাছত আছিল কেইবাটাও হোষ্টেল । ৰাজনীতিৰ প্ৰথম অ আ ক খ খনতে বৰ বেয়াকৈ মুখ ঠেকেচা খাইছিলোঁ আমি ।

ক্ৰমশঃ

জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬৮

সেইকেইদিনত হোষ্টেলত একেবাৰে উদুলিমুদুলি পৰিৱেশ । এফালে বিহুৰ আখৰা আনফালে ইলেক্স্যন কেম্পেইনিঙৰ । বিহুও ভাগে ভাগে , জেং বিহু আৰু বিহুৱতী প্ৰতিযোগিতা ৰ আখৰা পূৰ্ণগতিত চলিল । বিহুৱা লাহনদাৰ ঢোল আৰু পেঁপাৰ ছেৱত মনটো নাচি উঠে , এপাক এনেই ঘুৰি ঘুৰি নাচোঁ ৰূমতে । জেংবিহুৰ বাবে আমি চাৰিজনী চিনিয়ৰ ডলী , ৰেশ্মা , ৰূনা আৰু মই লগত এম. এডৰ হেমিবা । জুনিয়ৰ ৰিয়া , মুনমী , কবিতা , ৰেখা আৰু শৰ্মিষ্ঠা । আমাৰ জুনিয়ৰ কেইজনীয়ে বৰ ধুনীয়াকৈ বিহু নাচে , দেখি ভাল লাগে , তাহাঁতৰ সমানে আমিও কঁকাল ভাঙো , বিহুৰ আখৰা প্ৰাণৱন্ত হৈ উঠে । বিহু প্ৰতিযোগিতাৰ দিনা আমাৰ পুৱাৰে পৰা ব্যস্ততাৰ অন্ত নাছিল , মালিগাঁৱলৈ গৈ সকলোৰে বাবে খোপাৰ ফুল অনা , আ অলংকাৰ কিনা কাৰোবাৰ চাদৰ নাছিল , চাদৰ কিনা আৰু ৰঙা মেখেলাৰ যোগাৰ কৰা । আমাৰ জেং বিহুদলৰ সাজ পাৰ সকলোতকৈ সুকীয়া হ’ল , অৱশ্যে প্ৰতিটো হোষ্টেলৰে সুকীয়া আছিল , কোনেও কাৰোৰে লগত কথা পতা নাছিল যদিও নিজকে বেলেগ কৰাৰ হেঁপাহত সকলোৱেই যে নতুন নতুন পোছাকৰ কথা চিন্তা কৰিব আমি জানিছিলোৱেই , সেয়েহে সকলোৰে লগত থকা আৰু ৰঙা বগা মেখেলা চাদৰৰ সঘন প্ৰচলনৰ বাবে কোনেও যে বিহু মঞ্চত নিপিন্ধিব সেইটো অনুমান কৰিয়েই আমি সেই সাজযোৰ লৈছিলোঁ । মঞ্চলৈ উঠি যাঁওতে বুকুত বাজি উঠিছিল সেই পুৰাতন ঢুকঢুকনিটো , ঢোলৰ ছেৱত একাকাৰ হৈ যাব খোজা সেই সঘন ঢুকঢুকনিটো ।

জেংবিহুৰ দহজনীয়া দলটো শৰ্মিষ্ঠা , মুন্মী , ডলী , ৰেশ্মা , ৰূণা , মই , হেমিবা , কবিতা , ৰিয়া আৰু ৰেখা

মঞ্চত উঠিয়েই কবিতাই গছৰ ডাল এটা মঞ্চৰ মাজতে থাপি , গামোছা এখন পিন্ধাই বিহু নাম এফাঁকি যুৰি ইফালে সিফালে চাই ” আহ ঐ ৰঙিলী , আহ ঐ পমিলী … বিহু মাৰিবলৈ যাঁও বুলি গীত যোৰে , লগতে কঁকালৰ হাঁচতিৰপৰা তামোল এখন লৈ মুখত ভৰাই । আমিও এজনী এজনীকৈ ওলাই গৈ অৰ্ধ বৃত্তাকাৰে ৰৈ বিহু আৰম্ভ কৰোঁ ।

চ’তে গৈয়ে গৈয়ে বহাগে পালেহি
গছৰ ডালত বিনালে ঐ কুলি,
জীয়ৰী-বোৱাৰী ওলাই ঐ আহিছোঁ
বিহুকে মাৰোগৈ বুলি(যোজনা)

বৰঘৰৰ মুধতে তাঁতে বৈ আছিলোঁ
ঘনাই মাৰিছিলো অ’ মাকো,
আঁহতৰ তলতে টকাৰ মাত শুনিলোঁ অ’
ঘৰত মই কেনেকৈ থাকোঁ।

আমাৰ বিহুনাচ ভাল হৈছিল , বিহুৰ ৰাগি আমাৰ লগতে দৰ্শকৰো লাগিছিল , আমাৰ উপস্থাপন অতি আকৰ্ষণীয় হৈছিল , আমি নিজেই জানিছিলোঁ , বিশ্বাস দৃঢ় হৈছিল আকৌ এবাৰ আমি পামেই বুলি । দৰ্শকৰ সৰহসংখ্যকেই আমাৰ বিহুযোৰাক উৎসাহিত কৰিছিলে । জেংবিহুৰ পিছত বিহুৱতী প্ৰতিযোগিতা , খুব সম্ভৱ শৰ্মিষ্ঠা ব্ৰহ্ম আৰু কোনোবা এগৰাকীয়ে নাচিছিল আমাৰ হোষ্টলৰ পৰা । তেঁওলোকৰ প্ৰদৰ্শনো ভাল হৈছিল । বিহুৱতীৰ পিছত হৈছিল আটাইতকৈ আকৰ্ষণীয় হুঁচৰি প্ৰতিযোগিতা , ইদলতকৈ সিদল চৰা , সেই ৰাতিৰ বিহুৰ সোৱাদ জীৱন থকালৈকে মনত ৰ’ব । সদৌ শেষত সময় আহিছিল ফলাফল ঘোষণাৰ , তৃতীয় স্থানৰপৰা আৰম্ভ কৰা ফলাফলত আমি দ্বিতীয়টো নাপাই নিশ্চিত হৈছিলোঁ যে আমিয়েই প্ৰথম । আকৌ এবাৰ নাচি উঠিছিল অন্তৰখনে , আকৌ এবাৰ শিহৰিত হৈছিলোঁ প্ৰথম হোৱাৰ সুখত । পিছে আমাক আচৰিত কৰি আমাৰ নাম ঘোষিত নহ’ল , আমাৰ ঠাইত প্ৰথম হ’ল আমাৰ চিৰ প্ৰতিদ্বন্দ্বী হোষ্টেল RCC 3 girls hall , পলিহঁতৰ হোষ্টেল । আমি স্তম্ভিত , দৰ্শকৰ বহুতৰ মাজৰ পৰা একপ্ৰকাৰ ভুনভুননি হ’ল , হয়তো কিবা এটা হৈছে , মেকিং ছাগে । কথাবোৰ শুনি বৰ বেয়া লাগিল , পিছে য়ুনিভাৰ্ছিটিলৈ অহা বিচাৰকে কৰিব জানো এনে কাম ? মনত সেই এটা প্ৰশ্নই খু দুৱাই থাকিল । ৰৈ থাকিব নোৱাৰিলোঁ , বিচাৰকৰ কাষ পালোঁগৈ , তেখেতসকলো মঞ্চলৈ যাবলৈ উদ্যত হৈছিলেই তেঁওলোকৰ একাষাৰ ক’বলৈ । অলপ বয়স্ক যেন বিচাৰকজনকে কথাটো সুধিলোঁ আমাৰ কি ভুল হ’ল , তেখেতে হাঁহি মাৰি লাহেকৈ ক’লে , ” পাঁচমিনিট ৰ’ব পাৰিবানে বাৰু ? সকলো খেলিমেলি নাইকিয়া হ’ব । তোমালোকে সঁচাকৈয়ে ভাল নাচা । আগলৈ ভাল হ’ব ।”

তেখেতৰ কথাবোৰ বুজি নাপাই নিজৰ ঠাইলৈ আহি লগৰবোৰকো ক’লোঁ তেখেতে কোৱা কথাখিনি । আমি উদ্গ্ৰীৱ হৈ বাট চালোঁ বিচাৰকৰ মন্তব্যলৈ , খুউব সুন্দৰকৈ তেখেতসকলে জেংবিহুৰ বিষয়ে কৈ গৈছিল , মহিলাৰ দ্বাৰা পৰিৱেশিত সেই বিহুক কোনো কোনো ঠাইত গাভৰু বিহু বুলিও কোৱা হয় আৰু সেই বিহু মহিলাসকলে বৃত্তাকাৰে ঘুৰি ঘুৰি পৰিৱেশন কৰে । তাতেই ৰৈ গৈছিলোঁ আমি , তেতিয়াই মনত পেলাইছিলোঁ প্ৰথম হোৱা জেংবিহু দলটোৰ কথা । তাতেই আমাৰ ভুল হৈছিল , আমি অৰ্ধবৃত্তাকাৰ হৈহে আচলতে বিহু পৰিৱেশন কৰিছিলোঁ , আমি যিগৰাকীৰ পৰা বিহু সম্পৰ্কীয় কথাখিনি জানিছিলোঁ , তেঁও আচলতে আমাক অলপ ভুলকৈ কৈছিল , গছতলৰ জেং বিহুতকৈ মঞ্চ জেংবিহু বেলেগ বুলিছিল , গতিকে আমাক বৃত্তাকাৰৰ ঠাইত অৰ্ধবৃত্তাকাৰ হ’বলৈ পৰামৰ্শ দিছিল , বাকী সকলোবোৰ ঠিকেই আছিল পিছে আমাৰ । বিচাৰকেও আমাৰ দলটোৰ বিহু নাচ আৰু বিহু নামৰ প্ৰশংসা কৰিছিল , নিয়মৰ হেৰফেৰ হোৱাৰ বাবেই যে নাপালোঁ তাকো কৈছিল আমাৰ মনৰ খু দুৱনি মাৰ যাবলৈকে । সকলোতে যে এই মেকিং ছেকিংবোৰ নচলে সেইটো নিশ্চিত হৈছিলোঁ আৰু তেনেকৈ অকণমান সময়ো ভবাৰ বাবে নিজৰ ওচৰতে লজ্জিতও হৈছিলোঁ সিদিনা ।

বিহুত পুৰস্কাৰ নাপালোঁ যদিও দুখ কৰাৰ সময় নাছিল আমাৰ , যিহেতু সন্মুখত বৰবিহুটো আছিলেই , সমানে তাৰ বাবে আখৰা আছিলেই । য়ুনিভাৰ্ছিটিৰ ইলেক্স্যনবোৰত আকৌ এগৰাকী ষ্টাৰ কেম্পেইনাৰ থাকেই , তদুপৰি প্ৰদৰ্শিত হ’বলগীয়া অনুষ্ঠানবোৰ যাতে সকলোতকৈ বেলেগ আৰু শ্ৰেষ্ঠ হয় তাৰো পুৰা প্ৰতিযোগিতা চলে । গতিকে সেইবোৰৰ আখৰা একেবাৰে হোষ্টেলৰ গোপনীয় হয় , অন্য দলে যাতে গম নাপায় তাৰবাবেও যত্নপৰ হয় । সেইকেইদিন প্ৰাৰ্থী থকা হোষ্টেলবোৰৰ ব্যস্ততাৰ অন্ত নাথাকে , কোনেও কাৰো খবৰ লোৱাৰ অৱকাশ নাথাকে , সকলোৱে পাহৰি যায় দুখ ভাগৰ , আনকি প্ৰিয়জনৰ কথা ভাবিবলৈও আহৰি নাপায় । পিছে মোক সেই সুগভীৰ আৰু শান্ত চকুযুৰিৰ সপোনে পিছ নেৰিলে অনবৰতে , সকলো ব্যস্ততাৰ মাজতো ভাবিবলৈ ভাল পাঁও চকুযুৰিৰ কথা , জনাবোৰে হাঁহে , নজনাবোৰে নুবুজে । কোনোদিন কোৱা নহ’ল যদিও , চকুৰ ভাষা হয়তো বুজি পাইছিল তেঁওও , চকুৰ ভাষাই হয়তো হৃদয় চুইছিলগৈ । এদিন জালুকবাৰীৰ পৰা হোষ্টেললৈ অকলে আহি থাকোঁতে তেঁওক দেখিছিলোঁ মাৰ্কেট পোৱাৰ ঠিক আগে আগে ফুটপাথৰ ৰেলিঙতে ভেঁজা দি চিগাৰেট হুপি থকা , মোক দেখি অপ্ৰস্তুত হৈ পৰিছিল আৰু ওঁঠৰ চিগেৰেট গৈ খপাজপাকে জেপতে ভৰাইছিল , অৱশ্যে লগে লগে তেঁও জেপৰপৰা চিগেৰেটৰ টুকুৰা উলিয়াই তললৈ পেলাই জোতাৰে গছকি ধৰিছিল , মই ওচৰ চাপি আহিলত অপ্ৰস্তুত হাঁহি এটা মাৰি মোক সুধিছিল ,

” ভালে আছানে ? ইলেক্স্যনত ব্যস্ত চাগে ? “

প্ৰত্যুত্তৰত হাঁহি মূৰ দুপিয়াই পাৰ হৈ আহিছিলোঁ যেনেতেনে , বুকুৰ ঢুকঢুকনিটো পুনৰ প্ৰৱল হৈ গৈছিল , ভালকৈ নমতাৰ বাবে নিজৰ ওপৰতে খং উঠিছিল , কিয়নো মাতিব নোৱাৰিলোঁ বুজিও নাপালোঁ , তথাপিও কিবা এটা ভাল লগাই বহুদিনলৈ আচ্ছন্ন কৰি ৰাখিছিল সেই এষাৰ মাথোঁ মাততে । সেইদিনা সঁচাই মই শুব পৰা নাছিলোঁ , তেঁও কিয় ইমান অপ্ৰস্তুত হৈছিল , কিয় প্ৰিয় চিগেৰেট পেলায় দিছিল , বুজিবলে বহুত চেষ্টা কৰিও নুবুজিলোঁ । অৱশ্যে চকুহালৰ বাদে যে তেঁওৰ চেহেৰাটো ভালকৈ মনতেই নাৰাখিলোঁ কোনোদিন , তাতে চিগেৰেট খোৱা ল’ৰা আৰু ভাল নালাগে ।

জিনাক্ষিৰ প্ৰতিদ্বন্দ্বীকলৈহে আমাৰ অলপ সমস্যা হ’ল , আমি দোধোৰ মোধোৰত নাথাকি হোষ্টেল চেণ্টিযে বাদ নিদিঁও সেইটো সকলোৱে জানিলে , কাৰণ তাইৰ বিপক্ষে ঠিয় দিছিল AT 3 girls hall ৰ শংখধ্বনি , যিজনী ছোৱালী আমাৰ ভাল বান্ধৱী , মোৰ সম্পৰ্কীয় , তাতে আমাৰ ডিপাৰ্টমেণ্টৰ । তাই বুজি পাইছিল হোষ্টেল চেণ্টিৰ কথা , সেয়েহে হয়তো কোনোদিনে নক’লেও আমাক ভোট দিয়াৰ কথা অথৱা কেম্পেইনিঙত লগত যোৱাৰ কথা । ডিপাৰ্টমেণ্টৰ বাকীবোৰৰো অলপ দোধোৰ মোধোৰ লাগিছিল , ভোটটো কাক দিব ! ডিপাৰ্টমেণ্টৰ চেণ্টিৰ খাতিৰত শংখধ্বনিক দিব নে জিনাক্ষিক ! যাৰ লগত তাহাঁতৰ বান্ধৱী অনবৰতে কেম্পেইনিঙত ব্যস্ত আছিল । প্ৰতিজন প্ৰাৰ্থীৰে জোৰদাৰ কেম্পেইনিং আৰম্ভ হ’ল , পিছে ক্লাছ চলি থকাৰ সময়ত বিশেষ একো নহয় , কাৰণ প্ৰাৰ্থী সকলে নিজেও ক্লাছ কৰিব লগা হৈছিল , পিছে আমিও ক্লাছত নামতহে থাকিছিলোঁ , মন হ’লে অলপো নবহিছিল , কাৰণ ৰাতিপুৱাই ওলাই যাঁও আকৌ ক্লাছৰ আগে আগে ঘুৰি আহি হোষ্টেলত যেনেতেনে ভাত এগৰাহ পেটত পেলাই ক্লাছলে ঢাপলি মেলোঁ মেখেলা চাদৰ সাজেৰেই , আকৌ ক্লাছৰপৰা গৈ পায়েই কিবা এটা খায়েই কেম্পেইনিঙৰ বাবে অথৱা ইস্তাহাৰ বিলাবলে নহ’লে অন্য কিবা কামত ওলাই গৈ ৰাতি এপৰত হোষ্টেল সোমাঁওগৈ ।

সেইকেইদিন আমি সকলোৱে মেখেলা চাদৰ পিন্ধি কেম্পেইনিঙলে ওলাই যাঁও , জিনাক্ষিৰ প্ৰতিক্ষেত্ৰতে তাইৰ প্ৰিয়জনে সমৰ্থন জনাই গ’ল যদিও দুয়োৰে ওফোন্দ লাগিয়েই থাকিবলে ল’লে প্ৰেমিক জীৱনত , তথাপিও পঢ়া অথৱা কামৰ ক্ষেত্ৰখনত দুয়ো দুয়োৰে সাহ হৈ থাকিল । ” চুৰী যো খনেকী হাথোঁ মে…..” গীতৰ তালত নচা গোল মতুল ছোৱালীজনীৰ নাচটো বৰ উপভোগ্য হ’ল সকলোৰে বাবে , সমানে তাই প্ৰাণ ঢালি গান দুটামানো গায় । হিন্দীৰ ” আশায়েঁ …. ” গীতটো আমি সকলোৱে সমৱেত ভাৱে গাঁও , লগতে জুবিনৰ দুটামান গান , কবিতা আবৃত্তি , দলীয় নৃত্য ইত্যাদিবোৰ আছিলেই । সকলোবোৰৰ ভিতৰত কিন্তু আমি ( দাধৰাতে ) ছুকুবাৰ পৰিচালনাত পৰিৱেশন কৰা পুতলা নাচটো মুখ্য আকৰ্ষণ হ’ল , কটনত পঢ়াৰ দিন ধৰিয়েই পুতলা নাচৰ জনপ্ৰিয়তা আছিল আৰু বহুতে সেই নাচটোৰ বাবেই চিনিও পাইছিল বাবেই য়ুনিভাৰ্ছিটিটো সমানেই জনপ্ৰিয় হৈ পৰিল । অৱশ্যে বিহুনামত পৰিৱেশন কৰা পুতলা নাচটোত তিৰু আৰু ৰেশ্মায়েও সমানে নাচিলে সকলোতে , তাৰোপৰি মই অকলে ” লাল দোপাত্তা …. উৰ গ’য়ে মেৰে হাৱা কী ঝোকোঁ চে …… ” গীতটোত একক পুতলা নাচ আৰু বিভিন্ন হিন্দী গীতৰ তালে তালে বিহু নাচ আছিলেই । ফলত হৈ পৰিলোঁ আমাৰ প্ৰাৰ্থীৰ আৰু আমাৰ হোষ্টেলৰ অঘোষিত ষ্টাৰ কেম্পেইনাৰ । এদিন কোনোবা এটা ডিপাৰ্টমেণ্টত কেম্পেইনিং কৰিবলে যাঁওতে বৰ থৎমৎ খাইছিলোঁ ল’ৰা এজনৰ প্ৰশ্নত , অচিনাকি ল’ৰাজনে নাৰ্ভাচ কৰাবলৈকে সুধিছিল ,

” হেৰা তুমিয়েইনেকি ভূপালী ? গোটেই য়ুনিভাৰ্ছিটি যুৰি বিস্তৃতি যাৰ , নাচাচোন নাচা পুতলা নাচটো তোমাৰ ”

অপ্ৰস্ত্তত হ’ব পৰা প্ৰশ্নটো শুনিও পিছে সহজকৈয়ে নাচিছিলোঁ পুতলাৰদৰেই । কেতিয়াবা মনটো বৰ বেয়া লাগে তেনেকৈ নাচি বাগি , গান গায় ঘুৰি ঘুৰি ভোট খুজি ফুৰোঁতে , জুনিয়ৰ কালত সোমাই থকা খোলাটোত তেতিয়া কুৰুকি কুৰুকি সোমাই থাকিবলৈ মন যায় , কোনে আৰু কিয় ভোটৰ বাবে সেইখিনি আৰম্ভ কৰিলে তাকে ভাবি আচৰিতো হঁও । কটনত থাকোঁতে জয়ন্ত দাৰ লগত কেম্পেইনিঙত ঘুৰিছিলোঁ যদিও য়ুনিভাৰ্ছিটিৰ দৰে কষ্ট হোৱা নাছিল , তাতে ডিপাৰ্টমেণ্টৰপৰা গৈছিলোঁ বাবে দেৰিলৈকে ঘুৰিবলগীয়া হোৱাও নাছিল । ল’ৰা হোষ্টেলবোৰলৈ গ’লে তেঁওলোকে প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি দিয়ে , প্ৰাৰ্থী গৰাকীক বেছিকে সোধে যদিও সাংগোপাংগসকলকো সুদাই নেৰে । হোষ্টেলে হোষ্টেলে যোৱাৰ উপৰিও গোটেই ডিপাৰ্টমেণ্টবোৰলে আৰু প্ৰাইভেট হোষ্টেল , মেচবোৰলে যাবই লাগে নিৰ্বাচনী প্ৰচাৰৰ বাবে , আনকি প্ৰতিদ্বন্দ্বী হোষ্টেলত গৈয়ো প্ৰচাৰ চলাবগৈ লাগে , তেঁওলোক ৰৈ থাকে আক্ৰমণৰ বাবে , তেঁওলোকৰ প্ৰাৰ্থী গ’লেও প্ৰত্যাক্ৰমণৰ বাবে ৰৈ থাকে আনটো পাৰ্টিৰ হোষ্টেল ।

নিজে প্ৰচাৰ চলাই থকাৰ মাজতো আকৌ অন্য প্ৰাৰ্থীবোৰ হোষ্টেললে অহালে ৰৈ থাকিব লাগে , তেঁওলোকৰ প্ৰচাৰক আৰু প্ৰাৰ্থীক সমৰ্থন জনাবলে , তাৰবাবে পূৰ্ব নিৰ্ধাৰিত সময়সূচীও থাকে । ল’ৰা প্ৰাৰ্থীবোৰ আহিলে ছোৱালী হোষ্টেলবোৰ উৰুলীকৃত হৈ পৰে , সকলোবোৰ ৰৈ থাকে মনোমোহা আৰু আকৰ্ষণীয় কেম্পেইনিং চাবলে । তাতে ভাল লাগে যেতিয়া ছোৱালীবোৰে ল’ৰাবোৰক বৌ বাচিবলে দিয়ে অথৱা প্ৰ’পৌজ কৰিবলে দিয়ে , কেনেবাকে যদি জুনিয়ৰবোৰক নিৰ্বাচন কৰে , সেইফালে বাৰই বাজে । আকৌ বাচিব লাগে নতুনকে , সময়বোৰ জমি উঠে , এইবোৰৰ প্ৰকোপত প্ৰাৰ্থীৰ যোগ্যতা নিৰূপণ তল পৰে , কেম্পেইনিং আগবাঢ়ে । আমাৰ লগৰ বিবেক , দেৱাশীষ , ধ্ৰুৱ , প্ৰাঞ্জলহঁতৰ কেম্পেইনিং অতি সুন্দৰ আছিল , তেঁওলোকৰ প্ৰতিটো অনুষ্ঠান উপস্থাপন , তেঁওলোকৰ বুদ্ধিমত্তা , কষ্ট সকলোবোৰ সঁচাকৈয়ে শলাগিবলগীয়া আছিল । আমি আকৌ এবাৰ আশাবাদী হৈছিলোঁ , আমি জিকিমেই । আনে যিহকেই নকওক , আমাৰ নিজৰ ওপৰতে যথেষ্ট বিশ্বাস আছিল ।

ক্ৰমশঃ