ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ লগে লগেই য়ুনিভাৰ্ছিটিৰ পৰিৱেশটোৱেই সলনি হৈ যায় , চাৰিওফালে উখল মাখল , উলহ মালহ হৈ পৰে পৰিৱেশটো , ভাৰ্ছিটি ৱিকৰ বাহিৰে অইন কথা চিন্তা কৰাৰ আহৰি নাইকিয়া হৈ পৰে , কেতিয়াবা প্ৰতিযোগিতা কাজিয়ালৈ পৰিণত হয় বয়জ হোষ্টেলবোৰৰ ক্ষেত্ৰত । আৰম্ভণিৰেপৰাই উৎকৃষ্ট প্ৰদৰ্শন আমাৰ হোষ্টেলৰ সেইবাৰ , প্ৰথমদিনাই মাৰ্চ পাষ্টত নাপালে যদিও প্ৰদৰ্শন ভাল আছিল , আমি সুখী হৈছিলোঁ , বিশ্বাসে আকৌ দগমগ কৰিছিল । ওপৰচকুৱাকৈ নাচায় , অন্তৰ্দৃষ্টিমুখী আৰু সাৱধান হ’লোঁ আমি সকলো । প্ৰথম দিনাই ভলী আৰু বাস্কেটত আমি প্ৰথম ৰাউণ্ডত জিকি আহিলোঁ , মনৰ ফুৰ্তি মনতে মাৰ নিয়ালোঁ , ভয় হৈছিল কিজানিবা আগৰবাৰৰ নিচিনাই হয় , ইফালে ৰাতিলৈ আমাৰ সমৱেত সংগীত আৰু গীতৰ প্ৰতিযোগিতাবোৰ হ’ল , ব্যক্তিগত শাখাত কোনো কোনোৱে পালে যদিও কোৰাছৰ প্ৰতিযোগিতাত বাচনিত নুঠিলোঁ আমি , অলপ চিন্তা হ’ল যদিও ভয় নাখালোঁ । ইফালে প্ৰৱন্ধ আৰু নীলাখামৰ চিঠিৰ প্ৰতিযোগিতাতো বহিলোগৈ , বৰ আশাৰে বাট চালোঁ ৰিজাল্টলৈ , কিয় জানো নীলাখামৰ চিঠিত কিবা এটা পাম পাম যেন লাগিল নিজৰে ।
ভাৰ্ছিটি ৱিকে টামাম মূৰত ধৰাৰ সময়তে আকৌ এবাৰ দলীয় নৃত্যৰ কথাটো ওলাল , দায়িত্ব লঁওতাগৰাকীৰ তেতিয়ালৈকে খবৰেই নাই , আমাৰ চিন্তা হ’ল , নাপালেও খালী যাবলে দিব নোৱাৰি , অংশগ্ৰহণ কৰিবই লাগিব । আকৌ বিচাৰ খোচাৰ আৰম্ভ হ’ল নাচ প্ৰশিক্ষকৰ , পিছে ইমান কম সময়তে শিকাব পৰা নাচ নাছিল তেনেকৈ , তথাপিও নাচৰ প্ৰেক্টিচ আৰম্ভ হ’ল ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ আগদিনাৰ পৰা , তিৱা সকলৰ লোকনৃত্য এটি প্ৰস্তুত কৰা হ’ল , একেবাৰে সহজ মুদ্ৰা কেইটামান লৈ মঞ্চৰ ভিতৰতে ঘুৰি ঘুৰি RCC 4 লিখাৰ কথা । পৰিৱেশনৰ ধাৰণাটো একেবাৰেই মনঃপুত নহ’ল যদিও মুখেৰে একো নামাতিলোঁ , ভাল নাই লগা বুলি ক’বলেও চিন্তা লাগিল । তথাপিও অনুষ্ঠানটোৰ শুভকামনা কৰি মনৰ কথাখিনি মনতে মাৰ নিয়ালোঁ ।
পিছদিনা হোষ্টেললৈ ভাল খবৰ আহিছিল , চ’চিয়েল ছাৰ্ভিছৰ দলটোৱে সেইবাৰো দ্বিতীয় স্থান পাইছিলে , মনটোৱে অজান পুলকত নাচি উঠিলে , মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আকৌ ভয় লাগিল , জানোচা আগৰ বছৰৰ দৰেই হয় , জানোচা আমাৰ সপোন সপোন হৈয়ে ৰয় …. । কইনা , ৰোমাণ্টিক কাপল্ , একক অভিনয় আদি অনুষ্ঠানবোৰ সময়মতেই চলি থাকিল , আমিও সময়ৰ লগত সমানে হাত মিলালো । আমাৰ হোষ্টেলৰ পৰাও একক অনুষ্ঠানবোৰত কেইবাজনীয়েও ভাগ ল’লে , পুৰস্কাৰো বুটলিলে । ভাৰ্ছিটি ৱিক আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ হৈ পৰিল সকলোৰে বাবে , প্ৰতিটো হোষ্টেলৰে প্ৰদৰ্শন সুন্দৰ , তাৰমাজতে পিছে আমাৰ হোষ্টেলে ভাল টক্কৰ দি থাকিলে , আমাৰ খেলুৱৈ সকলৰ সমানে হোষ্টেলৰ প্ৰতিজনী ছোৱালীৰ উৎসাহে খেলবোৰ প্ৰাণময় কৰি তুলিলে , প্ৰতিটো খেলতে প্ৰথম , দ্বিতীয় ৰাউণ্ডকেইটাত আমাৰ হোষ্টেলৰ জয় সাব্যস্ত হোৱাত আমি খামিডাঠ হৈ পৰিলোঁ , আমি প্ৰত্যাহ্বান হৈ পৰিলোঁ আন হোষ্টেলবোৰৰ বাবে ।
নাটক ভালেই হৈছিল যদিও পুৰস্কাৰ নাপালোঁ , আনহাতে স্কিটখন চাই দৰ্শকে যথেষ্ট আমোদ পালে , এটা বাস্তৱ প্ৰেক্ষাপটৰ পটভূমিত ৰচিত স্কিটখন বিচাৰকসকলেও খুবেই প্ৰশংসা কৰিলে , আমি পুৰস্কৃত হ’লোঁ , দ্বিতীয় স্থান পালোঁ , সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰথমটো পুৰস্কাৰ পায় বিশ্বাসৰ ভেঁটি অাৰু দগমগ হ’ল । কাবাডীত আমি অপ্ৰতিৰোধ্য হ’লোঁ , আমাৰ হোষ্টেলৰ দলটোলৈ আন হোষ্টেলে ভয় কৰা হ’ল , প্ৰতিখন খেলেই শ্বাসৰূদ্ধকৰ হৈ পৰিল , কবিতাই শক্তিমান নাম পালে কাবাডীত , আমি চেম্পিয়ন হ’লোঁ । সেই মূহুৰ্তটো কেতিয়াও পাহৰিব নোৱাৰি , যেতিয়া কাবাডীত চেম্পিয়ন হোৱাৰ আনন্দত গোটেই হোষ্টেল মতলীয়া হৈ পৰিছিল , সেই সময়ত আমাৰ ষ্টাৰ খেলুৱৈ কবিতা কিন্তু পৰি ৰ’ল কাবাডীৰ ক’ৰ্টতে , বেয়াকৈ দুখ পোৱা ছোৱালীজনী উঠিব নোৱাৰা হ’ল , তাইৰ ওচৰলৈ দৌৰি গৈ তাতে সাৱটি ধৰি বহি থাকিলোঁ , মৰমৰ উত্তাপে তাইৰ বিষবোৰ চাগে কিছু পৰিমাণে উপশম কৰিছিল , উঠিব নোৱাৰা ছোৱালীজনী লেকেচিয়াই লেকেচিয়াই উঠিলে , আৰু দুজনীমানৰ লগ হৈ যেনেতেনে লৈ গ’লোঁ তাইক য়ুনিভাৰ্ছিটি হস্পিতেললৈ , খেলি খেলি নাভাগৰা ছোৱালীজনী হস্পিতেলৰ বেড খনত ভাগৰুৱা হৈ শুই পৰিল , মুখত তাইৰ বেদনা স্পষ্ট , সেই বেদনা আছিল হোষ্টেলৰ আনন্দত জঁপিয়াই , নাচি বাগি , পানী ঢালি ফুৰ্তি কৰিব নোৱাৰাৰ বেদনা । ভাল হৈছিল তাই অতি সোনকালেই পাছদিনা ভলী খেলিবৰ বাবে সুস্থ হৈ উঠিছিল ছোৱালীজনী । কাবাডীৰ সমান্তৰালভাৱে আমাৰ বাস্কেট বলৰ টিমটোও দুৰ্দান্ত হৈ উঠিছিল , অদমনীয় টিমটোৱেও চেম্পিয়নৰ খিতাপ আনিছিল হোষ্টেললৈ , দুটা দুটা প্ৰধান খেলত চেম্পিয়ন হৈ আমি বিশ্বাসৰ ভেঁটিত আৰু দগমগ হ’লোঁ ।
নীলাখামৰ চিঠিৰ ফলাফল দিলে , তৃতীয় হ’লোঁ , মনটো ভাল লাগিল , পিছে সেইদিনাই যথেষ্ট ভাল খেলি থকা ভলীৰ টিমটোৱে ভলীৰ ছেমি ফাইনেলত RCC 3 girls ৰ লগত হাঁৰিলোঁ , অপ্ৰতিৰোধ্য দলটো প্ৰতিহত হ’লোঁ প্ৰায় অন্তিম পৰ্যায়ত , মনটো ভাৰাক্ৰান্ত হৈ পৰিল , তাতে কেপ্তেইন আছিলোঁ সেইটো দলৰ । সেইবাৰ চেম্পিয়ন হ’ল দূবৰিহঁতৰ হোষ্টেল , আমাৰ কেম্পাছতে চেম্পিয়ন দলটো থকাত ভালো লাগিল অৱশ্যে । নেতৃত্ব দিয়াত বিফল হোৱাৰ বাবেই হয়তো খেলখনত হাঁৰিলোঁ , আমাৰ আটাইকেইজনী জুনিয়ৰে সেইবাৰ আমাতকৈ বেছ ভাল খেলিছিল যদিও কিবা কাৰণত ছেমি ফাইনেলখন আমাৰ ফলীয়া নহ’ল , পিছে আশাহত হোৱা নাছিলোঁ অকণো , শ্ৰেষ্ঠত্বৰ মুকুটটোলৈ তেনেই অকণমানহে দূৰ আছিল , প্ৰায় নিশ্চিতই হৈছিলোঁ আমি , মাত্ৰ অপেক্ষা কৰিছিলোঁ শেষৰ প্ৰদৰ্শনটোলৈ , সাংস্কৃতিক শোভাযাত্ৰালৈ । আমি জানিছিলোঁ , শোভাযাত্ৰাত প্ৰথম অথৱা দ্বিতীয় যিকোনো এটা স্থানত থাকিলেই আমাৰ শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপ নিশ্চিত ।
ভাৰ্ছিটি ৱিকৰ শেষৰ দিন , আমাৰ আনুষ্ঠানিক শিক্ষা জীৱনৰ এটা অন্যতম অন্তিম দিন , শোভাযাত্ৰাৰে আৰম্ভ হৈ ফলাফলেৰে গতি কৰি সাংস্কৃতিক সন্ধিয়াৰে শেষ হ’বলগীয়া উদযাপনৰ এটা দিন , সকলো ব্যস্ত হৈ পৰিছিল , এটা মূহুৰ্তও অপচয় কৰিব বিচৰা নাছিল কোনেও , তেনে এটা উদযাপিত দিনতে মৌন হৈ পৰি ৰৈছিলোঁ RCC 4 girls hall ৰ ৰেইন-ট্ৰি জোপাৰ তলৰ সেই ৰূমটোত , ৰূমনং ৪৪ ত । ওলাই গৈছিল বহু যত্নেৰে সজাই পৰাই উলিয়াই পঠিওৱা শোভাযাত্ৰাত ভাগ ল’বলগীয়া ছোৱালীবোৰ , তাহাঁতৰ লগত হোষ্টেলৰ বাকীবোৰ ছোৱালীও । মই নোযোৱাৰ বাবেই ওলাই যোৱা নাছিল মৰমী বান্ধৱী ৰিতু , জিনাক্ষি , লভিতা , তিৰুহঁত । তাহাঁতৰ অন্তৰতো দুখ লাগিছিল , তথাপিও মোৰ দুখটোহে যেন বেছিকৈ চৰিছিল । শোভাযাত্ৰাৰ প্ৰস্তুতিৰ বাবে আগৰাতি চকুৰ টিপো মৰা নাছিলোঁ আমি কেইজনীয়ে , গোটেই ৰাতি নোমাল , কম নোমাল সাজ প্ৰস্তুত কৰিছিলোঁ আমি কেইজনীয়ে , আমাৰ শোভাযাত্ৰাৰ বিষয় বস্তু আছিল মানৱ বিকাশ বা মানৱ উত্তৰণৰ স্তৰসমূহ ।
ৰবীনদাৰ লগত আমি সবিস্তাৰে আলোচনা কৰিছিলোঁ বিষয় বস্তুৰ সন্দৰ্ভত , তাত পৰিধান কৰিবলগীয়া সাজ পাৰ আৰু গোটেই বিষয়টো উপস্থাপন কৰাৰ বিষয়ত । তেখেতে কোৱা ধৰণে আমি আগবাঢ়িছিলোঁ , প্ৰয়োজনীয় সামগ্ৰীবোৰ কিনিবলৈ পইচা পোৱা নাছিলোঁ যদিও যিমান পাৰোঁ সিমান নিজৰ পইচাৰে কিনি আনিছিলোগৈ , কিনিবলৈ থাকি গৈছিল ফলচ্ হেয়াৰৰ কোচাকেইটামান , যিবোৰৰ সহায়ত আমি বন মানুহৰ পৰ্যায়কেইটাৰ বাবে দৰকাৰী সাজকেইযোৰ বনোৱাৰ কথা আছিল , তাতেই লাগিছিল কেনাটো । আগদিনা তথাপিও কিবা কৰি কিনিবলৈ যাবলৈ লঁওতেই অপদস্থ হৈছিলোঁ বেয়াকৈ , বেয়াকৈ মানে অতি বেয়াকৈ , যিবোৰ এতিয়া মনতহে পৰে , প্ৰকাশ কৰিব নোৱাৰি ( কাৰো প্ৰতি অকণো বেয়া ভাৱ নাই এতিয়াও / তেতিয়াও ) । দায়িত্বহীন ,কাণ্ডজ্ঞানহীন আখ্যা পাইছিলোঁ , অথচ দায়িত্বটো এৰি দিবও পৰা নাছিলোঁ , স্বাভিমানে হাৰ মানিছিল হোষ্টেলৰ প্ৰতি দায়বদ্ধতাৰ সন্মুখত । চুলিবোৰ আনিয়েই সেইৰাতিৰ কোনো অনুষ্ঠানলৈকে নোযোৱাকৈ তৈয়াৰ কৰিছিলোঁ সেই বিশেষ সাজকেইযোৰ , মুঠতে ছটা নোমাল সাজ , বেছিৰপৰা কমলৈ । আচফিয়া আৰু অঞ্জুমা দুয়োজনী হোষ্টেলৰ আটাইতকৈ সৰুফুটীয়া ছোৱালী আছিল বাবেই সিহঁত দুয়োজনীকে দিয়া হৈছিল আদিম মানৱৰ প্ৰথমটো স্তৰত প্ৰতিনিধিত্ব কৰিবলৈ , তেনেকৈয়ে এটাৰ পিছত এটাকৈ স্তৰৰ বাবে প্ৰস্তুত কৰা হৈছিল দুজনীকৈ ছোৱালী , সমান্তৰালভাৱে সিহঁতৰ সাজবোৰো । গোটেই শোভাযাত্ৰটোৱেই সাজু কৰা হৈছিল সুগভীৰ অধ্যয়ন আৰু আলোচনাৰ অন্তত ।
ইমান পৰিকল্পিতভাৱে সাজুহৈ উঠাৰ পিছতো মই পোৱা বিশেষণকেইটাৰ বাবেই পণ্ড হৈছিল সকলোবোৰ , শেষ হৈ যাব খুজিছিল উদযাপন কৰি অহা সুমধুৰ ক্ষণবোৰৰ সুমধুৰ স্মৃতিবোৰো , পাহৰণি হ’ব খুজিছিল এযোৰ চকুৰ প্ৰেমত পৰিব পৰা এজনী সাধাৰণ ছোৱালী , আঁতৰি যাব খুজিছিল আকাশৰ এজনী দুৰ্বাৰ প্ৰেমিকা । পৰা নাছিল পিছে তেনে একোৱেই কৰিব , কোনোবা যেন আহিছিল শত এন্ধাৰৰ মাজতো পোহৰৰ বতৰা লৈ ।
ক্ৰমশঃ



