ভাৰ্ছিটি ৱিকৰ শ্ৰেষ্ঠ হোষ্টেলটো সেইদিনা আনন্দ উলাহত অধীৰ হৈছিল , পুৰস্কাৰবোৰ চাই চাই যেন হেঁপাহেই নপলাব কাৰো , চেম্পিয়নৰ ট্ৰফীকেইটাত যেন খোদিত কৰিব প্ৰত্যেকেই নিজৰ নাম , হোষ্টেল মুখৰ হৈ থাকিল কেৱল অৰ্জিত অভিজ্ঞতাবোৰৰ কথাৰে , ছোৱালীবোৰৰ খিল খিল হাঁহিবোৰতো কেৱল ভাৰ্ছিটি ৱিকৰ বতৰা । শ্ৰেষ্ঠত্বৰ গৌৰৱেৰে গৌৰৱী হৈ উঠা হোষ্টেলটোৱে পাহৰি গৈছিল পিছে কৃতজ্ঞতা জনাবলৈ কেইজনমান বিশেষ ব্যক্তিক , বিশেষকৈ AT 9 boys ৰ ল’ৰাবোৰক , যিকেইজনে আমাৰ বাবে তেঁওলোকৰ বহুমূলীয়া সময়ৰ বহুলাংশ খৰচ কৰিলে আমাক নাটক , স্কিট , মাইম , গীত শিকোৱাৰ নামত । গৌৰৱী আমাৰ ওচৰত অভিমানী হৈছিল তেঁওলোক , ভিতৰি গুজৰি গুমৰি উঠিল তেঁওলোকৰ অভিমানে ভৰা খংবোৰ । বিশ্বাস আৰু ভৰষাক সাঙুৰি থোৱা মৰমৰ জৰীডাল কোনোবা এঠাইত সোলোক ধোলোক হৈছিল , কৃতজ্ঞতা জনোৱাৰ নামত অইন একো নাই , অন্ততঃ হোষ্টেললৈ তেঁওলোকক এবাৰ নিমন্ত্ৰণ জনাই পুৰস্কাৰবোৰ দেখুৱাব পাৰিলোহেঁতেন , তেঁওলোকৰ সন্মানাৰ্থে সৰুকৈ চাহমেল এখন পাতিব পাৰিলোহেঁতেন , পিছে তাৰে এটাও নহ’ল । তেঁওলোকৰ হোষ্টেলৰ আগত এপৰ ৰৈ কথা পাতি গ’লেও তেঁওলোকক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জনোৱাটো আমাৰ কৰ্তব্য আছিল , কিন্তু তেনে হৈ নুঠিল ।
হোষ্টেলৰ কোনো কথাতে আগভাগ নলঁও বুলি দৃঢ় কৰা মনটোৱে সেইখিনি কথা বাৰে বাৰে অনুভৱ কৰিছিলোঁ যদিও , কৰিব পৰা নাছিলোঁ একো , কাকো জনোৱাও নাছিলোঁ মনতে ভবা কথাবোৰ । তেঁওলোক ভীষণ অভিমানী হৈ উঠিছিল জিনাক্ষি আৰু মোৰ ওপৰত , প্ৰকাশ কৰা নাছিল হ’লে কথাটো মুখেৰে , প্ৰকাশ কৰিছিল তেঁওলোকৰ কামেৰে । ভালকৈ মাতিলেও প্ৰত্যুত্তৰ ভালকৈ নিদিয়া দীপ্তদা আৰু প্ৰণৱদাৰ অভিমানবোৰ বুজাত অসুবিধা হৈছিল প্ৰথমে , পিছে প্ৰণৱ দাদায়ে কৈ দিছিল খঙৰ ভমকতে অভিমানী কথাবোৰ । দাদাৰ কথা শুনি বেয়া লাগিছিল , উপায়ো নাছিল একো তেঁওলোকৰ অভিমান ভঙাৰ , অগত্যা চিঠি এখনকে লিখিছিলোঁ প্ৰণৱদালৈ বুলি , দীপ্তদাক হ’লে মাতিবলেও সাহ নহ’ল । মোৰ দুচকুত কিবা এট দুখ দেখা দীপ্তদাক ক’ব নোৱাৰিলোঁ দুখৰ কথাবোৰ , নুখুজিলোঁ ক্ষমাও । অভিমানী মইও হ’ব পাৰোঁ , অভিমানত মুখ ফুলাই নমতাকৈ থাকিব পাৰোঁ মইও , তাকেই বুজাবলে নমতাকৈয়ে থাকিলোঁ দুদিনমান কাকো । অকৃতজ্ঞই হওক বা কৃতঘ্নই বোলক মই তেনেকৈয়ে ৰৈছিলোঁ নিজৰ মাজতে নিজক বিচাৰি দুদিনমান । সেই কাৰ্যই বঢ়াই তুলিছিল দূৰত্ব আগতকৈও বেছিকৈ । ভাল পালোঁ তেনেকৈয়ে উপেক্ষিতা হৈ থাকি ।
জিনাক্ষিয়ে পিছে সহজকে নল’লে কথাটো , তাই ভীষণ লজ্জিত হ’ল তেঁওলোকৰ আগত , তাই যে আগভাগ লৈছিল তেঁওলোকক নাটক গীত শিকাবলৈ মতাৰ ক্ষেত্ৰত , সকলো বাদ দি তাই ৰূণাৰ ওচৰ পাইছিলগৈ , ৰূণাক জনাইছিল কথাটো , লগতে তেঁওলোকক যে সম্বৰ্ধনা জনোৱাটো উচিত সেইয়াও বুজায় দিছিল , তাইৰ কথাবোৰ ৰূণায়ে বুজি পাইছিল আৰু তেঁওলোকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থাও কৰিছিল জীনাক্ষিৰ পৰামৰ্শমতেই । তেঁওলোকেও অভিমান এৰি আকৌ আগবাঢ়ি আহিছিল বন্ধুত্বৰ হাত ধৰি , অনুষ্টুপীয়া ভোজমেলটোও আড়ম্বৰপূৰ্ণ হৈ পৰিছিল তেঁওলোকৰ উপস্থিতিত , তেঁওলোকৰ বন্ধুসকলৰ উপস্থিতিত । সময়ে বাগৰ সলোৱাৰ লগে লগে কথাবোৰো সহজ হৈ পৰিল , বহুবোৰ মনৰ পৰা আঁতৰিও গ’ল , দীপ্তদাহঁতে আকৌ আগৰদৰেই কথা বতৰা পাতিবলৈ ধৰিলে , একো নোহোৱাৰদৰেই সকলোবোৰ সলনি হৈ পৰিল । সেইকেইদিন মোৰ মানসিক অৱস্থা একেবাৰেই ভাল নাছিল , তাতে দুদিনৰ পিছত থকা নেট পৰীক্ষাটোৱেও ভূতৰ ওপৰত দানহৰ কাম কৰিছিল , নিজৰ বাহিৰে সঁচাকৈয়ে আন কাৰোৰে বাবে ভাবিবলৈ সময়েই নাছিলনে , মনেই নাছিল বুজি পোৱাৰো সময় নাছিল সেইকেইদিনত । পিছে চিঠিখন দিয়াৰ পিছত আমি সকলোবোৰ আকৌ ফৰকাল হৈ পৰিছিলোঁ ।
এটা ব্যস্ততাৰ পৰা আন এটা ব্যস্ততালৈ ধাৱমান হৈছিলোঁ আকৌ আমি , আমাৰ চেশ্যনেল পৰীক্ষাবোৰ ওচৰ চাপি আহিছিল , প্ৰায় এমাহ পঢ়াৰ লগত সুসম্পৰ্ক নাই বুলিবই পাৰি , কিতাপ মেলি ল’লেই পৃথিৱীখন মূৰৰ ওপৰতে ঘুৰি ফুৰাৰ দৰে লাগে , মূৰৰ বিষটো তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠে । স্নাতকোত্তৰৰ শেষ পৰীক্ষাটো যে ভালকৈ নিদিলেও নহ’ব , য়ুনিভাৰ্ছিটিৰ পিছৰ জীৱনটো সেই পৰীক্ষাৰ লগতেই যে জড়িত । আকৌ আৰম্ভ হৈছিল খদমদম কিতাপ বিচৰাৰ , নোট বনোৱাৰ , বুজাৰ । পৰীক্ষা আকৌ বেয়া হৈছিল , প্ৰথম চেশ্যনেল আৰু ভাৰ্ছিটি ৱিকৰ ঠিক পিছতেই হৈছিল বাবে হে বেয়া হৈছে বুলি নিজকে প্ৰবোধ দিলেও অন্তৰাত্মাই হ’লে কান্দি উঠিল বেদনাগধুৰ হৈ , নিজক আৰু ঘৰখনৰ অাশাসুধীয়া চকুবোৰ আৰু হেঁপাহবোৰক প্ৰতাৰণা কৰাৰ অপৰাধত নিজেই নিজৰ ওচৰত অপৰাধী হৈ পৰিলোঁ ভীষণভাৱে । তথাপিও জীৱনৰ বাট বুলিবই লাগিব বুলি চেষ্টাও কৰি গ’লোঁ পিছৰ পৰীক্ষাবোৰৰ বাবে ।
ফ’ৰ্থ চেমিষ্টাৰ যিমানে আগবাঢ়িল সিমানে আকৌ বুকুৰ ঢুকঢুকনিটো বাঢ়িবলৈ ধৰিলে লগৰবোৰৰ লগত আত্মীয়তা বঢ়াৰ দৰেই । আমি আড্ডাবাজ বন্ধুবোৰৰ আড্ডাই য়ুনিভাৰ্ছিটিৰ কেণ্টিনকেইখন ৰজনজনাই থাকিল , এখনত বহিবলে নাপালে আনখনলে ঢপলিয়াই থাকোঁতেই আধা ব্ৰেকটাইম পাৰ হৈয়ে যায় যদিও সমূলি ভ্ৰূক্ষেপ নাথাকে কেতিয়াবা , আমাক অত্যন্ত মৰম কৰা চাৰ বাইদেউ সকলেও আমাৰ বন্ধুত্বক শলাগিলে যদিও গালিও দিয়ে ক্লাছৰ ক্ষেত্ৰত গাফিলতি কৰিলে । আমি ডিপাৰ্টমেণ্টৰ আটাইবোৰে লগ হৈ লাহে লাহে কেণ্টিনৰ বাহিৰেও বাহিৰত ফুৰাৰ প্ৰগ্ৰেম বনোৱা হ’লোঁ , মুঠতে আমি লগ হৈ থাকিব লাগে । দূবৰি হোষ্টেলৰ প্ৰিফেক্ট হোৱাৰ বাবে মাজে মাজে দিগদাৰ হয় যদিও আমাৰ লগত তাল মিলাই চলিলে । ভাৰ্ছিটি ৱিকৰ পিছৰে পৰাই মইও হোষ্টেলতকৈ বাহিৰত থাকিহে ভালপোৱা হ’লোঁ , বেলি লহিয়ালেই মন বেয়া লগা হ’ল , ঘৰমুৱা চৰাইজাক দেখিলেই দুখ লাগে , তাহাঁতৰ লগতে যে মইও হোষ্টেলমুৱা হ’বলগা হয় । সহজ হ’বলে চেষ্টা কৰিলেও সহজ নহয় কিছুমান কথা । পিছে সন্ধ্যা প্ৰাৰ্থনাটো গালেই মনটো কিবা লাগি যায় , হোষ্টেলটোলৈ মায়া লাগে , অসহজ কথাবোৰ সহজ হৈ নপৰিলেও বেয়া লগাবোৰ কমি যায় । এৰোঁ বুলিলেও এৰি যাব নোৱাৰি সেই মায়া বন্ধন ।
তেনেকুৱা দিনবোৰতে এটা বৰ মজাৰ ঘটনা ঘটিছিল , যজ্ঞলৈ নোযোৱাকৈয়ে যজ্ঞৰ খিচিৰি বিলাইছিল গোটেই হোষ্টেলতে আমাৰ ৰিতুৱে । কোনোবাই মৃত্যুঞ্জয় যজ্ঞনে কিবা অনুষ্ঠিত কৰিছিল গৰমবন্ধ খোলাৰ পিছতে । ভক্তৰ ভিৰ লাগিছিল যজ্ঞৰ থলীত , হোষ্টেলীয়া ল’ৰা ছোৱালীবোৰো গৈছিল ভগৱানৰ আশীষধন্য হৈ ভৱিষ্যতটো সুখদ কামনা কৰিবলৈ , কোনো গৈছিল নিজৰ প্ৰেমিক বন্ধুৰ হাতধৰি , প্ৰেমৰ পৰিধি বিয়ালৈ প্ৰসাৰ কৰাৰ আশীষ বিচাৰি , কোনো আকৌ গৈছিল কামোৰ প্ৰেমিকৰপৰা মুক্তি পোৱাৰ আশীষ বিচাৰিহে । সেই যজ্ঞৰ প্ৰসাদ আছিল খিচিৰি , নামনি অসমৰ প্ৰভাৱপুষ্ট সকলো ঠাইতে যিকোনো পূজাতেই খিচিৰি ৰন্ধাৰ নিয়ম, ভোগ হিচাপেও আগবঢ়ায় খিচিৰি । যজ্ঞলৈ গৈ খিচিৰি অকণ খাই আহিলেই যজ্ঞৰ মহা প্ৰসাদভাগ গ্ৰহণ কৰাৰ দৰে হয় , সেয়েহে যিয়েই যায় প্ৰসাদ অকণমান গ্ৰহণ নকৰাকৈ নাহে । এইখিনি হ’ল মূল কথা ।
সেইকেইদিনৰে কোনোবা এটা দিনত ৰিতুৱে ক্লাছৰপৰা আহি খিচিৰি ৰান্ধিছিলহি , ৰেষ্ট এণ্ড টেষ্টত বিশ্বাসী আৰু ৰন্ধাত পাকৈত ছোৱালীজনীয়ে পিছে সেইদিনা পাঁচ নে ছয় লিটাৰৰ কুকাৰটোত ৰান্ধিলে এক কুকাৰ সা সোৱাদবিহীন খিচিৰি । সোৱাদ খিচিৰিতহে নাছিল , তাই ঘৰৰ পৰা অনা মকমকীয়া গোন্ধৰ আম আৰু জলফাইৰ আচাৰবোৰৰ সোৱাদে তাইৰ সোৱাদবিহীন খিচিৰিকণো মুখৰোচক কৰি পেলাইছিল , ইফালে অনবৰতে খাটি গৰু ঘিঁউৰ বটল তেঁওৰ টেবুলত থাকিছিলেই । বুমনে মোনে মোনে কাজি নেমুৰ যােগান ধৰিলেও আইদেউৱে পিছে খোৱাৰ লগত কোনো কম্প্ৰ’মাইজ নকৰিছিলে , ক্ষীণ শকত তাই পাত্তাই নিদিছিলে , জীৱনৰ মূলমন্ত্ৰ ৰেষ্ট এণ্ড টেষ্ট বুলি বুমনক জনাইও দিছিল । পিছে বেচেৰীহঁতে খিচিৰি খায় ঢুকাব পাৰে জানো দুজনীয়ে , এনেই সা সোৱাদ নাই , তাতে আকৌ এক কুকাৰ প্ৰায় ভৰ্তি । পিছে তাইৰ মগজ তাইৰ মুখৰ মিঠা হাঁহিটোৰ দৰেই , হাঁহি মাৰিয়েই বুদ্ধি উলিয়াব পাৰে তাই । তাইৰ সোৱাদহীন খিচিৰি ডিক্লেয়াৰ হ’ল যজ্ঞৰ খিচিৰি বুলি , হোষ্টেলত প্ৰায় জনাজনি হৈ গ’ল যে ৰিতুৱে যজ্ঞৰ খিচিৰি লৈ আহিছে যজ্ঞথলীৰ পৰা ।
এজনী দুজনীকৈ আহি থাকিল ভক্তৰূপী ছোৱালীবোৰ যজ্ঞৰ আপুৰুগীয়া প্ৰসাদকণ সহজতে ল’বলৈ । আমিও থাকিলোঁ সেই ভক্তাগণৰ মাজৰে এগৰাকী হৈ , তেহে সকলোৰে বিশ্বাস গাঢ় হ’ব ( ৰিতুৰ মতে ) । ৰিতুৰ খিচিৰিৰ কুকাৰ খালী কৰোৱাৰ নামত এবাতিমান সোৱাদ বিহীন খিচিৰি মোৰ পেটতো পৰিলগৈ , ক্লাছৰপৰা আহি পােৱাৰ পিছত মুখৰ আগতে পোৱা মোৰ সোৱাদহীন খিচিৰিৰ বাতিটোৰ তলতে বৰ কায়দাৰে তাই ভৰাই দিলে তাইৰ সেই মকমকীয়া গোন্ধৰ আচাৰ এটুকুৰ আৰু ভূজিয়া অলপ আনে গম নোপোৱাকৈ । মইও ঘোৰ ভক্তৰ দৰেই সেৱা সৎকাৰ কৰি প্ৰসাদভাগ লৈ প্ৰস্থান কৰিলোঁ নিজৰ ৰূমলৈ বুলি , তেতিয়ালৈ তাইৰ ৰূমত ভক্তগণে হেতা ওপৰা লগাইছিল খিচিৰিৰ বাবে , কুকাৰত অৱশিষ্ট নথকাকৈ শেষ হৈছিল ৰিতুৰ হাতৰ সেইদিনাৰ সোৱাদহীন খিচিৰি , তাইৰ মতে যজ্ঞৰ খিচিৰিখিনি । আচল কথাটো কি খালে ক’ৰ খালে নহয়তো , আচল কথাটো হ’ল বিশ্বাসে মিলয় হৰিহে ।
ক্ৰমশঃ


