ইলেক্স্যনৰ দিন কাষ চপাৰ লগে লগে আমাৰ বৰ চিন্তা হ’ল , ক’ৰবাত কেনেবাকৈ কিবা থাকি গ’লনেকি বা কোনোবা ঠাইত কেম্পেইনিং কৰিবলৈ থাকিলনেকি সেইবোৰকে আলোচনা কৰিবলৈও এদিন লাগিল । ইফালে সকলোৰে প্ৰচাৰ অভিযান জোৰদাৰ চলিবলৈ ধৰিলে , আমাৰ জিনাক্ষিক AT 8 boys hall আৰু AT 4 boys hall মুকলিকৈ সমৰ্থন আগবঢ়োৱাত বৰ সকাহ পাইছিলোহঁক , RCC 4 boys hall যদিও আমাৰ বন্ধু হোষ্টেল নাছিল তথাপিও আমাৰ বেছিভাগ বন্ধুৱেই সেইটো হোষ্টেলৰে আৱাসী আছিল বাবে তেঁওলোকৰো মুকলি সমৰ্থনেই পাইছিলোঁ আমি । AT 9 হোষ্টেলে আমাক কিন্তু প্ৰতিটো পদক্ষেপতে বৰ সুন্দৰকৈ সহায় সহযোগিতা কৰি গ’ল , যদিও তেঁওলোকে আমাৰ PGSU ত ভোট দিব নোৱাৰে তথাপিও জিনাক্ষিক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ৰ সোঁহাতখন হৈ থাকিল । ভোটৰ অংক বৰ ভয়ানক অংক , এই অংকত পাছ কৰিবলৈ হ’লে মগজুৰ লগতে ঢেৰ কিবাকিবিৰ প্ৰয়োজন । বহুতো প্ৰাৰ্থী আকৌ অপ্ৰতিদ্বন্দ্বী হৈয়ে জিকি ওলাই গ’ল । য়ুনিভাৰ্ছিটিৰ ছাত্ৰ একতা সভাৰ সম্পাদক পদটো অতি গুৰুত্বপূৰ্ণ , তাৰ প্ৰতিযোগিতাখনো হৈ পৰে সাধাৰণ নিৰ্বাচনৰ দৰেই , প্ৰাৰ্থীয়ে লাভ কৰে কিছু ৰাজনৈতিক দল সংগঠনৰ মুকলি সমৰ্থন আৰু প্ৰচাৰো হৈ যায় সেইমতেই ।
সেইবাৰৰ জি এছ ৰ প্ৰতিদ্বন্দ্বিতাত বিশেষকৈ RCC 2 boys hall ৰ প্ৰাঞ্জল প্ৰতীম বৰা আৰু AT 8 boys hall ৰ ধ্ৰুৱজ্যোতি নাথ আছিল , বিশেষ বন্ধুত্ব এজনৰো লগত নাছিল যদিও দুয়োকে ভালেই লাগিছিল । তথাপিও কেম্পাছ চেণ্টি আৰু AT 8 ৰ লগত থকা সৌহাৰ্দ পূৰ্ণ অৱস্থিতিৰ বাবে ধ্ৰুৱৰ প্ৰতি মুকলিমুৰীয়া সমৰ্থন আছিল আমাৰ হোষ্টেলৰ পৰা । আনহাতে দূবৰিহঁতৰ AT 10 আৰু RCC 5 girls hall ৰ পৰা কেম্পাছ চেণ্টি বুলিয়েই সমৰ্থন পাইছিলোহঁক আমি । জি এছৰ ক্ষেত্ৰত বন্ধুত্বৰ এনাজৰীৰে প্ৰাঞ্জলৰ লগত বান্ধ খাই থকাসকল পিছে স্বাভাৱিকতে দোদুল্যমান অৱস্থাত আছিল , দুয়োৰে কেম্পেইনিং যথেষ্ট ভাল হোৱাৰ লগতে বক্তৃতাও আছিল অত্যন্ত তেজস্বী , তেঁওলোকৰ বক্তৃতাৰ তেজস্বিতাই প্ৰাৰ্থী হিচাপে তেঁওলোকৰ ওজস্বিতা প্ৰকাশ কৰিছিল । দুয়ো বন্ধুৰে কেম্পেইনিং আৰু বক্তৃতা এবাৰ শুনাৰ পিছত বহুতৰে বাবে কাক ভোট দিব সেইটো ঠিৰাং কৰা একপ্ৰকাৰ অনিশ্চিত হৈছিল ।
সেই অনিশ্চিতিৰ বিপৰীতে আমি নিশ্চিত হৈছিলোঁ আমাৰ জিনাক্ষিয়েই জিকিব বুলি । আমাৰ কেম্পেইনিং আগবাঢ়িছিল বৰ সুন্দৰকৈ , শংখধ্বনিও আগবাঢ়িছিল সুষম গতিৰেই । কেম্পেইনিং শেষ হোৱাৰ দিনা সকলোৰে দুখ লাগিছিল , লগতে এটা বিশেষ অভিজ্ঞতা হোৱাৰ বাবে আনন্দিতও হৈছিল ছোৱালীবোৰ । নিৰ্বাচনলৈ দুদিন থাকোঁতে শেষ হোৱা কেম্পেইনিঙৰ পিছত সময় নাছিল কাৰোৰে জিৰণি লোৱাৰ , সকলোৰে মনবোৰে উচপিচাই বাট চাইছিল নিৰ্বাচনৰ দিনটোলৈ । তেতিয়াই শুনিছিলোঁ নতুনকৈ এটা পদ , “শেষ নিশাৰ খেল ” । নিৰ্বাচনৰ আগ নিশাই বোলে সকলো অংক জংক পংক হয় , কথাবোৰ সলনি হয় , বহুতো নভৱা নিচিন্তা কথা সলনি হৈ নতুন হয় । পিছে আমি আছিলোঁ অনভ্যস্ত , জিনাক্ষিও নাছিল অভিজ্ঞ , সেই শেষ নিশাৰ খেলখন বুজিব পৰাকৈ নাছিল আমাৰ বোধ । তাইৰ প্ৰিয়জনে পিছে তাইৰ আৰু আমাৰ বিশেষ কষ্ট নোহোৱাকৈ আৰু একো ভূ ভা নোপোৱাকৈ সামৰি নিছিল বহু কাম তেঁওৰ লগৰসকলৰ লগ হৈ , আমি সকাহ পাইছিলোঁ , নিৰ্বাচনৰ আগনিশা কোনোধৰণৰ মিটিঙলৈ নোযোৱাকৈয়ে হৈছিল , আমাৰ কাম আছিল মাথোঁ ছপাই অনা প’ষ্ট কাৰ্ড , প্লে’ কাৰ্ড আৰু বেনাৰবোৰ চিজিল কৰা , ৰাস্তাত চূণেৰে বৰ বৰ হৰফত নাম লিখা , আমাৰ বাবে তৈয়াৰ কৰি দিয়া কাৰ্যালয় পৰিপাটিকে থোৱা আৰু আটাইতকৈ ডাঙৰ কাম ভোটাৰ লিষ্টখন সাৱধানে যতনাই ৰখা ।
নিৰ্বাচনৰ আগৰাতিৰ খেল আমাৰ হোষ্টেলতো চলিছিল , পিছে সেই খেল ৰাজনীতিৰ খেলৰ পৰা বিপৰীত দিশত অৱস্থান কৰা আৱেগ অনুভূতি আৰু চকুপানীৰ খেল আছিল । জিনাক্ষি গম্ভীৰ হৈ পৰিছিল , সলনি হৈছিল । তাইৰ হয়তো চিন্তাত তৎ নোহোৱা হৈছিল , আমাক নেদেখুৱালেও তাই ভিতৰি নাৰ্ভাছ হৈছিল , বুকুৰ পুৰাতন ঢুকঢুকনিটো তীব্ৰৰপৰা তীব্ৰতৰ হৈছিল । কান্দিছিল তাই , অকলশৰীয়া অনুভৱ কৰিছিল প্ৰচণ্ডভাৱে সকলোৱে আগুৰি থকাৰ পিছতো , বুজাব নোৱাৰা কথাবোৰ চকুৰপানী হৈ সৰসৰাই বৈ আহিছিল , সেইসময়ত হয়তো তাই তাইৰ মূৰত মাক দেউতাকৰ মৰমৰ হাতখনৰ প্ৰচণ্ড তাগিদা অনুভৱ কৰিছিল , হয়তো বিচাৰিছিল প্ৰিয়জনৰ দুআষাৰ চেনেহভৰা মাত । তাইৰ লগতে আমিও নাৰ্ভাছ হৈছিলোঁ , সকলোৱে বাট চাইছিলোঁ পুৱতি সুৰুযৰ , যেন ৰাতিপুৱালেই সকলো সাৰি যাব , সকলো ভাল হ’ব ।
১৯ মে’ ২০০৫
সেইদিনা আছিল আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰন নিৰ্বাচন । প্ৰাৰ্থীৰে সৈতে উপজি পুৱাতে গৈছিলোঁ ভগৱানৰ আশীষ বিচাৰি , ভগৱানৰ আশীষ লৈয়ে গোটেই হোষ্টেল উঠি গৈছিলোঁ য়ুনিভাৰ্ছিটিলৈ , ভাগে ভাগে হাতত কাৰ্ড লৈ থিয় দিছিলোগৈ অ’ডিটৰিয়ামৰ সন্মুখত , কেইজনীমান বহিছিল আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা বুথত । জিনাক্ষিয়েও ডিঙিত গামোছা লৈ কৰযোৰে ঘুৰিছিল ভোটাৰৰ মাজত , লগত মইও । আগৰাতিৰ চকুলোৰে সিক্ত দুগাল ঘৰ্মাক্ত হৈছিল সেই জেঠুৱা ৰ’দত , আমিও বাচকবনীয়া মেখেলা চাদৰ এসাজ পিন্ধি ওঁঠত হাঁহি এটা পিন্ধাই ভোট জিনাক্ষিকে দিবলৈ ভোটাৰসকল কাৰ্ড একোখনকৈ দি অনুৰোধ জনাই গ’লোঁ । ছোৱালীবোৰ বৰ ধুনীয়া আৰু আকৰ্ষণীয় লাগিছিল সেইদিনা , সুন্দৰকৈ সাজি পাৰি যোৱা ছোৱালীবোৰৰ ভোট বিচৰা চেহেৰাটো দেখিলে পিছে তেতিয়াও হাঁহি উঠিছিল আৰু মনত পৰিলে এতিয়াও উঠে ।
দুপৰ হোৱালে আমাৰ উচপিচনি বাঢ়ি গ’ল , দুয়ো প্ৰতিদ্বন্দ্বী আছিল প্ৰায় সমপৰ্যায়ৰ , বহুতৰ হয়তো ভোট দিবলৈ আহিও ভোটৰ অংক ওলোটা হৈ গ’ল , অথৱা আমাৰে সমীকৰণটো পতাত ভুল হ’ল । তথাপিও আমাৰ কাষলে অহা ভোটাৰৰ মুখবোৰ দেখি আমি আকৌ এবাৰৰ বাবে আশাবাদী হ’লোহঁক , আমাৰ জয় নিশ্চিত বুলি আমি বুজিব পাৰিলোঁ । প্ৰত্যেকজন প্ৰাৰ্থীৰে হয়তো মানসিক অৱস্থা একেই আছিল । নিৰ্দিষ্ট সময়ত ভোট শেষ হোৱাৰ পিছতো ছোৱালীবোৰ তাৰপৰা হোষ্টেললৈ যাবলৈ বিচৰা নাছিল , যেন ৰিজাল্ট লৈহে যাব , প্ৰাৰ্থীৰ জিকাৰ যোগ্যতাৰ লগতে প্ৰত্যেকেই নিজৰ কষ্টৰ মৰ্যাদাৰ মান নিৰূপণ কৰিহে উভটিব বিচাৰিছিল ।
পিছদিনা পুৱাৰ পৰা আৰম্ভ হৈছিল কাউণ্টিং , প্ৰত্যেক দলৰে একোজনকৈ এজেণ্ট অফিচত থকাৰ সমান্তৰালকৈ বাহিৰত উদগ্ৰীৱ হৈ বাট চাই সমৰ্থকবোৰে । সময়ৰ লগে বুকুৰ ঢুকঢুকনিটো তীব্ৰ হৈ উঠিল , বাকীবোৰক বাদ দি আমি মন দিলোঁ কেৱল জিনাক্ষি আৰু শংখধ্বনিৰ ভোট গণনাত । প্ৰতিপক্ষ ৰ এটা ভোট বাঢ়ি গ’লেই মনটো বেয়া লাগি যায় , বিজয়ীনিৰ মুকুট পিন্ধিবলৈ দুয়োজনীৰ লগতে দুয়ো হোষ্টেলো যথেষ্ট আশাবাদী হ’ল । সকলো উৎকণ্ঠাৰ ওৰ পেলায় , ফলাফল ঘোষিত হোৱাৰ সময়ত প্ৰতিদ্বন্দ্বী ৰ লগতে আমিও সমানে আচৰিত হৈছিলোঁ , জিনাক্ষি হাঁৰিছিল , তাই হাঁৰিছিল ৬০ টা ভোটত । আনহাতে জমি উঠিছিল জি এছৰ অংকটো , প্ৰাঞ্জল আৰু ধ্ৰুৱ দুয়োটাৰে মাজত ভোটৰ ব্যৱধান আছিল মুঠেই ১১ টা । বিপুল জনপ্ৰিয়তা লাভ কৰা দুই ছাত্ৰনেতাৰ ভোটৰ যুঁজখন সঁচাকৈয়ে উদ্বেগজনক আছিল , দুয়োৰে জনপ্ৰিয়তা আছিল সমান , পাৰ্থক্য আছিল মাথোঁ ১১ টা ভোটৰ । ফলত ৰি কাউণ্টিঙৰ প্ৰস্তাৱ উঠিছিল , সকলোৱে বিচাৰিছিল কিবা সলনি হোৱাৰ আশাত , খেলখন আকৌ এবাৰ জমি উঠাৰ হেঁপাহত ।
আচলতে আমাৰ সমীকৰণটো ভুল হৈছিল , জনপ্ৰিয়তা যিমানেই নাথাকক কিয় , কেম্পাছ চেণ্টিত হাঁৰিছিল আমাৰ কেম্পাছৰ তিনিওটা , আমাৰ জিনাক্ষি আৰু AT 8 ৰ ধ্ৰুৱ আৰু দেৱাশীষ । আমাৰ ভোটবেংক টনকিয়াল নাছিল সিটো কেম্পাছৰ তুলনাত , মাৰ্কেট কেম্পাচৰ পাঁচটা হোষ্টেলৰ ভিতৰত দুটা হোষ্টেলেই আছিল আইনৰ হোষ্টেল ( RCC 5 ত কেইজনীমানহে স্নাতকোত্তৰ বিভাগৰ ছোৱালী আছিল ) , মানসিক সমৰ্থন আছিল তেঁওলোকৰ , আনহাতে সিটো কেম্পাছত আছিল কেইবাটাও হোষ্টেল । ৰাজনীতিৰ প্ৰথম অ আ ক খ খনতে বৰ বেয়াকৈ মুখ ঠেকেচা খাইছিলোঁ আমি ।
ক্ৰমশঃ