জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫২

এফালে হোষ্টেলত ফ্ৰেচাৰ্ছৰ জোৰদাৰ প্ৰস্তুতি আনফালে ডিপাৰ্টমেণ্টত শিক্ষক দিৱসৰ প্ৰস্তুতি । পিছে সেইবছৰ ৫ ছেপ্তেম্বৰটো দেওবাৰ আছিল বাবে আমাৰ ডিপাৰ্টমেণ্টত শিক্ষক দিৱস আগদিনাই অৰ্থাৎ ৪ তাৰিখ শনিবাৰেই পতাটো ঠিক কৰিলে , কাৰণ সেইবছৰৰ পৰা চিনিয়ৰসকলৰ আনুষ্ঠানিক শিক্ষা শেষ বুলিবই পাৰি । গতিকে এদিন আগতীয়াকৈ পতাত কোনেও আপত্তিও নকৰিলে । ইফালে হোষ্টেলত ফ্ৰেচাৰ্ছৰ দিনো ঠিক হ’ল সেই একেই ৪ ছেপ্তেম্বৰ তাৰিখেই , ফ্ৰেচাৰ্ছৰ পিছদিনা দেওবাৰ মিলাই পতাৰ বাবেই একেটা তাৰিখতে দুয়োটা গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ’ল । মোৰ ব্যস্ততা দুগুণে বাঢ়িল , যিহেতু হোষ্টেল আৰু ডিপাৰ্টমেণ্ট দুয়ো ঠাইতে সমানে ব্যস্ত হ’বলগীয়া হৈছিল । আগদিনাই শিক্ষক দিৱস হোৱাৰ বাবে বেয়াও নাপালোঁ , দূবৰিয়ে মইয়ে দুয়োজনী শিক্ষক দিৱসৰ দিনাই আমাৰ কটনৰ শিক্ষাগুৰু ড. সুৰেশ চন্দ্ৰ বৰা চাৰ আৰু ড. সুদেষ্ণা বাইদেউৰ ওচৰলৈ গৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে আশীৰ্বাদ লৈ আহিম বুলি ঠিক কৰিলোঁ । দুয়োজনীয়ে আগ্ৰহেৰে বাট চাই ৰ’লো দুয়োটা দিনলৈকে । দূবৰিহঁতৰ হোষ্টেলৰ ফ্ৰেচাৰ্ছ তেতিয়ালৈকে হৈয়েই গৈছিল , সেয়েহে ডিপাৰ্টমেণ্টৰ ডেকোৰেশ্যনৰ কামতো তাই লাগিব পাৰিছিল আমাৰ লগৰবোৰৰ লগত ।

হোষ্টেলৰ ফ্ৰেচাৰ্ছত কেইবাটাও অনুষ্ঠান , তাৰে সমবেত সংগীত , মংগলাচৰণ , নাচ এইকেইটাত দলত থকাৰ উপৰিও স্বৰ্ণালী আৰু মোৰ ৰোমাণ্টিক কাপল্ ৰ অনুষ্ঠানটোও ৰাখিলে । প্ৰতিজনী ছোৱালীয়েই বিভিন্ন অনুষ্ঠান কৰিবৰ বাবে সাজু হৈ উঠিল , প্ৰত্যেকৰে হিয়া উলাহী উঠিল , জুনিয়ৰৰ খোলাটোৰপৰাযে একেবাৰে ওলাই অহাৰ সময় আহি পৰিল প্ৰায় দহমাহৰ পিছত । দহমাহ পহু অথৱা জুনিয়ৰ জীৱন খটাতো অলপ কষ্টকৰ নহয় কিন্তু য়ুনিভাৰ্ছিটিত । পিছে ইয়াৰ মাদকতাও সুকীয়া , বিচাৰিব জানিলে পোৱা যায় অনাবিল সুখ । সকলোৰে অনুষ্ঠানৰ প্ৰস্তুতিৰ লগতে আকৌ এবাৰ হ’ল নিজকে সজোৱাৰ প্ৰস্তুতি , নিজকে অনন্যা কৰি সজাই তোলাৰ অঘোষিত , অলিখিত প্ৰতিযোগিতা । সৰস্বতী পূজা , ভাৰ্ছিটি ৱিকৰ পিছতেই প্ৰত্যেক হোষ্টেলীয়াৰ বাবেই হোষ্টেলৰ ফ্ৰেচাৰ্ছটো য়ুনিভাৰ্ছিটি জীৱনৰ এটা ডাঙৰ উৎসৱ , প্ৰাণৰ উৎসৱ । তাতে ছোৱালী হোষ্টেলবোৰত এখোপ চৰা । সকলোৰে এসপ্তাহৰ আগৰেপৰাই চিন্তা কি সাজেৰে সাজিব আৰু কেনেকৈ নিজকে আকৰ্ষণীয় কৰি তুলিব ! আঙুলিৰ মূৰত হিচাপ কৰি যিমানকেইটা অনুষ্ঠানত নিজৰ নাম পালোঁ , লগতে প্ৰত্যেকৰ বাবেই বেলেগ বেলেগ সাজ নিৰ্ধাৰিত কৰা আছিল , তাকে চাই নিজৰ বাবে বিশেষ সাজ এযোৰৰ প্ৰয়োজন অনুভৱ নকৰিলোঁ । আমাৰ কেইবাজনীৰো একেই অৱস্থা , ইফালে মোৰ আকৌ ডিপাৰ্টমেণ্টৰ অনুষ্ঠানটো আছিলেই । ৰিহাৰ্ছেলত ইমানেই ব্যস্ত হৈ গ’লোঁ যে সাজ পোছাকৰ কথা ভাবিবলৈকে নহ’ল ।

আনহাতে কেইবাদিনৰেপৰা আমাৰ গধূলি RCC 4 boys hall লে অহা যোৱা , উদ্দেশ্য সমবেত সংগীতৰ ৰিহাৰ্ছেল কৰাৰ । তাত আমাৰ লগৰ কেইবাজনো আছিলেই বাবে অসুবিধা বিশেষ নহ’ল , পহু ল’ৰাবোৰ দেখি হাঁহিও উঠে , বেচেৰাহঁতৰ আমাতকেও বেছি কাঢ়া নিয়ম । আমাৰ লংকেশ্বৰৰ পিছফালৰ মেছৰ বন্ধু হিৰণ্য সেইটো হোষ্টেলৰে আৰু ভাৰ্ছিটি ৱিকতে ভালকে লগ পোৱা আৰু চিনাকি হোৱা দীপ , বিবেকহঁত আছিলেই । পিছে তেতিয়ালৈকে জুনিয়ৰৰ পোছাকত থকা আমি বা সেইটো হোষ্টেলৰ পহুবোৰে কোনেও কাকো মুকলিকে মাতবোল কৰাৰ অনুমতি পোৱা নাছিলোঁ , সেয়েহে চিনাকি চকুবোৰো অচিনাকি হৈয়ে থাকিলোহঁক । বন্ধু বিবেক এজন সুগায়ক বুলি ইলেক্স্যনত কেম্পেইনিংতে গম পাইছিলোঁ , ঠাণ্ডা প্ৰকৃতিৰ ল’ৰাটোৰ হাঁহিটো দেখিলেই বৰ সৰল যেন লাগে , ইফালে দীপ ল’ৰাটো আকৌ বৰ লাজকুৰীয়া আছিল । তেঁওলোকৰ উপৰিও আৰু বহুবোৰ চিনাকি লগ পালেও মুকলিকে মাতিব পৰা নাছিলোঁ কেৱল জুনিয়ৰ বাবেই ।

ফ্ৰেচাৰ্ছৰ আগদিনা হঠাতে হোৱা অসহ্য পেটৰ বিষটোত শৰীৰতকৈও মনৰ চটফটনিহে বাঢ়ি গ’ল , প্ৰতিমাহৰ সেই বিশেষ দিনকেইটাৰ অসহনীয় অৱস্থাটোৱে দেহৰ লগতে মনটো বিধ্বস্ত কৰি পেলালে । প্ৰতিটো অনুষ্ঠানৰ আগতে কিবা নহয় কিবা এটা অশান্তি হোৱাটো মোৰ হোষ্টেলীয়া জীৱনৰ অভিন্ন অংগ হৈ পৰিল । জীনাবা আৰু লভিতাৰ সেইনিশা মোৰ লগত সাংঘাতিক কষ্ট হ’ল । পিছদিনা পুৱালে সুস্থ হৈ উঠিছিলোঁ যদিও জিনাক্ষিৰ উৎপাতত হস্পিতেললে যাবলে বাধ্য হৈছিলোঁ ডিপাৰ্টমেণ্টলে যোৱাৰ আগত । জিৰণিৰো সময় নাছিল আৰু তেতিয়া , যিহেতু ডিপাৰ্টমেণ্টৰ শিক্ষক দিৱস আছিল আৰু ৰাতিলে আমাৰ ফ্ৰেচাৰ্ছ । জুনিয়ৰ নিষিদ্ধ ছাদখনত সেইদিনাই আনুষ্ঠানিকভাৱে জুনিয়ৰক লৈ যোৱা হ’ব মুকলি আকাশখন দেখুৱাবলৈ , জালুকবাৰীৰ শোভা ছাদৰপৰা উপভোগ কৰিবলৈ । সকলোবোৰ উৎফুল্লিত হৈ পৰাটো স্বাভাৱিক তেনে এটা দিনত । চিনিয়ৰ সকলৰ বুকুৰ বিষটো কিয় জানো জুনিয়ৰ হৈয়ে অনুভৱ কৰিছিলোঁ সিদিনা । সেইদিনাৰপৰাই আৰম্ভ হ’ব তেঁওলোকৰ কাউণ্ট ডাউন বিদায়সভাৰ , হোষ্টেল একেবাৰে এৰি যোৱাৰ , এটা নতুন জীৱনৰ প্ৰস্তুতি কৰাৰ । চিনিয়ৰ জুনিয়ৰৰ খোলাবোৰৰ পৰা সকলোবোৰ ওলাই অহাৰ প্ৰস্তুতিটোৱে হ’লে বুকুখন গধুৰ কৰি তুলিলে , ফলত বুকুৰ সেই পুৰণি ঢুকঢুকনিটো বাঢ়ি আহিল লাহে লাহে । পিছে ডিপাৰ্টমেণ্টলে গৈ সকলোবোৰ পাহৰি সেই পৰিৱেশত একাত্ম হৈ পৰিলোঁ আমি ।

ডিপাৰ্টমেণ্টৰ বিভিন্ন অনুষ্ঠানবোৰৰ ভিতৰত পুতলা নাচটোৱে বৰ সমাদৰ পালে , লগতে আমাৰ বিভিন্ন অনুষ্ঠানবোৰ চাৰ বাইদেউ সকলে বৰ উপভোগ কৰিলে । আমাৰ চিনিয়ৰসকলে আয়োজন কৰা গোটেই অনুষ্ঠানটোৰ ভূৰি ভূৰি শলাগ ল’লে সকলোৱে । ইমান সুন্দৰ অনুষ্ঠান আছিল সঁচাকৈয়ে ।

ডিপাৰ্টমেণ্টত প্ৰদৰ্শন কৰা পুতলা নাচৰ ছবি এখন / কষ্টিউম : ডিম্পীবা

ডিপাৰ্টমেণ্টৰ উৎফুল্লিত মনটোৱে পিছে ভাগৰ আৰু পেটৰ বিষ সকলো পাহৰি গধূলিৰ ফ্ৰেচাৰ্ছৰ বাবে একদম ফ্ৰেচ হৈ গ’ল । সেয়েহে সন্ধ্যা হ’বলগীয়া জুনিয়ৰৰ আটাইতকৈ আকৰ্ষণীয় দিনটোৰ বাবে সাজু হৈ পৰিলোঁ সকলো পাহৰি । নৱাগতা আদৰণিখনৰ বাবে কিমানযে আশা জুনিয়ৰ কালত , তাতে শ্ৰেষ্ঠা নৱাগতা , বিভিন্ন অনুষ্ঠানৰ পুৰস্কাৰ বিতৰণী আৰু চিনিয়ৰ জুনিয়ৰৰ মাজৰ খেলাবোৰ , একেলগে নচা নাচবোৰ সেইবোৰ থাকেই । সেইদিনা সকলোবোৰ বেলেগ যেন লাগিছিল , চিনিয়ৰসকলে খুলি পেলাইছিল চিনিয়ৰৰ চোলাটো , তাৰ পৰিৱৰ্তে বন্ধুত্বসুলভ আচৰণ সকলোৰে , আমাৰ লগৰবোৰেও আগতেই কৰা পৰিকল্পনাবোৰ সেয়েহে নিমিষতে পাহৰি পেলালে । ফ্ৰেচাৰ্ছ হৈ গ’লেই কাৰোবাক কাৰোবাক নমতাৰ পৰিকল্পনাটো তেতিয়াই ভাপৰ দৰে উৰি গ’ল । ইমান সুন্দৰ আদৰণি । মণি বায়ে হাতৰ পূজাৰ কাঁহীখনৰ পৰা আমাৰ সকলোৰে কঁপালত আঁকি গ’ল একোটাকৈ ৰঙা বেলিহেন ফোঁট । বাকী বাহঁতে ফুল ছটিয়াই আগুৱাই লৈ গ’ল আমাৰ সেই জুনিয়ৰ নিষিদ্ধ ছাদখনলৈ । তালৈ ছাগে মোৰ বাহিৰে আৰু কোনোৱেই ইমানবাৰ জুনিয়ৰ কালতে গৈ পোৱা নাছিল , গৈ পোৱাবোৰৰ ভিতৰতো মই লৈ যোৱাই লভিতা জিনাক্ষি ৰিতু তিৰুহঁতেইহে আছিল । ছাদখনত ভৰি দিয়েই সকলোবোৰ উৎফুল্লিত হৈ পৰিছিল , ৰাতিৰ আকাশখন প্ৰাণভৰি চাইছিল , দূৰৈৰ শৰাইঘাটখন ডিঙি মেলি চাবলৈ যত্ন কৰিছিল । নিজকে পিছে সেই সময়ত বৰ দোষী দোষীহে লাগিছিল , আগৰ সেই উত্তেজনা খিনিৰ পৰিৱৰ্তে কিবা এটা দুখবোধে মনটো জেপজেপীয়া কৰি গৈছিল ।

অনুষ্ঠানৰ আৰম্ভণি আমাৰ মংগলাচৰণেৰেই হৈছিল । জিনাক্ষি তিৰু আৰু মই হাতত এগছিকৈ চাকি লৈ গাইছিলোঁ সংস্কৃতৰ সেই শুৱলা মংগলাচৰণটি

” ওম ভদ্ৰং কৰ্ণেভিঃ শৃণুয়ামি দেৱাঃ …..”

তাৰপিছতেই আৰম্ভ হৈছিল সাংস্কৃতিক অনুষ্ঠান সমূহ । বিশিষ্ট অতিথি লীলাৱতী শইকীয়া বাইদেউৰ উপৰিও আৰু দুগৰাকী প্ৰফেছৰ আছিল , তদুপৰি বেলেগ বেলেগ হোষ্টেলৰ প্ৰিফেক্ট আৰু য়ুনিভাৰ্ছিটিৰ ছাত্ৰ একতা সভাৰ সদস্যসকল । লাজ অলপ লাগিছিল যদিও সকলোবোৰ কৰি গৈছিলোঁ মনৰ হেঁপাহেৰে । বিভিন্ন পুৰস্কাৰবোৰ ঘোষণা কৰোঁতে প্ৰৱন্ধ , নীলাখামৰ চিঠি , নৃত্য , ৰোমাণ্টিক কাপল্ গোটেইবোৰতে নিজৰ নামটো শুনি উৎফুল্লিত হৈ পৰিলোঁ , পিছে মনটো বেয়া লাগিছিল তেতিয়া যেতিয়া শ্ৰেষ্ঠ নৱাগতাৰ বঁটাটো বাতিল কৰা হৈছে বুলি ঘোষণা কৰা হৈছিল । অৱশ্যে সেই বঁটাৰ দাবীদাৰ হিচাপে আমাৰ প্ৰত্যেকগৰাকী জুনিয়ৰেই আছিলোঁ বাবেই সেই বঁটা বাতিল কৰা হৈছিল । আমি প্ৰত্যেকেই যে নিজৰ নিজৰ স্থানত শ্ৰেষ্ঠ । চিনিয়ৰসকলে আমাক একোটিকৈ উপহাৰৰ লগতে এটিকৈ লিমাৰিক আৰু নাম দিলে । আমাৰ আৰু ভাল লাগিল । লিমাৰিকটো পাহৰিলোঁ , পিছে মোৰ নাম দিলে Miss obedient . নামটো শুনিয়েই বুকুখন ভৰি উঠিল । পিছে তিৰুৱেহে তাইক দিয়া নামটো বৰ ভাল নাপালে আৰু অভিমানত মুখ ওন্দলি গ’ল । তাইৰ নামটো যে চিনিয়ৰ সকলে থ’লে Miss Dhara Dhara . ধাৰা মিঠাতেলৰ নাম । খাতি সঁৰিয়হৰ পৰা বনোৱা ।

সকলোকে বৰ ধুনীয়া আৰু খাপ খোৱা নাম আৰু লিমাৰিকেৰে জুনিয়ৰবোৰক আদৰিলে , তিৰুকহে বোলে তাইৰ লগত মিলা নাম নিদিলে , তাইতো কাকো তেল নামাৰে , ধাৰা নাম দিবলে , তাই অভিমানত মুখ ওন্দোলাই থাকিলেও পিছে আমাৰ বেছ হাঁহি উঠে । গোটেই অনুষ্ঠানবোৰৰ ভিতৰতে আটাইতকৈ ভাল লগা অনুষ্ঠানটো আছিল paper dance টো , বাতৰি কাগজখন ক্ৰমান্বয়ে সৰু সৰু ভাঁজ কৰি নি দুগৰাকীক তাৰ ওপৰত নাচিবলে দিয়া হয় , চৰ্ত এটাই , কাগজৰ বাহিৰত ভৰি পৰিব নালাগিব । তাতে মোৰ পাৰ্টনাৰ আছিল জিনাক্ষি । জিনাক্ষিৰ লগত একেবাৰে শেষলৈকে শেষ ভাঁজটোলৈকে নাচিবলৈ দুয়োজনীৰ কিমান কষ্ট হৈছিল নচা দুজনীয়েহে বুজি পাইছিলোঁ । এইটো পিছে প্ৰতিযোগিতাৰ নাচ নাছিল , এইবোৰ সাংস্কৃতিক অনুষ্ঠান হৈ যোৱাৰ পিছত আলহী যোৱাৰ পিছত আমাৰ জুনিয়ৰ চিনিয়ৰৰ মাজত হোৱা অন্তৰংগ অনুষ্ঠানহে আছিল , তাৰপিছত খোৱা বোৱা কৰি ছাদৰ ওপৰত বৰ অন্তৰংগতাৰে চলিছিল ৰাতি দুইবজালৈকে বিহু নাচ । নাছিল য’ত কোনো জুনিয়ৰ অথৱা চিনিয়ৰ ।

ক্ৰমশঃ

Leave a Comment