জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৫

‘ সোঁৱৰণীৰ সঁফুৰা ‘ ৰ কামত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিলোঁ আমি কেইজনীমান , বিশেষকৈ যিকেইজনী দায়িত্বত আছিলোঁ । ক’ৰপৰা কেনেকৈ লেখা সংগ্ৰহ কৰা হ’ব , বাহিৰৰ লেখা , হোষ্টেলৰ আৱাসীবোৰৰ লেখা আকৌ সেইবোৰৰ পৰা প্ৰকাশ কৰিব পৰা লেখাবোৰ নিৰ্বাচন কৰা ঢেৰ কাম । তাতোকৈ ডাঙৰ কথাটো আছিল আলোচনীখন প্ৰকাশ কৰিবৰ বাবে প্ৰয়োজনীয় পুঁজি যোগাৰ কৰাটো , বিদায় সভাখন পাতিবৰ বাবে আমি আমাৰ লগৰ খিনিৰপৰা এটা বিশেষ পৰিমাণৰ টকা উঠাইছিলোৱেই , আমাৰ ঘৰৰ পৰা অহা হাতখৰচৰ পৰাই বাৰু সেইখিনি মিলাই লৈছিলোঁ আমি , কিন্তু আমাৰ লগৰ বহুতৰে সেইখিনি পইচা উপৰুৱাকৈ দিয়াৰ পিছত হাতখৰচৰে টনাটনি হৈছিল , সেয়েহে মুখপত্ৰ খন প্ৰকাশৰ বাবে আমি যথেষ্ট চিন্তিত হৈ পৰিছিলোঁ । আমাৰ সমস্যাৰ বিষয়ে আমাৰ কেইগৰাকীমান বায়ে গম পাই আমাক দিহা পৰামৰ্শ আৰু সহায় কৰাৰ আশ্বাস দিলে , আমাৰ লগৰে আকৌ কেইবাগৰাকীয়েও আৰ্থিক অসুবিধাৰ অচিলা লৈ সেইখন প্ৰকাশ কৰাত অসন্মতিৰ লগতে অসন্তুষ্টিও প্ৰকাশ কৰিলে ।

পিছে সমস্যা দেখিলেই পিছ হোঁহকা বিধৰো নাছিলোঁ আমি , আকৌ এবাৰ অন্তৰৰ একান্ত ইচ্ছা পুৰণ হোৱাৰ বাট মুকলি হৈছিল , চিনিয়ৰ সকলে কিন্তু আমাক সেইখন প্ৰকাশ কৰাত যথেষ্ট উৎসাহিত কৰিলে লগতে তেঁওলোকেও বৰঙনি দি আমাক সহায় কৰিবলে আগবাঢ়ি আহিল , পিছে আমি তেঁওলোকৰ পৰা বৰঙনি লৈ মুখপত্ৰ প্ৰকাশ কৰাৰ বাবে সন্মত নহ’লোঁ । ডিম্পীবা ৰূমত নথকাৰ সময়কণতে আমি গোটেইকেইজনী আমাৰ ৰূমতে আলোচনাত বহোঁ , হাতে হাতে চাহৰ কাপ লৈ কথাৰ মহলা নামাৰি আঁচনি তৈয়াৰ কৰোঁ কেনেদৰে চিনিয়ৰৰ পৰা আৰ্থিক সাহাৰ্য্য নোলোৱাকৈ আমাৰ কামত আগবাঢ়িব পাৰোঁহক । জীনাবায়ে আমাক কৈ গ’ল তেঁওলোকে কেনেকৈ সেইখন প্ৰকাশ কৰিছিল , তেঁওলোকেও যে বহু সমস্যাৰ সন্মুখীন হৈছিল , পিছে দান বৰঙনিৰ সহায়েৰে তেঁওলোক সক্ষম হৈছিল সোঁৱৰণীৰ সঁফুৰাক আকৌ পোহৰলে আনিবলৈ । জীনাবায়ে তেঁওলোকে প্ৰকাশ কৰা কপিটো লৈ বুজাই দিলে কেনেকৈ দান বৰঙনি সংগ্ৰহ কৰিব পাৰি , লগতে সেইয়া সংগ্ৰহ কৰিবলে যাঁওতে হোৱা বিভিন্ন অসুবিধাৰ কথা , তেঁওলোকৰ অভিজ্ঞতাৰ কথা । কথাখিনি শুনিয়েই মনলে সাহ আহিল আৰু জীনাবাক একাষৰীয়া কৰি আমি আকৌ হাতত গৰম চাহৰ পিয়লা লৈ আলোচনাত বহিলোঁ । চিনিয়ৰৰ পৰা লেখা লোৱাৰ বাহিৰে তেঁওলোকক আমি কি কৰিছোঁ বা কেনেকৈ কৰিছোঁ তাৰ একো উমানকে নিদিলোঁ , যাতে বিদায়সভাৰ দিনাখন সেইটো তেঁওলোকৰ বাবে আশ্চৰ্য হৈ পৰে । সেইবাৰ এটা নতুন কলম ৰখাৰ কথা চিন্তা কৰা হ’ল , বিভিন্ন হোষ্টেলৰ প্ৰিফেক্ট আৰু অন্যান্য শুভাকাংক্ষী সকলৰ একলম ।

এফালে ডিপাৰ্টমেণ্টৰ এটাও বিৰতি নোহোৱাকৈ ক্লাছৰ ভৰপক , আগন্তুক পৰীক্ষাৰ প্ৰস্তুতি আনফালে সোঁৱৰণীৰ সঁফুৰা প্ৰকাশৰ টেনশ্যন । তাৰমাজতো কিন্তু দূবৰিয়ে মইয়ে দুয়োজনীয়ে নিজৰ বন্ধুৰ পৃথিৱীখনৰ পৰা নিজকে দূৰ কৰি পেলোৱা নাছিলোঁ , দায়িত্ব আৰু কৰ্তব্যবোৰৰ মাজতে আমি ডিপাৰ্টমেণ্টৰ বন্ধু বান্ধৱবোৰৰ মৰমৰ আব্দাৰবোৰো পূৰ কৰি গ’লোহঁক । হোষ্টেল আৰু পঢ়াৰ ব্যস্ততাই আমাক আৰু শক্তি দিলে , দূবৰিও তাইৰ হোষ্টেলৰ বিদায়সভাৰ বাবে ব্যস্ত হৈ পৰিল । সেইকেইদিনত হোষ্টেলত থকা সকলোৰে প্ৰায় একেটাই আলোচনা ‘ বিদায় সভা ‘ লগতে হোষ্টেলৰ আৰু ডিপাৰ্টমেণ্টৰ । পিছে যিমানেই এই বিষয়ত আলোচনা হ’ল , সিমানে বুকুখন গধুৰ হৈ পৰিল , এবছৰৰ পিছৰ নিজকে কল্পনা কৰি মনটো আৰু বেদনাসিক্ত হৈ পৰিল । প্ৰত্যেকৰে একেই অনুভৱ যেন , তথাপিও পিছে কোনেও কাৰোৰে আগত নিজক প্ৰকাশ নকৰে । সকলো সুখী ভাৱতে থাকে । বিদায় সভাৰ সমান্তৰালভাৱে অলপ গুপুতে দল পাতি আলোচনা কৰাৰ বিষয়টোৱে আৰু প্ৰাধান্য পাইছিল , সেইটো আছিল সম্ভাৱনীয় প্ৰিফেক্টৰ পদত কোন কোন থাকিব তাৰ পূৰ্বানুমান ।

লীলাৱতী বাইদেউৰ পৰামৰ্শমতে হোষ্টেলৰ বিদায়সভাৰ দিন ঠিক হ’ল ১৫ ছেপ্টেম্বৰ , বুধবাৰ ২০০৪ । পিছদিনা সম্ভৱতঃ কিবা বন্ধ আছিল । ফ্ৰেচাৰ্ছৰ পিছত আমাৰ হাতত সময় আছিল মুঠতে ১০ দিন , তাৰে আলোচনা বিলোচনাত ৫ দিনামান গৈছিলেই , গতিকে ৪ / ৫ দিনৰ ভিতৰতে আমাৰ বহুত কৰণীয় আছিল , হল ঠিক কৰা , খানা ঠিক কৰা , নিমন্ত্ৰণী চিঠি লিখা , তেঁওলোকৰ বাবে উপহাৰ ঠিক কৰা , অতিথি নিমন্ত্ৰণ কৰা আদি ঢেৰ । তাতোকৈও ডাঙৰ কথা আছিল মুখপত্ৰ খন প্ৰকাশ কৰা । দায়িত্ববোৰ ভগাই লৈছিলোঁ আমি , তথাপিও প্ৰতিক্ষেত্ৰতে ভূমিকা গুৰুত্বপূৰ্ণই আছিল , আলোচনীৰ সম্পাদনাৰ দায়িত্ব আৰু সহযোগীৰ দায়িত্ব যিহেতু যুটীয়াভাৱে দিয়া হৈছিল , গতিকেই দায়িত্বও ভাগ হ’ল । প্ৰুফ চোৱা , লেখা সংগ্ৰহ আৰু নিৰ্বাচনৰ দায়িত্বত তিৰু আৰু লভিতাকে মুখ্য কৰি এখন সমিতি আৰু বৰঙনি সংগ্ৰহৰ বাবে জিনাক্ষি আৰু মোক লৈ আনকেইজনীমান ছোৱালীৰ এটা দল ঠিক হ’ল । আমাৰ দলত ৰিতুও চুপাৰ এক্টিভ হৈ থাকিল ।

মিতব্যয়ী অথচ অপূৰ্বকৈ বিদায় সভাখন আয়োজন কৰিবলৈ আমি প্ৰস্তুত হৈছিলোহঁক , সেয়েহে নিমন্ত্ৰণী পত্ৰখন চপোৱাৰ পৰিৱৰ্তে আমি হোষ্টেল চৌহদৰ কাঞ্চনজোপাৰ পৰা কাঞ্চনৰ পাত চিঙি আনি ডাঙৰ কিতাপৰ মাজত শুকাবলৈ বুলি সুমুৱাই ৰাখিলোঁ , আগতে হয়তো কেতিয়াও কোনেও গছৰ পাতত বিদায়সভাৰ নিমন্ত্ৰণী পত্ৰ দিয়াৰ নজিৰ হোষ্টেল বোৰত নাছিল , ভালো লাগিল কথাটো ভাবি । চিনিয়ৰসকলৰ বাবে উপহাৰৰ টোপোলা দিবলৈ বুলি পাণবজাৰৰ পৰা হেণ্ডমেইড পেপাৰ লৈ অনা হ’ল , তাৰপৰা সৰু সৰু ধুনীয়া বাকচ বনাবলৈ অমুকীয়েই বাৰু প্ৰশিক্ষণ দিলে সকলোকে , অকণমানি ধুনীয়া ৰং বিৰঙী বাকচবোৰৰ ভিতৰত ভৰাই দিবপৰাকৈ অকণমানি আকাৰৰ গীতা একোখনকৈও কিনি অনা হ’ল , উদ্দেশ্য সেই বাকচটো যাতে ভৱিষ্যতেও সুন্দৰকৈ সজাই ৰাখিব পাৰে । বাকী খোৱা বোৱা , ডেকোৰেশ্যন এইবোৰ কামত আমি হাত নিদিয়াকৈয়ে হৈ থাকিল ।

সোঁৱৰণীৰ সঁফুৰা প্ৰকাশ কৰাটো আমাৰ বাবে প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিছিল , জিনাক্ষি আৰু মোৰ উশাহ ল’বলৈও যেন অৱকাশ নাছিল , উঠি পৰি লাগিছিলোঁ বৰঙনি সংগ্ৰহত , ছান্দা বিচাৰি পোৱা নাছিলোঁ কেতিয়াও আগতে , সেয়ে আছিল দুয়োজনীৰ বাবে প্ৰথম অভিজ্ঞতা । পিছে কোনোদিন ক’তো অপ্ৰীতিকৰ কোনো পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হোৱা নাছিল , বৰং মেঘালীত কত কাপ ফ্ৰি চাহ খালোঁ তাৰ ঠিক নাই সেইকেইদিনত । বৰঙণি আৰু বাজেটৰ হিচাপত তেনেই কম টকাৰ ব্যৱধান আছিল , সেইক্ষেত্ৰত অৱশ্যে আমাক জিনাক্ষিৰ বিশেষ বন্ধুৱে বহুখিনি সহায় কৰিছিল । মুখপত্ৰৰ বাজেটলৈ আৰু অলপ টকা হ’লেই হৈ যায় , পিছে মাৰ্কেটৰ প্ৰায় সকলো দোকানৰ পৰাই আমি বৰঙনি সংগ্ৰহ কৰিছিলোহঁক , সেয়েহে জালুকবাৰীৰ ফালে ওলাই গৈছিলোঁ দুয়োজনী । প্ৰেছটোও তাতেই আছিল , তিৰু লভিতাক মাত লগাই প্ৰেছৰ পৰা ওলাই গৈয়ে আমি একো নভবাকৈয়ে সোমাই গৈছিলোঁ জালুকবাৰী থানালৈ । লভিতাৰ হেনো সেইদিনা পৰীক্ষা এটাও থাকি গ’ল দিবলে , পিছে কোনোবা চাৰ এজনৰ সহৃদয়তাত দিব পাৰিলে কিছু পলমকৈ । তেনেকুৱাই আছিল ব্যস্ততা , তেনেকুৱাই আছিল অন্তৰৰ অন্তৰতম ইচ্ছা , অদমিত হেঁপাহ । য়ুনিভাৰ্ছিটি মানে কেৱল ক্লাছ আৰু চেমিনাৰ এচাইনমেণ্টেই নহয় , য়ুনিভাৰ্ছিটি মানে আৱেগ , সহৃদয়তা ।

থানাত কিবা আপত্তি কৰিবলৈকে গৈছোঁ বুলি ভাবি আমাক বৰ আথেবেথে বহুৱালেও , য়ুনিভাৰ্ছিটিৰ হোষ্টেলৰ কত কেছ তেঁওলোকৰ তাত পৰি থাকি থাকি ফাইল বন্ধ হৈ যায় তাৰ কোনো হিচাপ নাথাকে । আমাকো কিবা এণ্ট্ৰি দিবলে যোৱা ভাবিছিল হ’বলা । চাহ এপিয়লাও যাচিলে মোছাল বিষয়া এজনে । পিছে আমাৰ উদ্দেশ্য শুনি তেঁওলোকৰ হাঁহিয়েই উঠিল , থানাত বৰঙনি বিচাৰি নাহে নহয় বুলিও ক’লে কোনোবা এজনে । পিছে আমি জানো কম জেলুকৰ পোৱালি আছিলোঁ ? আমি এনেই বৰঙণি নিনিও যে তেঁওলোকক বুজাই ক’লোঁ লগতে বাকী দোকানবোৰৰ এড দিয়াৰ দৰেই সেই থানাৰো ভাল গুণ বখানি কিবা এটা লিখি দিয়াৰ কথাও ক’লোঁ । থানাৰ বিষয়াজনে পিছে আৰু একো নুসুধি আমাক কিতাপখন প্ৰকাশ কৰিবলৈ টকা দুশ দি পঠিয়াইছিল লগতে কোনোধৰণৰ বিজ্ঞাপন অথৱা কৃতজ্ঞতা স্বীকাৰ সূচক কথা নিলিখিবলৈও কৈ পঠিয়াইছিল । আমাৰ বাবে সেইয়া বহুত আছিল , লগতে অভিজ্ঞতা আজীৱন মনত ৰৈ যোৱা বিধৰ আছিল , পুলিচৰ সাজযোৰৰ ভিতৰৰ মানুহকেইজন কিমান মৰমীয়াল বুজি পাই আহিছিলোঁ সেইদিনা । আৰু বেলেগে যাতে বৰঙণিৰ নামত আগলে দিগদাৰি নিদিয়ে তাৰবাবেই হয়তো তেঁওলোকৰ বিষয়ে উল্লেখ নকৰিবলৈ বাৰম্বাৰ কৈ পঠিয়াইছিল ।

১৫ ছেপ্তেম্বৰ দিনটো আহিছিল , চিনিয়ৰ বুকুবোৰ হয়তো উদাস হৈ পৰিছিল , কিজানি সেই পুৰাতন ঢুকঢুকনিটোও বাজি উঠিছিল বহুতৰে বুকুত , আমাৰ ফ্ৰেচাৰ্ছত তেঁওলোকৰ যি উৎসাহ আছিল তাৰ আধাও নাছিল বিদায় সভাখনৰ কাৰণে । সকলোৱে জালুকবাৰীৰ হ’ল্ডৌল বন্ধা চুক্তিখনৰ অন্তিম পৰ্যায়ত উপনীত হৈ দুবছৰীয়া দিনবোৰৰ হিচাপত লাগি গৈছিল । পুৱাৰ পৰা নিজম হৈ পৰিছিল হোষ্টেলটো । ঠিক কইনাঘৰীয়া বিয়াৰ পৰিৱেশ এটাই বিৰাজ কৰিছিল চৌপাশে , পিছে ব্যস্ততাৰ নহয় , বেদনাৰ …. বিচ্ছেদৰ ….. পুৰণিক এৰি নতুনক আদৰাৰ সপোন অথৱা দ্বিধাগ্ৰস্ত মন এটাৰ ……

ক্ৰমশঃ

Leave a Comment