জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৭

হোষ্টেলৰ বিদায় সভাখন হৈ যোৱাৰ পিছৰপৰা আৰু আমাৰ একো ভাবিবলেও সময় নাছিল পঢ়াৰ বাহিৰে । গোটেই হোষ্টেলটো সাংঘাতিক নীৰৱতাত ডুব গৈ থাকে অহৰ্নিশে , সেয়েহে পেটুৱা খুৰাই ভাত হ’লে বজাই দিয়া বেলটোৱে গোটেই হোষ্টেল ৰজনজনাই যায় । পৰীক্ষালে দুদিনমান থাকোঁতে এটা জোনাক নিশা আছিল , আমাৰ ৰূমৰ কাষৰ ৰেইন-ট্ৰি জোপাৰ পতবোৰৰ ফাঁকে ফাঁকে অহা জোনাকবোৰ মোৰ ৰূমতে সোমায় , ডিম্পীবাৰ সদায়ে অভিমান হয় কাৰণ ডিম্পীবাৰ ফালে মোতকৈ কমকৈ জোনাক যায় । দুয়োজনী জোনাকৰ স্নিগ্ধতাত ডুব গৈছিলোঁ হ’ব পায় , নীৰৱ – নিঃশব্দ চৌদিশ , কেৱল জোনাক , জোনাকৰ ৰূপোৱালী ৰংবোৰে আমাৰ খিৰিকিৰে দেখা জালুকবাৰীৰ সদা ব্যস্ত বাটটো অপূৰ্ব লগিছিল দেখি , ইমান আপোন পাহৰা হৈছিলোঁ যে পিছফালৰপৰা কেতিয়ানো জীনাবায়ে আহি আমাৰ দৰেই জোনাকৰ সৌন্দৰ্য্যত বিমুগ্ধ হৈছিলহি গমেই নাপালোঁ । জোনাকতে বিভোৰ হৈ আমি কথা পাতিছিলোঁ , কোনেও একো নোসোধাকৈ , নজনাকৈ । আমাৰ মন গৈছিল ছাদলে যাবলে , মন গৈছিল মানে ! উঠিয়েই গৈছিলোঁ ছাদলৈ , আমাৰ মন গ’লে আৰু কোন আছিল ৰখাঁওতা তেতিয়া ?

ফ’ৰ্থ ব্লকৰ প্ৰায় গোটেইকেইজনীয়েই ছাদলৈ গৈছিলোঁ বৰ উলাহেৰে , কোনোদিন আমাৰ লগত মিলিব নোখোজা কুকুবাও আছিল আমাৰ লগত সেইদিনা । অকলশৰে থকা বিজুলীকো টানি আঁজুৰি লৈ গৈছিলোঁ আমাৰ জোনাকৰ মিছিলটোত চামিল হ’বলৈ । বিজুলী বৰ বেলেগ ছোৱালী আছিল , আগেয়ে অথৱা আজিলৈকে তেনে ছোৱালী লগ পোৱা নাই ক’তো , অতি নিভাঁজ আৰু সৰল ছোৱালী , অনুভূতিপ্ৰৱণ যদিও অপ্ৰকাশ্য , ওঁঠত জান নেজান হাঁহি এটা থাকিলেও কাকো চাই নাহাঁহে , পিছে মোৰ লগত তাম্মাম দোষ্টী আজলী ছোৱালীজনীৰ । বহুতৰে মনৰ ভিতৰলৈকে জুমি চাব জনা মইও হাৰ মানিছিলোঁ তাইক বুজাত । কিন্তু বিজুলীয়ে মাজে মাজে দিয়া চিঠিৰ টুকুৰাবোৰে কিবা এক অবুজ আনন্দ দিয়ে , ঠিক তাইৰ দৰেই । ( কোনোবাই জানেনে বিজুলীৰ খবৰ ? জানিলে জনাবচোন অনুগ্ৰহ কৰি , বৰ মন যায় তাইক অন্ততঃ এবাৰ লগ কৰিবলে ) গীতিমাৰ চকুত অনবৰতে কাজলৰ দৰেই মায়া সনা থাকে , তুলিকা গহীন গম্ভীৰ যদিও হাঁহি ভালপোৱা ছোৱালী তাই । ৰিতু আহিনৰ শেৱালিৰদৰেই নিৰ্মল , নিজৰাৰ মুখৰ মাত শুনিবলৈ আমি বৰ আগ্ৰহেৰে বাট চাইছিলোঁ তেতিয়া , মিতালি আছিল সুখৰ অনাবিল উৎস , আনক হঁহুৱাবলৈ গৈ নিজেই হাঁহিছিল বেছিকৈ । বাকী জিনাক্ষি আৰু তিৰুৰ দাঁতত ভাত লগাৰ খবৰটোলৈকে খবৰ ৰখা লগৰী মই আৰু লভিতা আৰু মই দুয়োজনী লফংগে দোষ্ট এজনী আনজনীৰ । ভিন্ ভিন্ প্ৰকৃতিৰ সমলয়ত হোৱা মৰমৰ মেলাখন সিদিনা জোনাকী আকাশৰ তলত বাৰুকৈয়ে জমি উঠিছিল , জীনাবায়ে আবৃত্তি কৰিছিল এটাৰ পিছত এটা কবিতা । তাৰে হীৰু দাৰ কবিতা এটাই আমাক মূহুৰ্তৰ কাৰণে আৱেগিক কৰি তুলিছিল

” আমি কথা দিছিলোঁ / সৰাপাতৰ মৰ্মৰণি শুনিম / দুপৰ ৰ’দৰ নিৰ্জনতা পিম / কথা নৰ’ল কাৰো কথা নৰজিল আজি । ” হীৰু দা

ইমান আৱেগ ঢালি কেনেকৈ লিখিছিল প্ৰাণৰ কবিজনে ইমান ধুনীয়া কবিতাটি , অনুভৱ কৰি সিঁয়ৰি উঠিছিলোঁ , সঁচাই কোনো কথাই ৰাখিব নোৱাৰিছিলোঁ আমি , জালুকবাৰীৰ দুবছৰীয়া অলিখিত চুক্তি খনৰ সময়খিনিক ধৰি ৰাখিব পৰা নাছিলোঁ আমি । চকুৰ কোণবোৰ সেমেকি উঠিছিল যদিও চকুলোৰে পৰিৱেশৰ মধুৰতাক কোনেও নষ্ট কৰিব বিচৰা নাছিল ? আমি শুই পৰিছিলোঁ আকাশৰ বুকুলে মুখ কৰি , শুই পৰিছিলোঁ আহিনীয়া শীতল বতাহছাতি গালে মুখে শুৱাই যোৱাকৈ । বতাহৰ সুৰসুৰণিত আমাৰ সেমেকা চকুবোৰ জলমল হৈছিল , পিছে জোনালীবাৰ আজলী আজলী হাঁহিটোৱে হাঁহিৰ ফোৱাৰা নমাই আনিছিল , মুনমীবা বৰ্ণালীবায়েও কৈ গ’ল জুনিয়ৰ কালৰ কথাবোৰ । কুকুবায়ে পিছে অলপ সময় কটায়েই নামি গৈছিল ফোনত কথা পাতি পাতি । আকাশ আৰু জোনাকৰে সৈতে আমি যেন মিতিৰালিহে পাতিছিলোঁ সেইৰাতি । আকাশ পাগলী হৈছিলোঁ আমি , লিখিবলে বিচাৰিছিলোঁ আকাশৰ বুকুত জোনাকী আখৰৰ নামকেইটা আমাৰ । জীনাবায়ে যিহে ভৱিষ্যতৰ জিন্তু পিন্তু চিন্তুৰ লিষ্ট শুনালে হাঁহি হাঁহি অৱস্থা বেয়া হৈ গৈছিল আমাৰ , শেষ নোহোৱা লিষ্ট খনত পিছে কিন্তু এটা থাকি গ’ল সদায়েই । তেনেতে AT 9 হোষ্টেলৰ পৰা ভাঁহি আহিছিল লাহনদায়ে প্ৰাণঢালি বজোৱা বুকুজুৰোৱা বাঁহীৰ মাত , এনেই শৰৎ কাল , তাতে পূৰ্ণিমা , তাতে আকৌ হিয়া শাঁত পেলোৱা মুৰুলীৰ মধুৰ টান । লাহন দাও আকাশৰ বুকুতে যেন ৰৈ গ’ল ।

বৰ ব্যস্ততাৰে পাৰ হৈছিল ছেপ্তেম্বৰ মাহৰ শেষৰপৰা অক্টোবৰৰ মাজলৈকে , পৰীক্ষা ভাল হৈছিল আগৰবাৰতকৈ , মনৰ লগতে শৰীৰো সমানে যোগাত্মক হৈ থাকিলেহে আচলতে সফলতা পাব পাৰি । পৰীক্ষা শেষ হৈছিল যদিও ঘৰলৈ গুচি যোৱা নাছিলোঁ , ডিম্পীবাৰ পৰীক্ষা আৰম্ভ হোৱাই নাছিল , ৰিমকি বাহঁত পৰীক্ষাৰ পিছতে একেবাৰে গুচি যোৱাৰ কথা , গতিকেই ঘৰলৈ নগৈ বাহঁতৰ লগত অলপ দিন একেলগে কটাবলৈকে থাকিলোঁ হোষ্টেলত । মাৰ অভিমান হৈছিল , পৰীক্ষা শেষ কৰিও ঘৰলৈ নোযোৱাৰ কাৰণে অথৱা ভয় খাইছিলে জীয়েকে প্ৰেমত হাবু ডুবু খাই প্ৰেমিকৰ লগত সময় কটাবলৈকে ঘৰলৈ নোযোৱাকে আছিল বুলি । পিছে চেষ্টা কৰিও প্ৰেমত পৰিব নোৱাৰিছিলোঁ , প্ৰেম পিছে বাৰে বাৰে হৈছিল নজনাকৈয়ে । পিছে টুকুৰা টুকুৰি প্ৰেম হ’লে প্ৰেমত নো পৰিব পাৰে কোন !! কেতিয়াবা যদি কাৰোবাৰ চকু ভাল লাগে , কেতিয়াবা মাতটো , কেতিয়াবা কথা কোৱাৰ ধৰণটো , কেতিয়াবা এনেই অকণমান …. কোন প্ৰেমিকে পাগল হ’বলৈ বাৰু প্ৰেমত পৰে তেনে এজনী ছোৱালীৰ !! পিছে প্ৰেমত নপৰিলেও প্ৰেম যে হৈছিল তাতেই সুখী আছিলোঁ ।

মাৰ দৰেই অভিমানী হৈ উঠিছিল আৰু কোনোবা এগৰাকী , তাই যে মোৰ সবাতোকৈ মৰমৰ সখি , আজিও মোক সামৰি ৰাখিব পৰা বন্ধু , প্ৰয়োজনত চৰ মাৰি দিব পৰাকৈ আপোন , ৰাতি যিকোনো সময়তে মনৰ ফুৰ্তিৰে ফোন কৰি কথা পাতিব পৰা মৰমী সখিয়তী চৰাই , দুখবোৰ একেলগে পিব পৰা প্ৰাণৰ বান্ধৱী , আটাইতকৈ বেছি কাজিয়াৰ লগৰী , অতি অভিমানী । তাই অইন কোনো নহয় , তাই মোৰ আদৰৰ পলি , পলিস্মিতা । তাইৰ খবৰ নৰখাৰ বাবে তাইৰ খং উঠিছিল , এদিন ফোন কৰি মাত্ৰ এটা কথা কৈয়ে সামৰিছিল ফোন

” ভাল ?? মোৰ ভালেই “

কথাষাৰ শুনিয়েই গম পাইছিলোঁ খং কিমান পৰ্যায়ত উঠি আছিল তাইৰ , পৰীক্ষা শেষ কৰি এনেই পং পঙাই ঘুৰি ফুৰিছিলোঁ যদিও তাইৰ ওচৰলৈ এবাৰো যোৱা নাছিলোঁ , আচলতে পৰীক্ষাৰ সময়ত বেলেগ কোনোবা গ’লে হোষ্টেলৰ ছোৱালীবোৰে ভাল নাপায় বাবেই যোৱা নাছিলোঁ । ফোন পাইয়েই আবেলিলৈ লগ হৈছিলোঁ দুবৰি পলি আৰু মই । তাইৰ হোষ্টেলৰপৰা একেবাৰে সুন্দৰবড়ি হৈ শদিলাপুৰেদি খোজ কাঢ়ি কথা পাতি ঘুৰি ফুৰিছিলোঁ আমি , তাইক অলপ বেলেগ লাগিছিল , প্ৰথম প্ৰেমত পৰা আভাৰে গাল দুখন ৰঙচুৱা হৈছিল যদিও একো কোৱা নাছিল আমাক । পিছে মৰমী বান্ধৱীৰ অভিমান ভাঙি একেলগে ফাঁচী বজাৰলৈ গৈ বজাৰ কৰি আনিছিলোঁগৈ পূজালৈ বুলি কিবা কিবি ।

শৰৎ । শৰৎ বিশেষ , সকলোৰে বাবে বিশেষ । শেৱালি কেৱল গছতে নুফুলে বহুতৰ বুকুতো ফুলে এই ঋতুত । তাইৰো তেনেই হৈছিল , পিছে ফুলিবলে ধৰা শেৱালি পাহি বুকুতে সযতনে থৈ দিলে , কাকো নেদেখুৱাকৈ । আমিও উতনুৱা হৈছিলোঁ আগতকৈ । মইনা জোকোৱাৰ সাহস কৰিছিলোঁ তেতিয়ালৈ । আটাইতকৈ সুবিধাজনক মইনা জোকাব পৰা ৰূমটোৱেই আছিল জীনাবাহঁতৰ ৰূমটো । মইনা অহিলেই ষ্টাডি লিভত পঢ়ি থকা জীনাবায়ে পিতিককে উঠি গৈ খবৰ দি আহেগৈ ” ঐ ছোৱালী মইনা আহিছে আহহঁত ” কি উছাহ মইনা জোকোৱাৰ ! গহীন গম্ভীৰ জীনাবায়ে সৰু সৰুকৈ মইনাই নুশুনাকৈ মইনা জোকোৱালে ইফালে জোনালীবাৰ ৰূমৰ পৰা জোনালীবা বৰ্ণালীবা মুন্মীবাহঁতে মইনাক ওপৰলে মূৰ তুলি চাব নোৱাৰাকে জোকাই মইনাৰ ঘাম বাজ কৰি দিয়ে । চিনিয়ৰৰ উৎসাহেৰে উৎসাহিত হৈ আমিও আৰম্ভ কৰি দিঁও মইনা জোকোৱাৰ অভিযান । মইনাবোৰ হিয়া উজাৰি জোকাঁও । এদিন ফুলাম চোলা পিন্ধি অহা আমাৰ হোষ্টেলৰ বা এগৰাকীৰ প্ৰেমিক মইনা এটাক এনেকৈ জোকাইছিলোঁ নহয় , পিছত বাটত লগ পালেও মোক তেনেকৈয়ে জোকাবলৈ কামোৰ দিয়ে ।

” মইনা কোন দৰ্জীয়ে চিলালে তোমাৰ ফুলাম চোলাটি / মইনা কোন দৰ্জীয়ে চিলালে তোমাৰ ফুলাম চোলাটি / সেই ফুলৰে ভমক লাগি মৰিল আমাৰ বাআআআইটি / মইনা কোন দৰ্জিয়ে চিলালে দিবানে আমাক এড্ৰেছটি ?? সেই চোলাকে পিন্ধি তুমি আহিলা হোষ্টেল লৈ বুলি…….”

নীলা চেলোৱাৰত পলি , লগত চুমি আৰু মই

আজৰি দিনকেইটাত দূবৰি , মই , কল্প আৰু সঞ্জীৱ গৈছিলোঁ বন্ধু টংকেশ্বৰ থাকিবলৈ লোৱা বিবেকানন্দ কেন্দ্ৰৰ পাণবজাৰ শাখাৰ কাৰ্যালয়টোত । তাৰ লগত মাজে মাজে আমি যোগাভ্যাসো কৰিছিলোঁ তাত , বন্ধুৱে বৰ মোহনীয়াকৈ বাঁহী বজাইছিল , প্ৰায়বোৰ বাদ্য যন্ত্ৰতে পাকৈত টিকুৱে পিছে বাঁহী বজালে একেবাৰে আপোন পাহৰা হৈ পৰে আৰু আমি শুনি থকাবোৰো তন্ময় হৈ পৰোঁ তাৰ বাঁহীৰ মাতত । দূবৰিয়ে তাক জোৰ কৰিছিল বাঁহী আমাকো শিকাবলৈ , মইও সমানে জেউৰ ধৰিলোঁ , পিছে ?? আমি বাঁহীত ফু দিয়াৰ লগে লগে বাঁহীয়ে যিহে মাত উলিয়ালে ইহঁতকেইটা হাঁহিত বাগৰি পৰিল , সঞ্জীৱে বোলে ” তহঁতে বাঁহীয়েই বজাইছনে জুইত বাঁহৰ চুঙাৰে ফু মাৰিছ বুজিয়ে পোৱা নাই অ’ই । ” আমি পিছে কেৰেপ কৰা বিধৰ নাছিলোঁ । বজাইয়েই থাকিলোঁ , বজাবহে লাগে আমি , সুৰ নহ’লেও হ’ব । সুৰত বজাবলে বাকীবোৰ আছিলেইচোন ।

সেই কেইদিনতে মোলৈ প্ৰায়ে ফোন আহিছিল মোৰ দোষ্টীৰ , আমাৰ ডিপাৰ্টমেণ্টৰ গান বলিয়া আমাৰ চিনিয়ৰ ল’ৰাটোৰ । সুমনদাহঁতেও মাজে মাজে ফোন কৰাৰ দৰেই তেঁওও কৰিছিল যদিও তেঁওৰ প্ৰসংগ আছিল বেলেগ , তেঁওযে প্ৰেমত পৰিছিল দূবৰিৰ , প্ৰথম দেখাৰে পৰাই যে ভাল লাগিছিল তাইক । পিছে দূবৰিৰ দুচকুত যে আছিল এজন বেলেগৰ ছবি , যাক তাই দেখিছিলহে দূৰৈৰ পৰা , কথা হোৱাই নাছিল তেতিয়াও । আমি চমুৱাই প্ৰাক্তি বোলা ল’ৰাটোকনো কোন স’তে ভাল পায় তাই ? তাইযে হিয়াখনৰ এফাল আগুৰি আছিল জ্যোতি নামৰ এটা সত্তাই । তথাপিও দোষ্টীয়ে মোক লগ ধৰিছিল , মাৰ্কেটৰ পৰা সুন্দৰবড়িলৈকে খোজ কাঢ়ি গৈছিলোঁ একেলগে , তেঁও কৈ গৈছিল দুবৰিৰ কথা , দূবৰিক ভালপোৱাৰ কথা , মোক জনাবলৈ কৈছিল তাইক ভালপোৱাৰ কথা । উপায়ন্তৰ হৈছিলোঁ , ল’ৰাটোক যে একো বুজাব পৰা নাছিলোঁ আৰু দূবৰিকো একো ক’ব লগা নাছিল । তথাপিও তেঁওৰ এটা ক্ষীণ আশা আছিল , ভৰষা কৰিছিল মোক , কিজানিবা কিবা কৰি তাইক ক’ব পাৰোঁ , তাই কিজানি বুজেই । দোষ্টীৰ লগত কথা পাতি আৰু খোজ কাঢ়ি ভাগৰুৱা হৈছিলোঁ , মাৰ্কেটত আইচক্ৰীম খুৱাইছিলহি , আইচক্ৰীমৰ লগে লগে তেঁওৰ গলিবলে ধৰা চকুপানীখিনিও চকুৰ কোণত বিৰিঙি উঠিছিল , পিছে বৰ সযতনে লুকুৱাই পেলালে মোৰ পৰা ।

ক্ৰমশঃ

Leave a Comment