জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৫

ব’হাগ আহিছিল , ব’হাগৰ বতৰাই জালুকবাৰীক মুখৰিত কৰিছিল , হাঁহিবোৰ প্ৰাণৱন্ত হৈছিল , জালুকবাৰী আকৌ অনন্য সুন্দৰ হৈ উঠিছিল ৰঙা , হালধীয়া , গুলপীয়া সাজেৰে । ব্যস্ত হৈ পৰিছিল মাৰ্কেট , হাঁহিবোৰ সামৰি ছয় নম্বৰ বাছৰ গতিও ছন্দোময় হৈছিল , হোষ্টেলীয়াসকল বিহুটিক আদৰিবলে ঘৰলে গৈছিলগে । জালুকবাৰী যিমানেই উচ্ছল হ’লেও এনেকুৱা বন্ধবোৰত অকনমান যেন দুখী হৈছিল , পিছে বিহুৰ পিছতে তগবগীয়া যৌৱনৰ সম্ভাৰ লৈ জালুকবাৰী গৰ্বিত হৈ উঠিছিল , বিহুৰ আগে আগে প্ৰস্ফুটিত কিশোৰীৰ দৰেই চপল হৈ পৰা জালুকবাৰীয়ে যেন সকলোকে ৰূপৰ জুইয়ে দহিবৰ বাবেহে অলপদিন মৌন হৈ পৰে । জালুকবাৰীখন সঁচাই বিহুৱতী হৈ পৰিছিল । বিহুৱতীৰ কপালৰ ৰঙা সুৰুযটো জালুকবাৰীৰ কঁপালতে আঁকিলে , বিহুৱতীৰ কাপোৰৰ ৰঙা বুটাবোৰ কৃষ্ণচূড়াৰ ডালে ডালে ফুলিলে ।

হোষ্টেলৰ সাহিত্য প্ৰতিযোগিতাবোৰৰ ভিতৰত প্ৰথমদিনাই ‍অনুষ্ঠিত হৈছিল ‘ নীলাখামৰ চিঠি ‘ । চিঠি লিখাত নিজকে ওস্তাদ বুলি ভাবিছিলো যদিও সিদিনা পিছে লিখিবলে লোৱা হাতখন ৰৈ গৈছিল , ৰূমত ভালকে ভাবি আহিছিলো কি লিখিম কালে লিখিম বুলি , পিছে লিখিবলে লৈ মই লগৰবোৰৰ ফালেহে চাই থাকিলো ভেবা লাগি , ডাইনিং হলৰ ইমূৰৰ পৰা সিমূৰলে গোটেইবোৰ ডেক্স বেঞ্চতে বহি থকা জুনিয়ৰবোৰক আকৌ দুগৰাকীমান চিনিয়ৰে পহৰা দিও থাকিল । কবিতা বা , সুৰভি বা আৰু জীনাবা আছিল সাহিত্যবিভাগৰ দায়িত্বত , গতিকে পৰীক্ষাৰ নীৰিক্ষকৰ দৰেই মাজে মাজে অামাক নীৰিক্ষণ কৰি থাকিল , আৰু নিৰ্দিষ্ট আধাঘণ্টাৰ কথা মিনিটে মিনিটে সোঁৱৰাই থাকিল । চালো লগৰবোৰলে , মুখবোৰ আৰু হাতবোৰ চাই বুজিবলে যত্ন কৰিলো কোনে কেনেকুৱা লিখিব পাৰে আৰু কোনে প্ৰাইজ বুটলিব পাৰে , ইফালে নিজেই ভাবি অহাবোৰ মনত পেলাবলেও চেষ্টা কৰি থাকিলো , গোটেই মুখবোৰ পলকতে পঢ়ি পেলালো , এখন মুখত চকু পৰিলত ভাবিলো কথাই প্ৰতি প্ৰেমগান গোৱা ৰশ্মিয়েই ছাগে ভালকে লিখিব পাৰিব ।

আমাৰ লগৰবোৰে পুৰাদমে ৰূমত চিঠি লিখাৰ প্ৰেক্টিছ কৰি আছে বুলি আমি অহুকাণে পহুকাণে শুনি আছিলোৱেই , পিছে ঘুৰি ঘুৰি কাষতে থকা লভিতাক দেখি ভয়েই খালো …. আইঔ আচল পাত প্ৰেমিকাচোন মোৰ তেনেই কাষতে , তাইৰ কথা এবাৰো নাভাবিলো কিয় ? সময় নষ্ট , মাথা নষ্ট ….. তেতিয়ালৈকে কাগজখনত আঁক এটাও নমৰাকৈয়ে পাঁচমিনিটমান পাৰেই হ’ল আনৰ আলেখ লেখ চাঁওতেই , ৰিতুৱে খোচ মাৰি দিলে পেনটোৰেই মোৰ বাহুত , তাই কৈয়েই আহিছিল ” কি আৰু লিখবা লাগা আছে বুলি ” গতিকেই তাইৰ যে সেই অনা দেলে তেতিয়াই বুজিছিলোৱেই , আনহাতে তিৰুৱে আঙুলিৰে আখৰৰ চাইজৰ হিচাপ মিলাই থাকোঁতেই পুৰা নহ’ব বুলি মই খাটাং আছিলোৱেই । জীনাক্ষি যিহে খাৰাংখাচ , তাই নীলা খামত নীলাৰ ঠাইত ৰঙা এসোপাহে ভৰাব বুলিয়েই বৰ বিশেষ ভবা নাছিলো তাইক লৈ , বাকী লগৰ খিনিয়ে কি লিখিব পাৰে সেই লৈও অংক মিলাই আছিলো যদিও গৈ থৈ মই নিজেই সবতকে ভাল আৰু ৰোমাণ্টিক চিঠিখন লিখিব পাৰিম বুলি এনেই ফোপোলা ভেম এটাত আছিলো , পিছে লভিতাক দেখি একো নভবাকৈয়ে চিৰিংকে গ’ল , তাতে তাইৰ মুখত মিচিক মাচাক হাঁহি লৈ যিহে লিখাৰ কোব …..

লভিতাক দেখি ভাবি অহা কথাবোৰ পাহৰিয়েই থাকিলো , ধীৰে ধীৰে নীলা চিঞাহীৰ চাইনীজ পেনটোৰে উকা কাগজখনত লিখিলো প্ৰিয়জনলে বুলি …. পুৰাকে মনলে নাহিল যদিও একেবাৰে পাহৰাও নাছিলো …. হিয়াৰ সমস্ত আৱেগেৰে লিখিবলে যত্ন কৰিলো মনতে আঁকি লোৱা ছবিখনৰ প্ৰিয়পুৰুষজনলে বুলি…

” প্ৰিয়জন / ব’হাগৰ গধুলি , ব’হাগৰ পদূলি / মোৰ হিয়া উদুলি মুদুলি / তুমিযে আহিবা হিয়াত এটি সুৰ তুলি / কাকিনী তামোলজুপিৰ বুকু শুৱাই থকা কপৌপাহি মোৰ খোপাতে দিবাহি গুজি / প্ৰিয়জন …. তুমিযে মোৰ প্ৰিয়তম / মোৰ উশাহে উশাহে তোমাৰ প্ৰেমৰ গুঞ্জন / প্ৰিয়জন , তুমি মোৰ সপোনৰ প্ৰয়োজন…… ..” ( চিঠিত লিখিম বুলি এইখিনি কথা ডায়েৰীত লিখি ৰাখিছিলো বাবে আজি উল্লেখ কৰিব পাৰিলো , বাকীখিনি মনত নাই )

লিখি গৈছিলো আৰু বহু কিবা কিবি … যেন মোৰ কাষতে মোৰ প্ৰিয়পুৰুষে চাই ৰৈছে মোলে অপলক নেত্ৰেৰে আৰু মই লিখাৰ সলনি তেঁওৰ আগত হিয়া উজাৰি কৈ আছো মোৰ ভালপোৱাৰ কথা , মোৰ হিয়াৰ বতৰা … বৰ উৎসাহেৰে লিখি শেষ কৰি দুবাৰমান ঘুৰাই ঘুৰাই পঢ়িলো অাৰু অলপমান লিখিবলে মন গ’ল যদিও চিঠিখন দেখিবলে বেয়া হ’ব বুলি তেনেকৈয়ে জমা দিলো বাহঁতৰ হাতত । লভিতালে কেৰাহিকে চাই দেখিলো মুখত বিৰাট সন্তুষ্টিৰ ভাৱ এটা লৈ চিঠিখন ভাঁজ কৰি বুকুৰ মাজত আলফুলে সাৱটি ধৰিলে আৰু এটি দীৰ্ঘশ্বাস ল’লে যেন তাইৰ প্ৰিয়জনৰ সুগন্ধহে লাগি আছে তাত । গম পালো মই ভাবি থকা প্ৰেমিক মুকুটটো যে তেঁওৰ শিৰতে শুৱনি হ’ব , কিয় জানো কি ভাবি প্ৰেমিক চিঠিবোৰৰ বতৰা মোৰ সিৰে সিৰে প্ৰৱাহিত হ’ল । পিছে নাম এটা লিখিবলে কৈছিল চিঠিখনত , কোনো এটা নামেই নাহিল মনলে , কাৰো চেহেৰাই নহ’ল স্পষ্ট ।

নীলাখামৰ চিঠিৰ পিছদিনাই আছিল গল্প লিখা প্ৰতিযোগিতা , অকণো আগ্ৰহ নাছিল যদিও juniors compulsory বাবেই বহিছিলোগে আগদিনাৰ জেগাত , পঢ়ি যিমান ভাল পাঁও লিখিবলেচোন তাৰ আধাও ভাল নাপাঁও , আচলতে ভাল নোপোৱা নহয় , লিখাৰ একো সমল নাছিল অাৰু এতিয়াও নাই , ভাৱবোৰ ক’ৰবাত খুন্দা খাই থাকি যায় , কলমৰ আগলেচোন আহিয়েই নাপায় । আগদিনাৰ উৎসাহৰ পৰিৱৰ্তে সিদিনা সময়খিনি এনেই কিবা কিবি লিখি উঠি আহিছিলো , গল্পৰ কিবা পট এটা দিছিল , এতিয়া পাহৰিলো , প্ৰেমবিষয়কেই আছিল হ’বপায় । গল্প লিখাত মন দিয়াতকে পিছদিনা ঘৰলে যোৱাৰ হেঁপাহে আৰু আদৰুৱা ব’হাগৰ আগমণিয়েহে বুকুত থৌকি বাথৌ লগালে , তাতে বাৰ বিয়াৰ পিছত ঘৰত যে মোৰ কিমান দায়িত্ব আছিল । বিহুলে বুলি কিনা চেলোৱাৰযোৰৰ লগতে তাইলে কিনা ৰঙা ৰিহাখনেও মোৰ বেগ শুৱাই পৰিছিল , গতিকে যেনেতেনে গল্প সামৰি ৰূমত গৈ বেগ সামৰাৰ হেঁপাহটোৱেহে চঞ্চল কৰি তুলিলে । কিমানযে হেঁপাহৰ ব’হাগ বিহুটি , তাতে আমাৰ গাঁৱৰ কথাই সুকীয়া ।

ব’হাগ বিশেষ / আমাৰ গাঁওখনিৰ বিহু …

ব’হাগ এটি মাথোঁ ঋতু নহয় , নহয় এটি মাহ । ব’হাগ অসমীয়াৰ মান অভিমান , ব’হাগ জাতিৰ প্ৰাণ । ব’হাগ মানেই উখল মাখল , ব’হাগ মানেই ঢোল, পেঁপা,গগনা , কুলি কেতেকী, জেতুকা, এশ এবিধ শাক , মাহ – হালধি ,গৰুৰ চাত, মাখিয়তী, বিহুৱান,নাচনীৰ খোপাৰ কপৌপাহ , বিহুনাম, বিহু নাচ আৰু কত যে কি । এৰা কৈনো কৈ থাকিলে ওৰকে নপৰে আমাৰ ব’হাগৰ কথা । এনেই ঋতুৰাজৰ বৰপুত্ৰ নে ব’হাগ ! বসন্তক ঋতুৰাজৰ মুকুট পিন্ধোৱা মাহেইচোন ব’হাগ । গাঁৱৰ উদুলি মুদুলি ব’হাগৰ কথা নক’লোৱেই বা । বিহুৰ এসপ্তাহৰ আগৰপৰাই জীয়ৰী বোৱাৰীৰ মন উগুল থুগুল লাগিছিল, কামৰ তালিকাখন দীঘল হৈ গৈছিল বুকুৰ আমঠু ব’হাগক আদৰাৰ হেঁপাহত । ঘৰখন অঁতপিত কৰি নতুনাই পেলোৱা, চোতাল পদূলি গোবৰ মাটিৰে মচা,পাচিয়ে পাচিয়ে চিৰা মূড়ি ভজা , বিধে বিধে পিঠা- পনা বনোৱা কিমান যে কাম । কামৰ যেন অন্তই নাই, লগতে আকৌ শালত শেহৰখন বিহুৱানত আঁচু ব’বলে থাকেই । মুঠৰ ওপৰত কাৰো যেন ৰ’বলৈ সময় নাই । ব্যস্ততা মাথোঁ ব্যস্ততা । গৰু বিহুৰ দিনা গৰুক গা ধুৱাই লৈহে যেন কিছু আজৰি । ইফালে বিহুৱা ল’ৰাহঁতে বিহু জোৰা আৰম্ভ কৰেই । ঢোলৰ চেৱত কেৱল জীয়ৰীহঁতেই নহয় , নকৈ অহা বোৱাৰীহঁতেও আঁৰ চুৰকৈ এপাক কঁকালটো ঘুৰালেহে তৎ পাই । ৰং ৰহইচৰ বিহুটিয়ে মনত যোগায় অপাৰ উৎসাহ । ডেকাহঁতে বিহুৰ টঙালি মৰাৰ লগে লগেই মনটো বান্ধি লয় বছৰটোৰ জোখাৰে । গাভৰুহঁতো প্ৰস্তুত হয় ন উদ্যমেৰে । এক কথাত বছৰটোৰ বাবে যেন পাৰ ভঙা উছাহৰ ঢল বোৱাই যায় ব’হাগে । ব’হাগে সমৃদ্ধি আনে, সৌষ্ঠৱ বঢ়াই, ব’হাগে দিয়ে অনুপ্ৰেৰণা ব’হাগে আনে সুখৰ বতৰা ।

ব’হাগৰ কথা ভাবি ভাবি টেবুলতে মূৰ পেলাই টোপনি যোৱা মোক ডিম্পীবায়ে আলফুলে উঠাই , তিৰু জীনাক্ষিহঁতে দুৱাৰ মুখৰপৰাই মিচিকিয়াই ।

ক্ৰমশঃ

Leave a Comment