জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ২৯

দেউতা হোষ্টেললে অহাৰ পিছতে মানসিক ভাৱে বহুখিনি সুস্থিৰ হৈ পৰিছিলো , হোষ্টেল আৰু ডিপাৰ্টমেণ্টত একেবাৰে খাপ খাই পৰিলো , চিনিয়ৰ আৰু লগৰবোৰৰ লগত একাত্ম হৈ পৰি শতযোজন দূৰৈৰ ঘৰখনৰ কথা মনত পৰিলেও মন বেয়া নোহোৱা হ’ল । হোষ্টেলৰ চিনিয়ৰ আৰু লগৰবোৰৰ লগত আপোনত্বৰ ডোলদালেৰে বান্ধ খাই পৰিলো , হোষ্টেলৰ পুৱা গধূলিবোৰ লাহে লাহে ভাল লগা হৈ পৰিল । পিছে অাছিল তেতিয়াও বহুবোৰ বেয়া লগা , কিন্তু ভাল বেয়াৰ মাজৰপৰা বেয়াবোৰ একটীয়া কৰি থৈ ভালবোৰ সামৰি সুঁতৰি ৰাখিব পৰাকে সৰুৰেপৰাই ঘৰতে পোৱা মানসিকতাই এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে । হোষ্টেলৰ সন্ধ্যাবোৰো আগৰদৰেই আনন্দময় হৈয়েই থাকিল , লগে লগে পঢ়াও সমানেই চলি থাকিল , এইবাৰ নতুন উদ্যমেৰে নতুন আশাৰে ।

ৰঙীন সপোনবোৰে হোষ্টেলত বাহৰ পাতিছিলহি মাইনাহঁতৰ ৰূপত , প্ৰত্যেকেই আশাবাদী , প্ৰত্যেকেই সপোন সন্ধানী । সময় যেন পাখি লগা কাঁড়ৰ পিঠিত উঠিহে দৌৰিছিল , 1st sem ৰ পৰীক্ষাৰ ৰুটিন দিয়াৰ লগতে ২য় ছেশ্যনেল ও আহি পাইছিল লগতে ওচৰ চাপি আহিছিল ছুকুবাৰ বিয়াৰ তাৰিখো । আকৌ অসহজ হৈছিলো , বুকুখন গধুৰ হৈ পৰিছিল , বিয়াৰ তাৰিখ যিমানে চমু চাপি আহিছিল সিমানে বুকুখন ধৰফৰাই উঠিছিল , তাতে বিয়াৰ ঠিক পিছতে পৰীক্ষা আছিল বাবে আৰু বেয়া লাগিছিল ।

জালুকবাৰীত বিভিন্ন গছ , শিমলু তুলা অকণে আহি কোনোবা এদিন গালতে পৰিল , শিমলুৱা বতাহজাকে মনত পেলালে এইয়াযে ফাগুন মাহ , ৰাতি ৰাতি দূৰৈৰপৰা ভাঁহি আহে কেতেকীজনীৰ হিয়াভগা মাত , ৰেইনট্ৰিজোপাৰ ডালতে পৰি কুলিকেইজনীয়ে গায় জগতৰ সমস্ত আৱেগ ভাঁহি অহা বুকুফলা গান । ফাগুনে আনে আশাৰ বতৰা , মাজৰাতি কুলি কেতেকীৰ মনোমোহা বিননিয়ে কতজনৰ যে বুকু দহি যায়! অ’স ফাগুন ! কিযে ফাগুনৰ গোন্ধ! কিযে ফাগুনৰ ৰং ! পলাশ , মদাৰ, শিমলুৱে ৰাঙলী কৰা ফাগুনৰ আকাশ! কিযে আকৰ্ষণ ফাগুনৰ! ফাগুনী ৰাতিবোৰত কতজনক যে দূৰণিৰ প্ৰিয়জনৰ কথাই মনত আমনি কৰেহি । কুলিৰ সুৰতে সুৰ মিলাই আহি পায় ফাগুনী মলয়াজাক। ফাগুনী পছোৱাই মাঘৰ হিমচেঁচাক যেন দূৰলৈ লৈ যায় উৰুৱাই । মোৰ ক’লা শ্বলখনো বাকচৰ একোণত সোমাই কোঁচমোচ খাই । ফাগুনী বতাহজাকে জালুকবাৰীখন হালধীয়া কৰি যায় , তলসৰা পাতবোৰে কাৰোবাক যদি দিছিল আমনি তেনে আন কাৰোবাৰ হিয়াত তুলিছিল সুৰৰ গুণগুণনি। সৰাপাতে আৰু ফাগুনী মলয়াজাকে পুলকিত কৰা মনটো চিলাখনৰ দৰেই উৰি উৰি নাছি ফুৰিবৰ মন যোৱা ফাগুনী বা ।

প্ৰেমত পৰা বয়সৰ পৰাই প্ৰেম হয় ফাগুনৰ লগত , আকাশৰ লগত , ফাগুনীয়া চিপ্ চিপ্ বৰষুণ জাকৰ লগত। জালুকবাৰীৰ গছবোৰ লঠঙা হৈছিল , কৃষ্ণচূড়া আৰু সোণাৰুবোৰৰ সেউজ পাতবোৰে লাহে লাহে হালধীয়া বৰণ বোলাই লৈছিল , লঠঙা গছবোৰত ওলমি ৰৈছিল পুৰঠ সোণাৰু আৰু কৃষ্ণচূড়াৰ ক’লা ক’লা ছেঁহবোৰ । সৰুতে আমি পুৰঠ সোণাৰুবোৰৰ মাজৰ ক’লা ক’লা অলপ তিতিকি তিতিকি লগা জিমবোৰ চুপি চুপি খাইছিলো , জিভা আৰু দাঁতত লগা ক’লা ৰংবোৰেৰে অসুৰৰ হাঁহি মাৰি বৰ চখ কৰিছিলো , মনটো অজানিতেই উৰি যায় চিলাৰ টিকনিত ধৰি দৌৰা দিনবোৰলে ।

সঁচাই ফাগুন অনন্য , ফাগুন আকলুৱা , ফাগুন উতনুৱা , ফাগুন হেঁপাহ নপলোৱা । আপোন ভোলা মনবোৰ উতনুৱা হ’ব পৰা মাদকতা লৈ অহা ফাগুনে জালুকবাৰীৰ প্ৰেমিক পক্ষীবোৰক আকুল কৰাৰ লগতে প্ৰেম পিয়াসীবোৰৰ বুকুতো সপোনৰ বীজ সিঁচে , বুকুৰ কথাবোৰ বুকুৰ পৰা মুখলে উজাই আহিব খোজে , সৰাপাতবোৰৰ ঠাইত গছৰ ডালত লাহে লাহে সেউজ বৰণ অকণ দেখা দেখা যেন লাগে ……এনেকুৱা ফাগুনী এদিনতে আছিল শিৱৰাতি , শিৱভক্ত আৰু ভাংভক্ত সকলৰ বাবে অতি আকাংক্ষিত দিন , আমাৰ হোষ্টেল কেম্পাছৰ পানী টেংকিৰফালে নোখোলা গেইটখন খোলাৰ একমাত্ৰ দিন । সেইখন গেইটেৰে ওলাই ৰাস্তাৰ কাষতে সৰুকে শিৱথান এখন , তাতে গোটেই কেম্পাছৰ খুড়া মামাহঁতে পালন কৰে এই বিশেষ দিনটো , আমিও নিমন্ত্ৰণ পাঁও , যাঁও ।

জুনিয়ৰ আছিলো যদিও চিনিয়ৰে লগত লৈ গৈছিল শিৱৰাতিলে , ৰাতিপুৱাই গৈছিল সেৱা ল’বলে বহুতো , ধতুৰা ফুল বিচাৰি অনাৰ দায়িত্ব ছোৱালীবোৰে বিপুল দা , মুকুলদাক দিছিল , মিঠাইৰ টোপোলা আগদিনাই আনি থৈছিল ৰবীনদাৰ মেঘালীৰপৰা । পিছে ৰাতিপুৱাৰ পৰিৱৰ্তে ৰাতিহে গৈছিলো চিনিয়ৰৰ লগত , হোষ্টেলৰপৰা ৰাতি ওলাবলে পোৱাৰ চখতে না কৰা নাছিলো এবাৰো । শিৱৰাতিত বহুতৰ বাবে পূজাৰ পিছতে মূল আকৰ্ষণ আছিল শিৱবাবাৰ নামত বনোৱা সেই বিশেষ প্ৰসাদভাগ , ভাঙৰ ঘোটা আৰু লাডু । জিনাক্ষি , লভিতা , মই , মিতালী আমি সব গৈছিলো আমাৰ ব্লকৰ চিনিয়ৰৰ লগত , পিছে হোষ্টেলতে আমি ঠিক কৰি গৈছিলো যে কোনোপধ্যেই আমি এই প্ৰসাদ কেইভাগ গ্ৰহণ নকৰোঁ , চিনিয়ৰে দিলেও নকৰোঁ , কাৰণ খোৱাৰ পিছৰ পৰ্যায়টো ভালকৈয়ে জানিছিলো আগৰ অভিজ্ঞতাবোৰৰ পৰা । গৈ পোৱাৰ পিছতেই আমাক খুৰাহঁতে আদৰেৰে আপ্যায়ন কৰিছিল , সেইয়া পিছে হোষ্টেলৰ পূজা নাছিল ।

সৰুৰে পৰা থকা ভাং বিৰোধী মন আৰু জিভা দুয়োটাই পিছে সিদিনা ঘোটাৰ গোন্ধত লকলকাই নুঠাকে নাছিল , কিযে সুঘ্ৰাণ ওলাইছিল সেই বিশেষভাৱে প্ৰস্তুত কৰা ঘোটাৰপৰা , যোগেন খুৰাই বনাবলে লোৱা ঘোটা এনেই চাবলে গৈছিলো । দেখিছিলো এখন ডাঙৰ মাটিৰ কেৰাহীত একেৰাহী গাখীৰ আৰু চেনি পগাই থকা , ঠিক নামঘৰত পায়স বনোৱাৰ দৰেই , তেতিয়ালে পগোৱা গাখীৰ কেৰাহীৰ আধা হৈছিলগে , ভালদৰে পাগ অহাৰ পিছত ছটিয়াই দিছিল মিহিকে কুটি থোৱা কাজু , বাদামৰ টুকুৰাবোৰ , তেতিয়াই ওলাইছিল সেই লোভনীয় মকমকীয়া গোন্ধটো , জিভাখন লেটপেট হৈছিল লোভত , গাখীৰৰ পাগটো ঘন হৈ যোৱাৰ পিছতে তাত অলপমান ভাং ছটিয়াই দিয়ে বুলি কৈছিল খুৰাই , সেইয়া বনাই হোষ্টেলীয়া ছোৱালীবোৰলে , কমকে ভাং দি বনোৱা ঘোটা , যাতে কাৰো নিচা নধৰে , অৱশ্যে জোৰ কৰি কোনেও কাকো নুখুৱাই , নিজৰ ইচ্ছা থাকিলে খাব পাৰে নাথাকিলে নাই । কমকে ছটিওৱা পাগ উঠা ঘোটাৰ পৰা আধা কাঢ়ি থৈ সৰহকে ভাং ঢালি দিয়ে খুড়াহঁতলে বুলি , পাগৰ লগতে নিচা উঠাকে ।

প্ৰায়খিনিয়েই প্ৰসাদ হিচাপে হয় লাডু এটা নহ’লে ঘোটা অকণ গলাধঃকৰণ কৰিছিল , নিচা লগা বিধৰ নাছিল যদিও নিচা লাগিছিল তাৰে মাজতে , নিচা লাগিছিল মুন্মীবাৰো । তাৰপৰা অহাৰ পিছত ঠিকেই আছিল প্ৰথমতে , পিছে ভাত পানী খাই অহাৰ পিছৰে পৰা ওৰে ৰাতি হাঁহিছিল , পেটত ধৰি ধৰি হাঁহিছিল , কথা ক’ব নোৱাৰাকে হাঁহিছিল , পৃথিৱীৰ সমস্ত দুখ একটীয়া কৰি হাঁহিছিল , শিশুৰ সমস্ত নিষ্পাপ আৰু সৰলতাৰে হাঁহিছিল মুনমী বায়ে সিদিনা । সকলোৱে হাঁহিছিল মুন্মীবাৰ অৱস্থা দেখি , ভাং নোখোৱাকৈয়ে ভাঙৰ ৰাগি লাগিছিল আমাৰ ব্লকৰ সকলোৰে গাত , বাকী বেলেগ ব্লকৰো বহুতৰে হৈছিল তেনে অৱস্থা বোলে । মুনমীবা উৰি উৰি গৈছিল হেনো , উৰি উৰিয়েই হাঁহিত ফাটি পৰিছিল মৰমলগা মুনমীবাজনী , সকলোৰে হাঁহি উঠিছিল যদিও কিয় জানো মনে মনেচোন মোৰ হিংসাই লাগিছিল মুনমীবাজনীলে , ভাং অকণ খাই আহিবলে মন গৈছিল , জীৱনৰ সমস্ত দুখ ভাগৰ এফলীয়া কৰি তেনেকৈয়ে হাঁহি হাঁহি শুই পৰিবলে মন গৈছিল ঠিক এটি শিশুৰদৰেই ।

সময়ৰ হাতত ধৰি তিৰু ও আহি সোমাইছিলহি হোষ্টেলত তেতিয়ালৈকে একমাত্ৰ খালি হৈ থকা মুন্মীবাৰ ৰূমতে , ভাল লাগিছিল মৰমী বান্ধৱীক ৱালমেটৰূপে পাই , চিনাকি কৰি দিছিলো লগৰবোৰৰ লগত , চিনিয়ৰবোৰৰ লগত । প্ৰথম দিনাই সন্ধিয়া চিনাকি পৰ্বত প্ৰায় সকলোৰে শেষত অহা তিৰুৱে প্ৰদৰ্শন কৰিব লগীয়া হৈছিল ডিস্ক’ডান্স , গাবলগীয়া হৈছিল নাচি নাচি সেই বিশেষ ৰক ছংটো , একদম ৰকষ্টাৰৰ দৰেই …

” জিকাৰ তলে চিকা যায় / মেকুৰীয়ে ধৰি খায়/ ভেকুলীয়ে গীটাৰ বজাই অ’ গোবিন্দাই ৰাম ……..” বাৰে বাৰে গীটাৰ বজোৱাৰ দৰে একদম ৰকষ্টাৰে মূৰ অফলীয়াই অফলীয়াই গোৱাৰ দৰে গাবলগীয়া গানটো গাই আৰু নাচি পিছে ভালেই পাইছিলো মই ।

তেতিয়ালৈ পাকৈত হৈ উঠা মই এফালৰপৰা ডেম’ দি যাব লগা হৈছিল , তেতিয়াৰ এডলীয়া দীঘল বেণী গোঠা একেবাৰেই সহজ সৰলকে থকা শহা চকুৱা তিৰুৰ আজলী ৰূপটোৰ বাবেই দিছিল সেই ৰক ছং এণ্ড ডান্স । তাই পিছে সহজে ল’ব পৰা নাছিল , সহজ হ’ব পৰা নাছিল হোষ্টেলীয়া ধেমালিবোৰত প্ৰথমদিনাই । পিছে আচৰিত ধৰণে আমাৰ জুনিয়ৰ জীৱনত দুজনী ছোৱালীক কেতিয়াও হঁহা নেদেখিলো , হঁহাৰ বাবে শাস্তি নাপালে কোনোদিন , বৰং নহঁহাৰ বাবে চিনিয়ৰৰ লগতে আমিও আচৰিতহে হ’লো , তেঁওলোক দুজনী আছিল জীনাক্ষি আৰু স্বৰ্ণালী । জীনাক্ষিৰ দৃঢ়তা বাৰু জানিছিলোৱেই , তাই নাহাঁহো বুলিলে স্বয়ং ভগৱানৰো সাধ্য নাই হঁহুৱাবলে , পিছে স্বৰ্ণালী ?? জুনিয়ৰ কালতে দুইজনীক কথাটো সোধাত যিটোহে উত্তৰ দিলে শুনি আচৰিত !! স্বৰ্ণালীয়ে হাই পাৱাৰ চশমা পিন্ধিছিল , গতিকে তাই গোটেই সময়খিনি চকু মুদিয়েই কটাই দিছিল বোলে , গতিকে একো নেদেখে , নেদেখা কথাবোৰ কাণত নোসোমাই বোলে , গতিকেই হাঁহি উঠাৰ কথাই নাই আনফালে জীনাক্ষিয়ে পৃথিৱীৰ সমস্ত দুখবোৰ মনলে লৈ আনে তেনৱকুৱা সময়তে হেনো , তাইহে যেন পৃথিৱীৰ একমাত্ৰ দুখী মানুহ তেনে ভাৱ এটাত থাকিয়েই বোলে হাঁহিবলগীয়া কথাবোৰতো দুখ বিচাৰি উলিয়াই , গতিকেই হাঁহি আহে ক’ৰপৰা । হাঁহি হেনো দূৰতে পলাই । হাঁয়ৰে বন্ধু….. কি খাই জন্ম ল’লা ?? আমাকো অকণ ভাগ কিয়নো নিদিলা ??

ক্ৰমশঃ

Leave a Comment