ব’হাগ আছিল , বিহু গৈছিল । ঘৰৰ পৰা ঘুৰি অহাৰ দিনা দুখ লগা নাছিল বৰং জালুকবাৰীৰ মোহত বন্দী হোৱা ছোৱালীজনী কৃষ্ণচূড়াৰ ৰঙাবোৰৰ প্ৰেমত পৰিছিলো , কৃষ্ণচূড়া এপাহি খোপাত গুজি লৈ এবাৰ নিজকে চাবলে খুউব মন গৈছিল । মন গৈছিল কৃষ্ণচূড়াৰ তলসৰা পাহিবোৰৰ মাজে মাজে ৰঙচুৱা বাটটোৰে বহুদূৰ খোজ কাঢ়ি গৈ থাকিম অকলশৰে , একো নভবাকে , দূৰ ….বহুদূৰ ….
সেইবাৰ বিহুটোও বৰ বৰুণযোগীয়া আছিল , বাৰিষাৰ আগমণ বিহুটোতে ঘটিছিল , গতিকেই বিহুৰ আনন্দ কিছু স্তিমিত হৈছিল আনবাৰৰ তুলনাত । তেতিয়া পিছে জেং বিহু কেৱল মঞ্চতে অনুষ্ঠিত হৈছিল আমাৰ ফালে , আজিৰদৰে চুবুৰীয়ে চুবুৰীয়ে যোৰা যোৰে জেং বিহু গাবলে জীয়ৰী বোৱাৰীহঁত ওলাই যোৱা নাছিল , ওলাই যাবলেনো সময় আছিল ক’ত ? আলহীৰ পৰা আজৰি হ’বলেকে সময় নাছিল তেতিয়া কাৰো ঘৰতে , ইফালে বৰ বিহুটোত ঘৰখন এৰি নগৈছিল সততে বোৱাৰীহঁত , কিন্তু সেইবাৰ বৰষুণে হুঁচৰি আলহী সকলো কমাই দিলে , বিহু বিহু নালাগিল গাত । মাথোঁ তগৰ , কপৌকেইপাহেহে বিহুৰ বতৰা দি থাকিল পলে পলে । বিহুৰ বন্ধ শেষ কৰি ঘুৰি অাহিছিলো মৰমৰ জালুকবাৰীখনলে , সেইবাৰ কিবা কাৰণত আমি কেইজনী একেলগে আহিব পৰা নাছিলো , অকলেই আহিছিলো , গোটেই ৰাস্তাটো বাছৰ খোলা খিৰিকিৰে সোমাই অহা বৰষুণবোৰ গালে মুখে সানি আহিছিলো আৰু ঠায়ে ঠায়ে গোমা ঠায়ে ঠায়ে ফৰকাল আকাশখন চাই চাই বিভোৰ হৈ আছিলো নিজৰ মাজত । বাটে ঘাতে দেখি অহা কৃষ্ণচূড়াবোৰৰ লগত ৰিজাই আহিছিলো জালুকবাৰীৰ কৃষ্ণচূড়াবোৰ । কোনোপধ্যেই মিলা নাছিল একে গছকেইজোপা , আকাশত জুই জলাব পৰা ৰঙাখিনিও যেন ম্লান পৰিছিল জালুকবাৰীৰ তুলনাত , মুঠতে জালুকবাৰী মানেই কৃষ্ণচূড়া আৰু কৃষ্ণচূড়া মানেই জালুকবাৰী । তুলনাবিহীন ।
হোষ্টেলৰ সববোৰ ছোৱালী আহি পোৱা নাছিল মই অহাৰদিনা , জীনাক্ষি আছিল আমাৰ ব্লকত , পিছে তাইৰ ৰূমমেট আছিল সিদিনা , তিৰু ৰিতু কোনো অহা নাছিল , অহা নাছিল ডিম্পীবাও । ফোনৰ বিশেষ সুবিধা নাছিল বাবে কাৰো খবৰো পোৱা নাছিলো , ইফালে ঘৰৰ পৰা আহি অকলে অকলে ৰূমত মনো নবহিল , ৰাতি ভাত খোৱা পৰলেকে ৰিমকি বাৰ ৰূমতে কটালো কথাৰ মহলা মাৰি ( ৰিমকি বা বেলেগ ব্লকৰ বাবে বাৰ ৰূমলে বেছিকে অহা যোৱাৰ বাবে গালিও খাই থৈছো কেইবাবাৰো ) , পিছে ৰিমকি বাৰ ৰূমমেট জুন আছিল বাবে থকাৰ কথা এবাৰো নাভাবিলো । ৰাতি ধৰ্মিষ্ঠা বাৰ লগত একেলগে ভাত খাই থাকোঁতে বায়ে মই অকলে থকাৰ কথা গম পালে , বাও অকলে আছিল , একো নক’লে । ভাত পানী খাই ৰূমলে গ’লো যদিও মনটো কেনেবা কেনেবা লাগিল , কাকো ক’বও নোৱাৰো একোকে , ডায়েৰীখনকে উলিয়াই ল’লো লগতে খুলি দিলো খিৰিকিকেইখন , সিদিনা পিছে আধা খোলাকে নৰখাকেও হ’ল , ডিম্পীবা নাছিল বাবে চাৰিওখন খিৰিকি খুলি দিলো মনটোৰ দৰেই । জোনাক ৰাতি নাছিল যদিও বাহিৰত যথেষ্ট পোহৰ আছিল , আধা পোহৰ আধা আন্ধাৰত গছজোপা চিকমিকাই উঠিল , কিয় জানো ভয় ভয় লাগিল সিদিনা গছজোপা দেখি , জাপ খোৱা পাতবোৰৰ মাজে মাজে গুলপীয়া ফুলবোৰ অপূৰ্ব লাগিছিল যদিও জয়াল যেন লাগিল । মনলে আহিল দুবছৰমানৰ আগতে তিৰুৰ লগত দেখি অহা সেই বাইদেউজনীৰ কথা , বাইদেউৰ নামত এটা অৰ্ধগলিত মৃতদেহ , দীঘল চুলিকোচা আৰু ফুলাম শাৰীৰ আঁচলটোৰ লগত ওলোৱা ভেকেটা ভেকেট গোন্ধ … উঃ কি বীভৎস আছিল গোটেই দৃশ্যটো , গাৰ নোম ডাল ডাল হৈ উঠা কাহিনীবোৰ …..
মই অহাৰ দিনাৰেপৰা প্ৰেমত পৰা গছজোপা দেখি কিয় তেনে অদ্ভূত ভাৱ আহিছিল বুজি নাপালো , নালভগা চকীখনৰ পৰা উঠো নুঠোকৈ উঠি গ’লো খিৰিকিখনৰ কাষলে , কঁপা কঁপা হাতেৰে এখন এখনকৈ খিৰিকি কেইপাল্লা বন্ধ কৰি দিলো শব্দ নোহোৱাকৈ , পিছে জোনাকৰ ৰেখাডাল বিচনাত পৰি থকা দেখি কোঁচ খাই থকা পৰ্দাকেইখন তেনেকৈয়ে থাকি গ’ল । তেনেতে মোৰ দুৱাৰত মৃদু টোকৰ পৰিল , ভূত হৈ ভয় দেখুৱাই ৰং চোৱা ছোৱালীজনীৰ বুকুখন চিৰিংকে মাৰিলে , ঘড়ী চাই দেখোঁ ৰাতি এঘাৰ বাজিছিল , উঠি গ’লো , দুয়োটা খিলি লগাই থোৱা দুৱাৰখন সন্তপৰ্ণে খুলি দিলো সামান্য , দুৱাৰৰ ফাঁকেৰে ওলাই থকা মুখখন দেখি পিছে মনটো তগবগাই উঠিল , হাততে গাৰু এটা লৈ পাতল হালধীয়া ৰঙৰ নাইটি এটা পিন্ধি ৰৈ আছিল ধৰ্মিষ্ঠা বা । বাক দেখি মোৰ কোঁৱাৰিমেলা হাঁহিটো ফেলফেলকে ওলাই আহিল , কি সুন্দৰ , কি স্নিগ্ধ …. ঠিক আধা জোনাকৰ জোনবাইজনীৰদৰেই আকৰ্ষণীয় , সৰলা সৰল দীঘল চুলিখিনিৰে ডিঙিতে পৰাকে খোপা এটা বান্ধি অহা বায়ে ৰূমত সোমাইয়েই চুলিখিনিৰ পৰা ক্লিপটো খুলি দিলে লাহেকৈ ,ওঁঠৰ ওপৰৰ তিলটোৰে সৈতে মেলা চুলিৰ ধৰ্মিষ্ঠাবাক অতি সুন্দৰী লাগিছিল , তভক মাৰি চাই ৰ’লো বালৈ । কেনেকে হ’ব পাৰে ইমান ধুনীয়া ! ভগৱানে অকৃপণ হাতেৰে গঢ় দিয়া মোহনীয় বাৰ পিছে ব্যক্তিত্বও সমানেই আকৰ্ষণীয় ।
একো নুসুধিলো বাক , আচলতে একো নোসোধাকৈয়ে বুজি পালো , মই অকলে থকাৰ কথা জানি বেয়া লাগিছিল বাৰ , বাও অকলে আছিল , গতিকেই গুচি আহিল মোৰ ৰূমলে । ধৰ্মিষ্ঠাবাৰ ওঁঠৰ ওপৰৰ তিলটোৰ বাবেই প্ৰায়ে বাক জোকাঁও বোলো “মৰমী তোমাৰ ওঁঠৰ ওপৰে কোন ভিনিহিৰ দিল ? ” সেইদিনাও সুধিলো , বায়ে কৈ গ’ল প্ৰেমৰ কথা , তাৰ আগৰবাৰ জালুকবাৰীলে আহি কেনেদৰে জালুকবাৰীৰ লগতে প্ৰেমত পৰিছিল আন কাৰোবাৰ , যিজন তেঁওৰ বুকুৰ তেনেই আপোন তেতিয়া , পিছে বুকুত থিতাপি লোৱা মানুহজন তেঁওৰ সমবয়সীয়া বাবেই একেবাৰে আপোন কৰি লোৱাৰ সাহস হোৱা নাই , দাদা তেতিয়া কলেজত সোমাইছেহে , গতিকেই মনৰ মানুহজনক বুকুৰ এফাল কৰি ল’বৰ বাবেই তেঁও আকৌ পঢ়িছেহি । ওৰে ৰাতি কথা পাতিলো বাৰ লগত , হেঁপাহ নপলোৱা কথা ওৰে ৰাতি , শেহ নিশালেহে দুয়োজনী শুইছিলো , বায়ে কৈছিল নিজৰ প্ৰেমৰ কথা , বায়ে কৈছিল মোক প্ৰেমৰ বৰষুণজাকত এবাৰ তিতাৰ কথা , পিছে বৰষুণত ছাতি ধৰা মানুহ নাই বুলি কোৱাত দম দিছিল থিকছে মোক বায়ে , চিৰিয়াছলি ল’বলে কৈছিল কথাটো । বাৰ ভাষাত জীৱনটো শুন্য আৰু প্ৰেম হৈছে শুন্যৰ আগত বহা সংখ্যা , তেহে বোলে জীৱনে পূৰ্ণতা পাই ।

পুৱা দেৰিকৈয়ে সাৰ পাইছিলো , ধৰ্মিষ্ঠাবা কেতিয়া গ’ল গমেই নাপালো , জীনাক্ষিয়ে আহি মতাতহে সাৰ পালো , তাইক আগতকে সপ্ৰতিভ যেন লাগিছিল , মুখত সুখী ভাৱে উজলাই তুলিছিল , তাইক দেখিয়েই গম পালো সকলো ঠিকেই আছে । ভাল লাগিল তাইক দেখি , তাইযে সুখী হৈছে , তাই যে সহজভাৱে লৈছে সকলো । মোক হেনো তাইৰ প্ৰেমিক বন্ধুৱে লগ পাব খোজে , বহুবাৰ লগ পাইছো যদিও বিহুৰ পিছত এনেই লগ পাব বিচাৰিছে , তাইৰ পিছতে বোলে মইয়ে তেঁওক বুজি পোৱা দ্বিতীয়জন ব্যক্তি । শুনি ভাল লাগি গ’ল , ইমান বিশ্বাসত ল’ব পাৰে , ইমান আস্থাত ল’ব পাৰে জীৱনৰ মাজবাটত লগ পোৱা এজন মানুহে , যিজনক মই মাজে মাজেহে লগ পাঁও মাথোঁ । জীনাক্ষিৰ সুখী চকু মুখ দেখি ভাল লাগিছিল , ভালেই পাইছিলো আৰু এটা কথাত অন্ততঃ দুদিনমান মোক দমচম নিদিয়াকে থাকিব ।
দূবৰিয়ে মইয়ে দুয়োজনী সদায় যোৱাৰদৰে ক্লাছলে ওলাই গ’লো , একেই AT 9 একেই গেইটত বান্দৰৰদৰে ওলমি আছে দুকাষে দুজন , এজন চিনাকি , বিপুল দা , পিছে মইনা জোকোৱাৰ ক্ষেত্ৰত চিনাকি অচিনাকি নাই , ভাই ভনীও নাই , সকলোৰে মৰ্যাদা ৰাখি বিনাদ্বিধাই জোকাই যাব পাৰে মইনা । চিনাকি মাতটোৰেই পিছফালৰপৰা চিঞৰিলে
” অ’ ভূপালী মাইনা …… দূবৰিৰ লগত ভূপালী ফ্ৰি ….নতুবা অ’ ভূপালী কোহাই যা অ….. নামতা কিয়া ? মাতবা নৰা নেকি …..”
আন এজনে চিঞৰিলে অ’ আইনষ্টাইন মাইনা এবাৰ ঘুৰি নোচোৱা কিয় ?? দূবৰি মাইনা এবাৰ মাতানা………
ক্ৰমশঃ