য়ুনিভাৰ্ছিটিৰ আবতৰীয়া ৰাস উদ্যোক্তাসকল আশা কৰা ধৰণেই সফল হৈছিল , সফল হৈছিল কলা কুশলীসকলৰ প্ৰায় মাহযোৰা প্ৰচেষ্টা । বাৰ বিয়াৰ পিছত ঘৰৰ পৰা ঘুৰি অহাৰদিনাই ৰাস আছিল যদিও চাবলে যাব নোৱাৰিলো আপদীয়া মূৰ বিষটোৰ কৃপাত , ৰাতি গভীৰ হৈ অহাৰ লগে লগে খোলা খিৰিকিৰে ৰাসৰ বিনন্দীয়া সংগীতে বুকুখন একেবাৰে তোলপাৰ লগাই গ’ল , বাঁহীৰ মাতত ৰাধা ব্যাকুল হোৱাৰদৰে হোষ্টেলত থকা ছোৱালীবোৰো ব্যাকুল হৈ পৰিল । ফেৰফেৰীয়া বতাহজাক খোলা খিৰিকিৰে সোমাই আহিল যদিও খিৰিখন বন্ধ কৰিবলেকে মন নগ’ল , মনলে বাৰে বাৰে ভাঁহি আহিল হৈ যোৱা বিয়াখনৰ টুকুৰা টুকুৰ ছবিবোৰ , ঘৰলে গৈ মাক সাৱতি ধৰি শুবলে বৰ মন গ’ল , এবাৰ ঘৰৰ চোতালত বহি জোনাক অকণ চাবলে মন গ’ল …. ৰাস পূৰ্ণিমাৰ স্নিগ্ধ জোনাক সিদিনা নাছিল যদিও খিৰিকিৰে সোমাই আহিল পাতলীয়া জোনাকৰ ৰেখা । জোনাক খিনি মোৰ বিচনাতে পৰেহি , সেয়েহে জোনাক নিশা খিৰিকিৰ পৰ্দা খন প্ৰায়ে কোঁচাই থঁও অকণমান ডিম্পীবায়ে ধৰিব নোৱাৰাকে । জোনাকৰ ইপাৰৰ দেশখনত থকা মনটোলে আহিছিল আকৌ সেই বাসনা , ওপৰৰ ছাদলে যোৱাৰ বাসনা , ছাদৰপৰা গৈ বাঁহীৰ মাত শুনাৰ , জোনাকৰ ৰেখাবোৰৰ মাজে মাজে খোজ দিয়াৰ , পিছে জয়াল নিশাটো অলপ ভয় ভয় লগাৰ বাবেই সেই অদম্য বাসনাক নিয়ন্ত্ৰণাধীন কৰি থোাৱাত সফল হ’লো , নিজকে এৰি দিলো সপোনৰ দেশলে গতি কৰা সোণোৱালী বাটত ।
পৰীক্ষা আৰম্ভ হ’বলে তেতিয়াও দুদিনমান বাকী , পঢ়াত লাগি গ’লো পুৰাদমে , ৰাতি ৰাতি পঢ়ি থাকোঁতে দেউতাই আমাক শুনোৱা দেউতাৰ হোষ্টেলীয়া কাহিনীবোৰ মনলে আহিল , দিনৰ দিনটো আড্ডা মাৰি ৰাতি দেউতাহঁতে কিদৰে পঢ়িছিল , লগৰবোৰে গম নাপাবলে লেমৰ চিমনিটো ক’লা কাগজেৰে মেৰিয়াই নিজৰ গাৰফালে আৰু কিতাপখনত অকল পোহৰ পৰিবপৰাকে সৰু গোল ফুটা এটা কৰি লৈ কিদৰে ৰাতিৰ ৰাতিটো পঢ়ি , ৰাতিপুৱালে শুই পৰিছিল আৰু বছৰটোৰ শেষত বাকীবোৰতকে ভাল ৰিজাল্ট এটা কৰি ওলাই আহিছিল……ইত্যাদি !! কথাবোৰ মনত পৰি মনৰ অজানিতেই ওঁঠত হাঁহিয়ে ঢৌৱাই যায় , ডিম্পীবায়ে গম নোপোৱাকৈয়ে । সৰু ছোৱালীৰদৰে শুই পৰা ডিম্পীবালে চাই ভাবোঁ বায়ে মই কি কৰোঁ কি নকৰোঁ খবৰেই নলয় , লুকাই চুৰকে পঢ়াৰ দৰকাৰেই বা কি ? ওলোটাই দমহে দিয়ে ভালকে নপঢ়িলে ।
জালুকবাৰীয়ে হালধীয়াৰপৰা সেউজলে সলনি হ’ব খোজা সময়তে সলনি হৈছিল আৰু বহুতো , ৰাসৰ পিছৰপৰাই জীনাক্ষি গহীন হৈ পৰিছিল , বৰ অনিচ্ছাৰেহে তাইলে অহা প্ৰেমিক বন্ধুৰ লগত ফোনত কথা পাতিছিল , বুকুলে উজাই অহা কান্দোনবোৰ জোৰকে ৰাখিব বিচাৰিছিল বুকুৰ মাজতে । তাইৰো পৰীক্ষা আহি আছিল , পিছে পঢ়াত মন বহুৱাব পৰা নাছিল মুঠেই , ৰাসৰ বাবে কষ্ট হোৱাৰ বাবে অলপ গহীনাই আছিল বুলি ভাবিছিলো যদিও তেনে নাছিল । আচৰিত ছোৱালী তাই , খং উঠিলেই নামাতো বুলিলেই নমতাকে থাকে , ইফালে কাৰোবাৰ বিপদ হ’লেই গোটেই ৰাতি উজাগৰে থাকিব পাৰে , বৰ খং উঠিছিল কেতিয়াবা তাইৰ কাণ্ড কাৰখানা দেখিলে , পিছে বেছিপৰ খং কৰি থাকিব পৰা নাছিলো , মূৰটো বিষালেই চোন মোতকে তাইহে আগতে গম পাই , মেন্থ’প্লাছৰ বটলটো লৈ দম দি মূৰ মালিছ কৰি দিয়ে তাই । এদিন ডাঙৰ কাম এটাই কৰি পেলালে পাগলীজনীয়ে , সন্ধিয়া প্ৰাৰ্থনাৰপৰা অহাৰ পিছতে ৰূমলে যোৱাৰ পৰিৱৰ্তে টানি লৈ গ’ল ওপৰৰ ছাদখনলে , আমাৰ জুনিয়ৰ নিষিদ্ধ ছাদখনলে । ইয়াৰ আগতে দুবাৰ গৈছিলো যদিও মনে মনে চিনিয়ৰ নথকা সময় অনুমান কৰিয়েই গৈছিলো , পিছে সেইদিনা সন্ধ্যাতে তেনেকৈ লৈ যোৱাত মই যথেষ্ট ভয় খালো যদিও তাই একেবাৰে নিৰ্বিকাৰ , জগতৰ সমস্ত ভয় , চিন্তা একাষৰীয়া কৰি কেতিয়াও নকৰা কাম এটা কৰাত মই অপ্ৰস্তুত হ’বলৈও সময় নাপালো । ওপৰলে উঠিয়েই তাই বৰ সাৱধানেৰে শব্দ নোহোৱাকৈ দুৱাৰখন জপাই দি মোক একেবাৰে আমাৰ ৰূমৰ ওপৰৰ গছজোপাৰ তললে টানি লৈ গ’ল , য’ত পাতবোৰে ঠাইখিনি প্ৰায় ঢাক খাই থাকে , অকৰাৰ দৰে মইও তাইৰ হাতত ধৰি ৰৈ থাকিলো । একো টলকিবলে নাপাঁওতেই তাই মোক সাৱতি ধৰি হুকহুকাই কান্দি উঠিলচোন , ভয়ে শংকাই মইও অবাক হৈ তাইক ধৰি থাকিলো , তাইক সান্ত্বনা নিদিয়াকৈয়ে । বুজি পালো তাইৰ মনৰ ধুমুহাই তাইক তেনেই বিধ্বস্ত কৰি তুলিছে , সেয়েহে ধুমুহাৰ পিছৰ হুৰহুৰ বৰষুণজাকৰ দৰেই তাইৰ চকু পানী সৰসৰাই সৰিছিল ।
বিবুধি হৈছিলো সঁচাই , কস্মিনকালেও তেনে পৰিস্থিতিৰ সন্মুখীন হৈ নোপোৱা মই কি ক’ম নে কৰিম একো বুজি পোৱা নাছিলো , মোৰ দুগুণ শকত ছোৱালীজনী মোৰ বুকুৰ মাজত এজনী সৰু ছোৱালীৰদৰেই সোমাই পৰিল , মাকৰ বুকুত পোৱা সমস্ত আশ্বাস দিবলে চেষ্টা কৰিও যেন বিফল হৈছিলো । মাথোঁ মাৰ দৰেই তাইৰ চুলিৰ মাজেৰে আঙুলি ফুৰাই থাকিলো তাই শান্ত নোহোৱালৈকে । কান্দি কান্দি ভাগৰি পৰিছিল ছোৱালীজনী , বহুত চেষ্টাৰে তাইক তললে আহিবলে সৈমান কৰিছিলো , একো নকয় সুধিলে , মুখত অনবৰতে দৃঢ়তা থকা আৰু বুকুত আত্মবিশ্বাসে ভৰি থকা ছোৱালীজনী ভাগি পৰিছিল একেবাৰে , অৱশেষত নামি আহিছিল , পিছে কাকো যেন নকঁও সেই শপত দিবলেও পাহৰা নাছিল । তাইৰ ৰূমমেট নীলিমা বা প্ৰায়ে হোষ্টেলত নাথাকিছিলেই , তেতিয়াও নাছিল , সন্ধিয়া প্ৰত্যেকেই ব্যস্ত নিজৰ নিজৰ ৰূমত , তাতে পৰীক্ষা । তাইক অকলে এৰিবৰ মন নগ’ল , ডিম্পীবাক কৈ তাইৰ ৰূমতে থাকিলো ভাত খোৱাৰ আগলৈকে , সুধিলেও একো নকয় , নামতেও মাথোঁ কান্দিছে আৰু কান্দিছে । মইও একো নোকোৱাকৈ মনে মনে বহি থাকিলো , তাইৰ ৰূমত থৈ দিয়া আইনা ফণীযোৰযে আকৌ ঘুৰাবলে যোৱাৰে ইংগিত তাকে বুজি পাই আইনাখনকে চাই চাই পৰীক্ষাৰ কথা ভাবি বহি থাকিলো বহুপৰ ।
উচুপি উচুপি টোপনি যোৱা ছোৱালীজনীক চাই চাই কথাবোৰ জুকিয়াবলে যত্ন কৰিলো কি হ’ব পাৰে , কি ভাবিছিলো কি হ’ল কথাবোৰ ! আগদিনা দেখি অহা গভীৰ চকুহালি , যিহালি চকুৱে মোৰ মন মগজুত থিতাপি লৈছিল , তাইক সেই চকুহালিৰ কথা ক’ম বুলি ভাবি থাকোঁতেইচোন কথাবোৰ ওলোটাহে হ’ল , চকুৰ চিন্তা বাদ দি মই তাইৰ চকুপানীৰহে চিন্তা কৰিবলগীয়া হ’ল , ইফালে পৰীক্ষা দুদিনৰ পিছত , মোৰ বাৰু হৈ যাব পিছে তাই এইগতিত পৰীক্ষা দিব কেনেকৈ ? এইবোৰ ভাবি থাকোঁতেই বেচেৰীয়ে সাৰ পালে , অলপ প্ৰকৃতিস্থ হোৱা যেন লাগিল তাইক , মইও একো নোসোধাকৈ চাই ৰ’লো আইনাখনলে …. কোন মুহুৰ্তত পলিথিনত ভৰাই মোৰ হাততে থেকেচা মাৰি দিয়ে তাকে চিন্তা কৰি । পিছে মই ভবাৰদৰে একো নহ’ল , সৰুকৈ চেঁপা মাতেৰে কৈ উঠিল তাই সাক্ষী হোৱা ঘটনাবোৰৰ কথা । ৰাসৰ দিনা তাইৰ হাতত কেনেদৰে তাইৰ প্ৰেমিকৰ পাৰ্ছটোত দেখিছিল বেলেগ কাৰোবাৰ ফটো , ফটোখনৰ কথা সুধিলত তাইক কি কৈছিল , কিয় তাই হ’বলগা হৈছিল তেঁওৰ দ্বিতীয় প্ৰেম ইত্যাদি । কথাবোৰ সাধাৰণ আছিল যদিও সাধাৰণকে ল’ব পৰা নাছিল তাই , মইও বুজাব জনা নাছিলো একোকে , তেনেকুৱা পৰিস্থিতিতযে পৰাই নাই আগতে । তাই নামানে একো , নুবুজে একো , বুজিবলেও চেষ্টা নকৰে , প্ৰথম প্ৰেমে কৰা অৱমাননা সহজকে ল’বলে ইমানো সহজ নাছিল পৰিস্থিতিটো । কেনেকৈ সহ্য কৰিব পাৰে বেলেগক জলাবলে তাইৰ লগত প্ৰেম কৰা বুলি সহজকে ক’ব পৰা তাই সমস্ত আৱেগেৰে ভালপোৱা ল’ৰাজনে একেবাৰে সহজকে কৈ দিব পৰা কথাবোৰ । সহজকে ল’ব পৰা নাছিলো মইও , সহজ হ’ব পৰা নাছিলোও । কথাবোৰ ভাবি তাইৰ লগতে মোৰো পঢ়া নহ’ল সেইৰাতি , কথাৰে বান্ধিব পৰা ছোৱালী তাই , কাকো নক’বলে মুখেৰে নক’লেও চকুৰ ভাষা এপলকতে বুজি পালো মই সিদিনা । ( আজি কৈ দিলো দেই বেয়া নাপাবি , পেটত কথা নৰ’ল , পৰীক্ষাত কমকে পোৱা ১০ % মান তোৰ কাৰণেই কম পালো সেইবাৰ , নহ’লে মই পঢ়াত ভালেই আছিলো )
ষ্টাডী লিভ আছিল দুদিন , ৰূমত খাবলে কিবা আনিবলে ওলাই গ’লো তিৰুৰ লগত পৰীক্ষাৰ আগদিনা , ভৰদুপৰীয়া চ’ত মাহৰ চৌফলীয়া ৰ’দ ইফালে , তিৰুক আগৰাতিৰ ঘটনাটো ক’বলে বৰকে মন আছিল যদিও জীনাক্ষিৰ কথা ভাবি একো নক’লো , এনেইও দুয়োজনীৰ মাজত মোক লৈ অলপ পেটা পেটি আছিলেই আৰম্ভণিৰেপৰা । এজনীয়েও ভাগ কৰিব বিচৰা নাছিল মোৰ বন্ধুত্ব আনজনীৰ লগত , দুয়োজনীৰ একক অধিকাৰ যেন মোৰ ওপৰত , পিছে মনত যি থাকিলেও মুখেৰে এজনীয়েও আনজনীৰ আগত একো প্ৰকাশ নকৰে কিন্তু সিহঁতৰ আওপকীয়া কথা কামত বুজি পাঁও সকলো , মোৰ কুৰ্চুতীয়া মনটোৱে পিছে বৰ উপভোগ কৰোঁ দুয়োজনীৰ বন্ধুত্বৰ আব্দাৰ । তিৰুৰ আগত একো নক’লো যদিও তাইৰ লগত ওলাই গৈ মনটো পাতল লাগি গ’ল , মৰমী আৰু আজলী বান্ধৱীৰ মৰমৰ আব্দাৰত যে পাহৰি যোৱা যায় মনৰ কষ্ট ভালকৈয়ে অনুভৱ কৰিলো । পিছে AT 9 ৰ সন্মুখ পালেগৈয়ে আমি একেবাৰে নিমাখিত হৈ যাঁও , সিদিনা সেই দুপৰীয়া ৰ’দখনত কাকো বাহিৰত নেদেখি পিছে অকণো নাৰ্ভাছ নোহোৱাকৈ আগবাঢ়িলো যদিও হোষ্টেলৰ আগৰ পুলটোৰ দুয়োপাৰে চিনাকি কেইজনমানক বহি থকা দেখি অলপ নাৰ্ভাছো হ’লো , চিনাকি যদিও তেতিয়ালৈকে ভালকে কথা পাতিব পৰা নাছিলো , পিছে ৰাসৰ বকাসুৰ ভাঁও লোৱা কবিনদাক দেখি ফিছকে হাঁহি উঠি গ’ল বকাসুৰৰ ভাঁৱত দাদাক কল্পনা কৰি । লগত টিকে দাহঁতো আছিল হ’বপাই । আমাৰ আগে আগে দুগৰাকীমান চিনিয়ৰ বা আছিল , বাহঁত পাৰ হৈ যাঁওতে একো নোজোকোৱা দেখি ভালেই লাগিল , আমিও নিশ্চিন্তমনে পাৰ হৈ যাব পাৰিম বুলি ভাবি । পিছে তেঁওলোক পাৰ হোৱাৰ ঠিক পাছতে কি কৰে AT 9 বাসীকেইজনে ? গোটেইকেইজন চোন বহাৰ পৰা ঘপহকে উঠি চ্যেলুট মাৰি একদম স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত গোৱাৰদৰেই একেস্বৰে গাই উঠিল ………
” জনগণমন অধিনায়ক জয়হে ভাৰত ভাগ্য বিধাতা ……. “
হাঁহিমনে ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাই থকাতে থিয় দি থাকিম এজনীয়েও ধৰিব নোৱাৰিলো , পিছে আমাৰ আগত যোৱা বাকেইগৰাকীৰ খোজৰ গতিবেগ বাঢ়ি গ’ল , আমাৰো খোজ খৰ হ’ল , ৫২ ছেকেণ্ডৰ জনগণমন চলি থাকিল আমি পাৰ হৈ নোযোৱালৈকে ।
ক্ৰমশঃ