‘ জীৱন অনুপম , এই অনুপম জীৱনৰ প্ৰতিটো পল অনুপল জীয়াবলে জানিব লাগে আৰু নজনা জনে শিকিব লাগে । জীৱন জীয়াৰ আৰু ধৰাৰ মাদকতা তাতেই নিহিত হৈ থাকে । ‘
এই কথাষাৰ মই অন্তঃকৰণে বিশ্বাস কৰি আহিছো , সেয়েহে দুখবোৰো সুখ হৈ ফুলে , সুখে বুকু সাহিয়াল তথা ৰঙীয়াল কৰে । যিমানলৈকে পৰোঁ সিমানলৈকে চেষ্টা কৰিছো জীৱনক জীয়াবলে , য’ত থাকে মাথোঁ হাঁহি , শান্তি আৰু চৈতন্য । য়ুনিভাৰ্ছিটিত পঢ়ি থকা দিনবোৰেই চাগে জীৱনৰ সৰ্বশ্ৰেষ্ঠ দিন আছিল , য’ত প্ৰতিটো ঘাত প্ৰতিঘাট , সুখ দুখ , হেঁপাহ , আশা ভৰষা বৰ সাহসেৰে আৰু উদ্যমেৰে যুঁজ দিবলে শিকিছিলো । ভাৰ্ছিটি ৱিকৰ আগদিনা আই কাৰ্ড হেৰুৱাই যি মৰ্মবেদনা পাইছিলো সেইটোৱে জীৱনটোক ভালকৈয়ে শিকাই গ’ল , প্ৰয়োজনীয় বস্তু কিমান যতনেৰে ৰাখিব লাগে । ( শিক্ষা নহ’ল পিছে , দুবছৰৰ আগতে গোটেই মাৰ্কশ্বিট চাৰ্টিফিকেটৰ ফাইলটো হেৰুৱালো , সেইদিনা বৰকে মনত পৰিছিল আই কাৰ্ড হেৰোৱাৰ দিনটোলে ) পিছে মণিবাৰ প্ৰচেষ্টাত সকলোবোৰ ঠিক হৈছিল , ডিম্পীবাৰ ভৰিটোও লাহে লাহে ঠিক হ’ল , আচলতে মনৰ প্ৰবল জোৰত ডিম্পীবা ঠিক হৈ উঠিল , তাতে বাস্কেটবল দুদিনমানৰ পিছত আছিল বাবে সুবিধাও হৈছিল । প্ৰতিগৰাকী আৱাসীয়েই নিজৰ নিজৰ কৰ্তব্য বৰ নিষ্ঠাৰে পালন কৰিলে , য়ুনিভাৰ্ছিটি জীৱনৰ আটাইতকে আকৰ্ষণীয় দিনবোৰ উদযাপন কৰিবলে য়ুনিভাৰ্ছিটিৰ প্ৰতিজন সদস্যই উদ্বাউল হৈ পৰিল ।
ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ দিনা বুকুত সেই একেই ঢুকঢুকনি , হোষ্টেললে প্ৰথম অহাৰ দিনা বুকুত যিদৰে ধান বনাদি বানিছিল , সেই একেটা ঢেকীয়েই বুকুত কোবালে । পুৱাই সকলোবোৰ গা পা ধুই আজৰি হৈ তলত একেলগ হৈ প্ৰত্যেকেই শপত ল’লে , ভাৰ্ছিটি ৱিকত প্ৰতিটো অনুষ্ঠানতে সুন্দৰকে সহযোগ কৰাৰ , চিনিয়ৰ মণিবাহঁতে সকলোৰে কঁপালত আঁকি দিলে মন্দিৰৰ পৰা অনা সেন্দুৰৰ ফোঁট এটা , সেন্দুৰ আৰু কৃষ্ণচূড়াৰ ৰঙাবোৰৰ দৰেই উজলি উঠাৰ সংকল্প লৈ প্ৰত্যেকেই প্ৰত্যেকৰ সাহস হৈ সাজু হৈছিলো March past ৰ বাবে , মাপুই বায়ে আকৌ সোঁৱৰাই দিছিল কি কৰিব লাগিব , চিফ্ কামাণ্ডাৰে দিয়া কামাণ্ড আৰু মাপুই বাৰ কামাণ্ডৰ বাহিৰে সেইখিনি সময়ত যাতে বেলেগলে মন নিদিওঁ বাৰে বাৰে সকীয়াই দিলে । আমি সঁচাকৈয়ে খুউব মনোযোগেৰে প্ৰত্যেকটো কথাই শুনিছিলো আৰু কৰিছিলো যদিও সেই বুকুৰ ঢুকঢুকনিটো হ’লে অলপো কমাৰ নাম নল’লে ।
হোষ্টেলৰপৰা ওলাই যাঁওতে দূবৰিহঁতকো দেখিলো যদিও ইজনীয়ে সিজনীক নেদেখাৰ ভাঁও ধৰিলো , মাতিলেই যেন শ্ৰেষ্ঠত্বৰ আধা আধা ভাগ হৈ যাব এনে ভাৱত থাকিলো দুয়োজনী । শাৰী পাতি মাৰ্চ পাষ্টৰ বাবে ওলাই যাঁওতে AT 9 আৱাসীসকলে সুন্দৰকৈ শুভেচ্ছা জনালে , তেঁওলোকৰ চকু মুখত আমাৰ বাবে থকা শুভেচ্ছাখিনিয়ে আমাৰ আত্মপ্ৰত্যয় দৃঢ় কৰি তুলিলে । তথাপিও বুকুৰ ঢুকঢুকনিটো হ’লে কোনোপধ্যেই কমাৰ নামেই নল’লে । মাৰ্কেটৰ সেন্দুৰীয়া বাটটোৰে আগুৱাই হস্পিতেলৰ মাজেৰে বুঢ়া গছকেইজোপাৰ আশীৰ্বাদ লৈ পলিহঁতৰ হোষ্টেলৰ সন্মুখেৰে য়ুনিভাৰ্ছিটিৰ সেই বিশেষ ফিল্ডখনত উপস্থিত হোৱাৰ মুহুৰ্তলৈকে যেন একেটা উশাহতে গৈ পাইছিলোগে । বিশাল ফিল্ডখনত লাহে লাহে য়ুনিভাৰ্ছিটিৰ কৃষ্ণচূড়াবোৰে ভিৰ কৰিছিলহি , সকলোৰে চকুমুখত এটাই ভাৱ স্পষ্ট হৈ পৰিছিল সেই মুহুৰ্তত , নিজৰ হোষ্টেললে শ্ৰেষ্ঠত্বৰ সন্মান কঢ়িয়াই আনিবই লাগিব , শ্ৰেষ্ঠত্বৰ দৌৰত সেইটোৱেই প্ৰথম অগ্ৰগামী খোজ সকলোৰে বাবে ।
নিৰ্দিষ্ট সময়তকে পলমকে আৰম্ভ হৈছিল কিবা কাৰণত মাৰ্চ পাষ্ট , ইফালে পেৰেড কৰিবলে অসুবিধা হ’ব বুলি তেনেই নাম মাত্ৰ কিবা অলপহে মুখত দি গৈছিলো সবেই , চিনিয়ৰসকলে পূৰ্বৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ বাবে লৈ গৈছিল গ্লুক’ন ডি , বিস্কিট আৰু সৰু সুৰাকে অলপ খোৱা বস্তু । কাপোৰ বেয়া হ’ব বুলি বহিবও নোৱাৰি ইফালে সূৰ্যৰ প্ৰখৰতা সিদিনা বাঢ়িহে গৈছিল আগতকে , বৰষুণীয়া বতৰটোত ৰ’দে খাঁও খাঁও মুৰ্তি ধৰি আহিলে সিদিনা , বহুতো অংশগ্ৰহণকাৰী অসুস্থ হৈ পৰিল , লগে লগে ভলাণ্টিয়াৰসকলে শুশ্রূষা আৰম্ভ কৰিয়েই দিয়ে অৱশ্যে । ভাগ্যে আমাৰ হোষ্টেলৰ ছোৱালীবোৰ অলপ মোটা টগড়া আছিল বাবে নপৰিল হ’বলা , ইফালে ভাৰ্ছিটি ৱিকৰ নাম শুনাৰেপৰা সমানে শুনি অাহিছে বেষ্ট হোষ্টেলৰ কথা , গতিকে গা বেয়া লাগিলেও মনৰ জোৰত সকলো থিয় হৈ থাকিল নিজৰ জেগাত । সদায় ভয় কৰা চিনিয়ৰ বাবোৰে বেগত লৈ যোৱা ছাতি লৈ আমাৰ কান্ধত আশ্বাসৰ হাতখন ৰাখিলেগৈ । আমাৰ সাহস আৰু বিশ্বাস দুগুণে বাঢ়িল তেঁওলোকৰ সহমৰ্মিতা দেখি । আমাৰ সমানেই মাৰ্চ পাষ্ট নকৰাখিনিয়েও থিয় হৈ থাকিল আমাৰ কাষে কাষে ।
মাৰ্চ পাষ্ট আৰম্ভ হ’ল , কামাণ্ডাৰে ‘ সাৱধান / বিশ্ৰাম ‘ বুলি সাৱধান বিশ্ৰাম কৰোৱাৰ লগে লগেই সকলো সাৱধান হৈ পৰিলো , কোনোধৰণৰ ত্ৰুটি নোহোৱাকে যাতে শিকোৱাৰদৰেই আগবাঢ়ি যাব পাৰোঁ তাৰবাবে প্ৰত্যেকেই সচেতন হৈ পৰিলো । পিছে বুকুৱে একেই ধান বনাদি বানি থাকিল আমি আগুৱাই নোযোৱালৈকে ।


মাৰ্চ পাষ্ট কৰি আহি গোটেইবোৰ লেবেজান হৈ পৰিছিলোহি যদিও মনৰ উদ্যমবোৰ আগতকে বাঢ়িছিলহে । মাৰ্চ পাষ্ট কৰি আহি ভাগৰি জুগৰি বিচনাত পৰাৰো সময় নাছিল তেতিয়া , আবেলি আকৌ আছিল ভলী , প্ৰতিদ্বন্দ্বী হোষ্টেল দূবৰিহঁতৰ ।
ক্ৰমশঃ