ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি তুংগত উঠাৰ সময়তে আমাৰ আৰু এটা কাম বাঢ়িছিল , সেইটো আছিল হোষ্টেলৰ ৱাল মেগাজিনৰ কাম। আন আন এক্টিভিটিবোৰৰ লগতে ৱাল মেগাজিনেও সমানেই গুৰুত্ব পাইছিল লগতে হোষ্টেল আৰু ডিপাৰ্টমেণ্টবোৰৰ মাজত সুকীয়াকে ৱাল মেগাজিনৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল । অৱশ্যে ৱাল মেগাজিনৰ কামত ব্যস্ত হ’বলগীয়া হোৱা নাছিল , চিনিয়ৰসকলেই বেছিকে ইয়াৰ দায়িত্বত আছিল । ৰাতি বহুদেৰিলৈকে চিনিয়ৰসকলে ৱাল মেগাজিনৰ কাম কৰি থাকে তাৰ মাজে মাজে চলে তেঁওলোকৰ আড্ডা , আড্ডাৰ মাজে মাজে আড্ডাবাজসকলৰ এপিয়লা চাহ । মুঠৰ ওপৰত পঢ়া শুনা সকলো জলাঞ্জলি দি কেৱল ভাৰ্ছিটি ৱিকৰ নামতে সকলোৱে নিজকে উছৰ্গা কৰাৰ দিন আছিল সেইবোৰ ।
জীনাক্ষিৰ লগত হোৱা ঘটনাটোৱে মোকো বৰকে ব্যথিত কৰিলে , য়ুনিভাৰ্ছিটিৰ প্ৰতিটো দিনৰে সোৱাদ ভিন্ন , তিতা মিঠা টেঙা কেঁহা প্ৰতিটো সোৱাদেই সুলভ য়ুনিভাৰ্ছিটিৰ হোষ্টেলত । ৰিমকি বাহঁতে বহুত বুজোৱাৰ পিছত তাই শান্ত হৈছিল যদিও ৰাতিটো শোৱা নাছিল হ’বপায় , পিছদিনা পুৱা তাইৰ অৱস্থা বেয়া হৈ গৈছিল , জ্বৰ মূৰৰ বিষত জৰ্জৰিত জীনাক্ষিক ৰাতিপুৱাই লৈ গৈছিলো য়ুনিভাৰ্ছিটিৰ হস্পিতেললে তাইৰ ভালপোৱাজনৰ সৈতে , দৰৱ জাতি লৈ ঘুৰি আহি হোষ্টেল পাই দেখোঁ তিৰুৰ অৱস্থা বেয়া , বেচেৰীয়ে হাত আৰু পিঠিৰ বিষত লৰচৰ কৰিব পৰা নাই । স্পন্দেলাইটিচ হৈ তাইৰ হাত আৰু পিঠি প্ৰায় জঠৰ হৈ পৰিছিল , ইকাটি সিকাটি হোৱাটো বাদেই তাই উশাহ লওঁতেও কষ্ট পোৱাৰদৰে হৈছিল । ইফালে ভাৰ্ছিটি ৱিক তেনেই কাষত । কি কৰিব লাগে একোৰে উৱাদিহ নাপাই তাইক ডাক্তৰৰ ওচৰলৈকে লৈ গ’লো পাণবজাৰলে , অট’খনত যাঁওতে তিৰুৰ কষ্ট দেখি সঁচাকৈয়ে বৰ দুখ লাগিছিল , দুয়োজনী মৰমী বান্ধৱীৰ একেলগে ইমান কষ্ট দেখি বেয়াও লাগিল তাতে ভাৰ্ছিটি ৱিক তেনেই ওচৰত । মনটো অলপ হ’লেও বেয়া লাগিল যদিও নিজৰ কামবোৰ ভালদৰেই কৰি গ’লো , আবেলিলে AT 9 লে ভলী প্ৰেক্টিচ কৰিবলে জীনাক্ষি গ’ল । তাইৰ ‘ ভাৰ্ছিটি ৱিক বৰ্জন ‘ সিমানতে অন্ত পৰিল যেনিবা ।
ভাৰ্ছিটি ৱিক , ইহঁত দুজনীৰ বেমাৰ , হোষ্টেলৰ ভিতৰুৱা প্ৰতিযোগিতাবোৰ গোটেইবোৰে একেলগে জুমুৰি দি ধৰিছিল , নিজৰ বাবে অক্কণমানো সময় নাইকিয়া হ’ল , কেৱল মোৰেই নহয় সকলো ছোৱালীৰে একেই অৱস্থা , তথাপিও কাৰো ভাগৰ নাই কাৰো এলাহ নাই । এক অদ্ভূত উদ্যমে সকলোকে প্ৰাণৱন্ত কৰি ৰাখিছিল , চিন্তা কৰাৰো যেন সময় নাই । ভলীৰ প্ৰেক্টিচলে যাঁওতেই আমাৰ হিমাদ্ৰি হৈ পৰিল হিমু মাইনা টি কে দাদাৰ , হিমাদ্ৰি আৰু টিকেদাৰ প্ৰেম ভাৰ্ছিটি ৱিকৰ সমানে সমানে আগবাঢ়িল , প্ৰকাশ দেৰিকে কৰিছিল যদিও ভাৰ্ছিটি ৱিকৰ সময়ৰপৰাই আমি সেই প্ৰেমৰ উমান পাইছিলো । প্ৰেমৰ বৰষুণজাকত তিতিবলে কোনেনো নিবিচাৰে জালুকবাৰীত ? বৰষা নামিছিল প্ৰেমৰ সকলোৰে বুকুলে , মোৰো ভাল লাগিল এযোৰ বিশেষ চকু , চকুযুৰিৰ প্ৰেমত ইমানেই বেছিকে পৰিলো যে চেহেৰাটো চাবলেকে নহ’ল , নামটোও জনা নহ’ল , কিন্তু সেই চকুযোৰ চাবলে মনটো উদ্বাউল হৈ থকা হ’ল । কিয় জানো জীৱনত যেইবাৰেই প্ৰেমত পৰিলো সেইবাৰেই কেৱল চকুৰ প্ৰেমতহে পৰিলো , সেয়েহে হয়তো প্ৰেমৰ বৰষুণজাকত তিতি জুৰুলি জুপুৰি হ’বও নোৱাৰিলো । বৰ ডাঙৰ মিছ হৈ গ’ল জীৱনত তাকেই , প্ৰেম হ’লেও প্ৰেমিক নহ’ল কোনোকালেই ।
কৃষ্ণচূড়াবোৰে ৰং বিলাই থকা দিনবোৰ সুমধুৰ কৰিবলেকে যেন ভাৰ্ছিটি ৱিকৰ আয়োজন চলে তেনে সময়বোৰতে , সেইবাৰ প্ৰলয়ংকাৰী বানৰ বাবে আগতকে কিছু পলমকে অনুষ্ঠিত হৈছিল ভাৰ্ছিটি ৱিক । গোটেই য়ুনিভাৰ্ছিটিখন ব্যস্ত হৈ পৰে এইখিনি সময়তে । বিভিন্ন খেলবোৰৰ সমান্তৰালকে আৰু এটা কামৰ দায়িত্ব আহি পৰে খেলত ভাগ নোলোৱা হোষ্টেলীয়া সকলৰ কাৰণে , চ’ছিয়েল চাৰ্ভিছৰ । ছ’চিয়েল চাৰ্ভিছ হৈছে য়ুনিভাৰ্ছিটিৰ ছাত্ৰ একতা সভাই নিৰ্দিষ্ট কৰি দিয়া ঠাইবোৰ চাফা কৰিব লাগে চুক কোণ মাৰি , আৰু চাফ চিকুণতা চাই নিৰ্দিষ্ট কৰি দিয়া সমিতিয়ে পুৰস্কাৰ প্ৰদান কৰে ।চ’ছিয়েল চাৰ্ভিছ কৰিবলে প্ৰতিটো হোষ্টেলৰ লগতে এটা সহযোগী হোষ্টেল থাকে আৰু পুৰস্কাৰটোও দুয়োটা হোষ্টেলৰে উমৈহতীয়া হয় । ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি হিচাপে এই চ’ছিয়েল চাৰ্ভিছ প্ৰথমতে হোষ্টেলতে কৰোৱা হয় , আমাকো কৰালে , আমি খেলাত ভাগ লোৱাবোৰে নকৰিলেও হয় যদিও নেতৃত্বত থকা বৰ্ণালীবা আৰু মিনি বাৰ আকৰ্ষণতে চ’ছিয়েল চাৰ্ভিছতো ভাগ ল’লো হোষ্টেলত । বৰ্ণালীবা ব্লকৰে বুলি আৰু আগৰে চিনাকি বুলি অলপো ভয় নালাগে তাতে ফ’ৰ্থ ব্লকৰ চিনিয়ৰবোৰ এনেইও জুনিয়ৰ মূৰত উঠাব পৰা বিধৰ ( বৰ্ণালী বাক চিনিয়ৰ যেন নালাগিলেই ) বাবে আৰু এখোপ চৰা , পিছে মিনিবালে আৰম্ভণিৰেপৰা ভয় লাগিছিল , তাতে সন্ধ্যাৰ এছেম্বলীত যিহে মুৰ্তি দেখুৱাই , ভয়তে আটাইবোৰ জুনিয়ৰৰে চুৰ্তি হেৰাই যায় ।
তথাপিও চ’ছিয়েল চাৰ্ভিছ কৰি অকণো বেয়া নালাগিল ,তাতে য়ুনিফৰ্মযোৰৰ আকৰ্ষণো আছিল দুৰ্বাৰ । সকলোবোৰ হোষ্টেলেই আমাৰ সময়ত বগা সাজ পৰিধান কৰিছিল , আমাৰ হোষ্টেলৰ বাবেও বগা চেলোৱাৰ কামিজৰ লগত বগা দোপাত্তা , বগা কেপ আৰু বগা জোতা মোজা ঠিক হৈছিল , লগত RCC 4 লিখা ৰঙা sash এখন । গোটেই বস্তুকেইটা আমাৰ প্ৰায় সবৰে আছিলেই বাবে ছ’ছিয়েল চাৰ্ভিছ কৰিবলে অক্কণো চিন্তা কৰিব লগীয়া নাছিলেই । মাত্ৰ এটাই চিন্তা আছিল সহযোগী হোষ্টেল বা কোন পৰে ! মনে মনে ভাবিলো কোনোবা ল’ৰাৰ হোষ্টেল পৰিলেই হয় বুলি । মইনাৰ লগত মইনাবোৰে কাম কৰাৰ মজাই বেলেগ ।



আমাৰ হোষ্টেলৰ ভিতৰখন আৰু বাথৰূম টয়লেট চাফা কৰিবলে মঞ্জুদীদী সদায় আহিছিল , সদায় চিধা পাল্লাত ধুনীয়া ধুনীয়া শাৰী পিন্ধি , বৰ সুন্দৰ সজ্জাৰে মঞ্জুদীদী আহিছিল মুখত এখন পাণ ভৰাই সদায়ে এমোকোৰা হাঁহিৰে । মঞ্জুদীদীক দেখিলেই মনটো ভাল লাগি যায় , জীৱনত দুখ কি বস্তু দীদীয়ে যেন বুজিয়েই পোৱা নাছিল , পিছে সেই মঞ্জু দীদীয়েই ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ দুদিনমানৰ আগতে একদম জৰ্জৰিত হৈ আহি ওলাইছিলহি হোষ্টেলত , মুখত প্ৰসাধনটো নাইয়েই হাঁহিৰ ৰেশ এটাও নাছিল সিদিনা দীদীৰ মুখত । মঞ্জুদীদীক তেনেকে দেখি মনটো কিবা চেবাই গ’ল , কেতিয়াও অকণো দুখত নেদেখা মঞ্জুদীদীক তেনেকৈ দেখি সঁচাই বৰ আচৰিত লাগিল , যেন মানুহজনী নাহিলে নহয় বাবেহে আহিছে , শৰীৰৰ জোৰত অহা নাই , কেৱল মন আৰু কৰ্তব্যৰ খাতিৰতহে আহিছে তেঁও । আহিয়েই কঁকালৰ খোঁচনিৰপৰা পাণৰ টোপোলাটো উলিয়াই তাৰে অকণ তলতে ৰিমকিবাক অাৰু অকণমান আহি মোক দিয়াটো মঞ্জু দীদীৰ প্ৰায় দৈনিক ৰুটিনৰ ভিতৰতে আছিল , পাণ খাই ভাল নাপাঁও যদিও মঞ্জুদীদীৰ মৰমবোৰ উপেক্ষা কৰিবলে মন নাযায় বাবেই দীদীয়ে দিয়া পাণকণ লৈ থঁও সদায় । মঞ্জুদীদীৰ সিদিনাৰ বিধ্বস্ত ৰূপটো সহ্য কৰিব পৰা নাছিলো সিদিনা , ভাত খাই ওপৰলে নাহি ৰিমকি বা আৰু মই সুধিছিলো দীদীক কি হৈছে বুলি । সদায় হাঁহি থকা মানুহজনীয়ে যিখিনি বৰ্ণনা দিলে শুনি গাৰ নোম শিঁয়ৰি গ’ল , লগতে আগৰাতি মদাহী গিৰিয়েকে কোবাই চিৰিলা চিৰিলকৈ ফালি দিয়া পিঠিখন দেখুৱাই দীদী সিদিনা কান্দোনত ভাগি পৰিছিল , লগতে প্ৰত্যেক ৰাতিয়েই যে দীদীয়ে সেইবোৰ নিৰ্যাতন সহ্য কৰি যাব লাগে সেয়াও অকপটে কৈছিল দীদীয়ে । আচৰিত হৈছিলো মঞ্জু দীদীৰ কথা শুনি , কেনেকৈ …. কেনেকৈ থাকিব পাৰে ইমান কষ্ট সহিব ! আকৌ কেনেকৈ পাৰে ইমান কষ্টৰ পিছতো ইমান প্ৰাণৱন্ত হৈ থাকিব ! কেনে জীৱন এইয়া ? তেঁওৰ দৰে মানুহৰ বাবে জীৱনটো বৰদান নে উপহাস ?
ভাবি পাৰ নাপালো যদিও আচৰিতধৰণে শিক্ষা পালো মঞ্জুদীদীৰপৰা , হাঁহিৰে জীৱন জয় কৰাৰ । সেয়েহে হয়তো কোনোবাই বৰ সুন্দৰকৈ কৈ গৈছে ….
হাঁহি আৰু চকুলোৰ মধুৰ মিলন / এয়ে নেকি হাঁয় মানৱ জীৱন
ক্ৰমশঃ