জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৬

আবেলিলৈ আমি আটাইবোৰ সাজু হৈছিলো ভাগে ভাগে , ভলী খেলিবলে টিমত ছজনী লাগে যদিও আমাৰ হোষ্টেলৰপৰা দহজনীমান ভাল খেলা ছোৱালীয়ে ( আমাৰ বোধেৰে ) খেলিবলে ওলালো । নামতহে ছজনী , পিছে গোটেই হোষ্টেল উঠি যোৱাটো নিয়ম , সমৰ্থকৰ উৎসাহৰ ওপৰত খেলুৱৈৰ উদ্যম আৰু দৃঢ়তা বহুখিনি নিৰ্ভৰ কৰে । খেলত জিকাৰ মূলমন্ত্ৰও তাতেই নিহিত হৈ থাকে , নিজৰ হোষ্টেলৰ সমৰ্থনত গোটেইবোৰ ছোৱালীয়ে হাত চাপৰি আৰু উল্লাসেৰে সমৰ্থন জনাব , দৰ্শক ইমানেই উল্লাসিত হ’ব লাগে যাতে খেলত কিবা মিছ হৈ গ’লেও খেলুৱৈসকল নিৰাশ নহয় বিপৰীতে বিপক্ষহে নাৰ্ভাছ হৈ যায় । এই মহামন্ত্ৰবোৰ আমাক AT 9 ৰ আৱাসীসকলে খেল শিকোৱাৰ লগে লগেই শিকাই গৈছিল । আমাৰ খেলুৱৈক উৎসাহিত কৰিবলে আকৌ বন্ধু হোষ্টেল AT 4 boys hall ৰ দৰ্শকো আহে লগতে আন আন বন্ধু বান্ধৱো থাকেই । পিছে সৰহসংখ্যকেই খেলত অংশগ্ৰহণ কৰে বাবে নগন্যসংখ্যকহে দৰ্শক হয় ।

খেলৰ আৰম্ভণিৰপৰা শেষলৈকে মাত্ৰ এটাই লক্ষ্য ” বিজয় ” আৰু ” শ্ৰেষ্ঠ হোষ্টেল ” । আমাৰ হোষ্টেলৰ মূলমন্ত্ৰ ফাঁকি আছিল ‘ RCC 4 up up / RCC 4 up up ‘ নহ’লে ‘ হিলৈ হিলৈ হিলৈয়া ……উহউউঊ……../ হিলৈ হিলৈ হিলৈয়া উহউউউ………. ‘ এজনীয়ে লগাই দিয়াৰ লগে লগেই বাকীবোৰেও সমানে চিঞৰি উঠে ‘ RCC 4 up……. RCC 4 up up ‘ আৰু ‘ হিলৈ হিলৈ হিলৈয়া…….. ‘ লগতে বাজি উঠে মোনাত ভৰাই লৈ যোৱা হোষ্টেলৰ ষ্টিলৰ থাল কেইখন , হোষ্টেলৰ বেলটো …. কাঁহী বজোৱাত পাকৈত আছিল কুকুবা , ডলী , জিনাবা হঁত । কেইখন যে হোষ্টেলৰ থাল পোতোকা পৰিল তাৰ কোনো হিচাপ নাই । মুঠতে ভালেই খেলক বা বেয়াই খেলক , হাঁৰকেই বা জিককেই উল্লাস কিন্তু কোনোপধ্যেই কম নহয় , প্ৰতিটো মুহুৰ্তকে উপভোগ কৰিবলে , প্ৰতিটো পলক জীপাল কৰি ৰাখিবলে প্ৰতিজন আবাসীয়ে যেন খেলৰ লগে লগেই শিকি গৈছিল ।

আৰম্ভণি ভাল আছিল আমাৰ , খেললে যোৱাৰ সময়তে খবৰ পাইছিলো মাৰ্চ পাষ্টত আমি তৃতীয়া স্থান পোৱা বুলি , ইমান খিনি হোষ্টেলৰ মাজত যে তৃতীয় হৈছিলো সেইটো আমাৰ বাবে প্ৰথম স্থানতকৈ কোনোগুণেই কম নাছিল । আমাৰ উৎসাহ দুগুণ হৈছিল , ভলীৰ প্ৰদৰ্শনো আৰম্ভণিৰ দিনাই সুখপ্ৰদ আছিল , প্ৰথম দিনাই খেলাৰ সুবিধা পালো টিমত , আৰু ফুৰ্তি লাগিল , আমাৰ অলৰাউণ্ডাৰ ৰিমকিবা , মণি বা , চিন্ময়ীবাহঁত আগৰেপৰাই পাকৈত আছিলেই , আমি জুনিয়ৰ কেইজনীৰ ভিতৰত ৰিতুৱে আটাইতকে ভাল খেলিছিল , সাংঘাতিক স্মেছাৰ আছিল ৰিতু , মই প্ৰায়ে মিডল ব্লকাৰ হৈ খেলিবলে পাইছিলো । জ্যোতিশিখা বঢ়িয়া ৰাইট চাইড হিটাৰ আছিল আৰু জিনাক্ষি মিডল্ ব্লকাৰ আৰু স্মেছাৰ । বাকী ৰূমা অলপ ৰিমকিবাৰদৰেই পাৰ্গত আছিল আৰু ৰশ্মিও ভাল অপ’জিট হিটাৰ আৰু স্মেছাৰ আছিল । চিনিয়ৰ সকলৰ লগত আমাৰ তাল মিল ভাল আছিল , খেলত যাতে আমি অলপো অপ্ৰস্তুত নহওঁ তাৰবাবে প্ৰত্যেকগৰাকীয়েই আমাক যথেষ্ট সমৰ্থন দিছিল । মোটামুটি আমাৰ টিমটো যথেষ্ট ভাল আছিল । প্ৰথমদিনাই খেলত জিকি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি আৰু ভাল লাগিছিল আমাৰ । আমাৰ ক’চ্চ দেৱদা আৰু প্ৰশান্তদায়ে প্ৰতি পদে পদে আমাৰ লগত থকাৰদৰেই AT 9 ৰ বহুতো ল’ৰাই আমাক দেখাদেখি সমৰ্থন কৰি উৎসাহিত কৰি গ’ল । আমাৰ হোষ্টেল কেইটাৰ প্ৰতি এইটো হোষ্টেলৰ মৰম অলপ বেছিয়েই আছিল অৱশ্যে ।

দিনটোৰ ভাগৰবোৰে জিৰাবলেও সময় পোৱা নাছিল ,আচলতে কোনেও জিৰণি ল’বলেও বিচৰা নাছিল , তাতে ৰাতিলে আছিল অন্যতম আকৰ্ষণীয় অনুষ্ঠান কইনা ( মিছ জি. ইউ . আছিলনেকি , অলপ খেলিমেলি লাগিছে ) প্ৰতিযোগিতা , আমাৰ হোষ্টেলৰপৰা চাৰি পাঁচজনীমান নৱাগতাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল , অসমীয়া কইনাৰ সাজত সজাই পৰাই সাজু কৰিছিলো তিৰুক , আগতীয়াকৈ নাম নিৰ্বাচিত হোৱাত কাপোৰসাজ গোটাই থৈছিলেই , ধৰ্মিষ্ঠা বায়ে গোটাই দিয়া গহনা গাঁথৰিৰে তাইক বৰ ধুনীয়া কইনা যেন লাগিছিল , কইনা ধৰা খুৰীয়েক হৈ সাজু হৈছিল মুনমীবা , দুয়োজনীৰ খোপা বান্ধোঁতা আছিল অমুকী । কইনাহঁতৰ লগতে আমিও সাজি কাচি অ’ডিটৰিয়াম পাইছিলোগে , তেতিয়ালৈকে পিছে মিষ্টাৰ জি.ইউ চলিয়েই থকাত আমি বহি পৰিলো অ’ডিটৰিয়ামৰ চকীতে , ক’ৰপৰা জানো ভাগৰসোপা আহি হেঁচা মাৰি ধৰিলেহি ক’বই নোৱাৰিলো , চকীত বহি মাছ মাৰি থাকোঁতেই কেতিয়া মিষ্টাৰ জি ইউ শেষ হৈ তিৰুহঁতক মঞ্চলে মাতিলে গমেই নাপালো । তিৰুৱে উঠি যাঁওতে খুটিয়াই থৈ যোৱাতহে খকমকাই সাৰ পালো । ইফালে পিছফালৰপৰা কইনা চাবলে অহা মইনাহঁতৰ চিঞৰ ….

” মইনা … মানুহজনৰ নামটো কোঁৱাচোন / অ’ মইনা লগন উকলি যোৱা নাই …. / আজি ৰাতিয়েই পলাই যাঁও ব’লা / মইনা না নক’বা দেই ….. ”

কইনাবোৰ নাৰ্ভাছ হোৱাটো স্বাভাৱিক । এফালে মইনাহঁতৰ চিঞৰ আনফালে বিচাৰকৰ প্ৰশ্ন । কইনাহঁতক প্ৰশ্ন সোধাৰ সমানে কইনাধৰোঁতাকেইগৰাকীকো সমানে বিচাৰকে প্ৰশ্ন সুধি গ’ল , সেই প্ৰতিযোগিতা চাই থাকিলো যদিও মঞ্চত পিছে পিছদিনা হ’বলগীয়া ৰোমাণ্টিক যুটীত নিজৰ লগতে স্বৰ্ণালীকহে দেখি থাকিলো , কোন ক’ত কেনেকে ৰ’ম আগতীয়াকে মনৰ মাজতে ঠিক কৰি ল’লো তেতিয়াই ।

ভাৰ্ছিটি ৱিকৰ আৰম্ভণি যথেষ্ট ভাল আছিল , আমি উৎফুল্লিত হৈছিলো , বিজয়ৰ নিচাই আমাৰ ভাগৰ কষ্ট সকলোবোৰ নাইকিয়া কৰি পেলাইছিল , সেইদিনা সন্ধ্যাৰ প্ৰাৰ্থনাতেই আৰু গম পাইছিলো পিছদিনাৰ চ’ছিয়েল চাৰ্ভিছৰ আমাৰ সহযোগী হোষ্টেলৰ নাম , নামটো শুনিয়েই ভাল লাগি গৈছিল । অামাৰ চ’ছিয়েল চাৰ্ভিছ পাৰ্টনাৰ হোষ্টেল আছিল AT 8 boys hall , আমাৰ বন্ধু হোষ্টেল নহয় যদিও বহুতো বন্ধু আছিল , তাতে কাবাডীৰ প্ৰেক্টিচলে ৰাতিপুৱা গৈ গৈ বহুবোৰ বন্ধু হৈছিল , ইফালে আমাৰ লংকেশ্বৰৰ মেচৰ পাছফালৰ মেচৰ ৰুবুল সেইটো হোষ্টেলৰে । লাহে লাহে দেৱাশীষ নামৰ অমায়িক আৰু বৰ ভদ্ৰ ল’ৰাটোও আমাৰ ভাল বন্ধু হৈ উঠিছিল , এওঁলোক সব পলিৰ ডিপাৰ্টমেণ্টৰে আৰ পলিৰ জৰিয়তেই ভাল বন্ধুও হৈছিল যদিও সেইবোৰ সময়ত পলিৰ কথা মনত পেলাবলে সময়ো নাছিল মনো নাছিল , তাই যিহেতু আমাৰ মূল প্ৰতিদ্বন্দ্বী হোষ্টেলৰ আছিল । মুঠতে পাৰ্টনাৰ হোষ্টেলৰ নাম আৰু আমি চাফাই কৰিবলগীয়া জেগাখিনিৰ নাম শুনিয়েই মনটো আৰু ভাল লাগিল , আমাৰ ভাগত পৰিছিল হস্পিতেল চৌহদৰ এটা ফাল , সন্মুখ ফালটো , য’ৰ গছবোৰে আৰম্ভণিৰপৰাই আকৰ্ষণ কৰি আহিছিল , য’ৰ গছবোৰ জালুকবাৰীৰ হাজাৰ প্ৰেমৰ সাক্ষী হৈ থিয় দি আছিল যুগ যুগান্তৰ , য’ৰ গছবোৰে জালুকবাৰী বিষয়ত পি এইচ ডি ডিগ্ৰী কৰি থকা যেন লাগে । সেই ঠাইখিনি আমাৰ ভাগত পৰা বুলি গম পাই সঁচাই বৰ ভাল লাগি গ’ল । প্ৰথম দিনৰ সাফল্য আৰু যোগাত্মক আনন্দই আমাক বেছ দৃঢ় কৰি তুলিলে । চ’ছিয়েল চাৰ্ভিছটো আমি খেলা ছোৱালীবোৰৰ বাবে বাধ্যতামূলক অলপো নাছিল যদিও আমি নহ’লেও নহৈছিল । তাতে আমাৰ মনো আছিল সকলোৰে লগত চ’ছিয়েল চাৰ্ভিছ কৰাৰ ।

পিছদিনা পুৱাই আমি সাজু হৈছিলো বগা চেলোৱাৰ আৰু বগা জোতামোজা পিন্ধি মূৰত টুপী আৰু RCC 4 girls hall লিখা sash লগাই চ’ছিয়েল চাৰ্ভিছলে বুলি । নেতৃত্বত বৰ্ণালীবা আৰু মিনিবা । বিশ্বাস আৰু দৃঢ় হ’ল আমি পামেই ইয়াতো । নেতৃত্বত থকা দুয়োজনী বায়েই যিমানহে পৰিপাটি …… হস্পিতেলৰ চৌহদ পাই ভালেই লাগিল , ল’ৰা হোষ্টেল সহযোগী পৰিলে বৰ সুবিধা হয় , দা কটাৰীৰ চিন্তাটো কৰিব নালাগে অন্ততঃ , লগতে বৰ বেছিকে লেতেৰা হৈ থকা ঠাইবোৰো ল’ৰাবোৰেই চাফা কৰে । আমি ঝাৰু মৰা , লতা টনা আৰু জাবৰ জলোৱা কামখিনি কৰিলতেই হৈ গ’ল , পিছে কাৰো লগতে কথা এষাৰো পতা নহ’ল । চিনিয়ৰৰ কাঢ়া নিৰ্দেশ , ল’ৰাৰ লগত কথা পতা মানা , সৌজন্যতাৰ এষাৰ দুষাৰ বেলেগ কথা , চেলবেলাই মুঠেই নহয় ।

ভালকে চাফা হৈছিল হস্পিতেল চৌহদটো , আনটো ফাল বেলেগ দলৰ পৰিছিল , সকলোৱে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাত ব্যস্ত হৈ পৰে বাবে ভাৰ্ছিটি ৱিকৰ এইটো বিভাগো যথেষ্ট সফল হয় , য়ুনিভাৰ্ছিটিখন আৰু চকুত লগা হৈ পৰে , সৰা পাতৰ গুণগুণনিৰ স’তে হিয়াৰ গুণগুণনি একাকাৰ হৈ পৰে । নিষ্ঠাৰে আৰু একাগ্ৰতাৰে কৰা কামৰ ফলাফলো বিচৰাৰ ধৰণেই হয় । চ’ছিয়েল চাৰ্ভিছত দুয়োটা হোষ্টেলৰ দলটো দ্বিতীয় ঘোষিত হয় । বিশ্বাস আৰু দৃঢ় হয় । শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপটো কাষৰতে পোৱা যেন লাগে ।

ক্ৰমশঃ

Leave a Comment