মঞ্জু দীদীৰ কথাখিনিয়ে দিনটো বৰ দুৰ্বল কৰি তুলিছিল যদিও আমাৰ ৰিমকিবাৰ দুষ্টামিভৰা কথাকেইটাই পিছে বাৰুকৈয়ে আমোদ দিলে সেইদিনা । ৰিমকিবাৰ কথা শুনি মঞ্জুদীদীয়েও কান্দি থকাৰ মাজতে ঢেকঢেকাই হাঁহি উঠিল , নাহাঁহিনো পাৰে কোনস’তে বাৰু ! পিঠিত ঔকিলদি চিৰিলা চিৰিলকে ফালিব পৰা হাতদুখনৰ গৰাকীক যদি ওলোটাই মঞ্জুদীদীয়ে এঘোচা মাৰি দিব পাৰিলেহেঁতেন……. তাকে ক’লে ৰিমকিবায়ে । গোটেই দৃশ্যটো কল্পনা কৰি সঁচাকৈয়ে হাঁহি উঠি গ’ল । বুকুৰ কথাখিনি উজাৰি দি দীদী যেন বহুখিনি পাতলিল , সেইদিনাৰপৰা আৰু মতাৰ মাৰ নাখাঁও বুলি সেই একেই হাঁহিটো মাৰিয়েই কৈ মঞ্জুদীদী নিজৰ কামত লাগিলগৈ । ইফালে ভাৰ্ছিটি ৱিকৰ একদম সন্ধিক্ষণত উপস্থিত হৈ আমাৰো উগুল থুগুল হিয়া একেবাৰে ।
ভলীবল আৰু কাবাডীত খেলিবৰ বাবে নিৰ্বাচিত হ’লো যদিও পিছে বাস্কেটবল খেলিবলে নিৰ্বাচিত নহ’লো , বৰ বেয়াও নাপালো অৱশ্যে । বাস্কেট বল আৰম্ভণিৰ দিনাৰেপৰাই ভালদৰে খেলিব নোৱাৰিছিলো , কাৰ হাতৰ বল কেনি উৰি গৈ কাৰ হাতৰ মাজত খেলা কৰি থাকে ধৰিবই নোৱাৰিছিলো , গতিকেই বাস্কেট বল খেলাৰ যোগ্য নহয় বুলি নিজেই আৰম্ভণিৰেপৰাই জানিছিলোৱেই । মূল দলটোত নাথাকিলো যদিও চাবষ্টিটিউত হিচাপে পিছে ঠিকেই ৰাখিলে দলত । সেইকেইদিন খোৱা বোৱাৰো সময় নাইকিয়া হৈছিল ইফালে অনবৰতে সাৱধান হৈ থাকিব লাগে , যাতে কোনোধৰণৰ ভুল নহয় আৰু চিনিয়ৰৰ লগতে আন হোষ্টেলৰ আৱাসীবোৰো অসন্তুষ্ট নহয় আমাৰ বাবে , লগতে প্ৰতিটো ক্ষণতে এটাই চিন্তা আমাৰ ….শ্ৰেষ্ঠ হোষ্টেল ভাৰ্ছিটি ৱিকৰ , আগৰ বছৰ খুউব কম পইণ্টৰ ব্যৱধানতহে RCC 3 শ্ৰেষ্ঠ হৈছিল , সেইবাৰ যাতে তেনেকুৱা ভুল নহয় তাৰবাবে প্ৰতিমুহুৰ্ততে আমি সতৰ্ক হৈ ৰ’লো ।
পিছে বেছি সাৱধানীবোৰৰ বিপদো বৰ বেছিকৈয়ে হয় হ’বলা , ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ আগদিনাও হৈছিল তেনে এটা ঘটনাই , ক’ত আৰু কেনেকৈনো জানো মোৰ identity card খন হেৰাই থাকিল , আনফালে আই কাৰ্ড নহ’লে খেলত কেতিয়াবা বিপদত পৰিব লগীয়া হ’ব পাৰে বুলি আগতেই গম পাইছিলোৱেই । গতিকে লাগিলে লেঠা , খেলাৰ গোটেই সুবিধাখিনি আৰু ইমানদিনৰ পৰিশ্ৰম আৰু কষ্ট অথলে যোৱাৰ ভয়ত মই দিশহাৰা হৈ পৰিলো , মণিবাক ক’লোগে কথাটো বৰ ভয়ে ভয়ে , অনেক ব্যস্ততাৰ মাজত বায়ে কথাখিনি শুনিলে যদিও ভাল ধমক এটাও দিলে । জীৱনটো অসাৰ যেন লাগিল একেবাৰে , একো উৱাদিহ নাপাই কান্দিয়েই পেলালো একেবাৰে অকলে অকলে গছজোপাকে সাৰথি কৰি , তিৰুহঁতে বুজাবলে আহিও বিফল হ’ল ।
কান্দি কান্দি নিজকে চম্ভালিব খোজোতেই দেখোঁ ডিম্পীবায়েও চুঁচৰি অহাদি আহি ৰূমত সোমাই হাও হাওকে কান্দিবলে ধৰিলে , পিছে পিছে জীনাবাহঁতো সোমাই আহিল । মই কান্দিমেই নে ডিম্পীবাকে চাম একো বুজি নাপালো , ইফালে মোৰ কন্দাৰ কাৰণ গম পাই সকলোৱেই অকণ দুখ পালে যদিও কিবা এটা হ’ব বুলি সকলোৱে সান্ত্বনা দিলে । ডিম্পীবায়ে বাস্কেট বল খেলিছিল , আগৰ বছৰো ডিম্পীবায়ে ভাল খেলিছিল , সেইবাৰো ভাল খেলি থকা অৱস্তাতেই হঠাতে বাঁও ভৰিটো বৰ বেয়াকে মোচোকা খালে ডিম্পীবায়ে । বেণ্ডেজ মৰা ভৰিটোৰে যেনেতেনে হোষ্টেল পালেহি যদিও মনৰ বিষে মানুহজনীক একেবাৰে কোঙা কৰি পেলালে , বাস্কেট বল খেলিবলে নোপোৱাৰ মনোবেদনাই ডিম্পীবাক বাৰুকৈয়ে ব্যথিত কৰি তুলিলে । ভাৰ্ছিটি ৱিকত কৰা শাৰীৰিক কষ্টতকৈ খেলিবলে নোপোৱাৰ মনোকষ্টৰ কিমান গুণে বেছি আমি দুয়োজনী ৰূমমেটে বাৰুকৈয়ে বুজি পালো ।
সন্ধ্যা এছেম্বলীৰ আগে আগে মণিবাহঁতে ডিম্পীবাৰ খবৰ ল’বলে আহি মোকো ভাল খবৰ এটাই দিলেহি , মোৰ আই কাৰ্ড হেৰাইছে যদিও ছাত্ৰ একতা সভাৰ বিশ্বদাক কথাটো জনাইছে মণিবায়ে আৰু চিন্তা কৰি থাকিব নালাগে বুলি কৈছে । কথাটো শুনি মোৰ বুকুখন পাতল লাগিল , ভাৰ্ছিটি ৱিকত যে খেলাৰ সুযোগটো হেৰুৱাব লগীয়া নহ’ল তাৰবাবে মনটো বৰ ভাল লাগিল , ডিম্পীবায়েও মনৰ জোৰতে ভৰিটো অলপ ভালপোৱা বুলিও ক’লে । অলপ আগৰ শোকাতুৰ পৰিৱেশটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ’ল যেন পলকতে । ইফালে নাটকৰ ষ্টেজ ৰিহাৰ্চেলৰ বাবে কবিতাবাৰ লগতে গোটেই দলটো যাব লাগে অ’ডিটৰিয়ামলে , আকৌ গধূলি জালুকবাৰীত এপাক ঘুৰিবলে পোৱাৰ আনন্দই মনটো কিবা গুণগুণনি এটাই সুৰসুৰাই গ’ল ।
সেইকেইদিন আমাৰ সন্ধ্যাৰ এছেম্বলীত হোষ্টেলৰ ভিতৰুৱা প্ৰতিযোগিতাবোৰৰ বাহিৰে অন্য একো নহৈছিল অৱশ্যে তেতিয়ালে লাহে লাহে চিনিয়ৰ জুনিয়ৰৰ ব্যৱধানটো অলপ কমিছিলগৈও , তথাপিও আমি জুনিয়ৰবোৰ হ’লে জুনিয়ৰৰ খোলাটোৰ পৰা সম্পূৰ্ণৰূপে বাহিৰলে ওলাই আহিব পৰা নাছিলো তেতিয়াও । হোষ্টেলৰ শেষৰটো আৰু অন্যতম আকৰ্ষণীয় প্ৰতিযোগিতাটো আছিল ৰোমাণ্টিক কাপল্ ৰ প্ৰতিযোগিতা , এই প্ৰতিযোগিতাৰ বাবে স্বৰ্ণালী আৰু মই আগৰেপৰাই সাজু আছিলোৱেই যিহেতু হোষ্টেলত সোমোৱাৰ দিন ধৰি তাইয়ে মইয়ে ৰোমাণ্টিক যুটী হৈ সকলোকে আমোদ দি আহিছিলো , তাইৰ নাম থৈছিলো চুপহী । কেতিয়াবা তাই প্ৰেমিকা হয় যদি আন কেতিয়াবা মই প্ৰেমিকাৰ ভাঁও লঁও , পিছে যিদিনা প্ৰতিযোগিতা আছিল সেই দিনা স্বৰ্ণালীয়ে মোৰ প্ৰেমিকৰ ভাঁও ল’লে । অদ্ভূত ল’ৰাৰ বেশেৰে স্বৰ্ণালীক দেখি সেইদিনা বেছ হাঁহি উঠিছিল যদিও তাই স্বভাৱসুলভ ভাৱেই অকণো নহঁহাকৈ মোৰ গহীন প্ৰেমিকজন হৈ পৰিছিলো আনহাতে মই চঞ্চলা চপলা প্ৰেমিক পখিলা । আমাৰ যুটীটো বেছ জমিছিল হ’বলা , সেয়েহে সেই একেখিনি প্ৰদৰ্শন কৰিবলে ভাৰ্ছিটি ৱিকটো আমি সুবিধা পাইছিলোহঁত । গতিকেই নাটকৰ ষ্টেজ ৰিহাৰ্চেলৰ দিনা আমিও আমাৰ ৰোমাণ্টিক কাপল্ ৰ অভিনয়টো ভালদৰে য়ুনিভাৰ্ছিটিৰ সেই বিশাল মঞ্চখনত আগতীয়াকে কৰি আহিলো ।
এইফালে ভাৰ্ছিটি ৱিকৰ আগদিনা AT 9 হোষ্টেলৰো যেন তৰণি নাইকিয়া হৈছিল প্ৰত্যেকেই আমাক ভাগে ভাগে পৰামৰ্শ দিলে , এনে লাগিল যেন সকলোৱে যেন আমিয়েই জিকি অহাটো বিচাৰিছে , তেঁওলোকৰ আন্তৰিকতা খিনি সঁচাকৈয়ে বৰ আদৰুৱা আছিল । তথাপিও পিছে দেৱদাৰ গালি শুনিবলে নেৰিলো খেলি থাকোঁতে , কথা এটাও পাতিব নোৱাৰোঁ আমি , একদম ধমক লগাই আহে , আমিহে জানো ভলী মাৰি মাৰি আমাৰ হাতৰ অৱস্থা কি হৈ গৈছিল , একো ক’বও নোৱাৰি , কোনোবাই যদি ৰঙা পৰি উখহি যোৱা হাতখন দেখুৱাই অকণ সহমৰ্মিতাৰ আশা কৰে তেনেহ’লে হ’লেই আৰু সেইফালে , মৰমৰ মাত এষাৰ বাদেই ওলোটাই ভাল ধমকহে খাব লগীয়া হয় । গতিকে মৰম চেনেহ , আতৌ পুতৌ সকলো বাদ দি খেলত মনোযোগ দিয়াই আমাৰ কাম আছিল । ভাৰ্ছিটি ৱিক আৰম্ভ হোৱাৰ আগদিনা পিছে কথাবোৰ অলপ বেলেগ আছিল , দেৱদা প্ৰশান্তদাহঁতে আমাক বুজাই দিছিল খেলাৰ কিছুমান কিতিপ , লগতে নেখেলা সকলকো শিকাই দিছিল এক মহামন্ত্ৰ । যি মহামন্ত্ৰই বৰ উৎসাহ দিছিল সকলোকে আৰু সকলোৱে একেমুখে চিঞৰি উঠিছিল……
হিলৈ হিলৈ হিলৈয়া…….উ…..উ………উ……../ হিলৈ হিলৈ হিলৈয়া……
নহ’লে ,
RCC 4 up up / RCC 4 up up …..


ক্ৰমশঃ