জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৩৯

বিশ্ববিদ্যালয়ৰ পৰিৱেশত যিমানে পুৰণি হ’লো সিমানে ন ন অভিজ্ঞতা হ’ল , কাক ক’ত কেনেকে মাতিব লাগে , কেনেদৰে কথা পাতিব লাগে এই সকলোবোৰ নতুন হ’ল , লগতে চিনাকি মুখৰ সংখ্যাও দিনৌ বাঢ়িয়েই গ’ল । অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন মনৰ তেনেই কাষৰ হ’ল । ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি এঢাপ এঢাপকে আগবাঢ়ি যাবলে ধৰিলে , ভলীবল খেলিবলে আবেলি আবেলি চুবুৰীয়া হোষ্টেললে যাবলে মন উখল মাখল লাগি থাকে , দুদিনামনৰ পিছতে আকৌ বাস্কেট বল ক’ৰ্টলেও লৈ গ’ল , অলপ ওখপাখ ছোৱালীবোৰক প্ৰথমে বাস্কেট বল ক’ৰ্টলে নিয়াৰ লিষ্টখনত মোৰ নামটোও জিলিকি থাকিল । পিছে জীৱনত বাস্কেট বল চুই পোৱা নাছিলো , বাস্কেটবলৰ ক’চ্চ হৈ আহিল আমাৰ বন্ধু হোষ্টেলৰ কোনোবা এজন , বাস্কেট বলটো হাতত লৈ বাস্কেটটো চাই থাকোঁতেই মোৰ এপৰ যায়চোন , পাকৈত দাদাজনে যিহে কায়দাৰে বাস্কেট কৰে তাকে চাই বৰ ভাল লাগে , পিছে চেনিপুলত বহি আমাৰ খেল চাবলে অহা ল’ৰাবোৰ দেখিলে কিবা লাজেই লাগি যায় ।

আমাৰ সকলোৰে খেলৰ আখৰাত ভাগে ভাগে নামবোৰ সোমাই গ’ল , আৰম্ভণিতে প্ৰায় সকলো ছোৱালীকে লৈ যায় খেল শিকাবলে , পিছে যিসকলে ভালকৈ নেখেলে আৰু খেলাৰ আগ্ৰহ নেদেখুৱাই সেইসকলক লাহে লাহে চ’ছিয়েল চাৰ্ভিছত নিয়োগ কৰা হ’ল , বহুতে ভাল পালে প্ৰেক্টিচলে যাব নালাগে বুলি আৰু বহুতে আকৌ বেয়াও পালে লেতেৰা কাম চফা কৰিব লাগিব বুলি । পিছে ঢেকী স্বৰ্গলে গ’লেও ধান বানিব লাগিব বুলি কোৱা কথাষাৰ সঁচা প্ৰতিপন্ন কৰিবৰ বাবেই হ’বলা আমাৰদৰে কেইজনীমান নিৰ্দিষ্ট আৱাসীক সকলো খেলতে অন্তৰ্ভুক্ত কৰিলে নিৰ্বাচন সমিতিয়ে । কি ভলী কি বাস্কেট কি কাবাডী কি টাগ অৱ ৱাৰ কি চ’চিয়েল চাৰ্ভিছ সকলোতে আমি কেইজনী থাকিমেই মানে , নিজকে বাহুবলী নে বহুবলী যেন লাগিল , বেয়াও নালাগিল পিছে , সকলোবোৰ খেলৰ বাবে নিৰ্বাচিত লিষ্টত যেতিয়া নিজৰ নামতো দেখোঁ তেতিয়া ভালেই লাগি যায় অৱশ্যে । সেই বাহু নে বহুবলীকেইজনীৰ ভিতৰত জীনাক্ষি , ৰিতু , ডলী , ৰেশ্মা , ৰুণা , জ্যোতিশিখা , অমুকীৰ নাম থাকিবই ।

অকল খেলতেই নহয় , সাংস্কৃতিক বিভাগতো নামকেইটামান একেই থাকিল । লগতে আমাৰ হোষ্টেলৰ সান্ধ্য প্ৰতিযোগিতাবোৰো চলি থাকিল । প্ৰতিযোগিতাবোৰ ভাল লগা হৈ আহিল লাহে লাহে , আটাইতকৈ ভাল লাগিছিল বিয়ানামৰ প্ৰতিযোগিতাৰ দিনাহে , বিয়া নাম আছিল দলীয় প্ৰতিযোগিতা , আমাৰ ব্লকৰ দুটা দল , জীনাক্ষিয়ে আগৰেপৰাই অলপ ভাল গান গায় , তাই আগতীয়াকে মিতালী ডলী আৰু কোনোবা দুজনীমানক লৈ বিয়ানামৰ দল গঠন কৰিলেই , ইফালে উজনি অসমৰ হোৱাৰ সুবাদতে আৰু উজনিৰ বিয়ানাম ভাল বুলিয়েই তিৰু , লভিতা , গীতিমা , তুলিকা , ৰিতুহঁতে মোকেই দলপতি পাতিলে বিয়ানামৰ , তেতিয়াই নগদ ৫০ টকা খৰচ কৰি শৰৎ দা মোহনদাৰ পি চি অ’ ৰ পৰা মালে ফোন কৰি দৈয়ন দিয়াৰ পৰা আৰম্ভ কৰি জোৰোণীয়া , কইনা উলিওৱা , নোওৱা , হোমৰ গুৰিলে উলিওৱা , কইনা বিদায় দিয়াৰ সবৰে ভাগে ভাগে কইনাঘৰীয়া বিয়া নাম লিখি ল’লো , মায়ে প্ৰথম শাৰী কৈ দিলেই বাকীখিনি মনত পৰে বাবে বৰ বেছি দীঘলীয়া ফোন নোহোৱাকৈয়ে হ’ল ভাগ্যে । বেলেগ কোনোবাই শুনে বুলি ভয়তে ৰুণু বাইদেউৰ পি চি অ’ৰ পৰা ফোন কৰা নাছিলো সিদিনা , এসপ্তাহ ধৰি আমাৰ জোৰদাৰ বিয়ানামৰ আখৰা চলিল , আকৌ সেই কন্ফিডেন্স , আমিয়েই প্ৰথম হ’ম ছাগে , ইহঁতকেইজনীয়েও মনপুতি শিকিলে , গালে উজনিৰ বিয়া নাম ।

প্ৰতিযোগিতাৰ সন্ধ্যা আটাইকেইজনীয়ে যাৰ তাৰপৰা অনা পাটৰ কাপোৰ গহনা ভাগে ভাগে পিন্ধি একদম সাজু হৈ পৰিলো বিয়ানাম গাবলে , পিছে কিনো হ’ল জানো ….. বিয়ানাম পৰিৱেশনৰ নিৰ্দিষ্ট ঠাইখিনিত বহিয়েইচোন আকৌ পুৰণি বেমাৰটোৱে উক দিলে , মাথা মুণ্ড সব পাহৰি থাকিলো , কি গাম কেনেকৈ গাম সব পাহৰি গ’লো , ইফালে মোৰ কাষতে বহি থকা লভিতা আৰু পাছফালৰ ৰিতু আৰু তিৰুৱে খোঁচ মাৰি দিলে আৰু পাহৰি যাঁও , প্ৰথম কি নামেৰে যুৰিছিলো নামটো মনলে নহা হ’ল , লভিতাই কাণে কাণে ক’লে …

” মাছৰে চিকুণে মাগুৰ দৰিকণা ঐ ৰাম তাতোকৈ চিকুণে মোৱাহে / আইদেউৰে পদূলিত জোৰোণ ৰৈ আছেহি ঐ ৰাম আদৰি আনাগৈ যোৱাহে “

মনত পৰাৰ লগে লগেই গলহেকাৰি এটা মাৰি একদম খোলা গলেৰে বিয়ানামটি যুৰিয়েই দিলো , পিছে লগৰবোৰে নধৰিলে মোৰ লগে লগে , গোটেইকেইজনীয়ে বুজিয়েই নাপালে বিয়ানামেই গালো নে বিহুৱেই নে আন কিবা ? গোটেইকেইজনীয়ে খুকখুকাই হাঁহি উঠিলো , বিয়ানাম পিছৰকেইটা টানিটুনি গালোগে যদিও বিয়ানামৰ যজ্ঞহে কৰি আহিলো , কন্ফিডেন্স ফুউউচ………হৈ গ’ল লগে লগেই । পিছে ৰুমাভণ্টিহঁতৰ দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰাৰ লগতে ৰূমাই ওৰণিৰ তলেৰে যিহে কান্দিলে এনে লাগিল যেন কইনাহে উলিয়াই দিবলে লৈছো । প্ৰথম হোৱাৰ কন্ফিডেন্স টো ৰূমাভণ্টিহঁতৰ দলটোলে এৰি দিলো ।

ইফালে আবেলি আবেলি ভলী বল শিকিবলে যোৱাৰ ফুৰ্তিটো AT 9 হোষ্টেল গৈ পোৱাৰ লগে লগেই মোলান পৰি যায় , খেল শিকাবলে লোৱা দেৱদা আৰু প্ৰশান্তদাক দেখিলেই আমাৰ পেটতে হাত ভৰি লুকাই , যিহে দম দিয়ে আমাৰ জুনিয়ৰকেইজনীক …. দেৱদাই অলপ দম দিয়াৰ চলেৰে মাতে যদিও প্ৰশান্তদায়ে তাকো নামাতে , অকল চিনিয়ৰ ৰিমকিবা চিন্ময়ীবাহঁতৰ লগতহে ভালকে কথা পাতে । মৌন ওঁঠ মুখৰ হৃদয় হৈ চুপ চাপ বহি থাকোঁ গোটেই জুনিয়ৰকেইজনী , এনে হাঁহিবলে মন যায় কেতিয়াবা , পিছে জুনিয়ৰৰ খোলাটোৰ ভিতৰতে হাঁহো খুকখুকাই ….. বলবোৰ যেনিতেনি যোৱাৰ লগে লগেই আমাৰ চকুমুখবোৰো ঘুৰি ফুৰে , হাঁহিবোৰো মুখৰ ভিতৰতে উফৰি ফুৰে … এজনী এজনীকে মাতে আমাক শ্বট মাৰিবলে , পিছে অনভ্যস্ত হাতে যেনিতেনি বল ওফৰাই দিয়ে , তাকে দেখি দেৱদা একদম খঙতে ৰঙা পৰে আৰু আমাক চকু এফালে থাকিলে বল এফালে যাবই বুলি ধমক দিয়ে । লগে লগে জুনিয়ৰৰ খোলাটোৰ ভিতৰত সোমাই আকৌ ইন্ষ্ট্ৰাকশ্যন মতে ভলী বলটো হাতত তুলি লঁও ….একেচাতেই বল নেটৰ সিপাৰ…. দেৱদাৰ মুখত অলপ বেঁকা হাঁহি এটা বিৰিঙি যায় , প্ৰশান্তদাই কিপ ইট আপ কিপ ইট আপ বুলি হাত তালি বজায় …. মনত এটা সৰুকে কন্ফিডেন্স …… পিছে এইবাৰ সেই সদায় অহা কন্ফিডেন্সটো নহয় , এইবাৰ আহে সঁচা অৰ্থত কন্ফিডেন্স …. পাৰিম , পাৰিবই লাগিব , শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপ যে আনিবই লাগিব…

পিছে কৃষ্ণচূড়া নগৰীয়ে ৰং আৰু হাঁহিৰ মেলা পতাৰ সময়তে অভিমান হৈছিল মেঘৰ , বাৰিষাৰ ধল বাগৰিছিল সেইবাৰ , বৰুণ দেৱৰ প্ৰৱল বৃষ্টিপাত সেইবাৰ , কাৰো কাকুতিলৈ ভ্ৰুক্ষেপ নাই , সকলোকে তচনচ্ কৰি যোৱাৰ মন বৰুণ দেৱৰ , অসমখন বাৰিষাৰ বানে বুৰাই পেলোৱাৰ মন । সাক্ষী হৈ ৰ’লো ২০০৪ চনৰ সেই ভয়ংকৰ বানৰ , গৰম বন্ধ চলি থাকোঁতেই প্ৰলয়ংকাৰী বানে ধুৱাই গ’ল অসমৰ চুকে কোণে , কতজন গৃহহাৰা হ’ল , কতজন দিশহাৰা হ’ল তাৰ ঠিক নাই , গতিকেই ভাৰ্চিটি ৱিক পিছুৱাই গ’ল প্ৰায় এমাহ , হ’লেও আমাৰ হেঁপাহবোৰক বাৰিষাৰ বানে ধুৱাই নিব নোৱাৰিলে , হেঁপাহবোৰ তগবগীয়া হ’ল , মনবোৰ দৃঢ় হ’ল ।

ক্ৰমশঃ

Leave a Comment