জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪৭

চাৰিওফালে মাথোঁ প্ৰতিযোগিতা , য়ুনিভাৰ্ছিটিৰ আকাশে বতাহে ভাঁহি আহে কেৱল প্ৰাণোচ্ছল ডেকা গাভৰুৰ উৎসাহভৰা উশাহবোৰ । কোনেও হাৰ নামানে , কোনো ভাগৰি নপৰে , অন্তৰত এটাই বিশ্বাস সকলোৰে ‘ আমি পাৰিমেই , আমি পাৰিমেই ‘ । ভাৰ্ছিটি ৱিকৰ দুটা দিন কেনেকে পাৰ হ’ল গমেই নাপালো , মাৰ্চ পাষ্ট আৰু চ’ছিয়েল চাৰ্ভিছত পুৰস্কাৰ পাই আমি জোখতকে বেছিয়েই উৎফুল্লিত হৈ পৰিলো , কাজেই আমাৰ প্ৰতিপক্ষৰ কথা আওকাণ কৰিলো , আমি দ্বিতীয় তৃতীয় স্থান পোৱাৰ বিপৰীতে RCC 3 girls hall এ প্ৰথমস্থান পালে চ’ছিয়েল চাৰ্ভিছত । হোষ্টেলীয়া প্ৰতিযোগিতাৰ মাজতেই অভিন্ন বান্ধৱীহঁতৰ লগত বৰ বেয়াকৈ ফাট মেলিলে , দুবছৰমানৰ পৰাই শ্ৰেষ্ঠ হোষ্টেল হৈ থকাৰ সুবাদতে RCC 3 ৰ ছোৱালীবোৰ গপতে গংগাটোপটো হৈ পৰিল , আমিও ইজনীয়ে সিজনীক দেখিলে ভদ্ৰতাৰ খাতিৰতহে মাত এষাৰ লগোৱা হ’ল , পিছে হোষ্টেল ছেণ্টিৰ কথা আহিলে পাৰিলে মাতষাৰো নলগোৱা হ’লো । সেই লেবেল আছিল শ্ৰেষ্ঠ হোষ্টেলৰ লেবেল । থকাটোও স্বাভাৱিক । হোষ্টেলীয়া প্ৰতিযোগিতাত বহুতৰ বন্ধুত্বৰ অৱসান হঁও হঁও হ’ল যদিও কোনেও কাকো পাত্তা নিদিয়া হ’লোহঁত , নিজৰ হোষ্টেলৰ ছোৱালীবোৰৰ বাদে যেন আন কোনো আপোন নাইয়েই এনে ভাৱ হ’বলে ধৰিলে , সেইকেইদিনত আনকি ঘৰলেও বিশেষ ফোন চোন কৰা নহ’ল , ঘৰৰ পৰা অহা ফোনৰ সংখ্যাও কমি গ’ল । তাৰ মাজতে মোৰ ডাঙৰ পেহীৰ ছোৱালী মালাবাও হেৰাই গ’ল এক অচিন অসুখত , খবৰ পাইও দুখ কৰিবলেও যেন সময় নহ’ল , সৰুৰে পৰা বৰ অন্তৰংগকে পোৱা , পঢ়া শুনাত যত্ন লোৱা মালাবাৰ অচিন পথৰ যাত্ৰাত সমভাগী হ’বতো নোৱাৰিলোৱেই চকুপানী টুকিবলেও আহৰি নাপালো ।

ভাগে ভাগে প্ৰতিযোগিতাবোৰ হৈয়ে থাকিল বেলেগ বেলেগ স্থানত , প্ৰথমদিনৰ খেলাবোৰত আমাৰ হোষ্টেলৰ প্ৰদৰ্শন ভালেই আছিল , বাস্কেট বলৰ টিমৰ অত্যন্ত ভাল প্ৰদৰ্শন । আমাৰ হোষ্টেলৰ বাস্কেট বল আৰু ভলীবলৰ টিমটো বাকী হোষ্টেলৰ বাবে প্ৰত্যহ্বান স্বৰূপ হৈ পৰিল । ডিম্পীবায়ে মনৰ জোৰতে হ’বপায় দুখপোৱা ভৰিটো ভাল পালে আৰু বাস্কেট বল খেলিব পাৰিলে , মই বিকল্প খেলুৱৈ হিচাপে আছিলো যদিও খেলিবলগীয়া নহ’ল , বেয়া নাপালো , আমাৰ লগৰ জুলি , ৰেশ্মা আৰু ৰূণাই বৰ ভালকৈ খেলিছিল , যিমানেই পইণ্টচ্ পাই সিমানে আমি মূলমন্ত্ৰ সজোৰে আঁওৰাও ‘ RCC 4 up up ‘ অথৱা ‘ হিলৈ হিলৈ হিলৈয়া উহউউউ…..’ সমানে বাজি উঠে আমাৰ হাতৰ থালবোৰ , আমাৰ মিতালীয়ে থাল বজোৱাৰ সমানে থালৰ তালে তালে নাচিও উঠে , যেন পৃথিৱীৰ সমস্ত সুখবোৰ লুকাই আছে থালৰ শৱদতে । বাস্কেট বলত আমি অপৰাজেয় আৰম্ভণিৰেপৰা , কোনেও হৰুৱাব নোৱাৰিলে এদিনো এখনো খেলত । বাস্কেট বলৰ চেম্পিয়নৰ খিতাপ শিৰত লৈ কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন হৈ পৰিলো আমি ।

বাস্কেট বল বিজয়ী দলটোৰ সৈতে , জিকি অহাৰ পিছত হোষ্টেলত আনন্দোল্লাস । স্বৰ্ণালী , জ্যোতি , জুলি , চন্দনাবা , জুলি , ৰেশ্মা , হিমাদ্ৰি , তিৰু , ডিম্পীবা , ডলী , ৰিতু আৰু মই ( সেন্দুৰী বান্দৰীজনী মই )

আনহাতে ৰাতি ৰাতি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবোৰো হৈ থাকিল , প্ৰতিটো সন্ধ্যাই আকৰ্ষণীয় হৈ পৰিল আমাৰ বাবে , সকলোবোৰ অনুষ্ঠানতে ভাগ নল’লেও সকলোবোৰ অনুষ্ঠান চাবলে গৈছিলো হোষ্টেল প্ৰায় খালী কৰি । স্বৰ্ণালী আৰু মই ৰোমাণ্টিক যুটী কৰাৰ ৰাতিটো সদায় মনত ৰ’ব , সেইদিনা মই ল’ৰা আৰু স্বৰ্ণালী ছোৱালী হৈছিল , হোষ্টেলত উৰাই ঘুৰাই আখৰা কৰি যোৱাৰ পিছত আমি কিবা এটা পুৰস্কাৰ পামেই বুলি নিশ্চিতপ্ৰায় হৈ ষ্টেইজত উঠিলোগৈ , পিছে হোষ্টেলত কোনোদিন নহঁহা ছোৱালীজনীয়ে সেইদিনা চুপহী বুলি মাতিলেই খুক খুকাই হাঁহি উঠে , তাইৰ হাঁহি উঠা দেখি মই পুৰা নাৰ্ভাছ , হোষ্টেলত বনাই নিয়া স্ক্ৰিপ্ট তেনেই ওলোটা হৈ গ’ল , কি কৈছো আমি নিজেও নাজানো , মাথোঁ পৰিৱেশৰ লগত মিলাই সংলাপ দিয়াৰ চেষ্টা , এজনীৰো কথা খাপ নাখাই , শেষত দুয়োজনীয়ে ” এনে প্ৰেম নালাগে অ’ , আমি আৰু আজিৰপৰা দুয়ো দুফালে গতি কৰিলো , এইয়ে শেষ দেখা ” বুলি কান্দি কাটি ষ্টেইজৰপৰা প্ৰস্থান কৰিলোহঁত । স্বৰ্ণালীৰ হাঁহিবোৰ দূৰৈৰপৰা কান্দোন যেন লাগিছিল বুলিহে ভাগ্যে ৰক্ষা পৰিলো , ফলাফল আমাৰ শুন্য , একো নেপালো । চিনিয়ৰৰ গালি খাম বুলি ভয় খালো যদিও সিদিনা গালিও নাখালো । পিছে ষ্টেইজত স্বৰ্ণালীৰ ইমান হাঁহি উঠাৰ ৰহস্যটোহে আজিও বুজি নাপালো , হোষ্টেললে অহাৰ দিন ধৰি চিনিয়ৰৰ আগত নহঁহা ছোৱালীজনীয়ে গোটেই য়ুনিভাৰ্ছিটিক সাক্ষী কৰিহে হাঁহিম বুলি ৰৈ আছিল হ’বপাই ।

 কাবাডী আৰু ৰছী টনাত প্ৰথম ৰাউণ্ডতে ওলাইহে আমাৰ বিশ্বাসৰ ভেটিটো অলপ থৰক বৰক হ’ল , কাৰণ শ্ৰেষ্ঠ হোষ্টেলৰ খিতাপৰ দৌৰত আমাতকে RCC 3 girls এঢাপ আগুৱাই থাকিল আমাতকে , তথাপিও আমাৰ ভৰষা হিচাপে নাটক , দলীয় নৃত্য আৰু আটাইতকে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা থাকিল । ভলীবলতো আমি ছেমি ফাইনেল পালো , মিহিকে শ্ৰেষ্ঠ হোষ্টেলৰ আশা এটা থাকিল যদিও বুকুৰ ঢুকঢুকনিটো বাঢ়ি গ’ল । কিবাকে এই কেইটাত প্ৰথম হ’ব নোৱাৰিলে আমি ভাবি থকা কথাবোৰ ওলোটা হৈ যাব , শ্ৰেষ্ঠত্বৰ খিতাপটোও আমাৰপৰা দূৰ হৈ যাব । শেষৰ তিনিদিনলে মূল প্ৰতিদ্বন্দ্বী হোষ্টেল আমাৰ দুটাই থাকিল ।

ভলীৰ ছেমিফাইনেলৰ দিনা পুৱা এবাৰ প্ৰেক্টিচ কৰিবলে বুলি একদম ৪টা নাবাজোতেই উঠিলো , মনৰ মাজত অলেখ ভাৱৰ অগা দেৱা , তাৰ মাজতে মালাবালে বৰকে মনত পৰিল , মালাবাৰ বাখৰুৱা আখৰৰ চিঠি এখন পুৱাতে বাকচৰপৰা উলিয়াই লৈ পঢ়িলো , মনটো কেনেবা কেনেবা লাগি গ’ল , সমস্ত দুখবোৰ উজাই আহিল , ছাদলে গৈ ৰেইন-ট্ৰি জোপাৰ আঁৰ লৈ চিঞৰি চিঞৰি কান্দিবলে মন গ’ল , মালাবাৰ শিশুসুলভ হাঁহিটো আৰু ধমকভৰা কথাবোৰ মনত পৰি মনটো একেবাৰে সেমেকি গ’ল । পিছে হোষ্টেলৰ প্ৰতি কৰ্তব্য আৰু দায়িত্বই দুখবোৰ বুকুতে সামৰিলে , চকুপানীও চকুতে শুকাল , পিছে মনৰ থিৰতা বহুখিনি হেৰাল । ৰাতিপুৱাই খেলিবলে যোৱাৰ আগতে চাহ অকণ খাই যাবলে পানী উতলাঁওতেই কেনেবাকে অসাৱধান হাতটো লাগি চচপেনৰ উতলা পানী সোপাকে বাঁওহাতত পৰিল , অসহ্য বেদনাত চিৎকাৰ কৰি উঠিলো , ডিম্পীবা ধহমহাই উঠি মোৰ হাতটো দেখি ভয় খাই গ’ল , মুহুৰ্ততে হাতটো ক’লা পৰি জোলা বান্ধি ফুলি আহিল , ব্লকৰ প্ৰায় সকলোবোৰ উঠিছিলেই , কোনোবাই টুথপেষ্ট , কোনোবাই আলু কাটি , কোনোবাই বাৰ্ণল লগাই দিলেহি মোৰ হাতত , বুকুখন আকৌ বিষাই উঠিল , হাতটো দেখিয়েই খেলিবলেযে নেপাঁও ভালকৈয়ে বুজিলো । নাকৰপানী চকুৰপানী একাকাৰ কৰি ভয়ে ভয়ে মণিবাক হাতটো দেখুৱালোগে , একো নক’লে , বাৰ মুখত বিৰক্তি স্পষ্ট হৈ পৰিল , মোৰো খং উঠিল নিজৰ ওপৰতে , ইমান অসাৱধান কেনেকৈ হ’ব পাৰোঁ বুলি ! ৰিমকিবায়ে পিছে ভাল ধমক লগালে , খেলিব নোৱাৰা বাবে নহয় , সাৱধান নোহোৱাৰ বাবেহে ধমকি দিলে । সকলোবোৰ যেতিয়া AT 9 লে প্ৰেক্টিচৰ বাবে ওলাই গৈছিল , বাৰাণ্ডাত বহি চাই ৰৈছিলো কান্দি কান্দি , নিজৰ ভাগ্যক ধিয়াই । সেইদিনা কেৱল ভলীৰ ছেমি ফাইনেলেই নহয় ৰাতিলে নাটকো আছিল , উৱাদিহ হেৰাইছিল মোৰ । গোটেই পুৱাটো চকুপানী টুকি কটালো যদিও আগবেলা ছেমিফাইনেললে মইও ওলালো , খেলিব নোৱাৰোঁ যদিও উৎসাহ দিব পাৰিম , থাল বজাব পাৰিম , নিজৰ হোষ্টেলৰ বিজয়োল্লাস চাব পাৰিম । সঁচাকৈয়ে ছেমিত জিকি ফাইনেল পালো আমি , পোৰা হাতখন যেন পলকতে শুকাই গ’ল , বুকুৰ ঘাঁটুকুৰাও কৰ্কৰীয়া মাৰিলে , ফাইনেল খেলাৰ বাবে নিজকে সাজু কৰি ল’লো পিছদিনালে ।

ৰাতিলে আমাৰ নাটক , পোৰা হাতেৰেই মঞ্চত উঠিলোগে , আমাৰ ফালৰপৰা ১০০% দিয়াৰ চেষ্টা কৰিলো যদিও ক’ৰবাত কেনা লাগিল , আমি নাপালো । পিছে নাটকত পুৰস্কাৰ নোপোৱাৰ বাবে কোনোবাই আমাকে জগৰীয়া কৰিলে , মনটো দুখ লাগিল যদিও নিজৰ ভুল নাই বুলি বুজি বৰ এটা গুৰুত্ব নিদিলো । কেনা লাগিছিল আমাৰ ক’ৰবাত , এটা এটাকৈ আমি সকলোবোৰ হেৰুৱাইছিলো , নাটক , দলীয় নৃত্য ক’তো নেপালো , আমাৰ হোষ্টেলৰপৰা বড়ো সম্প্ৰদায়ৰ বৰদৈচিখলা নাচটো নাচিছিল , চুলি চুটি বাবে নচাৰ সুবিধা পোৱা নাছিলো যদিও নাচৰ ৰিহাৰ্চেল প্ৰায়ে চাই চাই পুৰস্কাৰ পাম যেন ভাৱ এটা আছিল , পিছে বিচাৰকৰ বিচাৰত বাচনি নোহোৱাত মনটো বৰ দুখ লাগিছিল , তাতে শ্ৰেষ্ঠত্বৰ খিতাপটোও দূৰ হৈ গৈ আছিল , তেতিয়া শেষ ভৰষা আছিল মাথোঁ ভলী আৰু সাংস্কৃতিক শোভাযাত্ৰা । বৰ আগ্ৰহেৰে ৰৈ থাকিলো পিছদিনালৈ । মাথোঁ কিছু পইণ্টৰ ব্যৱধানত আছিলো RCC 3 ৰ লগত । পইণ্টৰ ব্যৱধানে মনৰ ব্যৱধানো বঢ়াই তুলিলে ।

এটা মাথোঁ নিশা বাকী ৰ’ল ভাৰ্ছিটি ৱিকৰ অন্তিমটো দিনৰ আগত , হাতৰ পোৰণিৰ চেকচেকনিৰ দৰেই মনটোও চেকচেকাই থাকিল , ওৰে ৰাতি কাৰো শোৱা নহ’ল , চিনিয়ৰসকলে ভালকৈয়ে কিবা এটা বুজি উঠিছিল , আমাক মাতি নি পিছদিনাৰ সাংস্কৃতিক শোভাযাত্ৰাত আৰু ভলীৰ ফাইনেলত যাতে কোনোধৰণৰ খেলিমেলি নহয় তাৰবাবে সকীয়াই দিলে । মাজতে মোৰ হাতৰ খবৰটোও সকলোৱে লোৱাত বুকুৰ বিষটোৱে আকৌ উজাই আহিল । পিছদিনাৰ কথা ভাবি ভাবি নিদ্ৰাহীন এটি ৰাতি কটালো , সেই বিনিদ্ৰ ৰজনীত নাছিল কোনো অলসতা , নাছিল কোনো অৱসাদ , আছিল মাথোঁ খোলা চকুৰ কিছু সপোন , সপোন শ্ৰেষ্ঠ হোষ্টেলৰ ।

ক্ৰমশঃ

 

Leave a Comment