জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৪১

কৃষ্ণচূড়াৰ ৰঙাবোৰৰ স’তে আমি আগুৱাইছিলো , মনত হেঁপাহ , চকুত সপোন লৈ । জীৱন সুন্দৰ কৰাৰ সাধনাৰ দিন আছিল সেইবোৰ , সেয়েহে হয়তো দুখবোৰ সুখ হৈ কোলাতে সোমাইছিলহি , দুখ প্ৰকৃততে কি বুজি নোপোৱাৰ সময় আছিল সেইবোৰ । ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতি চলি থকাৰ মাজতে যে কিমানৰ হিয়া দিয়া নিয়াৰ চলিছিল তাৰ হিচাপ নাই , তাৰে কোনোজনে কৃষ্ণচূড়া নগৰীৰ প্ৰেমক কৃষ্ণচূড়া ৰঙৰ সাক্ষী কৰি জীৱন বাটত আগুৱালে আৰু কোনোজনে সেই সতেজতা বুকুত বান্ধি সোঁৱৰণীক সুমধুৰ কৰিলে । এনেবোৰ সময়তে আকৌ কিছুমান প্ৰেমিক পখীৰ নীড়ভংগও নোহোৱাকে নাথাকিল , আছিল তেনে আমাৰ একেবাৰে নিকটতম , আমাৰ বিভাগৰে । কলেজীয়া দিনৰ মৰমবোৰ বিশ্ববিদ্যালয়ত আহি আশাহত হৈছিল , দুয়ো আমাৰ ভাল বন্ধু , তেঁওলোকৰ প্ৰেম দেখি এটা সময়ত আমি আচৰিত হৈছিলো , এনেকৈয়ো ভাল পাব পাৰেনে কোনোবাই ! এনেকৈনো এজনে আনজনক ইমান বিশ্বাস কৰিব পাৰেনে ? বান্ধৱী আমাৰ হোষ্টেলতে আছিল , এদিন প্ৰেমিক বন্ধুৰ ওপৰত অভিমান কৰি গুচি গৈছিল , গুচি গৈছিল মানে একেবাৰে পঢ়া শুনা এৰি গুচি গৈছিল , হাজাৰ বুজাইও হাৰি গৈছিলো অভিমানী বান্ধৱীজনীক , প্ৰেমিক বন্ধুৱেও অৱশেষত হাৰ মানিছিল তাইৰ ওচৰত । তাহাঁতৰ ভালপোৱা , বিশ্বাস সকলোবোৰ কৰ্পুৰৰ দৰে নিঃশেষ গৈছিল । বান্ধৱীৰ তুলনাত বন্ধু যথেষ্ট সবল আছিল সেয়েহে নিজৰ জীৱনক আগুৱাই নিয়াৰ সিদ্ধান্ত লৈ নিজৰ স্থিতি , দায়িত্ব আৰু কৰ্তব্যত দৃঢ় হৈ ৰৈছিল । ইমান কি অভিমান কৰি আঁতৰি গ’ল মৰমী বান্ধৱীজনী আজিও আমাৰ বাবে সাঁথৰ হৈয়ে ৰ’ল ।

তাইৰ পিছে পিছেই গুচি গৈছিল আৰু এজনী মৰমলগা ছোৱালী আমাৰ হোষ্টেলৰ । ৰিমকি বাৰ ৰূমমেট জুনে হঠাতে সিদ্ধান্ত লৈছিল ঘৰলৈ ঘুৰি যোৱাৰ , কাকো জনোৱা নাছিল একো , যোৱাৰ আগদিনা আমাৰ ৰূমলে গৈ বহি আছিল বহুপৰ , কৈ গৈছিল তাইৰ মনৰ কথাবোৰ , জুন ক’ত আছে আজি নাজানো , খবৰ ৰখা নাই , তাইও মোৰ খবৰ লোৱা নাই । পিছে হোষ্টেল এৰি একেবাৰে গুচি যোৱাৰ আগদিনা তাই আগতকৈ আপোন হৈ পৰিছিল , কিবা যেন ক’ব খুজিছিল , ক’ব নোৱাৰিলে , মইও হয়তো পৰিৱেশ দিব নোৱাৰিলো একো কোৱাৰ । দুদিনমানৰ পিছত তাইৰ বিয়াৰ খবৰ পাইছিলো , মনৰ পৰাই প্ৰাৰ্থনা জনাইছিলো তাই সুখী হোৱাৰ , মনে বিচৰা ধৰণে জীৱনটো সুখেৰে সজাই তোলাৰ । সকলোবোৰ স্বাভাৱিক আছিল যদিও বহু সময়ত সাধাৰণভাৱে ল’ব নোৱাৰিছিলো কথাবোৰ , কিবা এটাই যেন ভিতৰৰপৰা দহি পুৰি নিছিল তথাপিও সময়ৰ অভাৱে আৰু জালুকবাৰীৰ চপলতাই সকলোবোৰ পাহৰাই ৰাখিছিল ।

তেনেতে ডিম্পীবায়ে এদিন বৰ ডাঙৰ কথা এটা ক’লে … কথাটো ডায়েৰীত লিখাৰ লগতে বুকুতো লিখি লৈছিলো , ইমান ডাঙৰ কথা অথচ ইমান সহজকে ক’লে বায়ে । বহুতৰবাবে সাধাৰণ যেন লাগিলেও এই কথাষাৰ মোৰ বাবে আজিও অসাধাৰণ , সেয়েহে হয়তো বুকুৰ বেজাৰবোৰ ওঁঠৰ হাঁহিতে লুকাই । সন্ধ্যা প্ৰেক্টিচৰপৰা আহি চাহ খাই থাকোঁতে হঠাতে ডিম্পীবায়ে ক’লে ..

” অ’ই শুনানা … মানুহবোৰে কিয়নো ইমান দুখ দুখকে থাকে অ’ !! মই যে বেছি টেনশ্যন ল’বই নোৱাৰোঁ জানানে ! আৰু এই দুখবোৰ উপলব্ধি কৰি থকাটো আটাইতকৈ ডাঙৰ দুখ নহয়নে বাৰু ?? “

উঃ কি কয় বায়ে ? কেনে বুকুত বহিব পৰা কথা এইষাৰ ? ভাবি চালো , হয়োতো দুখবোৰ উজাই থাকিব লাগে কিয় ? এইবোৰ আমাৰ জীৱন লগৰী কিয় হ’ব ? হাঁহিৰে জীৱন জিনিব বিচাৰিলে অসাধ্যই বা কি ? আচৰিত লাগিছিল ডিম্পীবাৰ মুখত এনে জীৱনবোধৰ কথা শুনি , যিজনী মৰম আকলুৱা ছোৱালীয়ে মাহঁতে ফোন কৰিলে আচৰিত হৈ সোধে ‘ মাহঁতে কি কথা পাতেনো বুলি ‘ সেইজনী ডিম্পীবায়ে জীৱনবোধৰ এনে এটা গম্ভীৰ কথা ক’লে আচৰিত নহৈ নোৱাৰি ।

জীৱনবোধৰ তত্বই গধুৰ কৰি থকাৰ সময়তে ভাৰ্ছিটি ৱিকৰ প্ৰস্তুতিও তুংগত চলি আছিল , খেলৰ সমানে সমানে নাটকৰো আখৰা চলিল , কবিতাবাৰ তত্বাৱধানত শ্ৰদ্ধাৰ নাট্যকাৰ অৰুণ শৰ্মা ডাঙৰীয়াৰ ‘পদ্মা কুন্তী ইত্যাদি….. ‘ নামৰ নাটকখনৰ আখৰা আৰম্ভ হ’ল । ৰুমা , তিৰু , ৰেশ্মা, হিমাদ্ৰী , ডলী , কবিতা বা আৰু মই অভিনয়ৰ বাবে নিৰ্বাচিত হ’লো । নাটকৰ আখৰা কৰাবলে আহিল কটনিয়ান বন্ধু মানস । নাটকখন কিবা এটা ভাল লগা নাছিল যদিও কৰি কৰি বেয়াও লগা নাছিল , লাহে লাহে সোমাই পৰিছিলো পদ্মাৰ চৰিত্ৰটোৰ মাজত , একাত্ম হৈ পৰিছিলো কুন্তীৰ স’তে । পুৱা ৩.৩০ বজাতে শুই উঠি প্ৰথমে মাপুই বাৰ লগত march past কৰিবলে যোৱাৰ পিছতে A T 8 boys hall ত গৈ কাবাডী শিকি দিনটো ক্লাছ কৰি আবেলি AT 9 ত ভলীবল শিকি আকৌ ৰাতি ১২ বজালৈকে নাটকৰ আখৰা কৰি পাৰ কৰা দিনবোৰ সোনকালেই শেষ হ’বলে ধৰিছিল ভাৰ্ছিটি ৱিক কাষ চপাৰ লগে লগে ।

‘ পদ্মা কুন্তী ইত্যাদি…..’ নাটকত আমি । তিৰু , ৰুমা , মণিবা , হিমাদ্ৰি , ৰেশ্মা আৰু পিছফালে মই । তলৰ খন ফটোত মাকৰ ৰূপত মই আৰু জীয়ৰী কবিতা বা

ভাৰ্ছিটি ৱিক কাষ চপাৰ লগে লগে আমি বহুবোৰ বন্ধু বান্ধৱী কাষ চাপি আহিছিলো , পিছে লোকৰ হোষ্টেলৰ কাৰোৰে লগত কোনোধৰণৰ আপোচ নাই লাগিলে যিমানেই বুকুৰ আপোন নহওক কিয় । ফলত দূবৰিৰ লগতো ব্যৱধান বাঢ়ি আহিল , কেৱল ক্লাছৰ বাহিৰে কোনোধৰণৰ যোগাযোগ নৰখা হ’লো আমি ইজনীয়ে সিজনীৰ লগত , তথাপিও মনৰ দূৰ হৈ নাপালো কোনোদিন । মাজে সময়ে ৰুণুবাইদেউৰ পি চি অ’টোৱেই আমাৰ যোগাযোগৰ ঠিকনা হৈ পৰিল । ইফালে বেষ্ট হোষ্টেলৰ দৌৰটোত আমাৰ মূল প্ৰতিদ্বন্দ্বী হোষ্টেল পলিহঁতৰ RCC 3 । গতিকেই পলিৰ লগতো যোগাযোগ একেবাৰেই কমি গ’ল ।

ক্ৰমশঃ

Leave a Comment