জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৫৯

১৮ নৱেম্বৰ ২০০৪ , বৃহস্পতিবাৰ ;

সিদিনা আছিল ২০০৪ চনৰ নৱেম্বৰ মাহৰ ১৮ তাৰিখ বৃহস্পতিবাৰ । সেইদিনটো জীৱনৰ স্মৰণীয় দিনবোৰৰ ভিতৰত এটা হৈ ৰ’ব , সিদিনাখন আমাৰ সংস্কৃত বিভাগৰ চিনিয়ৰ সকলৰ আনুষ্ঠানিক বিদায়ৰ দিন আছিল ডিপাৰ্টমেণ্টৰপৰা আয়োজন কৰা । আয়োজক আমি , আমাৰ ব্যস্ততাৰ অন্ত নাই , ভাল লগাবোৰৰ স’তে বেয়া লগাবোৰেও বুকুত ভিৰ কৰিছিলহি । চকুত পুনৰ আন এখন ছবিয়ে ভৰ কৰিছিলহি , এবছৰৰ পিছৰ ছবি খনে , আমাৰ চিনিয়ৰসকলে আমালৈ চাই মৰা উদাস হাঁহিটোৰদৰেই হাঁহি এটা দুওঁঠৰ ফাঁকেৰে সৰি পৰিছিল , হয়তো কোনোবাই জানিছিল , কোনোবাই দেখিছিল , সকলোৰে হয়তো একেই হৈছিল । গতানুগতিকতাক পৰিহাৰ কৰি সেইবাৰ প্ৰথমবাৰলৈ আমি আমাৰ ডিপাৰ্টমেণ্টৰ এইটাে অনুষ্ঠান আয়োজন কৰিছিলোঁ নতুন ফেকাল্টি হাউচৰ কেণ্টিনৰ লগত থকা প্ৰেক্ষাগৃহটিত । সজাই পৰাই তুলিছিলোঁ আমি বৰ সুন্দৰকৈ প্ৰেক্ষাগৃহটি , সকলোৰে সহযোগিতা আছিল অত্যন্ত আন্তৰিক । আমাৰ চিনিয়ৰসকলৰ সকলো আহিছিলেই লগত আহিছিল কিছু নতুন চকু মুখ , চকুত সপোন বুকুত হেঁপাহ লৈ যেনেদৰে আমি আহিছিলোঁ এবছৰৰ আগতে । তিনিটা বৰ্ষৰ ছাত্ৰ ছাত্ৰী , শিক্ষক শিক্ষয়িত্ৰী , অতিথি সকলোৰে সক্ৰিয় সহযোগিতাত অনুষ্ঠানটি আকৰ্ষণীয় আৰু আটকধুনীয়া হৈ উঠিল ।

সেইবছৰেই আৰু পঞ্চকন্যা আহিছিল সংস্কৃত বিভাগলৈ , ঠিক আমাৰদৰেই , তেঁওলোক যে আমাৰ অতিকে আপোন ,তাতে দেৰগাঁৱৰ । আটাইকেইজনী ইজনীতকে সিজনী চৰা , অতি পাৰদৰ্শী । চকুত জালুকবাৰী ৰংবোৰে ভিৰ কৰা পঞ্চকন্যা আছিল গীতাৰ্থী , অৰ্পিতা , মৌচুমী , মনীষা আৰু আশাজ্যোতি । পাঁচোজনীৰ কণ্ঠও অতি সুন্দৰ , নীলাক্ষিবায়ে তেঁওলোকৰ ফালৰপৰা ডিপাৰ্টমেণ্টলৈ বুলি আগবঢ়াইছিল বহুখলপীয়া চাকি এগছ , সেই গছিতেই শিক্ষক সকলে বন্তি প্ৰজ্বলন কৰাৰ সময়তেই নতুনকৈ অহা পঞ্চকন্যাই শুৱলাকৈ সমবেতভাৱে গাইছিল ” দীপং জ্যোতি পৰম্ ব্ৰক্ষ / দীপং জ্যোতি জনাৰ্দনঃ…..” প্ৰেক্ষাগৃহটি কাঁহ পৰি জীণ গৈছিল সেই সময়ত , সকলোৰে বুকুবোৰত ৰুৰুৱাই বাজি উঠিছিল ভিন্ন ভিন্ন সুৰ সেই শ্লোকটিৰ লগতে , বিৰহৰ , নতুনত্বৰ , সপোনৰ সুৰ হৈ বাজি উঠিছিল হিয়াৰ কোণে কোণে , ভাগে ভাগে ।

সভাত সিদিনা তেঁওলোকক সময় দিয়া হৈছিল , আমাৰ অনুষ্ঠান তেনেকৈ নাছিল , আমি বিচাৰিছিলোঁ তেঁওলোকৰ মৰম ভালপোৱাবোৰ মাথোঁ গীতেৰে সুৰেৰে । নৱদায়ে যেতিয়া বাঁহীত সুৰ তোলে সেই সময়ত দাদাই যেন পৃথিৱীখন পাহৰি যায় , লগতে শ্ৰোতাৰো একে গতিয়েই হয় , সিদিনাৰ সুৰ যেন অলপ বেলেগ আছিল , অলপ বেছিকৈয়ে কৰুণ হৈ পৰিছিল বাঁহীৰ সুৰটো । আৰু আগলৈ নৱদাৰ বাঁহীৰ মাত শুনিবলৈ নোপোৱাৰ দুখে বুকুখন হাঁহাকাৰ কৰি উঠিছিল সকলোৰে , ইটোৰ পিছত সিটোকৈ সুৰ তুলিছিল দাদায়ে বাঁহীত ‘ কপৌ ফুলে নুশুৱাই ‘ , ‘ শুন শুন ৰে শুন বৈৰী প্ৰমাণা ‘ ইত্যাদি । দোষ্টী প্ৰাণজিৎ দা আৰু আত্ৰেয়দাৰ দ্বৈত কণ্ঠৰ সেই সুমধুৰ গীতটো গাইছিল আমাৰ বাবেই , কেনে সুমধুৰ , কিযে যুগলবন্দী তেঁওলোকৰ । পাৰ হৈছিল তেনেকৈয়ে এটা এটা অনুষ্ঠান । সকলোৰে চকুবোৰ সেমেকি উঠিছিল , কথা ক’বলে যেন কোনোৱেই উঠি যাব পৰা নাছিল , বুকুত কঢ়িয়াই ফুৰা দুখবোৰ চকুপানী হৈ গলিছিল সেইদিনা তেঁওলোকৰ , লগতে আমাৰো ।

পাৰ হৈ যোৱা প্ৰতিটো মুহুৰ্তই যে আছিল আমাৰ বাবে বিশেষ , চিনিয়ৰ জুনিয়ৰৰ ব্যৱধানটো যে নাছিলেই একেবাৰে আমাৰ মাজত । পাপৰিবা , আশাবা , বিন্তীবা , ডিম্পীবা , জুৰিবা , গায়ত্ৰীবা , মিতালীবাহঁতৰ চকুপানীবোৰ এক হৈছিল তেঁওলোকৰ বিদায়ৰ সময়ত , গালে গালে বৈ পৰা চকুলোবোৰ বুকুৰে বৈ গৈছিল সকলোৰে । আৰু সুমন দা ? সুমনদাক মাতিব পৰা নাছিলোঁ , কটনৰে চিনিয়ৰ সুমনদাৰ আশ্বাসৰ হাতখন সিদিনাৰপৰাহে একেবাৰে আঁতৰ হ’ব যেন লাগিছিল , সুমনদায়ে কিন্তু স্বভাৱসুলভ হাঁহিটোৰেই নীৰৱে চকুৰেই যেন আমাক বুজাইছিল ‘ মই সদায় আছোঁ তোমালোকৰ লগত , ভালে থাকা মাথোঁ ‘ । সুমনদাৰ ওচৰত সিদিনা আব্দাৰ ধৰিব পৰা নাছিলোঁ একো কথাৰে , মাতষাৰ লগাবলৈও যেন কষ্ট হৈছিল , ডিঙিটো বিষাই উঠিছিল , সেয়াই হয়তো শোকে খুন্দা মাৰি ধৰা বুলি কয় । অৱনদা প্ৰথম দেখাৰেপৰাই আপোন , সিদিনা আৰু আপােন হৈ পৰিছিল , ৰাস্তাত কাম কৰি থকা সেঙুননকীয় কেঁচুৱা এটাকো বুকুৰ উমেৰে সাৱটি লোৱা অৱনদায়ে পিছে মাত নলগোৱাকৈয়ে গুচি গৈছিল আমাক , তেঁওৰদৰেই বহুত গুচি গৈছিল মাত নলগোৱাকৈয়ে , বুকুত আকৌ গোট মাৰিছিল চকুলোবোৰ । গান বলীয়া ল’ৰাটোৰ চকুযুৰিৰ লগতে বুকুখনো সেমেকি উঠিছিল , সিদিনাৰ চকুহালি আছিল বৰ উদাস , বৰ শান্ত ।

সকলো গৈছিলগৈ , শিক্ষকসকলো গৈছিলগৈ আমাক প্ৰশংসাৰে ওপচাই । আগতেও ভাল হয় সকলো অনুষ্ঠান , তথাপিও সেইবাৰ হেনো বেছি ভাল হ’ল । আমিও সিদিনাৰপৰাই পিন্ধি ল’লোঁ চিনিয়ৰৰ চোলা আৰু নতুনকৈ অহা বোৰ সোমাই পৰিল সেই একেই জুনিয়ৰৰ খোলাটোৰ ভিতৰত ।

বিদায়োৎসৱৰ শেষত আমি চিনিয়ৰলৈ উন্নীত হোৱা গেংটোৰ একাংশ

” কিমান অচিনাকিৰ স’তে / চিনাকি হোৱাৰ পিছতো / সহজ হ’ব পৰা নাই ক’তো / বচাব খুজিও , বচাব পৰা নাই কাকো / কথা দি ৰাখিব পৰা নাই কথা ॥ ” সভাখনৰ পিছত শ্ৰদ্ধাৰ কবি সমীৰ তাঁতী ডাঙৰীয়াৰ এই কবিতাৰ পংক্তিটোৱেই মন মগজুত ঘুৰি থাকিল , সঁচাকৈয়ে কিয় হয় বাৰু এনেকুৱা ? কিয় আমি ৰাখিব নোৱাৰোঁ কথা ? কিয় আমি সময়ৰ লগে লগে পাহৰোঁ নিজৰ এসময়ৰ লগবোৰৰ কথা ? কিয় ? বিদায় বালাৰ দুখবোৰত একাত্ম হৈ বন্ধু অংশুমানে কৈছিল পিছৰ বছৰৰ বিদায় সভালে নহাৰ কথা । পিছৰ বছৰ ! আমাক বিদায় জনোৱাৰ দিনা ! এবছৰৰ আগতেই বিদায় বেদনাৰ বুকুভগা অনুভৱ ! নাঃ , নোৱাৰিচোন একো ভাবিব ।

ডিম্পীবা বিহীন ৰূমটোত শান্তিৰে শুবও পৰা নাছিলোঁ , বিদায়সভাৰপৰাই বাহিৰে বাহিৰে বা গৈছিলগৈ ঘৰলৈ , সেইবাৰ হেনো ডিম্পীবায়ে এখন চিঠি লিখি দেউতাকক সকলো কথাই কৈ দিছিল ,কৈ দিছিল ভৱেনদাৰ অবিহনে কাকো যে বুকুৰ আপোন কৰি ল’ব নোৱাৰে , দেউতাইও হেনো এখন চিঠিৰেই প্ৰত্যুত্তৰ দিছিল বাক , বায়ে মোক ক’ব পৰা নাছিল কি লিখিছিল দেউতায়ে তেঁওলৈ । বহু কথাই বুজি উঠিছিলোঁ ডিম্পীবাৰ , বা বৰ আৱেগিক হৈছিল , জীয়ৰী জীৱনৰ শেষ দিনকেইটা প্ৰাণভৰি দেউতাকৰ লগত কটাব বিচাৰিছিল হাঁহি আৰু মৰমেৰে । আনফালে মোৰ অৱস্থা বেয়া হৈছিল , পাহৰাব খুজিও পাহৰিব পৰা নাছিলোঁ ৫ নৱেম্বৰৰ দিনটোৰ কথা , আমাৰ প্ৰিফেক্ট চিলেক্শ্যনৰ দিনটোৰ কথা । কিয় আৰু কোনে নাজানো মোৰ নামটো প্ৰস্তাৱ কৰিছিল প্ৰিফেক্টৰ বাবে , যাৰ বাবে মই প্ৰস্তুত নাছিলোঁ কোনোদিন , যিটো কথা হোষ্টেলৰ বিদায়সভাৰ বহু আগৰেপৰাই আলোচিত হৈ আহিছিল , তেতিয়াতো শুনা নাছিলোঁ কেতিয়াও মোৰ নাম , দুই একে জোকাই কোৱাটো আছিল বেলেগ কথা । তেতিয়ালৈ আমাৰ চিনিয়ৰ বহুখিনি গুচি গৈছিল , আহিছিল কেইবাটাও ৰূমলৈ জুনিয়ৰ । তেঁওলোকৰ বুকুৰ ঢুকঢুকনিটো যেন মইও শুনিবলৈ পাইছিলোঁ , ঠিক মোৰ দৰেই অনুভৱ কৰিছিলোঁ পিৰিক পাৰাক চকুবোৰৰ , উজ্বল মুখবোৰৰ আৰু ভেলেঙী হাঁহিবোৰৰ অকথিত ভাষাবোৰ ।

মণিবায়ে দায়িত্ব অৰ্পণ কৰিছিল লীলাৱতী বাইদেউক , বাইদেউৱে আমাক জনাইছিল আমাৰ মাজৰ পৰা প্ৰিফেক্ট নিৰ্বাচন কৰি নামটো তেখেতক জনাবলৈ । আমি ফ’ৰ্থ ব্লকৰবোৰ আকৌ অলপ বেছিয়েই উদাস আছিলোঁ জিনাক্ষিক বাদ দি , তাই পিছে নিজৰ বুদ্ধিৰ ক্ষিপ্ৰতাৰে বুজিছিল সকলো । ৫ নৱেম্বৰৰ গধূলি কেৱল আমাৰ লগৰবোৰৰ এখনি সভা হ’ল প্ৰাৰ্থনাৰ পিছতে , ৰেশ্মা ডলিহঁতে ৰূণাৰ নামটো প্ৰস্তাৱ কৰিলে প্ৰিফেক্টৰবাবে , পিছে আধাতকৈ বেছি আৱাসীয়ে সমৰ্থন নজনালে , তেঁওলোকৰ মাজৰ কোনোবাই প্ৰস্তাৱ কৰিলে মোৰ নাম , মোৰ নাম প্ৰস্তাৱ কৰাৰ লগে লগেই হোষ্টেলটোৰ মনবোৰ দুভাগ হ’ল , ছোৱালীবোৰৰ কি হ’ল নাজানো , কোনেও কাৰো কথা নুশুনা হ’ল । অঁকৰাৰদৰে ভেবা লাগি চাই থাকিলোঁ মাথোঁ , পিছে নিজৰ ফালে পাল্লা ভাৰী দেখি হঠাতে মনটো সলনিও হ’ল , নিজৰ নামটো প্ৰিফেক্টৰ পদৱীত ৰাখি ভালো লাগিল । পিছে কথাবোৰ তেনে নহ’ল । দুটা দলত ভাগ হোৱা ছোৱালীবোৰে হেঁচা দিলে প্ৰিফেক্ট নিৰ্বাচন হোৱাত , হাঁহাকাৰ কৰি উঠিল বুকুখনে তেনে নকৰিবলৈ । বাৰে বাৰে বাধা দিলোঁ লগৰবোৰক , মই জানিছিলোঁ মোৰ অন্তৰৰ একান্ত ইচ্ছা যেনেদৰে বিফলে নাযায় , তেনেদৰে হাঁহাকাৰ আৰু দুখভৰা অশুভ শক্তিবোৰো বিফলে নাযায় , দুখৰ আৰু অসফলতাৰ আগজাননী দিয়ে ডিঙি চেঁপা মাৰি ধৰা বুকুৰ বিষ এটাই । জানিছিলোঁ কথাবোৰ ভাললে হোৱা নাছিল ।

পিছে মনা নাছিল কোনেও মোৰ কথা , মোৰ হৈ মোক বুজি পোৱা নাছিল কোনেও , সকলো নিজৰ মতত অটল হৈ ৰৈছিল । পিছদিনালৈ ভোট হৈছিল আমাৰ মাজত , আধাতকৈও বেছি ছোৱালীৰ মন পাইছিলোঁ যদিও ভোট হ’লে পোৱা নাছিলোঁ , ভোট পাইছিলোঁ মুঠেই ৬ টা , নিজৰ ব্লকৰে দুজনীমানে ভোট নিদিলে চাগে । ইমান যদি সমৰ্থন নাছিল আন্তৰিক , তেন্তে কিয় হুলস্থুল হৈছিল আগদিনা বুজিবই নোৱাৰিলোঁ । পৰাজয়ৰ গ্লানি অলপো নাছিল , দুখ লাগিছিল মাথোঁ লগৰ বহুতৰে আন্তৰিকতাহীন মৰমৰ প্ৰকোপত । কোনে কোনে ভোট দিছিল জনাই দিছিল সমজুৱাকে বৰ বিদ্ৰূপেৰে লগৰে এগৰাকীয়ে , তেতিয়াযে বুকুখন সঁচাকৈয়ে একেবাৰে ভাগি পৰিছিল । গৰিষ্ঠ সংখ্যকেই ৰূণাক ভোট দিছিল , সুখী হৈছিলোঁ , ৰূণা যোগ্য আছিল , তাইক শুভেচ্ছা জনাই একান্তই লগৰী ছাদখনৰ মোৰ আপোন গছজোপাৰ পাতবোৰৰ মাজতে লুকাই উচুপি উঠিলোঁ বহুপৰ । বহু ৰাতিলৈকে , বিচাৰি অহা নাছিল কোনেও , হয়তো অকলশৰে থাকিবলৈ সময় দিছিল অথৱা প্ৰয়োজনবোধ কৰা নাছিল ।

ক্ৰমশঃ

Leave a Comment