জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৬০

আকৌ সহজ হৈছিল কথাবোৰ , আচলতে সহজকে ল’বলৈ শিকিছিলোঁ বহুবোৰ কথা । এইক্ষেত্ৰত ৰিমকিবাৰ প্ৰেৰণা আছিল প্ৰভূত , বায়ে কোনোদিনেই কোৱা নাছিল যদিও তেঁওৰ কথা কাণ্ড দেখি দেখিয়েই সহজ হৈছিল কথাবোৰ , ভাৱবোৰ । আৱেগৰ লেকামডাল মুকলি নোহোৱাকৈ নিয়ন্ত্ৰণ কৰিবলৈ সময়ে শিকাই গৈছিল । ৰূণাৰ নেতৃত্বত আমাৰ হোষ্টেলৰ কাম কাজ নিয়াৰিকৈ চলিবলৈ ধৰিলে , তাই কম সময়ৰ ভিতৰতেই যোগ্য প্ৰিফেক্টৰ সকলোবোৰ গুণ আয়ত্ত কৰি ল’লে , আনফালে দূবৰিহঁতৰ হোষ্টেলৰ প্ৰিফেক্ট হ’ল দূবৰি । বেয়া লগা কথাবোৰ মনৰপৰা দূৰলৈ আঁতৰাই কৃষ্ণচূড়াৰ দেশত কেৱল ৰংবোৰৰ স্মৃতি বুকুত সজীৱ কৰি ৰাখিবলৈ যত্নপৰ হ’লোঁ । আমাৰ ডিপাৰ্টমেণ্টৰ চিনিয়ৰসকলৰ বিদায়সভাৰ দিনাই আমি সম্পূৰ্ণ চিনিয়ৰৰ মৰ্যাদা পালোঁ যদিও সঁচা অৰ্থত চিনিয়ৰ চিনিয়ৰ ভাৱটো মনলৈ আনিব নোৱাৰিলোঁ পিছে , কিয় জানো জুনিয়ৰৰ খোলাটোৱেই চোন ভাল লগা আছিল মোৰ বাবে । কুৰুকি কুৰুকি যে সোমাই থাকিব পাৰি খোলাটোত কেঁকোৰাৰ দৰেই মন গ’লেই , শেনচকুৱে চাই থাকিলেও যে খোলাটোৰ পৰা নিজেই নেদেখাকে লুকুৱাই ৰাখিব পাৰি নিজকে , ইমানযে নিৰাপত্তা অনুভৱ কৰিছিলোঁ সেই খোলাটোৰ ভিতৰত ।

কথাবোৰ সলনি হৈছিল , তেতিয়া সেই খোলাটোৰ পৰা ওলাই আহি পূৰ্ণতা প্ৰাপ্তিৰ সুখত সুখী হৈ আকৌ যে খোলাৰ মাজত থকাবোৰক অনুশাসন আৰু মৰমৰ জৰীডালেৰে আটোলটোলকৈ বান্ধি ৰখাৰ সময় আহিছিল । লাহে লাহে হোষ্টেলৰ সেই বিশাল চৌহদৰ গেইটৰ মাজেৰে সোমাই আহিছিল এখন এখনকৈ অ’টো , কোনোখন যদি RCC 5 ৰ গেইটত ৰৈছিলহি , কোনোখন আকৌ AT 10 ৰ গেইটৰ সন্মুখত । সেইদুটা হোষ্টেলৰ গেইটত নোৰোৱাকেইখন ৰৈছিলহি আমাৰ হোষ্টেলৰ বগৰীজোপাৰ গেইটৰতলত । চেলোৱাৰ কামিজ ৱিথ দোপাত্তা পৰিহিতা অকণমানি যেন লগা পিৰিক পাৰাক চকুৰে হোষ্টেলৰ ফালে কেৰাহিকৈ চাই তলমুৱা হোৱা , মুখত অজান-অনামী ভাৱ এটাই বিহ্বল কৰি তোলা মৰমলগা ছোৱালীবোৰে খপজপকে হ’ল্ডৌলটো লৈ সোমাই আহিছিল গেইটৰ ভিতৰেৰে , তাহাঁতৰো লক্ষ্য আছিল সেই একেই ফাৰ্ষ্ট ব্লক , ৰূণাৰ ৰূম থকা ব্লক , বুকুত চাগৈ সেই একেই ঢুকঢুকনি । বাহিৰত ৰ’দ লৈ থকা চিনিয়ৰ কেইগৰাকীৰ ( আমাৰ লগৰ ) কাষেৰে সমীহেৰে ভয় ভয়কৈ সোমাই আহিছিল হোষ্টেলৰ ভিতৰলৈ । কথাবোৰৰ যেন পুনৰাবৃত্তি হৈছিল , চলি থকা ৰিলটো যেন বেকৱাৰ্ড ম’ডত ঘুৰিছিল পুনৰ , মাথোঁ সলনি হৈছিল মুখবোৰ , চকুবোৰ । চকুৰ চাঁৱনি আৰু মুখৰ ভাষা হ’লে একেই আছিল ।

আবেলি ক্লাছৰ পৰা আহি অকলশৰীয়া হঁও বাবে প্ৰায়ে লভিতাৰ ৰূমত বহি থাকোঁ জীনাবাৰ স’তে , জীনাবাহঁতৰ পৰীক্ষা হোৱা নাছিল বাবে যোৱা নাছিল বহুদিনলে । জীনাবা নথকা ৰূমটোলে আহিছিল লভিতাৰ ৰূমমেট হৈ তুলিকা , জিনাক্ষি ওলাই যায় আবেলি প্ৰিয়জনৰ সৈতে জালুকবাৰী বিলাসত , খোজ কাঢ়ে দুয়ো কৃষ্ণচূড়াবোৰৰ তলে তলে , পিছে হাতে হাত ধৰি নাযায় দুয়ো , মনৰ মিলেৰে আগুৱাই সাতে সোতৰই মিলাই লৈ । মোৰ ৰেইন-ট্ৰি জোপা হৈ পৰে একেবাৰেই আপোন । ডিম্পীবা যোৱাৰ অলপদিনৰ পিছত মোৰ ৰূমত বস্তু থ’বলে আহিছিল এজনী মৰমলগা ছোৱালীয়ে , নাম তাইৰ অঞ্জু সিং , মৰমতে চুন্নী , পিছে চুন্নী অহা নাছিল তেতিয়ালৈকে , গতিকেই অকলশৰীয়া সময়বোৰত সেই গছজোপাই আছিল মোৰ পৰম মিত্ৰ , চাই থাকোঁ , কেৱল চাই থাকোঁ । হেঁপাহ নপলোৱালৈকে চাই থাকোঁ । তেনেকুৱাতে লভিৰ ৰূমত বহে চাহৰ আড্ডা , আড্ডাৱাজ দগাৱাজ কেইটা আছিলোঁ প্ৰায়ে লভি , তিৰু , ৰিতু , তুলি , গীতি আৰু মই । তাৰপৰাই দেখোঁ আশাভৰা চকুৰে ভয়াৰ্ত চাঁৱনিৰে সোমাই অহা আমাৰ জুনিয়ৰ বোৰক । ভাল লাগিছিল চিনিয়ৰ বুলি ডেমাকী এটা মাৰিব পাৰিম বুলি , পিছে ফ’ৰ্থ ব্লকৰ চিনিয়ৰ আমি , আমি যে নিশিকিলোঁ আমাৰ চিনিয়ৰৰ পৰা জুনিয়ৰৰ ওপৰত দম্ভালি দেখুৱাবলে , পাৰিমনে আমি জুনিয়ৰ বোৰক চম্ভালিবলে ??

ৰুনু বাইদেউৰ পি চি অ’ৰপৰা ওলাই হোষ্টেলত সোমাব খোজোঁতেই এখন অ’ট ৰৈছিলহি ঠিক মোৰ কাষতে , কোনোবা জুনিয়ৰ হ’ব চাগে বুলি পাৰ হৈ যাব খোজোঁতেই দেউতাৰ মাতটো শুনি থমকি ৰৈছিলোঁ , পিছে দেউতা নাছিল , কিন্তু দেউতাক আছিল । দেউতাৰ প্ৰায় সমবয়সীয়া দেউতা এজনেই থ’বলে আহিছিল দুইনম্বৰ জীয়েকক , অকণমানি ছোৱালীজনীক দেখিলে নাইন টেনত পঢ়ি থকা যেনহে লাগিছিল পিছে । তেখেতৰ মাজনী সম্বোধনটোত বুকুখন ভৰি আহিছিল , আথে বেথে বহুৱাবলে মন গৈছিল দেউতাৰদৰেই । পিছে ছোৱালীৰ হোষ্টেল । ছোৱালীজনীক যেন গটাই থৈহে গৈছিল মোৰ হাতত , ভৰষা কৰি গৈছিল , জীয়েকক যেন ডাঙৰ বায়েকৰ ওচৰত থৈ নিঃশ্চিন্তমনেৰে উভটি গৈছিলগৈ প্ৰথম দেখাতে শ্ৰদ্ধা ওপজা মানুহজন । তাইৰ নমটো জ্যোতিৰূপা গগৈ , নামটোৰ লগত মিলি যোৱা জেউতিৰে তাইৰ চকুহালি উজলি উথিছিল , কিয় জানো নামটো কিবা মুনমুনি হ’লে ভাল লাগিব যেনহে লাগিছিল পিছে । কেঁকোজেকোকৈ বেগবোৰ উঠাই লৈ যোৱা ছোৱালীজনীলৈ বেয়া লাগি বেগকেইটা ডাঙি নিছিলোঁ ওপৰলৈ তাই বাৰম্বাৰ মানা কৰা সত্বেও , তাইও জানিছিল হোষ্টেলৰ নিয়ম । তথাপিও দেউতাকৰ আকূতিভৰা মুখখনত দেউতাক দেখাৰ দৰেই লাগিছিল বাবে তাইক অকলে বেগবোৰ উঠাই নিবলে দিব পৰা নাছিলোঁ , তাই সোমাইছিলগৈ জিনাক্ষিৰ ৰূমত , তাইৰ বেগ এটা কঢ়িয়াই নিয়া দেখি মোৰ লগৰ এগৰাকীয়ে আকৌ সেই একেই বিদ্ৰূপভৰা মাতটোৰে কাণৰ কাষে কাষে কটাক্ষ কৰি গ’ল ” ঐ মক্কেলামি আৰম্ভ নকৰিবি দেই আৰম্ভণিতেই ” । পিছে থমকি ৰোৱা নাছিলোঁ অথৱা চকুপানীও ওলোৱা নাছিল , ওঁঠৰ ফাঁকেৰে সৰি পৰিছিল হাঁহি এটা জান নেজানকৈ , মনতে ভাবিছিলোঁ তোমালোকেইচোন চিনিয়ৰৰ চোলাটো বৰ আপচু দেখিছিলা , পিছে কিয়নো এতিয়া সেই একেটা চোলাকে পিন্ধিলা ??

একেদৰেই চলিছিল হোষ্টেল , একেই নিয়ম , একেই অনুশাসন , একেই প্ৰাৰ্থনা । সন্ধ্যা প্ৰাৰ্থনাৰ পিছত একেই পৰিচয় পৰ্ব ডাইনিং হলত , পিছে সলনি হৈছিল ঠাইবোৰ , আমি লৈছিলোঁ চিনিয়ৰৰ আসনবোৰ আৰু আমাৰ সন্মুখত বাঘৰ আগত পৰা হৰিণীৰ দৰে ঠিয় দি ৰৈছিল হোষ্টেললৈ অহা নৱাগতাহঁত । আৰম্ভণিতে তেনেই কেইজনীমানহে আছিল , তেতিয়ালৈকে বেচেৰীহঁতে ব্লক ইণ্ট্ৰ’ আৰম্ভ কৰাই নাছিল । আমাৰ ব্লকত তেতিয়া দীপশিখা , অঞ্জু আৰু জ্যোতিৰূপা । অঞ্জু মোৰ ৰূমলে অহাৰ আগতেই মোৰ ৰূম মেট হ’বলৈ বিচৰা ৰজনীগন্ধা , কবিতা , পিংকী , শৰ্মিষ্ঠা , মিতালী , নমিতা , ৰেখা , লিলিয়াৰা , আচফিয়া , অঞ্জুমাকে আদি কৰি কেইবাজনীও আৰু দুজনীমান । ছোৱালীবোৰ এবছৰৰহে জুনিয়ৰ আছিল যদিও পিছে বৰ সৰু সৰু লাগিছিল , চিনিয়ৰ চকুযুৰিয়ে হয়তো তেনেকৈয়ে দেখে , সেয়েহে সৃ্ষ্টি হয় কটকটীয়া অনুশাসনৰ । সিহঁতেও গালি খাইছিল , হাঁহিছিল , হঁহাৰ শাস্তি পাইছিল আমাৰ এবছৰৰ আগৰ দিনবোৰৰ দৰেই । তাৰে মাজত এজনী ছোৱালী আছিল বৰ বিশেষ , আমাৰ হোষ্টেলত আমাৰ প্ৰথম জুনিয়ৰ ।

বান্ধৱী গপতে ওফন্দিছিল প্ৰথম চিনিয়ৰ হৈ , তাইৰ হাঁহিবোৰ উফৰি উফৰি আহিছিল জুনিয়ৰৰ মৰমত আৰু বেছিকৈ , ছোৱালীজনী সঁচাকৈয়ে বৰ মৰমলগা আছিল , থোপোকা ছোৱালীজনী বান্ধৱীৰ লগত মিলিছিলো বাৰুকৈয়ে । আহিয়েই চমক দিছিল সোৱাদভৰা ৰন্ধন জুতিৰ , বান্ধৱীয়ে আমাক মাতি নি তাই বনোৱাবোৰ খুৱাইছিল , আমাৰ হিংসা লাগিছিল মৰমী বান্ধৱীলৈ । তাই সকলোৰে মৰমৰ হৈ পৰিছিল , বা বা বুলি সকলোকে মৰম লগাইছিল অহাৰদিনাৰেপৰাই । পিছে তাইৰ যে এক ভীষণ আকৰ্ষণ আছিল এক বিশেষ বস্তুৰপ্ৰতি , লাহে লাহে তাইৰ সেই আকৰ্ষণৰ ওপৰত মুঠেই নিয়ন্ত্ৰণ নাইকিয়া হৈ গৈছিল , পিছে বান্ধৱীয়ে গমেই পোৱা নাছিল তাইৰ ৰূম মেটৰ আকৰ্ষণৰ কথা , কেৱল তাইয়েই নহয় কোনেও গম পোৱা নাছিল ।

হঠাতে ফাৰ্ষ্ট ব্লক আৰু ছেকেণ্ড ব্লকৰ ছোৱালীবোৰৰ অন্তৰ্বাসবোৰ মেলি থোৱাৰপৰাই নাইকিয়া হ’বলৈ ধৰিছিল , প্ৰথমতে এটা দুটা হেৰাই বাবে কথাটো ইমান আলোচনা হোৱা নাছিল , পিছে লাহে লাহে একেলগে দুজনী তিনিজনীৰ অন্তৰ্বাস নোহোৱা হ’বলৈ ধৰিলে , কথাটো ইজনী সিজনীকৈ সকলোৰে কাণত পৰিলেগৈ , কথাটো বহল হ’ল । সকলোৰে সন্দেহ হোষ্টেলত থকা পুৰুষকৰ্মীসকল , হয়তো তেঁওলোকৰ ছোৱালীৰ অন্তৰ্বাসৰ প্ৰতি দুৰ্বলতা অথৱা কিবা বেয়া কামৰ প্ৰৱণতা । কথাটো ৱাৰ্ডেন বাইদেউকো অৱগত কৰোৱা হ’ল , পিছে নোহোৱা হৈয়ে থাকিল কাপোৰবোৰ , ছোৱালীবোৰৰ মহা চিন্তা হ’ল । বহুতে ভয়ো খালে কোনোবাই কিবা বেজ বেজালি কৰিছে বুলি , আকৌ এটা বেয়া মানুহ হোষ্টেলৰ পিছফালে মাজে মাজে ওলাই বুলিও গম পোৱা আমিবোৰে সেই বেয়া মানুহটোৰে কাম বুলিও ভাবিছিলোঁ । পিছে সন্ধানী চকুৰপৰা সাৰি যাব পৰা নাছিল আণ্ডাৰৱেৰ ফেটিচিজমত আক্ৰান্ত আমাৰ প্ৰথম মৰমলগা জুনিয়ৰ জনী । তাই চিকাৰ হৈছিল সেই মানসিক ৰোগৰ , ধৰা পেলাইছিল তাইক কোনোবা এজনীয়ে , গালি গালাজ কৰিছিল সকলোৱে , বাধ্য কৰিছিল তাইৰ ট্ৰাংক খুলি দেখুৱাবলৈ , ভয়ে ভয়ে তাই জেপত লৈ ফুৰা চাবিপাতেৰে খুলি দিছিল ৰঙা ৰঙৰ তলাটো । সকলোৰে মুখৰপৰা অদ্ভূতধৰণে চিঞৰ এটা ওলাই আহিছিল … ‘ ইচ্ ৰাম…… গোটেইবোৰচোন ইয়াতে ওলাল ‘

হয় তাইৰ বাকচটোতে ওলাইছিল চুৰি হোৱা আটাইবোৰ অন্তৰ্বাস , সকলোৱে ধিক্কাৰ দিছিল তাইক , গালি পাৰিছিল , চুৰুণী বুলিছিল । তাই কান্দিছিল , আমাৰ মাজৰপৰা কোনোবা দৌৰ মাৰিছিল ৰুণুবাৰ পি চি অ’লৈ , লীলাৱতী বাইদেউক খবৰ দিবলৈ , তাইৰ মাক দেউতাকক খবৰ দিবলৈ । বুকুখন বিষাই উঠিছিল যদিও সোঁতৰ বিপৰীতে যোৱা নাছিলোঁ সিদিনা । তাইৰ সেই সময়ৰ চকুযুৰিয়ে যেন আজিও ক’ব খোজে কিবা এটা ।

ক্ৰমশঃ

Leave a Comment