দ্বিতীয় ষাণ্মাসিক হৈ যোৱাৰ পিছতো ঘৰলৈ নগৈ হোষ্টেলত কিছুদিন এনেই থাকি অকল পংপঙাই ঘুৰি ফুৰাতে ব্যস্ত নাথাকি আৰু কিছুমান কাম কৰিছিলোঁ বাহিৰা কিতাপ পঢ়াৰ , চিলাই কৰাৰ উপৰিও । দেউতাৰ পেন্সনৰ পুৰা নোহোৱা কামবোৰ , লগত দূবৰি , দুয়োজনীৰ কেতিয়াবা দিনটো সেইটো কামতে যায় । পেন্সন অফিচত হোৱা অভিজ্ঞতাবোৰে বাৰুকৈয়ে তিতা কেঁহা লগাইছিল যদিও জেলুকৰ পোৱালি লগা দি লাগি থাকিলোঁ কাম নোহোৱালৈকে । অৱশেষত আমাক যোৱা দেখিলেই দেউতাৰ ফাইলৰ কাম অন্ততঃ এখন টেবুলৰপৰা আনখন টেবুল পায়গৈ । যিসময়ত পেন্সনৰ বাবে বহু টকা খৰচ কৰিব লগীয়া হৈছিল , আমি তেতিয়া এটকাও নিদিয়াকৈয়ে পেন্সনৰ গোটেই কামখিনি কৰাই ফাইল এপ্ৰুভ কৰাই আনি দেউতাৰ মাহেকীয়া পেন্সনৰ কামখিনি নিয়মীয়া কৰাই আনিছিলোঁ । পেন্সন অফিচলে অহা প্ৰাক্তন শিক্ষকসকলৰ শুকান মুখবোৰ দেখি বৰ বেয়া লাগিছিল , এনেকুৱাও বহুতক লগ পাইছিলোঁ যাৰ মাহ বছৰ পাৰ হৈ গৈছিল যদিও পেন্সনৰ কোনো কামেই আগবঢ়া নাছিল , আমাক প্ৰতিদিনেই অহা যোৱা কৰা দেখি চকুৰ চিনাকি হৈ অফিচৰ পিয়ন আৰু গেইট কিপাৰৰো চাগে সহানুভূতি জাগিছিল , নিয়ম ভঙাৰ নিয়ম শিকাইছিল , তেঁওলোকেও নিয়ম ভাঙিছিল , দুইবজাত বন্ধ কৰা গেইট আমাক তিনিবজাতো খুলি ভিতৰলে যাবলে দিছিল । শেষত বিষয়াজন বাধ্য হৈছিল ফাইলত চাইন কৰিবলে , কোনোবা এজনে তামোল এখন খুৱাবলে কোৱা ইংগিতপূৰ্ণ কথাষাৰ বুজিছিলোঁ যদিও কোনোধৰণৰ উপঢৌকন দিয়া নাছিলোঁ অৱশ্যে পিছদিনা দুয়োজনী গৈ কেইবাখনো তামোল দি ধন্যবাদ জনাই আহিছিলোঁ বিষয়া সমন্বিতে কেইবাজনকো , তেঁওলোকৰ চকু মুখত খঙেই আছিলনে ব্যংগই আছিল নোচোৱাকৈয়ে ঘুৰি আহিছিলোঁ , আমি সুখী হৈছিলোঁ আমাৰ সফলতাত ।
পূজাৰ বন্ধত গৈছিলোগৈ দেৰগঞা গোটেইকেইজনী একেলগে , আমি যোৰহাটলৈ যোৱা বাছত যাঁও বাবে যোৰহাটৰ পিকলিকে আদি কৰি কেইবাজনীও একেখন বাছতে যাঁও , বাছৰ অন্য যাত্ৰীসকলে আমাৰপৰা কিমান অসুবিধা পাইছিল চাগে এতিয়াহে বুজি পাঁও , ভাগে ভাগে টিকট কৰাৰ পিছতো তিনি চাৰিজনী কথাৰ মহলা মাৰিবলৈ একেটা চিটতে বহোঁগৈ , এটামান টিকটৰ পইচা এনেই যায় , পলি , দূবৰি আৰু মই প্ৰায়ে একেলগেই দুটা চিটত তিনিজনী বহি যাঁও , এটা চিট হয় আমাৰ বেগ ৰখীয়া । সেইবাৰ পূজাটোত বৰ বিশেষ ভাল লগা নাছিল কাৰণ পূজা চাবলৈ লগত নাছিল ছুকুবা । ঘৰৰ ওচৰতে প্ৰায় ৮০বছৰ গৰকা দাধৰা সাৰ্বজনীন পূজাথলী , পূজাৰ আটাইকেইদিন উলাহত থাকে মোৰ প্ৰাণৰ ঠাইখিনি , তথাপিও মোৰ সৰু পেহীৰ ঘৰত গৈ পেহী আৰু পেহাৰ লগত দেৰগাঁৱৰ বিভিন্ন পূজাথলীবোৰত পূজা চাই সৰুৰে পৰাই বৰ ভাল লাগিছিল , তাতে পেহী আৰু পেহাই যিহকে লাগে বুলি কঁও তাকেই কিনি দিয়াত আৰু মজা পাইছিলোঁ , মা দেউতাৰ লগত যোৱাতকে পেহীহঁতৰ লগত গৈ সেয়েহে অলপ বেছি ভালো পাইছিলোঁ । দেৰগাঁৱৰ পি টি চি , বি টি চি , চিনেমাহলৰ আগৰ আৰু নৰেন শৰ্মা স্মৃতি পথাৰৰ পূজা কেতিয়াও নেৰোঁ , পূজাৰ অষ্টমী নৱমী দুদিন আমাৰ দেৰগাঁৱৰ কাৰ্যসূচীৰ বিপৰীতে বাকীকেইদিন আমাৰ আপোন পূজাভাগত থাকোঁ সদায়েই ।
সেইবাৰ আহিন মাহটো আৰু ভাল লাগিছিল , দাধৰা সাংস্কৃতিক উন্নয়ন চ’ৰাত আয়োজিত হৈছিল ‘ আহিনৰ এটি কবিতাৰ গধূলি ‘ শীৰ্ষক অনুষ্ঠানটি । বাঘা বাঘা কবি কোনো নাছিল যদিও আমাৰদৰে কবিতা ভালপোৱা স্থানীয় মানুহবোৰে আৰু আকৰ্ষণীয় কৰি তুলিছিল আমাৰ অনুষ্ঠানটি , কবিতাৰ সমানে গীত মাতো চলিছিল , আবৃত্তি কৰিছিলোঁ সৰ্বজন প্ৰিয় ‘ মমতাৰ চিঠি ‘ কবিতাটি । এইক্ষেত্ৰত কুঞ্জখুৰীৰ প্ৰচেষ্টা আছিল খুউব সুন্দৰ , অৱশ্যে খু্ৰীৰ লগত ছাঁটোৰ দৰে লগি ফুৰা অদ্বিতীয় গৰাকী আছিলোঁ মই , খুৰীৰ লগত বহি ৰাতিৰ ৰাতিটো খুৰীৰ লিখাবোৰৰ পাণ্ডুলিপি প্ৰস্তুত কৰোঁতা আছিলোঁ মই , এবাতি মচমচীয়াকৈ ভজা মোৱা মাছ খোৱাৰ লগৰী আছিলোঁ মই , খুৰীৰ জীৱনৰ বহু কাহিনীৰ উমান পোৱা খুৰীৰ জীয়েকৰ মমতাৰে পালিত আছিলোঁ মই , খুৰীৰ শুভকামনাই জীৱনটো জীপাল কৰাৰ লগতে উদযাপনৰ ক্ষেত্ৰটো বহুখিনি উদগনি যোগাই গ’ল মোৰ জীৱনত , তেঁও বৰ্তমান তৰাৰ দেশত তৰাৰে চাগে উমলি জামলি ঢেৰ সাৰুৱা কথা পাতি আছে । খুৰীয়ে দিয়া শুভাকাংক্ষাৰ টোপোলাটো এতিয়াও বুকুত লৈ জুৰাঁও ।
সেইবাৰৰ পূজাৰ সময়তে দেউতাই উলিয়াইছিল মোৰ বিয়াৰ কথা , আচৰিত হৈছিলোঁ , দেউতাৰ মুখত আগতে নুশুনা কথাবোৰ শুনি । দেউতাৰ এজন বন্ধুৱে আনিছিল কোনোবা প্ৰতিষ্ঠিত পৰিয়ালৰ আৰক্ষী বিষয়া এজনৰ বিয়াৰ প্ৰস্তাৱ , মোৰ বিয়াৰ বাবে হেনো তেঁওতকৈ উপযুক্ত দ্বিতীয় এজন নোলাব , দেউতা পতিয়ন গৈছিল , মোহ হৈছিল প্ৰতিষ্ঠিত জোঁৱাইৰ , জীয়েকৰ সোণোৱালী ভৱিষ্যতৰ সপোনে পাহৰাই দিছিল জীয়েকৰ সপোনবোৰ । অদ্ভূত ধৰণে দেউতা আঁকোৰগোজ হৈছিল নিজৰ সিদ্ধান্তত , মোৰ সোণোৱালী ভৱিষ্যতৰ সপোন মোক নোসোধাকৈয়ে দেখিছিল দেউতাই , আৱেগিক কথাৰেও মোক বাধ্য কৰাব নোৱাৰি দেউতাৰ ওচৰত জগৰীয়া হৈছিলোঁ মই , হোষ্টেললৈ গুচি অহা জীয়েকক বাছত উঠাবলৈও ওলাই নাহিল দেউতা , মাৰ হাতত গুজি দিলে মোৰ মাহটোৰ খৰচ । দেউতাইও বুজিছিল জীয়েকক সহজে বলাব নোৱাৰাৰ কথা । আৰক্ষী বিষয়াজনৰ কথা কৈ থাকোঁতে মোৰ মনলৈ বাৰে বাৰে আহিছিল সেই চকুহালি , ভাব হৈছিল , তেঁও যেন এবাৰ ক’ব মোক ভালপাঁও বুলি , মোৰ বাবে ৰৈ থাকিব বুলি ।
দেউতাৰ মান অভিমানক আওকাণ কৰি হোষ্টেললে ঘুৰি আহিলেও শান্তিত থাকিব পৰা নাছিলোঁ , পিছে ন – কৈ হোৱা চিনিয়ৰৰ গৰ্বত গৰ্বিত হৈছিলোঁ , চিনিয়ৰৰ মুখা খুলি বন্ধু হৈ পৰা হোষ্টেল এৰিবলৈ সাজু হোৱা বাহঁতৰ হাঁহি ধেমালিৰ লগৰী হৈছিলোঁ , জুনিয়ৰ নিষিদ্ধ ছাদ খনলৈ তেঁওলোকেই লগত লৈ গৈছিল , বহুবোৰ সুখ দুখৰ ভাগ হৈছিল । ডিপাৰ্টমেণ্টৰ ফ’ৰ্থ চেমিষ্টাৰৰ পৰীক্ষাবোৰ শেষ হ’বৰ হৈছিল আৰু আমাৰো আৰম্ভ হৈছিল তেঁওলোকৰ বিদায়োৎসৱৰ ব্যস্ততা । আকৌ এখন বিদায় সভা , আকৌ জালুকবাৰীৰ চকুলো সৰাৰ আন এটা দিনৰ আয়োজন কৰিবলৈ আমি উঠি পৰি লাগিলোঁ । একেই ব্যস্ততা , একেই গধুৰ মন । ১৮ নৱেম্বৰৰ দিনটো ঠিক হৈছিল তেঁওলোকৰ বিদায়োৎসৱৰ । তাৰ ঠিক কেইদিনমাৰ পিছতেই আমাৰ ৰূমত পালিত হৈছিল অন্য এটা দিন , ডিম্পীবাৰ জন্মদিন । ডিম্পীবাৰ জন্মদিনৰ দিনা ফুল পাতেৰে সজাইছিলোঁ ৰূমটো , আলহী ৰিমকিবা আৰু দূবৰিকে ধৰি আমাৰ ব্লকৰ গোটেইখিনি , আমাক সহায় কৰিলে ভৱেনদায়ে , ডিম্পীবাৰ প্ৰেমাস্পদ , তেঁওৰ প্ৰাণৰ লগৰী । স্ব – গোত্ৰ , স্বজাতি নোহোৱাৰ বাবে ডিম্পীবাৰ প্ৰেমে তেতিয়ালৈকে ঘৰুৱা স্বীকৃতি পোৱা নাছিল যদিও স্বীকৃতি দিছিল দুয়োৱে দুয়োকে ।
ইফালে জিনাক্ষিৰ প্ৰেম ঘাট প্ৰতিঘাটৰ মাজেৰে আগুৱাইছিল , তাহাঁতৰ প্ৰেমৰ প্ৰতিটো পলৰ সাক্ষী হৈ থাকিলোঁ , দাদাৰ হকা বাধা হয়তো বেছিয়েই আছিল , তাইৰো প্ৰতিটো কথা মানিবলৈ দিগদাৰ হৈছিল আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছিল এজনে আনজনক সময় দিব নোৱাৰাটো । লাহে লাহে সম্পৰ্কৰ বান্ধোন শিথিল হৈ আহিছিল যদিও দাদাজনে আমাক নিজৰ ভনীয়েকৰ দৰেই মৰম কৰিছিল । যিহ’লেও বান্ধৱীৰ মনৰ কথাও বুজি পাইছিলোঁ , তাইৰ সমস্যাবোৰ বুজি পাইছিলোঁ , বহুসময়ত তাইৰ স’তে একমত হৈ দাদাৰ কথাবোৰ সহজকে ল’ব পৰা নাছিলোঁ , প্ৰেমৰ কটকটীয়া বান্ধোনত হয়তো বহুতো প্ৰেয়সীৰে উশাহ বন্ধ হয় যদিও সেই বান্ধোনকে গলাৰ সাতসৰী বুলি আগুৱাই যায় । তেঁওলোকৰ প্ৰেমকাহিনী জালুকবাৰীৰ হ’ল্ডৌল বন্ধা প্ৰেমৰ এটা প্ৰেম কাহিনী হৈ পৰিছিল আৰু তাৰ সাক্ষী হৈ ৰ’লোঁ মই । দাদাৰ অন্তৰ্দ্বন্দ্ব বুজি নাপালোঁ যদিও বান্ধৱীৰ প্ৰতিটোপাল চকুপানী মোৰ বুকুৱেদি বৈ গ’ল ।
এফালে ভাঙোনমুখী প্ৰেমৰ সাক্ষী হৈছিলোঁ যেনেকৈ বান্ধোনমুখী প্ৰেমৰ সম্পৰ্কৰো দৰ্শক হৈ ৰ’লোঁ । ভাৰ্ছিটি ৱিকৰ সময়তে টিকেদাৰ প্ৰেম হৈছিল আমাৰ হিমু মাইনাৰ স’তে , হাঁহি ধেমালিৰ লগৰী আছিল যদিও অন্তৰৰ কথা ভাগ বতৰা কৰাকে সিমান অন্তৰংগ নাছিল যদিৌি তাহাঁতৰ প্ৰেম কাহিনী সকলোৰে বাবে আকৰ্ষণীয় হৈ পৰিছিল , টিকে দাদাক তেতিয়ালৈকে ভালদৰে চিনিও পোৱা নাছিল তাই , ভাৰ্ছিটি ৱিকৰ RCC 2 ৰে হোৱা কাজিয়খনত টিকেদাই বীৰত্বৰে ষ্টেইজত উঠি দম দিয়াৰ সময়তহে তাই চিনি পাইছিল বোলে টিকেদাক । প্ৰথমতে কথাবোৰ জোকোৱাতে সীমাবদ্ধ আছিল যদিও লাহে লাহে দুয়োৰে ইজনৰ প্ৰতি সিজনৰ অনুৰাগ বাঢ়িছিল , দুয়ো প্ৰেমত পৰিছিল , কথা হৈছিল , সেই কথা প্ৰতিশ্ৰুতি হৈছিল হাতে হাত ধৰি আগুৱাই যোৱাৰ ।
ক্ৰমশঃ

