দুহাতত কি লৈ আহিছা ? / গোলাপ নে এপাহি ৰজনীগন্ধা ? / নালাগে দিয়া দামী ফুল / তগৰ আৰু নাহৰেই যে মোৰ খোপাত শুৱাই / তলসৰা শেৱালিয়েই চোন বুকু জুৰাই / গাঁথি পাইছানে বকুলৰ মালা ? / দিবাচোন এপাহি খৰিকাজাঁই / হাচনাহানাৰ সুবাসেই সুৰ হৈ যে হিয়াত গুণগুণাই / দিবাচোন এপাহি শেৱালি অথৱা বকুল / ই যে মোৰ প্ৰিয় ফুল / বকুলৰ প্ৰেমতেই যে মই আকুল ……
কলম ৰূদ্ধ হোৱাৰদৰে ভাৱৰূদ্ধ হৈ বহি থাকিলোঁ ডায়েৰীখন মুখৰ আগত লৈ , কি লিখিম , কি প্ৰকাশ কৰিম কোনোধৰণৰ ভাৱনা মনলৈ নহা হ’ল সেই মুহুৰ্তত , তাতে নিজৰ প্ৰেমলৈ লিখিলেও কিবাকিবি ভাল লগাই মনটো বাউলী কৰিলেহেঁতেন , পিছে বেলেগৰ হৈ কেনেদৰে লিখোঁ তেঁওৰ মনৰ কথা , তাকো তেঁওৰ প্ৰেমিকলৈ । কলম কামুৰি পৰীক্ষা হলত বহাৰ দৰে বহি থাকিলোঁ কি লিখোঁ কি নিলিখোঁ ভাবি ভাবি । ইফালে অনা অসমীয়া বান্ধৱীৰ অসমীয়া প্ৰেমিকলৈ অসমীয়াতে চিঠি লিখাৰ দুৰ্বাৰ হেঁপাহ , কৈয়ো আহিছে প্ৰিয়জনক সেইবাৰ ভেলেণ্টাইনচ্ ডে’ ত সাংঘাতিক চাৰপ্ৰাইজ এটা দিব বুলি । কাজেই বান্ধৱীয়ে সহায় ল’লে মোৰ , অসমীয়া ভাষানুৰাগী বান্ধৱীক শিকাব লাগে অসমীয়া ভাষা , লগতে লিখি দিব লাগে এখন প্ৰেমপত্ৰ । আকাশ পাতাল ভাবিও নোলাল কি লিখোঁ তাইৰ প্ৰথম প্ৰেমলৈ বুলি । ইফালে মই দিনে নিশাই ডুব গ’লোঁ সেই চকুযুৰিৰ প্ৰেমত , পিছে কেতিয়াও মাতি নাপালোঁ , অথৱা তেঁওৰ প্ৰতি কোনোধৰণৰ অনুৰাগো নহ’ল কেৱল চকুযুৰিৰ বাদে , সেয়েহে হয়তো প্ৰেমপত্ৰ এখন লিখাৰো প্ৰয়োজন নহ’ল কেতিয়াও ।
ইফালে ইণ্টাৰ হোষ্টেল কম্পিটিশ্যনবোৰত ব্যস্ত হৈ যাব লগীয়া হ’ল আকৌ ভাৰ্ছিটি ৱিকৰ দৰেই , আকৌ আৰম্ভ হ’ল AT 9 আৰু AT 8 হোষ্টেলত ভলী আৰু কাবাডীৰ প্ৰেক্টিচ । সেইবাৰ পিছে ল’ৰাহঁতৰ সুৰ সলনি হৈছিল , আমাৰ লগৰ দিলীপ , পাৰ্থহঁত চিনিয়ৰ হৈছিল , তাহাঁতেও মইনা জোকোৱা মইনাৰ শাৰীলৈ উন্নীত হৈছিল । আমিও সলনি হৈছিলোঁ , তেতিয়ালৈ কোনোবাই মইনা জোকালে আৰু লাজ নলগা হৈছিল , আমাৰ নতুন মইনাবোৰক জোকোৱা আৰম্ভ কৰিছিল আমাৰ লগৰবোৰে । তাহাঁতে জুনিয়ৰক প্ৰপৌজ কৰিবলৈ দৌৰায় পঠিয়াব পৰা হ’ল হোষ্টেলৰ আগেৰে কোনোবা ছোৱালী পাৰ হৈ গ’লেই , বাৰাণ্ডাৰপৰা চিঞৰি গান গাই মইনা জোকাব পৰা হ’ল , সিহঁততকৈও এখোপ চৰাকে জোকাবলৈ তাহাঁতৰ চিনিয়ৰসকল আছিলেই । তেতিয়ালৈ মোৰ আইনষ্টাইন চুলি কিবাকৈ এমুঠন হৈছিলগৈ বাবে ৰক্ষা পৰিলোঁ বাৰু কিবাকে । ভলীৰ প্ৰেক্টিচৰ বাবে আকৌ দেৱদা আৰু প্ৰশান্তদাকে আমাৰ ক’চ্চ ল’লোঁ , আচলতে তেঁওলোককেই আমি গুৰু মানিয়েই লৈছিলোঁ , তেতিয়ালৈ আমাৰ হাত পোন হৈছিলগৈ বাবে খেলৰ বাবে বৰ এটা গালি নুশুনিলোঁ যদিও আমাৰ উৎপাতৰ বাবে প্ৰায়ে গালি খাঁও , দিলীপহঁতৰ ৰূমত গৈ পানী খাব পৰাকে আমি সহজ হ’ব পৰা হ’লোঁ সেই ল’ৰাৰ হোষ্টেলটোত ।
সেইটো হোষ্টেলতে আকৌ বৰ জমনি দাদা এজন আছিল , তেঁও আছিল বিখ্যাত মিলিকাই , পৃথিৱীৰ জটিলতা বুজি নোপোৱা ল’ৰাজনে সকলোকে আপোন কৰি ল’বলে যায় । ঠৰঙা চুলিৰ , সৰু সৰু চকুৰ মিলিকাইক দেখিয়েই দূবৰিয়ে তিৰুক জোকাই , তাইৰ নাম হয় মিলিকাই ( আজিও তিৰুক দূবৰিয়ে মিলি বুলিয়েই মাতে ) তিৰুৱে পিছে খঙতে একো নাই হৈ দূবৰিক খেদি যায় । পিছে মিলিকাইৰ প্ৰেম হয় দূবৰিহঁতৰ হোষ্টেলৰে আমাৰ লগৰ এগৰাকীৰ লগত , তাইক দেখিলেই মিলিকাইৰ বেসুৰ কণ্ঠেৰে নিগৰিত হয় গীতৰ তা না না …… মিলিকাইয়ে তাইক দেখিলেই চিঞৰি চিঞৰি গায় , ” ভীগে হোঁঠ তেৰে…. প্যাসা দিল মেৰা……” মিলিকাইৰ গীত শুনিলেই তাই দৌৰি পলায় , পিছে মিলিকায়েও বাৰান্দাতে সমানে দৌৰি দৌৰি তাইক জোকায় , একেই গীত তেঁওৰ অষ্টম স্বৰত আঁওৰাই ।
দিন যোৱাৰ লগে লগে AT 9 ৰ ল’ৰাবোৰৰ লগত আমাৰ বন্ধুত্ব গাঢ় হৈছিল , প্ৰণৱদা , দেৱদাহঁতৰ তুমিবোৰ তইলৈ সলনি হ’ব পৰাকৈ আপোন হৈছিল আৰু কোনোবাই আমি পাৰ হৈ গ’লে জোকালেই ঘুৰাই জোকাই যাব পৰাৰ অধিকাৰিণী হৈছিলোঁ । তেনেতে এযোৰ শান্ত চকুৰ ল’ৰাৰ লগত দূবৰিৰ চিনাকি হৈছিল , তেঁও ও আছিল সেইটো হোষ্টেলৰ প্ৰিফেক্ট , আচলতে তাহাঁতৰ চিনাকি হোৱা নাছিল , তাহাঁতক চিনাকি কৰোৱা হৈছিল , মই হৈ পৰিলোঁ যোগাযোগৰ মাধ্যম । আমি দুয়োজনী পাৰ হৈ গ’লেই পাপৰ মইনাক চিঞৰ মাৰি সােধা হ’ল …’ অ’ পাপৰ মইনা …. আমাৰ প্ৰিফেক্টৰ চিগনেল গ্ৰীণ , তোমাৰ লগৰ প্ৰিফেক্ট মাইনাৰ চিগনেল কি ? ‘ মোৰো মন গৈছিল তাইৰ গ্ৰীণ চিগনেল বুলি ক’বলৈ পিছে ভয়তে নকঁও , পিছে প্ৰিয় সখি লাজতে ৰঙা চিঙা পৰে , মোক ৰঙা চকু দেখুওৱা সখিয়ে চকু তুলি চাব নোৱাৰা হয় সেইফালে পাৰ হৈ গ’লেই , তথাপিও মোক ক’বলৈ নিদিয়ে তাইৰ গ্ৰীণ চিগনেলৰ কথা । সকলোৱে উমান পাইছিল লাহে লাহে , কোনেও কাকো একো নোকোৱাকৈয়ে দুয়োৰে বুকুত প্ৰেমৰ গোলাপ ফুলিছিল ফুল ফুলাৰ দৰেই নিঃশব্দে । দুয়ো দুয়োকে দেখিলে চকুত চকু পৰিলেও অচিনাকিৰ দৰেই থকা হ’ল , দুয়োৰে মনৰ কথাবোৰ অচিনাকিৰ পৰা চিনাকি কৰাৰ বাট হৈ পৰিলোঁ মই ।
ইন্টাৰ হোষ্টেল ভলী আৰু কাবাডীৰ প্ৰেক্টিচৰ সমানে আমাৰ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ চিনিয়ৰৰ ক্ৰিকেটৰ প্ৰেক্টিচো সমানে চলিল , আমাৰ টিমত ল’ৰাবোৰৰ লগত ছোৱালী আমি চাৰিজনীয়ে খেলিলোঁ , দূবৰি , গীতচ্ , বৰ্ণালী আৰু মই । জুনিয়ৰৰ টিমটোতো তেনেকৈয়ে কেইজনীমান জুনিয়ৰ । খেলৰ দিন চমু চাপি অহাৰ লগে লগেই আমাৰ প্ৰেক্টিচো তুংগত উঠিলগৈ , হাফ ডে’ ৰ অনুমতি লৈ য়ুনিভাৰ্ছিটিৰ ফিল্ডত খেল প্ৰেক্টিচ কৰিবলৈ ল’লোহঁত , কেৱল খেলা কেইটাই নহয় , গোটেই ক্লাছটোৱেই উঠি যায় উৎসাহ দিবলৈ । সমানে জুনিয়ৰকো উৎসাহিত কৰিলে তাহাঁতৰ লগৰবোৰে । খেলৰ দিন আহিল , আমিও সাজু হ’লোঁ , দুৰ্দান্ত ৰূপত খেলা আগবঢ়াই নিলোঁ আমি সকলোৱে , জুনিয়ৰবোৰো কম নাছিল , সমানে খেলিলে , আমাৰ লাহে লাহে ভয়ো লাগিল , কেনেবাকৈ জুনিয়ৰৰ হাতত পৰাস্ত হ’ব লাগিলে বৰ লাজৰ কথা হ’ব বুলি । পিছে আমাৰ লগৰ ইহঁতকেইটা অতি ধুৰন্ধৰ , জুনিয়ৰ ছোৱালীবোৰক নাৰ্ভাছ হৈ যাব পৰাকৈ ৰ লাগি চাই দিয়ে মাজে মাজে বলিং কৰোঁতেই , তাহাঁতৰ বল হাতৰ পৰা চিটিকিহে পৰে , ইফালৰ ষ্টাম্প নাপায়গৈয়ে , আকৌ নেখেলা দুটামানে খেলি থকা জুনিয়ৰ কেইজনীক জোকাই মাৰে , তাহাঁতৰ গতি ৰূদ্ধ হয় , শেষত আমি জিকিলোগৈ এক ৱিকেটত । আমাৰ প্ৰীতি খেলখনৰ জয়ৰ ভাগ সকলোৱে ভগাই লঁও , জুনিয়ৰবোৰ কাষ চাপি আহে , ব্যৱধান একেবাৰেই কমি যায় দুয়োদলৰে , ঠিক আমাৰ আৰু আমাৰ চিনিয়ৰৰদৰেই ।
হোষ্টেলৰ সান্ধ্য পৰ্বও নিয়মীয়কৈ চলি থাকিল , টিকেদাৰ হিমু মাইনা , ৰেশ্মা আৰু আমাৰ জিনুমাইনাহঁতলৈ জুনিয়ৰে ভয়ত টিপি টিপি থাকে , এছেম্বলীত কিবা ওলট পালট হয় বুলিয়েই সকলো সাৱধানে থাকে , তাহাঁতেও হয়তো আমি লোৱা সংক্পল্প বোৰেই ল’লে , ফ্ৰেচাৰ্ছ হ’লেই তাহাঁতেও ৰক্ষা পাব বুলি ফ্ৰেচাৰ্ছৰ দিনটোলৈ বাট চাবলৈ ল’লে । পিছে ইমান সহজে জুনিয়ৰৰ খোলাটোৰপৰা ওলাই যোৱাটো সহজ জানো ? পাৰিবনে সিহঁতে আমি কৰা আটাইবোৰ কাম নকৰাকে ওলাই যাব ? মুকলি বতাহ ইমান সহজনে সিহঁতৰ বাবে ? আমি পোৱা আটাইবোৰ তিতা টেঙা পাব নালগিবনে সিহঁতে ? সেয়েহে সিহঁতৰ লগতো বিশেষ সলনি নহ’ল , সোঁতৰ বিপৰীতে উটি গৈ কিবা কৈ দায় লগোৱাৰ মজা আগতেই পাই থৈছোঁ বাবে বহু সময়ত কিবা ক’ব খুজিও মনে মনে ৰৈছো বাৰে বাৰে । তাহাঁতে অপমান বোধ কৰা কথাবোৰ বৰ ক্ষোভেৰে ক’বলৈ গৈছিল মোৰ আগত , দুটামান আশ্বাস ভৰা কথা আৰু বিশ্বাসৰ হাতখনেই আছিল তাহাঁতৰ বাবে প্ৰচণ্ড শক্তি । জুনিয়ৰ খটাৰ মজা উপলব্ধি কৰিবলৈও শিকাবলগীয়া হ’ল বহুতকে । অতিমাত্ৰা হঁহাৰ বাবে শৰ্মিষ্ঠা , গৰিমা , ইভাহঁতে যেনেদৰে সদায় পানিশ্বমেণ্ট খালে তেনেকৈয়ে অতিকে বেয়াকৈ বিহু নচাৰ বাবেই মিতালীক দিনৌ বিহু নচুৱাবলৈ ধৰিলে , নিৰ্জু স্বভাৱৰ ছোৱালীজনী বাৰুকৈয়ে আহত হয় প্ৰতিদিনে , বৰ আশাৰে চাই মোৰ চকুলৈ , সকলোৰে সমানে নাহাঁহি তাইক সহায় কৰিব নোৱাৰাৰ দুখত দুখী হৈ তললৈ চাই বহি ৰঁও চিনিয়ৰৰ আসনখনত ।
ক্ৰমশঃ