ইণ্টাৰ হোষ্টেল কাবাডী আৰু ভলী খেলখনৰ প্ৰস্তুতি প্ৰায় তুংগত আছিল , খেলৰ দায়িত্বত থকা ৰূমাভণ্টি আৰু ৰিতুৰ লগতে আমিও সাংঘাতিক ব্যস্ত হৈ পৰিলোঁ , সকলোৰে লগত যোগাযোগৰ মাধ্যম হিচাপে থাকি পিছে বেয়া নালাগিল , বিশেষ কিবা পদৱীত থকা হ’লে চাগৈ এনেকৈ ভাল লগা কামবোৰ কেতিয়াও কৰিবই নোৱাৰিলোহেঁতেন , সৰু সৰু বুকুজুৰোৱা সুখবোৰো উপভোগ কৰিবলৈ নেপালোঁহেঁতেন । বিচাৰি নুফুৰাকৈয়ে যেতিয়া সুখবোৰ কোলা উপচি পৰে আৰু হাঁহিয়ে দুওঁঠ ওপচাই পেলায় তেতিয়া কিম্মান যে ভাল লাগে , মনটো এনেই মুকলি হৈ পৰে , দুভৰিয়ে দেও পাৰি নুফুৰিলেও চকুযুৰি হৰিণীৰ দৰে চঞ্চল চপল হৈ পৰে , বেয়া লগাবোৰো ভাল লগা হৈ পৰে । হোষ্টেল আৰু ডিপাৰ্টমেণ্টৰ দায়িত্ববোৰ আমি সকলোৱে মিলি সুকলমে সমাপন কৰি যি বিমল আনন্দ পাইছিলোঁ সেইয়া ভাষাৰে এতিয়া প্ৰকাশ কৰিব নোৱাৰি , দুচকু মুদি মাথোঁ স্মৃতিক সাৱটি অনুভৱহে কৰিব পাৰি ।
তাতোকৈ ডাঙৰ কথা খেলখনে চিনিয়ৰ জুনিয়ৰৰ ব্যৱধানটো কমাই আনিছিল , জুনিয়ৰৰ খোলাটোৰপৰা স্বাধীনভাৱে মূৰ উলিয়াব পৰাকৈ ব্যৱধানটো কম হৈ গৈছিল । দেৱদাহঁতে নিজৰ বহুখিনি সময় দি আমাক খেলত টক্কৰ দিব পৰাকৈ সাজু কৰিছিল , ভাৰ্ছিটি ৱিকত শ্ৰেষ্ঠ হোষ্টেল নোপোৱাৰ দুখটোৱে আমাক দুগুণ শক্তি দিছিল সফলতাৰ দিশে , RCC 3 য়েই হৈ পৰিছিল আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী । আমাৰদৰেই প্ৰতিটো ছোৱালী হোষ্টেলৰ একেই অৱস্থা হৈছিল , সকলোৱে মাথোঁ নিজৰ হোষ্টেলৰ মৰ্যাদা আৰু গৰিমা প্ৰতিষ্ঠাৰ বাবে উঠি পৰি লাগিছিল , কেনেবাকৈ ইণ্টাৰ হোষ্টেলত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিলেই ভাৰ্ছিটি ৱিকত নিজৰ ভাল দখল থাকিব বুলি সকলোৰে এক বিশ্বাস গঢ়ি উঠিছিল ভিতৰি ভিতৰি । পলিহঁতৰ হোষ্টেলকে প্ৰধান প্ৰতিদ্বন্দ্বী বুলি ভাবি ল’লেও AT 3 আৰু RCC 2 ও সমানে শক্তিশালী হৈ পৰিছিল । খেল যিমানে ওচৰ চাপি আহিল সিমানে সকলোৰে বুকুৰ ঢুক ঢুকনি বাঢ়ি গ’ল , বিশ্বাস অটুট থাকিল যদিও ভাৰ্ছিটি ৱিকৰ দৰে গণ্ডগোল হ’ব বুলি অকণমান ভয়ো লাগি থাকিল । ভলীৰ সমানে কাবাডীৰ প্ৰেক্টিচো AT 8 ত চলি থাকিল , সেইবাৰ কাবাডী নেখেলিলোঁ , ভলীয়েই খেলিলোঁ অকল ।
২৯ জানুৱাৰী , ২০০৫ ,শনিবাৰ । সেইদিনা আমাৰ হোষ্টেল কাবাডীৰ কোৱালিফায়িং ৰাউণ্ডত জিকিল ,জুনিয়ৰ ছোৱালীবোৰৰ উল্লাসে আমাক দুগুণে উৎসাহিত কৰিলে । নকৰিবই বা কিয় ! খেলখন যে আছিল আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী হোষ্টেলৰ লগত , প্ৰথম ৰাউণ্ডতে তেঁওলোকক হৰুৱাই আমি বিশ্বাসৰ বাটত খুঁটি পুতিলোঁ , পিছদিনা RCC 2 girls ৰ লগত ছেমি ফাইনেল পালোঁহঁত , সেইখন খেলো আমি জিকিলোঁ , আমাৰ সমানে আগবাঢ়ি থাকিল AT 3 girls hall । সেইদিনাই আবেলিলে ফাইনেল , প্ৰতিদ্বন্দ্বী AT 3 girls hall , আমি অস্থিৰ হৈ পৰিলোঁ , সকলোৰে উশাহবোৰ ঘন হ’ল , বুকুৰ ঢুকঢুকনি বাঢ়ি গ’ল , ডিঙি শুকাই কৰ্কৰীয়া মাৰিলে , কি হ’ব ? কোন জিকিব ? হাৰিমনেকি ? আদি চিন্তাবোৰে আমাক এবেলাতে তেনেই জুৰুলা কৰি পেলালে । পিছে সেই দুৰ্বল সময়খিনিত সাহস হৈ থিয় দিলে আমাক গাইড কৰি থকা AT 9 আৰু AT 8 ৰ বন্ধুহঁতে , তাৰমাজতো AT 9 আছিল বিশেষ । আশ্বাসভৰা কথাখিনিয়ে আমাৰ বিশ্বাস ৰ খুঁটিটো তজবজীয়া কৰিলে , আমি সমস্বৰে চিঞৰি উঠিলোহঁত
” RCC 4 up up / RCC 4 up up “
নহ’লে ” হিলৈ হিলৈ হিলৈয়া…. উহুহু…..হিলৈ হিলৈ হিলৈয়া……উহুহু….উহুহু…..”
আমাৰ খেলুৱৈসকলে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰিলে , শ্বাসৰূদ্ধকৰ খেল , আমাকে আদি কৰি বাকী দৰ্শক , ৰেফাৰী , বিভিন্ন ক’চ্চ সকল , বিচাৰক সকলোৱে উপভোগ কৰিলে চকুৰ পলক নেপেলোৱাকে উশাহৰ ছন্দ নেহেৰুৱাকে । আমাৰ বুকুৰ ঢুকঢুকনিৰ লগে লগে উশাহো ঘন আৰু ছুটি হৈ আহিছিল , কবিতা আৰু জ্যোতিশিখাই নিজক পাহৰি খেলিছিল , অদ্ভূত এক উদ্যমত দুয়োজনীয়ে খেলিছিল , সিহঁতৰ গতিৰূদ্ধ কৰিবলৈ প্ৰতিপক্ষই ভয় কৰিছিল , জ্যোতিয়ে ফৰিঙৰ দৰে জপিয়াই জপিয়াই কেৱল বনাছ লাইনেই নহয় , এ’ণ্ড লাইনো টাচ্চ কৰেগৈ আনহাতে কবিতাই যাক ধৰে , তাৰ আৰু ওলাই যোৱা সম্ভৱেই নহয়গৈ , ইফালে ৰূমা আৰু ৰশ্মিও অপ্ৰতিৰোধ্য সমানেই । প্ৰতিপক্ষও সমানে পাৰ্গত , তথাপিও যেন ক’ৰবাত অলপ কম হৈ গ’ল , অৱশেষত এক পইণ্টত আমাৰ হোষ্টেল সেই বহু প্ৰতীক্ষিত আৰু বহু আকাংক্ষিত চেম্পিয়ন দল ঘোষিত হ’ল । সেইসময়ত সঁচাই শ্বাসৰূদ্ধ হোৱা যেন লাগিছিল এক লহমাৰ বাবে , হাঁহিবও পৰা নাছিলোঁ ফুৰ্তিত , হোষ্টেলৰ ছোৱালীবোৰে ইজনীয়ে সিজনীক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিছিল মাথোঁ , কি আৱেগ কি অনুভূতি । প্ৰিফেক্ট হোৱাৰ পিছত মোৰ লগত অসহজ হৈ পৰা ৰূণাই সিদিনা মোক সাৱটি ধৰিছিলহি আৱেগত , কাণৰ কাষত এটাই শব্দ কৈছিল …..” Thanks ” .আৱেগত দুয়োজনীয়ে হুকহুকাই কান্দিছিলোঁ খেলপথাৰৰ মাজতেই ।

উৎকৃষ্ট খেল প্ৰদৰ্শন কৰাৰ বাবে আমাৰ জ্যোতিশিখা আৰু কবিতাক ৰাজ্যিক পৰ্যায়ত খেলিবৰ বাবে নিৰ্বাচিত কৰাত আমাৰ ফুৰ্তি আৰু এখোপ চৰিল , ট্ৰফী লৈয়ে য়ুনিভাৰ্ছিটিৰ অ’ডিটৰিয়ামৰ পৰা মাৰ্কেট হৈ হোষ্টেললৈকে চিঞৰি চিঞৰি মাত ভাগি গৈছিলগৈ সবৰে ,মাৰ্কেটৰ সকলোৱে যেন আমাক আদৰিছিল সিদিনা , শেঙেতা লগা চেঁচাকো সিদিনা মনৰ উত্তাপে মোলান কৰি পেলাইছিল , হোষ্টেলত গৈ পায়েই বাল্টিয়ে বাল্টিয়ে পানী উলিয়াই আনিছিলগৈ গ্ৰাউণ্ড ফ্ল’ৰৰ ছোৱালীবোৰে , জুনিয়ৰ চিনিয়ৰৰ সকলো ব্যৱধান পাহৰি সকলোৱে পানী ঢালি ঢালি খেলিছিলোহঁত সিদিনা , আমাক শুভেচ্ছা জনাবলে অহা কোনো সাৰি যোৱা নাছিল পানী খেলৰপৰা সেই ঠেঁটুৱৈ লগা মঘুৱা ঠাণ্ডাতো সেইদিনা । ৰাতিলৈ মাত নোলোৱা হৈছিল আমাৰ , সেইদিনা খানা সঁচাই স্পেচিয়েল বনাইছিল খুৰাহঁতে , জিভাত জুটি লাগিছিল , মনত শ্ৰেষ্ঠত্বৰ ৰাগি ।
পিছদিনাও সেই একেই ফুৰ্তিৰ পুনৰাবৃত্তি হৈছিল , আমি আকৌ জিকিছিলোঁ ভলীখেলত , আমি আকৌ হৈছিলোঁ ভলীৰ চেম্পিয়ন , আমাৰ জয়ত আমাৰ সমানে সুখী হৈছিল AT 9 বাসীও , প্ৰকৃততেই শুভাকাংক্ষী আছিল তেঁওলোক আমাৰ । অৱশেষত আমি চেম্পিয়ন হৈছিলোহঁত দুটাকৈ প্ৰধান খেলত , য়ুনিভাৰ্ছিটিৰ সকলোৱে চিনি পাব পৰাকৈ আমাৰ হোষ্টেল উজলি উঠিছিল ইণ্টাৰ হোষ্টেল কম্পিটিশ্যনত । পাৰপাৰ আনন্দত আত্মহাৰা হৈ আমি উল্লাসিত হৈ পৰিছিলোঁ , পিছে পাহৰা নাছিলোঁ অামাৰ প্ৰধান কৰ্তব্য , পঢ়াৰ লগত সম্পৰ্ক প্ৰায় নাইকিয়া হৈছিল যদিও সময়ৰ কাম সময়ত কৰি গৈছিলোঁ সমানে পিছে আৰু কেইবাদিনলৈও যে পঢ়াৰ পৰা বিৰত থাকি কেৱল দায়িত্বহে পালন কৰিম সেয়াও ভালদৰেই জানিলোঁ , কাৰণ আগত আহি আহি আছিল ডিপাৰ্টমেণ্টৰ ফ্ৰেচাৰ্ছ , সৰস্বতী পূজা আৰু 8th KK Handiqui Memorial Lecture . সমানে হোষ্টেলৰ সৰস্বতী পূজা । ডিপাৰ্টমেণ্টৰ সকলো কামতে নিজকে উছৰ্গা কৰিলোঁ আমি , চাৰ বাইদেউহঁতৰ বুকুৰ আপোন হৈ পৰিলোঁ , জুনিয়ৰৰ নয়ন মণি হ’লোহঁত , আমি আমাৰ কাম কৰি গৈছিলোঁ বৰ আপোনত্বৰে । বিশেষকৈ Faculty House ত আয়োজন কৰা বক্তৃতা অনুষ্ঠানটো উপাচাৰ্যকে আদি কৰি উপস্থিত সকলো অতিথিয়ে সুন্দৰকৈ শলাগ লৈছিল , সংস্কৃত বিভাগৰ সকলোকে ভূৰি ভূৰি প্ৰশংসা কৰি গৈছিল সেইদিনা , আমাৰ বাবে আমাৰ শিক্ষকসকল গৌৰৱান্বিত হৈছিল ।
৪ ফেব্ৰুৱাৰী তাৰিখে ডিপাৰ্টমেণ্টৰ ফ্ৰেচাৰ্ছ হৈ গৈছিল সুকলমে , আমি পঞ্চকন্যাৰ লগত ৰুক্মিণী আৰু বিউটীয়ে একেলগে পৰিৱেশন কৰিছিলোঁ ‘ ” হে সতীৰ্থ সমাগত ” সমৱেত সংগীতটি , মোৰ ভূমিকা সেইবাৰো একেই , লিপ্সিং কৰিয়েই গীত গোৱাৰ বাসনা সেইবাৰো পুৰ হৈছিল তেনেদৰেই । দূবৰি আৰু মোৰ সাজ সেইবাৰো একেই আছিল , বুটা বছা ক’লা মেখেলাৰ লগত পাতৰ ৰিহা । শেষৰফালে আৰম্ভ হৈছিল অন্তৰংগ আলাপ জুনিয়ৰ চিনিয়ৰৰ , আৰম্ভ হৈছিল কামোৰ (?) হাঁহিৰ ৰোল উঠিছিল অনুষ্ঠানটিত । সন্ধ্যা লাগিছিল অনুষ্ঠান শেষ হঁওতে , যাবলে লঁওতেই ঘটিছিল এক অভাৱনীয় ঘটনা , পাহৰিব নোৱাৰা এটা অকলশৰীয়া মূহুৰ্তত থৰ হৈ ৰৈছিলোঁ , থৰথৰকৈ কঁপিছিলোঁ ভয়ত নে লাজত নে দুখত নে কিহত বুজিব পৰাৰ আগতেই তেঁওৰ বলিষ্ঠ দুহাতৰ খামোচৰ পৰা মুকলি কৰিছিলোঁ মোৰ সোঁহাতখন , ৰঙা পৰা হাতটো চাই ৰঙা চকু দেখুৱাই উচাৎ মাৰি আঁতৰি আহিছিলোঁ নীৰৱে , যত্ন কৰিছিলোঁ সহজ হৈ থাকিবলে । ( বিশ্বাসৰ মাপকাঠি একেই থাকক বুলিয়েই উল্লেখ নকৰিলোঁ ঘটনাটো ) বন্ধুৰ অভিপ্ৰেত আচৰণত ক্ষুণ্ণ নহৈ দুখী হৈছিলোঁ , হোষ্টেললে যোৱাৰ পিছত ফোন কৰি কান্দিছিল তেঁও , ক্ষমা খোজা নাছিল , আচলতে সুবিধা দিয়া নাছিলোঁ ক্ষমা খোজাৰ , অন্তৰৰ বন্ধু , ভুল হ’ব পাৰে , পিছে ভুলৰ শুধৰণিও থাকে , গতিকে ক্ষমা খোজাৰ থল ক’ত ? আৰু একো জঘন্য কাণ্ডও কৰা নাছিল , মাথোঁ সুধিছিল ভালপোৱাৰ কথা , জনাইছিল তেঁওৰ ভালপোৱাৰ কথা । শুনিছিলোঁ মাথোঁ , বুজাইছিলোঁ আমাৰ বন্ধুত্বৰ কথা , বুজিছিল , আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতি দিছিল , সকলোবোৰ আগৰদৰেই ঠিক হৈ পৰিছিল আকৌ ।

সকলোবোৰ ঠিকে থকাৰ মাজতো বহুবোৰ খেলিমেলি হৈছিল , ধুনীয়া চকুহালিৰ প্ৰেমত বাৰুকৈয়ে পৰিছিলোঁ তেতিয়ালৈ , পিছে গৰাকীয়ে কেতিয়াও নজনাৰ দুখটোও সমানে থাকি গ’ল মনত । পঢ়া কম হৈছিল , সৰস্বতী পূজাৰ পিছৰপৰাই আকৌ ভালদৰে পঢ়িম বুলি কঁকাল বান্ধিছিলোঁ , বাকী থকা দিনকেইটা মুঠতে সৰস্বতী পূজাৰ পৰিকল্পনা , ডিপাৰ্টমেণ্টত টংকেশ্বৰৰ তত্বাৱধানত , কল্পৰ পৰিচালনাত আৰু চিফুঙৰ পৰিকল্পনাত সকলোবোৰ ঠিক হ’ল , ব্ৰহ্মপুত্ৰৰ সিপাৰৰ পৰা ঝাঁওবন আনি পাহাৰৰ ওপৰৰ কঁহুৱাৰে ধুনীয়াকৈ পূজাৰ মণ্ডপ কুটীৰৰ আৰ্হিত সজোৱাৰ পৰিকল্পনা কৰা হ’ল , ঝাঁওবন আৰু কঁহুৱা অনাৰ মিছিলটোত দূবৰি আৰু মোৰ নামটোও ডেকাদলত অন্তৰ্ভূক্ত হ’ল , পিছে কিবা কাৰণত ব্ৰহ্মপুত্ৰৰ সিপাৰলৈ যাব নোৱাৰিলোঁ যদিও পাহাৰ বগাই কঁহুৱা আনিবলে গ’লো ঠিকেই , এক অনন্য অনুভূতি , পাহাৰ বগোৱাৰ বাসনাটো পুৰ হৈছিল লগৰবোৰৰ উৎসাহতেই , পাহাৰৰ নামনিতে পোৱা কঁহুৱা কেইডাল নানি পাহাৰৰ টিঙৰ কঁহুৱা কেইডাল আনিবলৈ যোৱাৰ আঁৰৰ উদ্দেশ্যও আছিল সেয়াই .. পাহাৰ বগোৱাৰ ।
ডিপাৰ্টমেণ্টৰ চিন্তা নাছিল বাৰু । পিছে হোষ্টেলত কি কৰা যায় , সৰস্বতী পূজাত কিবা এক নতুন কৰিব পৰা নাযায়নে ? কাৰোবাক ঝটকা দিব নোৱাৰিনে ? পূজা বুলি ফুল চুৰ কৰিব নোৱাৰিনে ? চিন্তা কেৱল কৰিবলৈহে নেকি ? চিন্তাক কাৰ্যত পৰিণত কৰিব নোৱাৰি জানো ? মৰমৰ AT 9 ৰ নাৰ্জী ফুলসোপা যে কি জকমক কৈ ফুলিছিল দেৱীক আদৰিবলৈ , তাকে লৈ ল’ৰাহঁতৰ কিযে ফুটনি , ফুলবোৰ ছিঙাটো বাদেই চালেও যেন খহিহে পৰিব । পিছে এই ফুটনি ফুটছাই কৰিব নোৱাৰিনে ?
ক্ৰমশঃ